নিৰ্বাচিত কথা-বতৰা

নিৰ্বাচিত কথা-বতৰা

নিৰ্বাচিত কথা-বতৰা

by December 14, 2014 0 comments

সাহিত্য ডট অৰ্গৰ এইসংখ্যাৰ মূল বিষয়ৰ লগত সংগতি ৰাখি আমি বিভিন্ন ক্ষেত্ৰৰ স’তে জড়িত কিছু ব্যক্তিৰ কাষ চাপিছিলোঁ, এই ক্ষেত্ৰত তেওঁলোকৰ মতামত জানিবৰ বাবে। “বিজ্ঞান, অন্ধবিশ্বাস আৰু লোকবিশ্বাস” সম্পৰ্কে তেওঁলোকৰ চিন্তা-চৰ্চাই, আশাকৰোঁ, আমাক এই দিশত বিজ্ঞানসন্মত আৰু যুক্তিনিৰ্ভৰ বিশ্লেষণেৰে সঠিক কাৰ্য্যপন্থা লোৱাত সহায় কৰিব।

প্ৰশ্ন ১: “বিজ্ঞান, লোকবিশ্বাস আৰু অন্ধবিশ্বাস’’- এই বিষয়ত আপুনি কি ভাৱে?  লোকবিশ্বাসৰ বৈজ্ঞানিক ভিত্তি সম্পৰ্কে আপোনাৰ মতামত?

প্ৰশ্ন ২: সচৰাচৰ শিক্ষিত সকলৰ মাজতো অনেক অন্ধবিশ্বাস শিপাই থকা দেখা যায় । এই বিষয়ত আপোনাৰ ক’বলগীয়া?

প্ৰশ্ন ৩: নাৰী আৰু পুৰুষ – কোনটো শ্ৰেণীৰ মাজত আপুনি অন্ধবিশ্বাস বেছি বুলি ভাৱে? এনে হোৱাৰ কাৰণ?

প্ৰশ্ন ৪: বৰ্তমানেও ডাইনী সন্দেহত কৰা হত্যা, বেজ-জ্ঞানী, স্বয়ম্ভূ ভগৱান আদি নানানটা অন্ধবিশ্বাসৰ কৱলত সমাজ বিভ্ৰান্ত হৈ আহিছে। এইবোৰৰ মূল কাৰক হিচাপে আপুনি কোনকেইটা কথাক চিহ্নিত কৰিব?

প্ৰশ্ন ৫: এই সমস্যাবোৰৰ সমাধান কল্পে আটাইতকৈ ফলপ্ৰসু ব্যৱস্থা কি কি হ’ব পাৰে বুলি আপুনি ভাৱে? এই ক্ষেত্ৰত যদি কোনো সামূহিক কাৰ্য্যপন্থা হাতত লোৱা হয়, আপুনি তাত সহযোগ কৰিবলৈ আগ্ৰহী নে?

উত্তৰ সমূহ:

জয়ন্ত কুমাৰ শৰ্মা, পৰিৱেশবিদ:

১ উ: “বিজ্ঞান” সত্যৰ ওপৰত প্ৰতিষ্ঠিত। বিজ্ঞানৰ অন্বেষণ হয় পৰ্য্যবেক্ষণ, পৰিমাপন, বিশ্লেষণ আৰু পৰ্য্যালোচনাৰ মাজেদি।

লোকবিশ্বাসৰ আধাৰ হ’ল একোটা ভৌগোলিক পৰিৱেশত বসবাস কৰা, এক নিৰ্দিষ্ট সামাজিক প্ৰেক্ষাপটৰ জনগোষ্ঠীৰ জীৱন আৰু অভিজ্ঞতা। এই সকলোবোৰ বিজ্ঞানৰ অন্বেষণৰ পথ পৰিক্ৰমাৰ মাজেদি প্ৰতিষ্ঠিত সত্য নহয়। যিসমূহ ‘লোকবিশ্বাস’ বিজ্ঞানৰ অন্বেষণৰ পথ পৰিক্ৰমাৰ মাজেদি পৰিমাৰ্জিত, সেইসমূহৰ মাজত বিজ্ঞানসন্মত ভেঁটি একোটা আছে, যেনে – বতৰ আৰু কৃষিৰ লগত জড়িত বহুবোৰ লোকবিশ্বাস।আনহাতেদি, যিসমূহ লোকবিশ্বাস সত্যৰ পৰিৱৰ্তে, অলৌকিকতা আধাৰিত হয়, সেইবোৰ অন্ধবিশ্বাস। প্ৰকৃততে, কোনো প্ৰমাণিত তথ্যৰ ভিত্তিত যি বিশ্বাস প্ৰতিষ্ঠিত নহ্য়, সি অন্ধবিশ্বাস।এইক্ষেত্ৰত উল্লেখযোগ্য দিশটো হ’ল –সকলো বিশ্বাসেই সময় আৰু স্থানৰ প্ৰেক্ষাপটত পৰিৱৰ্তনশীল। বহুসময়ত পৰিৱৰ্তিত প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক পৰিৱেশত ন ন বিশ্বাসৰ প্ৰাদূৰ্ভাৱ হ’ব পাৰে বা পুৰণি বিশ্বাসে পুনৰ গা কৰি উঠিব পাৰে।

গূৰুত্বপূৰ্ণ কথাটো হ’ল – এক নিৰপেক্ষ আৰু বহনক্ষম জীৱনশৈলী গঢ় দিবলৈ পৰম্পৰা নিৰ্ভৰ আৰু আনুষ্ঠানিক চৰ্চা নিৰ্ভৰ ব্যৱস্থাৰ মাজৰ পৰা প্ৰতিষ্ঠিত আৰু প্ৰমাণিত সত্য সমূহক গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটো।যাৰ অভাৱত সমাজৰ গতি “শ্লথ” হ’ব পাৰে।

২ ।উ: তথাকথিত ডিগ্ৰী প্ৰদানকাৰী শিক্ষাই আমাক এটা নিৰপেক্ষ আৰু বহনক্ষম জীৱনশৈলী গ্ৰহণ কৰাৰ পথ প্ৰদৰ্শন কৰিব পাৰে বুলি নাভাবোঁ। কাৰণ আমাৰ প্ৰচলিত শিক্ষাব্যৱস্থাৰ গোটেই প্ৰক্ৰিয়াটোৰ মূল লক্ষ্য জীৱনাদৰ্শ আৰু জীৱন শৈলী গঢ় দিয়া নহয়, বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে শ্ৰমিক গঢ় দিয়াহে। গতিকে এনে ধৰণৰ পৰিঘটনা হোৱাটো অস্বাভাৱিক নহয়।

৩। উ: নাৰী আৰু পুৰুষ দুটা শ্ৰেণী নহয়, দুটা সত্বাহে। সামাজিক প্ৰক্ৰিয়াৰে, পুৰুষতান্ত্ৰিকতাৰ প্ৰভাৱত নাৰীক পৰম্পৰা কঢ়িয়াই নি্যাৰ দায়িত্ব প্ৰদান কৰাৰ এক প্ৰক্ৰিয়া আমাৰ মাজত প্ৰচলিত, তাৰ ফলত নাৰীৰ মাজত এনে বিশ্বাস বেছি যেন দেখা যায় যদিও, তাৰ বাবে তেওঁলোক প্ৰত্যক্ষভাৱে জগৰীয়া নহয়। ইয়াৰ বিপৰীতে বহূ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা নাৰী প্ৰৱঞ্চনা আৰু নিৰ্য্যাতনৰ বলি হোৱাহে দেখা গৈছে।এক আধুনিক নিৰপেক্ষ জীৱনশৈলী আৰু সামাজিক লিংগ নিৰপেক্ষতাৰ অনুপস্থিতিত এই  ধৰণৰ ঘটনা অতিক্ৰম কৰাটো সম্ভৱপৰ নহয়।

৪। উ: বৰ্তমান সঘনাই সংঘটিত হোৱা ঘটনাবোৰৰ লগত জটিল প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ, অৰ্থনীতি, ৰাজনীতি জড়িত হৈ আছে। জীৱনশৈলী গঢ় দিয়া শিক্ষাৰ অভাৱ, জনস্বাস্থ্যৰ সমস্যা, প্ৰাকৃতিক পৰিৱেশৰ অনিশ্চয়তা, অৰ্থনৈতিক অনিশ্চয়তা, বৈষয়িক সক্ষমতা আহৰণৰ প্ৰতিযোগিতা, তাৎক্ষণিক সফলতা লাভৰ তাড়ণা, পৰস্পৰৰ মাজৰ প্ৰতিহিংসা, বিঘ্নিত মানসিক স্বাস্থ্য- এই সকলোবোৰৰ প্ৰভাৱ এনে ঘটনাৰ লগত জড়িত হৈ আছে।

৫। উ: বিজ্ঞান আৰু প্ৰযুক্তিৰ সাক্ষৰতা নিৰ্ভৰ বহনক্ষম উন্নয়নৰ শিক্ষাৰ মাজেৰে “জীৱনশৈলী “ গঢ় দিয়াৰ ব্যাপক আখৰাৰ প্ৰয়োজন আছে। “শিক্ষা”ক পণ্যদ্ৰৱ্য ৰূপত গ্ৰহণ কৰা ব্যৱস্থাটোৰ মাজেৰে এয়া সম্ভৱ নহয়।সেয়েহে,আজি গোলকীয় প্ৰেক্ষাপটত এক অন্য চিন্তাই ঠন ধৰি উঠিছে, যাৰ আলোচনা হৈছে , “নাগৰিকৰ বিজ্ঞান আৰু বিজ্ঞানসন্মত নাগৰিক” (Citizen Science and Scientific Citizen) শীৰ্ষক চিন্তা-চৰ্চাৰ মাজেৰে। ইয়াৰ মূল আদৰ্শ হ’ল স্থানীয় প্ৰেক্ষাপটত সামাজিক গোট বা সংগঠ্নৰ উদ্যোগত ৰাইজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা বিজ্ঞান আৰু প্ৰযুক্তিক সহজ আৰু সৰল ৰূপত ৰাইজৰ কাষলৈ নিয়া আৰু তাৰ মাজেৰে জীৱনৰ সমস্যা সমাধানৰ আধাৰত এক বিজ্ঞান মানসিকতা আৰু জীৱনশৈলী গঢ় দিয়া।এই কাম বজাৰ ব্যৱস্থাই নকৰে। ইয়াৰ বাবে লাগিব এক সামাজিক আন্দোলন।

একে সময়তে সামাজিক আৰু ৰাজনৈতিক হেঁচাৰ জৰিয়তে উন্নয়নৰ বৈষম্য দূৰ কৰাৰ প্ৰয়োজন আছে, তেতিয়াহে আধুনিক জীৱনৰ অপৰিহাৰ্য্য পৰিসেৱাসমূহ সকলোৰে কাষ চাপিব।

অন্ধবিশ্বাসৰ বিপৰীতে সামাজিক সুৰক্ষাৰ বাবে আইনগত ব্যৱস্থাৰো প্ৰয়োজন আছে ।

এনেধৰণৰ প্ৰচেষ্টাত ইতিমধ্যে জড়িত হৈ আছোঁ। মানি চলা নীতি- আদৰ্শৰ লগত বিৰোধ নোহোৱা এনে সকলোধৰণৰ প্ৰচেষ্টাতে জড়িত হ’বলৈ আগ্ৰহী ।

আব্দুল গণি, সাংবাদিক

১। উ : সংক্ষেপে ক’বলৈ হ’লে বিজ্ঞান হ’ল বাস্তৱ। অন্যহাতে লোকবিশ্বাস বহুসময়তে জনশ্ৰুতি আধাৰিত আৰু কল্পনা আশ্ৰিত। অন্যহাতে মোৰ ধাৰণাৰ অন্ধবিশ্বাস হ’ল কিছু অৰ্থহীন ধ্যানধাৰণা। এচাম মানুহে নিজ্ৰ ন্যস্তস্বাৰ্থ পূৰণৰ বাবে, সমাজ্ৰ দূৰ্ৱল শ্ৰেণীটোক ভয় খুৱাবলৈ এই অন্ধবিশ্বাসবোৰৰ ব্যৱহাৰ কৰি আহিছে। আৰু আজিৰ যুগত আমাৰ সমাজৰ বাবে ই এক ভয়ংকৰ অভিশাপ।

২। উ: হয়, ই বৰ আশ্চৰ্য্যকৰ আৰু হাস্যকৰ। শিক্ষিত চামৰ মাজৰ এই মানুহখিনিয়ে সোঁতৰ বিপৰীতে যাবলৈ ভয় কৰে, এনে ঘটনাবোৰক যুক্তিৰে চালি-জাৰি নেচায়। প্ৰত্যাক্ৰ্মণ বা নিজৰ বিপদৰ আশ্ংকাত এওঁলোকে সোঁত যিপিনে যায়, সেইপিনেই ঢাল খায়। এইক্ষেত্ৰত আমাৰ গণ-মাধ্যম বোৰেও এক সৱল ভূমিকা লোৱাৰ দৰকাৰ আছে যদিও সেয়া হোৱা দেখা নেযায়। একবিংশ শতিকাৰ এই সময়ছোৱাতো এনে কথা হৈ থকাটো দূৰ্ভাগ্যজনক।

৩।উ: নাৰী-পুৰুষ কাৰো মাজত এইক্ষেত্ৰত বিশেষ পাৰ্থক্য নাই যদিও বহুসময়ত এই দিশত মহিলাৰ সমাজত এক বিশেষ ভূমিকা থাকে। বহু অন্ধবিশ্বাসৰ ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ চিন্তা-চৰ্চাতো প্ৰভাৱ পেলায় বুলি মই অনুভৱ কৰোঁ।

৪।উ: মূল কাৰণ হিচাপে মানুহৰ মাজত বিশেষকৈ গ্ৰাম্যাঞ্চলত সজাগতাৰ অভাৱ বুলি ক’ব লাগিব। অন্যহাতে, যিসকলোকে সমাজৰ পৰিৱৰ্তন কৰিব পাৰে, তেওঁলোকেও এক সামগ্ৰিক পদক্ষেপ লোৱা দেখা নাযায়।অকল আইন থাকিলেই ন’হব; বৰঞ্চ নিজৰ ঘৰৰ পৰা মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ আৰম্ভণি কৰিব লাগিব। অন্যহাতে, বহুসময়ত এনে ঘটনাৰ আঁৰত থাকে এচাম চক্ৰান্তকাৰী আৰু স্বাৰ্থলোভীৰ ব্যক্তিগত স্বাৰ্থ তথা সমাজৰ দুখীয়া আৰু দূৰ্ৱল লোকসকলক বুৰ্বক সজাই মুনাফা লুটাৰ বুদ্ধি।

৫।উ: এই সমস্যাবোৰ দূৰ কৰিবলৈ অনেক উপায় আছে। মই আগতে কোৱাৰ দৰে গণমাধ্যমে এইক্ষেত্ৰত এক বিশেষ ভূমিকা লৈ ৰাইজক সজাগ কৰিব পাৰে। অকল সেয়াই নহয়, সমাজৰ বিভিন্নক্ষেত্ৰৰ আগৰণুৱা আৰু সফল ব্যক্তিসকলে ৰাইজক এই কথাবোৰ যে মিছা, হত্যা আৰু হিংসাৰ বাদে একো নহয়, সেয়া জনাবলৈ আগবাঢ়ি অহা উচিত বুলি মই ভাবোঁ। বীৰুবালা ৰাভাৰ দৰে লোকক সেয়ে মই শ্ৰদ্ধা কৰোঁ।

হয়, মই এই ক্ষেত্ৰত সহযোগ কৰিবলৈ আগ্ৰহী।

নিপন নাথ, লেখক তথা সহকাৰী অধ্যাপক, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়

১। উ :  তিনিওটাৰ মাজত সম্পৰ্ক আছে যদিও আমি সম্পৰ্ককেইটাৰ ক্ষেত্ৰত আঁহফলা নীতি প্ৰয়োগ কৰিব নোৱাৰোঁ। এই তিনিওটাৰ মাজৰ সীমাৰেখা তেনেই অস্পষ্ট, সেয়েই হয়তো কাৰণ, যাৰ সুদোগত বহুক্ষেত্ৰত জনবিশ্বাসে অন্ধবিশ্বাসৰ বাট বুলে আৰু সেই মূহূৰ্ততে, অন্ধবিশ্বাস আৰু লোকবিশ্বাস উভয়ে বিজ্ঞানৰ পৰা আৰু বেছি দূৰলৈ আঁতৰি যায়। লোকবিশ্বাসৰ যি স্থিতি, সি আমাৰ সংস্কৃতিৰ স’তে ওত:প্ৰোত:ভাৱে জড়িত আৰু সংস্কৃতি যিহেতু বৈজ্ঞানিক পদ্ধতিৰ মাজেৰে নিঃসৰিত হৈ নাহে, গতিকে আপাতত: জনবিশ্বাসৰ বৈজ্ঞানিক ভিত্তি থাকিব যেন নালাগে। কিন্তু এয়া এশ শতাংশ শুদ্ধ নহয়। হয়তোবা সেই জনবিশ্বাসৰ আঁৰত থকা বৈজ্ঞানিক ভিত্তিটোক আমি বিচাৰি চোৱা নাই অথবা আন কিছুমান অহৈতুক প্ৰৰোচনাত পৰি বিচাৰ কৰিবলৈ মনো মেলা নাই।

২। উ: দুনাই নক’লেও হয় যে, আমাৰ শিক্ষিত সকলৰ মাজতো বহুত অন্ধবিশ্বাস শিপাইঅ আছে। আৰু অলপ দকৈ গমি চালে, এনে হেন লাগে যে অশিক্ষিতৰ তুলনাত শিক্ষিতৰ অন্ধবিশ্বাসে সমাজখনত বেছি বেয়া প্ৰভাৱ পেলায়। আনফালেৰে চাবলৈ গ’লে আমাৰ শিক্ষাব্যৱস্থাই, যথাযথভাৱে আমাক বৈজ্ঞানিক মনোভংগীৰে উদ্বুদ্ধ কৰিব পাৰিব বুলি ভবাটোও ভুল। পদে পদে কিতাপত থকা কথাবোৰে বাস্তৱৰ বিৰোধিতা কৰে আৰু বাস্তৱে পুথিগত কথাবোৰৰ। আৰু তাৰেই সুযোগ লৈ শিক্ষিতৰ মাজতো কাঠফুলা বঢ়াদি অন্ধবিশ্বাস বাঢ়ে।

৩। উ: যিমান পাৰি সিমান নিজকে লিংগভিত্তিকঅ বৈষম্যৰ পৰা আঁতৰত ৰাখি কৈছোঁ যে তূলনামূলক বিচাৰত নাৰীয়ে পুৰুষতকৈ অন্ধবিশ্বাসৰ ঠিক পোষকতা নকৰিলেও, প্ৰতিবাদ ক’ম কৰে। কাৰণ বিচাৰি চাবলৈ হ’লে – আমাৰ সমাজব্যৱস্থাৰ পাৰিবাৰিক আৰু পাৰস্পৰিক সীমাবদ্ধতা তথা স্ংকীৰ্ণতাতকে মূলতঃ জগৰীয়া কৰিব পাৰি। লগতে যাক মনোবিজ্ঞানত “নিগেটিভ ইম’শ্যন” বুলি কোৱা হয়, তাৰ ফলত নাৰীয়ে নিজে ভুক্ত্ভোগী হৈ অহা অন্ধবিশ্বাসৰ ধাৰাবাহিকতা পৰৱৰ্তী পৰ্য্যায়ত নিজেই বাহাল ৰাখে আৰু তেওঁৰ অনুজ নাৰীসকলৰ ওপৰত জাপি দিয়ে।

৪। উ: এনে হোৱাৰ এক অন্যতম কাৰক হ’ল – স্বত:ষ্ফূৰ্তভাৱে যি ধৰণে বিশ্বাসে বিজ্ঞানৰ পৰা আঁতৰি অন্ধত্ব গ্ৰহণ কৰি অন্ধবিশ্বাসৰ বাট বুলে, সেই প্ৰক্ৰিয়াক সমাজে ক’ব নোৱাৰাকৈয়ে এক স্বীকৃতি দিয়ে আৰু সেই স্বীকৃতিৰ ভণ্ডামিৰ অন্তৰালতেই এনেধৰণৰ অপপ্ৰৱৃত্তিয়ে পোখা মেলে।অন্যহাতে প্ৰান্তীয় জনগোষ্ঠী, আনকি কেতিয়াবা মহিলাসকলেও যিধৰণৰ ঠেক সামাজিক তথা অৰ্থনৈতিক বাতাৱৰণত জীৱন নিৰ্বাহ কৰিব লগা হয়; সিয়েও শিক্ষাৰ অভাৱত অন্ধবিশ্বাসৰ প্ৰৱণতা বৃদ্ধিৰ আন এটা কাৰণ হৈ দেখা দিয়ে।

৫। উ: এইক্ষেত্ৰত সকলোতকৈ ফলপ্ৰসু হ’ব পৰা দুইধৰণৰ উপায় আছে –

হস্ৰম্যাদী – বিভিন্ন ভিতৰুৱা অঞ্চলত সজাগতা শিৱিৰ আয়োজন, য’ত বিজ্ঞানৰ কথাৰ মিছা ফুলজাৰীৰে নহয়, একেবাৰে দৈনন্দিন জীৱনভিত্তিক উদাহৰণেৰে সংশ্লিষ্ট মানুহখিনিক সজাগ কৰিব পৰা যাব।

দীৰ্ঘ্ম্যাদী – পাঠ্যপুথিসমূহত কোনোধৰণৰ বিষয়ভিত্তিক আঁৰ-বেৰ নাৰাখি, বিজ্ঞান মনোভংগীসমৃদ্ধ লিখনিৰে, আনকি কেতিয়াবা ব্যংগ লিখনিৰেও ছাত্ৰ-ছাত্ৰীৰ মাজত এটা সুস্থ তথা পৰিছন্ন (ভণ্ডামিবিহীন) মানসিকতাৰ গঢ় দিয়াৰ চেষ্টা কৰা।

সাময়িক উচ্ছাসক স্থায়ী সাধনালৈ ৰূপান্তৰিত কৰিব নোৱাৰটো আমাৰ অসমীয়াৰ জাতীয় ব্যাধি। যদিহে আৱেগবৰ্জিতভাৱে কোনো ন্যস্তস্বাৰ্থ নৰখাকৈ অন্ধবিশ্বাস বিৰোধী পদক্ষেপ আগবঢ়োৱা হয়, তেন্তে নিশ্চিতভাৱে মই, নিজকে তাৰ অংশ কৰিবলৈ ভাল পাম।

জয়দীপ বৰুৱা, পৰিৱেশবিজ্ঞানী

১। উ: বহুক্ষেত্ৰত লোকবিশ্বাস আৰু অন্ধবিশ্বাস সমাৰ্থক বুলি ভবা হয়। এই দুয়োটা শব্দৰ ব্যৱহাৰিক দিশত সামান্য পাৰ্থক্য থাকিব পাৰে। “লোকবিশ্বাস”বোৰ একোটা গোষ্ঠী বা সম্প্ৰদায়ৰ সাংস্কৃতিক, সামাজিক আৰু জীৱন ধাৰণব্যৱস্থাৰ পৰিচায়ক। কোনো লোকবিশ্বাসক বৈজ্ঞানিক দৃষ্টিকোণেৰে যুক্তিসন্মতভাৱে বিচাৰ কৰি, তাৰ  ব্যৱহাৰযোগ্যতা বিচাৰি পালে, সেই লোকবিশ্বাস আৰু অন্ধবিশ্বাস হৈ নাথাকে। সমাজ পাতি থকা ব্যৱস্থাটো থকালৈকে লোকবিশ্বাস কিছুমান থাকিবই, কিন্তু যুক্তিহীনভাৱে ইয়াৰ কোনোটো অন্ধবিশ্বাসৰ ৰুপ লৈ সমাজ বা ব্যক্তিজীৱনৰ অগ্ৰগতিত বাধা দিলেই সমাজ স্থৱিৰ হৈ পৰিব।

২।উ: যদি শিক্ষাই এজন ব্যক্তিক যুক্তিনিষ্ঠ কৰি তুলিব পৰা নাই, তেনে এজন ব্যক্তিক প্ৰকৃতাৰ্থত শিক্ষিত বুলিব নোৱাৰি। তেনে ব্যক্তিয়ে কিছুমান যুক্তিহীন লোকবিশ্বাসৰ আঁৰত থাকি নিজকে সুৰক্ষিত অনুভৱ কৰে আৰু সমাজৰ প্ৰৱাহমান গতিক বাধাগ্ৰস্ত কৰে।

৩। উ: পাৰিসাংখ্যিক দৃষ্টিৰে চালে নাৰীৰ মাজতেই অন্ধবিশ্বাস বেছি বুলিব পাৰি।ইয়াৰ কাৰণে বহুপৰিমাণে কিন্তু পুৰুষসকলেই দায়ী। বহু ক্ষেত্ৰত ঘৰতে থকা নাৰী এগৰাকীৰ আত্মবিশ্বাস কম হোৱাটো ইয়াৰ অন্য এটা কাৰণ। পুৰুষসকল যিমানেই অন্ধবিশ্বাসৰ পৰা মুক্ত হ’ব, সিমানেই তাৰ প্ৰভাৱ পৰিয়ালৰ নাৰীসকলৰ ওপৰত পৰিব। আৰু সকলোবোৰ কথা মুকলিমূৰীয়াকৈ আলোচনা কৰিলে নাৰীসকলো অন্ধবিশ্বাসৰ পৰা মুক্ত হোৱাত সহায়ক হ’ব।

৪। উ : যুক্তিহীনভাৱে মানি লোৱা লোকবিশ্বাস কিছুমানে সমাজত “ডাইনী”ৰ দৰে অন্ধবিশ্বাসৰ ৰূপ লয়। কিন্তু ডাইনী সম্বন্ধীয় বেছিভাগ শেহতীয়া ঘটনাৰাজিৰ ক্ষেত্ৰতে দেখা যায় যে এইবোৰ সমাজৰ এচাম প্ৰতিপত্তিশালী লোকৰ দুৰ্বল চামৰ মাজত প্ৰভুত্ত খটোৱাৰ এক কৌশল মাত্ৰ।এই প্ৰতিপত্তিশালী লোকসকলে দূৰ্বল মনৰ মানুহৰ মাজত থকা অন্ধবিশ্বাসৰ আঁৰ লৈ এনে অসামাজিক কামবোৰ কৰি থাকে।

৫। উ: বৈজ্ঞানিক সজাগতাৰ কাৰ্য্যসূচীবোৰ সাহসিকতাৰে সমাজৰ সকলো পৰ্য্যায়লৈ নিব লাগিব। পাৰিলে পাঠ্যক্ৰমতো কিছুমান অন্ধবিশ্বাসৰ উদাহৰণ দি , সেইবোৰৰ বৈজ্ঞানিক সাৰশূন্যতা ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত অন্ধবিশ্বাস বিৰোধী এক পৰিৱেশ সৃষ্টি কৰিব পাৰি। প্ৰয়োজনত আইনৰ সাহায্যতো লাগিবই।

অজয়লাল দত্ত, লেখক-সমালোচক

১।উ: বিজ্ঞান এক প্ৰণালীবদ্ধ অধ্যয়ন, লোকবিশ্বাস মানুহে আধা-জানি, আধা-নাজানি সন্মুখীন হোৱা পৰিৱেশ-পৰিস্থিতিক লৈ পোষণ কৰা মনোভাৱ আৰু অন্ধবিশ্বাস সকলো জানিব পৰা সমল থকা স্বত্বেও জানিব নুখুজি, মানিব নুখুজি বা অধ্যয়নেৰে – যুক্তিৰে বিশ্লেষণ কৰিবলৈ অনীহা প্ৰকট কৰি একোটা বিশ্বাসক খামোচ মাৰি থকা মানসিক অৱস্থাকে বুজোঁ।

লোকবিশ্বাস সমূহ মানুহে প্ৰচলিত কাহিনী, সন্মুখীন হোৱা পৰিস্থিতিৰ পৰা পোৱা শিক্ষাৰ আধাৰত গঢ় লৈ উঠে। লোকবিশ্বাস সমূহক বিজ্ঞান সন্মত যুক্তি-বিকাশৰ যোগেদি বিশ্লেষণ কৰি তাৰ আঁৰৰ কাৰক সমূহ ফঁহিয়াই দেখুওৱাটো এতিয়াও বিজ্ঞানৰ বাবে প্ৰত্যাহ্বান হৈ আছে। বহুতো লোকবিশ্বাসৰে এনে বাখ্যা সম্ভৱ হৈছ। বহুতৰ এতিয়াও হোৱা নাই। এনেবোৰ কামৰ বাবে সামূহিক ৰূপত নৱ-প্ৰজন্মৰ শিক্ষিত সমাজৰ বহুখিনি কৰিব লগা আছে।

২।ওপৰত সংজ্ঞা দিয়াৰ দৰেই অন্ধবিশ্বাসটো বহুখিনিয়েই মানসিকতাৰ সমস্যা। বহুতো শিক্ষিত তথা বিজ্ঞানৰ ডক্টৰেট মানুহৰ হাততো গ্ৰহৰ প্ৰভাৱ কাটিবলৈ আঙুলিত পাথৰ পৰিধান কৰা দেখিব। আচলতে জানিবলৈ বা বুজিবলৈ সুবিধা থকাৰ পাছতো তেওঁলোকে কথাবোৰ নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোখোজে। এনেই বিজ্ঞানৰ ওপৰত ভাষণ দিলেও, নিজৰ ক্ষেত্ৰত বিশ্লেষণাত্মক ভাৱে সেই জ্ঞান প্ৰয়োগ নকৰাটো এটা “হিপোক্ৰেচী”য়েই। এনে মানসিকতা বা উদাহৰণেই অন্ধবিশ্বাস দূৰীকৰণৰ পথৰ বিশেষ বাধা স্বৰূপো।

৩। উ: একেটা পৰিৱেশত বা একেখন ঘৰত ডাঙৰ হোৱা দুজন মানুহৰো বিশ্বাস আৰু ধাৰণা বিষয়বোৰৰ ওপৰত একে নহয়। তেওঁলোকে পঢ়া কিতাপ, জীৱনৰ পৰা লোৱা শিক্ষা, আহৰণ কৰি নিজৰ জীৱনত প্ৰয়োগ কৰাৰ মানসিকতাৰ লগতে ব্যৱহাৰিক প্ৰয়োগেহে জীৱনৰ চিন্তা-ধাৰণা বোৰ গঢ় দিয়ে। সেয়ে দুজন মানুহ পুৰুষ বা মহিলাই হওক, কোন শ্ৰেণীৰ লোকৰ অন্ধবিশ্বাস কম বেছি, এক কথাত কোৱাতো টান। কিছুমান সংসাৰত টানত নপৰালৈকে বিজ্ঞানসুলভ মানসিকতা লোৱা মানুহেও “ভাগ্য বিধাতা” ধাৰণাৰ ওপৰত হেয় মানি তথাকথিত অন্ধবিশ্বাসৰ কৱলত পৰে। সেয়া মানুহজনৰ পৰামৰ্শত মানুহ গৰাকীও হব পাৰে, বা মানুহগৰাকীৰ প্ৰভাৱত মানুহজনো হব পাৰে। কথাটো একেষাৰতে কৈ দিবলৈ নিশ্চয়কৈ জটিল।

৪ । শিক্ষাৰ প্ৰসাৰতা, চিন্তা-ধাৰণাত যুক্তিৰ বিকাশ আৰু প্ৰয়োগৰ অভাৱেই ইয়াৰ মূল কাৰণ। লোকবিশ্বাস, স্থানীয় অৰ্ধশিক্ষিত লোকে লোকবিশ্বাস সমূহৰ ভুল বাখ্যা কৰা আৰু সাধাৰণ মানুহৰ মাজত ইয়াৰ প্ৰভাৱো এই ক্ষেত্ৰত কম নহয়।

৫। এই ক্ষেত্ৰত কেইবাটাও স্তৰত বা পৰ্যায়ত যুক্তি বিকাশ, বাখ্যা প্ৰকাশ আৰু জন-জাগৰণৰ প্ৰয়োজন আছে। তাৰ বাবে প্ৰথমে শিক্ষিত, নেতৃস্থানীয় (সামাজিক, গণ-সংগঠন, ধাৰ্মিক) নেতা বা ব্যক্তিসকল আগবাঢ়ি আহিব লাগিব বা তেওঁলোকক আগবঢ়াই আনিব লাগিব।

শংকৰদেৱৰ পথেৰেই সাংস্কৃতিক নাট, ভাওনা আদি সহজে মন জিনিব পৰাৰ মাধ্যমেৰে লোকবিশ্বাস বা চাৰিওফালে ঘটি থকা ন-পুৰণি ঘটনাবোৰৰ বিজ্ঞানসন্মত বাখ্যা ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগিব। নেতৃস্থানীয় লোকসকলে প্ৰায়োগিক ভাৱে নিজে কৰি দেখুৱালেহে তেওঁলোকৰ প্ৰভাৱত আন সকলো সু-দিশত প্ৰভাৱিত হব। অসম বিজ্ঞান সমিতি, স্থানীয় ক্লাৱ, নামঘৰ, মন্দিৰ, গীৰ্জা, মছজিদ আদিয়েও সহযোগিতাৰে জনপ্ৰিয় বিজ্ঞানৰ বক্তৃতা চিৰিজ, হাতে-কামে-বুজোঁ আহা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিলে ভাল। এয়া এক সৰ্বশিক্ষা মিছনৰ দৰে ব্যাপক মিছনৰ জৰিয়তেহে সম্ভৱ হ’ব।

ডাইনী হত্যা আদিকে ধৰি অন্ধ-বিশ্বাসৰ ফলত হোৱা অপৰাধমূলক ঘটনাৰ বাবে বিশেষকৈ গ্ৰাম্য শাসন ব্যৱস্থাটো উন্নীত কৰিব লাগিব। সজাগ গাওঁবুঢ়া, গাওঁৰক্ষী বাহিনী, পঞ্চায়তৰ সদস্য সকলক নিজৰ এলেকাত এনে ঘটনা ৰোধ কৰাৰ বাবে দায়বদ্ধ কৰিব লাগিব। এনে ঘটনা ৰোধ কৰিবলৈ সৰ্বদলীয় তথা সকলো সংগঠনকে সাঙুৰি দায়বদ্ধ সমিতি চৰকাৰে গঠন কৰি দিব লাগিব। কিবা ঘটনা হলেও জগৰীয়া কোন হব সেয়াও আগতীয়াকৈ চিহ্নিত কৰিব লাগিব। স্থানীয় পুলিচ প্ৰশাসনকো এনে সমিতিৰ সৈতে প্ৰতিৰোধ গঢ়াত বিশেষ সক্ৰিয় ভূমিকা তথা দায়বদ্ধ কৰিব লাগিব। এনে ঘটনাৰ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান আৰু তাৰ বহুল প্ৰচাৰেও এনে ঘটনা ৰোধত নাকী লগাব পাৰিব।

কিন্তু সকলো সম্ভৱ হ’ব, যদিহে আমি নিজৰ পৰাই আৰম্ভ কৰোঁ। আৰু এইবোৰ কথা টাইপ কৰা আঙুলিকেইটাত অন্তত এটাও পাথৰযুক্ত আঙুঠি জিলিকি নাথাকে।

ডা০ বিজুলী গোস্বামী , চিকিৎসক তথা লেখিকা

১ । উ: সাধাৰণ অৰ্থত বিজ্ঞান হ’ল বিশেষ জ্ঞান।বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ জীৱ আৰু জড়জগতত হৈ থকা নানা ঘটনা-পৰিঘটনাৰ কি, ক’ত, কেনেকৈ আদি প্ৰশ্নৰ উত্তৰ বিচাৰি চলা নানা পৰীক্ষা-নিৰীক্ষাৰে সামগ্ৰিক ৰূপটো হ’ল বিজ্ঞান,যাৰ উদ্দেশ্য মানৱজাতিৰ উন্নতি আৰু প্ৰগতিৰ লক্ষ্যৰে ন ন তথ্য আৰু  কৌশল আৱিস্কাৰ। অন্যহাতে লোকবিশ্বাস হ’ল যুগ যুগ ধৰি একোখন সমাজত পৰম্পৰাগতভাৱে চলি অহা কিছুমান বিশ্বাস বা ৰীতি-নীতি। এই লোকবিশ্বাসবোৰৰ কিছুমানৰ বৈজ্ঞানিক ভিত্তি থাকিলেও আন কিছুমান বৈজ্ঞানিক দৃষ্টিৰে চালে ভুল বুলি জানিব পাৰি।এই ভুল লোকবিশ্বাসেই হ’ল অন্ধবিশ্বাস।উদাহৰণস্বৰুপে, শিশুৰ শৰীৰত কৰা তেল মালিচ, নৱজাতকক দীৰ্ঘদিনৰ বাবে মাতৃ দুগ্ধ পান কৰোৱা –আদি পৰম্পৰাগত ধাৰণাবোৰ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ বিপৰীতে গৰ্ভৱতী মহিলাক সন্তানৰ আকৃতি অধিক ডাঙৰ হ’ব বুলি কমকৈ খাবলৈ দিয়া, কেঁচুৱাৰ জ্বৰ, পেটচলা আদি ৰোগ হ’লে মাতৃক অকল কাচকল সিদ্ধ খাবলৈ দিয়াৰ দৰে লোকবিশ্বাসক ভুল বা অন্ধবিশ্বাস বুলি একেষাৰে ক’ব পাৰি।

২। উ : সচৰাচৰ অশিক্ষিত লোকৰ মাজতে অন্ধবিশ্বাস বেছি যদিও শিক্ষিত লোকৰ মাজতো অন্ধবিশ্বাস নোহোৱা নহয়।পৰিয়ালগত কাৰণ, সামাজিক কাৰণ আদিৰ প্ৰভাৱত শিক্ষিত সকলেও অন্ধবিশ্বাসক ধৰি ৰখা দেখা যায়, যিটো চিন্তনীয়।

৩।উ: অন্ধবিশ্বাসৰ প্ৰভাৱ পুৰুষ-নাৰী সকলোৰে মাজত প্ৰায় একেধৰণে থাকে যদিও সাধাৰণভাৱে চাবলৈ গ’লে নাৰীৰ মাজত অন্ধবিশ্বাসৰ মাত্ৰা কিছু বেছি। সচৰাচৰ অশিক্ষিতা নাৰীয়ে বিভিন্ন অন্তৰ্নিহিত কাৰকৰ প্ৰভাৱত লোকবিশ্বাস আৰু পৰম্পৰাবোৰ ধৰি ৰখাৰ প্ৰতি বেছি অনুৰাগী হোৱা দেখা যা্য।

৪।উ : এই অন্ধবিশ্বাসবোৰৰ মূল কাৰণ – শিক্ষাৰ অভাৱ, দৰিদ্ৰতা, বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱ, ভৌগোলিক আৰু আৰ্থিকভাৱে পিছপৰা অঞ্চলসমূহত আধুনিক চিকিৎসা ব্যৱস্থাৰ দুৰ্লভতা, প্ৰশাসনিকভাৱে দুৰ্বল অৱস্থা, ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ আকাংক্ষা ইত্যাদি।

৫।উ: এই সমস্যাবোৰক সমূলঞ্চে নোহোৱা কৰিবলৈ হ’লে আমি মন কৰিবলগীয়া কথাবোৰ হ’ল – বিজ্ঞানশিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ, বিশ্লেষণাত্মক বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰচাৰৰ বাবে বিভিন্ন সামাজিক, সাংস্কৃতিক গোষ্ঠীৰ সক্ৰিয় অংশগ্ৰহণ, কঠোৰ প্ৰশাসনিক ব্যৱস্থা, আধুনিক চিকিৎসা ব্যৱস্থা সূচল হোৱাকৈ চিকিৎসালয় আৰু চিকিৎসকৰ ব্যৱস্থা কৰা, স্বাস্থ্য সজাগতা আৰু সচেতনতা অনুষ্ঠানৰ আয়োজন ইত্যাদি।

এনে মহৎ উদ্দেশ্যত সক্ৰিয় সহযোগ কৰিবলৈ পালে নথৈ সুখী হ’ম।এইবোৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে ব্যক্তিগত আৰু সমূহীয়া ভাৱে যুঁজ দিবলৈ মই সদায় প্ৰতিশ্ৰুতিবদ্ধ।

( মতামত আগবঢ়োৱা সকলো ব্যক্তিলৈকে আমাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। – সম্পাদক )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.