সম্পাদকলৈ চিঠি: ডাক্তৰৰ চেম্বাৰ (অঞ্জল বৰা)

সম্পাদকলৈ চিঠি: ডাক্তৰৰ চেম্বাৰ (অঞ্জল বৰা)

সম্পাদকলৈ চিঠি: ডাক্তৰৰ চেম্বাৰ (অঞ্জল বৰা)

by March 17, 2015 0 comments

সম্পাদকলৈ চিঠি:

প্ৰতি
সম্পাদক,
সাহিত্য ডট অৰ্গ
গুৱাহাটীলৈ অহাৰ পৰা ইটো-সিটো অসুখ-অসুবিধাৰ বাবে বিভিন্ন ডাক্তৰৰ ওচৰলৈ যাব লগা হৈছে৷ ডাক্তৰৰ ওচৰলৈ যাওঁতে চিকিৎসাৰ বাহিৰেও নানান অভিজ্ঞতাও হৈছে৷ তাৰে কিছুমান ভাল আৰু কিছুমান তিক্ততাপূৰ্ণ৷ মন কৰিছোঁ বৰ্তমান সময়ত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে চৰকাৰী চিকিত্সালয়, ব্যক্তিগত নাৰ্ছিং হোমৰ লগতে ডাক্তৰৰ ব্যক্তিগত চেম্বাৰসমূহো বৃদ্ধি পাবলৈ ধৰিছে৷ বহুতো ডাক্তৰে চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়োৱাৰ লগতে নাৰ্ছিং হোম আৰু ব্যক্তিগত চেম্বাৰসমূহতো সেৱা আগবঢ়ায়৷ কিন্তু বেছি সংখ্যক ডাক্তৰেই চেম্বাৰৰ বাবে নিজাকৈ সুবিধাজনক কোঠা লোৱা দেখা নাযায়৷ অনেক ডাক্তৰে ফাৰ্মাচীসমূহৰ লগত যোগাযোগ কৰি ফাৰ্মাচীসমূহৰ লগতে থকা এটা সৰু কোঠাত ৰোগী চাবৰ বাবে সুবিধা কৰি লয় বা ফাৰ্মাচীসমূহে ডাক্তৰসকলৰ বাবে নিজৰ এটা কোঠাতে সুবিধা কৰি দিয়ে৷ ফলত এনে ফাৰ্মাচীসমূহত পৰ্যাপ্ত স্থান নথকাৰ বাবে ৰোগী আৰু অভিভাৱকসকলে নানান অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছোঁ যে গুৱাহাটীৰ বহুতো ফাৰ্মাচী মূল পথৰ কাষত থকা পদপথসমূহৰ লগতে লাগি থাকে৷ য’ত ৰোগী আৰু অভিভাৱকসকলৰ যান-বাহন ৰখোৱাৰ কোনো সু-ব্যৱস্থা নাথাকে৷ তাতোকৈ ডাঙৰ কথা যে ৰোগীসকল বহিব পৰাকৈও পৰ্যাপ্ত আসন দিয়া নহয়৷ ৰোগীসকল কিবাকৈ বহিব পাৰিলেও অভিভাৱকসকল ঘণ্টা ঘণ্টা ধৰি থিয় হৈ থাকিবলগীয়া হয়৷ কেতিয়াবা একোজন ডাক্তৰৰ ওচৰলৈ ৩০-৪০ পৰ্যন্ত ৰোগী আহে৷ বহুতো ৰোগীৰ লগত আকৌ অভিভাৱকসকল আহে৷ কিন্তু ১০-১৫ জন ব্যক্তিও বহিব পৰাকৈ আসনৰ ব্যৱস্থা কৰা দেখা নাযায়৷ এনে ব্যৱস্থা যে অকল ব্যক্তিগত চেম্বাৰসমূহতে নাই এনে নহয়৷ doct

দুই এখন ব্যক্তিগত নাৰ্ছিং হ’মৰ বৰ্হি বিভাগতো পৰ্যাপ্ত আসনৰ অভাৱত ৰোগী আৰু অভিভাৱক থিয় হৈ থকা আমি দেখিবলৈ পাইছোঁ৷ কেইদিনমানৰ আগতে বেলতলাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ গৈছিলোঁ৷ শহুৰ দেউতাৰ অসুখ দেখুৱাবলৈ৷ বৰ্হি বিভাগৰ ডাক্তৰজনৰ কোঠাটো ঠিক মানুহ অহা-যোৱা কৰা কৰিড’ৰটোৰ কাষতে৷ কোনোমতে ৰোগীজন বহিব পাৰে৷ অভিভাৱকসকল বাহিৰত থিয় হৈ থকাৰ বাবে আন সুবিধা নাই৷ আনকি ওপৰত ফেন এখনো নাই৷ একেই অৱস্থা মালিগাঁওৰ বহুকেইখন ডাক্তৰৰ চেম্বাৰত৷ কোনোমতে কোঠাটোত ডাক্তৰ আৰু ৰোগীজন সোমাব পাৰে৷
একোজন ডাক্তৰে যিহেতু ৰোগীসকলৰ পৰা ৩০০-৪০০ টকা মাচুল লয়, গতিকে ন্যূনতম সুবিধা যেনে বহাৰ আসন, পানী আদিৰ ব্যৱস্থা কৰা উচিত৷ আনহাতে ডাক্তৰসকলেও পদপথৰ কাষৰ ফাৰ্মাচীসমূহৰ কম স্থানতে চেম্বাৰৰ ব্যৱস্থা কৰাতকৈ অকণমান আহল-বহল কোঠা এটা ভাড়ালৈ লৈ ৰোগী চোৱাৰ ব্যৱস্থা কৰিলে ৰোগী আৰু অভিভাৱকসকলৰ সুবিধা হয়৷ আকৌ কেতিয়াবা দেখা যায় পূৰ্বতে নামভৰ্তি কৰি ৰখাৰ পিছতো সময়ৰ অভাৱত পিছত ৰোগীসকলক সেইদিনালৈ ঘূৰাই পঠিয়ায়৷ ইয়াৰ ফলত ৰোগী আৰু অভিভাৱকসকল সময়, অৰ্থ আৰু স্বাস্থ্য তিনিওটাই হানি হয়৷ গতিকে ডাক্তৰসকলে তেওঁৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমান ৰোগী চাব পাৰিব তাক আগতিয়াকৈ নিৰ্ধাৰণ কৰি ৰখা উচিত৷ ডাক্তৰ আৰু ৰোগীৰ সম্পৰ্ক অভিন্ন৷ এজন ব্যক্তিয়ে নিশ্চয়কৈ কোনো শাৰীৰিক কষ্ট লাঘবৰ বাবেই ডাক্তৰৰ ওচৰলৈ আহে৷ গতিকে সেই ব্যক্তিসকল অকল চিকিত্সাৰ দিশটোতে মন নিদি ন্যূনতম সুবিধাসমূহৰ প্ৰতিও ফাৰ্মাচী আৰু ডাক্তৰসকলে মন দিয়া উচিত৷
ইতি,
অঞ্জল বৰা

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.