মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): পঞ্চদশ খণ্ড

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): পঞ্চদশ খণ্ড by April 14, 2014 0 comments

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——-

ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।” আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই হ’ল সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া হ’ব মাথোঁ ধৃষ্টতাৰ নামান্তৰ; কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত হ’ব আৰু সেই উদ্দেশ্যেই “ভাষা-সাহিত্য সন্মিলনী , অসমৰ” ফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া ই-আলোচনী www.xahitya.org ত তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে। এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে। ইণ্টাৰনেটত পোন-প্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ হ’ব, অৰ্থাৎ শ্ৰদ্ধেয় ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ল’ব। এইয়া অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ।ধাৰাবাহিক আত্মজীৱনীখন প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ” কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে। সেইসকল হৈছে – অনুপমা বৰগোহাঁই (নতুন দিল্লী), স্যামন্ত কুমাৰ গোস্বামী (দক্ষিণ কোৰিয়া), মঞ্জিল কোঁৱৰ (গুৱাহাটী), মনোজ মন কলিতা (টাইৱান) , ধ্ৰুৱজ্যোতি শৰ্ম্মা (গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা), সুৰজিত নেওগ (গুৱাহাটী) আৰু আফটাৰ হুছেইন চৌধুৰী (চৌদি-আৰৱ)। প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে তেওঁলোকৰ বহুমূলীয়া মন্তব্যও যেন অসমীয়া বা ইংৰাজী ভাষাত ইয়াতে আগবঢ়ায় ।

বিনীত,
সাহিত্য.অৰ্গ

——————————————————————

(পঞ্চদশ খণ্ড)

কেতিয়াবা ভাঁবো মই লিখো কিয়? এবাৰ হেমন্ত বৰ্মনে “শ্ৰীময়ী”ত থাকোতে মোক এই প্ৰশ্নটো কৰিছিল৷ কিবা এটা উত্তৰো দিছিলো৷ প্ৰৱন্ধটো মোৰ হাতত এতিয়া নাই৷ সেই সময়ত আধুনিকতাবাদী চিন্তা-চৰ্চাৰ লগতে সমাজ চিন্তাও চলিছিল৷ বীৰেনৰ “ৰামধেনু’ত শতপুষ্প বিকশিত হৈছিল, যদিওবা সি নিজে সমাজবাদী চিন্তাৰ ভেটিত ৰাজনীতিক সাহিত্য ৰূপ দিছিল৷ মুনীন বৰকটকীয়ে বীৰেণক ৰাজনৈতিক লেখক বুলি অভিহিত কৰিছিল৷ কেশৱ মহন্ত আদিয়ে লিখিছিল সাম্যবাদী ধাৰাত৷ সেই সময় আৰু পৰিৱেশে মোকো দুৰ্ভগীয়া বঞ্চিত মানুহসকলৰ বিষয়ে লিখিবলৈ উৎসাহিত কৰিছিল৷ আমি ডাঙৰ-দীঘল হৈছিলো বাগানত আৰু পিছত এছোৱা গাৱঁত৷ দুয়ো ঠাইতে মানুহৰ দুখ-দুৰ্শাই আমাক মাজে মাজে দুখ দিছিল যদিও তাৰ কাৰণবোৰ ফঁহিয়াই চোৱাৰ বৌদ্ধিক শক্তি আহৰণ কৰিব পৰা নাছিলো৷ ক্ৰমান্বয়ে বাগানৰ বনুৱাসকলৰ আৰু গাঁৱৰ খেতিয়কসকলৰ দুখ-দৈন্যৰ ইতিহাস স্পষ্ট হৈছিল আৰু শোষণৰ ছবিখন বুজি পাইছিলো৷ এইবোৰ কাৰণতে মানুহৰ কথাই লেখাত প্ৰাধান্য পাইছিল৷ দ্বিতীয় মহাসমৰেই আমাক বিবুদ্ধিত পেলাইছিল৷ কেৱল ক্ষমতাৰ বাবেই মানুহে যু্দ্ধ কৰে নেকি? হিৰোচিমা আৰু নাগাচাকিৰ নিৰ্মম ভৱাবহ কাণ্ডই মানুহৰ বৰ্বৰকাতে নুসুচায় জানো? ১৯৩৯ৰ পৰা ১৯৪৫ চনলৈ হোৱা দ্বিতীয় মহাযু্দ্ধৰ আমি বিৰোধিতা কৰিছিলো৷ চৰকাৰৰ ৱাৰ ফ্ৰণ্ট আমি সমৰ্থন কৰা নাছিলো৷ আনহাতে আজাদ হিন্দ ফৌজৰ প্ৰতি আমাৰ সহানুভুতি আছিল৷ কিন্তু অৱশেষত আমি সুভাষ বসুকো হেৰুৱালো৷ ছোভিয়েটৰ পতনে আমাৰ সাম্যবাদীসকলকো যে হতাশ কৰিছিল, এনে নহয়, পুজিবাদৰ শোষণত সমগ্ৰ পৃথীৱীৰে সংকট আহিছিল বুলি ধৰিব পাৰি৷ ছোভিয়েটৰ CPSU (Communist Party of the Soviet Union)  ৰ নেতাবিলাকৰ ‘এলিট’ জীৱন-চাৰ্য্য, আদৰ্শ-নিষ্ঠতাৰ খহনীয়  নীতিৰ ব্যাখা আৰু কাৰ্যকৰীকৰণত সমাজবাদ তথা সাম্যবাদী ভাৱাদৰ্শৰ ক্ৰমবিলুপ্তি- এইবোৰো পতনৰ কাৰণ হব পাৰে৷ বিল্পৱৰ পিছত তৃতীয় প্ৰজন্মই সমাজবাদী বিপ্লৱৰ প্ৰয়োজনীয়তাকে বুজি নোপোৱা হ’ল৷ তেওঁবিলাকে নিজৰ কথাকে ভাবিবলৈ ধৰিলে, শিক্ষানুষ্ঠান, ফাৰ্ম আৰু কল-কাৰখানাৰ কাম কৰি ব্যস্ত হৈ থাকিল৷ ছোভিয়েটে আমেৰিকাৰ লগত প্ৰতিযোগিতা চলোৱাটো ভুল হৈছিল৷ এইবোৰ কাৰণতে ছোভিয়েটৰ আমূল পৰিৱৰ্তন সম্ভৱ নহ’ল৷ মহাকশ গৱেষণাত অগ্ৰগতি, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ছোভিয়েটৰ বাঢ়ি অহা সামৰ্থ্য, অলিম্পিকত মেডেল প্ৰাপ্তিৰ  প্ৰতিযোগিতা এইবিলাকতকৈ প্ৰয়োজন বেছি আছিল শান্তিৰ৷  যুদ্ধৰ ঠাইত শান্তিৰ প্ৰস্তাৱ আছিল অত্যন্ত প্ৰয়োজনীয়৷ শান্তিৰ পৰিৱেশ এটাতহে মানুহৰ জীৱন-ধাৰণৰ মান বঢ়াব পাৰি৷ এইবোৰ কথা মোৰ নহয়, ১৯৪৫ চনৰ ৮ অক্টোবৰৰ ষ্টেটচমেন কাকতত অশোক মিত্ৰই লিখা প্ৰৱন্ধ এটা পঢ়ি এই কথাখিনি লিখা হৈছে৷ মিত্ৰই সমাজবাদী প্ৰমূল্য যে হেৰাই গ’ল তাৰ কথাও উল্লেখ কৰিছে৷ মিত্ৰৰ এই বিশ্লেষণ নিৰ্ভুল বুলি মোৰ ধাৰণা হয়৷

এইবোৰ কথাৰ বাবেই সমাজ চিন্তাৰ ফালে ঢাল খালো আৰু মানবীয় প্ৰমূল্যৰে জীৱনবাদক প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছিলো৷ বাস্তৱক ভালদৰে জনাটো লেখকৰ কৰ্তব্য৷ কোনোৱা এজনে কৈছে” Truth is the tough boss in literature” অইন দেশৰ কথা নকওঁ, আমাৰ অসমখনলৈকে ভালকৈ মন কৰিলে আমি সহজে এটা কথা বুজি পাম৷ অসমত বৰ্তমান বাস্তৱ-সত্য কুৎসিত আৰু কদৰ্য্য, এই কদৰ্য্য সতাকে ভেটি কৰি সুন্দৰ জীৱনৰ চিত্ৰ আঁকিব লাগিব। সেই চিত্ৰৰ মানবীয় গুণ আৰু মৰ্মস্পৰ্শিতাই মানুহৰ হৃদয় আৰু মগজুক স্পন্দিত কৰি তুলিব পাৰে। আমাৰ মানুহৰ মনত দ্বান্দ্বিক প্ৰক্ৰিয়াৰ উন্মেষ ঘটে। সেই অন্তৰ্দ্বন্দ্ব নহ’লে ৰচনাই বল নাপায়। হত্যাৰ পৰা ধৰ্ষণলৈ যিবোৰ ঘটনা আমাৰ ইয়াত ঘটি আছে, সেইবোৰ দেখি শুনি এজন লেখক শান্তিৰে শুব নোৱাৰে। অৱশ্যে এই কথাটোও আছে, মই মোৰ দেশক আওহেলা কৰি জীয়াই থাকিম কেনেকৈ ? এইখিনিতে দ্বন্দ্ব হয় আৰু এই দ্বন্দ্বই আমাৰ সাংস্কৃতিক সংবেদনশীলতাক জন্ম দিয়ে। নিতান্ত স্বাৰ্থপৰ চিন্তাই আমাক ভাগ ভাগ কৰি পেলায়। এই বিভাজনে আমাক ধ্বংস কৰে। শঙ্কৰদেৱে ৰাৱণক ‘পাপ-বুধ’ বুলি কৈছে, অৰ্থাৎ সি ‘জ্ঞান-পাপী’। স্বাৰ্থৰ কাৰণে মানুহ অন্ধ হৈ পৰে। এই অন্ধতাই আমাৰ ধ্বংস মাতি আনে। তত্ত্বৰ ভিত্তি এটাৰ আমাৰ বাবে প্ৰয়োজন আছে, কিন্তু কালচক্ৰই ৰাইজক কোন বাটে নিছে সেই কথা উপলব্ধি কৰিহে আমি আগবাঢ়িব লাগিব। আগবাঢ়োঁতে আমাক আত্মবিশ্লেষণৰো প্ৰয়োজন হ’ব। প্ৰয়োজন হ’ব দেশপ্ৰেমৰ; আমি অধিকাৰ বিচাৰিলেই নহ’ব, দেশখনৰ প্ৰতি আমাৰ কৰ্তব্যনো কি তাকো বিচাৰ কৰি চাব লাগিব। তেতিয়াহে দেশৰ উন্নতি আশা কৰিব পাৰি।

সংস্কৃতি নিৰ্মাণৰ ক্ষেত্ৰতো মই ভাবোঁ যে দেশ, সমাজ, মানুহ এইবোৰ সম্বন্ধে প্ৰকৃত জ্ঞান লেখকে আহৰণ কৰিব লাগে। ইয়াৰ অৰ্থ হ’ল আচল সত্যটো লেখকে জানিব লাগে। আমাৰ যিসকলে দেশ চলায়, তেওঁলোক সংস্কৃতিবান আৰু দায়িত্বশীল হ’লে দেশখন বাচিব, সাধাৰণ মানুহৰ দুখ-দৈন্য কমিব আৰু দেশত এটা গণতান্ত্ৰিক পৰিবেশৰ সৃষ্টি হ’ব। তেওঁবিলাক যদি সোঁতত উটি যায়, তেনেহ’লে দেশত শান্তি নাথাকে। শান্তি আনিব পাৰে ঐক্যবোধে। কাজিয়া, অশান্তি আৰু বিভাজন হ’লে দেশ ৰসাতলে যাব। লেখকে এইবোৰৰ বিৰুদ্ধেই থিয় দিব লাগিব, কিন্তু লেখকে অকলে ৰূপান্তৰ আনিব নোৱাৰে। তথাপি লেখকে এটা সৎ ভূমিকা ল’বই লাগিব আৰু পথ-নিৰ্দেশ কৰি গন্তব্য স্থানলৈ আঙুলিয়াব লাগিব। শান্তি, ঐক্য, প্ৰেম-প্ৰীতিৰ এটা বাতাবৰণ সৃষ্টি কৰিবলৈ লেখকসকলে চেষ্টা কৰিবই লাগিব।

এইবোৰ কথা মোৰ মনলৈ প্ৰায়ে আহি থাকে। সেইবাবেই মই কৈছোঁ, মই মানুহৰ কথাকে লিখোঁ। পাঠকে মোৰ বিভিন্ন লেখাত এনেবোৰ কথাকে পাব আৰু পাঠক সহৃদয় হ’লে তেৱোঁ আত্মবিশ্লেষণ কৰিবলৈ প্ৰেৰণা পাব। মানুহৰ শেষ আশ্ৰয় ছফুট মাটি, তাতে চিৰকাললৈ হেৰাই যায়। সেই চেতনা যাৰ মনলৈ আহে, সি কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। এই চেতনা মানুহক লাগে। বিজ্ঞ পাঠকে এই কথা জানে। এইখিনিতে মই যিসকল বন্ধুৰ পৰা উপকৃত হ’লোঁ, তেওঁলোকৰ শলাগ লৈ থ’লোঁ।

ইতিমধ্যে আৰ্য বিদ্যাপীঠ কলেজত কেবা বছৰো পাৰ হ’ল। কলেজৰ ওচৰে-পাঁজৰে ক’ৰবাত এটা ঘৰ সজাৰ কথা ভাবিলোঁ। এতিয়া মই থকা ঠাইখনৰ নাম ৰূপনগৰ। ৰাইজে এই নাম দিছিল প্ৰয়াত ৰূপ নাথ ব্ৰহ্মৰ নামত। সেই সময়ত তাত বড়ো মানুহ ভালেমান আছিল। পিছত কিছুলোক আঁতৰলৈ উঠি গ’ল। আটাইবোৰ অৱশ্যে যোৱা নাছিল; যিসকলে নগৰৰ পৰিবেশত তিস্থি থাকিব পাৰে সেইসকল থাকি গ’ল। বড়োভাষী মানূ্হৰ সংখ্যা অৱশ্যে কম, অসমীয়াভাষীৰ সংখ্যা বেছি। আন ভাষাভাষী মানুহ আছে যদিও সংখ্যা বৰ বেছি নহয়।

মোক মাটি দেখুৱাইছিল আমাৰ লগৰে শিক্ষক শ্ৰীযুত ৰাধা শৰ্মাই। তেওঁ ইতিমধ্যে ৰূপনগৰতে মাটি লৈ ঘৰ-দুৱাৰ সাজি লৈছিল। তেওঁ আৰু দুজনমানক মাটি লোৱাই দিছিল তেওঁৰ শাৰীতে। মাটিবোৰ এজন দেছুৱালীৰ। তেওঁৰ সেইবোৰ খেতিৰ মাটি আছিল। শৰ্মাই একে শাৰীতে একঠা দহ লোচা মাটি মোৰ বাবেও বন্দৱস্ত কৰিলে। মাটিত ধান গজি আছে, পানীও আছে। দাম হ’ল ১৬০০ টকা। পিছত লেখা-পঢ়া (কাছাৰীত নহয় – একচনীয়া মাটি) কৰি মাটিটুকুৰা ল’লোঁ। কিন্তু ধান থকা মাটি পুতি তাত ঘৰ কৰিম কেনেকৈ সেই বিষয়ে মোৰ চিন্তা হ’ল। ঠাইটুকুৰাত বাৰিষা পানীও হয়। সমুখৰ ৰাস্তাও ঠেক। এনেবোৰ অসুবিধা থকা স্বত্বেও পইচা অলপ সংগ্ৰহ কৰি মাটিটুকুৰা পুতি সৰু-সুৰা ঘৰ এটা সজালোঁ। মই ইতিমধ্যে কিছুদিন কলেজৰ এটা ঘৰত থাকি, তাৰ পিছত দুটামান ভাড়াঘৰত থাকিলোঁ। খাৰঘূলিৰ পৰা আহি কলেজৰ ওচৰতে সপৰিয়ালে কটাই শেষত ৰূপনগৰৰ এই সাধাৰণ ঘৰটোলৈ আহিলোঁ।

কিছুদিনৰ পিছত মোৰ ঘৰৰ পাছফালে থকা একঠা পাঁচ লোচা মাটিও ৩০০০ টকাত ল’লোঁ। এই মাটিখিনি ওখ, পানী নহয়। মোৰ ভাই গিৰীনৰ পৰামৰ্শমতে মাটিটুকুৰা লৈ থ’লোঁ। সেই মাটিটুকুৰাত প্ৰথমতে ইটো-সিটি শস্য লগাইছিলোঁ। পিছত সেই মাটিটুকুৰাত মোৰ ডাঙৰ ল’ৰা শৈলেনক থাকিবলৈ দিলোঁ। মোৰ ল’ৰা তিনিটা – শৈলেন, ৰাজেন (গৌৰী), ৰাজীৱ (ৰাজু)। মই ঘৰ সজা মাটিখিনি পিছত ৰাজেন আৰু ৰাজীৱৰ মাজত ভগাই দিলোঁ। ৰাজেনৰ ভাগত মাটি কিছু কম হ’ল, ৰাজীৱৰ অলপ বেছি হ’ল। তাকে লৈ ৰাজেন কিন্তু অসন্তুষ্ট নহ’ল। মাটি-বাৰী লৈ মনোমালিন্য হোৱাটো বেয়া কথা। মিলেৰে থাকিলে যি আছে তাৰেই চলি যায়। তদুপৰি জীৱনটোনো কি ? এটা স্ফুলিংগ মাথোন। কিছুদিন জ্বলি শেহত নুমাই যায়। মই সিহঁতক টলষ্টয়ৰ ‘How Much Land Does A Man Need ?’ শীৰ্ষক গল্পটোৰ কথা কৈ থাকোঁ।

আমি যেতিয়া ঢেঁকীয়াখোৱাৰ পৰা একেবাৰে গুচি আহিলোঁ। তেতিয়া আমাৰ ভাগৰ খেতিৰ মাটি আধিয়াৰসকলকে দি থৈ আহিলোঁ। এতিয়া সেই মাটি আধিয়াৰসকলৰে হ’ল। মাটি এনেকৈ দিয়াত কোনেও আপত্তি নকৰিলে। বীৰেনে প্ৰথমতেই ক’লে, “নাঙল যাৰ মাটি তাৰ, এই নীতিত মই বিশ্বাসী”। সম্ভৱতঃ সি দেখুৱাই দিয়া এই বাটটো আনবোৰেও সমৰ্থন কৰিলে। আমাৰ বাৰীখনো আহল-বহল আৰু দীঘল আছিল। শেহৰ অংশটোত কাঠ-বাঁহো আছিল। বাৰীখনো গাঁৱৰ ৰাইজক এখন হাইস্কুল পাতিবলৈ এৰি দিয়া হ’ল। স্কুলখনৰ নাম হ’ল ‘চাওখাট হাইস্কুল’। চৰকাৰক স্কুলখন দেউতাৰ নামত দিবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু তেওঁবিলাকে এই বুলি জনালে যে টকা নিদিলে কাৰো নামত স্কুল দিব নোৱাৰি। শেষত দুটা কোঠা মৃত্যুৰ পিছত বীৰেনৰ নামত উছৰ্গিত কৰিবলৈ কৰা অনুৰোধ চৰকাৰে ৰক্ষা কৰিলে। এই সম্পৰ্কে চৈয়দ আব্দুল মালিকক মই কৈছিলোঁ। তেওঁ মোক আশ্বাস দিছিল। তেওঁ কৈছিল, “ময়ো লাগিম”। তেতিয়া মালিকৰো গা-পা সিমান ভাল নাছিল। তেওঁ এইবিষয়ে চৰকাৰক ক’লে। তেওঁৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিলোঁ। এইবোৰ কথাত এটা আদৰ্শ নিহিত আছে। মই যিমান দূৰ জানো, মোৰ ল’ৰাহঁতেও মাটি-বাৰী লৈ কোনো কাজিয়া-পেচাল নকৰে। সিহঁতে মিলিজুলি থাকিব বুলি মোৰ বিশ্বাস আছে।

ৰাজেনে তাৰ মাটিত ঘৰ এটা ইতিমধ্যে সজাইছে যদিও পইচাৰ অভাৱত অসম্পূৰ্ণ হৈ আছে। ৰাজেনে (গৌৰী) এতিয়া অসুস্থ অৱস্থাতে নগাঁও কাগজ কলত অফিচ কৰিছে। তাৰ অসুখ ভাল হ’ব বুলি আমি আটায়ে কামনা কৰিছোঁ। চিকিৎসাও চলি আছে।

মই সজা ঘৰটো, সীমিত উপাৰ্জনৰ ভিতৰতে, পাৰ্যমানে উন্নত কৰিবলৈ যত্ন কৰিছিলোঁ যদিও পানীৰ উপদ্ৰৱৰ পৰা হাত সাৰিব নোৱাৰিছিলোঁ। বিশেষকৈ বাৰিষা নৰকাসুৰ পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানী আমাৰ কাৰণে বিভীষিকা হৈ উঠে। পানী ৰাস্তাইদি আহি ঘৰৰ ভিতৰতো সোমায়হি। এই সোমোৱা পানীবোৰ উলিয়াই দিহে কিছু সকাহ পোৱা যায়। সেইটো ঘৰতে তিনি-চাৰিখন বিয়া পাতিছিলো খৰালি। পিছত ৰাইজে লগ লাগি পাহাৰৰ পানী অন্য এটা ৰাস্তাৰ দাঁতিৰ চাঙৰ ফালেদি পথিওৱাৰ ব্যৱস্থা কৰাত আমাৰ ফালে পানী নহা হ’ল, আৰু আনটো ৰাস্তাৰ দাঁতিৰ মানুহৰো একো ক্ষতি নহ’ল। পনীবোৰ খালে খালে যোৱাৰ বন্দৱস্ত কৰা হ’ল। ইতিমধ্যে মোৰ ঘৰৰ কাঠ নষ্ট হ’ল আৰু ভালেমান কিতাপো পঢ়িব নোৱাৰা হ’ল। এবাৰ হঠাৎ অহা এজাক ধুমুহাই এচ্‌বেটতো উৰাই নি দূৰত পেলালেগৈ। তেতিয়াই কিছুমান কিতাপ তিতিল।

আৰু এটা দিনৰ কথা কব মন গৈছে। কোনোবা এটা কুৰি জুন। বিষ্ণুৰাভা ক্ষেত্ৰত এই দিনটো উদ্‌যাপন কৰিছিল। যিমান দূৰ মনত পৰে, সভাখন হীৰেণ গগৈহঁতে পাতিছিল। সভাত কৃষ্ণমূৰ্তি হাজৰিকাকো লগ পোৱা মনত আছে। তেওঁ সাংস্কৃতিক সন্ধিয়াত যোগ দিবলৈ আহিছিল। বাকী অন্যান্যসকলৰ কথা মনত পৰা নাই। সেইদিনা সভাৰ আৰম্ভণিৰে পৰা বৰষুণ। বৰষুণ চলি থাকিল। এনে ধাৰাসাৰ মূষলধাৰ বৰষুণ চলি আছিল। মূল সভাৰ পিছত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ল, আৰু সামৰণিও পৰিল। বৰষুণ নেৰেহে নেৰে, তাকো কিনকিনীয়া নহয়, মূষলধাৰে বৰষিছে। ৰাস্তাত পানীৰ প্ৰচণ্ড সোঁত। ৫/৬ ঘণ্টা বৰষুণ, পানীৰ সোঁত হবই। প্ৰায় চাৰে আঠ হ’ল। মই যাবলৈ উচপিচ লগালো। মোৰ লগত মোৰ সৰু ল’ৰা ৰাজীৱ আৰু তাৰ ডাঙৰ ছোৱালীও আছিল। নিবলৈ মানুহ ওলায়ো সাহ নকৰা হ’ল। পিছত যি হয় হব বুলি এজন ওলাল। আমি তিতি বুৰি গাড়ীত উঠি লৈ, সেই বৰষুণতে গৈ আছোঁ। অৱশেষত, আমাৰ ঘৰলৈ সোমাই যোৱা আলি পালোগৈ। তাত পানীৰ সোঁত তীব্ৰ। গাড়ীচালকজনে ক’লে “আৰু যাব নোৱাৰিম।“ সাপৰ নেগুৰ ছিগা সোঁত। মই ক’লোঁ, বেয়া নাপাব, আপুনি প্ৰথম ঘৰ মানুহৰ পদূলিতে নমাই দিয়ক। তাৰ পৰা আমি কিবা উপায় কৰি যাম। তেওঁ সেইখিনি সহায় কৰিলে। আমি কোনোৰকম তেওঁলোকৰ বাৰান্দা পালোগৈ। তেতিয়াও বৰষুণ চলি আছে। তাতে অলপ পৰ থাকি ৰাজীৱক কলো-তই মোক ধৰি ধৰি যেনে তেনে থৈ আহগৈ। এওঁলোকৰ ছাতি এটা খুজি ল’, সি সেইটোকে কৰিলে। প্ৰচণ্ড সোঁত, সি নথকাহেতেঁন মই হয়তো পানীত  উটি গ’লোহেঁতেন। মোক থৈ আহি পিছত সি ছোৱালীজনীক নিলেহি। ঘৰ সোমাই দেখিলো, চ’ৰা ঘৰৰ পৰা খোৱা ঘৰলৈকে আঁঠুৱনীয়া পানী, মাত্ৰ গা ধোৱা ঘৰত পানী সোমোৱা নাছিল। সেই দিনালৈ ভাত ৰন্ধা নহ’ল, কিবা জা-জলপান এমুঠি খাই আটাইবোৰ শুলোঁ। ৰাতিপুৱা, ওলাই গৈ মানুহ বিচাৰি আনি পানীখিনি উলিওৱা হ’ল। বোধহয় বৰষুণ ৰাতি দহ এঘাৰমান বজালৈকে চলি আছিল। মুঠতে, মহাপ্ৰলয় যেনেই লাগিল। মই জীৱনত এনে বৰষুণ দেখা নাছিলো । গাঁৱতো বহুত দিন আছিলো, তথাপি এনে প্ৰলয়ংকৰী কৃত্ৰিম বান দেখা নাছিলো। সেই দিনটো মনত পৰিলে আজিও ভয় লাগে। বিষ্ণু ৰাভাৰ স্মৃতি-চাৰণ কৰিও, তেওঁৰ দৰে সাহসী হব নোৱাৰিলো। প্ৰকৃতি কেতিয়া ভয়ংকৰ হয়? প্ৰকৃতিৰ প্ৰতি অন্যায় কৰিলে প্ৰকৃতিয়েও তাৰ প্ৰতিশোধ লয়। আমি গছ-গছনি কাটিছোঁ , গড় মাৰিছো , পাহাৰ খানিছোঁ , প্ৰকৃতিয়ে এইবোৰ সহ্য নকৰে। ৰাভাই প্ৰকৃতিক ভাল পাইছিল। বিশ্বৰ ছন্দে ছন্দে নচা সেই তামোহৰ দেউ কেতিয়া গৈ বেলতলাৰ মানুহৰ ঘৰৰ চোতালত কুলখুৰা হৈ জনতাৰ প্ৰাণৰ স্পন্দন শুনিছিল আমি তাৰ গম লোৱা নাছিল, হেমাঙ্গ বিশ্বাসে সেই  কুলখুৰাৰ দুখবৰণৰ খৱৰ ৰাখিছিল। সেইজন বিষ্ণু ৰাভালৈ প্ৰণাম জনাই সেইদিনা বৰষুণৰ ৰাতি বিছনাৰ তলত পানী লৈ শুই পৰিছিলো। সাৰ পালেই মই কেশৱ মহন্তৰ দৰে এফাঁকি গীত গাঁও :

“অনুপম, তুমি আহিবা।

আজিৰ কুন্ধচ আৰু কুৎসিত বাস্তৱ-সত্যক তুমি চিনি পাইছিল।

এই সত্যক নেওচা দি আগবাঢ়িছিলা, জাতি-জনগোষ্ঠীক সম-মৰ্য্যদাৰে লগ-লগাই বৰ অসম গঢ়াৰ স্বপ্ন দেখিছিলা…..

সেয়ে তুমি অনুপম, তুমি আহিবা, তোমাৰ ব্যক্তিত্ব পোহৰৰ ঐকত্যানৰ ভেটিত এখন ন-অসম গঢ়িবলৈ আহিবা।

আমাৰ মানুহৰ  চকু-পানীবোৰ তুমি মচি দিব, হে অনুপম,তুমি আহিবা। জ্যোতিপ্ৰসাদেও সাৰ পাব, এটা নতুন গানৰ স্বৰলিপি কৰিবলৈ তোমাক দিব… সেই গানত ফুটি উঠিব মহাজীৱনৰ সুৰ।

ফণী শৰ্মাই জীৱনৰ নাট ৰচনা কৰি তোমাক ভুজলুং কাকাৰ  অভিনয় কৰিবলৈ দিব…. অনুপম তুমি আহিবা….. তুমি আহিলেই ৰাতি এন্ধাৰত পিঁপিয়াই ফুৰা সাপবোৰ নাইকিয়া হ’ব”

নেহেৰুৰ লগত দেখা-সাক্ষাৎ হোৱাৰ সময় বোধকৰো দ্বিতীয় মহাসমৰৰ ঠিক পৰৰ্ৱতী কাল, আজাদ হিন্দ ফৌজ সুভাষ বসু, হিৰচিমা নাগাচাকিৰ ভয়াবহ ধ্বংসযজ্ঞ আদি ঘটনাৰ ধ্বনি-প্ৰতিধ্বনি মাৰ যোৱা নাছিল। আজাদ হিন্দ ফৌজৰ কেইজনমান সেনাধ্যক্ষৰ হৈ নেহেৰু আৰু ভুলভাই দেশায়ে ওকালতি কৰাৰ কথাও আমি শুনিছিলো। তাৰ পিছত আছিল স্বাধীনতা দিৱসৰ তমসা। স্বাধীনতাৰ পিছৰ দুই-চাৰিবছৰৰ ইতিহাস শান্তিপূৰ্ণ বুলিব পাৰি, নেতাসকলৰ স্মৃতিত তেতিয়াও গান্ধী আছিল কিন্ত লাহে লাহে পুজিবাদী চিন্তাধাৰাই মানুহৰ চৰিত্ৰৰ পৰিৰ্ৱতন আনিলে আৰু মানুহ দুটা শ্ৰেণীত বিভক্ত হ’ল। বামপন্থী চিন্তাই লাহে লাহে মানুহৰ মন স্পৰ্শ কৰিছিল।

আগতেই কৈ আহিছোঁ , শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজধানী নমাই অনাৰ কাহিনী। কৈছোঁ , গুৱাহাটীৰ সলনি ৰূপ। জনসংখ্যা বাঢ়িল, গুৱাহাটীত বিগবজাৰ , পেণ্টালুন আদি শ্বপিং মলো হ’ল। এই শ্বপিং মলবোৰ হোৱাৰ পৰা সৰু সৰু কিন্ত প্ৰকৃত মানুহৰ অভাৱ ঘটিল। ইয়াৰ মাজতে গুৱাহাটীৰ ৰূপনগৰত থিতাপি ললোঁ।

মোৰ লেখা পঢ়াও বৰ বেছি হোৱা নাছিল যদিও আবাহন, পচোৱা , ৰামধেনু আদি আলোচনত কবিতা, প্ৰৱন্ধ আদি লিখিছিলো। ঢেকীয়াখোৱা, কাকজান,  শ্বিলংত থাকি কিতাপ প্ৰকাশৰ কথা ভাবিব নোৱাৰিছিলো। অৱশেষত মোৰ দুই এটা কবিতা পঢ়ি দুজন কটনৰ ছাত্ৰই এখন কবিতাৰ পুথি ছপাই উলিয়ালে।

ল’ৰা দুজন হ’ল হেমন্ত বৰ্মণ আৰু হেমন্ত দাস৷ দুয়োজনেই প্ৰতিভাবান৷ তেওঁলোকৰ যত্নতে মোৰ কবিতা প্ৰকাশ হ’ল৷ বৰ্মণ দৈনিক জনমভূমিৰ সম্পাদক, হেমন্ত দাসে আগতে কথাছবিত ধৰিছিল, এতিয়া তেওঁক বহুদিন লগ পোৱা নাই৷ এই আৰম্ভণিৰ পাছত ৰাজগড়ৰ চেতনা প্ৰকাশে মোৰ কেইবাখনো কবিতা-পুথি আৰু কবিতাৰ সমালোচনা থকা পুথি প্ৰকাশ কৰিলে৷ ইয়াৰ পিছত ষ্টুডেণ্ট ষ্টৰচ, প্ৰকাশন-পৰিষদে অলপ কিতাপ প্ৰকাশ কৰিলে৷ ১৯৮৩ চনত ম‍ই অৱসৰ ল’লো৷ তাৰ পিছত কিছু সময় পাই দুখনমান পুথি লিখিছিলো৷ গতিকে অসমীয়া সাহিত্যলৈ বেছি অৱদান দিব নোৱাৰিলো, যিখিনি দিলো সেইখিনিও আকষৰ্ণীয় আৰু মৰ্মস্পৰ্শী নহ’লগৈ৷ এতিয়াও হয়তো কলম এৰি দিয়া নাই, কিন্তু বয়স হৈ আহিছে, আৰু কিমান দিন লিখিব পাৰিম সেই কথা অনিশ্চিত হৈ পৰিছে৷ আচলতে, জীৱনৰ বেছিভাগ সময় গাঁৱত কটোৱা বাবেই আৰ্থিক অনাটন আৰু পাৰিবাৰিক চিন্তাই আহুকাল কৰিছিল৷ তাৰ লগে লগে অৰ্হতা বৃদ্ধিৰ বাবেও চিন্তা কৰিবলগীয়া হৈছিল৷ এইবোৰৰ মাজত কিতাপ লিখা আৰু প্ৰকাশ কৰা মোৰ কাৰণে এট দুৰূহ কাম আছিল৷ এইবোৰ কাৰণতে দুই হেমন্তলৈ মোৰ মনত পৰে৷ হয়তো সেই আৰম্ভণি নোহোৱা হ’লে সঁচাই-মিছাই যি লিখিলো, সেইখিনিও সম্ভৱ নহ’লহেতেন৷ মনত আছে, এখন অনুষ্টুপীয়াকৈ পতা সভাত বঙালী কবি বীৰেন্দ্ৰ নাথ চট্টোপধ্যায়ে কিতাপখন (এই কুঁৱলীতে) উন্মোচন কৰিছিল৷ ডহীৰেণ গোঁহায়ে দুআষাৰ কৈছিল৷ হেমন্তহঁতো তাত আছিল৷ এই উন্মোচনৰ পিছতে ড০ শিবনাথ বৰ্মণে কিতাপখনৰ বিষয়ে আলোচনা কৰি মোক উত্‍সাহ দিছিল৷ এই সকলো মোৰ স্নেহ আৰু শ্ৰদ্ধাৰ পাত্ৰ৷ ’সুন্দৰৰ সৈনিক’ নামৰ কিতাপখনো শ্ৰীযুত বৰ্মণৰ যত্নতে ওলাইছিল আৰু পিছত সংবৰ্ধিত হৈছিল৷ মোৰ কবিতা সম্পৰ্কত নীলমণি ফুকনে দিয়া পৰামৰ্শ মনত ৰাখি কাম কৰিবলৈ যত্ন কৰিছিলো৷ তেওঁৰ ওচৰতো ম‍ই কৃতজ্ঞ৷

ইয়াৰ পাছৰ পৰা সময়বোৰ এনেয়ে নকটালোঁ৷ যেনেকৈ পাৰো গদ্য আৰু কবিতা লিখিবলৈ ল’লো৷ লাহে লাহে মোৰে এজন ছাত্ৰ আৰু পিছত মোৰ লগতে শিক্ষকতা কৰা শ্ৰীৰজনীকান্ত শৰ্মাই মোৰ কিতাপ প্ৰকাশ কৰিবলৈ গাত ল’লে৷ তেওঁৰ প্ৰেছ আছিল৷ তেওঁৰ প্ৰকাশন প্ৰতিষ্ঠানৰ নাম হ’ল চেতনা প্ৰকাশ৷ চেতনা প্ৰকাশৰ কথা আগতে উল্লেখ কৰিছো৷ তাৰ পৰা গদ্য (বেছি ভাগেই আলোচনা) পুথি কেইবাখনো প্ৰকাশ পালে৷ তেওঁৰ এই সহায় পাহৰিব নোৱাৰোঁ৷ তেওঁৰ ঘৰো মোৰ ঘৰৰ প্ৰায় ওচৰতে; মাজে সময়ে লগ পাই থাকোঁ৷ তেওঁ ৰাইজৰ কামো কৰে সম্প্ৰতি ৰূপনগৰৰ বয়োজ্যেষ্ঠ নাগৰিক সন্থাৰ গুৰি ধৰি আছে৷ অৱসৰৰ পিছত পূৰ্বতে ’ৰামধেনু’ ত ছোৱা-ছোৱাকৈ প্ৰকাশ পোৱা বৰিচ পেষ্টাৰনেকৰ ’ডাঃ ঝিভাগে’ নামৰ উপন্যাস অসম্পূৰ্ণ অৱস্থাত পৰি আছিল৷ সেইখনৰ বাকীছোৱাৰ অনুবাদ শেষ কৰি প্ৰকাশন পৰিষদৰ ওচৰ চাপিলো৷ তাত তেতিয়া কাম কৰি থকা শ্ৰীমান ভুৱন কলিতাই সম্পূৰ্ণ দায়িত্ব ল’লে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাচিয়ান ভাষ জনা শ্ৰীযুত কন্দৰ্প দাস আৰু অসমীয়া বিভাগৰ অধ্যাপিকা শ্ৰীযুতা লীলাৱতী শ‍ইকীয়া বৰাই কিতাপখন ভালকৈ চাই চিতি দিলে৷ তাৰ পিছত শ্ৰীমান ভুৱন কলিতাই বিশেষ যত্ন লৈ কিতাপখন ছপাই দিলে৷ মূলতে বীৰেণেই মোক অনুবাদ কৰিবলৈ কৈ আছিল৷ অৱশ্যে, সি কিতাপখন দেখিবলৈ নেপালে৷ আৰু এখন কিতাপ মোক অনুবাদ কৰিবলৈ দিছিল, শ্ৰদ্ধেয় অমলেন্দু গুহ‍ই৷ কিতাপখন কোশাম্বীৰ, প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু সভ্যতা৷ সেইখনৰ খৰচ বহন কৰিছিল ঐতিহাসিক গবেষণাৰ লগত জড়িত ভাৰতীয় কাউন্সিলে৷ তাত শ্ৰীযুত গুহ‍ই কাম কৰিছিল৷ দুয়োখন প্ৰকাশত যিসকলে মোক এনেদৰে সহায় কৰিছিল, সকলোৰে ওচৰত ম‍ই কৃতজ্ঞ হৈ ৰ’লো৷ অৱসৰ পোৱাৰ পিছত দুখন কবিতাৰ পুথিও প্ৰকাশ কৰিলো৷ তাৰ ভিতৰত এখন নিৰ্বাচিত কবিতাৰ পুথিও৷ পিছতো ইটো-সিটো আলোচনা বা সমালোচনা লিখিছোঁ; মাজে মাজে কবিতাও লিখিছোঁ৷ সেইবোৰ আলোচনাত ওলাইছে৷ গুৱাহাটীলৈ প্ৰথমতে আহি ভাল লাগিছিল৷ বৰ্তমান মহানগৰ হোৱাৰ পিছত গুৱাহাটীৰ ৰূপ সলনি হ’ল৷ তাহানি ৰবীন্দ্ৰ নাথে লিখা কবিতা এফাঁকি মনত পৰিছে:

ইটেৰ পৰ ইট

মাঝে মানুহ কীট

নাইক’ প্ৰেম

নাইক’ ভালবাসা

আজি বিশ্বায়নৰ যুগত নতুনধৰণাৰ  পুজিবাদ আহিল৷ ইয়াক গোলকীকৰণ বোলা হৈছে৷ ইয়াৰ লক্ষ্য হেনো গোটেই বিশ্বৰ সংস্কৃতি আৰু অৰ্থনীতি সমন্বিত কৰি তোলা৷ (Different Cultures and economic systems around the world are becoming connected and similar to each other because of the influences of large Multinational Companies and of improved (Electronical Communication) communication, we need to start thinking globally. বহুজাতিক কোম্পানীবিলাকৰ তলত এনে এটা বিশ্ববোধৰ সৃষ্টি হ‘ব বুলি ম‍ই ভাবিব পৰা নাই৷ মানুহৰ মাজত সম্প্ৰতি মানবীয় প্ৰমূল্যই হেৰাইছে আৰু আনহাতে সকলোৱে ভোগবাদী পথ লোৱা দেখা গৈছে৷ অসমৰ বৰ্তমান বাস্তৱ বৰ কুত্‍সিত্‍ আৰু কুন্ধচ৷ এই ভয়াবহ ৰূপৰ মাজত বিশ্বমৈত্ৰীৰ কল্পনা, মোৰ বোধেৰে, আত্মপ্ৰৱঞ্চনা মাত্ৰ৷ আমাৰ ইয়াত হত্যা, হিংসা, নাৰী-নিৰ্য্যাতন, দুৰ্নীতি লোভ, কুসংস্কাৰৰ উত্থান, প্ৰকৃতি-ধ্বংস, গড়-নিধন, জীৱ-জন্তুৰ বস-বাসৰ ঠাইৰ অভাৱ, উগ্ৰপন্থাৰ উত্থান, এইবোৰ শুভলক্ষণ নহয়৷ ইয়াত সভ্যতাই বৰ্বৰ বাঁহী বজাবলৈ আৰম্ভ কৰিছে৷ ৰবীন্দ্ৰনাথে তাহানিয়েই ইটাৰ মাজত মানুহ কীট হৈ যোৱা কথাষাৰ এতিয়া যেন সঁচা হ’বলৈ আৰম্ভ কৰিছে৷ বজাৰ-অৰ্থনীতিয়েই এনে এটা ভয়াবহতা আনিছে৷

নাৰীৰ বস্ত্ৰহৰণৰ কথা মহাভাৰতত আছে৷ দ্ৰৌপদীক দুঃশাসনে বিবস্ত্ৰা কৰাৰ সময়ত ভীম আৰু দ্ৰোণৰ দৰে মহাবীৰো নিমাতে আছিল৷ কৃষ্ণৰ ভূমিকাও ’মীথ’ হে যেন লাগে৷ তেওঁ চাগৈ ক’ৰবাত বাঁহী বজাই আছিল৷ নহলে তেওঁৰ সন্মুখত এই কাণ্ড কেনেকৈ হৈছিল ? বস্ত্ৰহৰণৰ এই ঐতিহ্য এতিয়াও আমি বেলতলাৰ পৰা দিল্লীলৈকে সৰ্বত্ৰ দেখিছোঁ৷ এইবাৰ ৰূপ আৰু ভয়াবহ৷ এনে ভয়াবহতাৰ মাজত জীৱনে শুদ্ধ পথ বিচাৰি পাব নে?

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.