প্ৰত্যাৱৰ্তন (মূল: The Return, Fernando Sorrentino) -দীপাংকৰ চেতীয়া

প্ৰত্যাৱৰ্তন (মূল: The Return, Fernando Sorrentino) -দীপাংকৰ চেতীয়া by February 14, 2014 1 comment

(১)

১৯৬৫ চনত মোৰ বয়স আছিল তেইশ বছৰ, স্কুলত ভাষা আৰু সাহিত্যৰ শিক্ষক হ’বলৈমইে তেতিয়া পঢ়ি আছোঁ। ছেপ্টেম্বৰ মাহ, শৰতৰ কোনোবা এটা ঢলপুৱা, মইা মোৰকোঠাত সোমাই কিতাপ এখন মেলি লৈছিলোঁ। আলিবাটটোৰ এইপাৰে মইচ থকা ঘৰটোৱেইএকমাত্ৰ ঘৰ আছিল। মোৰ কোঠাটো আছিলছয় নম্বৰ মহলাত।

মইৰ কিবা এটাএলাহ অনুভৱ কৰিছিলোঁ, আৰু অলপ সময়ৰ মূৰে মূৰে কিতাপৰ পৰা চকু আতৰাইখিড়িকীৰ আইনাৰ মাজেৰে বাহিৰলৈ ভুমুকিয়াই আছিলোঁ, খিড়িকীখনেৰে আলিবাটটোধুনীয়াকৈ দেখা গৈছিল, মূল আলিটোৰ কাষত খোজ কাঢ়িবলৈ আন এটা সৰু অংশ আছিল, তাৰ সিপাৰে আছিল ধুনীয়াকৈ আপডাল কৰি ৰখা ডন চিজাৰিঅ’ৰ বাগিছাখন, আৰু তাৰকাষতে চিজাৰিঅ’ৰ পঞ্চভূজাকৃতিৰ ঘৰটো।

চিজাৰিঅ’ৰ ঘৰৰ কাষতেই আছিলহৃদয়বান, মৰমিয়াল মানুহেৰে ভৰি থকা বাৰ্ণেচক’ণি পৰিয়ালৰ সুদৃশ্য ঘৰটো, তেওঁলোকৰ ঘৰৰ তিনিজনী জীয়ৰী, তাৰেই ডাঙৰজনীৰ প্ৰেমত পৰিছিলোঁ মইদ। এড্ৰিয়ানা আছিল তাইৰ নাম। সেয়ে অলপ সময়ৰ মূৰে মূৰে বাহিৰলৈ চাই থকাটো মোৰহৃদয়ৰো তাগিদা আছিল, মইন আশা কৰি আছিলোঁ তাই ৰাতিপুৱা খোজ কাঢ়িবলৈ বাহিৰৰআলিবাটটোলৈ ওলাই আহিব।

প্ৰত্যেকদিনাৰ দৰে সেইদিনাও ডন চিজাৰিঅ’ তেওঁৰ মৰমৰ বাগিছাখনত পানী দিয়া আৰু চোৱা চিতা কৰাত ব্যস্ত হৈ আছিল, বাগিছাখনক কাষৰ আলিবাটটোৰ পৰা এখন লোৰ জেওৰা আৰু তিনিটা খট‌খটীয়ে পৃথক কৰিৰাখিছিল।

নিজান হৈ থকা আলিবাটটোত অলপ আতঁৰত বাটৰুৱা এজনে মোৰদৃষ্টি আকৰ্ষণ কৰিলে। চিজাৰিঅ’ আৰু বাৰ্ণেচক’ণিৰ ঘৰৰ ফালে থকা মূল আলিৰ পদপথেৰে সি আমাৰ ঘৰকেইটাৰ ফালে আহি আছিল। মগনিয়াৰ বা অঘৰী মানুহটোৱেৰঙ-বিৰঙৰ মলিয়ন কম্বল এখন মেৰিয়াই আহিছিল। সেইখনৰ সৈতে মানুহটোক কিবাউলম্ব ৰামধেনু এখনৰ দৰে লাগিছিল। মানুহজনক মই ৰ লাগি চায়েই থাকিলোঁ।

দাঢ়ি গোঁফেৰে ভোবোকাৰ মানুহটোৰ মূৰটো কিবা অদ্ভুত আকাৰৰটুপী এটাই ঢাকি ৰাখিছিল।তেতিয়া সিমান জাৰ নাছিল যদিও মানুহটোৱে কম্বলখনৰতলত এটা ডাঠ অ’ভাৰকোট পিন্ধি আছিল, কম্বলখনৰ দৰে সেইটো‍ও আছিল ৰং যোৱা আৰু মলিয়ন। তাৰোপৰি মানুহটোৱে কাগজৰি ডাঙৰ উৱলি যোৱা মোনা এটাও লৈ আহিছিল, খুবসম্ভৱ তেওঁ কিবা খোৱাবস্তু বা আন কিবা তাত ভৰাই আনিছিল।

(২)

“ঐ, আঁতৰ, আঁতৰ হ ইয়াৰ পৰা। মোৰ এইফালে নোসোমাবি!”

খটখটী তিনিটা পাৰ হৈ মানুহটো লোৰ জেওৰাখনৰ ওচৰ পাইছিলগৈ। নাহিবলৈ কোৱাৰপাছতো তাৰ সাহস দেখি চিজাৰিঅ’ই নিজৰ ধৈৰ্য হেৰুৱাই পেলালে আৰু জেওৰাৰ ভিতৰৰপৰাই তাৰ বুকুত ধৰি গতা মাৰি দিলে। হঠাতে হোৱা আক্ৰমণত মানুহটোৱে একোতত ধৰিব নোৱাৰিলে আৰু তিতিথকা খটখটীকেইটাত পিছলি পৰিল। লোৰ জেওৰাখনধৰিবলৈ সি হাতখন মেলিছিল যদিও সফল নহ’ল আৰু মাটিত কৰ্ফাল খাই পৰিল।তাৰ ভৰিকেইটা ওপৰলৈ দি মূৰটো খটখটীকেইটাৰ তলত থেকেচ খাই পৰা মইি মোৰ কোঠাৰপৰা দেখিলোঁ। তলৰ পকী খটখটীটোত পৰি তাৰ লাওখোলাটো ভাগি পৰাৰ শব্দটোও মইৰ স্পষ্টকৈ শুনিবলৈ পালোঁ।

চিজাৰিঅ’ই লোৰ জপনাখন খুলি তড়িৎ গতিত মানুহটোৰ ওচৰ পালেহি, আৰু হাউলি মানুহটোৰ বুকুৰ ঢপঢপনি পৰীক্ষাকৰিবলৈ ধৰিলে। উত্তেজনাৰ বশৱৰ্তী হৈ মানুহটোক গতা মাৰি দিয়া চিজাৰিঅ’ এইবাৰসন্ত্ৰস্ত হৈ পৰিল। মানুহটোক আলিটোলৈ টানি আনি ইফালে সিফালে চাই চিজাৰিঅ’ নিশ্চিত হ’ল যে তেওঁক কোনেও দেখা নাই। এইবাৰ তেওঁ ততাতৈয়াকৈ নিজৰ ঘৰতদুৱাৰ মাৰি সোমাই থাকিলগৈ।

তেওঁৰ অলক্ষিতে মইম ঘটনাটোৰ একমাত্ৰসাক্ষী হৈ ৰ’লো। অলপ পাছত আলিবাটেৰে যোৱা এজন মানুহে মৃত মগনিয়াৰটোকদেখিলে। তাৰ পাছত আন বিলাকেও দেখিলে। কিছুসময়ৰ পাছত পুলিচ আহিল। এখনএম্বুলেঞ্চেৰে তাৰ দেহটো তাৰ পৰা লৈ যোৱা হ’ল।

মগনিয়াৰটোৰ কাহিনী ইমানতে শেষ হ’ল, তাৰ কথা তাৰ পাছত আৰু কাৰো মুখত শুনা নগ’ল।

ময়োি এই বিষয়ে কেতিয়াও মুখ নোখোলোঁ বুলি মনতে সিদ্ধান্ত ল’লো। মইখ হয়তোভুল সিদ্ধান্ত লৈছিলো। কিন্তু মইা ভাবিলোঁ মোক কেতিয়াও একো অপকাৰ নকৰা বুঢ়ামানুহ এজনক ধৰাই দি মোৰ কি লাভ হ’ব? তাৰোপৰি চিজাৰিঅ’ই জানি বুজি তেনে কৰানাছিল, এইয়া হৈছিল দুৰ্ভাগ্যবশত। সেয়ে তেনে এক কামৰ বাবে মানুহজনক জীৱনৰশেষ বছৰকেইটাত আইনী পাকত পেলাই কষ্ট দিব বিচৰা নাছিলোঁ। মইব ভাবিছিলোঁতেওঁক অকলশৰে থাকিবলৈ দিয়াটোৱেই সকলোতকৈ ভাল কাম হ’ব।

লাহে লাহেএই অধ্যায়টো মোৰ মনৰ পৰা আঁতৰিবলৈ ধৰিলে। কিন্তু যিমান বাৰ মইৱ চিজাৰিঅ’কদেখো, তিমানবাৰেই ময়েই তেওঁ কৰা ভয়ংকৰ পাপৰ একমাত্ৰ সাক্ষী এই কথাটো ভাবি কিবা এক অচিন উত্তেজনা অনুভৱ কৰা হ’লো। তেতিয়াৰ পৰা কিয় নাজানো মইবচিজাৰিঅ’ৰ পৰা প্ৰায় পলাই ফুৰা হ’লো, তেওঁ সৈতে কথা পতাৰ সাহস মইছ আৰুকেতিয়াও গোটাব নোৱাৰিলোঁ।

(৩)

১৯৬৯ চন, মোৰ বয়স সাতাইশ হ’ল, মোৰ স্নাতক সম্পূৰ্ণ হোৱাৰ পাছত মইা স্পেনীছ ভাষা আৰু সাহিত্য পঢ়োৱা আৰম্ভকৰিলোঁ। এড্ৰিয়ানাই মোক বিয়া নকৰালে, তাইৰ বিয়া আন কাৰোবাৰ লগতহে হ’ল, কোনেজানে সেইজন ব্যক্তিয়ে তাইক মোতকৈও বেছিকৈ ভাল পায়নে নাপায় বা তাইৰ বাবেতেওঁ উপযুক্তনে?

সেই সময়ত এড্ৰিয়ানা গৰ্ভৱতী আছিল, আৰু সন্তানপ্ৰসৱৰ সময় সমাগত আছিল। তাই তেতিয়াও সেই ধুনীয়া ঘৰটোতে থাকিছিল, আৰু তাইদিনক দিনে আগতকৈ অধিক ধুনীয়া হৈ পৰিছিল। ডিচেম্বৰ মাহৰ চেঁচা পুৱাএটাত মইপ মোৰ কোঠাত কেইজনমান ছাত্ৰক ব্যাকৰণৰ কিবা এটা পাঠ পঢ়াই আছিলোঁ। সিহঁতে এটা পৰীক্ষালৈ প্ৰস্তুতি চলাই আছিল। পঢ়াই থকাৰ মাজে মাজে মই আলিবাটলৈ ভুমুকিয়াই আছিলোঁ।

হঠাৎ এটা দৃশ্যইমোৰ বুকুৰ তেজখিনিক যেনজোৰকৈ খুণ্ডা মাৰি স্তদ্ধ কৰি দিলে। মইা ভাবিলোঁ এইয়া মাত্ৰ মোৰ দৃষ্টিৰ বিভ্ৰম।

সেই চাৰি বছৰ আগৰ দৰে হুবহু একে ফালেৰে চিজাৰিঅ’ই হত্যা কৰা মগনিয়াৰটো আহিবধৰিছে। সেই একেইখন কম্বল, মলিয়ন অ’ভাৰকোট আৰু বিচিত্ৰ আকৃতিৰ টুপীটো পিন্ধিসি আমাৰ ঘৰবোৰৰ ফালে আগবাঢ়ি আহিছে, হাতত একেটাই কাগজৰ উৱলি যোৱা মোনা।

মোৰ ছাত্ৰ কেইজনৰ কথা পাহৰি মইি ক্ষীপ্ৰ গতিৰে খিড়িকীৰ কাষ পালোগৈ। লাহেলাহে মগনিয়াৰটোৰ খোজবোৰ ধীৰ হ’ল, এনে লাগিল সি যেন তাৰ লক্ষ্যৰ ওচৰ চাপিছে।একমুহূৰ্তৰ বাবে মইত ভাবিলোঁ সি হয়তো সেইদিনা মৰা নাছিল আৰু এতিয়াচিজাৰিঅ’ৰ ওপৰত প্ৰতিশোধ ল’বলৈ আহিছে।

মানুহটো এইবাৰ লোৰজপনাইদি সোমাই এড্ৰিয়ানাহঁতৰ ঘৰৰ ফালে সোমাই গ’ল, অলপ পাছত সি দুৱাৰৰখিলিটো টানি সিহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই যোৱা মইৰ দেখা পালোঁ।

“মইোএতিয়াই আহি আছোঁ,”মোৰ ছাত্ৰকেইজনক ঊদ্দেশ্যি মইৱ ক’লো। ইতিমধ্যে উত্তেজনাতমইধ চিন্তা কৰিব নোৱৰা হৈ পৰিছিলো, চিৰিৰে মই্ উধাতু খাই তল পাই আলিবাটৰসিপাৰে থকা এড্ৰিয়ানাহঁতৰ ঘৰলৈ মইন দৌৰ মাৰিলোঁ।

তাইৰ মাক ঘৰৰ দুৱাৰমুখতে থিয় হৈ আছিল, আৰু ঘৰৰ আন লোকো আছিল তাত। তেখেতে মোক সাৱটি ধৰিলে আৰুউত্সা হত চুমা খালে। মইি ধৰিব নোৱাৰিলো কি হৈছে তাত। কিছু সময় নিমাতেথাকিলোঁ। অলপ পাছত মইস গম পালোঁ এড্ৰিয়ানা মাক হৈছে অলপ আগেয়ে। সেই বাবেই ঘৰৰ সকলোৰে ইমান উলাহ। মোৰ প্ৰেমৰ প্ৰতিদন্দীক হাত মিলাইঅভিনন্দন জনোৱাৰ বাদেমোৰ কোনো উপায় নাছিল।

(৪)

মইদ ভাবি পোৱা নাছিলো এইমূহুৰ্তত তেওঁলোকক কেনেকৈ এইটো কথা সোধোঁ। নোসোধাই ভাল হ’ব নেকি এইটো‍ও মইহ ঠিক কৰিব পৰা নাছিলোঁ। অৱশেষত মইদ আৰম্ভ কৰিলোঁ,

“আচলতে মইবআপোনালোকৰ দুৱাৰৰ ঘণ্টা নবজোৱাকৈ সোমাই আহিলোঁ, কাৰণ মইে এজন মলিয়ন কাপোৰপিন্ধা মগনিয়াৰক আপোনালোকৰ ঘৰত সোমোৱা দেখা পাইছিলোঁ, আৰু মইপ ভয় খাইছিলোসি আপোনালোকৰ ঘৰত কিবা চুৰি-তাৰি কৰিব বুলি।”

তেওঁলোক মোৰ কথাতআচৰিত হৈছিল। মগনিয়াৰ! মলিয়ন কাপোৰ? চুৰ? তেওঁলোক সকলো দেখোন সেইকোঠাটোতেই আছে ইমান সময়ে। মই্ কাৰ কথা কৈছো তেওঁলোকে একো ধৰিব নোৱাৰি অবাকহ’ল।

“মইক খুবসম্ভৱ ভুলকৈ দেখিলোঁ!”মই ক’লো।

তাৰ পাছততেওঁলোকে মোক এড্ৰিয়ানা থকা কোঠাটোলৈমাতিলে। মইা তাইক অভিনন্দন জনালোঁ আৰুকপালত এটা চুমা দিলোআৰু সুধিলোঁ কণমানিটোৰ কি নাম দিব? তেওঁলোকে উত্তৰদিলে,‘গুস্তাভ’–দেউতাকৰ পচন্দৰ নাম। মই। হোৱা হ’লে এড্ৰিয়ানাৰ সন্তানৰ নামফাৰ্ণাণ্ড’ ৰাখিলোঁহেতেন, মনতে ভাবিলোঁ, আৰুএকো নোকোৱাকৈ উভতি আহিলোঁ।

ঘৰত আহি মইভ ভাবিবলৈ ধৰিলো, এইয়া নিশ্চয় চিজাৰিঅ’ই হত্যা কৰামগনিয়াৰটোৱেই, সি প্ৰতিশোধ ল’বলৈ অহা নাছিল। আহিছিল এড্ৰিয়ানাৰ সন্তানহিচাপে এটা নতুন জীৱন আৰম্ভ কৰিবলৈ।

কিন্তু দুই তিনিদিনৰ পাছত মোৰ এই যুক্তিক মোৰ নিজৰে বৰ উদ্ভত যেন লাগিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এইটো কথাও মইি পাহৰিব ধৰিলোঁ।

**

আৰু সেইটো ঘটনা মইা একেবাৰেই পাহৰি পেলালোঁহেতেন যদিহে ১৯৭৯ চনৰ এই ঘটনাটো নঘটিলহেতেন।

সেইদিনাও এখন কিতাপ লৈ মইে খিড়িকীৰ কাষত বহি আছিলোঁ। এড্ৰিয়ানাৰ ল’ৰাগুস্তাভ’ৱে ঘৰৰ ওপৰৰ ছাদত খেলি আছিল। তাক দেখি ভাবিলোঁ সি খেলাৰ এই দক্ষতাতাৰ দেউতাকৰ পৰা পাইছে। সি মোৰ সন্তান হোৱা হ’লে হয়তো আন কিবা কামতসিদ্ধহস্ত হ’লহেতেন।

(৫)

সি খালী পানীয়ৰ বটল কিছুমান ছাদৰকাষত সজাইছিল আৰু কিছু দূৰৰ পৰা সেইবোৰ লক্ষ্য কৰি শিলগুটি দলিয়াইছিল। ছাদৰপৰা সৰি পৰা খালী বটলবোৰ তলত থকা চিজাৰিঅ’ৰ বাগিচাখনত গৈ পৰিছিলগৈ। মইিভাবিছিলোঁ বুঢ়া মানুহজনে যেতিয়া আহি এইবোৰ দেখিবহি তেওঁ বৰ দুখ পাব।

সঁচাকৈ ঠিক সেই সময়তে চিজাৰিঅ’ ঘৰৰ ভিতৰৰ পৰা বাগিচাখনলৈ সোমাই আহিল। বয়সবহুত বেছি হোৱা চিজাৰিঅ’ই খুব সাৱধানে খোজ কাঢ়িছিল, এইবাৰ থৰক-বৰককৈবাগিচাখনৰ পৰা লোৰ জপনাখন খুলি খটখটীকেইটাৰ ফালে চিজাৰিঅ’ আগবাঢ়িল।

একে সময়তে গুস্তাভ’য়ে বুঢ়া মানুহজনক নেদেখাকৈ বাকী থকা শেষ বটলটোলৈ এটাশিলগুটি নিক্ষেপ কৰিলে। বটলটো বেৰত কেইবাটাও খুন্দা খাই শব্দ কৰি ফুলনিখনৰমাজত পৰিলহি। খুপি খুপি খটখটীৰে নামি যোৱা চিজাৰিঅ’ই শব্দটো শুনি উচপ খাইউঠিল আৰু হঠাতে পিছফালে ঘূৰি চাবলৈ বিচাৰিলে। কিন্তু পিছলখটখটীকেইটাতবুঢ়াই নিজক চম্ভালিব নোৱাৰিলে। মুহূৰ্ততে তলৰ খটখটীটোত পৰি চিজাৰিঅ’ৰলাউখোলাটো বিচূৰ্ণ হৈ গ’ল।

মইৰ খিড়িকীৰে দেখি থাকিলো সকলো। এড্ৰিয়ানাৰ ল’ৰাটোৱে ওপৰৰপৰা এই ঘটনা দেখা পোৱা নাছিল, সি অলপ পাছতে ছাদৰপৰা নামি গ’ল। ইতিমধ্যে বহু মানুহে আহি মৃত চিজাৰিঅ’ৰ চাৰিওফালে ভিৰকৰিছিলহি।

পিছদিনা ৰাতিপুৱাই মইখ খিড়িকীৰ কাষত বহিছিলোহি, চিজাৰিঅ’ক শেষযাত্ৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল।

কিছুসময়ৰ পাছত এড্ৰিয়ানাহঁতৰ ঘৰৰ ভিতৰৰপৰা মলিয়ন কম্বলখন গাত লৈ মগনিয়াৰএটা মানুহবোৰৰ ভিৰ ফালি ওলাই আহিছিল। আগতে অহা আলিবাটটোৰে সি দূৰলৈ আঁতৰিযোৱা মইন চাই থাকিলোঁ।

(৬)

দুপৰীয়ালৈ পোৱা খবৰটোৱে মোক দুখী কৰিলে কিন্তু আচৰিত কৰিব নোৱাৰিলে–“গুস্তাভ’ সেইদিনা ৰাতিপুৱা বিচনাৰে পৰা নোহোৱা হৈছে।”

বাৰ্ণেচক’ণি পৰিয়ালে এতিয়াও গুস্তাভ’ক বিচাৰি ফুৰে। মোৰ হৃদয়খন ইমানশক্তিশালী নহয় যে মইৰ সিহঁতক ক’ব পাৰিম গুস্তাভ’ক বিচাৰি আৰু কোনো লাভ নাই।

Comments

1 Comment so far

Jump into a conversation

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.