কাৰিকৰী চিন্তাৰ ক্রমবিকাশ আৰু প্ৰযুক্তি-বিদ্যাৰ নৱজন্ম:(আব্দুছ আজিজ)

কাৰিকৰী চিন্তাৰ ক্রমবিকাশ আৰু প্ৰযুক্তি-বিদ্যাৰ নৱজন্ম:(আব্দুছ আজিজ) by October 14, 2013 0 comments

(মই অভিযন্তা নহওঁ৷ কালি ‘ইঞ্জিনিয়াৰ্ছ ডে’ আছিল৷ সেয়েহে অভিযন্তাসকলক অভিবাদন জনাই এদিন পলমকৈ হ’লেও এই সামান্য লেখাটি ‘অকব’ৰ ৱালত দিলোঁ৷)

আজিৰ পৰা প্ৰায় ৩০০বছৰৰ আগলৈকে মানৱ সভ্যতাৰ ৰথখনৰ গতিবেগ আছিল অতিকৈ মন্থৰ৷ বিজ্ঞান-মানসিকতাৰ অভাৱেই আছিল ইয়াৰ মূল কাৰণ৷ মধ্যযুগত মানুহে শাৰীৰিক পৰিশ্ৰম লাঘৱ কৰাৰ অৰ্থে জন্তু ব্যৱহাৰ কৰিছিল৷ মধ্যযুগৰ শেষৰ পিনে শক্তিৰ ব্যৱহাৰ শিকাৰ পিছত পানী-চকৰি, বায়ুচালিত কল আদিৰ জৰিয়তে প্ৰাপ্ত শক্তিক বিভিন্ন কাম-কাজত প্ৰয়োগ কৰিছিল৷ আনহাতে পঞ্চদশ শতিকাৰ শেষভাগত ইউৰোপত নৱজাগৰণে আধুনিক যুগৰ সূচনা কৰাৰ পিছৰে পৰা মানৱ ইতিহাসৰ খৰতকীয়াভাৱে পৰিৱৰ্তন সাধন হ’বলৈ ধৰিলে৷

ৰেনেছাঁ বা নৱ-অভ্যুদয়ৰ সুফল স্বৰূপে ধৰ্মীয় গোড়ামি আৰু অলৌকিকতাৰ অতল স্পৰ্শী গহ্বৰত যুগ-যুগান্তৰ ব্যাপী নিমজ্জিত হৈ ৰোৱা বিজ্ঞান আৰু যুক্তিয়ে পোনপ্ৰথমবাৰৰ বাবে মানৱৰ সুহৃদ তথা কল্যাণকামী ত্ৰাণ কৰ্তা বুলি স্বীকৃতি লাভ কৰিলে৷ মানসিক চিন্তা-চৰ্চা আৰু ধৰ্মীয় বিশ্বাসবোধ সলনি হোৱাৰ লগে লগে মানুহৰ মানসিক ক্ৰিয়াকলাপৰ দিশত আমূল পৰিৱৰ্তন সংঘটিত হ’ব ধৰিলে৷ মধ্যযুগীয় ধ্যান-ধাৰণাৰ অৱসান ঘটাৰ ফলত ধৰ্ম-চৰ্চাৰ বিপৰীতে জ্ঞান-চৰ্চাই মানুহৰ অন্তৰাত্মাত বহল আসন অধিকাৰ কৰিবলৈ সমৰ্থ হ’ল৷ বিজ্ঞানৰ প্ৰতি মানুহৰ মন ক্রমাৎ আগ্ৰহান্বিত হ’ব ধৰিলে৷ মানুহ বৈজ্ঞানিক মনোভাবৰ গৰাকী হৈ পৰিল৷ কলা-কব্জাৰ নক্সা অংকন, কঠিন কাৰিকৰী প্ৰকল্পৰ অভিকল্পনা, পৰ্বত বিদীৰ্ণ কৰি পথ যোগাযোগ স্থাপন, নদীৰ জলৰাশিৰ গতিপথ পৰিৱৰ্তন, গগনচুম্বী প্ৰাসাদ সজা আদি এশ-এবুৰি সৃষ্টিশীল চিন্তাৰ তাগিদাই শিল্পসাধকসকলৰ মন-প্ৰাণ আন্দোলিত কৰিব ধৰিলে৷ মানৱ জাতিৰ বৰ্ধিত প্ৰয়োজনসমূহ আহৰণৰ বাবে নিত্যনতুন নিয়মৰ সন্ধানত একাগ্ৰ চিত্তে ব্ৰতী হ’ল বিজ্ঞান উপাসকসকল৷ নৱজাগৰণেই জন্ম দিলে জগতৰ সৰ্বপ্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ অভিযন্তা, অভিযন্তা কুল-শিৰোমণি লিঅ’নাৰ্ড-দা-ভিন্সি, বহুমুখী প্ৰতিভাধৰ মাইকেল এঞ্জেল’ৰ দৰে আজীৱন শিল্প-সেৱকৰ৷ নিৰলস জ্ঞান-চৰ্চাৰে জীৱনৰ ৰহস্য উদ্ঘাটন কৰাৰ লগতে প্ৰকৃতিক জয় কৰি মানৱৰ সেৱাত সফলতাৰে নিয়োগ কৰাৰ দৃঢ় সংকল্প লৈ আত্মোৎসৰ্গৰ মনোবৃত্তিৰে, সৎ-সাহসেৰে আগুৱাই আহিল আধুনিক কাৰিকৰী বিজ্ঞানৰ জনক গেলিলিও গেলিলি প্ৰমুখ্যে বিৰল প্ৰতিভা, ব্যক্তিগত উদ্ভাৱনী দক্ষতা আৰু অভাৱনীয় চিন্তা-ক্ষমতাসম্পন্ন এচাম কৃচ্ছ্ৰ সাধক, যিসকলে পৰৱৰ্তী দিনত হোৱা বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ বুনিয়াদ স্থাপন কৰিবলৈ সমৰ্থবান হ’ল৷

বিজ্ঞানৰ কল্পনাতীত অগ্ৰগতিয়ে মানৱ ইতিহাসত নতুন যুগৰ সূচনা কৰিলে৷ ধৰ্মীয় অন্ধবিশ্বাস দলিয়াই পেলাই তাৰ বিপৰীতে মানুহে আৰম্ভ কৰিলে সূক্ষ্ম পৰ্যবেক্ষণেৰে পৰীক্ষামূলক সত্যতাৰ অন্বেষণ৷ তৎ মুহূৰ্তৰ পৰাই কাৰ্যকৰী হ’ল আধুনিক বৈজ্ঞানিক যুগৰ প্ৰস্তাৱনা৷ মানুহৰ সভ্যতাৰ প্ৰথম শিল্প-বিপ্লৱ বুলি অভিহিত অগ্নি, অস্ত্ৰ আৰু চক্ৰৰ আৱিষ্কাৰে বিজ্ঞানৰ যাদু দণ্ডৰ পৰশ পাই নকৈ ঠন ধৰি উঠিল৷ যন্ত্ৰ-যুগৰ সূত্ৰপাত হ’ল৷

উদ্যোগ বিপ্লৱ মানুহৰ বুৰঞ্জীৰ এটা অতি উদ্দীপনাময় অধ্যায়৷ যন্ত্ৰৰ আৱিষ্কাৰেই এই মহাবিপ্লৱৰ প্ৰধান কাৰক৷ ১৭৫০চনত পোনতে গ্ৰেট ব্ৰিটেইনত পাতনি মেলা শিল্প-জাগৰণ ক্রমান্বয়ে ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিল৷ ধ্যান আৰু কৰ্মৰ কেন্দ্ৰবিন্দু ইউৰোপ ক্রমাৎ পৰ্যবসিত হ’ল আধুনিক সভ্যতাৰ পীঠস্থানলৈ৷ ইউৰোপীয় দেশবোৰে এচিয়াৰ বিভিন্ন কোণত উপনিৱেশ স্থাপন কৰাৰ পিছত শিল্প বিপ্লৱৰ ঢৌৱে এচিয়াকো স্পৰ্শ কৰিলে৷ ইউৰোপৰ উন্নত বিজ্ঞান আৰু কাৰিকৰী ভাবনা আয়ত্ত কৰাৰ প্ৰয়াসেৰে জাপানীসকলে পাশ্চাত্য জগতৰ বিভিন্ন ভাষাৰ পৰা সুলিখিত অসংখ্য উৎকৃষ্ট গ্ৰন্থ নিজৰ ভাষালৈ অনুবাদ কৰাত নিমগ্ন হ’ল৷ স্ব-আৰোপিত বিচ্ছিন্নতা বিসৰ্জন দি তেওঁলোকে বহিঃবিশ্বৰ সৈতে প্ৰগতিৰ প্ৰতিযোগিতাত নামি পৰিল৷ ব্যাপক শিল্পায়নে মানুহৰ জীৱন-জিজ্ঞাসা আৰু মনস্তত্ত্বৰ লগতে সমাজৰ গাঁথনি, অৰ্থনীতি আদিৰ বিৰাট সাল-সলনি ঘটালে৷ বিজ্ঞানভিত্তিক নিৰ্মাণ বিদ্যাৰ ব্যৱহাৰৰ ফলস্বৰূপে ইংলেণ্ডত আৰম্ভ হোৱা উদ্যোগ বিপ্লৱৰ আগলৈকে কাৰিকৰী দিশৰ কৰ্মীসকল ঘাইকৈ সামৰিক বিষয়জনিত নিৰ্মাণ কাৰ্যৰ সংক্ষিপ্ত পৰিসৰতে সীমাবদ্ধ আছিল৷ শিল্প-আলোড়ন সৃষ্টিৰ আদিমূল ভাপচালিত ইঞ্জিনৰ উদ্ভাৱনে এই কৰ্মযোগীসকলক উজ্জ্বল আশাবাদৰ উপৰি ন-ন কৰ্ম-আঁচনিৰ সম্ভেদ দিলে৷ উদ্যোগীকৰণে স্ৰজন কৰা নব্য পৃথিৱীখনত ইঞ্জিনীয়াৰসকলৰ ভূমিকা হৈ উঠিল অতীৱ গুৰুত্বপূৰ্ণ৷ নিৰ্মাণ কৰ্তাৰ উপৰি বৈজ্ঞানিক পৰিকল্পনাৰ মহৎ সাধনাতো তেওঁলোক অৱতীৰ্ণ হ’ল৷ বস্ত্ৰ-উদ্যোগ, লো-তীখা উৎপাদনকাৰী গোট প্ৰমুখ্যে অন্যান্য কাৰখানাসমূহৰ বাবে উন্নত মানৰ কলা-কব্জাৰ নক্সা প্ৰস্তুত কৰণ, সেইবোৰৰ উদ্ভাৱন, সমস্যা নিবাৰণ, প্ৰতিষ্ঠাপন, পৰীক্ষা-নিৰীক্ষাৰ চিন্তাই তেওঁলোকৰ দায়িত্ব আৰু কাৰ্যপন্থা দুগুণে বৃদ্ধি কৰিলে৷ উন্নয়নৰ ঘাই হোতা হৈ পৰিল ইঞ্জিনীয়াৰসকল৷

১৭৮৯চনত হোৱা ফৰাচী বিপ্লৱে মানুহৰ মনলৈ নতুন যুগৰ উপযোগী মানসিক পৰিৱৰ্তন অনাৰ উপৰি স্বাধীনতা, সমতা, ভাতৃত্ববোধ আৰু চেতনাবোধ সঞ্চাৰিত কৰি বিশ্বৰ বাবে আধুনিকতাৰ সিংহদুৱাৰ ৰূপে স্বীকৃতি লাভ কৰিলে৷ ইপিনে শিল্প বিপ্লৱৰ ৰঙা ঘোঁৰাও চেকুৰিবলৈ ধৰিলে দুৰন্ত বেগত, বাধা-বিঘিনি নেওচি৷ বিজ্ঞানৰ চকৰিও ঘূৰিব লাগিল অবিৰামভাৱে, দ্ৰুতগতিৰে৷ বৈজ্ঞানিক চিন্তা-প্ৰবাহৰ শীঘ্ৰ উত্তৰণ ঘটাৰ ফলত অলেখ ঠাল-ঠেঙুলিত বিভক্ত হৈ বিজ্ঞানে এক বৃহৎ জ্ঞান-বৃক্ষৰ ৰূপ পৰিগ্ৰহ কৰিলে৷ অগণিত অনুসন্ধিৎসু বিজ্ঞানীয়ে এই বোধিদ্ৰুমৰ ছত্ৰছায়াত বিভিন্ন শাখা-প্ৰশাখাত নিতৌ অধ্যয়ন আৰু গৱেষণা কৰিবলৈ ধৰিলে৷ উদ্ভাৱন প্ৰক্রিয়া খৰতকীয়া হ’ল৷ বৈজ্ঞানিক তথ্যাদি আহৰণৰ পদ্ধতিসমূহলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিল৷ সেইবোৰ উন্নতৰ পৰা উন্নততৰ, ক্ষিপ্ৰ পৰা ক্ষিপ্ৰতৰ হ’ব ধৰিলে৷ বিজ্ঞান সম্বন্ধীয় তথ্যৰ ব্যৱহাৰৰ সৈতে হোৱা বৈজ্ঞানিক পদ্ধতিৰ মিলনত প্ৰযুক্তিয়ে জন্ম লাভ কৰিলে৷ ব্যৱহাৰিক দিশত জ্ঞান-বিজ্ঞানৰ প্ৰণালীবদ্ধ প্ৰয়োগ-কৌশল সম্পৰ্কীয় এই বিদ্যা কালক্রমত মানুহৰ জীৱন-যাত্ৰাৰ প্ৰতিটো পদক্ষেপৰে প্ৰধান নিয়ামকৰ ৰূপত অধিষ্ঠিত হ’ল৷

সপ্তদশ আৰু অষ্টাদশ শতিকাৰ কালছোৱাত প্ৰযুক্তি-বিদ্যাৰ নৱজন্ম হ’ল৷ ফ্ৰান্সে এই ক্ষেত্ৰত অগ্ৰণী ৰূপকাৰৰ ভূমিকা ল’লে৷ যাতায়াত ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰে নতুন দিগন্তৰ সূচনা কৰিলে৷ প্ৰসংগক্রমে উল্লেখযোগ্য, ১৬৬৬-১৬৮১চনৰ ভিতৰত দক্ষিণ-পশ্চিম ফ্ৰান্সত আটলান্টিক মহাসাগৰ আৰু ভূমধ্য সাগৰৰ মাজত খাল নিৰ্মাণ কৰা হৈছিল, যাৰ খোলা আৰু বন্ধ কৰাৰ উপায়, সুৰংগ পথ আদি প্ৰযুক্তি-জ্ঞানৰ স্পৰ্শ আছিল৷ কাৰিকৰী বিষয়ত আগৰণুৱা ফ্ৰান্সত ১৭৮৭চনত পথ আৰু দলং সংক্ৰান্তীয় শিক্ষাদানৰ বাবে শিক্ষানুষ্ঠানো স্থাপন কৰা হৈছিল৷ শিল্প বিপ্লৱৰ পুৰোহিত ইংৰাজসকলেও আনকি ফ্ৰান্সত বিদ্যা লভিছিলহি৷

উদ্যোগ বিপ্লৱৰ প্ৰধানতম চালিকা-শক্তি বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিশ্বাস্য অগ্ৰগতি তথা সম্প্ৰসাৰণৰ লগে লগে একবিংশ শতিকাত কাৰিকৰী বিষয়ত নতুন নতুন ভাগ-বিভাগ সংযোজিত হৈছে৷ ঊনবিংশ শতিকাৰ অন্তিম পৰ্যায়ত চিন্তাশীল শিল্পকাৰসকলে কঠোৰ শ্ৰম আৰু সাধনাৰে শিল্প প্ৰসাৰণৰ লগে লগে সংযোজন হোৱা অনেক নৱ-নৱ যন্ত্ৰপাতি উদ্ভাৱন কৰিবলৈ সমৰ্থ হৈছে৷ শেহতীয়াভাৱে, অত্যাধুনিক বৈজ্ঞানিক তত্ত্ব আৰু ইলেকট্ৰ’নিক প্ৰযুক্তিয়ে মানৱ সভ্যতাৰ উত্তৰণলৈ কেনে অৱদান যোগাইছে সেয়া মানুহৰ দৈনন্দিন জীৱন-পঞ্জীৰ অধ্যয়নৰ পৰাই সহজবোধ্য৷ কাৰিকৰী আৰু চিন্তাপ্ৰসূত সৃষ্টিয়ে জীৱনৰ অধিকাংশ সামৰি থকাৰ পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক সময়ছোৱাত প্ৰযুক্তিৰ যুগ বুলিলে নিশ্চয় অত্যুক্তি কৰা নহ’ব৷

(পূৰ্ব প্ৰকাশ : ‘আমাৰ অসম’, ৬ছেপ্তেম্বৰ ১৯৯৯৷ সামান্য ভাৱে হাত ফুৰোৱা হৈছে৷)

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.