সময়, আকৌ (মূল: Time Again, Tin Maly) -দীপাংকৰ চেতীয়া

সময়, আকৌ (মূল: Time Again, Tin Maly) -দীপাংকৰ চেতীয়া by February 14, 2014 0 comments

(১)

আমি  লগ  পোৱাৰ  আগতেই  তুমি  মোক  তোমাৰ  ডায়েৰীখন  দেখুৱাইছিলা।

স্বীকাৰ  কৰিব  লাগিব  যে  ঘটনা  প্ৰবাহৰ  ক্ৰমটোত  এতিয়াও  মোৰ  খেলিমেলি  লাগি  আছে।  তেনেদৰে   হঠাতে  তোমাৰ  জীৱনৰ  পৰা  আঁতৰি  অহিবলৈ  গ্ৰহন কৰা  সিদ্ধান্তটোৱে  হয়তো  তোমাকো  খেলিমেলিত  ৰাখিছে।  মই  কথাবোৰ  সময়ৰ  পাছত  সময়  ধৰি  বাৰে  বাৰে  ভাবিব  ধৰিছোঁ;  সেইবোৰ  জুকিয়াই  লৈ  এটা  ক্ৰমত  সজাবলৈ  চেষ্টা  কৰিছোঁ,  কিন্তু  মই  গম  পাইছোঁ  এইবোৰত  ক’ৰবাত  চূড়ান্তভাবে  খেলিমেলি  হৈ  গৈছে।  তোমাৰ  দৃষ্টিত  এইটো  এটা  দুৰ্বল  যুক্তি  হ’ব পাৰে,  কিন্তু  মোৰ  বাবে  এইয়াই  যথেষ্ট।  কথাবোৰ  মোৰ  বাবে  ক্ৰমাৎ  দুৰ্বোধ্য  হৈ  পৰিছে,  আৰু  সেয়ে  এইবোৰ  এৰি  আঁতৰি  যোৱাৰ  বাদে  মোৰ  উপায়  নাই।

মোক  লগ  পোৱাৰ  আগতেই  তুমি  মোক  তোমাৰ  ডায়েৰীখন  দেখুৱাইছিলা  আৰু  তাৰ  পাছতেই  তোমাৰ  ঘৰৰ  কাঠৰ  মজিয়াত  আমি  দৈহিক  বাসনা  পূৰণ  কৰাত  ব্যস্ত  হৈ  পৰিছিলোঁ।  মোৰ  এতিয়াও  মনত  আছে  গছৰ  পাতৰ  মাজেদি  ৰ’দৰ  জিলিঙনিবোৰ  আহি  মজিয়াখনত  পৰিছিলহি,  আৰু  চাহৰ  কেটলিটোত  চাহখিনি  উতলি  আছিল,  তাৰ  নলীডালেদি  বগা  বগা  ধোঁৱাবোৰ  ওলাই  কোঠাটোৰ  বায়ুত মিলি  গৈছিল।  অলপ  পাছতে  বিচনাৰ  খুঁটা  এটাত  ধৰি  বহি  থকা  আমাৰ  ল’ৰাটোৱে  মোক  সুধিছিল  তুমি  ক’লৈ  গুচি  গ’লা?

“মই  নাজানো  সোণ”,  মই  তাক  ক’লো,  “ৰ’বা  তেওঁ  সোনকালেই  ঘূৰি  আহিব।”

আজি  তোমাৰ  পঢ়া  কোঠালৈ  সোমাওঁতে  তোমাক  এটা  ছবিৰ  গেলাৰীৰ  ৰূপত  আৱিষ্কাৰ  কৰিলোঁ।  কোঠাটোত  এতিয়ালৈকে  তুমি  ধোৱা  প্ৰতিটো  ফিল্ম  ৰীলৰ  প্ৰথমখন  ছবি,  ক’ৰবাত  নহয়  ক’ৰবাত  আছিল।  মই  দেখিছিলো  ছবিবোৰ  চায়েই  মই  সেইবোৰ  তাৰিখমতে  সঠিক  ক্ৰমত  সজাব  পাৰিছোঁ।  আনকি  সেইবোৰ  ঘটনাৰ  ছবিও  যিবোৰ  এতিয়াও  ঘটাই  নাই।  বগা  উজ্জ্বল  পোহৰত  কিছু  পৰিমাণে  ধূসৰ  হৈ  পৰা  সেই  ছবিবোৰ  যেন  সদায়েই  মোৰ  চিনাকি,  যেন  একো  একোটা  চিৰপ্ৰবাহিত  সুখৰ   মুহূৰ্ত  এইবোৰ।  তাৰপাছত  সৰু  সৰু  গজাল  থকা  টেমাটো  দেখিলোঁ,  মই  সেইটো  হাতত  তুলি  ল’ব  বিচাৰিছিলোঁ  কিন্তু  কিবা  এটা  শক্তিশালী  অনুভূতিয়ে  মোক  অস্থিৰ  কৰি  তুলিলে,  আৰু  মই  কোঠাটোৰ  পৰা  বেগাই  ওলাই  আহিলোঁ।

তুমি  যেতিয়া  মোক  স্থান-কালৰ  সূত্ৰৰ  কথা  বুজাই  আছিলা,  তেতিয়া  আমি  দুয়ো  প্ৰেমত  মচগুল  হৈ আছিলোঁ।  তুমি  কৈছিলা  ভৱিষ্যতটো  অতীতৰ  দৰেই  সত্য।  মাত্ৰ  এই  বাবেই  যে  আমি  এতিয়াও  তাত গৈ  পোৱাগৈ  নাই,  সেইবাবেই  ই  সত্য  নহ’ব,  এনে  হ’ব  নোৱাৰে।  তুমি  আৰু  কৈছিলা  যে  আমি  লণ্ডনত  থাকোঁতেও  যেনেদৰে  বাগদাদ  এক  সত্য,  বৰ্তমানত  থাকোঁতে  ভৱিষ্যতটোও  তেনেদৰেই  সত্য।  তুমি ব্যক্তিগত সময়,  পোহৰৰ  শংকু  আৰু  স্থানৰ  ভাঁজ (folding space)ৰ  কথা  মোক  কিবা  বুজাইছিলা,  পিছে  তোমাৰ  বুকুৰ  স্পৰ্শ  আৰু  তোমাৰ  তপত  নিশ্বাসৰ  কুৱঁলীবোৰৰ  বাদে  মই  কিন্তু  তুমি  কোৱা  সেইবোৰ  একো  বুজি  পোৱা  নাছিলোঁ।  তাৰপাছত  আমি  ৰ’লাৰ  ক’ষ্টাৰত  উঠিছিলোঁগৈ,  তুমি  বাৰে  বাৰে  চিঞৰি  উঠিছিলা,  “এইয়াই! সেইয়া,  যি  সময়ৰ  পাছত  সময়  একেই  থাকিব!”  এজন  বেলুনৰ  বেপাৰীৰ  বেলুনৰ  ৰছীডাল  ছিগি  গৈছিল,  ৰঙীণ  বেলুনবোৰ  আকাশলৈ  এখন  বিমানৰদৰে  উৰি  গৈছিল।  কি  সুন্দৰ  আছিল  সেই  দৃশ্য!

(২)

তুমি  তোমাৰ  চিনাকি  দিয়াৰ  পাছত  আমি,  সদায়  একেলগে  ফুৰিবলৈ  আৰম্ভ  কৰিছিলোঁ,  প্ৰেমৰ  কথা  পাতি।  মই  তোমাক  আকৌ  সুধিছিলোঁ  তুমি  কিয়  এনেকুৱা  জীৱন  নিৰ্বাচন  কৰিলা।  তুমি  কৈছিলা  তুমি  দ্বিতীয়  শ্ৰেণীৰ  চলচ্চিত্ৰবোৰ  চাই  ভাল  পোৱা।  এইবোৰ  চলচ্চিত্ৰত  দেখা  পোৱা  সততা  আৰু  দায়বদ্ধতাক  সঁচাকৈ  ভাল  পাব  পৰাকৈ  কিবা  এটা  আছে।  তুমি  কৈছিলা  এই  ছবিবোৰে  আমাৰ  কল্পনাবোৰক  এনেভাবে  তুলি  ধৰিব  পাৰে  যি  ভাবে  এখন  প্ৰথমশ্ৰেণীৰ  ধনী  চলচ্চিত্ৰই  কেতিয়াও  নোৱাৰে।  তুমি কৈছিলা–  লাগে  যিমানেই  নিৰস  নহওক  কিয়,  এই  ক্ষেত্ৰত  সকলো  কল্পবিজ্ঞান  সদায়েই  আশাবাদী  যে  ভৱিষ্যত  এটা  নিশ্চয়কৈ  আছে।  আমি  এটা  আহল-বহল  কোঠাত  বহি  আছিলোঁ,  আৰু  তুমি  পৰ্য্যবেক্ষকৰ  দল  এটাক  তোমাৰ  যন্ত্ৰটোৰ  বিষয়ে  বুজাই  আছিলা।  তেওঁলোকে  হাঁহি  হাঁহি  লাহে  লাহে  মূৰ  দুপিয়াই  আছিল।  তেওঁলোকে  প্ৰকৃততে  একো  বুজি  পোৱা  নাছিল।  কিন্তু  তেওঁলোকে  মন্তব্য  দিছিল  যে  তোমাৰ  এই  ধাৰণাই  বহু  প্ৰতিশ্ৰুতি  বহন  কৰিছে,  আৰু  যিয়েই  নহওক  যুদ্ধ  যে  আৰম্ভ  হ’লেই।

আজি  পাকঘৰৰ  মজিয়াত  ভাগি  পৰি  থকা  কণী  এটাৰ  চোকোৰাবোৰ  লগ  হৈ  পুনৰ  আগৰদৰে  হৈ  উঠা  দেখিলোঁ।  শেষৰ  চোকোৰাটো  কণীটোত  পুনৰ  লগ   লাগোঁতে   এটা   অদ্ভুত  ধৰণৰ  মাত  শুনিবলৈ  পালোঁ।  তাৰপাছত  ই  কিছুপৰৰ  বাবে  বতাহত  উপঙি  উঠিল  আৰু  আহি  মেজত  থকা  খৰাহীটোত  সোমাই  থাকিলহি।  তেনেতে  বিকট  শব্দ  কৰি  আমাৰ  ঘৰৰ  ওপৰেদি  এখন  বিমান  পাৰ  হৈ  গৈছিল।  আমাৰ  ল’ৰাটোৱে  আহি  মোক  কৈছিলহি  যে  সি  খুব  ভয়  খাইছে।  মই  বুজি  পোৱা  নাছিলোঁ  তাক  কি  ক’ম?  যুদ্ধ  আৰম্ভ  হৈছিল,  কোনেও  নাজানিছিলই  কেতিয়া  শেষ  হ’ব।

এই  চিঠিখন  প্ৰথমবাৰৰ  বাবে  পঢ়োঁতে  তোমাৰ  প্ৰতিক্ৰিয়া  মোৰ  এতিয়াও  মনত  আছে।  শেষৰ  শাৰীটো  মোৰ  এতিয়াও  মনত  আছে।  তাত  মই  লিখিছিলোঁ,  “আমি  এনেকৈ  জীয়াই  থাকিব  নোৱাৰোঁ।”  শাৰীটো পঢ়াৰ  পাছত  তোমাৰ  চকুদুটাৰে  ধাৰাসাৰ  চকুপানী  বৈ  আহিছিল।  তুমি  আমাৰ  ল’ৰাটোৰ  ফালে  মুখ  কৰি  তাক  ক’ব  খুজিছিলা  যে,  মই  একেবাৰে  গুচি  গৈছোঁ।  কিন্তু  তাক  তুমি  কি  বুজাবা?  গুচি  যোৱাৰ  অৰ্থই  বা  কি  জানে  সেই  সৰু  ল’ৰাটোৱে।  তাৰ  পাছত  আমি  তৰাৰে  ভৰি  থকা  আকাশখনৰ  তলত  শুইছিলোঁ,  যেতিয়া  আকাশত  ৰংবিৰঙী  ফটকাবোৰ  ফুটিছিল,  তুমি  মোৰ  ফালে  হাউলি  আহিছিলা  আৰু  প্ৰথমবাৰৰ  বাবে  এটা  চুমা  আঁকি  দিছিলা।  তোমাৰ  ওঁঠযোৰ  মোৰ  গোমধানৰ  আখৈৰ  দৰে  লাগিছিল।  তুমি  এজন  নতুন  স্বামী  গ্ৰহণ  কৰাৰ  বাবে  মই  তোমাক  দোষ  দিব  নিবিচাৰোঁ।

তুমি  যেতিয়া  অৱশেষত  ঘুৰি  আহিলা  তেতিয়া  তুমি  এজনী  সৰু  ছোৱালী হৈ  আহিলা।  মই  ভাবোঁ,  সেইয়া  আমাৰ  দুয়োৰে  বাবে  বৰ  কষ্টকৰ  আছিল।  আমাৰ  দুয়োৰে  তেতিয়া  আৰু  সেই  আগৰ  স্মৃতিবোৰ  নাছিল।  তুমি  মোৰ  হাতত  ধৰিছিলা  আৰু  কৈছিলা  যে  সকলোবোৰ  ঠিক  হৈ  যাব। তুমি  চাগে  অকণো  সলনি  হোৱা  নাই,  কিন্তু  আমি  দুয়ো  জানো  যে  সেয়া  সঁচা  হ’ব  নোৱাৰে।  সময়ে  মানুহক  সলাই  পেলাই,  এনেকুৱাই  হয়  আচলতে  কথাবোৰ,  ইয়েই  সঁচা।

 

(৩)

 

আজি,  তলৰ  মহলাৰ  মজিয়ালৈ  মই  নামি  গৈছিলোঁ,  আৰু  তাত  থকা  যন্ত্ৰটো  চলাই  দিছিলোঁ।  মোৰ  এতিয়াও  মনত  আছে  যিদিনা  তুমি  সেইটো  প্ৰথমবাৰ  চলাইছিলা।  এদিন  তুমি  তোমাৰ  নতুন  পতিৰ  কাষত  ৰৈ  সাংবাদিকৰ  ভিৰৰ  সন্মূখত  থিয়  হৈ  থাকিবা,  আমাৰ  ল’ৰাটোও  থাকিব  তোমালোকৰ  লগত।  তুমি  সময়  আৰু  মৃত্যুৰ  কায়দাবোৰৰ  বিষয়ে  তেওঁলোকৰ  আগত  ভাষণ  ডাঙি  ধৰিবা,  আৰু  ক’বা  বিজ্ঞানৰ  জয়যাত্ৰাই  কেনেকৈ  আমাক  সময়ৰ  সীমাবদ্ধতাসমূহৰপৰা  এদিন  মুক্ত  কৰি  তুলিব।  কিন্তু  সেই  সময়তো  তোমাৰ  অন্তৰখনত  এটা  কথাই  অনবৰত  দোলা  দি  থাকিব,

“তেওঁ  যদি  থাকিলহেতেন  আজি  এইবোৰ  চাবলৈ।”

মই  এই  সকলোবোৰ  জানো   কাৰণ  তুমি  মোক  আমি  লগ  পোৱাৰ  আগতেই  তোমাৰ  ডায়েৰীখন  দেখুৱাইছিলা,  নেদেখুৱাইনো  কেনেকৈ  পাৰা?  এইটো  যে  তোমাৰ  জীৱনৰ  সকলোতকৈ  গুৰুত্বপূৰ্ণ  দিন  আছিল।  তুমি  আমাক  শত্ৰুৰপৰা  ৰক্ষা কৰিলা,  যুদ্ধৰ  অৱসান  ঘটাই।  তুমি  মোক  যুদ্ধখন  শেষ  কৰিবলৈ  কৈছিলা,  কিন্তু  মই  কৰিব  পৰা  একোৱেই  নাছিল।  ভৱিষ্যতটোও  অতীতৰ  দৰেই  সত্য।  আগৰ  আৰু  পাছৰ  বুলি  কোনো   কথা  নাই।  তোমাৰ  বাবেই  কেতিয়াও  নাছিল।

আমি  এনেদৰে  জীয়াই  থাকিব  নোৱাৰোঁ!

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.