অসমীয়া সাহিত্যৰ বুৰঞ্জী (৪) : মৃণালজ্যোতি গোস্বামী

অসমীয়া সাহিত্যৰ বুৰঞ্জী (৪) : মৃণালজ্যোতি গোস্বামী by April 14, 2013 0 comments

অসমীয়া সাহিত্যৰ বুৰঞ্জী

মৃণাল জ্যোতি গোস্বামী

(যোৱা সংখ্যাৰ পাছৰ পৰা)

 

.৫  মিশ্ৰ অসমীয়া সাহিত্য
চৰ্যাপদৰ পৰৱৰ্তীকালত ৰচনা হোৱা আৰু অসমীয়া ভাষাৰ লগতে পূবমাগধীৰ পৰা সৃষ্টি হোৱা আন আন ভাষাৰ লগত মিল থকা দুখন পুথি হ’ল বড়ু চণ্ডীদাসৰ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ আৰু ৰমাই পণ্ডিতৰ ‘শূন্যপুৰাণ’। এই দুয়োখন পুথিয়েই  বঙলা লিপিকাৰ তথা সম্পাদকৰ হাতত পৰি বহু পৰিমাণে বঙলুৱা হৈ পৰিছে। অৱশ্যে পুথি দুখনৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণৰ অন্ততঃ বাংলা আৰু অসমীয়া ভাষাৰ উমৈহতীয়া সাহিত্য হিচাপে চিহ্নিত কৰা হৈছে। সেই বাবেই ড° সত্যেন্দ্ৰনাথ শৰ্মাই এইকেইখন পুথিক ‘বঙালী অসমীয়া উমৈহতীয়া সাহিত্য’ বুলি অভিহিত কৰিছে আৰু ড° মহেশ্বৰ নেওগে ‘মিশ্ৰঅসমীয়া ৰচনা’ বুলি মন্তব্য কৰিছে।
শ্ৰীকৃষ্ণ কীৰ্তনঃ
শ্ৰীকৃষ্ণ আৰু ৰাধাৰ লৌকিক পৰকীয়া প্ৰেমলীলাক কেন্দ্ৰ কৰি লিখা এই আদি ৰসাত্মক কাব্যখন উদ্ভৱকালীন অসমীয়া সাহিত্যৰ দ্বিতীয় সাহিত্যিক নিদৰ্শন। এই পুথিখন পশ্চিমবংগৰ বাঁকুৰা জিলাৰ বন বিষ্ণুপুৰৰ কাষৰ ক্যাঁকিলা গাঁৱৰ নিবাসী দেবেন্দ্ৰ নাথ মুখোপাধ্যায়ৰ ঘৰৰ পৰা ১৯০৯ চনত বসন্ত বল্লভ ৰায়ে সংগ্ৰহ কৰে। তেওঁৰ সম্পাদনাতে ১৯১৬ চনত ‘বঙ্গীয় সাহিত্য পৰিষদ’ৰ দ্বাৰা এই পুথিখন প্ৰকাশিত হৈছিল। পুথিখনৰ প্ৰকৃত নাম কি আছিল জনা নাযায়। কাৰণ পুথিখনৰ প্ৰথম পাতখিলাৰ লগতে ভিতৰৰো কেইবাটিও পাত নাই। জনসমাজত চণ্ডীদাস নামৰ কবি এজনে ৰাধাকৃষ্ণৰ লীলা বিষয়ক এখন কাব্য ৰচনা কৰিছিল বুলি থকা জনশ্ৰুতি অনুসৰি বসন্ত বল্লভ ৰায়ে লাভ কৰা পুথিখনৰ বিষয়বস্তুৰ মিল থকাত তেওঁ ইয়াৰ নামকৰণ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ কৰে। উল্লেখযোগ্য যে কাব্যখন ওলোৱাৰ পিছতেই ইয়াৰ ভাষাই অসমীয়া পণ্ডিতসকলৰ দৃষ্টি আকৰ্ষণ কৰে, কাৰণ পুথিখনৰ ভাষা পুৰণি অসমীয়া ভাষাৰ অনুগত আছিল। আনকি কাব্যখনত থকা অসমীয়া ভাষাৰ পৰ্যাপ্ত উপাদান দেখি সংকলক তথা সম্পাদক বসন্ত বল্লভ ৰায়ে শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে পুথিখনে কামৰূপ ভ্ৰমণ কৰি আহিছে বুলিও পাতনিতে উল্লেখ কৰিছে। বাংলা সাহিত্যৰ বিভিন্ন বুৰঞ্জীত এই পুথিখনৰ বিষয়ে যিমান বিষদভাৱে আলোচনা হৈছে অসমীয়াত সেয়া হোৱা নাই। কাৰণ এই পুথিখনৰ বিষয়বস্তু হিচাপে বৰ্ণিত হৈছে ৰাধাকৃষ্ণৰ লৌকিক পৰকীয়া প্ৰেম আৰু বিষ্ণুকৃষ্ণকে উপাস্য দেৱতা হিচাপে বন্দনা কৰা অসমীয়া বৈষ্ণৱ সমাজৰ বাবে এনে বিষয়বস্তু গ্ৰহণযোগ্য নহয়। এই কাব্যখনৰ ৰচক বড়ু চণ্ডীদাসৰ বিষয়ে বিস্তৃতভাৱে কোনো তথ্য পোৱা নাযায়। কাব্যখনৰ হেৰাই যোৱা পাতকেইখিলাৰ মাজত কিবা তথ্য আছিল যদিও সেয়া কালৰ গৰ্ভত লীন গ’ল। অৱশ্যে পুথিখনত সন্নিৱিষ্ট ৪১৮টা গীতৰ ভিতৰত ৩৪০টা গীততে থকা ভণিতাত দুটা নাম পোৱা যায় যথা ‘বড়ু চণ্ডীদাস’ আৰু ‘অনন্ত বা অনন্ত বড়ু’। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কবিগৰাকীৰ আচল নাম আছিল ‘অনন্ত’ ‘বড়ুৱাৰ পৰা হোৱা বড়ু’ তেওঁৰ উপাধি। আনহাতে চণ্ডী মানে বাসুলী বা বাসুলীৰেই এক ৰূপ; গতিকে চণ্ডীৰ উপাসক এইজনা কবিয়ে মূল উপাধিৰ পাছত চণ্ডীৰ দাস হিচাপে চণ্ডীদাস উপাধি ব্যৱহাৰ কৰিছিল।এই গৰাকী কবিয়ে তেওঁৰ সময়সীমা সম্পৰ্কেও কোনো ইংগিত দি যোৱা নাই। কাব্যখনৰ ভাষা বিশ্লেষণ কৰি বিভিন্ন পণ্ডিতসকলেও ভিন্ন মত পোষণ কৰিছে। খেনোৰ মতে চতুৰ্দশপঞ্চদশ শতিকা, খেনোৰ মতে চতুৰ্দশ শতিকাৰ প্ৰথমাৰ্ধ আৰু খেনোৰ মতে অষ্টাদশ শতিকা। ড° বাণীকান্ত কাকতিয়ে ইয়াৰ ভাষা বিশ্লেষণ কৰি মন্তব্য কৰিছে যে অসমীয়া বাংলা আদি ভাষা স্পষ্টৰূপে পৃথক হৈ ওলোৱাৰ আগৰ যিটো ৰূপ আছিল শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা তাৰে প্ৰতিভূ। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে কাব্যখনৰ সময়সীমা ত্ৰয়োদশ চতুৰ্দশ শতিকাৰ পাছলৈ আনিব নোৱাৰি। উদ্ধাৰ হোৱা পুথিখন বডু চণ্ডীদাসৰ স্বহস্ত লিখিত নহয়। ধাৰণা কৰা হয় এইখন মূল পুথিৰ নকলৰো নকল। বহু সময়ত সেইবাবে নতুন ব্যাকৰণিক ৰূপো ইয়াত সোমাই পৰিছে। লিপি বিশেষজ্ঞ ৰাখাল দাস বন্দোপাধ্যায়ে এই তুলাপতীয়া কাব্যাখনত প্ৰাচীন হস্তাক্ষৰ ইয়াৰ অনুকৰণত লিখা শৈলী আৰু আপেক্ষাকৃত আধুনিক হস্তাক্ষৰ দেখা পাইছিল। তদপুৰি পেট কটা ‘ৰ’ ব্যৱহাৰ ইয়াত মন কৰিবলগীয়া। পুথিখনৰ আৰম্ভণিৰ পাঁচটা পদ, ছয় নং পদৰ প্ৰথম অংশ, আঠ নং পদৰ শেষৰ শাৰীকেইটা নাই। তদপুৰি ১৯, ২০, ৩৬, ৩৭, ৮৭, ৮৮, ১৮২, ১৯২, ১৯৩, ২০৩, ২২৫, ২৭৭, ২৭৮ আৰু ৪১৮ নং গীতকেইটা খণ্ডিত। এই পুথিখন মূলতঃ গীতিধৰ্মী আৰু নাট্যধৰ্মী। মুঠতে তেৰটা খণ্ডত বিভক্ত কাব্যখনত ১৬১টা শ্লোক (ইয়াৰে ২৮টা পুনৰবৃত্তি) ৩২টা ৰাগ, ১৫ তাল থকা ৪১৮টা গীত সন্নিবিষ্ট হৈছে। সেই খণ্ডকেইটা হ’ল – জন্ম, তাম্বুল, দান, নৌকা, ভাৰ, ছত্ৰ, বৃন্দাবন, কালীয়দমন, বস্ত্ৰহৰণ, হাৰ, বান, বংশী আৰু ৰাধা বিৰহ খণ্ড। কাব্যখনত প্ৰতিটো খণ্ডই স্বয়ংসম্পূৰ্ণৰ দৰে যদিও কবিয়ে শ্লোকৰ ব্যৱহাৰ কৰি এইবোৰৰ মাজত সংগতি স্থাপন কৰিছে। ইয়াৰ গীতবোৰ দুটা ভাগধ্ৰৱক আৰু পদ। প্ৰথম ছয়শাৰী পদক ধ্ৰৱক আৰু শেষৰখিনিক পদ বুলি চিহ্নিত কৰি প্ৰতিটো গীতৰ আৰম্ভণিতে ৰাগ, তাল আৰু কিছুমান গীতত গোৱাৰ সময় লিপিবদ্ধ কৰা হৈছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা পুৰণি অসমীয়া ভাষাৰ অনুগত। দেবেন্দ্ৰনাথ বেজবৰুৱা প্ৰমুখ্যে বিভিন্ন সাহিত্যৰ বুৰঞ্জীকাৰ, ° বাণীকান্ত কাকতি, ° উপেন্দ্ৰ নাথ গোস্বামী আদি ভাষাবিদে অসমীয়া ভাষাৰ বিভিন্ন স্তৰৰ সৈতে এই পুথিখনৰ ভাষাৰ সাদৃশ্য দেখুৱাই ইয়াক ‘পূৰ্ব ভাৰতৰ উমৈহতীয়া সম্পদ’ বুলি স্বীকৃতি দিছে। তাৰে কেইটিমান উদাহৰণ হ’লমূল প্ৰতিলিপিত পেটকটা ‘ৰ’ আৰু ‘ৱ’ৰ ব্যৱহাৰ; তলপ, আজি, অলপ, পো, নাতিনী, বুঢ়াবুঢ়ী, তিৰী, ঘৰিয়াল, হিয়া, আদি খাচ অসমীয়া শব্দ। বৰ্ণবিপিৰ্যয় (হ্ৰদ > দহ); স্বৰ ভক্তি (পৰভাত, মৰম); মহাপ্ৰাণীভৱন (সুখান, হাথী) আদি ধ্বনিতাত্ত্বিক প্ৰক্ৰিয়াৰো অসমীয়াৰ সৈতে মিল আছে। ঠিক সেইদৰে পুৰণি অসমীয়াত অপাদান কাৰকত পঞ্চম বিভক্তি ‘হতেন’ৰ দৰে এই কাব্যতো ‘হতেঁ’, ‘হৈতেঁ’ পৰসৰ্গৰ ব্যৱহাৰ; যেনেএবে হতেঁ, আজি হৈতেঁ আৰু বাক্যত ব্যৱহৃত শব্দ বিভক্তিবোৰ অসমীয়াৰ দৰে। এইবোৰে প্ৰমাণ কৰে যে শ্ৰীকৃষ্ণ কীৰ্তনো উদ্ভৱকালীন অসমীয়া ভাষাৰ এক অমূল্য নিদৰ্শন।

শূন্যপুৰাণঃ
অসমীয়া আৰু বঙলা এই উভয় সাহিত্যই নিজৰ বুলি দাবী কৰা তথা উদ্ভৱকালীন আন এখন পুথি হ’ল ৰমাই পণ্ডিতৰ ‘শূন্যপুৰাণ’। মূলতঃ ধৰ্মদেৱতাৰ পূজাৰ বৰ্ণনা সন্নিৱিষ্ট পুথিখনো বঙলা সম্পাদকেহে প্ৰকাশ কৰিছে। পুথিখনৰ ৰচক ৰমাই পণ্ডিত সম্পৰ্কে সবিশেষ তথ্য ক’তো পোৱা নাযায়। জনশ্ৰুতিমতে তেওঁ মৰ্ত্যত প্ৰথম ধৰ্মৰ পূজা প্ৰচাৰ কৰিছিল। বাংলা সাহিত্যৰ বুৰঞ্জীকাৰসকলেও জনশ্ৰুতিৰ ওপৰতে ভিত্তি কৰি তেওঁৰ বিষয়ে বিভিন্ন কথা লিখিছে যদিও অবিসম্বাদীতভাৱে এটা মতকে কোনেও মানি লোৱা নাই। তদপুৰি তেওঁৰ সময়সীমা সম্পৰ্কেও প্ৰত্যেকজন বুৰঞ্জীকাৰৰ মত বেলেগ বেলেগ। বঙ্গীয় সাহিত্য পৰিষদে প্ৰকাশ কৰা শূন্যপুৰাণখনত সবৰ্মুঠ ৫৬টা অধ্যায় সন্নিৱিষ্ট আছে। ইয়াৰ প্ৰথম ৫টা অধ্যায়ত সৃষ্টি তত্ত্ব আৰু বাকীকেইটাত ধৰ্মপূজাৰ বিবিধ পদ্ধতি আলোচনা কৰা হৈছে। কাব্যখনৰ আৰম্ভণিতে ‘শ্ৰীশ্ৰী ধৰ্ম্মায় নমঃ’ বুলি প্ৰণাম জনাইনহি ব়েক নহি রূপ নহি ছিল বন্ন চিন। রবি সসী নহি ছিল নহি রাতি দিন।। বুলি বিষয়বস্তুৰ বৰ্ণনা আৰম্ভ কৰিছে। উল্লেখযোগ্য যে এই পুথিখনৰ কেইবাটিও নকল ইতিমধ্যে উদ্ধাৰ হৈছে যদিও কোনোখন পুথিতে নামকৰণ কৰা হোৱা নাছিল। পুথিখনত ধৰ্মদেৱতাৰ কথা বৰ্ণনা কৰা কথাৰ আঁত ধৰি অৰ্থাৎ এই কাব্যত ‘শূন্যময়তা দেৱতা’ ধৰ্মঠাকুৰৰ পূজাপদ্ধতি বৰ্ণিত হৈছে বাবে নগেন্দ্ৰ নাথ বসুৱে সম্পাদনা কৰি ১৩১৪ বাংলা চনত ‘বঙ্গীয় সাহিত্য পৰিষদ’ৰ দ্বাৰা গ্ৰন্থৰূপে প্ৰকাশ কৰা কালতে ‘শূন্যপুৰাণ’ বুলি নতুনকৈ নামকৰণ কৰে। বাংলা সাহিত্যৰ ইতিহাসকাৰ ভূদেব চৌধুৰীয়ে মত পোষণ কৰে যে হৰ প্ৰসাদ শাস্ত্ৰীয়েই পোন প্ৰথমবাৰৰ বাবে ধৰ্মঠাকুৰ সম্পৰ্কে আলোচনাত প্ৰবৃত্ত হৈছিল। তেওঁৰ মতে ‘‘এই দেৱতা বঙ্গ দেশত বৌদ্ধ প্ৰভাৱৰ সৰ্বশেষ প্ৰতীক। কিন্তু আজি আৰু সংশয় নাই যে ধৰ্মঠাকুৰ আৰ্যপূৰ্ববঙ্গলোকসকলৰ মাজৰ নিজস্ব কল্পনাপ্ৰসূত দেৱ মণ্ডলীৰ এজন। কালৰ সোঁতত এই পূজা পদ্ধতিত আৰ্যঅনাৰ্য, বৈদিকপৌৰাণিক, বৌদ্ধ প্ৰভৃতি নানা প্ৰভাৱৰ ধাৰা জড়িত হৈ পৰিছিল।’’ ‘ধমৰ্পূজা’ মূলতঃ বঙ্গদেশৰ পশ্চিম অঞ্চলৰ ধৰ্মীয় উৎসৱ। নিম্ন শ্ৰেণীৰ হিন্দু তথা পতিত ব্ৰাহ্মণসকলে শূন্যৰূপী (যি বিষ্ণু, সূৰ্য আৰু যমকো প্ৰতিফলিত কৰে) ধৰ্মদেৱতাক পূজা কৰে। অসমতো প্ৰাচীন কালত ধৰ্মদেৱতাৰ পূজাৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। ‘কথা গুৰু চৰিত’ত অনন্ত কন্দলি সম্পৰ্কে থকা এটা কাহিনীত, মনকৰৰ ‘মনসা কাব্য’ত থকা বিৱৰণ আৰু মনসা পূজাৰ সময়ত মনসা দেৱীৰ বেদীৰ অলপ আঁতৰত এটা আমডালিৰে পূৰ্ণ ঘট আগলি কলাপাতেৰে পতা হয় আৰু ইয়েই ধৰ্মৰ ঘট বুলি বিবেচনা কৰা কথাই ইয়াৰ প্ৰমাণ। অৱশ্যে শূন্যপুৰাণত বৰ্ণিত ৰূপতকৈ কিছু বেলেগ ধৰণেহে অসমত এয়া ৰূপায়ণ হয়। শূন্যপুৰাণ পুথিখনৰ ৰচনা কাল সম্পৰ্কে ভিন্নজনে ভিন্ন মত পোষণ কৰিছে। History of Bengali Literature ত অধ্যাপক দীনেশ চন্দ্ৰ সেনে লিখিছে– ‘Ramai Pandit was a contemporary of Dharma Pal II, who reigned in Gaud in the early part of the 11th century A.D. Rajendra Chola’s rock-inscription (1012 AD) discovered in Tirumalaya, probably makes mention of this monarch, Rama Rai Pandit was born on the 5th day of waxing moon, in the month of Baisakh, towards the end of the 10th century AD.’’ আনহাতে ডিম্বেশ্বৰ নেওগে পুথিখনৰ ভাষা বিচাৰ কৰি ‘ঘাইকৈ অসমীয়া মন্ত্ৰ সাহিত্যৰ লগত ইয়াৰ ভাবভাষাৰ মিলৰ পৰা শূন্যপুৰাণৰ ৰচনা ত্ৰয়োদশ শতিকাৰ পাছৰ বুলি অনুমান কৰা হয়’ বুলি মন্তব্য কৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শূন্যপুৰাণৰ অংশ বিশেষ মনসা কবি মনকৰৰ কাব্যৰ খণ্ডবিশেষৰ লগত মিল আছে। এই পুথিখনত ব্যৱহৃত ভাষা প্ৰাচীন অসমীয়া ভাষাৰ লগত মিল আছে। বৈয়াকৰণিক ৰূপলৈ মন কৰিলে প্ৰাচীন কামৰূপ ৰাজ্যৰ নাইবা প্ৰাচীন কামৰূপী পণ্ডিতৰ ৰচনা যেন অনুভৱ হয়। প্ৰথমা বিভক্তিৰ চিন ‘এ’, ষষ্ঠীৰ ‘ৰ’, সপ্তমীৰ ‘ত’ নিজ অৰ্থত ‘আপুনি’ সৰ্বনামৰ প্ৰয়োগ আদি অসমীয়া ভাষাতাত্ত্বিক বৈশিষ্ট্য অনুগত। ঠিক সেইদৰে জুই, খৰিকা, টোপোলা, দৰব, গজাল ইত্যাদি অসমীয়া ভাষাৰ শব্দৰ ব্যৱহাৰ আদিয়েও এই কথাখিনি অধিক প্ৰকট কৰি তোলে। এক কথাত ক’ব পাৰি উদ্ভৱকালৰ অসমীয়া তথা বাংলা ভাষাৰ নিদৰ্শন ৰূপে শূন্যপুৰাণে সাহিত্যৰ ইতিহাসত এক সুকীয়া স্থান লাভ কৰিছে।

 

(ক্ৰমশঃ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.