মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): অষ্টাদশ খণ্ড

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য):  অষ্টাদশ খণ্ড by July 14, 2014 0 comments

আমাৰ দেউতাই সোণাৰীৰওচৰৰ চফ্ৰাই নামৰ এখন বাগানত কলঘৰৰ মহৰীৰ কাম কৰিছিল। তেতিয়াৰ বাগান আৰু এতিয়াৰ বাগানৰ মাজত পাৰ্থক্য আছে যদিও এতিয়াও তাৰ বনুৱাসকলৰ দুখ-বেদনা গুচা নাই। চফ্ৰাইত তেতিয়া মিনি, ৰুক্মিণীহঁতে দুখৰ গান গায়ে আছিল—

ৰে নিঠুৰ শ্যাম

ফাঁকি দিয়ে আনিলি আসাম

চাহাব বলে, কাম কাম

বাবুবলে ধইৰে আন

চৰ্কাৰ বলে লিব পিঠেৰ চাম

ৰে নিঠুৰ শ্যাম

ফাঁকি দিয়ে আনিলি আসাম

 

আৰিকাটিসকলে বনুৱাসকলক প্ৰবঞ্চনা কৰি অশেষ দুখ-কষ্টৰ মাজেৰে যে লৈ আনিছিল তাৰ ইতিহাস পঢ়িলে চকুপানী ওলায়। প্ৰথমতে আৰিকাটিসকলক মানুহবোৰে বিশ্বাস কৰি গাইছিলঃ

চল মিনি আসাম যাব

দেশে বৰ দুখ ৰে, আসাম দেশে ৰে মিলি

চা-বাগান হৰিয়াৰ…………

 

পিছলৈ এই বিশ্বাস নাথাকিল। চাহ বাগান সেউজীয়া (হৰিয়াৰ) হয়, কিন্তু তেওঁলোকৰ মনবোৰ সেউজীয়া নহ’ল। জীৱনটোত সুখেৰে এসাঁজ ভাত খোৱাও টান হৈছিল। এই বিষয়ে, পাঠকে ইচ্ছা কৰিলে স্বৰ্গীয় উমাকান্ত শৰ্মাৰ (এজাক মানুহ, এখন অৰণ্য) নামৰ উপন্যাসখন পঢ়ি চাব পাৰে।

চফ্ৰাইত তেতিয়া আমি সৰু। বাগানৰ বাবুসকলৰ ভিতৰত বৰমহৰী আৰু বৰকেৰাণীৰ হাতীও আছিল। এই হাতীবোৰত আমি উঠিবলৈ পাইছিলোঁ। বিশেষকৈ পূজাৰ সময়ত। যেতিয়া বনুৱাসকল আৰু বাবুসকল শোভাযাত্ৰা কৰি গোঁসানী উটাবলৈ যায়, তেতিয়াই আমাৰ দৰে সৰুবোৰক হাতীৰ ওপৰত উঠাই দিয়ে। বনুৱাসকলে, বিশেষকৈ বাগাল বুঢ়াই গোঁসানীৰ কাষে কাষে তেওঁলোকৰ ভাষাত নানা গীত গাই নাচি-বাগি গৈ থাকে। কোনোবা দুষ্ট ল’ৰাই বাগাল বুঢ়াক জোকাই গায়-‘এক পইচাৰ পুঠি মাছ কি দিয়ে ৰান্ধিব গ’ … বুঢ়াৰ উঠে খং। সিহঁতক খেদি যায়। তাৰ পিছত আকৌ গীতত ধৰে।

বাবুসকলৰ দৰমহা-পাতি বৰ বেছি নহয় যদিও, তেওঁবিলাক ভালদৰেই চলিছিল। বৰবাবু আৰু বৰকেৰাণীয়ে কেনেকৈ হাতী লৈছিল, সেইবোৰ কথাৰ ভু আমি পোৱা নাছিলো। হাতীবোৰ চাব-চিতিবলৈ মাউত, ফান্দি আদিকো তেওঁলোকে দা-দৰমহা দি ৰাখিছিল। অৱশ্যে আন আন বাবুসকলে হাতী ল’ব পৰা নাছিল। বৰকেৰাণীৰ হাতী বেছি নাছিল। কিন্তু বৰবাবুৰ কেবাটাও হাতী আছিল। তেওঁৰ নাম আছিল দশৰথ বৰগোঁহাই। তেওঁৰ জীৱন চৰ্চাত প্ৰভাৱ পৰিছিল তাহানিৰ আহোম ডাঙৰীয়াসকলৰ। বাগানলৈও তেওঁ ঘোঁৰাত উঠিহে গৈছিল। তথাপি, মানুহজনৰ কোনো ভেম নাছিল। আমাকো মৰমৰ চকুৰে চাইছিল। তেওঁৰ ডাঙৰ ল’ৰাৰ নাম দুৰ্গা আছিল। তেওঁৰ এখন গাড়ীও আছিল। গাড়ীখন তেওঁ নিজেই মেৰামতি কৰিছিল। বৰবাবুৰ হাতীৰ ভিতৰত দঁতাল, মখনা, মাখুন্দী, কুনকী আদিও আছিল, সৰ্বমুঠ হাতী বোধকৰো পাঁচটামান হ’ব। দুই-এটা হাতী ফান্দি-মাউতে নি হাবিতো বান্ধি থয়গৈ। আমি সৰুবোৰে বৰবাবুৰ চোতালৰ গছত বান্ধি থোৱা হাতীবোৰ দেখি মনতে আনন্দ পাওঁ। ভাবো, পূজা সোনকালে আহক, হাতীত উঠি গোঁসানী উটুৱা চাম। পূজাৰ কথা মনলৈ আহি থাকে। পূজালৈ এমাহমান থাকোঁতে প্ৰতিমা সজা খনিকৰ আহে আৰু মূৰ্তি সাজিবলৈ আৰম্ভ কৰে। সেইবোৰ চায়ো আমি আনন্দ পাইছিলো। দেউতা আছিল শৈৱভক্ত; ঘৰত কালী পূজাও কৰিছিল। বৌটি আছিল দামোদৰীয়া সত্ৰৰ জীয়ৰী। এই বিবাহ প্ৰায় বিপৰীত আদৰ্শৰ। তেওঁলোক দক্ষিণপাটৰ শিষ্য। তথাপি আমাক পূজালৈ নিছিল আৰু গোসাঁনীৰ নামো গাইছিল। দেউতাই নিচেই পুৱাতে উঠি  শিৱ আৰু গোঁসানীক স্তুতি কৰি চাহ-তাহ খাই নিতৌ পুৱা কলঘৰলৈ গৈছিল। দেউতাই বাৰিষাৰ ৰাতিও কামলৈ যাব লাগিছিল। পৰিশ্ৰম অনুযায়ী দৰমহা পোৱা নাছিল। ৰাতি কাম থাকিলে দেউতা বৰ ক্লান্ত হৈ ঘৰলৈ ঘূৰে। আমাৰ দেখি বেয়া লাগিছিল। দেউতাৰ আটাইকেইটা ল’ৰাক পঢ়ুৱাবৰ বাবে পইছাৰ নাটনি হৈছিল। ধীৰেণে যোৰহাট চৰকাৰী হাইস্কুলৰ হোষ্টেলত থাকি মেট্ৰিক পৰীক্ষা দিছিল আৰু তাৰ ৰিজাল্ট বৰ ভাল হৈছিল। তাৰ পিছত কটন কলেজৰ পৰা বি.এছ.চি. পাছ কৰি আনুষ্ঠানিক শিক্ষা শেষ কৰিছিল। আমি তেতিয়া উচ্চশিক্ষা ল’বলৈ দূৰ-দূৰণিলৈ যোৱাৰ কথা ভাবিব নোৱাৰিছিলো।

সি যি কি নহওক, আমাৰ ঘৰুৱা কথা আলোচনা কৰাটো মোৰ উদ্দেশ্য নহয়। বাগানৰ বৰমহৰী আৰু বৰকেৰাণীৰ ঘৰত ঘটা ঘটনা দুটা কব খুজিছোঁ। লগতে মোৰ এটা সৰু কাহিনীও কম। এতিয়া বয়সো হৈ আহিছে। লগৰ মানুহবোৰৰ বহুতকে হেৰুৱাইছোঁ। পৰিয়ালৰো ভাইটি-ভণ্টি মিলি চাৰিজনক এতিয়ালৈকে হেৰুৱাইছোঁ। দেউতা-বৌতিও এতিয়া নাই। দুবছৰমান হ’ল, মোৰ পত্নীকো চিৰকাললৈ হেৰুৱালোঁ। সাতে-সোতৰই মিলি এনেবোৰ বিপৰ্যয়ৰ ফলত মনত লৈ ফুৰিছো বিষাদ। তথাপি দুই-চাৰি আষাৰ কথা লিখি থাকো মাজে মাজে। হয়তো লাহে লাহে কলমৰ সদ্ব্যৱহাৰ কৰিবলৈ শক্তিয়েই নাথাকিব।

চফ্ৰাইৰ বৰকেৰাণীৰ নাম আছিল বোধেশ্বৰ বৰতামুলী। শকত-আৱত ধুনীয়া মানুহ। মানুহজন কমাৰবন্ধাৰ ফালৰ। তেওঁ এসময়ৰ কটনৰ ইংৰাজীৰ অধ্যাপক চন্দ্ৰ কলিতাৰ শহুৰেক আছিল। বৰকেৰাণীৰ ল’ৰা এটা, নাম ৰুদ্ৰকান্ত বৰতামুলী। মোতকৈ বয়সত সি এবছৰ কি ডেৰবছৰ মান ডাঙৰ। সৰুৰে পৰা আমাৰ মাজত গাঢ় বন্ধুত্ব আছিল। ৰুদ্ৰ দেউতাকৰ একমাত্ৰ ল’ৰা, মেধাবী চৰিত্ৰবান আৰু সেই বয়সতে অংক, বিজ্ঞান আদিত আগবঢ়া।  সি গোলাঘাট হাইস্কুলৰ পৰা  পঢ়ি সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছিল। ১৯৪৬ চনত সি কলকাতাৰ প্ৰেচিডেন্সী কলেজত উচ্চশিক্ষাৰ বাবে নাম লগাবলৈ ঠিক কৰিছিল। মই তেতিয়া চফ্ৰাইত নাছিলো। কাকজানত পঢ়ি আছিলো। তাৰ হয়তো বিদেশলৈ যোৱাৰ মনো আছিল। সেই কথাৰ ইংগিত দিছিল তৰুণ শইকীয়াই। শইকীয়া ৰুদ্ৰৰ ভাগিনীয়েক। সি মোলৈ চিঠিত লিখিছিল যে মোমাইদেউৰ বিদেশলৈ যোৱাৰ মন আছে। গতিকে সি যাবও পাৰে। মই ভাবিলো, সি বোধহয় প্ৰেচিডেন্সীত এম.এছ.চি পঢ়িবৰ বাবেই গৈছিল। অৱশ্যে মই সেই সুবিধা তাত আছে নে নাই নাজানিছিলো। ১৯৪৬ চনত কলকাতাত হঠাতে সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হ’ল। যাবৰ সময়ত এই খবৰ পোৱা হ’লে সি কলকাতালৈ কেতিয়াও নাহিলহেঁতেন। সি যি কি নহওক, সি যোৱাৰ পিছৰে পৰা ঘৰখনে তাৰ বিষয়ে একো খবৰ পোৱা নাছিল। তৰুণ শইকীয়াই মোলৈ লিখিছিল, বুজিছ নলী, মোমাইদেউ কিজানি আমেৰিকা পালেগৈ। তাৰ পিছৰ পৰা তাৰ পৰাও একো চিঠি-পত্ৰ নোপোৱা হ’লো। ভাবিলো, কলকাতাৰ  সংঘৰ্ষত কিবা হ’ল নেকি? কিন্তু তেনে খবৰ কাৰো পৰা ঘুণাক্ষৰেও পোৱা নাছিলো। অধ্যাপক চন্দ্ৰ কলিতায়ো খা-খবৰ কৰিছিল, কিন্ত তেৱোঁ একো খবৰ নেপালে। গতিকে কথাটো সকলোৰে চিন্তাৰ কাৰণ হ’ল। অৱশেষত তাৰ বিষয়ে কোনো সঠিক খবৰ পোৱা নগ’ল। শেষত বাপেক-মাকৰ অৱস্থা বৰ কৰুণ হৈ উঠিল। মই জানো, মাক-বাপেকৰ সি বৰ মৰমৰ আছিল। তেওঁবিলাকে এই কথা সহ্য কৰে কেনেকৈ? শেষত মই যিমানদূৰ জানো, বাগানৰ কামৰ দায়িত্ব নাতিয়েক তৰুণ শইকীয়াক চমজাই দি বৰকেৰাণী বোধেশ্বৰ বৰতামুলী ঘৰলৈ গুছি গ’ল। তাৰ অনুপস্থিতি আৰু সন্ধানহীনতা তেওঁলোকৰ বাবে অসহ্য হৈ উঠিছিল। তৰুণ শইকীয়া মোৰ সমনীয়া, সিয়েই বৰকেৰাণী হ’লগৈ।  মোৰ ধাৰণা, ৪৬ চনৰ সেই সংঘৰ্ষত তাৰ কিবা হ’ল। ময়ো বৰ দুখ পালো। সাম্প্ৰদায়িক সংঘৰ্ষৰ জুই নোৱাখালিত সাতচল্লিশৰ আগষ্টত দপদপকৈ জ্বলিছিল। গান্ধীজীয়ে বৰ কষ্টেৰে সেই জুই নুমুৱাইছিল। জুই নুমুৱাই তেওঁ তাতে জিৰণি লৈছিল। গান্ধীজীয়ে অৱশ্যে ১৯৪৭ চনত সেই জুই নুমুৱাইছিল। পোন্ধৰ আগষ্টৰ স্বাধীনতা দিৱসলৈ তেওঁ নগ’ল। স্বাধীনতা দিৱস দেশ বিভাজনৰো দিৱস হ’ল। ৰুদ্ৰৰ সময়খিনি তাৰ অলপ আগৰ, কলকাতাৰ সেই জুইত অমূল্য বৰুৱা, আনন্দ ফুকন জাহ গ’ল। বীৰেণো হাৰ্তিঞ্জ হোষ্টেলত আছিল। আমাৰো বৰ চিন্তা হৈছিল। জিংঘাসাৰ বৰ্বৰতা সি হাৰ্তিঞ্জৰ খিৰিকিৰে দেখিছিল। তাৰ সংবেদনশীল মন অস্থিৰ হৈ পৰিছিল। সি কৃষ্ণ বৰকাকতীৰ লগত পলাই আহি অসমমুৱা ৰেলত উঠিছিলহি। ঘৰতো ভালেদিনলৈ শুব পৰা নাছিল। ৰুদ্ৰৰ কথাটো জানি সি বিহ্বল হৈ পৰিছিল।

এতিয়া বৰবাবু দশৰথ বৰগোঁহাইৰ ঘৰৰ কথা কওঁ। তেখেতৰ ডাঙৰ ল’ৰা দুৰ্গাৰ কথা আগতে উল্লেখ কৰিছোঁ। এদিন তেওঁৰ জেঠেৰীয়েক আহি ওলালহি। তেওঁৰ নামটো মোৰ এতিয়া মনত নাই। তেওঁ দুনাই ক’লে, আমি চিকাৰলৈ যাও ব’লক। দুৰ্গাৰো চিকাৰত চখ আছে। তেওঁ সহজেই মান্তি হ’ল। আমি তেওঁক দাদা বুলি মাতিছিলো। এটা দঁতাল হাতী গছত বান্ধি থোৱা আছিল। মাউত ঘৰত আছিলেই, তাক হাতীটো সাজু কৰিবলৈ দুৰ্গা দাদাই ক’লে। মাউতে এডাল ডাঙৰ ৰচী হাতীৰ ডিঙিৰ চাৰিওফালে ঢিলাকৈ বান্ধি দিলে। চিকাৰীসকলো সাজু হ’ল।

দুৰ্গা দাদাই মাউতক ক’লে, ‘তুমি একেবাৰে পাছতে বহা’, ময়ে তোমাৰ কাম কৰিম। মাউত আৰু দুৰ্গা দাদাৰ মাজত জেঠেৰীয়েক বহিল। তাৰ পাছত যাত্ৰা আৰম্ভ হ’ল। দুৰ্গা দাদাই হাতীৰ ডিঙিৰ ৰচিয়েদি নিজৰ ভৰি দুটা সুমাই ল’লে। বোধকৰো ভৰিৰে হেচুকি হাতীক বাট দেখুৱাবলৈকে সেইটো কৰিছিল। লাহে লাহে গৈ তেওঁলোকে হাবিৰ মাজৰ নিৰ্দিষ্ট ঠাই পালেগৈ। তেওঁলোকৰ দঁতাল হাতীটো যি ঠাইত ৰ’লগৈ সেই ঠাইতে এটা মখনা হাতীও ৰৈ আছিল। অলপ দূৰতে ঘাঁহ খাই আছিল এজনী কুন্‌কীয়ে। হঠাৎ দুয়োটা দঁতাল হাতীৰ মাজত আৰম্ভ হ’ল দ্বন্দ। দুয়োটা হাতীয়ে মূৰেৰে খুন্দিয়া-খুন্দি কৰিবলৈ ধৰিলে। এই ঘটনা চকুৰ পচাৰতে আৰম্ভ হ’ল, মাউতে অলপ পিছতহে গম পাইছে। আলহী আৰু দুৰ্গা দাদা বিমোৰত পৰিল, বিশেষকৈ দুৰ্গা দাদাৰ কাৰণে কথাটো ভয়াৱহ হৈ উঠিল। আচল কথা, কুন্‌কী হাতীজনী দেখি দুয়োটা মতা হাতীৰ কাণৰ সঁতাইদি হিমেজু ওলাবলৈ ধৰিলে। সিহঁত অস্থিৰ হৈ ইটোৱে সিটোক খুন্দিয়াবলৈ ধৰিলে। মাউত, ফান্দি যি য’ত আছিল লাংচিং লৈ আহি হাতীকেইটাক খুচিবলৈ ধৰিলে। অংকুশেও সিহঁতক ৰখাব পৰা নাই। দুয়োটাৰে খুন্দাৰ মাজত এবাৰ দুৰ্গা দাদা ওলমি পৰিল। ভৰি দুটা ৰচীতে সোমাই ৰ’ল। খুন্দাৰ মাজত দুৰ্গা দাদাৰ মুখেদি তেজ ওলাবলৈ ধৰিলে। উন্মাদ হৈ পৰা হাতী দুটাক যুদ্ধৰ পৰা আঁতৰাব পৰা নাই; লাহে লাহে কেবাজনো মাউত আৰু ফান্দি গোট খোৱাত হাতীকেইটাক কোনোৰকমে অলপ আঁতৰাই দুৰ্গা  দাদাক ধৰি উলিয়াই আনিলে। কিন্তু তেওঁৰ শৰীৰৰ অৱস্থা শোচনীয় হৈ পৰিল। হাতীকেইটা দূৰে দূৰে বান্ধি দুৰ্গা দাদাক আটায়ে দাঙি লৈ ঘৰ পোৱালেহি। ঘৰত সকলো অবাক। বৰবাবু অধীৰ হোৱা নাই। তেওঁ তৎক্ষণাত গৈ ডাক্তৰক কথাটো ক’লে আৰু চিভিল চাৰ্জনকো জনাই তেওঁলোকক লৈ ঘৰ পালেহি। ডাক্তৰ আৰু ডাক্তৰ চাহাব দুয়োকে চিন্তিত আৰু নিৰুপায় যেন বোধ হ’ল। আন ঠাইলৈ মানে ডিব্ৰুগড়লৈ নিয়াৰো সময় নাই। শেহত ডাক্তৰ চাহাবে বৰবাবুৰ অৱস্থাৰ ভয়াৱহতাৰ কথা কৈ লাহে লাহে আঁতৰি গ’ল। ডাক্তৰ অলপ পৰ ৰ’ল, কিন্তু ৰোগীৰ শেষ নিশ্বাসৰ সময় যে আহিল; সেই কথা সকলোৱে বুজি পালে। ঘৰত হুৱা-দুৱা লাগিল। ওচৰৰ আন আন সকলো গোট খাই ৰোগীক শেষ শ্ৰদ্ধা জনালে। তাৰ পিছত লাহে লাহে শ্মশানযাত্ৰা আৰম্ভ হ’ল। খন্তেকৰ ভোজ খাওঁতা নাই। অলপ আগলৈকে হৃষ্ট-পুষ্ট হৈ থকা ডেকা মানুহজন অলপ সময়ৰ ভিতৰতে কোনোবা নজনা-নুশুনা দেশলৈ গুছি গ’ল। আমাৰ নিচিনা বয়সৰ সৰু ল’ৰাবোৰেও উপলব্ধি কৰিছিলো ঘটনাৰ ভয়াৱহতা। হাতীৰ খুন্দাৰ মাজত পৰি বমি কৰি মৃত্যুবৰণ কৰা বৰ দুখৰ কথা। মই সেই মানুহজনলৈ আকৌ শ্ৰদ্ধাঞ্জলি জনাইছো। মৃত্যু এক ‘গভীৰ ক্ৰন্দন’, ৰবীন্দ্ৰনাথে তাহানি বৰ সঁচা কথা এষাৰ কৈ গৈছে।

আৰু এটা সংক্ষিপ্ত কাহিনী কও। মোৰ নিজৰ ঘটনাটো চফ্ৰাই বাগানতে হৈছিল। প্ৰৱেশিকা পৰীক্ষাৰ টেষ্ট দি মই তেতিয়া চফ্ৰাইত আছোগৈ। মোৰ গা-পা বেয়া আছিল। ওচৰতে এখন পঞ্জিকা (পি এম বাগচী পঞ্জিকা) আছিল। তাত বহুত দৰবৰো বিজ্ঞাপন থাকে। তেতিয়া বঙালী ভাষাৰ পঞ্জিকাই পোৱা যায়, অসমীয়া পঞ্জিকা আজি কিছুদিনৰ পৰাহে ওলাইছে। মই কোনেও নজনাকৈ পঞ্জিকাখন মেলি চাই গ’লো। চাই থাকোতে হঠাৎ এটা ঔষধৰ বিজ্ঞাপন পালো। তাৰ কথাখিনি পঢ়ি চালো। দৰৱটোৰ নাম বৰ বৰ আখৰেৰে লিখা আছে। দৰৱৰ নাম হ’ল হিলিং বাম। কি কি বেমাৰৰ বাবে ঔষধটো উপকাৰী বুলি তাত উল্লেখ কৰিছিল সেইটো এতিয়া মোৰ ভালকৈ মনত নাই। শাৰীৰিক দুৰ্বলতা, ধাতুদৌৰ্বল্য, স্বপ্নদোষ আদিৰ কথা মনত থাকিল। দুৰ্বলতাৰ বাবে মোক কোনো কোনোৱে কুকুৰা কণীও খাবলৈ কৈছিল। খাইছিলোও। ঘৰত অৱশ্যে কুকুৰা কণী নিষেধ আছিল। তথাপি খাইছিলো, কিন্তু হিলিং বামে মোক বেছিকৈ আকৰ্ষণ কৰিবলৈ ধৰিলে। এদিন কলকাতাৰ ঠিকনাত এখন চিঠি লিখিলো। যথাসময়ত পাৰ্চেল আহিল। পাৰ্চেলটো আনিলো। খুলি দেখিলো, কিছুমান গছৰ ছালৰ গুৰি যেন লাগিল। ৰাতিপুৱা পানীৰ লগত মিহলাই খাব লাগে। খাই উঠি ফুৰি আহিব লাগে।

পিছদিনা পুৱা মুখ-হাত ধুই দৰবটো তৈয়াৰ কৰি খালো আৰু ফুৰিবলৈ বুলি ওলাই গ’লো। এমাইলমান ঘূৰি তেতিয়া ঘৰৰ প্ৰায় ওচৰ চাপিছো, তেনেকুৱাতে বমি হব যেন অনুভৱ হ’ল। মই খৰধৰ কৰি আহি আগফালৰ বাৰান্দাতে বহি বমি কৰি দিলো। কেবাবাৰো বমি হ’ল। তাৰ পিচত শৌচো আৰম্ভ হ’ল। শৌচ কৰি কৰি শেষত শয্যাগত হব লগা হ’ল। বাগানত ঢাকাৰ বঙালী ডাক্তৰ এজন আছিল। দেউতাই তেওঁক মাতিলে। ওচৰৰ মহৰীসকলো আহিল। ডাক্তৰে দৰৱ নিজেই খুৱালে। কি দৰৱ দিলে মনত নাই। আচলতে কেইমিনিটমানৰ বাবে চেতনা হেৰুৱাইছিলো। সেই কাৰণেই মানুহবোৰ আহিছিল।

ডাক্তৰৰ চিকিৎসাত অলপমান ভাল পালো। কিন্তু তেতিয়ালৈকে ঘটনাটো প্ৰায় ৰহস্যজনক হৈয়ে আছিল। কথাটো পিছত সকলোৰে আগত ক’লো। বৌটিয়ে মোক বৰ খং কৰিলে আৰু ভবিষ্যতে এনে কৰিবলৈ মানা কৰি দিলে। বাকীসকলেও সতৰ্ক কৰি দি গ’লগৈ।

দেউতাই ধমক দিয়া নাছিল, কিন্তু কৈছিল, দৰৱ নিজে এনেকৈ পঞ্জিকাত বিচাৰি খাব নালাগে। জনা-শুনা মানুহ নাইবা ডাক্তৰক নোসোধাকৈ যিকোনো দৰৱ খোৱাটো ভুল। এনে কাম আগলৈ নকৰিবি। মই লাজ পালো। সঁচাই মোৰ শৰীৰৰ অৱস্থাটো আৰু বেয়া কৰি পেলাইছিলো, গোপনে দৰৱ খাই নিজৰ মৰণ নিজে মাতিছিলো।

তেতিয়াৰে পৰা তেনে কাম কৰা নাই। মোৰ যদি মৃত্যু হ’লহেতেন, কি হ’লহেঁতেন? এতিয়া ভালে-বেয়াই কিবা এটা কৰিছো, মৃত্যু হোৱা হ’লে সেইবোৰ একো নহ’লহেতেন। দেশৰ কাৰণে, সমাজৰ কাৰণে আৰু ভাষাৰ কাৰণে কিবা এটা কৰাটো ভাল কাম বুলি মই ভাবো। উঠি অহা প্ৰজন্মই সেই কথা দ-কৈ ভাবক।        ( ক্ৰমশঃ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.