ভাৰতীয় ৰাজনীতিত মহিলা আৰু মহিলাৰ স্থিতি (জুৰী বৰা বৰগোহাঞি)

ভাৰতীয় ৰাজনীতিত মহিলা আৰু মহিলাৰ স্থিতি (জুৰী বৰা বৰগোহাঞি) by September 15, 2013 0 comments

ভাৰতীয় ৰাজনীতিত মহিলা আৰু মহিলাৰ স্থিতি

-জুৰী বৰা বৰগোহাঞি

 

মহিলাসকলক বৰ্তমান আৰ্থ-সামাজিক উন্নয়ন আৰু ৰজনৈতিক ক্ষেত্ৰখনত এক নিৰ্ণায়ক শক্তি বুলি গণ্য কৰা হয়। মহিলাসকল ৰাষ্ট্ৰ এখনৰ সংগঠক তথা চালিকা শক্তি। মাতৃসকল শিশুৰ প্ৰথম শিক্ষক আৰু তেওঁলোকৰ পৰাই শিশুসকলে জীৱনৰ প্ৰথম শিক্ষা আহৰণ কৰে। মাতৃসকলে সাধাৰণতে তেওঁলোকৰ পৰিয়ালটোৰ ঘৰুৱা দিশবোৰ চোৱাচিতা কৰে, সন্তানসকলৰ যত্ন লয় আৰু তেওঁলোকৰ চৰিত্ৰ গঠনত সহায় কৰে। মাতৃসকল এই দৃষ্টিকোণৰ পৰা কেৱল শিক্ষকেই নহয় এজন শিশুৰ ভৱিষ্যত নিৰ্মাতাও। কাৰণ মাতৃসকলে দৈনন্দিন জীৱনৰ মাজেৰে শিশুসকলক প্ৰয়োজনীয় সৰু বৰ অন্তহীন জ্ঞান প্ৰদান কৰে।

মহিলাসকলৰ ৰাজনীতিত অংশগ্ৰহণ তথা তেওঁলোকক ৰাজনৈতিক ক্ষমতা প্ৰদান বিষয়টো বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। মহিলাসকলৰ ৰাজনীতিত অংশগ্ৰহণ আৰু ৰাজনৈতিক ক্ষমতাই মহিলা সৱলীকৰণতো অতি গুৰুত্বপূৰ্ণ ভূমিকা লয়। এইটো ধৰি লোৱা হয় যে ৰাজনৈতিক ভাৱে শক্তিশালী মহিলাই সামগ্ৰিকভাৱে মহিলাসকলক সৱলীকৰণত অৰিহণা যোগায়। যিহেতো এগৰাকী মহিলাই এজন পুৰুষতকৈ এগৰাকী মহিলাক বেছি ভালকৈ বুজি পায়। সেয়ে এগৰাকী ৰাজনৈতিক ক্ষমতাসম্পন্ন মহিলাই এজন পুৰুষতকৈ বহুগুণে মহিলা সৱলীকৰণত সহায় কৰিব পাৰে।

সমগ্ৰ বিশ্বৰ জনসংখ্যাৰ আধা সংখ্যক মহিলা। কিন্তু সমগ্ৰ বিশ্বৰ বহুত সংখ্যক মহিলাই জীৱন নিৰ্বাহত বিভিন্ন দিশত বহুত কষ্ট সহ্য কৰিব লগা হয় অথবা পৰাধীন জীৱন নিৰ্বাহ কৰিব লগা হয়। পুৰুষ শাসিত সমাজত মহিলাসকল লিঙ্গ বৈষম্যৰ বলি হৈছে। অঞ্চল বিশেষে মহিলাক সন্তান উৎপাদনৰ আহিলা বুলি আজিও ভৱা হয়। একেদৰে মহিলাক যুগ যুগ ধৰি পুৰুষতান্ত্ৰিক কিছুমান সমাজে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি আহিছে।

ভাৰতীয় মহিলাসকলে বিভিন্ন কামৰ লগতে খেতি-পথাৰ, বাগিছা, ঘৰচীয়া জন্তু পোহপাল দিয়া, পাকঘৰ, বজাৰ, ব্যৱসায়, আদিও চাব লগীয়া হয়। এইবোৰৰ লগতে মহিলাসকল ৰাজনীতিৰ লগতো জড়িত হ’ব লগা হয়। ভাৰত এখন সংসদীয় গণতন্ত্ৰ। গণতন্ত্ৰীয় ব্যৱস্থা থকাৰ বাবেই ভাৰতীয় মহিলাসকলে ৰাজনৈতিক কাৰ্যকলাপত কম বেছি পৰিমাণে অংশগ্ৰহণ কৰি আহিছে। বৰ্তমান কিছু সংখ্যক মহিলাই পূৰ্বতকৈ অধিক ভাৱে চৰকাৰৰ বিভিন্ন কাম কাজ, আচনি-প্ৰকল্প আদিত মনোযোগ দিছে তথা অংশগ্ৰহণ কৰিছে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ আগতেই মহিলাসকলৰ সমান অধিকাৰৰ কাৰণে কংগ্ৰেছৰ কৰাছী অধিবেশনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেয়ে স্বাধীনতাৰ পিছত যেতিয়া কিছু সংখ্যক মহিলা ক্ষমতালৈ আহিল তেওঁলোকে মহিলাসকলক ৰাজনৈতিক ক্ষমতাৰ যোগেদি সবলীকৰণৰ ওপৰত গুৰুত্ব দিবলৈ ধৰিলে। ১৯৯৩ চনৰ ২৪ এপ্ৰিলত সগ্বিধানৰ ৭৩ তম সংশোধনীৰ জৰিয়তে দেশলৈ এক ধৰণৰ বিপ্লৱ আহিল। ১৯৯৪ চনৰ সংশোধনে মহিলাসকলক এই দিশত অধিক সুবিধা প্ৰদান কৰিলে। বৰ্তমান সময়ত বহু পৰিমাণে মহিলাসকল সংসাৰৰ চাৰিবেৰৰ মাজৰ পৰা মুকলিলৈ ওলাই আহিছে। এতিয়া মহিলাসকলে প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁলোকে ঘৰুৱা কামৰ পৰা বিজ্ঞানলৈকে, শিক্ষা-অৰ্থনীতি-সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰখনলৈকে সফলভাৱে যথেষ্টখিনি আগুৱাব পাৰিছে।

ভাৰতীয় সংবিধানে বিভিন্ন ধৰণৰ অধিকাৰ মহিলাসকলক দিছে। অৱশ্যে এই কথাও সত্য যে আজিও বেছিভাগ মহিলাই অনেক সময়ত পুৰুষসকলৰ সমানে সমানে অৱস্থান কৰিব পৰা হোৱা নাই। এতিয়াও মহিলাসকল যৌতুক প্ৰথা, ধৰ্ষণ, সামাজিক বৈষম্য, সমাজিক অন্ধবিশ্বাস আদিৰ বলি হৈয়েই আছে। ইয়াৰ মূল কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি সামাজিক ব্যৱস্থা, মহিলাসকলৰ নিৰক্ষৰত বা কম শিক্ষা, দৰিদ্ৰতা, অসচেতনতা, ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণৰ প্ৰতি আগ্ৰহহীনতা আদি। এইখিনিতে উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ এক বুজন সংখ্যক মহিলা শক্তিশালী ৰূপত অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ কামৰ লগতে ৰাজনীতিত অংশগ্ৰহণ কৰি তেওঁলোকৰ নৈপুণ্যতা প্ৰদৰ্শন কৰিছে।

বৰ্তমান মহিলাসকলে ৰাজনীতিত বিশেষভাৱে অংশগ্ৰহণ কৰিছে। ইউ পি এৰ অধ্যক্ষা তথা কংগ্ৰেছ দলৰ দীৰ্ঘতম সময়ৰ বাব সভাপতি ছোনিয়া গান্ধী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল, পশ্চিম বঙ্গৰ প্ৰথম মহিলা মুখমন্ত্ৰী মমতা বেণাৰ্জী, ৰাজস্থানৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা বসুন্ধৰা ৰাজে সিন্ধিয়া, চাৰিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহা মায়াৱতী, প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী উমা ভাৰতী, ১৯৯৮ চনৰ পৰা একেৰাহে তৃতীয় বাৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকা শীলা দীক্ষিত, লোকসভাৰ বিৰোধী দলৰ দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সুষমা স্বৰাজ, তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়া ললিতা, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ মীৰা কুমাৰ, পঞ্জাৱৰ সাংসদ তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী অম্বিকা সোনি আদি হ’ল ভৰতৰ শক্তিশালী আৰু প্ৰভাৱশালী ৰাজনৈতিক নেত্ৰীৰ উদাহৰণ।

ইন্দিৰা গন্ধী আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী। ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিৰ উপৰিও আন্তৰাষ্ট্ৰীয় ৰাজনীতিতো প্ৰভাৱ বিস্তাৰ কৰিছিল। একেদৰেই বিশ্বৰ ৰাজনীতিত পৰিচয় দিবলৈ সক্ষম হোৱা ছোনিয়া গান্ধীয়ে ইউ পি এৰ অধ্যক্ষা হিচাপে ভাৰতৰ ৰাজনীতিৰ আটাইতকৈ শক্তিশালী ব্যক্তিৰ স্থানত আছে। তেওঁৰ ৰাজনৈতিক বিচক্ষণতা তথা নেতৃত্বৰ বাবেই ইউ পি এ-য়ে একেৰাহে দ্বিতীয়টো কৰ্যকালৰ বাবে শাসন চলাই আছে। একেসময়তে তেওঁ উদাৰতা তথা স্বাৰ্থহীনতাৰ পৰিচয়ো দাঙি ধৰিছে। তেওঁ দলৰ নেতৃ হিচাপে প্ৰধান মন্ত্ৰীৰ আসনখনত বহাক লৈ হোৱা বিদেশী বিতৰ্ক বিষয়টো সমাধান কৰিবলৈ গৈ মনোমোহন সিঙক প্ৰধান মন্ত্ৰীৰ আসনত অধিস্থিত কৰি নিজৰ ক্ষমতা প্ৰধানমন্ত্ৰীতকৈ ওপৰত ৰাখি ভাৰতৰ ৰাজনীতিত এক নতুন অধ্যায় সুচনা কৰাৰ লগতে বিৰোধী দলকো ভেঙুচালি কৰিলে। বিশ্ববিখ্যাত আলোচনী ‘ফবচ’-এ প্ৰস্তুত কৰা বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত ত্ৰয়োদশ স্থান পাইছে ছোনীয়া গান্ধীয়ে।

এইবাৰ উনষাঠি গৰাকী মহিলা সাংসদ লোকসভালৈ নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে বৰ্তমান ভাৰতীয় ৰাজনীতিলৈ এনে কেইগৰাকীমান মহিলা নিৰ্বাচিত হৈছে যিসকলৰ বয়স চল্লিশ বছৰৰ তলত। পঞ্চদশ লোকসভা নিৰ্বাচনত ৫৫৬ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সকলৰ ভিতৰৰ পৰাই ৫৯ গৰাকী নিৰ্বাচিত হয়। ইয়াৰে তেইশ গৰাকী কংগ্ৰেছৰ, দহ গৰাকী ভাৰতীয় জনতা দলৰ আৰু বাকী চাব্বিশ গৰাকী অন্যান্য দলৰ। মহিলা প্ৰতিনিধিৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ তেৰ গৰাকী মহিলা প্ৰতিনিধিৰে প্ৰথম স্থানত আছে, পশ্চিম বঙ্গ দহ গৰাকী প্ৰতিনিধিৰে দ্বিতীয় স্থানত আছে। প্ৰথম লোকসভা নিৰ্বাচনত তেইশ গৰাকী মহিলা প্ৰতিনিধি আছিল। সেই সংখ্যাও কম নাছিল। ১৯৫২ চনৰ লোক সভা নিৰ্বাচনত ০৪.৪% মহিলা নিৰ্বাচিত হৈছিল। কিন্তু ১৯৭৭ চনৰ ষষ্ঠ সাধাৰণ লোকসভা নিৰ্বাচনত ০৩.৮% মহিলা নিৰ্বাচিত হৈছিল যিটো সংখ্যা আটাইতকৈ কম সংখ্যক প্ৰতিনিধিৰ আছিল। যোৱা পঞ্চদশ লোকসভা নিৰ্বাচনত ১৩.৪% মহিলা প্ৰতিনিধি নিৰ্বাচিত হোৱাটো লক্ষ্যনীয়।

এতিয়া প্ৰশ্ন হয় যে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণে আমাৰ দেশৰ মহিলা সৱলীকৰণত কিমান দূৰ সহায় কৰিছে। আমি লক্ষ্য কৰিলে দেখা পাও যে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ প্ৰায় সন্তোষজনক হলেও মহিলাসকলৰ সামগ্ৰিক উন্নয়ন সন্তোষজনক নহয়। উদাহৰণ হিচাপে আমি ক’ব পাৰো যে কিছুমান উন্নত ৰাষ্ট্ৰ আছে য’ত মহিলাৰ ৰাজনীতিত অংশগ্ৰহণ বহুত কম অথচ সেই দেশৰ মহিলাৰ স্থিতি বা অৱস্থা একে আষাৰে ভাল বা সন্তোষজনক। ২০০৬ চনৰ এটা হিচাপত দেখা পোৱা গৈছে যে ৰুৱাণ্ডা আৰু ছুইডেনৰ ক্ৰমে ৪৯% আৰু ৪৫% মহিলা প্ৰতিনিধি দেশৰ ৰাজনীতিত আছে। তাৰ পিছতো দেখা যায় যে সেই দেশবোৰৰ মহিলাৰ স্থিতি উন্নত নহয়। সেইদৰে নেদাৰলেণ্ড, কিউবা, ডেনমাৰ্ক, কষ্টাৰিকা, স্পেইন, নৰৱে, ফিনলেণ্ড, আৰ্জেণ্টিনা আৰু জাৰ্মেনিৰ দৰে ৰাষ্ট্ৰত মাত্ৰ ৩০% মহিলা দেশৰ ৰাজনীতিত আছে। কিন্তু এই ৰাষ্ট্ৰবোৰত মহিলাসকলৰ অৱস্থা সামগ্ৰিকভাৱে যথেষ্ট উন্নত বুলিয়েই কব পৰা যায়। ভাৰতবৰ্ষ, বাংলাদেশ আদি ৰাষ্ট্ৰৰ ৰাজনীতিত মহিলা প্ৰতিনিধি যথেষ্ট সংখ্যক থকাৰ পিছতো মহিলাসকলৰ স্থিতি উন্নত নহয়। সেয়ে কোৱা হয় মহিলাই ৰাজনীতিত অংশ গ্ৰহণ কৰিলেই বা ৰাজনৈতিক ক্ষমতা লাভ কৰিলেই মহিলাৰ স্থিতি উন্নত নহয়। মহিলাসকলক যি উদ্দেশ্যৰে ভাৰতীয় সংবিধানে ৰাজনীতিলৈ অহাৰ সুবিধা প্ৰদান কৰিছে সেই অনুসৰি ৰাজনৈতিক ক্ষমতা লাভ কৰা মহিলাসকলে মহিলা সৱলীকৰণৰ বাবে বিশেষ মনোযোগ দিব লাগিব। অন্যথা কেৱল মহিলাৰ ৰাজনীতিত অংশগ্ৰহণে এই দিশত কেতিয়াও সফলতা আনিব পাৰিব বুলি ক’ব পৰা নাযায়। একে সময়তে মহিলাসকলো এই দিশত সচেতন হ’লেহে মহিলাৰ সৱলীকৰণ সম্ভৱ হ’ব। ইয়াৰ বাবে ৰাজনৈতিক অংশগ্ৰহণৰ বাদেও মহিলাসকলৰ সকলো দিশতে ব্যক্তিত্বৰ সঠিক বিকাশ হোৱাটো খুবেই প্ৰয়োজন। ইয়াৰ বাবে ৰাজনৈতিক ক্ষমতা লাভ কৰা মহিলাসকলে সধাৰণ মহিলাসকলৰ বাবে বিশেষ মনোযোগ দি উপযুক্ত সা-সুবিধা প্ৰদান তথা মঞ্চ একোখন তৈয়াৰ কৰি দিব লাগিব। তেতিয়াহে ভাৰত চৰকাৰৰ ৭৩ তম সংশোধনৰ জৰিয়তে স্বায়ত্ত্ব শাসনত মহিলাৰ কাৰণে যি এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে সেয়া সঠিক ভাৱে কাৰ্যকৰী হ’ব। কিন্তু দেখা যায় কিছুমান ৰাজনৈতিক দলে মহিলাৰ বাবে আসন সংৰক্ষণত গুৰুত্ব আৰোপ নকৰে। প্ৰকৃততে ৰাজনৈতিক দলবোৰে মহিলাসকলক ৰাজনীতিলৈ অনাৰ লগতে আসন সংৰক্ষণত দায়বদ্ধতা পালন কৰা উচিত। অৱশ্যে কিছু সংখ্যক ৰাজনৈতিক দলে লোকসভাত ৩৩% আসন সংৰক্ষণৰ ওপৰত গুৰুত্ব দি আহিছে। ইয়াৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰ নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলক নিজাববীয়াকৈ ৩৩% আসন মহিলাৰ বাবে সংৰক্ষণ কৰিবলৈ পৰামৰ্শ দিছে। দুৰ্ভাগ্যবসত কোনো ৰাজনৈতিক দলেই এই পৰামৰ্শ এতিয়ালৈকে পালন কৰা নাই। ৰাজনৈতিক দলবিলাকে নিৰ্বাচনী আয়োগৰ এই পৰামৰ্শ গ্ৰহণ কৰা হলে মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণৰ পথ সুন্দৰকৈ প্ৰসস্ত হ’লহেতেন। এইটো শুভ লক্ষণ যে বৰ্তমান ভাৰতীয় ভোটাৰসকলে তেওঁলোকৰ ভোটেৰে মহিলা প্ৰতিনিধিক নিৰ্বাচিত কৰিবলৈ পূৰ্বৰ দৰে কুণ্ঠাবোধ নকৰা হৈছে। ফলস্বৰূপে ভাৰতৰ কেইবাখনো ৰাজ্যত এই সময়ত মহিলা মুখ্যমন্ত্ৰীয়ে শাসন চলাই থকটো সম্ভৱপৰ হৈছে।

সেয়া যি কি নহওক, বৰ্তমান মহিলাসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উত্থানৰ গুৰি ধৰোতা বুলি গণ্য কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন উন্নয়নমূলক কৰ্যসূচী ৰূপায়ন কৰিছে যাৰ দ্বাৰা মহিলাসকলে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক যোগ্যতা অৰ্জন কৰিব পাৰিব। শেহতীয়াকৈ মনৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে মহিলাসকলৰ সৱলীকৰণৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগেও কলেজসমূহক নিৰ্দেশ দিছে যাতে মহিলাসকলৰ উন্নয়নৰ কাৰণে কলেজ পৰ্যায়ত মহিলা কোষ গঠন কৰ হছে। একেদৰেই বিশ্ববিদ্যালয় বিলাকতো মহিলা অধ্যয়ন কোষ খোলা হৈছে।

শেষত ক’ব পাৰি যে মহিলাৰ অংশগ্ৰহণ ভাৰতীয় ৰাজনীতিত ক্ৰমে বৃদ্ধি পাই গৈ আছে। কিন্তু যিসকল মহিলাক আমি ৰাজনৈতিক ভাৱে শক্তিশালী স্থানত থকা দেখা পাইছো সেইসকল মহিলাই কিন্তু মহিলা সৱলীকৰণত বিশেষ উল্লেখনীয় ভূমিকা পালন কৰি পৰা নাই। ইয়াৰ গুৰিতে অন্য কিছুমান গুৰুত্বপূৰ্ণ দিশ জৰিত হৈ থকা দেখা যায়। বৰ্তমান যিসকল মহিলাই ৰাজনীতিৰ পথাৰখনত শক্তিশালী খোজ পেলাইছে সেইসকল মহিলাৰ ৰাজনীতিলৈ অহাৰ পটভূমিৰ বিষয়ে অধ্যয়ন কৰিলে দেখা পোৱা যায় যে তেওঁলোক প্ৰায়খিনিয়ে কিছুমান ৰাজনৈতিক ভৱে প্ৰতিষ্ঠিত পৰিয়ালৰ পৰা অহা। তেওঁলোকৰ পৰিয়ালৰ পৰিচয় অথবা প্ৰতিপত্তিয়েহে তেওঁলোকক ৰাজনৈতিক ক্ষমতা লোৱাৰ সুবিধাটো দিলে। আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ আটাইকেইগৰাকী মহিলাই এনেধৰণৰ পৰিয়ালৰ পৰাই অহা। একেবাৰে সামাজিক আৰু অৰ্থনৈতিক ভাৱে পিছপৰা আৰু তথাকথিত তলৰ শ্ৰেণীক প্ৰতিনিধিত্ব কৰা মহিলা ৰাজনীতিত প্ৰায় শূন্য। সেয়ে ক্ষমতাত থকা মহিলা আৰু সাধাৰণ মহিলাৰ মাজত এক বৃহৎ দূৰত্ব থাকে। ক্ষমতাত থকা সকলে সাধাৰণ মহিলাৰ কথা চিন্তা কৰা অথবা মহিলাৰ সৱলীকৰণ বিষয়টোত গুৰুত্ব নিদিয়ে।

ভাৰতীয় ৰাজনীতিত মহিলা আৰু মহিলাৰ স্থিতি বিষয়টো আলোচনা কৰিলে এইটো কথা প্ৰতিপন্ন হয় যে কেৱল মহিলাৰ ৰাজনৈতিক ক্ষমতা বা অংশগ্ৰহণে মহিলা সৱলীকৰণত অথবা মহিলাৰ স্থিতি মজবুত কৰাত সহায় নকৰে। মহিলাৰ স্থিতি সন্তোষজনক কৰিবৰ বাবে মহিলাৰ অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ উল্লেখযোগ্য ভূমিকা থকে। মহিলাসকলক আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তুলিবৰ বাবে অনেক ধৰণৰ অৰ্থনৈতিক আঁচনি প্ৰস্তুত কৰি ওলিয়াই কৰ্যকৰী কৰিব লাগিব। ইয়াৰ লগতে মহিলাসকলক সুশিক্ষিত আৰু সচেতন কৰি তোলাটোও হ’ব লাগিব আন এক সংকল্প। একেসময়তে ৰাজনৈতিক ক্ষমতা লাভ কৰা মহিলাসকলে মহিলাৰ সমস্যাবিলাকত অধিক গুৰুত্ব প্ৰদান কৰি কাম কৰিব লাগিব। অন্যথা মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ আৰু ৰজনৈতিক ক্ষমতা প্ৰদানৰ জৰিয়তে মহিলাৰ সৱলীকৰণ কৰাটো এটা শ্ল’গানেই হৈ থাকিব।

 

————————————————————

লেখিকাৰ ই মেইল: jurilakshinandan@gmail.com

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.