তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন

তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন by July 15, 2012 1 comment

৷৷ তৃতীয় খণ্ড৷৷

৷৷ পাষণ্ড মৰ্দ্দন৷৷

৷৷ প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

কলিৰ ধৰ্ম্ম হৰি নাম জান৷

পাপীৰ নিন্দাত নেদিবা কাণ৷৷৭৷৷

পদ৷৷

কহিলা শুকে বেদান্তৰ মৰ্ম্ম৷

শুনা পৰীক্ষিত কলিৰ ধৰ্ম্ম৷৷

কলিসি শ্ৰেষ্ঠ চাৰিযুগ মাজে৷

প্ৰশংসে কলিক জ্ঞানী সমাজে৷৷৭২৷৷

অপ্ৰয়াসে সিজে কলিত পুণ্য৷

কলিৰ শুনা যেন মহাগুণ৷৷

কৰিয়া কীৰ্ত্তন কলিত আতি৷

পাৱৈ বৈকুণ্ঠক চৌত্ৰিশ জাতি৷৷৭৩৷৷

সত্য যুগে কৰি ধ্যান সমাধি৷

ত্ৰেতাত সমস্ত যজ্ঞে আৰাধি৷৷

দ্বাপৰে পূজি নানা ভক্তিভাৱে৷

কলিত কীৰ্ত্তনে সি গতি পাৱে৷৷৭৪৷৷

সত্য যুগে যত আছিল প্ৰাণী৷

কলিত জন্মিবো বোলে কৈসানি৷৷

হৰি নাম ঘুষি কলি যুগত৷

নিছয়ে হুইবেক লোক ভকত৷৷৭৫৷৷

দোষৰ নিধি কলি যদি পাপী৷

আছে মহাগুণ আত তথাপি৷৷

কেৱলে কীৰ্ত্তনে সংসাৰ তৰি৷

বন্ধ ছিণ্ডি হোৱৈ আপুনি হৰি৷৷৭৬৷৷

কলিত কীৰ্ত্তনে হোৱৈ ভকত৷

আত পৰে লাভ নাহি লোকত৷৷

আমাৰ বোলে চিত্ত নেদা ঠাৰি৷

একাদশ স্কন্ধে চাৱা বিচাৰি৷৷৭৭৷৷

কলিৰ লোক আতি পাপমতি৷

নসাধৈ আন ধৰ্ম্মে আৰ গতি৷৷

ৰাম নাম যিটো সততে গাৱে৷

সেহিসে হাততে মুকুতি পাৱে৷৷৭৮৷৷

দুষ্ট চিত্তো যদি হৰি সুমৰে৷

তথাপিতো তাৰ পাতক হৰে৷৷

অনিছাতো যেন অগনি পোলে৷

বিষ্ণুধৰ্মোত্তৰ আগমে বোলে৷৷৭৯৷৷

ঘোৰ সংসাৰৰ মুখ্য আষুধি৷

হেন হৰি নাম এৰি বিবুধি৷৷

লভিবে মুকুতি কোন উপায়৷

মিছাতে পণ্ডিত ফুৰে বোলাই৷৷৮০৷৷

নাৰদে কহন্ত মুনিক মাতি৷

আশ্চৰ্য্য আশ্চৰ্য্য দেখিয়ো আতি৷৷

হৰি হেন নাম আছৈ বিয়াপি৷

সংসাৰ তাপত মৰৈ তথাপি৷৷৮১৷৷

হৰি নামে নামে নামে নিশ্চয়৷

মোহোৰ জীৱন নাৰদে কয়৷৷

কলিৰ কালে আউৰ আতপৰ৷

নাহি নাহি নাহি গতি লোকৰ৷৷৮২৷৷

নাৰদে দিলন্ত তিনি কতপা৷

আক নমানিবে কোননো লপা৷৷

নাৰদৰ বাণী শিলৰ ৰেখা৷

বৃহত নাৰদী বিচাৰি দেখা৷৷৮৩৷৷

সমস্ত লোকৰ ধৰ্ম্মক এৰি৷

বিষ্ণুৰ নামক সততে ৰড়ি৷৷

সিজনে যি গতি লভিবে সুখে৷

সমস্ত ধাৰ্ম্মিকে নপাৱৈ দুঃখে৷৷৮৪৷৷

জানিয়া হৰিক সততে স্মৰ৷

ক্ষণেকো নপাসৰিবাহা নৰ৷৷

যত মহাপুণ্য মহাপাতক৷

ই দুয়ো কিঙ্কৰ জানা প্ৰত্যেক৷৷৮৫৷৷

তথাপি যদি চিত্ত নেদা ঠাৰি৷

পদ্মপুৰাণত চায়ো বিচাৰি৷৷

বৃহৎ সহস্ৰ নামত আছে৷

নপাইলে আমাক নিন্দিবা পাছে৷৷৮৬৷৷

কহিলা শুকে পৰমাৰ্থ বাণী৷

মহাভাগৱত শাস্ত্ৰ প্ৰমাণি৷৷

নেৰিবা কীৰ্ত্তন দুষ্টৰ বোলে৷

পৱিত্ৰ কৰা হৰি হৰি বোলে৷৷৮৭৷৷

 

৷৷ দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰি ও হৰি ৰাম মুৰাৰি৷

কীৰ্ত্তনৰ নিন্দা সৈতে নপাৰি৷৷৮৷৷

পদ৷৷

চাণ্ডালে কৰিছে হৰি কীৰ্ত্তন৷

বুলিয়া নিন্দৈ যিটো অজ্ঞজন৷৷

তাক সম্ভাষণ যিজনে কৰৈ৷

আজন্মৰ পুণ্য তেখনে হৰৈ৷৷৮৮৷৷

বিষ্ণুৰ গুণ নাম অলঙ্কৃত৷

অন্ত্যজো যিবা কৰি আছৈ গীত৷৷

তাক নিন্দা কৰৈ যিটো কুমতি৷

পুণ্যক নাশি যাইবে অধোগতি৷৷৮৯৷৷

আমাৰ বোলে পতিয়ন নাই৷

দেখিয়ো সূতসংহিতাক চাই৷

ৰজো গুণে কৰৈ কৰ্ম্মত প্ৰীতি৷

কৰ্ম্মীৰ দম্ভ ভাৱ বাঢ়ৈ আতি৷৷৯০৷৷

কৰে হিংসা ধৰ্ম্ম নোপোজে বোধ৷

নুগুচয় যেন সৰ্পৰ ক্রোধ৷৷

হাসৈ বৈষ্ণৱক যিটো নিষ্খল৷

পাপত সমূলঞ্চে যায় তল৷৷৯১৷৷

স্ত্ৰী ধন জন যৌৱন মদে৷

অন্ধ হোৱৈ বিদ্যা গৰ্ব্বৰ পদে৷৷

বিষ্ণু বৈষ্ণৱক ঝপায়া নিন্দৈ৷

হৰি নামে তাৰ কাণত বিন্ধৈ৷৷৯২৷৷

হৰি ভকতক যিজনে হাঁসৈ৷

নুবুজি বেদৰ অৰ্থ বিনাশৈ৷৷

জগতত বিষ্ণু আছন্ত ব্যাপি৷

শুনিয়া তাক নুবুজয় পাপী৷৷৯৩৷৷

স্ত্ৰী মদ্য মাংস সেৱাৰ কথা৷

কৈয়া মৰে কৰৈ জন্মক বৃথা৷

নুবুজে বেদ অভিপায় গূঢ়৷

কৰ্ম্মক কৰিবে নজানে মূঢ়৷৷৯৪৷৷

মূৰ্খ হুয়া বোলৈ মঞি পণ্ডিত৷

নষ্ট কৰি ফুৰৈ আনৰো চিত্ত৷৷

নিষ্কামে কৰিয়া সকলে কৰ্ম্ম৷

বিষ্ণুত অৰ্পিব সিসৱ ধৰ্ম্ম৷৷৯৫৷৷

শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল৷

মিছাত নজানি নিন্দৈ নিষ্খল৷৷

আমাৰ বোলে অপ্ৰত্যয় যাহা৷

একাদশ স্কন্ধে বিচাৰি চাহা৷৷৯৬৷৷

বিষ্ণু বৈষ্ণৱৰ নিন্দা শুনিয়া

নুগুচৈ কৰ্ণত আঙ্গুলি দিয়া৷৷

সমস্ত পুণ্য নষ্ট হোৱৈ তাৰ৷

নৰকত পড়ৈ নাহি নিস্তাৰ৷৷৯৭৷৷

বিষ্ণু বৈষ্ণৱক কৰৈ ধিক্কাৰ৷

কাটিবে আণ্টিয়া জিহ্বাক তাৰ৷৷

শাস্তি কৰিবাক যেৱে নপাৰি৷

গুচিৱে কাণত আঙ্গুলি গাৰি৷৷৯৮৷৷

নিন্দা শুনি যদি তৈৰ নুগুচৈ৷

কল্পেক মান নৰকত পচৈ৷৷

যাইবাক যদি নাহি আন থান৷

তথাতে এড়িবে আপুন প্ৰাণ৷৷৯৯৷৷

তেৱেসে হোৱৈ প্ৰায়শ্চিত্ত আতি৷

দক্ষৰ যজ্ঞত কহিলা সতী৷৷

আমাৰ বোলে অপ্ৰত্যয় যাইবা৷

চতুৰ্থ স্কন্ধত বিচাৰি পাইবা৷৷১০০৷৷

যত তপ ধৰ্ম্ম বেদ বেদাঙ্গ৷৷

হৰি নামে কৰে সৱে সুসাঙ্গ৷৷

হেন হৰি নামে নাহি বিশ্বাস৷

কিমতে এৰাইব মৃত্যুৰ ত্ৰাস৷৷১০১৷৷

দ্বাদশ স্কন্ধৰ তত্ত্ব উদ্ধাৰি৷

কহিলন্ত শুকে উপসংহৰি৷৷

জ্ঞানতো কৰ্ম্মতো কৰি সম্প্ৰতি৷

হৰি কীৰ্ত্তনেসে পৰম গতি৷৷১০২৷৷

উৰেষা বাৰাণসী ঠাৱে ঠাৱে৷

কবীৰ গীত শিষ্ট সৱে গাৱে৷৷

তথাপিতো আঁখি ফুটিল তাৰ৷

হৰি কীৰ্ত্তনক কৰৈ ধিক্কাৰ৷৷১০৩৷৷

শুনা সৰ্ব্বজন কহোঁ সাক্ষাত৷

মূঢ়ৰ বোলত নাহি সঞ্জাত৷৷

বোলোক আসি ভাগৱত চাই৷

তেৱেসে বুজো তাৰ মুনিষাই৷৷১০৪৷৷

পুৰাণ সূৰ্য্য মহাভাগৱত৷

বেদান্তৰো ইটো পৰম তত্ত্ব৷৷

আক নুবুজি ফুৰৈ নিন্দা কৰি৷

তাৰ মুখ দেখি বুলিবা হৰি৷৷১০৫৷৷

 

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ত্ৰাহি হৰি ৰাম মোৰে৷

মঞি মজিলো সংসাৰ ঘোৰে৷৷৯৷৷

পদ৷৷

কীৰ্ত্তন মহিমা শুনা উৎসুকে৷

বাঢ়ৱ স্কন্ধত যি কৈলা শুকে৷৷

সকল ধৰ্ম্মতে কৰি বিশিষ্ট৷

হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ৷৷১০৬৷৷

অনাদৰি আন ধৰ্ম্ম সম্প্ৰতি৷

দেওঁ উপদেশ হৰি ভকতি৷৷

ব্যাসৰ শুনি চিত্ত শান্ত ভৈল৷

প্ৰথম স্কন্ধত নাৰদে কৈল৷৷১০৭৷৷

সমস্ত বেদক ব্ৰহ্মায়ে আনি৷

বিচাৰিলা তিনিবাৰ প্ৰমাণি৷৷

এহিমানে মাত্ৰ কৰিলা সাৰ৷

হৰি কীৰ্ত্তনেসে তৰৈ সংসাৰ৷৷১০৮৷৷

হেন জানি ৰাজা একান্ত মনে৷

কৰিও যতন হৰি কীৰ্ত্তনে৷৷

ৰাজাত কহন্ত শুকে প্ৰবন্ধে৷

বিচাৰি দেখিও দ্বিতীয় স্কন্ধে৷৷১০৯৷৷

আতি লৱলেশ বিষয় সুখ৷

আকে লাগি ভৈল হৰি বিমুখ৷৷

নকৰে ৰতি হৰি কীৰ্ত্তনত৷

আপুন কৰ্ম্মে সিও ভৈল হত৷৷১১০৷৷

সিটো চণ্ডালক গৰিষ্ঠ মানি৷

যাৰ জিহ্বাগ্ৰে থাকে হৰি বাণী৷৷

সমস্তে তীৰ্থতে কৰিল স্নান৷

কৰিল সৱ তপ হোম দান৷৷১১১৷৷

সেহিসে কুলীন বেদক বুজৈ৷

যাহাৰ মুখত হৰি নাম সিজৈ৷৷

পৰম তত্ত্ব জানি দেৱহুতি৷

তৃতীয় স্কন্ধত কৰিলা স্তুতি৷৷১১২৷৷

নলাগে লীন মুকুতিকো তথা৷

নাহি হৰিপদ পঙ্কজ যথা৷৷

কৰ্ণৰ অমৃত হৰি চৰিত৷

ভকতৰ মুখে শুনিবে নিত৷৷১১৩৷৷

হৰি কথামৃত কণাৰ বাৱে৷

দুনাই আত্মজ্ঞান সুমৰাৱে৷৷

নলাগে বৰ নমাগোহো তাক৷

চতুৰ্থ স্কন্ধত পৃথুৰ বাক৷৷১১৪৷৷

জ্বৰ মৰণৰ সময়ে দুঃখে৷

তযু গুণ নাম নেড়োক মুখে৷৷

মাগন্ত ঋত্বিজে বৰ প্ৰবন্ধে৷

নাভিৰ যজ্ঞত পঞ্চম স্কন্ধে৷৷১১৫৷৷

পঞ্চম মহাপাপী যিটোজন৷

তাৰো প্ৰায়শ্চিত্ত হৰি কীৰ্ত্তন৷৷

তাক লাগি ভৈল হৰিৰ মতি৷

ইটো মোৰ ভৈল ৰাখো সম্প্ৰতি৷৷১১৬৷৷

ব্ৰহ্মবধী গুৰুবধী যতেক৷

পিতৃ-মাতৃবধী পাপী অনেক৷৷

কুকুৰ খায় হেন ম্লেছগণে৷

সিও শুদ্ধ হোৱে হৰি কীৰ্ত্তনে৷৷১১৭৷৷

চাণ্ডালো হৰি নাম লৱে মাত্ৰ৷

কৰিবে উচিত যজ্ঞৰ পাত্ৰ৷৷

পাপৰ আলু উভাৰয় নামে৷

আক তুছ কৰি মৰে কি কামে৷৷১১৮৷৷

নামৰ মহিমা জানি সমূলি৷

জগতৰে মোক্ষ হৈৱেক বুলি৷৷

পূৰ্ব্বত আৰু গোপ্য কৰি থৈলা৷

দেখিয়ো ষষ্ঠ স্কন্ধে শুকে কৈলা৷৷১১৯৷৷

নলাগে দেৱ দ্বিজ ঋষি হুইবে৷

নলাগে সম্ভৃত শাস্ত্ৰ জানিবে৷৷

মিছাতে মৰে আন কৰ্ম্ম কৰি৷

হোৱন্ত ভকতিতে তুষ্ট হৰি৷৷১২০৷৷

যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী৷

পক্ষী মৃগগণ চণ্ডালো আসি৷৷

একান্তে কৰিয়া হৰি ভকতি৷

মহাসুখে পাৱৈ পৰম গতি৷৷১২১৷৷

সপ্তম স্কন্ধত প্ৰহ্লাদৰ বাণী৷

দেখিয়ো বিচাৰ কৰি প্ৰমাণি৷৷

মূৰ্খৰ কথা সৱে পৰিহৰি৷

সদায়ে ডাকিয়া ঘুষিয়ো হৰি৷৷১২২৷৷

 

৷৷ চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰামেসে জীৱন ৰামেসে প্ৰাণ৷

ৰাম বিনা নাহি বান্ধৱ আন৷৷১০৷৷

পদ৷৷

তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক৷

দেশ কাল পাত্ৰ ছিদ্ৰ যতেক৷৷

পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ৷

হৰিনামে কৰে সৱে সুসাঙ্গ৷৷১২৩৷৷

বামনৰ আগে শুক্রৰ বাক৷

অষ্টম স্কন্ধত দেখিয়ো তাক৷৷

ভকত জনেসে মোৰ হৃদয়৷

ময়ো ভকতৰ হিয়া নিছয়৷৷১২৪৷৷

মঞি বিনে ভক্তে নিচিন্তে আন৷

ভকত বিনা মোৰো নাহি ধ্যান৷৷

দুৰ্ব্বাসাৰ আগে কৈলা মুৰাৰি৷

নৱম স্কন্ধত দেখা বিচাৰি৷৷১২৫৷৷

মুকুতি ৰসকো স্ৰৱৈ ভকতি৷

তাক এড়ি কৰৈ জ্ঞানত ৰতি৷৷

দুখ মাত্ৰ পাৱৈ পাছেসে জানৈ৷

কাষ্ঠ পতানক যেহেন বানৈ৷৷১২৬৷৷

ব্ৰজৰ তৃণ হৈবো মহাভাগ৷

পাইবো গোপিকাৰ ৰেণুক লাগ৷৷

যাৰ মিত্ৰ ভৈলা জগত পতি৷

ব্ৰহ্মায়ে কৰিলা কৃষ্ণক তুতি৷৷১২৭৷৷

ব্যভিচাৰী দুষ্টা ব্ৰজ যুৱতী৷৷

তথাপি কৃষ্ণত ভৈলা ভকতি৷৷

জানিলো পাপীয়ো ভজোক মাত্ৰ৷

এতেকে ভৈলা মুকুতিৰ পাত্ৰ৷৷১২৮৷৷

কৃষ্ণৰ কথাত যিটো ৰসিক৷

ব্ৰাহ্মণ জন্ম তাৰ লাগৈ কিক৷৷

স্মৰোক মাত্ৰ হৰি দিনে ৰাতি৷

নবাছৈ ভকতি জাতি অজাতি৷৷১২৯৷৷

নন্দৰ ব্ৰজে যত গোপীজাক৷

সদা বন্দো তান পদধূলাক৷৷

নুগুচৈ হৰি গীত দিনে ৰাতি৷

জগতকে কৰৈ পৱিত্ৰ আতি৷৷১৩০৷৷

উদ্ধৱে বন্দিলা গোপীৰ ধূলি৷

আৱে মূঢ়জনে নিন্দে কি বুলি৷৷

শৰীৰ শৱক মই বোলে চিত্তে৷

মমত কৰৈ পুত্ৰ ভাৰ্য্যা বিত্তে৷৷১৩১৷৷

তীৰ্থ বুলি কৰৈ জলত শুদ্ধি৷

প্ৰতিমাত কৰৈ দেৱতা বুদ্ধি৷৷

বৈষ্ণৱত নাই ইসৱ মতি৷

গৰুতো অধম কৃষ্ণ বদতি৷৷১৩২৷৷

একান্তে মৰৈ কৰ্ম্ম মাত্ৰ কৰি৷

হৃদয়ে থাকিয়া বিদূৰ হৰি৷৷

শ্ৰৱণ কীৰ্ত্তন যাৰ অভ্যাস৷

নছাড়ন্ত হৰি তাহাৰ পাশ৷৷১৩৩৷৷

মিছা তৰ্কবাদে ভৈলোঁ আন্ধাৰ৷

নপাওঁ জ্ঞান পন্থ কৰি বিচাৰ৷৷

মাধৱ বামন গোৱিন্দ বুলি৷

কৈসানি মুকুত হৈবো সমূলি৷৷১৩৪৷৷

দশম স্কন্ধত বেদৰ স্তুতি৷

আক নমানিবে কোন যুগুতি৷৷

পাষণ্ডেষে নিন্দৈ বেদৰ বাণী৷

তাৰ সম্ভাষণ এড়িবা জানি৷৷১৩৫৷৷

কৰ্ম্ম তপ জ্ঞানে সাধে যি গতি৷

দানে বা সন্ন্যাসে পাৱৈ সম্প্ৰতি৷৷

ভকতে সুখে বসি পাৱৈ তাক৷

উদ্ধৱৰ আগে কৃষ্ণৰ বাক৷৷১৩৬৷৷

পৰম অহিংসা ধৰ্ম্ম সন্ন্যাসে৷

নপাৱে যি মোক জ্ঞান অভ্যাসে৷৷

ভকতেসে কৰৈ আমাক বশ্য৷

কহিলো উদ্ধৱ ইটো ৰহস্য৷৷১৩৭৷৷

গৰু গোপিকা পশু বৃক্ষবন৷

নাহি জন্মান্তৰে কিছু সাধন৷৷

এহি জন্মে মাত্ৰ কৰি ভকতি৷

পাইলেক সকলে মোহোৰ গতি৷৷১৩৮৷৷

অশুদ্ধ মনৰ কৰ্ম্মসকল৷

স্ৰৱে যেন আৱাঁ ঘটৰ জল৷৷

কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা৷

একাদশ স্কন্ধে বিচাৰি দেখা৷৷১৩৯৷৷

বোলন্ত শুকে কিনো ভৈল খেদ৷

পাষণ্ডে কৰিবে বুদ্ধিক ভেদ৷৷

কলিত হৰিৰ কীৰ্ত্তন এড়ি৷

ফুৰিবে লোকে আন কৰ্ম্ম কৰি৷৷১৪০৷৷

পাইবেক শ্ৰম তপ ব্ৰত কৰি৷

একান্তে যিটো নুসুমৰৈ হৰি৷৷

জ্ঞানতো কৰ্ম্মতো কৰিয়া নৰ৷

হৰি কীৰ্ত্তনত কৰা আদৰ৷৷১৪১৷৷

দ্বাদশ স্কন্ধত এহিসে কৈলা৷

তথাপি মূঢ়ৰ বোধ নভৈলা৷৷

কৰৈ উপালম্ভ হৰি কীৰ্ত্তনে৷

আত্মঘাত কৰি মৰৈ আপুনে৷৷১৪২৷৷

বিষ্ণু ভকতক দেখিয়া হাঁসে৷

আপুনিয়ো নষ্ট আনকো নাশে৷৷

কীৰ্ত্তন শুনিয়া সম্যকে মৰে৷

জানিবা নিতে মহাপাপ কৰে৷৷১৪৩৷৷

হৰি ধ্বনি শুনি বিহ্বল হুই৷

হিয়াত তাৰ লাগে যেন জুই৷৷

সমস্ত শাস্ত্ৰত কৰিয়া সাৰ৷

পাষণ্ড-মৰ্দ্দন নাম ইহাৰ৷৷১৪৪৷৷

এহিসে মৰ্দ্দিবে পাষণ্ড মতি৷

জানিবা কলিত নামেসে গতি৷

কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে৷

বোলা হৰি হৰি সমস্ত জনে৷৷১৪৫৷৷

৷৷পাষণ্ড মৰ্দ্দন সমাপ্ত৷৷৷৷

 

Comments

1 Comment so far

Jump into a conversation
  1. Arunava Gupta
    #1 Arunava Gupta 10 October, 2012, 17:33

    This Khanda (Section) of the Kirttana stresses on the Supreme Importance of Hari-Nama especially in the Iron Age, ‘the uttermost age of Kali’, when all dharmas have been rendered totally impotent (ineffective) by the polluting effect of the age. It is very interesting to note that, according to Hindu theology, the Age of Kali is termed as the ‘Age of the Losing Throw’ – alluding to the throw of a die – underlining the supreme misfortune of the inhabitants of this age. Again, if Dharma be a cow, then, in Kali, all its legs are broken (‘ভাঙ্গিলে ধৰ্মৰ কলি চাৰিও চৰণ’) and it is now lying on the ground in a very deplorable, emaciated condition. Again, according to the Srimad-Bhagavata (শ্ৰীমদ্ভাগৱত), no sooner had Lord Krishna left for His Abode (at the end of Dvapara, which name, by the way, means ‘age with the number two on the die’) than all dharmas, antagonized by Kali, flew to Nama (Krishna’s Name) for refuge. Of course, all of these points appertaining to the evil effects of Kali are referred to by Sankaradeva and Madhavadeva in almost all their Works.

    From the philosophical point of view, we may perhaps add (tentatively) that the proliferation of false names and appearances (‘namas’ and ‘rupas’) is also at the highest in Kali; maya (nescience, illusion) is very intense. God is well and truly concealed! [see the dual-function of maya, http://www.atributetosankaradeva.org/philosophy_maya.htm ]

    Therefore, in view of the above symptoms of Kali and considering the inefficacy of other dharmas (in view of the high degree of pollution, mental as well as of all ingredients, dravyas, and substances), the only ‘antidote’ prescribed for this Age by the Supreme Physician Sankaradeva is Eka-Sarana (sole-refuge) in Hari (God) and (uninterrupted) Sravana-Kirttana, auditory reception and vocal explication, of His Name:-

    “দুষ্ট কলি-সৰ্পে সৱাকো দংশিলে
    হৰাইল চেতন জ্ঞান |
    ইহাৰ ঔষধ শুধা ৰাম-নাম
    বিনে নাহি নাহি আন ||২০১” [নাম-ঘোষা]

    “কৰিও হৰিৰ চৰণে ৰতি৷
    কলিত হৰিৰ নামেসে গতি৷৷”
    “জানিবা কলিত নামেসে গতি” [কীৰ্ত্তন]

    Hari-Nama destroys maya:-

    “মায়াক দহি কৰিবে নিৰ্য্যান”
    (শঙ্কৰদেৱ, ’নাম-অপৰাধ’, কীৰ্ত্তন)

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.