সৰু সৰু ঘটনা (নিতুল বৰা)

সৰু সৰু ঘটনা (নিতুল বৰা) by April 14, 2013 0 comments

সৰু সৰু ঘটনা

নিতুল বৰা

(১)

আজিৰ পৰা প্ৰায় ১৮ বছৰমানৰ আগৰ কথা। সেইসময়ত মই হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত মাত্ৰ পাচ কৰিছোহে। তেতিয়াৰে পৰা বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষাই হওঁক বা চাকৰি সংক্ৰান্তীয় সাক্ষাৎকাৰেই হওক, কিবা নহয় কিবা এটা কামত প্ৰায়ে মাহেকে পষেকে গুৱাহাটীলৈ অহা যোৱা কৰিছিলো। তেতিয়াৰ দিনত আমাৰ ঘৰুৱা আৰ্থিক অৱস্থা সিমান ভাল নাছিল, কোনোমতেহে পেটেভাটে খাই আছিলো, সেয়ে চাকৰিৰ সন্ধান বহুত কম বয়সৰ পৰাই কৰিব লগীয়া হৈছিল। তেতিয়া নগাঁৱৰ পৰা গুৱাহাটী ৰেলৰ সুবিধা নাছিল, বাছভাড়া মাত্ৰ ৪৫ টকাহে আছিল, এতিয়াতো মাত্ৰ ২০ টকাতে ৰেলেৰে গুৱাহাটী পাবগৈ পৰা হল। যি নহওঁক বাছৰ ভাড়া সেই অনুসাৰে কিবা সাক্ষাৎকাৰ দিবলৈ গুৱাহাটীলৈ আহিব লগা হলেই দেউতাৰ পৰা যেনেতেনে ১৩০ টকা ল’লেই হৈ যায়।

এদিনৰ কথা। সেই দিনাও কিবা এটা সাক্ষাত্কৰাৰ বাবে গুৱাহাটীলৈ পুৱাতে আহিছিলো, দিনটো সৰুসুৰা দুই এটা কামৰ অন্তত চান্দমাৰিৰ এটা চৰকাৰী কাৰ্য্যালয়ত সাক্ষাৎকাৰৰ বাবে অপেক্ষা কৰি আছো, মোৰ ক্ৰমিক নম্বৰটো বহুত পিছত আছিল বাবেই সেইদিনা যে ঘৰ পাওঁতে দেৰি হ’ব আগেয়েই বুজিছিলো, দুপৰীয়া পৰঠা জাতীয় লঘু আহাৰ এটা খায়েই পেটৰ ভোক পলুৱাইছিলো। তাৰ পিছত আকৌ সাক্ষাৎকাৰৰ বাবে অপেক্ষা। এনেকৈ ৰওঁতে ৰওঁতে আবেলি ৪ বাজি গল, তেতিয়াও মোৰ পাল পৰিবলৈ আৰু ১০ জন মান বাকী আছিল। ইফালে মোৰ গুৱাহাটীত থাকিব পৰাকৈ আত্মীয় কোনো নাছিল, হোটেলত থাকিবলৈও হাতত সিমান পইচা নাছিল, গতিকে যিকোনো প্ৰকাৰে ৰাতিদেৰি হলেওঁ ঘৰলৈ যাবই লাগিব। কেনেকৈ গৈ বাছ ধৰিব পাৰো তাৰেই চিন্তাই জুৰুলা কৰিছিলহি। মোৰ সাক্ষাত্কাৰ শেষ হয়গৈমানে তেতিয়া নিশা ৭.৩০ মিনিট পাৰহৈ গৈছিল। খৰধৰকৈ চান্দমাৰীৰ বাছ ষ্টপজেলৈ গলো, অকনো সময় পলম নকৰি কাছাৰীলৈ যোৱা যিকোনো এখন চিটিবাছত উঠি দিলো। কাছাৰী আহি পাওঁমানে তেতিয়া ৮.২০ মিনিট পাৰহৈ গল। তাৰপৰা পল্টনবজাৰলৈ প্ৰায় খোজকাঢ়িয়েই আগবাঢ়িলো।

সেইসময়ত দুৰণিবটীয়া বাছবোৰে পল্টনবাজৰৰ পৰা যাত্ৰা কৰিছিল। পল্টন বজাৰ বাছ আস্থান পাই দেখা পালো দিনৰ ভাগৰ বাছ এখনো নাই, কাউণ্টাৰৰ ওচৰলৈ গৈ সুধিলো নগাঁৱলৈ যোৱাৰ বাছ কেইবজাত যাব…?? কাউণ্টাৰত বহি থকা গৰাকীয়ে জনালে যে ইতিমধ্যে বহুকেইখন গাড়ী গলেই, পিছৰ বাছ নিশা ৯.১০ বজাত যাব। লগে লগে ভাবিলো টিকট এটা কাটিলোৱাই ভাল হ’ব। তাৰপিছত আন চিন্তা কৰিম। এইবুলি পকেটৰ পৰা পইচা কেইটা উলিয়াই হিচাপ কৰি চাওঁ—–চেহ, মোৰ হাতত দেখোন এতিয়া মাত্ৰ ৩৫ টকাহে বাকী আছে, কেইবাবাৰো আটাইকেইটা পকেটত বাৰে বাৰে হাত সুমুৱাই চালো কিজানিবা পকেটতে থাকিল, ওহো ক’তো নাই। তাৰমানে খৰচ হৈ গল। কেনেকৈ ক’ত, কিমান খৰচ হৈ গল ধৰিবই নোৱাৰিলো। এতিয়া কি হ’ব বুলি কাউণ্টাৰৰ মুখতে কিছু সময় ভাবি আছো, আৰু ১০ টকা হলেহে মই নগাঁৱৰ টিকট লব পাৰিম। কি কৰা যায়, কোনো মানুহ চিনাকিও নাই যে কাৰোবাৰ পৰা ১০ টকা ধাৰে ল’ম, মোৰ কান্দিমেই নে হাঁহিমেই এনে লাগিল। ইফালে ভোকো লাগিছে, খোৱাৰ চিন্তাতো দুৰৰে কথা ঘৰলৈ আহিব পৰাকৈও যে এতিয়া মোৰ হাতত পইচা নাই। সেই সময়ত মবাইলো নাছিল। সেয়ে কাৰো লগত যোগাযোগো সম্ভৱ নহয়। এনেকৈ ভাবি থাকোতেই কাউণ্টাৰৰ বয়সীয়াল লোক জনে মোক সুধিলে কি হ’ল ভাইটি, টিকটটো লৈ লোৱা, কি চিন্তা কৰি আছা…??

তেওঁ হয়তো মই পইচা কেইটা বাৰে বাৰে হিচাপ কৰি থকা দেখি কিবা এটা সন্দেহ কৰিছিল। মই তেতিয়া তেওঁক কলো খুড়া- মই বৰ বিপদত পৰিছো, দিনত এটি সাক্ষাৎকাৰৰ বাবে ঘৰৰ পৰা হিচাপৰ পইচাই লৈ গুৱাহাটীলৈ আহিছিলো, কিন্তু কেনেবাকৈ ১০ টকা বেছি খৰচ হৈ গল যে এতিয়াহে ধৰিব পাৰিলো। এতিয়া যে টিকট লবলৈ মোৰ হাতত মাত্ৰ ৩৫ টকাহে আছে, সেয়েহে চিন্তা কৰিছো কিকৰো এতিয়া।……………….তেতিয়া মানুহজনে একো নকলে, মাত্ৰ ভোকে লঘোনে জৰ্জৰিত ভাগৰুৱা যেন লগা মোৰ মুখখনলৈ চাই ৰল, কিছু সময়ৰ পিছত তেওঁ কলে হৱ দিয়া তুমি সেই ৩৫ টকাকে দিয়া মই টিকট দিম। মই আচৰিত হৈ সুধিলো কিন্তু টিকটৰ দামটো ৪৫ টকা….??? এহ একো নহয় দিয়া তুমি বিপদত পৰিছা বুলিহে দিছো, হ’ব দিয়া এইটো টিকট লোৱা আৰু যোৱা বাছত বহাগৈ। মই আ-কৰি চাইথকাতেই থাকিলো তেওঁ টিকট এটা কাটি মোলৈ আগবঢ়াই দি এক অনাবিল সুখৰ হাঁহিৰে মোৰ সঁহাৰিৰ বাবে চাই ৰল, মইও একমূহুৰ্তও পলম নকৰি হাতত থকা ৩৫ টকা তেওঁক দিলো আৰু এটা হাঁহি মাৰি তেওঁক অশেষ ধন্যবাদ দিলো, লগতে তেখেতৰ নামটো সুধি আহিলো, কিবা পাঠক উপাধি থকা নাম এটা কৈছিল, এতিয়া ঠিক মনত নাই। সেই সময়ত তেওঁ মোৰ বাবে ভগৱান যেন লাগিছিল, তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে মোৰ মন ভৰি পৰিছিল। লগে লগেই আহি বছত বহিলোহি, কিছুসময়ৰ পিছত যাত্ৰা আৰম্ভ কৰিলে বাছখনে। নিশা প্ৰায় ১.৩০ বজাত আহি বাছখন নগাঁও পালেহি আৰু ময়ো বাছৰ পৰা নামি খোজকাঢ়ি ঘৰমূৱা হলো। গোটেই বাটটো তেওঁৰ কথাকেই ভাবি আছিলো……..এতিয়াও এনে ভাল মানুহ আছে যি আনক নিস্বাৰ্থ ভাবেই সহায়ৰ হাত আগবঢ়ায়। ঘৰ পাই মা-দেউতাক সকলো কথা বিৱৰি কলো।

তাৰ পিছত ২০ দিনমান মূৰত আকৌ গুৱাহাটীলৈ যাব লগা হল, সেইদিনা বাছৰ পৰা পল্টন বজাৰত নামিয়েই সেই পাঠক খুড়াক বিচাৰিলো, দুই এজনে কলে তেওঁ আহিবহে অলপ পিছত, তেওঁৰ বাবেই ৰৈ আছো, প্ৰায় ১ ঘণ্টামানৰ মূৰত তেওঁ অহা দেখি মই ওচৰ চাপি গৈ মাত লগালো, তেওঁ মোক দেখিয়েই চিনি পালে, মই সুধিলো খুড়া ভালে আছেনে…?? মই আপোনাৰ বাবেই ৰৈ আছিলো..?? তেওঁ হাঁহি মাৰি কলে, সেইদিনা একো অসুবিধা হোৱা নাছিলতো, ভালে ভালে পালাগৈ তাৰমানে…?? মই কলো – হয় সেইদিনা ভালেই গৈ পালোগৈ। কিন্তু মই আপোনাৰ সেই ১০ টকাটো দিবলৈহে ৰৈ আছিলো ইমান পৰে। পকেটৰ পৰা ফটকৈ ১০ টকীয়া নোটখন উলিয়াই তেওঁলৈ হাঁহি মাৰি আগবঢ়ালো। তেওঁ লবলৈ নিবিচাৰিছিল কিন্তু মই তেওঁক জোৰ কৰি হলেও দি আহিলো। তেওঁক সেই তেতিয়াৰে পৰা মই আজিও মাজে মাজে একো কাম নাথাকিলেও পল্টনবজাৰলৈ গৈ বিচাৰি লগ কৰো, কেতিয়াবা একেলগে চাহ খাওঁ। সেইজন মহান ব্যক্তিক মই কেতিয়াও পাহৰিব নোৱাৰো, তেতিয়াই বুজিছিলো কিছুমান মানুহৰ শিক্ষা-দীক্ষা নাথাকিব পাৰে, সৰু কাম কৰিব পাৰে, কিন্তু এক বিশাল অন্তৰৰ অধিকাৰী হৈ মোৰ দৰে আন বহুতৰ মনত দ’ কৈ সাঁচ বহুৱাই যায় চিৰদিনলৈ। তেওঁ মোৰ বাবে চিৰস্মৰণীয় হৈ ৰল।

(২)

সৰুতে উৰাজাহাজ আহিছে বুলি শব্দটোৰ উমান লৈ আকাশলৈ চাওঁ কেনি গৈছে। ৰাতিৰ আকাশত তৰাৰ মাজে মাজে ৰঙা লাইট জ্বলা ৰকেট, জাহাজ বিচাৰি চাওঁ, তৰাৰ দৰে তিৰবিৰাই গৈ থকা দেখিলেই চিঞৰি উঠো সেইটো সেইটো ৰকেট ৰকেট বুলি। তেতিয়াৰে পৰাই জাহাজ-নো কেনেকুৱা ওচৰৰ পৰা চোৱাৰ হেঁপাহ পুহি ৰাখিছিলো। কিন্তু সুবিধা পোৱা নাছিলো। হাইস্কুলত পঢ়ি থকাৰ সময়ত নগাঁৱৰ নেহেৰুৱালিত কেতিয়াবা কেতিয়াবা কোনোবা কেন্দ্ৰীয় মন্ত্ৰী আহিলে হেলিকেপ্টাৰ পৰিছিলহি, পানীখোৱা চুটীত হেলিকেপ্টাৰ পৰা শুনিলেই সকলো লৰাছোৱালী দৌৰ মাৰিছিল নেহেৰুৱালিৰ হেলিপেড খনৰ কাষলৈ, তীব্ৰ শব্দ কৰি চৌপাশ ধুলিয়তী কৰি হেলিকেপ্টাৰ আহি পৰিছিল, আমি ভেবা লাগি চাইছিলো, কিন্তু কাষলৈ যোৱাৰ অনুমতি দিয়া নাছিল। এনেকৈ আহি আহি কলেজো শেষ হল কিন্তু উৰাজাহাজ চোৱা মোৰ নহল।

শেষত যেনিবা ২০০৭ চনতহে সৌভাগ্য ঘটিল, ২০০৭ চনৰ জানুৱাৰী মাহ। সেইসময়ত মোৰ ভাইটি দিল্লীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল, কেইবাবাৰো সি মাতি আছিল, কিন্তু সময় সুবিধা কৰিব নোৱাৰাৰ বাবেই দিল্লীলৈ যোৱা হোৱা নাছিলো। শেষত উপায়ন্তৰ হৈ ভাইটিয়ে নিজেই কিংফিচাৰ এয়াৰলাইঞ্চৰ টিকট কাটি পঠিয়াই দিলে, এইবাৰ উৰাজাহাজ চোৱাৰ নহয়, একেবাৰে উৰাজাহাজত উঠাৰ সৌভাগ্যহে। ২৫ জানুৱাৰী, (২০০৭ চন) তাৰিখে মোৰ যাত্ৰা। সেইদিনা ৰাতিপুৱাতেই উঠি খৰধৰকৈ ওলালো গুৱাহাটী অভিমুখে, মোৰ ফ্লাইটৰ সময় আছিল বিয়লি ৩.৩০ মিনিটত। ভাইটিৰ কেইবাবাৰো ফ্লাইটত যোৱাৰ অভ্যাস আছিল বাবেই সি মোক ফোনতে এয়াৰপৰ্টত গৈ কি কি কৰিব লাগে শিকাই দিছিল। সময়তকৈ প্ৰায় ৩ ঘণ্টা আগতেই মই গৈ বৰঝাৰ বিমান কোঠা পালোগৈ। দুপৰীয়াৰ সাজ ওচৰৰে হুটেল এখন খাই ললো। তাৰ পিছত এয়াৰপৰ্টৰ ভিতৰলৈ সোমাই গলো, দুৱাৰ মুখতে নিৰাপত্তাৰ দায়িত্বতত থকা আৰক্ষীৰ লোকে মোৰ টিকত পৰীক্ষা কৰিলে, তেতিয়ালৈকে মোৰ হাতত টিকটৰ প্ৰত্যায়িত প্ৰতিলিপিহে আছিল, সেইখনকে দেখুৱাই দিয়াত ভিতৰলৈ যাবলৈ দিলে। ভিতৰলৈ সোমাই দেখাপালো প্ৰথম কক্ষত বহুত যাত্ৰী বিমানৰ অপেক্ষাত বহি আছে। মই কান্ধত লৈ যোৱা বেগটো হাতলৈ লৈ ভিতৰৰ দুৱাৰৰ কাষত থকা নিৰাপত্তাৰক্ষীক কাউণ্টাৰৰ বিষয়ে সুধি সোমাই গলো। তাৰে এটা কাউন্টাৰত শাৰী পাতিলৈ টিকটৰ কপিটো দিয়াৰ লগে লগে মোক আচল টিকটৰ কপিটো দিলে। তাৰ পিছত ভিতৰলৈ গৈ ভাইটিয়ে শিকাই দিয়াৰ দৰে বেগ, মবাইল, সকলো পৰীক্ষাৰ অন্তত শেষৰ কক্ষত মোৰ যাত্ৰা কৰিব লগীয়া বিমানখনৰ বাবে অপেক্ষা কৰিলো। বেগটো সেইখিনিতেই চিল কৰি বেলেগে লৈ গল।

ঘোষণাবোৰ কাণপাতি শুনিলো কিজানিবা বিমানখনৰ কথা ঘোষনা কৰিছেই। চাৰিওফালে চালো কতো এজনো চিনাকি মানুহ দেখা নাপালো। দুই এখন বিমান অহাযোৱা কৰা চকুত পৰিল, তেতিয়াহে বিমান (উৰাজাহাজ) অলপ দুৰৰ পৰা দেখা পালো। যাত্ৰীবোৰৰ মাজতে বহি আছো, ঠিক ৩:১০ মিনিটত বিমানখনৰ ঘোষনা কৰিলে। ঘোষিকাই ঘোষণা কৰা মতেই পুনৰ শাৰী পাতিলো, তেনেতে দেখিলো দীঘল বাছ এখন আহি ৰৈছেহি, সেইখনেৰেই যাত্ৰীৰে সৈতে মই গৈ বিমানৰ কাষ পালোগৈ, বিমানখনৰ বাহিৰৰ অংশটো ভালকৈ লক্ষ্য কৰিলো, দেখি এনে লাগিল যেন মই ভবাৰ দৰে নহয়, বাহিৰৰ অংশটো সিমান মজবুত নহয় যেন অনুমান হল। শাৰীপাতি যাত্ৰীৰ লগে ভিতৰলৈ সোমাই গলো। হাতত থকা টিকটটো পুনৰ বিমানৰ দুৱাৰ মুখত থকা লোকক দেখুৱালো, তাৰে এগৰাকী সুন্দৰী সুন্দৰকৈ সম্ভষণ জনালে, প্ৰতি মূৰ দুপিয়াই সোমাই গলো। টিকটত থকা মোৰ চিট নম্বৰটো চাই বিচাৰি উলিয়ালো, খিৰিকীৰ কাষতে চিটটো পাই ভাল লাগি গল। যাহওক বাহিৰলৈ চাই যাব পাৰিম অন্তত। সকলো মানুহ বিমানলৈ অহাৰ পিছত বিমানৰ দুৱাৰ বন্ধ কৰি দিলে। এয়াৰ হোষ্টেজ এগৰাকীয়ে লাইফ বেগ কত ৰখা হয় প্ৰতিজন যাত্ৰীৰ চিটৰ তলত কত ৰাখিছে আৰু কেনেকৈ পৰিধান কৰিব লাগে, চিটবেল্ট কেনেকৈ মাৰিব লাগে (বিপদৰ সময়ত) সেয়া বুজাই দিলে। মই মনোযোগেৰে শুনিলো। কাষৰ চিটত এজন বিদেশী যাত্ৰী বহিল, মাজৰ চিটটো খালী থাকিল। কিছুসময়ৰ পিছত বিমানখনৰ ইঞ্জিনে গৰজি উঠিল, শেষ সংকেত পাই পাইলটে এইবাৰ বিমান যাত্ৰা কৰিলে। কেইমূহুৰ্তমানৰ পিছত বিমান খন এক তীব্ৰ শব্দ কৰি ৰাণৱেত চলিবলৈ ধৰিলে, প্ৰায় ১ কি.মি. মান (অনুমানিক) চলাৰ পিছত বিমান খনে ওপৰলৈ উঠিল, এনে লাগিল যেন বিমান খনৰ আগফালটো ওপৰলৈ আছে আৰু পিছৰ অংশটো অলপ তললৈ আছে, এনেকৈয়ে পূৱমূৱাকৈ যাত্ৰা কৰিলে। কিন্তু বহু সময়লৈ লক্ষ কৰিলো বিমানখন চিধা হোৱাই নাই, আকৌ মনতে ভাবিলো দিল্লী ঠাইখনতো পশ্চিম, উত্তৰ কোনৰ দিশত আছে তেনেহলে কিয় পূৱ মূৱাকৈ যাত্ৰা কৰিছে, মনলৈ ভাব আহিল, মই বাৰু ভূলতে বেলেগ বিমান উঠা নাইতো, কাষলৈ চালো সুধিবলৈও কতো এজনো অসমীয়া মানুহ দেখা নাপালো। চেহ, যি হয় হৱ আজি, উঠিলো যেতিয়া যতেই নমাইগৈ ততেই থাকি ফোন কৰিম ভাইটিলৈ। কিছুসময়ৰ পিছত বিমান খনে টাৰ্নিং লৈ ঠিক ভূটান সীমান্তইদি যাত্ৰা কৰিছে, তললৈ চাই দেখিলো ব্ৰহ্মপুত্ৰখন সৰু এটা জুৰিৰ দৰেহে লাগিল। সোফালে চাই দেখিলো আবেলিৰ বেলিৰ পোহৰত হিমালয়ৰ একাংশ শৃঙ্গই তিৰবিৰাই উঠিছে। মাজে মাজে শুভ্ৰ ডাৱৰবোৰে কাষেৰে পাৰহৈ গৈছে। এক অপূৰ্ব অনাবিল অভিজ্ঞতা লাভিলো প্ৰথমবাৰৰ বাবে। একমূৰ্হুত্বৰ বাবে মা-দেউতালৈ মনত পৰি গল, কি বা কৰিছে, চিন্তা কৰি আছে চাগৈ মই আহি পালোহিনে নাই…?? ইত্যাদি ইত্যাদি নানান ভাৱ আহিল মনলৈ।

ভাবি ভাবি থাকোতেই খিৰিকিৰে পাখি কেইখনলৈ চাই দেখিলো পাখিৰ পিছৰ ফালে থকা ব্লেড সদৃশ প্লেট কেইখন মাজে মাজে উঠানমা কৰি থাকে, তেতিয়াহে বুজিলো সেইকেইখনৰ লগতে বিমানখন তললৈ ওপৰলৈ যাবলৈ নিয়ন্ত্ৰন কৰা হয়। এনেকৈ ভাবি থাকোতেই এজনী সুন্দৰীয়ে আহি কিবা পেকেট এটা দি গল। তাৰ লগে লগে দেখিলো সন্মুখৰ চিটৰ লগত সংগ্লন হৈ থকা এল. চি. ডি মনিটৰত বিমানখনৰ যাত্ৰা সবিশেষ দৃশ্যামান হৈ আছে। বুটাম দুই এটা টিপা মৰাত দেখা পালো চেনেল জাতীয় কিছু সালসলনি হৈছে, মানে বুজিলো মনোৰঞ্জনৰ বাবে এই সুবিধা। তাৰ পিছতে ভাবিলো পেকেটটোতনো কি দিলে খুলি চাওঁ, খুলি দেখা পালো এটা হেডফোন দেখোন, পিছে এইটো এতিয়া লগায় কেনেকৈ?? বা ইয়াৰ পিনটো লগামেই বা কত..?? একো আউভাও পোৱা নাই, কাষৰ জনলৈ চাই দেখিলো তেওঁ দেখোন চিটৰ হাত থোৱা হেণ্ডেল ডালতে খোচ মাৰি লৈছে, তেতিয়াহে বুজিলো যে মোৰো চিটৰ হেণ্ডেল ডালতেই পিনটো লগাব পৰা আৰু কেইটামান বুটাম আছে। খোচ মাৰি চালো ঠিকেইতো লাগিছে, এতিয়া সমস্যা হল কাণত সেইডাল কেনেকৈ লগাই, লিৰিকি বিদাৰি চাই একো ধৰিব নোৱাৰিলো, বহু সময় যুজিও নোৱাৰি সেইডাল সামৰি সুতৰি পকেটত ভৰাই থৈ বাহিৰৰ দৃশ্য উপভোগ কৰাত লাগিলো।

এনেকৈ কিছুসময় যোৱাৰ পিছতে এয়াৰহষ্টেজ এগৰাকীয়ে প্ৰতিজন যাত্ৰীকে কিবা খোৱা বস্তু দিয়া দেখা পালো, এফালৰ পৰা আহি মোৰ কাষতো সুধিলেহি….কফি, কেক কি খাম বুলি…? মই কফি বুলি কোৱাত গৰম কফি একাপ দিলে, তেতিয়ালৈকে পইচা দিব লাগিবনে নাই নাজানিছিলো, কফি কাপ দি ৬০ টকা বুলি ইংৰাজীতে কোৱাতহে উচপ খাই উঠিলো, মনতে ভাবিলো উৱা ৬০ টকা, কষ্ণ, প্ৰবেশৰ দোকানৰ আটাইতকৈ ভাল চাহকাপ মানে স্পিচিয়েল চাহ কাপৰ দামহে আছিল ৮ টকা, কফিকাপ সেই চাহকাপতকৈও বেছি ভাল নে..?? কিন্তু উপায়তো নাই খালো যেতিয়া দিবই লাগিব, পকেটৰ পৰা ৬০ টকা উলিয়াই দিলো আৰু মন নাছিল যদিওঁ, গা-টো বেজবেজাই গল মোৰ, উস ৬০ টকা পানীত পেলালো দেখোন, পুনৰ মনতে ভাবিলো নাখাও আৰু একো এইখনত, লাগিলে ভোকে লঘোনেই দিল্লী পামগৈ। যি হল হল বুলি আকৌ বাহিৰৰ দৃশ্য উপভোগত ব্যস্ত হলো। তেতিয়ালৈ তললৈ চালে আন্ধাৰ যেন দেখা গৈছিল যদিও আকাশত কিন্তু হেঙুলিয়া বেলিৰ পোহৰে ডাৱৰবোৰ তেতিয়াও ৰঙচুৱা কৰি আছিল। বিমানৰ লাইটবোৰ জ্বলি উঠিছিল। এনেকৈ প্ৰায় ২ঘণ্টা ৪৫ মিনিটৰ অন্তত ঘোষনা কৰিলে দিল্লীৰ ইণ্ডিৰা গান্ধী এয়াৰপৰ্টত অৱতৰণ কৰিব কিছু সময়ৰ পিছতে। মনলৈ অলপ ভয়ো আহিল কাৰণ খৱৰ কাগজত শুনিছিলো বিমান উঠোতে দুৰ্ঘটনা গ্ৰস্ত হয় আৰু নামোতেও হয় বুলি, কব নোৱাৰাকৈয়ে বুকুখনত অলপ ধপধপনি হোৱা যেন অনুমান হৈছিল। তললৈ খিৰিকীৰে চাই দেখিলো ৰিণিকি ৰিণিকি এয়াৰপৰ্টটো দেখা যায়। আকাশতে এপাক ঘুৰি ক্ৰমে তললৈ এডোপ এডোপকৈ বিমান খনে নামিবলৈ ধৰিলে, মাজে মাজে ঘৰঘৰ শব্দ কৰি হৰহকৈ যেন খহি পৰাদিহে নামিছে এনে লাগিল, মই হাঁহিমেই নে কান্দিমেই এনে লাগিল, মনে মনে শপত খাইছিলো আৰু কেতিয়াওঁ অকলে বিমান যাত্ৰা নকৰো দেই, ৰেলেৰেই ভাল চিন্তা নাই। চাই থাকোতেই চকুৰ প্ৰচাৰতে বিমান খনৰ চকাই মাটি চুলেহি, তীব্ৰ গতিত দৌৰিবলৈ ধৰিলে, ক্ৰমাত গতি মন্থৰ হৈ আহিল আৰু এটা সময়ত গৈ বিমান কোঠাৰে মানুহ ওলাই যাব পৰা দুৱাৰত সংযোগ কৰিলেগৈ। যাত্ৰীৰ পিছে পিছে ময়ো ওলাই গলো, একো আউভাও তেতিয়া পোৱা নাছিলো, যাত্ৰীবোৰ যি ফালে গৈছে সেইফালেই ময়ো এনে দেখুৱালো যেন অকনো চিন্তাই নাই। কেইখোজমান গৈ দেখিলো ফুট লিফ্ট আছে, চিনেমাত দেখা সেইখন সেইদিনাহে ওচৰৰ পৰা দেখাপালো, আন যাত্ৰীৰ দৰে ময়ো সেইখনত ভৰি দিলো, আৰু মই সেইখনেৰেই গৈ তলত মহলাত উপস্থিত হলোগৈ। চাৰিও ফালে চকু ফুৰালো, সুন্দৰ বিমান কোঠা, পৰিস্কাৰ পৰিচন্ন, দেখিয়েই ভাল লাগিল মোৰ। কেইখোজমান পুনৰ যোৱাৰ পিছত দেখিলো তলৰ পৰা বেগ বোৰ শাৰী শাৰীকৈ ঘুৰি ঘুৰি আহি আছে আৰু যাত্ৰী সকলে নিজৰ নিজৰ বেগবোৰ ঠাপমাৰি ধৰি লৈ উধাও হৈছে, ময়ো মোৰ বেগটো অহালৈ বাট চাই ৰলো, বহুত সময় গল নাহেহে নাহে দেখোন, শেষত যেনিবা বেগটো আহিল, ঠাপমাৰি ধৰিলো, কিন্তু এতিয়া কোনবাটেৰে যাম…?? মানে গেট নম্বৰ ২ ত ভাইটি ৰৈ থকাৰ কথা মোক ৰিচিভ কৰিবলৈ, নিৰাপত্তা ৰক্ষী এজনক সুধিলো ভঙা ভঙা হিন্দীতে, তেওঁ দেখুৱাই দিয়া বাটেৰেই ওলাই চাৰিওফালে চালো ভাইটি কত, দুৰৈত ৰৈ থকা ভাইটিক দেখিহে উশাহটো ঘুৰি আহিল, উস ৰক্ষা এতিয়া আৰু চিন্তা নাই। ভাইটিৰ গাড়ীৰে আমি আহি এইমছৰ কাষৰীয়া এ. ভি নগৰ পালোহি। আহোতে গোটেই কথাখিনি ভাইটিক কৈ আহিছো, লগতে কৈছো এইবাৰৰ পৰা মই কিন্তু ফ্লাইটত অকলে নাহো দেই, লগ থাকিলেহে আহিম, গোটেই যাত্ৰাটোত এষাৰ অসমীয়াত কথা পাতিবলৈ লগ এটা নাপালো, ভাইটিয়ে কেৱল হাঁহিলে মোৰ কথা শুনি।

(৩)

বহুদিনৰ আগৰ কথা, আজিৰে পৰা প্ৰায় ১২ বছৰমানৰ আগতে আমাৰ নামঘৰত সেইবেলি ৰাস পাতিছিল সমূহীয়াকৈ। এমাহ আগৰপৰা আখৰা আৰম্ভ কৰিছিল। আমি ল’ৰা ১০, ১২ টা মানেও, ছোৱালী বোৰে ৰাসৰ আখৰাত খোলৰ চেৱেঁ চেৱেঁ নচা দেখি, ৰৈ থাকিব নোৱাৰি, ছোৱালীবোৰৰ কাষৰে এটা ল’ৰাৰ শাৰী পাতি নাচিবলৈ লাগি গলো, আমাৰ নাচ দেখি ছোৱালীবোৰেহে লাজতে নাচিবলৈ অসুবিধা পালে। প্ৰথম দুপাকমান সিমান মিলাব পৰা নাছিলো, কিন্তু তাৰপিছত লাহে-লাহে পাকবোৰ সুন্দৰকৈ দিব পৰা হলোগৈ। তেতিয়া মই কলেজ পাইছোগৈহে, খিনমিন চেহেৰাৰ, মুখখনো আনে কোৱা মতে ছোৱালীৰ নিচিনা আছিল বোলে, দাড়িও ভালকৈ গজাই নাছিল, সেয়ে ল’ৰাৰ শাৰীৰ প্ৰথম গোপীৰ সুবিধাটো ময়েই পাইছিলো। এনেকৈ এসপ্তাহমান আখৰা কৰাৰ পিছত আমি ল’ৰাবোৰ পাকৈত হৈ পৰিলো।

ৰাসৰ দিনালৈ তেতিয়া মাত্ৰ মাজত ৩দিন বাকী আছে। আটাইকেইটা লগখাই আমি পাটি-চাইকেলেৰে দীঘল চুলি বিচাৰি ৰাইদেঙ্গীয়া গাওঁ পালোগৈ, মানে পোচাক ভাড়া দিয়া এজন মানুহৰ ঘৰ বিচাৰি উলিয়ালোগৈ। তাৰ পৰা বাচি-বাচি ভাল দীঘল চুলি একোচাকৈ আনিলো ভাড়ালৈ বুলি। আহোতে বজাৰত সোমাই নখ পলিচ, খাৰু, ডিঙিত পিন্ধা মনিমুকুতা, কপালৰ ফোট, লিপষ্টিক, ভৰিৰ বাবে পায়েল, আৰু যে ক’ত কি আনিছিলো, দুই এটা পাহৰিছো বাৰু। ৰাসৰ আগদিনা গাঁৱৰ ধুনীয়া ছোৱালী এজনীৰ পৰা এখন ধুনীয়া শাৰী, ব্লাউজ খুজি আনিলোগৈ, ব্লাউজটো জোখতকৈ অলপ ডাঙৰ আছিল বাবে ওলোটাই লৈ ভিতৰফালে জোখমতে চিলাই মাৰি ললো। বাকী থাকিল এতিয়া পেটিকোটটো, আগদিনা দেখিলো খুৰিটিৰ নতুন পেটিকোট এটা মাৰ যাবলৈ ধুই বাৰীৰ কাপোৰ মেলা দাঁৰ-ডালত মেলি থৈছে, চেগ বুজি সেইটো সৰকাই থলো। আবেলিলৈ কাপোৰ সামৰিবলৈ আহি খুৰিটিয়ে হুৱাদুৱা লগালে যদিও পেটিকোটটো কিন্তু উলিয়াই নিদিলো, নিদিলো মানে গমেই নাপাওঁ বুলিহে কলো, কলেই যে কাম চেটেপ হৈ যাবপাৰে।

আগৰাতি হাতত জেতুকা লগাওতেই বহুৰাতি হৈছিলগৈ, ৰাতিয়েই দুই হাতৰ জেতুকাৰ ৰং ধৰিছেনে নাই ধুই মেলি আজৰি। ৰাসৰ দিনা আবেলি নখপলিচ লগাই দিলে লগৰ দুটামানে। সকলো সাজু আছে, সন্ধিয়া হৈ অহাৰ লগে লগে আমাৰ উথপ-থপ লাগিলেই। গোটাই থোৱা সকলোবস্তু মোনা এটাত ভৰাই লৈ সন্ধিয়াতে গৈ নামঘৰৰ কাষৰ বন্ধুৰ ঘৰ পালোগৈ, তাতে সমস্ত ল’ৰা গোপী গোটপিত খাই পেইণ্টাৰ অহালৈ বাটচালো, পেইণ্টাৰ আহি সেউজ কক্ষত সোমাইছেহে আমিবোৰে হেঁচামাৰি ধৰিলো, বোলো আমাক আটাইকেইটাকে সাইলাখ ছোৱালীৰ লেখিয়া কৰি সজাই-পৰাই দিয়ক। প্ৰায় ৪০ মিনিটমানৰ ভিতৰতে আমাৰ পেইণ্টৰ কাম হৈ গল। মূৰত একোখনকৈ গামোচাৰ ওৰণিৰ দৰে কৰি লৈ বন্ধুৰ ঘৰত আকৌ উপস্থিত। এতিয়া শাৰীপিন্ধা কাম আৰম্ভ। বন্ধুৰ বায়েকে আমাক শাৰী কেনেকৈ পিন্ধিব লাগে বুজাই দিলে। আমাৰ লগৰে দুটামানে শাৰীৰ ভাজ বোৰ দিলে, দুটামানে মোক ব্লাউজ, পেটিকোট পিন্ধাই দিলে। আনে গম নোপোৱাকৈ আমাৰ লগৰে এটাই কৰবাৰ পৰা কপাহৰ টোপোলা এটা আনি, তাৰে দুমুঠি কপাহ আমাৰ সকলোৰে ব্লাউজৰ ভিতৰত ভৰাই সাইলাখ গাভৰুৰ উঠন বুকু সদৃশ কৰি দিলে। এই কামটো কৰাৰ সময়ত কিমান হাঁহি ঐ, এতিয়াও মনত পৰিলে হাঁহি উঠি যায়। তাৰ পিছত শাৰী পিন্ধি হলত, চুলি, মনিমুকুতা, লিপষ্টিক, কপালৰ ৰঙা ফোট, সকলো লগাই হোৱাৰ পিছত যেতিয়া সিহঁতৰ ঘৰৰ ডাঙৰ দ্ৰেচিং আইনাখনৰ সন্মুখত থিয় দিছিলোগৈ, তেতিয়া নিজকেই নিজে চিনিব পৰা নাছিলো। সকলোৰে সাজিকাচি হৈ গল।

ৰাস আৰম্ভ হৈছেই তেতিয়ালৈ, সূত্ৰধৰ ওলাই গৈ শ্ৰীকৃষ্ণৰ প্ৰৱেশ চলি আছে। এটাই দৌৰা দৌৰিকৈ আহি খৱৰ দিলেহি, ঐ ঐ…..তহঁত সকলো ব’ল ছোৱালীবোৰক শাৰী পাতি সাজু কৰিছেই, কৃষ্ণৰ নাচ শেষ হলেই গোপীৰ প্ৰৱেশ কৰিব। আমিও অলপো পলম নকৰি শাৰী পাতিলোগৈ। আমাৰ শাৰীত ক্ৰমে ওখৰ পৰা চাপৰলৈ মিলাই শাৰী কৰালে। কিছুসময়ৰ পিছত শ্ৰীকৃষ্ণৰ নাচ শেষ হোৱাত, গোপীসকলৰ প্ৰবেশৰ ঘোষণা কৰা শুনা পালো। লগে লগে এফালৰ পৰা ছোৱালীৰ শাৰীবোৰ ওলাবলৈ ধৰিলে, আমিও আন এফালৰ পৰা নাচি নাচি প্ৰৱেশ কৰিলো। আমাৰ নাচ-ভঙ্গি দেখি মানুহ বোৰে ছোৱালীনে ল’ৰা ঠিক ধৰিব পৰা নাছিল। দুই এজনী আইতাই কোৱা কথা কাণত পৰিছিলহি, এহ এইজনী কাৰ ছোৱালী অ…?? চিনিব পৰা নাই দেখোন, আমাৰ গাঁৱৰ নহয় নেকি অ…?? বাহিৰৰ দৰ্শকৰ শাৰীত থকা ল’ৰাবোৰৰ কাষেৰে গলে দুই একে ছোৱালী বুলি ভাবি জোকালেও, আমাৰ মাজৰ এটা গোপী অলপ অকৰা আছিল, তাক এপাকত নাচি আহোতেই কোনোবা ল’ৰা এটাই চিকুটি দিয়াত সি খঙতে গেঙেৰী মাৰি উঠিল, লগেলগেই কলে, অলপ ৰহ আহি আছো, বাহিৰত তোক ভালকৈ নাচ শিকাই দিম বুলি। উৱা তেতিয়াহে ৰাইজে গম পালে যে সেইটো ল’ৰা গোপীৰহে শাৰী বুলি। পিছৰ পাক নাচি ঘুৰি আহোতেই কোনোবা এক দৰ্শকে আমাৰ উগ্ৰ গোপীৰ চুলিত ধৰি লাহেকৈ টানি দিওঁতেই চুলিকোচা সুলকি ৰৈ গৈছিল। ফলত চুটিচুলিৰ গোপীক দেখা পাই ৰাইজৰ মাজত হাঁহিৰ ৰোল উঠিছিল, কথাটো আমি শাৰীৰ আগৰ কেইজনে গমেই পোৱা নাছিলো, নাচৰ পাকতে উভতি চাওঁতেহে গম পালো কিবা এটা হৈছে বুলি। আমাৰ উগ্ৰ গোপীয়ে খঙতে কৈয়েই পেলালে—— “ৰহ ৰহ আজু হামু তোহাৰি ৰক্ত পান কৰব্বো,” এনেকৈ ভাওনাৰ বচনৰ দৰে এফাকি কৈয়েই দৰ্শকৰ মাজৰ নিদিষ্ট এজনলৈ লক্ষ কৰি দৰ্শকৰ ভিৰ ফালি চোঁচা মাৰি গল। লগে লগে হুৱা-দুৱা লাগিল, আমাৰ বাকী গোপী বোৰে এপাক নাচিয়েই সামৰিলো, ভাবিলো কথা বিষমহে হবগৈ বুলি, বাহিৰলৈ আহি দেখিলো আমাৰ উগ্ৰ গোপী আৰু ডেকা দৰ্শকৰ মাজত বগৰা বগৰি চলিছে, দুই এজন স্বেচ্চাসেৱকে সিহঁতৰ কাজিয়া ভাঙি দিয়া দেখিলো। আমাক ককাইদেউৱে ঘৰলৈ গৈ কাপোৰ সলাই আহিবলৈ কলে। তাৰ পিছত ৰাস ক্ৰমে চলি থাকিল।

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.