মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): ষোড়শ খণ্ড

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য):  ষোড়শ খণ্ড by May 14, 2014 0 comments

 

অসমত সম্প্ৰতি অসমীয়া ভাষাৰে ভৱিষ্যত অন্ধকাৰ হ’ব বুলি বহুতেই ভাবিছে। ইয়াৰ কাৰণ হ’ল, ইংৰাজী মাধ্যমৰ স্কুলবোৰ ব্যৱসায়িক ভিত্তিত গঢ় লৈছে আৰু আমাৰ অভিভাৱক সকলেও বিনাদ্বিধাই নিজৰ ল’ৰা-ছোৱালীক সেইবোৰ স্কুলত ভৰ্ত্তি কৰিছে, আনহাতে, চৰকাৰী স্কুলবোৰৰ শিক্ষাৰ অধঃপতন ঘটিছে। চৰকাৰেও এই বিষয়ে মনোযোগ দিছে বুলি ভাবিবলৈ টান পাইছো। এনে সময় আছিল, যিটো সময়ত কটন কলেজিয়েট বা যোৰহাট ডিব্ৰুগড় বা গোলাঘাটৰ চৰকাৰী স্কুলৰ মেট্ৰিকৰ ৰিজাল্ট বৰ সুন্দৰ আছিল। ম‍ই অৱশ্যে গাঁৱৰ ৰাইজে পতা হাইস্কুলত পঢ়িছিলো। তাতো শিক্ষকসকলৰ শিক্ষাদান পদ্ধতি উন্নত আছিল, আৰু ল’ৰা-ছোৱালীৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে শিক্ষকসকলে যত্ন কৰিছিল। আমাৰ দুৰ্ভাগ্য যে সেই দিন আজি আৰু নাই। আনহাতে অসমীয়া ভাষা এটা সময়ত জাতি-জনগোষ্ঠীৰ আপোন আছিল, কিন্তু এতিয়া নানা কাৰণত বিশেষকৈ অভিজাতসকলৰ অৱহেলাৰ কাৰণে উপজাতি বা জনজাতিসকল আঁতৰি গ’ল৷  অৱশ্যে, এই কাম নকৰাকৈ থাকি অসমীয়াৰে মিলি জুলি কাম কৰাহেঁতেন দেশখনৰ বিপৰ্য্যয় নহ’লহেতেঁন৷ তাহানি বীৰেণৰ তাত লগ পাইছিলো অৰুণাচলৰ লুম্মেৰ দাইক৷ তেতিয়া তেওঁ পঢ়া-শুনা কৰা ল’ৰা৷ বীৰেনে তেওঁক সহায় কৰি দিছিল, অসমীয়া সাহিত্যলৈ সোণসেৰীয়া অৱদান যোগাই তেওঁ মৃত্যুবৰণ কৰিলে৷ য়েচে দৰজি ঠংচেই অসমীয়া সাহিত্যলৈ অৱদান দি আছে৷ তেওঁৰ লগত মোৰ দেখা সাক্ষাৎ হোৱা নাই৷ এইসকলে নিজৰ ভাষাৰ উন্নতিতো অৱদান যোগাইছে আৰু লগতে অসমীয়া ভাষাৰ লগতো সম্পৰ্ক ৰাখিছে৷ সেইদৰে বড়ো, মিশ্বিং, তিৱা, বাগানৰ মানুহৰ ভাষা, ৰাভা আদি ভাষা বা জাতি হিচাপে যি মৰ্য্যাদাৰ অধিকাৰী, সেইদৰে অসমীয়া ভাষা বা জাতিও তেনে মৰ্য্যাদাৰ অধিকাৰী৷ অসমীয়াৰ জাতি দম্ভ নাই, তেওঁলোকেও সকলোকে সমান বুলি ভাৱিবলৈ লৈছে৷ ইয়াৰ ফলত এনে সৌহাৰ্দ্যৰ বাতাবৰণত এখন অসমীয়া সমাজ আমি গঠন কৰিব পাৰোঁ৷ এই ঐক্যবোৰ যদি সম্ভৱ হয় তেন্তে আমি সকলোৰে ভাষা বুজিবলৈ যত্ন কৰিব লাগিব৷ ই এটা ভাষাই আন এটা ভাষাকো চহকী কৰে৷ মই ভাৱো যে আমাৰ সকলো জাতিৰ মাজত এটা সাংস্কৃতিক ঐক্য আছে৷ অসমীয়াৰ বিহুত জনজাতীয় অৱদান আছে৷ বৰদৈচিলা শব্দটো আহিছে বড়োৰ বৰদৈচিখলা শব্দৰ পৰা৷ এইবিলাক অনুসন্ধান ৰাভাই আৰম্ভ কৰিছিল৷ তেওঁ ভাবিছিল বৰঅসমৰ কথা৷ এই বৰঅসমৰ অৰ্থ হ’ল সকলো জাতি-উপজাতি আৰু জনজাতিৰ এখন সমাজ, সেই সমাজৰ মাজত ভাৱৰ আদান প্ৰদানৰ বাবে অসমীয়া ভাষাক সংযোগী ভাষা কৰি ল’ব পাৰি৷ তাহানি মহীচন্দ্ৰ মিৰিয়েও একে এক অভিমতকে দাঙি ধৰিছিল৷ ৰাভাই বিচাৰিছিল বলিষ্ঠ জীৱনবোধ, প্ৰগতিশীল চিন্তা আৰু কথা শিল্প, তেহে সমগ্ৰ অসমৰ মনৰ মুক্তি সম্ভৱ  হ’ব৷ সকলো সংকীৰ্ণতা এৰি নৈৰ দৰে আমি সাগৰমুৱা হ’ব লাগিব, কিন্তু উৎসক (অৰ্থাত বৃহৎ জনতাক) আমি পাহৰি যাব নেলাগিব৷ বিষ্ণুৰাভাক আমি নুবুজিলোঁৱেই, তেওঁ সকলোকে যেন কৈছিল, ” কল্লোল বন্ধু, জীৱনৰ কল্লোল বিয়পাই দিয়া৷ ই যে মৰিশালি৷ মৰিশালীত আমি জীৱনৰ কল্লোল সৃষ্টি কৰিম৷ বীৰেণৰ এই কথা কেইটাই ৰাভাক বিপ্লৱৰ প্ৰতীক কৰি তুলিছিল৷ কিন্তু বৰঅসম গঢ়িব খোজা এই কিৰাট পু্ত্ৰ জীয়াই থাকিল মাথো ষাঠিটা বছৰ৷ বৰ কৰুণ এই মৃত্যু৷ আমি আকৌ বৰ অসমৰ চিন্তা কৰিবৰ সময় হৈছে৷ বিষ্ণু ৰাভা আছিল, মাধৱদেৱৰ দৰে ‘গম্ভীৰ মেঘ,’ তেওঁ বৰষিছিল জীৱনৰ মুক্তা- আমি যেন তেওঁক চিনি নেপালোঁ৷

এতিয়া বয়স হৈছে, উভতি চাই দেখিছোঁ কাম বৰ বেছি কৰিব নোৱাৰিলো৷ যিখিনি কৰিলোঁ তাকে ভালকৈ থৈ যাবৰ মন আছে৷ ‘কথা’ প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা শ্ৰীমান শোনিত বিজয় দাসে ৰচনা-সমগ্ৰ উলিয়াব খুজিছে৷ ইতিমধ্যে তেওঁ বীৰেণৰ ৰচনা সমগ্ৰ উলিয়াবৰ কাৰণে কাম আৰম্ভ কৰিছে৷ শোনিত বিজয় সাহিত্য-প্ৰেমী লোক, তেওঁৰ কৰ্ম কুশলতা প্ৰশংসনীয়৷ বয়স হোৱা বাবে এতিয়া মোৰ ইটো-সিটো বেমাৰ হৈ থাকে৷ লিখাত বৰকৈ মনোযোগ দিব নোৱাৰো৷ তথাপি ৰাইজে কিবা বিচাৰি আহে৷ মই মানুহক নিৰাশ কৰিবলৈ টান পাওঁ৷ কিন্তু, সঁচা কথা কবলৈ হ’লে ত্যাগৰ উৎসাহ এতিয়া নাইকিয়া হৈ আহিছে৷ ইতিমধ্যে মোৰ চিনাকী বহুত মানুহ মহাকালৰ ছাঁত হেৰাই গ’ল৷ এইবিলাকৰ ভিতৰত বকুলবনৰ কবি আনন্দচন্দ্ৰ বৰুৱা, কবি সাহিত্যিক সাংসদ অধ্যাপক হেমবৰুৱা, বীৰেণ, কেশৱ মহন্ত, নৱকান্ত বৰুৱা আদিক পাহৰিব পৰা নাই৷ কবি নীলমণি ফুকনো দিনে দিনে অসুখীয়া হৈ আহিছে৷ ময়ো তেওঁৰ তালৈ যাব নোৱৰা হৈছোঁ৷ অধ্যাপক গোৱিন্দ প্ৰসাদ শৰ্মা, ড৹ শিৱনাথ বৰ্মন আদি সবল হৈ আছে আৰু সাহিত্যলৈ অৱদান দি আছে৷ বৰ্মনে “জনসাধাৰণ”ৰ সম্পাদনা কৰি আছে৷ গোবিন্দ প্ৰসাদ শৰ্মাই সম্প্ৰতি অসমীয়া জাতি-চিন্তাৰ আলোচনা কৰিছে৷ উত্তৰ আধুনিকতাবাদৰ ওপৰত তেওঁৰ ভৰসা আছে৷ তেওঁৰ মতে বিভিন্ন জাতি জনজাতিৰ ঐক্য বৰ্তমান সময়ে সম্ভৱ কৰি তুলিব৷ মই তেওঁৰ এই মত মানি লৈছোঁ, যদিও বৰ্তমানৰ কাণ্ডকাৰখানা দেখি অলপ সন্দেহো কৰিছোঁ৷ বিষ্ণুৰাভাৰ বৰঅসমৰ স্বপ্ন যদি কেনেবাকৈ সাৰ্থক হয় তেন্তে দেশখনৰে মঙ্গল হব৷ এই কথাও তেওঁ কৈছে৷ ড৹ হীৰেণ গোহাঁইৰ স্বাস্থ্য ভালেই, লেখাতো তেওঁৰ চহকী প্ৰতিভা জিলিকি আছে৷

২০১৩ চনৰ ডিচেম্বৰ চাৰি তাৰিখে মই ৯৩ বছৰত ভৰি দিম৷ ভালে থাকিলে, চলি থাকিব পাৰিলে লিখি থকা চমু আত্মজীৱনীখন শেষ কৰিম বুলি ভাৱিছোঁ৷ যদি সুস্থ হৈ থাকোঁ, চকুৱে আমনি  যদি নকৰে তেতিয়া আৰু এটা কাম কৰিবৰ মন আছে৷ সেইটো হ’ল তুৰস্কৰ লেখক অবহান পামুকৰ ‘My name is Ted’ নামৰ উপন্যাসখনৰ অনুবাদ কৰা৷ এটা সময়ত স্তব্ধ হৈ যাবই দেহ, অংগ- প্ৰত্যংগ,  তেতিয়া স্বাভাৱিকভাৱে লিখিব নোৱাৰিম৷ যিমান দিনলৈকে পাৰোঁ লিখিম, তাৰ পিছত ৰৈ দিম৷

আজিকালি চিনেমা বৰকৈ নেচাওঁ৷ অৰূপ মান্নাই অলপতে ‘অধ্যায়’ নামৰ চিনেমাৰ প্ৰিমিয়াৰ শ্ব’ দেখুৱাইছিল জ্যোতিচিত্ৰবনত৷ চাই ভাল পালো৷ গাৱঁৰ নিপীড়িত মানুহ নানাভাৱে কেনেকৈ শোষিত আৰু নিৰ্য্যাতিত হৈছে তাৰ ছবি আকৰ্ষণীয়ভাবে চিনেমাখনত দেখুওৱা হৈছে৷ ছবিখন চাই আহি ভাৱিছিলো অৰূপ মান্নাৰ ছবিখন এইবাৰ পুৰষ্কৃত হব পাৰে৷ ‘আইদেও’ ছবিত তেওঁ সফল হৈছে৷ এইখনতো আমি আশা কৰিছোঁ৷ আজিকালি চিনেমা হ’ললৈ মানুহ বৰকৈ নোযোৱা হৈছে৷ নতুন প্ৰচেষ্টা বা কৌশল উলিয়াব নোৱাৰিলে অসমীয়া ছবিৰ ভৱিষ্যত অন্ধকাৰ হ’ব পাৰে৷ জাহ্নু বৰুৱা, বিষ্ণুখাৰঘৰীয়া আদিৰ দৰে মানুহেও এই সম্পৰ্কে আন্তৰিকতাৰে চিন্তা কৰিলে ভাল হব বুলি মই ভাৱো।  ( ক্ৰমশঃ )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.