মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): চৰ্তুদশ খণ্ড

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): চৰ্তুদশ খণ্ড by March 15, 2014 0 comments

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——-

ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।” আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই হ’ল সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া হ’ব মাথোঁ ধৃষ্টতাৰ নামান্তৰ; কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত হ’ব আৰু সেই উদ্দেশ্যেই “ভাষা-সাহিত্য সন্মিলনী , অসমৰ” ফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া ই-আলোচনী www.xahitya.org ত তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে। এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে। ইণ্টাৰনেটত পোন-প্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ হ’ব, অৰ্থাৎ শ্ৰদ্ধেয় ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ল’ব। এইয়া অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ।ধাৰাবাহিক আত্মজীৱনীখন প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ” কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে। সেইসকল হৈছে – অনুপমা বৰগোহাঁই (নতুন দিল্লী), স্যামন্ত কুমাৰ গোস্বামী (দক্ষিণ কোৰিয়া), মঞ্জিল কোঁৱৰ (গুৱাহাটী), মনোজ মন কলিতা (টাইৱান) , ধ্ৰুৱজ্যোতি শৰ্ম্মা (গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা), সুৰজিত নেওগ (গুৱাহাটী) আৰু আফটাৰ হুছেইন চৌধুৰী (চৌদি-আৰৱ)। প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে তেওঁলোকৰ বহুমূলীয়া মন্তব্যও যেন অসমীয়া বা ইংৰাজী ভাষাত ইয়াতে আগবঢ়ায় ।

বিনীত,
সাহিত্য.অৰ্গ

——————————————————————

(চৰ্তুদশ খণ্ড)

শ্বিলঙৰ কথা …..

প্ৰফেচৰৰ লজৰ পৰা দুই এখন ঠাইলৈ সঘনে খোজকাঢ়ি গৈছিলো। তেতিয়া শ্বিলঙৰ জনসংখ্যা আজিতকৈ বহুত কম আছিল। সাধাৰণতে গৈছিলো পুলিচ বজাৰ, ৱাৰ্ড লেক, বৰবজাৰ আহি ঠাইলৈ। তেতিয়া চিটি বাছৰ সুবিধা আছিল। চিটি বাছৰ ব্যৱস্থা বোধকৰো আজিও আছে।চিটিবাছতো মাজে মাজে ঘূৰিছিলো। পুলিচ বজাৰৰ মূল আকৰ্ষণ আছিল বিভিন্ন ঠাইৰ খবৰ কাগজ। The Hindu ৰ দৰে খবৰ কাগজ বিচাৰি আনো। Outlook আদিৰ দৰে মেগাজিন। গুৱাহাটীৰ ট্ৰিবিউনখনো কিনো। অন্যান্য কিবা বস্তুও বিচাৰি আনো। ধৰক চুৰী এখন। পালে লৈ আহোঁ। আহোঁতে কেতিয়াবা এন্থনীজৰ পৰা নাতিদূৰৈত থকা চীনা মানুহৰ দোকানত চাহ-ৰুটি খাই লজলৈ ওভতোঁ। ৱাৰ্ড লেক মোৰ বৰ ভাল লাগিছিল। তাত ৰুটি বা অন্যান্য খোৱা বস্তু দিলে মাছবোৰ আহি খাবলৈ ধৰে। মাছবোৰ চাই বৰ ভাল লাগে। তাত নাও থাকে। তাতো উঠিব পাৰি। এদিন গৈ শুনিলো ছোৱালী এজনী পৰি মৰিল। সম্ভৱ আত্মহত্যা কৰিলে। ঘটনাটো শুনি বেয়া লাগিছিল। সেইদিনা লজলৈ উভতি আহি এটা কবিতাকে লিখিছিলো। কবিতাটোৰ শিৰোণাম আছিল ’মৰণ ঘাটৰ স্বপ্ন’। কবিতাটো গুৱাহাটীৰ পৰা প্ৰকাশিত কোনোবা এখন আলোচনীত প্ৰকাশ পাইছিল। ’ৰামধেনু’তেই সম্ভৱ ওলাইছিল। বিমলীৰ কথা আগতেই কৈ আহিছো। তেওঁৰ লগত মোৰ বিয়া হৈছিল দেউতা থাকোঁতেই। তেওঁ শ্বিলঙত থাকোতে বৰ বজাৰলৈ মাজে মাজে গৈছিলো। এবাৰ আমাৰ গাঁৱৰ খগ বায়ন (খগেন নেওঁগ)ৰ ল’ৰা যোগেন গৈ ওলালগৈ। মাল্কিত দুৰাতি মান থাকিল। বিমলী আছিল। যোগেনক বৰ বজাৰলৈ লৈ যাওঁ। কিবা-কিবি শাক পাচলি কিনো। যোগেনে সামৰি সুঁতৰি সেইবোৰ মোনাত ভৰাই লৈ আহে। সি যোৱাৰ কিছুদিন পাছত শুনিলো, যোগেনে মদ খাইছে, চৌৰ্য্য বৃত্তিত ধৰিছে। আমাৰ গাঁৱত মানুহৰ এনে অধঃপতন ইতিপূৰ্বে বৰকৈ শুনা নাছিলো। লাহে লাহে তাৰ শাৰীৰিক অৱস্থা বেয়া হৈ আহিল। এদিন ঢুকাই থাকিল। যোগেনৰ অধঃপতনৰ মূল কাৰণ আছিল দাৰিদ্ৰ্য। বাপেক আছিল নামজ্বলা বায়ন। ভাওনাৰ আগতে হোৱা ধেমালি অৰ্থাত্‍ পূৰ্বৰঙ্গত বায়নৰ কৃতিত্ব নিজ চকুৰে দেখিছিলো। ঘৈনীয়েক আগতে ঢুকাল। শেষলৈ খেতি-বাতি বা উপাৰ্জনৰ উপায় নোহোৱা হ’ল। যোগেনৰ চৰিত্ৰও হ’ল তেনেকুৱা। বুঢ়া বয়সত মানুহটোৰ আলৈ-আথানি হ’ল, দুখে কুলাই পাচিয়ে নধৰা হ’ল। তেওঁৰ মৃত্যু কালত আমি কোনো গাঁৱত নাছিলো। সকলো গুৱাহাটী পালোহি। ম‍ই শ্বিলঙৰ পৰা ১৯৬৩ চনৰ নবেম্বৰ মাহত গুৱাহাটীলৈ আহিলো। শ্বিলঙত থকা মোৰ প্ৰায় তিনিবছৰেই হ’লগৈ। ইতিমধ্যে বীৰেণে ’কমন’ (Common) ঘৰ কৰিছিল। মোৰ পৰিয়ালকৈ ধৰি, বীৰেণ আৰু গিৰীণৰ পৰিয়াল একেলগে ৰিহাবাৰীতে আছিল। অনিল অৰু কামাখ্যাই তেতিয়া বিয়া কৰোৱা নাছিল। ম‍ই শ্বিলঙৰ পৰা মাজে মাজে সেইখন ঘৰলৈকে আহোঁ। কিন্তু একেটা ঘৰতে ইমানবোৰ মানুহ একেলগে থকাটো সম্ভৱ নহয় বুলি ধাৰণা হৈছিল। অৱশ্যে উন্নয়ন কৰ্তৃপক্ষ‍ই তেতিয়া খাৰঘূলিৰ ভৈয়াম আৰু পাহাৰ অঞ্চলত কিছুমান ঘৰ সজাইছিল; বীৰেণে আৰু গিৰীণে কৰ্তৃপক্ষৰ লগত কথা পাতিছিল নে কি মোৰ এতিয়া মনত নাই। সি যি কি নহওঁক ম‍ই শ্বিলঙত থকা বাবে কৰ্তৃপক্ষৰ লগত কথা হ’ব নোৱাৰিলো , আনহাতে, টকা প‍ইচাৰো নাটনি। গতিকে ভাবিলোঁ, শ্বিলঙৰ পৰা গুৱাহাটীলৈ অহাৰ কথা। কিন্তু, আঁহো বুলি আহি কাম নেপালে সেইটো এটা বিপদ হ’ব। তেতিয়া অৱশ্যে কলেজ শিক্ষকৰ দৰমহা আজিৰ তুলনাত, বৰ কম আছিল। সি যি কি নহওঁক দুদিনমান অপেক্ষা কৰিব‍ই লাগিব বুলি আশ্বস্ত হওঁ।

পিছত গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ কলেজত এটা চাকৰি ওলাল। বীৰেণে মোক খবৰ দিলে। ম‍ই দৰ্খাস্ত দিলো, অধ্যক্ষ শ্ৰদ্ধেয় প্ৰয়াত গিৰিধৰ শৰ্মাই দৰ্খাস্ত পাই মোক চাকৰিত যোগ দিবলৈ ক’লে। এটা তাৰিখো (বোধকৰো ১৯৬৩ চনৰ নৱেম্বৰৰ ২৭) ঠিক কৰি দিলে। ম‍ই এই খবৰটো আমাৰ বহুদিনৰ পৰিচিত শ্ৰীযুত মুকুন্দ শৰ্মাক জনালো। ম‍ই মুৰব্বী অধ্যাপক শ্ৰীযুত বীৰেণ তালুকদাৰক ক’লো। তেওঁ অধ্যক্ষ ফাদাৰ যোচেফক ক’লে। অধ্যক্ষৰ পৰা চিঠি পালে মুকুন্দ শৰ্মাই। অৱশেষত মোৰ ঠাইত সোমাল শৰ্মা। বিদায় সভাত অসমীয়া বিভাগৰ ছাত্ৰ, ফাদাৰ যোচেফ, ফাদাৰ কেৰী উপস্থিত আছিল। অধ্যক্ষ আৰু উপাধ্যক্ষ উভয়ে মোৰ শিক্ষকতাৰ প্ৰশংসা কৰিলে। ছাত্ৰসকলেও মোক শ্ৰদ্ধা জনলে। ম‍ই অধ্যক্ষ আৰু উপাধ্যক্ষলৈ ধন্যবাদ জনালো আৰু ছাত্ৰ সকলকো শুভেচ্ছা জনাই তেওঁলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো। সভাখনত আন্তৰিকতাৰ পৰিবেশ দেখি ভাল লাগিল। এন্থনীজৰ পৰা বিদায় ল’লো। প্ৰফেচাৰৰ ল’জৰ এজন তেতিয়া (ড০ দয়ানন্দ বৰঠাকুৰ) কানাডালৈ যাবলৈ যো-জা কৰিছে। বৰঠাকুৰ বোধহয় ডিব্ৰুগড়ৰ আছিল। গুৱাহাটীৰ উজান বজাৰৰ ঈশ্বৰ চক্ৰৱৰ্তী বোধহয় পিছত গৈছে। শ্বিলং পৰ্ব ইমানতে শেষ হ’ল। তেতিয়া বোধহয় ১৯৬৩ চনৰ নৱেম্বৰ মাহ। শ্বিলঙৰ পৰা ঠিক কোন তাৰিখে আহিলো এতিয়া মনত নাই। আহি ৰিহাবাৰীৰ ঘৰতে থাকি কলেজলৈ অহা-যোৱা কৰিলো। শ্ৰদ্ধেয় গিৰিধৰ শৰ্মাৰ নামহে জানিছিলো, তেওঁৰ লগত পৰিচয় নাছিল। প্ৰথম দিনা তেখেতক দেখা কৰি ভাল লাগিল। মোৰ এম.এ পৰীক্ষাৰ মাৰ্ক-শ্বিট চালে। পিছদিনাৰ পৰা কাম কৰিবলৈ ক’লে। অসমীয়া বিভাগৰ অধ্যাপক সকলক (মূৰব্বী অধ্যাপক দূৰ্গেশ্বৰ শৰ্মা, ৰাধা শৰ্মা, অঞ্জলি দাস) লগ ধৰি, পৰিচয় হৈ ভালেই লাগিল। পিছদিনাৰ পৰা কাম আৰম্ভ কৰিলো।

 

গুৱাহাটীৰ দিনবোৰ (আৰ্য্যবিদ্যাপীঠ কলেজ)…
তাহানিৰ, ঢেকীয়াখোৱা, কাকজান, শ্বিলঙ আদিত শিক্ষকতা কৰি অৱশেষত শিক্ষকতা কৰিবলৈকে গুৱাহাটী পালোহি; কিন্তু গুৱাহাটী মোৰ শেষ আশ্ৰয়। মোৰ চাকৰি কাল আৰু মাত্ৰ কুৰিবছৰ বাকী। ভাবিছিলো, কলেজত আৰু বিশ বছৰ চাকৰি কৰিব পাৰিম নে ? দুই শৰ্মা, শ্ৰীযুতা অঞ্জলি দাস মোতকৈ বয়সত সৰু। ম‍ই বোধকৰো আগতেই অৱসৰ ল’ম। সেই বিষয়ে মোৰ কোনো আক্ষেপ নাই। শিক্ষক হিচাপে মোৰ যি কৰ্তব্য, সেইখিনি যথোপযুক্তভাৱে কৰিব পাৰিলেই মোৰ কাম হ’ব। সেই বাবে এই বিষয়ে বৰকৈ ভবা নাছিলো।
আজিৰ গুৱাহাটী আৰু ম‍ই চাকৰি কৰিবলৈ অহা সময়ৰ গুৱাহাটীৰ ৰূপ বেলেগ আছিল। শ্ৰদ্ধেয় প্ৰয়াত শৰত্‍ সিংহৰ দিনতেই বোধকৰো শ্বিলঙৰ ৰাজধানী উঠাই আনিব লগা হ’ল। শ্বিলং নতুন ৰাজ্য মেঘালয়ৰ ৰাজধানী হ’ল। মেঘালয়ত অন্তৰ্ভুক্ত হ’ল খাচিয়াসকলৰ লগতে গাৰোসকলো। যি সকল অসমীয়া তাত নিগাজীকৈ ঘৰ-দুৱাৰ সাজি আছিল, তাৰে কিছুমানে শ্বিলং এৰি গুৱাহাটী পালেহি, কিছু হেনো থাকিল। ৰাজধানীৰ ঠাই চন্দ্ৰপুৰ, শিলঘাট আদিৰ কথা ওলাইছিল যদিও শেহত গুৱাহাটীকে চৰকাৰে নিৰ্বাচিত কৰিলে। ৰাজধানী হোৱাৰ পিছত অসমৰ জনসংখ্যা বাঢ়ি আহিল। ডাঙৰ ডাঙৰ আকাশচুম্বী ঘৰ হ’ল, ডাঙৰ ডাঙৰ দোকান হ’ল। বিগ বজাৰ, পেণ্টালুন আদিৰ দৰে বৃহৎ অট্টালিকাৰ শ্বপিং মল আৰম্ভ হ’ল। মধ্যবিত্ত শ্ৰেণীৰ লোক উচ্চবিত্ত হৈ উঠিল। এইবিলাক মানুহেও বৰ বৰ দালান সাজিবলৈ ধৰিলে। উচ্চবিত্ত-মধ্যবিত্ত প্ৰায় সকলোৱেই গাড়ীও কিনিবলৈ ধৰিলে। গাড়ী শব্দটোৰ অৰ্থই সলনি হ’ল। গৰু-গাড়ীতো নায়েই, ঘোঁৰা-গাড়ীও কমিবলৈ ধৰিলে। সাধাৰণ মানুহে ৰাস্তাইদি যাব নোৱাৰা অৱস্থা হ’ল। পথ দুৰ্ঘটনা বাঢ়িল। সন্ধ্যাৰ পিছত মাইকী মানুহ অপমানিত হোৱাৰ ভয় হ’ল। বাটে-পথে কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ ম’বাইল ফোনৰ ব্যৱহাৰ বেছি হ’ল। ড্ৰাইভাৰ সকলেও ব্যৱহাৰ কৰে। খোজ কাঢ়ি, খোজ কাঢ়ি ম’বাইল ফোন লোৱা ডেকা-গাভৰু কেতিয়াবা দুৰ্ঘটনাৰ বলি হৈছে। ম’বাইল হাতত ল’লেই তজবজীয়া ডেকা একোজনে কিয় চেতনা হেৰুৱাই পেলায়, তাক বুজা টান। ম’বাইল লৈ থাকোতে সম্ভৱতঃ তেওঁলোক ক’ত আছে, কেনি গতি কৰিছে, একোলৈকে ভ্ৰূক্ষেপ নকৰাকৈ খোজ দিয়ে, তাৰ ফলতে কেতিয়াবা দুৰ্ঘটনা হয়। গুৱাহাটীৰ বাট-পথ এতিয়া সুৰক্ষিত বুলি কব নোৱাৰি। মানুহেও সংবেদনশীলতা হেৰুৱাইছে আৰু নিজ নিজ স্বাৰ্থত মগ্ন হৈছে। এই আত্মকেন্দ্ৰিকতাও বহু ঘটনাৰ বাবে দায়ী। আনহাতে শ্বপিং মল যিমান হৈছে, সিমানে সৰু সৰু দোকানবোৰৰ অৱস্থা কাহিল হৈ পৰিছে। এইখন গুৱাহাটী মই অহাৰ কিছুদিন পিছতহে দেখিলোঁ। ৰিহাবাৰীত থাকোঁতে আৰ্য বিদ্যাপীঠলৈ মোৰ বেছি সময় নেলাগিছিল, কিন্তু কিছুদিনৰ পিছত আমি খাৰঘূলিলৈ যাব লগীয়া হ’ল। গিৰীণে ঘৰ লৈছিল বৰঠাকুৰ ক্লিনিকৰ ওচৰত, বীৰেণে লৈছিল পাহাৰ অঞ্চলত। বীৰেণে লোৱা ঘৰটোতে মোক থাকিবলৈ দিলে, আৰু গিৰীণৰ ঘৰতে বাকীবিলাক থাকিল। বৌটি, অনিল, কামাখ্যা আদি বীৰেণৰ পৰিয়ালৰ লগতে থাকিবলৈ ল’লে। গিৰীণে তেতিয়া অৱসৰ লোৱা নাছিল, বোধকৰো কৰিমগঞ্জত ই.এ.চি হৈ আছিল। আহিলে তাৰ ঘৰতে থাকে আৰু গুছি যায়। সি এটা ভাল কাম কৰিলে। সি অনিলক ধানখেতিত applied biology পঢ়িবলৈ পঠিয়াইছিল ১৯৫৬ চনত, তাত প্ৰায় চাৰিবছৰ পঢ়ি আহি ‘জিয়’ল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়া’ৰ অধীনত চাকৰি পালে। তাৰ জীৱনটো ভালদৰেই অতিবাহিত হ’ল যদিও শেহত জয়পুৰত চাকৰি কৰিছিল। তাৰ পৰাই সি বোধকৰো অৱসৰ লৈছিল। সি শেহত ঘৰ-দুৱাৰ কৰিলে গুৱাহাটীৰ নাৰিকল বস্তিত। কামাখ্যাই বি কম পাছ কৰি প্ৰকাশন পৰিষদৰ হিচাপ-নিৰীক্ষক হল। সি বীৰেণৰ ওচৰতে, ঘৰ সাজি থাকিবলৈ ললে।

শ্ৰদ্ধেয় গিৰিধৰ শৰ্মাৰ যত্নতে আৰ্য বিদ্যাপীঠ প্ৰায় পূৰ্ণাংগ ৰূপত গঢ় ললে। ৰাইজৰ পৰা টকা সংগ্ৰহ কৰি আৰু দান-বৰঙণি লৈ, পিতনি পুতি, তেওঁ এই কলেজখন গঢ় দিছিল। এইবাবে তেওঁ স্মৰণীয় হৈ আছে আৰু থাকিব। তেওঁ এটা সময়ত অসম সাহিত্য সভাৰ সভাপতিও হৈছিল। তেওঁৰেই ভায়েক হ’লগৈ প্ৰয়াত উমাকান্ত শৰ্মা, তেওঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ সঞ্চালক আছিল; তেওঁ অসমীয়া সাহিত্যলৈ বৰঙণি দি থৈ গৈছে। “এজাক মানুহ এখন অৰণ্য”, “ভাৰণ্ড পখীৰ জাক”-এই দুখন উপন্যাস তেওঁৰ অপূৰ্ব সৃষ্টি। এই কিতাপ দুখন মই পঢ়িছিলোঁ আৰু তাৰ সমালোচনা লেখা মনত পৰে। শ্ৰদ্ধেয় গিৰিধৰ শৰ্মাই একে ঠাইতে থকা আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্কুলখনৰো প্ৰতিস্থাতা। এই দুয়োটা শিক্ষানুষ্ঠান গঢ় দিয়া তেতিয়াৰ দিনত বৰ সহজ নাছিল, কিন্তু শৰ্মা ডাংৰীয়াই অসাধ্য সাধন কৰিছিল। তেওঁ এখন অসমীয়া অভিধানো লিখি উলিয়াইছিল। শৰ্মা ডাঙৰীয়া চৰকাৰৰ সাহায্য আৰু ইউ জি চিৰ পৰা কেনেকৈ সাহায্য পাব পাৰি তাৰ খবৰ ৰাখিছিল আৰু  সেইদৰে সংগ্ৰহ কৰি কলেজখনৰ সাহায্য পাব পাৰি তাৰ খবৰ ৰাখিছিল আৰু সেইদৰে সংগ্ৰহ কৰি কলেজখনৰ উন্নতি সাধন কৰিছিল। তেওঁক প্ৰয়াত সাহিত্যিক অতুল হাজৰিকাদেৱে কৰ্মযোগী আখ্যা দিছিল। সঁচাকৈয়ে তেওঁ অতি ব্যস্ত মানুহ আছিল। ব্যক্তিত্বও আছিল তেওঁৰ। কলেজখনৰ অধ্যক্ষ হিচাপে তেওঁ পুৱা ন বজাৰ পৰা ৰাতি ন বজালৈকে কলেজৰ অফিচতে আছিল। এটা সময়ত চাকৰিয়ালসকলে ৰাতি পঢ়িছিল। কটনতে শিক্ষকতা কৰা বাবে তাৰে কেইজনমান শিক্ষকক ৰাতি কাম কৰিবলৈ তেওঁ অনুৰোধ কৰিছিল। তেওঁলোকেও সহায় কৰিছিল। মূলতঃ কামৰূপৰ ককয়াৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহ গিৰিধৰ শৰ্মাহঁত দুখত উঠা মানুহ, কিন্তু অধ্যাৱসায়ৰ বলত পিছত দুয়ো ককাই ভায়ে (গিৰিধৰ আৰু উমাকান্ত) জীৱনত বহু ওখলৈ উঠিছিল। অধ্যক্ষ হিচাপেও কলেজখনলৈ তেওঁৰ অৱদান মন কৰিবলগীয়া।

৩/৪ বছৰৰ পিছত এবাৰ তেওঁ মোক ক’লে, আপুনি আৰ্য বিদ্যাপীঠ উচ্চ মাধ্যমিক স্কুলৰ দশমমানৰ ল’ৰাহঁতৰ অসমীয়াৰ ক্লাছ এটা লৈ দেখুৱাব লাগে। তাৰ শিক্ষকসকলেও ভাল পাব। তেওঁলোকেও আপোনাৰ শিক্ষা দানৰ পদ্ধতি চাব। তেওঁৰ এই অনুৰোধ উপেক্ষা কৰিব নোৱাৰিলোঁ। ক্লাছ ল’ম বুলি সন্মতি দিলোঁ। তাৰিখ এটা ঠিক হ’ল। কলেজৰ এটা হলত ছাত্ৰ আৰু শিক্ষকসকল বহিলহি। অধ্যক্ষ শৰ্মাও বহিছে। মই আৰম্ভ কৰিলোঁ। পঢ়ুৱাবলৈ লোৱা হৈছিল ল’ৰাহঁতৰ পাঠ্যপুথিত থকা দেৱকান্ত বৰুৱাৰ কবিতা ‘অপ্ৰকাশ’। ভাবিলোঁ, ল’ৰাহঁতক প্ৰথমে কবিতা আৰু পদ্যৰ পাৰ্থক্য নো কি তাকে কওঁ। ল’ৰাহঁতক সুধি গম পালোঁ, তেওঁলোকৰ সেই সম্পৰ্কে সম্যক জ্ঞানৰ অভাৱ। মই ব’ৰ্ডলৈ গৈ দুটা সৰু স্তৱক লিখিলোঁ। স্তৱক দুটা হ’ল-
১/ অহে মোৰ প্ৰিয় ল’ৰা, উপদেশ ধৰা
কায়মনোবাক্যে তুমি বিদ্যা শিক্ষা কৰা।
২/ মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়াভগা মাত
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ।

ল’ৰাহঁতক সুধিলোঁ, ইয়াৰ কোনটো স্তৱকক পদ্য আৰু কোনটোক কবিতা বুলিব পাৰি? দুই এজনে সঠিক উত্তৰেই দিছে। কিন্তু বেছিভাগ ছাত্ৰই পাৰ্থক্যটো ধৰিব পৰা নাই। মই ক’লোঁ, প্ৰথমটো স্তৱক মূলতঃ উপদেশধৰ্মী, শিশুৰ মনত সহজে ক্ৰিয়া কৰে। তাত কল্পনা নাই। অনুভূতিৰ প্ৰশ্নও তাত নাই। কিন্তু ২ নং স্তৱকত কবি কল্পনা জগতলৈ উৰা মাৰি গৈছে, তাৰ কল্পনাৰে তেওঁ দুখন জগতৰ ছবি আঁকিছে, এখন সুকণ্ঠী চৰাইৰ জগত আৰু আনখন বেদনাক্লিষ্ট মানুহৰ জগত। মানুহৰ বেদনা যেন ফুটি উঠিছে সুকণ্ঠী চৰাইৰ মাতত। কবিৰ নান্দনিক দৃষ্ঠিত এই দুয়োখন জগত যেন একাকাৰ হৈ গৈছে। কল্পনা শক্তিৰ বলত দুয়োখন জগত মিলিত হৈছে। তাৰ যোগসূত্ৰ হ’ল বেদনা। এনে ধ্বনি-ব্যঞ্জনাই কবিতাৰ বৈশিষ্ট।

ছাত্ৰবিলাকক এইখিনি কোৱাৰ পিছত তেওঁলোকৰ যেন কথাখিনি কিছু পৰিষ্কাৰ হ’ল এনে লাগিল। তাৰ পিছত মই থিয় হৈ ‘অপ্ৰকাশ’ কবিতাটো ভালকৈ বুজাই দিলোঁ। তাৰ পিছত ছাত্ৰহঁতৰ মাজত ফুৰি তেওঁবিলাকৰ পৰা স্তৱকবোৰৰ স্তৱকবোৰৰ সাম্ভাব্য অৰ্থ ওলিয়াবলৈ ইটো-সিটো প্ৰশ্ন কৰিলোঁ। মই ছাত্ৰসকলৰ পৰা কবিতাটোত সামগ্ৰিকভাৱে কি কব খুজিছে তাকে সুধিলোঁ। দুই-এজনে ক’লে, আটাইবোৰে ভালকৈ ক’ব পৰা নাই। কবিতাৰ প্ৰতি শব্দৰ অৰ্থৰ প্ৰয়োজন নহয়, ধ্বনি ব্যঞ্জনাই কি সংকেত দিছে তাক ধৰিব পাৰিলেই হ’ল। এই কথাটো বুজাৰ পিছত মোৰ কাম শেষ হ’ল বুলি ভাবিলোঁ। মই এতিয়া পাহৰিছোঁ, মই কি ক’লোঁ, ল’ৰাহঁতে বা কি ক’লে একো মনত নাই। অধ্যক্ষকে ধৰি যিসকল তাত বহি আছিলতেখেতসকলে মোৰ পদ্ধতিৰ শলাগ ল’লে। অধ্যক্ষ ডাঙৰীয়াক এনে আয়োজনৰ বাবে ধন্যবাদ জনালোঁ।

গাঁৱৰ পৰা আহি পোনে পোনে শ্বিলং চহৰ পালোহি। তাত যিকিদিন থাকিলোঁ, সেই কেইদিন লগ পালোঁ বেছিকৈ মধ্যবিত্ত শ্ৰেণীৰ মানুহহে, কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত বৰকৈ হলি-গলি নহ’ল। গাওঁ অঞ্চলৰ মানুহৰ মাজত কিছু কু-সংস্কাৰ আছিল বুলি শুনিছিলোঁ। কোনোৱে কৈছিল, তাৰ গাঁৱৰ মানুহৰ মাজত উথেলন  নামৰ এবিধ সৰ্পৰ পূজাৰ প্ৰচলন আছে : এইজন দেৱতাক সৰু সৰু ল’ৰা ছোৱালীৰ নাকৰ পৰা উলিওৱা তেজেৰে হেনো পুজা কৰা হয়। শুনা কথা। মোৰ সৰু ছোৱালীজনীৰ কাৰণে মোৰএদিন মনে মনে শংকা হৈছিল। মাল্কিত থাঁকোতে এদিন তাই আবেলি বেলিকা কেনিবা ওলাই গ’ল। তেতিয়া সাত কি আঁঠ বছৰীয়া। মই ইফালে সিফালে বিচাৰ খোচাৰ কৰাৰ পিছত তাইক পাঁলোগৈ। তাই অকলে পাহাৰী ৰাস্তাত কেনেকৈ গ’ল মই ভাৱি অবাক। কোনো কোনোৱে ক’লে তাই সেই সৰ্পৰ ভক্তৰ হাতত পৰিছিল। হয়-নহয় নেজানো। মই বিশ্বাস অবিশ্বাসৰ মাজত দোদুল্যমান হৈ ৰৈ গ’লো। অৱশ্যে তাইক লৈ সতৰ্ক হৈ থাকিলো। কুসংস্কাৰবোৰ নিশ্চয় আছিল। বেছিদিন থকা হ’লে সেই বিষয়ে ভালদৰে গৱেষণা কৰিব পৰা গ’লহেতেন। কিন্তু মই সোনকালে শ্বিলং এৰিবলগীয়া হ’ল। সেইকথা আগতে কৈছো।
গুৱাহাটীত কিছুদিন থাকিলো। পিছত, ৰাজধানী হোৱাৰ লগে লগে নগৰখন কংক্ৰীটৰ মহানগৰ হ’ল, ৰবীন্দ্ৰনাথে কৈছিল, “ইঁটেৰ পৰ ইঁট, মাজে মানুহ কীট। নাইক’ প্ৰেম, নাইক’ ভালবাসা। নগৰৰ সংস্কৃতি ক্ৰমশঃ ফোঁপোলা হৈ উঠিল। মানৱীয় প্ৰমুল্যৰ অৱক্ষয়ৰ মাজত মানুহ ক্ৰমান্বয়ে আত্মকেন্দ্ৰিক হৈ উঠিল। আনহাতে সাধাৰণ মানুহক প্ৰান্তলৈ ঠেলি দিয়া হ’ল। এহাতেৰে ভোগবাদ আৰু আনহাতে দাৰিদ্ৰ্য- তাৰ মাজত বাস্থৱ পৰিস্থিতি কদৰ্য্য হৈ দেখা দিলে। বিশ্বায়নী বজাৰ অৰ্থনীতিৰ চাপত জীৱন-বাদী চিন্তা তল পৰি আহিল। গুৱাহাটীৰ এই ৰূপটো মই গুৱাহাটী নামৰ কবিতা এটাত ধৰি ৰাখিবলৈ যত্ন কৰিছিলো, কিন্তু সফল নহ’লো। শব্দৰ চয়ন-বয়নেৰে উপমা উৎপ্ৰেকা প্ৰতীকেৰে, ধ্বনি ব্যঞ্জনাৰে কবিতা একপ্ৰকাৰ নিৰ্মাণ, তাত সহজে কৃতকাৰ্য্য হোৱা টান।

আৰ্য্য বিদ্যাপীঠ কলেজৰ বাহিৰে ভিতৰে সেইসময়ত এনে কিছুমান মানুহ লগ পালো যিসকলৰ সান্নিধ্যত মই বহু পৰিমাণে উপকৃত হলো। কলেজৰ শিক্ষকসকলৰ ভিতৰত কেইবাজনো গুণীলোকক লগ পালো। সেইসকল হ’ল নীলমণি ফুকন, ড৹ শিৱনাথ বৰ্মন, উদয় দত্ত, গোবিন্দ প্ৰসাদ শৰ্মা, সুৰেশ্বৰ বৰুৱা, ভুপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য, দেবেন্দ্ৰ নাথ ভট্টাচাৰ্য্য আদি। কলেজৰ বাহিৰতো কেইবাজনো বিশিষ্ট লোকৰ পৰা কিছু কথা জনাৰ সু্যোগ হৈছিল, সেইসকল হ’ল নৱকান্ত বৰুৱা, কেশৱ মহন্ত, ড৹ হীৰেন গোঁহাই, শশী শৰ্মা, উপেন্দ্ৰ নাথ শৰ্মা আৰু কেইবাজনো। এই সময়ত নামবোৰ মনলৈ অহা নাই। বয়সে কলপতীয়া স্মৃতি শুকাই পেলাইছে। কৈশোৰ আৰু যৌৱনত লগ পাইছিলো বকুলবনৰ কবিক। তেওঁৰ উদ্গনি পাহৰিব নোৱাৰোঁ। ইন্টাৰমিডিয়েট পঢ়োতে, লগ পাইছিলো ভালকৈ হেম বৰুৱাক, যজ্ঞেশ্বৰ শৰ্মাকো লগ পাইছিলো, যদিও তেওঁৰ লগত ঘনিষ্ঠতা নহ’ল। হেম বৰুৱাৰ কথা আগতে কৈ আহিছোঁ। বীৰেণেও আমৃত্যু মোক সুপৰামৰ্শ দিছিল। তাৰ মৃত্যু মোৰ বাবে ডাঙৰ ক্ষতি।

সি যি কি নহওক, মই এতিয়া গুৱাহাটীত মোৰ জ্ঞান, বুদ্ধি, বৌদ্ধিক উৎকৰ্ষ জীৱন আৰু জগত সম্বন্ধে চেতনা বঢ়াই সৃষ্টিশীল কাম আশানুৰূপভাৱে কেনেকৈ সম্পন্ন কৰিব পাৰোঁ, তাৰ কথা ভাবিবলৈ আৰম্ভ কৰিলো। কলেজত ঘাইকৈ নীলমনি ফুকন, শিবনাথ বৰ্মন আদিৰ পৰা ভালেমান কথা জানিলো। জানিছিলো আলোচনাৰ পৰা। কবিতা আৰু চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিৰ বিষয়ে ফুকনৰ পৰা কিছু জ্ঞান আহৰণ কৰিছিলো। অৱশ্যে শিল্পকলা সম্বন্ধে মই বৰ বিশেষ জ্ঞান আয়ত্ব কৰিব পাৰিছিলো বুলি নকওঁ। তথাপি ৰঁদা, পিকাছো, ভানগ’গ আদিৰ পৰিচয় কিছু পাইছিলো। ফুকনৰ উদ্গনিতে দ-পৰ্বতীয়ালৈ মই গৈছিলো। আমাৰ শিল্পীসকলৰ ছবিও চাইছোঁ, কিন্তু ছবিৰ মৰ্মত প্ৰৱেশ কৰিব পৰা দৃষ্টি শক্তি অৰ্জন কৰিব নোৱাৰিলো। কবিতাত আঁৰ-বেৰ কিছু লাগে। তাৰ নান্দনিক দিশটোৱে সেইকাম সম্পন্ন কৰে। আমাৰ আলংকাৰিক সকলে ‘বক্ৰোক্তি’ৰ কথা কৈছে, আনহাতে এজনে ধ্বনি-ব্যঞ্জনাৰ কথা কৈছে। শব্দৰ চয়ন আৰু বয়নতো কলাগত দিশ আছে। বৰ্মনৰ পৰা মাৰ্ক্সীয় দৃষ্টিভংগী আৰু কলা এই সম্পৰ্কে কিছু কথা জানিছিলো। অন্যন্যা সকলৰ ভিতৰত কেশব মহন্ত, ড৹ হীৰেণ গোঁহাই- এইসকলৰ লেখা-মেলাই মোক কিছু পথ-নিৰ্দেশ কৰিছিল। নৱকান্তৰ কিছুমান কবিতা আৰু তেওঁৰ ইংৰাজী কবিতাৰ অনুবাদ ৰীতিয়ে মোক বিশেষভাৱে আকৃষ্ট কৰিছিলি। আধুনিক অসমীয়া সাহিত্যৰ মধ্যমণি স্বৰূপ কবি নৱকান্ত বৰুৱাৰ আকস্মিক মৃত্যু অসমীয়া সাহিত্যৰ বাবে ডাঙৰ ক্ষতি। এই প্ৰতিভাবানসকলৰ সহায় পায়ো মই সৃষ্টিশীলভাৱে আশানুৰুপ সফলতাৰ অধিকাৰী হ’ব নোৱাৰিলো।

তথাপি, মই সঁচাই-মিছাই, ভালে বেয়াই লিখি থাকিলো, এইদৰে লিখি থকাৰ বাবে গদ্য আৰু কবিতাৰ কোনোবাখিনিত সৃষ্টিশীলতাৰ আঁচোৰ পৰিছে যেন লাগে যদিও, সামগ্ৰিকভাৱে লেখাবোৰ সন্তোষজনক আৰু মৰ্মস্পৰ্শী হ’ল বুলি একেআষাৰেই কৈ দিব নোৱাৰোঁ। অৱশ্যে, মোৰ উদ্যম একেবাৰে নোহোৱা নহয়, তাৰ বলতে আগৰছোৱাত লিখিছিলো, এতিয়া বুঢ়া হৈ আহিছোঁ, মাধৱদেৱে কোৱাৰ দৰে ‘হাণ্ঠিতে নচলে পাও’ এই বয়সত উৎসাহ কমিবই। ( ক্ৰমশঃ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.