|| কালিয়-দমন ||

|| কালিয়-দমন || by October 15, 2012 0 comments

অসমীয়াত কথা-বতৰাৰ সদস্য নিতুল বৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট ‘কালিয়-দমন’ ইউনিক’ডলৈ ৰূপান্তৰণ কৰি অসমীয়া ৱিকী-ছৰ্ছৰ ভড়াল চহকী কৰাৰ লগতে সাহিত্য ডট্ অৰ্গৰ যোগেদি নাটখন বিশ্ববাসীলৈ বিনামূলীয়াকৈ উপলব্ধ কৰিবলৈ আমাক অনুমতি দিয়ে৷ সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা তেখেতলৈ অশেষ ধন্যবাদ!

 

 

নমঃ শ্ৰীকৃষ্ণায়

শ্লোক

মেঘশ্যামলমূৰ্ত্তিমায়ত মহাবাহুং মহোৰস্থলম্
আৰক্তায়ত কঞ্জলোচনযুগং পীতাম্বৰং সুন্দৰম্।।
সুক্তাহীৰকহেমহাৰ বলয়ালঙ্কাৰ কান্তিদ্যুতিম্
কৃষ্ণং শাৰদ-সান্দ্ৰচন্দ্ৰ সদৃশং হৃদ্পঙ্কজেহস্তুজে।।

অপিচ

যেনাকাৰি মহাহিদৰ্প দলনং ক্ৰীড়া হ্ৰদিন্যা জলে
যেনাভাজি ভূজঙ্গভোগনিখিলং পদ্ভ্যাং মুদামৰ্দ্দয়ন্।
যেনামাৰি মহামহাসুৰচমূশ্চক্ৰং পৰং লীলয়া
তস্মৈ শ্ৰীকৰুণাময় মহতে কৃষ্ণয় নিত্যং নমঃ।।

কথাসূত্ৰ-ওহি পৰকাৰে শ্ৰীকৃষ্ণক পৰণাম কয়ে কহু, সভাসদ লোকক সম্বোধি বোল।।

শ্লোক

ভোঃ ভোঃ সামাজিক যূয়ং শৃনুধ্বিমধুনা বচঃ।
কৃষ্ণস্য কালিদমনং যাত্ৰাবাৰ্ত্তাং নিবোধত।।

সূত্ৰ-আহে সভাসদ লোক, যে পৰম-পুৰুষ-পুৰুষোত্তম, সনাতন-নাৰায়ণ, শ্ৰীশ্ৰীকৃষ্ণ ওহি সভামধ্যে কালি-দমন লীলা যাত্ৰা পৰম কৌতুকে কৰব, তাহে সাৱধানে দেখহ, শুনহ। নিৰন্তৰে হৰি বোল হৰি।

অথ ভটিমা

জয় জয় যদুকুল         কমল প্ৰকাশক
নাশক কংসক প্ৰাণ।
জয় জয় জগতক       ভকতক ভীতি
নিতি কৰু নিৰযাণ।।
জয় জগ নায়ক         মুকুতি দায়ক
শায়ক সাৰঙ্গধাৰী।
দুষ্ট অৰিষ্টক         মুষ্টিক মোড়ল
ছোড়ল বন্ধ মুৰাৰি।।
ধৰু গোৱৰ্দ্ধন         বাৰণ বৰিষণ
ভেলি ইন্দ্ৰ মদ দূৰ।
ত্ৰিভুৱন কম্পক         কালি সৰ্পক
দৰ্পক কয়লি চুৰ।।
নন্দকু নন্দন        বন্দন দেৱক
সেৱক যাকেৰি সৰ্ব।
গোপ মুখে অন্ন         মাগল ভাঙ্গল
দ্বিজ নিজ কৰ্মক গৰ্ব।।
গোকুল জন যত         তাৰক মাৰক
কুৱলয় ধেনুক নাশি।
পুতনিকা তন         শোসল মোসল
তোসল মন ব্ৰজবাসী।।
এ দুখ দাহক         পাৱক ভাৱক
পূৰক পুনু মন কাম।
জগজন জাতক         পাতেক ঘাতেক
যাকেৰি এ গুণ নাম।।
যাহে ভকতি         ৰকতি শকতি
তাৰণ ওহি সংসাৰ।
কীট পতঙ্গম         জঙ্গম সঙ্গম
ভকতক পাই নিস্তাৰ।।
সোহি কৃষ্ণক         ওহি নাটক
উত্পাতক দুখ মূল।
কলি মল অনল         জানল মানল
নাহি নাহি ওহি তুল।।
শুন সব লোই         হোই নোই
দেখহ বচন বিচাৰি।
ইহ সংসাৰ         সাৰ নাহি আৰ
চিন্তহু চৰণ মুৰাৰি।।
ব্ৰহ্মা মহেশ্বৰ         চাকৰ যাকৰ
তাকৰ গুণ মুহ লেহু।
বান্ধৱ মাধৱ         সাধৱ মুকুতি
তাহে চৰণে চিত্ত দেহু।
ওহি ঈশ্বৰ         তাৰক মাৰক
কাৰক সব সংসাৰ।
তাহে কৰু সেৱ         দেৱ নাহি কেৱ
নাহি হৰি বিনে আৰ।।
যতত্ৰ পৰমা         ধৰমা কৰমা
সব কহু ৰাজা নাম।
কৃষ্ণক কিঙ্কৰ         কহু শঙ্কৰ
সব বোলহু ৰাম ৰাম।।

কথাসূত্ৰ-আহে সভাসদ লোক, যে জগতক পৰম গুৰু, পৰমপুৰুষ পুৰুষোত্তম, সনাতন ব্ৰহ্মা-মহেশ সেৱিত চৰণ-পঙ্কজ নৰায়ণ শ্ৰীশ্ৰীকৃষ্ণ ওহি সভামধ্যে কালি-দমন নাম লীলা-যাত্ৰা, কৌতুকে কৰব, তাহে দেখহ, শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

(আকাশক কৰ্ণ দিয়া সূত্ৰ বোল)

সূত্ৰ-আহি সঙ্গী কোন বাদ্য শুনিও।

সঙ্গী-সখি, মৃদঙ্গ বংশী ধ্বনি শুনি।।

সূত্ৰ-আঃ মিলল মিলল।

শ্লোক

গোবত্সান্ পুৰতঃ কৃত্বা গোপালঃ পালকঃ সত্যম।
প্ৰবেশমকৰোত্ গোপৈঃ সহ ৱেণুন্নিনাদয়ন্।।

কথাসূত্ৰ-আহে সামাজিক লোক, হামু যে কহল সোহি ঈশ্বৰ শ্ৰীগোপাল, বত্স বত্সপাল সহিত এথা প্ৰৱেশি কহু যৈছে লীলা কৌতুক কৰব, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

গীতঃ ৰাগ-সিন্ধুৰা।।একতালী।।

ধ্ৰুং-আৱত এ কাণু সুৰভি চৰাই।
ৰঞ্জিত ধেনু-ৰেণু বেণু বজাই।।

পদ-শিৰে শিখণ্ডক গণ্ড কুণ্ডল ডোলাৱে।
উৰে হেমহাৰ হীৰ মঞ্জিৰ ঝুৰাৱে।।
বালক বেঢ়ি খেড়ি খেলাইতে যায়।
কহতু শঙ্কৰ গতি গোৱিন্দ পায়।।

কথাসূত্ৰ-ঐছন লীলা কৌতুক নৃত্য কৰিতে, গোপাল সহিতে শিশুসৱ কালি হ্ৰদক সমীপ পাৱল। সে বিষময় পানী নজানি পৰম পিপাসে পীড়িত হুয়া সবহু হ্ৰদক জল উদৰভৰি পাণ কৰল। ততকলে দুৰ্ঘোৰ বিষজ্বালা লাগিএ চেতন হৰল, শৰীৰ কম্পি কম্পি প্ৰাণ ছাড়ি, বত্স বত্সপালসৱ, কালিন্দী তীৰে পৰল।

শ্লোক

বত্সকান্ বালকান্ কৃষ্ণো বিলোক্য মৃতকান্ তদা।
চকাৰ প্ৰচুৰং খেদমম্ভুতং ভক্তবত্সলঃ।।

সূত্ৰ-তদনন্তৰে, বত্স বত্সপালক সবক বিষজন পানে মৃতক পেখি শ্ৰীকৃষ্ণ হাঃ হাঃ কি ভেলি বুলি ধৰি কহু, উলট-পালট কৰিও দেখল। নিৰন্তৰে প্ৰাণে মৰল। হা হা হামাৰ ভকতক, ঐছন অৱস্থা স্বভাৱে মৰব। কি নিমিত্তে হামাক ছাড়হ, ওহি চান্দবদন নাদেখিএ, কৈছে প্ৰাণ ৰাখব।।

সূত্ৰ-এহি বোলি কৃষ্ণ-মুখ বিৰেখি যৈছে বিলাপ কয়ল তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

গীতঃ ৰাগ-কৌ।।পৰিতাল।।

ধ্ৰং-দেখোৰে দেখো বন্ধু মাধঅ হে।
তুহু বিনে জীৱন নৰহে।।
তেৰি শোকানল শৰীৰ বিকল।
বন্ধু বিৰহে হৃদয় দহেৰ।।

পদ-গৃহ মোহ হেৰি .. সব তেজিআ তেৰি
চৰণে শৰণ লৈলো।
কয়ো সৱ নাশ         তুহু তেজি যাস
অব অনাথিনী ভৈলো।।
বংশী স্বান শুনি         আসিও গোপিনী
কাহেৰি হেৰব মুখ।
কমল নয়নে         নিৰেখিআ কোনে
হৰব হামাৰ দুখ।।
কৃষ্ণ শোকানল         শৰীৰ বিকল
অধিকে দগধে প্ৰাণ।
চেতন হৰয়         মুৰুছি পৰয়
কৃষ্ণৰ কিঙ্কৰ এহু ভাণ।।

সূত্ৰ-ঐছন পৰম সন্তাপে বিলাপ কয় গোপীসব কৃষ্ণক শোকে অচেতন হোই মুৰ্চ্ছিত হুয়া পৰল।

শ্লোক

যশোদা চেতনাং প্ৰাপ্য পতিনাসহ সা ভূশম্।
বৰোদ দুঃখশোকাৰ্ত্তা পুত্ৰস্যা পশ্যন্তী মুখম্।।

সূত্ৰ-তদন্তৰে কিঞ্চিত্ চেতন লভিএ যশোদা পুত্ৰ-শোকানলে শৰীৰ দাহ কৰে, পুত্ৰমুখ নিৰেখি বোলল।

যশোদা-আহে প্ৰাণ বন্ধাইঃ কত তপসাই, তোহাক পুত্ৰ পাৱলো, অল্পতে অনাথিনী কয় কাহে হামাক তেজল। দেখো তোহাৰি সন্তাপে জীৱ ৰহএ নাহি হা হা ওহি চান্দবদনক কাহেক নিআ দেলো। হামাৰ পুত্ৰক কেনিআ যাই। গোধূলি আজু বংশী বজাই কে ব্ৰজক যাৱব, কাহেক ধূলা ঝাড়ি বোকে বান্ধি কোলে ধৰব, কাহেক গোৰস পান কৰাৱব। কি ভেলি, আজু ঐ কৃষ্ণ মেৰি বাপ, কাহা গেলি। কাহেক এড়াঞুঁ ওহি তোহাৰি সন্তাপ।

সূত্ৰ-ঐছন পুত্ৰশোকে তাপিত হুয়া যশোদা যৈচন কৰুণ বিলাপ কয়ল তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।

গীত।।ৰাগ কৌ।।জতিমান।।

ধ্ৰুং-এ সুত মাধৱ হে কি মেৰি কপাল।
কহিৰ দাৰুণ সৰ্পে তেৰি ভৈল কাল।।

পদ-কাহা যাঅ অগনি জালিআ মেৰি গাৱ।
কোন আহি হামাক বোলব অব মাৱ।।
ধূলা ঝাড়ি কাহাক ধৰব বোকে তুলি।
হৃদয়ে ধাকুড়ে যশোমতি এহি বুলি।।
এ গৃহে গোধন ধন সাঞ্চো কাৰ তৰে।
কোনে পান কৰব গোৰস মেৰি ঘৰে।।
মধুৰ অধৰে ধৰি বজাইবে বেণু।

পদ-গৰজি দৰপে সৰপ বিশাল।
পেখি নিৰীখএ ৰূপ গোপাল।।

সূত্ৰ-ঘন-শ্যাম পীতবাস শ্ৰীবত্স কৌস্তুভ কিৰীট কুণ্ডল, কঙ্কণ-কেয়ূৰ ৰঞ্জিত গোপালক পৰম কমনীয় ৰূপ নিৰেখি খঙ্গে যৈছে মৰ্মথানে শ্ৰীকৃষ্ণক দংশল, তা দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।

পদ-কৌতুকে কৰতু কেলি বনমালি।
মৰমথানে খেদি দংশল কালি।।
বেঢ়ল লাঞ্জেহি ভূজগ প্ৰৱন্ধে।
ৰহল গোপাল পড়ি সৰ্পক বন্ধে।।

সূত্ৰ-পৰম ঈশ্বৰ শ্ৰীগোপাল মনুষ্য-চেষ্টা দৰশি, বিষ লাগি মৃতক স্বভাবে সৰ্পক বন্ধনে পড়ি ৰহল। তাহে পেখি শিশুসৱ প্ৰাণ অন্তৰীক্ষ ভেল। হা, হা স্বামী, কি ভেলি, হামাক প্ৰাণে জীয়াই, তোহোঁ আপুনে ৰমল। তোহো বিনে কৈছে হামু জীৱন ৰাখব বোলি, কৃষ্ণক মুখ নিৰেখি বহুল বিলাপ কৰিএ হ্ৰদক তীৰে ৰহল।

শ্লোক

ততো নানাদ্ভুতং দৃষ্টা ব্ৰজে নন্দাদয়স্তথা।
কৃষ্ণো মৃত ইতি মত্বা তং দ্ৰষ্টুং যযুৰাকুলাঃ।।

সূত্ৰ-তদনন্তৰে গোকুলত নানা বিমঙ্গল মিলল। ঘন ঘন ভূমিকম্প যাইঃ নিৰ্ঘাত পৰেঋ ঘৰে ঘৰে ফেৰুআ আৰাৱ কৰেঃ আনাবাএ বৃক্ষসৱ উভৰি পৰেঃ স্ত্ৰীক দক্ষিণ পুৰুষক বাম ফন্দে। তাহে পেখি সবলোক মহাভীতি ভেল। যশোদাক হৃদয় কাম্পে। হা হা প্ৰাণপুত্ৰ গোপালক মৰণ মিলল বোলি হৃদএ মুষ্টি হানিএ কহু শ্ৰীকৃষ্ণক দেখিতে গোপ-গোপী সহিত নন্দ-যশোদা বৃন্দাবন প্ৰৱেশি যৈছে চললি, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

গীত।।ৰাগ-শ্ৰীগৌৰী।।পৰিতাল।।

ধ্ৰুং-যশোদা আৱে আকুলি শোকে ফোকাৰে দুখিনী।
সঙ্গে চললি তাপে যতএ গোপিনী।।

পদ-ধ্বজ বজ্ৰ পঙ্কজ দেখিতে দহে আগি।
ডাকেৰে গোপাল প্ৰাণ গয়ো কাহা লাগি।।
নৰহে সন্তাপে প্ৰাণ দেখু আন্ধিআৰী।
কহতু শঙ্কৰ গতি মুকুতি মুৰাৰি।।

সূত্ৰ-ঐছন পৰম সন্তাপে বিলাপ কৰি গোপালক খোজগোড়ি যাহিতে গোপ-গোপী সহিতে, নন্দ-যশোদা হ্ৰদক তীৰ পাৱল। বিদূৰতে দেখল, গোপ-শিশুসৱ হ্ৰদক নিৰেখি বাৰাৱে ক্ৰন্দন কৰৈছে। তাহে পেখিপৰম আকুলভাৱে লৱড়ি যাই দেখল। কি ভয়ঙ্কৰ সৰ্পক বন্ধে পড়ি শ্ৰীকৃষ্ণক মৃতক ভাৱে ৰহৈছে; চক্ষুত নিমেষ নাহি, দৰ্শন নিষ্প্ৰাণ নাসাত বাউ খেলে নাহি। তাহে পেখি, গোপ-গোপীক ধাতু অন্তৰীক্ষ ভেল। হা কৃষ্ণ, হা কৃষ্ণ বোলি পৰম ঊৰ্মি কএ ক্ৰন্দন কৰিতে লাগল। নন্দ-যশোদা মৃতক পুত্ৰক মুখ নিৰেখি প্ৰাণ অন্তৰীক্ষে দিশ দশ আন্ধাৰি পেখি শোকৃ-ঝমকে মূৰ্চ্ছিতহুয়া পড়ি ৰহল।

শ্লোক

ততঃকৃষ্ণমুখং ৱীক্ষ্য গোপ্যো বিৰহকাতৰাঃ।
ৰুদুঃ সুস্বৰন্তীব্ৰং শোকশল্যেন্ ধৰ্ষিতাঃ।।

সূত্ৰ-তদনন্তৰে, গোপীসৱ কৃষ্ণক শোক-শল্যে পীড়িত হুয়া প্ৰাণ ধৰএ নপাৰি প্ৰাণ-গোপালক মুখ নিৰেখিতে নয়নক নীৰ ধাৰে বহি যাই, আৰ্ত্তৰাৱে মাটি লোটি ক্ৰন্দন কৰিএ বোলল।।

গোপীসৱ-হে প্ৰাণবন্ধু মাধঅঃ হামু কিঙ্কৰি সৱক ছোড়িঃ কৈছে চলৈছঃ হে নাথঃ হামাক সঙ্গে নিআ যাৱ। তোহে বিনে জীৱন নাহি ধৰব। বুলি সে ভকতবত্সল গোপাল বহুত খেদ কয়কহু, অমৃত দিষ্টি নিৰেখি ততকাল জীয়াঅল।

শ্লোক

কৃষ্ণস্যামৃতদৃষ্ট্যালং লব্ধপ্ৰাণঃ কুমাৰকাঃ।
প্ৰীতাস্তে চৰণৌ নেমুৰ্যথা স্বপ্তাত্ সমুথ্থিতাঃ।।

সূত্ৰ-কৃষ্ণক অমৃত নিৰীক্ষণ পাই, পুনৰ্বাৰ প্ৰাণ আৱল। বত্স বত্সপালসৱ স্বপ্নৰ জাগি যৈছে উঠি বৈঠল। অন্যোঅন্যে কহৈছে।

বালকসব-আহে সখিসৱ, দেখো ওহি বিষ জলপানে প্ৰাণ ছাড়ি মৰল, কৃষ্ণক প্ৰসাদে পুনৰ্বাৰ বৰ্ত্তল।

সূত্ৰ-ওহি বুলি পৰম প্ৰীতি হুয়া, কৃষ্ণক চৰণে প্ৰণাম কয় বোলল।

বালকসব-আহে স্বামী, ওহি বিষ-পানী পিএ প্ৰাণে মৰল হামি তোহাক প্ৰসাদে পুনৰ্বাৰ উপজল। তোহাৰি চৰণ সেৱাক মহিমা কি কহব স্বামী।।

সূত্ৰ-শ্ৰীকৃষ্ণ সবাকে আলিঙ্গি আশ্বাস কয়ল।

শ্লোক

তত্ৰ বালিয়ভুজগঃ ভগৱান ভৱভাৱনঃ।
দুৰীকৰ্ত্তুং মনশ্চক্ৰে হ্ৰদাদ্দৈত্যনিসূদনঃ।।

সূত্ৰ-দুৰন্ত বিষ বীৰ্য্য প্ৰতাপে প্ৰচণ্ড কালি-সৰ্পক দমি দূৰ কৰিতে প্ৰৱন্ধ কয়কহু, পীতবস্ত্ৰ কটিত মেহ্ৰাৱল। কদম্ব বৃক্ষে চড়ি কহু, বিষময় কালি হ্ৰদে ঝাম্প কয়ল, সে অনন্ত বীৰ্য্যক প্ৰচণ্ড প্ৰতাপে, হ্ৰদক ঊৰ্মি উথলি, আন্দোল মিলল। শ্ৰীকৃষ্ণ পৰম কৌতুকে জল-মাঝে, যৈছে কেলি কয়ল, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।

গীতঃৰাগ কানড়।।পৰিতাল।।

ধ্ৰুং-কালিন্দী জল মহ খেলে যদুৰায়া।
বালেক বেঢ়ি বংশী বজায়া,
যৈচে নাচে কানু চৰণ চলায়া।।

পদ-নীল তনু তথি পীত পিচোৰি।
নৱ ঘন যৈচে চমকে বিজুৰি।।
কৌস্তভ কণ্ঠ কৌটি নৱ সুৰ।
কুণ্ডল ঝলমল ঝনকে কেয়ূৰ।।
জল মাজে দুহু বাহু আফালি।
ক্ৰীড়া কৰতু বাৰি বনমালী।।
ঊৰ্মি উথলি হ্ৰদ কৰু ৰোলে।
কৃষ্ণ কিঙ্কৰ শঙ্কৰে বোলে।।

সূত্ৰ-শ্ৰীকৃষ্ণ ঐছন জল-কেলি কৰিতে, হ্ৰদক পৰম আন্দোল মিলল। প্ৰচণ্ড ঊৰ্মিক ৰোল বহুতদূৰ গৈল।

শ্লোক

নিশম্য হ্ৰদনিৰ্হ্ৰাদ সম্বাদমিয়দমম্ভুতম্।
আগত্য ত্বৰিতং কালিঃ ক্ৰোধেনাদশদচ্যুতম্।।

সূত্ৰ-তদনন্তৰে হ্ৰদক আন্দোল কল্লোল ৰোল শুনিও, কোপে কম্পমান পৰম দৰ্পে সৰ্পৰাজ কালি কোপে, যৈছে খেদি আসি কহু, মৰ্মথানে শ্ৰীকৃষ্ণক দংশি লাঞ্জে মেহ্ৰাৱল, আহে লোক, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

গীতঃৰাগ-আশোৱাৰী।।পৰিতাল।।

ধ্ৰুং-আৱে কাল কালি বলিআৰা।
কৰতু তুলি ফেট ফোতকাৰা।।
চাৰৱ বিহানে কে না মেলি মেৰি ধেনু।।
বিনা দোষে প্ৰাণপুত্ৰ তেজলি হামাৰি।
হৰয় চেতন দিশ দেখু অন্ধিআৰি।।
তোহাৰি জননী হেৰা মৰি যাঞুঁ তাপে।
কহতু শঙ্কৰ যশোমতীক সন্তাপে।।

সূত্ৰ-ঐছন পৰম বিলাপ কয়, যশোদা ডাকি বোলল।

যশোদা-অএ ক্ৰুৰ পাপী সৰ্প, পুত্ৰক প্ৰাণ লেলি তাহেক সংগে দংশি হামাক মাৰহ।

সূত্ৰ-ওহি বোলি কৃষ্ণক শোকে প্ৰাণ ধৰিএ নাহি পাৰি, গোপ-গোপী সহিত নন্দ-যশোদা হা কৃষ্ণ, বোলি হ্ৰদত ঝাম্প দিতে যাই। তাহে পেখি বলভদ্ৰ ৰহ ৰহ বোলি আগভেণ্টি নিবাৰি বোলল।

বলভদ্ৰ-আহে পিতৃ-মাতৃ, গোপ-গোপীসব, কি কৰিতে চাৱ? ৰহ ৰহ, কিছো চিন্তা নাহি। তোহো সব কিছো জানএ নাহি। ওহি দুষ্ট সৰ্পক দণ্ড কৰিএ এথা হন্তে খেদাআ শ্ৰীকৃষ্ণ এই ক্ষণে আৱব। তোহাসব কৌতুক দেখহ,বৈঠি ৰহ।।

সূত্ৰ-তদনন্তৰে, বলোক বাক্যে ব্ৰজবাসীসব কিছো শান্ত হুয়া, পৰিঅৰ্ত্তি বাক্যে নিঝম পৰিত্ৰ, কৃষ্ণক মুখ নিৰেখিএ ৰহল।.

শ্লোক

দৃষ্ণটা বিষাদং গোৱিন্দো ভক্তানাং ভক্তৱত্সলঃ।
আস্ফোট্য সহসোত্তস্থৌ ৱিমুক্তঃ সৰ্প বন্ধনাত্।।

সূত্ৰ-মনুষ্য চেষ্টা দৰশিএ, শ্ৰীগোপাল দুই দণ্ড সৰ্পক বন্ধনে পৰি ৰহল। তদনন্তৰে গোপ-গোপীসবক, পৰম বিষাদ দুখ দেখিএ শ্ৰীকৃষ্ণ আস্ফোট কয় উৰুফাল দেলহ। কালি সৰ্প পৰম ছোট পাআ, কৃষ্ণক চাড়ি উপড়ি পড়ল। হাজাৰেক ফণা তুলি কৃষ্ণক চাই ফোফাই কোপে চক্ষু আৰকত জিহ্বাএ কৱাৰি চেলেকয়। নাকে-মুখে বিষবহ্নি বৰষএ পেখি শ্ৰীকৃষ্ণ পৰম আটোপে কালিক হাস্ফোলল, তাহাক বেড়ি চক্ৰাকাৰে চমত্কাৰে পাক ঘূৰিতে লাগল। সে অনন্ত বীৰ্য্য কালি মহা ফোটকাৰ কৰিএ, কৃষ্ণক সমূলে ভৰময়। তাহে পেখি জগতক নাথে লীলাএ কালিক মাথে আড়ম্বৰে চড়ল।

শ্লোক

ততঃ শিৰাংসি সৰ্পস্য পদ্ভ্যামাৰ্মদ্য মাধৱঃ।
ননৰ্ত্ত লীলয়া সৰ্বকালাদিগুৰুৰীশ্বৰঃ।

সূত্ৰ-তদনন্তৰে কালিক মাথে চড়ি শ্ৰীকৃষ্ণ দুই পাৱে ফণাক মৰ্দ্দিএ নৃত্য আৰম্ভল। সে সময়ে গন্ধৰ্ব বিদ্যাধৰ সব আসি কহু, তাল কৰতাল ঠুকি মৃদঙ্গ বজাৱঅ। তাহাক চেঅ লৈআ শ্ৰীকৃষ্ণ যৈছে কৌতুক নৃত্য কয়ল তা দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

গীত।।ৰাগ-গৌৰী।।দোমনি-পৰিতাল।।জতিমান।।

ধ্ৰং-কালা কানু নাচে চৰণ চলাই।
কৰতু কৌতুক         নৃত্য কেশৱ
অৰুণ চৰণ চলাঅ ৰে।
দেৱ-মুনি শিৰে         শিৰীষ বৰিসে
হৰিযে হৰি-গুণ গায়ৰে।।

পদ- কাল কালিক         মাথে চড়ি ভড়ি
পীড়ি ক্ৰীড়ি কানু নাচে ৰে।
মৃদঙ্গ দিমি দিমি         নাদ দুন্দুভি
সিদ্ধসৱ বাঅ কাছেৰে।।

পাক ফিৰি ফিৰি         ভিৰি ভিৰি পাৱে
শিৰে শিৰে পাড়ে ডেঅ ৰে।
অঙ্গ ভঙ্গিম         ৰঙ্গ কৌতুকে
নাচতুএ আদি দেৱ ৰে।।

সূত্ৰ-ঐছন জগতক পৰম গুৰু নাৰায়ণ শ্ৰীগোপালক ভৰ সহিতে নাপাৰি কালি অচেতন ভেল। পৰম পীড়াত ঘাড় ওলমল, নাকে-মুখে ৰুধিৰ চান্দে মহাদুখে অন্ধকাৰ দেখে। যত মদ-গৰ্ব-দম্ভ-দপ সৰ্পক সব চুৰ ভেল। বাক্য মুখে হৰল। ঐছন পৰম গুৰুক আপদ-ঔষধ পাই, কালিক মন নিৰ্মল ভেল। নয়নৰ নীৰ ঝুৰঅ। কৃষ্ণক পৰম ঈশ্বৰ পুৰুষ জানি মনে শৰঅ লেলহ।

শ্লোক

নাগ পত্ন্যাঃ পতিং বীক্ষ্য মুমূৰ্ষুঙ্গতচেতনম্।
তুষ্টুবুঃ কৃষ্ণমভ্যেত্য ভৰ্ত্তুবিৰহকাতৰাঃ।।

সূত্ৰ-কালিক ভাৰ্য্যা যত নাগনাৰীসব স্বামী মৰঅ দেখি পৰম সন্তাপ আকুলমতি হুআ, হৃদএ মুষ্টি হানে, নয়নক নীৰ ঝুৰএ। হা হা স্বামী বোলি, শিশুসৱ আগ কৰিএ যৈছে বিলাপ কৰিতে আৱে, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি বোল।

গীত।।ৰাগ-বেলোৱাৰ।।ৰূপক তাল।

ধ্ৰুং-নাগ-নাৰী আৱয়ী অৱনত কায়ী।
তাপিত তনুমনু নয়ন ঝুৰায়ী।।

পদ-পিউক সন্তাপ তাপে প্ৰাণ ফুটি যাই।
ফোকাৰয়ী ঘন ঘন চেতনা নাই।।
পৰিএ হৰিক আগু কৰু পৰণাম।
কহতু শঙ্কৰ গতি গোবিন্দ নাম।।

সূত্ৰ-ঐছন পৰম সন্তাপে কৃষ্ণক আগু পঢ়ি পৰণামি নাগ-পতনীসব কৰ যোড়ি স্বামীক দুখ মোক্ষণ মনে তুতি আৰম্ভল।।

পয়াৰ

ধ্ৰুং-ঘোৰ অপৰাধ আচৰল ওহি চণ্ড।
বিহিলা ইহাক হৰি সমুচিত দণ্ড।।
পুৰাণ পুৰুষ তোহোঁ সনাতন হৰি।
আছা দেৱ দুষ্টক দণ্ডিতে অৱতৰি।.
ইটো দণ্ডে স্বামী ওহি এড়াইলা পাতক।
বৰতো অধিক দেখো তোহাৰি ক্ৰোধক।।
ইটো পদ-পঙ্কজৰ পাইলা ধূলাচয়।
কিহেতু ইহাৰ হেন ভৈল ভাগ্যোদয়।।
লক্ষ্মী-ব্ৰহ্মা-মহেশ প্ৰভৃতি দেৱগণে।
ইটো পদ-ৰজ খুজি নপাৱে যতনে।।
তামসিক ক্ৰুৰ ক্ৰোধী কালি সৰ্প জাতি।
কিমতে পাইলেক ইটো পদ-ধূলা আতি।।
নমো নমো অনন্ত শকতি নাৰায়ণ।
কাৰণৰো কাৰণ তুমিসে অকাৰণ।।
নাহি আদি অন্ত মধ্য পৰিছিন্ন যাৰ।
পূৰ্ণানন্দ দেৱ হেৰা কৰো নমস্কাৰ।।
নমো নমো অতৰ্ক মহিমা দেৱ হৰি।
জগতকে বিয়াপি আপুনি আছা ধৰি।।
তুহু সৰ্ব সাক্ষী ৰাখি আছা প্ৰাণীচয়।
তোহাতেসে হন্তে হোৱে সৃষ্টি-স্থিতি লয়।।
যাহাৰ চাৰিও মুক্ষ্য মূৰ্ত্তি অনুপাম।
ৰাম কাম অনিৰুদ্ধ বাসুদেৱ নাম।।
হেন ভগৱন্ত কৃষ্ণ দেৱতাৰ দেৱ।
তোহাৰি চৰণে কৰো লক্ষ কৌটি সেৱ।।

সূত্ৰ-ঐছন তুতি কৰি কহু,নাগনাৰীসব সকৰুণ ভাএ কৃষ্ণক কাৰ্পণ্য কৰিতে লাগল।

নাগ-নাৰীসব-হে পৰম ঈশ্বৰ, তোহাৰি পাদ প্ৰহাৰে স্বামী মৰি যাই। ওহি দুৰ্জনে তোহাক নজানি দংশল। ইহাক দোষ বাৰেক মৰস গোসাঞি। তোহাৰি আগু ক্ষুদ্ৰ পতঙ্গ। আহেক মাৰি কোন যশ সাধৱ। দেখো, স্বামীক ধাতু প্ৰাণ ৰহে নাহি। যত লাগে মানে শাস্তি পাৱল। হে পৰম ঈশ্বৰ শ্ৰীকৃষ্ণ অৱ কৃপা কৰু, হামাক অনাথ কৰবি নাহি। তোহাৰি আগু আঞ্চোল পাতি, পতি দান মাগো।।

সূত্ৰ-ওহি বুলিতে নয়নক নীৰ ঝুৰে। পতিক সন্তাপে নাগিনীসব যৈছে বিলাপ কয়ল, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।

গীত।।ৰাগ-সুহাই।।জতিমান।।

ধ্ৰুং-অৱহু কৰণা কৰু কৃপাল গোপাল।
তেজৱি জীৱন স্বামীক মিলে কাল।।

পদ-তোহো নাহি জানিএ দংশল ওহি চণ্ড।
সমুচিত অহিক কয়লি দেৱ দণ্ড।।
তুৱা পাৱে বিদিত সতীক পতি প্ৰাণ।
আঞ্চোল পাতিয়া মাগো আমি স্বামী দান।।
তেজঅ জীঅ পিউ প্ৰাণ ফুটি যাই।
পাপীক দোষসব মৰষ গোসাঞি।।
কৰি কাতৰ বিলপতি পৰি নাৰী।
কহ শঙ্কৰ অব উদ্ধাৰ মুৰাৰি।।

সূত্ৰ-নাগনাৰীসব ঐছন স্বামীক সন্তাপে বিলাপ কৰি কহু কৃষ্ণক আগু পৰি ৰহল। নয়নক নীৰ ঝুৰে। হা স্বামী বোলি হৃদএ মুঠি হানি আৰ্ত্তৰাৱ কৰিএ থিক।

শ্লোক

নিশম্য নাগনাৰীণাং কৰুণাং কমলেক্ষণঃ।
কালিয় শিৰসঃ কৃষ্ণঃ কৃপায়াৱতাৰ সঃ।।

সূত্ৰ-তদনন্তৰ, নাগবধূসবক পৰম সন্তাপে পেখিএ শ্ৰীকৃষ্ণ কৃপা উপজল। নাগনাৰী সবক সম্বোধি বোলল।।

শ্ৰীকৃষ্ণ-আহে কালিক ভাৰ্য্যা নাগিনীসব সন্তাপ চোড়হ।

সূত্ৰ-ওহি বুলি ডেৱ দিয়া নামি সৰ্পক ফণাহন্তে অন্তৰ হুআ ৰহল।

শ্লোক

ততো বিমূৰ্চ্ছিতঃ কালিঃ শনৈঃ সম্প্ৰাপ্য চেতনাম্।
তুতোষ শিৰসা নত্বামত্যা কৃষ্ণং মহেশ্বৰম্।।

সূত্ৰ-যমপুৰ পাই, কালি কথঙ্কথমপি প্ৰাণে নিবৰ্ত্তল। মহা পীড়া পাই ফোফাৱত। আপদ ঔষধি পাই, সৰ্পক দৰ্পক চুৰ ভেল। চিত্ত শান্ত হুৱা আখি মেলি কৃষ্ণক আগু দেখিএ বোলল। এহি কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ নাৰায়ণ জানি ত্ৰাহি স্বামী কৃষ্ণ বোলি শিৰে চৰণ পৰশিএ পৰণাম কয়ল পশ্চাত্ জানু পাৰি কৰ যোড়ি তুতি আৰম্ভল।

পয়াৰ

জয় জয় জগত মহেশ্বৰ।
ব্ৰহ্মা শঙ্কৰ যাহে কিঙ্কৰ।.
জয় ভকতক ভয়হাৰী।
নমো হৰি চৰণ তোহাৰি।।
তব পানে অতএ সাধি।
মঞি পাপী অপৰাধী।।
দংশল দেৱ নজানি।
মৰষ দোষ পদ্ম পাণি।।
ক্ৰুৰ সৰ্প অহঙ্কাৰী।
স্ৰজনা তোহাৰি মুৰাৰি।।
মোহল মন তুৱা মায়া।
আজু কয়লি দেঅ দায়া।।
গৰব গুচাৱলি মোৰ।
বিষয় আপদ ঘোৰ।।
দূৰ কৰ অব মোঞী।
চিন্তো চৰণক তোই।।
দেহু হৰি মোহি ওহি শিক্ষা।।
মাগিএ ভূঞ্জিব ভিক্ষা।
ভৰমো তুৱা গুণ গাই।
কৰহু অতএ কৰুণা গোসাঁঞি।।

কালি-সৰ্পঃ-হে পৰম-পুৰুষ নাৰায়ণ শ্ৰীকৃষ্ণ, ওহি পৰম আপদ বিসম জঞ্জাল দূৰ কৰহ; গলে কন্থা বান্ধিঃ ভিক্ষা মাগিঃ তোহাৰি চৰণ চিন্তিঃ গুণ নাম গাই বেড়াঞঃ। বাপ জগন্নাথঃ ত্ৰাহি ত্ৰাহিঃ।

সূত্ৰ-ওহি বোলি কালি শ্ৰীকৃষ্ণক আগু পৰল।।

শ্লোক

বীক্ষ্য ভক্তিস্ততস্তস্য তুষ্টঃকৃষ্ণো জগাদ তম্।
মাভৈৰ্ভুজগতীৰ্ণোহসি মম মায়াং দুৰত্যয়াম্।।

শ্ৰীকৃষ্ণ-আহি কালি সৰ্প-ৰাজ, তোহো বয় কৰবি নাহি। হামাক প্ৰাসাদে ওহি মায়া সংসাৰ তোহো নিস্তৰল।সাম্প্ৰত ওহি যমুনাক হ্ৰদ ছোড়ি তোহাৰি পূৰ্ব স্থান ৰমণক দ্বীপ তাহেক লাগি সপৰিবাৰে চলহ, ঐ চলহ। গৰুড়ক কিছো শঙ্কা কৰবি নাহি। হামাৰ চৰণক চিহ্ন ধ্বজ-বজ্ৰ-পঙ্কজ তোহাৰি ফণাত লাগি ৰহল তাহে পেখি হামাক ভএ গুড়ে কিছো কৰৱ নাহি। বিলম্ব চোড়ি এই চলহ।

শ্লোক

নিশম্য নিৰ্ভয়াং বাণীং কৃষ্ণস্য ভুজগস্তদা।
নত্বা সপৰিবাৰণে যযৌ ৰমণকং মুদা।।

সূত্ৰ-শ্ৰীকৃষ্ণক পৰম নিৰ্ভয় বাণী শুনিয়ে মহা হৰিষে কালি সপৰিবাৰে কৃষ্ণক প্ৰণাম কয়ল। চৰণক ধূলি লেলহ। হে স্বামী কৃষ্ণ বিদায় কয়ল’-বুলি, প্ৰেমে সলোতক নয়নে যৈছে চলল, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

গীত।।ৰাগ-কানাড়া।।পৰিতাল।।

ধ্ৰুং-কৃষ্ণক চৰণে কৰিএ বিদাই।
চললি কালি ৰমণক লাই।।

পদ-ফণা মণি ঝিকমিক কৰি পৰকাশে।
নাগ ৰমণী চলয় লয় লাসে।।
যাহিতে হৰিষে হৰি-গুণ গাৱে
কহ শঙ্কৰ গতি গোবিন্দ পাৱে।।

সূত্ৰ-ঐছন পৰকাৰে কালিক দমিএ হ্ৰদহন্তে দূৰ কৰি কহু শ্ৰীকৃষ্ণ কৌতুকে কালিন্দী তীৰে আৱল, দেখি আনন্দে গোপীসব জয় কৃষ্ণ বুলি বেঢ়ল। মুখ-পঙ্কজক যৈছে নয়ন ভ্ৰমৰে পান কৰৈছে, নন্দ-যশোদা বাহু মেলি গলে বান্ধি ধৰল, ঘনে ঘনে শিৰ শুঙি লোতকে শৰীৰ তিয়াৱল। গদ গদ বাক্যে বোলল।

যশোদা-আহে পুতাঃ কি নিমিতেঃ হ্ৰদক মাঝে ঝাম্প দেলহ;অঃ হামাক মাৰিতে চাঅলঃ তোহাৰি সন্তাপে আজু প্ৰাণ চাড়ল হোই।

সূত্ৰ-ওহি বুলি মৃতক পুত্ৰক পাই, পৰমানন্দে নন্দ-যশোদা ৰহল। তদন্তৰ কৃ্ষ্ণক প্ৰভাৱ জানি হাসি হাসি আসি বলভদ্ৰে আলিঙ্গি ধৰল ঐছন পৰকাৰে কৃষ্ণক আৱৰি কৌতুকে হাসিতে মাতিতে দিৱস অৱসান ভেল ৰাত্ৰি মিলল। তাহে পেখি শ্ৰীকৃষ্ণ বোলল।।

শ্ৰীকৃষ্ণ-হে মাতা, হে পিতা, হে গোপ-গোপীসব, আজু ৰাত্ৰি বজ্ৰ যাইতে পাৰএ নাহি। যব সবেহি ভল্ল দেখহ, তবে এথাতে ৰজনী বঞ্চহ।

সূত্ৰ-শ্ৰীকৃশ্ণক ঐছন বাক্য অনুমানি যত গোকুলবাসীসব যমুনাক তীৰে শুতি ৰহল। ক্ষুধাএ-তৃষ্ণাএ হাৰাশস্তি হুৱা নিৰ্ভএ নিদ্ৰা গেলহ।

শ্লোক

ততোঃ লোকাঃ সমুত্তস্থুঃ বেষ্টিতা বনৱহ্নিনা।
চুক্ৰুশুঃ কৃষ্ণ কৃষ্ণেতি ত্ৰাহি ত্বং নিজকিঙ্কৰান্।

সূত্ৰ-তদনন্তৰ নিদ্ৰাতে ব্ৰজবাসীক বনাগ্নি বেঢ়ল। তাহেক প্ৰচণ্ড শব্দ শুনিএ নিদ্ৰাভঙ্গ ভেল। বিস্ময় হুআ জাগল, প্ৰচণ্ড বহ্নি পেখিয়ে শৰীৰ কাম্পে। পৰম ত্ৰস্ত হুআ ত্ৰাহি ত্ৰাহি কৃষ্ণ বোলি কোলাহল কৰিতে লাগল।

গোপ-গোপীসৱ-হে অনাথক নাথ, হে দীন-দয়াল স্বামী কৃষ্ণ হামাক ওহি শৰীৰ আৱশ্যক পৰব, ইহাক চিনতা নাহি নাথ। ওহি সংসাৰ তাৰক তোহাৰি অৰুণ চৰণ তাহে পুনৰ্বাৰ নাহি দেখব। এহি দুখনলে হৃদয় দাহ কৰে।

সূত্ৰ-ওহি বোলি যৈছে আৰ্ত্তৰাৱে ক্ৰন্দন কঅ লাগল-তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

গীত।।ৰাগ-শ্ৰীগান্ধাৰ।।পৰিতাল।।

ধ্ৰুং-আৱে হৰি হৰি গোপাল প্ৰাণ।
মিলে মৰণ হামাৰু ৰে।
অৰণ্য-অনলে দহে মধাই উধাৰু।।

পদ-নাহি ওহি দুখঃ মোহি জীৱ জব যাই।
নিচিন্তিত হামুঃ এহি মৰণক লাই।।
অৰুণ চৰণ আৰঃ নেদেখো তোহাৰি।
ওহি দুখে দহে দেহাঃ মধাই হামাৰি।।
আৰাৱে কাতৰ কৰে ঐ বন্ধু মধাই।
বাপ চাপ সমীপ খানিক থাকো চাই।।
আজু আশা দূৰ গেল তুৱা দৰশনে।
কহতু শঙ্কৰ গতি গোবিন্দ চৰণে।।

গীত।।ৰাগ-ভাটিয়ালী।।

ধ্ৰুং-ত্ৰাহি ত্ৰাহি হেৰ প্ৰাণ         নাৰায়ণ হৰায়ী ঐ বাপ
শৰণে পশিলোঁ।
বন-বহ্নি দহে         নৰহে জীৱন
আবেসে নাশিলোঁ।।

পদ-নাহি এহি শোক         মৰণ মিলোক
আৰ নিচিন্তোহো হামি।
তোমাৰ অৰুণ         চৰণ-পঙ্কজ
পুনু নেদেখব স্বামী।।
সন্নিহিত চাপ         গোপাল এ বাপ
খানিক দেখিএ থাকো।
কমল নয়ন         এ ব্ৰজ জীৱন
তোৰ ভৃত্যসবে ডাকো।।
ৰূপে মদন         এ চান্দ বদন
দেখিতে নাপাইবো আৰ।
তোহাৰি বিয়োগ         আগি পীড়ে প্ৰাণ
অধিক কৰি হামাৰ।।
আপদে মগন         গোপ-গোপীগণ
আৰাৱে কাতৰ কৰে।
মাধৱ বান্ধৱ         উদ্ধাৰ কৰতু
কহয় কৃষ্ণ কিঙ্কৰে।।

সূত্ৰ-ঐছন ভকতসৱক আৰ্ত্তৰাব শুনিএ শ্ৰীকৃষ্ণক পৰম কৰুণা উপজল, হৃদয় আকুল ভেল।

শ্লোক

ততোহ তিভীতান্ ভগৱান্ গোপানাশ্বাস্য সত্বৰম্।
মুখেন বহ্নিমপবিত্ মহাযোগেশ্বৰো হৰিঃ।।

সূক্ষ-ভকতক ভীতি পেখিএ শ্ৰীকৃষ্ণ বোলল।

শ্ৰীকৃষ্ণ-আহে গোপ-গোপীসব হামু বিদ্যামান থাকিতে কোন চিন্তা থিক। নিৰ্ভএ ৰহ।

সূত্ৰ-ওহি বুলি ঈশ্বৰ চেষ্টা দেখাইঃ ততকালে সে প্ৰচণ্ড বহ্নিক মুখে পান কয়লঃ দুৰ্ঘোৰ বহ্নি যৈচে জল পৰিএঃ ততকালে নিৰ্বান গেল। তাহে পেখি গোপ-গোপীসব, জয় কৃষ্ণ জয় কৃষ্ণ বোলি জোকাৰ পাৰল।

শ্লোক

শ্ৰীকৃষ্ণস্যাদ্ভূতং কৰ্ম দৃষ্টাসৰ্ব্বেপি বিস্মিতাঃ।
অনোহন্যমিতি প্ৰত্যুচুৰ্ন্ন নৰো নন্দনন্দনঃ।।

সূত্ৰ-শ্ৰীকৃষ্ণক আশ্বৰ্য্য মহিমা পেখিএ পৰম বিস্ময় হুয়া অন্যোঅন্যে সম্বোধি বোলল।।

ব্ৰজবাসী-আহে ভাইসবঃ দেখো দেখো ওহি নন্দ-নন্দন মানুষ নোহে; প্ৰচণ্ড বহ্নিক ততকালে মুখে পান কয়লঃ ওহি কি মনুষ্যক কামঃ অঃ জানল, সে পৰম পুৰুষ পুৰুষোত্তম, সনাতন নাৰায়ণ, সে ভূমিক ভাৰ হৰণ নিমিত্তে অৱতাৰ হয়ে থিক। ইহাত কিছো শঙ্কা নাহি অঃ হামাক ভাগ্যক মহিমা কি কহব। এহি জগতক গুৰু নাৰায়ণ সহিত হামাক সঙ্গ ভেল হামু নিস্তৰল।

সূত্ৰ-ওহি বুলি শ্ৰীকৃষ্ণক প্ৰশংসিয়ে আৱৰি গোপ-গোপীসব নয়ন ভ্ৰমৰে মুখ-পঙ্কজক প্ৰেমে প্ৰাণ কৰিএ ৰহল।

শ্লোক

গোবিন্দো ৱাদয়ন্ ৱেণুং গোকুলং গোপীগোপকৈঃ।
সাৰ্দ্ধং যযৌ জগন্নাথো হৰ্ষয়ন্ সুহৃদো মুদা।।

সূত্ৰ-তদনন্তৰ কালি-দমন বন বহ্নি পান পৰম ঈশ্বৰ লীলা দৰশিএ শ্ৰীকৃষ্ণ গোপ-গোপী সহিতে ধেনুসৱ আগ কঅ চলয়। কৃষ্ণ-গুণ গাই, বংশী-শঙ্খ-শিঙ্গা বজাই গোপীসৱ যাই। গোপীসৱ পৰম প্ৰেমভাবে পৰম প্ৰেমভাবে হৰি গুণ গাই কৃষ্ণ মুহ-পঙ্কজ কটাক্ষে নিৰেখিএ গোকুল চললি। তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।।

গীত।।ৰাগ-কল্যাণ।।খৰমান।।

ধ্ৰুং-গোকুল চলেৰে মুৰাৰু।
নীল শৰীৰ ৰঞ্জিত পীত জ্যেতি,
চাৰু হীৰ হেমহাৰু।।

পদ-বাৱত বেণু         ধেনু ৰেণু তনু
কানু কৌতুক কয় যাই।
গোপ শিশু সঙ্গ         অঙ্গ ত্ৰিভঙ্গিম
ৰূপে ভুৱন ভুলাই।।
সঙ্গিনী ৰঙ্গিনী         গোপিনী গাৱে
ভাৱে নীৰ ঝুৰাৱে।
কানুক কমল         অমল মুহ হেৰি
চললি লহু লহু পাৱে।।
শ্ৰীৰাম ৰায়া         হৰি ৰস পায়া
মায়া কৰু নিৰযান।
একু কৃষ্ণক         চৰণ পৰায়ণ
শঙ্কৰ হৰি-গুণ গান।।

সূত্ৰ-ঐছন পৰম কৌতুক কেলি কঅ শ্ৰীকৃষ্ণ গোপ-গোপী সহিতগোকুল পাই পৰম আনন্দে ৰহল। এহি গোপালক কালি-দমন, বনাগ্নি পান, লীলা-যাত্ৰা যে সব লোকে শুনে, ভণে তাহেক কৃষ্ণ চৰণে পৰম প্ৰেম ভকতি বাঢ়ব, ইহা জানি নিৰন্তৰে হৰি বোল হৰি।

শ্লোক

কৃষ্ণস্য কালি দমনং নাম যাত্ৰ চকাৰিতা।
যতন্যূনমধিক দোষং ক্ষমতাং ভগবান প্ৰভোঃ।।
নমঃ কৃষ্ণায় ৰামায় কামায় মহতে নমঃ
নমো অৰবিন্দনেত্ৰায় সদানন্দায় ভাস্বতে।।

।।ভটিমাঃমুক্তি মঙ্গল।।

দৈৱকী উদৰে         উদয় যোহি দেৱা
কয়লি ভকতক ত্ৰাণ।
অঘ বক ধেনুক         কেশী সবংশক
কংসক ধ্বংসল প্ৰাণ।।
বিৰিন্দা বিপিন         বিহাৰ বিশাৰদ
শাৰদ চন্দ্ৰ সমান।
শোহি জগত গুৰু         তেৰি সততে কৰু
মুকুতি মঙ্গল বিধান।।
যোহি গোপ বধূ         বিবিধ বিধ্বংসল
পৰিৰম্ভল ভুজ মেলি।
যোহি যমুনা জল         যামিনী কামিনী
মিলি কয় ৰঙ্গ কেলি।
দুষ্ট অৰিষ্টক         মুষ্টিক মোড়ল
শঙ্খচূড় লেল প্ৰাণ।
সোহি জগত গুৰু         তেৰি সততে কৰু
মুকুতি মঙ্গল বিধান।।
যোহি ভূমি কহু         ভাৰ উত্তাৰল
নিজ জন পুৰিএ কাম।
পাপী পাপক         মূল উপাৰে
উচাৰি যাকেৰি নাম।।
যাহে নাম শুনি         নীচ শ্বপচ মুনি
দোহো হোৱে একু সমান।
সোহি বৈকুণ্ঠক         কৃষ্ণক নাটক
উত্পাটক দুখমূল।
পূণ্যক সঞ্চল         কলিমল ধ্বংসল
নাহি নাহি ওহি তুল।
শুন সভাসদ         দেখু বিচাৰি
ভেলহ লোক একাকাৰ।
ধৰমক কৰমক         আশা দূৰ কৰ
হৰি বিনে গতি নাহি আৰ।।
শ্ৰীৰাম ৰাই         হৰি বিনে নাই
যাহেৰি হৃদয় ধিয়ান।
ভকতিক শকতি         যাহেৰি মিলল
পৰম ঈশ্বৰ গিআন।।
পাষণ্ড দণ্ডন         মণ্ডন ভকতক
হৰি ৰস ৰসিক সুজান।
কালি দমন         কৰাৱত নাটক
কৃষ্ণ কিঙ্কৰ ওহি ভাণ।।
শুন সব লোই         বচনক মোই
সৱ তেজি ভজ হৰি পাৱ।
ওহি ভৱ দুৰ্গম         সাগৰ তৰণে
কৃষ্ণ পাদ-পল্লব নাৱ।।
দেৱক উপৰি         ৰাজা মাধৱ
ধৰমক উপৰি নাম।
কৌটি কল্পক         পাতক নাশক
ডাকি বোলহ ৰাম ৰাম।।

ইতি কালিদমন যাত্ৰা নাটকম্ সমাপ্তম।

 

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.