অসমীয়া সাহিত্যৰ বুৰঞ্জী (৩) : মৃণালজ্যোতি গোস্বামী

অসমীয়া সাহিত্যৰ বুৰঞ্জী (৩) : মৃণালজ্যোতি গোস্বামী by March 14, 2013 1 comment

(যোৱা সংখ্যাৰ পাছৰ পৰা)

১.৩ মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচনঃ

মন্ত্ৰ লোকসংস্কৃতি আৰু লোকসাহিত্যৰ আন এক অবিচ্ছেদ্য অংগ। পূবৰ্ৰে পৰা অসম দেশ যাদু-মন্ত্ৰৰ বাবে বিখ্যাত আৰু যাদু-মন্ত্ৰৰ ৰাজ্য বুলিয়েই চিহ্নিত। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসমীয়া লোকসমাজৰ লগত মন্ত্ৰ কেনেদৰে সম্পৰ্কিত হৈ আছে। অসমীয়া লোকসমাজত মন্ত্ৰৰ প্ৰভাৱ অপৰিসীম। এইবোৰৰ ৰচনাকাল সম্পৰ্কে সঠিককৈ ক’ব নোৱাৰি। পণ্ডিতসকলে ইয়াৰ ৰচনাকাল খ্ৰীষ্টীয় দশম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ ভিতৰত বুলি ঠাৱৰ কৰিছে। ব্ৰাহ্মণ-অব্ৰাহ্মণ, গৰীয়া-মৰিয়া অদি সকলো সম্প্ৰদায়ৰ লোকে প্ৰয়োগ কৰা মন্ত্ৰসমূহ প্ৰথমতে বিশেষ মানুহৰ মুখে মুখে ৰচিত আৰু প্ৰচলিত হৈ আহি পৰৱৰ্তী সময়ত লিখিত ৰূপ পৰিগ্ৰহ কৰে। সাধাৰণতে মন্ত্ৰসমূহ দেৱতা-অপদেৱতা, ভূত-প্ৰেত, যখ-যখিনী, খেতৰ-ডাইনী আদিৰ কু-প্ৰভাৱৰ ফলত হোৱা বেমাৰ-আজাৰ, ধন নাশ, শত্ৰুবৃদ্ধি আদি দূৰ কৰাৰ উদ্দেশ্যে প্ৰয়োগ কৰা হয়।
(এই মন্ত্ৰবোৰত অসমীয়া সমাজৰ বিবিধ লোকবিশ্বাস, আচাৰ-ব্যৱহাৰ, ধৰ্ম-নীতি আদিৰ বিষয়েও ভালেমান কথা সোমাই আছে। তদপুৰি ৰামায়ণ-মহাভাৰত আৰু পুৰাণৰ কাহিনীও নানা ৰূপত সন্নিৱিষ্ট হৈছে; আনহাতে কিছুমান মন্ত্ৰত সৃষ্টিতত্ত্বৰ আভাস আছে। সিদ্ধিৰ কাৰণে মন্ত্ৰত গুৰু আৰু কামাখ্যা গোঁসানীক চিন্তা কৰা হয় – ‘সিদ্ধ গুৰুৰ পাৱ ৰক্ষা কৰা কামৰূপ কামাখ্যা মাৱ।’ মানুহৰ ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিকাৰৰ উপায়ো মন্ত্ৰপুথিত পোৱা যায়। ফু মৰা, পানী ছটিওৱা, বিহলঙনি বা এড়া গছৰ পাতেৰে ৰোগী জৰা আদি প্ৰকাৰ্যও কিছুমান মন্ত্ৰত সধা হয়। কথিত ভাষাৰ প্ৰভাৱপুষ্ট মন্ত্ৰবোৰ গদ্য আৰু পদ্যত ৰচিত হ’লেও পদ্যত ৰচিত মন্ত্ৰৰ সংখ্যাই সৰহ। কিছুমান মন্ত্ৰত- ‘ওঁ হ্ৰীং উৎ, আৎ, লৎ ফট স্বাহা ’ আদি ধ্বনি উচ্চাৰণ কৰি মন্ত্ৰৰ গাম্ভীৰ্য বঢ়োৱা হৈছে। অগ্নিবাণ, ব্ৰহ্ম-কৰতি, পানী-কৰতি, ৰাম-কৰতি, গু-কৰতি পক্ষীৰাজ-মন্ত্ৰ, সুদৰ্শন-মন্ত্ৰ, সৰ্বঢাক-মন্ত্ৰ, বীৰাজৰা-মন্ত্ৰ, ধৰণী-মন্ত্ৰ, পুষ্পজৰা-মন্ত্ৰ, মোহিনী-মন্ত্ৰ আদি অসংখ্য মন্ত্ৰ অসমীয়া ভাষাত আছে।
‘ডাকৰ বচন বেদৰ বাণী’ বুলি অসমীয়া জনসমাজত প্ৰচলিত। ডাকৰ বচন অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন প্ৰদেশত প্ৰচলিত হৈ আছে। এইবোৰৰ লগত ডাক, খনা, ডংক, ঘাঘ, ভড্ডৰ, ভড্ডৰী, অগস্তি আদি ব্যক্তিৰ নাম সংপৃক্ত হৈ আছে। অসমৰ জনবিশ্বাস মতে ডাক বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁৱত জন্মিছিল আৰু উপজিয়েই মাত দিছিল আৰু সেইবাবেই তেওঁৰ নাম ডাক। ডাকৰ বচনত উল্লেখ আছে-

লেহিডঙৰা ডাকৰ গাঁও।
সাতশ সাতোটা পুখুৰীৰ নাও।।

দ্বিতীয়তে খ্ৰীঃ ষষ্ঠ শতিকাত বৰাহ মিহিৰৰ কৃপাত তেওঁৰ জন্ম হৈছিল বুলিও বিশ্বাস কৰা হয়। ঠিক সেইদৰে বাংলা লোকবিশ্বাস মতেও তেওঁ বৰাহ মিহিৰৰে পুত্ৰ আৰু সৰু কালতে মৃত্যুমুখত পৰিছিল। উল্লেখযোগ্য যে বংগদেশত প্ৰচলিত বচনবোৰৰ লগত অসমীয়া ডাকৰ বচনৰ সাদৃশ্য কিন্তু চকুত লগা। ঠিক সেইদৰে ওৰিশাত প্ৰচলিত কৃষি আৰু জ্যোতিষ বিষয়ক বচনৰ লগত ডাকক সাঙোৰা হয়। বিহাৰ, ওৰিশা, নেপাল, উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান আদি বিভিন্ন প্ৰদেশত ভিন্‌ ভিন্‌ নামেৰে এনে বচন প্ৰচলিত হৈ আহিছে।
ডাকৰ নামত প্ৰচলিত বিভিন্ন ৰচনা বা তেওঁৰ জন্ম-মৃত্যু সম্পৰ্কে সঠিক তথ্য উপলব্ধ নহয় বাবে পণ্ডিতসকলে ঠাৱৰ কৰিছে যে এওঁ কোনো ঐতিহাসিক ব্যক্তি নহয় আৰু লোকায়ত সমাজৰ দ্বাৰা সৃষ্ট মৌখিক পৰম্পৰাতেই এই বচনসমূহ সৃষ্টি হৈছে। এই ক্ষেত্ৰত শশিশেখৰ তিৱাৰীয়ে ‘ভোজপুৰী লোকোক্তিয়াঁ’ (বিহাৰ ৰাষ্ট্ৰভাষা পৰিষদ, পাটনা, ১৯৭০ পৃ-২৩১)ত কৰা মন্তব্যটি উল্লেখযোগ্য- ‘ঘাঘ, ভড্ডৰ, ভডডৰী আৰু ডাকৰ জন্মস্থান, জন্ম তিথি, মৃত্যু তিথি, প্ৰামাণিক নাম আৰু তেওঁলোকৰ প্ৰবচনৰ মূল ভাষাৰ প্ৰসংগত নিশ্চিতভাৱে একো ক’ব নোৱাৰি। অসমৰ পৰা গুজৰাট পৰ্যন্ত প্ৰায়বিলাক আঞ্চলিক ভাষাত আৰু উপভাষাত এই কবিসকলৰ নামত প্ৰচলিত প্ৰবচন বা লোকোক্তি পোৱা যায়। এই লোকোক্তিবিলাকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ভাষা-ভাষী ক্ষেত্ৰৰ লোকে এই কবিসকলক নিজৰ নিজৰ ক্ষেত্ৰ আৰু ভাষাৰ কবিৰূপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে।’
অসমত প্ৰচলিত ডাকৰ বচনসমূহৰ আখৰ জোঁটনি, ভাষা শৈলী, ঠাঁচ, ছন্দৰ প্ৰয়োগ আদি বিভিন্ন দিশলৈ চকু ফুৰালে এটা কথাত পতিয়ন যাব পাৰি যে ইয়াৰ মূল জুমুঠিটো ষষ্ঠ-সপ্তম শতিকাতে তৈয়াৰ কৰা হৈছিল যদিও আজিৰ পৰা দুশ-আঢ়ৈশ বছৰৰ ভিতৰতহে লিখিত ৰূপ পৰিগ্ৰহ কৰিছে। অসমীয়া ডাকৰ বচনসমূহ বিভিন্ন ভাগত বিভক্ত কৰি থোৱা হৈছে; যথা – জন্ম প্ৰকৰণ, ধৰ্ম প্ৰকৰণ, ন্যায় প্ৰকৰণ, নীতি প্ৰকৰণ, ৰাজন্যাদি প্ৰকৰণ, ৰন্ধন প্ৰকৰণ, গৃহিণী লক্ষণ, পৰিত্যাগ কথন, বষৰ্ষাদি বৰ্ণন, বৃষ লক্ষণ, হলবাহনক্ৰম, কৃষি লক্ষণ, জ্যোতিষ প্ৰকৰণ, যমঘণ্ট কথন, যাত্ৰা লক্ষণ, গৃহ লক্ষণ, নাৰী লক্ষণ, টোকন-নাল আদি, টোকনৰ গুণ, ওপৰিঞ্চি ডাকৰ জন্ম আৰু মৰণ। উল্লেখযোগ্য যে ডাকৰ বচনৰ সকলো পুথিতে এই ভাগবোৰ পোৱা নাযায় বা ক’ৰবাত ক’ৰবাত বেছিকৈও পোৱা যায়।
মূলতঃ ডাকৰ বচন অসমীয়া সমাজৰ ব্যৱহাৰিক বিজ্ঞানৰ নিদান বুলিও মন্তব্য কৰিব পাৰি। মানৱ জীৱন, সমাজ জীৱনত প্ৰয়োজনীয় সকলোবিলাক দিশৰ বিষয়েই এই বচনসমূহত বিভিন্ন কথা পৰিব্যাপ্ত হৈ আছে। জন্মৰ পৰা মৃত্যুলৈকে ঘৰ সজাৰ পৰা গৰু কিনালৈকে, বাৰী পতাৰ পৰা খেতি তোলালৈকে সকলো দিশ ইয়াত সামৰা হৈছে। উদাহৰণস্বৰূপে-

Øভাদত কৰিয়া কলা ৰোপণ।
সবংশে মৰিল লাৰ ৰাৱণ।।

Ø সাতে পাতল পাঁচত ঘন।
ছয়ত তামোল নদন-বদন।।

Ø জালুক পপিলী আদা খায়।
ডাকে বোলে তাৰ কাহ পলায়।।

ডাকৰ বচনত থকা সাৰ্বজনীনতা, সঞ্চিত বাস্তৱ অভিজ্ঞতা, জীৱন আৰু সমাজৰ লগত থকা নিবিড় সম্পৰ্ক আদিয়ে লোকজীৱনত নৈৰ্ব্যক্তিক বাহনৰ ক্ৰিয়া সম্পাদন কৰিছে। মুঠতে ইয়াৰ বিষয়বস্তুৰ ব্যাপকতালৈ লক্ষ্য ৰাখি কোনো ব্যক্তি বিশেষৰ ৰচনা বোলাতকৈ জাতীয় জীৱনৰ সামূহিক অভিজ্ঞতাৰ পৰিণতি বুলিয়েই কোৱা উচিত।

 

১.৪ চৰ্যাপদঃ
চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বৰ্তমান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বাংলা, ওড়িয়া, হিন্দী, মৈথিলী আদি ভাষাৰো আদি কালৰ নিদৰ্শন ৰক্ষিত হৈছে বুলি প্ৰমাণিত হৈছে। চৰ্যাপদসমূহ মূলতঃ বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। কলিকতাৰ ‘এচিয়াটিক ছ’চাইটি’ৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল। ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়। সেইকেইখন হ’ল- ‘চৰ্যাচৰ্যবিনিশ্চয়’ সৰোজব<ৰ(?) ‘দোহাকোষ’ আৰু কৃষ্ণাচাৰ্যাৰ ‘দোহাকোষ’। এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা ‘ডাকাণৰ্ৱ’ নামৰ পুথিখন একেলগ কৰি ১৯১৬ খ্ৰীঃত হাজাৰ বছব়ে পুবাণ(?) বাংলা ভাষাৰ বৌদ্ধ গান ও দোহা নামেৰে ছপা কৰি উলিয়ায়। প্ৰকাশক আছিল ‘বঙ্গীয় সাহিত্য পৰিষদ’। উল্লেখযোগ্য যে হৰপ্ৰসাদ শাস্ত্ৰীয়ে পোৱা ‘চৰ্যাচৰ্যবিনিশ্চয়’ পুথিখন মূল পুথি নাছিল। এইখন আছিল আচাৰ্য মুনিদত্তই লিখা এখন টীকা পুথিহে। পুথিখনৰ ক’তো ‘চৰ্যাচৰ্যবিনিশ্চয়’ নামটো উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্ৰীয়ে নিজেই দিছিল। মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে ‘চৰ্য্যাগীতিকোষবৃত্তি’ নামটো আছে আৰু ইয়াৰ লগতে মূল চৰ্যাখিনিও সন্নিবিষ্ট আছিল। চৰ্যাগীতৰ তিব্বতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ে। পৰৱৰ্তীকালত ড০ প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিয়ে চৰ্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিয়ে। ড০ বাগচীৰ গৱেষণাৰ কালতেই চৰ্যাগীতৰ সম্পৰ্ণূ তিব্বতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়।
তিব্বতী অনুবাদৰ পৰা গম পোৱা যায় যে আচাৰ্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল। তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপিকাৰৰ হাতত হেৰাল আৰু সেইটি বাদ দিয়েই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়। অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চৰ্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯খন পাত আছে)। সৰ্বমুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল।
‘হৰপ্ৰসাদ শাস্ত্ৰীয়ে চৰ্যাচৰ্য্যিবনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীৰ্তন, বৌদ্ধ সংকীৰ্তন বুলি অভিহিত কৰিছে।’ অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি ‘গীত’ আৰু ‘পদ’ শব্দ দুটাও উল্লেখ কৰিছে। এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আৰ্যভাষাৰ অন্তৰ্গত মৈথিলী, বাংলা আৰু অসমীয়া ভাষাৰ মিল দেখা যায়। সেয়ে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিক্তিত কৰিছে। ড০ বাণীকান্ত কাকতিয়েও ইয়াৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছে সেয়া প্ৰমাণ কৰি গৈছে।
এই পুথিখনত সবৰ্মুঠ ২৩ জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিৱিষ্ট হৈছে। উল্লেখযোগ্য যে এওঁলোক ৮৪জন তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত। তেওঁলোকৰ নামসমূহ হ’ল- কাহ্নপাদ (১৩টা চৰ্যা), ভুসুকপাদ (৮টা), সৰহপাদ (৪টা), কুক্কুৰীপাদ (৩টা), লুইপাদ, শবৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিৰুৱাপাদ, গুণ্ডৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদপোদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্ৰীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)। ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পৰ্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজে। এওঁলোকৰ বাহিৰেও চৰ্যাপদ, ইউড়ীপাদ, মীননাথ, আচাৰ্য বিনাত্তক, ধোকৰীপাদ, বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাৰ্যৰ নামো টীকাত উল্লেখ আছে।
চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া; তাৰে ভিতৰত ১০,২৮, ৫০ নং চৰ্যা চৈধ্য শাৰীৰ; ২১, ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছে আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰয়োগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে সবৰ্মুঠ ১৭টি ৰাগ- পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দেৱক্ৰী, দেশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধনসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শৱৰী, মল্লাৰী, মালশী, গবুড়া, কাহুগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছে আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ‘ধ্ৰং’ বা ‘ধ্ৰৱ’ বুলি নিৰ্দেশ কৰা হৈছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে চৰ্যাপদসমূহ বৌদ্ধ তান্ত্ৰিকসকলৰ ধৰ্মসাধনৰ গীত। এই বাবেই ইয়াৰ বিষয়বস্তু ৰহস্যময়ী। মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। ‘পাৰ্থিব স্থিতিৰ অনিত্যতা জ্ঞান লাভ কৰি অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়।’ বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰূপক, প্ৰতীক, দ্ব্যৰ্থক পাৰিভাষিক শব্দ, বিবিধ উপমা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছে। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় অপৰিহাৰ্য। সেইবাবেই প্ৰথম চৰ্যাটিত কোৱা হৈছে- ‘লুই ভণই গুৰু পুচ্ছিঅ জান।।’ চৰ্যাবোৰৰ মাজেদি সহজীয়া ধৰ্মৰ দাৰ্শনিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয়, আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে।
সাধাৰণতে চৰ্যাপদত ব্যৱহৃত ভাষাৰ ৰূপটি পূৰ্বী অৱহটঠ্‌। সিদ্ধাচাৰ্যসকলে দ্ব্যৰ্থক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক ‘সন্ধ্যা ভাষা’ আখ্যা দি মন্তব্য কৰিছে – ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো কতক অন্ধকাৰ, খানিক বুঝা যায় খানিক বুঝা যায় না।’ প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগেও ‘‘… ইচ্ছাকৃত জটিলতা বৰ্তমান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয় – সি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা- যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়।’’ বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত ‘সন্ধ্যাবচন’, ‘সন্ধ্যাসংকেত’, ‘সন্ধা’ এনে শব্দৰে গূঢ়তত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যৰ্থক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে সৰ্বসাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধৰ্মৰ গূঢ়তত্ত্ব ব্যাখ্যা কৰা হৈছে।

আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ।
কোড়ি মাঝেঁ একু হিঅহিঁ সমাইউ।। (২ নং চৰ্যা)

প্ৰধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উৎকল, গৌড় আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদপুৰি চৰ্যাবোৰৰ মাজেদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ; যেনে- তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কৰ্মক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধমৰ্তত্ত্বৰ ব্যাখ্যা আগবঢাইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দেখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজেদি গভীৰ তাত্ত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছে।
ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ড০ বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল- হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহৃত যেনে- চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ। অসমীয়াৰ দৰে চৰ্যাত কৰ্তা- কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে- বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)। অসমীয়াৰ দৰে ষষ্ঠী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ- হৰিণাৰ খুৰ ডোম্বীৰ সঙ্গে। স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ যেনে- হৰিনী, দেৱী, জোইণি। পুৰণি অসমীয়াত প্ৰচলিত তৎসম, অৰ্ধ-তৎসম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ। যেনে- তৎসম শব্দ অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্ধ-তৎসম শব্দ- গৰাহক < গ্ৰাহক, পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ, কামৰু < কামৰূপ; দেশী শব্দ টাকলি, ভিড়ি, খাল, ঘাট ইত্যাদি। পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজেদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে। ক’ব পাৰি চৰ্যাপদসমূহ অসমীয়া ভাষাৰ লিখিত ৰূপৰ আদি নিদৰ্শন।

(ক্ৰমশঃ)

Comments

1 Comment so far

Jump into a conversation
  1. Anonymous
    #1 Anonymous 23 June, 2017, 14:52

    Val lagil

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.