শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নাম-ঘোষা ( ইউনিকোডীয় ৰূপান্তৰ – প্ৰতিম প্ৰতাপ বৰুৱা)

শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নাম-ঘোষা ( ইউনিকোডীয় ৰূপান্তৰ – প্ৰতিম প্ৰতাপ বৰুৱা) by June 15, 2012 12 comments

শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নাম-ঘোষা ( ইউনিকোডীয় ৰূপান্তৰ – প্ৰতিম প্ৰতাপ বৰুৱা)

 

|| নমো শ্ৰীকৃষ্ণায় নমো নম: ||

৷৷ ভজন ৷৷

||ঘোষা || ছবি ||

মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি |
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি ||১
যাৰ ৰাম-কৃষ্ণ নাম নামে ভৱ-সিন্ধু তৰি
পাৱে পৰমপদ পাপী যত |
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহোঁ হৃদয়ত ||২

নমস্কাৰ
মত্স্যৰ কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলিৰাম বৰাহ শ্ৰীৰাম |
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম ||৩

উপদেশ
একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত |
বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত ||৪
কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ |
দূৰতো বিদূৰ হোন্ত তাৰ ||
অহঙ্কাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ ||৫
যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে |
হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰি-গুণ গায়া নাচে ||৬
সকল নিগমে লতা তাৰ অবিনাশী ফল
কৃষ্ণ-নাম চৈতন্য-স্বৰূপ |
সুমধুৰ সুমঙ্গল শ্ৰদ্ধায়ে হেলায়ে লৈয়া
নৰ মাত্ৰ তৰে ভৱ-কূপ ||৭
অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন |
এতাৱন্ত মূৰ্ত্তিশূণ্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন ||৮
যিটোজনে কৃষ্ণ-কথা বিচাৰে সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয় |
যত তীৰ্থ স্নান দান দেৱ-পিতৃ-যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয় ||৯
যাৰ পুত্ৰসৱে ঐত হৰিত শৰণ লৈয়া
হৰি-গুণ গাৱে শুদ্ধভাৱে |
দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে ||১০
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সিসি
অনুষ্ঠান সমস্তে কৰিল |
নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমুখ ভৈল
আশাক যিজনে পিঠি দিল ||১১
অপৱিত্ৰ যিটো আতি পৱিত্ৰ হোৱৱা যদি
সমস্তে অৱস্থা আছা পায়া |
কমললোচন যিটো সুমৰে তাৰেসে শুদ্ধ
বাহিৰে-ভিতৰে হোৱে কায়া ||১২
সেহিসে চতুৰ যিটো পুণ্যৰ নিদান-ভূত
নাৰায়ণ-নামক উচ্চাৰে |
অচতুৰ সিসি আতি পাপৰ নিদান-ভূত
নামে অৰ্থবাদ যিটো কৰে ||১৩
মহেশে বোলন্ত মোৰ ৰকাৰাদি নাম শুনি
পৰম প্ৰসন্ন হোৱে মন |
শুনিয়ো পাৰ্ব্বতী মঞি মনত শঙ্কঞো ৰঙ্গে
ৰাম বুলিবেক ইটোজন ||১৪
কৰ্ণ-পথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
দুৰ্ব্বাসনা হৰা সমস্তয় |
জলৰ যতেক মল যেহেন শৰত-কালে
স্বভাৱতে নিৰ্ম্মল কৰয় ||১৫
হুয়া দেৱ দিগম্বৰ ভস্ম-বিভুষিত-অঙ্গ
শিৰত ধৰিছা জটা-ভাৰ |
মহেশে সেৱন্ত যাক হেন হৰি বিনে আন
কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ||১৬
ব্ৰহ্মা আদি দেৱগণে নিচল সম্পত্তি মনে
লক্ষ্মীক সেৱন্ত তপ কৰি |
লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
আন কোন দেৱ তাঙ্ক সৰি ||১৭
সমস্ত-বেদান্ত-সাৰ মহাভাগৱত শাস্ত্ৰ
ইহাৰ অমৃত-ৰস পাই |
পৰম সন্তোষে পান কৰিল যিজনে তাৰ
অন্যত্ৰ ৰসত ৰতি নাই ||১৮
মহাভাগৱত-ৰস মাধৱৰ নাম-যশ
আক পান কৰিল যিজনে |
কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ-আদি ৰসে
ৰতি আৰ নকৰয় মনে ||১৯
কৃষ্ণৰ নামক সদা কীৰ্ত্তন কৰয় যিটো
মনে দৃঢ় কৰিয়া নিশ্চয় |
নিষ্কাম হোক বা যদি সকাম হোৱয় তাক
কদাচিতো কলি নবাধয় ||২০
চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী
নাহি নাম-গুণ বিনে আন |
সেহিসে কাৰণে হৰি নিজ-যশ-প্ৰিয় ভৈল
ভগৱন্ত ভকতৰ প্ৰাণ ||২১
যিহেতু চৈতন্য-পূৰ্ণ পৰমাত্মা-ৰূপে হৰি
হৃদয়ত আছন্ত প্ৰকাশি |
তাতেসে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্ত্তে যতেক জড়ৰাশি ||২২
ৰাম-কৃষ্ণ-হৰি-নাম সৰ্ব্ব-ধৰ্ম্ম-অনুপাম
সকল নিগম-তত্ত্ব-সাৰ
যত পৰে ধৰ্ম্ম নাহি আৰ |
হেন নাম নূসুমৰি কমন ভাৰসা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ ||২৩
বিষ্ণু-পাদোদক গঙ্গা মহেশে সহিতে ইটো
জগতকে পৱিত্ৰ কৰয় |
হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো
শব্দৰ স্বৰূপ আছয় ||২৪
পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম-সিংহে
প্ৰকাশ কৰয় আতি বড়ে |
যাৰ ধ্বনি শুনি ভয়ে মহাপাপ-হস্তীচয়
পলায় আতি ত্ৰাসত লৱড়ে ||২৫
আপুনি আপুন বন্ধু আপুনি আপুন শত্ৰু
আপুনি আপুন ৰাখে মাৰে |
হৰিক নভজি নৰে আপুনি হোৱয় নষ্ট
হৰি ভজি আপুনাক তাৰে ||২৬
দুৰ্ল্লভ মনুষ্য-তনু লভিয়া পশুৰ যোগ্য
বিষয়ৰ আশা পৰিহৰা |
সন্তৰ সঙ্গত বসি সুখে হৰি-গুণ গায়া
সন্তোষ-অমৃত পান কৰা ||২৭
হৰি-নাম-কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি |
হৰিত শৰণ লৈয়ো কেৱলে হৰিৰ নাম
কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি ||২৮
বিষয়-সম্বন্ধ-সুখ সমস্ত যোনিত পায়
হৰি-সেৱা একো থানে নাই |
হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য-তনু
জানি ফুৰা হৰি-গুণ গাই ||২৯
মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে
হৰি-গুণ-কীৰ্ত্তন নকৰে |
মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন
হৰি-নাম-কীৰ্ত্তনত পৰে ||৩০
মৃত্যু তৰিবাৰ যত আছয় উপায় আন
বিঘিনি-দূষিত নিৰন্তৰে |
বিঘিনি-ৰহিত যত মাধৱৰ-গুণ-কৰ্ম্ম
কীৰ্ত্তন কৰন্তে সুখে তৰে ||৩১
লুব্ধ-মতি মনুষ্যৰ হৰি-কীৰ্ত্তনত পৰ
নাহিকে ৰহস্য-বিত্ত আৰ |
আন আশা পৰিহৰি মাধৱক মনে ধৰি
হৰিৰ কীৰ্ত্তন কৰা সাৰ ||৩২
শুনা পৰমাৰ্থ-তত্ত্ব শ্ৰীমন্ত-শঙ্কৰ-মত
ধৰিয়োক সজ্জনসকল |
হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰক তৰি
পাইবা ভক্তি পৰম নিৰ্ম্মল ||৩৩
শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়
হৰি-গুণ ভাগৱত সাৰ |
সাধু-সঙ্গ অনুসৰা শ্ৰৱণ-কীৰ্ত্তন কৰা
পৰিহাৰা পাষণ্ড-আচাৰ ||৩৪
বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ |
হৰি বিনে পৰিত্ৰাণ কৰ্ত্তা আৰ নাহি জানা
ৰিপু নাহি সংসাৰত পৰ ||৩৫
লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা
তাহাৰ দুৰ্ল্লভ কিছু নাই |
নাৰায়ণ-পৰ ভৈলে তথাপি কিঞ্চিতো আন
নবাঞ্জয় সেবা-সুখ পাই ||৩৬
কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিৱাস-থান
মুখ নয়নৰ পান-পাত্ৰ |
দিগপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু
ভকতৰ পাদ-পদ্ম মাত্ৰ ||৩৭
পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাৱে লাগ
তপ জপ যাগ যোগ দানে |
একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ-চিত্তে মাথে
অভিষেক নকৰয় মানে ||৩৮
গ্ৰাম্য-কথা-বিনাশন উত্তম শ্লোকৰ গুণ
প্ৰসৱয় সাধুৰ সঙ্গত |
তাক অনুদিন যিটো সেৱে তাৰ সতী মতী
হোৱে বাসুদেৱ-চৰণত ||৩৯
সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি
মেঘাচ্ছন্ন নোহয় দুৰ্দিন |
হৰি-কথা-অমৃতৰ সম্যক-আলাপ-ৰসে
যিটো দিন হোৱয় বিহীন ||৪০
আত্মা-ঈশ্বৰক লাগ প্ৰত্যেকে সততে পাই
নপাই জানা তাঙ্ক অবিদ্যাত |
অবিদ্যা নশিলে লাগ কৃষ্ণক পাৱয় যেন
কণ্ঠ-লগ্ন বস্তুক সাক্ষাত || ৪১

নিন্দা

নাৰায়ণ হেন ইটো শৱদ আছয়ে মুখে
বশৱৰ্ত্তী বচন আছয় |
তথাপি অদ্ভুত কিনো ঘোৰ নৰকত মজি
মল-মতি মনুষ্য মৰয় ||৪২
তৰ্ক-শাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণ পতি
তাৰ শিষ্য ভৈল পুত্ৰ-প্ৰায় |
সংসাৰ বনত পশি পতি-পুত্ৰ সমন্বিতে
উপনিষত্‍-ধেনু ধৰি খায় ||৪৩
সৰ্ব্ব-শ্ৰুতি-শিৰোৰত্ন ভগৱত-বন-মাজে
হৰি-নাম-সিংহ প্ৰকাশয় |
তাৰ মহাধ্বনি শুনি নিজ পৰিয়াৰ সমে
তৰ্কব্যাঘ্ৰী পলায় হুয়া ভয় ||৪৪
স্মৰহু গোবিন্দ মূঢ় বোলহু গোবিন্দ মূঢ়
ভজহু গোবিন্দ সৰ্ব্বক্ষণে |
মৰণ সন্নিতে পাইলে গোবিন্দেসে ৰাখিবন্ত
নৰাখিবে ’ডুকৃঞ কৰণে’ ||৪৫
ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম
বোলয় অধম মূঢ়-মতি |
চৌৰাশী নৰক ভুঞ্জি পাপৰ যোনিত সিটো
অৱশ্যে হুইবেক উত্পকত্তি ||৪৬
মায়া আদি কৰি যত সমস্তে জগতে জড়
কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ |
চৈতন্য কৃষ্ণক এড়ি জড়ক ভজিয়া মৰে
কিনো লোক অধম মুগুধ ||৪৭
তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান
কাকো নুসুমৰে মৃত্যু-বেলা |
মৰন্তাজনক বেঢ়ি বোলে সৱে ৰাম বোলা
হেন নাম এতিখণে হেলা ||৪৮
পৰলোক-সময়ৰ বান্ধৱ হৰিৰ নাম
সৱ এড়ি যিহেতু সুমৰে |
এতিখণেকি কাৰণে হেনেয় হৰিৰ নাম
মল-মতি নৰে নুসুমৰে ||৪৯
দুৰ্ঘোৰ সংসাৰ ইটো ব্যাধিৰ ঔষধ মহা
তেজি হৰি-নামক সম্প্ৰতি |
কমন উপায়ে আন পণ্ডিতসকলে আৱে
লভিবেক আপুন মুকুতি ||৫০
লভিয়া মনুষ্য-তনু যিসৱ পণ্ডিত নৰে
নসাধিলে গতি আপুনাৰ |
কৌটি জনমক লাগি সংসাৰ-সাগৰে মজি
ফুৰিবেক ভুঞ্জিয়া নিকাৰ ||৫১
গোৱিন্দক নৰাধিয়া কোন কালে কদাচিত
সুখী হুয়া আছে কোনজন |
হেন শিক্ষা মনে ধৰি ডাউকে বোলয় সদা
’কোবা কোবা’ কুবাক্য-বচন ||৫২
শঙ্কৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব
প্ৰচাৰিলা শাস্ত্ৰ-সাৰ জানি |
তাহাঙ্ক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে
আপুনাৰ মহত্ত্ব বখানি ||৫৩
শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি |
তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহামূঢ়-মতি ||৫৪
নজানে শাস্ত্ৰৰ নয় যেন আসে তাকে কয়
ছেদিবাক নপাৰে সংশয় |
গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে
মান্য-সতকাৰ খুজি লয় ||৫৫
বচনে কেৱসে মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয় |
জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয় ||৫৬
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ-মন্ত্ৰচয় |
হে হৰি তোমাতেসে খেলাৱে কেৱলে বাদ
তোহ্মাৰ তত্ত্বক নজানয় ||৫৭
ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
পৰাঙ্মুখ ভৈলা যিটোজন |
যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ-মহা-
পঙ্কে পৰি হোৱয় গমন ||৫৮
হৰি-নাম ধ্বজ কৰি বেদ-পথ পৰিহৰি
ফুৰে আতি পাষণ্ডসকল |
ইহ-পৰলোকে ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰ
ফুৰে আতি পৰম নিষখল ||৫৯

প্ৰাৰ্থনা

তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
তুমি নাথ মঞি নাথৱন্ত |
চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত ||৬০
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ |
দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো
দিয়ো মোক সেহি উপদেশ ||৬১
তুমি ভক্ত-কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ |
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা-ৰস-সাৰ ||৬২
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক |
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ
তযু নামে সদা ৰতি হৌক ||৬৩
হে ভগৱন্ত গুৰু তযু পদে মন মোৰ
যিকালত থিতিক লভয় |
তোহ্মাৰ কৃপাত তেৱে সমস্তে সাধন-শ্ৰম
এৰাই সুখী হুইবাহো নিশ্বয় ||৬৪
হে প্ৰভু নৰহৰি তোহ্মাৰ চৰণ চুই
প্ৰেমভাৱে স্মৰণ-দুৰ্ল্লভ |
যথাকথঞ্চি-ৰূপে অহৰ্নিশে প্ৰভু মোৰ
সুমৰণ হুয়োক সুলভ ||৬৫
হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি
কৃপা-দৃষ্টি চাহিয়োক মোক |
সহজ বাসনা-ৰূপ শৰণ দিয়োক নাথ
মোৰ অহঙ্কাৰ দূৰ হোক ||৬৬
নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জণ
নমো দেৱ দৈৱকী-দায়াদ |
পৰম অনাথ আমি তোমাৰ চৰণে নামি
মাগো প্ৰভু ভকতি-প্ৰসাদ ||৬৭
ব্ৰহ্ম হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ
যত সদা পশয় শৰণে
আৰ আন নাহি ত্ৰিভুৱনে |
ভকতজনৰ বন্ধু তুমিসে কৰুণা-সিন্ধু
মোৰ গতি তোমাৰ চৰণে ||৬৮
মায়াৰ নিগ্ৰহে মঞি পৰম আতুৰ ভৈলো
প্ৰাণ যদুপতি জীৱন যদুপতি |
অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে
মোৰ আৰ নাহি আন গতি ||৬৯
হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত
আছে পাপী তাৰ আমি সীমা |
চৰণে থাপিয়ো মোক পতিত-পাৱন নিজ
দেখা কোন নামৰ মহিমা ||৭০
তোহ্মাত বিমুখ হৰি হৈবাৰ দেখিয়া মায়া
মোৰ মতি কৰিলে মোহিত |
এৱে হৰি তযু পদে সেৱাতে যিমতে ৰহো
হেন কৃপা কৰিতে উচিত ||৭১
নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নিৰ্য্যাণ |
আপুনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰা পৰিত্ৰাণ ||৭২
তোহ্মাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহিয়াছে আহ্মাক সমুলি |
গুচায়োক মায়া স্বামী তোহ্মাৰ চৰণে আমি
ভজিলোহে জয় জয় বুলি ||৭৩
মঞি অনাথক দায়া কৰহু পৰমানন্দ
দাস বুলি ধৰিয়ো মনত
থৈয়ো নিজ ভৃত্যৰ সঙ্গত |
আঞ্জুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
কেশ ছিঙ্গি দেঞো চৰণত ||৭৪
অপৰাধ-বিনাশন তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণে
আন গতি নাহিকে মৰণে |
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে ||৭৫
হে কৃষ্ণ হে বাসুদেৱ দৈৱকী-নন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ |
কৃপাময় শ্ৰীগোবিন্দ তযু পদ-অৰবিন্দ
কৰো মই লক্ষ নমস্কাৰ ||৭৬
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্ম-মালা-ধাৰী |
নমো পদ্ম-সম-নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়-হাৰী ||৭৭
বসুদেৱ-সুত-কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস-চাণুৰাদি-বিমৰ্দ্দন |
দৈৱকী-হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
তযু পাৱে কৰোহো বন্দন ||৭৮
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপ-হাৰী |
ই জানি গোবিন্দ মোক যে যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি ||৭৯
সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মই মহামূঢ়জন |
আমি প্ৰভু তযু দাস আকে মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন ||৮০
ধৰ্ম্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্তি নোহয় |
হৃদি-স্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
হৃষীকেশ কৰিবো তেনয় ||৮১
নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নজানো কিঞ্চিত |
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত ||৮২

অনুনাথনা

তোহ্মাৰেসে অবিদ্যায়ে আহ্মাক মুহিলে হৰি
নজানোহো তোহ্মাৰ তত্ত্বক |
তোহ্মাৰ চৰণে হৰি শৰণ পশিয়া সাৰ
কৰিলোহো তোহ্মাৰ নামক ||৮৩
হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য-স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত |
আৱৰ যতেক ইটো তোহ্মাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত ||৮৪
তযু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ
আৱৰ সমস্তে গুণময় |
একেক জানিয়া হৰি তোহ্মাৰ নামৰ মাত্ৰ
কৰিলোহো সাৰ কৃপাময় ||৮৫

মহিমা

কৃষ্ণ-পাদ-পঙ্কজৰ সেৱাৰ মহিমা-কথা
শুনি বড় আনন্দ মিলয় |
যাৰ ভকতৰ সঙ্গে সৰ্ব্ব-পুৰুষাৰ্থ-শিৰে
চড়ি আতি কৌতুক কৰয় ||৮৬
যদি ভৱ-ভয়-ভঙ্গ মনে ইচ্ছা কৰ ভাই
সদা সাধু-সঙ্গ কৰা সাৰ |
এক ক্ষণমানে মাত্ৰ কেৱল সাধুৰ সঙ্গে
হোৱে নাৱ ভৱ তৰিবাৰ ||৮৭
হৰি-কীৰ্ত্তনৰ মহা- আনন্দ-সুখক আশে
কতো কতো সৱ মহাজনে |
মুকুতি-সুখকো তেজি মহন্তজনৰ সঙ্গ
খোজে আতি কৃষ্ণৰ চৰণে ||৮৮
কিন্তু ইটো মহাধৰ্ম্ম মাধৱৰ জন্ম-কৰ্ম্ম
বেদে যাৰ নজানে মহিমা |
হৰি-নাম-কীৰ্ত্তনত মিলে মোক্ষ আদি যত
কীৰ্ত্তন-সুখৰ নাহি সীমা ||৮৯
মধুৰৰো সুমধুৰ হৰিৰ কীৰ্ত্তন-ৰস
মঙ্গলৰো পৰম মঙ্গল |
এতেকেসে মুকুতিকো তেজি হৰি-গুণ গায়া
ফুৰে মহা মহন্তসকল ||৯০
পৰম নিপুণসৱে বুজিয়া শাস্ত্ৰৰ তত্ত্ব
হৰি-পদ-পঙ্কজে ভজিয়া |
হৰি-কীৰ্ত্তনৰ মহা- নিৰ্ভৰ আনন্দে মজি
থাকে সুখে মুকুতি তেজিয়া ||৯১
গোৱিন্দৰ নাম-গুণ কীৰ্ত্তন কৰন্তে জানা
কিঞ্চিতেকো নাহিকে প্ৰয়াস |
নিজ-গুণ-লুব্ধ হৰি কীৰ্ত্তন কৰন্তে আসি
হৃদয়তে হোৱন্ত প্ৰকাশ ||৯২
যিসৱ চতুৰ নৰে মাধৱৰ নাম-গুণ
কীৰ্ত্তন কৰন্ত সাৱধানে |
দেৱৰো দেৱতা হৰি তাহাৰ হৃদয় এৰি
যাইবাক নপাৰা আন থানে ||৯৩
যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত
তেন্তে নিজ কীৰ্ত্তনত বশ্য |
জানি মাধৱৰ নাম কীৰ্ত্তন কৰিয়ো সদা
ইটো সৱে শাস্ত্ৰৰ ৰহস্য ||৯৪
হৰি-ভক্তি-সৰোবৰে সন্তোষ-অমৃত-জলে
কৃষ্ণ-পাদ-পদ্ম প্ৰকাশয় |
ৰাম-নাম ৰাজহংস ছানিয়া আৰাৱ কৰে
শুনি আতি কৌতুক মিলয় ||৯৫
সমস্তে তীৰ্থত স্নান কৰিলেক সৰ্ব্ব যজ্ঞ
দীক্ষিত ভৈলেক সিটোজন |
সমস্তে দানৰ ফল সিসিজনে পাইলে আতি
যিটো কৰে হৰিৰ কীৰ্ত্তন ||৯৬
মাধৱে বোলন্ত মোক কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
সদায় সুমৰে সিটোজনে |
জল হন্তে যেন পদ্ম নৰকৰপৰা তাঙ্ক
আপুনি উধাৰো ৰঙ্গ মনে ||৯৭
ঊঅদাপি দুৰ্জ্জন কলি হৰিৰ ভকতি-পথ
কৰিলেক বিৰল-প্ৰচাৰ |
একান্ত শৰণে যিটো শ্ৰৱণ-কীৰ্ত্তন কৰে
ওচৰো নচাপে কলি তাৰ ||৯৮
পৰম-পুৰুষ দেৱ পৰম-কাৰণ প্ৰভু
পৰম-ঈশ্বৰ ভগৱন্ত |
সদানন্ত সদাশিৱ সত্য সনাতন হৰি
জয় জয় অচিন্ত্য অনন্ত ||৯৯

আত্ম-উপদেশ

হে জিহ্বা সদা তোৰ মধুৰেসে মাত্ৰ প্ৰিয়
জান তঞি ৰসৰ সাৰক |
আন তেজি নিৰন্তৰে কৰিয়োক মাত্ৰ পান
নাৰায়ণ-নাম-অমৃতক ||১০০
হে জিহ্বা তঞি সদা আহ্মাত নিৰ্দ্দয়া ভৈলি
কেনে নোবোলস ৰাম-বাণী |
সংসাৰ-সাগৰে ইটো হৰিসে সুদৃঢ় নাৱ
জানি হৰি বুলিয়ো কল্যাণী ||১০১
হে কৰ্ণ সদা তোৰ শবদ মাত্ৰসে প্ৰিয়
তঞি শব্দ মধুৰ জানস |
কোটি অমৃততোধিক পৰম মধুৰ শব্দ
শুন সদা কৃষ্ণ-নাম-যশ ||১০২
হেন মন তোৰ কাম সঙ্কল্প-বিকল্প-ধৰ্ম্ম
তেজি মিছা ব্যাপাৰ সকল |
সদায়ে সঙ্কল্প মাত্ৰ কৰিয়ো সুদৃঢ় মন
কৃষ্ণ-নাম পৰম মঙ্গল ||১০৩
শুনিও হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোড়য় |
তাক তেজি কৃষ্ণ-নাম অক্ষয় অমৃত পিয়া
সন্তোষক লভিয়ো হৃদয় ||১০৪
শুনিয়োক বুদ্ধি তোৰ কেৱলে নিশ্চয়-ধৰ্ম্ম
তেজি সৱে বিনাশী বিষয় |
সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণৰ নাম
তাকে মাত্ৰ কৰিয়ো নিশ্চয় ||১০৫
শুন হেৰ অহঙ্কাৰ নিচিন্ত আপুন মাৰ
মিছা অহম্মমক তেজিয়ো |
পৰম ঈশ্বৰ কৃষ্ণ হুয়োক তাহান দাস
সাধু-সঙ্গে কৃষ্ণক ভজিয়ো ||১০৬
শুনিয়োক চিত্ত হেৰ পৰম ৰহস্য বাণী
তুমি শুদ্ধ জ্ঞানৰ আলয় |
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ
নাছাড়িবা তাজান আশ্ৰয় ||১০৭
কৃষ্ণ নিষ্ট ইষ্টদেৱ আত্ম প্ৰিয়তম গুৰু
সুহৃদ সোদৰ বন্ধুজন |
কৃষ্ণে মোৰ মতি গতি কৃষ্ণত ভকতি-ৰতি
কৃষ্ণ-পাৱে নিমজোক মন ||১০৮

আত্ম-নিন্দা

শান্ত চিদানন্দ শুদ্ধ অনন্ত-মহিমা নিত্য
নিৰ্ম্মল তৰঙ্গ-চয়-হীন |
হেনয় পৰমানন্দ অমৃত-সাগৰে মজি
আচান্ত নকৰি বুদ্ধি-ক্ষীণ ||১০৯
হে হৰি সাৰ-শূণ্য মৃগতৃষ্ণাৰ্ণৱ-জলে
মহা শ্ৰান্ত হুয়া মোহ পাঞো |
স্নান পান আচমন কৰহো ৰমণ তাতে
কতোহো উপঙ্গো তল যাঞো ||১১০

বস্তু-প্ৰকাশ

পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়া
আতি গুপ্ত-স্বৰূপে আছিল |
লোকক কৃপায়ে হৰি শঙ্কৰ-স্বৰূপে আসি
মুদ ভাঙ্গি সমস্তকে দিল ||১১১
হৰি-নাম প্ৰেম ৰস অমৃত-নিধিক বান্ধি
গুপ্ত কৰি থৈল দেৱগণে |
দায়ালো শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলা
সুখে পান কৰে সৰ্ব্বজনে ||১১২
হৰি-নাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল
বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব |
হেন হৰি-নাম ধৰ্ম্ম শঙ্কৰে বিদিত কৰি
চূৰ কৈলা দেৱতাৰ গৰ্ব্ব ||১১৩

প্ৰশংসা

বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰত
সৱে হৰি-নামৰ কিঙ্কৰ |
হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে
সেহিসে পৰম সাধু নৰ ||১১৪

অনুধিতা

হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ-যোগ্য
ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক |
হেনয় দ্বাৰত বেত্ৰ- প্ৰহাৰ পাইবাৰ যোগ্য
হঞো আমি কমন বৰাক ||১১৫

নাম

অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দন
হংস নাৰায়ণ অষ্ট নাম |
পৰম মঙ্গল-ৰূপ যিটো অহৰ্নিশে লৱে
তাৰ পূৰ্ণ হোৱে মনকাম ||১১৬

পৰমাৰ্থ-সাৰ

মাধৱ মাধৱ নাম বচনত সুমৰয়
মাধৱ মাধৱ হৃদয়ত |
নিৰন্তৰে সাধুসৱে মাধৱ মাধৱ নাম
উচ্চাৰয় সমস্তে কাৰ্য্যত ||১১৭
পৰম মঙ্গল-ৰূপ মাধৱ মাধৱ নাম
যিটো মহাজনে উচ্চাৰয় |
তাৰ অমঙ্গল-ৰূপ গুচয় সংসাৰ-ভয়
মাধৱৰ নিকট পাৱয় ||১১৮
দু:স্বপ্ন-নাশন ইটো মাধৱ মাধৱ নাম
দুষ্ট-গ্ৰহ-ভয়-বিমোচন |
পৰম সম্পদ-ৰূপ জানি মাধৱৰ নাম
সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন ||১১৯
মাধৱেসে আত্মা নিজ মাধৱেসে ইষ্ট গুৰু
মাধৱেসে দেৱতা পৰম |
পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা
মনুষ্যৰ ইসি নিজ ধৰ্ম্ম ||১২০
পৰম চতুৰ সিসি বুদ্ধিত কুশল আতি
যিটো মাধৱৰ গুন গাৱে |
মিছা কলেৱৰগোটে মুকুটি-বাণিজ কৰি
ভৱ তৰি মাধৱক পাৱে ||১২১
যিজনে একান্ত চিত্তে মাধৱক ভজি নিতে
ফুৰে মাধৱৰ গুণ গাই |
দুৰ্ল্লভ অমৃত যেন যিজনে কৰিলে পান
মধুৰ পিবাক আৰ নাই ||১২২

সাৰ-নিৰ্ণয়

ভগৱন্ত ঈশ্বৰ গুণ-সমূহক যিটো
শুনিতে উদ্যত কৰে নৰ |
তেখণৰেপৰা সিটো জানিবা নিশ্চয় কৰি
ভৈল আতি শুদ্ধ নিৰ্ম্মত্সবৰ ||১২৩
ঈশ্বৰ কৃষ্ণসে নিষ্ট পৰম আৰাধ্য দেৱ
মোৰ তান নামে নিজ গতি |
হেনয় নিশ্চয় যিটো কৰিলে কলিত আতি
সিসিজন পৰম সুকৃতি ||১২৪
সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো
অজ্ঞানতে চণ্ডালে লৱয় |
হেনয় পৱিত্ৰ সিটো জানিবা যজ্ঞত আনি
পাত্ৰ পাতিবাৰ যোগ্য হয় ||১২৫
ৰাম ৰাম ৰাম বাণী পৰম মঙ্গল-ৰূপ
যাৰ মুখে প্ৰকাশ কৰয় |
চিৰকালে মহাতীৰ্থ কৰিয়া পৱিত্ৰ হুয়া
তাকো কদাচিতো তুল্য নুই ||১২৬
জগত-আশ্ৰয় কৃষ্ণ তাহান অব্যয় স্থান
তাক প্ৰতি যেৱে আছে মন |
ভগৱন্ত ঈশ্বৰৰ চৰণ-পঙ্কজে সদা
হুয়ো তেৱে একান্ত শৰণ ||১২৭
ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক
গাৱ ভাই মাধৱৰ গুণ |
নিচিন্ত আপুন মাৰ সুখে আপুনাক তাৰ
হুয়ো ভাই পৰম নিপুণ ||১২৮
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি-নাম-কীৰ্ত্তনত
সমস্তে প্ৰাণীৰ অধিকাৰ |
এতেকেসে হৰি-নাম সমস্তে ধৰ্ম্মৰ ৰাজা
এহি সাৰ শাস্ত্ৰৰ বিচাৰ ||১২৯

বৰ্ণাশ্ৰম

বৰ্ণাশ্ৰম-ধৰ্ম্ম যত যাৰ যেন বিহি আছে
তাৰেসে কেৱলে অধিকাৰ |
হৰি-নাম-কীৰ্ত্তনত নাহিকে নিয়ম একো
এতেকেসে ধৰ্ম্ম মাঝে সাৰ ||১৩০

হৰবাৰ

অধমে কেৱলে দোষ লৱয় মধ্যমে গুণ-
দোষ লৱে কৰিয়া বিচাৰ |
উত্তম কেৱলে গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ ||১৩১
দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা
গুণ দেখি কৰিলা ৰক্ষণ |
মহাপাপী অন্ত্য জাতি তৰয় কলিত সুখে
মুখে কৰি হৰিৰ কীৰ্ত্তন ||১৩২
অবিদ্যা-জনিত সুখ সত্য লোক আদি কৰি
আত নিৰপেক্ষ নিৰন্তৰ |
কেৱলে চিদাঙ্গ-শুদ্ধি কৰণেসে মাত্ৰ জানা
পুৰুষাৰ্থ মুমুক্ষজনৰ ||১৩৩
বিদ্যা-অবিদ্যা-জন্য সুখে নিৰপেক্ষ হুয়া
কৰিল আপুন মন থিৰ |
সকলে জগত ইটো বাসুদেৱ্ময় মাত্ৰ
পুৰুষাৰ্থ জানিবা জ্ঞানীৰ ||১৩৪
সমন্তে সুখকে তেজি পুৰুষোত্তম প্ৰেম
ভকতিক কৰিল আশ্ৰয় |
ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত
আনো সুখ অধিক পাৱয় ||১৩৫
মুমুক্ষজনৰ যেৱে অবিদ্যা-জনিত সুখে
বিৰকতি ভৈল আতিশয় |
কেৱলে আত্মাত মাত্ৰ সদায়ে ৰমণ কৰে
তেৱে বিধি-কিঙ্কৰ গুচয় ||১৩৬
জ্ঞান-নিষ্ঠজনে বিদ্যা- অবিদ্যা-জনিত দুয়ো
সুখে বিৰকতি ভৈল যেৱে |
বাসুদেৱময় মাত্ৰ দেখয় জগত ইটো
বিধিৰ কিঙ্কৰ গুচে তেৱে ||১৩৭
পোৰুষোত্তমৰ প্ৰেম ভকতি-সুখক মাত্ৰ
নিশ্চয় কৰিলা যিটোজন |
শৰণ-কালৰেপৰা বিধিৰ কিঙ্কৰ গুচি
কৰে সদা শ্ৰৱণ-কীৰ্ত্তন ||১৩৮
ভৰত ৰত্নৰ দীপ মনুষ্য-শৰীৰ নৌকা
ৰাম-নাম মহাৰত্ন সাৰ |
হেনয় বাণিজ পাই যিটো জীৱে নকৰিল
তাত পৰে দুখী নাহি আৰ ||১৩৯

নামৰ অন্বয়

কৃষ হেন শব্দ ইটো পৃথিৱী-বাচক ভৈল
ণ আনন্দত প্ৰবৰ্ত্তয় |
দুইৰো এক পদ ভৈলে পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম-আনন্দক মাত্ৰ কয় ||১৪০
ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ |
এহি হেতু্তেসে জানা ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ আনয় মনোহৰ ||১৪১
নিৰন্তৰে নিজানন্দ- সুখ-পৰিপূৰ্ণ-ৰূপ
অখণ্ড আনন্দ নুগুচয় |
এতেকেসে সদানন্দ নিত্যানন্দ নামে ইটো
ঈশ্বৰকে বুলিয় নিশ্চয় ||১৪২
ক ইশ পদে বিষ্ণু মহেশ্বৰ হৰি
প্ৰতি প্ৰতি তিনিৰো অন্বয় |
ৱ পদে নাৰায়ণে তিনিকো আছয় চান্দি
এহি হেতু কেশৱ বোলয় ||১৪৩
ঈশ্বৰ কৃষ্ণৰ পদ সেৱন্তে জীৱৰ চ্যুতি
গুচয় সংসাৰ অদভুত |
এহি হেতুতেসে জানা যতেক মহন্তসৱে
ঈশ্বৰক বোলয় অচ্যুত ||১৪৪
ঈশ্বৰ কৃষ্ণৰ পদে ভজিয়া অধমসৱো
আতিশয় হোৱয় উত্তম |
এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল
ঈশ্বৰৰ নাম নৰোত্তম ||১৪৫
ঈশ্বৰক জানি নৰে ভজিয়া মায়াক তৰি
সিংহ যেন ভ্ৰমন্ত নিৰ্ভয় |
এতেকেসে ঈশ্বৰৰ নাম নৰসিংহ ভৈল
মহাজনসকলে কহয় ||১৪৬
ঈশ্বৰৰ পাদ-পদ্ম ভজি শুদ্ধ-চিত্ত হুয়া
অধমো তেজয় বামানয় |
এহি হেতুতেসে থাকি নিৰন্তৰে মহাজনে
ঈশ্বৰকে বামন বোলয় ||১৪৭
মোক্ষ আদি কৰি যত সুখ ঈশ্বৰ-সেৱাৰ জানা
অণু একো নুহি সমসৰ |
এহি হেতু মহাজনে জানিবা পৰমানন্দ
নাম ধৰি আছন্ত ঈশ্বৰ ||১৪৮
যিহেতু কৃষ্ণেসে আত্মা এতেকেসে জীৱ-ৰাশি
নিৰন্তৰে আনন্দ লভয় |
এহি হেতু সৰ্ব্বানন্দ নাম ধৰি আছা হৰি
মহাজনে জানিবা নিশ্চয় ||১৪৯
যিকাৰণে নাৰায়ণে পঞ্চ-ভুতে পঞ্চ-বৰ্ণ
মালা পিন্ধি প্ৰকাশ কৰন্ত |
এহি হেতু নিৰন্তৰে জানিবাহা বনমালী
নাম ধৰি আছা ভগৱন্ত ||১৫০
ঈশ্বৰ সেৱাৰ সুখ লভিয়া ইন্দ্ৰিয়-জন্য
সুখ জীৱে অধ:কৃত কৰে |
এহি কাৰণত সৱে জানিবাহা অধোক্ষজ
নাম ধৰি আছা দামোদৰে ||১৫১
চৈতন্যত কৰি পৰ মায়াত উপজি জড়
আছে তাক ৰমাৱন্ত হৰি |
এতিসে কাৰণে জানা পৰম ঈশ্বৰ প্ৰভু
পৰ্শুৰাম নাম আছা ধৰি ||১৫২
চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম-অনুৰূপে |
এতেকেসে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
নাম আক জানিবা স্বৰূপে ||১৫৩
অনন্ত-চৈতন্য আত্মা সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময় |
এহি হেতু ৰাম পদে পৰমব্ৰহ্ম-স্বৰূপক
কহে ৰাম-নামৰ অন্বয় ||১৫৪

দুলড়ি

স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ
সংসাৰ-দুখ হৰন্ত |
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত ||১৫৫
আত্মা-ৰূপে জানা ইটো জগতত
আছন্ত হুয়া প্ৰৱেশ |
এহি হেতুতেসে ঈশ্বৰক বিষ্ণু
বুলিয় নাম বিশেষ ||১৫৬
ইন্দ্ৰিয়-বৰ্গত যিহেতু ঈশ্বৰ
আছন্ত হুয়া প্ৰৱেশ |
এতেকে মহন্ত- সকলে বোলয়
ঈশ্বৰক হৃষীকেশ ||১৫৭
অন্তৰ্য্যামী-ৰূপে যিহেতু জীৱক
সুখ-দুখ ভুঞ্জাৱন্ত |
এতেকেসে পৰ- মাত্মা নাম ধৰি
আছা প্ৰভু ভগৱন্ত ||১৫৮
পৰম ঈশ্বৰ- স্বৰূপে জীৱৰ
আছন্ত হুয়া আশ্ৰয় |
এতেকেসে তাঙ্ক বুলি নাৰায়ণ
নামৰ দিব্য আন্বয় ||১৫৯
অহঙ্কাৰ আদি একোৱে উপাধি
কৰিতে নপাৰে ছন্ন ||
এহিসে কাৰণে মহন্তসকলে
বোলে তাঙ্ক নিৰঞ্জন ||১৬০
সত্ত্ব ৰজ তম তিনি গুণ-বৃত্তি
লুপ্ত তাঙ্ক নকৰয় |
সেহিসে কাৰণে বেদ-শাস্ত্ৰগণে
বোলে তাঙ্ক নিৰাময় ||১৬১
যতেক প্ৰাকৃত আকাৰ-বৰ্জ্জিত
ভৈলন্ত যিহেতু হৰি |
সেহি হেতুতেসে নিৰাকাৰ নাম
আছন্ত ঈশ্বৰে ধৰি ||১৬২
মা পদে লক্ষ্মী- দেৱীক বোলয়
তাহান স্বামী ঈশ্বৰ |
এতেকেহে তাঙ্ক বোলয় মাধৱ
মহাজন নিৰন্তৰ ||১৬৩
জনা পদে মায়া দেৱীক বুলিয়
ভক্তৰ মায়া মৰ্দ্দন্ত |
এহি হেতুতেসে জনাৰ্দ্দন নাম
ধৰি আছা ভগৱন্ত ||১৬৪
মধুৱতে মায়া উন্মত কৰায়া
আছা যত জীৱগণ |
ভক্তৰ মায়াক পীড়ন্ত নিমিত্তে
বুলিয় মধুসুদন ||১৬৫
গো পদে বেদ ইন্দ্ৰিয়ক বুলি
কৰন্ত তাম পালন |
এতেকেসে তাঙ্ক বুলিয় গোপাল
জানিবাহা মহাজন ||১৬৬
ইন্দ্ৰ আদি দেৱে গোৰ ইন্দ্ৰ পাতি
কৰিলন্ত অভিষেক |
পৰম প্ৰসিদ্ধ গোবিন্দ নামক
ধৰিলা হৰি প্ৰত্যেক ||১৬৭
দেশে কালে তাঙ্ক একোৱে প্ৰকাৰে
কৰিতে নপাৰে অন্ত |
এহি হেতুতেসে ঈশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল অনন্ত ||১৬৮
যত বেদবাদী বেদক বিচাৰি
কৰিতে নপাৰে আদি |
এতেকেসে তান পৰম প্ৰখ্যাত
হুয়াছে নাম অনাদি ||১৬৯
অধম পুৰুষো হবয় উত্তম
ভজিয়া যাৰ চৰণে |
পুৰুষোত্তম নামক ধৰিয়া
আছন্ত এহি কাৰণে ||১৭০
ক্ষৰ পদে ইটো দেহক বুলিয়
অক্ষৰ শবদে ব্ৰহ্ম |
দুইটো কৰি ইটো উত্তম নিমিত্তে
প্ৰখ্যাত পুৰুষোত্তম ||১৭১
প্ৰকৃতি পুৰুষ দুইটো কৰি পৰ
দুইহানো নিজ কাৰণ |
পৰম ঈশ্বৰ নামক ধৰিয়া
আছা তাতে নাৰায়ণ ||১৭২
কৰ্ম্ম অনুসাৰে ইটো জগতক
পালন্ত হৰি সাক্ষাত |
এহি হেতুতেসে জগন্নাথ নাম
আছন্ত হুয়া প্ৰখ্যাত ||১৭৩
ঈশ্বৰৰ সেৱা কৰিলে জীৱৰ
গুচয় মায়াৰ ভ্ৰম |
ব্ৰহ্ম পদে শুধ জীৱক বুলিয়
ঈশ্বৰক পৰমব্ৰহ্ম ||১৭৪
অন্তৰ্য্যামী ৰূপে জীৱ আদি কৰি
নিয়মন্ত সমস্তক |
এহি হেতুতেসে পৰমাত্মা পদে
বুলি জানা ঈশ্বৰক ||১৭৫
ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু
ঐশ্বৰ্য্যৰ নাহি অন্ত |
এহি হেতু মহা- মহন্তসকল
বোলে তাঙ্ক ভগৱন্ত ||১৭৬
নিজ ভক্ত পদে গৰুড়ক ধ্বজ
কৰিলা হৰি যিহেতু |
সেহিসে কাৰণে মহন্তসকলে
বোলয় গৰুড়-কেতু ||১৭৭
কাল মায়া আদি যাহাৰ নামক
কৰিতে নপাৰে কুণ্ঠ |
এহিসে কাৰণে ইশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ ||১৭৮
সদানন্দ আত্মা চৈতন্য অনন্তে
যিহেতু যোগী ৰময় |
এতেকেসে ৰাম পদে পৰমব্ৰহ্ম
ৰূপক বুলি নিশ্চয় ||১৭৯
চৈতন্য স্বৰূপে যিহেতু সদায়ে
ৰমাৱন্ত জগতক |
এতেকেসে ৰাম সুমধুৰ পদে
বুলি জানা ঈশ্বৰক ||১৮০
জগততে কৰি আছন্তে নিৱাস
জগতো তান্তে বসয় |
এতেকেসে তাঙ্ক বুলি বাসুদেৱ
নামৰ দিব্য অন্বয় ||১৮১

শৰণ

হৰি-পদ-সেৱা নকৰে নিমিত্তে
মায়ায়ে বান্ধি ফুৰাৱে |
তাৱত মায়াক নতৰে হৰিত
শৰণ নলৱে যাৱে ||১৮২
মঞি দুৰাচাৰ কেৱলে তোহ্মাৰ
অপৰাধী নাৰায়ণ |
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ ||১৮৩
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাঞো |
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাঞো ||১৮৪
হে যদুপতি মঞি মূঢ়-মতি
নজানো সেৱা তোহ্মাৰ |
কেৱল তোহ্মাৰ চৰণ-পঙ্কজে
শৰণ কৰিলো সাৰ ||১৮৫
পুৰুষ-উত্তম পৰম-পুৰুষ
পৰম-আনন্দ স্বামী |
তযু পাদ-পদ্ম- মকৰন্দ আশে
শৰণ পশিলো আমি ||১৮৬
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন-জন তাৰণ |
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ ||১৮৭

ভজন

জয় জয় জয় কৃষ্ণ কৃপাময়
ভজিলো তোহ্মাৰ পাৱে |
তোহ্মাৰ চৰণ- পঙ্কজত মন
মজোক মোৰ স্বভাৱে ||১৮৮
জয় জয় ৰাম জগত-কাৰণ
জগত-জীৱন স্বামী |
পৰম দেৱতা জানিয়া তোহ্মাৰ
চৰণে ভজিলো আমি ||১৮৯
অনাদি অনন্ত হে ভগৱন্ত
ভজো কৰি প্ৰণিপাত |
মুকুতি-ৰসকো তেজি মহাজনে
শৰণ লৱে তোহ্মাত ||১৯০

নমস্কাৰ

নমো কৃষ্ণদেৱ পাপী বুলি কেৱ
মোকো মোৰ নোবোলয় |
পতিত-পাৱন জানিয়া তোহ্মাত
আপুনি গৈলো বিক্ৰম ||১৯১
নমো হৰি-পদ- পঙ্কজ যুগল
বিমল সুখ সাগৰ |
অনাদি অনন্ত সন্ত সদাশিৱ
ভগৱন্ত ভৱ-হৰ ||১৯২
মোহ মায়া ৰাগ মদ মল কাম
দম্ভ দ্বেষ আদি ভাৱ |
যি গুৰুজনত ইসৱ নথাকে
প্ৰণামো তাহানে পাৱ ||১৯৩
জয় যদুপতি গোপাল গোৱিন্দ
যাদৱ মাধৱ ৰাম |
ভকতৰ ধন জীৱৰ জীৱন
কৰোহো পাৱে প্ৰণাম ||১৯৪
নমো নিত্যানন্দ জগত-কাৰণ
বাসুদেৱ ভগৱন্ত |
নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ
পুৰুষ প্ৰভু অনন্ত ||১৯৫
ৰাম নিৰঞ্জন দানৱ-গঞ্জন
ভকৰ-ৰঞ্জন দেৱ |
তুমিসি পৰম গুৰু নাৰায়ণ
তুৱা পাৱে কৰো সেৱ ||১৯৬

উপদেশ

ৰাম-কৃষ্ণ-নাম ধৰ্ম্ম অনুপাম
সদায় যিটো সুমৰে |
যত মহাপাপ নাম অপৰাধ
সৱে মষিমূৰ কৰে ||১৯৭
ঘোৰ সংসাৰৰ ঔষধ হৰিৰ
তেজিয়া নাম সম্প্ৰতি |
আৱৰ কমন উপায়ে পণ্ডিতে
লভিবে আপুন গতি ||১৯৮
মোৰ ভক্তি-যুক্ত যোগীৰো জানিবা
মোতেসে চিত্ত যাহাৰ |
জ্ঞান কৰ্ম্ম বিনে কেৱল ভক্তিত
পাৱয় সংসাৰ-পাৰ ||১৯৯
কেৱল ভকতি পুৰুষত তাৰে
সহায় কাকো নচাৱে |
জ্ঞানে কৰ্ম্মে তাৱে তাৰিতে নপাৰে
ভকতি নপাৱে যাৱে ||২০০
দুষ্ট কলি-সৰ্পে সৱাকো দংশিলে
হৰাইল চেতন জ্ঞান |
ইহাৰ ঔষধ শুধা ৰাম-নাম
বিনে নাহি নাহি আন ||২০১
সকলে পুণ্যৰ অবিনাশী ফল
হৰি-গুণ-নাম সাৰ |
হৰিক সন্তোষ কৰাইবাৰ হেতু
নাম বিনে নাহি আৰ ||২০২
বেদে ৰামায়ণে পুৰাণে ভাৰতে
আদি মধ্য অৱসানে |
হৰিকেসে মাত্ৰ কহৱে নিশ্চয়
জানা তথ্য এহিমানে ||২০৩
সত্য অসত্যৰ জড় চৈতন্যৰ
মাজত যিটো প্ৰকাশে |
তাকে বুলি মন সেহি সিটো পাৱে
যিজনে যাক উপাসে ||২০৪
মায়া আদি কৰি সমস্তে অসন্ত
জানিবা জড় নিশ্চয় |
হৰি মাত্ৰ সন্ত চৈতন্য ঈশ্বৰ
পৰম তত্ত্ব নিৰ্ণয় ||২০৫
বাসুদেৱ বাসু- দেৱ বাসুদেৱ
বুলিয়া যিটো সুমৰে |
সিটো পুৰুষৰ জানা যম ৰাজা
লিখন মাৰ্জ্জন কৰে ||২০৬
দিব্য সহস্ৰেক নাম তিনিবাৰ
পড়ি যাৱে যত ফল |
একেবাৰ কৃষ্ণ- নাম উচ্চাৰিলে
পাৱয় তাক সকল ||২০৭
যতেক অনৰ্থ আছে সংসাৰত
তাতে তিনি বিধ সাৰ |
কাম ক্ৰোধ লোভ আঔন-নাশন
জানি কৰা পৰিহাৰ ||২০৮
আত্মা-নাশ-হেতু কাম ক্ৰোধ লোভ
নৰকৰ তিনি দ্বাৰ |
জানি আক তেজি কেৱলে কৃষ্ণৰ
ভকতিৰ কৰা সাৰ ||২০৯
কাম ক্ৰোধ লোভ তেজি যিটো জনে
ভজয় কৃষ্ণৰ পাৱে |
কৃষ্ণৰ কৃপাত হোৱয় কৃতাৰ্থ
সুখে মুকুতিক পাৱে ||২১০
কৃষ্ণকেসে মাত্ৰ ভজে যিটোজনে
অব্যভিচাৰী ভকতি |
তিনি গুণ অতি- ক্ৰমি ব্ৰহ্ম-ৰূপ
পাৱে সিটো মহামতি ||২১১
তিনি-গুণময় যত জ্ঞান কৰ্ম্ম
কেৱল বন্ধ-কাৰণ |
জানি তাম তেজি একান্ত ভকতি
ভজিয়ো কৃষ্ণ চৰণ ||২১২
ৰজোগুণ তমো- গুণ যত বৃত্তি
কেৱলে আসুৰী ভাৱ |
শুধ সত্ত্ব বৃত্তি দেৱৰ সম্পত্তি
লৈয়া ভজা কৃষ্ণ পাৱ ||২১৩
মহন্তৰ সঙ্গে হৰি-কথা-ৰসে
মনক জিনিয়া ভাই |
মায়াক তৰিয়া হৰিক পাইবাৰ
উপায় আৱৰ নাই ||২১৪
হৰি-গুণ-নাম- শ্ৰৱণ কীৰ্ত্তনে
ভজিয়ো হৰি চৰণ |
মনুষ্য হুইবাৰ এহিমানে মাত্ৰ
জানা নিজ প্ৰয়োজন ||২১৫
যাহাৰ জিহ্বাত থাকয় সততে
হৰিৰ নাম মঙ্গল |
সেহিসে মহন্ত তাহাৰসে মাত্ৰ
সিজয় ধৰ্ম্ম সকল ||২১৬
সমস্তে শাস্ত্ৰৰ তত্ত্বক জানিয়া
নেৰয় নাম মুখত |
সিটো মহাজনে অপ্ৰয়াসে তৰে
সংসাৰ ঘোৰ-দুখত ||২১৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই
তেজিয়া লাজ আলাস |
শাস্ত্ৰ আচাৰ্য্যক উপাসা কৰিয়া
বাসনা কৰা বিনাশ ||২১৮
হৰিৰ কীৰ্ত্তন যিজনে নকৰে
তাত পৰে নাহি দুখী |
হৰি-গুণ-নাম সন্তোষ-অমৃত
পিয়ে যিটো মহা সুখী ||২১৯
হৰিসে চৈতন্য আত্মা জ্ঞানময়
আৱৰ সমস্তে জড় |
বেদ বেদান্তৰ সমস্তে শাস্ত্ৰৰ
এহিসে বিচাৰ বৰ ||২২০
দেৱৰো দুৰ্ল্লভ ঈশ্বৰ কৃষ্ণক
ভকতিসি কৰে বশ্য |
আগম নিগম গীতা ভাগৱত
শাস্ত্ৰৰ এহি ৰহস্য ||২২১
যম কাল মায়া মৃত্যুৱে বেড়িয়া
আছে বাঘজালি কৰি |
হেনয় জীৱক কোনে তৰিবেক
বিনে কৃপাময় হৰি ||২২২
পাপ-সাগৰত তল নিয়াইলেক
বলে কলি দুৰাচাৰ |
ৰাম-নাম বিনে পাপ এৰাইবাৰ
উপাই নাহিকে আৰ ||২২৩
হৰিত শৰণ লৈয়া যিটোজনে
সদা ৰাম-নাম গাৱে |
হোক বা সকাম নিষ্কাম তথাপি
কলিৰ দোষে নপাৱে ||২২৪
হৰি-গুণ-নাম আনন্দ-সাগৰে
মজায়ো মন নিপুণ |
সুখে সংসাৰৰ তাপ এৰাইবাহা
নছাৰিবা হৰি-গুণ ||২২৫
সদায়ে ভাবিয়ো ৰাম নাৰায়ণ
আলাস কেনে কৰস |
মুখ মাঝে হৰি- নামৰ নিৱাস
ভুলিয়া কেনে মৰস ||২২৬
গোপাল গোপাল গোপাল গোপাল
গোপাল গোবিন্দ হৰি |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
বুলিয়ো আনন্দ কৰি ||২২৭
শীঘিৰ কৰিয়া বোলা ৰাম হৰি
বিলম্ব নকৰ ভাই |
কোননো নায়ক যমৰ দায়ক
হৰিক সুহৃদ পাই ||২২৮
নমো নিৰঞ্জন দানৱ-গঞ্জন
ভকত-ৰঞ্জন ৰাম |
গোপাল গোৱিন্দ মুকুন্দ মুৰাৰি
বোলা ভাই অবিশ্ৰাম ||২২৯
হৰি-পদে ধৰ অন্যায় নকৰ
দুৰ্জ্জন মন পামৰ |
সাক্ষী হুয়া হৰি হিয়াৰ ভিতৰে
আছা দেৱ দণ্ডধৰ ||২৩০
সদা ৰাম কৃষ্ণ হৰি বোল ভাই
তেজিয়া মনে কপট |
হৰিৰ তলপ লৈয়া যম-দূতে
চাপিয়া আছে নিকট ||২৩১
ৰাম কৃষ্ণ ৰাম হৰি বোলা ভাই
নামে নকৰিয়ো হেলা |
হৰিৰ নামৰ মাজত সমস্তে
ভকতি-সুখৰ মেলা ||২৩২
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ভাবিয়ো ভাৱক ভাই |
ৰাম কৃষ্ণ হৰি গোপাল বুলিয়া
বঞ্চিয়ো যমৰ দায় ||২৩৩
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি ৰাম |
ৰাম কৃষ্ণ হৰি বুলিয়া তেজিয়ো
ধৰ্ম্ম অৰ্থ মোক্ষ কাম ||২৩৪
অজ্ঞান-আন্ধাৰে পৰিয়া জীৱৰ
জ্ঞান-পথ ভৈল নাশ |
নাম-অঞ্জনীয়া বিনে আনমতে
নপাৱে হৰিৰ পাশ ||২৩৫
ৰাম-কৃষ্ণ-নাম অমৃত সাগৰে
যিটোজনে কৰে কেলি |
তৃণ সম কৰি সিটো মহাজনে
মুকুতিকো থাৱে ঠেলি ||২৩৬
হৰি-পদ-মহা- থালী ৰাম-নাম
অমৃতে আছে ভৰিয়া |
কপট ঢাকন ভাঙ্গি আৱে ভাই
সন্তোষ হুয়োক পিয়া ||২৩৭
মহন্তসৱৰ সঙ্গে ৰাম-নাম
লৈয়ো অঞ্জনীয়া কৰি |
কপট দুৱাৰ চুৰিয়া হৃদয়
ভাণ্ডাৰে দেখিয়ো হৰি ||২৩৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
ৰাম কৃষ্ণ ৰাম হৰি |
আলাস তেজিয়া ভজিয়ো হৰিক
জানি এক মন কৰি ||২৩৯
মহন্তৰ সঙ্গে সদায় মুখত
নছাৰিবা ৰাম-বাণী |
তেৱেসে চঞ্চল দুৰাচাৰ মন
হৈবে আসি একাজানি ||২৪০
বোল ৰাম হৰি গোপাল গোৱিন্দ
মুকুন্দ যদু মুৰাৰী |
নিত্য নিৰঞ্জন যাৰ এক নামে
ভৱ তৰিবাকে পাৰি ||২৪১
ৰাম কৃষ্ণ হৰি বোল শুন ভাই
অন্যায় নকৰো মনে |
চৈধ্য সাক্ষী সমে যমেৰ দেৱান
দেখিয়োক সৰ্ব্বক্ষণে ||২৪২
ভজিয়ো হৰিৰ চৰণ-পঙ্কজে
তেজিয়ো অনত্ৰ কাম |
সমস্তে ধৰ্ম্মৰ ফল-ৰূপ জানি
নেৰিবা হৰিৰ নাম ||২৪৩
পিয়ু পিয়ু ভাই ভাৱকসকল
হৰি-নাম ৰস-সাৰ |
যাক পায়া মহা- মহন্ত কৰয়
মুকুতিকো পৰিহাৰ ||২৪৪
শুনিয়ো সজ্জন ভজা নাৰায়ণ
এৰিয়া বিষয়-ৰাগ |
হৰি নুসুমৰে আনসে আচৰে
সেহিসে যমেৰ ভাগ ||২৪৫
গোপাল গোৱিন্দ মুকুন্দ শ্ৰীৰাম
জয় সনাতন হৰি |
নিগম-নিগূঢ় হৰিৰ নামক
লৈয়োক যতন কৰি ||২৪৬
কৰ কোন কাম বোল ৰাম ৰাম
তেজিয়ো মুখে আলাস |
ভকতৰ সঙ্গে হৰি গুণ গাই
বৈকুণ্ঠে কৰিয়ো বাস ||২৪৭
আন যত ধৰ্ম্ম হৰিৰ নামৰ
ৰেণুকো নোহে সমান |
হেন হৰি-নাম অমৃত-সাগৰে
সন্তোষে কৰিয়ো পান ||২৪৮
হৰিক আশ্ৰয় জানিবা নিশ্চয়
সুখৰ মূল কাৰণ |
হৰিত বিমুখ দুখৰ কাৰণ
জানিবা নিষ্ট বচন ||২৪৯
বিধিৰ কিঙ্কৰ যতেক সাধন
তাক পাশ কৰি থৈয়ো |
বিধিৰ ঈশ্বৰ হৰি-নাম-গুণ
তাহাতে শৰণ লৈয়ো ||২৫০
মুকুতসকলো গাৱে ৰাম-নাম
ৰসত অধিক জানি |
মৃত্যুৰ মুখত পৰি ৰাম-নাম
নলৈবেক কোন প্ৰাণী ||২৫১
ৰাম-নাম বিনে মৃত্যু এৰাইবাৰ
আৱৰ উপাই নাই |
মৃত্যু তৰিবাৰ ইচ্ছা আছে যাৰ
ফুৰা হৰি-গুণ গাই ||২৫২
শাস্ত্ৰ-গুৰু-উপ- দেশে শিষ্যসৱে
ঈশ্বৰক নেদেখয় |
বুদ্ধিত সত্ত্বস্থ কৰিয়া আপুন
আত্মাক দেখে নিশ্চয় ||২৫৩
শাস্ত্ৰ-গুৰু-উপ- দেশ-ক্ৰম ৰাম
ব্যৱস্থা মাত্ৰ পালন |
কেৱলে শিষ্যৰ শুধ বুদ্ধি মাত্ৰ
জ্ঞানৰ হোৱে কাৰণ ||২৫৪
গুৰু-উপদেশ লব্ধ শিষ্যসৱে
উপদেশ সাৰ ধৰা |
যেৱে ঈশ্বৰক পাইবা যত্ন কৰি
বুদ্ধিক সত্ত্বস্ত কৰা ||২৫৫
শাস্ত্ৰ-গুৰুসৱে শিষ্যক কৃপায়ে
শুধ উপদেশ দিব |
শিষ্যসৱে শুধ- ভাৱে নধৰিলে
তাৰাসৱে কি কৰিব ||২৫৬
যেৱে শিষ্যসৱে মহা শুধভাৱে
উপদেশ আচৰয় |
শাস্ত্ৰ গুৰু আপু- নাকো সিটো শিষ্যে
তিনিকো ৰক্ষা কৰয় ||২৫৭
হৃদয়-তম্ভত কৃষ্ণ-চৰণত
প্ৰেম-জৰী দিয়া ছান্দা |
পৰম সুদৃঢ় ৰাম-কৃষ্ণ-নাম
কৱচ গলত বান্ধা ||২৫৮
ৰাম-কৃষ্ণ-নাম অভেদ কৱচ
সদায়ে যিটো পিন্ধয় |
তিনি গুণ-বৃত্তি অস্ত্ৰৰ প্ৰহাৰে
তাক আৰ নিবিন্ধয় ||২৫৯
হিৰণ্যকশিপু প্ৰহ্লাদ পুত্ৰক
নানান দুৰ্গতি দিল |
হৰি-নাম-মহা- কৱচ-প্ৰভাৱে
তান নোম নলৰিল ||২৬০
একান্ত শৰণে যিটো নাম লৱে
ফুৰা হৰি তাঙ্ক ৰাখি |
ইহাত যদ্যপি সঞ্জাত নাযাবা
লৈয়ো প্ৰহ্লাদত সাক্ষী ||২৬১
জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম
যিজনে ফুৰে সুমৰি |
তাক মোৰ বুলি হাতে অস্ত্ৰ তুলি
ৰাখিয়া ফুৰন্ত হৰি ||২৬২
গ্ৰাহ-গ্ৰস্ত হুয়া গজেন্দ্ৰে শৰণ
লৈলা ত্ৰাহি হৰি বুলি |
তাহাঙ্ক তেখনে ৰাখিলন্ত আসি
হাতে হৰি চক্ৰ তুলি ||২৬৩
কাল-গ্ৰাহে ধৰি আহ্মাকো গিলয়
চেতন নাহিকে মনে |
ত্ৰাহি হৰি বুলি পশিলো শৰণে
অভয় হৰি-চৰণে ||২৬৪
ভৃত্য-ভয়-হাৰী অপৰ দেৱতা
নাহি হৰি সমসৰ |
প্ৰপন্নজনৰ জানিবাহা হৰি
বজ্ৰৰ যেন পঞ্জৰ ||২৬৫
হৰিৰ সেৱাত প্ৰয়াস নাহিকে
জানিবা নিশ্চয় কৰি |
নাম মাত্ৰ লৈলে হোৱন্ত প্ৰসন্ন
কিনো কৃপাময় হৰি ||২৬৬
শুনিয়ো চতুৰ মহন্তসকল
ফুৰা হৰি গুণ গাই |
দুৰ্ঘোৰ কলিত হৰি-নাম বিনে
গতি আনমতে নাই ||২৬৭
ঘোৰ কলি-যুগে যত ধৰ্ম্ম-কৰ্ম্ম
সৱে কৰিলেক দূৰ |
যিজনে কেৱলে হৰি-নাম লৱে
পুৰুষ সিসি চতুৰ ||২৬৮
বিষয়-সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ
সমস্ত যোনিতে পাই |
পৰম দুৰ্ল্লভ হৰিৰ ভকতি
মনুষ্যত পৰে নাই ||২৬৯
মনুষ্য জনম লভিবাৰ ফল
হৰিৰ কীৰ্ত্তন মাত্ৰ |
হৰিৰ কীৰ্ত্তন কৰি মহাসুখে
হোৱে ভকতিৰ পাত্ৰ ||২৭০
হৰি-গুণ-নাম- শ্ৰৱন কীৰ্ত্তনে
কৰয় চিত্ত নিৰ্ম্মল |
হৰিৰ চৰণে কেৱলে ভকতি
লভিবাহা সুমঙ্গল ||২৭১

খেদ

কাল-গ্ৰস্ত হুয়া ভৈলো অচেতন
বয়স গোৱাইলো হেলে |
বান্ধৱ কৃষ্ণৰ নামক নলৈলো
হৰি ভকতৰ মেলে ||২৭২
তুমি নিত্য নিৰ- ঞ্জন নাৰায়ণ
আমিও অংশ তোমাৰ |
তযু সেৱা-চোৰ পায়া মহামায়া
মুহিলে মন আমাৰ ||২৭৩
কিনো অপৰাধ কৰি আছো আমি
মাধৱ বান্ধৱ প্ৰাণ |
নাম ধৰি ডাকো হিয়াত থাকিয়া
কেনে নেদা সমিধান ||২৭৪

নিন্দা

মহন্তসৱৰ কেৱলে জীৱন
হৰিৰ নাম মঙ্গল |
হেন হৰি-নাম নলৈয়া কলিত
কৰিলে জন্ম বিফল ||২৭৫
হৰিৰ পৰম প্ৰিয়তম নাহি
নিজ ভকতত পৰে |
হেন ভকতক যিজনে নিন্দয়
হৰিকেসে নিন্দা কৰে ||২৭৬
হৰি-ভকতৰ দায় নধৰয়
যম কাল আৰ কলি |
ইসৱ কথাক যিটো নমানয়
তিনিও কৰিয়া বলী ||২৭৭
হৰি-ভকতৰ ছিদ্ৰক নধৰে
দুষ্ট-শিৰোমণি কলি |
হেন ভকতৰ কিঞ্চিতো ছিদ্ৰক
সজ্জনে থাকে আকলি ||২৭৮
হৰিৰ চৰণ সদা আৰাধন্ত
ব্ৰহ্ম হৰ পুৰন্দৰ |
হেন হৰি-পদে শৰণ নলৱে
কোন বুদ্ধি-হীন নৰ ||২৭৯
মৃত্যুৰ মুখত সদায়ে পৰিয়া
আছয় যিসৱ নৰে |
সিটো নিদাৰুণে হৰি-গুণ-নাম
কীৰ্ত্তন কেনে নকৰে ||২৮০
ভৰত ভূমিত জনম লভিয়া
নভজে হৰি-চৰণে |
সিটো জ্ঞান-শূন্য পশুতো অধম
জনম লভিল কেনে ||২৮১
মুকুতি-সুখকো তেজি মহাজনে
সদা ৰাম-নাম ধৰে |
হেন হৰি-নাম সুখক তেজিয়া
কুমতি মনুষ্য মৰে ||২৮২
মুকুতি-সুখক তেজি মহাজনে
ৰাম-নামে কৰে আশা |
হেন হৰি-নাম নলৈয়া কেমনে
মৰে মলমতি নাশা ||২৮৩
মুখ ভৰি ভৰি বোল ৰাম হৰি
অক্ষয় পুণ্যক সাঞ্চা |
ৰাম নাভাবিয়া আন আচৰিয়া
কেনে আপুনাক বাঞ্চা ||২৮৪
হৰি-কীৰ্ত্তনৰ সময়ে যিজনে
থাকে আন কথা পাতি |
অন্তকালে নিয়া যম-দূতে ধৰি
কৰে তাক উগ্ৰ শাস্তি ||২৮৫
বেদৰ ৰহস্য হৰিৰ কীৰ্ত্তন
নুশুনিলে সাৱধানে |
যমৰ কিঙ্কৰে তপত শলাক
বাহাৱে তাহাৰ কাণে ||২৮৬
আনন্দ-সমুদ্ৰ হৰিৰ-কীৰ্ত্তনে
যিটোজনে নেদে চিত্ত |
সিটো মূঢ়মতি হৰিৰ দুৰ্ল্লভ
প্ৰসাদে ভৈল বঞ্চিত ||২৮৭
মুকুতসকলো হৰিৰ কীৰ্ত্তনে
কৰন্ত সদায় ৰতি |
হেন কীৰ্ত্তনত যিটো চিত্ত নেদে
যাইবে সিটো অধোগতি ||২৮৮
কলিত জনম লভিয়া হৰিৰ
নামত নকৰে ৰতি |
সিটো মূঢ়মতি আন কেনমতে
সাধিবে আপুন গতি ||২৮৯
শবদ-ব্ৰহ্মৰ পাৰ ভৈল যিটো
কৃষ্ণত ভকতি নাই |
তাৰ শাস্ত্ৰ-শ্ৰম শ্ৰমে মাত্ৰ ফল
যেন ৰাখে বাজী গাই ||২৯০
ৰাজা-প্ৰজা জানি- লেক ভক্তি-পন্থ
শঙ্কৰৰ মত শুদ্ধ |
সিটো মত লাড়ি আন আচৰয়
পৰম সিটো মুগুধ ||২৯১
আপুনি পণ্ডিত নুহি মহন্তক
নুপাসিলে কদাচিত |
তথাপিতো গুৰু বোলাৱে কৃষ্ণৰ
মায়ায়ে হুয়া মোহিত ||২৯২
নজানে শাস্ত্ৰক শিষ্যৰ সংশয়
নপাৰে দূৰ কৰিত |
তাৰ উপদেশে আন নতৰয়
আপুনো ভৈল বঞ্চিত ||২৯৩
শাস্ত্ৰ-মত এৰি যি কথা কহয়
কেৱলে পাষণ্ড-নয় |
আছোক কৃষ্ণক পাইবে কদাচিত
নুগুচে সংসাৰ-ভয় ||২৯৪
অন্ন যোনি কিছো নকৰে বিচাৰ
জাতি-কুল ভৈল ভ্ৰষ্ট |
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
বেদ-পন্থ কৰি নষ্ট ||২৯৫
হৰি হৰি হৰি কিনো ভৈলা আতি
কৃষ্ণৰ মায়াৰ বল |
হৰি-ভকতিৰ পন্থত কপট
পাতিলেক অমঙ্গল ||২৯৬
শাস্ত্ৰৰ বিচাৰে নজানে ভকতি
পৰমাৰ্থ মতি-মূঢ় |
হৰি-কথা-ছলে কৰ্ণত কুমন্ত্ৰ
কহৱে কৰিয়া গূঢ় ||২৯৭
চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ
জানিয়া যিটো নভজে |
এহি পাপে নিজ- ধৰ্ম্ম-ভ্ৰষ্ট হুয়া
ঘোৰ নৰকত মজে ||২৯৮
হৰিৰ চৰণ নভজি নকৰে
আপুন দুখ খণ্ডিত |
পৰমাৰ্থ-তত্ত্ব বিচাৰি কহিয়ো
কেমনে সিটো পণ্ডিত ||২৯৯
আপুন জনম ভাৰত ভূমিত
লভিলেক যিটো নৰ |
হৰিক নভজি কৰিলে বিফল
সিটো শোচ্য সমস্তৰ ||৩০০
হৰিৰ চৰণ নভজি কেৱলে
পোষে পুত্ৰ ভাৰ্য্যা মাত্ৰ |
যম ৰাজা বুলি- লন্ত সেহিজন
যম-যাতনাৰ পাত্ৰ ||৩০১
হৰিৰ চৰণ নিচিন্তি চিন্তয়
বিষয়ক দিনে ৰাতি |
শাস্ত্ৰৰ সন্মতে জানা সেহিজন
ভৈল নিজ আত্মাঘাতী ||৩০২

প্ৰাৰ্থনা

তুমি সৰ্ব্বসাখী আত্মা হৃষীকেশ
জানাহা মোৰ চিত্তক |
শৰণাগতক মঞি আতুৰক
উপেক্ষা কৰা কিসক ||৩০৩
হে কৃষ্ণদেৱ মঞি আতুৰক
চৰণে কৰা উদ্ধাৰ |
তিনি তাপময় সংসাৰ-নিকাৰ
সহিতে নপাৰো আৰ ||৩০৪
বাহিৰে ভিতৰে তুমি হৰি গুৰু
আছাহা চৈতন্য-ৰূপে |
দিয়োক সুমতি তুমি বিনে গতি
নাহিকে কৈলো স্বৰূপে ||৩০৫
হৰি ও হৰি কৰুণা-সাগৰ
কৰিয়ো কৃপা আহ্মাক |
প্ৰিয়তম আত্মা সখা ইষ্ট দেৱ
মানিয়া আছো তোহ্মাক ||৩০৬
হে হৰি মোক দুৰাচাৰ বুলি
নকৰিবা পৰিহাৰ |
তুমি বিনে মহা- পতিত-পাৱন
কোন দেৱ আছে আৰ ||৩০৭
নমো নমো ৰাম কৃষ্ণ প্ৰভু দেৱ
তুমি মোৰ নিজ গতি |
হুয়োক সদয় যিমতে ৰহয়
তোহ্মাত নিৰ্ম্মল ৰতি ||৩০৮
নমো নমো কৃষ্ণ তোমাৰ ভকতি
মুকুতিতো কৰি বলে |
মোৰ তাকে মন দিয়োক শৰণ
অৰুণ-চৰণ-তলে ||৩০৯
চৰণত ধৰো কাতৰ কৰোহো
ইবাৰ নেৰিয়ো হৰি |
পতিত-পাৱন দেৱ নাৰায়ণ
নাহিকে তোহ্মাৰ সৰি ||৩১০
এ ভৱ-সাগৰে মজি নাৰায়ণ
আতুৰ ভৈলো আপাৰ |
দীন অনাথক তুমি কৃপাময়
চৰণে কৰা উদ্ধাৰ ||৩১১
হে হৰি তযু মায়ায়ে আমাক
ভাণ্ডিছে কৰি কপট |
দূৰ কৰা মায়া চাপোহো তোহ্মাৰ
চৰণ ছত্ৰ-নিকট ||৩১২
পতিত-পাৱন ৰাম নাৰায়ণ
চৰণে মোক উদ্ধাৰ |
আমি পতিতৰ পতিত-পাৱন
নামৰ পৰীক্ষা কৰা ||৩১৩
পতিত-পাৱন নাম নাৰায়ণ
প্ৰসিদ্ধ সমস্ত জনে |
আমি মহাপাপী শৰণে পশিলো
ৰাখিয়ো নিজ চৰণে ||৩১৪
হে হৰি মঞি অনাথক দায়া
কৰা হৰি একবাৰ |
কৃপা-ৰসে তিন্তি অৰুণ-বৰণ
চৰণ ভৈল তোহ্মাৰ ||৩১৫
কৃপাৰ সাগৰ দেৱকী-নন্দন
পূৰিয়ো মনৰ কাম |
ভকতৰ সঙ্গ সদা নুগুচোক
মুখে তুৱা গুণ নাম ||৩১৬
কোটি কোটি ঘোৰ অপৰাধ নিতে
কৰো আমি দুৰাশয় |
হে হৰি মোক দাস হেন মানি
ক্ষমিয়োক কৃপাময় ||৩১৭
অনাদি অনন্ত অচিন্ত্য ঈশ্বৰ
তুমিসে নিত্য নিৰ্ম্মল |
গুচায়ো কুমতি ভজোহো কেৱলে
তোহ্মাৰ পদ-কমল ||৩১৮
হে ভগৱন্ত ভজোহো তোহ্মাৰ
অভয় পদ-কমলে |
মঞি অনাথক ৰাখিয়ো ঈশ্বৰ
অৰুণ-চৰণ-তলে ||৩১৯
হে কৃষ্ণ কৃপা- ময় প্ৰভু মোক
কৰা কৃপা এহিমান |
তোহ্মাৰ চৰণে ৰহোক আহ্মাৰ
সদায় নিৰ্ম্মল জ্ঞান ||৩২০
জয় জগবন্ধু জগত-কাৰণ
নাৰায়ণ নিৰাকাৰ |
কেৱলে তোহ্মাৰ চৰণ-পঙ্কজে
ৰহোক ৰতি আহ্মাৰ ||৩২১
দীন দয়াশীল দেৱ দামোদৰ
দীনক নেৰিয়ো মোক |
হেন কৃপা কৰা তযু পাৱে মোৰ
সহজে ৰতি মিলোক ||৩২২
তোহ্মাৰ চৰণ- সেৱাৰ গোবিন্দ
নজানো একো উপায় |
যিমতে সেৱাত ৰহিবো কৰুণা
কৰিতে হৰি যুৱাই ||৩২৩
হে প্ৰাণ-হৰি দান্তে-তৃণ ধৰি
মাগোহো তোহ্মাৰ পাৱে |
মোৰ মন মজি তোহ্মাৰ পাৱত
ৰহোক হৰি স্বাভাৱে ||৩২৪
জ্বৰ তাপ পীড়া মৰণ সময়ে
কৰা হৰি কৃপা মোক |
তযু গুণ-নাম- শ্ৰবণ স্মৰণ
বচন-গোচৰ হোক ||৩২৫
গোপিনীৰ ধন ব্ৰজৰ জীৱন
মোহন ৰাম গোবিন্দ |
পৰম সাদৰে শিৰে তুলি ধৰো
তযু পদ-অৰবিন্দ ||৩২৬

নাম-মহিমা

কৃষ্ণৰ পৰম নিৰ্ম্মল চৰিত্ৰ
কথাৰ যৈত প্ৰকাশ |
গঙ্গা আদি কৰি যত তীৰ্থ আছে
তৈতেসে কৰে নিৱাস ||৩২৭
শ্ৰীৰাম-নাম ভকতজনৰ
মহাধন হীৰা বিত্ত |
সংসাৰ সাগৰে তাৰ দুৰ্গ পাৰ
শ্ৰীৰাম-নামে নিশ্চিত ||৩২৮
শ্ৰীৰাম-নাম মল-অৰণ্যৰ
বাড়ৱ অগনি সম |
শ্ৰীৰাম-নাম মনয় উত্স-ৱ
ভদ্ৰতো ভদ্ৰ উত্তম ||৩২৯
নাৰায়ণ-নাম নৰ সমস্তৰ
প্ৰসিদ্ধ চৌৰ বিশেষ |
অনেক জন্মৰ সঞ্চিত পাতেক
শ্ৰৱণে হৰে নি:শেষ ||৩৩০
ৰাম শব্দৰ ৰা পদ ভৈল
প্ৰচণ্ড বহ্নি-নিশ্চয় |
ম-বায়ু সমে অধৰ্ম্ম-অৰণ্য
দহিয়া ভস্ম কৰয় ||৩৩১
কুকথা পাষণ্ড সংবাদ বিবাদ
পৰ্ব্বত আতি নিঠুৰ |
ৰাম-কৃষ্ণ-নাম- বজ্ৰক প্ৰহাৰি
কৰা তাম মষিমুৰ ||৩৩২
অপাৰ আনন্দ ৰস ৰাম-নাম
মুখত থাকয় যাৰ |
মুকুতি-সুখকো থৱে পাশ কৰি
আন সুখ কোন ছাৰ ||৩৩৩
যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ
ভজয় পদ-কমল |
কুল উদ্ধাৰিল আপুন তৰিল
তাৰেসে জন্ম সাফল ||৩৩৪
সুদৃঢ় বিশ্বাস কৰি যিটোজনে
সদা ৰাম-নাম গাৱে |
তাক বাদ-দায় দিয়া দুষ্ট কলি
দুৰতো দূৰ পলাৱে ||৩৩৫
অলপ অক্ষৰ ৰাম-কৃষ্ণ-নাম
কোমলৰো সুকোমল |
ৰাম-কৃষ্ণ-নাম সৱাৰো সুহৃদ
মঙ্গলৰো সুমঙ্গল ||৩৩৬
মুকুতসৱৰো মনক টানিয়া
আনয় হৰিৰ গুণে |
এক-প্ৰাণ হুয়া মহন্তসকলে
গাৱয় কহয় শুনে ||৩৩৭
হৰিৰ নামৰ অনন্ত মহিমা
জানি মহাজনে গান্ত |
আপুন নামৰ মহিমাক হৰি
আপুনি অন্ত নপান্ত ||৩৩৮
হৰিৰ নামৰ অনন্ত প্ৰভাৱ
কোনে কহি পাৱে সীমা |
সংসাৰ বিনাশে হৰিকো প্ৰকাশে
নামৰ মহামহিমা ||৩৩৯
হৰিৰ নাম একোৱে বিঘিনি
নাহিকে জানা নিশ্চয় |
আন যত ধৰ্ম্ম তাহাৰো বিঘিনি
নামেসে দূৰ কৰয় ||৩৪০
ৰাম-নাম মহা প্ৰমত্ত সিংহৰ
ধ্বনি শুনি ঋণি ঋণি |
পাপময় মত্ত মাতঙ্গ পলায়
মিলিল হেৰা বিঘিনি ||৩৪১
ৰাম-কৃষ্ণ-নাম কীৰ্ত্তন বাড়ৱ-
অগনিৰ শিখা লাগি |
অসুৰ ৰাক্ষস পাষণ্ড পিশাচ
পলায় দশো দিশে ভাগি ||৩৪২
জয় জগজীৱ জগত-কাৰণ
জয়তি জগনিৱাস |
তোহ্মাৰ ভকতি- ৰসে মুকুতিকো
কৰে বহু পৰিহাস ||৩৪৩
কৃষ্ণ-নাম ইটো পৰম মঙ্গল
যাহাৰ থাকে বাক্যত |
সিটো পুৰুষৰ ভস্ম হুয়া যায়
মহাপাপ কোটি শত ||৩৪৪
পৰম উজ্জল হৰি-নাম-ৰত্ন
কণ্ঠত যিটো পিন্ধয় |
তাহাৰ পুৰুষ যতেক আছয়
সৱাকো শোভা কৰয় ||৩৪৫
পৰম প্ৰশান্ত নাৰায়ণ-পৰ
মুক্তৰো মাজে বিৰল |
এহিমানে মাত্ৰ পুৰুষাৰ্থ-সাৰ
হৰিৰ সেৱাৰ বল ||৩৪৬
ধৰ্ম্মে পৃথিৱীৰ আগত কহিলা
মহাভাগৱত-ধৰ্ম্ম |
মুকুতি-সুখৰ কেৱল আশ্ৰয়
জানা মাধৱৰ কৰ্ম্ম ||৩৪৭
কৃষ্ণ-গুণ-নাম- ধৰ্ম্মেসে পৰম
মঙ্গলৰো সুমঙ্গল |
কৃষ্ণৰ কীৰ্ত্তন- ৰসেসে কেৱলে
মুকুতি সুখৰ ফল ||৩৪৮
যিহেতু কৃষ্ণৰ কীৰ্ত্তন-ধৰ্ম্মত
নাহিকে পাত্ৰ নিয়ম |
কেৱলে কৃষ্ণৰ কীৰ্ত্তনে কৰয়
সমস্তকে নৰোত্তম ||৩৪৯
অন্যত্ৰ সাধনে কোনো বিচক্ষণ-
জনক মোক্ষ দিৱয় |
কৃষ্ণৰ জন্মৰ কৰ্ম্মৰ কীৰ্ত্তনে
মুকুতিকো বিড়ম্বয় ||৩৫০
ৰাম হেনো ইটো দুগুটি অক্ষৰ
বলৰ নাহিকে সীমা |
মুকুতি-সুখকো কৰিলে অধীন
আছোক আন মহিমা ||৩৫১
যিটো ৰুদ্ৰদেৱে পৰম লীলায়ে
জগতকে সংহৰন্ত |
ৰামৰ নামৰ তেহু হুয়া বশ্য
দিনে-ৰাত্ৰি সুমৰন্ত ||৩৫২
নাৰদ-সনত- কুমাৰ অনন্ত
শুক মুনি আদি কৰি |
মুকুতি-সুখক ঠেলি ৰাম-নাম
সদায় ফুৰে সুমৰি ||৩৫৩
ইটো ৰাম-নামে আপুনাৰ গুণে
ইশ্বৰকো কৰে বশ্য |
এতেকে জানিবা ৰাম-নাম বিনে
শাস্ত্ৰৰো নাহি ৰহস্য ||৩৫৪
চৈতন্য-ঈশ্বৰ- আদিত্য যাহাৰ
হিয়াত ভৈলা প্ৰকাশ |
কাল-মেঘ-প্ৰায় অবিদ্যা-আন্ধাৰ
তাহাৰো হোৱে বিনাশ ||৩৫৫
ভালুক বানৰ ৰাক্ষস তৰিল
ৰামত কৰিয়া সেৱ |
হেনয় পৰম কৃপালু দেৱতা
ৰাম বিনে নাহি কেৱ ||৩৫৬
নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ
কৰিলা শ্ৰীশঙ্কৰে |
শ্ৰৱণ কীৰ্ত্তন কৰি মহাসুখে
পাপীও সংসাৰ তৰে ||৩৫৭
পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰ
গুণৰ নাহিকে অন্ত |
ইহাৰ তত্ত্বক জানিবা কেৱলে
শঙ্কৰে মাত্ৰ জানন্ত ||৩৫৮

নাম

ৰাম নাম হৰি গোপাল গোৱিন্দ
মুকুন্দ যদু মুৰাৰি |
ভকতৰ ধন হৃদয়-ৰঞ্জন
ব্ৰজ-জন-অধিকাৰী ||৩৫৯
ৰাম অনন্ত প্ৰভু-ভগৱন্ত
ভকত-ভয়-ভঞ্জন |
নিত্য নিৰঞ্জন দানৱ-গঞ্জন
সজ্জন-জন-ৰঞ্জন ||৩৬০
ৰাম নাম ৰাম নাম যদুপতি
ৰাঘৱ ৰঘু-নন্দন |
অনাদি অনন্ত শিৱ সনাতন
অচ্যুত জগ-বন্দন ||৩৬১
দৈৱকী-নন্দন ৰাম নাৰায়ণ
জগত-কাৰণ ৰাম |
সৰ্ব্ব-দেৱ-শিৰো মণি নাৰায়ণ
সমস্তে সুখৰে ধাম ||৩৬২
নিৰাকাৰ নিৰা- ময় নৰোত্তম
নাৰায়ণ নিৰঞ্জন |
মুকুন্দ মুৰাৰি ভৱ-ভয়হাৰী
ভকত-জন-ৰঞ্জন ||৩৬৩
মাধৱৰ নাম বত্স–প্ৰায় ভৈল
ভক্তে তাঙ্ক লৈয়া যান্ত |
বেদৰ ঈশ্বৰ হৰি ধেনু যেন
তাৰ পাছে পাছে ধান্ত ||৩৬৪

প্ৰশংসা

তাৰাসৱে পূজ্য তাৰাসৱে ধন্য
তাৰাসে সুহৃদ জন |
কলি-যুগে হৰি আনকো বোলাৱে
আপুনো কৰে কীৰ্ত্তন ||৩৬৫
হৰিক বান্ধৱ বুলিয়া যিজনে
কৰয় হৰি-কীৰ্ত্তন |
সমস্তে শাস্ত্ৰৰ তত্ত্বক জানিলে
জানা সিসি মহাজনে ||৩৬৬
যেৱে হৰি-পদে শৰণ পশিয়া
হৰি-নাম লৱে মুখে |
হৰিৰ প্ৰসাদ পাৱয় সিজনে
মায়াকো তৰয় সুখে ||৩৬৭
ধন্য কলি-যুগ ধন্য ৰাম-নাম
ধন্য ধন্য নৰ-কায়া |
ভাগ্যহীন জনো জপি ৰাম-নাম
তৰয় দুস্তৰ মায়া ||৩৬৮
কলিৰ লোকৰ ভাগ্যৰ মহিমা
কোনে কহি পাৱে পাৰ |
হৰি-গুণ-নাম কলিৰ স্বধৰ্ম্ম
সমস্তে শাস্ত্ৰৰে সাৰ ||৩৬৯
হৰি-কথা-ৰস নিৰ্ম্মল অমৃত
যিটোজনে পান কৰে |
সংসাৰ-মধ্যত সিসিজনে মাত্ৰ
সাফল জীৱন ধৰে ||৩৭০

বস্তু-প্ৰকাশ

বৈকুণ্ঠ প্ৰকাশে হৰি-নাম-ৰসে
প্ৰেম-অমৃতৰ নদী |
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি ||৩৭১
গোৱিন্দৰ প্ৰেম অমৃতৰ নদী
বহে বৈকুণ্ঠৰপৰা |
চাৰি পুৰুষাৰ্থ তাহাৰ নিঝৰা
হৰি নামে মূল ধাৰা ||৩৭২
হৰি-ভক্তি দান দিয়া জগতকে
তাৰিলা সংসাৰ-সিন্ধু |
হেনয় কৃপালু শঙ্কৰ বিনাই
নাহি নাহি আন বন্ধু ||৩৭৩
হৰি-ভকতিৰ পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি |
ৰাম-নাম-ৰত্ন বেহায়া জগতে
চলয় বৈকুণ্ঠ পুৰী ||৩৭৪
শ্ৰীমন্ত শঙ্কৰ হৰি-ভকতৰ
জানা যেন কল্পতৰু |
তাহান্ত বিনায় নাহি নাহি নাহি
আমাৰ পৰম গুৰু ||৩৭৫

নিৱেদন

কতনো আমোষ অপৰাধ হৰি
কৰিয়া আছো প্ৰচুৰ |
বুদ্ধিত থাকিয়া নেদাহা সুবুদ্ধি
কৃপাৰ হুয়া ঠাকুৰ ||৩৭৬
যিহেতু তোমাৰ চৰণ-পঙ্কজে
নভজিলো নাৰায়ণ |
সিহেতু অনাদি অবিদ্যা আহ্মাৰ
কৰিল জ্ঞান উছন্ন ||৩৭৭
তুমি নিজ পিতৃ গুৰু ইষ্টদেৱ
নভজো তোহ্মাৰ পাৱে |
এহি দোষে মোক যম-দূতে ধৰি
যাতনা দুখ ভুঞ্জাৱে ||৩৭৮
তুমি প্ৰিয় আত্মা পৰম দেৱতা
তোমাত ভৈলো বিমুখ |
এতেকে তোহ্মাৰ মায়ায়ে আহ্মাত
দিলেক সংসাৰ-দুখ ||৩৭৯

কলি-ধৰ্ম্ম-নিৰ্ণয়

সত্যাদিৰ লোকে কলিত জনম
বাঞ্ছা কৰে নিৰন্তৰ |
হৰি-গুণ গায়া নিশ্চয়ে কলিত
হৈব নাৰায়ণ-পৰ ||৩৮০
ঘোৰ কলি-যুগে পাইলে সৰ্ব্ব ধৰ্ম্ম
বৰ্জ্জিত ভৈল নিশ্চল |
নাৰায়ণ-পৰ ভৈলে কৃতকৃত্য
হোৱয় নাহি সংশয় ||৩৮১
হৰি-গুণ-নাম কীৰ্ত্তনে কলিৰ
কল্মষ কৰে বিনাশ |
অনায়াসে ঘোৰ সংসাৰ তৰিয়া
পাৱয় কৃষ্ণৰ পাশ ||৩৮২
সমস্তে শাস্ত্ৰৰ পৰম নিণাত
হৰি-গুণ-নাম মাত্ৰ |
কলিৰ পৰম মলিন মনুষ্যে
সিধৰ্ম্মৰো ভৈল পাত্ৰ ||৩৮৩
কলিৰ লোকক পৰম কৃপালু
কৃষ্ণে কৰিলন্ত দয়া |
মোৰ নাম-গুণ গায়া মহাসুখে
তৰোক দূৰ্ঘোৰ মায়া ||৩৮৪
কলিৰ মনুষ্য ভৈল ধৰ্ম্ম-হীন
পাপ-সাগৰত মজি |
হেন পাপীসৱো কৃষ্ণ-গুণ গায়া
তৰয় কৃষ্ণক ভজি ||৩৮৫
কলিৰ লোকৰ যি ভাগ্য মিলিল
কহিয়া অন্ত নপায় |
নিৰন্তৰে লোক নাৰায়ণ-পৰ
হৈবে হৰি-গুণ গাই ||৩৮৬
মুকুত কোটিৰ মাজত দুৰ্ল্লভ
জানা নাৰায়ণ-পৰ |
কলি-যুগ হেন নাৰায়ণ-পৰ
হৈৱে লোক নিৰন্তৰ ||৩৮৭
কলিৰ হৰিৰ কীৰ্ত্তনত সুখে
সৰ্ব্ব পুৰুষাৰ্থ পাই |
হৰিৰ কীৰ্ত্তন বিনায়ে কলিত
আন মহালাভ নাই ||৩৮৮
কলিৰ মলত মজিলো গোবিন্দ
গতি মোৰ নাহি আন |
তোহ্মাৰ নামক কৰিলো আশ্ৰয়
জানিয়া ধৰ্ম্ম প্ৰধান ||৩৮৯

হৰবাৰ

চৈতন্য আদিত্য হৃদয়-আকাশে
সৰ্ব্বদায়ে প্ৰকাশয় |
উদয়াস্ত নাহি সন্ধ্যা উপাসনা
কৰিবো কোন সময় ||৩৯০
যিহেতু গোৱিন্দ নিজ-যশ-প্ৰিয়
ভকত-বত্সনল হৰি |
সিহেতু সদায় নাম-গুণ শুনি
থাকন্ত আনন্দ কৰি ||৩৯১
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি যশ
জগত-পাৱনকাৰী |
তাতেসে আপুন যশত সন্তোষ
ঈশ্বৰ প্ৰভু মুৰাৰী ||৩৯২

কৃষ্ণৰ পুৰুষ-লক্ষণ

ইশ্বৰ কৃষ্ণৰ শুনিয়োক মহা-
পুৰুষ-লক্ষণ সাৰ |
ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ
উন্নত ছয় প্ৰকাৰ ||৩৯৩
গগন গম্ভীৰ বচন গম্ভীৰ
গম্ভীৰ নাভি-কমল |
এহি ত্ৰিগম্ভীৰ- স্মৰণে কৃষ্ণৰ
মিলয় মহামঙ্গল ||৩৯৪
অৰুণ নয়ন অধৰ দশন
অৰুণ কৰ চৰণ |
নখ-ৰেখাচয় অৰুণ কৃষ্ণৰ
স্মৰণে দুখ-তৰণ ||৩৯৫
সুদীৰ্ঘ নয়ন গ্ৰীৱা বাহু পদ
আৱৰ অঙ্গুলিচয় |
এহি পঞ্চ-দীৰ্ঘ স্মৰণে কৃষ্ণৰ
মিলে মহামহোদয় ||৩৯৬
কন্ধ উন্নত ভ্ৰূৱ নাসা পদ
উন্নত নখ হৃদয় |
এহি ছয় থান উন্নত কৃষ্ণৰ
স্মৰণে মোক্ষ মিলয় ||৩৯৭

যুগ-ধৰ্ম্ম-নিৰ্ণয়

মিনতি বচন বোলো সৰ্ব্বজনে
শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম |
আপুন কুশল চাৱা যেৱে তেৱে
নেৰিবাহা যুগ-ধৰ্ম্ম ||৩৯৮
সত্য-যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ
দ্বাপৰ-যুগত পূজা |
কলিত হৰিৰ কীৰ্ত্তন বিনাই
আৱৰ নাহিকে দুজা ||৩৯৯
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
অন্যত্ৰ ধৰ্ম্ম আচৰে |
মিছাত কেৱল শ্ৰম মাত্ৰ পাৱে
একোৱে ফল নধৰে ||৪০০
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
আনমতে চাহে গতি |
যেন কুল-বধূ নিজ স্বামী তেজি
ভজে গৈয়া উপপতি ||৪০১
সংসাৰ তৰিতে ইছা আছে যাৰ
কৰিয়ো হৰি কীৰ্ত্তন |
পৰম নিৰ্ম্মল গতি পাইবা সুখে
ছিণ্ডিয়া কৰ্ম্ম-বন্ধন ||৪০২
সকল নিগম কল্পতৰু তাৰ
ফল মহাভাগৱত |
সেহি ফলৰস হৰি-গুণ-যশ
পিয়োক সাধু-সঙ্গত ||৪০৩
পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰে
লোকক কৰিয়া দায়া |
হৰিৰ নিৰ্ম্মল ভকতি প্ৰকাশে
কৰিলা শাস্ত্ৰক চায়া ||৪০৪

পদ || ঘোষা ||

ঈশ্বৰ নিৰ্ণয়

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ |
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ ||৪০৫

শৰণ

হে কৃষ্ণ তযু পাৱে পশিলো শৰণ |
মই অনাথৰ নাথ তুমি নাৰায়ণ ||৪০৬

ভজন

নাৰায়ণ হৰি ৰাম গোপাল গোৱিন্দ |
ভজোহো তোগ্মাৰ দুই পদ-অৰবিন্দ ||৪০৭

নমস্কাৰ

নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম |
সৰ্ব্ব-ধৰ্ম্ম-শিৰোমণি তুৱা গুণ-নাম ||৪০৮
বন্দোহো গোৱিন্দ ৰাম মুকুন্দ মাধৱ |
যাক সুমৰণে তৰি পাপ-পৰাভৱ ||৪০৯
নমো কি নমো ৰাম নমো নাৰায়ণ |
অনাদি অনন্ত সন্ত শিৱ সনাতন ||৪১০
হয় নমো নাৰায়ণ দৈৱকী-নন্দন |
পৰমপুৰুষ সদাশিৱ সনাতন ||৪১১

উপদেশ

হৰি বোল হৰি বোল কৰি মন থিৰ |
তেৱেসে সাফল হোৱে মনুষ্য-শৰীৰ ||৪১২
হৰি-গুণ গাৱ ভাই কৰিয়া উত্সৰৱ |
গুণতেসে তুষ্ট গুণ-লুবুধ মাধৱ ||৪১৩
আনন্দ কৰিয়া হৰি-গুণ গাৱা যেৱে |
ভৱ-সিন্ধু তৰিয়া হৰিক পাইবা তেৱে ||৪১৪
হৰি-গুণ গাৱ ভাই আনন্দ কৰি মনে |
চিন্তামনি-তনু ভাই বিফল কৰ কেনে ||৪১৫
আন পৰিহৰিয়া হৰিক মনে ধৰা |
হৰি-গুণ গায়া ভাই জন্ম সফল কৰা ||৪১৬
লৈয়ো হৰি-নাম সাতে-পাঞ্চে হুয়া সাজু |
আপুন-হুৰে পলাইবেক কাল-মায়া-বাঝু ||৪১৭
চেতন লভিয়া ভাই ভজিয়ো হৰিক |
আন পৰিহৰি হুয়ো ভকতি-ৰসিক ||৪১৮
লৈয়ো হৰি-নাম-গুণ বিঘিনি-বিহীন |
আনন্দে ভাবিয়ো ৰাম কিবা ৰাত্ৰি দিন ||৪১৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই মুখে |
ৰাম কৃষ্ণ সুমৰি বসিয়া থাক সুখে ||৪২০
ৰাম কৃষ্ণ হৰি বোল তেজি ভয় লাজ |
হৈবন্ত বেকত হৰি হৃদয়ৰ মাজ ||৪২১
যিটো ৰাম কৃষ্ণ হৰি বোলয় সৰ্ব্বথা |
তাৰ সঙ্গ তেজি হৰি যাইব আৰ কথা ||৪২২
ৰাম কৃষ্ণ বোল ভাই ৰাম কৃষ্ণ বোল |
কৌটি কৌটি ব্ৰহ্মাণ্ডে নামৰ নোহে মোল ||৪২৩
ৰাম কৃষ্ণ ভাবিতে ছুটয় কাল-পাশ |
সদা ৰাম কৃষ্ণ বোল তেজিয়া আলাস ||৪২৪
হৰি-গুণ-পদ-সেৱা-খাণ্ডা ডাটি ধৰা |
মন-বৈৰী কাটি সুখে ভৱ-নদী তৰা ||৪২৫
ৰাম কৃষ্ণ নিৰঞ্জন হৰি |
সদা ৰাম কৃষ্ণ বুলি যায়ো ভৱ তৰি ||৪২৬
ভজিয়ো হৰিক যাত চেতন আছয় |
তেৱেসে এড়াইবা সুখে সংসাৰৰ ভয় ||৪২৭
ৰাম কৃষ্ণ ভাবিয়ো মিলোক মহাভাগ |
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণক পাইবা লাগ ||৪২৮
হৰিৰ নামত ভাই নেৰিয়ো ভৰসা |
সকল ভকতি হৰি-নাম মাজে বাসা ||৪২৯
সন্ত-উপদেশে হৰি-চৰণে ভজিয়ো |
হৰি-নাম নিৰমল আনন্দে মজিয়ো ||৪৩০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
জনম সাফল হৌক জপা অবিশ্ৰাম ||৪৩১
মাধৱৰ ৰাঙ্গা দুই চৰণে ধৰিয়া |
ৰাম-নাম-ৰস পিয়ো আঞ্জলি ভৰিয়া ||৪৩২
গুণময় সাধ্য-সাধনক পৰিহৰি |
কৃষ্ণ-কথা-ৰস পিয়ো কৰ্ণাঞ্জলি ভৰি ||৪৩৩
যত জীৱ-ৰাশি ফুৰে কুশলক চাই |
হৰি-নাম বিনে তাৰ মহালাভ নাই ||৪৩৪
হৰি-গুণ গাৱন্তে কিঞ্চিতো নাহি দুখ |
গুচে ভয় মিলয় পৰমানন্দ-সুখ ||৪৩৫
হৰি-কীৰ্ত্তনত যাৰ মিলিল সন্তোষ |
সৰ্ব্ব-সুখ-ভাগী হোৱে হৰে কলি-দোষ ||৪৩৬
লৈয়ো হৰি-নাম ভাই তেজিয়া আলাস |
মিলিবে মঙ্গল গুচিবেক ভৱ-পাশ ||৪৩৭
যিটোজনে ফুৰে সদা হৰি-গুণ গায়া |
হৰিৰ কৃপাত সিটো সুখে তৰে মায়া ||৪৩৮
ৰাম-নাম লৈয়ো ভাই আলাস নকৰ |
নিকট চাপিয়া আছে যমেৰ কিঙ্কৰ ||৪৩৯
কৃষ্ণ-কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰি |
অল্প কালে হিয়াত প্ৰৱেশ হোন্ত হৰি ||৪৪০
অপাৰ আনন্দ-ৰস ৰাম-কৃষ্ণ বাণী |
ৰাম-কৃষ্ণ-নাম নছাৰিবা মুখে জানি ||৪৪১
জপ ৰাম-নাম ভাই ভাৱকসকল |
ৰাম-নাম বিনে নাই পৰমমঙ্গল ||৪৪২
ভাবিয়ো ভাৱক ভাই ৰাম-নাম সাৰ |
নিগমে নকহে ৰাম-নাম বিনে আৰ ||৪৪৩
কৃষ্ণ-পদ-সেৱা-সুখ পৰম দুৰ্ল্লভ |
হৰি-সেৱা ভৈলে আন সকলে সুলভ ||৪৪৪
কৃষ্ণ-পাদ-পদ্ম ভৈল যাহাৰ আশ্ৰয় |
তাহাৰেসে গুচয় নি:শেষ দুখ-ভয় ||৪৪৫
হৰি-কীৰ্ত্তনত ভাই নকৰিয়ো হেলা |
এহিবে ৰাখিবে ঘোৰ সঙ্কটৰ বেলা ||৪৪৬
হৰি পদ-পঙ্কজত পশিয়ো শৰণে |
দিয়োক একান্ত চিত্ত হৰিৰ চৰণে ||৪৪৭
দুৰ্ল্লভতো দুৰ্ল্লভ হৰিৰ গুণ-নাম |
জানিয়া কীৰ্ত্তন কৰা তেজি আন কাম ||৪৪৮
হৰি-গুণ-কীৰ্ত্তন কলিৰ নিজ ধৰ্ম্ম |
জানিবাহা সমস্তে শাস্ত্ৰৰ তত্ত্ব-মৰ্ম্ম ||৪৪৯
ৰাম-নাম লৈয়া পাপীজন তৰে সুখে |
হেন ৰাম-নামৰ ভণ্ডাৰ ভৈল মুখে ||৪৫০
যি মুখে বুলিবে ৰাম সি মুখে ভণ্ডাৰ |
সদায়ে ভাবিয়ো ৰাম ক্ষয় নাহি আৰ ||৪৫১
ভাবিতে ভাবিতে ৰাম-ৰস চড়ে আতি |
আলাস তেজিয়া ৰাম বোলা দিনে ৰাতি ||৪৫২
আনন্ত ৰসেৰে নিধি ৰাম-কৃষ্ণ-নাম |
মুখ ভৰি ভৰিয়া সদায়ে বোলা ৰাম ||৪৫৩
সদায়ে ভাবিতে ৰাম যাৰ ৰস বাঢ়ে |
ৰাম-কৃষ্ণ-নামে আৰো তাহাকো নছাড়ে ||৪৫৪
হৰি-সেৱা বিনে আৰ সকলে অসাৰ |
এহিমানে মাত্ৰ সৰ্ব্ব শাস্ত্ৰৰ বিচাৰ ||৪৫৫
নামৰ ভণ্ডাৰ মুখে ভৈল কত ভাগে |
আনন্দে ভাবিয়ো ৰাম যক যত লাগে ||৪৫৬
মনে মুখে এক কৰি সদা বোলা ৰাম |
লভিবা পৰমানন্দ দূৰ হৈবে কাম ||৪৫৭
ৰাম-কৃষ্ণ-নাম যাৰ মুখে ভৈল গীত |
নামৰ প্ৰসাদে সিটো ভৈল কৃতকৃত্য ||৪৫৮
ৰাম-কৃষ্ণ ৰাম-কৃষ্ণ বোল ভাই ঝাণ্টে |
নচলিবা তেৱেসে দুৰ্ঘোৰ যম-বাটে ||৪৫৯
ৰাম-কৃষ্ণ-নাম-ৰসে চিত্তক ভিজাৱ |
বোল ৰাম কৃষ্ণ হৰি তেজি আন ভাৱ ||৪৬০
ৰাম-কৃষ্ণ-নামেসে স্বধৰ্ম্ম ভৈল যাৰ |
যম-কাল মায়াৰ গুচিল অধিকাৰ ||৪৬১
ৰাম-কৃষ্ণ-নাম যাৰ থাকয় মুখত |
যম যম-দূতক নেদেখে সপোনত ||৪৬২
ৰাম-কৃষ্ণ-নাম সদা লৱে যিটো নৰে |
যম ৰাজা তাহাৰ লিখন দূৰ কৰে ||৪৬৩
ৰাম-কৃষ্ণ নাম সদা ফুৰে যিটো গাই |
তাহাৰেসে সমস্তে বিঘিনি ভৈল ছাই ||৪৬৪

মহিমাযুক্ত উপদেশ

ৰাম-কৃষ্ণ নাম যাৰ মুখত থাকয় |
তাহাৰেসে জানিবা মিলিল মহোদয় ||৪৬৫
ৰাম-কৃষ্ণ-কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ |
সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ ||৪৬৬
ৰাম-কৃষ্ণ-নামক সততে যিটো গাৱে |
তাক হৰি ৰাখিয়া ফুৰন্ত সৰ্ব্বভাৱে ||৪৬৭
ৰাম-কৃষ্ণ-নাম যিটো সততে সুমৰে |
হৰিৰ পৰম প্ৰিয় ভৈলা সিটো নৰে ||৪৬৮

আত্ম-উপদেশ

হৰি-নাম এৰি মন কি কাম কৰস |
মায়া-মোহ-জালে পৰি মিছাতে মৰস ||৪৬৯
হৰি-নাম ধৰ মন হৰি-নাম ধৰ |
আশা নামে নদী মাজে মিছাত নমৰ ||৪৭০
ৰাম-নাম লৈয়ো মন ৰাম-নাম লৈয়ো |
মিছা আশা লাজ-কাজ পাশ কৰি থৈয়ো ||৪৭১
ৰাম কৃষ্ণ বোল মন ৰাম কৃষ্ণ বোল |
অসাৰ সংসাৰ-সুখে তাৰ আশা ভোল ||৪৭২
হৰি-পদে ভজ মন হৰি-পদে ভজ |
ঘোৰ আশা-নদী মাজে মিছাতে নমজ ||৪৭৩
ৰাম-নাম লৈয়ো মন তেজা আশা আন |
ভকতৰ সঙ্গে পাতা নামৰ দেৱান ||৪৭৪
ভজ মন কপট তেজিয়া হৰি-পাৱে |
সৰ্ব্বসাক্ষী হৰিত কপট নুযুৱাৱে ||৪৭৫
গোপাল গোৱিন্দ ৰাম বোল পাপী মন |
অন্যায় নকৰ লাগে সাক্ষী চৈধ্য জন ||৪৭৬
ৰাম কৃষ্ণ হৰি ৰাম বুলিয়ো যতনে |
ব্ৰহ্মাৰো দুৰ্ল্লভ নাম তাৰে হেলা কেনে ||৪৭৭
বোল ৰাম কৃষ্ণ হৰি পৰম আনন্দে |
মুকুতি তেজিয়া জপে সনক সনন্দে ||৪৭৮

নিন্দা

ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি |
যিটো নাম নলৱে হীনতো হীন আতি ||৪৭৯
ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে |
ৰাম কৃষ্ণ নুবুলি জনম ঝুটা কৰে ||৪৮০
ৰাম কৃষ্ণ নুবুলি তৰিবা কিসে সমে |
ৰাম-নাম নলৈলে ধৰিয়া নিবে যমে ||৪৮১
গাৰি ভোট যৱনে হৰিৰ নাম লয় |
হেনেয় নামক কেনে সজ্জনে নিন্দয় ||৪৮২
হৰি-নামে কৰে অন্ত্য জাতিকো মুকুত |
সজ্জনে নামক নিন্দে কিনো অদভুত ||৪৮৩
মহাপাপী তৰে হৰি-নামৰ কীৰ্ত্তনে |
হেন নাম নলৈয়া সজ্জন ভৈল কেনে ||৪৮৪
দুখময় ক্ষুদ্ৰ বিষয়ক আশা কৰি |
একান্তে নভজে পূৰ্ণানন্দ মহা হৰি ||৪৮৫
আপুনি নলৱে নাম আনকো নিন্দয় |
কোটি জনমকো লাগি দুৰ্ঘোৰ সঞ্চয় ||৪৮৬
হৰি-নামে কৰে সংসাৰৰ বন্ধ ছেদ |
হেন নামে নাহি ইছা কিনো ভৈল খেদ ||৪৮৭
ৰাম-কৃষ্ণ-হৰি-নাম নিগম-নিগূঢ় |
সদা নুসুমৰে কেনে পাপমতি মূঢ় ||৪৮৮
হৰি-পদ-সেৱা-সুখ ভকতে জানয় |
আনজনে আৰ গন্ধমাত্ৰো নপাৱয় ||৪৮৯
হৰি-পাৱে শুদ্ধভাৱে যিজনে ভজয় |
হৰি-নাম লৈয়া সুখে দুৰ্গতি তৰয় ||৪৯০
মানৱী জনম পাই হৰি নভজিলা |
অৱশ্যে হৈবাহা ভাই তৃণ তৰু শিলা ||৪৯১
হৰি-কীৰ্ত্তনক যিটোজনে হেলা কৰে |
আপুনাকে আপুনি বঞ্চিলে সিটো নৰে ||৪৯২
মনুষ্য-শৰীৰ পাই কৃষ্ণক নভজে |
এহিমানে দোষে ঘোৰ সংসাৰত মজে ||৪৯৩
মৃত্যুৰ মুখত পৰি নভজে হৰিক |
সিটো অধমৰ জীৱনত ধিক ধিক ||৪৯৪
হৰি-পদে নভজে শাস্ত্ৰৰ সাৰ বুজি |
বেঙ্কামুৱা যম-দূতে তাক ফুৰে খুজি ||৪৯৫
নৰ-তনু পায়া হৰি নভজে যি নৰে |
সংসাৰৰ অনন্ত যোনিত ভ্ৰমি মৰে ||৪৯৬
মনুষ্য শৰীৰ পাই হৰি নভজিল |
দুৰ্ঘোৰ সংসাৰে সিটো চিত নমজিল ||৪৯৭
কলি-যুগে হৰি-নাম নকৰে কীৰ্ত্তন |
আপুনাক আপুনি বঞ্চিত সিটোজন ||৪৯৮
হৰি ভজি হৰি-নাম নলৱে সাক্ষাত |
আপুনাক আপুনি কৰিল আত্মঘাত ||৪৯৯
ব্ৰহ্মাৰ প্ৰাৰ্থনী ইটো নৰ-তনু পায়া |
নভজিলে হৰিক বঞ্চিলে বিষ্ণু-মায়া ||৫০০
একান্ত শৰণে যিটো নভজিলে হৰি |
দুৰ্ঘোৰ যাতনা ভুঞ্জিবেক মৰি মৰি ||৫০১
হৰি-পদ-সেৱা সৰ্ব্ব শাস্ত্ৰৰ নিৰ্ণয় |
মূঢ়মতি মনুষ্যে ইহাক নজনায় ||৫০২
হৰিকো প্ৰকাশ কৰে ৰাম-কৃষ্ণ-নামে |
তেন নাম নলৈয়া মৰস কোন কামে ||৫০৩

মহিমা

ৰাম-কৃষ্ণ-হৰি-নাম মুখে থাকে যাৰ |
সেহিসে হৰিৰ প্ৰিয় হৰি ভৈলা তাৰ ||৫০৪
ৰাম কৃষ্ণ হৰি যিটো সততে বোলয় |
সিটো মহাজনে মুকুটিকো নগণয় ||৫০৫
ৰাম-কৃষ্ণ-নাম ভকতৰ মহাধন |
সদা নাম লৱয় আনন্দ কৰি মন ||৫০৬
অনন্ত নাৰদ শুক সনতকুমাৰ |
তাৰা পাৱে হৰি-যশ জানি যোগ-সাৰ ||৫০৭
হৰি-নাম-কীৰ্ত্তনৰ শবদ তুমুল |
আনন্দৰ ভৰে হোৱে ভকত আকুল ||৫০৮
ৰাম-কৃষ্ণ-নামৰ দেখিয়ো কেন বল |
অধমকো কৰে নামে পৰম নিৰ্ম্মল ||৫০৯
হৰি-নামে নাহিকে নিয়ম অধিকাৰী |
ৰাম বুলি তৰে মিৰি আসম কছাৰী ||৫১০
ৰাম-কৃষ্ণ-নাম-সম নাহিকে বান্ধৱ |
ৰাম-কৃষ্ণ-নামে মিলে পৰম উত্সিৱ ||৫১১
ভকতজনৰ হৰি-নামেসে সৰ্ব্বস |
মুকুতিকো ঠেলি আগ হোৱে হৰি-যশ ||৫১২
ৰাম-কৃষ্ণ-নামেসে ছিণ্ডয় ভৱ-ৱন্ধ |
মিলয় মনত সুখ পৰম আনন্দ ||৫১৩
ৰাম কৃষ্ণ ভাবিতে তেজয় কাল-সাপে |
হৰি-ভকতক দুখ দিবে কাৰ বাপে ||৫১৪
হৰিৰ কীৰ্ত্তন শুনি হুয়া মহাভয় |
কাল মৃত্যু দুয়ো তৰতৰিয়া কাম্পয় ||৫১৫
কমনে জানিবা হৰি-নামৰ মহিমা |
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ সীমা ||৫১৬
হৰি-গুণ-নাম-যশ ভকতি-উত্তম |
যাৰ ধ্বনি শুনি কাম্পে কলি কাল যম ||৫১৭
হৰি-নামে যত পাপ সংহৰিতে পাৰে |
ততেক পাতকী পাপ কৰিতে নপাৰে ||৫১৮
ৰাম-কৃষ্ণ গোপাল গোৱিন্দ যদুমণি |
ৰাম-কৃষ্ণ-নাম মহা পাপৰ অগনি ||৫১৯
ৰাম-কৃষ্ণ-নামৰ মহিমা অদভুত |
নিকট চাপিয়া কি কৰিবে যম-দূত ||৫২০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ |
ৰাম কৃষ্ণ বিনে ঝুটা আৱৰ বিচাৰ ||৫২১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ |
ভাবিতে পৰম সুখ ভয় নাহি আৰ ||৫২২
ৰাম-কৃষ্ণ-নাম সৰ্ব্ব-ৰসেৱ নিৱাস |
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণৰ পাৱে পাশ ||৫২৩
আপুন নামৰ সঙ্গ নছাড়ন্ত হৰি |
যেই নাম সেই হৰি জানা নিষ্ট কৰি ||৫২৪
ৰাম-নাম-সম ধৰ্ম্ম নাহিকে নিগমে |
যিটো সদা বোলে ৰাম কি কৰিব যমে ||৫২৫
হৰি-চৰণত প্ৰেম মিলিল যাহাৰ |
আন কোন সম্পত্তি হৰিও ভৈল তাৰ ||৫২৬
কৰ্ণাঞ্জলি ভৰি পিয়া হৰি-চৰিত্ৰ-অমৃত |
হৰিৰ নিকট পাৱে হোৱে কৃতকৃত্য ||৫২৭
মাধৱৰ নাম-গুণ কীৰ্ত্তন কৰিয়া |
হৰিক পাৱয় সুখে মায়াক তৰিয়া ||৫২৮
হৰি-গুণ-কীৰ্ত্তনত নাহি একো হানি |
শুনন্তে অমৃত স্ৰৱে ৰাম-কৃষ্ণ-বাণী ||৫২৯
যাৰ মুখে ৰাম-বাণী আসে সৰসৰি |
জানিবা নিশ্চয় তাত বশ্য ভৈল হৰি ||৫৩০
হৰি যাৰ বশ্য ভৈল তাৰ কিবা ৰৈল |
হৰিৰ কৃপা পাত্ৰ সিসিজন ভৈল ||৫৩১
ৰাম-কৃষ্ণ-নামৰ কল্লোল ৰোল শুনি |
বেঙ্কামুৱা যম-দূত পলাৱে আপুনি ||৫৩২

প্ৰাৰ্থনা

হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ |
অণু এক কৰা দায়া মায়া হৌক দূৰ ||৫৩৩
জয় জয় কৃপাময় দেৱ যদুপতি |
তোমাৰ চৰণে মাগো অমূল্য ভকতি ||৫৩৪
হে হে পৰমানন্দ প্ৰভু কৃপা-সিন্ধু |
ভকতি-আনন্দ-ৰস মাগো এক বিন্দু ||৫৩৫
পতিত পড়িয়া ৰৈলো এ ভৱ-সাগৰে |
পতিত-পাৱন নাম বৈল কিবা তৰে ||৫৩৬
অৰুণ চৰণে মই পাপীক তাৰিয়ো |
পতিত-পাৱন নাম সাফল কৰিয়ো ||৫৩৭
আতুৰ ভৈলোহো হৰি বিষয়-বিকলে |
কৰিয়ো উদ্ধাৰ মোক চৰণ-কমলে ||৫৩৮
হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ |
তনু-নাৱ বুৰি আসে নাহিকে গিয়ান ||৫৩৯
নাম-ধন দিয়া মোকে কিনা বনমালী |
দাস পায়া নলৱা কমন ঠাকুৰালি ||৫৪০
নিজ দাস কৰি হৰি মোকে কিনা কিনা |
আন ধন নলাগয় নাম-ধন বিনা ||৫৪১
জয় জয় ৰাম কৃষ্ণ শৰণ তোহ্মাৰ |
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ ||৫৪২
দিয়ো দৰিশন পাৱে পশিলো শৰণ |
ভকতজনৰ ধন তুমি নাৰায়ণ ||৫৪৩

নিৱেদন

যাদৱ যাদৱ যাদৱ যাদৱ দেৱ |
তুমি বিনে সুহৃদ বান্ধৱ নাহি কেৱ ||৫৪৪
কমনে ভজিবা হৰি চৰণ তোহ্মাৰ |
দুৰ্ঘোৰ মায়ায়ে মন মুহিলে আহ্মাৰ ||৫৪৫
ৰাম বুলি তৰিবো দঢ়াই আছো মন |
তুমি হৰি দীন-বন্ধু পতিত-পাৱন ||৫৪৬
পতিত-পাৱন ৰাম কৃষ্ণ কৃপা-সিন্ধু |
আমি পতিতক নছাড়িবা দীন-বন্ধু ||৫৪৭
হে হৰি মোৰে প্ৰাণ জীৱন মুৰাৰী |
অনাথৰ নাম ভকতৰ ভয়হাৰী ||৫৪৮

প্ৰশংসা

শ্ৰীৰাম-নামত ৰতি মিলিল যাহাৰ |
সিসি ভাগ্যৱন্তে পাৱে সংসাৰৰ পাৰ ||৫৪৯
হৰি-গুণ ভকতৰ কৰ্ণৰ ভূষণ |
যিটো সদা বোলে ৰাম সিসি মহাজন ||৫৫০
নিত্যানন্দময় ৰাম ভকতৰ ধন |
হৰি বিনে আন ধন সৱে অকাৰণ ||৫৫১
সংসাৰত নাহি ধৰ্ম্ম হৰি-নাম-সম |
যিটো সদা বোলে ৰাম সিসি নৰোত্তম ||৫৫২
আন ধৰ্ম্ম নাহি হৰি-নামক উপাম |
হৰিৰ বল্লভ যিটো সদা বোলে ৰাম ||৫৫৩
ৰাম-কৃষ্ণ-নামক আনন্দে যিটো ধৰে |
বংশে সমে তৰয় হৰিকো বশ্য কৰে ||৫৫৪
হৰি-গুণ গাৱে যিটো কৰিয়া নিশ্চয় |
হৰিক সুহৃদ পাৱে মৃত্যু কোন হয় ||৫৫৫
যাৰা সৱে ৰাম-নাম গাৱয় হৰিষে |
তাপ দূৰ হোৱে মনে অমৃত বৰিষে ||৫৫৬
ৰাম-কৃষ্ণ-হৰি-নাম পৰম অমৃত |
যিটো মহাজনে লৱে হোৱে কৃতকৃত্য ||৫৫৭
হৰি-গুণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ |
সংসাৰত দুৰ্ল্লভ থাকিল কিবা তাৰ ||৫৫৮
কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ |
হৰি-গুণ কীৰ্ত্তনে স্বধৰ্ম্ম ভৈল যাৰ ||৫৫৯
হৰি-গুণ-নামক কীৰ্ত্তন য়িটো কৰে |
কলিৰ দোষক বঞ্চিলেক সিটো নৰে ||৫৬০
ৰাম-নাম লৈয়া পাপীজনো তৰে সুখে |
হেন ৰাম-নামৰ ভণ্ডাৰ ভৈলা মুখে ||৫৬১
যিসৱ চতুৰ নৰে বিষ্ণুক ভজয় |
পৰম কৃতাৰ্থ ভৈলা সিটো মহাশয় ||৫৬২

কলি-ধৰ্ম্ম

ৰাম-কৃষ্ণ-নাম ভকতৰ নৱ নিধি |
কলি-যুগে বেকত কৰিলে কোন বিধি ||৫৬৩
ধন্য ধন্য কলিৰ লোকৰ মহাভাগ |
সৰ্ব্ব ধৰ্ম্ম ঠেলি ৰাম-নাম ভৈলা আগ ||৫৬৪
কলিত কীৰ্ত্তন যিটো কৰে হৰি-নাম |
তাৰ আৰ আচৰিবে নথাকিল কাম ||৫৬৫
নাহিকে কলিত ধৰ্ম্ম কীৰ্ত্তনত সম |
যিটি গাৱে হৰি-গুণ সিসি নৰোত্তম ||৫৬৬
কলিত কীৰ্ত্তনে মিলিবেক মহাভাগ |
সংসাৰক তৰি মাধৱক পাইবা লাগ ||৫৬৭

নাম

কেশ কমলাকান্ত অনন্ত অনাদি |
নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদ-বাদী ||৫৬৮
জয় জয় জগত-জনক জগজীৱ |
অনন্ত অচ্যুত সনাতন সদাশিৱ ||৫৬৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ||৫৭০
গোপাল গোৱিন্দ ৰাম কৃষ্ণ নাৰায়ণ |
কমল-লোচন হৰি পতিত পাৱন ||৫৭১
ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ |
ৰাম কৃষ্ণ নিৰঞ্জন শিৱ সনাতন ||৫৭২
গোপাল গোপীনাথ গোৱিন্দ মাধৱ |
জীৱৰ জীৱন যদু-নন্দন যাদৱ ||৫৭৩

তাত্পজৰ্য্য

বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ |
ইহাৰ উত্তম ফল হৰি-নাম মাত্ৰ ||৫৭৪
হৰি-নামে হৰি-নামে হৰি-নামে গতি |
হৰি-নামে ভকতৰ কেৱলে ভকতি ||৫৭৫
কৃষ্ণ-পাদ-পদ্ম দুই মোৰ নিজ গতি |
হৰি-নাম বিনে আন নাজানো ভকতি ||৫৭৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ |
ৰাম কৃষ্ণ বিনে ঝুণ্টা আৱৰ বিচাৰ ||৫৭৭
শ্ৰীৰাম-নাম ভকতৰ বিত্ত সাৰ |
সংসাৰ-সাগৰে ৰাম-নামে দুৰ্গ পাৰ ||৫৭৮
হৰি-নাম-কীৰ্ত্তনেসে পৰম মঙ্গল |
পাৱয় পৰমানন্দ গুচে কৰ্ম্ম-মল ||৫৭৯
ব্ৰহ্মা হৰো ভজন্ত হৰিৰ দুই পাৱে |
মুকুতসকলো সদা হৰি-গুণ গাৱে || ৫৮০

বিৰকতি

বিষয়ৰ আশা-ভঙ্গে ভক্তৰ হৰিষ |
দেখয় বিষয়-সুখ বিষ্ঠাৰ সদৃশ ||৫৮১
বিষয়ৰ সুখ যত সকলো অসাৰ |
জানিয়া ভকতে তাক কৰে পৰিহাৰ ||৫৮২

তুতি

মুৰাৰি মাধৱ মধু-ৰিপু ৰাম |
তুমি ভকতৰ ধৰ্ম্ম অৰ্থ মোক্ষ কাম ||৫৮৩
মুৰাৰি মনোহৰ ভগৱন্ত দেৱ |
তুমি বিনে পতিতৰ গতি নাহি কেৱ ||৫৮৪
কিনো কৃপাময় দেৱ প্ৰভু যদুৰায় |
মুখ মাজে থৈলা নাম সৰ্ব্বক্ষণে পায় ||৫৮৫

লেছাৰি
ঈশ্বৰ-নিৰ্ণয়

কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ |
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ||৫৮৬
নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন
অনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা |
পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা ||৫৮৭
ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায়-বাক্যে মনে থিৰ কৰি
পৰম আনন্দে চৰণ সেৱন্ত যাৰ |
সদা জন্ম-জৰা-মৃত্যু-হীন শ্ৰীমন্ত সুন্দৰ গুণনিধি
বিষ্ণুত বিনাই কোন দেৱ আছে আৰ ||৫৮৮
যাৰ পাদোদকে দেৱী গঙ্গা যাৰ বাক্যে হুয়া আছে বেদ
পৰম পতিতো তৰয় যাহাৰ নামে |
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ
হেন ঈশ্বৰক নভজয় কোন কামে ||৫৮৯
অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত
পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে |
তেন্তে তুমি জান ব্ৰহ্ম-পাৰ পৰ-পাৰ-ভূত যত পাৰ
তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে ||৫৯০

শৰণ

শোক-মোহ-মহাপঙ্ক মাজে অৰ্জ্জুন মগন ভৈলা দেখি
পৰম ঈশ্বৰ দেৱকী-নন্দ-নন্দন |
কৃপায়ে ঈশ্বৰ-তত্ত্ব কহি উদ্ধাৰিবা নিজ ভকতক
হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ ||৫৯১

নমস্কাৰ

হে কৃষ্ণ ধনঞ্জয় সখা বৃষ্ণি-কুল-শ্ৰেষ্ঠ দুষ্ট ৰাজা
বংশৰ দহন অনন্ত-বীৰ্য্য গোবিন্দ |
গো-বিপ্ৰ-দেৱ-দুখ-হাৰী যোগেশ্বৰ সমস্তৰ গুৰু
নমো ভগৱন্ত তযু পদ-অৰবিন্দ ||৫৯২

উপদেশ

সুবাসনা দুৰ্ব্বাসনা দুই বন্ধৰ মোক্ষৰ মূল হেতু
শুনা যেনমতে উপজয় পুৰুষত |
সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষত পাৱে জানা
হোৱে দুৰ্ব্বাসনা সন্তৰ মন-কোপত ||৫৯৩
মহন্তৰ বাক্য যিটো কৰে তাক সুবাসনা অনুসৰে
সন্তৰ কৃপাত ভজে গোৱিন্দৰ পাৱে |
যিটো মহন্তক নিন্দা কৰে তাক দুৰ্ব্বাসনা বেঢ়ি ধৰে
কৃষ্ণক ভজিবে নপাৰয় মূঢ়ভাৱে ||৫৯৪
কৃষ্ণ-পদ-মাত্ৰ সেৱা কৰে সমস্তে কামনা পৰিহৰে
বেদ-ব্যৱহাৰ কদাচিতো নলঙ্ঘয় |
কৃষ্ণ-পদ-সেৱা-সুখ-মনে কৰে অনুভৱ সৰ্ব্বক্ষণে
ইহাক মহন্ত বুলিয় জানা নিশ্বয় ||৫৯৫
শুনিয়ো সজ্জনা শাস্ত্ৰ-সাৰ সকলে সম্পত্তি জানা তাৰ
হৰি-ভক্তি-ৰসে সন্তোষ মন যাহাৰ |
চৰ্ম্মৰ নিৰ্ম্মিত পানৈজুড়ি চৰণ ঢাকিল যিটোজনে
যেন সৱে ভূমি চৰ্ম্মাবৃত ভৈল তাৰ ||৫৯৬
অন্তৰত এক ঈশ্বৰক দেখিয়োক নানা বাহিৰত
অন্তৰত বোধ বাহিৰত জড়-প্ৰায় |
বুদ্ধিত সমস্তে তেজিয়োক বাহিৰত সঙ্গ দেখায়োক
এহিভাৱে ৰাম লোকত ফুৰা বেঢ়াই ||৫৯৭

ছবি

অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাক দোষ
জানিবাহা ইহাক নিশ্চয় |
পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল
তাৰ একো নাহিকে নিৰ্ণয় ||৫৯৮

লেছাৰি

তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি-অবিৰোধী কৰ্ম্ম কৰে
কৃষ্ণৰ কথাত ৰতি যাৱে নুপজয় |
যেৱে ভৈল কৃষ্ণ-কথা-ৰত নিত্য নৈমিত্তিক আদি যত
কথাৰ বিৰোধী জানিয়া সৱে তেজয় ||৫৯৯
সমস্তে তপকে আচৰোক পৰোক পৰ্ব্বতে উঠি যত
তীৰ্থত ভ্ৰমোক পঢ়োক বেদ-নিচয় |
যজোক সমস্তে যজ্ঞচয় যোগক জানোক সমস্তয়
হৰি বিনে কদাচিতো মৃত্যু নতৰয় ||৬০০
মহন্তসৱৰ সঙ্গ লৈয়া হৰিত একান্তে চিত্ত দিয়া
পৰম আনন্দে গাৱে হৰি-গুণ-নাম |
সহজে দায়ালু দেৱ হৰি লৈৱা আপুনাৰ দাস কৰি
হৰি-দাস ভৈলে হৈবা ভাই পূৰ্ণকাম ||৬০১

মহিমা-যুক্ত উপদেশ

ব্যাস নিগদতি লুব্ধমতি শুনিয়ো আনন্দে কৰ্ণ পাতি
দেওঁ উপদেশ ঊৰ্দ্ধ বাহু উচ্চ কৰি |
এহিমানে মাত্ৰ মহামন্ত্ৰ সংসাৰ-দুৰ্ঘোৰ-বিষহাৰী
নমো নাৰায়ণ বুলিয়োক মুখ ভৰি ||৬০২
সকলে নিগমে কল্পতৰু তাৰ ফল মহাভাগৱত
শুক-মুখে আসি ভূমিত ভৈলা বিদিত |
ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন
পৰম সন্তোষে পিয়োক ফল-অমৃত ||৬০৩
হৰিক সততে স্মৰা প্ৰজা সমস্তে পুণ্যৰ ইসে ৰাজা
হৰিক স্মৰণে সিজয় পুণ্য কিঙ্কৰ |
নপাসৰিবাহা কদাচিত শুনা কথা ইটো বিপৰীত
হৰি পাসৰিলে সিজে পাপ নিৰন্তৰ ||৬০৪
শুনিয়ো পাৰ্ব্বতী তুমি এৱে ৰাম ৰাম ৰাম বোলা যেৱে
তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য |
ৰাম ৰাম ৰাম ৰাম বুলি ৰামতে ৰমোহো সৰ্ব্বক্ষণে
জানা ৰাম-নাম সহস্ৰ নামৰ তুল্য ||৬০৫
বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ
বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন |
সংসাৰ তৰিতে খোজা যেৱে আপুন মোক্ষৰ হেতু তেৱে
গোৱিন্দ গোৱিন্দ বেকতে বোলা বচন ||৬০৬
মাধৱে বোলন্ত ধনঞ্জয় মহা দুৰাচাৰো আতিশয়
আন দেৱ তজি মোকেসে মাত্ৰ ভজয় |
তাকেসে পৰম সাধু বুলি মানিবা মনত সৰ্ব্বক্ষণে
যিহেতু সম্যকে কৰিল মোক নিচয় ||৬০৭
ভক্তিৰ মহিমা বিপৰীত অধৰ্ম্ম তেজিয়া ধৰ্ম্ম-চিত
হোৱে শীঘ্ৰে মোক ভজি জানা কুন্তী-সুত |
আক যি কুতৰ্কী নমানয় তথা গৈয়া বায়ো বাদ্যচয়
বাহু মেলি কৰা অঙ্গীকাৰ অদভুত ||৬০৮
মোহোৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্তো নুহি নষ্ট
কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি হোৱয় |
তোহ্মাৰ প্ৰগলভ প্ৰৌঢ়ি শুনি সমস্তে কুতৰ্ক পৰিহৰি
গুৰুত্বে তোহ্মাক কৰিবে সৱে আশ্ৰয় ||৬০৯
আহ্মাৰ নিৰ্ম্মল ভকতিত দুৰাচাৰো তৰে কোন চিত্ৰ
আহ্মাক ভজিয়া চণ্ডালো তৰে সংসাৰ |
স্ত্ৰী শূদ্ৰ বৈশ্য আদি যত বিষয়ত মাত্ৰ সদা ৰত
মোক ভজি সুখে ইসৱে হোৱে উদ্ধাৰ ||৬১০
ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য-তনু মোক ভজি তৰিবেক পুনু
আত অদভুত নাহিকে কোনো সংশয় |
ৰাজ-ঋষি-তনু আছা পায়া অনিত্য অসুখ লোক জানি
আতি শীঘ্ৰে মোক ভজা সখি ধনঞ্জয় ||৬১১
মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্ব্বক্ষণ
মোক পূজা মোকে মাত্ৰ কৰা নমস্কাৰ |
কহিলো তোমাত সত্য বাণী পাইবা সুখে মোক মহামানী
তুমি প্ৰিয়তম সুহৃদ সখি আহ্মাৰ ||৬১২
ভগৱন্ত দেৱ নিগদতি শুনিয়ো অৰ্জ্জুন মহামতি
তোমাত কৰঞো পৰম ইটো ৰহস্য |
ঐশ্বৰ্য্য বিভুতি বলে সমে জানে যিটো মোক নৰোত্তমে
সিও ভৈল মোৰ তাৰ ভৈলো মঞি বশ্য ||৬১৩
অসম্মূঢ়ভাৱে যিটোজনে উত্তম পুৰুষ মোক মানে
তাকে সৰ্ব্ববেত্তা বুলিয় সখি অৰ্জ্জুন |
সিটো সমস্তকে পৰিহৰি কায় বাক্য মনে যত্ন কৰি
ভজয় আমাক পুৰুষ সিটো নিপুণ ||৬১৪
মোতে হন্তে হোৱে চৰাচৰ মোতেসে প্ৰৱৰ্ত্তে নিৰন্তৰ
ইহাক অৰ্জ্জুন জানে যিটো মহাজন |
পৰম বিৱেকী সিটোজন মোৰ ভাবে হুয়া যুক্ত-মন
মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্ত্তন ||৬১৫
মোতেসে কেৱলে দিয়া চিত মোতে মাত্ৰ প্ৰাণ অৰ্পি নিত
অন্যোঅন্যে মিলি মোকেসে বোধ কৰাৱে |
মোকে মাত্ৰ কহে সৰ্ব্বক্ষণে পৰম সন্তোষ লভি মনে
আনন্দ-সাহৰে মজি ৰহে প্ৰেমভাৱে ||৬১৬
ৰহস্যক জানে যিটো লোক সততে কীৰ্ত্তন কৰে মোক
ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত |
মোৰ সৰ্ব্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তিভাৱে
তাৰ মোৰ এড়া-এড়ি নাহি কদাচিত ||৬১৭
মাধৱে কহন্ত অৰ্জ্জুনত শুনা ইটো পৰমাৰ্থ-তত্ত্ব
ভকতেসে মোৰ মহিমা জানে নি:শেষ |
তত্ত্ব-ৰূপে সখি জানি মোক তৰিবা দুৰ্ঘোৰ দুখ-শোক
অন্ত-কালে গৈয়া আমাত হোৱে প্ৰৱেশ ||৬১৮
কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ-তত্ত্ব লৱা বাছি
সুদৃঢ় বিশ্বাসে শৰণ লৈয়ো আমাত |
মোতে মাত্ৰ সদা দিয়া চিত গায়ো মোৰ গুণ-নাম-গীত
সকলে শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাত ||৬১৯

ছবি

ভগৱন্ত-ভক্তি-যুক্ত পুৰুষৰ আত্ম-বোধ
মাধৱৰ প্ৰসাদে মিলয় |
কৃষ্ণৰ কৃপাত জানা গুচয় সংসাৰ-বন্ধ
এহিমানে গীতাৰ নিৰ্ণয় ||৬২০

লেছাৰি

জানা শ্ৰীৰাম নামে নিজ সমস্তে শাস্ত্ৰৰে মূল বীজ
সঞ্জীৱনী-প্ৰায় যাৰ মনে প্ৰৱেশয় |
যদি হলাহল পান কৰে প্ৰলয়-বহ্নিত যদি পৰে
মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয় ||৬২১
পূৰ্ণ শশী পূৰ্ণ দুগ্ধ-সিন্ধু সিমত প্ৰকাশ নকৰয়
কমনীয় লক্ষ্মী বদনো সিমত নয় |
ঈশ্বৰ কৃষ্ণৰ পাদ-পদ্ম ভজি স্পৃহাহীন ভৈলা সিটো
সিটো মনগোটে যিমতে শোভা কৰয় ||৬২২
শ্ৰীমুকুন্দৰ নাম-গুণ কীৰ্ত্তন প্ৰকাশে যি দিশত
সি দিশক প্ৰতি নমস্কাৰ যিটো কৰে |
চিদানন্দ-ঘন স্বৰূপত ঈশ্বৰ কৃষ্ণত নিত্যাগত
পৰম আনন্দ কৰে সিটো সাধু নৰে ||৬২৩
হৰি-ভক্তি ৰাজ-মাৰ্গে গুৰু- পদ-নখ-চন্দ্ৰ-প্ৰকাশিত
শ্ৰুতি-জননীৰ পদ-পন্থ অনুসৰি |
ফুৰো হুয়া আমি অনন্দিত স্খলন নাহিকে কদাচিত
মহাজনসৱ জানিবা নিশ্চয় কৰি ||৬২৪

নিন্দা

শ্ৰীমন্ত শঙ্কৰে প্ৰকাশিলা গোৱিন্দৰ গুণ-নাম-যশ
জগতৰ লোকে পৰম আনন্দে গাৱে |
হেনয় শঙ্কৰ গুৰু বিনে কমন কাৰণে আন জনে
লোকৰ মাজত আপুনি গুৰু বোলাৱে ||৬২৫
বিষ্ণুৰ সহস্ৰ-নাম সদা আছন্তো জিহ্বায়ে তাক এড়ি
সদায় বিৰোধ-বচন মাত্ৰ ৰটয় |
বুদ্ধি বিষ্ণু-তত্ত্ব পৰিহৰি অসন্ত বস্তুত ৰতি কৰি
যেন বেশ্যা জাৰ-পতিত মাত্ৰ ৰময় ||৬২৬
সমস্তৰে আদি নৰ-তনু উদ্যম কোটিয়ো নপায় পুনু
কোনো ভাগ্যোদয়ে পায়া নাৱ দৃঢ় আতি |
গুৰু ভৈলা তাত কৰ্ণধাৰ কৃষ্ণে ভৈলা অনুকুল বায়ু
তথাপি সংসাৰ নতৰয় আত্মঘাতী ||৬২৭
মাধৱে বোলন্ত শ্ৰুতি স্মৃতি মোৰ আঞ্জা বাণী জানা নিষ্ঠি
যিটোজনে আকে উলঙ্ঘিয়া প্ৰৱৰ্ত্তয় |
ভৈল সিটো মোৰ আজ্ঞা-ছেদী মোক দ্বেষ কৰিলেক আতি
মোৰ ভক্ত হন্তো বৈষ্ণৱ সিটো নোহায় ||৬২৮
যত উগ্ৰ তপ জ্ঞান গুণ যাগ যোগ যজ্ঞ দান পুণ্য
কিবা প্ৰয়োজন সাধিবেক তাসম্বাৰ |
কৃষ্ণ জগতৰ আত্মা নিজ মোক্ষ-সুখ-প্ৰদ দেৱ ইষ্ট
তাহান চৰণে ভকতি নাহিকে যাৰ ||৬২৯
শিশুৰ বিষয়-আশা আগ যুৱা সেৱা কৰে পায়া লাগ
বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয়ক |
হৰি-ভকতক পৰিহৰি বৃদ্ধে বিষয়ক টেৰ কৰি
পুনু পালটিয়া নিৰেখি আছে কিসক ||৬৩০
বালকে কৰোক বহুমান যুৱায়ে সেৱোক পাৰেমান
বৃদ্ধে বিষয়ৰ বহিৰ্ভূত হুয়া গৈল |
ভোগ কৰিবাক নপাৰয় তথাপিতো আশা নছাড়য়
হৰি হৰি হৰি কিনো বিপৰীত ভৈল ||৬৩১
বৃদ্ধসৱে জানা বিষয়ক ভোগ কৰিবাক নপাৰয়
ভক্তিহীন বৃদ্ধে তেজিতে সামৰ্থ নয় |
দশন-বিহীন কুত্তা যেন হাড় চোবাইবাক নপাৰয়
জিহ্বা লড়বড় কৰি মাত্ৰ চেলেকয় ||৬৩২
বৈষ্ণৱ-নিন্দক সূচকক বিষ্ঠা লুটা গ্ৰাম্য শুকৰক
নিধাতায়ে দুইকো স্ৰজিলন্ত দায়াতৰে |
সূচকে জানিবা নিৰন্তৰে সাধুসকলক শুদ্ধি কৰে
যিমতে গ্ৰামক শূকৰে শোধন কৰে ||৬৩৩
মৃগ মীন মহাসাধু নৰে মনৰ সন্তোষে তৃণ জলে
হিংসা-শূণ্য হুয়া থাকয় জীৱন ধৰি |
তথাপিত্প ইটো ত্ৰিতয়ৰ কৈৱৰ্ত্ত পিশুন ব্যাধসৱে
ইটো জগতত তিনি অকাৰণ-বৈৰী ||৬৩৪
সমস্তৰে আত্মা নাৰায়ণ আত্মা-সুখে ৰতি সৰ্ব্বক্ষণ
এহি হেতু হৰি সমস্তে প্ৰাণীতে সম |
তাঙ্ক যিটো ভজে সুখে তৰে নভজি সংসাৰে মজি মাৰে
কৃষ্ণক বিশঃঅম বোলয় কোন অধম ||৬৩৫

আত্ম-নিন্দা

হৰিসে কেৱলে সঞ্চা মাত্ৰ ৰাম ৰাম ৰাম ৰাম ৰাম
তান্ত বিনে মিছা যত দেখি শুনি মনে |
তাক যিটো মিছা কৰি আশা ৰাম ৰাম ৰাম ৰাম ৰাম
দুৰাচাৰ মন মৰস কেনে অজ্ঞানে ||৬৩৬

মহিমা

ৰা শবদক উচ্চৰন্তে ৰাম ৰাম ৰাম ৰাম ৰাম
মুখ হন্তে বাজ হুয়া পলায় পাপমনে |
পুণ্যমানে হোৱে অভ্যন্তৰে ৰাম ৰাম ৰাম ৰাম ৰাম
ম বুলি আতি কপাট মাৰয় টানে ||৬৩৭
কৃষ্ণ প্ৰিয়তম আত্ম নিজ ৰাম ৰাম ৰাম ৰাম ৰাম
যাত হন্তে অণুমাত্ৰকো ভয় নুশুনি |
আক যিটো জানে সেহিজন ৰাম ৰাম ৰাম ৰাম ৰাম
বিদ্যাৱন্ত গুৰু সেহিসে হৰি আপুনি ||৬৩৮
অনন্ত-শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ
হনুমন্ত আদি মহা মহা বীৰগণে |
আনি তৰু লতা পৰ্ব্বতক কতেক যোজন সমুদ্ৰক
সেতু বান্ধি পাৰ ভৈলাহা মহা যতনে ||৬৩৯
হে প্ৰাণ-প্ৰভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
তোমাত কৰিয়া তযু গুণ-নাম চাৰ |
বিনা সেতু-বন্ধ কৰি নৰে ৰাম ৰাম ৰাম ৰাম ৰাম
অপাৰ সংসাৰ-সমুদ্ৰৰ হোৱে পাৰ ||৬৪০
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজ প্ৰাণ তেজে
আদ্যৰ শবদে মুকুতি তাঙ্ক দিৱয় |
আৰ আক কিবা দিৱো বুলি আউৰ দুই পদে লজ্জা হুয়া
ঋণী ভৈলো বুলি নামাইয়া মাথা থাকয় ||৬৪১
হে কৃষ্ণ তযু পদ-মূলে একান্ত শৰণ লৱে যিটো
কোন লাভ ইটো এড়াইবা কালৰ ভয় |
তযু ভকতৰ সঙ্গগোটে সৰ্ব্ব পুৰুষাৰ্থ-ৰাশি শিৰে
চড়িয়া কৌতুকে অত্যন্ত নৃত্য কৰয় ||৬৪২
পৰম দুৰ্ব্বোধ আত্ম-তত্ত্ব তাৰ জ্ঞান-অৰ্থে হৰি যত
লীলা-অৱতাৰ ধৰা তুমি কৃপাময় |
তাহান চৰিত্ৰ-সুধা-সিন্ধু তাতে ক্ৰীড়া কৰি দীন-বন্ধু
চাৰি-পুৰুষাৰ্থ তৃণৰ সম কৰয় ||৬৪৩
উৰুক্ৰম-পদ-ৰেণু সেৱি ছয় উৰ্ম্মি জিনিলেক যিটো
সিটো পুৰুষৰ জানিবা আশ্চৰ্য্য নাই |
আকেসে আশ্চৰ্য্য বুলি ধৰি যাৰ নাম একবাৰ স্মৰি
চাণ্ডালো সম্প্ৰতি সংসাৰ-বন্ধ এড়ায় ||৬৪৪
কৃষ্ণক বোলন্ত ধনঞ্জয় তোহ্মাৰ কীৰ্ত্তনে কৃপাময়
আতি অনুৰাগে জগতে কৰে হৰিষ |
তোহ্মাৰ কীৰ্ত্তন-অগনিৰ শিখায়ে দগধ হুয়া আতি
ৰাক্ষস পিশাচ পলাই যায় দশো দিশ ||৬৪৫
ভক্তি-সৰোবৰে কৃষ্ণ-পদ- পঙ্কজত পড়ি নিৰন্তৰে
পৰম আনন্দে ভকত-ভ্ৰমৰা-জাকে |
কৃষ্ণ-যশ-ৰস-মধু-পানে মত্ত হুয়া আতি সাৱধানে
ৰাম-নাম-ৰাজহংস-ৰাৱ শুনি থাকে ||৬৪৬
ঐকান্তিক মহামুনি যত নিৱৰ্ত্তিয়া বিধি-নিষেধত
নিৰ্গুণ ভাৱত থিতি হুয়া নিৰন্তৰে |
জানি পুৰুষাৰ্থ সাৰ-তত্ত্ব কৃষ্ণ-কথামৃত-সাগৰত
কথনে-মথনে সদায়ে ৰমণ কৰে ||৬৪৭
হৰিৰ গুণৰ দেখা বল লভিলেক যিটো মোক্ষ-ফল
তাহাৰাসৱৰো চিত্তক আনয় টানি |
এতেকে নিপুণ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন
হৰিৰ গুণক নছাড়িবা সাৰ জানি ||৬৪৮
শুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত থিত
তথাপি উত্তম-শ্লোকৰ মহিমা-গুণে |
কৰিলেক মোক বশ্য চিত ভাগৱত-গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো আমি আপুনে ||৬৪৯
তোমাত কহিবো সেহি শাস্ত্ৰ তুমি আক শুনিবাৰ পাত্ৰ
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি |
ই শাস্ত্ৰক শ্ৰদ্ধা-মাত্ৰকত মুকুন্দৰ পাদ পঙ্কজত
আতি শ্ৰীঘ্ৰে তাৰ হুইবে জানা সতী মতি ||৬৫০
সৃষ্টি-স্থিতি-প্ৰলয়ৰ হেতু অনন্ত বিচিত্ৰ কৰ্ম্ম হৰি
কৰা যিটো তাক গাৱে শুনে প্ৰশংসেয় |
অপৱৰ্গ-দাতা ভগৱন্ত তাহান চৰণ-পঙ্কজত
তিনিৰো নিছয় উত্তম ভক্তি হোৱয় ||৬৫১

নাম-মহিমা

হৰি-কীৰ্ত্তনৰ তাপ লাগি পলায় পাপ দশো দিশে ভাগি
হেৰা পাইলে বুলি ভয়ত ভিড়ি লৱড়ে |
ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই আউৰ ব্ৰহ্মাণ্ডক পলাই যায়
নামে খেদি নেন্তে ব্ৰহ্মাণ্ডোপৰি বাগৰে ||৬৫২
পাছে পাছে হৰি-নামে খেদে একো ব্ৰহ্মাণ্ডত থান নেদে
মহা মহা পাতেকৰ গৰ্ব্ব ভৈল দূৰ |
এৱে কৈক যাইবো বুলি ডৰি কাম্পে সৱে পাপ তৰতৰি
হৰি-নামে পাই দহি দৰিলেক চুৰ ||৬৫৩
নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি-পূৰি
ধৰ্ম্মময় তনু ভৈ গৈল হৰি-ভকত |
হৰিৰ কৰুণা ভৈলা তাম উচ্চ কৰি দিয়া হৰি-ডাক
পৰম সন্তোষে নাচে আতি আনন্দত ||৬৫৪
শুদ্ধে বা অশুদ্ধে এক নাম বোলে বা শুনে বা মনে স্মৰে
অপৰাধ-হীন পুৰুষক সদ্যে তৰে |
দেহ-ধন-জন-অৰ্থ-লোভে পাষণ্ড বুদ্ধিয়ে যিটো লৱে
সেহি হৰি-নামে তাৰিতে শীঘ্ৰে নপাৰে ||৬৫৫

তুতি

বসুদেৱ নিগদতি হাসি সাক্ষাতে বিদিত ভৈলা আতি
তুমিসি পুৰুষ প্ৰকৃতিতো কৰি পৰ |
সমস্তে জীৱৰ বুদ্ধি-সাখী কেৱল-আনন্দ অনুভৱ
স্বৰূপে সুখৰ সাগৰ দেৱ ঈশ্বৰ ||৬৫৬
হে কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সন্তাপিত
দুৰ্ঘোৰ সংসাৰ-তাপত পৰি আছয় |
তযু পস-শ্বেত-ছত্ৰ-প্ৰায় অমৃত বৰিষে সৰ্ব্বদায়
আৰ ছায়া বিনে নেদেখো আৰ আশ্ৰয় ||৬৫৭
বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ |
দেৱৰো দুৰ্ল্লভ আতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলো তযু চৰণ ||৬৫৮

প্ৰাৰ্থনা

ব্ৰহ্মা আদি কৰি যত জীৱ ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ |
মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ ||৬৬০
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||৬৬১
মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ |
নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ ||৬৬২
হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |
প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩
হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |
তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ||৬৬৪

তাত্পমৰ্য্য

চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে
বেকত কৰিয়া থৈলা নাৰায়ণ-বাণী |
সেহি নাৰায়ণ-নাম-গায়া শুদ্ধ কৰো আমি চিত্ত-কায়া
হৰি-সন্তোষৰ কাৰণ আন নজানি ||৬৬৫
একেখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠ দেৱকী-নন্দনে কৈলা যাক
দেৱো একে মাত্ৰ দেৱকী-দেৱীৰ সুত |
দেৱকী-পুত্ৰৰ পদ-সেৱা কৰ্ম্মো একে এহিমানে মাত্ৰ
মন্ত্ৰো একে তান নাম-মাত্ৰ অদভুত ||৬৬৬
কৃষ্ণ-যশে চিত্ত-ধৌত হুয়া সমস্তে ক্লেশক তৰি পুনু
কৃষ্ণ-দাসে কৃষ্ণ-চৰণ-মূল নেড়য় |
সকলে সম্পূৰ্ণ নিজ গৃহ পথিকসকলে পায়া পুনু
দুখ এড়াই যেন সিটো গৃহ নছাড়য় ||৬৬৭
সকলে উপনিষদ ধেনু দোগ্ধা ভৈলা তানে নন্দ-সুত
তাৰ বত্সি ভৈলা কুন্তী-সুত ধনঞ্জয় |
দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত
সুবুদ্ধিসকলে সন্তোষে পান কৰায় ||৬৬৮

বস্তু-প্ৰকাশ

আদি সত্য যুগে শুদ্ধ ধৰ্ম্ম আছিলেক মাত্ৰ হৰি-নাম
দেৱসৱে গুপ্ত কৰিলে কৰি কপট |
হেন হৰি-নাম ব্যক্ত কৰি সমস্তে লোকক উদ্ধাৰিলা
শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সৱাৰো পট ||৬৬৯

আশ্ৰয়

নোহো জানা আমি চাৰি জাতি চাৰি আশ্ৰমী নোহো আতি
নোহো ধৰ্ম্ম-শীল দান-ব্ৰত তীৰ্থ-গামী |
কিন্তু পুৰ্ণানন্দ-সমুদ্ৰৰ গোপী-ভৰ্ত্তা-পদ-কমলৰ
দাসৰ দাস তাম দাস ভৈলো আমি ||৬৭০

প্ৰশংসা

সেহি ধন্য লোক শুচিমন্ত সৰ্ব্ব গুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত
যজ্ঞে তপে সিসিজন আতি শুদ্ধমতি |
সিসিজন মহাদাতা জ্ঞানী সিসি সত্যবাদী মহামানী
পুৰুষোত্তম আছয় যাৰ ভকতি ||৬৭১

মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা

যিদিশত মহাভক্তসৱে শ্ৰীমন্ত কমললোচনৰ
পৰম সন্তোষে কীৰ্ত্তন যিটো কৰয় |
সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি
আপুনি অচ্যুত-স্বৰূপ সিটো হোৱয় ||৬৭২
ৰমানন্দ-পদ-যুগলৰ মকৰন্দ-মধু-ব্ৰত-প্ৰায়
ভকতসকলে যিদিশত প্ৰকাশয় |
সিদিশ জানিবা গঙ্গাদেৱী অনেক প্ৰৱাহ-ৰূপে সেৱি
পৰম নিৰ্ম্মল-স্বৰূপে শোভা কৰয় ||৬৭৩
শ্ৰীমধুদ্বিষ ঈশ্বৰৰ কীৰ্ত্তন মঙ্গল নিৰন্তৰ
যিটো ভুমি-ভাগে শুদ্ধ-ৰূপে হোৱে জাত |
তাৰ ধুলি যিটো শিৰে ধৰে নিছয়ে জানিবা সিটো নৰে
কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত ||৬৭৪
হে দেৱ মহেশ্বৰ হৰি তযু কথামৃত পান কৰি
বঢ়ায়া ভকতি মনক শুদ্ধ কৰয় |
বৈৰাগ্যেসে সাৰ ভৈলা যাৰ হেনয় বোধক লভি পুনু
পৰম নিৰ্ম্মল বৈকুণ্ঠ গৈয়া পাৱয় ||৬৭৫

নামৰ অন্বয়

কৃষ্ণ নিগগতি অৰ্জ্জুনত দেহাদিক আমি অতিক্ৰমি
হৈয়া আছে শুদ্ধ ব্ৰহ্মতো কৰি উত্তম |
এতেকেসে জানা ইটো লোকে বেদতো প্ৰখ্যাত হুয়া আছে
মোৰ নাম ইটো প্ৰসিদ্ধ পুৰুষোত্তম ||৬৭৬

খেদ

আপুন নামক বহুতৰ কৰি নিজ সৰ্ব্ব শক্তি দিয়া
কালৰ নিয়ম নিবিহিলা স্মৰণত |
এতাদৃশী তৱ কৃপা হৰি মোহোৰ দুৰ্দ্দৈৱ দেখা কিনো
অনুৰাগ প্ৰভু নভৈল তযু নামত ||৬৭৭

ভাগৱত-প্ৰশংসা

ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত
যত মহাজনসৱৰ সভা-মধ্যত |
পৰম-আনন্দ-ৰসময় কোটি সূৰ্য্য সম প্ৰকাশয়
মহাভাগৱত নোহন্ত যাৱে বেকত ||৬৭৮

উপদেশ

যিটো মহামতি গুৰুজনে হৰি-ভক্তি-পন্থ-উপদেশ
দুয়া দুখময় সংসাৰৰ পাৰ কৰে |
হেনয় পৰম-গুৰু-ঋণ শুজিবাক প্ৰতি জানা নিষ্ট
অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে ||৬৭৯
হৰি-ভক্তি-দাতা-গুৰু-ঋণ শুজিবাক যিটো অহঙ্কাৰী
অনেক যতনে মনত আলোচে মাত্ৰ |
ঋণ শুজিবাক নপাৰয় জানিবাহা সিটো দুৰাশয়
উপলা-সদৃশ বিনোদৰ ভৈল পাত্ৰ ||৬৮০
হৰি যেন আতি কৃপাময় ভক্ত গুৰুজনো সেহি নয়
দুয়োজন এক শৰীৰ মাত্ৰ ভিন্ন |
কৃপা-ৰসে তুষ্ট হুয়া চিত্ত লোকৰ হিতক চিন্তি নিত
নিজ গুণে তুষ্ট দুয়ো অহঙ্কাৰে হীন ||৬৮১

খেদ

কত মহাদুখে পুণ্য কৰি অপৱৰ্গ-যোগ্য নৰ-তনু
পায়া পৃথিৱীত বিষয়ক মজি ৰৈল |
ইটো খেদ হৰি-সেৱা তেজি আপুনাক আত্মঘাত কৰি
সিটো মহাপাপী আপুনি বঞ্চিত ভৈল ||৬৮২

পৰম-পুৰুষাৰ্থ

একান্ত ভকত যাৰা হয় কিছু অৰ্থ তাৰা নবাঞ্জয়
মহা অদভুত হৰি-গুণ-নামময় |
পৰম মঙ্গল কৃষ্ণ-যশ যাত পৰে আন নাহি ৰস
পৰম আনন্দ-সমুদ্ৰে মজি ৰহয় ||৬৮৩

শৰণ

যাদৱ যদু-নন্দন, মাধৱ মধু-সূদন |
তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোহ্মাত লৈলো শৰণ ||
ইবাৰ কৰুণাময় হৰি কমলাপতি
মোৰে নছাড়িবা নাৰায়ণ |
অৰুণ চৰণ-তলে হৰি কমলাপতি
সত্যে সত্যে পশিলো শৰণ ||৬৮৪

হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ |
মানৱী জনম সাফল কৈলো এ হৰি নাৰায়ণ ||৬৮৫
গোপাল গোৱিন্দ যদু-নন্দন |
কৃষ্ণৰ চৰণে লৈলো শৰণ ||৬৮৬
ৰাঘৱৰ অভয় চৰণে |
সত্যে সত্যে পশিলো শৰণ ||৬৮৭
ৰামৰ চৰণে শৰণ লৈলো |
মানৱী জনম সাফল কৈলো ||৬৮৮
হৰি ও হৰি চৰণে লাগো |
অভয় চৰণে শৰণে মাগো ||৬৮৯
ৰাম ৰঘুপতি ৰঘু-নন্দন |
তোমাৰ চৰণে লৈলো শৰণ ||৬৯০

ভজন

গোপীনাথ গোৱিন্দ ৰা কৃষ্ণ হৰি |
ভজোহো তোহ্মাৰ পদ-কমলত ধৰি ||৬৯১
ভজোহো গোৱিন্দ তোমাৰ পাৱ |
মোক নছাড়িবা সেৱক-দায় ||৬৯২
ৰাম কৃষ্ণ গোপীনাথ গোৱিন্দ |
সেৱোহো তযু পদ-অৰৱিন্দ ||৬৯৩
প্ৰণত-পালক দেৱ গোৱিন্দ |
ভজোহো তযু পদ অৰৱিন্দ ||৬৯৪
মোৰ প্ৰভু নাৰায়ণ এ
হৰি হৰি তোমাৰ চৰণে মনে ভজো |
তোমাক নজানি ভৱসিন্ধু মাজে মজো ||৬৯৫
ভুৱন-মোহন ৰাম ভজিলো তোমাৰ পাৱ |
মহা মহা পাপী যাৰ নাম জপি উত্তম পদক পায় ||৬৯৬

ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ
নিৰ্ব্বিকাৰ নিৰাময় হৰি |
চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ
ভজো তুৱা চৰণত ধৰি হৰি ৰাম |
বিভু প্ৰভু অনন্ত দৈত্যাৰি ||৬৯৭

নমস্কাৰ

দীন-বন্ধু ৰাম দায়াশীল দেৱ |
তুৱা পদ-কমল সদায়ে কৰো সেৱ ||৬৯৮
মোৰ প্ৰভু ৰাম কৰুণা-সাগৰ |
আমি দুখিতক নছাড়িবা দামোদৰ ||৬৯৯
মধুৰিপু ৰাম কমল-লোচন |
তুৱা গুণ-নামে ভৱ-ভয় বিমোচন ||৭০০
বন্ধো মাধৱ মধু-ৰিপু ৰাম |
তুৱা পদ-কমল-যুগল হৰি এ ||৭০১

উপদেশ

পিয়ো পিয়ো পিয়ো অমিয়া-মাধুৰী হৰি ৰাম ৰাম ৰাম
দূৰতে তেজিয়া থৈয়ো আন যত মন-কাম ৰাম ৰাম ৰাম ||৭০২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই এ
সকল নিগমে ওহি সাৰ |
সুমৰিতে হৰি বশ্য হোৱে ভাই এ
সুখে পাই ভৱ-নদী-পাৰ ||৭০৩
ভাল উপায় পাইলো ভাই ভাই এ
ৰাম-নাম নিগম-ৰহস্য |
এক-চিত্ত-মনে ভাব ভাই ভাই এ
যাৰে নাম তাৰে কৰা বশ্য ||৭০৪
ৰাম কৃষ্ণ হৰি বুলিয়ো মুখে |
হৰি-পদে মন মজায়ো সুখে ||৭০৫
ৰাম বুলি ফুৰা বাহু আছাড়ি |
কপটৰ মোট পেহলায়ো ফাড়ি ||৭০৬
ভজ ভগৱন্ত ভকতি-ভাৱে |
নাম লৈয়া গতি পতিতে পাৱে ||৭০৭
ৰাম-নামখানি ফুৰিয়ো গায়া |
কি কৰিবে পাৰে হৰিৰ মায়া ||৭০৮
ৰাম-নামখানি লৈয়োক ডাটি |
হেলায়ে মাৰিয়ো যমেৰ ঘাটি ||৭০৯
মুখে ৰাম-নাম গাৱ |
মায়াৰ বাঝু মাৰিয়া যাৱ ||৭১০
ৰাম-কৃষ্ণ-নাম জপ সঘনে |
হৰিৰ চৰণ নেড়িবা মনে ||৭১১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা |
আশা-সমুদ্ৰৰ মন তোলা ||৭১২
ৰাম কৃষ্ণ হৰি বুলিয়ো ঝাণ্টে |
মিলিবে মৰণ হাটে কি বাটে ||৭১৩

মহিমা

হৰিত শৰণ লৈয়ো যিটোজন এ
হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰে |
দুৰ্ঘোৰ আপাৰ সংসাৰ-সাগৰ এ
সিটো মহাজনে অতি মহাসুখে তৰে ||৭১৪
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই এ
পৰম যতনে তেজিয়ো যত অন্যায় |
তোমাক মই ভাণ্ডো তুমি মোক ভাণ্ডা এ
চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায় ||৭১৫

ভাৰতবৰিষ ধন্য কলিযুগ,
হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনা নত-তনু অনুপম |
হৰিত একান্তে শৰণ পশিয়া
হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ধৰ্ম্ম-শিৰোমণি
ঘুষিয়ো হৰিৰ নাম ||৭১৬

আত্ম-উপদেশ

বিচাৰি দেখিয়ো পামৰ মনাই এ
ইহ পৰলোকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম |
মজিয়া ৰহস সুহৃদ মনাই এ
হৰি-গুণ-নাম অপাৰ আনন্দ-সিন্ধু ৰাম ৰাম ||৭১৭
নিচিন্তি আছস কেমনে মনাই এ
সুখেৰ সাগৰ হৰিত নকৰি ৰতি ৰাম ৰাম |
আলাস তেজিয়ো ভজিয়ো মনাই এ
ভৃত্য-ভয়-হাৰী হৰিসে পৰম গতি ৰাম ৰাম ||৭১৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুল ৰে পামৰ মন
ভুলিয়া কমনে পাপী মৰ |
যাৰ্মায়া-পাশে বন্দী হুয়াছ পামৰ মন
তান দুই চৰণত ধৰ ৰে পামৰ মন
ভুলিয়া কমনে পাপী মৰ |
গোৱিন্দ বোল মনাই মুকুন্দ বোল মনাই ||৭১৯
ব্ৰহ্মা হৰো যাত শৰণ পশয়
আনৰ কোন বৰাই ||৭২০
বিষয়-বিকলে নমৰ মন |
সদায় চিন্তিয়ো হৰি-চৰণ ||৭২১
নিগম-নিগূঢ় হৰি নাম |
নলৈয়া মন কৰ কোন কাম ||৭২২
ভৱ-সিন্ধু-সেতু হৰি-চৰণ |
যম-কাল্মায়া-দুখ-তাৰণ ||৭২৩
কপট আচাৰ তেজিয়া মন |
কেৱলে ভজিয়ো হৰি-চৰণ ||৭২৪
কৈতৱ তেজিয়ো ভজিয়ো হৰি |
তেৱেসে হৰি লৈৱ দাস কৰি ||৭২৫
হৰিৰ আশ্ৰয় নেড়িয়ো ভাই |
ঐকান্তিক সুখ তেৱেসে পায় ||৭২৬
একান্তে হৰিত কৰিয়ো ৰতি |
হৰিসে নিজ ভকতৰ গতি ||৭২৭
সৰ্ব্ব পুৰুষাৰ্থ কৈতৱ জান |
হৰি মাত্ৰ সত্য বেদ প্ৰমাণ ||৭২৮
পৰম শ্ৰেয়স হৰি-ভকতি |
জানি হৰি-পাৱে কৰিয়ো ৰতি ||৭২৯
হৰি-গুণ-নাম কৰিয়ো সাৰ |
নিজ যশ-প্ৰিয় জগ-আধাৰ ||৭৩০
বিধিৰ কিঙ্কৰ তেজি ভকতি |
গায়ো হৰি-যশ নিৰ্ম্মল-মতি ||৭৩১
লৈয়ো একে মাত্ৰ সাধু-সঙ্গতি |
তেৱেসে নিৰ্ম্মল হৈৱ ভকতি ||৭৩২
যাৱত কৈতৱ নেড়স মন |
তাৱত নপাইবি হৰি-চৰণ ||৭৩৩
কৈতৱ সত্য জান ভাগ কৰি |
ভজিয়ো হৰিক কৈতৱ এড়ি ||৭৩৪
হৰিত বিনাই সৱে কৈতৱ |
ভজ হৰি-পাৱে কৰি উত্স|ৱ ||৭৩৫
ক্ষণিক জীৱন জানি মনাই |
তৰিয়ো সুখে হৰি-গুণ গাই ||৭৩৬
দুৰ্ঘোৰ সংসাৰ-নিকাৰ জানি |
নেড়িবা সদা মুখে ৰাম-বাণী ||৭৩৭
তেৱেসে হৰিৰ পাইবা আশ্ৰয় |
ভজিয়ো হৰি তেজি লাজ ভয় ||৭৩৮
নিগুণ হৰিৰ গুণক গায়া |
পৰমানন্দ তেজি পাইবা মায়া ||৭৩৯
হৰি-গুণ-নাম নিগম-তত্ত্ব |
মুকুতসৱৰো মুখ্য-সন্মত ||৭৪০
জানি হাৰ-পাৱে নেড়িয়ো আশ |
কহে মূঢ়মতি মাধৱ দাস ||৭৪১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল মন ভাই |
হৰিৰ সন্তোষ হয় গুচয় সংসাৰ-ভয় |
হৰি-পদ-সেৱা-সুখ পায় হৰি ৰাম ||৭৪২

নিন্দা

হৰি-নামৰ কীৰ্ত্তন সুখ |
নজানে যিজন হৰি-বিমুখ ||৭৪৩
নকৰে কীৰ্ত্তন যিটো পামৰ |
সিজন অধীন ভৈল যমৰ ||৭৪৪
হৰি-গুণ-নাম নলৱে মুখে |
যমৰ যান্ত্ৰনা ভূঞ্জিবে দুখে ||৭৪৫
নকৰে কীৰ্ত্তন হৰি-নামৰ |
কি কাৰ্য্যে মনুষ্য ভৈল পামৰ ||৭৪৬
হৰি-কীৰ্ত্তনত নকৰে ৰতি |
পশুতো অধম সিটো কুমতি ||৭৪৭
নুফুৰে সদা হৰি-গুণ গায়া |
জানিবা মুহিলে হৰিৰ মায়া ||৭৪৮
হৰি-কীৰ্ত্তনত নেদিলে চিত্ত |
সিটো ভাগ্য-শূণ্য ভৈল বঞ্চিত ||৭৪৯

আত্ম-নিন্দা

তুমি প্ৰাণ-প্ৰিয়তম সুহৃদ দেৱ
প্ৰাণ-প্ৰভু পীতাম্বৰ এ
তুমিসে কেৱল আত্মা মোৰ |
হৰি হৰি তুমিসে পৰম আত্মা মোৰ |
তোমাক নজানি জড় মিছা শৰীৰক মই
প্ৰাণ-প্ৰভু পীতাম্বৰ এ
আত্মা বুলি ভৈলো সেৱা-চোৰ |
প্ৰাণ-বন্ধু কিনা মই অজ্ঞানী দুৰ্ঘোৰ হৰি এ ||৭৫০

খেদ

দুৰ্ব্বাৰ দু:সঙ্গ দুৰ্ব্বাসনা দুষ্ট
হৰি হৰি হৰি হৰি এ
অনাদি বিদ্যা আপুনি ভৈলো মোহিত |
অনাত্মা দেহক আত্মা-বুদ্ধি কৰি
হৰি হৰি হৰি হৰি এ
তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত ||৭৫১
আত্যন্তিক সুখ তযু পদ-সেৱা
হৰি হৰি হৰি হৰি এ
সেৱা পৰিহৰি সি সুখে ভৈলো বঞ্চিত ||৭৫২
মায়াময় ঘোৰ সংসাৰ-নিকাৰ
হৰি হৰি হৰি হৰি এ
তাকে সুখ মানি মগ্ন ভৈল মোৰ চিত্ত ||৭৫৩
তুমি শুদ্ধ বুদ্ধ নিত্য নিৰ্ম্মল-নিৰ্গুণ দেৱ
মোৰ প্ৰভু নাৰায়ণ এ
স্বৰূপ আনন্দে সদা সুখী |
হৰি হৰি তুমি নিজানন্দে সদা সুখী |
আমি মূঢ়মতি ঘোৰ অবিদ্যা-সাগৰে মজি
মোৰ প্ৰভু নাৰায়ণ এ
তোমাক নজানি ভৈলো দুখী |
হৰি হৰি স্বৰূপ নজানি ভৈলো দুখী হৰি এ ||৭৫৪
অখণ্ডিত সদা শুদ্ধ চৈতন্য-শক্তিৰ বলে
মোৰ প্ৰভু নাৰায়ণ এ
তুমি দূৰ কৰি আছা মায়া |
হৰি হৰি তোমাৰ নিকটে নাহি মায়া |
তোমাক নভজো পদে মায়ায়ে মুহিলে মোক
মোৰ প্ৰভু নাৰায়ণ এ
আৱে কৃপাময় কৰা দায়া |
হৰি হৰি মায়াক নিবাৰি কৰা দায়া হৰি এ ||৭৫৫
দেৱকী-নন্দন দেৱ দেৱকী-নন্দন দেৱ
দীনবন্ধু দামোদৰ এ
হৰি হৰি চৰণে উদ্ধাৰ কৰা মোক
প্ৰাণ-বন্ধু ইবাৰ নেড়িবা হৰি মোক |
ভকতি মিনতি তুতি প্ৰণতি নজানো মঞি
দীনবন্ধু দামোদৰ এ
হৰি হৰি আৱে মোৰ কেন গতি হোক |
প্ৰাণ-বন্ধু মোৰ মন তোমাৰ ৰহোক হৰি এ ||৭৫৬
হে কৃষ্ণ তুমি নিজ আত্মা প্ৰিয়তম গুৰু
মোৰ প্ৰভু নাৰায়ণ এ
পৰম ঈশ্বৰ ভয়হাৰী
হৰি হৰি তুমি ইষ্ট দেৱ ভয়হাৰী |
এতেকে জানিয়া তযু চৰণে শৰণ লৈলো
মোৰ প্ৰভু নাৰায়ণ এ
নছাড়িবা ইবাৰ মুৰাৰী
হৰি হৰি লৈয়ো মোক মায়াক নিবাৰি হৰি এ ||৭৫৭
মনুষ্য-যোনিৰ কৰ্ম্মে নি:শেষ যোনিত ফুৰি
দীনবন্ধু দামোদৰ এ
হৰি হৰি বাৰে বাৰে ভুঞ্জিলো অপাৰ |
দীন-বন্ধু কতবা ভুঞ্জিলো নাহি পাৰ |
ইবেলি তোহ্মাৰ দুই চৰণে শৰণ লৈলো
দীনবন্ধু দামোদৰ এ
হৰি হৰি নকৰিবা মোক পৰিহাৰ |
প্ৰাণ-বন্ধু চৰণত ৰাখিয়ো ইবাৰ হৰি এ ||৭৫৮
পুনু পুনু নৰ-তনু লভিয়া তোমাক তেজি
দীনবন্ধু দামোদৰ এ
হৰি হৰি সংসাৰে ভ্ৰমিলো অসংখ্যাত |
দীন-বন্ধু কতবা কৰিলো আয়াযাত |
ইবেলি কৰুণাময় তোমাৰ কিঙ্কৰ ভৈলো
দীনবন্ধু দামোদৰ এ
হৰি হৰি ৰতি মোৰ ৰহোক তোমাত |
প্ৰাণ-বন্ধু চৰণত কৰো প্ৰণিপাত হৰি এ ||৭৫৯
মাধৱ মুকুন্দ মুৰাৰি কি গতি হৈব হামাৰ
মায়াৰ ৰচনা আশা-নদী মাজে |
মজিয়া নপাইলো পাৰ ||৭৬০

মহিমা

ৰামৰ নামেসে অমিয়া ঝুৰে
ভকত-জন-মনোৰথ পূৰে ||৭৬১
ভাল ভাৰসা পায়া আছি হৰি কৰুণাময়
ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ |
ৰাম বুলিতে পাপী তৰে হৰি কৰুণাময়
সকল আপদ হোৱে দূৰ ||৭৬২
ভকতসৱে ৰাম-নাম গাৱে |
কালামায়া ডৰে তৰতৰাৱে ||৭৬৩

কাৰুণ্য

জয় জগজীৱ মোৰে প্ৰাণ
মোৰে প্ৰাণধন বান্ধৱ মুৰাৰী |
শ্ৰৱণে আনন্দে শুনিছো গোৱিন্দ
তুমি দীন-দুখ-হাৰী ||৭৬৪
মোৰ জীৱ-ধন গোপীনাথ
প্ৰাণ গোপীনাথ পশীলো শৰণে |
মোৰ প্ৰাণ মন মজিয়া ৰহোক
তোমাৰ চৰণে ||৭৬৫
দুগুটি অক্ষৰ ৰাম-নাম
শ্ৰীৰাম-নাম অমিয়া-মাধুৰি ঝুৰে |
অতি সুকোমল পৰম মঙ্গল
সৱে মনোৰথ পূৰে ||৭৬৬
জয় জয় নিত্য নিৰঞ্জন
নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন |
পৰম অভয় তোমাৰ চৰণ
তাপ-তিনি-বিনাশন ||৭৬৭
দায়াশীল দেৱ দামোদৰ তুমি দীন-জন-বন্ধু
পতিত-পাৱন তুমি কৃপাময়
কেৱলে কৰুণা-সিন্ধু ||৭৬৮
হৰি হৰি হৰি হৰি এ হৰি হৰি হৰি হৰি
তুমি কৃপাময় দীন-দুখ-বিনাশন |
ভৃত্য-ভয়-হাৰী জানিয়া তোমাৰ
চৰণে লৈলো শৰণ ||৭৬৯
হে কৃষ্ণ দীন-দায়াশীল দীন-দায়াশীল
দায়া নছাড়িবা মোক |
অজ্ঞান-তিমিৰ নাশিয়া বিজ্ঞান-
প্ৰদীপ প্ৰভু দিয়োক ||৭৭০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি |
অচিন্ত্য অনন্ত সুখেৰ সাগৰ
কৃষ্ণৰ পদ-ভকতি ||৭৭১
হে প্ৰাণ-প্ৰভু কৃষ্ণদেৱ প্ৰাণ কৃষ্ণ দেৱ
দীনক কৰিয়ো দায়া |
পৰম তাপিতে মাগোহো তোমাৰ
শীতল চৰণ-ছায়া ||৭৭২
প্ৰাণ প্ৰিয়তম যদুদেৱ
দিয়ো মোক এহি দান |
কৰায়ো তোহ্মাৰ চৰন সেৱাৰ
সন্তোষে অমিয়া-পান ||৭৭৩
নমো ৰাম কৃষ্ণ সদাশিৱ
সদাশিৱ কৃষ্ণ তুমি জগতৰ গতি |
অপায়-ৰহিত মাগোহো ভকতি
চৰণে কৰি প্ৰণতি ||৭৭৪
জগত-গুৰু নাৰায়ণ জগত-গুৰু নাৰায়ণ
মোৰ প্ৰভু ৰাম-কৃষ্ণ ৰাম |
হৰি তো হৰি ৰাম কৃষ্ণ হৰি ৰাম ||৭৭৫
ৰাম কৃষ্ণ নিৰঞ্জন ৰাম কৃষ্ণ নিৰঞ্জন
দীন-বন্ধু নাৰায়ণ এ
তুমি প্ৰভু অগতিৰ গতি ||৭৭৬
গোপীনাথ গোপীনাথ মোৰে কমলাকান্ত
মোৰ প্ৰভু ৰাম নাৰায়ণ |
অভয় চৰণ পাই পশিলো শৰণ ||৭৭৭
অনাদি অনন্ত হৰি এ জীৱন বন্ধু
ৰাম কৃষ্ণ কৰুণা-সাগৰ |
অনাথৰ নাথ দায়াশীল দামোদৰ ||৭৭৮
পৰমপুৰুষ হৰি এ পৰমানন্দ
পৰম-কাৰণ নাৰায়ণ
ভকত-ৰঞ্জন তযু অৰুণ চৰণ |
অনন্ত অচ্যুত সদাশিৱ সনাতন ||৭৭৯
জয়তি জগত-গুৰু এ গুণেৰ নিধি
নিত্য নিৰঞ্জণ নিৰাকাৰ |
তোহ্মাৰ চৰণে সদা শৰণ আমাৰ ||৭৮০
দৈৱকী-নন্দন প্ৰভু এ পৰমগুৰু
দায়াশীল দেৱ নিৰঞ্জন |
তযু পদ-কমলে মজোক মেৰি মন ||৭৮১
জগত-জীৱন যদু এ যাদৱানন্দ
জগত-কাৰণ যদুপতি |
তুমিসে কেৱলে নিজ ভকতৰ গতি ||৭৮২
ভকত-বত্স ল প্ৰভু এ ভকত-বন্ধু
ভকত-ৰঞ্জন ভয়হাৰী ||৭৮৩
ভকতৰ নিজ গতি তুমিসে মুৰাৰি |
পতিত জনৰ গতি এ জগতপতি
পতিত-পাৱন ভগৱন্ত |
পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত ||৭৮৪

তাত্পশৰ্য্য

কৰুণাময় ৰাম কৰুণাময় |
কৰিয়ো কৃপা যেন উচিত হয় ||৭৮৫
তুমিসে ৰাম কৃপা-ৰসেৰ নিধি |
তোহ্মাৰ কৃপা বিনে নাহিকে সিদ্ধি ||৭৮৬
তোহ্মাৰ কৃপাসেৱে কৰিছো আশ |
অৰুণ-পদ-তলে দিয়োক বাস ||৭৮৭
সহজে তুমি ৰাম কৰুণা-সিন্ধু |
তোমাত বিনে আন নাহিকে বন্ধু ||৭৮৮
তোমাৰ কৃপা-লেশে আমাৰ গতি |
কহয় মাধৱ মূৰুখ-মতি ||৭৮৯

কাকূতি

কিমতি ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম-ৰাম |
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম ||৭৯০
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান-আন্ধাৰে পৰিয়া পাৰ নপাঞ ৰাম ৰাম |
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ-নাম-ভকতি-প্ৰদীপ চাঞো ৰাম ৰাম ||৭৯১
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোৰ পৰে জ্ঞান-শূণ্য হীন-মতি নাই ৰাম ৰাম |
তুমি প্ৰভু কৃপা-ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদ-ছায়া-তলে ঠাই ৰাম ৰাম ||৭৯২
হৰি এ কৰুণাসিন্ধু জীৱন-বন্ধু
গতি মতি তুমি নাৰায়ণ |
তুৱা গুণ-নাম ভকতৰ মহাধন ||৭৯৩
পতিত বুলিয়া মোকে হৰি হৰি ও ৰাম
তেজিতে নপাৰা নাৰায়ণ |
পৰম কৰুণা-গুণে হৰি হৰি ও ৰাম
নাম ধৰিছা পতিত-পাৱন ||৭৯৪
দায়াৰ ঠাকুৰ ছয়া দায়া কেনে নকৰয় |
ৰাম কৃষ্ণ নাৰায়ণ দীন দায়াময় ||৭৯৫
মোকে কৃপা কৰা হৰি এ
দান্তে ধৰো তৃণ মাথে ধৰো তৃণ |
তুমি কৃপাময়ক নজানো এত দিন
মোকে কৃপা কৰা হৰি এ ||৭৯৬
মোকে কৃপা কৰা এ ঐ বন্ধু ৰাম প্ৰাণ-বন্ধু ৰাম
নেৰোক মুখে ৰাম-কৃষ্ণ-নাম ||৭৯৭
পতিত-পাৱন বুলি নাৰায়ণ এ
পৰম পতিতে ডাকয় আতুৰ হুয়া |
তযু বেদ-বাণী আমি আছে শুনি এ
মহা মহাপাপী তৰে তযু নাম লৈয়া ||৭৯৮
তুৱা গুণ-নাম অমৃত-আশায়ে এ
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি |
চৰণত ধৰো কাতৰ কৰো এ
মঞি অনাথক নছাড়িবা যদুপতি ||৭৯৯
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ
নিচয় তোমাৰ দিবাক লাগে প্ৰসাদ |
নিজ ভৃত্য কৰি লৈলে গোপীনাথ এ
তযু কৃপাময় মিলন কোন প্ৰমাদ ||৮০০
হে দায়াশীল দেৱ দামোদৰ এ
তোমাৰ চৰণে বোলোহো কাকুতি-বাণী |
মোক নিজ দাস কৰি লৈলে হৰি এ
কহিয়ো কৃপাল তোহ্মাৰ কি হয় হানি ||৮০১
পৰম কৃপালু হুয়া যদুপতি এ
কিনো অপৰাধে মোক ভৃত্য পৰিহৰা |
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা ||৮০২
জ্ঞান-শূন্য আতি পশু-পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময় |
আকে জানি হৰি শৰণে পশিলো এ
আমাক তোহ্মাৰ তেজিতে উচিত নয় ||৮০৩
তোমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ
কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী |
মঞি অনাথক নবঞ্চিবা হৰি এ
তযু সেৱা-ৰস আশা কৰিয়াছো আমি ||৮০৪
বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দেৱকীত হন্তে সাক্ষাতে ভৈল বিদিত |
জীৱৰ তৰণ-হেতু নাৰায়ণ এ
প্ৰচাৰিলা নিজ যশ-ধৰ্ম্ম বিপৰীত ||৮০৫
ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
জোনো মোক তুলি দাস পৰিহৰা হৰি |
ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি ||৮০৬
তোমাৰ নামৰ মহিমা দেখিয়া এ
আন যত কাম দূৰতে তেজিয়া থৈলো |
তযু পদ-সেৱা-ৰসক আশায় এ
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো ||৮০৭
সহজ-কৃপালু-গুণক প্ৰকাশি এ
ধৰি আছা হৰি ভকত-বত্সকল নাম |
ধেনু যেনমতে বত্স ক পালয় এ
তুমি সেহিমতে ভকতক পালা ৰাম ||৮০৮
আমি যত জীৱ তোমাৰ পালন
হৰি হৰি হৰি হৰি এ
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী |
আৱে যেৱে নিজ ভৃত্য বুলি পালা
হৰি হৰি হৰি হৰি এ
তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি ||৮০৯
তুমি যাক পালা সিওজন আমি
হৰি হৰি হৰি হৰি এ
সংসা-নিকাৰ ভুঞ্জিয়া ফুৰো বহুত |
তোমাৰ অধীন হুয়া কেনে আমি
হৰি হৰি হৰি হৰি এ
ভৈলোহো স্বতন্ত্ৰ ইটো কিনো অদভুত ||৮১০
তোমাক পৰম ঈশ্বৰ নামানি
হৰি হৰি হৰি হৰি এ
মহা অহঙ্কাৰে দ্ৰোহ আচৰিলো আমি |
আৱে তযু পদে শৰণ পশিলো
হৰি হৰি হৰি হৰি এ
মই দ্ৰোহিয়াৰ দোষ ক্ষমা কৰা স্বামী ||৮১১
দাস হুয়া তযু সেৱা নকৰিলো
হৰি হৰি হৰি হৰি এ
ইটো ঘোৰ অপৰাধৰ চিকিত্সাো নাই |
তুমি পুনু প্ৰভু সহজ-কৃপালু
হৰি হৰি হৰি হৰি এ
শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই ||৮১২
মই অজ্ঞানীৰ যতেক অজ্ঞান
হৰি হৰি হৰি হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক |
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
হৰি হৰি হৰি হৰি এ
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক ||৮১৩
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা
হৰি হৰি হৰি হৰি এ
কৃষ্ণেসে সুহৃদ বান্ধৱ গুৰু আমাৰ |
কৃষ্ণৰ চৰণ-পঙ্কজ বিনাই
হৰি হৰি হৰি হৰি এ
অয়ি অনাথৰ গতি নাহি নাহি আৰ ||৮১৪

প্ৰাৰ্থনা

অচিন্ত্য অনন্ত শকতিৰ পতি
হৰি হৰি হৰি হৰি এ
তুই কৃপাময় দেৱ অগতিৰ গতি |
তুমি সত্য সনাতন সদাশিৱ
হৰি হৰি হৰি হৰি এ
তোমাৰ চৰণে মাগোহো নিৰ্ম্মল ৰতি ||৮১৫
হে হৰি মোৰ মুখে নছাড়োক
হৰি হৰি হৰি হৰি এ
পৰম নিৰ্ম্মল তযু গুণ-নাম-যশ |
কৰা কৃষ্ণ কৃপা মনত মিলোক
হৰি হৰি হৰি হৰি এ
তযু পদ-সেৱা-পৰম-অমিয়া-ৰস ||৮১৬
জয় জয় ৰাম কৰুণা-সাগৰ এ
মোকে নাৰায়ণ ইবাৰ কৰিয়ো দায়া |
অভয়ে চৰণে শৰণ পশিলো এ
প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া ||৮১৭
যাদৱ যদু-নন্দন গোৱিন্দ মুকুন্দ মুৰবিনাশী |
অবিদ্যা-সাগৰে মজিলো মাধৱ
উদ্ধাৰ কৰিয়ো আসি ||৮১৮
জীৱন যাদৱৰায় সেৱোহো তোমাৰ পায়
ৰাম নেৰিবা নফৰ-দায় |
তুৱা পাৱে ৰতি যিমতে কৰিবো
দিয়োক নাথ উপায় ||৮১৯
যাদৱ জয় যদুপতি তোমাৰ চৰণে লাগো |
শ্ৰৱণ-কীৰ্ত্তন নিৰ্ম্মল ভকতি
কাকুতি কৰিয়া মাগো ||৮২০
দীন দায়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি |
দান্তে তৃণ ধৰো চৰণত ধৰো
নেৰিবা মোক মুৰাৰী ||৮২১
কৰুণাময় কৰুণাসাগৰ কৃপাৰ কৰুণাসিন্ধু |
তোমাৰ কৃপাৰ আমি নোহো পাত্ৰ
তুমি পুনু দীনবন্ধু ||৮২২
ৰাম কৃষ্ণ হৰি গোৱিন্দ
দীন-দায়াশীল স্বামী |
তোমাৰ চৰণে সহজ বাসনা শৰণ মাগোহো আমি ||৮২৩
হয় যদুপতি যাদৱ তুমি অগতিৰ গতি |
দান্তে তৃণ ধৰি তোমাৰ চৰণে
মাগোহো সাধু-সঙ্গতি ||৮২৪
ৰাম কৃষ্ণ হৰি গোৱিন্দ সেৱক ভৈলো তোমাৰে |
অভয় চৰণে শৰণ পশিলো চুৰিয়ো মায়া হামাৰে ||৮২৫
গোৱিন্দ গোপাল গোপীনাথ
দয়া নছাড়িবা মোৰে |
অপাৰ সংসাৰ আৰ নাহি পাৰ
মজিলো এ দুখ ঘোৰে ||৮২৬
হৰি হৰি হৰি এ ৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ |
কৰা হৰি মোৰ মায় উপশম নাৰায়ণ নাৰায়ণ ||৮২৭
গুপীনাথ ইবাৰ মোকে নেড়িয়ো |
তযু মায়া-জান-জঞ্জাল গুচায়া
চৰণে শৰণ দিয়ো ||৮২৮
গোপাল গোপাল পালয় কৃপাময় |
তুৱা পাৱে মোৰ মতি-ৰতি যেন নছাড়য় ||৮২৯
ৰাম ৰাঘৱ ৰঘুপতি এ তুমি দেৱ অগতিৰ গতি না হে
তুৱা পদ-কমলৰ মকৰন্দ-ৰসে ৰতি
কৰিয়া থাকোক মোৰ মতি না হে ||৮৩০
জয় জয় যদুপতি এ
তুৱা পাৱে পশিলো শৰণ না এ |
ভাল কথা শুনি আছে মনে লৈলো সাৰ বাছি
তুৱা নাম পতিত পাৱন না এ ||৮৩১
প্ৰাণ-বান্ধৱ মাধৱ এ দায়াশীল দৈৱকী-নন্দন না হে
তুমি দেৱ দীন-বন্ধু কেৱলে কৰুণাসিন্ধু
কৰে তযু চৰণে বন্দন না হে ||৮৩২
মোৰ প্ৰাণ-বন্ধু গোৱিন্দ সেৱক কৰিয়া লৈয়ো |
আন একো কাম নমাগো তোমাৰ
ভৃত্যৰ সঙ্গত থৈয়ো ||৮৩৩
চিদানন্দ ৰাম সদানন্দ হৰি |
নিত্যানন্দ কৃষ্ণ মোক লৈয়ো দাস কৰি ||৮৩৪
হৰি ও তুমি আনন্দ-সিন্ধু |
হামো ভিক্ষাৰী মাগো এক বিন্দু ||৮৩৫
মধু-ৰিপু ৰাম ৰঘু-পতি |
তোমাৰ চৰণে মোৰ গতি ||৮৩৬
অৰুণ চৰণে দিয়ো ছায়া ৰাম |
তেৱেসে তৰিবো তযু মায়া ৰাম ||৮৩৭
দান্তে তৃণ ধৰি হৰি চৰণত লাগো |
তযু কৃপা-ৰসৰ কণিকা এক মাগো ||৮৩৮
দায় কৰা দায়া কৰা মোৰে হে ৰাম |
তোমাৰ চৰণ হৰি হৃদয়-পঙ্কজে ধৰি
মুখে লৈবো তুৱা গুণ-নাম যদুমনি এ ||৮৩৯
ৰাম-কৃষ্ণ বুলি অনাথে ডাকয় এ হৰি নাৰায়ণ |
অনাথক দায়া কৰা কৃপাময় এ হৰি নাৰায়ণ ||৮৪০
নাৰায়ণ নাৰায়ণ নাৰায়ণ নাৰায়ণ জয় নাৰায়ণ |
তোমাৰ অৰুন চৰণ-পঙ্কজে নিমজোক মেৰি মন ||৮৪১
নাৰায়ণ নাৰায়ণ তুৱা চৰণে আমাৰ |
মজোক মন জয় ৰাম ||৮৪২

প্ৰাৰ্থনা-নিবেদন

এ ৰাম ৰাম জয় পৰমানন্দ |
পিঞো তযু চৰণ-কমল মকৰন্দ ||৮৪৩
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ |
তযু পদ-কমলে মজোক মেৰি মন ||৮৪৪
এ ৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন |
তুমিসে ঈশ্বৰ দেৱ ভকত-ৰঞ্জন ||৮৪৫
এ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
তুমি গুণ-নিয়ন্তা নিৰ্গুণ গুণধাম ||৮৪৬
ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম,
শ্ৰীৰাম দেৱ ৰঘুপতি |
হে প্ৰভু ৰঘুনাথ প্ৰণামো দমায়া মাথ
তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম
ৰঘু-কুল-নন্দন মুৰাৰী ||৮৪৭
গোপাল গোৱিন্দ ৰাম গোপাল গোৱিন্দ ৰাম
গোপাল গোৱিন্দ জয় ৰাম |
তোমাৰ চৰণ হৰি কেৱলে ভকতি বিনে
মোৰ আৰ নাহি আন কাম হৰি ৰাম ||৮৪৮
গোপীনাথ গোপীনাথ গোপীনাথ গোপীনাথ
গোপীনাথ গোপীনাথ হৰি |
তোমাৰ অভয় দুই চৰণে শৰণ লৈলো
লৈয়ো মোক নিজ দাস কৰি হৰি ৰাম ||৮৪৯

নাম-ছন্দ
ঘোষা

কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ ৰাম কৃষ্ণ ৰাম ||৮৫০
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম |
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম ||৮৫১
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম |
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ ||৮৫২
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ
গোৱিন্দ ৰাম মুৰাৰি |
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী ||৮৫৩
গোৱিন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি |
ভকতি-ৰোচন দুখ-বিমোচন
ভকতৰ ভয়হাৰী ||৮৫৪
পৰম পুৰুষ পৰম আনন্দ
পৰম গুৰু মুৰাৰি |
অনাদি অনন্ত অচ্যুত গোৱিন্দ
ভকতৰ ভয়হাৰী ||৮৫৫
জয় যাদৱ এ মোৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ |
ভকতৰ ধন তযু অৰুণ চৰণ ||৮৫৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি জয় নাৰায়ণ ||৮৫৭
ৰাম ৰাম ৰাম ৰাম ৰাম |
ৰাম কৃষ্ণ হৰি নাৰায়ণ ||৮৫৮
ৰাম ৰাম ৰাম ৰাম |
ৰাম কৃষ্ণ হৰি হৰি হৰি ||৮৫৯
হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম ৰাম |
শ্ৰীৰাম জয় জয় ৰাম ||৮৬০
ৰাম ৰাম ৰাম ৰাম গোপাল |
জীৱেৰ জীৱন যদুৰায় ||৮৬১
দীন দায়াশীল দেৱ দামোদৰ হৰি দামোদৰ |
দামোদৰ দামোদৰ দেৱ দামোদৰ হৰি দামোদৰ ||৮৬২
অনাদি অনন্ত সদাশিৱ সনাতন হৰি এ |
নিত্য নিৰঞ্জন হৰি নিত্য নিত্য নিৰঞ্জন ||৮৬৩
নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন |
নিত্য নিৰঞ্জন নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন ||৮৬৪
মুৰাৰী মধুৰিপু ৰাঘৱ এ ৰাম ৰঘুপতি ৰাম ৰাম ৰাম
হৰি ৰাম ৰাম ৰাম |
ৰাম ৰাম ৰাম নাৰায়ণ জয় নাৰায়ণ ||৮৬৫
যাদৱ যদুপতি মাধৱ এ
ৰাম ৰাম কৃষ্ণ নাৰায়ণ হৰি নাৰায়ণ |
নাৰায়ণ হৰি নাৰায়ণ ||৮৬৬
ৰাম কৃষ্ণ গোৱিন্দ গোপীনাথ হৰি গোপীনাথ |
গোপীনাথ গোপীনাথ হৰি গোপীনাথ ||৮৬৭
কৰুণা-সাগৰ মোৰ বান্ধৱ এ |
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ||৮৬৮
ৰাম ৰাম ৰাম ৰাম গোৱিন্দ |
ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ||৮৬৯
ৰাম কৃষ্ণ হৰি গোপাল গোৱিন্দ মুকুন্দ হৰি মুৰাৰি ||৮৭০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
ৰাম কৃষ্ণ ৰাম কৃষ্ণৰাম
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম গোৱিন্দ জয় ৰাম ||৮৭১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি |
ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম ||৮৭২
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম |
পতিত-পাৱন হৰি গুণে অনুপম ||৮৭৩
মোৰ প্ৰভু নাৰায়ণ ৰাম কৃষ্ণ ৰাম |
ভকত-বত্স ল প্ৰভু গুণে অনুপাম ||৮৭৪
ৰাম কৃষ্ণ নাৰায়ণ হৰি ৰে হে |
প্ৰভু ৰে হে ৰাম ৰাম ৰাম ||৮৭৫
মুকুন্দ মাধৱ মুৰাৰী মধু-ৰিপু |
জগত-জীৱন ৰাম হৰি হৰি ||৮৭৬
জয়তি যদুপতি জগত-জীৱন
যাদৱ মাধৱ ৰাম হৰি হৰি |
পৰম পুৰুষ ৰাম জয় জয় ||৮৭৭
ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ |
ৰাম ৰাম কৃষ্ণ ৰাম হৰি হৰি ||৮৭৮
ৰাম ৰাম ৰাম ৰাঘৱ ৰঘুপতি
প্ৰণত-পালক দেৱ হৰি হৰি |
প্ৰপন্ন-তাৰকদেৱ জয় জয় ||৮৭৯
হৰি তো হৰি হৰি হৰি তো হৰি হৰি
হৰি তো হৰি হৰি ৰাম জয় জয় ||৮৮০
কৃষ্ণদেৱ তুমি প্ৰভু দীন-দুখ-হাৰী |
ভকত-ৰঞ্জন ভয়-ভঞ্জন মুৰাৰি ||৮৮১
গোপাল গোপীনাথ গোৱিন্দ ৰাম ৰাম |
গোৱিন্দ ৰাম কৃষ্ণ গোৱিন্দ ৰাম ||৮৮২
গোৱিন্দ ৰাম গোৱিন্দ ৰাম |
গোপাল গোৱিন্দ ৰাম ৰাম ||৮৮৩
হৰি হৰি হৰি ৰাম গোৱিন্দ
মুৰাৰি মুকুন্দ জয় ৰাম ||৮৮৪
ৰাম কৃষ্ণ হৰি ৰাম ৰাম |
গোপাল গোৱিন্দ জয় ৰাম ||৮৮৫
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
অমিয়া-মাধুৰী তযু নাম ||৮৮৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয় |
ৰাম কৃষ্ণ দীন-দায়াময় ||৮৮৭
যাদৱ মাধৱ দীন দায়াল |
দেৱকী-নন্দন ৰাম গোপাল ||৮৮৮
ৰাম ৰঘুপতি পৰমানন্দ |
পৰমপুৰুষ দীনবন্ধু গোৱিন্দ ||৮৮৯
মোৰে ইষ্ট দেৱ যাদৱৰায় |
সেৱা কৰিবাৰ নামে উপায় ||৮৯০
গোৱিন্দ এ জয় কৃষ্ণ |
জগত-জীৱন ৰাম ||৮৯১
সহজানন্দ হৰি স্বৰূপানন্দ |
হৃদয়ানন্দ হৰি পৰমানন্দ ||৮৯২
গোপাল গোৱিন্দ ৰাম মাধৱ |
ভকতজনৰ তুমি বান্ধৱ ||৮৯৩
গোপাল গোৱিন্দ গৰুড়-কেতু |
ভকতৰ ধন জীৱন-হেতু ||৮৯৪
ৰাম নিৰঞ্জন নিৰাময় |
জয় জগন্নাথ দায়াময় ||৮৯৫
গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম |
পতিত্পাৱন তোমাৰ নাম ||৮৯৬
হৰি ৰাম ছিৰীৰাম |
বামন পৰশুৰাম ||৮৯৭
মুকুন্দ মুৰাৰি দীন-দায়াশীল হৰি ৰাম ||৮৯৮
কমল-লোচন দুখ-মোচন মুৰাৰি ৰাম ||৮৯৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
ৰাম নাৰায়ণ ৰাম কৃষ্ণ ৰাম ||৯০০
বনমালী গোৱিন্দ ৰাম কৃষ্ণ হৰি ||৯০১
জীৱে জীৱন-ধন মুকুন্দ মুৰাৰি নাৰায়ণ ||৯০২
ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰি এ হৰি নাৰায়ণ |
ভকতজনৰ দুখ-ভয়-হাৰী এ হৰি নাৰায়ণ ||৯০৩
নমো নাৰায়ণ নমো নাৰায়ণ |
নিৰঞ্জন নিৰাকাৰ নিৰ্ব্বিকাৰ নিৰাময়
নৰোত্তম সম সনাতন ||৯০৪
ৰাম হৃষীকেশ গোৱিন্দ হৃষীকেশ ||৯০৫
গোৱিন্দ ৰাম গোৱিন্দ ৰাম |
ৰাম কৃষ্ণ গোৱিন্দ ৰাম ||৯০৬
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ ||৯০৭
হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ||৯০৮
ৰাম কৃষ্ণ ৰাম এ ৰাম নাৰায়ণ ||৯০৯
জয় ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ||৯১০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ শিৱ সনাতন |
তুমিসে গোৱিন্দ ভকতৰ মহাধন ||৯১১
জয় হৰি ৰাম জয় ছিৰীৰাম |
পৰম-মঙ্গল মাধৱৰ গুণ-নাম এ জয় হৰি ৰাম ||৯১২
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম |
মধু-মুৰ-মথন মুৰাৰি হৰি ৰাম এ কৃষ্ণ কৃষ্ণ ৰাম ||৯১৩
ৰাম কমলা-পতি তুমি অগতিৰ গতি |
ভকতি মিনতি তুতি নজানো পামৰ-মতি ||৯১৪
গোপাল জয় ৰাম গোৱিন্দ জয় ৰাম ||৯১৫
গোপাল গোৱিন্দ ৰাম কৃষ্ণ মুকুন্দ ||৯১৬
গোৱিন্দ গোৱিন্দ দেৱকী-নন্দন হৰি ৰাম নাৰায়ণ ||৯১৭
গোপাল গোৱিন্দ মুকুন্দ ৰাম ৰাম ||৯১৮
হৰি ৰাম ছিৰীৰাম জয় জয় ৰাম ৰাম ||৯১৯
এ ৰাম জয় ৰাম জৰ ৰাম জয় জয় ৰাম |
ও হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম ||৯২০
শিৱ শিৱ শিৱ শিৱ শিৱ |
শিৱ সনাতন জগজীৱ ||৯২১
মাধৱ মাধৱ মাধৱ মধুৰিপু গোৱিন্দ কৃষ্ণ
হৰি হৰি ৰাম ||৯২২
নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়
মুৰাৰি এ হৰি হৰি ৰাম ||৯২৩
প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ ||৯২৪
হে হে পৰমগুৰু পুৰুষোত্তম হৰি পুৰুষোত্তম |
পুৰুষোত্তম পুৰুষোত্তম জয় পুৰুষোত্তম ||৯২৫
মোৰ প্ৰভু নাৰায়ণ পৰমানন্দ হৰি পৰমানন্দ পৰমানন্দ ||৯২৬
পৰমানন্দ হৰি পৰমানন্দ ||৯২৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভুদেৱ নাৰায়ণ নাৰায়ণ |
নাৰায়ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভুদেৱ ||৯২৮
গোপাল গোৱিন্দ হৰি ৰাম ৰাম |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম ||৯২৯
পৰম পুৰুষ শিৱ সনাতন |
অনন্ত অচ্যুত নিত্য নিৰঞ্জন ||৯৩০
ৰাম নিৰঞ্জন ও ৰাম নিৰঞ্জন |
নিৰাকাৰ হৰি এ ৰাম ||৯৩১
ৰাম সদাশিৱ ও প্ৰাণ সদাশিৱ সনাতন প্ৰভু ৰে ৰাম ||৯৩২
ৰাম দায়াশীল মোৰে প্ৰভু দায়াশীল |
দেৱ দীন-বন্ধু ৰে ৰাম ||৯৩৩
হৰি হৰি পৰমানন্দ প্ৰভু
পীতাম্বৰ হৰি পীতাম্বৰ |
পীতাম্বৰ পীতাম্বৰ প্ৰভু পীতাম্বৰ ||৯৩৪
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম |
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম ||৯৩৫
পৰমানন্দ জয় পৰমানন্দ |
হৰি হৰি হৰি হৰি হৰি হৰি এ
হৰি এ পৰমানন্দ জয় পৰমানন্দ ||৯৩৬
কমলা-কান্ত জয় কমলা-কান্ত |
কমল-লোচন বনমালী হৰি এ বনমালী এ ||৯৩৭
কমলা-কান্ত, জয় কমলা-কান্ত ||৯৩৮
দামোদৰ প্ৰভু দামোদৰ
দেৱকী-নন্দন দীনবন্ধু হৰি এ
দীনবন্ধু এ দামোদৰ দৱ দামোদৰ ||৯৩৯
জগত-জীৱন ৰাম যদুপতি জগত-জীৱন ৰাম হৰি হৰি
জগত জীৱন ৰাম ||৯৪০
জগত-জীৱন ৰাম যদুপতি জগত-জীৱন ৰাম হৰি হৰি
জগত জীৱন ৰাম |
জগজীৱন ৰাম জগজীৱন ৰাম |
জগতৰ সুমঙ্গল তুৱা গুণ-নাম ||৯৪১
মধু-সূদন দেৱ মধু-সূদন দেৱ |
তুমি বিনে অগতিৰ গতি নাহি কেৱ ||৯৪২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি |
ৰামতে ৰমোহো অবিৰাম ৰাম ৰাম ||৯৪৩
ৰাম-নাম ধৰ্ম্ম অনুপাম হৰি হৰি |
পূৰে ভকতৰ মন-কাম ৰাম ৰাম ||৯৪৪
কলি-যু্গে ৰাম-নাম সাৰ হৰি হৰি |
ৰাম-নাম বিনে নাহি আৰ ৰাম ৰাম ||৯৪৫
ৰাম বুলি পাৱে ভৱ-পাৰ হৰি হৰি |
ৰাম-নাম জগত উদ্ধাৰ ৰাম ৰাম ||৯৪৬
ৰাম-নাম অমূল্য ৰতন হৰি হৰি |
ৰাম-নাম বিনে নাহি ধন ৰাম ৰাম ||৯৪৭
ৰাম-নাম মুক্তি-বিড়ম্বন হৰি হৰি |
জপ ৰাম-নাম অনুক্ষণ ৰাম ৰাম ||৯৪৮
ৰাম-নামে ভকতি-সুগম হৰি হৰি |
নাহি ভক্তি ৰাম-নাম সম ৰাম ৰাম ||৯৪৯
ৰাম-নাম ধৰ্ম্মতে উত্তম হৰি হৰি |
ৰাম-নাম পাতকৰ যম ৰাম ৰাম ||৯৫০
ৰাম-নামে ধৰ্ম্ম-শিৰোমণি হৰি হৰি |
ৰাম-নাম পাপৰ অগনি ৰাম ৰাম ||৯৫১
ৰাম-নাম মৃত-সঞ্জীৱনী হৰি হৰি |
ৰাম-নাম ঘুষিয়েক ছানি ৰাম ৰাম ||৯৫২
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ হৰি
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ
ৰি হৰি ৰাম |
জগন্নাথ জগন্নাথ হৰি ||৯৫৩
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি
হৰি ৰাম নিৰঞ্জন নিৰঞ্জন হৰি ||৯৫৪
গোপাল গোপাল গোপাল গোপাল
গোপাল গোপাল ৰাম |
গোপাল গোপাল গোপাল গোপাল
গোপাল গোপাল গোপাল ৰাম ||৯৫৫
ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম
ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম || ৯৫৬
গোৱিন্দ ৰাম গোৱিন্দ ৰাম গোৱিন্দ ৰাম
গোৱিন্দ ৰাম গোৱিন্দ ৰাম গোৱিন্দ ৰাম হৰি |
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম ||৯৫৭
মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি
মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি
মুকুন্দ মুৰাৰি হৰি ৰে হে |
হৰি হৰি হৰি হৰি হৰি হৰি হৰি ৰাম শ্ৰীৰাম ||৯৫৮
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম |
ৰাম কৃষ্ণ হৰি মুকুন্দ মুৰাৰি মাধৱ মধুসূদন হৰি হৰি
যাদৱ যদু-নন্দন ||৯৫৯
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম |
ৰাম ৰাম ৰাম ৰাম ৰাম হৰি হৰি ৰাম
ৰাম ৰাম ৰাম ৰাম ৰাম ||৯৬০
হৰি হৰি হৰি হৰি হৰি হৰি
হৰি হৰি হৰি হৰি হৰি এ
প্ৰাণ-বন্ধু হৰি হৰি হৰি হৰি এ
মোৰে প্ৰাণধন হৰি এ
অনাদি অনন্ত প্ৰভু ভগৱন্ত ভজো চৰণত ধৰি এ
হৰি হৰি ভজো চৰণত এ |
পতিত-পাৱন প্ৰভু নাৰায়ণ
সেৱক লৈয়ো উদ্ধাৰি
দীন-বন্ধু সেৱক লৈয়ো উদ্ধাৰি গোৱিন্দ জয় ৰাম ||৯৬১
মুৰাৰি মুকুন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম
মুৰাৰি মুকুন্দ জয় ৰাম |
সুমৰণে পাপ-ক্ষয় মিলে মহামহোদয়
দুখময় গুচে শোক-ভয় হৰি ৰাম ||৯৬২
ৰাম কৃষ্ণ গোৱিন্দ ৰাম কৃষ্ণ গোৱিন্দ
ৰাম কৃষ্ণ গোৱিন্দ হৰি |
বনমালী বাসুদেৱ পদ্মনাভ জনাৰ্দ্দন
মাধৱ মুকুন্দ মুৰাৰি হৰি ৰাম ||৯৬৩
মাধৱ মধুৰ-মূৰতি মধু-সূদন দনুজ-দমন দুখহাৰী
পীতাম্বৰধৰ শ্যাম-সুন্দৰ হৰি |
জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম ||৯৬৪
ৰাম জয় হৰি জয় জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ||৯৬৫
ৰাম কৃষ্ণ যিটো সততে সুমৰে তাৰ আৰ কাক ভয়
সমস্তে ধৰ্ম্মৰ উপৰে বসিয়া ৰাম-নাম প্ৰকাশয় ||৯৬৬
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তন বিনাই কৃত্য-শেষ নথাকয় |
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে কৃষ্ণৰ কৃপাৰ মন্দিৰ হয় ||৯৬৭
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে স্বভাৱে সংসাৰ সুখে তৰয় |
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে সমস্ত বিঘিনি নাশ কৰয় ||৯৬৮
ৰাম-কৃষ্ণ-নাম-ৰসক লভিয়া মুকুতিকো নগণয় |
ৰাম-কৃষ্ণ-নাম পৰম-আনন্দ-সমুদ্ৰে মজি থাকয় ||৯৬৯
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তন কৰিয়া হৰিকো বশ্য কৰয় ||৯৭০
ৰাম হৰি জয় ৰাম হৰি |
গোপাল গোৱিন্দ ৰাম হৰি জয় ||৯৭১
ৰাম হৰি জয় ৰাম ৰাম হৰি জয় ৰাম ৰাম ||৯৭২
এ হৰি হৰি ৰাম জয় |
ৰাম হৰি জয় ৰাম গোৱিন্দ ||৯৭৩
ৰাম জয় জয় ৰাম জয় |
মুকুন্দ মুৰাৰি ৰাম হৰি জয় ||৯৭৪

খেদ

ঘোষা || এ হৰি হৰি হৰি হৰি
কি কাম কৰিলো আমি |
হৰি হৰি হৰি
সাধু-সঙ্গ লৈয়া তোমাক নভজি
ভৈলো কিনো অধোগামী ||৯৭৫
পদ || নিজ দাস হুয়া সেৱাক তেজিলো |
এই দোষে ঘোৰ আপদে মজিলো ||৯৭৬
তুমিসি সুহৃদ আত্মা প্ৰিয়তম |
তথাপি তোমাক নভজো কি মঞি অধম ||৯৭৭
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ |
মই মন্দমতি ভৈলো সেৱা চোৰ ||৯৭৮
অধমকো তৰে তোমাৰ ভকতি |
তথাপি তোমাক নভজো কুমতি ||৯৭৯
ইষ্ট দেৱ বুলি তোমাক নধৰো |
নিকাৰ ভুঞ্জিয়া সংসাৰতে মৰো ||৯৮০
তুমিসে কেৱলে কৰুণা-সাগৰ |
তোহ্মাক নভজো কি মঞি পামৰ ||৯৮১
আৱে কৃপাময় দিয়োক শৰণ |
দোষ মৰিষণ তোমাৰ চৰণ ||৯৮২
ইবাৰ ঈশ্বৰ নছাড়িবা মোক |
মোৰ মন মজি তোমাতে ৰহোক ||৯৮৩
মোৰ প্ৰাণ হৰে জীৱন প্ৰাণ হৰে |
হৰি ৰে ৰাম ৰাম কৃষ্ণ হৰে ||৯৮৪
কৃষ্ণ হৰি এ প্ৰাণ হৰি এ |
হৰি ৰে ৰাম ৰাম ৰাম ৰাম ||৯৮৫
গোৱিন্দ ৰে জয় কৃষ্ণ জয় ৰাম জয় ৰাম ||৯৮৬
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম || ৯৮৭
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম ||৯৮৮
কৃষ্ণ ৰাম গোৱিন্দ | হৰি ৰাম গোৱিন্দ জয় জয় ||৯৮৯
গোৱিন্দ কৃষ্ণ ৰাম ৰাম ৰাম |
গোৱিন্দ গোৱিন্দ ৰাম ৰাম ||৯৯০
গোৱিন্দ মাধৱ প্ৰাণ-বান্ধৱ ৰাম কৃষ্ণ হৰি জয় ||৯৯১
হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় |
ৰাম-নামে মাৰণা মাৰে পাপ-কটকৰ ক্ষয় ||৯৯২
পাপ-বিপক্ষক সংহৰি হৰিৰ নামে খলখলি হাসে |
সকলে সুখৰ উপৰে বসিয়া হৰিৰ নাম প্ৰকাশে ||৯৯৩
মুকুতি-সুখক বশ্য কৰি হৰি-নামে আনন্দত নাচে |
পুৰুষে সহিতে সখিত কৰিয়া চলয় হৰিৰ কাছে ||৯৯৪
আপুন নামৰ মহিমা দেখিছা হৰিৰ আনন্দ চৰে |
যিটো নাম লয় হৰি তাৰ হয়
ই পুনু ৰহস্য কৰে ||৯৯৫
হৰি-গুণ-নাম ভাবিয়া পুৰুষে
ৰহয় হৰিৰ পাশে |
হৰিৰ চৰণ হৃদয়ে ধৰিয়া
কহয় মাধৱ দাসে ||৯৯৬

ঘোষা || এ ভাৱক ভাই ভজ ভগৱন্ত ভকতিভাৱে |
ভগৱন্ত ভজিয়া পৰম গতি পাৱে ||৯৯৭
পদ || ভগৱন্ত নভজি চলয় যম-ঠাৱে |
ভগৱন্ত-ভকতক শমনে নধাৱে ||৯৯৮
ভগৱন্ত ভজিয়া জনম বাহুড়াৱে |
আন যত সৱে মিছা ভক্তিৰ অভাৱে ||৯৯৯
জানিয়া ভজিয়ো ভাই ভগৱন্ত-পাৱে |
এহু ৰস মাধৱ মুৰুখমতি গাৱে ||১০০০

|| শ্ৰীকৃষ্ণাই নম: ||

|| জয় গুৰু শঙ্কৰ ||

–**–

Comments

12 Comments so far

Jump into a conversation
  1. editor@atributetosankaradeva.org
    #1 editor@atributetosankaradeva.org 15 June, 2012, 14:05

    Krishna!
    Rendered speechless by the sublime dedication of this group of noble volunteers through whose noble efforts today we are witnessing the transition of this Venerable Text from sanchi-pat to computer-screen, enabling all-time, all-clime accessibility to this magnificent masterpiece.
    Thank you!

  2. Pulin Kalita
    #2 Pulin Kalita 28 July, 2012, 11:40

    It is also a great job

  3. Anonymous
    #3 Anonymous 19 December, 2012, 16:15

    সুন্দৰ প্ৰচেষ্টা। আটাইলৈকে ধন্যবাদ।

  4. কমলেশ্বৰ ডেকা
    #4 কমলেশ্বৰ ডেকা 19 December, 2012, 16:16

    সুন্দৰ প্ৰচেষ্টা। আটাইলৈকে ধন্যবাদ।

  5. প্ৰাঞ্জল গগৈ
    #5 প্ৰাঞ্জল গগৈ 3 January, 2013, 23:37

    অসমীয়া সমাজৰ অতি গুৰুত্বপূৰ্ণ অংগ গৈছে নাম-ঘোষা। নাম-ঘোষাৰ ই-সংস্কৰণ প্ৰকাশ কৰাৰ বাবে অশেষ ধন্যবাদ থাকিল।

  6. তিলক হীৰা
    #6 তিলক হীৰা 20 September, 2015, 16:31

    Online নামঘোষা পাই বৰ ভাল লাগিল ৷ অশেষ ধন্যবাদ ৷

  7. arabinda
    #7 arabinda 27 September, 2015, 13:38

    awsome job

  8. Dhruba Jyoti Pathak
    #8 Dhruba Jyoti Pathak 17 February, 2016, 23:04

    বহুত ভাল লাগিছে আপোনাক অশেষ ধন্যবাদ

  9. অলকেশ চক্ৰবৰ্তী
    #9 অলকেশ চক্ৰবৰ্তী 12 August, 2016, 22:26

    মাধৱ দেৱ গুৰু জনাৰ নামঘোষা যি খনক হাজাৰী ঘোষা বুলি ও কোৱা হয় অনলাইনত উপলব্ধ হোৱা টো বৰ সুখৰ খবৰ ৷

  10. Anonymous
    #10 Anonymous 21 September, 2016, 09:19

    Online ত নামঘোষা খন পঢ়িৱ পায় বহুত আনন্দ পালো আপোনালৈ বহুত ধন্যবাদ ।জয় আই অসম ।

  11. Anonymous
    #11 Anonymous 8 November, 2016, 10:07

    Comment text..কৃষ্ণ বাপ আমি নামঘোষা ভাগি অনলাই পাই বহুত আনন্দিত হলো ও কৃত কৃত হলো।ধন্যবাদ থাকিল আপোনালৈ।

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.