শ্ৰীমন্ত শঙ্কৰদেৱৰ অঙ্কীয়া নাটত নাৰী (-বিদ্যা দাস)

শ্ৰীমন্ত শঙ্কৰদেৱৰ অঙ্কীয়া নাটত নাৰী (-বিদ্যা দাস) by September 14, 2013 0 comments

শ্ৰীমন্ত শঙ্কৰদেৱৰ অঙ্কীয়া নাটত নাৰী

 

বিদ্যা দাস

 

 

 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া সাহিত্য সংস্কৃতিলৈ তথা জাতীয় জীৱনলৈ অঙ্কীয়া নাট-ভাওনাৰ যি অমূল্য অৱদান উপহাৰ দি থৈ গ’ল,সেয়া আজিও স্বীকৃত আৰু সৰ্বজন সমাদৃত। আধুনিক নাটৰ দৃষ্টিভঙ্গীৰে শঙ্কৰদেৱৰ অঙ্কীয়া নাটৰ নাৰী চৰিত্ৰ সমূহ অংকন কৰিব নোৱাৰি। আধুনিক নাটত নাৰী চৰিত্ৰৰ যোগেদি সংঘাত সৃষ্টি কৰাৰ বিপৰীতে অঙ্কীয়া নাটত নাৰীক সুকোমল ব্যাকুল প্ৰেমিকা,মাতৃ ভাৱনা,আৰু নিষ্কাম ভক্তি ৰসৰ সমাহাৰৰে নাৰীৰ উচ্চ মহত্ত্বৰ প্ৰকাশ ঘটাই নাৰীক যি উচ্চ আসনত স্থান দি গৈছে,সেৱা তেৰাৰ নাৰী সমাজলৈ উল্লেখযোগ্য অৱদান—-

 

কালিয়দমনঃ

 

শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ ষষ্ঠদশ-সপ্তদশ অধ্যায়ৰ ভেটিত কালিয়দমন নাটখনি ৰচনা কৰিছে। পুত্ৰস্নেহি যশোদা আৰু কাণাইপ্ৰেমী গোপী সকলৰ উপৰিও নাগ পত্নীসকল এই নাটৰ নাৰীৰ চৰিত্ৰ। কালি হ্ৰদৰ বিষ-জল পান কৰি অচেতন হৈ পৰা ভক্ত গোপবালক সকলক কৃষ্ণই অমৃতৰ হাত ফুৰাই জীৱন প্ৰদান কৰিলে আৰু দম্ভ কালিনাগক দমন কৰাৰ বাবে কৃষ্ণই কালি হ্ৰদত অৱতৰণ কৰি সাময়িক ভাৱে অচেতন হৈ পৰে। গকুলত নানা অপায়-অমঙ্গলে দেখা দিয়াত বৃন্দাবনত প্ৰাণৰ পুত্ৰৰ কিবা অমঙ্গল ঘটিছে বুলি পিতৃ নন্দ আৰু মাতৃ যশোদা আৰু গোপী সকল ঢপলিয়াই আহি মৃত ভাৱে কৃষ্ণক কালি হ্ৰদত পৰি থকা দেখি ইনাই বিনাই কান্দি-কাটি যশোদা শোকত মূৰ্ছিত হৈ পৰিল। পুত্ৰ স্নেহত আতুৰ মাতৃ গৰাকীৰ চকুত শোকৰ বন্যা নাট্যকাৰে যশোদা চৰিত্ৰৰ মাজেদি পুত্ৰহাৰা মাতৃৰ স্বৰূপটো সুন্দৰকৈ ফুটাই তুলিছে। কত তপসাইলোঃ তোক পুত্ৰ পাইলোঃ হাততে হৰাইলোঃ কোনে মোক মাতিবেক আই বুলিঃ কাক ধূলা মাৰি বুকে লৈবা তুলি–বুলি শোকদগ্ধা যশোদাই জলত জাপ দিবলৈ লোৱা বৰ্ণনাই নাট- খনিত তীব্ৰ কৰুণ ৰসৰ সঞ্চাৰ ঘটাইছে।কালিয়দমনত শঙ্কৰদেৱে ভক্তা নাৰীৰ ৰূপটোও মনোৰমকৈ প্ৰকাশ কৰিছে।কালিনাগে কৃষ্ণৰ পদৰ ভৰ সহিব নোৱাৰি মৃতপ্ৰায় অৱস্থা লক্ষ্য কৰি কালিনাগৰ পত্নী সকলে কৃষ্ণক স্তুতি কৰি স্বামীৰ প্ৰাণ ভিক্ষা কৰিছে। ভক্ত নাৰীসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ কৃষ্ণই কালিক ক্ষমা কৰি সপৰিয়ালে ৰমণ দ্বীপলৈ পঠাইছে।নাগনাৰী চৰিত্ৰৰ অৱতাৰণাই নাটকৰ বিষয়বস্তু আগবঢ়াই নিয়াত সহায় কৰাৰ বাহিৰে কালিয় দমন নাটত নাৰী চৰিত্ৰৰ যোগেদি বিৰোধ বা সংঘাত সৃষ্টি হোৱা দেখা নাযায়।আনহাতে কালিনাগক কৃষ্ণই বধ কৰি অহাৰ পিছত যশোদাৰ আৱেগ বিহ্বল চিত্ৰ মহাপুৰুষ -জনাই সুন্দৰকৈ ফুটাই তুলি মূল নাৰী চৰিত্ৰবোৰক অধিক ৰমণীয় কৰি তুলিছে।

কেলিগোপালঃ

 

কেলিগোপাল’ নাটখন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱতৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল। শৰতৰ পূৰ্ণিমাৰ ৰাতি শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীৰ মাত শুনি ব্যাকুলতা  গোপনাৰীসকল বৃন্দাবনলৈ উদবাউল হৈ ঢাপলি মেলে। কৃষ্ণই চতুৰতাই গোপনাৰীসকলৰ কৃষ্ণপ্ৰেম-ভক্তি পৰীক্ষাৰ কৰিবলৈ বুলি তেওঁলোকক কুলবধুৰ কৰ্ত্তব্য আৰু দায়িত্বৰ  গুৰুত্ব সোঁৱৰাই দি উলটি যাবলৈ বুজাই কয়। কিন্তু কৃষ্ণপ্ৰাণা গোপীসকলে ভকতি বলৰ প্ৰভাৱেৰে কৃষ্ণক আবদ্ধ কৰিবলৈ সক্ষম হয়।”হে পৰমেশ্বৰ তযু মুখ পঙ্কজ ছোড়ই হামাৰ চক্ষু আন পেখয়ে নাহি—তযু পদ পঙ্কজ তেজয়ে নাহি পাৰিয়ে।” ভক্তগোপী সকলৰ কৰুণবাণী শুনি কৃষ্ণই প্ৰতি গৰাকী গোপীকে পৰম আহ্লাদেৰে বুজায় শান্ত কৰিলে।কৃষ্ণ গোপীসকলৰ প্ৰতি প্ৰেম আবেদন দেখি গোপীসৱৰ অহমিকা ভাৱত ডুব যোৱাত কৃষ্ণই গোপীৰ অহংকাৰ দূৰ কৰিবলৈ অন্তৰ্ধান হয় পৰে। গোপীসকলৰ কৃষ্ণৰ প্ৰতি থকা অনন্ত ভক্তিপ্ৰেমে তেওঁলোকৰ পুনৰ মিলন হয়। ৰাস-নৃত্যৰ আলমৰে নাট খনৰ গোটেই কাহিনীৰ লৌকিক প্ৰেমৰ বিভিন্ন ৰূপ প্ৰকাশ ঘটিছে। এই প্ৰেম আধ্যাত্মিক প্ৰেম, ভক্ত আৰু ভগৱানৰ মিলনৰ প্ৰতীক ৰূপত  দেখুৱাবলৈ যাওঁতে লৌকিক প্ৰেমৰ বিভিন্ন অৱস্থা বোৰ যেনে –প্ৰেমোন্মেষ, মিলন-বিচ্ছেদৰ আশংকা,পুনৰমিলন,মান,অভিমান এই সকলোবোৰ অৱস্থা গোপীসকলৰ হাৱ-ভাৱ,ক্ৰিয়া প্ৰতিক্ৰিয়া তেওঁলোকৰ অনেক আচৰণৰ দ্বাৰা প্ৰকাশ পাইছে কেলিগোপাল নাটখনত।ৰাসক্ৰীড়াৰ মনোৰম কাহিনীটোয়ে এক পৰম স্বৰ্গীয় অৰ্থ বুজায়। জীৱাত্মা স্বৰূপ গোপীসকলৰ পৰমাত্মা কৃষ্ণৰ প্ৰতি আকৰ্ষণ আৰু মিলনকে ৰাসক্ৰীড়াত বহিঃপ্ৰকাশ হৈছে। ন বিধ ভক্তিৰ অন্তৰ্গত প্ৰেম ভক্তি গোপীসকলৰ ভক্তিত বিৰাজমান।প্ৰেম ভাৱ আৰু কাম ভাৱৰ মাজত প্ৰভেদ আছে।কাম ভাৱৰ যোগেদি আত্ম-ইন্দ্ৰিয়ৰ সন্তুষ্টি কৰাৰ বাসনাক বুজাই,আনহাতে হৃদয়ৰ গভীৰতাৰে এজনক উপলব্ধি কৰি ভালপোৱাই প্ৰেম। কেলিগোপাল নাটত গোপনাৰী সকলৰ আত্মেন্দ্ৰিয় প্ৰেম পৰমাত্মা স্বৰূপ কৃষ্ণ প্ৰেমলৈ ৰূপান্তৰিত হৈ তেওঁলোক সৰ্বকালৰ শ্ৰেষ্ঠ ভক্ত নাৰীৰূপে পৰিগণিত হৈছে।

 

পাৰিজাত হৰণঃ

 

ভাগৱত আৰু হৰিবংশ মূল ৰচনা কৰি ‘পাৰিজাত হৰণ’নাটখনি মহাপুৰুষজনাৰ শ্ৰেষ্ঠনাট। নাটকীয় দৃষ্টিভংগীৰেও এই নাটখনি উচ্চ পৰ্যায়ৰ। নাটখনিৰ প্ৰত্যেকটো চৰিত্ৰই বিশেষকৈ নাৰী চৰিত্ৰ সমূহ স্বকীয় বৈশিষ্ট বিদ্যমান। নাটৰ আৰম্ভণিতে কৃষ্ণই ৰুক্মিণী,সত্যভামা প্ৰমুখ্যে পত্নীসৱৰ লগত বিহাৰ কৰি ৰুক্মিণীৰ মন্দিৰত কৃষ্ণই বিশ্ৰাম জিৰণি ল’লে।সত্যভামাই নিজৰ মন্দিৰত প্ৰবেশ কৰিছে। তেনে-সময়ত নাৰদমুনি উপস্থিত হৈ কৃষ্ণৰ হাতত এপাহ পাৰিজাত ফুল অৰ্পণ কৰি পাৰিজাত ফুলৰ মহিমা প্ৰকাশ কৰি ক’লে-

“ওহি দেৱ দূৰ্লভ পাৰিজাতঃ জো নাৰী পৰিধান কৰে সে পুস্পক মহিমায়ে সোভাগিণী

হয়ঃ তাকহ ছাড়ি স্বামী কথায়ে যাৱে নাহি।”কথা শুনি ৰুক্মিণীয়ে কাতুৰ্বাদ কৰি

ফুলপাহ খোজাত কৃষ্ণই প্ৰিয়াক গৌৰৱে কোলে বৈঠাই মাথে পাৰিজাত পিন্ধাৱল।”

আনহাতে নাৰদমুনি গৈ সত্যভামাৰ ওচৰ পাই ক’লেগৈ-

“আহে দেৱী সত্যভামা।তোহাৰি স্বামী শ্ৰী কৃষ্ণ বৰি বিষম চেষ্টা দেখলঃ হা হা মাৱঃ

তুহু দুৰ্ভাগ্য ভৈলিঃ হামু আজসে জানলু।”

 

সত্যভামাৰ মতে,তেওঁ স্বামী কৃষ্ণৰ প্ৰিয়তমা পত্নী। কিন্তু নাৰদে “তোহাক বিধি বঞ্চল,কহিতে দুখ লাগ”কপাল থপৰিয়াই বেদনা প্ৰকাশ কৰা দেখি সত্যভামাৰ মন চঞ্চল হৈ পৰি কথাটোনো কি ক’বলৈ খাটনি ধৰিলে। নাৰদে এটাকে দহোটা কৰি তেওঁ দিয়া পাৰিজাত ফুলপাহ সত্যভামাহে পিন্ধা যোগ্য বুলি নাৰদে কোৱা স্বত্বেওকৃষ্ণই ৰুক্মিণীৰ খোপাত পিন্ধোৱাৰ কথা নাৰদৰ মুখত শুনি সতিনীৰ অভ্যুদয় দেখি জীয়াই থকাৰ সাৰ্থকতা নাই বুলি সত্যভামাই নিজৰ জীৱনক ধিক্কাৰ দিলে।

“সতিনীক মহোদয় শুনি কহুঁ,কোপে-অপমানে আন্ধৰি দেখিল,দেৱী সত্যভামা মূৰ্ছিত হুয়া পৰিল।”ইয়াত নাট্যকাৰে সত্যভামাক অভিমাননী,ঈৰ্ষাপৰায়ণা নাৰী ৰূপে অংকিত কৰিছে।

স্বামী কৃষ্ণই সত্যভামাক আশ্বাস কৰি “ৰুক্মিণী জাম্বৱন্তী তোহাৰ সম ভাগ্যৱতী নাহি। তোহো হামাৰ প্ৰানময় প্ৰিয়” আদি আদৰ আৰু স্নেহ বাণীৰে আপ্যায়িত কৰাৰ উপৰিও “তোহোক একশত পাৰিজাত দেৱবো” বুলি কোয়া স্বত্বেও অভি-মানী সত্যভামাই স্বামীৰ ফালে পিঠি দি “যে তোমাৰ প্ৰিয়তমা ৰুক্মিণী তাহেক সমীপ চলহ”বুলি কটাক্ষ হানিছে। গৰ্বিতা,আত্মাভিমানী সত্যভামাৰ চৰিত্ৰ নাট্য- কাৰে শেষ পৰ্যন্ত দক্ষতাৰে অংকন কৰিছে।

সত্যভামাই বহু পত্নীক কৃষ্ণৰ কথাত বিশ্বাস কৰিবলৈ টান পাইছে। সেয়েহে পাৰি-জাত আনিবলৈ স্বামীক প্ৰতিজ্ঞাবদ্ধ কৰাৰ উপৰি যুদ্ধলৈ যাওঁতে লগত যাবলৈ কুণ্ঠাবোধ কৰা নাই। তেওঁৰ মনত ভয় কিজানি কৃষ্ণই পাৰিজাত ননাকৈ আহে আনিলেও আন পত্নীক দিয়ে। “হে’স্বামী হামাৰ বহুত সতিনি,ইয়াৰ পাৰিজাত আন কোন স্ত্ৰীক দেৱব নাহি।”স্বামীৰ ওচৰত তেওঁৰ বিশ্বাস নাই। “হামু কদাচিত তোহাৰ সঙ্গ নাহি চৰব” আদি কথাই সত্যভামাৰ সতিনী বিদ্বেষ প্ৰকাশ কৰিছে।

স্বৰ্গত কৃষ্ণই পাৰিজাতৰ কথা আওকাণ কৰা দেখি সত্যভামাই সোঁৱৰাই দিনাৰদক ইন্দ্ৰৰ ওচৰলৈ দূত পঠাইছে। পাৰিজাত স্বত্বাধিকাৰী ইন্দ্ৰ পত্নী শচীয়ে যেতিয়া শ্ৰী কৃষ্ণৰ মনুষ্যত্বক লৈ তাচ্ছিল্য পূৰ্ণ কটাক্ষ কৰিলে ,স্বামীৰ গৌৰৱত গৌৰৱিনী সত্যভামাই কৃষ্ণৰ গুণ-গৰিমা আৰু শক্তি ক্ষমতাৰ কথা প্ৰকাশ কৰি শচীক চুঙা চাই সোপা দিছে ইয়াত সত্যভামাৰ মুখৰাস্বৰূপ সুন্দৰকৈ প্ৰকট হৈছে।

আনকি কৃষ্ণৰ শৰণাপন্ন ইন্দ্ৰয়ো ক’বলৈ বাধ্য হৈছে,”ওহে সত্যভামা,ওহি শ্ৰী কৃষ্ণত পতনী ঠিক তাহেক মধ্যে তুঁহু বৰি প্ৰগলভা।”

ইন্দ্ৰ-পত্নী শচী আৰু কৃষ্ণ-পত্নী-সত্যভামাৰ বাক যুদ্ধখনে প্ৰত্যেকৰে স্বামীৰ পূৰ্ব কলঙ্কৰ কথা কৈ অবাচ্য গালিৰে ইগৰাকীয়ে সিগৰাকীক থকা-সৰকা কৰি দমাবলৈ কৰা প্ৰয়াসৰ ক্ষেত্ৰত মুখৰা আৰু আত্মগৌৰৱিনী দুগৰাকী নাৰীৰ সমধৰ্ম্মী চৰিত্ৰ প্ৰকাশ পাইছে।এনেবোৰ কাৰ্যই সাধাৰণ দৰ্শকক আমোদ দিলেও ইন্দ্ৰ-পত্নী শচী আৰু কৃষ্ণ -পত্নী সত্যভামাৰ চৰিত্ৰৰ মান অৱনমিত হৈছে। দুজনী সাধাৰণ মুখৰা তিৰোতাৰ স্বৰূপহে প্ৰকাশ ঘটিছে। স্বৰ্গৰ পৰা পাৰিজাত ফুল উঘালি আনিও সত্যভামা শান্ত হোৱা নাই। গৰ্বত ওফন্দি থকা সত্যভামাই দ্বাৰকালৈ আহি ৰুক্মিণীক কৈছে

“হে বিৰ্দভ ৰাজকুমাৰী, তুহু স্বামীৰ হন্তে গোটা এক পাৰিজাত পুষ্প পাৱল,

দেখু যাৱত সেই পাৰিজাতসমূহে উভালি কৃষ্ণৰ হাতে নাহি আনোলো, তাৱত

ছাড়লো নাহি। হামো সৌভাগ্যক মহিমা পেখু পেখু।”

 

ৰুক্মিণী সত্যভামাতকৈ বয়সত ডাঙৰ হোৱা সত্বেও গৰ্বিতা সত্যভামাই সামান্য সৌজন্য ভাৱ প্ৰদৰ্শন নকৰাৰ বিপৰীতে মৃদু-স্বভাৱ ,স্বল্পভাষিণী ৰুক্মিণীয়ে এই বুলি উত্তৰ দিছে..

 

অয়ে ভগিনী সত্যভামা,কি কহৈছ,জগতৰ পৰম গুৰু শ্ৰীকৃষ্ণ,উনিকৰ চৰণ সেৱা

কৰিতে ব্ৰহ্মাণ্ড ভিতৰে কোন বস্তু ঠিক। ধৰ্ম, অৰ্থ, কাম, মোক্ষ চাৰি পদাৰথ

হাতে মিলাৱে। তোহাৰি পাৰিজাত কোন কথা।”

 

সত্যভামাই ‘বিদৰ্ভ ৰাজকুমাৰী’বুলি সম্বোধন কৰাৰ বিপৰীতে ৰুক্মিণীয়ে ক্ষোভহীন,বিদ্বেষহীনভাৱে ভগিনী সত্যভামা বুলি সম্বোধন ধৰি দিয়া উত্তৰে সত্যভামাৰ গৰ্বত চেঁচা পানী ঢালিলে। তথাপি সত্যভামাৰ ঈৰ্ষা হ্ৰাস নাপালে। বৰঞ্চ কৃষ্ণই তেওঁৰ কক্ষৰপৰা দূৰত ফুল ৰোৱা দেখি সতিনীয়ে ফুল চুৰী কৰিব বুলি ভাবি নিজৰ দুৱাৰ মুখতে কৃষ্ণৰ হতুৱাই পাৰিজাত ফুল ৰোৱালে। সত্যভামাৰ কাৰ্য্যই বহুপত্নীক ভগৱান কৃষ্ণক তিৰোতা সেৰুৱা সাধাৰণ পুৰুষ ৰূপে সজাইছে।

 

পাৰিজাত হৰণ নাটৰ ৰুক্মিণী চৰিত্ৰটি গাম্ভীৰ্য যুক্ত, স্বামীপৰায়ণা,গভীৰ উপলব্ধিৰে পৰম ভক্তা। আনহাতে সত্যভামাক স্বামী পৰায়ণা হলেও মদগৰ্বী,ঈৰ্ষা পৰায়ণা,অভিমানী মুখৰা ৰূপত দেখা গৈছে। ভক্ত কবি নাট্যকাৰ শঙ্কৰদেৱে হয়তো নিৰ্গুণা ভক্তিৰ প্ৰতিক ৰূপত ৰুক্মিণীক আৰু সগুণা বা সকামা ভক্তিৰ প্ৰতিক ৰূপত সত্যভামাক অংকন কৰাৰ প্ৰয়াস কৰিছে।

 

ৰুক্মিণী হৰণঃ

 

ভাগৱতৰ মূল সংগ্রহ কৰি ৰচনা কৰা ৰুক্মিণী হৰণ নাটৰ মূল নাৰী আছিল ৰুক্মিণী। দেশান্তৰী ভাটৰ মুখে কৃষ্ণ কথা শুনি ৰুক্মিণী কৃষ্ণৰ প্রতি আকৃষ্ট হয়। পিতাক ভীষ্মই স্নেহৰ কন্যা ৰুক্মিণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰিবলৈ ইচ্ছা আছিল যদিও ৰুক্মিণী জেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিবৰ্তে ছেদীৰাজ শিশুপাললৈ বিয়া দিয়াৰ ব্যৱস্থা কৰি যা- যোগাৰ আৰম্ভ কৰিলে।

 

এইখিনিতে নাট্যকাৰে(গুৰুজনাই)ৰুক্মিণীক ধৈৰ্যশীলা আৰু উপস্থিত বুদ্ধিসম্পন্না নাৰী- ৰূপে প্রতিপন্ন কৰিছে। কৃষ্ণৰ প্রতি তেওঁৰ গভীৰ প্রেম আছে। কৃষ্ণক স্বামীৰূপে পাবলৈ ৰুক্মিণী দৃঢ়প্রতিজ্ঞ। প্রেমাস্পদক লাভ কৰাৰ ক্ষেত্ৰত স্বয়ং ককায়েক বাধাস্বৰূপ হৈ পৰাতো ৰুক্মিণীয়ে সাধাৰণ নাৰীৰ দৰে শেতেলিত পৰি কন্দা-কটা নকৰি তেওঁৰ প্রিয় ব্যক্তি বেদনিধি বিপ্রক মতাই আনি চিঠিসহ তেওঁক দ্বাৰকালৈ পঠাই কৃষ্ণক মাতি পঠাইছে আৰু কেনেকৈ কি উপায়েৰে তেওঁক পলুৱাই নিব তাকো দিহা চিঠিত লিখি পঠাইছে আৰু”যৱে তোঁহো হৈলা কৰি হামাক নাহি নেৱৰ,তৱ তোমাত বধ দিয়ে,হামু প্রাণ ছাড়ব।” বুলি ক’বলৈ পাহৰা নাই।কৃষ্ণ প্রেমত মত্ত ৰুক্মিণীয়ে ককায়েকৰ বাধা নেওচি কৃষ্ণৰ লগত গোপনে গৈছে যদিও ৰুক্মিণী চৰিত্রত ভাতৃপ্রেম,শ্রীসুলভ কোমলতা আৰু স্নেহভাব বিদ্যমান। বিপক্ষে ৰজা সকলৰ কৃষ্ণই পৰাস্ত কৰি খেদি পঠোৱাৰ পিছতো যুদ্ধ কৰিবলৈ খেদি অহা ৰুক্মবীৰক কৃষ্ণই তৰোৱালেৰে কাটিবলৈ যাওঁতে ৰুক্মিণীয়ে কান্দি-কাটি কৃষ্ণৰ চৰণত পৰি ৰক্মবীৰৰ প্রাণ ভিক্ষা কৰে। নাট-খনিত কেইবাটাও নাৰী চৰিত্র সংযোজন ঘটিছে যদিও ৰুক্মিণীৰ কাৰ্য্য,প্রেমমুগ্ধা নাৰীৰ আচৰণ,প্রিয়জনক পোৱা-নোপোৱাৰ দোদুল্যমান অৱস্থা আৰু মানসিক অস্থিৰতা আদি সংলাপ মাধ্যমেৰে নাটখন অধিক আবেদনশীল কৰি তুলিছে। কন্যাদায়গ্রস্তা মাতৃ শশীপ্রভাই কন্যাক প্রেমাস্পদ কৃষ্ণলৈ ৰুক্মিণীৰ পিতৃ ৰজা ভীষ্মকে বিয়া দিবলৈ যো-জা কৰি শুনি আনন্দ প্রকাশ কৰিছে। তেনেদৰে কৃষ্ণৰ মাতৃ দৈৱকীয়ে পুত্রই ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ ঘূৰি যাওঁতে মঙ্গলবাদ্য সহকাৰে আদৰ সাদৰ কৈ নিজৰ গৃহলৈ আদৰি নিয়াৰ বাদে এই দুটা চৰিত্রৰ কাৰ্য্যত অমিল দেখা নাযায়। সখীপ্রাণা মদন মঞ্জৰি আৰু লীলাৱতী দুয়ো সখী ৰুক্মিণীৰ প্রেম-বিৰহ আৰু মিলনৰ ক্ষেত্রত ছাঁটোৰ দৰে থাকি ডাৱৰ বতৰা ডাঁৰে জনাই সহায় কৰিছে। ভাগৱতত উল্লেখ নথকা এই দুই চৰিত্র নাট্যকাৰৰ নিজা মধুৰ সৃষ্টি।ব্যহ্যিক দৃষ্টিৰে কৃষ্ণ-ৰুক্মিণীৰ কাহিনী লৌকিক প্রেম কাহিনী যেন লাগিলেও প্রকৃতাৰ্থত ভক্ত কবিয়ে ঈশ্বৰ-ঈশ্বৰীক মিলনৰ নাটকীয় ৰূপ লৌকিক মাধ্যমত ব্যক্ত কৰিছে।

 

ৰাম বিজয়ঃ

 

ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে ৰাম-বিজয় নাট খন ৰচনা কৰিছে।ৰাম বিজয় নাটখনৰ নায়িকা সীতা জাতিষ্মৰ কন্যা। পূৰ্বজন্মতে বেদৱতী ৰূপে খ্যাত এই  কন্যাগৰাকীয়ে বিষ্ণুক পাব বুলি দৈৱবাণী শুনিছিল। পূৰ্ব জনমৰ কথা সুঁৱৰি ঈশ্বৰ নাৰায়ণক স্বামীৰূপে লাভ নকৰাৰ বেদনাত সীতা মৰ্মাহত হল। সখীসৱৰ আশ্বাস বাণীত সীতা শান্ত হল। আনহাতে বিশ্বামিত্ৰই অযোধ্যাৰ পৰা ৰাম- লক্ষ্মণক নি মাৰীচ, সুবাহু, তাৰকা আদি দৈত্য-দানৱবোৰ বধ কৰি যজ্ঞ সম্পাদনা কৰাৰ পাছত ৰাম-লক্ষ্মণৰ কিবা উপকাৰ কৰাৰ কথা চিন্তা কৰি তেওঁলোকক জনক ৰজাই অনুষ্ঠিত কৰা সীতাৰ স্বয়ম্বৰলৈ লৈ যায়। বিশ্বামিত্ৰ ৰ লগত ৰাম-লক্ষ্মণ আহি মিথিলাৰ যজ্ঞস্থলীত উপস্থিত হোৱাত সীতাই উদিগ্নভাৱে সখী কনকাৱতীক খবৰ কৰিবলৈ পঠায়। কনকাৱতীয়ে ৰামৰ অপূৰ্ব ৰূপ লাৱণ্যৰ কথা বৰ্ণনা কৰাত “সীতা মহা হৰ্ষম্বিতা হৈয়ে পৰিল। যৈচে প্ৰেমৰসে মহা আকুল কৈলা,অ দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি। “সেই প্ৰসঙ্গত নাট্যকাৰে গীতত দিয়া বৰ্ণনাই সীতাৰ মানসিক অৱস্থাৰ প্ৰকাশ ঘটাইছে এনেদৰে-

 

“স্বামীৰ চৰিত্ৰ শুনিয়ে কুমাৰী

ভেলি পুলক তনু চেতন

আকুল কমল নয়নে ঝুৰি বাৰি।।”

 

হৰধনু ভঙ্গৰ পিছত ৰজাসকলে ৰামক খেদি আহোঁতে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামে হাতত কুঠাৰ লৈ প্ৰচণ্ড গতিৰে খেদি আহোঁতে স্বামীৰ সাম্ভাব্য বিপদৰ কথাত শঙ্কিত হৈ পৰা সীতাৰ কাৰ্যই তেওঁৰ স্বামীপ্ৰেম প্ৰকট কৰিছে। নাটখনিত সীতা ৰামৰ প্ৰতি আসক্তি, ৰামক পোৱা-নোপোৱাৰ সম্পৰ্কে গভীৰ উদ্ৰেগ,শংকা,ভয় আদি প্ৰকাশেৰে ৰামমুখি চৰিত্ৰ এটাহে প্ৰকাশ কৰিছে।জীয়াৰী বা সখীৰূপত তেওঁক চিত্ৰিত কৰা নাই।নাট্যকাৰৰ নিজা সৃষ্টি মদন মন্থৰা, কনকাৱতী আৰু লীলাৱতী তিনিগৰাকী সখীপ্ৰাণগতা নাৰী চৰিত্ৰ।

 

শেষত এইদৰে ক’ব পাৰি যে, শঙ্কৰদেৱৰ আটাইকেইখন নাটৰ পুৰুষ চৰিত্ৰৰ তুলনাত অধিক সংখ্যক স্ত্ৰী চৰিত্ৰই স্বকীয় বৈশিষ্ট্যত উজ্জল আৰু প্ৰাণৱন্ত।বিশেষকৈ পাৰিজাত হৰণ নাটৰ নাৰী চৰিত্ৰৰ যোগেদি মহাপুৰুষজনাই আজি- কালি নাট্যকাৰৰ দৰে চৰিত্ৰৰ বৈপৰীত্য আৰু সাদৃশ্যৰ দ্বাৰা নাটকৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। এইক্ষেত্ৰত ৰুক্মিণীৰ লগত সত্যভামাৰ চৰিত্ৰ বিপৰীত্য আৰু আনহাতে শচী আৰু সত্যভামাৰ চৰিত্ৰৰ সাদৃশ্য আৰু সমমৰ্মিতা প্ৰকাশ ঘটাইছে।’পত্নী প্ৰসাদ’নাটৰ বিপ্ৰপত্নীসলৰ চৰিত্ৰ,’কালিয়দমন’ৰ যশোদা আৰু গোপমাতৃসকলৰ মাতৃৰূপ,নাগ পত্নীৰ ভক্তিভাব, ‘পাৰিজাত হৰণ’ আৰু ‘ৰুক্মিণী হৰণ’ নাটৰ ৰুক্মিণী চৰিত্ৰই কোনো সমালোচকৰ ‘নাৰীৰ প্ৰতি শঙ্কৰ- দেৱৰ ভাব উচ্চ নাছিল’বুলি সমালোচনা যুক্তি যুক্ত নহয় বুলিয়ে প্ৰমাণ কৰিছে।মহাপুৰুষ জনাৰ আদৰ্শতে শঙ্কৰোত্তৰ কালৰ নাট্যকাৰ সকলে নাট ৰচনা কৰিছিল যদিও চৰিত্ৰ সৃষ্টি আৰু সংলাপ ৰচনাৰ ক্ষেত্ৰত তেনে পাৰদৰ্শিতা কোনোজন নাট্যকাৰে দেখুৱাব পৰা নাই বুলি প্ৰমাণিত হৈছে।

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.