মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): সপ্তদশ খণ্ড

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য):  সপ্তদশ খণ্ড by June 14, 2014 0 comments

আকৌ চফ্ৰাইৰ কাহিনী

চফ্ৰাই বাগানৰ পৰা একেবাৰে গুছি অহাৰ পিছত তালৈ যোৱা নাছিলো৷ যাওঁ যাওঁ বুলি যাব নোৱাৰিলো ৷ বীৰেণৰো ইচ্ছা আছিল৷ প্ৰায়ে কৈ আছিল৷ সদায় কামত ব্যস্ত, সময় নোলায়৷ সি থাকোঁতে চফ্ৰাইলৈ যোৱা নহ’ল৷ পিছত, আজি কিছুদিনৰ আগত চফ্ৰাইলৈ যোৱাৰ এটা কাৰণ ওলাল৷ ইতিমধ্যে আটাইবোৰ মিলি ঠিক কৰা হ’ল, বীৰেণৰ এটা ব্ৰঞ্জৰ মূৰ্তি  চফ্ৰাইত প্ৰতিষ্ঠা কৰা ভাল৷ তাৰ জন্মও হৈছিল তাতে৷ কামটো কৰিবৰ কাৰণে শ্ৰীযুত বেণু মিশ্ৰক ভাৰ দিয়া হ’ল৷ তেখেত আনন্দমনে মান্তি হ’ল৷ প্ৰয়োজনীয় পইচা-পাতি তুলিবৰ চেষ্টা কৰা হ’ল৷ শিৱসাগৰ  অঞ্চলতো  বহুতেই সহায় কৰিলে৷ মোৰ ভাগিন প্ৰৱন্ধ লেখিকা  মাজনীয়ে (শ্ৰীমতী দীপালী ভট্টাচাৰ্য বৰুৱা) সোণাৰী, শিৱসাগৰ অঞ্চলত পুজি-সংগ্ৰহ কৰা আৰু সভা-সমিতি পতাৰ দায়িত্ব ল’লে৷ অধ্যাপক সোণাৰাম বৰুৱা, চফ্ৰাইৰ শ্ৰীমান মন্টু তাঁতী, এইসকলে যি পাৰে অৰিহণা যোগালে আৰু প্ৰচাৰ চলালে৷ চফ্ৰাইবাগানৰ মেনেজাৰৰ পৰা আৰম্ভ কৰি সকলো মহৰী-কেৰেণীয়েই আন্তৰিকতাৰে সহযোগ কৰিলে৷ বীৰেণ সাহিত্য একাডেমিৰ সভাপতি হৈ থাকোঁতে তাৰ সচিব আছিল শ্ৰীযুত ইন্দ্ৰনীল চৌধুৰী৷ তেওঁ সম্প্ৰতি কলিকতাত থাকে৷ মূৰ্তি উন্মোচনৰ বাবে তেওঁক কেন্দ্ৰীয় সমিতিয়ে নিমন্ত্ৰণ কৰিলে৷ তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ মান্তি হ’ল৷ সোণাৰীত শ্ৰীযুত শৰৎ বৰকটকী আদিয়েও সকলো ক্ষেত্ৰত সহায় আগবঢ়াইছিল৷

অৱশেষত নিৰ্দিষ্ট দিনত চফ্ৰাইৰ  অভয়াপুৰ শাখাত থকা হাইস্কুলখনত তাৰ ৰাইজে পাতিছিল মূল সভাখন৷ সেই সভাত বহুতেই ভাগ লৈছিল৷ নিজা নিজা বক্তব্য তেওঁলোকে দাঙি ধৰিছিল৷ সকলোৰে কথা মনত নাই কিন্তু শ্ৰীযুত চৌধুৰীৰ কেইটামান কথা মোৰ মনত থাকিল৷ তেওঁ বীৰেণৰ উচ্চ প্ৰশংসা কৰি কৈছিল যে মানুহজন সভাপতি হৈও সকলোকে অতি নম্ৰভাৱে ব্যৱহাৰ কৰিছিল৷ তেওঁৰ আচৰণত ফুটি উঠিছিল মানুহ সকলো সমান, ক্ষমতাত অধিষ্ঠিত হোৱাৰ অৰ্থ ৰাইজৰ সেৱা৷ শ্ৰীযুত চৌধুৰীয়ে কৈছিল, ক’ৰবালৈ যাবলৈ হ’লে তেওঁ গাড়ী খুজিছিল মোক; অতি নম্ৰভাৱে সুধিছিল,  Can I get a car? চৌধুৰিয়ে কৈছিল, সভাপতিৰ হাততে ক্ষমতা, অথচ তেওঁ মোক খুজিছে গাড়ীখন নিজেই৷  চৌধুৰীয়ে বীৰেণৰ এখন উপন্যাসৰ কথা কৈছিল৷ উপন্যাস তাৰ ২৫ কি ২৬খনমান হ’ব, তাৰ ভিতৰত কেইবাখনো ভাল উপন্যাস আছে৷ চৌধুৰীয়ে যিখন উপন্যাসৰ নাম ক’লে, সেইখনৰ নাম হ’ল ‘ফুলকোঁৱৰৰ পখীঘোঁৰা’৷ উপন্যাসখন পঢ়ি তেওঁৰ ভাল লাগিছিল আৰু উচ্চ প্ৰশংসা কৰিছিল৷ চফ্ৰাইক লৈও এখন উপন্যাস বীৰেণে লিখিছিল৷ সেইখন তাৰ বাগানৰ ল’ৰা-ছোৱালীহঁতে বিচাৰিছিল৷ সি যি কি নহওক, চৌধুৰীয়ে বীৰেণৰ উচ্চ প্ৰশংসা কৰা বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ ৷ বীৰেণৰ বিষয়ে মই দিল্লীলৈ যোৱাৰ সময়ৰ সচিব কে সচ্চিদানন্দক  মই সুধিছিলো, তেওঁৱো উচ্চ প্ৰশংসা কৰিছিল৷ তেতিয়া কৰ্মচাৰীসকলোকো মই সুধিছিলো৷ তেওঁবিলাকে তাৰ প্ৰতি শ্ৰদ্ধা জনাইছিল আৰু প্ৰশংসা কৰিছিল৷

সভাত শিল্পী বেণু মিশ্ৰও আছিল৷ তেওঁ বীৰেণক পাইছিল আৰু তাৰ শিল্প চেতনা সম্পৰ্কেও মন্তব্য কৰিছিল৷ মিশ্ৰ, নীলপবনৰ  আড্ডাত বীৰেণো প্ৰায়ে আছিল আৰু শিল্পীসকলক শ্ৰদ্ধা কৰিছিল৷ নীলমণি ফুকন, হীৰেণ ভট্ট আদিও সেইসকলৰ মাজত উপস্থিত আছিল৷ হীৰেণ ভট্ট মিশ্ৰৰ বহুতদিনৰ বন্ধু৷ মিশ্ৰক আমাৰ পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা জনালো৷

সভাৰ শেষত আমি সৰুকালতে থকা ঘৰটোলৈ গৈছিলো৷ তাত থকা মানুহজনেই  মোক আৰু মোৰ ছোৱালী দুজনীক (মিনু আৰু ৰিণুক) মাতি লৈ গৈছিল৷ তেখেতৰ নামটো জানিছিলো, যদিও এতিয়া পাহৰি গৈছোঁ৷ বয়স হ’লে বোধহয় এনেকুৱা হয়েই৷ ঘৰটোৰ ভিতৰ বাহিৰ চালো৷ বেৰত বীৰেণৰ নাম লিখা আছে৷ ঘৰটো সৰু কৰি পেলালে৷ আগফালে চোতালত দুজোপা দেৱদাৰু গছ আছিল৷ সেই দুজোপাও কাটি পেলালে৷ মনটো বেয়া লাগিছিল৷ সেই গছ দুজোপাৰ তলতে আমি সৰুবোৰে খেলিছিলো৷ দেৱদাৰু দুজোপা বৰ পোন আৰু ওখ আছিল৷ এদিন তাৰ তলতে ধেমালি কৰি থাকোঁতে গছ দুজোপালৈ চাই বীৰেণে কৈছিল, – “আমি ইমান ওখ হব পাৰিমনে”? সমনীয়াবোৰে তালৈ চাইছিল৷ সি যি অৰ্থতে নকওঁক, সি জীৱনত ওখ হ’ল৷ আমি হ’ব নোৱাৰিলো৷ তাকে অকালতে হেৰুৱাই মই নীৰৱে চকুলো টুকিছিলো৷ এতিয়াও তালৈ মনত পৰে৷ সি বহুক্ষেত্ৰত মোক সহায় কৰিছিল, পৰামৰ্শ দিছিল আৰু লেখা-পঢ়াত উদ্গনি দিছিল৷

চফ্ৰাইত আমাৰ দিনত বনুৱাৰ যি দুৰৱস্থা আছিল, এতিয়া সেই দুৰ্দশা নাই৷ বনুৱা লৰাছোৱালীয়ে স্কুল কলেজত পঢ়িছে, ৰাজনীতি কৰিছে৷ আমাৰ দিনত এনেবোৰ দৃশ্য দেখা নাছিলো৷ সেইবোৰ আগতে বৰ্ণাই আহিছোঁ৷

চফ্ৰাইত থাকিবৰ মন আছিল, কিন্তু সময় কৰিব নোৱাৰিলোঁ৷ পিছদিনা পুৱাই গুৱাহাটীমুৱা হ’লো৷ এতিয়া ৯২ বছৰত ঘুৰি ফুৰিবও নোৱাৰোঁ, সাতে পাচে সকলো ভাবি চফ্ৰাই এৰিলোঁ৷

চফ্ৰাইৰ কথা ইমানতে সামৰিব খোজা নাই৷ আমি কিশোৰ হৈ থকা কালৰ কথা দুটামান দাঙি ধৰিব খুজিছোঁ৷ শৈশৱ-কৈশোৰৰ কথা মনত পৰে৷ বেগেতে পাহৰিব নোৱাৰি৷

চফ্ৰাইৰ বাগানৰ বৰমহৰী আৰু বৰকেৰেণীৰ ঘৰত ঘটা ঘটনা দুটাৰ কথা কব খুজিছো৷ লগতে মোৰ এটা সৰু কাহিনী কৈ এই প্ৰসঙ্গ শেষ কৰিম৷ এতিয়া বয়সো হৈ আহিছে৷ লগৰ মানুহবোৰৰ বহুতকে মই হেৰুৱাইছোঁ৷ দেউতা-বৌটিহঁত কেতিয়াবাই ঢুকাল৷ দুবছৰমান হ’ল, পত্নীকো হেৰুৱালোঁ৷ সাতে-সোতৰই এনেবোৰ বিপৰ্য্যয়ৰ ফলত মনত লৈ ফুৰিছোঁ নীৰব বেদনা৷ তাতে এতিয়া চকুৰ অসুখো আৰম্ভ হৈছে৷ হয়তো যি লিখি আছোঁ, মাজে মাজে সিও বন্ধ হ’ব পাৰে৷ কলমৰ সদ্ব্যৱহাৰ কৰিবলৈ হয়তো শক্তিৰো নাটনি হ’ব পাৰে ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.