কার্টুনিষ্ট নিতুপর্ণ ৰাজবংশীৰ লগত কিছু অন্তৰংগ আলাপ

কার্টুনিষ্ট নিতুপর্ণ ৰাজবংশীৰ লগত কিছু অন্তৰংগ আলাপ

কার্টুনিষ্ট নিতুপর্ণ ৰাজবংশীৰ লগত কিছু অন্তৰংগ আলাপ

by March 17, 2015 1 comment

1011433_142115759317247_1748284183_nশৈশৱত ক্রিকেটৰ বল তুলি ল’লেই নিজকে কপিলদেৱ, মার্চিয়েল আটৰ স্কুলত যোগদান কৰি নিজকে ব্রুচ লী বুলি ভাবি ভাল পোৱা নিতুপর্ণ ৰাজবংশীৰ জন্মস্হান বৰপেটা জিলা সৰভোগত। ১৯৮২ চনৰ ফেব্রুৱাৰী মাহত। জন্ম গ্রহণ কৰিয়েই অঘোষিত ভাবে ঘোষনা কৰিছিল যে সৰভোগৰ দৈৰ দৰে তেঁৱো এদিন বিখ্যাত হ’ব। অসাধাৰণ প্রতিভা দক্ষতা আৰু সাধনাৰ বলত তেঁও আজি অসমৰ এজন অন্যতম শ্রেষ্ঠ কার্টুনিষ্ট। ডাক্টৰ ইঞ্জিনীয়াৰৰ তথাকথিত ৰাস্তাটোৰে নগৈ কার্টুনৰ দৰে এটি ৰাস্তা বাছি লোৱাত তেঁওৰ ঘৰখনৰো সঁহাৰি আৰু প্রেৰণা সঁচাই ব্যতিক্রমী। তেঁওৰ প্রতিটো কার্টুনে প্রতিবাৰেই মন মগজুত সাঁচ বঢ়াই যায়। মূলত জনসাধাৰণ, আমাৰ অসম, অসমীয়া খৱৰ,মুকুটা, অনুভূতি,সাম্প্রতিক অসমত অঁকাৰ উপৰিও অন্যান্য বিভিন্ন কাকত আলোচনীত তেঁও কার্টুন আঁকে।জি এন আৰ চি মেডিয়া ফেল’শ্বিপ ২০১২, যুগশংখ সাংবাদিক বঁটা(ৰাজনৈতিক বিভাগ) ২০১৩ ইত্যাদিৰে বিভূষিত খুবেই অমায়িক আৰু ৰসাল ব্যক্তিত্বৰ নিতুপর্ণ ৰাজবংশীৰে হোৱা সাক্ষাৎকাৰ লিখিত ৰুপে আপোনালোকলে আগবঢ়ালো।

সা: অ: আপোনাৰ বিষয়ে কওক চোন? ক’ত কেতিয়া কেনেকৈ কি পৰিবেশৰ মাজেৰে আজিৰ নিতুপর্ণ ৰাজবংশী হ’লহি?

নি:ৰা: – আমি তেনেই সাধাৰণ ঘৰৰ ল’ৰা। সেই গতিকে সাধাৰণভাৱেই আমাৰ জীৱনশৈলী গঢ় লৈছিল। সাংঘাতিক উচ্চাকাংক্ষা নাথাকিলেও সপোন আৰু কল্পনাৰ অন্ত নাছিল। কেতিয়াবা ক্ৰিকেট খেলি থাকোতে কপিলদেৱ হ’বলৈ মন গৈছিল, ফুটবল খেলি থাকোতে মাৰাডোনা বা পেলে, বাছত মা-দেউতাহঁতৰ লগত ফুৰিবলৈ গ’লে জীৱনত হেণ্ডিমেন হোৱাৰ এটা সপোন কঢ়িয়াই লৈ ফুৰিছিলোঁ। টিভিত চাহপাতৰ বিজ্ঞাপনত জাকিৰ হুছেইনৰ যাদুকৰী ভংগিমা দেখি তবলা বাদক হ’বলৈ মন গৈছিল। আমাৰ ঘৰৰ ওচৰত এজন নিপুন চোৰ আছিল। তেওঁৰ কৌশলী চৌৰ্য বৃত্তি আমাৰ বাবে আছিল পৰম আগ্ৰহ আৰু ৰহস্যৰ বিষয়। তবে, এজন পাকৈত “চোৰ” হোৱাৰো প্ৰৱল হেঁপাহ আছিল। চৰকাৰী চাকৰিয়াল হোৱাৰ সপোন দেখা নাছিলোঁ। বহু ইচ্ছাৰ মাজতে ভিতৰি গাঢ় হৈছিল ‘মাৰ্চিয়েল আৰ্ট’ শিকাৰ ইচ্ছা । পিছে ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান হোৱা হেতু মাহঁতৰ বাধাত সেইফেৰা তাতেই সামৰি “ফাইন আৰ্ট”হে আকোৱালি ললোঁ। আছলতে এই চিত্ৰকলা শিক্ষা পঘা হিচাপেহে মাহঁতে মোৰ বাবে ব্যৱহাৰ কৰিছিল। কাৰণ আমি সম্পূৰ্ণ ৰূপে আছিলোঁ বনৰীয়া। আৰু আমাক ঘৰচীয়া কৰাৰ প্ৰয়াসেৰে মাহঁতে ছৱি অঁকাৰ শিক্ষা ল’বলৈ হেচুকি-থেলি দিয়াৰ পাছত এটা নতুন সপোন গঢ় ল’লে। ছৱি আঁকি থাকোঁতে, সপোন দেখিলোঁ ভিন্সি অথবা পিকাছো হোৱাৰ। কিন্তু, সময়, পৰিস্থিতি আৰু মানুহৰ সংঘাত আৰু যন্ত্ৰনাই আমাক ইমানেই দকৈ বিদ্ধ কৰিছিল যে, সাধাৰণ মানুহৰ খং, ক্ষোভ, দ্ৰোহ, অসন্তুষ্টিক কাৰ্টুনৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ মন বান্ধি ললোঁ। মুঠ কথাত, আমাৰ বাবে কাৰ্টুন প্ৰতিবাদৰ ভাষা। সাধাৰণ জনৰ কাৰণে কাৰ্টুনক উচৰ্গা কৰি আগবাঢ়িছোঁ, সেয়ে আমাৰ পৰিচয়ো তেনেই সাধাৰণ। আৰু এইভাৱেই আগবাঢ়িবলৈ নিৰন্তৰে চেষ্টা চলাই আছোঁ।

সা: অ:  ডাক্টৰ ইঞ্জিনীয়াৰ বাহিৰে আন কিবা পেছা থাকিব পাৰে বুলি ভাবিব নোৱাৰা পৰিবেশ এটাত কার্টুন প্রতি কেনেকৈ আকর্ষিত হ’ল। আৰু কোনে কেতিয়া প্রথমবাৰৰ বাবে আপোনাৰ এই প্রতিভাটো আবিষ্কাৰ কৰিছিল। ঘৰৰ পৰা কেনে ধৰণৰ সঁহাৰি অথবা প্রেৰণা পাই আহিছে।

নি:ৰা: আমাৰ জন্মস্থান সৰভোগ বিশেষত: বাওঁ ৰাজনীতিৰে চৰ্চিত। ইয়াৰ পৰা আমিও মুক্ত নাছিলোঁ। ৰাজনৈতিক-সামাজিক আৱহাৱাই আমাৰ মানসিক উত্তৰণত প্ৰাভাৱ পেলাইছিল। সাধাৰণ জনৰ দূৰ্দশাৰ সৈতে আমাৰ নিকট সম্পৰ্ক আছিল। দৈনিক বা সাপ্তাহিক হাটত এজন সাধাৰণ খুচুৰা বেপাৰী হিচাপে বাৰীৰ সৰু-সুৰা দুই-এপদ সামগ্ৰী বিক্ৰী কৰিবলৈ গৈ শৈশৱৰ এছোৱা সময় অতি সাধাৰণ মানুহক আৰু ওচৰৰ পৰা বুজাৰ সুযোগ পোৱাৰ লগতে, সেইদৰে সাধাৰণ জনক নিজৰ ৰুচি অনুসৰি শোষণ কৰা কেইবাশ্ৰেণীৰ মানুহকো জনাৰ সুযোগ পাইছিলোঁ। তথাকথিত “মাছ-কমিউনিকেচন”ৰ বিপৰীতে আমাৰ এই পৰম্পৰাগত “মাছ-কমিউনিকেচন”-এ আমাক জীৱনক বুজিবলৈ উদ্বুদ্ধ কৰিছিল।যন্ত্ৰণাকাতৰ মানুহৰ কথাবোৰ কাক কেনেকৈ জনাম, সেয়া বয়সৰ সীমাবদ্ধতাৰ বাবে ওৱাদিহ পোৱা নাছিলোঁ। তৎকালীন দৈনিক কাকতত প্ৰকাশিত দেশৰ কেবাজনো প্ৰসিদ্ধ কাৰ্টনিষ্টৰ কাৰ্টুনে আমাৰ ভিতৰৰ মানুহজনক জগাইছিল। আৰু তেনেকৈয়ে সম্ভৱ আমাৰ ভিতৰত থকা “কাৰ্টুনিষ্ট” জনৰো আৱিস্কাৰ হ’ল । ১৯৯৭ চনত যেতিয়া কাৰ্টুন আঁকিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া কাৰ্টুন আঁকিয়েই ভাত মোকলোৱাৰ কল্পনা নাছিল, আজিও নাই। মাথোঁ, মানুহৰ বাবে কাৰ্টুন আঁকিব লাগে বুলিহে ভাৱি আমি এনে এক সিদ্ধান্ত লৈছিলোঁ, য’ত ভৱিষ্যত আছিল সমূলি অনিশ্চিত। নিজৰ সন্তানক অভিভাৱকে সুনিশ্চিত ভৱিষ্যত সম্বলিত, আৰ্থিকভাৱে স্বচ্ছল, পেশাৰ বাবে উৎসাহিত কৰাৰ বিপৰীতে আমাৰ সহজ মা-দেউতাই পিছে আমি কার্টুনিষ্ট হোৱাটোৱেই বিছাৰিছিল। তেওঁলোকৰ আগ্ৰহ, সহাৰি, প্ৰেৰণা বিনে কাৰ্টুন আঁকাটো আমাৰ কাৰণে দূৰুহ আছিল। কাৰ্টুনৰ প্ৰকৃত গূঢ়াৰ্থ তেওঁলোকে বুজি উঠাৰ পাছতেই আমাক এৰি দিছিল আমাৰ মতে চলিবলৈ। আৰু নচিকেতাৰ গানত কাৰ্টুনিষ্টৰ কথা শুনি দেউতা প্ৰায় বিভোৰ হৈছিল।
সা: অ:  পোন প্রথমবাৰৰ বাবে অঁকা কার্টুনতো কি আছিল?

নি: ৰা: প্ৰথম কাৰ্টুনটোৱেই আছিল ৰাজনৈতিক। ১৯৯৮ চনত ‘অবিকল’ৰ জানুৱাৰী মাহৰ সংখ্যাটোত প্ৰকাশ পোৱআ এই কাৰ্টুনটোত শিক্ষকে ছাত্ৰক সোধে “পৃথিৱীৰ আটাইতকৈ ওখ ঠাইখনৰ নাম কি ?” ছাত্ৰৰ উত্তৰ আছিল, “মন্ত্ৰীৰ আসন”!

সা: অ:  প্রিয় কাটুনিষ্ট বুলিলে কাৰ নাম মনলৈ আহে। তেওৰ কার্টুনৰ কি বিশেষ গুণে আকৃষ্ট কৰে?

নি: ৰা: প্ৰাতঃস্মৰনীয় আৰ কে লক্ষ্মণ প্ৰিয়ই নহয়, তেওঁ আমাৰ পথ প্ৰদৰ্শকো। তেওঁৰ স্থান গুৰু-আসনত আৰু এই মূহূৰ্তত আমাৰ প্ৰিয় কাৰ্টুনিষ্ট কেশৱ আৰু সুৰেন্দ্ৰ। দুয়োজন প্ৰসিদ্ধ কার্টুনিষ্টৰ বিষয়বস্তু আৰু উপস্থাপন শৈলীয়ে আমাক নতুন চিন্তাৰ খোৰাক যোগায়। কাৰ্টুনৰ প্ৰকৃত চেতনাক তেওঁলোকে অতি সাৱলীল ভাৱে প্ৰকাশ কৰা গুণটোৱে আমাক নিষ্ঠা আৰু সততাৰে কাৰ্টুন চৰ্চাৰ প্ৰতি সদায় আগ্ৰহী আৰু দায়বদ্ধ কৰি ৰাখে।

সা: অ: অসমত কার্টুনিষ্টকে পেছা হিচাপে ল’ম বুলি ভবা এজনৰ বাবে মানসিক আৰু আর্থিক ভাবে পৰিবেশটো কিমান অনুকুল ।

নি: ৰা: কাৰ্টুনক পেছা হিচাপে লোৱাৰ অৱকাশ অসমত যথেষ্টই আছে, মাথোঁ প্ৰয়োজন কাৰ্টুনিষ্টজনৰ দক্ষতা আৰু প্ৰতিভা। এই গুণে মানসিক আৰু আৰ্থিক পৰিৱেশটো অনুকুল কৰি তোলাৰ সম্ভাৱনা প্ৰৱল।

 

সা: অ: আপুনি বহু সময়ত বহু স্পর্শকাতৰ বিষয়ত কার্টুন আকিছে। সেই বিষয়বোৰক লৈ কেতিয়াবা সম্পাদকৰ হস্তক্ষেপ অথবা কোনো পক্ষৰ ভাবুকি আদি প্রতিকুল পৰিস্থিতিৰ সন্মুখীন হৈছেনে কেতিয়াবা?

নি: ৰা: অৱশ্যে আমি অঁকা কাৰ্টুনত সম্পাদকৰ হস্তক্ষেপ আজিলৈ অহা নাই। এই ক্ষেত্ৰত আমাৰ স্বাধীনতা বাহাল আছে। অৱশ্যে আমি বিষয়সাপেক্ষে কেতিয়াবা সম্পাদকৰ লগত কেতিয়াবা আলোচনা কৰোঁ, এয়া যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্টুনৰ বাবে। যিহেতু, একোটা কাৰ্টুন কাকত এখনে সম্পাদকীয় হিচাপে প্ৰকাশ কৰে। আনহাতে স্পৰ্শকাতৰ কেতবোৰ বিষয় লৈ অঁকা কাৰ্টুন সংক্ৰান্তত বিভিন্ন পক্ষৰ পৰা ভাবুকি লাভ কৰাৰ ওপৰি কটু কথা আৰু অশ্ৰাৱ্য গালি-গালাজ শুনাটো আমাৰ নিত্য-নৈমিত্তিক ঘটনা। তদুপৰি, স্থানভেদে প্ৰতিকূল পৰিৱেশৰো সৃষ্টি নোহোৱা নহয়, তাক পিছে বয়কট কৰোঁ। পিছে এয়া যে এজন কাৰ্টুনিষ্টৰ বাবে পুৰস্কাৰ, সেই কথা সংশ্লিষ্ট পক্ষক জানিবলৈ নিদিওঁ, সেয়ে এনে ভাবুকিৰ বিৰুদ্ধে আমি বিনয়েৰেই নীৰৱ-নিটাল।

সা: অ: অসমৰ প্রেক্ষাপটত এই পেছাত প্রতিষ্ঠা লাভ কৰা ব্যক্তিৰ সংখ্যা তুলনামুলক ভাবে কম। তথাপিও চিৰঞ্জীব অথবা উৎপল তালুকদাৰৰ দৰে প্রতিষ্ঠিত সমসাময়িক কার্টুনিষ্টৰ সতে আপুনি কিবা প্রতিযোগীতা অনুভৱ কৰে নে?

নি: ৰা: প্ৰতিযোগিতা আৰু তুলনাকৰণৰ প্ৰতি আমি মুঠেও আগ্ৰহী নহওঁ। সততা আৰু নিষ্ঠাৰে কাম কৰা প্ৰতিজন শিল্পীৰ প্ৰতি আমাৰ অপাৰ শ্ৰদ্ধা আৰু ভক্তি আছে। পিছে, যিয়ে কাৰ্টুনক লঘু কৰিছে তেওঁৰ প্ৰতি আমাৰ দৃষ্টিও লঘু। কাৰণ, কাৰ্টুন কৌতুক নহয়। সজ কথাত কামটোহে মূল কথা। আমাৰ বাবে কাৰ্টুন আমাৰ জীৱনৰ মূল ধৰ্ম, লক্ষ্য আৰু উদ্দেশ্য। সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰে এই শিল্পৰ তেনেই সাধাৰণ ছাত্ৰ হিচাপে নিজক নিয়োজিত কৰিছোঁ। ছাত্ৰই ফেৰ নামাৰে, শিক্ষা লয় আৰু অধ্যয়ন কৰে।

সা: অ: শেহতীয়াকৈ উৎপল তালুকদাৰে স্বর্গীয় পৰাগ কুমাৰ দাস সাংবাদিক বঁটা লাভ কৰিলে। বঁটা বাহনে মানুহ এজনৰৰ জীৱনত কিমান দুৰ প্রভাৱ পেলাই বুলি অনুভৱ কৰে।

নি: ৰা: উপহাৰ, বঁটা-বাহন আমাৰ সদায় প্ৰিয়। বৰ লোভ লাগে! পিছে, দোকানৰ দামী মিঠাই ক্ৰয় কৰিবলৈ আমি বহুসময়ত যিদৰে অক্ষম, সেইদৰে এনে পুৰস্কাৰ পাবলৈ আমাৰ যোগ্যতাও সক্ষম নহয়! বঁটা বাহনে এজন মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাই, সেয়া বঁটা লাভ কৰাৰ পাছতহে সঠিকভাৱে ক’ব পাৰিম। বঁটা-বাহন নালাগে বুলি কৈ পোছাকী বিনয় প্ৰকাশ কৰাৰ মানসিকতা আমাৰ নাই। কোনোবাই উপহাৰ দিলে ভালেই পাঁওচোন ! পিছে, বঁটা-বাহনৰ বাবে কাৰ্টুন চৰ্চা কাহানিও কৰা নাই। সৰল মানুহৰ সৰল অথচ সততে কঠোৰ সমালোচনা আমাৰ বাবে সঁচা পুৰস্কাৰ।

সা: অ: আজি কালি দেখা যায় বহুত শিল্পীয়ে বিতর্কৰে বিখ্যাত হোৱাৰ চেষ্টা কৰে। কিছু বছৰ আগতে অসীম ট্রিবেদী নামৰ কার্টুনিষ্ট এজনে বিতর্কিত কার্টুনেৰে দেশজুৰি খলকনি তুলি বিখ্যাত হৈ পৰিছিল। আপোনাৰো মনলে তেনেদৰে বিখ্যাত হোৱাৰ ভাৱ আহে নেকি?

নি: ৰা: কেতিয়াবা বিখ্যাত হৈ যাম বুলি বৰকৈ ভাৱোঁ! এনেকুৱা বিখ্যাত যে, দিনে-ৰাতিয়ে চকুত চান-গ্লাছ আঁৰি যতে-ততে ঘূৰ্মূটিয়াই ফুৰিম ! মানুহে আমাৰ কেৱল ওঁঠজুৰিহে দেখিব, চকু-চেলাউৰি নেদেখিব। পিছে দৃষ্টিশক্তি কম; সেই গতিকে গেধেপা বিতচকুযোৰ লৈয়ে কলমটিয়াই আছোঁ ! না গ্লেমাৰ আছে, কুকাৰত ভাত ৰান্ধি খাওঁ কাৰণে না ভাতৰ মাৰ আছে, আছে কেৱল মাধমাৰ !! কাৰ্টুন আঁকি অলপ চা-চিনাকি বাঁঢ়োতে, হাতত এপাত খাৰু পিন্ধি নিজকে বিখ্যাত কাৰ্টুনিষ্ট বুলি ভাৱিবলৈ লৈছিলোঁ। সোঁহাত খাৰু আৰু ঘড়ী পিন্ধি ভাল পাওঁ, কিবা “এক্সট্ৰা” যেন লাগে ! পিছে সমস্যাটো হ’ল- কাৰ্টুন আঁকিবলৈ লওঁতে খাৰু আৰু ঘড়ীয়ে টেবুলত হাত সঞ্ছালনাৰ লগে লগে সৃষ্টি কৰা ঘেটেঙ-মেতেঙ শব্দত তাক সিমানতে বিসৰ্জন দিলোঁ। মাজতে ক’লা টি-চাৰ্ট কিনি গ্লেমাৰাছ কাৰ্টুনিষ্ট হোৱাৰ চখ এটাই উক দিছিল। পিছে মুখৰ ক’লা বৰণ আৰু টি-চাৰ্টৰ ক’লা বৰণে যাদুহে সৃষ্টি কৰিলে! বাটত খোজ কাঢ়িলে মানুহে কেৱল নীলা জিনছটোহে দেখা পায়। সেয়াও তাতেই ইতি পৰিল। এবাৰ ভাৱিলোঁ দীঘল চূলি ৰাখি সাংঘাতিক অপ্ৰমাদী শিল্পী হ’ম ! পিছে উফিৰ যি সমস্যাই গা কৰি উঠিলে, চিনাকী নাপিত এজনে তেওঁৰ দুই আঁঠুৰ মাজত আমাৰ মূৰটো চেপি ধৰি ‘বাটি’ কাট দি দিলে !! বিখ্যাত হোৱাৰ উদগ্ৰ বাসনা তাতেই জয় পৰিল! এনেকুৱা আৰু অলেখ ব্যতিক্ৰমী প্ৰয়াস আমি কৰিছিলোঁ, বিখ্যাত হে হৈ নুঠিলোঁ!! অৱশ্যে আজিও ব্ৰেণ্ডেড জীনছ পেণ্ট-চাৰ্ট পিন্ধি, নিজকে প্ৰগতিশীল কাৰ্টুনিষ্ট বুলি, ক’ৰবাত সুযোগ পালেই দাবী কৰোঁ ! পিছে, কামৰ তাগিদাত পাহৰি যাওঁ কেনেকৈ বিখ্যাত হওঁ !! ছাগে কাৰ্টুনত “ফিউজন” কৰিব পৰা হ’লে ইমান দিনে বিখ্যাত হ’লোহেঁতেন; কিন্তু বিখ্যাত নহ’লেও “বিহ-খ্যাত” হ’ব পাৰিছোঁ !

সা: অ: শেহতীয়াকৈ দেশৰ প্রখ্যাত কার্টুনিষ্ট আৰ কে লক্ষ্মনৰ দেহবসান ঘটিল। তেওঁৰ কার্টুনে কেনেদৰে প্রভাৱিত কৰে আপোনাক।তেখেতৰ সান্নিধ্যৰ সৌভাগ্য হৈছিল নেকি?

নি: ৰা: কৃতবিদ্য কার্টুনিষ্ট  আৰ কে লক্ষ্মনৰ প্ৰতিটো কার্টুনেই দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক ঘটনাপ্ৰৱাহৰ দলিল। কাৰ্টুন আঁকিবলৈ ল’লে তেওঁৰ প্ৰতি শ্ৰদ্ধা-ভক্তিত মূৰ দোঁ খায়। তেওঁৰ পুংখানুপুংখ দৃষ্টি, বিশ্লেষণ আৰু কাজী অংকণ শৈলীক অধ্যয়ন কৰোঁ, সমানেই গভীৰ শ্ৰদ্ধা কৰোঁ। অনুকৰণ কৰিবলৈ চেষ্টা নকৰোঁ। তেওঁৰ কাৰ্টুনৰ পৰা কাৰ্টুন কেনেকৈ আঁকিব লাগে আৰু কাৰ্টুনৰ ধৰ্ম কেনেকৈ ৰক্ষা কৰিব লাগে, তাক শিকাৰহে প্ৰয়াস কৰোঁ । তেওঁৰ সান্নিধ্য লাভৰ সুযোগ আমাৰ নহ’ল। ভাগ্যত আমি মুঠেও বিশ্বাস নকৰোঁ। তেওঁ অঁকা কাৰ্টুনৰ সৈতেই আমাৰ আছে নিবিড় সান্নিধ্য।

সা: অ: এই মাহৰ থীম হিছাপে লোৱা হৈছে ‘নাৰী.. অর্ধ আকাশ’। থীমতোৰ বিষয় বস্তু আপোনাৰ অনুভৱেৰে জনিব খুজিম?

নি: ৰা: নাৰী অৰ্ধ আকাশ?আকাশৰ আকৌ অৰ্ধ বা সম্পূৰ্ণ কি থাকে আমি মুৰুখমতিয়ে বুজি নেপাওঁ ! শাকৰ মাছ কোনোমতে ধৰি খাব জনা হোৱাৰে পৰা আকাশৰ সীমাহীন বিশালতাক দেখিছোঁ। সেই বিশালতা মাৰ অন্তহীন মমতাৰ দৰে। তাক গোটা ফল কাটি আধা কৰাৰ দৰে আধা হিচাপে নিশিকিলোঁ। অন্য দিশে আমি সাংঘাতিক মানৱতাবাদৰ কথা কৈ আনপিনে নাৰীবাদ বুলি ডিঙিৰ শিৰ ফুলাই সামাজিক প্ৰদূষণ সৃষ্টি কৰাত ব্যক্তিগতভাৱে আমাৰ ঘোৰ আপত্তি আছে। মানৱতাবাদত নাৰী-পুৰুষ বুলি কথা নাই। মুঠ কথাত মানুহ যেতিয়া মানৱতাবাদত বিলীন, তেন্তে নাৰীবাদ বা পুৰুষবাদৰ চিন্তা আৰু চৰ্চা কিয়, তাক আমাৰ দৰে অধমে বুজি নেপাওঁ। আমি সদায় “মানুহ” হিচাপে দৃষ্টি নিক্ষেপ কৰোঁ; শাৰীৰিক অৱয়বৰ পিনৰ পৰা মা মহিলা, দেউতা পুৰুষ। কিন্তু তেওঁলোকৰ ঐক্যমত, চিন্তা-চৰ্চা, জীৱনশৈলীয়ে আমাৰ  ঘৰখন মানুহৰ ঘৰ কৰি ৰাখিছে। এইখন ঘৰৰ ওপৰত এখনেই আকাশ। আধা বা সম্পূৰ্ণ নহয় । সেয়ে আকাশৰ বিশালতাক আমি ভাগ কৰিব নোখোজোঁ !

 

সা: অ: শেষত এটি ব্যক্তিগত প্রশ্ন। আপুনিটো কংগ্রেছ পার্টীৰ হাইকামাণ্ডকে ধৰি বিয়াগোম  বিয়াগোম ৰাজনীতিকৰ  কার্টুন অকাঁৰ সাহস বহুবাৰ  কৰিছে। পিছে ঘৰৰ হাইকামাণ্ডৰ কার্টুন অঁকাৰ সাহসে কুলাইছেনে আজিলৈকে কেতিয়াবা। আৰু ভুলতে কেতিয়াবা আঁকি উঠাৰ পিছৰ সাম্ভাব্য পৰিস্থিতিক এটা শব্দৰে কি বুলি ক’ব।

নি: ৰা: এই ব্যক্তিগত প্ৰশ্নটোৰ উত্তৰ আপোনাক ব্যক্তিগতভাৱেই দিবলৈ পালে আমাৰ উভয়ৰে মংগল হ’ব যেন পাওঁ !!! অপোনাৰ ভাষাত এটা শব্দৰে কওঁ – “পাছে-পৰে”!!

Comments

1 Comment so far

Jump into a conversation

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.