হীৰুদাৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত (৪ জুলাই, ২০১৩) অকব-ৰ সদস্যৰ তেখেতলৈ শ্ৰদ্ধাঞ্জলি

হীৰুদাৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত (৪ জুলাই, ২০১৩) অকব-ৰ সদস্যৰ তেখেতলৈ শ্ৰদ্ধাঞ্জলি by July 14, 2013 0 comments

কবি অহা বাটে: দীপাঙ্কৰ পাঠক

কোন বাটেৰে তেওঁ আহে

যি বাটেৰে ৰ’দে পানীত

হাঁহ হৈ চৰে

যি বাটে বতাহে

উৰুৱাই আনে

শেৱালি ফুলাৰ সুবাস

বৰষুণে কঢ়িয়াই আনে

পৱিত্ৰতাৰ সোপান

 

সেই বাটেৰে

কান্ধত জোলোঙা লৈ

তেওঁ আহে

 

তেওঁ আহিলে প্ৰাণ পাই উঠে

কবিতাৰ পথাৰ

 

দাৱনী-ৰোৱণীবোৰে

সজাগ হৈ শুনে

তেওঁৰ খোজৰ প্ৰতিটো শব্দ

 

উৰি উৰি

চৰাইবোৰ ৰৈ যায়

বৈ বৈ নদীখন থৰ লাগি যায়

দেখিও নেদেখাকৈ

তেওঁ কিন্তু লাহে লাহে

উদ্দেশ্যবিহীন ভাবে আহিয়েই থাকে

হাতত সাৰে ভৰিত সাৰে

 

বিৰামহীন ভাবে

মোৰ ওঁঠত বাজে

কাৰ গান ?

 

সুগন্ধি পখিলাৰ

নে পাহৰিব নোৱাৰা

এটি শোক গাথাৰ ??

 

প্ৰিয় কবিলৈ সশ্ৰদ্ধ প্ৰণাম: নিবেদিতা হাজৰিকা

সহস্ৰ জনৰ হৃদয়ৰ ভাঁজে ভাঁজে

তৰাফুল বাছি বাছি

ভাগৰি নপৰা মানুহজন….

অৰঙে-দৰঙে মানুহৰ হিয়াৰ খবৰ

বিচাৰি ফুৰা মানুহজন,

মৰম আকলুৱা সুগন্ধি পখিলাৰ প্ৰেমিকজন…

প্ৰেম-ভালপোৱা আৰু মানৱতাৰ

সুগন্ধি সিঁচি সিঁচি গুচি গ’ল

নিৰলে

পৃথিৱীৰ সিপাৰে শব্দেৰে উমলিবলে’….

 

বন্ধুৰ দৰে: জ্যোতিকুমাৰী শৰ্মা বৰঠাকুৰ

তেওঁৰ কথা মনত পৰিলে মোৰ

তামস আকাশতো নিৰলে

এটি তৰাফুল ফুলে

স্তম্ভিত হৃদয়ত ৰৈ ৰৈ জিলিকে

দুটি নয়নৰ ফৰকাল হাঁহি

 

তথাপি কেতিয়াবা এনে লাগে যেন

মোৰ তেজৰ প্ৰবাহে প্ৰবাহে

এটি সংশয়ৰ বাণী…

 

বিষাদক বন্ধুৰ দৰে আঁকোৱালি ল’ব

তেওঁহে পাৰিছিল,

সেইবুলি যাওঁ বুলিয়েই এৰি থৈ যাব লাগেনে

উৎসৱৰ সুগন্ধি সুদিন !

 

মই জানো,

খিৰীকিখন খুলি দিলেই

উফাল খাই পৰা সোণালী ৰ’দত

আমি আকৌ মুখামুখি হ’ম

সখীৱতী বতাহজাকে তেতিয়া

আকৌ গাব

ভালপোৱাৰ গান

বন্ধু অন্বেষণৰ গান

শইচৰ পথাৰ মানুহৰ গান।

 

হীৰুদালৈ: যামিনী অনুৰাগ

শাওনৰ পথাৰ, মোৰ বুকুৰ গান,

শইচৰ গান, মোৰ অভিমান

কোন অভিমানী, মোৰ বুকুৰ টান

 

বাজি বাজি শেষ হ’ল মোৰ বুকুৰ গান

কোনোবা নিজানত এয়া মোৰ চকুলোৰ গান

ক’ত শেষ হ’ল গান ?

মোৰ বুকুত বাজি আছে তোমাৰেই গান।

 

 

শ্ৰদ্ধাঞ্জলি: দীপাঙ্কৰ জ্যোতি বৰা

কোনখন হাতেৰে

শব্দবোৰ তুলি

ফুলাম কৰি

আঁকি দিয়া ৰামধেনু

 

তেওঁ আকৌ আহিব: বিকাশ দাস

মহামানৱৰ মহাপ্ৰস্থানত দুখ নকৰিবা হে পৃথিৱী

তেওঁ আহিব, নিশ্চয় ঘূৰি আহিব;

তেওঁ কৈছিল এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,

কিন্তু কিয় জানা ? তেওঁ বিচাৰি ফুৰিছিল এটি নতুন কবিতা

তেওঁ শব্দবোৰক দুদিনৰ কাৰণে বিশ্ৰাম দিব খুজিছে।

তেওঁ কবিতাৰ আকাশৰ অমৰ তৰা।

 

মোৰ বিশ্বাস

দেশ বিদেশ, আকাশ পাতাল ঘূৰি

সৃষ্টিৰ নতুন অধ্যায় এটি আঁকি দিব

মেদিনীৰ নিভাঁজ বুকুত …

 

মোৰ মৰমৰ সুগন্ধি পখিলাৰ তথা প্ৰেম আৰু ৰ‘দালিৰ কবিৰ সোঁৱৰণিত: সত্যজিত কাকতি

 

তোমাৰ কলমৰ মৰ্ম্মান্তিক ভাষাত উটি ফুৰোঁ

তোমাৰ হৃদয়ৰ শ্যামলা অনুভূতিত বিচাৰি ফুৰোঁ

মোৰ কবিতাৰ প্ৰেৰণা,

তোমাৰ ষটকৰ্ম্ম ব্যক্তিত্বৰ

চৰণত মোৰ সীমাহীন সমীহ,

বেয়া পাওঁ মই নকলক কিন্তু

তোমাৰ অনুভৱ নকল কৰিবলৈ

আগ্ৰহী মোৰ সিক্ত মন।

তুমি বুৰঞ্জীৰ মাজত নহয়

মোৰ হৃদয়ৰ মাজত

সদায় স্হায়ী।।।।

 

জেতুকা ফুলৰ দৰে: কৌশিক দাস

জেতুকা ফুলৰ দৰে

নেহাঁহিবা তুমি;

নিলাজ শাওন হৈ

পৰিব পাৰোঁ মই।

তুমিতো জানাই

শাওনত মোৰ দুৰ্বাৰ গতি।

 

নৈ পাৰত ৰৈ

সিপাৰলৈ বেঙামেলি চাম।

কিজানিবা দেখা পাওঁ

তোমাৰ দুহাত

জিলিকি থকা

সেউজীয়া সাগৰখন।

 

পথাৰৰ বোকা লাগি

ৰঙচুৱা তোমাৰ নখত,

বেলি ডুবা চাবলৈ যাম।

তোমাৰ স’তে

একেলগে নৈপাৰত

সন্ধিয়া বেলা।

 

ছাঁ আৰু পোহৰ: প্ৰাঞ্জল প্ৰাঞ্জল

পোহৰক বাধা দি চোৱাচোন,

এটা ছাঁৰ সৃষ্টি হ’ল ;

জীৱনটোক পোহৰাবলৈ চেষ্টা কৰোঁতে

কতবোৰযে ছাঁ,

চোৱাচোন,

জীৱনটো আন্ধাৰত নেদেখা হৈ গ’ল।

 

 

হীৰুদা তুমি ক‘ত আছা: ডিম্পল গগৈ

হীৰুদা তুমি ক’ত আছা

আমাক মাতৃভূমিত এৰি

তোমাৰ অনুপস্হিতিত

আমি বৰ অকলখৰীয়া

 

মোৰ কেতিয়াবা ভাব হয়

তুমি যেন মোৰ কাষত আছা

তোমাৰ সেই কলমৰ যাদু

আজিও মোৰ বুকুৰ মাজত

হৃদয়ৰ মৰম হিচাপে লৈ

 

তুমি কিয় আঁতৰি গ’লা

আমাৰ মাজৰ পৰা

সৌ অজান দেশলৈ

 

হীৰুদা তুমি য’তে আছা

ভালে থাকা সেয়াই আমাৰ কামনা !!

 

হীৰুদাৰ স্মৃতিত: ফিৰদৌসা দে ৰাফিয়া

গান কবিতা বিচৰা জুবিনৰ

আকুল আহ্বানকো নেওচি

তেখেত গুচি গ’ল

যাবৰ সময় হৈছিল

কাৰো বাধাই নামানিলে…

 

শিল্পহেন মৃত্যুৰ

নিষ্ঠুৰ ভাস্কৰ্যটি সাবটি

 

নিঃশব্দে নিমাতে কিছু মৌনতা উপহাৰ দি

শব্দৰ গৰাকীজন গুচি গ’ল !!!

 

 

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.