ছয়ুজ-১১ : ধৰালৈ ঘূৰিও নুঘূৰা মহাকাশ অভিযান (ডা:উদ্দীপ তালুকদাৰ)

ছয়ুজ-১১ : ধৰালৈ ঘূৰিও নুঘূৰা মহাকাশ অভিযান (ডা:উদ্দীপ তালুকদাৰ) by February 15, 2014 0 comments

ছয়ুজ-১১ : ধৰালৈ ঘূৰিও নুঘূৰা মহাকাশ অভিযান

ৰাতিৰ আকাশলৈ মূৰ তুলি চালেই চকুত ধৰা দিয়ে টিপটিপাই থকা অলেখ অযুত তৰাই। ঢিমিক-ঢামাক সিহঁতৰ পোহৰে মানৱ কল্পনাৰ জন্ম-লগ্নৰেপৰা খেলি আহিছে লুকা-ভাকু খেল। সিহঁতক বুজিবলৈ মানুহৰ প্ৰজ্ঞা-জিজ্ঞাসৰ অভাৱ কাহানিও হোৱা নাই। কিনো এই তৰাবোৰ? কিমান দূৰত বাৰু থাকে? আমি কেতিয়াবা চুব পাৰিমনে সিহঁতক? প্ৰজ্ঞাৰ অগ্ৰগতি হ’ল। তৰাৰ ৰহস্যৰ ওৰণি লাহে লাহে নামি আহিল। বুজিব পৰা গ’ল সিহঁতো আমাৰ ধৰাৰ দৰেই। কোনোবাটো গ্ৰহ, কোনোবাটো নক্ষত্ৰ, কোনোবাটো আকৌ নীহাৰিকা। তৰাৰ স্বৰূপ বুজাৰ লগে লগেই মানৱ মনলৈ হাবিয়াস আহিল সিহঁতক চুই চোৱাৰ। কিন্তু সিহঁতক নিচেই কাষৰেপৰা চোৱাৰ বাধা আছিল অত্যন্ত কঠিন। নয়ন সমুখত থাকিলেও সিহঁতৰ আৰু আমাৰ মাজত শত-হাজাৰ আলোকবৰ্ষৰ ব্যৱধান। কিন্তু বাধা অকল দূৰত্বই নহয়। তাতোকৈও ডাঙৰ বাধা মাধ্যাকৰ্ষণৰ। পৃথিৱীৰ এই অদৃশ্য শক্তিয়ে টানি ৰাখিছে ইয়াৰ সকলো। যেন মৰমীয়াল মাতৃয়ে নিজৰ সন্তানক আঁচলৰ বান্ধোনৰপৰা ওলাই যাবলৈ দিব বিচৰা নাই। কিন্তু আই মাতৃৰ এই মৰম-বান্ধোন নেওচি সীমাহীন মহাকাশলৈ যোৱাৰ হেঁপাহ মানৱ জাতিয়ে নকৰাকৈ থকা নাই। মানৱ প্ৰজ্ঞাৰ বাবে মহাকাশলৈ যোৱাটো যেন আদৰুৱা শিশু এটি ডাঙৰ হৈ নিজ বাট লোৱাৰ দৰে। মহাকাশলৈ যাব পাৰিলেহে সেই শিশুটি ডাঙৰ হ’ব, অভিজ্ঞতা লভিব, পুষ্ট হ’ব প্ৰজ্ঞা।

দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত পৃথিৱীৰ বুকুলৈ তুলনামূলকভাৱে ৰাজনৈতিক শান্তি ঘূৰি আহিছিল। যুদ্ধৰ মূলভূমি ইউৰোপৰ ক্ষমতাশালী দেশ জাৰ্মানীৰ ৰাজনৈতিক শক্তি লুপ্ত হৈছিল। পৃথিৱীত বিজয় ডংকা বজাইছিল দুখন শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰুছিয়াই। এখন হাবিত থকা দুটা সিংহৰ দৰে ইখনে সিখনৰ ওপৰত উৰুৱাব বিচাৰিছিল ক্ষমতাৰ ধ্বজ। কিন্তু বিশ্বযুদ্ধৰ বিভীষিকাৰ বাবে ক্ষমতাৰ এই যুঁজ মানৱ প্ৰাণহানিৰ যুঁজত পৰিণত হোৱা নাছিল, আৰম্ভ হৈছিল শীতল যুদ্ধৰ। দুইখন দেশে নিজৰ ক্ষমতাৰ দৌৰ দেখুৱাবলৈ বিচাৰি লৈছিল আন এখন ক্ষেত্ৰ–মহাকাশ। মহাকাশ বিজয়ৰ সপোন দেখিছিল দুইখন দেশেই, নামিছিল প্ৰতিযোগিতাত। অৱশ্যে মহাকাশ জয়ৰ লগতে একে বিষয়ৰ গৱেষণাৰ সামৰিক লাভালাভেও বহু দূৰলৈ ক্ৰিয়া কৰিছিল।

আমেৰিকা-ৰুছিয়াৰ মাজৰ মহাকাশ দৌৰৰ প্ৰথম ভাগৰ বিজয়ী আছিল ছোভিয়েট ৰুছিয়া। ছোভি্য়েট ৰুছিয়াই উপগ্ৰহ নিক্ষেপন, জীৱিত প্ৰাণী মহাকাশলৈ প্ৰেৰণ, মহাকাশচাৰী প্ৰেৰণ, মহিলা মহাকাশচাৰী প্ৰেৰণ, চন্দ্ৰপৃষ্ঠত প্ৰথম অৱতৰণ আদি কেবাটাও দিশত প্ৰথম সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। মহাকাশ বিজয়ৰ গৌৰৱেৰে উপচি আছিল প্ৰতিজন ৰুছী ব্যক্তিৰ মন। ৰুছবাসীৰ বাবে মহাকাশত ৰুছিয়াৰ অসাধ্য একোৱেই নাছিল। কিন্তু সেই সফলতা আছিল একাগ্ৰ চেষ্টা, পৰিশ্ৰম আৰু কেইজনমান অসীম সাহসী ৰুছীৰ সৰ্বস্ব উজাৰি কৰা প্ৰচেষ্টাৰ অংশ। অৱশ্যে ৰুছিয়াৰ শাসন-প্ৰণালীয়ে সাধাৰণ ৰাইজক সকলো কথা জানিবলৈ নিদিছিল। অসফল কাহিনীবোৰ প্ৰায়েই ঢাকি ৰখা হৈছিল। কিন্তু সকলো সফল-অসফল প্ৰচেষ্টাৰ বিষয়ে ভালদৰেই জানিছিল এলেক্সি লিঅ’নভ-য়ে।

এলেক্সি লিঅ’নভ, সম্পূৰ্ণ নাম, এলেক্সি আৰ্খিপ’ভিছ লিঅ’নভ। মহাকাশ-খোজ দিয়া প্ৰথমগৰাকী ব্যক্তি হিচাপে ইতিহাসৰ অংশীদাৰ। ১৯৬৫ চনৰ ১৮ মাৰ্চ তাৰিখে মহাকাশযান ভকশ্বড-২-ৰপৰা বাহিৰত ১২ মিনিট ৯ ছেকেণ্ড সময় পাৰ কৰি তেওঁ এই গৌৰৱৰ অংশীদাৰ হৈছিল। ১৯৬০ চনত ছোভিয়েট ৰুছিয়াৰ মহাকাশ ভ্ৰমণৰ প্ৰথম প্ৰস্তুতিৰ সময়তে প্ৰশিক্ষণপ্ৰাপ্ত ২০ গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী আছিল লিঅ’নভ। একেটা গোটৰে য়ুৰি গেগেৰিনে প্ৰথম মহাকাশচাৰী হোৱাৰ গৌৰৱ লাভ কৰিছিল।

লিঅ’নভ জীৱনৰ দ্বিতীয়টো মহাকাশ ভ্ৰমণৰ বাবে সাজু হৈছিল ১৯৭১ চনত। এই ভ্ৰমণ সফল হ’লে আন এক ইতিহাসৰ অংশীদাৰ হোৱাৰো সুযোগ আছিল। ১৯৭১ চনৰ ৪ জুন তাৰিখে উৎক্ষেপন হ’বলগীয়া ছয়ুজ-১১-ৰ মহাকাশচাৰীৰ বাচনিত আছিল লিঅ’নভ আন দুগৰাকী মহাকাশচাৰী ভেলেৰি কুবাছ’ভ আৰু পিঅ’টৰ ক’ল’ডিন। তিনিওৰে সন্মুখত আছিল মহাকাশ ভ্ৰমণৰ এক ঐতিহাসিক প্ৰত্যাহ্বান। একেটা বৰ্ষৰে এপ্ৰিল মাহৰ ১৯ তাৰিখে ৰুছিয়াই মহাকাশলৈ প্ৰেৰণ কৰিছিল এখন মানৱবিহীন মহাকাশ আস্থান–ছেলুট-১। বিমান দুৰ্ঘটনাত প্ৰাণ হানি হোৱা য়ুৰি গেগেৰিনৰ প্ৰতি সন্মান জনাই ইয়াৰ নাম ৰখা হৈছিল ছেলুট-১। ৰুছিয়াৰ পৰিকল্পনা আছিল এই আস্থানক মহাকাশতে স্থাপন কৰি দিঘলীয়া সময়লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা। মহাকাশ আস্থানৰ যাত্ৰী কঢ়িয়াই প্ৰেৰণ কৰা হৈছিল ছয়ুজ-১০ নামৰ আন এখন যান। কিন্তু ছয়ূজ-১০-ৰ মহাকাশচাৰীয়ে আস্থানত প্ৰৱেশ কৰিবলৈ সমৰ্থ নহ’ল। ছয়ুজ-১০ আৰু ছেলুট-১-ৰ মাজত সংযোগ স্থাপনকাৰী দুৱাৰ খোল নোখোৱাৰ বাবে ছয়ুজ-১০-ৰ মহাকাশচাৰীসকল পৃথিৱীলৈ ঘূৰি আহিবলগীয়া হয়। সেয়ে, পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে ছয়ুজ-১০-ত থকা আসোঁৱাহ দূৰ কৰি ছয়ুজ-১১ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

কিন্তু বিজ্ঞানৰ নিশ্চয়তাৰ ওপৰতো থাকে ভাগ্যৰ কূটিল নিয়ন্ত্ৰণ। ছয়ুজ-১১-কো ভাগ্যৰ চকৰীয়ে বাৰুকৈয়ে ঘূৰাইছিল। ছোভিয়েট ৰুছিয়াৰ পৰিকল্পনা আছিল ছয়ুজ-১১-ৰ যাত্ৰী গৈ ছেলুট-ত অৱতৰণ কৰাৰ পাছত ১২ জুলাইত ৰাওনা হ’ব ছয়ুজ-১২ আন তিনিগৰাকী যাত্ৰীসহ, আৰু ছয়গৰাকী মহাকাশচাৰীয়ে মহাকাশ আস্থানত অতিবাহিত কৰিব এমাহৰপৰা ছয় সপ্তাহলৈ। কিন্তু, এই পৰিকল্পনা কাৰ্যত পৰিণত কৰিবলৈ ছয়ুজ-১১ সফল হোৱাটো আছিল প্ৰথম প্ৰক্ৰিয়া। কিন্তু সকলো ওলট-পালট হ’ল উৎক্ষেপনৰ আগৰ দিনা–৩ জুন ১৯৭১-ৰ দিনটোত।

তিনিগৰাকী মহাকাশচাৰীৰ এজন কুবাছ’ভৰ হাওঁফাওঁত দেখা গ’ল এটা উখহা অংশ। মস্কোৰ ইনষ্টিটিউট অৱ বায়’মেডিকেল প্ৰবলেমছ-ৰ চিকিৎসকে ভাবিলে কুবাছভৰ বুকুত যক্ষ্মা ৰোগে বাহ লৈছে। লগে লগে সিদ্ধান্ত লোৱা হ’ল ছয়ুজ-১১-ৰ তিনিও মহাকাশচাৰীকে প্ৰেৰণ কৰা নহ’ব। তাৰ ঠাই ল’ব ছয়ুজ-১২-ৰ বাবে সাজু হৈ থকা জৰ্জি ডব্ৰ’ভলস্কি, ভ্লাডিশ্লাভ ভলক্‌ভ আৰু ভিক্টৰ পেটছায়েভ-য়ে। নিৰাশ হ’ল সাজু হৈ থকা তিনিগৰাকী মহাকাশচাৰী। চিকিৎসকে ৰোগ চিনাটো ভুল কৰিছিল। কুবাছ’ভৰ বুকুত সেয়া যক্ষ্মা ৰোগ নাছিল, আছিল সাধাৰণ এলাৰ্জীৰ চিনহে। উৎক্ষেপনৰ এদিন আগেয়ে লোৱা এই সিদ্ধান্তত সন্তুষ্ট হোৱা নাছিল লিঅ’নভ আৰু ক’ল’ডিনে। দুয়ো মুকলিকৈ তৰ্ক কৰিছিল ওপৰৰ বিষয়াৰ লগত। মুখ্য ডিজাইনাৰ ভাছিলি মিশ্বিনে কৈছিল, তেওঁলোকে দুয়োজনেই কিজানি কুবাছভৰ লগত একেটা চাহৰ কাপকে ব্যৱহাৰ কৰিছে, গতিকে তেওঁলোকো ৰোগত আক্ৰান্ত হ’ব পাৰে। খঙতে ক’ল’ডিনে হোটেললৈ আহি জোখতকৈ বেছিকৈ ভড্‌কা পান কৰি মাতাল হৈ পৰি আছিল। লিঅ’নভ অসন্তুষ্ট আছিল যদিও নিজকে চম্ভালি লৈছিল।

ছয়ুজ-১১-ৰ নতুন যাত্ৰীসকলো আনন্দত আত্মাহাৰা হৈ পৰা নাছিল। তেওঁলোকৰ প্ৰশিক্ষণৰ মাত্ৰ চাৰিমাহহে সম্পন্ন হৈছিল। ভলকভৰ বাহিৰে এজনৰো মহাকাশৰ অভিজ্ঞতা নাছিল। ভলকভৰো এখন যানৰপৰা আন এখনলৈ যোৱাৰ অভিজ্ঞতা নাছিল। সেয়ে ৩ জুনৰ দিনা বৈকানীৰত থকা মহাকাশ কেন্দ্ৰৰ কোনো এজন লোকেই শান্তিত কটোৱা নাছিল। পেটছায়েভে সেইদিনা সন্ধিয়া লগ কৰিছিল লিঅ’নভক আৰু তেখেতৰ স্থান লোৱাৰ বাবে ক্ষমা ভিক্ষা কৰিছিল।

উৎক্ষেপনৰ দিন পিছুৱাই দিয়া হৈছিল ৬ জুনলৈ। ছয়গৰাকী মহাকাশচাৰীকে ৰাষ্ট্ৰীয় কমিছনলৈ নিয়া হৈছিল। সাংবাদিকসকলে আচৰিত হৈ লক্ষ্য কৰিছিল কোঠাটোৰ গোমা পৰিৱেশ। সন্মানসূচক পদযাত্ৰাত লিঅ’নভ আৰু কুবাছভে ভাগ ল’বলৈ আপত্তি কৰিছিল। কুবাছভে কৈছিল, ‘যদি মোৰ অসুখ হৈছে, তেন্তে মোক বাৰণ কৰক!’

উৎক্ষেপনৰ দিনা কোনেও মনৰ খেদ ৰখা নাছিল। লিঅ’নভ আৰু সংগীসকলে হাঁহি হাঁহি ড’ব্ৰভলস্কি, ভলকভ আৰু পেটছায়েভ-ক শুভেচ্ছা জনাইছিল। মস্কোৰ সময়মতে ৰাতিপুৱা ৭:৫৫ মিনিটত তেওঁলোকক লৈ উৰা মাৰিছিল ছয়ূজ-১১। পিছদিনা তেওঁলোক উপস্থিত হৈছিল ছেলুট-১-ত। টেলিভিছনৰ পৰ্দাত তেওঁলোকৰ ছবি ৰুছিয়াত দেখা গৈছিল। তিনিটা সপ্তাহ তেওঁলোকে ছেলুট-১-ত কটাইছিল। তেওঁলোকে ওজনহীন অৱস্থাত কেবাটাও পৰীক্ষা সম্পন্ন কৰিছিল, নিয়মিত ব্যয়াম কৰিছিল, গ্ৰহ-নক্ষত্ৰৰ বিভিন্ন তথ্য লৈছিল। সৰু-সুৰা দুই এটা অঘটন নঘটাকৈ থকা নাছিল। ১৬ জুনৰ দিনা ভলকভে ভূ-স্থিত নিয়ন্ত্ৰণ কক্ষলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছিল–‘আস্থানৰ ভিতৰত এখন পৰ্দা।’ ভূ-স্থিত বাৰ্তাগ্ৰহণকাৰীয়ে নুবুজি সুধি পঠিয়াইছিল–‘পৰ্দা! কিহৰ পৰ্দা! আমি বুজা নাই!’ ভলকভে মুখৰ ভিতৰতে ওভোত মাত এটা মাতি আকৌ কৈছিল–‘জুই লাগিছে বোপাই, জুই!’ ভূ-স্থিত নিয়ন্ত্ৰণ কক্ষই পাহৰিয়েই গৈছিল যে জৰুৰী অৱস্থাৰ বাবে কিছুমান সাংকেতিক শব্দ তৈয়াৰ কৰা হৈছিল, যাতে আনে সহজে ধৰিব নোৱাৰে। যি নহওক, নিৰ্বিঘ্নে জুই নিৰ্বাপিত কৰা হৈছিল।

১৮ জুন আছিল পেটছায়েভৰ ৩৮-তম জন্মদিন। ছেলুট-ৰ ভিতৰতে তেওঁ জন্মদিন পালন কৰিছিল। মহাকাশত জন্মদিন পালন কৰা তেখেতেই আছিল প্ৰথম ব্যক্তি। তেওঁলোকে ইতিমধ্যে মহাকাশত সৰ্ব্বোচ্চ সময় কটোৱাৰ ৰেকৰ্ডো ভংগ কৰিছিল। ৰুছিয়াত তেওঁলোক পৰিণত হৈছিল মহানায়কত। ৰুছিয়াৰ গাভৰুৰ সপোনৰ ৰাজকুমাৰ হৈ পৰিছিল দেখনিয়াৰ চেহেৰাৰ ভলকভ।

২৯ জুনত তেওঁলোকে ছেলুট-১ এৰি ছয়ুজ-১১ যানত সোমাইছিল। ড’ব্ৰ’ভল্‌স্কিয়ে দুয়োখন যানৰ মাজৰ দুৱাৰখন বন্ধ কৰিছিল। কিন্তু দুৱাৰখন সঠিকভাৱে বন্ধ হোৱাৰ সংকেত দিয়া যন্ত্ৰটোৱে দেখুৱাই আছিল দুৱাৰখন সঠিককৈ বন্ধ হোৱা নাই। তেওঁ পুনৰাই চেষ্টা কৰিলে। কিন্তু যন্ত্ৰটোৱে একেই সংকেত দি থাকিল। এই দুৱাৰখন সঠিকভাৱে বন্ধ হোৱাটো অতি আৱশ্যক। অন্যথা ছয়ুজ-১১ আস্থানৰপৰা আঁতৰি অহাৰ সময়ত সেই দুৱাৰেৰে চাপ উৰুখি নিয়ন্ত্ৰিত চাপ বাহাল নাথাকিব আৰু তিনিওগৰাকী মহাকাশচাৰীৰ বাবে সেয়া হ’ব অন্তিম ক্ষণ। চাপৰোধী পোছাক তেওঁলোকক দিয়া হোৱা নাছিল। নিয়ন্ত্ৰণ কক্ষৰপৰা আন এগৰাকী মহাকাশচাৰী এলেক্সি য়েলিছেয়েভে শান্ত কণ্ঠে তেওঁলোকক কৈ গৈছিল দুৱাৰখন বন্ধ হোৱাটো নিশ্চিত কৰিবলৈ কি কৰিব লাগিব। সংবেদক যন্ত্ৰটোৱে এটা সৰু কাৰিকৰী অসুবিধাৰ বাবে সঠিকভাৱে দুৱাৰখন বন্ধ হোৱাটো দেখুৱাব পৰা নাছিল। সংবেদক যন্ত্ৰৰ মুখত এটা সৰু টেপ মাৰি তাক নিয়ন্ত্ৰণ কৰা হ’ল। সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে।

কেইটামান মিনিটৰ পাছতেই মস্কোৰ সময়ানুযায়ী ৰাতি ৯:২৫ মিনিটত ছয়ুজ-১১ ছেলুট-১-ৰপৰা বিচ্ছিন্ন হ’ল আৰু পৃথিৱী অভিমুখে যাত্ৰা আৰম্ভ হ’ল। ধীৰে ধীৰে যানৰ খিৰিকীৰে দেখা গ’ল ছেলুট-১ সৰু হৈ অহা। পৃথিৱীৰ দৃশ্য খিৰিকীত বহল হৈ আহিল। প্ৰায় তিনি ঘণ্টা পাছত দক্ষিণ আমেৰিকাৰ চিলিৰ ওপৰৰ মহাকাশত ড’ব্ৰ’ভল্‌স্কি আৰু ভলকভে যানখনৰ ইঞ্জিনৰ নিৰ্দিষ্ট দিশত অনাৰ পাছত কৰিবলৈ তেওঁলোকৰ হাতত বিশেষ একো নাথাকিল। ছয়ুজ-১১ যানৰ বেছিভাগ কাৰ্যই স্বয়ং-নিয়ন্ত্ৰিত আছিল। তিনিও মহাকাশচাৰী উভতি্ছিল ঘৰলৈ। সেইদিনা প্ৰায় ১২:১৬-ত ছয়ূজ-১১ আৰু নিয়ন্ত্ৰণ কক্ষৰ মাজত শেষ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। অৱশ্যে বাৰ্তা সম্পৰ্কে এতিয়াও নিশ্চত তথ্য পোৱা নাযায়। চৰকাৰীভাৱে জনোৱা মতে শেষবাৰৰ বাবে মিছন কমাণ্ডেণ্ট নিক’লাই কামানিনে মহাকাশচাৰীৰ দলটোক শুভ প্ৰাত্যাগমনৰ বাবে শুভেচ্ছা জনাইছিল। মহাকাশ ঐতিহাসিক পিটাৰ স্ম’ল্ডাৰছৰ মতে ড’ব্ৰ’ভল্‌স্কিয়ে শেষ বাৰ্তা প্ৰেৰণ কৰিছিল ‘ওভতনি ব্যৱস্থা আৰম্ভ কৰা হ’ল’, আনহাতে এলেক্সি য়েলিছেয়েভ-ৰ মতে ভলকভে ধেমেলীয়াকৈ কৈছিল কনিয়াক (cognac) সাজু কৰিবলৈ। কনিয়াক পাৰম্পৰিকভাৱে ঘৰলৈ ওভতা পৰিজনলৈ যঁচা হয়।

১:৩৫ মিনিটত যানখনৰ ওভতনি-ইঞ্জিন (retrofire) চালু হৈছিল। তাৰ পাছতেই কক্ষীয় আৰু যন্ত্ৰপাতিৰ অংশসমূহ পৃথক হৈছিল আৰু যানখনে প্ৰত্যাৱৰ্তনৰ সঠিক দিশত উপনীত হৈছিল। ন মিনিট পাছত মধ্য ফ্ৰান্সৰ মহাকাশত পৰিকল্পনা মতেই যানখনৰ আন দুটা অংশ পৃথক হৈ পৰিছিল, আৰু যানখনে সঠিক অৱতৰণ স্থানলৈ আগবাঢ়িছিল। অৱতৰণৰ বাবে নিৰ্বাচন কৰা হৈছিল ৰুছিয়াৰ জেজকেজগেন নামৰ চহৰৰ দুশ কিল’মিটাৰ আঁতৰৰ এক মানৱবিহীন অংশলৈ। যানখনৰপৰা কোনো বাৰ্তা নহা বাবে নিয়ন্ত্ৰণ কক্ষত উদ্বিগ্নতা বিৰাজ কৰিছিল। যানখনলৈ বাৰে বাৰে ৰেডিঅ’ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। কিন্তু কোনো উত্তৰ অহা নাছিল। কোনেও জনা নাছিল ওভতনি ইঞ্জিনে ঠিকমতে কাম কৰিছেনে নাই। ৰাতিপুৱা ১:৫৪ মিনিটত ছয়ুজ-১১-ই ছোভিয়েট ভূ-খণ্ডত সোমাইছিল। ৰেডাৰত যানখনৰ অস্তিত্ব ধৰা পৰিছিল যদিও চাৰিওফালে উচ্চ-উষ্ণতাৰ প্লাজমাৰে আবৃত্ত হৈ থকা বাবে ৰেডিঅ’ সংকেত পাব পৰা হোৱা নাছিল। সকলোৱে ভাবিছিল একে কাৰণতে ৰেডিঅ’ বিকল থকাৰ কাৰণে যানখনৰ লগত ৰেডিঅ’ যোগাযোগ সম্ভৱ হোৱা নাছিল।

জেজকেজগেনৰ ওচৰত সাজু হৈ আছিল এখন ii-১৪ বিমান আৰু চাৰিখনকৈ হেলিকপ্টাৰেৰে উদ্ধাৰকাৰী বাহিনী। ৰাতিপুৱা ২:০২ মিনিটত ছয়ুজ-১১-ৰ পেৰাচুট খোল খাইছিল ধীৰে ধীৰে যানখন নামি আহিছিল নিৰ্ধাৰিত অৱতৰণ স্থলীলৈ। উদ্ধাৰকাৰী বাহিনীয়ে খবৰ পঠিয়াইছিল যানখন ধীৰে ধীৰে নামি আহিছে। যানখনৰপৰা ৰেডিঅ’ সংকেতো তেওঁলোকে লাভ কৰিছে। কিন্তু কোনো এজন যাত্ৰীৰ লগতে সংযোগ কৰিব পৰা হোৱা নাই। নিয়ন্ত্ৰণ কক্ষত বাৰ্তাটোৱে আনন্দৰ লহৰ তুলিছিল। খন্তেক পাছতে হেলিকপ্টাৰৰপৰা বাৰ্তা আহিছিল–‘যানখনে অৱতৰণ কৰিছে আমি কাষতে নামিবলৈ গৈ আছোঁ।’ নিয়ন্ত্ৰণ কক্ষত সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছিল পাছৰটো বাৰ্তালৈ। হেলিকপ্টাৰৰপৰা যাত্ৰীসকলৰ অৱস্থাৰ বিৱৰণ আৰু তেওঁলোকক লৈ অনাৰ বাতৰি। তাৰপাছতেই কেইবামাহ জোৰা এই পৰিশ্ৰমৰ সফল সমাপ্তি। মহাকাশত আৰু এটা বিজয়ৰ সোণৰ পদক।

কিন্তু ৰেডিঅ’ত অহা বাৰ্তাটোৱে স্তব্ধ কৰি দিছিল নিয়ন্ত্ৰণ কক্ষৰ গুণগুণনি। হতবাক হৈ সকলো ৰৈ গৈছিল। কমাণ্ডেণ্ট ক’মানিনে নিজৰ কাণকেই বিশ্বাস কৰিব পাৰিছিল। বাৰ্তা আহিছিল। মাত্ৰা তিনিটা সংখ্যাৰ: ১-১-১

১-১-১! মাত্ৰ তিনিটা সংখ্যাৰ এটা চমু সাংকেতিক বাৰ্তা। কিন্তু ইয়াৰ অন্তৰ্নিহিত অৰ্থই সমগ্ৰ ছোভিয়েটক জোকাৰি গৈছিল। ছোভিয়েট মহাকাশ সংস্থাই গোপনীয়তাৰ বাবে বেছিভাগ বাৰ্তাকে সাংকেতিক ৰূপ দি লৈছিল। অৱশ্যে এই গোপনীয়তাৰ প্ৰয়োজন বোধকৰো নাছিল। মহাকাশচাৰীৰ স্বাস্থ্যৰ অৱস্থা বুজাবলৈ পাঁচটা সংকেত ব্যৱহাৰ কৰা হৈছিল। সম্পূৰ্ণ সুস্থ – ৫, সাধাৰণ কোনো সমস্যা বা আঘাত – ৪, গুৰুতৰ আঘাত বা ৰোগ কিন্তু প্ৰাণৰ শংকা নাথাকিলে – ৩, প্ৰাণৰ শংকা থকা গুৰুতৰ অৱস্থাৰ বাবে – ২, আৰু ১ – মৃত। ১-১-১ বাৰ্তাটোৱে তিনিও গৰাকী মহাকাশচাৰীৰ স্বাস্থ্যৰ বিৱৰণ দিছিল আৰু খবৰ দিছিল মহাকাশ অভিযানৰ এটা শোকাবহ পৰিণতিৰ। কিন্তু দুখৰ লগতে প্ৰতিজন ভূ-কৰ্মীকে চুই যোৱা আনটো অনুভূতি আছিল আশ্চৰ্যৰহে। কমাণ্ডেন্ট ক’মানিনে আকৌ সুধিছিল ‘বাৰ্তাটো সম্পূৰ্ণ নিশ্চিতনে?’ নিস্তব্ধ হৈ পৰা কোঠাটোত ৰেডিঅ’ৰ আনটো কণ্ঠস্বৰ ভাঁহি আহিছিল, ‘ছাৰ, আমি নিসন্দেহ।’ মাতটো কঁপিছিল।

কোঠাটো নিতাল মাৰিছিল। স্তম্ভিত মুখবোৰ চুই গৈছিল বেদনাৰ ৰেঙণিয়ে। তললৈ মুখ কৰি ৰৈছিল ক’মানিন, এলেক্সি য়েলিছেয়েভ। অভিযানৰ কেউটাদিনেই ডব্ৰ’ভলস্কি আৰু সংগীসকলৰ লগত যোগাযোগ ৰাখি থকা য়েলিছেয়েভৰ বুকুখন গোট মাৰি গৈছিল। বাৰে বাৰে তেওঁ নিজকে সুধিছিল কি হ’ল? ক’ত ভুল হ’ল? খন্তেক পাছতে ক’মানিনে নিজৰ কৰ্তব্য স্থিৰ কৰি ল’লে। য়েলিছেয়েভ আৰু সামৰিক বাহিনীৰ মূধা-ফুটা বিষয়াৰ স’তে তেওঁলোক আকাশ-মাৰ্গেৰে অৱতৰণস্থলীলৈ ৰাওনা হ’ল।

শোকাবহ বাতিৰটো পোৱাৰ লগে লগে এলেক্সি লিঅ’নভ-ৰ মনত কেবাটাও অনুভূতিয়ে খেলি গৈছিল। ভাগ্যৰ চকৰী আনফালে নুঘূৰা হ’লে এই যানখনত থাকিব লাগিছিল তেখেত। মৃতকৰ তালিকাত হয়তো থাকিলহেঁতেন তেখেতৰ নাম। ভাতৃ-সদৃশ কেউজন মহাকাশচাৰীৰে অকাল-মৃত্যুৰ খবৰে সেয়ে আন্দোলিত কৰিছিল লিঅ’নভৰ মন। পৰা হ’লে তেৱোঁ গুচি গ’লহেঁতেন অৱতৰণস্থলীলৈ, মহাকাশ বিজয় অভিযানৰ শ্বহীদ তিনিজনক নিজ হাতেৰে শেষ সন্মান জনাবলৈ। কিন্তু সেয়া সম্ভৱ নাছিল, সেয়ে তেওঁ মনোনিবেশ কৰিছিল তেওঁলোকৰ স্থানত নিজেই থকাহেঁতেন তেওঁ কিবা কৰিব পাৰিলেহেঁতেন নেকি? মহাকাশৰ পৰিবেশে বাৰু মানুহকেইজনৰ মৃত্যু মাতি আনিছিল নেকি? মানৱ দেহ বাৰু ভাৰসাম্যহীনতাৰ অৱস্থা সহিবলৈ অসমৰ্থ নেকি? আকৌ তেখেতৰ মনত পৰিছিল, প্ৰশিক্ষণকালত তেৱেঁই সকলোকে সকিয়াই দিছিল বায়ুশূন্যতাৰোধী দুৱাৰখন বন্ধ হোৱাৰ সময়ত স্বয়ংক্ৰিয় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজে এবাৰ চাই ল’বলৈ। সেই দুৱাৰখনেই কাল হ’ল নেকি? কিন্তু তাৰ আগতে জানিবলগীয়া কথাটো আছিল – দুৰ্ভগীয়া মহাকাশচাৰী কেইজনৰ মৃত্যুৰ কাৰণ কি?

অৱতৰণ স্থলীতো একেটা প্ৰশ্নৰ উত্তৰ বিচৰা হৈ আছিল। উদ্ধাৰকাৰী দলটোৱে জনাইছিল। ছয়ূজ-১১ যানখন মাটিত একটীয়া হৈ পৰিছিল সেয়ে দুৱাৰখন খোলাটো কঠিন আছিল। কিন্তু বাহিৰৰপৰা যানখনত কোনো খুঁত লগা নাছিল। বাহিৰৰপৰা যানখন আছিল সম্পূৰ্ণ অক্ষত। সেয়ে ভিতৰৰ অৱস্থাৰ কথা তেওঁলোকে কল্পনাও কৰা নাছিল। দুৱাৰ খুলি মহাকাশচাৰী কেইজনক উলিয়াবলৈ অলপ সময় লাগিছিল। কিন্তু ভিতৰলৈ চাই তেওঁলোকে দেখিছিল এজনো মহাকাশচাৰীয়ে লৰচৰ কৰা নাই। মুখত তেওঁলোকৰ তেজৰ দাগ। ওপৰা-ওপৰকৈ পৰি আছিল তিনিওজন। ওচৰৰপৰা চাই তেওঁলোক শিঁহৰিত হৈ গৈছিল। মহাকাশচাৰীকেইজনৰ মুখত আছিল ক’লা-নীলা চমকা, নাক আৰু কাণেৰে বৈ অহা তেজ ডোঙা বান্ধি ৰৈছিল। ডিঙিৰ নাড়ী পৰীক্ষা কৰি বুজিছিল কেউজনৰে প্ৰাণবায়ুয়ে মেলানি মাগিছে। ড’ব্ৰ’ভলস্কিৰ দেহটো তেতিয়াও সম্পূৰ্ণ শীতল হৈ যোৱা নাছিল। উদ্ধাৰকাৰী বাহিনীয়ে লগে লগেই ‘শ্বাস-হৃদ-পুনৰজীৱন’ (cardiopulmonary resuscitation) দিয়াৰ চেষ্টা কৰিছিল। কিন্তু কোনো ফল নধৰিলে।

পাছদিনা সমগ্ৰ পৃথিৱীয়ে খবৰটো পাইছিল। ৰুছিয়াৰ শোকৰ কলৰৱ উঠিছিল। ৰাষ্ট্ৰীয় শোকপালনৰ ঘোষণা কৰা হৈছিল। মহাকাশ আস্থানত থকাৰ সময়ত তিনিও মহাকাশচাৰীয়ে টেলিভিজনৰ যোগেৰে ৰাইজৰ লগত যোগাযোগ ৰাখি আছিল। তেওঁলোক হৈ পৰিছিল সকলোৰে বুকুৰ আপোন। মস্কোৰ ৰাজপথত উচুপি উঠিছিল বহুতো ৰুছীয়ে।

কিন্তু সেই শোকৰ মাজতো বহুতেই নিজৰ কৰ্তব্যত নিমগ্ন হৈ আছিল সেই মৃত্যুৰ কাৰণ জানিবলৈ। মৃতদেহ ব্যৱচ্ছেদ কৰি জানিব পৰা গৈছিল মৃত্যুৰ কাৰণ আছিল হঠাতে উদ্ভৱ হোৱা বায়ুশূন্য অৱস্থা। মৃত্যুৰ কেইটামান ছেকেণ্ড আগলৈও তেওঁলোক আছিল সুস্বাস্থ্যৰেই। তথ্য-ভঁৰালত জমা থকা শাৰীৰিক তথ্য পৰীক্ষাত দেখা গৈছিল হঠাৎ তেওঁলোকৰ নাড়ীৰ স্পন্দন অত্যন্ত বাঢ়িছিল। কেইটামান ছেকেণ্ডৰ পাছতেই বাঢ়ি যোৱা নাড়ীৰ স্পন্দন ক্ষীণ হৈ আহি চিৰদিনলৈ স্তব্ধ হৈ পৰিছিল। সাগৰ-পৃষ্ঠৰপৰা প্ৰায় ৮০ মাইল উচ্চতাত কক্ষীয় আৰু যন্ত্ৰপাতিৰ অংশবোৰ পৃথক হৈছিল, তাৰ বাবে সময়ৰ প্ৰয়োজন হৈছিল প্ৰায় ০.৬ ছেকেণ্ড। ৰাতিপুৱা ১:৪৭:২৬ বজাত (মস্কো সময়ানুযায়ী) যানখনৰ ভিতৰৰ বায়ুচাপ আছিল সম্পূৰ্ণ স্বাভাৱিক অৱস্থাত ৯১৫ মিমি পাৰাস্তম্ভ। ইয়াৰ দুই ছেকেণ্ড পাছত কক্ষীয় অংশ পৃথক হৈছিল। কিন্তু ১১৫ ছেকেণ্ড যানৰ ভিতৰৰ বায়ুচাপ কমি ৫০ মিমি পাৰাস্তম্ভ পাইছিল আৰু নামি গৈয়েই আছিল। অৰ্থাৎ ব্যৱহাৰিকভাৱে ভিতৰখন ইতিমধ্যে বায়ুশূন্য হৈ পৰিছিল। ইয়াৰ অৰ্থ আছিল স্পষ্ট। মহাকাশ বা ভাৰসাম্যহীনতাৰ কোনো দীৰ্ঘম্যাদী কাৰণ তেওঁলোকৰ মৃত্যুৰ বাবে দায়ী নাছিল। দায়ী আছিল কিবা এটা যান্ত্ৰিক বিজুতি। যাৰ কাৰণে যানৰ ভিতৰখন বায়ুশূন্য হৈ পৰিছিল আৰু তিনিওজনে আঁকোৱালি ল’বলগীয়া হৈছিল শীতল মৃত্যুক।

লিঅ’নভৰ সন্দেহেই শুদ্ধ আছিল নেকি? বায়ুশূন্যৰোধী দুৱাৰখন কোনো কাৰণত সম্পূৰ্ণৰূপে বন্ধ হোৱা নাছিল, বা হঠাতেই খোল খাই গেছিল। সেয়াই আছিল আটাইতকৈ বিশ্বাসযোগ্য কাৰণ। কিন্তু প্ৰশ্ন উঠিছিল সেইটো কেনেকৈ হ’বলৈ পালে।

ছোভিয়েট মহাকাশ অভিযানৰ প্ৰায়ভাগ যানৰে উৎক্ষপেন আৰু অৱতৰণ আছিল স্বয়ংচালিত। ইয়াৰ বিপৰীতে নাছাৰ যানসমূহৰ অৱতৰণত মহাকাশচাৰীয়ে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকিছিল। দুয়োটা ব্যৱস্থাৰে নিজস্ব সুবিধা-অসুবিধা আছিল। সম্পূৰ্ণ স্বয়ংচালিত হোৱাৰ বাবে ৰুছিয়াৰ মহাকাশচাৰী প্ৰশিক্ষণ তুলনামূলকভাৱে সহজ আছিল আৰু ভূ-স্থিত কেন্দ্ৰপৰাই সকলো নিয়ন্ত্ৰণ কৰিবপৰা গৈছিল, কিন্তু অসুবিধাৰ কথাটো আছিল কেনেবাকৈ স্বয়ংচালিত ব্যৱস্থাত বিজুতি ঘটিলে মহাকাশচাৰীসকল অসুবিধাত পৰিছিল আৰু লগে লগে নিজৰ হাতলৈ নিয়ন্ত্ৰণ নিয়াৰ বাবেও তেওঁলোকৰ প্ৰশিক্ষণ যথেষ্ট নাছিল।

ছয়ুজ-১১-ৰ অৱতৰণ প্ৰণালীও আছিল স্বয়ংচালিত। বায়ুশূন্যতাৰোধী দুৱাৰখন খোল খাব লাগিছিল পৃথিৱীত অৱতৰণ কৰাৰ পাছত। কিন্তু লিঅ’নভে মন কৰিছিল যে হো-হোৱাই যানখন নামি অহাৰ সময়ত নিৰ্ধাৰিত সময়তকৈ কেইছেকেণ্ডমান আগতেই যদি দুৱাৰখন খোল খাই যায়, তেতিয়াও দুৰ্ঘটনাটো হ’ব মৰ্মন্তুদ। সেয়ে, তেওঁ প্ৰশিক্ষণকালত কৈছিল সেই দুৱাৰখন বন্ধ কৰাৰ সময়ত স্বয়ংক্ৰিয় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি দুয়োটা ভাল্ভ নিজেই একোবাৰ বন্ধ কৰি ল’বলৈ। কিন্তু জনা গৈছিল মহাকাশচাৰীকেইজনে নিজাকৈ দুৱাৰখন পুনৰ পৰীক্ষা কৰা নাছিল। সেই বাবেই দুৱাৰখন নিৰ্ধাৰিত সময়তকৈ কেইছেকেণ্ডমান আগেয়ে খোলা খাইছিল।

লিঅ’নভৰ বাবে দ্বিতীয় প্ৰশ্নটো আছিল–এবাৰ দুৱাৰখন খোল খাই বায়ু ওলাই যাবলৈ আৰম্ভ কৰাটো জনাৰ পাছত কৰিবলৈ কিবা আছিল নেকি? যানখনত নথীবদ্ধ তথ্যৰপৰা জনা গৈছিল দুৱাৰখন খোল খোৱাৰ আগে আগে তিনিওগৰাকী মহাকাশচাৰীৰে হৃদযন্ত্ৰ গতি আছিল ৭০-ৰপৰা ১২০ প্ৰতি মিনিটৰ ভিতৰত। কিন্তু দুৱাৰখন খোলাৰ ছেকেণ্ড পাছতেই হৃদযন্ত্ৰৰ কম্পন বৃদ্ধি পাইছিল ১১৪-ৰপৰা ১৮০-লৈ। ইয়াৰে ৫০ ছেকেণ্ডৰ পাছতেই তেওঁলোকৰ মৃত্যুৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কাৰণ তথ্য-ভাণ্ডাৰত হৃদযন্ত্ৰ গতি ৪২ প্ৰতি মিনিট সঞ্চিত হৈছিল। কিন্তু তেতিয়ালৈ তিনিও হয়তো সংজ্ঞাহীন হৈ পৰিছিল বা সংজ্ঞা থাকিলেও কোনো সিদ্ধান্ত লৈ কাম কৰিব পৰা মগজুৰ শক্তি তেওঁলোকৰ নাছিল। দেহকেইটা পৰি থকা স্থানৰপৰা বুজা গৈছিল দুৱাৰখনৰ আটাইতকৈ ওচৰত আছিল ড’ব্ৰভলস্কি আৰু পেটছায়েভ, তেওঁলোকে নিশ্চয় দুৱাৰখন বন্ধ কৰাৰ চেষ্টাও কৰিছিল। কিন্তু তেওঁলোকৰ হাতত সিমান সময় নাছিল। লিঅ’নভে পাছত দুৱাৰখন বন্ধ কৰিবলৈ ৫২ ছেকেণ্ড সময় লৈছিল। দুৰ্ঘটনাৰ সময়ত সেয়ে মহাকাশচাৰী কেইজনে কৰিব পৰা একোৱেই নাছিল। কিন্তু প্ৰতিৰোধৰ উপায় আছিল অতি সহজ। অৱতৰণৰ সময়ছোৱাত যদি মহাকাশচাৰী কেইজনে মহাকাশৰ চাপ-নিয়ন্ত্ৰিত পোছাক পৰিধান কৰি থাকিলহেঁতেন, তেন্তে দুৰ্ঘটনাৰ দ্বাৰা কোনো হানি নহ’লহেঁতেন।

ছয়ুজ-১১-ৰ দুৰ্ঘটনাৰ কাৰণ জানিবৰ বাবে নাছাও ব্যগ্ৰ হৈ আছিল। তেওঁলোকেও একেটা অনুমানকে কৰিছিল। কিন্তু নিশ্চিত হ’বলৈ দুবছৰ সময় লৈছিল। কাৰণ ৰুছিয়াই সমগ্ৰ দুৰ্ঘটনাৰ কাৰণ দুটা বছৰৰ পাছতহে ৰাজহুৱা কৰিছিল। আনকি দুৰ্ঘটনাৰ পাছত প্ৰাৰম্ভিক ৰিপোৰ্টতো অভিযানটোৰ সফলতাৰ কথাখিনিহে ঘাইকৈ বিৱৰিছিল।

ছয়ুজ-১১-ৰ শোকাবহ পৰিণতিয়ে মহাকাশ অভিযানৰ ক্ষেত্ৰত কেইটামান বুনিয়াদী সালসলনি লৈ আনিছিল। এই দুৰ্ঘটনাৰ পাছতেই উৎক্ষেপন, অৱতৰণ আৰু এখন যানৰপৰা আনখনলৈ যোৱাৰ সময়ত মহাকাশচাৰীৰ পোছাক পৰিধান কৰাটো বাধ্যতামূলক কৰা হয়। সুখৰ কথা যে ছয়ুজ-১১-ৰ পাছত একেটা কাৰণত আৰু কোনো মহাকাশচাৰীৰ প্ৰাণ আজিলৈ যোৱা নাই। ৰুছিয়াৰ মহাকাশযানৰ ডিজাইনত বুনিয়াদী কিছুমান সালসলনি কৰা হয়। মহাকাশ অভিযানত এই শোকাবহ দুৰ্ঘটনাৰ পাছতেই প্ৰতিযোগিতাৰ পৰিৱৰ্তে দেশসমূহৰ মাজত সহযোগিতাৰ মনোভাৱ গঢ়ি উঠে। ১৯৭৫ চনত আমেৰিকা আৰু ছ’ভিয়েট ৰুছিয়াৰ যৌথ উদ্যোগত প্ৰেৰণ কৰা হয় এপল’-ছয়ুজ মহাকাশ অভিযান। এই সন্মানীয় অভিযানৰ অধিনায়কৰ পদত আছিল এলেক্সি লিঅ’নভ।

আনহাতে প্ৰস্তাৱিত ছয়ুজ-১২ অভিযান দুটা বছৰ পিছুৱাই দিয়া হয়। তিনিগৰাকীৰ সলনি দুজনকৈ মহাকাশচাৰী নিবৰ বাবে ছয়ুজ-১২ সম্পূৰ্ণৰূপে নতুনকৈ ডিজাইন কৰা হৈছিল। ছয়ুজ-১২ অভিযান আছিল সম্পূৰ্ণ সফল। অৱশ্যে ছয়ুজ-১১-ৰ দুৰ্ঘটনাৰ বাবে ৰুছিয়াৰ মহাকাশ আস্থানৰ পৰিকল্পনা বিফল হয়। ছয়ুজ-১১-ৰ পাছত মহাকাশ যাত্ৰা পিছুৱাই দিয়াৰ বাবে ইন্ধনৰ অভাৱত ছয় মাহ পাছত ছেলুট-১ বিকল হৈ পৰে আৰু ইয়াৰ কক্ষীয় চ্যুতি ঘটাই প্ৰশান্ত মহাসাগৰত নিক্ষেপ কৰি ধ্বংস কৰা হয়। পাছৰটো মহাকাশ আস্থান মিৰ স্থাপন কৰা হয় ১৫ বছৰ পাছত ১৯৮৬ চনত, মিৰ মূলতঃ ৰুছিয়াৰ দ্বাৰা নিৰ্মিত হ’লেও ইয়াৰ উৎক্ষেপন আৰু পৰিচালনাত ছ’ভিয়েট ৰুছিয়াৰ আৰু আমেৰিকাৰ নাছাই সমিলমিলেৰে কাম কৰিছিল। ১৯৮৬ চনৰপৰা ২০০১ চনলৈ মিৰ কাৰ্যক্ষম হৈ থাকি মহাকাশত সুদীৰ্ঘকাল থকা মানৱনিৰ্মিত অংশৰ ৰেকৰ্ড স্থাপন কৰে।

ছয়ুজ-১১-ৰ তিনিটা প্ৰাণৰ বিনিময়ত মহাকাশ অভিযান আগতকৈ আৰু নিৰাপদ হয়। মহাকাশযানৰ উন্নতি আৰু নিৰাপত্তা ব্যৱস্থাত নতুন চিন্তাৰ বিকাশ হয়। মহাকাশ বিজয়ৰ বাবে নিজৰ প্ৰাণৰ বৰঙনি যোগাই ড’ব্ৰ’ভলস্কি, পেটছায়েভ আৰু ভলকভ পৰিগণিত হ’ল নমস্যৰ শ্বহীদৰ শাৰীত।

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.