ইউনিক’ড কি ?

ইউনিক’ড কি ?

(ইউনিক’ডৰ ওপৰত সাহিত্য.অৰ্গৰ ভালেকেইজন লেখকে লিখা-মেলা কৰিছে | তলত উল্লেখিত অঞ্জল বৰা ডাঙৰীয়াৰ প্রৱন্ধটোৰ উপৰিও আমাৰ প্রৱন্ধ শিতানত আৰু কেইটামান জ্ঞানবৰ্ধক লিখনি সন্নিবিষ্ট কৰা হৈছে)

 

Unicode provides a unique number for every character,

no matter what the platform,

no matter what the program,

no matter what the language.

মানুহৰ মনৰ ভাৱ প্ৰকাশৰ প্ৰধান মাধ্যম হৈছে ভাষা৷ ভাষা আৰু লিপি পৰস্পৰৰ পৰিপূৰক৷ ভাষাই মানুহৰ বিভিন্ন চিন্তা-ভাৱনাক এজনৰ পৰা আন এজনলৈ প্ৰেৰণ কৰাত সহায় কৰে আৰু লিপিয়ে সেইবোৰক লিখিত ৰূপ দি মানুহৰ দৃষ্টিগোচৰ কৰি তোলে৷ ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত লিপি হৈছে কিছুমান আখৰ বা বৰ্ণৰ সমষ্টি৷ ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ মাজত ভাৱৰ আদান-প্ৰদান কৰা অধিক সূচল হৈ পৰিল৷ বৰ্তমান পৃথিৱীৰ সকলো ভাষা-ভাষী লোকেই নিজ নিজ মাতৃভাষাতে ভাৱৰ আদান-প্ৰদান কৰাৰ লগতে কম্পিউটাৰত নিজৰ লিপি ব্যৱহাৰ কৰি লিখা-মেলা কৰিব পাৰিছে৷ কিন্তু এই সকলোবিলাক একেদিনাই সম্ভৱ হৈ উঠা নাছিল৷ ১৯৯১ চনৰ আগলৈকে কম্পিউটাৰত আঞ্চলিক ভাষাত আখৰ লিখাৰ ক্ষেত্ৰত বহুটো কাৰিকৰী অসুবিধা আছিল৷ ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ‘ইউনিক’ড’ নামৰ এটা প্ৰণালী উদ্ভাৱন কৰে৷ যাৰ ফলত ইণ্টাৰনেট আৰু কম্পিউটাৰত আঞ্চলিক ভাষাৰ লিপিত আখৰ লিখা সম্ভৱ হৈ উঠিল৷ প্ৰধানতঃ ইউনিক’ড (Unicode) পদ্ধতিত “বিশ্বৰ প্ৰায় সকলো ভাষাৰ লিপিসমূহ পৰ্য্যায় ক্ৰমে একো একোটা বিশেষ মানদণ্ডত ৰখা অথবা ৰাখিবলৈ চেষ্টা কৰা হৈছে” ইউনিক’ডে বিশ্বৰ প্ৰতিটো ভাষাৰ বৰ্ণমালাৰ বাবে একোটা সুকীয়া range ৰ সৃষ্টি কৰিছে, (বাংলা ভাষাৰ বাবে-U+0980 ৰ পৰা U+09FF,  দেৱ্নাগৰী(হিন্দী) U+0900 ৰ পৰা U+097F,  তামিল ভাষাৰ বাবে U+0B80ৰ পৰা U+0BFF ইত্যাদি)৷ এনেদৰে বিশ্বৰ প্ৰতিটো লিপিৰ বাবে একোটো বিশেষ স্থান নিৰ্ধাৰণ কৰাৰ বাবে বৰ্তমান বিশ্বত ব্যৱহাৰ হৈ থকা সকলো বৈদ্যুতিক সামগ্ৰীত (আৰু ভৱিষ্যতে আৱিস্কৃত হ’ব লগা সামগ্ৰীসমূহতো) বিশ্বৰ সকলো ভাষা ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈছে৷  ইউনিক’ড পদ্ধতি হোৱাৰ আগতে, কম্পিউটাৰ বা অন্য বৈদ্যুতিক মাধ্যমত ব্যৱহাৰ কৰিবলৈ বিশ্বৰ প্ৰতিটো ভাষাৰে (অন্ততঃ যিকেইটা ভাষাৰ বাবে হৈছিল) বিভিন্ন পদ্ধতি আছিল৷ যাৰ ফলত,  সেই পদ্ধতি কেৱল এখন দেশত বা একোটা অঞ্চলতহে ব্যৱহাৰ কৰিব পৰা গৈছিল৷ কিন্তু ইউনিক’ড হোৱাৰ পাছত এতিয়া যিকোনো প্লেটফ’ৰ্মতে, যিকোনো প্ৰ’গ্ৰামতে বা যিকোনো ভাষাতে একে ধৰণেৰে লিখিব পৰা হৈছে৷

ইউনিক’ড মানদণ্ড বৰ্তমান পৃথিৱীৰ সকলো বৃহৎ বৃহৎ কোম্পানী Apple, HP, IBM, Microsoft আদিয়ে গ্ৰহণ কৰিছে৷ আনকি সকলো নতুন Operating system-ৰ ৱেব ব্ৰাউজাৰটো ইউনিক’ড পদ্ধতি সমৰ্থন কৰে৷ এই পদ্ধতিৰ ফলতে বৰ্তমান বিশ্বৰ যিকোনো ভাষাৰ লিপি সকলো বৈদ্যুতিক মাধ্যমৰ যোগেদি দেখা বা লিখাত সহজ হৈ পৰিছে৷ বিশেষকৈ  কম্পিউটাৰ তথা ইণ্টাৰনেটত প্ৰায় সকলো আঞ্চলিক ভাষাতে লিখাটো আৰু সেই সেই ভাষাসমূহক সংৰক্ষণ কৰাটো সম্ভৱ হৈ পৰিছে৷ বৰ্তমান মাইক্র’ছফ্টটৰ সকলো নতুন অ’পাৰেটিং ছিষ্টেমো ইউনিক’ড পদ্ধতিত লিখা হৈছে আৰু অতি সহজতে ইউনিক’ড অন্তৰ্গত ফ’ণ্টসমূহ সমৰ্থন কৰে৷

ইউনিকড ফণ্ট:

ইউনিক’ড পদ্ধতিক সমৰ্থম কৰিবৰ বাবে কিছুমান বিশেষ ফ’ন্ট কম্পিউটাৰত থকাটো প্ৰয়োজন৷ ইউনিক’ড পদ্ধতি অৱলম্বণ কৰি যিবোৰ ফ’ণ্ট তৈয়াৰ কৰা হয় সেইবোৰেই হ’ল ইউনিক’ড ফ’ণ্ট৷ কম্পিউটাৰত বিশেষকৈ ইণ্টাৰনেটত অসমীয়া বা অন্য ভাষা দেখিবলৈ হ’লে সেই সেই ভাষাৰ কিছুমান বিশেষ ফ’ণ্ট কম্পিউটাৰত থকাটো অতিকে জৰুৰী৷ উদাহৰণ স্বৰূপে MS window operating system ৰ লগত by default বাংলা তথা অসমীয়া লিপিক সমৰ্থন কৰা বৃন্দা (vrinda ) ফ’ণ্টৰ ব্যৱস্থা কৰা হৈছে৷

ইউনিক’ডত লিখাৰ প্ৰয়োজনীয়তা:

বৰ্তমান অসমীয়াকে ধৰি অন্যান্য আঞ্চলিক ভাষাসমূহৰ সংকটৰ বিষয়ে সময়ে সময়ে বিভিন্ন আলোচনা হোৱা দেখা গৈছে৷ ভাষা এটা সংকটগ্ৰস্ত হয়নে নহয় সেইটো নিৰ্দ্ধাৰণ কৰিবৰ বাবে ইউনেস্কোই কিছুমান বৈশিষ্ট্য (feature) উল্লেখ কৰিছে৷ সেই বৈশিষ্ট্যসমূহৰ ভিতৰত এটা উল্লেখযোগ্য বিষয় হৈছে “প্ৰচাৰ মাধ্যম আৰু নব্য পৰিৱেশত ভাষাটোৰ অনুক্ৰিয়া, প্ৰধানতঃ আধুনিকতাৰ লগত ভাষাটো কি পৰিমানে খাপ খাই পৰিছে৷” (Response to new domains and media, mainly concerned with the extent to which the language scopes with modernity.) এইটো নিঃসন্দেহ যে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ বহুল প্ৰয়োগেই হৈছে এই আধুনিকতাৰ মূল উৎস আৰু ইউনিক’ড পদ্ধতিয়েই হৈছে ইয়াক কাৰ্যক্ষম কৰি তোলাৰ প্ৰধান ব্যৱস্থা৷ ইউনিক’ডৰ অবিহনে আমি আমাৰ ভাষাটো কেতিয়াও বিশ্বজনীন কৰি তুলিব  নোৱাৰিম৷

ইউনিক’ডত অসমীয়া ভাষা-সাহিত্য:

ইউনিক’ডত অসমীয়া ভাষাৰ ইতিহাস বৰ বেছি পুৰণি নহয়৷ এই ক্ষেত্ৰত বাটকটীয়া আছিল ড: যুগল কলিতা৷ তেখেতে প্ৰথমখন অসমীয়া ই-পত্ৰ লিখিছিল বুলি জনা যায়৷ তাৰ পাছত ৰবিন ডেকাৰ ‘আদৰ্শ ৰত্নে ফ’ণ্ট’ ওলাই বহু দিন ধৰি কম্পিউটাৰ আৰু ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত হৈছিল৷ সেইসমযতে i-Leap, Ramdhenu, Lipikar আদি  Software (স্নিগ্ধতন্ত্ৰ) বজাৰত ওলায়৷ এই সকলোবোৰে নিজা নিজা coding system ব্যৱহাৰ কৰিছিলে৷ কিন্তু সেইসময়ত থকা সকলো জালস্থানত অসমীয়া আখৰ ছবি হিচাপে প্ৰকাশ পাইছিলে৷ আনকি মাইক্ৰ’ছফ্টৰ পুৰণা অ’পাৰেটিং ছিষ্টেমসমূহ যেনে- windows-98 অথবা windows XP ৰ আৰম্ভণিৰ সংস্কৰণবিলাকৰ লগতো ইউনিক’ড পদ্ধতি নাছিল, যাৰ ফলত সেই সময়ৰ কম্পিউটাৰত অন্য ভাষাত লিখা বা পঢ়াটো সম্ভৱ হৈ উঠা নাছিল৷ সেইসময়ত অসমীয়া লিখিবৰ বাবে বিশেষকৈ DTP আদিত ‘ৰামধেনু’ৰ দৰে কিছুমান পদ্ধতি ব্যৱহাৰ কৰি অসমীয়া লিখিব পৰা গৈছিল (DTP আদিত অসমীয়া লিখন পদ্ধতি এতিয়াও বহুল ভাবে ব্যৱহাৰ হয়৷) ক্ৰমে ক্ৰমে ইউনিক’ডৰ ব্যৱহাৰ হোৱাৰ পিছত বহুতে অসমীয়া ইউনিক’ডত জালপঞ্জী বা ব্ল’গ লিখিবলৈ আৰম্ভ কৰে৷ ড. প্ৰিয়াংকু শৰ্মাক প্ৰথমজন অসমীয়া জালপঞ্জীয়ক (blogger) বুলি জনা যায়৷ ইয়াৰ পিছত ২০০৬ চনত ‘শব্দ’ (www.xobdo.org)ই জন্ম ল’লে৷ ই আছিল প্ৰথম dynamically updated অসমীয়া জালস্থান৷ এতিয়াও এনে জালস্থান অতি বিৰল – যি ব্যৱহাৰকাৰীৰ সহাঁৰিৰ ওপৰত ভিত্তি কৰি পৃষ্ঠাৰ সমল সলনি হয়৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰচাৰৰ বাবে থকা আন এটা উল্লেখযোগ্য ৱেবচাইট হ’ল ৱিকিপিডিয়াৰ অন্তৰ্গত অসমীয়া গণ বিশ্বকোষ (Assamese open content Wikipedia)৷ www.as.wikipedia.org নামৰ এই ৱেবচাইটটোত সকলো সমল ইউনিক’ড পদ্ধতিৰে লিখা হয়৷ “সফুঁৰা” হ’ল ইউনিক’ড পদ্ধতিৰে অসমীয়া ভাষা-সাহিত্যক সংৰক্ষণ কৰা এটা ৱেবচাইট৷ “এনাজৰী” (www.enajori.com) হ’ল প্ৰথমখন অসমীয়া ইউনিক’ডত প্ৰকাশিত আলোচনী৷ ইয়াৰ পিছত অসমীয়া ভাষা-সাহিত্যক ইউনিক’ড পদ্ধতিৰে প্ৰচাৰ কৰাত বিশেষ আগভাগ ল’লে “ছ’চিয়েল নেটৱৰ্কিং চাইট’ ফে’চবুকত জন্ম লাভ কৰা “অসমীয়াত কথা বতৰা” “সাহিত্য” আদি গোটসমূহে৷ যাৰ উত্সাহ আৰু প্ৰেৰণাতে “সাহিত্য-ডট-অৰ্গ”ৰ জন্ম বুলিব পাৰি৷ ইয়াৰ লগে লগে ২০১০ চনত আৰম্ভ হোৱা “ই-জোনাকী যুগ” প্ৰকল্পইও ছাইবাৰ জগতত অসমীয়া সমল বৃদ্ধিৰ বাবে বিশেষ প্ৰ্ৰচেষ্টা হাতত লয়৷

(লেখাটো প্ৰস্তুত কৰোঁতে ডাঃ বনজিৎ পাঠক (গুৱাহাটী) আৰু  শ্ৰীযুত বিক্ৰম বৰুৱা (আবু ধাবি)ৰ সহায় লোৱা হৈছে৷)

অঞ্জল বৰা

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.