মহানাদত হোৱা নাছিল ব্ৰহ্মাণ্ডৰ সৃষ্টি (দিপাংকৰ চেতীয়া)

মহানাদত হোৱা নাছিল ব্ৰহ্মাণ্ডৰ সৃষ্টি (দিপাংকৰ চেতীয়া) by October 14, 2013 3 comments


মহানাদ বা বিগ-বেং হয়তু আমি ভবাৰ দৰে নাছিল বা আপুনি ক’ব পাৰে মহানাদৰ দৰে আচলতে কোনো পৰিঘটনা সংঘটিত হোৱাই নাছিল, arxiv পত্ৰিকাত শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণা পত্ৰই আমাৰ ব্ৰহ্মাণ্ডখনৰ খনৰ সৃষ্টিৰ এনে এক নতুন ধাৰণাৰেই অৱতাৰণা কৰিছে।
মহানাদ বা বিগ-বেং তত্ব আমাৰ সকলোৰে কম বেছি পৰিমাণে পৰিচিত, এই তত্ব অনুসৰি আমাৰ ব্ৰহ্মাণ্ড খন অসীম ঘনত্বৰ এক পদাৰ্থৰ স্তূপৰ পৰা আৰম্ভ হৈছিল যি কালক্ৰমত শীতল হৈ প্ৰসাৰিত হ’বলৈ আৰম্ভ হৈছিল ঠিক এটা বেলুন ফুলি উঠাৰ দৰে। এই বেলুনটোৰ শীতলকৰণে পৰমাণুৰ ভিতৰৰ কণাসমূহৰ (sub atomic particles) সৃষ্টিত সহায় কৰিছিল আৰু ফলস্বৰূপে গ্ৰহ, নক্ষত্ৰ আৰু আন আন জ্যোতিষ্ক বোৰৰ সৃষ্টি হৈছিল।

কিন্তু এই মহানাদ তত্ব একেবাৰে আসোঁৱাহমুক্ত নাছিল, কিন্তু এই পৰ্যন্ত,ইয়াৰ বাদে আমাৰ হাতত বিশ্বৰ সৃষ্টিৰ আন একো উন্নত ব্যাখ্যাও নাছিল,, আৰু আমাৰ হাতত এতিয়াও কিছুমান প্ৰশ্নৰ উত্তৰ নাছিল, যেনে প্ৰকৃততে এক অসীম ঘনত্বৰ কণাক কিহে বিস্ফোৰিত হোৱাত বাধ্য (? trigger) কৰিছিল? আকৌ আমি দেখোঁ যে গোটেই ব্ৰহ্মাণ্ডৰ তাপমাত্ৰা প্ৰায় সুষম (uniform) , মহানাদৰ দৰে পৰিঘটনাৰ পাছত তাপমাত্ৰাৰ এনে সুষম বিতৰণ কিদৰে সম্ভৱ?

নতুন তত্বটোৰ মতে, ব্ৰহ্মাণ্ডৰ সৃষ্টি কোনো এক চতুৰ্মাত্ৰিক (4D) কৃষ্ণ গহ্বৰৰ মৃত্যুৰ (collapse) ফলস্বৰূপেও হ’ব পাৰে। ধৰি লওক এটা বলিয়া কৃষ্ণ গহ্বৰ যাৰ কথা আমি আগতে কেতিয়াও চিন্তা কৰা নাই, কেনেকৈ? (তলৰ কথাখিনি বুজিবলৈ পদাৰ্থ বিদ্যাৰ দুই এটা সৰু ধাৰণাৰ প্ৰয়োজন হ’ব)

“এই তত্বটোৰ মতে আমাৰ ত্ৰিমাত্ৰিক (3D) ব্ৰহ্মাণ্ডখন এখন আৱৰণ (membrane)ৰ দৰে যি “বিশাল চতুৰ্মাত্ৰিক (4D) ব্ৰহ্মাণ্ড”ত উপঙি আছে, এতিয়া যদি এই বিশাল ব্ৰহ্মাণ্ডখন ইয়াৰ চতুৰ্মাত্ৰিক তৰাৰে ভৰি থাকে, তাৰে কিছু তৰাৰ মৃত্যু হ’ব পাৰে আৰু তাৰ ফলস্বৰূপে সৃষ্টি হ’ব পাৰে কিছুমান চতুৰ্মাত্ৰিক কৃষ্ণ-গহ্বৰৰ, যিদৰে আমাৰ ত্ৰিমাত্ৰিক জগতত হয়, যিবোৰৰ নীহাৰিকা (supernova)ৰ ৰূপত প্ৰচণ্ড বিস্ফোৰণ হয়, বিস্ফোৰণৰ পাচত ইহঁতৰ নিজৰ বাহিৰৰ আৱৰণ খন প্ৰচণ্ড জোৰে আঁতৰি যায় আৰু ভিতৰৰ অংশৰ সংকোচন ঘটি কৃষ্ণ গহ্বৰৰ সৃষ্টি হয়”

পদাৰ্থ বিজ্ঞানত আন এক ধাৰণা আছে যাক কোৱা হয় “পৰিঘটনাৰ দিগন্ত (event horizon)” , ই হৈছে স্থান-কাল (space-time) ৰ এক সীমা, যাৰ বাহিৰত সংঘটিত কোনো পৰিঘটনাই এজন পৰ্য্যবেক্ষৰ ওপৰত কোনো প্ৰভাব পেলাব নোৱাৰে, কথাটো পৰিষ্কাৰ হ’বৰ বাবে এটা কৃষ্ণ গহ্বৰকেই লওক এটা কৃষ্ণ গহ্বৰৰ পৰিঘটনাৰ দিগন্ত বুলি ক’লে আপুনি সহজ ভাবে ইয়াৰ চাৰিওফালৰ সেইখন ক্ষেত্ৰক ধৰিব পাৰে য’ত ই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, এতিয়া এই ক্ষেত্ৰৰ বাহিৰত থকা কোনো বস্তু এটাৰ ওপৰত কৃষ্ণ গহ্বৰটোৰ একো প্ৰভাব নাথাকে, কিন্তু এই ক্ষেত্ৰ খনত থকা যিকোনো বস্তুকে ই নিজৰ ফালে প্ৰবল ভাবে আকৰ্ষণ কৰে আৰু য’ত যিকোনো বস্তুৰেই পলায়ন বেগ (escape velocity) পোহৰৰ বেগতকৈও বেছি হৈ পৰে, আৰু যিহেতু পোহৰৰ বেগেই সৰ্বোচ্চ বেগ গতিকে এই ক্ষেত্ৰৰ পৰা একো বস্তুৱেই ওলাই যাব নোৱাৰে আনকি পোহৰ নিজেও। আমাৰ বিশ্বত থকা ত্ৰিমাত্ৰিক কৃষ্ণগহ্বৰ সমূহৰ চাৰিওফালে এক দ্বি-মাত্ৰিক (2D) আৱৰণ (membrane) থাকে এইখনেই হ’ল কৃষ্ণ গহ্বৰটোৰ পৰিঘটনাৰ দিগন্ত বা event horizon , কিন্তু যদি এতিয়া আমি চতুৰ্মাত্ৰিক কৃষ্ণ গহ্বৰৰ কথা ভাবোঁ, তেনেক্ষেত্ৰত আমাৰ পৰিঘটনাৰ দিগন্ত বা কৃষ্ণগহ্বৰৰ আৱৰণবোৰ হ’ব ত্ৰিমাত্ৰিক, এটা চতুৰ্মাত্ৰিক তৰাৰ মৃত্যুত ই তাৰ চাৰিওফালৰ এনেধৰণৰ ত্ৰিমাত্ৰিক ক্ষেত্ৰলৈ ইয়াৰ বৰ্হিআৱৰণ নিক্ষেপ কৰিব যি লাহে লাহে প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰিব আৰু খুবসম্ভৱ তেনে এখন পৰিঘটনাৰ দিগন্তই হ’ব আমাৰ বিশ্ব ব্ৰহ্মাণ্ড।

যিহেতু চতুৰ্মাত্ৰিক ব্ৰহ্মাণ্ড এখন অসীম কাল জুৰি বৰ্তি থাকিব পৰাতো সম্ভৱ হ’ব পাৰে গতিকে এক বিশাল সময়ৰ পাছত ই সুষম হৈ পৰিব পাৰে, যাৰ বৰ্ণনা বিগ-বেং তত্ব‍ই আগত ঊল্লেখ কৰাৰ দৰে দিব নোৱাৰে।
(১৯৯৭ চনত Paul W. S. Anderson পৰিচালিত event horizon নামৰ এখন কল্পবিজ্ঞান চলচ্চিত্ৰ মুক্তি পাইছিল পাইছিল চাব পাৰে।)
এই তত্ব এতিয়াও মহানাদক অস্বীকাৰ কৰা নাই আৰু ই চালুকীয়া অৱস্থাতে আছে, কিন্তু ই নিঃসন্দেহে মুকলি কৰিলে এক চিন্তাৰ নতুন দিগন্ত।

এইটো লেখা মোৰ ব্লগত পঢ়ক:
http://www.dipankarchetia.com/2013/10/blog-post_7.html

তথ্যসূত্ৰ:
১) http://bit.ly/1fc9D82
২) http://bit.ly/1bC0u80
৩) http://bit.ly/19tGYch
৪) http://en.wikipedia.org/

 

Comments

3 Comments so far

Jump into a conversation

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.