অসমীয়া সাহিত্যৰ বুৰঞ্জী (১) : মৃণালজ্যোতি গোস্বামী

অসমীয়া সাহিত্যৰ বুৰঞ্জী (১) : মৃণালজ্যোতি গোস্বামী by January 14, 2013 0 comments

(টোকাঃ ইণ্টাৰনেটত উপলব্ধ হোৱাকৈ এখন অসমীয়া ভাষাৰ বুৰঞ্জী প্ৰস্তুত কৰাটো আমাৰ বাবে আচলতে এটা মৰসাহ ৷ বহু দিনৰে এটা হেঁপাহ আছিল— ইণ্টাৰনেটত অসমীয়া সাহিত্যৰ বুৰঞ্জী এখন লিখিব লাগিব৷ কাৰণ আজিৰ প্ৰজন্মই বেছিকৈ ইণ্টাৰনেটহে ব্যৱহাৰ কৰে৷ তেওঁলোকে অসমীয়া-সাহিত্যৰ বুৰঞ্জী জানিবলৈ চেষ্টা কৰে৷ কামটো হাতত ল’বলৈ লওঁতে ভয়, দ্বিধা সকলোৱে আহি জুমুৰি দিলেহি৷ তথাপিতো বেজবৰুৱাৰ দেশৰ যুৱক হিচাপে কঁকালত টঙালি বান্ধি ল’লোঁ৷ তাতে এইজনা মহাপ্ৰাণ অসমীয়াৰ জন্ম শতবৰ্ষও আহি আছে৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈকে এই প্ৰকল্পটো হাতত ল’লো৷ মোৰ পৰিবাৰ জোনমণি গগৈয়েও বুৰঞ্জীখন লিখোতে মোক সহায় কৰিছে৷ এক কথাত এয়া আমাৰ দুয়োৰে যুটীয়া লেখাহে৷ প্ৰতি মাহতে একোটাকৈ খণ্ড লিখিবলৈ যত্ন কৰিম৷ ভুল হ’লে সুধীজনে আঙুলিয়াই দিলে সুখী হ’ম৷ এই প্ৰাৰম্ভিক লেখাটোৰ কিছু অংশ ইউনিক’ডলৈ ৰূপান্তৰ কৰোতে Tezpur University, NLPLab এ নিৰ্মাণ কৰা Geetanjali to unicode converter v.10 ৰ সহায় লোৱা হৈছে৷)

(১) লোককবিতা বা লোকগীত

লোক কবিতাৰাজিকেই লোকগীত বুলি অভিহিত কৰা হয়। মানৱ সভ্যতা আৰু সংস্কৃতিৰ কঠীয়াতলীতেই ইয়াৰ জন্ম আৰু বিকাশ সাধন হৈছে। ই হ’ল চহা প্ৰাণৰ মুক্ত পৰিস্ফূৰণ আৰু মৌলিক ভাবাৱেগৰ অকৃত্ৰিম প্ৰকাশ। লোকগীতসমূহক পুনৰ কেইবাটাও সৰু সৰু বিভাগত বিভাজিত কৰি আলোচনা কৰা হয়, যথা- মালিতা, ধৰ্মীয় গীত, কৰ্ম গীত, প্ৰণয় গীত, উৎসৱ-অনুষ্ঠানৰ সৈতে জড়িত গীত, সংস্কাৰমূলক কৃত্যৰ সৈতে জড়িত গীত, তত্ত্বপূৰ্ণ বা দাৰ্শনিক ভাবপ্ৰধান গীত, ল’ৰা-ছোৱালীৰ সৈতে জড়িত গীত ইত্যাদি। অসমীয়া লোকগীতসমূহলৈ চকু ফুৰালেই আমি এই বিভাজনকেইটা সুন্দৰভাৱে অনুধাৱন কৰিব পাৰিম।

 

মালিতাঃ ইংৰাজী ‘বেলাড’ শব্দটোৰ সমাৰ্থক অৰ্থত অসমীয়া ‘মালিতা’ শব্দটো ব্যৱহাৰ কৰা হৈছে। বেলাড বা মালিতা নৃত্যৰ পৰিপূৰকভাৱে সুৰ লগাই গোৱা হয় আৰু তাৰ মাজেৰে একোটা কাহিনী বৰ্ণনা কৰা হয়। সাধাৰণতে বেলাডত একক কাহিনীৰ বৰ্ণনা থাকে। অসমীয়াত মালিতা শব্দটো ‘মালা’ শব্দৰ পৰা আহৃত, ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে ইয়াত কোনো কাহিনী গাঁথি থোৱা থাকে – সেইবাবেই মালিতা। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ মালিতাৰ প্ৰচলন আছে। মালিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰা হয়।

  • পুৰাণগত মালিতা (Mythical ballad) : কোনো ধৰ্মীয় অনুষংগত জগৎ সৃষ্টিৰ বৰ্ণনা, ধৰ্মীয় কৃত বা ইয়াৰ লগত জড়িত সমলৰাজিৰ উৎপত্তিৰ বিষয়ে যি মিথধৰ্মী কাহিনী গোৱা হয় তাকে পুৰাণগত মালিতা বুলি অভিহিত কৰা হয়। সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত ‘হাইদাং গীত’ অসমীয়া পুৰাণগত মালিতাৰ উদাহৰণ।
  • নৈদানিক মালিতা (Etiological ballad): পুৰাণগত মালিতাৰ লগত নৈদানিক মালিতাৰ বিষয়বস্তু, সংযুতি আৰু অনুষংগৰ সাধাৰণতে মিল দেখা যায়। এই মালিতাতো জগৎ সৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি, প্ৰাকৃতিক ব্যাপাৰৰ ব্যাখ্যা, পৰ্বত-পাহাৰ আদিৰ জন্মৰ বৰ্ণনা থাকে। পূজা-উপাসনাৰ প্ৰসংগত গোৱা পিঠাগুড়ি, ঢেঁকী, ঘট, কলহ, চৰু আদিৰ জন্ম সম্পৰ্কীয় গীতবোৰেই নৈদানিক মালিতা। মনসা পূজাত ওজাপালিয়ে গোৱা বিভিন্ন জন্ম সংক্ৰান্তীয় গীত, ব্যাসৰ ওজাপালিয়ে – বাসুদেৱ পূজা, জাগৰ পূজা আদিত গোৱা জাগৰৰ জন্ম, বিভিন্ন ৰাগ-ৰাগিনীৰ জন্ম সম্পৰ্কীয় গীতবোৰেই নৈদানিক মালিতা।
  • ঐতিহাসিক মালিতা (Historical ballad): কোনো ঐতিহাসিক ঘটনাৰ আধাৰত ৰচিত মালিতাই হ’ল ঐতিহাসিক মালিতা। যেনে – বদন বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, পথৰুঘাটৰ ৰণ, ফুলগুৰিৰ ধেঁৱা আদিয়েই ঐতিহাসিক মালিতা।
  • নশ্ৰুতিমূলক মালিতা (Legendary ballad): লোকসমাজত প্ৰচলিত জনশ্ৰুতিৰ আধাৰত যিবোৰ মালিতা ৰচনা কৰা হয় সেইবোৰেই জনশ্ৰুতিমূলক মালিতা। উদাহৰণস্বৰূপে- বেউলা-লখাই গীত, কেন্দু কলাই গীত আদি।
  • যাদুমূলক বা বিস্ময়াবহ বা অলৌকিক মালিতা (Magical or wonderous or Supernatural ballad): যিবোৰ মালিতাত যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক কাহিনী বৰ্ণনা কৰা হয় সেইবোৰকে যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক মালিতা বোলা হয়। এইবোৰ মালিতাত সাধাৰণ মানুহৰ অলৌকিক জগতৰ সৈতে সংঘটিত সংঘৰ্ষ আৰু অলৌকিক শক্তিৰ সহায়েৰে অতিলৌকিক কাৰ্য সম্পাদন কৰা কাহিনী বৰ্ণিত হয়। যেনে- মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, চিকন সৰিয়হৰ গীত, জনাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত আদি।
  • ব্যংগাত্মক মালিতা (Satirical ballad): সমাজ সংশোধন বা সংস্কাৰ কৰাৰ আপাহেৰে ব্যংগাত্মকভাৱে ৰচিত মালিতাৰাজিকে ব্যংগাত্মক মালিতা বুলি কোৱা হয়। সাধাৰণতে আকস্মিক আৰু মৌখিকভাৱে এই বিধ মালিতা ৰচনা কৰা হয়। ভাইৰা, ভাৱৰীয়া, বহুৱা, ওজাপালি আদি চৰিত্ৰই এই শ্ৰেণী মালিতাৰ ৰচক। উদাহৰণস্বৰূপে – ভাউৰাৰ গীত, ভূঁইকঁপৰ গীত, মলুৱাৰ গীত আদি।
  • বাৰমাহীৰ গীতঃ বাৰমাহীৰ গীতসমূহো মালিতাৰে এক বিশেষ অংশ। ভাৰতৰ আন আন প্ৰদেশবিলাকত প্ৰচলিত ‘বাৰমাহীৰ গীত’, ‘বাৰমাসীৰ গীত’, ‘বাৰমাসাৰ গীত’ৰ দৰে অসমতো প্ৰচলিত ‘মধুমতীৰ গীত’, ‘জয়ধন-বণিয়াৰ গীত’, ‘শান্তি বাৰমাহী’, ‘ৰাম বাৰমাহী’, ‘কন্যা বাৰমাহী’ আদি এই শ্ৰেণীৰ গীতৰ প্ৰকৃষ্ট উদাহৰণ। উল্লেখযোগ্য যে বাৰমাহীৰ গীতবোৰৰ বাস্তৱ অভিজ্ঞতাৰ প্ৰতিফলনৰ লগতে প্ৰেম-প্ৰীতিৰ কথাও বৰ্ণনা কৰা হয়। সেইবাবে ইয়াক বাস্তৱানুগত মালিতা বুলিও ক’ব পাৰি।

ধৰ্মীয় গীতঃ কোনো ধৰ্মীয় প্ৰসংগ, দেৱ-দেৱীৰ উৎপত্তি বা দেৱ-দেৱীৰ পূজা-উপাসনাৰ প্ৰসংগত গোৱা গীতসমূহেই ধৰ্মীয় গীত। ধৰ্মীয় পৰাকাষ্ঠা এই শ্ৰেণী গীতৰ উল্লেখযোগ্য বৈশিষ্ট্য। যেনে – আইনাম, সদাশিৱৰ নাম, জগন্নাথ পূজাৰ নাম, সুবচনীৰ নাম, মনসা পূজাৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনীৰ নাম, অপেশ্বৰী সবাহৰ গীত, সোণাৰাই পূজাৰ গীত, কাতি পূজাৰ গীত, বাঁশ পূজাৰ গীত, হুদুম পূজাৰ গীত আদি।

প্ৰণয় গীতঃ সাধাৰণতে পূবৰ্ৰাগ, অনুৰাগ, সম্ভোগ, বিপ্ৰলম্ভ, মিলন আদি ভাব বিশিষ্ট লিৰিকধৰ্মী গীতবোৰেই হ’ল প্ৰণয়মূলক গীত। বিহুগীত, ঐনিঃতম, সাথাৰ, বৈশাগু আদি প্ৰণয় গীত। উদাহৰণস্বৰূপে- মাতৰে লেতেৰা কেতেৰা জেঙেৰা/ভোগদৈ লেতেৰা পানী/ ছোৱালী লেতেৰা বিজুলী চকুৱা/ মুখত মিচিকিয়া হাঁহি।

কৰ্ম গীতঃ শ্ৰম কৰোঁতে আনন্দ লভাৰ লগতে ভাগৰ-অৱসাদ আদি দূৰ কৰি নতুন উৎসাহেৰে কৰ্ম-সম্পাদন কৰিবলৈ গোৱা গীতবোৰেই হ’ল কৰ্ম গীত। অতি পুৰণি কালৰে পৰা ম’হ বা গৰুগাড়ীৰ চালক, নাৱৰীয়া, হালুৱা, কুমাৰ, কমাৰ, খৰিকটীয়া, মৈষাল, হাতী মাহুত, মাছমৰীয়া, শিপিনী, দাৱনী, ৰোৱনী আদিয়ে কমৰ্ৰ পাৰদৰ্শিতা বৃদ্ধি কৰাৰ লগতে অৱসাদ বিদুৰণৰ কাৰণে কৰ্ম বিষয়ৰ গীত গাই আহিছে। উদাহৰণস্বৰূপে – বৈঠা মাৰোঁ বৈঠা মাৰোঁ ৰে/ অ’ বাইছাৰ ভাইয়া ৰে। (নাওখেলৰ গীত)

প্ৰসংগক্ৰমে উল্লেখ কৰা হ’ল যে লোক-সাহিত্যত কৰ্মগীত বুলি উপ-বিভাগ এটা হোৱাটো উচিত নে অনুচিত এই সম্পৰ্কে লোকসংস্কৃতিবিদসকলৰ মাজত মত-বিৰোধ বিদ্যমান। কিছুমানৰ মতে যিকোনো গীতেই কৰ্মগীত বা শ্ৰমগীত হ’ব পাৰে।

উৎসৱ-অনুষ্ঠানৰ লগত জড়িত গীতঃ উৎসৱ-অনুষ্ঠানৰ বিবিধ সংযুতিত গীত-পদৰ লগতে নৃত্যই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন পৰম্পৰাগত উৎসৱ-অনুষ্ঠানবোৰত পৰিৱেশন কৰা গীতসমূহেই উৎসৱ-অনুষ্ঠানমূলক গীত। অসমতো বাৰ মাহত তেৰটা উৎসৱ পালিত হয় আৰু এইবোৰৰ ভিতৰত কৃষিভিত্তিক বা ঋতুকালীন উৎসৱ-অনুষ্ঠানৰ সংখ্যাই অধিক। বিহু উৎসৱৰ অন্তৰ্গত বিহুগীত, বৈশাগু, বায়খো, আলি আয়ে লৃগাং, বাম্বুলপিতা, ভঠেলি, পাউৰাতোলা, মহোহো; বিবাহ উৎসৱ উপলক্ষে গোৱা পানীতোলা, গোঁসাই পূজা কৰা, দৰা-কইনাক গা-ধোৱা, যোৰা নাম বা খিচা গীত আদি উৎসৱ-অনুষ্ঠানমূলক গীতৰ ভিতৰত পৰে।

সংস্কাৰমূলক কৃত্যৰ লগত জড়িত গীতঃ মানুহে সামাজিক জীৱনত বিভিন্ন সংস্কাৰমূলক কৃত্যৰ লগত জড়িত হ’বলগীয়া হয়। যেনে- জন্ম, বিবাহ আৰু মৃত্যুৰ লগত জড়িত কৃত। এই সংস্কাৰমূলক কৰ্মত গোৱা গীতসমূহেই সংস্কাৰমূলক কৃত্যৰ লগত জড়িত গীত। কাৰ্বিসকলে শ্ৰাদ্ধত গোৱা চমাংকান গীতসমূহ এনে গীতৰ উদাহৰণ।

দাশৰ্নিক ভাব প্ৰধান গীতঃ সংসাৰৰ অনিত্যতা সম্পৰ্কে তাত্বিক ভাব সন্নিবিষ্ট কিছু গীতো লোকসমাজত প্ৰচলিত। এনে গীতবোৰকে দাশৰ্নিক ভাব প্ৰধান গীত বোলা হয়। অসমীয়া জনসমাজত প্ৰচলিত ‘দেহ বিচাৰৰ গীত’, ‘টোকাৰী গীত’, ‘জিকিৰ’সমূহ এই শ্ৰেণীৰ গীতৰ প্ৰকৃষ্ট উদাহৰণ।

কেঁচুৱাৰ সৈতে জড়িত গীতঃ কেঁচুৱা বা শিশুসকলৰ মনোৰঞ্জন, খেল-ধেমালি, নিচুকাব আৰু টোপনি নিয়াবৰ বাবে সৰ্বসমাজতে বিবিধ গীতৰ প্ৰচলন আছে। এই সকলোবোৰকে কেঁচুৱা ল’ৰা-ছোৱালীৰ সৈতে জড়িত গীত বোলা হয়। অসমীয়া গীতৰ ভঁৰাল এই ক্ষেত্ৰত অতিকে চহকী।

–**–

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.