অসমীয়া সাহিত্যৰ বুৰঞ্জী (২) : মৃণালজ্যোতি গোস্বামী

অসমীয়া সাহিত্যৰ বুৰঞ্জী (২) : মৃণালজ্যোতি গোস্বামী by February 14, 2013 0 comments

(২)

গদ্যধৰ্মী লোককথাঃ

লোকসাহিত্যৰ দ্বিতীয় বিভাগটিয়েই হৈছে গদ্যধৰ্মী লোককথা৷ গদ্যৰূপত প্ৰচলিত পৰম্পৰাগত মৌখিক কাহিনীসমূহক গদ্যধৰ্মী লোককথা বোলে৷ বিষয়বস্তুৰ সংযুতি আৰু প্ৰসংগ অনুসৰি ইয়াক আকৌ তিনিটা উপবিভাগত ভগাব পাৰি৷

·         পুৰাণকথা, পুৰাকথা বা পুৰাবৃত্ত বা অতিকথা (Myth)

·         জনশ্ৰুতিমূলক বা জনশ্ৰুতিগত কথা বা কাহিনী (Legend)

·         সাধুকথা, সাধু, সাজোকথা, উপকথা, উককথা, কিচ্ছা, কাহিনী (tale) আদি৷

·         পুৰাণকথা, পুৰাকথা বা পুৰাবৃত্ত বা অতিকথাঃ অতি পুৰণি কালত উৎপত্তি হোৱা আৰু সত্য বুলি গণ্য কৰা পৰম্পৰাগত কাহিনীসমূহ এই শাখাৰ অন্তৰ্গত৷ কোনো জনগোষ্ঠীৰ সৃষ্টিতত্ত্ব আৰু অলৌকিক পৰম্পৰা, তেওঁলোকৰ উপাস্য দেৱ-দেৱীৰ কাহিনী, সাংস্কৃতিক লক্ষণ আদিয়েই ইয়াৰ প্ৰধান উপজীব্য৷ এইবোৰ মূলতঃ ধৰ্মীয় বিশ্বাসৰ ভেটিতে সৃষ্টি হয়৷ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত তেওঁলোকৰ দেৱ-দেৱীৰ জন্ম কাহিনী; যেনে- ‘লক্ষ্মীদেৱীৰ জন্ম’, ‘মনসা বা পদ্মাৰ জন্ম’, ‘কুমাৰৰ জন্ম’; মিচিংসকলৰ মাজত প্ৰচলিত ‘দঃঞিঃ-পঃলৰ কাহিনী’ আদিয়েই এই শ্ৰেণীবিভাগৰ অন্তৰ্গত৷

·         জনশ্ৰুতি মূলক বা জনশ্ৰুতি গত কথা বা কাহিনীঃজনশ্ৰুতিগতভাৱে কোনো সমাজৰ ধৰ্মীয় প্ৰসংগত গেয় বা আবৃত্তি কৰা সাধু পুৰুষ, শ্বহীদৰ জীৱন বৃত্তৰ কাহিনীয়েই এই শ্ৰেণীত অন্তৰ্ভুক্ত৷ যেনে- ৰাভাসকলৰ মাজত প্ৰচলিত ‘দদান বীৰৰ কাহিনী’, কাৰ্বিসকলৰ মাজত প্ৰচলিত ‘ৰং ফাৰপিৰংবে’ৰ কাহিনী আদি এনে গদ্যধৰ্মী লোককথাৰ প্ৰকৃষ্ট উদাহৰণ৷

·  সাধুকথা, সাধু, সাজোকথা, উপকথা, উককথা, কিচ্ছা, কাহিনী(Tale)শব্দটিৰ পৰিভাষা হিচাপেই অসমত এই অভিধাকেইটাপ্ৰয়োগ কৰা হয় যদিও প্ৰধানতঃ ‘সাধুকথা’ শব্দটিয়েইবহুলভাৱে প্ৰচলিত৷ সাধুকথাবোৰ কাল্পনিক যেন লাগিলেও ই মূলতঃ সমাজৰ বাস্তৱ অভিজ্ঞতাৰ আধাৰতে ৰচিত আৰু ইয়াৰ মাজতে সমাজ এখনৰ পৰিশ্ৰমৰ চিত্ৰ ৰক্ষিত হোৱাৰ লগতে লোক জীৱনৰ বিবিধ বিশ্বাস কল্পনা আদৰ্শ সঞ্চিত হৈ থাকে৷ বিষয়বস্তুৰ ভিন্নতা অনুসৰি সাধুকথাক বিভিন্ন উপবিভাগত বিভক্ত কৰা হয়৷ অসমীয়া লোকসাহিত্যও সাধুকথাৰ ক্ষেত্ৰত অতিকে চহকী৷ অসমীয়া জনসাহিত্যৰ অন্তৰ্ভুক্ত সাধুসমূহ এনেদৰে বিভাজিত কৰি আলোচনা কৰিব পাৰি৷ যথা-জন্তুকেন্দ্ৰীয় সাধুকথা (যেনে- শিয়াল/বান্দৰ, শহা/শিয়াল, শিয়াল/কাছ, বগলী/বাঘ, টুনী/ঢোঁৰা কাউৰী আদিক লৈ ৰচিত সাধু); যাদুমূলক বা বিস্ময়ৱহ বা ৰোমাণ্টিক বা অতিলৌকিক সাধুকথা (যেনে- পানচৈ, চম্পাৱতী, তেজীমলা, কমলা কুঁৱৰীৰ সাধু আদি); নৈদানিক সাধুকথা (যেনে- তামোল পানৰ জন্ম, পৰ্বত-পাহাৰৰ জন্ম, কপৌ-মইনা চৰাইৰ জন্ম সম্বন্ধে থকা সাধু); টেটকুঁটি (হাস্য-ব্যংগ প্ৰধান সাধু, যেনে- ফৰিং, সৰৱজান, কুকুৰীকণা জোৱাঁই, বামুণৰ লিটিকাই, বামুণৰ বহুৱা, সাত মুৰ্খ, মুৰ্খজোৱাঁই, ব্ৰাহ্মণ ঠাকুৰৰ টেটকুঁটি আদি); টেটোন বা টেণ্টনৰ সাধুকথা (যেনে- টেটোন তামুলী, টেটোন, লটকন আদি); ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধুকথা (যেনে- ভেকুলীৰ পিঠিত খহু কিয় হয়, মিচিংসকলৰ লিপি কেনেদৰে নোহোৱা হ’ল); সমস্যামূলক সাধু ইত্যাদি ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি৷ ইয়াৰ উপৰি ‘‘অ’ ফুল, অ’ ফুল, নুফুল কিয়?’’, ‘পৰুৱা আৰু ভেঁকোলা’ আদিৰ দৰে গীত আৰু কথাৰে বৰ্ণনা কৰা দীঘলীয়া সাধুও অসমীয়া সমাজত বিদ্যমান৷ অসমীয়া সাধুকথাই সমাজ জীৱনৰ প্ৰতিফলক ৰূপে ভূমিকা পালন কৰাৰ লগতে নীতিশিক্ষাও প্ৰদান কৰি আহিছে৷ উল্লেখ্য যে পৃথিৱীৰ সকলো জাতিৰ সাহিত্যৰ বুৰঞ্জীত সাধুকথাৰ স্থান আৰু মূল্য বহু ওপৰত৷

(৩)

প্ৰবচন লোকোক্তি যোজনা আৰু পটন্তৰঃ

লোকসাহিত্যৰ উল্লেখযোগ্য উপাদান হ’ল প্ৰবচন-লোকোক্তি, যোজনা-পটন্তৰ৷ এইবোৰ হ’ল লোকসমাজৰ সূক্ষ্ম অভিব্যক্তি৷ এইবোৰৰ লগত অসমীয়া জাতীয় জীৱনৰ সম্পৰ্ক অতি গভীৰ৷ ৰাজনীতি, সমাজনীতি, গৃহস্থালি, সমাজৰ আচাৰ-ব্যৱহাৰ আদিয়ে বাংময় ৰূপ লাভ কৰিছে এইবোৰৰ মাজেদি৷ উল্লেখযোগ্য যে এইবোৰক ‘স্থিৰীকৃত বাক বৈশিষ্ট্য’(Fixed phrase genres)  বুলিও আখ্যা দিয়া হয়, কাৰণ এইবোৰৰ জমিন (Texture) এটা ভাষাৰ পৰা আন ভাষালৈ অনুবাদ কৰা অসম্ভৱ৷ ইয়াৰ লয়, অনুপ্ৰাসৰ ক্ষিপ্ৰতা, শ্বাসঘাত, সুৰসংযোগ, সুৰ লহৰি, ধন্যাত্মকতা আদিৰ মাজতেই সোমাই আছে ইহঁতৰজমিন৷ এইবোৰৰ অৰ্থ বুজিবলৈ হ’লে সামাজিক প্ৰসংগ বা অনুষঙ্গৰবিষয়ে জানিব লাগিব৷ প্ৰবচনবোৰ সংক্ষিপ্ত আৰু বুদ্ধি নিষ্ঠ পৰম্পৰাগত উক্তি৷ ইয়াৰ অন্যতম লক্ষ্য হ’ল বুদ্ধিপূৰ্ণভাৱে কোনো কথা বা উক্তি ব্যক্ত কৰা৷ এইবোৰত অতি কমেও এটা বৰ্ণনাত্মক সমল থকা উচিত৷

বৰ্ণনাত্মক সমল হ’ল বিষয়বস্তু আৰু মন্তব্যৰ সমষ্টি৷ বৰ্ণনাত্মক সমল – ‘উপৰে গো বধ তলে ব্ৰাহ্মণ বধ৷’

এই প্ৰবচনটো দুটা অংশত বিভক্ত আৰু এটা অংশই পৰস্পৰ বিৰুদ্ধ ভাব প্ৰকাশ কৰিছে৷ যেনে- গো বধ/ব্ৰাহ্মণ বধ৷ এক কথাত ক’ব পাৰি প্ৰত্যেকটো প্ৰবচনতে বিৰুদ্ধ ভাব প্ৰকাশেৰে মূল কথাখিনি ব্যক্ত কৰা হয়৷ তদপুৰি প্ৰায় প্ৰত্যেকটো প্ৰবচনৰ লগতে একোটা কাহিনী জড়িত হৈ থাকে কাৰণ, এয়া শতিকা জোৰা অভিজ্ঞতাৰ সমষ্টি৷

প্ৰবচনৰ এটি উল্লেখযোগ্য উপ শ্ৰেণী হৈছে ফকৰা৷ প্ৰফুল্ল দত্ত গোস্বামীয়ে এই বিষয়ে কৈছে যে ‘যোজনা ব্যৱহাৰ কৰা হয় কথাৰ লাচত প্ৰায়েইঠাট্টাৰ সুৰত, সাধাৰণ বক্তব্যৰ মেৰ মাৰিবলৈ বা কিবা কথা ব্যাখ্যা কৰিবলৈ৷’সাধাৰণতে বৈষ্ণৱ ভকতসকলৰ মাজত ফকৰাৰ আদৰ বেছি৷ সাধাৰণ ফকৰা বিলাকত স্থূলদেহৰ অসাৰতা, চিত্তদমন আদি নীতি লুকাই আছে৷’উদাহৰণস্বৰূপে- ‘নিজৰা জৰে অমৰা মৰে মৰাই বায় হাল৷/ লখিমীৰ টিকাত ছিৰা-কানি মোৰ নাম নিধনীয় ভাল৷’

ৰিজনি চানেকি আদি অৰ্থত প্ৰবচন-যোজনা আদি প্ৰয়োগ কৰা হয় বাবে ইয়াক পটন্তৰো বোলে৷ ঠিক সেইদৰে এইবোৰ মুখে মুখে প্ৰচলিত হৈ আহিছে বাবে লোকোক্তি (লোক + উক্তি) বোলা হয়৷

(৪)

সাঁথৰঃ

প্ৰফুল্ল দত্ত গোস্বামীদেৱে মন্তব্য কৰিছে যে সাঁথৰসমূহো এক প্ৰকাৰৰ ফকৰা৷ ফকৰাৰ দৰে সাঁথৰৰ ভাষাও প্ৰহেলিকাময় যদিও সাঁথৰৰ অৰ্থ ঐহ্যিক বা সাধাৰণ৷ অসমীয়া ভাষাত ‘দৃষ্টান্ত’, ‘দিষ্টান’আদি অভিধাও একে অথৰ্তে ব্যৱহাৰ কৰা দেখা যায়৷ সাঁথৰক এক অৰ্থত প্ৰহেলিকাময় কিছুমান প্ৰশ্ন তথা পৰম্পৰাগত বাচিকঅভিব্যঞ্জন বুলি ক’ব পাৰি৷ ইয়াত পৰস্পৰ বিৰোধী বৰ্ণনাত্মক সমল এটা বা ততোধিক সন্নিবিষ্ট থাকে৷ পণ্ডিতসকলে সাঁথৰৰ প্ৰশ্নৰ প্ৰকৃতি অনুসৰি কেইবাটাও উপবিভাগত বিভাজন কৰি আলোচনা কৰিছে৷ সেইবোৰৰ আধাৰতে অসমীয়া সাঁথৰসমূহক ভাগ কৰিব পাৰি৷ যথা- বৰ্ণনাত্মক সাঁথৰ (ইয়াত বৰ্ণনাৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰা হয়), যেনে- সত্যযুগত মূৰত টুপী/কৃষ্ণ অৱতাৰে মুহিলা গোপী/ৰাৱণ মৰিল ৰামৰ শৰত/সেইখন আঞ্জা আমাৰ হাতত/কোৱা চোন বস্তুটো নো কি ভাই? উত্তৰ – বাঁহৰ গাজ; টেটকুঁটিমূলক প্ৰশ্ন, যেনে- কি গড়ৰ খড়গ নাই, উত্তৰ-ৰাজগড; এঠেঙীয়া হাতী ধান খায় পাচি পাচি; উত্তৰ- ঢেঁকী৷ সমস্যা প্ৰধান সাঁথৰ (য’ত সমস্যা এটা উত্থাপন কৰা হয়), যেনে- হাতুৰী বটালী বাইচখন/চোৰে নিলে তিনিখন/বাকী থাকিল কেইখন, উত্তৰ- শূন্য; শুভঙ্কৰীৰ ফাঁকি/চৌত্ৰিছৰ পৰা তিনি ‘শ’ গ’ল/ থাকিল কিমান বাকী, উত্তৰ- ৩১; ছল-সাঁথৰ -দলে দলে ফুৰে দলপতি ৰাজা/হাৰো নাই হুৰাও নাই মঙহৰ লদা, উত্তৰ- জোক৷ উল্লেখযোগ্য যে সাঁথৰত পাণ্ডিত্যতকৈ বুদ্ধিমত্তাৰ পৰিচয়হে বেছি পোৱা যায়৷

(৫)

লোকভাষাঃ

লোকসাহিত্যৰ আটাইতকৈ প্ৰণিধানযোগ্য উপাদান হৈছে লোকভাষা৷ লোকসমাজত প্ৰচলিত বাক-ভংগীয়েই হ’ল লোকভাষা৷ লোকভাষা সম্পৰ্কে ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই কৰা মন্তব্যটিও উল্লেখযোগ্য- ‘এটা ভাষা সম্প্ৰদায়ৰ মাজত বিভিন্ন কথ্যভাষা প্ৰচলিত হ’ব পাৰে আৰু কথ্য ৰূপেই হ’ল লোকভাষা৷’ বহুসময়তলোকভাষা উপভাষাৰে এটি স্থানীয় ৰূপ বুলি বহুতে ধাৰণা কৰে, কিন্তু কথাটো শুদ্ধ নহয়৷ কাৰণ ই হ’ল সাধাৰণ মানুহৰ এটা স্বতঃস্ফূতৰ্বচনভংগী, ইয়াৰ কোনো ব্যাকৰণ নাই৷ তদপুৰি উপভাষাই অলিখিতভাৱে হ’লেও ব্যাকৰণ অনুসৰণ কৰে আৰু লোকভাষাত ব্যৱহৃত শব্দই মূল ৰূপ তথা ভাবৰ পৰা আঁতৰি আহিও অৰ্থ প্ৰকাশ কৰে৷ লোকভাষাৰ ক্ষেত্ৰত বৃত্তিগত বিশিষ্টতা, নৃতাত্ত্বিক বিশিষ্টতা, আঞ্চলিক বিশিষ্টতা তথা প্ৰকৃতিনিৰ্থৰবিশিষ্টতাও বিদ্যমান৷ উদাহৰণস্বৰূপে- ‘ল’ৰা জনী’শব্দটি বিবেচনা কৰিব পাৰি৷ ল’ৰাৰ লগত ‘জনী’প্ৰত্যয় ব্যৱহাৰ কৰা নহয়; কিন্তু ঢকুৱাখনা অঞ্চলত ‘ছোৱালী’ৰ অৰ্থ প্ৰকাশ কৰিবলৈ ‘ল’ৰা জনী’ শব্দটি ব্যৱহাৰ কৰা হয়৷ এই শব্দকেইটাই মান্যভাষাত একো অৰ্থ প্ৰকাশ নকৰিলেও লোকভাষাত সঠিক অৰ্থই প্ৰকাশ কৰিছে৷

(ক্ৰমশঃ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.