মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): ঊনবিংশ খণ্ড

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য):  ঊনবিংশ খণ্ড by August 14, 2014 0 comments

চাবলৈ গ’লে মই এটা সুদীৰ্ঘ জীৱন জীৱন পাইছোঁ। অৱশ্যে  খুছৱন্ত  সিঙৰ দৰে centenary ৰ ওচৰ চপাগৈ নাই। মানুহে কয়। আপুনি শতবৰ্ষ পাব। অৱশ্যে মানুহে এশ বছৰ জীয়াই থকা টান। দুটামান ভাল কাম কৰিব পৰা হ’লে নিজেই ভাল পালোহেঁতেনে। সমাজৰ বাবে, মানুহৰ  বাবে ভাল কাম কৰা হ’ল বুলি নকওঁ, কিন্তু চেষ্টা কৰিবলৈ তাহানি দেউতা-বৌটিহঁতেই আমাক শিকাইছিল| মানুহ দৰিদ্ৰ হ’লেই, দুৰ্দশাগ্ৰস্থ হ’লেই তেওঁলোকক অৱহেলাৰ চকুৰে চাব নালাগে, চোৱা উচিত নহয়। তাহানি গাঁৱত মৌজাদাৰৰ চোতালত দুখীয়া মানুহৰ সাতাম পুৰুষীয়া মাটি মুহূৰ্তৰ ভিতৰতে ধনী খেতিয়কে হস্তগত কৰা দেখিছিলো। পুৰুষোত্তম দাসে তাহানি গীতত লিখিছিল : “চকুৰ আগত হেৰাল তাৰ সাতামপুৰুষৰ মাটি”। এইবোৰ কথা মিছা নহয়। কিন্তু এই মানুহবোৰৰ উদ্ধাৰৰ পথ কেনি? সেইটো চাওঁতা নাই। বাগানৰ মাজতো এনে দুৰ্দশাগ্ৰস্ত মানুহ দেখিছিলো। বাগানৰ বাবুসকলৰ গৰু ৰাখি, গৰুৰ গোবৰ পেলাই জীয়াই আছিল বাগানৰ বুঢ়া। বাগানৰ অৱস্থা এতিয়া আগতকৈ ভাল হৈছে যদিও আশাস্বৰূপ উন্নতি হোৱা নাই। মদ এতিয়াও সিহঁতে খায়, দুৰ্গা-পূজাত এতিয়াও নাচ-বাগ কৰে, গীত গায়। এই মানুহবোৰৰ বিষয়ে প্ৰচাৰো নহয়। চিনেমাত গাঁৱৰ জীৱনৰ ছবি ফুটি উঠেনে? গতিকে  শিল্প-কলাই আমাৰ দুৰ্দশাগ্ৰস্ত মানুহৰ জীৱন-ছবি দেখুওৱা উচিত, তেওঁবিলাকৰ জীৱনো কেনেকৈ সুখৰ হ’ব তাৰ  পূৰ্ণ ছবিহে কৰিব লাগে। সাম্প্ৰতিক কালত বিশ্বায়নৰ কথা কোৱা হয়, কিন্তু বিশ্বায়নৰ বিৰূপ অৰ্থনীতিয়ে মানুহৰ দুখ-দৈন্য বঢ়াইছে। মানুহে আজি মানুহৰ কথা ভাবেনে? নেভাবে|

চফ্ৰাইৰ কথা আজিও মনত পৰে। সেই দিনবোৰৰ স্মৃতি পাহৰিব পৰা নাই। আমাৰ চোতালত দুডাল দেবদাৰু গছ আছিল। তাৰ তলত আমি ল’ৰা-ছোৱালীবোৰে ধেমালি-ধুমুলা কৰিছিলো। বীৰেণে দেবদাৰু গছ দুজোপা দেখি সদায় ভাল পাইছিল আৰু বন্ধু-বান্ধৱৰ আগত কৈছিল, আমি দেৱদাৰু গছৰ দৰে ওখ হ’ব লাগে। সি ওখ হৈছিল, মই কিন্তু তেনে ভাবে ওখ হ’ব নোৱাৰিলো। সি চিন্তা-বুদ্ধি, জ্ঞান-বিজ্ঞানৰ অধিকাৰী হৈছিল, দেশ-বিদেশ ভ্ৰমণ কৰিছিল, জ্ঞানপীঠ পাইছিল, সাহিত্য একাডেমিৰ গুৰি ধৰোঁতা হৈছিল। অসমীয়া সাহিত্যলৈ কেইখনমান লেখত লবগীয়া পুথি আগবঢ়ালে। দেৱদাৰু দুজোপাই মোক কিন্তু সেই প্ৰেৰণা নোযোগালে। মই বিশেষণহীন, উপাধিবিহীন হৈ থাকিলো। সাহিত্য-সভাই যচা উপাধিও মোৰ কামত নাহিল। তেনে আচাৰ্যৰ শাৰীলৈ মই উঠিব নোৱাৰিলো। বীৰেণ সোনকালে গ’লগৈ, লিখিবলগীয়া বহু কিতাপ লিখিবলৈ কালে সময় নিদিলে। তাক সীমাই আমনি কৰিছিল, সেইবাবে কেইবাখনো দেশ ভ্ৰমণ কৰিছিল, আনকি চিলিলৈয়ো গৈছিল। মোৰ দুৰ্ভাগ্য, জীৱনত ম‍ই সেই সুযোগ নেপালো। সেইবাবে তাত জ্ঞানৰ পৰিধি বিস্তৃত হৈছিল। বয়স পালে কম, হাৰ্টৰ অসুখে তাক সোনকালেই লৈ গ’ল। গুৱাহাটীত হাৰ্টৰ উন্নত চিকিৎসাৰ সুবিধা নথকা কথাটো জানি-বুজিও সি গুৱাহাটীতে কিয় ৰৈ গ’ল সেই উত্তৰ ম‍ই বিচাৰি নেপলো। সি যি কি নহওক, সি জীয়াই থকা হ’লে আৰু বহুতো দান দি যাব পাৰিলেহেঁতেন । তাৰ পৰা বহুতেই উপকৃত হৈছিল, ময়ো হৈছিলো। তাৰ কথা মই নেপাহৰোঁ। তাৰ স্বপ্ন আছিল মহাজীৱন । সেই স্বপ্ন তাৰ পূৰণ নহ’ল, হোৱা হ’লে তাৰ জীৱন-পৰিক্ৰমা আৰু অধিক পৰিপুষ্ট হলহেঁতেন।

১৯৩৯ চনৰ দ্বিতীয় মহাযুদ্ধৰ সময়। সংকটৰ সময়। সেই সময়ত বস্তুৰ দাম বাঢ়িছিল, বস্তুৰ নাটনি হৈছিল । বনুৱাৰ ৰেচন দিয়া টান হৈছিল । কেঞাৰ  সহযোগত চাহাবে এই লেঠা মাৰিছিল । যুদ্ধৰ সময়ত স্কুল-কলেজ বন্ধ হৈছিল । বাগানৰ ল’ৰাহঁত আহি চফ্ৰাইতে গোট খাইছিল । গোট নাখায়ো উপায়ো নাই । হিটলাৰৰ খবৰ লবলৈকে বাতৰি কাকত গোটালো । খবৰো সাংঘাটিক, দুখন ব্ৰিটিছ জাহাজ ডুবালে এগৰাকী জাপানী মহিলাই । এই ঘটনা আমাৰ বাবে বিস্ময়জনক । বেলি ডুব নোযোৱা ইংৰাজ সাম্ৰাজ্যৰ এই দুৰৱস্থা কৰিলে এগৰাকী জাপানী মহিলাই ।  নদুৱাৰ পিনে জাপানী ফাইটাৰ কিছুমান উৰি গৈছিল । তাত মিত্ৰ পক্ষৰ বিমান ঘাঁটি আছিল । অলপ পৰৰ পিছত ফাইটাৰবোৰ বাৰ্মাৰ ফালে গুচি গ’ল । দ্বিতীয় মহাযুদ্ধত এটা অস্থিৰ পদধ্বনিয়ে পৃথিৱী কঁপাইছিল । ইয়াৰ পিছত পৃথিৱীৰ হৃৎপিণ্ড দুৰ্বল হৈ আহিল । এনেবোৰ ঘটনাৰ তুলনাত বাগানৰ ঘটনা নিচেই সামান্য । এই সামান্য ঘটনাবোৰকে লৈ আমি বাগানত কটাইছিলো । বীৰেণে এঠাইত লিখিছিল — চাহগছ যিমান সেউজীয়া, স্মৃতিবোৰো সিমান সেউজীয়া হৈয়ে আছে । সৰু বৰ যুদ্ধা এতিয়া পৃথিৱী জুৰি চলি আছে । আচল কথা, মই ভাবো, এই যুদ্ধখনেই জীৱন-পৰিক্ৰমা সলনি কৰি পেলালে । ইৰাকত এতিয়াও জুই জ্বলিয়েই আছে । ইজৰাইলো বহি থকা নাই । আমাৰো  সমাজত মানুহৰ মন দিনক দিনে ক’লা হৈ গৈছে । লুইতেদি উটি গৈছে নৰমুণ্ড । প্ৰেম, শান্তি, মানৱতাৰ কথা মানুহে পাহৰি গৈছে ।

অসমত আন্দোলনৰ পয়োভৰ চলি আছে । তাহানিৰ ভাষা আন্দোলনৰ পৰা শেহতীয়া ভাবে হোৱা অসম আন্দোলনলৈকে বহুতো আন্দোলন হ’ল । এই আন্দোলনবোৰৰ পৰা মানুহৰ উপকাৰ হ’ল কিমান তাৰ হিচাপ লয় কোনে ? ভাষা আন্দোলনৰ পৰা মানুহক ৰক্ষা কৰিলে ভূপেন হাজৰিকা আৰু হেমাঙ্গ বিশ্বাসে । বিমলা চলিহাই অলপ সহায় কৰাত শিল্পী দুজনে সূচাৰুৰূপে কাম সমাধা কৰিলে । বাকীবোৰ আন্দোলনে মানুহক শান্তি দিব পৰা নাই । নেলীৰ মানুহৰ তেজ অভিশাপ হৈ থাকিল । অৱশ্যে এই ঘটনাবোৰৰ সময়ত আমি বয়সীয়াল  হৈছোঁ, তথাপি শান্তি নাই । বহিৰাগতৰ সমস্যা সমাধা নহ’ল, গড়ৰ মৃত্যু, নামনি সোৱণশিৰীৰ সমস্যা, ডাইনী-সমস্যা, নাৰী-নিৰ্য্যাতন, হত্যা, আত্মজাহ, দুৰ্নীতি, বিসম্বাদ – এইবোৰ জঞ্জাল দূৰ হোৱা নাই । হ’ব যে তাৰো আশা নাই । খগেন মহন্তই ঠিকেই গাইছিল –

বনত জুই লাগিলে থাকে দুদিনলে

মনত জুই লাগিলে লাগে ……

বনৰ জুই নুমাব পাৰে, কিন্তু মনৰ জুই লাগিয়ে থাকে । মন এতিয়া বিপন্ন, এই বিপন্ন মনে বিপদজনক কাম কৰিব পাৰে । আমাক এজন হেমাঙ্গ বিশ্বাস, এজন ভূপেন হাজৰিকা লাগিব …..

তুমি নাচ বিহু নাচ আমি দিব তালি

ঐক্যতানে মিলি যাব বিহু ভাটিয়ালি ….

গানৰ এই  ইংগিতে  আমাৰ মানুহক সেই সময়ত আনন্দ দিছিল। তাৰ পিছত শান্তি, আনন্দ  ক’ৰবাত হেৰাই গৈছে। হে অসমীয়া, আপোনালোকে ঐকতানৰ  সুৰ আনক । হে বড়ো-অবড়োসকল আপোনালোক শান্ত, স্থিৰ হওক । সকলোতকৈ দেশ ডাঙৰ, তাৰ বাবে আমি মিলি-জুলি আগবাঢ়ো আহক । তাহানি চাইমন কমিচনৰ আগত সাক্ষ্য দিওঁতে মহীচন্দ মিৰিয়ে কৈছিল I am a Bodo-speaking  Assamese । বিভিন্ন ভাষা আমি শিকো আহক । অসমীয়া ভাষা এটা সহযোগী ভাষা হওক । আমাৰ মিলন এনেকৈয়ে হ’ব । ৰাভাই এই বাবেই ‘বৰঅসম’ৰ কথা তাহানিয়েই কৈছিল । অসমীয়াইও অন্যান্য ভাষা, সংস্কৃতিৰ লগত পৰিচয় হওক, জনজাতিসকলেই অসমীয়া ভাষা জানি বুজি লওক । বিষ্ণুৰাভাই অসমৰ প্ৰায়বোৰ ভাষাই জানিছিল, অকল ভাষাই নহয়, সংস্কৃতিও জানিছিল । ‘এয়ে মোৰ শেষ গান’ শীৰ্ষক গানটোত অসমীয়া সংস্কৃতিৰ শব্দ চয়ন কৰি তেওঁ গাইছে

পাতনিতে বালোঁ ধেমালী নান্দী, ভঙ্গী সূত্ৰধাৰ

জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান

বিষ্ণুৰাভাৰ বৰ অসমৰ কল্পনাৰ কথা কোৱাৰ কাৰণ হ’ল অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহ মিলিজুলি একেলগে থকাটোৱেই আমাৰ আটাইতকৈ ভাল কাম হব৷ তেলেংঙ্গঁনা আঁতৰি গৈ খুব ভাল কাম কৰা নাই৷ হাইদ্ৰৰাবাদকলৈ তেওঁবিলাকৰ আকৌ দ্বন্দ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, তথাপি তেওঁলোকে যদি সুখে-শান্তিৰে থাকে আমাৰ আনন্দৰ কথা হে হব৷ তেলেঙ্গঁনা উন্নতি হওক, এই আশা কৰিম৷ কিন্তু সেইবুলি আমি ভাই ভাই ঠাই ঠাই হোৱাৰ কি অৰ্থ আছে৷ মনৰ জুই নজ্বলোৱাকৈ কেনেকৈ শান্তিৰে একেলগে থাকিব পাৰো, তাৰ কথাহে আমি ভৱা উচিত৷ বিষ্ণুৰাভাই ভাৱিছিল, নতুন সামাজিক আৰু সাংস্কৃতিক ৰপান্তৰৰ ভেটিত সকলো জনগোষ্ঠীক এক গোট কৰি নতুন সমতাভিত্তিক সভ্যতা গঢ়া উচিত৷ এনেয়ে দিৱস পালন কৰিলেই নহয়, তেওঁৰ সপোনটো আমি পাহৰি যাব নালাগে, পিছে বৰ্তমান অৱস্থা বেয়া হৈ আহিছে, বিশেষকৈ সাংবাদিক জগতখন, সেই জগতখনে বিবেক হেৰুৱাব খুজিছে৷ আমি এই বিবেকক ঘুৰাই আনিব লাগিব৷ দেৱকান্তৰ শতবাৰ্ষিকী  আহিছে, তেওঁও সেই মৰ্মস্পৰ্শী প্ৰেমৰ কবিতা এৰি আধুনিক জগতৰ কথা ক’বলৈ আৰম্ভ কৰিছিলঃ

মন্ত্ৰীত্ব যাৰ শেষ কল্পনা, এছেম্বলী যাৰ আশা

সিনো কি বুজিব হে বীৰ, তোমাৰ গুণ-দুৰ্মদ-ভাষা;

“লাচিত ফুকন” কবিতাৰ পৰা উদ্ধৃত এই স্তবকে আজিৰ অন্যায়ক ‘ৰণ-দুৰ্মদ-ভাষা’ৰে যুঁজিবলৈ ইঙ্গিত কৰিছে৷ দেৱকান্তৰ কবিতাৰ এই পৰিৱৰ্তনৰ ইঙ্গিত আমি বুজিবলৈ চেষ্টা কৰা উচিত৷

আৰু এটা কথা কওঁ৷ এজন ভাৰতীয় কবিয়ে কৈছে —

“If he is ungrateful to parents,

do not call him a son”

এই কথাষাৰ সঁচা৷ বাপেকৰ প্ৰতি অকৃতজ্ঞ হোৱা বেয়া কাম৷ মই দেউতাৰ প্ৰতি কাহানিও অকৃতজ্ঞ হোৱা নাই৷ দেউতাই ল’ৰা-ছোৱালীৰ বাবে যি কষ্ট কৰি গৈছে, সেই কথা আমি মনত ৰাখিছো, কাহানিও তেওঁৰ বিৰুদ্ধে এষাৰ কথা কোৱা নাই, পইচা দিব নোৱৰা হোৱাৰ পিছত আমি নিজে সাধাৰণ উপাৰ্জন কৰি চলিছিলো৷ বীৰেণৰ প্ৰতিভা আছিল৷ সি কিন্তু বি এছ চি পাছ কৰি কলকাতালৈ গুচি গ’ল৷ সাংবাদিকতা কৰিছিল, মাধৱ বেজবৰুৱাৰ বাঁহী ছপা কৰিছিল, ‘Advace’ নামৰ কাকতত কাম কৰিছিল৷ আমাৰ বৌটিৰ মাক আমাৰ ঘৰতে ঢুকাইছিল৷ ঘৰৰ মানুহ, আত্মীয় স্বজন, নাতি ডাঃ দেৱী গোস্বামীকে ধৰি সকলোৱে আইতাক শুশ্ৰূষা কৰিছিল৷অৱশ্যে আইতা জীয়াই নাথাকিল৷ মই সেই সময়ত শ্বিলঙত আছিলো৷ কাম এৰি আহিব নোৱৰা হ’লো৷ সেইবাবে আইতাক নেদেখিলো৷

 

বীৰেণৰ দুটা প্ৰৱন্ধ মই পঢ়িছোঁ৷ পুৰাতত্ব সম্পৰ্কে তাৰ আগ্ৰহ ইয়াত ফুটি উটিছে৷ মানুহজন হ’ল ডঃ চাংখালিয়া, তেওঁ প্ৰি-হিষ্টৰীৰ মানুহ৷ গাৰো পাহাৰত ডাঃ চাংখালিয়াক সি দেখা পাই কথাবোৰ বুজিবলৈ চেষ্টা কৰিছিল, ভূ-তাত্বিক বিশ্লেষনো ইয়াত প্ৰয়োজন৷ আদি পুৰুষৰ সন্ধানত আধুনিক মানুহে বিচৰা আদি পুৰুষক উলিওৱা যথেষ্ট জঠিল কাম৷ বিভিন্ন ঠাইৰ পাতল ধূসৰ মুগা বৰণীয়া আৰু ক’লা বৰণীয়া ৰঙা- এই তিনিবিধ মাটিৰ স্তৰ তেওঁৰ চকুত পৰিছিল৷ গাৰো পাহাৰৰ ৰংৰাম আৰু লানিজ উপত্যকাৰ শিলৰ হাতিয়াৰবোৰৰ সম্পৰ্কে নিৰ্ণয় কৰিব পাৰি নেকি? এইবোৰেই আছিল তেওঁৰ চিন্তা৷

 

ৰংৰাম নৈৰ গ্ৰেভেল স্তৰটোত Chopper পোৱা গৈছে৷ ডাঠ ৰঙা মাটিৰে ডাক খাই থকা স্তৰৰ তলৰ স্তূপীকৃত ‘ক্ষুদ্ৰ’ শিলবোৰে এক দুই লাখ বছৰৰ আগৰ মানুহৰ বসতি আৰু সংস্কৃতিৰ কথা নকয় নে? সেই মানুহবোৰৰ সংস্কৃতি, আহাৰ আৰু জীৱন কেনে আছিল? ভাৰতৰ ছোৱান, গোদাবৰী, নৰ্মদা বিপাশা আদি উপত্যকাৰ আদি প্ৰস্তৰ যুগৰ হাতিয়াৰ বোৰৰ লগত এই হাতিয়াৰবোৰৰ মিল আছিল নে কি? এইবোৰ কথাৰ মাজতে ক’লে, কি সুধিছিলে? মোৰ কথা? ঈষৎ হাঁহি ক’লে, সৰুতে মোৰ স্বাস্থ্য ভাল নাছিল৷ মেট্ৰিকুলেচন পৰীক্ষাত ফেল কৰিলো৷ মনলৈ অৱসাদ আহিল৷ ভাৱিলো আত্মহত্যা কৰো৷”

 

মই তেওঁৰ মুখলৈ কৌতুহলেৰে চালো৷ চকু ৰংৰাম নৈৰ বালিত পৰি থকা শিলবোৰত৷ সোনালী ৰ’দে যেন সিহঁতৰ কৌটিকলীয়া ইতিহাস চকুৰ আগত তুলি ধৰিছে৷ ম্লান হাঁহি এটা মাৰি তেওঁ ক’লে, ” ছেণ্ট জেভিয়াৰ্ছ কলেজৰ এজন ৰেংগোলাৰে মোক মাতি নি ক’লে, নিৰাশ নহ’বা, লিখিবলৈ লোঁৱা, লেখাই তোমাক নকৈ গঢ়িব৷ সেই উপদেশে আত্মগ্লানি নাইকিয়া কৰিলে, মনলৈ আনি দিলে এক নতুন সংকল্প৷ পুৰাতত্ববিদ হ’ম ৷ পুৰাতত্ব নতুন বিজ্ঞান, ভাৰততকৈ ইংলেণ্ডত চৰ্চা বেছি৷ তালৈ গ’লো৷ তাৰ মিডল কেছলৰ খনন কাৰ্যত যোগ দি যথেষ্ট অভিজ্ঞতা অৰ্জন কৰি ভাৰতলৈ উলটি আহিলো৷ পুথিগত বিদ্যাতকৈও প্ৰয়োগ বিদ্যাহে পুৰাতত্বৰ আচল শিক্ষা৷

তাৰ পাছত তেওঁ ভাৰতলৈ আহি অধ্যাপনা আৰু চানহুদাবোৰত খনন কাৰ্য্য চলাইছিল৷ বিলাতলৈ যোৱাৰ আগতো তেওঁ হৰপ্পাৰ চানহুদাবোৰত খননকাৰ্য্য চলাইছিল৷ ভাৰতৰ তেওঁ নিজাকৈ প্ৰথম খনন কাৰ্য্য চলায় লাখেনাজত(১৯৪২-৪৭), এই ঠাই গুজৰাটত আৰু শেষ প্ৰস্তৰ যুগৰ৷ ইয়াত হাতিয়াৰৰ লগত মানুহৰ আৰু বিভিন্ন জন্তুৰ হাড়ো আৱিস্কৃত হৈছিল৷ ইয়াত পোৱা লোৰ আৰু তামৰ বস্তুবোৰৰ পৰা শেষৰ স্তৰৰ বসতিকালত মানুহে তাম্ৰ যুগ আৰু লৌহ যুগৰ লোকৰ লগত সম্পৰ্ক স্থাপন কৰিছিল বুলি ধৰিব পাৰি৷ নৰকঙ্কাঁলবোৰ পৰীক্ষা কৰি বুজা গ’ল যে সেইবোৰ ভূমধ্যসাগৰীয় আৰু ৱেড্ডা জাতিৰ বংশধৰ৷ জন্তুৰ কঙ্কাঁল পৰীক্ষা কৰি জনা বহুত ভাৰতীয় জন্তুৰ পুৰ্বপুৰুষৰ চিহ্ন আৱিস্কাৰ কৰা হ’ল৷ তাৰ ভিতৰত এক খড়্গৰ গড়, বৰাগাহৰি, কুকুৰনেচিয়া বাঘ, মহ, এন্ধুৰ, কেৰ্কেটুৱা আৰু নেউলৰ নাম উল্লেখযোগ্য৷ ড° চাংখালিয়াৰ লগত হোৱা আন্তৰিক পৰিচয়ে পুৰাতত্বৰ প্ৰয়োজনীয়তা সম্বন্ধে নকৈ ভাবিছিল। Prohibitory বা পুৰাতত্বৰ কাৰণে যি শ্ৰম আৰু গৱেষণা আমাৰ মানুহে কৰিব লাগে। তাহানি আমবাৰীত অধ্যাপক মাধৱ গোস্বামী, অধ্যাপক তৰুণ শৰ্মা আদিয়ে  প্ৰত্নতত্বৰ ওপৰত গুৰুত্ব দিয়াৰ কথা বীৰেণে লিখিছে। তাৰ পিছত অসমীয়া মানুহে এই কৰ্মত আগবঢ়া নাই। যোগেন বৰুৱা বিজ্ঞানী বুলি বিশেষভাৱে পৰিচিত। পদ্মেশ্বৰ গগৈয়ে  আহোম জাতি সম্বন্ধে গৱেষণা কৰিছিল। বীৰেণে তেওঁৰ গানো উল্লেখ কৰিছে। ক’ত পঢ়িলো মনত পৰা নাই। এনেয়ে আমি মানো চাওলুং চুংকাফাই অসমলৈ আনিছিল বিহু। আন এটা প্ৰৱন্ধত (কোনে লিখিছে পাহৰিছোঁ) বিহুৰ কথা বেলেগ ধৰণে পালো। বিহুৰ উৎপত্তি হৈছিল চীনৰ য়ুনান প্ৰদেশত। তেখেতে ‘পিহ’ শব্দটো ব্যৱহাৰ কৰিছে।  পি মানে বছৰ, হ মানে শেষ হোৱা। বছৰৰ শেষত এই উৎসৱ পিহ হ’ল। পিহ পিছত পিহু হ’ল। পিহু গৈ শেহত বিহু হ’ল। লেখকৰ নামটো পাহৰিছো। কথাটো হব পাৰে। চুকাফাই হয়তো এই বিহু শব্দটোকে আনি আমাক দিছিলহি। সি যি কি নহওক, চুকাফা সম্পৰ্কেও আমাৰ গৱেষণা হোৱাটো উচিত। আমাৰ কলেজ বিশ্ববিদ্যালয়ত এই বিষয়ে ভাল চিন্তা চৰ্চা হোৱা উচিত। কেৱল বিষু শব্দৰ পৰাই বিহু হৈছে বুলি কয়, কিন্তু এই আৰ্যাকৃত শব্দ গতিকে pre history ইয়াত নাহিব। তদুপৰি আমাক মঞ্চৰ বিহুৱে তাৰ পৰম্পৰাৰ পৰা বহুত আঁতৰি আহিছে। বাদ্যযন্ত্ৰবোৰ পৰম্পৰাৰ পৰা আঁতৰাই ননাকৈ নতুন ৰূপত তৈয়াৰ কৰিব পাৰিনে তাক চোৱা উচিত।

বীৰেণৰ প্ৰৱন্ধৰ এখন সংকলন “ঐকান্তিকতাৰ ছাঁ-পোহৰ” আমাৰ ভাগিন ছোৱালী দীপালী ভট্টাচাৰ্য্য বৰুৱাই সম্পাদনা কৰিছে। চাংখালিয়াৰ প্ৰৱন্ধটো আংশিকভাৱেহে গ্ৰহণ কৰিছোঁ, বীৰেণৰ সেই মানুহজনৰ প্ৰতি শ্ৰদ্ধা আৰু লাগি থকা পুৰাতাত্বিক বিষয়টোৰ প্ৰতি বীৰেণৰ আগ্ৰহ দেখুৱাবলৈকে মই অলপ লেখা ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। আমাৰ নতুন প্ৰজন্মই যদি এনেবোৰ কামত লাগে, তেন্তে তাৰ পৰা দেশৰ উপকাৰ হব। আমাৰ বিশ্ববিদ্যালয়বিলাকে এনে কাম হাতত লব। কেউফালে পৰি থকা সমলৰ গৱেষণাৰে যদি আমাৰ আদিম পুৰুষৰ সন্ধান পাও, তেন্তে তাৰ পৰা আমি আনন্দ পাম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পৰিবেশ্য কলাক এটা বিষয় স্বৰূপে লৈ ল’ৰা-ছোৱালীয়ে নাটক অভিনয়ৰ শিক্ষা আগবঢ়াইছে। আমি এই কথা শুনি ৰং পাইছো আৰু বিশ্ববিদ্যালয়খনৰ ওলগ জনাইছো। আমাৰ পৰম্পৰাও আছে, সেইবোৰক ধৰি ৰখাও আমাৰ কৰ্তব্য। বৰ্তমান আমাৰ সমাজত সততাৰ অন্তৰ্দ্ধান হৈছে। আমাৰ সমাজত ভাল মানুহৰ সংখ্যা কমি আহিছে। তাৰ সংখ্যা কেনেকৈ বঢ়াব পাৰি তাৰো চিন্তা কৰিবৰ হ’ল। নহলে দেশ ক্ৰমাৎ ৰসাতললৈ যাব। ১৫ জুলাইত বিলাসীপাৰাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক লাঞ্ছিত হ’ল, তাৰ কথা শুনি আমি বেয়া পাইছো। ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি নহলে ভাল পাম। শিক্ষাৰ নৈতিক মূল্যবোধ নেথাকিলে সি শিক্ষাই নহয়।

চফ্ৰাইৰ কথা ঢেৰ, আটাইবোৰ এই সৰু পুথিখনত লিখিব নোৱাৰি। চফ্ৰাই চিলং টি কোম্পানীৰ অধীনত এখন ডাঙৰ বাগিছা। ইয়াৰ মাজেদি ধোদৰ আলিটো গৈছে। বুৰঞ্জীত ধোদৰ আলিৰ কথা উজ্জ্বল হৈ আছে। গদাধৰ সিংহৰ দিনত বোলে কেইটামান ধোদ আছিল। সিহঁতৰ পিঠিত জুঁই দিও উঠাব পৰা নহল। পিঠিত দিলেই কয়, পি পু, তাৰ পিছত কয় সি-শো। অৰ্থটো হল, পিঠিত পুৰিছে, সিপিঠিয়ে শো। সিহঁতৰ শোৱাৰ পৰা কোনেও উঠাব নোৱাৰে। গদাধৰ সিংহই সিহঁতক থাকিবলৈও দিলে। তাৰ পিছত আৰু কিছুমান ধোদ আহি শুবলৈ ধৰিলে। সিহঁত আচল ধোদ নহয়, শুব কেনেকৈ? গদাধৰৰ ধমকি খাই সিহঁত উঠি গল। তেওঁ সিহঁতক আলি বান্ধিবলৈ আদেশ জাৰি কৰিলে। সিহঁতৰ পৰিশ্ৰমৰ ফলত ধোদৰ আলি হল। এই আলিৰ দাঁতিতে মথুৰাপুৰ, চফ্ৰাই, নাফুক, জবকা আদি বাগান হল। বেছিভাগ বাগানতে ভাল চাহপাতবোৰ বিদেশলৈ পঠায়। সেই চাহপাতবোৰ ভাল, আমাৰ দৰে মানুহে যি চাহপাত দিয়ে, তাত ধূলি বালি থাকে। চাহাববোৰৰ লক্ষ্য আছিল বেছি লাভ কৰা, আমাৰ সুখ সুবিধা চাবলৈ চাহাবহঁতৰ সময় নাই।

তথাপি দেউতাহঁতে বাগানতে চাকৰি কৰিছিল। পাততোলা দিনবোৰত দেউতাহঁতৰ কষ্ট হয়। ৰাতিৰ ভিতৰতে উঠি গৈ মেছিন চলাব লাগে। পাতবাবু লক্ষ্মী সন্দিকৈ গ’লেহে দেউতা আহিব পাৰে। আহি গা-পা ধুই, চাহ-তাহ খাই আকৌ যায়। তাৰ পিছত দুপৰীয়া আহি ভাত খাই অলপ জিৰাই গধূলি কলঘৰলৈ যায়। সন্ধিয়াও ভাত। দেউতা আহি থাকোঁতে তললৈ মূৰ কৰি আহি থাকে, হয়তো কম দৰ্মহাত ঘৰ চলোৱাৰ কথাকে ভাবি থাকে। ঘৰত মালিছা লগা ঘূৰ-ঘূৰী, হোকা চিলিম সকলো থাকে, খামিৰা দিয়া ধপাত শণিবাৰে শণিবাৰে নাজিৰাৰ পৰা এজন মানুহে লৈ আহে। তেওঁক আমি ধপাতৱলীয়া বুলি মাতো। চাইকেলত বেল, ব্ৰেক, মাডগাৰ্ড একো নাথাকে। শণিবাৰে আহি ধোদৰ আলিৰ পৰা পোনে পোনে আমাৰ ঘৰৰ ওচৰ পায়হি আৰু আগৰ চকাটোত ভৰি দি তাৰ বেগ কমাই দি নামে। আমাক ধপাতৰ ডাঙৰ লাৰু এটা দি বাকীবোৰৰ ঘৰত দিবলৈ ওলাই যায়। সেইদিনা থাকে, পিছদিনা প্ৰত্যেকৰ ঘৰৰ পৰা চাহপাত দুটামান আনে, তাকে লৈ নাজিৰামুৱা হয়। অত্যন্ত দুখীয়া মানুহ, কষ্ট কৰি জীৱন কটায়। বাগানৰ বৰমহৰীকে ধৰি সকলো মহৰীয়েই তেওঁক যি পাৰে সহায় কৰিছিল। আমাৰ দেউতায়ো তেওঁৰ দুখ কষ্ট বুজিছিল আৰু এসাজ খাবলৈ দিছিল আৰু ৰাতিটো জিৰাই থাকি পুৱাই যাবলৈ সুবিধা কৰি দিছিল। বয়স ডেকা কালত দেউতাৰ চেহেৰা সুন্দৰ আছিল, কিন্তু বয়স হোৱাৰ লগে লগে অসুখে লগ ললে । আমাৰ দেউতাহঁতৰ পোহন বিয়াও পাতিছিল। সেই বিয়া চাবলৈ চাহাব কেইজন মানো  আহিছিল। বাবুসকলৰতো কথাই নাই। তেওঁবিলাকে বৰ স্ফূৰ্তি পাইছিল। আমি তেতিয়া সৰু সৰু। কথাবোৰ ভালকৈ নুবুজিছিলো। বৌটিক কইনা হিচাপে চাই আমিও ভাল পাইছিলো। বৌটিৰো স্বাস্থ্য সৰুৰে পৰাই ভাল। তেওঁক দেখি মোৰ ৰামায়ণৰ সীতা যেন লাগিছিল। বৌটিয়ে প্ৰায় নব্বৈ বছৰ জীয়াই আছিল। সেই কথাটো ভাবি কেতিয়াবা মোৰ ভাল লাগে। দেউতাৰ ‘লিভাৰ-চিৰচিচ’ হৈছে বুলি যেতিয়া যোৰহাটৰ ডাক্তৰ প্ৰসাদ বৰদলৈয়ে চাই ক’লে, মই তেতিয়াই বুজিছিলো যে দেউতা আৰু বেছিদিন নেথাকে। পঞ্চাশ বছৰৰ পিছত এই ৰোগ হ’লে জীয়াই থকা টান বুলি ডাঃ বৰদলৈয়ে মোক কৈছিল। দেউতা ১৯৫২ চনৰ জুন মাহত ঢুকাইছিল। গাঁৱত দেউতাৰ সুচিকিৎসা নহ’ল। আচল কথা ডায়গনচিচেই

নহ’ল । ডাঃ বৰদলৈ  অহাৰ পিছতহে সকলো জানিছোঁ। চিকিত্সাৰ বাবে যোৰহাটত তিনিমাহ থোৱা হৈছিল যদিও কামত নাহিল । দেউতাই বুজিছিল , মোৰ অজ্ঞতাৰহ হেতু কিছু পলম হোৱাৰ কথা। অৱশ্যে লিভাৰ একেবাৰে যে বেয়া হৈ গৈছিল , কাকজানৰ ডাক্তৰে ধৰিব নোৱাৰিলে; ডাঃ বৰদলৈক অনা বাবেহে কথাটো ধৰা পৰিল। বীৰেনে এইটো শেষ চেষ্টা কৰিছিল, কিন্ত ইতিমধ্যে লিভাৰ Atrophy হৈ গ’ল। এই সময়ত মানুহক বছোৱা টান। ঢেকীয়াখোৱাৰ ঘৰৰ চোতালত দেউতাক যেতিয়া শুৱাই থৈছিল, তেতিয়া দেউতাৰ মুখায়ব সুন্দৰ হৈ আছিল , পানীজমা হোৱা বাবে পেট উখহি আছিল। মৃত্যুৱে খোপনি পুতিছিল পেটত; পেটৰ এই বেমাৰতে দেউতা গ’লগৈ। মৃত্যু যেতিয়া আহে, মানুহ অসহায়, ক্ষুদ্ৰ হৈ পৰে। নিৰুপায় হৈ মই  চকুলো টুকিছিলো। দেউতাৰ মৃত্যুত মই বৰ অসহায় হৈছিলো। আমাৰ ঘৰত মৃত্যুৰ পদধ্বনি মাজে মাজে শুনি আহিছোঁ। সেইবাবে চকুপানী এতিয়াও ওলায়। নাৰ্ডিন গৰ্ডিমাৰে মৃত্যুৰ আগতে কৈছে তেওঁ হেনো হাঁহিব নোৱাৰা হৈছে। হাঁহিব নোৱাৰিলে তেওঁ লিখিব নোৱাৰে। অলপতে তেওঁ হাঁহিছিল , কিন্ত ইয়াৰ দুদিন পিছতই তেওঁ ঢুকাল। তেওঁ দক্ষিণ আফ্ৰিকাৰ নিৰ্য্যাতিতসকলৰ হৈ শক্তিশালী কথা কৈছিল। মই  হাঁহিব পাৰোঁ, কিন্ত মৃত্যুৰ খৱৰে মোৰ অন্তৰক দুৰ্বল কৰি তোলে,চকুপানী ওলাই আহে। তথাপি মই জীয়াই আছোঁ । আগতেই মই মোৰ মাজু ল’ৰা গৌৰীৰ মৃত্যুৰ কথা কৈছোঁ। তাৰ বীৰ্য আছিল, কিন্ত হ’লগৈ নিয়তিৰ জয়। মোৰ দুখ তাতেই । তাৰ মৃত্যু বিচৰা নাছিলো, কিন্ত নিয়তিয়ে মানুহলৈ কেৰেপ নকৰে। দুজনী ভনী , দুটা ভাই হেৰুৱালো। পত্নীও গ’লগৈ। দেউতা, বৌটীক হেৰুৱালো আগতে। নিজকে বৰ শক্তিহীন যেন লাগে। সেয়ে চকুপানী ওলায়। তথাপিও নমৰোঁ —-লেলাই-ধেন্দাই হলেও কিবা এটা কৰিবৰ বা লিখিবৰ মন যায়। বাওঁ চকুটোৱে যে কাম নকৰা হৈছে , তাকো পাহৰোঁ।

অসমৰ জাতি-জনগোষ্ঠীৰ ঐক্যৰ প্ৰশ্নটো তাহানিৰে পৰা ওলাই আছে। সংবিধানে যিয়েই নকওক ,আমি জনজাতিৰ ( Ethnic Minorities ) যাতে সদায় একেলগে থাকিব লাগিবই। তেওঁবিলাকে আমাৰ পৰা আঁতৰি যোৱাৰ কথা নাই। বীৰেণে  এদিন হাংগেৰীৰ Ethnic Minoritiesৰ কথা কওঁতে, হাংগেৰীৰ আলোনী এখনৰ পৰা কথা এষাৰ কোৱা মনত আছে। কথাষাৰ —- The purpose of our endeavors do to help enrich the existence of ethnic minorities so that we can promote in a natural way the durable interaction of cultures  and their reciprocal  and organize  enrichment . For exerting our influence on their environment in the broad sense. Ethnic minorities living within the spheres of attraction of two languages and two cultures can fulfill the mission of strengthening cultural relations between nations , thereby contributing to closer relations between peoples and nations.            এই কথাখিনি আৱশ্যকীয় আমাৰ বাবেও হব পাৰে। সাংবিধানিকভাৱে চৰকাৰী কামতো জন-জাতীয় ভাষা প্ৰয়োগ  কৰা আৰু আন আন ভাষা-সংস্কৃতিৰ লগতআন্তৰিকতাৰে সৰ্ম্পক  কৰি নিজৰ মানসিক বিকাশ বৃদ্ধিকৰা এটা ভাল কাম। এইবোৰ কাম কৰিবলৈ সকলো মিলি-জুলি চলা উপায় ল’ব লাগিব। এই ধৰণৰ চিন্তাৰে জনজাতিসকল আৰু অসমীয়া ভাষা-সংস্কৃতিৰ মাজত  যদি এটা সমিলমিল হৈ উঠে , তেন্তে আজি যি অশান্তি আমাৰ মাজত আৰম্ভ হৈছে তাৰ অৱসান ঘটিব। আমাৰ চৰকাৰেও এনেধৰণৰ ঐক্যতান যাতে সম্ভৱ হয় তাৰ বাবে চেষ্টা কৰা প্ৰয়োজন। বিষ্ণু ৰাভাই এই নীতিকে লৈছিল। আমি তেওঁৰ এই চিন্তা দলিয়াই পেলাব নেলাগে।

জ্যোতিপ্ৰসাদেও তেওঁৰ লেখাত সকলো জাতি-জনজাতিৰ মিলনৰ কথা কৈ গৈছে। চিন্তাশীল লোক মাত্ৰেই জাতি-জনজাতিৰ মাজত ঐক্য কেনেকৈ আছিল তাৰ কথা জানিব লাগিব। জনজাতি আৰু জাতিসকল পৰস্পৰে কাজিয়া বা দ্বন্দ নকৰাকৈ কেনেকৈ চলিব পাৰি সেই কথা ভবাটো ভাল কাম হ’ব। আমাৰ বৰঘৰৰ মেকুৰী সৰুঘৰলৈ অহাৰ দিন চমু চাপি আহিছে। ইটোৱে সিটোৱে মিলি-জুলি থাকিবলৈকে সেইটো কৰিব লাগে। বীৰেণে মূল কথাখিনি ভালেই পাইছে। এটা সৰু অলাগতিয়াল কবিতাৰে পুথিখন সমাপ্ত কৰিছোঁ।

গান

ক’ত হেৰুৱালি তোৰ বাট

ক’ত হেৰুৱালি চিনাকি বাট

যিঘাটত বহি

গালি কত সোণসেৰীয়া গান

যাৰ সুৰত জাগিল কত জনতাৰ প্ৰাণ

সেই ঘাটত তই লুকালি অকস্মাত

হলি হঠাতে আকাশী লতা

তই দিছিলি আশা

দিছিলি তই ভাষা

বৰঘৰৰ মেকুৰীজনীয়ে

সৰুঘৰৰ জনীক দিছিল আশা

ভাষাৰে লিখ অ’ তই

জনতালে ওলগণি

তাতে আহি পৰক দে তোৰ

হাতৰ পৰশমণি

—————————————

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.