নদী-বান্ধঃ বাস্তৱ বনাম ৰাজনীতি

নদী-বান্ধঃ বাস্তৱ বনাম ৰাজনীতি

নদী-বান্ধঃ বাস্তৱ বনাম ৰাজনীতি

by January 14, 2015 1 comment

(মন্তব্য-আলোচনাসমূহ কোনো সম্পাদনা নকৰাকৈ প্ৰকাশ কৰা হৈছে)

 Agniv dutta image

অগ্নিভ দত্ত: ভাৰতীয় সভ্যতা সংস্কৃতিত নৈৰ গুৰুত্ব অসীম । এই নৈৰ বুকুতেই লালিত পালিত হৈ আমাৰ সভ্যতাই বিশ্ব দৰবাৰত উজ্জ্বলি উঠিবলৈ সক্ষম হৈছিল। এই নৈবোৰৰ পাৰৰ পৰাই আধুনিক সমাজ একোখনে জন্ম লাভ কৰিছিল। সেইকাৰণেই এই নৈ সমূহ আমাৰ সভ্যতাৰ তথা আধুনিক সমাজ এখনৰ অভিন্ন অংগ । কিন্ত্ত সমাজৰ বিৱৰ্ত্তনৰ লগে লগে নৈ-পৰীয়া জীৱনে নৈৰ সীমাবদ্ধতা ভাঙি গঢ়ি তুলিলে ধৰিত্ৰীৰ বুকুত অসংখ্য নগৰ চহৰ । সলনি হ’ল মানুহৰ জীৱনশৈলী ।

আধুনিক জীৱনৰ গতিশীলতাৰ বাবে লাগতিয়াল হৈ পৰিল বিভিন্ন উপাদান। তাৰেই এটা হ’ল বিদ্যুৎ , এই বিদ্যুতেই হৈ পৰিল আধুনিক জীৱনৰ চালিকা শক্তি । কিন্ত্ত এই বিদ্যুৎ শক্তি উৎপাদনৰ বাবে লাগিল কিছুমান উৎস । এই বিদ্যুৎ শক্তি উৎপাদনৰ উৎস সমুহ হ’ল- গেছ বা কয়লা ( ফছিল জাতীয় ইন্ধনৰ পৰা ), নিউক্লিয়াৰ নতুবা অন্য প্ৰাকৃতিক উৎস যেনে সলাৰ বা সূৰ্য্যৰ পোহৰ বা সৌৰ শক্তি, বতাহ আদি । তাৰোপৰি এই বিদ্যুৎ উৎপাদন কৰিব পাৰি আমাৰ নৈ অথবা জলাধাৰা সমূহৰ পৰা । দেশ এখনৰ মানদণ্ড নিৰ্ভৰ কৰে বিদ্যুৎ শক্তি উৎপাদনৰ যোগেদি । দেশৰ প্ৰগতিৰ মাপ কাঠি হয় এই অতি আৱশ্যকীয় বিদ্যুৎ উৎপাদন।

ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা প্ৰায় ১২৫ কোটি। এই ১২৫ কোটি মানুহৰ বিপৰীতে আমাৰ দেশত বিদ্যুৎ উৎপাদন হয় প্ৰায় ২.৩ লাখ মেগাৱাট। আৰু বিদ্যুৎ উৎপাদনত আমাৰ দেশৰ স্থান বিশ্বৰ ভিতৰতে তৃতীয় । তাৰ তুলনাত ৪০ কোটি মানুহে বসবাস কৰা আমেৰিকাৰ বিদ্যুৎ উৎপাদন প্ৰায় ১১ লাখ মেগাৱাট আৰু ১৩০ কোটি মানুহৰ বিপৰীতে চীন দেশে উৎপাদন কৰে প্ৰায় ১৩ লাখ মেগাৱাট বিদ্যুৎ । এতিয়া আহো এই বিদ্যুৎ উৎপাদনৰ উৎস সমূহৰ কথালৈ,চীন দেশে প্ৰায় ৯ লাখ বিদ্যুৎ উৎপাদন কৰে কয়লা বা গেছ জাতীয় উৎসৰ যোগেদি ।আৰু প্ৰায় ৩ লাখ মেগাৱাট বিদ্যুৎ উৎপাদন কৰে হাইদ্ৰ পাৱাৰ বা নৈ –জলাধাৰ আদিৰ যোগেদি ।

সেইদৰে আমেৰিকাৰ বিদ্যুৎ উৎপাদন কৰে মুলত কয়লা বা গেছ জাতীয় উৎসৰ যোগেদি আৰু উৎপাদন হয় প্ৰায় ৭.৫ লাখ মেগাৱাট আৰু নিউক্লেয়ৰ উৎসৰ পৰা প্ৰায় ১ লাখ মেগাৱাট । হাইড্ৰ’ প্ৰজেক্টৰ পৰা উৎপাদিত হয় প্ৰায় ৮০ হেজাৰ মেগাৱাট বিদ্যুৎ । তাৰ তুলনাত ভাৰতৰ বিলদ্যুৎ উৎপাদনৰ মুল উৎস সমুহ হ’ল- কয়লা বা গেছ জাতীয় ইন্ধনৰ পৰা প্ৰায় ১.৫ লাখ মেগাৱাট, নিউক্লিয়াৰ প্ৰজেক্টৰ পৰা ৬ হাজাৰ মেগাৱাট আৰু জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় ৪০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হয়। কিন্ত্ত আমাক চীন বা আমেৰিকা আদি দেশৰ লগত ফেৰ মাৰিব পৰা হ’বলৈ হ’লে বিদ্যুৎ উৎপাদন খৰতকীয়াকৈ বঢ়াব লাগিব ।

এতিয়া কথা হ’ল বিদ্যুৎ উৎপাদন কৰিবলৈ হ’লে উৎপাদনৰ উৎসও থাকিব লাগিব পৰ্য্যাপ্ত পৰিমানে আৰু উৎপাদনৰ ব্যয় যিমান পাৰি সিমান কম কৰিব পাৰিলে ভাল হয়, বিশেষকৈ আমাৰ দৰে দুখীয়া দেশ এখনত। মূলত কয়লাই আমাৰ দেশৰ প্ৰধান ইন্ধন বিদ্যুৎ উৎপাদনৰ, কিন্ত্ত তাত আকৌ অসুবিধা কেইবাটাও ।

ভাৰতত লগাতকৈ কম উৎপাদন হয় কয়লা আৰু প্ৰাকৃতিক গেছ । বিভিন্ন ৰঙা ফিটাৰ মেৰ পেছত সোমাই ক’ল ইণ্ডিয়া নামৰ ৰাজহুৱা খণ্ডৰ কয়লা উৎপাদনকাৰী সংস্থাটোৱেও লগা ধৰণে কয়লা উৎপাদন কৰাত ব্যৰ্থ হৈছে। প্ৰাকৃতিক গেছৰ ক্ষেত্ৰটো একেই হৈছে, ৰিলায়েন্স নামৰ ব্যক্তিগত খণ্ডৰ উদ্যোগটোৱেও উৎপাদন সামৰ্থ অনুযায়ী কৰাত ব্যৰ্থ হৈছে বিভিন্ন কাৰণত। ইফালে উৎপাদিত গেছৰ মূল্য বৃদ্ধিৰ আবেদন জনায় আছে প্ৰাকৃতিক গেছ উৎপাদনকাৰী কোম্পানি কেইটাই।

যদি চৰকাৰে গেছৰ মূল্য বৃদ্ধিত সন্মতি দিয়ে গেছক ইন্ধন হিচাবে লোৱা বিদ্যুৎ উৎপাদনৰ খৰছ যে বাঢ়িব সেইটো খাটাং ।এইবোৰ সমস্যাৰ ওপৰিও আমাৰ দেশত উৎপাদিত কয়লাৰ গুনগত মানও বৰ ভাল নহয় ।আমাৰ ইয়াৰ কয়লাৰ কেলৰিফিক ভেল্লু যথেষ্ঠ কম বিশ্বৰ আন ঠাইৰ উৎপাদিত কয়লাৰ তুলনাত। সেই কাৰণে বিদ্যুৎ উৎপাদনত লগা কয়লাৰ পৰিমানও বাঢ়ি যায়। তাতোতকৈ ডাঙৰ কথাটো হৈছে আমাৰ দেশৰ কয়লাত ছাইৰ (Ash)ৰ পৰিমান বৰ বেছি আৰু সেইকাৰণে আমাৰ দেশৰ কয়লাৰ পৰা পৰিবেশ প্ৰদূষণো বেছি হয় ।

মুঠৰ ওপৰত কয়লাৰ পৰা উৎপাদিত বিদ্যুৎৰ চিত্ৰখন বৰ সুবিধাজনক নহয় । বৰ্ত্তমান নিউক্লিয়াৰ (পাৰমানৱিক) বিদ্যুৎ প্ৰকল্পৰ পৰিমানও যথেষ্ঠ কম আৰু সেইবোৰ প্ৰকল্পৰ প্ৰাথমিক নিৰ্মাণ কাৰ্য্যত খৰছৰ পৰিমান অতি বেছি লগতে জাপানৰ ফুৰছিমাত হোৱা দুৰ্ঘটনাৰ পাছত বিভিন্ন সংগঠনে লোৱা প্ৰতিবাদী কাৰ্য্যইও এই নিক্লিয়াৰ প্ৰজেক্ট বিলাকত বিধি পথালি লগাইছে। সেইদৰে সৌৰ শক্তি প্ৰকল্প বিলাকেও অনাগত দিন বোৰত এক গুৰুত্বপুৰ্ন ভুমিকা ল’ব সেইটো খাটাং । সম্পূৰ্ণ প্ৰদূষণ-মুক্ত এই প্ৰকল্প বিলাক আৰু সৌৰ শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পৰা যায়। সৌৰ শক্তিৰে চলা বিদ্যুৎ আহৰণৰ প্ৰযুক্তি বৰ উন্নত মানৰ হয় আৰু এই প্ৰযুক্তিত পাৰম্ভিক খৰছ বৰ বেছি লগতে উৎপাদন খৰছও বৰ বেছি। যদি তুলনা কৰা যায় সৌৰ শক্তিৰে উৎপাদিত বিজুলী শক্তিৰ দাম হয়তো প্ৰতি ইউনিটত প্ৰায় তিনি গুণমান বা তাতোতকৈও বেছি হব আন উৎসৰ পৰা উৎপাদিত বিজুলী শক্তিৰ তুলনাত ।

তাৰোপৰি ভৌগলিক দিশৰ পৰা ভাৰতৰ কেইখনমান ঠাইহে ব্যৱসায়িক ভাৱে সৌৰশক্তিৰ উৎপাদন কেন্দ্ৰৰ প্ৰকল্পৰ বাবে উপযুক্ত। আৰু এই প্ৰযুক্তি এতিয়াও আৰু উন্নত হোৱাৰ থল আছে। তাৰমানে হ’ল আমাৰ দেশত শক্তি আহৰণৰ উৎস কিছুপৰিমানে সীমিত অথচ আমি ফেৰ মাৰিব লাগে চীন আৰু আমেৰিকাৰ দৰে মহাশক্তিৰ লগত । চৰকাৰে হিচাব কৰি দেখিলে যে দেশখনৰ জলসম্পদ সমূহৰ পৰা ইচ্ছা কৰিলে প্ৰায় ১ লাখ মেগাৱাট পৰিমানৰ বিদ্যুৎ উৎপাদন কৰিব পৰা যায় । এই জলাধাৰ সমূহৰ আকৌ বেছি ভাগেই আমাৰ উত্তৰ পুৰ্ব্বাচলত অৱস্থিত । এফালে প্ৰচুৰ সম্ভাৱনাৰ এই অঞ্চল বিলাক আনফালে এই প্ৰকল্প বিলাকৰ পৰা হব পৰা ক্ষয় ক্ষতিৰ চিন্তাৰ মাজত এই প্ৰকল্প বিলাকৰ ভৱিষ্যত । এই প্ৰকল্পবোৰত কিছুমান বান্ধ বনাব লাগিব আৰু অসুবিধাটো হৈছে তাতেই ।

বান্ধ হোৱা মানেই বান্ধ হ’ব লগা ঠাইৰ পৰা হয়তো উচ্ছেদ হ’ব সেই ঠাই খনত যুগ যুগ ধৰি বসবাস কৰি অহা এক বৃহৎ সংখ্যক বাসিন্দা। তাৰোপৰি হয়তো পৰিবেশৰ ওপৰতো বিভিন্ন ধৰনে বিৰুপ প্ৰভাব পেলাব । কিন্ত্ত সেই বুলিয়েই জানো পৃথিৱীৰ অনান্য ঠাইত বান্ধ বনোৱা নাই । অকল আমেৰিকাতে সৰু বৰ আদি কৰি বিভিন্ন প্ৰকাৰৰ প্ৰায় ৫০০০০ ৰৰো ওপৰৰ বান্ধ আছে । আনকি ৫০ টাৰো বেছি বৃহৎ বান্ধ তথা বিদ্যুৎ উৎপাদন কৰা প্ৰকল্প (২০০০ মেগাৱাটৰ ওপৰ বিদ্যুৎ উৎপাদনৰ ক্ষ্মতা এটা প্ৰকল্পৰ) পৃথিৱীৰ বিভিন্ন ঠাইত বৰ্ত্তমান উপলব্ধ তাৰোপৰি আন প্ৰায় ৩০ টাৰো ওপৰৰ বৃহৎ বান্ধ তথা বিদ্যুৎ প্ৰকল্প নিৰ্মিয়মান অৱস্থাত আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ।
উল্লেখযোগ্য কথাটো হ’ল নতুনকৈ নিৰ্মাণ কাৰ্য্য চলি থকা বান্ধবোৰৰ আকৌ বেছি ভাগেই হ’ল চীন দেশৰ । তাৰে “থ্ৰি জৰ্জ” নামৰ ২২৫০০ মেগাৱাট বিদ্যুৎ প্ৰকল্পটোৱে উৎপাদনও আৰম্ভ কৰিছে ২০১৩ চনত ।তাৰোপৰি কানাডাৰ দৰে উন্নত দেশত প্ৰায় ৫০০ টাৰও ওপৰৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় ৮০০০০ মেগাৱাট বিদ্যুৎ উৎপাদন হয় । আৰু অহা বিশবছৰত কানাডাই জলবিদ্যুৎ প্ৰকল্পত প্ৰায় ১২৫ বিলিয়ন মাৰ্কিন ডলাৰ খৰছ কৰাৰ পৰিকল্পনা কৰিছে (১ বিলিয়ন মাৰ্কিন ডলাৰ মানে প্ৰায় ৬০০০ কোটি ভাৰতীয় টকা)
এইটো নোহোৱা নহয় যে এনেকুৱা বান্ধ বোৰৰ পৰা বিপদৰ আশংকা নথকা নহয়, কিন্ত্ত বিজ্ঞান তথা প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সাম্ভাব্য বিপদৰ আশংকা সমূহক নিৰ্মূল কৰাৰ প্ৰযুক্তিও প্ৰয়োগ কৰা হয় । নদীবান্ধ এটা হ’ব লগা ঠাই দোখৰৰ পুংখানোপূংখ ভাৱে পৰীক্ষা কৰা হয় তাৰোপৰি বান্ধটো কেনেকুৱা হোৱা উচিত কিমান পানী ধৰি থোৱাৰ ক্ষমতা হ’ব কেনেকৈ ধৰি থোৱা হব, ভুমিকম্প হ’লে কেনেকুৱা প্ৰভাৱ পৰিব আদিকে ধৰি সকলো কথাই বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন ধৰণেৰে পৰীক্ষা কৰি চোৱা হয় তাৰ পাচতহে নিৰ্ম্মাণ কাৰ্য্যৰ অনুমতি দিয়া হয়। এইবোৰ কৰোতে আকৌ আন্তৰ্জাতিক মান নিৰুপিত পদ্ধতিহে প্ৰয়োগ কৰা হয় । গতিকে সকলো চালি যাৰি চোৱাৰ পাছত দেখা যায় নিৰ্ম্মাণ হ’ব লগা যিকোনো বান্ধেই যথেষ্ট পৰিমানে নিৰাপদ বুলিয়েই কব পাৰি ।

বান্ধতো যেনিবা হ’লেই সুৰক্ষিত, কিন্ত্ত বান্ধটো হোৱাৰ লগে লগে বান্ধটো ধৰি ৰাখিব লগা পানী খিনিৰ পৰা জলাধাৰটোৰ জৈৱ বিচিত্ৰ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব ? সেইটোও অতি গভীৰ ভাৱে চাব লগা বিষয়। কিন্ত্ত গোটেই বিলাক কাম বৈজ্ঞানিক ভিত্তিত কৰিব পৰা যায় । কিন্ত্ত কেৱল ৰাজনৈতিক পাকচক্ৰত আচল কথা বিলাকত গুৰুত্ব নিদি ৰাজনৈতিক লাভা-লাভৰ চিন্তাত থাকিলে আমাৰ দৰে দুখীয়া দেশ এখনৰ উন্নতি কেনেকৈ হ’ব। ব্যক্তিগত ভাৱে এজন কাৰিকৰী লোক হিচাবে দেখো আমি কৰা প্ৰত্যেকটো কামৰেই বিশেষভাৱে পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পাছতহে সেইটো প্ৰৱৰ্ত্তনেই কঁওক নিৰ্মাণেই কঁওক কৰিবলৈ আগবঢ়া হ’য় ।এইখিনিতে উল্লেখ কৰা ভাল হ’বযে জলবিদ্যুৎ প্ৰকল্প বিলাকৰ সফলতা বা বিফলতা বহু পৰিমানে নিৰ্ভৰ কৰে নিৰ্মান কাৰ্য্যত ব্যৱহৃত সামগ্ৰী তথা প্ৰযুক্তিৰ ওপৰত ।যদি ভালদৰে পৰীক্ষা কৰিচোৱা যায় যোৱাকেইদশক মানত এই বোৰ প্ৰকল্পৰ বিফলতাৰ পৰিমান যথেষ্ট কম হৈছে উন্নত প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰৰ কাৰণে।

তেলশোধনাগাৰেই কঁওক বা আন পেট্ৰ’কেমিকেল উদ্যোগবোৰ কাৰ্য্যগতভাবে একো একোটা বোমা সদৃশ বস্তু কিন্ত্ত এইবোৰ নিৰ্মাণ কৰাৰ আগতে ডিজাইনৰ পৰা আৰম্ভ কৰি নিৰ্মাণ কাৰ্য্যলৈ কেবাটাও ভাগত পুংখানুপুংখ ভাৱে চোৱাৰ পাছতহে তাক উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় । সেইকাৰণেই এইবোৰ প্ৰকল্পৰ পৰা হ’ব পৰা বিপদৰ সম্ভাৱনা একেবাৰে কম। তেনেকৈয়ে এই বান্ধ আদিকে ধৰি জলবিদ্যুৎ প্ৰকল্প বিলাকৰো বিভিন্ন প্ৰকাৰেৰে অনুসন্ধান পৰীক্ষা নিৰিক্ষা চলাইহে প্ৰকল্প এটা বনাবলৈ সেউজ সংকেত দিয়া হয়।

কিন্ত্ত বিগত কেইবা বছৰত আমি যি দেখিছো সেইয়া দেশ খনৰ আৰু বিশেষকৈ আমাৰ দৰে অনুন্নত ৰাজ্য এখনৰ কাৰণে একেবাৰেই ভালখবৰ নহয়।বৃহৎ বান্ধটো হব লাগে নে নেলাগে সেইটোত হয়তো ৰাইজৰ ভাল বেয়া হোৱাৰ চিন্তাতকৈও ৰাজনৈতিক ভাৱে কাৰ কিমান লাভা লাভ হব তাৰে অংক বেছি কৰা হয়। তাৰ এটা সৰু উদাহৰন- আমাৰ অসমত আজি কেবা বছৰ ধৰি বিদ্যুৎ সংকতে ৰাইজক বাৰুকৈয়ে জুৰুলা কৰি ৰাখিছে । চাহিদাতকৈ উৎপাদনৰ পৰিমান কম । তাকেলৈ দল সংগঠনৰ লগতে দেশৰ প্ৰধান ৰাজনৈতিক দল বি জে পিৰও ওজৰ আপত্তিৰ অন্ত নাই । চৰকাৰেও বিশেষ সৰু-সুৰা ইটো সিটোৰ লগতে সোৱনশিৰী প্ৰকল্প শেষ হলে চাহিদা অনুযায়ী বিদ্যুৎ পোৱা যাব বুলি শান্তনা লভাতেই নিজৰ দায়িত্ব শেষ বুলি বহি থাকিল।

ইফালে সেই বি জে পি দলটোৱেই আকৌ বান্ধ বিৰোধী অৱস্থান গ্ৰহণ কৰি চৰকাৰক বান্ধ নিৰ্মাণত যোৱা কেইবা বছৰ বিধি পথালি দি থাকিল । কিন্ত্ত সেই একেই বি জে পি দলে কেন্দ্ৰত চৰকাৰ গঠনৰ পাছত এই নদীবান্ধৰ কাম আৰম্ভ কৰাৰ ইংগিত দিছে । এতিয়া কথা হল যদি বি জে পিয়ে প্ৰকল্পটো লাগে বুলি এতিয়া অনুভৱ কৰিছে তেনে হলে জানো তেঁওলোকে ইমান দিন এই প্ৰকল্পৰ বিৰোধীতা কৰি সাধাৰণ জনগনক ভুল পথে পৰিচালিত কৰা নাই ।

লগতে জানো এই প্ৰকল্পৰ উৎপাদন কাৰ্য্যত বিলম্ব ঘটাই ৰাইজক বিদ্যুৎ সংকটৰ পৰা মুক্ত হোৱাত বাধা দি থকা নাই ? এইটো কেৱল এটা সৰু উদাহৰণহে, আৰু এইয়া কেৱল বি জে পি য়েহে কৰে এনে নহয়। এই এনেকুৱা ৰাজনীতি কংগ্ৰেছকে ধৰি সকলোবোৰ ৰাজনৈতিক দলেই কৰি আহিছে । এনেকুৱাবিলাক কথাই হয়তো এই ৰাইজৰ বিশেষ ভাৱে লাভৱান নকৰে , কেৱল লাভৱান কৰিব ক্ষুদ্ৰ ৰাজনৈতিক আশা আকাংক্ষ্যাক এই দল তথা ইয়াৰ নেতা পালি নেতাসমূহৰ। উপকাৰিতা বা অপকাৰিতাৰ সঁচা মান নিৰূপিত হঁওক। দেশ তথা ৰাইজ সঁচা অৰ্থত লাভৱান হঁওক। গতিকে ক্ষুদ্ৰ ৰাজনৈতিক লাভা লাভৰ চিন্তাৰ পৰা বাহিৰলৈ আহি চৰকাৰ আৰু বিৰোধীৰ অৱস্থান গ্ৰহন কৰা দল সংগঠনে দেশৰ কাৰণে ভাল হোৱা কাম কৰাত জোৰ দিব লাগে । আশাকৰো বিৰোধিতা কেৱল ক্ষমতা দখলৰে আহিলা নহওঁক। লগতে আমাৰ বুদ্ধিজীৱি সকলো এইবোৰ বিষয়ত সাৱধানে মন্তব্য দিয়াৰ দৰকাৰ । আজি হীৰেণ গোঁহাই ডাঙৰীয়াৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত প্ৰবন্ধটোৰ হেডলাইনটো কোনোপধ্যেই দায়বদ্ধ বুদ্ধিজীৱিৰ যেন নালাগিল, এনেকুৱা হেডলাইন দুৰ্ভাগ্যজনক ।
(বি: দ্ৰ: লিখক নদীবান্ধ বিশেষজ্ঞ নহয় কিন্ত্ত বিশেষজ্ঞ নোহোৱাকৈয়ে এচামে যেনেদৰে নদীবান্ধ তথা জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰিছে তাকে দেখি তেল আৰু গেছ প্ৰকল্প তথা বিভিন্ন ৰিফাইনেৰি আদি বিপদজনক প্ৰকল্পৰ ডিজাইনৰ পৰা আৰম্ভ কৰি তাক চলোৱাৰ অভিজ্ঞতাৰ পৰা উৎসাহিত হৈ কথা খিনি লিখি উলিয়াইছো । লগতে এটা কথাও উল্লেখ কৰি থঁও মই নিজে দক্ষিণ আফ্ৰিকাত যত থাকো তাৰ পৰা মাথো কেইকিল মিটাৰ দুৰত ১০০০ মেগাৱাট (অসমৰ মুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় সমান) বিদ্যুৎ উৎপাদন কৰা নদী বান্ধ তথা বিদ্যুৎ উৎপাদন কৰা প্ৰকল্প এটা অৱস্থিত । বান্ধটো ১৯৮১ চনতে নিৰ্মিত আৰু বান্ধটোক কেন্দ্ৰ কৰি পৰ্য্যতন উদ্যোগকে ধৰি বিভিন্নতা উদ্যোগ গঢ়ি উঠিছে ।)

ৰক্তিম শৰ্মা: চিন্তাগধুৰ লেখা । আৰু বিদ্যুৎ উৎপাদনত আমাৰ দেশৰ স্থান বিশ্বৰ ভিতৰতে তৃতীয় । …বাপৰে, আমাৰ ইয়াৰ গাওঁবোৰত কেতিয়াও ভল্টেজে নাথাকে । তেনেহলে কোনে কি কৰে বিদ্যুতবোৰ ।

 

মনোজ কুমাৰ মহন্ত: ধন্যবাদ দত্তদেউ| এনে ধৰনৰ লেখা (আলোচনা)এটা পঢ়িবলৈ বিচাৰি আছিলোঁ| আপোনাৰ কলমত পঢ়িব পাই সুখী হ’লোঁ| প্ৰকৃততে সৰ্বাত্মকভাৱে বান্ধৰ বিৰোধীতা কোনেওঁ কৰা নাছিল /নাই !বান্ধৰ পৰা হ’ব পৰা বিপদ সমূহক দূৰ কৰি বান্ধ বনাবলৈ আহ্বান /দাবী জনোৱা হৈছে| লগতে বান্ধৰ জৰিয়তে বানপানী সমস্যাটোও কিছু সমাধান হয়, সেইটো বিচৰা হৈছে| কিন্তু কৃত্তপক্ষ সেইখিনি কৰিবলৈ নাৰাজ| বুজি নাপাওঁ বিশেষজ্ঞ কমিটি বহাই কিয়, যদি সিদ্ধান্ত সমূহ মানিব বিচৰা নহয় ! হয়তো বান্ধৰ বৰ্তমানৰ অৱস্থিতিক (সাল সলনি নকৰা ) বিশেষজ্ঞ কমিটিয়ে গ্ৰীণ চিগনেল নিদিয়া পৰ্য্যন্ত বি. কমিটি গঠন কৰা ভাওঁনাখন চলি থাকিব! আৰু বোধকৰোঁ এইবাৰৰ খনেই তেনে গ্ৰীণ চিগনেল দিবই নেকি!! বান্ধৰ ইছ্যুত ভাজপাই যি খিনি ৰাজনীতি কৰিব পাৰে সেইখিনি কৰি দেখুৱালে| প্ৰশ্ন হ’ল ভাজপাই বিৰোধিতা কৰিলে বুলিয়েই বান্ধটো বনোৱা উচিত নহয় বা সমৰ্থন কৰিলে বুলিয়েই বনোৱা উচিত তেনে হ’ব নালাগে| চাব লাগে বান্ধৰ ক্ষেত্ৰত উঠা মূল প্ৰশ্নসমূহৰ এটা ন্যায় সংগত উত্তৰ তথা ব্যৱস্থা দিয়া হৈছেনে নাই|

অগ্নিভ দত্ত: মই আগতেই কৈছো মই নদী বান্ধ বিশেষজ্ঞ নহয় কিন্ত্ত মই এইটো কও প্ৰযুক্তিৰ যথেস্ট উন্নতি হৈছে ।আনকি চীনৰ “থ্ৰী জৰ্জ “প্ৰকল্পটোৰ ভৌগলিক অৱস্হানও অনুকুল নহয় কিন্ত্ত উন্নত প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগেৰে সেইয়া সম্ভৱ কৰি তোলা হৈছে । এন এইচ পি চি প্ৰতিস্ঠানটো বান্ধ বনোৱা আৰু জল বিদ্যূত প্ৰকল্প বনোৱা এটা নতুন প্ৰতিস্ঠান নহয় দশকযোৰা অভিগ্যতাৰে পুস্ট এক প্ৰতিস্ঠান ।গতিকে তেখেত বিলাকে বান্ধ সমন্ধত যি খিনি কৈছে তাকও শুনাটো আৱশ্যক ।মই ব্যক্তিগতভাৱে এই প্ৰকল্প হোৱাটো বিচাৰো ।
এসময়ত তেজ দিলেও তেল নিদিও বুলি চিঞৰা অসমীয়াই জানি থোৱাটো ভাল আজিৰ দিনটোত অসমৰ তেলেৰে অসমৰ ৰিফাইনেৰী কেইটি চলাবলৈয়ে তেলে নোজোৰেগৈ ।

ৰক্তিম শৰ্মা: মই ভাবো অসম তথা উত্তৰ পূৱত যিমান খৰস্ৰোতা নৈ আছে ,বৃহত বান্ধৰ সলনি ক্ষুদ্ৰ ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্প স্থাপনে সমস্যাটো সমাধান কৰিব । সোৱনশিৰিৰ প্ৰকল্প হবলৈ দিয়া মানে অৰুণাচলৰ ১৬৪ টা বৃহত প্ৰকল্পত অনুমোদন কৰা । ভুটানৰ কুৰেশ্বিৰ দৰে মজলীয়া প্ৰকল্পই বেকীনৈৰ সুতি সলনি কৰি ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছিল । তাৰোপৰি ডাইন ষ্ট্ৰিম এফেক্টৰ সমস্যা সমাধান কৰিবলৈ পৰিকল্পিত নীতি থকাৰ লগতে অতি কমেও ৩৫ % শক্তি বিনামুলীয়াকৈ অসমক দিব লাগে, সংবিধান সংশোধন কৰি হলেওঁ ।

 

ৰক্তিম শৰ্মা: মহন্তদেউ , ১৬৪টা বৃহত বান্ধে একেলগে পানী এৰি দিলেই মহাবিনাশ হব । ভুটানৰ মাত্ৰ ৬০০ মগাৱাটৰ প্ৰকল্পৰ পানীয়ে নামনি অসমৰ যি ক্ষতি কৰিছিল নিজ চকুৰে দেখিছো । যদি সোৱনশিৰিৰ ভেত্ৰত কৰিবই লাগে বান্ধৰ উচ্চতা -আয়তন কমাই মজলীয়া আকাৰৰ কৰক আৰু বাকী ১৬৪টা ক্ষুদ্ৰ আকাৰৰ কৰক যাতে সাম্ভাব্য ক্ষতিৰ পৰিমাণ কমে । ভাৰতক চুপাৰ পাৱাৰ কৰিবলৈ গৈ অসমখন ধ্বংস হবলৈ দিয়াটো কিজানিসঠিক নহব । বাকী ৩৫% বা যিয়েই হওক সেয়া উপৰোক্ত নদীবান্ধৰ ক্ষেত্ৰত হওঁক ।

অগ্নিভ দত্ত: চীনৰ থ্ৰী জৰ্জ নামৰ 22500 মেগাৱাট সম্পন্ন প্ৰকল্পটোৰ ভূ তাত্তিক অৱস্হানও অনুকুল নাছিল কিন্ত্ত উন্নত প্ৰযুক্তিৰ প্ৰয়োগে তাকো সম্ভৱ কৰি দেখুৱাইছে ।

1975 চনৰ চীনৰ বানকিয়াও প্ৰকল্পৰ অতি বিপৰ্য্যয়েই ইতিহাসৰ অন্যতম বিফলতা ।তাৰ পাছতেই হয়তো জনহানিৰ ফালৰ পৰা 1889 চনত আমেৰিকাৰ চাউথ ফৰ্ক ৰ বিফলতাই অন্যতম।

 

প্ৰতিম প্ৰতাপ বৰুৱা মালপাচাঁ বান্ধৰ ( Malpasset Dam) বিপৰ্য্যয়ো কম নাছিল।

 

অচিন্ত বৰঠাকুৰ: বৃহৎ নদীবান্ধৰ পৰা সামগ্ৰিকভাৱে হয়তো দেশৰ উন্নতি নিশ্চয় হ’ব, কিন্তু সেই “দেশ”ৰ ভিতৰত সম্ভবতঃ অসমক ধৰা হোৱা নাই। বান্ধটোৰ পৰা উৎপন্ন হ’বলগা বিদ্যুতৰ ১২শতাংশও কাষৰীয়া ৰাজ্য অসমে নাপায়। ইপিনে চীনে গঢ়া বান্ধৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ইতিমধ্যে অৱনমিত হৈছেই বুলি বাতৰি ওলাইছে। ডিজাইন সম্বন্ধীয় ত্রুতি বাদ দিলেও জলস্তৰ নিম্নগামী হোৱাটোৱে কৃষি, জলবায়ুকে আদি কৰি জৈৱ বৈচিত্ৰৰ ওপৰতো কুপ্ৰভাৱ পেলোৱাৰ কথা চৰ্চিত হৈ আছে। বিশেষজ্ঞৰ নিৰপেক্ষ মতামত অহাৰ আগলৈকে এই বিষয়ে সমৰ্থন আগবঢ়োৱাত খোকোজা লাগে দেখোন। বিদ্যুতৰ যোগান নোপোৱা ৰাজ্যই আনক উন্নতি করিবলৈ সুবিধা দি নিজে বাসস্থান তথা কৃষিভূমিও এৰিবলগীয়া হ’লে আগলৈ তেওঁলোকক কোনে চাব !!

 

প্ৰতিম প্ৰতাপ বৰুৱা উত্তৰাঞ্চলৰ বিপৰ্য্যয়ো নদীবান্ধবোৰৰ কাৰণেই হৈছিল বুলি চৰকাৰেও ছুপ্ৰীম কৰ্টৰ সন্মুখত স্বীকাৰ কৰিছে। এনেধৰণৰ কিছুমান কাৰণতেই ভূমিকম্পপ্ৰৱণ অঞ্চলত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰো।

 

মনোজ কুমাৰ মহন্ত:  “সোৱণশিৰি নৈখনো যোৱা ৯৬বছৰৰ ভিতৰত (১৯১১-২০০৭)পূবৰ পৰা পশ্চিমলৈ ১৬ কি মি বেছি দূৰত্ব অতিক্ৰম কৰি আঁতৰি আহিছে| তাৰ অৱবাহিকা এটা বৃহৎ চৰিয়াৰ দৰে| তাৰ ওপৰত থকা তুলনামূলক ক্ষীণ পলসুৱা মাটিত হিমালয়ৰ কঠিন হেঁচা পৰিছে| এই হেঁচাৰ মাত্ৰা আধুনিক দ্বিমাত্ৰিক অধ্যয়নে সঠিকভাৱে নিৰ্ধাৰণ কৰিব পাৰে| এন এইচ পি চিয়ে চলোৱা এনে অধ্যয়নৰ ফলাফল বিশেষজ্ঞ কমিটীক জানিবলৈ দিয়া হোৱা নাই| বান্ধৰ অৱস্থানৰ এক কি মি দক্ষিণত আৰু পাঁচ কি মি পশ্চিমে দুটা ডাঙৰ চ্যুতিৰ (Fault) অৱস্থিতি অনুমান কৰা হৈছে শিলাস্তৰত| (বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন, দশম অধ্যায়, পৃষ্ঠা ১-৩)বিশেষজ্ঞ কমিটীয়ে স্পষ্টকৈ কৈছে যে এনে ভূ -তাত্ত্বিক আৰু ভূকম্পনবিশিষ্ট অৱস্থাত বৃহৎ বান্ধ নিৰ্মাণ কৰা অযুগুত| (বি. ক. প্ৰ., ২০. ৩. ১, প্ৰথম খণ্ড ১, ২ পৃষ্ঠা ১০)| সেয়ে বান্ধৰ আয়তন আৰু উৎপাদন ক্ষমতা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়া হৈছে (ঐ)|… কিন্তু বি. ক. ৰ মতে বৃহৎ বান্ধটোৱে তেনে চাপ বা সংঘাত সহ্য কৰিব পাৰিলেও দুকাষত পাহাৰৰ অপেক্ষাকৃত দুৰ্বল শিলাস্তৰে নোৱাৰিব আৰু ফলত স্থানচ্যুত হোৱা বৃহৎ বান্ধৰ পত অনিৰ্বায্য| (ঐ, ২, পৃষ্ঠা ০২)|… সদন কমিটিৰ মতে বছৰি গড়ে ৪৪০ চে. মি. বৰষুণ হোৱা আৰু বাৰিষা সঘনে মেঘস্তুপ (cloud brust) হোৱা এই অঞ্চলত বিশেষকৈ পাৰ্বত্য অংশত বৃহৎ বান্ধটোত প্ৰবল চাপ সৃষ্টি কৰিব |এন এইচ পি চি য়ে কৈছে যে তেওঁলোকে এই পানী বান্ধৰ পৰা অপসাৰিত কৰিবলৈ জলনিৰ্গমন পথ নিৰ্মাণ কৰিছে |তেওঁলোকে পুৰণা অভিলেখ চাই সৰ্বোচ্চ পৰিমাণৰ ১২,০২৪ কিউমিকলৈ পানী আঁতৰোৱাৰ ব্যৱস্থা বান্ধৰ আৰ্হিৰ অন্তৰ্ভুক্ত কৰিছে |কিন্তু বি. ক.ৰ মতে ১৯৭১চনৰ জুলাইত নদীৰ বুকুৰে ২১,১৩০ কিউমেক পানী বৈ গৈছিল প্ৰাপ্ত অভিলেখ অনুযায়ী |অৰ্থাত বৃহৎ বান্ধৰ ওপৰত বৃষ্টিজনিত চাপ বিপদজ্জনক হোৱাৰ আশংকা আছে |” -নিবন্ধঃআমাৰ অসম, ১৯ ছেপ্তে. /২০১০, লেখক ড. হীৰেন গোহাঁই|

পংকজ ঠাকুৰীয়া: ৩জৰ্জ বান্ধত যিসকল লোক ক্ষতিগ্ৰস্ত হবলগীয়া আছিল বা সম্ভাবনা আছিল তেওলোকৰ পুনসন্স্থাপনৰ বাবে কিমান টকা ধাৰ্য্য কৰা হৈছিল আৰু কেনেদৰে ক’ৰা হৈছিল সেইখিনি চালে বহুত কথা ওলাই পৰে। ৩ জৰ্জ বান্ধৰ বাহিৰেও চীন দেশে আৰু বহুতো বান্ধ নিৰ্মান কৰিছে। কিন্তু ভাৰতত য’ত ১৯৬৩ চনৰ ৫ এপ্ৰিলত ৮০ মিটাৰৰ বান্ধ নিৰ্মান কৰাৰ প্ৰকল্প আজিও ১২০, ১৩৭ আদি কৰি কেবল ৰাজনীতিৰ নাম কমোৱা চলি আছে তাত আমি কি আশা কৰিম? ৫৪৭ মিটাৰ (যিমান মনত আছে) মেইন নলা বনোৱাৰ পিছতো ২০০৪ চনৰ পিছতো চাব নলাসমূহ বানব নোৱাৰি কিবা মূৰ্তি বনাব যোৱা মানুহে দিয়া কথা সহজে লব নোৱাৰি। পৃথিবীৰ সকলো নদ আৰু হিমালয় অববাহিকাৰ নদৰ মাজত আকাশ পাতাল প্ৰাৰ্থক্য বুলি এজন ভূগোলৰ বিজ্ঞানীয়ে কৈছিল। ব্ৰাজিল আৰ্জেন্টিনা উৰুগুৱে আদি দেশতো বান্ধৰ বিপৰীতে নানান প্ৰতিবাদ হৈ আছে। ইয়াত দ্বিতীব বৃহত্বম বান্ধটো আছে। নিউক্লীয় শক্তি ক্ষেত্ৰত ফ্ৰান্স সকলোতকৈ আগবঢ়া। জাৰ্মানীত সকলো ৰিয়েক্টৰ বন্ধ কৰিবলৈ কোৱা হৈছে। আনকি মই নিজে কাম কৰা মাত্ৰ ৫০ মেগাৱাটৰ গবেষনাৰ ৰিয়েক্টৰ বন্ধ কৰাৰ নিৰ্দেশ আহিছে। সকলোৱে জনা গোপন কথা হ’ল ফ্ৰান্সত ব্যবহাৰ হোৱাৰ পিছৰ শক্তিৰ ৰিয়েক্টৰৰ ইন্ধনখিনি চীনৰক (synthetic rock)ৰ মাজত ভৰাই ক’ত দম কৰি ৰখা হৈছে আৰু তাৰ ফল কি হৈ আছে লাহে লাহে গম পোৱা গৈছে। সিদিনা অচিন্ত বৰঠাকুৰে এবিধ বেক্টেৰিয়াৰ কথা কৈছিল। সেয়াও কেবল পৰীক্ষমূলক স্তৰতে আছে। আমাৰ দেশত ঘৰৰ মুধচত লগোৱা সৌৰ শক্তি বা শক্তি বচাবৰ বাবে এল ই ডি আদিৰ বাবে চাবচিডী দিয়াৰ কথা কি হ’ল নাজানো। কেবল ৭৫০ মিটাৰ কেনেল টপ পেনেল বহুৱাই ডাঙৰ অংকৰ সপোন হৈ থাকিল চাগৈ। ঘৰুৱা খৰচৰ বাবে মাত্ৰ ১০% শক্তিহে ব্যবহাৰ হয় বুলি পাইছিলো। (প্ৰতিবেদনৰ পিডিএফ আছে বিচাৰি পোৱা নাই)। গতিকে বৃহৎ ঔদ্যোগিক ক্ষেত্ৰক নিজা বিদ্যুৎ উৎপাদনৰ বাবে বাধ্য কৰোৱাৰ ব্যবস্থা লব লাগে। ভাৰতৰ সকলো বিদ্যুৎ বিতৰকৰ অচল অবস্থা হয় কেবল ৰাজহুৱা খণ্ডই বিল নিদয়া বাবে। হাইড্ৰজেনফুৱেল চেল, দাই চেনচিটাইজদ চলাৰ চেল, হাইড্ৰজেন, মিথানলৰ ফুৱেল চেল এইবোৰলৈ এতিয়াও সময় আছে। তৃতীয় বিস্বক কয়লা ব্যবহাৰত বাধা দি কোনখন প্ৰথম বিশ্বৰ দেশে কয়লা ব্যবহাৰ কৰা নাই? আমি আজি সোৱনসিৰিৰ বান্ধৰ হব পৰা বিপদৰ কথা কৈছো বা তাৰ বাবে প্ৰতিবাদ কৰিছো। কিন্তু কথা হ’ল ভুপালৰ দৰে যদি দূৰ্ঘটনা ঘটে তেন্তে দুৰ্যোগৰ বাবে কিমান টকাৰ বাজেট আছে তেওলোকৰ? ৩ জৰ্জ বান্ধৰ দৰে ইমান দলৈ বান্ধৰ ভেটি বান্ধি আনকি ভেকুৱাম পাম্পেৰে চিৰামিকৰ মাজলৈ চিমেন্ট টানি তাক মজবুট বনাইছিল। চীন দেশে সেই বৃহৎ বান্ধ বনোৱাৰ আগতে সফলতাৰে বাকী বহুতো বান্ধ সাজিছিল । আমাৰ অসমত আজিলৈকে কোনটো বান্ধে দূৰ্যোগ অনা নাই। উত্ৰাখণ্ডৰ ঘটনাৰ বাবেও বান্ধক দোষ দি চৰকাৰে নিজেই প্ৰতিবেদন দিছে। দুৰ্যোগপীৰিত লোকৰ সাহাজ্যৰ পৰাও কেইটামান টকাৰ ঘোচ দি সাৰি যায়। ইমান কথা কলো। তথ্য একো দিয়া নাই। বহুতদিন আগতে এই বিষয়ে পঢ়িছিলো কিন্তু বৰ্তমান ব্যস্ত আছো বাবে দিব পৰা নাই, কিবা অলপ লিখা পৰি আছে। লগতে মোৰ পাকিস্থানী বন্ধু এজনে গোটেই পৃথিবীৰ বিকল্প শক্তিৰ পলিচীৰ ওপৰত গবেষনা কৰি আছে। তেওৰ লগত প্ৰায়ে আলোচনা কৰো। কেইমাহমান পিছত কিবা এটা ভালকৈ লিখিম। ৩ জৰ্জ বান্ধৰ এখন ভাল ডকুমেন্টৰী ইউটিউবত আছে। নদী বান্ধৰ বিষয়ে একো ভালকৈ নাজানো। কিন্তু তাৰ পলিচী পেৰালাইচিচ খোদ প্ৰধানমন্ত্ৰীৰ ৰাজ্যতে আছে। গতিকে দেখি শুনি তৎক্ষনাত আগবঢ়া উচিত নহয়। বৃহৎ সকলো প্ৰকল্প ইঞ্জিনিয়াৰ, ঠিকাদাৰ আৰু ৰাজনীতিবিদৰ আপোন কিন্তু ৰাইজৰ বাবে আপোন নহবও পাৰে।

 

অগ্নিভ দত্ত: পংকজ তোমাৰ কথাখিনিৰ লগত দ্বিমত নাই । মই খৰধৰ কৰিব কোৱা নাই যদিও এই প্ৰকল্পটো সম্ভৱত যোৱা ২০ বছৰ ধৰি পেপাৰে পত্ৰই শিৰোনামা দখল কৰি আছে । মই দুটামান কথা কৈছো লিখাটোত বা কমেন্টত তাৰে এটা হ’ল এই প্ৰকল্পটো টেকনিকেলতকৈ ৰাজনৈতিক ভাৱে ড্ৰিভেন প্ৰজেক্ট । আৰু মই কৈছোৱেই যে যিকোনো জল বিদ্যুৎ প্ৰকল্প তথা বান্ধ বিলাকৰ কাৰিকৰী সফলতা বা বিফলতা বহু পৰিমানে নিৰ্ভৰ কৰে নিৰ্মাণ কাৰ্য্যত ব্যৱহৃত সামগ্ৰী তথা উন্নত প্ৰযুক্তিৰ ওপৰত ।সেইকাৰনেই থ্ৰী জৰ্জৰ দৰে ভূতাত্বিক ভাৱে প্ৰতিকুল অৱস্থাত অৱস্থিত বান্ধও সফলভাৱে কমিছন কৰিবলৈ সক্ষম হৈছে ।উল্লেখযোগ্যযে থ্ৰী জৰ্জ প্ৰকল্পৰ বান্ধৰ ক্ষমতা তথা বিদ্যুৎ উৎপাদনৰ ক্ষমতা আমাৰ সোৱনশীৰি প্ৰকল্পতকৈ কেইবা গুনো বেছি । আৰু এটা কথাকৈ থও পৃথিৱীত বৰ্ত্তমান ৩০ টা মান বৃহৎ বা অতিবৃহৎ প্ৰকল্পৰ কাম চলি আছে আৰু তাৰে সৰহ সংখ্যকেই হ’ল চীন দেশত অৱস্থিত ।এই প্ৰকল্প সমূহ প্ৰায় ভাগেই আগন্ত্তক ৫ বছৰত কাৰ্য্যক্ষম হৈ উঠিব ।তোমাৰ পাকিস্থানী বন্ধুজনৰ ৰিপৰ্টোৰ বিষয়ে জানিবলৈ বাট চালো ।

 

 

দেৱব্রত গগৈ:  যেতিয়াই সোৱণশিৰি নদীবান্ধৰ ওপৰত আলোচনা কৰা দেখো বা আন কাকত-পত্ৰত কোনো প্ৰৱন্ধ পঢ়িবলৈ পাওঁ , বান্ধৰ সপক্ষেই হওক বা বিপক্ষেই হওক আলোচনা বা লেখাটোৰ শেষত প্ৰায়েই এই বাক্যটো পঢ়িবলৈ পাওঁ —- ” লিখক নদীবান্ধ বিশেষজ্ঞ নহয়” । ( দত্ত ডাঙৰীয়া , এই বাক্যটোৰ জৰিয়তে মই আপোনাৰ আগ্ৰহ বা কাৰিকৰী দক্ষতাৰ ওপৰত কোনো সন্দেহ বা উপলুঙা কৰিবলৈ বিচৰা নাই , মাথো এক সামগ্ৰিক উদাহৰণহে দিবলৈ বিচাৰিছো , আৰু এনেকৈ লিখাৰ বাবে ক্ষমা প্ৰাৰ্থী ) ।

এই পৰিস্থিতিটো দেখি ভাব হয় অসমত এনে কোনো নদী বান্ধ বিশেষজ্ঞ নাই নেকি যিয়ে আমাক বান্ধটোৰ সপক্ষে বা বিপক্ষে এক স্থায়ী ধাৰণা আনি দিব পাৰে। আমি অসমৰ বিশেষজ্ঞৰ কথা এইবাবেই কৈছো কাৰণ অসমৰ ভৌগলিক পৰিৱেশ আৰু পৰিস্থিতিৰ বিষয়ে সম্যক জ্ঞান নাথাকিলে এনেই নদীবান্ধৰ ওপৰত কথা কোৱাটো বিশেষ ফলপ্ৰসু নহব।

এজন সাধাৰণ অসমীয়া ( যাৰ নদীবান্ধৰ ওপৰত কোনো কাৰিকৰী জ্ঞান নাই ) হিচাবে 2004 চনৰ মানৰ পৰাই আমি সোৱণশিৰি নদীবান্ধৰ ওপৰত চেগাচোৰোকাকৈ নজৰ দি আছিলো । বিশেষকৈ “সাদিন” কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পুজাৰীয়ে 2004-2005 চনৰ ভিতৰত ধাৰাবাহিকভাবে নদীবান্ধটোৰ ওপৰত এলানি প্ৰৱন্ধ লিখিছিল আৰু তাতেই গম পাইছিলো কেনেকৈ তেতিয়াৰ 1999-2001 চনৰ ভিতৰত অসমৰ দুজনমান মন্ত্ৰীয়ে কিহবাৰ বিনিময়ত নদীবান্ধটোৰ ওপৰত আলাসতে NHPCক NOC প্ৰদান কৰিছিল , কেনেকৈ ব্ৰহ্মপুত্ৰ বৰ্ডৰ অভিযন্তাসকলে দিন-ৰাতি কষ্ট কৰি সোৱণশিৰিৰ পাৰত জলবিদ্যত প্ৰকল্পৰ বাবে জৰীপ কৰি প্ৰতিবেদন প্ৰস্তত কৰিছিল আৰু একমাত্ৰ অৰুণাচল চৰকাৰৰ পৰা NOC নোপোৱাৰ বাবেই সেই বহুমুখী জলবিদ্যুত প্ৰকল্পৰ কাম ধোঁৱা চাঙত উঠিছিল আৰু সেই ৰেডিমেড পৰিকল্পনাখিনিকেই পাছত NHPC ক গতাই দিছিল সোৱণশিৰিৰ পাৰত বৃহত জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ বাবে। সম্পাদকৰ লিখনিৰ পৰা আমি নদীবান্ধটোৰ বিষয়ে সজাগ হবলৈ চেষ্টা কৰিছিলো । লেখাখিনিত তেখেতে গেৰুকামুখৰ জনগাঁথনি হঠাত পৰিৰ্ৱতন হোৱাৰ আশংকাও কৰিছিল কাৰণ NHPC সৰু-বৰ কৰ্মচাৰী সৰহভাগেই উত্তৰভাৰত , বিহাৰ আদি লোকেৰে ভৰা।

কিন্ত আজিৰ তাৰিখত যেতিয়া নদীবান্ধ বিৰোধী আন্দোলন তুংগত উঠিছে সেইসময়ত “সাদিন” কাকত আৰু সম্পাদক অনুৰাধা শৰ্মা পুজাৰী চকুত লগাকৈ নীৰৱ । ইয়াতো চাগে কিবা ৰহস্য আছে । কাৰণ এইয়া স্বীকাৰ কৰিবই লাগিব যে সোণৱশিৰি নদী বান্ধৰ বিষয়ে প্ৰথম অৱস্থাত সাধাৰণ মানুহক সজাগ কৰাত সাদিন কাকত আৰু লেখিকা পুজাৰীয়ে বিশেষ ভুমিকা লৈছিল।

দত্ত ডঙৰীয়াই কোৱাৰ দৰে আমিও আমি নদীবান্ধৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ থকাটো নিবিচাৰো । কিন্ত আজি সোৱণশিৰি নদীবান্ধত ৰাজনীতিৰ প্ৰভাৱ বেয়াকৈ পৰিছে । কেৱল ৰাজনীতিয়ে নহয় , ব্লেকমেইলিং ও চলিছে । নদীবান্ধ বনাবলৈ দে নহলে এই কেলংকাৰীটোত ফচাই দিম , চিবিআই লগাই দিম ইত্যাদি ইত্যাদি ।

সোৱণশিৰি নদীবান্ধ বিৰোধী আন্দোলন কেতিয়াবাই ইতি পৰিলহেঁতেন যদিহে আন্দোলনটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰৱেশ নঘটীলহেঁতেন। কাৰণ কোনোবাই হয়তো কেতিয়াবাই ” সৌৰ্হাদ্যপূৰ্ণ আলোচনা” কৰি সোণৱশিৰি নদীবন্ধলৈ সেউজ সংকেত দিলেহেঁতেন । যেনেকৈ 1951 চনটোক ডেডলাইন দি আন্দোলন আৰম্ভ কৰি চৰকাৰে 1971 চনটোক প্ৰস্তাৱ দিওতে প্ৰথমে মান্তি নহৈ শেষত 1971 চনটোতে আন্দোলনটোৰ ইতি পেলাইছিল ।

অকবত যদি কোনো নদীবান্ধৰ পুৰ্ণাংগ বিশেষজ্ঞ আছে তেখেতসকলক বিস্তাৰিত ভাবে নদীবান্ধৰ ওপৰত বিশেষকৈ সোণৱশিৰি নদীবান্ধৰ ওপৰত লিখিবলৈ অনুৰোধ কৰিলো । যদিহে অসমীয়াত লিখিবলৈ নোৱাৰে তেতিয়া হলে আমাক জনালেই হ’ল , আমি অসমীয়াত লিখাৰ ক্ষেত্ৰত সহায় কৰিবলৈ প্ৰস্তত ।

সোণৱশিৰি নদীবান্ধৰ ওপৰত পেপাৰে-পত্ৰই পঢ়ি-শুনি ইয়াকে বুজিলো যে সোণৱশিৰি নদীবান্ধে উত্তৰ-অসমৰ অসমীয়া সভ্যতা-সংস্কৃতিখিনি তিল-তিলকৈ ধ্বংস কৰিব । অৱশ্যে মইও নদীবান্ধ বিশেষজ্ঞ নহয় দেই

 

অগ্নিভ দত্ত:  থ্ৰী জৰ্জ বান্ধটোৰ নিৰ্মাণৰ লগত সোৱণশীৰ বান্ধৰ তুলনা কৰিব যোৱাটো হয়তো উচিত নহব ।”ইঞ্জিনিয়াৰিং মাৰ্ভল” কাৰোবাৰ বাবে , কাৰোবাৰ বাবে মৃত্যুদুত,কাৰোবাৰ বাবে 3000বছৰৰ সভ্যতা ধংসকাৰী এই থ্ৰী জৰ্জ বান্ধ।13 খন চহৰ,140খন নগৰ ,1350 খন গাও বান্ধৰ পানীত বুৰ যোৱাৰ পাছত প্ৰায় দেৰ কোটি মানুহ পুনৰ সংস্হাপিত কৰাৰ পাছত তিনি হেজাৰ বছৰীয়া সভ্যতা বান্ধৰ পানীত দুব যোৱাৰ পিছত 600 কিমি দীৰ্ঘৰ এই বান্ধ নিৰ্মাণ হৈছে যৰ পৰা 22500 মেগাৱাট বিদ্যুত উতপাদন কৰিব পৰাৰ ক্ষমতা । কিন্ত্ত এই বান্ধটোৰ উদাহৰণ এই কাৰণেই বাৰে বাৰে দিছো কাৰণ প্ৰযুক্তিৰ ইমান খিনি উন্নতি হোৱাৰ পাছতো আমৰ কেৱল ৰাজনীতিৰ কবলত পৰি এই প্ৰকল্প বন্ধহৈ গৈ আকৌ বিশ বছৰৰ পাছত বিদ্যুত প্ৰকল্পৰ কাৰণে আন্দোলন কৰিব লগা নহলেহে হল।

 

অচিন্ত বৰঠাকুৰ: বিদ্যুত লাগে, ধেৰ লাগে, বিদ্যুতৰ মাচুলো বাঢ়িব নালাগে ….. একদম সত্য। কিন্তু এয়া বিদ্যুৎ অসমত থকাসকলে পাব জানো? “দেশ”ক বিদ্যুৎ যোগান ধৰিবলৈ গৈ অসমীয়াসকলে নিজৰ খেতি-বাতি, ঘৰ-দু‌ৱাৰ জলাঞ্জলি দি দধিচী মুণিৰ দৰে আত্মত্যাগ কৰিবলগা নহয়তো!! এনেয়ো অসমখন কোনোবা চীন, ম্যানমাৰ নে ঠাইলেণ্ডৰ ফালেহে আছে বুলিয়েই ৰাইজে জানে,,,, সেইফালে হো‌ৱা বানপানী ভাৰতৰ ৰাষ্ট্ৰীয় সমস্যা নহয়গৈ কেতিয়াও। প্ৰশ্ন হয়, বান্ধৰ পৰা অ‌ৱধাৰিতভাবে অসম মুলুকত হ’ব লগা ‌খৰাং অথবা আকষ্মিক বান, আৰু তাৰ পৰা হ’বলগা দুৰ্ভিক্ষ আৰু মাৰি-মৰকৰ ছবিখন ‘দেশ”ৰ হৃদয়ত (চকুত নহয়) পৰিবগৈনে কেতিয়াবা !! খাদ্য আৰু বাসস্থান বিদ্যুততকৈ বেছি প্ৰয়োজনীয়। নদীবান্ধৰ ফলত সেয়া হেৰু‌ৱাই অসমীয়া স্থায়ীভাবে এক মেৰুদণ্ডহীন, কঙাল আৰু পৰমুখাপেক্ষী জাতিলৈ পৰিবৰ্তিত হৈ পৰিবগৈ নেকি, সেয়াও বিচাৰ্য বিষয়। অন্ততঃ, মোৰ এনেকু‌ৱাই লাগে যে প্ৰত্যক্ষ প্ৰতিবাদ কৰিব নো‌ৱাৰিলেও অসমত বাস কৰা কোনো এজন ব্যক্তিৰ বাবেই এই নদীবান্ধক সমৰ্থন কৰিব পৰাকৈ কোনো যুক্তিয়েই নাই।

কথাটো আচলতে এনেকু‌ৱা, যে বান্ধটোৰ পৰা আসমে পাবলগা একো নাই। আছে যদি মাত্ৰ হেৰু‌ৱাবলগাহে আছে। ধৰি ল’লোঁ, বান্ধ নাভাগিল আৰু ই ভাৰতক (ভাৰতক বুলিয়েই কৈ‌ছোঁ, য’ত অসম নাই, কাৰণ অসমে বিদ্যুৎ নাপায়) ব্যাপক পৰিমাণৰ বিদ্যুৎ যোগান ধৰি গ’ল। কিন্তু, বাৰিষাৰ সময়ত আকষ্মিকভাবে বান্ধৰ পৰা এৰি দিয়া অতিৰিক্ত পানী (ৰিজাৰ্ভাৰৰ চাপ কমাবৰ বাবে এইটো প্ৰায়ে হৈ থাকে)ৰ বোজাক নিয়ন্ত্ৰণ কৰিব পৰাকৈ ভৈয়ামত (মানে অসমত) নদীৰ মঠাউৰিসমূহ শক্তিশালী কৰি গঢ়ি তোলা হ’বনে নাই, বান্ধৰ পৰা দৈনিক এৰি দিয়া পানীসমূহ প্ৰদূষণমুক্তভাবে অসমৰ খেতিৰ উপযোগী মাটিৰ মাজেৰে নিয়ন্ত্ৰিতভাবে আহিব নে নাই, ব্ৰহ্মপুত্ৰত জলস্তৰ অস্বাভা‌ৱিকভাবে কমি যো‌ৱাৰ ফলত (বান্ধ নাভাগিলে এইটো হ’বই, কাৰণ টাৰ্বাইনত ব্য‌ৱহাৰ কৰা পানী আকৌ সেইখন নদীত এৰি দিয়া নহয়) অসমৰ বিশেষ গুণাগুণবিশিষ্ট পৰিবেশত জীয়াই থকা মূগা, এৰী, শিহু, থলু‌ৱা মা‌ছ, অৰ্কিড আৰু বিশিষ্ট মানযুক্ত চাহ আদি বস্তুও হেৰাই যাব নেকি…… এইবোৰো চিন্তা কৰি চাবলগীয়া কথা। সদ্যহতে গঠণ হ’বলগীয়া বান্ধ বিশেষজ্ঞসকলৰ মাজত এইবিলাক দিশ পৰীক্ষা কৰি চাব জনা ব্যক্তিক অন্তৰ্ভুক্ত কৰা হ’ব নে নাই, তাৰো নিশ্চয়তা নাই। দৈয়াং নদীত নীপকোই নগা পাহাৰত দিয়া বান্ধৰ ফলত গোলাঘাট জিলাৰ কৃষিভূমিত হো‌ৱা খৰাঙৰ কথা হয়তো বহুতে নাজানে,,,, জলসিঞ্চনৰ বাবে চৰকাৰে কৃষকক পাম্পচে’ট যোগান নধৰা হ’লে উজনি অসমত শাক-পাচলিৰ প্ৰচুৰ নাটনি ঘটিলহেতেন। কিন্তু, ক্ৰমান্বয়ে অ‌ৱনমিত যো‌ৱা ভূগৰ্ভস্থ জলস্তৰে কিমান দিনলৈ সেই উপত্যকতাত কৃষি সম্ভ‌ৱপৰ কৰি ৰাখিব, তাতো সন্দেহ আছে। সো‌ৱণশিৰিৰ বৃহৎ বান্ধে তেনে পৰিস্থিতি সমগ্ৰ অসমতেই সৃষ্টি কৰাৰ আশংকা আমাৰ মনলৈ প্ৰায়ে আহে।

মহান উপাধ্যায়ঃ  বৈ থকা নদী এখনত যি পৰিমাণৰ পানী থাকে বান্ধ এটা সাজিলেও সেই একে পৰিমাণৰ পানীয়ে থাকে। তালৈ কোনো অতিৰিক্ত পানীৰ যোগ নহয়গে। খালী বান্ধৰ পৰা পাৱাৰ হাউচ অণ্চললৈক মুল বোৱতী পানীৰ পৰিমাণহে কমি যায়। ভাৰতত মুল বোৱতী পানীৰ ১৫ শতাংশ পানী বান্ধৰ পৰা এৰি দিয়াটো ধৰাবন্ধা নিয়ম। বাকী ৰিজাৰভাৰৰ পানী খিনি এটি টানেলৰ মাজেদি এটা নিৰ্দিষ্ট গ্ৰেদিয়েন্টেৰে ডাইভাৰ্ট কৰি নিয়া হয়। সেই টানেল বা সুৰংগক HRT (head race tunnel) বুলি কোৱা হয়। সেই HRT ৰ দৈৰ্ঘ কেতবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যাক DPR stageতে ডিজাইন কৰি ওলিওৱা হয়। গতিকে তিনিটা উপাদান অৰ্থাত বান্ধ, HRT আৰু পাৱাৰ হাউচৰ নিৰ্মাণত কাৰিকৰি ভাৱে বিশেষ ধ্যান দিবলগীয়া হয়। প্ৰতিটো উপাদানৰ ক্ষেত্ৰত চিভিল, জিঅ’ল’জি, চাৰভে,মেকানিকেলৰ লগতে manpower বিভাগৰ কাম খুবেই নিঁখুত ভাৱে কৰিব লগা হয়। কেতিয়াবা কিছুমান unexpected অসুবিধাৰ সন্মুখিন হোৱা যায় যিবোৰ চাৰ্ভে/invetigationত গম পোৱা নাযায়। যিখিনি পানী HRTৰ মাজেদি পাৱাৰ হাউচলৈ divert কৰা হৈছিল সেইখিনি পানীয়ে পাৱাৰ হাউচত উথ্থান কৰা টাৰবাইনক ঘূৰোৱাত সহায় কৰে, যাৰ ফলত বিজুলী উৎপন্ন হয়। তাৰ পিছত সেই পানীখিনিক আকৌ নদীৰ মূলসুঁতিত এৰি দিয়া হয়। এই যে মানুহে কয় যে(সবেই নহয়) যে বান্ধ বনালে নদী খন শুকাই যায় সেইটো একেবাৰেই অমূলক কথা। কেৱল এটা নিৰ্দিষ্ট দূৰত্তলৈহে নদীখনৰ পানী divert কৰা হয়। ১৫% পানী অনবৰতে এৰি দিব’ও লাগে।বানৰ সময়ত যিহেতু অত্যাধিক পানী হয়, সেয়হে ৰিজাৰভাৰৰ পৰা divert কৰিবলগীয়া পানী খিনি থৈ অত্যাধিক পানী এৰি দিয়া ইয়। কাৰণ বান্ধে এটি নিৰ্দিষ্ট পৰিমাণৰ পানীহে বহন কৰিব পাৰে। গতিকে বানৰ সৃষ্টি কৰা নদীখনেই তাৰ বাবে প্ৰত্যক্ষ দায়ী। বান্ধে তাত এটি অৰিহণাহে যোগাব পাৰে(সদায় নহয়)। নহলে হিমাচল , চিকিম ইমান কেইটা বান্ধৰ গৰাকী নহলহেতেন অাৰু সিহঁতৰ সমতল অণ্চলত (পন্জাব)বিশেষ বানৰ সৃষ্টি নহ’লহেতেন। যেতিয়া অৰুণাচলত আছিলো সদায় নদী বান্ধ বিৰুধী মন্তব্য অাৰু কৰ্মচাৰী হিচাপে মাৰ খুৱাৰ ভয় আছিল। কাৰণ বুজক বা নুবুজক এনেই নদী বান্ধ বুলিয়েই বিৰুধী হোৱাৰ মানুহ সৰহ পাইছিলো। অজস্ৰ দল সংগঠনৰ বিৰুধ, বিনা কামত টকা পইচাৰ ডিমান্ড, অদৰকাৰী কাৰণত কৰ্মচাৰীৰ লগত মাৰপিট ইত্যাদি অনেক non technical কাৰণত আজি সৰহভাগ প্ৰকল্পই বন্ধৰ দুৱাৰডলিত।হিমাচলত সৰহভাগ নদীেয়ই জলবিদ্যুত উৎপাদন কৰি আছে যাৰ ফলস্বৰুপে না তেল, না চাহ, না কয়লা হোৱা স্বত্তেও দুৰ পাহাৰত অৱস্হিত একমাত্ৰ ঘৰলৈকো বিজুলী যোগানৰ অতি সু ব্যৱস্থা আছে। যিকোনো প্ৰকল্পৰ লগত তাৰ কাষৰীয়া ঠাইৰ লগত ভাল তালমিল থাকিব লাগে। গতিকে এৰা ধৰাও থািকব লাগে।কিবা এটা লাভৰ কাৰণে কিবা এটা এৰিবতো লাগিব। তাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাও লাগিব। লেখাটোৰ বাবে দত্ত ডাঙৰীয়াক ধন্যবাদ থাকিল।।বানান ভূলৰ বাবে ক্ষমা কৰে যেন।

ৰূপাংকৰ চৌধুৰী: জল বিদ্যুত প্ৰকল্পসমূহৰ বিৰোধিতা কৰা মানে কয়লা আৰু আন ইন্ধন সমূহ- যিবোৰে পৰিৱেশ বিনষ্ট কৰাৰ পুৰামাত্ৰাই
কাৰণ থাকে সেই সমুহক স্বীকৃতি দিয়াৰ দৰেই হয়। কাৰণ আন সমুহ Eco-Friendly বিদ্যুত উৎপাদনৰ
ব্যৱস্থাৰ (সৌৰ-শক্তি, বায়ু শক্তি, সাগৰীয়ঢৌৰ শক্তি, গোটা- আবৰ্জনাৰ পৰা শক্তি ইত্যাদি) দ্বাৰা আমাৰ দিনক-দিনে বৃদ্ধি হোৱা বৈদ্যুতিক শক্তিৰ প্ৰয়োজন পূৰোৱা সহজ নহয়। মহান উপাধ্যায় দেৱৰ লগত একমত। কিন্তুশেহতীয়া ভাৱে ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ে ২৫% পানী এৰি দিয়াটো নিয়ম বান্ধিদিছে যাতে নদীটোৰ ওপৰত নিৰ্ভৰ Aquatic Ecology ৰ কোনোধৰণৰ ক্ষতি নহয়। যিটো বহুত ভাল কথা। বান্ধ ভাঙি ক্ষতি কৰিব বুলি ভৱাটো আজিৰ দিনত প্ৰায় অমুলক কথা। প্ৰযুক্তি বহুত
আগবাঢ়ি গৈছে। আমি সকলোৱে একে সময়তে বান্ধ বিৰোধিতা কৰা আৰু নিয়মীয়া বিদ্যুতৰ বাবে দাবী কৰি দুমুখীয়া স্থিতি লোৱাতকৈবান্ধবোৰক বহুমুখী কৰণত গুৰুত্ব আৰোপ কৰিব লাগে। তাৰ বাবে সকলোৰে চৰকাৰ তথা জল বিদ্যুত
প্ৰকল্প নিৰ্মাণকাৰী সংস্থা সমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে।

মনোজ কুমাৰ মহন্ত:  সোৱণশিৰিৰ বান্ধৰ ওপৰত যদি সন্দেহ আৰু শংসয়ৰ প্ৰশ্ন উঠিছে তাৰ বাবে প্ৰথম দায়ী কৃত্তপক্ষ আৰু চৰকাৰ| বিদ্যুত সকলোকে লাগে|কিন্তু উৎপাদন নহ’লে বিদ্যুত আহিব ক’ৰ পৰা?? উ. পূবত বিদ্যুতৰ সম্ভাৱনা আছে, সেয়ে উৎপাদন হ’ব লাগে| প্ৰশ্ন হয় যদি বান্ধটো উচ্চ প্ৰযুক্তিৰে, সকলো সাম্ভাৱ্য সাৱধানতা লৈ আৰম্ভ কৰা হৈছে তেন্তে কৃত্তপক্ষই প্ৰথমৰে পৰা স্পৰ্ষকাতৰ বিষয়বোৰত মুকলিকৈ বলিষ্ঠ যুক্তি দি ৰাইজক আস্বস্তঃ নকৰে কিয়? স্বয়ং কৃতপক্ষই বিষয়সমূহ পিছদুৱাৰেদি মেনেজ কৰিবলৈ যত্ন কৰি আহিছে! নে তেনে একো হোৱাই নাই, বান্ধ বিৰোধী, বাতৰি কাকতে চাঞ্চল্য সৃষ্টি কৰাৰ (চাৰ্কুলেচনৰ) স্বাৰ্থত আভুৱা ভাৰি আছে! Down stream ত হ’ব পৰা প্ৰভাৱৰ বিষয়ে কোনো ধৰণৰ বিশদ অধ্যয়ণ নোহোৱাকৈ বান্ধৰ কাম আৰম্ভ কৰা হৈছিল| সেই সকলোবোৰ দিশ সামৰি লৈ প্ৰকল্পটো কৰিলে অনৰ্থক বাজেট বাঢ়ি যায়! (বান্ধবিৰোধীৰ অভিযোগ)| কথাহ’ল কৃত্তপক্ষৰ যদি কোনো দূৰ্বলতা নাছিলেই তেনেহ’লে বিৰোধীৰ ওচৰত সেওঁ মানি কিয় বিশেষজ্ঞ কমিটি বহাবলৈ বাধ্য হ’ল?আকৌ বিশেষজ্ঞ কমিটিয়ে চালি -জাৰি চাই যি পৰামৰ্শ দিলে, তাৰ বেচিভাগেই NHPCৰ সপক্ষে নগ’ল|এতিয়া প্ৰশ্ন হয় বিশেষজ্ঞ সকল বান্ধ বিৰোধীৰ লোক আছিল নেকি? বৰ খেলি মেলি লগা কথা| সম্প্ৰতি এনে এক প্ৰচাৰ, পৰিবেশ হৈছে, বান্ধৰ বিৰোধে কোৱা মানেই সৰ্বাত্মক বিৰোধিতা|মানে বান্ধটো কোনো প্ৰকাৰে হবলৈ দিয়া নহ’ব! সাধাৰণ লোকৰ জীৱন মৰনৰ সমস্যা জড়িত হৈ আছে প্ৰকল্পটোৰ লগত! বান্ধ ভাগি নাযায় , নাভাঙে কিন্তু হথাত এৰি দিব লগা অতিৰিক্ত পানীয়ে যি তাণ্ডৱ সৃষ্টি কৰাৰ সম্ভৱনা, সেয়া ইতিমধ্যে অসমৰ ৰাইজে দেখিছে| বহুহাজাৰ মানুহ মৃত্যু মুখত পৰিব পাৰে একেলগে| (এবাৰ মৃত্যু মুখত পৰিলে যে আকৌ প্ৰাণটো ঘুৰাই পোৱা নাযায়!!) সেই সংহাৰৰ আগতীয়া প্ৰতিৰোধখিনি সামৰি প্ৰকল্পটো সম্পূৰ্ণ কৰাত আপত্তি কিয়? সেইবোৰহে নুবুজো দেই!

মহান উপাধ্যায়: বিশেষজ্ঞ কমিটিৰ ৰিপৰ্টত তেওঁলোকে এক insitu মন্তব্য দাঙি ধৰিব বিচাৰে। মানে প্ৰকল্পটি structurally deformed অন্চলত অৱস্থিত, শিলৰ কম প্ৰতিৰোধি ক্ষমতা, downstreamত বানৰ তাৰতম্যতা, ecological imbalance যিবোৰ একেবাৰে সঁচা। তেওঁলোকে ৰিপৰ্টবোৰ খুব চালি জাৰি academically প্ৰস্তুত কৰে যাতে কাইলে তেওঁলোকৰ ওপৰত কোনেও আঙুলি টোৱাব নোৱাৰে (যদি কিবা বিপদৰ সৃষ্টি হয়)। যিহেতু এনে ধৰণৰ ৰিপৰ্টত সাধাৰণ লোকৰ ভয় খুবেই স্বাভাবিক অাৰু অামাৰ দৰে দল সংগঠনেৰে ভৰা অন্চলত দুৰ্ঘোৰ প্ৰতিবাদ হব’ই! য’ত অতি সাধাৰণ কথাত বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসুচী হব পাৰে তাত এনে এটা জটিল বিষয়ত প্ৰতিবাদটো লাগিবই। কিন্তু technically বিষয়টো অালোচনা কৰিব বিচৰা প্ৰতিবাদীৰ সংখ্যা একেবাৰেই তাকৰ। ইমান জ্ঞানী জ্ঞানী বিশেষজ্ঞৰ negative কমেন্টচ শুনিয়েই এচাম বহি গল প্ৰটেষ্টত। তাৰ পিচত বিষয়টো হৈ গ’ল পলিটিকেল এজেন্ডা। downstream ত নিশ্চয় প্ৰভাৱ এটা পৰিবই, তাৰ কাৰণে direct প্ৰভাৱ পৰা ঠাইখিনিৰ rehabilitation ৰ কথা স্থানীয় লোকৰ সন্মতি হলেহে হব, যিটো অাশাতীত। technically নিশ্চয় সমাধান ওলাব কিন্তু তাৰ বাবে এটি পৰিবেশৰ দৰকাৰ যিটো অসমত এই সময়ত নাই কাৰণ বান্ধ মানেই কেৱল বিনষ্ট,আন একো নহয়।

মই বৰ্তমান হিমাচলৰ চম্বা জিলাৰ ভৰমোৰ বুলি ঠাই এডোখৰত কৰ্মৰত অৱস্থাত আছো। জিলা সদৰৰ পৰা ইয়ালৈ ৭০ কিমি। এই ৭০ কিমি দূৰত্তত ইয়াত সৰুবৰ প্ৰায় ৫-৬ টা জলবিদ্যুত প্ৰকল্প অাছে অাৰু ৩-৪টাৰ কাম চলি আছে। অাপুনি যদি গুগুলত চমেৰা ২ অাৰু চমেৰা৩ প্ৰকল্প খুচৰি চায় আপোনাক অনেক negative imprintsএ এটি বান্ধ বিৰুধী মনোভাৱ গঢ়াই তুলিব। কিন্তু আচল ফিল্ডত ইয়াত চোন নিয়াৰিকে উৎপাদন চলি গৈয়ে অাছে। ইয়াত যদি কাৰোবাৰ ঘৰ বাৰীও যায়, তেওঁলোকে উচিত পৰিমান আদায়ো লয়। লগতে ঘৰৰ সদস্যৰ চাকৰিও খাটাং । মই নিজ চকুৰে হাইড্ৰ’ক এনেকে অাদৰি লোৱা দেখি তবধ মানিছো। আমিও অামাৰ অসমক সিমানেই ভাল পাওঁ যিমান প্ৰতিবাদী সকলে ভাল পায়; কিন্তু যদি সম্ভব হয় উ:পূ: ৰ জলবিদ্যুত প্ৰকল্পবোৰ গঢ়ি উঠাকে এটি পৰিবেশৰ সৃষ্টি কৰিব পাৰিব লাগিব।

অভিজিত কলিতা:  সুন্দৰ তথ্য সমৃদ্ধ আৰু সময়োচিত লেখা, আগতে অকবৰ এই বিষয়ে আলোচনা হোৱা মনত পৰে। মই নিজে যোৱা ১৮ বছৰ মান ধৰি বিদ্যুৎ উৎপাদনৰ ওপৰত জড়িত, বি‍শেষকৈ জলবিদ্যুৎ। বিতৰ্কত অংশ গ্ৰহণ নকৰো, কিছুমান অসুবিধাৰ বাবে, কিন্তু আলোচনাকাৰীসকলৰ সুবিধাৰ্থে দুটামান কথা কব বিছাৰিছো, (অকল কাৰিকৰী কথা দেই)
১। এটা প্ৰকল্পৰ উৎপাদন ক্ষমতা বা ইনষ্টলড’ কেপাচিটি সেই প্ৰকল্পটোৰ বাবে প্ৰয়োজন হোৱা পানীৰ সমানুপাতিক নহয় । উদাহৰণ স্বৰূপে আমাৰ ৫০ MW ক্ষমতাৰ এটা কেন্দ্ৰই ব্যৱহাৰ কৰা পানীৰেই ইয়াৰ নিম্নভাগত আন এটা কেন্দ্ৰই ২০০ MW উৎপাদন কৰে। গতিকে ১৮০০ MW ৰ এটা কেন্দ্ৰই ১০০ MW ক্ষমতাৰ আন এটা কেন্দ্ৰতকৈ ১৮ গুণ বেছি পানী ব্যৱহাৰ কৰিব বুলি কোনো কথা নাই। কাৰিকৰী ভাৱে ১০০ MW কেন্দ্ৰটোতকৈ কম পানী ব্যৱহাৰ কৰিও ১৮০০ MW উৎপাদন কৰিব পাৰি।
২। পৃথিৱীৰ যিকোনো স্থানতে মাটিৰ বিয়েৰিং কেপাচিটি ভালদৰে পৰীক্ষা কৰি, সেইমতে উপযুক্ত ক্ষমতাৰ বান্ধ ডিজাইন কৰিব পাৰি।
৩। ভুমিকম্পৰ Zone – 5 অঞ্চলতো ইতিমধ্যে বহু বান্ধ নিৰ্মাণ কৰা হৈছে, আৰু বহুদিন ধৰি সেইবোৰ নভগাকে চলি আছে।
৪। প্ৰত্যেক বান্ধৰে একোটা ধাৰণ ক্ষমতা থাকে আৰু সেই ক্ষমতাতকৈ বেছি পানী আহিলে সি বান্ধৰ ওপৰেদি বাগৰি যায়। কিছুমান বান্ধৰ ওপৰত গেট থাকে, আৰু বেছিভাগ বান্ধতে নেথাকে। অত্যধিক পানী আহিলে সেই বান্ধৰ ওপৰেদি ( যাক Spillway বোলা হয়) বাগৰি যায়। ওপৰত গেট থকা বান্ধ বোৰত এই বাগৰি যোৱা কামটো নিয়ন্ত্ৰণৰ মাজত কৰা হয়, যাতে তলৰ ফালে থকা ৰাইজক সাৱধান হবলৈ সময় দিব পৰা যায়, আৰু তেনে বান্ধত খৰছো কম হয়। বেছি বৰষুণ হ’লে নদীত পানী বাঢ়িবই, গতিকে বান্ধৰ ওপৰৰ গে’ট খুলি দিয়াৰ বাবেই তলফালে বানপানী হয় বুলি পোনে পোনে ভবা অনুচিত।
৫। সোৱশিৰিৰ দৰে ৰান অফ দা ৰিভাৰ প্ৰকল্পৰ বান্ধত বেছি পানী জমা হৈ নেথাকে। ( মাত্ৰ এদিনত জমা হোৱা পানীখিনি সন্ধিয়া মেচিনৰ মাজেৰে উলিয়াই দিয়া হয়- মানে যিখিন পানী ২৪ ঘণ্টাত বৈ যাব লাগিছিল সেইখিনি মাত্ৰ ৫ বা ৬ ঘণ্টাতে বাগৰি যায়, আৰু তাৰ বাবে নদীখনৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়োজন হয়) আনহাতে অসমৰ কিছুমান প্ৰকল্প “ষ্টৰেজ” প্ৰকাৰৰ, অৰ্থাৎ এইবিলাকত বাৰিষা হোৱা বৰষুণৰ পানী গোটেই বছৰটোৰ বাবে জমা কৰি থোৱা হয়। উৎপাদন ক্ষমতা কম হলেও এই বান্ধ বিলাকৰ জালাধাৰত বহু বেছি পৰিমানৰ পানী জমা হৈ থাকে (যেনে শ্বিলঙৰ বৰাপানী বান্ধ), এনে বান্ধ ভাঙিলে গোটেই বাৰিষাত হোৱা বৰষুণৰ পানীখিনি একেবাৰতে ওলাই যাব।
৬। মুঠতে বান্ধ সাজিলে নভগাকে সাজিব লাগে, যিটো অসম্ভৱ কাম নহয়। বান্ধ ভাগি গ’লে তলৰ ফালে যে প্ৰলয় হব সি নিশ্চিত। আৰু বায়-ডাৰ্ভিচিটি হট-ষ্পট সম্পৰ্কে মই বি‍শেষ নেজানো, যদি কোনো নিৰ্মাণ কাৰ্যই সমগ্ৰ পৃথিৱী, নেলাগে ওচৰ পাজৰৰ অঞ্চলকেইটাতে কোনোদিনে পুৰাব নোৱাৰাকৈ পৰিবেশৰ ক্ষতি সাধন কৰে বুলি নিশ্চিত তথ্য-প্ৰমাণ পোৱা যায়, তেন্তে তেনে নিৰ্মাণ কাৰ্য হব নেলাগে।

জয় দীপ: আমাৰ নদীবান্ধ লৈ আলোচনা- বিলোচনা, বাদ প্ৰতিবাদৰ মাজতে তিব্বতৰ শ্বানান প্ৰদেশত ব্ৰহ্মপুত্ৰক ভেটিলেই ৰঙা চিনে ! মাত্ৰ ৪ বছৰৰ কম সময়ত সম্পূৰ্ণ হোৱা এই বৃহত নদীবান্ধ যোৱা ২২ নভেম্বৰতেই এটা চেকচনত বিদ্যুৎ উৎপন্ন আৰম্ভ হ’ল… । অক্ষাংশ- 29° 16.010’N দ্ৰাঘিমাংশ- 91° 49.440’E (গুগল আৰ্থত চাব পাৰে) । বাকি আমাৰ ইয়াত এই বাদ বিবাদৰ অন্তপৰে মানে চাগে… ব্ৰহ্মপুত্ৰৰ ওপৰত বাকি চাৰিটা প্ৰস্তাৱিত বান্ধৰ কামো শেষ হৈ যাবগৈ…!

 

ৰূপম মহন্ত: মই এনেকুৱা কামত জড়িত নহয় আৰু আন কামত সময় দিব লগা হয় বাবে ইয়াৰ খবৰ বৰকৈ ৰখা নহয়৷ গতিকে বহু কথাৰ সবিশেষ জনা নাযায় আৰু বান্ধৰ কাৰিকৰী নথিপত্ৰসমূহৰ বিষয়ে অৱগত নোহোৱাকৈ কিছুমান কথা হয় বা নহয় বুলি মন্তৱ্য দিয়া টান বা উচিত নহয় বুলি ভাবোঁ৷ তথাপিও, অলপ অভিযান্ত্ৰিক অভিজ্ঞতা আৰু সাধাৰণ জ্ঞানৰ ফালৰ পৰা ব্যক্তিগতভাৱে তোমাৰ লগত ভালেখিনি একমত৷ বেছিভাগ শংকাৰ মূল কাৰণ ভূমিকম্পত হ’ব পৰা ক্ষতি, অনাকাংক্ষিত বান আৰু প্ৰকৃতিৰ ক্ষতি৷

ভূমিকম্পৰ পৰা বান্ধৰ ক্ষতি কৰিব পৰা অতিৰিক্ত বল ৰোধিব পৰাকৈ নিৰ্মাণ সম্পৰ্কীয় বিধি অনুসৰি কাম কৰাটো নিয়ম৷ নিৰ্মাণ সম্পৰ্কীয় বিধি মতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল (লগতে ভাৰতৰ আন বহু অঞ্চল) ভূমিকম্পৰ বাবে থকা সৰ্বোচ্চ সম্ভাৱনাৰ ক্ষেত্ৰত (zone-V) অন্তৰ্ভুক্ত৷ ভাৰতৰ আন ডাঙৰ বান্ধ, যেনে- টেহৰি বা কয়না বান্ধ আদিৰ অৱস্থানো ভূতাত্ত্বিক অস্থিৰতা হ’ব পৰা স্থানত চলি আছে৷ এই বান্ধৰ কাৰিকৰী বিশ্লেষণ প্ৰচলিত বিধি অনুসৰি কৰা বুলিয়েই স্বাভাৱিকতে আমাৰ ব্যক্তিগত বিশ্বাস হয়৷ এয়া কোনো সাধাৰণ কাম বা এজন দুজন লোকে কৰা কাম নহয়, বিভিন্ন ক্ষেত্ৰৰ কাৰিকৰী বিশেষজ্ঞ জড়িত আৰু তুমি কোৱাৰ দৰে এক অভিজ্ঞ সংস্থাই তদাৰক কৰি থকা কাম৷ কিন্তু এটা কথা- নিৰ্মাণৰ সময়ত “Geological surprise” -পোৱাৰ পিছত ডিজাইনৰ পৰিবৰ্তন কৰিব লগা হোৱাটোৱে (ব্যক্তিগতভাৱে) অলপ সন্দেহো আনে৷ হয়তো প্ৰাক-নিৰ্মাণ কালৰ অনুসন্ধান যথেষ্ট নাছিল!

নিৰপেক্ষ বিশেষজ্ঞৰ বিশ্লেষণে কি দেখুৱাইছে নাজানোঁ; কিন্তু শিলৰ ওপৰত কংক্ৰিতেৰে সঁজা এনেকুৱা ডাঙৰ বান্ধ ভূমিকম্পৰ ফলত সম্পূৰ্ণ ভাঙি বিভীষিকাৰ সৃষ্টি কৰা উদাহৰণ সমগ্ৰ বিশ্বত এতিয়ালৈকে মই জনাত নাই; কাৰণ, ৰিস্ক্ অনুসৰি নিৰ্মাণৰ ক্ষেত্ৰত ল’বলগীয়া সুৰক্ষাও বেছিকৈ ৰখাটো নিয়ম৷

আনফালে ৰাজনৈতিক আৰু পৰিবেশ সম্পৰ্কীয় কথাবোৰৰো গুৰুত্ব নিশ্চয় আছে৷ ব্যক্তিগতভাৱে, পৰিৱেশ সম্পৰ্কীয় প্ৰভাৱ, যেনে- নদীৰ নামনিত হ’ব লগা পানীৰ পৰিমাণৰ কৃত্ৰিম হ্ৰাস-বৃদ্ধি, সৰোবৰৰ পৰা এৰি দিয়া পানীৰ ফলত হঠাতে অহা বান, নদীৰ পানীৰ গুণগত পৰিবৰ্তন, নামনিৰ ভূ-ভাগৰ জলস্তৰৰ পৰিবৰ্তন, সৰোবৰৰ পানীৰ চাপৰ ফলত ভূমিকম্প বৃদ্ধিৰ সম্ভাৱনা আদি চিৰকালৰ বাবে হ’ব পৰা পৰিবৰ্তনবোৰে আমাক উদ্বিগ্ন কৰে; সকলোতকৈ উদ্বিগ্ন কৰে – সঠিকভাৱে বান্ধ পৰিচালনা নকৰা উদাহৰণবোৰে, যাৰ ফলত অসময়ত ব্যাপক হাৰত পানী এৰি দি নামনিত বিস্তৰ ক্ষতি কৰাটো৷

গতিকে, সামগ্ৰিকভাৱে বিচাৰ কৰিলে, সকলো ঠিকেই আছে বা সকলো ভুল বুলি ক’ব নোৱাৰি৷

সকলো ধৰণৰ বৃহৎ প্ৰকল্পৰ ক্ষেত্ৰত বিজুলী শক্তি আহৰণ কৰাৰ বিনিময়ত কিবাকিবি হেৰায়৷ কথা হ’ল ৰৌ মাছৰ দাম দি পুঠি মাছ পোৱা উচিত নহয়৷ আমি ভাৱোঁ, এই বান্ধৰ ক্ষেত্ৰত ৰাজ্যই উপযুক্ত ক্ষতিপূৰণৰ ৰূপত বেছিকৈ বিদ্যুত পোৱাৰ লগতে বান্ধৰ নামনিত চম্ভালিব নোৱাৰা ধৰণৰ বিৰূপ প্ৰভাৱ নপৰিবলৈ নিশ্চিত ব্যৱস্থা কৰি বান্ধ হ’বলৈ দিব লাগে৷

অসমৰ ভৌগোলিক অৱস্থানটোৱেই এনেকুৱা যে ভৱিষ্যতে ব্ৰহ্মপূত্ৰৰ উজনি অঞ্চলত নদীপথত চীনৰ দ্বাৰা হোৱা ক্ৰমবৰ্ধিত নিৰ্মাণ, লগতে ভুটান আৰু চুবুৰীয়া ৰাজ্যবোৰৰ নানা প্ৰকল্পই ব্ৰহ্মপূত্ৰৰ পানীৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাব আৰু সেয়া ইমান বেছি হোৱাৰ সম্ভাৱনা আছে যে বৰ্তমানৰ এই বিষয়ৰ আপত্তি, বিতৰ্ক আদি তেতিয়ালৈ সৰু কথা আছিল যেন অনুভৱ হ’ব যেন লাগে, যদিও তেনেকুৱা সম্ভাৱনাই এই আলোচনাৰ গুৰুত্ব হ্ৰাস নকৰে আৰু এইবোৰ ক্ষেত্ৰত অধিক সচেতনতাৰ প্ৰয়োজন আছে৷
(চীনৰ লগত ভাৰতৰ তুলনা কৰিলে এটা কথা মন কৰিব পাৰি যে চীনত ভাৰততকৈ মানৱ অধিকাৰৰ প্ৰতি সংবেদনশীলতা বহু কম৷ ভালে বেয়াই বহু ডাঙৰ কাম তাত কৰা হয়)

ৰূপম মহন্ত:  এনেকুৱা আলোচনাবোৰত সংখ্যা নাথাকিলে, এনেয়ে ভাল হ’ব বা বেয়া হ’ব বুলি কৈ লাভ নহয়। শ্ৰী দেৱব্ৰত গগৈয়ে দিয়া লিংকটোৰ লেখাটোত অৱশ্যে অলপ সংখ্যা দিয়া হৈছে, কিন্তু অসম্পূৰ্ণ; যেনে- বান্ধৰ তলৰ শিলৰ ভাৰ বহন ক্ষমতা (৭.১ মেগা পাস্কেল) দিয়া হৈছে, কিন্তু বান্ধৰ পৰা চাপ নো কিমান পৰিব সেয়া দিয়া হোৱা নাই, লেখকে সুৰক্ষা সম্পৰ্কত সন্দেহহে প্ৰকাশ কৰিছে। সেইটো নিদিলে কেনেকৈ গম পোৱা যাব সুৰক্ষাৰ অনুমান (factor of safety)! ভাৰ বহন ক্ষমতাৰ লগত আৰু বহু কথা আছে, যেনে কালি (foundation area) বৃদ্ধি কৰি চাপ কমাব পাৰি। বান্ধৰ বহল এইবোৰ কাৰণতো বহুখিনি হয়| উদাহৰণ- সাধাৰণ গৰু গাড়ীৰ চকা কেইটাই ভাল ৰাস্তা এটাত চিন বহুৱাই থৈ যাব পাৰে কিন্তু বৃহত বোজা লৈ যোৱা ট্ৰাকখনৰ পৰা আনিষ্ট নহ’বও পাৰে, কাৰণ মাটিৰ লগত লাগি থকা চকাৰ কালিৰ পৰিমাণ কম হোৱা বাবে গৰু গাড়ীৰ বোজা কম হ’লেও চকাৰ তলত চাপ বেছি হ’ব পাৰে|
পৰিবেশ সম্পৰ্কীয় – সোৱাণশিৰিৰ নিম্নতম জলপ্ৰৱাহ ১৩১ কিউমেক (ঘনমিটাৰ প্ৰতি ছেকেণ্ড) বুলি তথ্য পোৱা যায়। বান্ধৰ ফলত সেয়া হ্ৰাস হ’বগৈ ৬ কিউমেকলৈ- ‘ৱিকি’ত দিয়া মতে; যিটো ভয়ানক, শুকান অৱস্থা! এটা সৰু জুৰিৰ দৰে প্ৰৱাহ। আগতে অ ক ব-ত শ্ৰী ৰঞ্জিত বৰাই জনাইছিল যে সেয়া (নুন্যতম প্ৰৱাহ) হেনো কোনো এন জি অ’-ৱে (হয়তো ন্যায়ালয়ত) আপত্তি দৰ্শোৱাত, পিছলৈ কিছু পৰিমাণে বঢ়াবলৈ ৰাজি হয়। এইধৰণে, অনিষ্ট কিছু হ’ব; কিমানলৈ গ্ৰহণযোগ্য, তাৰো সংখ্যা থাকিব লাগে|
উচ্চতম হাৰত বিদ্যুত উৎপাদন কৰা অৱস্থাত ২৫৬০ কিউমেক হাৰত পানী এৰি দিয়াৰ তথ্য ‘ৱিকি’ত দিছে (তাৰ লগতে বাৰিষা spillway-ৰ পৰাও নিশ্চয় বহু পৰিমাণে পানী এৰি দিয়া হ’ব, যিটো তাৰ্বাইনৰ বাহিৰেৰে প্ৰৱাহিত হ’ব)। অনুমানিক হিচাপত, সৰ্বোচ্চ হাৰত ২৫৬০ x ৯.৮১ x ১০০ x ০.৮/১০০০ = ২০০৯, মানে প্ৰায় ২০০০ মেগাৱাট বিদ্যুত উৎপাদন।[১০০ মিটাৰমান- পানীৰ স্তম্ভ, ৮০%- এফিচিয়েঞ্চি, ৯.৮১ মিটাৰ প্ৰতি ছেকেণ্ড- ভাৰ সম্পৰ্কীয় ত্বৰণ (acceleration due to gravity; অসমীয়াত লিখা শব্দটো ভুলো হ’ব পাৰে, নাজানোঁ)|
গতিকে বহুল প্ৰচাৰিত প্ৰৱন্ধ আদিত, তথ্য, সংখ্যা আদিৰে বুজাই লিখিলে ছবিখন কিছু পৰিষ্কাৰ হয়। সেয়া নহ’লে, ভয় খুওৱা বা আশ্বস্ত কৰাটো সেই কাৰণে ঠিক নহয় বুলি ভাৱোঁ।

 

অচিন্ত বৰঠাকুৰ: “প্ৰযুক্তিবিদ্যাৰ গণিতৰ জটিলতাৰ মাজলৈ নগৈএটা উদাহৰণ দিলেই কথাটো বুজিবলৈ সহজ হ’ব। এটা সৰু হাতুৰীৰে কোব মাৰি দিলে ১২.৫ মেগা-পাস্কালৰ পৰা ৫০ মেগা-পাস্কাল দৃঢ়তাৰ প্ৰস্তৰ ভাগি টুকুৰা-টুকুৰ হৈ যাব। ৪ মেগা-পাস্কাল বা তাতকৈ কম দৃঢ়তাৰ প্ৰস্তৰ হাতেৰে টিপা মাৰি দিলেই ভাগি বালিৰ নিচিনা গুৰি হৈ যাব।”
– প্ৰান্তিক, ১-১৫ ছেপ্টেম্বৰ ২০১৪, পৃঃ ১৭ত তৰুণ চন্দ্ৰ ভট্টাচাৰ্যৰ প্ৰ‌ৱন্ধ “নামনি সো‌ৱণশিৰি প্ৰকল্পৰ অচলা‌ৱস্থাৰ অন্ত পৰিব কেতিয়া?”ৰ কিয়দাংশ।

ওপৰৰ এটা মন্তব্যৰ মতে মূল জলপ্ৰ‌ৱাহৰ নিম্নতম ২৫% পানী বান্ধলৈ নিনিয়াকৈ নদীৰ মূলসুঁতিত বৈ যাবলৈ এৰি দিয়াটো ভাৰতীয় সংবিধানৰ শেহতীয়া নিয়ম হেনো।ৰূপম মহন্ত ডাঙৰীয়া, চাবচোন! (কে‌ৱল সংখ্যা/তুলনাহে আগবঢ়াইছোঁ, এইকেইটা প্ৰসংগত মই একো নাজানো কিন্তু।)

ৰূপম মহন্ত :(হাতুৰি মাৰি ভঙা আৰু হেঁচা মাৰি ভঙাৰ মাজত পাৰ্থক্য আছে৷ হাতুৰিৰ কোবটো “ডাইনেমিক ইম্প্যাক্ট্”, য’ত চাপৰ পৰিমাণ বহুগুণে বৃদ্ধি হয়, লগতে কম পৰিমাণৰ ঠাইত কোব মৰাত সেই চাপ তীব্ৰ হয়৷ বান্ধৰ ক্ষেত্ৰত, প্ৰকাণ্ড বান্ধটোৱে শিলৰ ওপৰত জাঁপ মাৰিলে অলপ তেনেকুৱা হ’ব, কিন্তু জাঁপ নামাৰে, হেঁচা অৱশ্যে দিব!)

বান্ধৰ ক্ষেত্ৰত চাপ আহিব মূলতঃ – ১) নিজৰ ওজনৰ চাপ, ২) পানীৰ চাপৰ ফলত বান্ধৰ তলত সৃষ্টি হোৱা চাপ, ৩) ভূমিকম্পৰ ফলত সৃষ্টি হোৱা চাপ৷ এইখিনি মিলি বান্ধৰ তলৰ কিছু অংশত কম আৰু কিছু অংশত অধিক চাপৰ সৃষ্টি হ’ব৷ গতিকে এনে চাপৰ পৰিমাণ নিৰ্ধাৰিত বিধিমতে জোখৰ ভিতৰত থাকিলে, বান্ধৰ অনিষ্ট নহয় বুলি ক’ব পাৰি৷ সেইখিনি প্ৰৱন্ধত উল্লেখ নাই চাগে’ (প্ৰান্তিক পঢ়া নহয়)৷ আমাৰ বিশ্বাস সেইবোৰ ডিজাইনৰ সময়ত হিচাপ কৰা হৈছে, ইমান কেঁচা কাম কৰা বুলি ভবা নহয়৷ গেদীয় শিলৰ ভাৰ বহন ক্ষমতা উল্লিখিত- ৪, ৫ বা ৭ মেগা পাস্কেল আদিৰ তুলনাত বান্ধৰ পৰা চাপ কিমান পৰিব, সেইটোহে গুৰুত্বপূৰ্ণ ৷
(কল্পনা কৰিব পাৰি- এনেকুৱা শিলৰ ওপৰতে বিশাল পাহাৰবোৰ ঠিয় হৈ থাকে! হাতেৰে পিতিকি দিব পৰা মাটিৰ ওপৰতে বৃহৎ অট্টালিকা আদিও সঁজা হয় )

পানী প্ৰৱাহৰ ক্ষেত্ৰত “নিশ্চিতভাৱে” ২৫% -ৰ কথাটো ৬ কিউমেকতকৈ বহুত ভাল৷ সেয়া সন্তোষজনক হয় নে নহয় সেইটো পৰিবেশ বিজ্ঞানীয়েহে ক’ব পাৰিব৷

 

সাগৰৰ এঠাইতে থকা প্লেটফৰ্মবোৰ পাইল ফাউন্ডেশ্বনৰ ওপৰত থাকে আৰু সাগৰ সম্ৰাটৰ দৰে ঘূৰি ফুৰা ৰিগবোৰৰ ক্ষেত্ৰত সেইবোৰৰ খুটাবোৰৰ তলত ফাউন্ডেশ্বন থাকে, সেয়া মাটিৰ তললৈ সুমুৱাই দি কাম কৰা হয়৷ কাম হ’লে জ্যাকৰ সহায়ত পুনৰ উঠাই অনা হয়৷ সাধাৰণতে সাগৰৰ সেই পাইল একোটাৰ ভাৰ বহন ক্ষমতা ৩০০০-৬০০০ টন মান থাকে আৰু জ্যাক আপবোৰৰ ক্ষেত্ৰত কেতিয়াবা তাতকৈ বেছি হয়৷ সকলো ক্ষেত্ৰতে জিঅ’টেক্নিকেল জিঅ’ফিজিকেল আদি অধ্যয়ন থাকে৷

 

উদ্দীপ তালুকদাৰ: সৰু সৰু বান্ধ এগাল বান্ধিলে তো পৰিবই। ডাঙৰ বান্ধে মাত্ৰ এবাৰতে ডাঙৰকৈ পেলাব। ডাঙৰ বান্ধো ইক’ন’মিকেলী ভায়েনল নহ’ব পাৰে। আগতে ভালকৈ অংক কৰিব লাগিবই। ক’ৰবাত ক’ৰবাত আগতে বন্ধা বান্ধো ভাঙি পেলাবলৈ আৰম্ভ কৰিছে। তথ্য অনুসৰি (গুগলাই পোৱা) ২০০০ চন মানলৈ ডাঙৰ বান্ধ বন্ধাৰ ধুম আছিল। আটাইতকৈ বেছি আছিল ৮০-ৰ দশকত। লাহে লাহে যেতিয়া কুফলবিলাক ওলাবলৈ আৰম্ভ কৰিছে, তাৰ পাছত ডাঙৰ বান্ধ বন্ধাৰ পৰিমাণ কমি আহিছে, আমেৰিকাত শুনা মাতে ৫০০ মান ভাঙিলেহে। এতিয়া ডাঙৰ বান্ধ বন্ধা দেশ কেইখন ভাৰত, চীন আৰু আফ্ৰিকাৰ দেশ কিছূমান। অৱশ্যে ধনী দেশবিলাকে কেতিয়াবাই বান্ধবিলাক বান্ধি এতিয়া টান পাইহে ভাঙিবলৈ আৰম্ভ কৰিছে। বান্ধে যে নদীখনৰ ক্ষতি কৰি, পৰিৱেশত বেয়া প্ৰভাৱ পেলায়, সেয়া পূৰ্ণ মাত্ৰাই সঁচা। মই একমাত্ৰ পৰিৱেশৰ স্বাৰ্থতে কোনো বান্ধ বন্ধাৰ পক্ষপাতী নহয়। সিফালে কাৰেণ্টেই নাথাকক।

 

অভিজিত কলিতা: দেবব্ৰত গগৈ ডাঙৰীয়া, চাৰি বছৰ আগতে দিগন্ত শইকীয়াৰ নদীবান্ধ সম্পৰ্কীয় লেখাটোত মই অংশগ্ৰহণ কৰিছিলো, মনে মনে থকা বুলি ক’লে ভুল হব। আৰু দুটামান কথা মই স্পষ্টকৈ জনাই দিছো, ইয়াৰ পাছত আৰু কোনো সংশয় থকাটো মই বিছৰা নাই –
১। নিম্ন সোৱনশিৰিৰ নদী বান্ধ টো মই সমৰ্থনো নকৰো, বা বিৰোধিতাও নকৰো, সেইটো কৰিবলৈ মোৰ দক্ষতাও নাই, আৰু কোনেও মোক সেইটো কাম কৰিবলে কোৱা নাই। মই কেৱল বিছাৰো, ইয়াৰ ওপৰত যি সিদ্ধান্তই হওক, যুক্তিপূৰ্ণ হওক, ৰাইজৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকে হওক । গতিকে মোক “নদীবান্ধ সৰ্মথনকাৰী বিশেষজ্ঞ সমিতি” পাতি সজাগতা সৃষ্টি কৰিবলৈ উপদেশ দিয়াতো মই মোৰ ওপৰত ব্যক্তিগত আক্ৰমণ বুলি গণ্য কৰিছো, আৰু আশা কৰিছো ভৱিষ্যতে অকবৰ মজিয়াত এনে ধৰণৰ মন্তব্য নেপাম।
২। মই জলবিদ্যুৎ উৎপাদনৰ কেৱল কাৰিকৰী কথাখিনিহে অলপ অচৰপ জানো, কিন্তু নদীবান্ধত আচলতে কাৰিকৰী বিষয়ৰ উপৰিও, সামাজিক, সাংস্কৃতিক, পাৰিপাৰ্শ্চিক, ৰাজনৈতিক, আবেগিক, ঐতিহাসিক বহুতো দিশ জড়িত হৈ থাকে। সেই সকলো দিশ চাই চিতি এক সৰ্বসন্মত সিদ্ধান্ত দিয়া মোৰ সামৰ্থ্যৰ ভিতৰত নপৰে।
৩। মই ওপৰত দিয়া মন্তব্যৰ উদ্দেশ্য কেৱল প্ৰায়ে মানুহে আওকাণ কৰা কেইটামান সৰু সুৰা কাৰিকৰী কথা ৰাইজক জনোৱা হে আছিল, যাতে সিন্ধান্ত বোৰ লওতে সন্দৰ্ভিত লোকসকলৰ সুবিধা হয়। এই কথাখিনি বান্ধ বিৰোধীসকলৰ দুই এজনক ব্যক্তিগত ভাৱেও জনোৱাৰ চেষ্টা কৰিছো। ৬০ মেগাৱাটত কুৰিশ্বু প্ৰকল্পই যিমান ক্ষতি কৰিছে, সোৱণশিৰি কেৱল ১৮০০ মেগাৱাট হোৱাৰ বাবেই “১৮০০/৬০” গুণ ক্ষতি কৰিব বুলি কোনো বান্ধ বিৰোধীয়ে মন্তব্য কৰিলে আচলতে তেও নিজৰ স্থিতিৰহে ক্ষতি কৰিব। তথাপিও মোৰ কথাখিনিৰ পৰা যদি ৰাইজে মোক নদীবান্ধ সমৰ্থনকাৰী বুলি বুজিছে, তেনেতে মই মোৰ মন্তব্য আৰু তাৰ উদ্দেশ্য ভালদৰে প্ৰকাশ কৰিব নোৱাৰাৰ দোষ মূৰপাতি লৈছো, আৰু ক্ষমা বিছাৰিছো।

 

দেৱব্রত গগৈ:  অভিজিত কলিতা ডাঙৰীয়া , হয়তো মই আপোনাক মোৰ মনৰ ভাবখিনি ভালদৰে বুজোৱাত সমৰ্থ নহ’লো আৰু তাৰবাবে ক্ষমাপ্ৰাৰ্থী । আজিৰ পৰা চাৰি বছৰমানৰ আগতে অকবত সোমাৱাৰ পাছৰে পৰা যিকেইজন মুষ্ঠিমেয় ব্যক্তিৰ প্ৰতি মোৰ শ্ৰদ্ধাভাব জাগি উঠিছিল সেইসকলৰ ভিতৰত আপুনিও এজন আৰু সেয়ে আপোনাক যিকোনো পৰিস্থিতিতে ব্যক্তিগতভাবে আক্ৰমণ কৰাৰ ধৃষ্টতা মই কেতিয়াও নকৰো।

বাকী কথা হ’ল বৃহত নদীবান্ধৰ সৰ্ম্পকে। এইয়া সত্য যে নদীবান্ধৰ কোনো এজন নিৰ্দিষ্ট বিশেষজ্ঞ নাথাকে। যেনেকৈ তৈল উদ্যোগত পৰ্দাথবিদ, ৰসায়নবিদ, ভুত্ববিদ বা আন অভিযন্তাসকল থাকে কিন্ত কোনো নিৰ্দিষ্ট “তেল-বিশেষজ্ঞ” নাথাকে , ঠিক তেনেকৈ নদীবান্ধৰো কোনো নিৰ্দিষ্ট বিশেষজ্ঞ নাথাকে তথাপিও এনে কাৰিকৰি জ্ঞান থকা লোক থাকিব যাৰ নদীবান্ধৰ ওপৰত এক সামগ্ৰিক ধাৰণা আছে । এনে সামগ্ৰিক ধাৰণা তথা জ্ঞান থকা অসমীয়া ব্যক্তিসকললৈ আহ্বান জনাইছো যে যদিহে তেওঁলোকে নদীবান্ধক সৰ্মথন কৰে তেনেহ’লে নদীবান্ধৰ সৰ্মথনত সজাগতা সভাৰ আয়োজন কৰাটো আজিৰ সময়ৰ আহ্বান। মোৰ এইখিনি ব্যক্তিগত অনুভৱ আৰু এই অনুভৱখিনি সৃষ্টি হৈছে যোৱা 11 ডিচেম্বৰৰ পৰা। কাৰণ নদীবান্ধ বিৰোধী আন্দোলনকাৰীৰ একাংশই ( আচলতে সকলোৱেই ) দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ নামত যি ভেকোভাওনা পাতিলে তাকে দেখি আমি আচৰিত হৈছো। অসমৰ যিখন বিশেষজ্ঞ কমিটিয়ে প্ৰায় দুবছৰ কষ্ট কৰি প্ৰতিবেদন প্ৰস্তত কৰিছিল , সেইখনক দিল্লীৰ চৰকাৰে মাত্ৰ এদিনতে নাকচ কৰি দিলে আৰু আমাৰ আন্দোলনকাৰীসকলে তাক বিনা প্ৰতিবাদে মানি ললে। এজন বিশেষজ্ঞই হতাশ হৈ টিভি চেনেলৰ আগত ভাৰতৰ নাগৰিক হৈ থকাৰ ওপৰতো প্ৰশ্ন তুলিলে আৰু তাৰ বিপৰীতে আমাৰ মহান আন্দোলনকাৰী সকলে আলোচনা “সৌহাৰ্দ্যপূণ” বুলি আমাক বুজনি দিয়াবলৈ চেষ্টা চলাইছে। এইখিনিৰ পৰা আমি ইয়াকে উপলব্ধি কৰিছো যে আচলতে নদীবান্ধক লৈ কোনো “চিৰিয়াছ” নহয় আৰু নদীবান্ধৰ আন্দোলনৰ পৰা সকলোৱে নিজৰ নিজৰ মুনাফা আদায় লোৱাত ব্যস্ত। কোনোবা যদি কোনোবা আৰ্থিক কেলেংকাৰীৰ পৰা ৰক্ষা পৰাৰ হাথিয়াৰ ৰূপে এই আন্দোলনটোক ব্যৱহাৰ কৰাত লাগিছে , তেনেহ’লে একাংশই নিজৰ স্বায়ত্ব শাসিত পৰিষদৰ বাবে বৃহত পুঁজিত আদায়ত ব্যস্ত আৰু আন কোনোবা আকৌ 2016 চনৰ নিৰ্বাচনৰ বাবে টিকট যোগাৰ কৰাত ব্যস্ত। ( এইখিনি অভিযোগ এই প্ৰক্ৰিয়াটোৰ লগত জড়িত ব্যক্তিৰ পৰা পোৱা , কিন্ত মনে-প্ৰাণে আশাকৰো যে অভিযোগবোৰ মিছা হওক ) অৰ্থাত আমাৰ দৰে সাধাৰণ মানুহক ভেড়া সজাই এখিনি নেতা পালিনেতাই বৃহত নদীবান্ধ আন্দোলনটোক নিজ নিজৰ মুনাফা আদায়ৰ হাথিয়াৰ হিচাবে লৈছে আৰু ইয়াৰ পৰা প্ৰমাণ হয় যে নদীবান্ধে হয়তো আমাৰ একো অপকাৰ নকৰে আৰু সাধাৰণ মানুহক মুৰ্খ সজোৱাৰ বাদে এয়া আন একো নহয় । কিন্ত ইতিমধ্যে নদী বান্ধৰ বিপক্ষে এক বুজন সংখ্যক মানুহ গুচি গৈছে। সেইসকলক বুজনি দিবলৈ চৰকাৰ বা NHPC কোনেও চেষ্টা কৰা নাই । চৰকাৰে মাথো পুলিচ চিআৰপি লগাই আন্দোনকাৰীসকলক দমনত ব্যস্ত আৰু NHPC ব্যস্ত নেতাসকলক মেনেজ কৰাত। এইয়া বিখ্যাত অসম আন্দোলনৰ দৰে আন এক পৰিণতিৰ ফালে ধাবমান হবলৈ গৈ আছে ।য’ত নেতা ৰজা হবগৈ আৰু সাধাৰণ মানুহ শ্বহীদ হবগৈ।

সেয়ে পুনৰ দোহাৰিছো , নদীবান্ধ যদি সঁচাই আমাৰ বাবে ফলপ্ৰসু হয় তেনেহ’লে ইয়াৰ সপক্ষে থকা ব্যক্তিসকল আগবাঢ়ি আহক , সাধাৰণ ৰাইজক সজাগ কৰক।

( বৃহত নদীবান্ধৰ বিপৰীতে কিছুমানে যে 12% বিদ্যুত বিনামুলীয়াকৈ বিচাৰিছে , তাতো আমাৰ অসম মুলকৰ এচাম বিষয়া আমোলাৰ বিৰোধ আছে , কাৰণ তেওঁলোকে অসমৰ বিদ্যুতৰ অৱস্থা সদায় এনে হৈ থকাটোৱেই বিচাৰে , কাৰণ এনেকুৱা পৰিস্থিতিবোৰতে তেওঁলোকৰ সোণৰ কণী পৰা হাঁহবোৰ জীয়াই থাকে )

 

অগ্নিভ দত্ত: গগৈ ডাঙৰীয়া সম্পূৰ্ণ একমত আপোনাৰ কথাখিনিৰ সৈতে । নদীবান্ধৰ ভাল বেয়াৰ কথা আলোচনা নকৰাকৈ এটা কথা কব পাৰি যে এইটো এটা বৰ লাভজনক ৰাজনৈতিক বিষয় ।গতিকে এইটো টেকনিকেলতকৈ ৰাজনৈতিকভাৱেহে সমাধান হোৱাৰ সম্ভাৱনা আছে ।আজি কিছু বছৰৰ আগতে নয়ন শৰ্ম্মা (নামটো ঠিক মনত নাই) নামৰ IIT Roorkee ৰ river engineering বিশেষজ্ঞ এজনে বান্ধৰ সপক্ষে ক’ব আহি জাতিদ্ৰোহী আখ্যা পাই গৈছিল একেখিনি আন্দোলনকাৰীৰ ওচৰত ।

 

 

Comments

1 Comment so far

Jump into a conversation
  1. moloy
    #1 moloy 30 July, 2015, 22:41

    Recently we a team of engineers from NIT, Arunachal Pradesh has visted the NHPC project at gerukamukh and i asked a site engineer working there that if in the rainy season the water level rise to the level of dam height than will you allow the water to overflow it or you will open the flood gates. He replied very confidently that definitely he will open the flood gates to prevent the dam failure. Which means for engineers working there the security of dam is important than lives people whom are going to be affected by the flood water. Now it is up to the common sense of people of assam that they should allow the project or not!! it is totally up to the general people of assam. will you take current and give up your life security or keep your live security and dismiss the hydral project ?

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.