পঘাৰ টুকুৰাটো (দীপাঙ্কৰ চেতীয়া)

পঘাৰ টুকুৰাটো (দীপাঙ্কৰ চেতীয়া) by April 14, 2013 2 comments
মূল: Guy de Maupassant ৰ The Piece of String

 

ঢলপুৱাৰে পৰা ঢলপুৰত বিৰ দি বাট নোপোৱা অৱস্থা, আজি সোমবৰীয়া বজাৰ, তাতেই আকৌ দুদিন পাছত বিহু। মেৰমুখৰ আহোম গাওঁৰ পৰা আলিটো, ভেলাইমৰাৰ মিচিং গাওঁৰ পৰা আলিটো আৰু নাৰায়ণপুৰৰ বৰদেউৰী গাওঁৰ পৰা আলিটোৰো একেই অৱস্থা। গ্ৰাহক, বেপাৰী সকলোৰে ব্যস্ততাৰ অন্ত নাই।
ভেলাইমৰাৰ সংযোগী আলিটোৰে, মিচিং গাওঁৰ লোকসকলে ৰাতিপুৱাই বজাৰলৈ বুলি বাট লৈছে, পথাৰত কাম কৰি ক’লা পৰি যোৱা মুখাবয়বৰ মিচিং লোক কেইজনে বজাৰত বিক্ৰি কৰিবলৈ পিঠিত লৈ অহা অনা বিভিন্ন আলুৰ হোৰা কেইটাৰ সৈতে লাহে লাহে খোজ দিছে, গৰু বিক্ৰী কৰিবলৈ অহা দেউতাক আৰু খুড়াক হতঁৰ লগত অহা পিৰিকা কেইটাই এচাৰীৰে গৰু কেইটাক বজাৰৰ ফালে পোনাই নিয়াত ব্যস্ত হৈ পৰিছে, কেইটামানে হাতে হাতে মাখিয়তী আৰু ভাঙৰ পাতৰ মুঠা লৈ গৈছে, সিহঁতে জানে আজি সেইকেইমুঠাৰ চাহিদা কিমান হ’ব, দুদিন পাছত গৰুৰ বিহু।
বুকুৰ ওপৰত মেঠনি মাৰি অহা মিচিং মাইকী মানুহ দুগৰাকীৰ হাতৰ মোনাত, বিলাতী সুৰাৰ বতলত ভৰোৱা চাই আপং আন কিবা বগা বৰণৰ আপং। ভিৰ আৰু বেছি হোৱাৰ আগতেই নিজৰ ঠাই পাবলৈ দুয়ো খৰধৰ কৰিছে, ৰাতিপুৱাই খাওঁ খাওঁ মূৰ্তি ধৰি অহা ৰ’দটোৰ বাবে দুয়োৰে সৰু সৰু জনজাতীয় চকু দুযোৰ আৰু সৰু হৈ একো একোডাল ৰেখাৰ দৰে হৈ পৰিছে। নাৰায়ণপুৰৰ পৰা অহা দেউৰী মহিলা সকলৰ পিঠিটো একোটাকৈ শাক পাচলি ভৰ্তি হোৰা, হালধীয়া আৰু ৰঙা জনজাতীয় সাজ পৰিহিত মহিলা সকলৰ মূৰত একোখনকৈ টানকৈ বান্ধি থোৱা কাপোৰ, ডিঙিত ৰঙা নীলা সৰু সৰু পোৱালৰ দৰে মণি, এওঁলোকৰ মুখৰ ৰেখা সমূহত এওঁলোকৰ জীয়াই থকাৰ বাবে কৰিব লগা শ্ৰমৰ চিন পৰিষ্কাৰ। বজাৰৰ পুৰণি বাছকেইখনৰ পৰা নামি কাপোৰৰ বেপাৰী সকলে নিজৰ নিজৰ অস্থায়ী চালিবোৰৰ তলত গ্ৰাহকৰ চকুত লগাকৈ কাপোৰ বোৰ সজোৱাত লাগিছে, প্ৰসাধন সামগ্ৰী আৰু গহনাৰ বেপাৰী কেইজনে ইতিমধ্যেই দুজনীমান যুৱতীৰ সৈতে দাম দৰত ব্যস্ত হৈ পৰিছে।
বজাৰৰ মাজতে থকা ঢোলৰ মুচি জনৰো ব্যস্ততাৰ অন্ত নাই, নতুন চাউনি কৰা ঢোলবোৰ পৰা নিজৰ ঢোলটো বিচাৰি নাপায় ল’ৰা কেইটামানে আপত্তি কৰিছে, কালিয়েই হ’ব লগা কাম! আজিও হোৱা নাই, মানুহজনে উপায়ন্তৰ হৈ গ্ৰাহকৰ খং খিনি বাৰে বাৰে দোকানৰ কাম কৰা ল’ৰা কেইটাৰ ওপৰতে সাৰিছে।
গৰুৰ বজাৰ খনত ইতিমধ্যে গৰুৰ বেপাৰী, গ্ৰাহক আৰু দালাল সকলেৰে ভৰি পৰিছে, দাম দৰত ব্যস্ত বেপাৰী আৰু গ্ৰাহক সকলে ঠাই টুকুৰাত এক হুলস্থুলীয়া পৰিবেষৰ সৃষ্টি কৰিছে। ন-খেতিৰ বাবে গৰু এহাল কিনিম বুলি অহা দুজনমানে মধ্যভোগী দালালৰ পাল্লাত পৰি একো সিদ্ধান্ত ল’ব নোৱাৰি বজাৰ মাজতে থিয় হৈ ৰৈছে, এঠাইত দুজনী মান ছাগলীও ৰখা হৈছে বিক্ৰীৰ বাবে। গৰু, ছাগলী, বজাৰৰ চালিবোৰৰ পৰা খহি পৰা পচা খেৰ বোৰত যোৱা ৰাতি জমা হোৱা বৰষুণৰ পানী, বোকা, মানুহৰ ঘাম, অলপ আতঁৰত কাটিবলৈ বান্ধি থোৱা গাহৰি আৰু কুকুৰাৰ বিষ্ঠা সকলো মিলি ঠাই টুকুৰাত এক অদ্ভুত গেলা গোন্ধই চানি ধৰিছে।
বহুপথাৰৰ অম্বুৰাম অলপ আগতে বজাৰ আহি পাইছেহি, ভাগ্যই আধাবাটতে লগ এৰা একালৰ সফল ব্যৱসায়ী অম্বুৰামে এদিন ব্যৱসায় পৰিয়াল সকলো হেৰুৱালে, চুটী মলিয়ন চুৰিয়া এখন, ডিঙিত একেই বৰণৰ কোঁচ মোচ খোৱা গামোচা এখন আৰু পুৰণি পাঞ্জাবী চোলা পিন্ধি অহা বয়সীয়াল অম্বুৰামৰ লগত এসময়ৰ সেই ঊদ্যমী যুৱ ব্যৱসায়ীৰ ক’তো মিল নাই, এতিয়া অম্বুৰামৰ দুসাঁজ খাবলৈও টনা আজোঁৰা, কামত আহিব যেন লগা বাটত পৰি থকা বস্তু এটা তুলি ল’বলৈ এতিয়া আৰু অম্বুৰামে লাজ নকৰে, গৰুৰ বজাৰ খনলৈ সোমোৱা পথটোতে আধা চিগা পঘা এডাল দেখি অম্বুৰামে সেইডাল তুলি ল’লে, বাতবিষৰ বাবে সেইডাল তুলিবলৈ লওঁতে অম্বুৰামৰ পিঠিয়েদি কিবা এটাই সিৰ সিৰাই গ’ল, সেইডাল কোনো বেপাৰীৰ বেছিবলৈ অনা তৰালী পঘাৰ মুঠাৰ পৰা পৰি যোৱা পঘাৰ টুকুৰা। গৰু বিহু বুলি ঘৰৰ একমাত্ৰ গৰু জনীলৈ নতুন পঘা এডাল কিনিবলৈ অম্বুৰামৰ সাহস নাই, পঘাডাল তুলি লওঁতেই অম্বুৰামৰ মুচিৰ দোকানৰ চোতালত বহি থকা মুহিৰামক দেখিলে, মুহিৰামে অম্বুৰামৰ ওপৰত তাৰে পৰা তীক্ষ্ন দৃষ্টি ৰাখিছে, চিৰবৈৰী মুহিৰামৰ আগত সাধাৰণ পঘাৰ টুকুৰা এডলৰ দৰে বস্তু এটা মাটিৰ পৰা তুলি লোৱাৰ বাবে অম্বুৰাম লজ্জিত হ’ল, তেওঁ সেইডাল ততাতৈয়াকৈ পিন্ধি থকা পাঞ্জাৱীটোৰ জেপ এটাত ভৰাই থৈ মুহিৰামক দেখুৱাই কিবা এটা হেৰুওৱা বস্তু বিচৰাৰ দৰে অভিনয় কৰিব ধৰিলে। একালৰ ব্যৱসায়ী বন্ধু মুহিৰাম আৰু অম্বুৰামৰ মাজত এবাৰ তামোলৰ বজাৰৰ হিচাপক লৈ মনোমালিন্য হৈছিল, এই মনোমালিন্য‍ ই ক্ৰমাত শত্ৰুতাৰ ৰূপ ল’লে, এসময়ত মুহিৰামে বেপাৰত আৰু উদ্গতি কৰিলে, অম্বুৰামৰ বেপাৰ এদিন ডুবিল কিন্তু দুয়োৰে মাজৰ এই শত্ৰুভাৱ আগৰ দৰেই থাকিল। অম্বুৰামে খৰকৈ সেই ঠাইৰ পৰা আতঁৰি ভিৰৰ মাজত হেৰাই পৰিল।

চামগুৰীৰ নেপালী লোককেইজনে দৈ গাখীৰৰ বিভিন্ন আকাৰৰ টেকেলীবোৰ লৈ গ্ৰাহকৰ সৈতে দাম চিঙিছে, তেওঁৰ দৈ টেকেলী বোৰত তললৈকে দৈৰ বাহিৰে অকণো পানী নাপাব বুলি বাৰে বাৰে ক’লেও গ্ৰাহকজনে বিশ্বাস কৰিবলৈ টান পাইছে আৰু ঠগ খোৱাৰ ভয়ত বেপাৰী জনে কোৱা দাম আদায় দিব বিচৰা নাই।

আমৰলি বৰণৰ হাঁহৰ খাঙটো লৈ অহা মানুহজনৰ চাৰিওফালে মানুহৰ ভিৰ, নোদোকা নোদোকা হাঁহ কেইটা মনে বিচৰা দামত বেচিবলৈ তেওঁ বিশেষ কষ্ট কৰিব লগা হোৱা নাই, উৰুকাৰ ৰাতিৰ সাঁজ তৃপ্তিৰে খাবলৈ মানুহবোৰে হাঁহ কেইটা ল’বলৈ হেতা ওপৰা লগাইছে, দুই এজন গ্ৰাহকে হাঁহ ভাগত নপৰাত দুখমনেৰে আঁতৰি গৈছে।
গ্ৰহ ৰত্ন, আৰু পঞ্জিকাৰ বেপাৰী জনে তেওঁৰ চকালগা দোকানৰ সৰু মুখ লগাই চিঞৰিব পৰা হৰ্ণটোৰে তেওঁৰ গ্ৰহ ৰত্ন আৰু আঙুঠি সমূহৰ মাহাত্ম্য বৰ্ণনা কৰিছে, আৰু তেওঁৰ ৰত্নত বিহু ঊপলক্ষে বিশেষ ৰেহাই ঘোষণা কৰিছে, কাষতে এগৰাকী মহিলাই সৰু সৰু গিলাচত নেমুটেঙাৰ পানী বিক্ৰী কৰিছে, নেমু পানীখিনিত তেওঁৰ লগত থকা চিচাৰ বটলৰ পৰা কিবা এবিধ ৰঙীণ পানীয় মিশ্ৰণ কৰি গ্ৰাহকক বিক্ৰী কৰিছে। বাঢ়ি অহা ৰ’দটোৰ লগে লগে তেওঁৰ দোকানটো মানুহৰ ভিৰ বাঢ়িছে।
গাহৰিৰ মাংসৰ বজাৰ খনত ইতিমধ্যেই দহ বাৰটামান গাহৰি বিক্ৰীৰ বাবে কাটিবলৈ আৰম্ভ কৰিছে, গ্ৰাহক বোৰে লোৱাৰ আগতে আটাইকেইটাতে এবাৰ চকু ফুৰাইছে। বজাৰ খনৰ সমূখতে কেইখনমান সৰু সৰু চালিৰ তলত অলপ আগতে চাই মদ আৰু আন জনজাতীয় আপং লৈ অহা মাইকী মানুহ কেইগৰাকীয়ে নিজৰ বেপাৰ মেলিছে, চালিবোৰৰ তলত থকা জুহাল কেইটাত গাহৰিৰ মঙহৰ খৰিকাবোৰ শাৰী শাৰীকৈ সেকিবলৈ থোৱা হৈছে, বগা বৰণৰ গাহৰিৰ তেলী মঙহৰ টুকুৰা বোৰে জুইৰ তাপ পাই ক্ৰমাত লোভনীয় ৰঙচুৱা বৰণ লৈছে, পাতল ৰঙা ৰঙৰ ৰস কিছুমান মাংসবোৰৰ পৰা ওলাই খৰিকাবোৰেদি বাগৰি তলৰ জুইত পৰিছে, দুই এগৰাকী মহিলাই কেৰাহীৰ তেলটো ভাজিছে মঙহ। বাঁহৰ খুটাৰ ওপৰত পাৰি দিয়া কাঠৰ বেটুপাতৰ চাপৰ বেঞ্চি বোৰত গ্ৰাহক বোৰ শাৰী পাতি বহিছে, সৰু সৰু ছোৱালী দুজনীমানে মাকহঁতক গ্ৰাহকক আহাৰ যোগান ধৰাত সহায় কৰিছে।
বজাৰলৈ মাল বোজাই অনা ঘোঁৰা গাড়ী দুখনৰ চকাবোৰ বোকাৰে লুটুৰি পুটুৰি হৈ আছে, ঘোঁৰাকেইটাক মাখিয়ে আমনি কৰাত গাৰোৱান জনে সিহঁতক গাড়ীৰ পৰা খুলি গছ এজোপাৰ তলতে বান্ধি আহি চাই মদৰ গিলাচ এটা আৰু মঙহৰ খৰিকা এডাল হাতত লৈছে।
হঠা‌ৎ গ্ৰহ ৰত্নৰ চকা লগা গাড়ীখনত থকা মুখ লগাই চিঞৰিব পৰা হৰ্ণটোৰে পৰা আন এটা গল গলীয়া আৰু ডাঙৰ মাতৰ ঘোষণা শুণা গ’ল,
“শুণক, শুণক, ঢলপুৰ বজাৰত থকা সকলো ৰাইজ শুণক, অলপ আগেয়ে নাৰায়ণপুৰৰ মোজাদাৰ দেউতা বজাৰৰ মাজৰ পথেৰে যাওঁতে তেওঁৰ গাড়ীৰ পৰা ঢলপুৰ মোজাৰ গুৰুত্বপূৰ্ণ মাটিৰ হিচাপ খিটাপৰ কাগজ পত্ৰ, আৰু এশ ৰূপৰ মোহৰ থকা এটা মোনা হেৰাইছে, যিয়েই এইটো পাইছে তেওঁক মোনাটো ঢলপুৰ দাৰোগা থানাত ঘূৰাই দিবলৈ জনোৱা হ’ল, পাওঁতাক ৫টা ৰূপৰ মোহৰ পুৰষ্কাৰ হিচাপে দিয়া হ’ব, শুণক শুণক….”
শকত আৱত পুলিচ জনে হৰ্ণ থকা চকালগা দোকানখন দোকানী জনৰ হতুৱাই বজাৰৰ আন ঠাইলৈ ঠেলি লৈ গ’ল। মূহুৰ্ততে মোজাদাৰৰ হেৰুওৱা মোনাটো, মঙহ আৰু মদৰ জুটি লৈ থকা মানুহ খিনিৰ আলোচনাৰ বিষয়বস্তু হৈ পৰিল।
কেটলি এটাৰ মুখত দূটামান গিলাচ আঁৰি সৰু ল’ৰা এটাই ৰঙা চাহ লৈ আহিল, হাতত সৰু সৰু তেল পিঠাৰ দৰে টান শুকাণ বিস্কুত, মদৰ পিয়লা নোলোৱাকৈ বন্ধুৰ লগত বহি থকা লোক কেইজন বাছি উলিয়াই সি তেওঁলোকক চাহ দিয়াত লাগিল।
হথাৎ, অলপ আগেয়ে ঘোষণা কৰি যোৱা দাৰোগা জনৰ লগত আন তিনিজন দাৰোগা চালিবোৰৰ তললৈ সোমাই আহিল, হুটা মাতৰ জনে চিঞৰি ক’লে,
“বহুপথাৰৰ অম্বুৰাম গগৈ কোনজন?”
চালিএখনৰ এচুকত বহি থকা অম্বুৰামে লাহেকৈ থিয় দি ক’লে,
“ইয়াত, ম‍ই।”
দাৰোগা জনে আকৌ ক’লে,
“আপুনি আমাৰ লগত দাৰোগা থানালৈ ব’লক আপোনাৰ লগত অলপ কথা আছে।”
অম্বুৰামে থিক কি হৈছে ধৰিব নোৱাৰি কিছুসময় থৰ হৈ থাকিল, দাৰোগাৰ কথোৰ আদেশ শুণি তাৰ বাত বিষে কোঙা কৰা দেহাটো ভয়ত আৰু কোঁচ মোচ খাই পৰিল।
প্ৰধান দাৰোগাই থানাত অম্বুৰামলৈ ৰৈ আছিল, অম্বুৰাম সোমাই যোৱাত নিজৰ আৰামী চকী খন হেলান দি প্ৰধান দাৰোগাই দেখ নেদেখ এটি তাচ্ছিল্যৰ হাহিঁৰে কৈ উঠিল,
“অম্বুৰাম গগৈ, মেৰমুখলৈ যোৱা আলিটোৰ পৰা আজি ৰাতিপুৱা তোমাক কোনোবাই, মোজাদাৰৰ হেৰুওৱা মোনাটো তুলি লোৱা দেখিছে।”
“মোক? মোক? ম‍ই তুলি লৈছিলো মোনাটো?” অম্বুৰামৰ মূৰত সৰগ ভাগি পৰিল।
“হয় তুমিয়েই।”
“ম‍ই এই বিষয়ে একো নাজানো, সঁচাই, শপত খাই কৈছো।”
“কিন্তু তোমাক দেখিছে।”
“মোক দেখিছে? কোনে কৈছে মোক দেখা বুলি?”
“মাধৱপুৰৰ তামোল বেপাৰী মুহিৰামে দেখিছে তোমাক।”
“অ’হ, সি দেখিছে মোক।” ভয়ত পেপুৱা লাগি থকা অম্বুৰামৰ মূৰলৈ এইবাৰ এসোতা গৰম তেজ বৈ আহিল, মূহুৰ্ততে তাৰ মনত ছবি গোটেই ছবিখন ফটফটীয়া হৈ পৰিল।
“সি বজ্জাতে দেখিলে মোক! মহোদয় সি মোক বাটৰ পৰা এই পঘাৰ টুকুৰাটো তুলি লোৱা দেখিছিল।” অম্বুৰামে পাঞ্জাৱীটোৰ জেপৰ পৰা পঘাডাল টানি উলিয়াবলৈ চেষ্টা কৰিলে।
কিন্তু প্ৰধান দাৰোগাই অসন্তোষ্টিৰে মূৰ জোকাৰিলে, তেওঁৰ মূখত এইয়াও সেই দেখ নেদেখ তাচ্ছিল্যৰ হাঁহি, তেওঁ কৈ উঠিল,
“তোমাক ম‍ই কিয় বিশ্বাস কৰিম, মুহিৰাম এজন বিশ্বাসৰ লাইকৰ মানুহ, তুমি কোন? তেওঁ তোমাৰ এই পঘা ডালক এটা মোনা বুলি ভুল নকৰে।”
খং, ভয়, দুখ, লাজ, অপমানত অম্বুৰাম ঊত্তেজিত হৈ পৰিল।
“ম‍ই মোৰ আত্মাৰ শপত, ভগৱানৰ শপত খাই কৈছো, মহোদয় সি মিছা মাতিছে।”
দাৰোগাই আকৌ কৈ উঠিল,
“তুমি মোনাটো তুলি লোৱাৰ পাছতো, সেই ঠাইত বহুসময় ৰৈ আৰু ক’ৰবাত ৰূপৰ মোহৰ পৰি ৰৈছেনেকি চাই আছিলা।”
খং আৰু ভয়ত হোজা মানুহজন আকৌ এবাৰ জিকাৰ খাই উঠিল,
“কেনেকৈ পাৰে কোনোবাই এনেকুৱা কৰিব…., কেনেকৈ পাৰে কোনোবাই…., কেনেকৈ কোনোবাই এজন নিৰ্দোষ মানুহৰ এনেদৰে সন্মান হানি কৰিব পাৰে…” অম্বুৰামে অস্পষ্ট ভাবে কৈ উঠিল।
এই বিৰোধিতাৰ কোনো লাভ হ’ব লগা নাছিল, অম্বুৰামৰ কথা শুনোতা তাত কোনো নাছিল। সি দোষী ইয়াত।
কিছুসময়ৰ পাছত মুহিৰামক অনা হ’ল, তেওঁ অম্বুৰামক দেখা বুলি নকৈ প্ৰধান দাৰোগাক ক’লে, এইবাৰ দুয়োশত্ৰুৰ মাজত বহুসময় মুকলি তৰ্ক হ’ল, দুয়োৰে ব্যক্তিগত বিবাদবোৰে আকৌ এবাৰ মূৰ ডাঙি উঠিল, অম্বুৰামৰ অনুৰোধত দাৰোগাই তেওঁক পৰীক্ষা কৰিলে, কিন্তু তেওঁ জেপত পঘা ডালৰ বাহিৰে একো পোৱা নগ’ল।
উপযুক্ত প্ৰমাণৰ অভাৱত অৱশেষত প্ৰধান দাৰোগাই অম্বুৰামক, এৰি দিয়াৰ সিদ্ধান্ত ল’লে, লগতে তাক ক’লে যে তেওঁ এই বিষয়ত ঊচ্চ পদস্থ বিষয়াৰ লগত কথা পাতিহে তেওঁ পৰৱৰ্তী সিদ্ধান্ত ল’ব আৰু প্ৰয়োজন হ’লে তাক পুনৰ হাজিৰ হোৱাৰ হুকুম দিব।
ইতিমধ্যেই গোটেই ঘটনাটো বজাৰৰ মানুহৰ মুখে মুখে বিয়পি পৰিল। থানাৰ পৰা ওলাই অহা বুঢ়া অম্বুৰামক চিনাকী অচিনাকী ভিন্ন জনে বেৰি ধৰি কি হ’ল সুধিব ধৰিলে, অম্বুৰামে যিমান পাৰি সিমান পঘা ডালৰ কাহিনীটো সিহঁতক বুজাই ক’বলৈ চেষ্টা কৰিলে, পিছে ইয়াতো অম্বুৰামক বিশ্বাস কৰা মানুহৰ অভাৱ হ’ল, দুই এক ডেকাই ফিচিঙা ফিচিঙ কৰি টিটকাৰী মাৰি আঁতৰি গ’ল, “বুঢ়া চোৰ….!”।
দুজনমান চিনাকী দেখি দেখি তেওঁ আগবাঢ়ি গ’ল, এইবাৰ কোনেও নোসোধাকৈ তেওঁ অদ্যোপান্ত বৰ্ণনা কৰাত লাগিল, মুহিৰামে কেনকৈ তেওঁক বদনাম কৰিব বিচাৰিছে, লগতে তেওঁ জেপৰ পৰা পঘাৰ টুকুৰাটো উলিয়াই সকলোকে দেখুৱাব ধৰিলে। নিজৰ ফালে দৃষ্টি আকৰ্ষণ কৰাবলৈ অম্বুৰামে আৰু জোৰে জোৰে ক’ব ধৰিলে কাহিনীটো,
“হেই বুঢ়া আতঁৰ হ অ’…”
অম্বুৰাম খঙত জ্বলি উঠিল, মুহিৰামৰ ওপৰত উঠি থকা খংটো, দাৰোগাৰ ওপৰত উঠি থকা খংটোৱে লাহে লাহে আন সকলোকে সামৰি ল’লে। কি কৰিব ভাবি নাপাই অম্বুৰামে মুখৰ ভিতৰতে কিবা বিৰবিৰাব ধৰিলে।
সন্ধিয়া হ’লত, বজাৰলৈ অহা চুবুৰীয়া দুজন মানক সি পঘাডাল বুটলি লোৱা ঠাইখিনি দেখুৱালে, আৰু ঘৰলৈ অহা গোটেই বাটটো সি পুণৰ একেটা কাহিনীকে তেওঁলোকক কৈ আহিল।
নিজৰ গাওঁ বহুপথাৰ পাইয়েই সি গাৱঁৰ দুঘৰ মানলৈ বুলি ওলাই গ’ল, আৰু তেওঁলোককো নিজৰ নিৰ্দোষীতাৰ কথা শুণালে, কিন্তু তেওঁলোকে তাৰ কথা কিমান বিশ্বাস কৰিল সি ঠাৱৰ কৰিব নোৱাৰিলে।
পাছদিনা আবেলিলৈ ব’ঠাখনাৰ আলিত কাম কৰা বনুৱা এজনে মোজাদাৰৰ মোনাটো পথৰ কাষত পৰি থকা অৱস্থাত পালে, নিৰক্ষৰ মানুহ জনে এইটো কাৰ ধৰিব নোৱাৰি তাৰ মালিকৰ ঘৰত এইটো গটাই দিলেগৈ।
কথাটো চাৰিওফালে প্ৰচাৰ হৈ পৰিল। অম্বুৰামেও সন্ধিয়ালৈ খবৰটো পালে, খবৰটো পায়েই সি ওলাই গৈ গাওঁৰ বাটত পোৱা সকলোকে কালিৰ ঘটনাটো পৰা আজিলৈকে গোটেই ঘটনাটো আকৌ বিৱৰি কোৱাত লাগিল। এইবাৰ তাৰ মুখত বিজয়ৰ হাঁহি।
“কোনোবাই মিছা কথা কোৱাটোৱে মোক দুখ দিয়া নাছিল, মোক দুখ দিছিলে এটা ঘটনাক মিছাৰ আশ্ৰয়েৰে আন্ধাৰত ৰখা কথাটোৱে।” সি ক’ব ধৰিলে।
পাছদিনাও গোটেই দিনটো অম্বুৰামে একেবোৰ কথাকে বৰ্ণনা কৰি কৰি ঘূৰি ফুৰিল। গৰুৰ বিহুৰ দিনা পথাৰত লগ পোৱা সকলো মানুহক, মানুহৰ বিহুৰ দিনা নামঘৰত গোট খোৱা ৰাইজক, হুচতিৰ লগ পোৱা ডেকা বুঢ়া সকলক, গাওঁৰ শলিতা জ্বলোৱা শকামত পোৱা আন লোক সকলক সুবিধা পালেই নিজৰ কথাবোৰ বাৰে বাৰে বৰ্ণনা কৰিবলৈ লাগিল। মাজে সময়ে অচিনাকী দুই এজনকো তেওঁ এইবোৰ ক’ব ধৰিলে। লাহে লাহে মানুহে অম্বুৰামক দেখিলেই পলাবলৈ আৰম্ভ কৰা দৰে হ’ল, শুণি থকা কেইজনেও কাহিনী আৰম্ভ হ’লেই হাঁহি ফিচিঙা ফিচিঙি আৰম্ভ কৰে।
পাছৰ সোমবাৰে অম্বুৰাম আকৌ ঢলপুৰৰ বজাৰলৈ গ’ল, তেওঁ ভাবিলে কথাটো বজাৰত আকৌ আলোচনা কৰাটো ভাল হ’ব।
সেইদিনা ৰাতিপুৱাও মুহিৰাম আকৌ মুচিৰ দোকানৰ দুৱাৰ মুখত থিয় হৈ আছিল, অম্বুৰাম পাৰ হৈ যোৱা দেখি তেওঁ হাহিঁব ধৰিলে, “কিয়?”
অম্বুৰামে টিকিৰাইৰ পৰা অহা খেতিয়ক এজনক দেখি আগবাঢ়ি গ’ল, তেওঁ অম্বুৰামক তেওঁৰ কথা শেষ কৰিবলৈ নিদি উগাৰ এটা মাৰি কৈ উঠিল,
“বাদ দিয়া হে বুৰ্বক ক’ৰবাৰ।”
তেওঁ আম্বুৰামলৈ পিঠি দি আঁতৰি গ’ল।
অম্বুৰাম অপ্ৰস্তুত হৈ পৰিল, কেনেকৈ কোনোবাই তেওঁক বুৰ্বক বুলি ক’ব পাৰে, সি গাহৰি মাংসৰ বজাৰৰ মদ বেচা চালি কেইখন পালেগৈ, তাতো সি নিজৰ কাহিনীটো আকৌ এবাৰ কোৱাৰ কথা ভাবিলে, সি আৰম্ভ কৰোতেই আনফালে চাইৰ জুটি লৈ থকা এজনে চিঞৰি উঠিল,
“বাদ দিয়াহে বুঢ়া তোমাৰ এইবোৰ চলাহী কথা এতিয়া এলাগী হ’ল আৰু, তোমাৰ পঘাৰ টুকুৰাৰ কাহিনী আমাৰ জনা আছে।”
“মোজাদাৰৰ মোনাটো আন এজনে আলিত পালে!” অম্বুৰামে কৈফিয়ত দিয়াৰ সুৰত ক’লে।
আন এজনে কৈ উঠিল
“বাদ দিয়া হে, তুমিয়েই এইবোৰৰ লগতো কিবা প্ৰকাৰে জড়িত।”
অম্বুৰাম বাকৰুদ্ধ হৈ চালিৰ তলত থিয় হৈ থাকিল, তেওঁৰ বুজিবলৈ বাকী নাথাকিল সকলোৱে তেওঁক ইতিমধ্যে চোৰ বুলি ধৰি লৈছে, আৰু ভাবিছে যে আলিত কাম কৰা মানুহ জনৰ হতুৱাই ধৰা পৰাৰ ভয়ত অম্বুৰামে নিজেই মৌজাদাৰৰ মোনাটো ঘুৰাই দিছে। চালিৰ তলত থকা আনবোৰে অম্বুৰামলৈ চাই এইবাৰ ডাঙৰকৈ হাহিঁবলৈ ধৰিলে, সৰু ছোৱালী জনীয়ে তাৰ আগত দি যোৱা আপঙৰ পিয়লাটো স্পৰ্শ নকৰাকৈ অম্বুৰাম চালিৰ তলৰ পৰা ওলাই আহিল।
লজ্জিত আৰু ক্ৰোধীত অম্বুৰাম ঘৰ পালেহি, খং আৰু চিন্তাৰ আউল ভাঙিব নোৱাৰি অম্বুৰামে বাৰে বাৰে নিজৰ মূৰটো জোকাৰিব ধৰিলে, একালৰ অম্বুৰামে আহোমৰ খং আৰু বীৰত্ব দেখুৱাই তেওঁক তাচ্ছিল্য কৰা কেইটাক ভাল শিক্ষা দিলেহেঁতেন, কিন্তু আজি সেইয়া কৰাৰ তেওঁৰ ক্ষমতা নাছিল বা আজি তেনে কৰাৰ তেওঁ কোনো প্ৰয়োজনবোধ নকৰিলে, বৰঞ্চ তেওঁ বাৰে বাৰে কথাবোৰ জুকিয়াই চাবলৈ চেষ্টা কৰিলে, ক’ত তেওঁৰ খুঁত ৰৈ গ’ল, মানুহবোৰৰ অমানৱীয় আচৰণ আৰু অন্যায়ৰ আঁৰৰ ৰসহ্য কি তেওঁ ভাবিবলৈ ধৰিলে।
তেওঁ নিজৰ কাহিনীটো আকৌ নতুনকৈ ভাবিবলৈ আৰম্ভ কৰিলে, প্ৰতিদিনে হাজাৰটা যুক্তিয়ে কাহিনীটোৰ দৈৰ্ঘ্য ক্ৰমাত বঢ়াই লৈ গ’ল। প্ৰত্যেক দিনাই নতুন দৃষ্টিভংগীৰে তেওঁ ইয়াক পুনৰ চালি জাৰি চালে, প্ৰত্যেক দিনাই দিনাই তেওঁৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰোধিতা কৰিবলৈ অধিক শক্তিশালী যুক্তি বিচাৰিবলৈ অম্বুৰামে আৰম্ভ কৰিলে। কিন্তু প্ৰত্যেক বাৰেই তেওঁৰ মনলৈ এষাৰ কথা ঘূৰি ঘূৰি আহি থাকিল, “তোমাৰ এইবোৰ চলাহী কথা এতিয়া এলাগী হ’ল আৰু, তোমাৰ পঘাৰ টুকুৰাৰ কাহিনী আমাৰ জনা আছে।”
হাজাৰটা যুক্তিয়েও তেওঁৰ মনৰ পৰা এই কথাষাৰ তল পেলাব নোৱাৰিলে, এই যুক্তিবোৰ এইষাৰৰ আগত তেনেই সাধাৰণ হৈ হেৰাই গ’ল। তেওঁৰ মনটো ক্ৰমাত
শক্তিহীন হৈ আহিল।
ব’হাগৰ শেষলৈ অম্বুৰাম পাটীৰ পৰা উঠিব নোৱৰা হ’ল।
পহিলা আহাৰৰ দিনা অম্বুৰামে নিজৰ নিৰ্দোষীতা প্ৰমাণ কৰিব নোৱৰাকৈয়ে গুচি গ’ল। তেওঁৰ শেষৰ দিন বোৰত বোলে তেওঁ প্ৰায়েই বিৰবিৰাই থাকিছিল,
“দাৰোগা মহোদয়, মাত্ৰ এটুকুৰা পঘাহে, …. এটুকুৰা পঘা।”

 

 

Comments

2 Comments so far

Jump into a conversation

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.