10:16 pm - Tuesday July 29, 2014

লেখাৰ আঁৰৰ লেখা : অজয়লাল দত্ত

লেখাৰ আঁৰৰ লেখা

অজয়লাল দত্ত

 

কিয়নো লিখে?

“মোৰ স্পৰ্শকাতৰ মনেই লিখিবলৈ প্ৰেৰিত কৰে”-এইয়া এক অনুভৱ ৷ এজন লেখকে নিজৰ লেখাৰ মাজত মনৰ শান্তিৰ সন্ধান কৰাৰ অভ্যাস কৰাৰ পাছত তাৰ পৰা আঁতৰি থকাটো খুৱেই যন্ত্ৰণাময় ৷ লেখাৰ তাড়নাক বাৰণ কৰাৰ অনুভৱক যন্ত্ৰণাময় বুলি প্ৰকাশ কৰিছে অনুৰাধাৰ দেশ খ্যাত ঔপন্যাসিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে তেখেতৰ এখন ৰচনাত ৷

যেতিয়া এজন মানুহে কিবা এটা লিখিবলৈ লয় তেতিয়া তেওঁৰ মনৰ মাজত খু-দুৱাই থকা কথাবোৰক কাগজৰ পাতত মুকলি কৰিবলৈ পাই এক প্ৰশান্তি অনুভৱ কৰে ৷ কিছুৱে তাক নাৰীৰ প্ৰসৱ-বেদনাৰ লগতো তুলনা কৰে ৷ যেতিয়ালৈকে ভাৱনাবোৰে কোনো সৃষ্টিৰ পাতনি নেমেলে লেখক হেনো ক্ষান্ত নহয় ৷ লেখাৰ অভ্যাস হৈ পৰে তেওঁৰ এক চিৰন্তন সহচৰ ৷ য’ত তেওঁ বিচাৰি পাই উকমুকাই থকা ভাৱৰ মুক্তিৰ সন্ধান ৷

বিভিন্ন লেখকৰ জীৱনীৰ পাতে পাতে অলেখ হাঁহি উঠা, ৰঙীন কথা বিচাৰি পোৱা যায় ৷ কিছু লেখকৰ জীৱন ধাৰণৰ শৈলী অদ্ভুত ৷ কিছু লেখক ৰঙীন, কিছু মেজাজী, কিছুৱে গান শুনিহে লেখে, কিছুমানে আকৌ এটুপি ৰঙীন পানীয় গলাধকৰণৰ পাছতহে কলম চলে৷ খুশৱন্ত সিঙৰ শেহতীয়া কিতাপ “Absolute Khuswant”ত লেখক সম্পৰ্কে থকা অধ্যায়টোত তেখেতে নাইপলৰ বেশ্যাগমন, ৰুশ্বদিৰ ভিন্ন নাৰীৰ সতে ভিন্ন সম্পৰ্কৰ কথা উল্লেখ কৰিছে ৷ তেখেতৰ মতে ভিন্ন লেখকৰ ৰুচি, ধাৰণা, চিন্তা ভিন্ন ভিন্ন ৷ সেয়ে সৃষ্টিতো সেই ভিন্নতাই ৰং চৰায় ৷

লেখক এজনে লিখাৰ অভ্যাস এটা গঢ় দিবলৈ যাওতে, প্ৰথমেই খুন্দা-খুন্দলি খাবলগীয়া হয় মনৰ জগতখনত ৷ প্ৰিয় সমালোচক ৰিপুঞ্জয় গগৈৰ লেখাৰ সংকলন “নষ্ট নীতি-বাগীশ”ত লেখক সকলক মাত্ৰ লেখাৰ তাড়নাত লিখক হোৱাক সমালোচনা কৰা হৈছে ৷ গগৈয়ে প্ৰশ্ন কৰিছে, আপোনাৰ লেখাৰ উদ্দেশ্য কি ? যথাযথ ভাৱেই একোটা লেখাৰ আঁৰত কিছু লক্ষ্য, কিছু উদ্দেশ্য থকা উচিত ৷ সেয়া মানৱীয় অনুভূতিৰ আনুভূতিক প্ৰকাশ, ব্যংগ, ৰহঘৰা, নতুন দিশৰ উন্মোচন, সমাজৰ দুৰ্বলতাৰ সন্ধান, প্ৰচলিত লোকাচাৰ-চিন্তাৰ বিপৰীতে পৰিবৰ্তনকামী চিন্তা হ’ব পাৰে ৷ এক বৃহৎ অৰ্থত যি কোনো লেখাৰে আঁৰত এক সৱল উদেশ্য থকা উচিত ৷ লক্ষ্যবিহীন লেখাৰ পঠন এক অনৰ্থক যাত্ৰাৰ লেখিয়া হয়গৈ ৷

লিখি কি লাভ?

এখন অসমীয়া জনপ্ৰিয় সাপ্তাহিকত সম্পাদকীয় কলমৰ এটা লেখাত এই প্ৰশ্নৰ অৱতাৰণা কৰা হ’ল ৷ কোনোৱে ভাত-মুঠিৰ বাবে লিখে, আন কোনোৱে মানসিক প্ৰশান্তিৰ বাবে ৷ আকৌ আন কোনোৱে সামাজিক দায়বদ্ধতাক এৰাব নোৱাৰি লেখে ৷ আন কোনোৱে তোষামোদৰ বাবে, কোনোৱে নাম কমাবৰ বাবে, কোনোৱে সমাজত বৰ-মানুহ বোলাবৰ বাবে ৷ কি লাভৰ বাবে লিখকে লিখে সেয়া সুনিৰ্দিষ্ট নহয় ৷ কিন্তু সমাজ এখনৰ পৰিবেশ, পৰিস্থিতিৰ ছৱি ভিন্নজনৰ ভিন্ন মনৰ ভিন্ন দৃষ্টিৰে দেখিবলৈ পোৱাটোৱেই লেখাবোৰৰ পৰা হোৱা লাভ ৷ সমাজত নিজৰ মতক, অনুভূতিক প্ৰকাশ কৰাৰ, বা আনক জনোৱাৰ যি মানুহ নামৰ সামাজিক প্ৰাণীবিধৰ সহজাত প্ৰবৃত্তি, সেই প্ৰবৃত্তিৰ এক নিবাৰণৰ পথ যে এই লেখা-মেলা সেয়াহে ধুৰূপ !

লিখিবলৈ কেনেকৈ আৰম্ভ কৰিব?

ঘৰলৈ যাওতে কিতাপৰ দোকানৰ সমুখতে শিশু সাহিত্যৰ চৰ্চাৰ বাবে আম্বেদকাৰ পুৰস্কাৰ প্ৰাপ্ত সাহিত্যিক ধেমাজিৰ পুৰেন্দ প্ৰসাদ শইকীয়াক লগ পালোঁ ৷ সুধিলোঁ, আপুনি শতাধিক কিতাপ লিখিলে কেনেকৈ ? তেখেতৰ উত্তৰৰ সাৰাংশ- যেতিয়াই কোনো এটা কথাই মনত দোলা দি থাকে, সেই অনুভূতিটোৱে যেতিয়া মন-মগজুত ক্ৰিয়া কৰি থাকে, তেতিয়াই কথাবোৰ লিখি ৰাখিব লাগে ৷ পাছত সেইবোৰক সঠিক ৰূপত পৰিবৰ্দ্ধিত কৰি একোটা ৰূপদান কৰিব লাগে ৷

তেখেতৰ কথাখিনি সঁচা প্ৰমাণ হ’ল যেতিয়া এগৰাকী স্মাৰ্ট কেন্দ্ৰীয় মন্ত্ৰীয়ে নিজৰ এখন কবিতাৰ কিতাপ উন্মোচন কৰিলে আৰু ক’লে যে তেওঁ এই কবিতাবোৰ বিমান যাত্ৰাৰ সময়ত মনলৈ অহা কথাৰে মোবাইলতে লিখা ৷

এগৰাকী চিন্তাবিদৰ মতে আকৌ কবিতা এটা লেখিলেও হঠাতে তাক চূড়ান্ত ৰূপ দিব নালাগে ৷ টুকুৰা কবিতাটো বহুদিনৰ পাছত আকৌ পুনৰ একে ধৰণৰ চিন্তা অহাৰ সময়কণত উলিয়াই ল’ব লাগে ৷ এইদৰে কেইবাবাৰো পুনৰীক্ষণে লেখা-কবিতা এটাক সাৰ্থক ৰূপ এটা দি উলিয়াই অনাত সহায় কৰে ৷ শব্দৰ সৰলীকৰণ, প্ৰতিশব্দৰ সন্ধান, ছন্দ-ময়তা প্ৰদান আদিয়ে কবিতা এটাক অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে ৷ একে ধাৰণা গদ্য-শিল্পৰ বাবেও প্ৰযোজ্য ৷

কাৰ বাবে লিখিছে?

লেখা এটা লিখিবলৈ লোৱাৰ সময়ত মনত একোটা কথা পৰিস্কাৰ কৰি লোৱাটো উচিত ৷ এই লেখা কাৰ বাবে ? পাঠকৰ বয়স, বুদ্ধিমত্তা, বুজাৰ ক্ষমতা আদিক লক্ষ্য কৰি লেখা একোটা গঢ় দিয়া উচিত ৷

কি ৰূপত সজাব?

একেখিনি অনুভূতিকে, একেটা ঘটনা বা কাহিনীকে ভিন্ন লেখকে কবিতা, গল্প, চুটিগল্প, উপন্যাসিকা, উপন্যাস, চিঠি অথবা প্ৰৱন্ধ আদিৰ ৰূপত প্ৰকাশ কৰিব পাৰে ৷

শব্দৰ প্ৰয়োগ কি দৰে কৰিব?

সৰল শব্দৰ প্ৰয়োগে, লেখা একোটাৰ সাৰ্বজনীনতা বৃদ্ধি কৰে ৷ বিষয়ভিত্তিক লেখা যেনে প্ৰৱন্ধ, গৱেষণা পত্ৰ আদিৰ ভাষা আৰু শব্দাৱলী আন লেখাতকৈ বেলেগ হ’বই ৷ সেয়ে কাৰ বাবে লেখাটো প্ৰস্তুত কৰা হৈছে সেই কথালৈ চকু দিলেও লেখা একোটা চূড়ান্ত ৰূপদান সময়ত ভাষাৰ সৰলীকৰণ কৰিব পৰা যায় বা কৰা উচিত ৷ সহজ সৰল শব্দৰে পৰিষ্কাৰ ছৱি দাঙি ধৰিলেই লেখাই সহজে পাঠকৰ মন জয় কৰিব পাৰে ৷

কাৰ দৰে লিখিব?

মৌলিক লেখা একোটা লিখিবলৈ যাওতেও উপস্থাপন শৈলীৰ কথা মনলৈ আহে ৷ ভিন্ন লেখকৰ উপস্থাপন শৈলী ভিন্ন ৷ কোনো লেখকৰ প্ৰিয় শৈলীৰ জৰিয়তেও লেখা একোটা গঢ় দিব পাৰি ৷ বা নিজৰ একোটা নব্য শৈলীৰ সন্ধান কৰাটোও সদায়েই আদৰণীয় ৷

সমালোচনামূলক কিতাপে ভিন্ন শৈলীৰ বিষয়ে জ্ঞান দিব পাৰে ৷ মহেন্দ্ৰ বৰাৰ “ফুল তৰা গান” তেনে এখন কিতাপ, য’ত ভিন্ন দেশৰ কবিতাৰ শৈলীৰ পৰশ অনুভৱ কৰিব পাৰি ৷ চগনলাল জৈন বঁটাৰে সাহিত্য সভাই সন্মানিত কৰা বিশিষ্ট সমালোচক ৰবীন্দ্ৰ বৰাৰ “কবি, কবিতা আৰু অন্যান্য” নামৰ গ্ৰন্থখনতো জ্যোতিপ্ৰসাদৰ পৰা নৱ-প্ৰজন্মৰ অসমীয়া কবিৰ কবিতালৈকে এক সুদীৰ্ঘ যাত্ৰাত অসমীয়া কবিতাত জিলিকি উঠা মৌলিক দিশ সমূহৰ বীক্ষাৰ এক স্পষ্ট প্ৰতিফলন ঘটিছে ৷

অসমীয়া কবিতাৰ চৰ্চা কৰিব বিচৰা সকলে সদ্য প্ৰকাশিত হীৰুদাৰ কবিতা সমগ্ৰ, নৱকান্ত বৰুৱাৰ কবিতাৰ সংকলন, নীলিম কুমাৰৰ কবিতা সমগ্র আদিত পাঠৰ সন্ধান কৰিব পাৰে ৷ স্বৰ্গীয় ভূপেন হাজৰিকাদেৱৰ গীতৰ কথাত থকা গীতিময়তা, মানৱীয় দিশসমূহক এক ব্যাকৰণ ৰূপেও ব্যৱহাৰ কৰিব পাৰি ৷ ডক্তৰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতি-কবিতাবোৰত সৰল শব্দৰ সাৰ্থক প্ৰয়োগৰ পাঠ আওৰাব পৰা যায় ৷ আন ভাষাৰ মহান সৃষ্টিসমূহৰ অনুধাৱনেও অনেক উপকৃত কৰিব ৷ এগৰাকী চিন্তাবিদ শিৱনাথ বৰ্মনদেৱে এক কবিতা সংকলনৰ উন্মোচনী সভাত কোৱা কথা- কবি সকলে ভাগৱত, কীৰ্তন, নামঘোষা আদিও পঢ়া উচিত । সেই মহৎ গ্ৰন্থ সমূহৰ পৰাও কল্প-ৰূপক আদিৰ ব্যৱহাৰ সম্পৰ্কে অনেক শিকিবলগীয়া কথা আছে ৷

লিখিবলৈ শিকাৰ বাবে কিতাপ

“Time to Write” তেনে এখন কিতাপ যিখনত ভিন্ন জনে লেখক হিচাবে নিজক গঢ়াৰ পথত অভ্যাস কৰা বিভিন্ন অনুপম কচৰৎবোৰৰ সবিশেষ বিৱৰণ আছে ৷ এনে ধৰণৰ কিতাপ পঢ়ি বিজ্ঞ লেখকৰ পথ অনুসৰণ কৰিলেও সঠিক পথত বাট বুলিব পাৰি ৷ অন্যান্য ক্ৰিয়েটিভ ৰাইটিং বা লেখাৰ শৈলী গঠনৰ কিতাপো সংগ্ৰহ কৰি শিকিব পাৰে ৷

কাৰ কিতাপ পঢ়িব?

লিখিবলৈ হ’লে পঢ়িবই লাগিব বুলি এষাৰ স্বতঃসিদ্ধ কথা আছে ৷ লগতে প্ৰসিদ্ধ লেখক ভি এছ নাইপলৰ কথা এষাৰে মনত সদায়েই দোলা দি থাকে- “By observations you can see a lot”. নাইপলৰ ভ্ৰমণ কাহিনীবোৰ পঢ়িলে সূক্ষ্ম পৰ্যবেক্ষণে কি দৰে সুন্দৰ বৰ্ণনাৰ সৃষ্টি কৰে সেয়া চকুত পৰিস্কাৰ ৰূপত ভাঁহি আহে৷এই কথাকে সত্য প্ৰমাণিত কৰি, বেছি কিতাপ নপঢ়া কিছু জন্মগত প্ৰতিভাৰ লেখকেও প্ৰকৃতিৰ বা চৌপাশৰ পৰিঘটনাৰ পৰ্যবেক্ষণৰ পৰাই অনেক উন্নত তথা যুগজয়ী লেখা সৃষ্টি কৰাৰ উদাহৰণো আছে ৷

তথাপি, লিখাৰ চৰ্চাক অধিক উন্নততৰ কৰিবলৈ হ’লে সু-লেখকৰ লেখা পঢ়াৰ অতীব প্ৰয়োজনীয়তা আছে ৷ এই উদ্দেশ্যে পঢ়িলে মাত্ৰ কাহিনীত ডুবি গ’লেই নহ’ব, পঢ়াৰ লগতে কেনেকৈ লেখিছে সেয়াও শিকিব লাগিব ৷ তাৰ মাজতে লেখন শৈলী, উপস্থাপনৰ কৌশল, চিত্ৰকল্প, ৰূপক, বৰ্ণনা, চৰিত্ৰৰ মুখৰ সংলাপ, শব্দৰ বিন্যাস, বাক্যৰ গঠন আদিৰ ওপৰত এক গৱেষণামূলক নজৰৰ প্ৰয়োজন ৷

যিহেতু সকলো কিতাপ পঢ়া সম্ভৱ নহয়, সেয়ে নিৰ্বাচিত লেখকৰ নিৰ্বাচিত ৰচনাৱলী পঢ়িলে বেছি কাৰ্যকৰী হয় ৷ অসমীয়া সাহিত্যত সৰু ঘটনা একোটাৰ সফল উপস্থাপন তথা নাটকীয়তা প্ৰদানৰ উদাহৰণ লৈ শিকিবলৈ আমাৰ দৃষ্টিত ডক্তৰ “ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনা সমগ্ৰ” তথা হৃদয়ানন্দ গগৈৰ সম্পাদনাত শইকীয়া দেৱৰে গল্পৰ সংকলন, “গল্প আৰু শিল্প” সাৰোগত কৰিব পাৰে ৷ চুটিগল্পৰ ৰজা বুলি কব পৰা অ’ হেনৰিৰ চুটি গল্পৰ পৰাও শিকিব লগা বহুখিনি আছে ৷

চৈয়দ আব্দুল মালিকৰ সৃ্ষ্টিৰাজিৰ মাজত থকা সাৰুৱা কথাৰ সংকলন তেখেতৰ জীয়ৰীয়ে সম্পাদনা কৰি উলিওৱা মূল্যবান কিতাপখনৰ নাম মনত পৰা মতে “মানিকী মধুৰী” আছিল ৷ এইখন কিতাপৰ পাতত মালিকদেৱৰ লেখাত সৰল বৰ্ণনা, অলঙ্কাৰৰ ব্যৱহাৰ তথা দৰ্শনগত কথাৰ উপস্থাপন শৈলী শিকাৰ সাৰুৱা সমল আছে ৷

পৃথিৱীৰ মহান লেখকৰ ৰচনা সমগ্ৰৰ সংগ্ৰহ কৰি পঢ়িব পাৰিলে মহান সৃষ্টিসমূহৰ উপাদানসমূহ আহৰণ কৰাত লেখক এজন সফল হ’ব পাৰে ৷ সেয়ে নিৰ্বাচিত পঠন-পাঠনৰ লগতে সজাগ শিকাৰুৰ দৃষ্টিৰে সাৰোগত কৰিলে সুলেখাৰ সৃষ্টিত সহজ হ’ব ৷

লিঅ’ টলষ্টয়, খলিল জিব্ৰান, কাফকা, ৰবীন্দ্ৰনাথ ঠাকুৰ আদি মহান লেখক সকলৰ সৃষ্টিৰাজিৰ মাজত লেখনি কেনেকৈ মহান হয় সেই কথা বুজি উঠিব পাৰি ৷ এই সকলৰ লেখনিয়ে ভৌগোলিক পৰিসৰৰ সীমাৰ পৰিধি চেৰাই কেনেকৈ লেখাক সাৰ্বজনীনতা প্ৰদান কৰিব পাৰি তাৰ পাঠ দিয়ে ৷ কাষৰ পৰা অর্ন্তদৃষ্টিৰে অনুধাৱন কৰিলে কেনে লেখাই সময় আৰু সীমা চেৰাই অমৰত্ব পায় তাকো বুজি উঠিব পাৰি ৷

সাহিত্য সংগঠনৰ দায়িত্ব :

আন এক আলোচনাত একেখন সাপ্তাহিকৰে সম্পাদকীয় কলমৰ এটা লেখা দেখা পালোঁ ৷ তেখেতৰ মতে এটা কলম, এক দিস্তা কাগজ, এখন টেবুলেই এজন লেখক সৃষ্টিৰ বাবে যথেষ্ট ৷ তাত সাহিত্য সংগঠনৰ কোনো ভূমিকা নাই ! সেই কথাত আমি একমত নহওঁ ৷

সাহিত্য সংগঠনৰ সামাজিক দায়িত্ব হিচাবে সমাজৰ ন-ন প্ৰজন্মই জীৱনৰ নিগনি দৌৰৰ বাহিৰতো যে এখন পৃথিৱী আছে তালৈ চোৱাৰ আগ্ৰহ জগাবই লাগিব ৷ এই সকল ভৱিষ্যতৰ নাগৰিকে চৌপাশৰ পৃথিৱীৰ, সমাজৰ প্ৰতি, ভিন্ন দৃষ্টিৰে দোষ-গুণৰ বিচাৰ কৰিবলৈ এৰি দিলে সমাজ এখন আগুৱাব কেনেকৈ ? কম্পিউটাৰ স্ক্ৰীণত গুলিয়াগুলী খেলি সেই জগততে মচগুল হৈ থাকিব বিচৰা নৱ-প্ৰজন্মক প্ৰকৃত সমাজৰ প্ৰতি দৃষ্টি দিয়াব পাৰিব লাগিব ৷

প্ৰথমে পাঠক ৰূপে আৰু পাচলৈ লেখাৰ অ-আ-ক-খ শিকোৱাৰ দায়িত্ব সাহিত্য সংগঠনবোৰৰেই ৷ শ্ৰোতা-দৰ্শক অবিহনে যেনেকৈ শিল্প তথা শিল্পী মূল্যহীন তেনেকৈ এজাক সজাগ পাঠক অবিহনে সাৰুৱা লেখাৰো মূল্যমানে কেতিয়াও শূন্যতকৈ উধাব নোৱাৰে ৷

নতুন প্ৰযুক্তিয়ে সৃষ্টি কৰা মায়াময় ভাৰ্চুৱেল পৃথিৱীৰ পৰা চৌপাশৰ বাস্তৱৰ পৰিঘটনাৰ বাবে সজাগ পাঠক, সজাগ নাগৰিক, সজাগ লেখক সৃষ্টিত সাহিত্য সংগঠনে চেলেঞ্জ ল’বই লাগিব ৷ তাৰ অবিহনে শিপা, কলা, ইতিহাস, হেৰিটেজ, সাংস্কৃতিক সম্পদ আদিৰ সংৰক্ষণ আৰু তাৰ ভেটিত নতুন সমাজ গঢ়াৰ যি চিৰন্তন সপোন সি আজিৰ পৰিস্থিতিত “অসমৰ স্বাধীনতা” শব্দযোৰাৰ দৰেই এক অলীক কল্পনামাত্ৰ !

Filed in: প্ৰবন্ধ

Comments

One Response to “লেখাৰ আঁৰৰ লেখা : অজয়লাল দত্ত”

  1. @দত্ত – আপোনাৰ প্রৱন্ধটো পঢ়াৰ পিচত দুআষাৰ নিলিখি নোৱাৰিলো । প্রৱন্ধটো অতিকৈ সুন্দৰভাৱে উপস্থাপন কৰা হৈছে । কিন্তু ইয়াৰে মজত দুটামান কথাত একমত হব নোৱাৰিলো । আনহাতে আন কেইটামান কথা মোৰ ব্যক্তিগত ভাবাভাবৰ লগত এনেধৰনে মিলি পৰিলে যেন মোৰ মনৰ কথাখিনি কাঢ়ি লৈ আপুনি কৈ দিয়া যেনহে পালো । লেখকে নিজৰ লেখাৰ মাজতে শান্তিৰ সন্ধান কৰাৰ কথাখিনিত মই সম্পুর্নৰুপে একমত । লেখকে নিজৰ মনৰ কথাবোৰ সাহিত্যৰ মাধ্যমেৰে প্রকাশ কৰাৰ প্রচেষ্টাই লিখনিৰ জন্ম দিয়ে । মোৰ ব্যক্তিগত ধাৰণা যে যিসকল লিখকে নিজৰ মনৰ কথাবোৰ সাহিত্যৰ মাধ্যমেৰে প্রকাশ কৰিবলৈ যত্ন কৰে সেইসকল লেখক সূকীয়া । তাৰ মাজতে সাহিত্য সৃষ্টিৰ আন আন কিছুমান লক্ষ্য থাকিব পাৰে ; উদাহৰণ – সামাজিক দায়বদ্ধতা ইত্যাদি । কিন্তু সি যি কি নহওক ব্যক্তিগত ভাৱে মই এটা কথা সদায় বিশ্বাস কৰো যে, সৃষ্টিশীল মন এটাৰ যেতিয়ালৈকে বিকাশ নঘটে তেতিয়ালৈকে সফল লিখনি সৃষ্টি কৰিব পৰাটো অসম্ভৱ্পৰ কথা । আকৌ, সৃষ্টিশীল মন এটাই কেতিয়াও কিছুমান ধৰা বন্ধা সংৰচনাৰ মাজেদি সৃষ্টিক চৰিতার্থ নকৰে । সৃষ্টিশীল মন, এটা লেকাম নাইকীয়া ঘোৰাৰ দৰে । গতিকে, লিখা আৰম্ভ কৰাৰ আগতে যদি লক্ষ্যস্থিত পঢ়ুৱৈ, শব্দৰ প্রয়োগ, লিখনিৰ গঠন ইত্যাদিৰ বিষয়ে বেচিকৈ ভবা চিন্তা কৰা হয়, তেন্তে লিখনিৰ প্রকৃত সৌন্দর্য্য নাইকীয়া হৈ পৰিব যেন লাগে । ইয়াৰ সলনি যদি সৃষ্টিশীল মনৰুপী লেকাম নাইকীয়া ঘোৰাটো ভাৱনাৰ হাবিত নিজৰ ইচ্ছামতে যেনি তেনি বিচৰণ কৰিব দিয়া হয়, তেতিয়াহে প্রকৃত আৰু সুন্দৰ সাহিত্য সৃষ্টি হব যেন লাগে । সেই সাহিত্য ইমানেই সুন্দৰ হব যে ই পঢ়ুৱৈ সমাজৰ সমাদৰৰ লগতে সামাজিক দায়বদ্ধতা আৰু অন্যান্য বহুটো লক্ষ্য সিদ্ধি কৰিব । এনেকৈ সৃষ্টিলাভ কৰা বহুটো লিখনি সময়ত কালজয়ী সাহিত্য হিচাপেও প্রতিপন্ন হৈছে ।

    সৃষ্টিশীল মনটোক এটা programmed device ৰ লেখিয়াকৈ ব্যৱহাৰ কৰি বহুতে সাহিত্য সৃষ্টি কৰিব খোজে আৰু হয়টো সেই প্রচেষ্টাৰেই ফল স্বৰুপে আজি আমি বহুতো freelance writer আমাৰ মাজতে পাইছো । কিন্তু আজিৰ তাৰিখত সাহিত্যিকৰ সংখ্যাৰ বিপৰিতে কালজয়ী নহলেও অন্ততঃ মন চুই যোৱা লিখনিৰ সংখ্যা তেনেই তাকৰিয়া । এয়া সম্পুর্ণৰুপে মোৰ ব্যক্তিগত অনুভৱ আৰু এই উপলব্ধি ভুল বুলি প্রমাণিত হ’লে ভাল লাগিব ।

    কিছুদিনৰ আগতে এই বিষয়টো আৰু সংশ্লিষ্ট অন্যান্য কথা আৰু মোৰ ভাবাভাবৰ লগতে ব্যক্তিগত অভিজ্ঞতা সমুহ গোটাই লৈ অলপ দ কৈ চিন্তা কৰিছিলো । শেষত চৰম উপলব্ধিসমূহ মোৰ ব্লগত এটা লিখনিৰুপে প্রাকাশ কৰিছিলো । লিখনিটোৰ link টো দি দিছো : http://www.leisuretask.com/?q=node/52

Leave a Reply