জুবলীৰ দৰে মহিলাসকলৰ পথবোৰো কিন্তু ইমান সুগম নহয় – পঙ্কজ জ্যোতি মহন্ত

জুবলীৰ দৰে মহিলাসকলৰ পথবোৰো কিন্তু ইমান সুগম নহয় – পঙ্কজ জ্যোতি মহন্ত

জুবলীৰ দৰে মহিলাসকলৰ পথবোৰো কিন্তু ইমান সুগম নহয় – পঙ্কজ জ্যোতি মহন্ত

by May 14, 2015 1 comment

(সম্পাদকীয় টোকা: এই মাহৰ সাহিত্য ডট অৰ্গৰ থিম “ সংস্কৃতিৰ সংকৰায়ণ”ৰ লগত মিল থকাৰ বাবে আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ বহু সংখ্যক সদস্যয়ে তেওঁলোকৰ বহুমূলীয়া মন্তব্য আগবঢ়োৱাৰ ফলশ্ৰুতিত এই আলোচনাটি নিৰ্বাচিত কথা বতৰাৰ বাবে বাচনি কৰা হ’ল ।)

পঙ্কজ জ্যোতি মহন্ত:

[লেখাটো লিখা চাৰিদিনমান হ’ল। গৰমে গৰমে মানুহবোৰ উত্তেজিত হৈ পৰিব বুলি আৰু ভূমিকম্পত সকলোৰে হৃদয়খন কঁপি আছে বুলি লগে লগে ইয়াত নিদিলো। এতিয়া কথাবোৰ বিবেচনা কৰি চাব পাৰে এবাৰ…। ]

মানুহে প্ৰকৃতিৰ সৈতে কৰিবলগা হোৱা যুদ্ধবোৰ, খাদ্য আহৰণৰ বাবে কৰিবলগা হোৱা কষ্টবোৰ আৰু সন্তানৰ নিৰাপত্তাৰ বাবে কৰিবলগা হোৱা কামবোৰে এসময়ত যেনেকৈ সভ্যতা বা সমাজৰ বিকাশ সাধনত প্ৰধান কাৰক হিচাপে কাম কৰিছিল, ঠিক তেনেকৈ আধুনিক সময়ত ভুক্তভোগীয়ে নিজেই নিজৰ মত ব্যক্ত কৰাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে বা তাৰ সামৰ্থ্য আহৰণ কৰিবৰ বাবে কৰি অহা কামবোৰে সভ্যতা বা সমাজৰ বিকাশ সাধনত অন্যতম কাৰক হিচাপে ক্ৰিয়া কৰিবলৈ ধৰিলে। সেইয়া, যুগ যুগ ধৰি ইতৰ প্ৰাণীৰ দৰে ব্যৱহৃত নিগ্ৰোসকলে নিজৰ দুৰৱস্থাৰ কথা জগতক ব্যক্ত কৰিবলৈ পৰিৱেশ গঢ়ি তোলাটোৱেই হওক, নিষ্পেষিত দৰিদ্ৰ শ্ৰমিকে নিজৰ প্ৰতিক্ৰিয়া মুকলিকৈ প্ৰকাশ কৰিবৰ বাবে কৰা সংগ্ৰামেই হওক বা পুৰুষৰ দাস হৈ থাকিবলগা হোৱা মহিলাই নিজৰ ইচ্ছা-আকংক্ষাৰ কথা নিজ মুখেৰেই ক’বলৈ সাহসেৰে আগবাঢ়ি অহাই হওক, এই সকলোৱেই আধুনিক সভ্যতা বিকাশৰ এটা এটা অন্যতম কাৰক। ভুক্তভোগীয়ে নিজেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আগবাঢ়ি যোৱা পথটো প্ৰকৃতিৰ সৈতে যুদ্ধ কৰি যাব লগা হোৱা পথটোতকৈয়ো অতি কঠিন। সেইবাবেই, কিছুদিন পূৰ্বে বিহুৰ বতৰত নিশাৰ এটি সংগীতানুষ্ঠানত জীনছ পৰিহিত আয়োজক কৰ্মকৰ্তাকেইজনে চেলোৱাৰ-কামিজ পৰিধান কৰি যোৱা জনপ্ৰিয় গায়িকা জুবলীক চাদৰ-মেখেলা পিন্ধিবলৈ বাধ্য কৰাব বিচৰাৰ লগতে মঞ্চলৈ উঠিবলৈ নিদি ককৰ্থনা কৰাৰ পৰিপ্ৰেক্ষিতত জুবলীয়ে নিজৰ লগত এযোৰ চাদৰ-মেখেলা থকাৰ পাছতো সেইযোৰ সলাই নিপিন্ধাকৈ গীত পৰিৱেশন নকৰাকৈয়ে উভটি আহি যি দৃঢ়তা দেখুৱালে সি এগৰাকী সাহসী মহিলাৰ দৃঢ়তাৰ প্ৰতীক হিচাপে বিবেচিত হৈ ৰ’ব। সেই সময় তেওঁৰ বাবে নিঃসন্দেহে জটিল আছিল। তেওঁ পৰিধান কৰা, পাত কাপোৰত কাৰ্বি আৰু তিৱা পৰম্পৰাগত ফেব্ৰিকেৰে প্ৰস্তুত কৰা চেলোৱাৰ-কামিজযোৰ সলাই চাদৰ-মেখেলা পিন্ধিবলৈ হেঁচা দিয়া কৰ্মকৰ্তাকেইজনে নিজে কোনো বিহুৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰা নাছিল। আৰ্থিক মুনাফা লুটাৰ বাবে বা উদ্দেশ্যবিহীনভাৱেও কিছুমান মানুহে আনক অৱমাননা কৰি জান্তৱ তৃপ্তি লাভ কৰে। কোনো ঠাইত দুবাৰমান দেখিছিলোঁ, পিন্ধি থকা জীনছ পেণ্টটো কোঁচাই তাৰে ওপৰত চুৰিয়াখন মেৰিয়াই ক্ষন্তেকতে প্ৰয়োজনীয় কাজটো চলাই দি পাছতে চুৰিয়াখন দলিয়াই দিয়া কাৰ্য্যকৰ্তা। এনেদৰেও ভৱিষ্যতে কোনোবা অৱমাননাৰ মুখামুখি যে নহ’ব তাক নুই কৰিব নোৱাৰি। এইবোৰ প্ৰসংগ বাদ দি আমি এতিয়া তিনিটা বক্তব্যলৈ যাব খুজিছোঁ—

১) সেইদিনা জুৱলীক কটাক্ষ কৰা হৈছিল, “জুবিনৰ অবিহনে তোমাৰ ইম্পৰটেঞ্চ নাই।”

২) বিহু পাৰ হৈ কেইবাদিনো যোৱাৰ পাছৰ অনুষ্ঠানবোৰত একেই জীনছ-চুৰিডাৰ আদি আনেও পিন্ধি থকাৰ পাছতো জুবলীয়ে চুৰিডাৰ পিন্ধাৰ বাবে তেওঁক অহংকাৰী বুলি এতিয়াও প্ৰচাৰ চলাই আছে কিছুমান মানুহে। তেওঁলোকৰ মতে এই অহংকাৰে পতন আনিব। যেন সেই ঘটনাটোৰ পাছতে ত্ৰস্ত হৈ জুবলী নামৰ মানুহগৰাকীয়ে কেৱল চাদৰ-মেখেলাকে তেওঁৰ একমাত্ৰ পোচাকৰূপে গ্ৰহণ কৰিব ল’বলৈ বাধ্য হ’ব লাগিছিল।

৩) কাকতে সংগ্ৰহ কৰা বিভিন্ন ব্যক্তিৰ বক্তব্যবোৰৰ ভিতৰত এজন আদহীয়া অভিনেতাৰ কথাত প্ৰকাশ হ’ল— আমাৰ মহিলাৰ জৰিয়তে জাতীয় পোছাকৰ পৰিচয় দিয়া হয়।

কথাকেইষাৰ নিন্দনীয় যদিও আমাৰ সমাজখনত শুনিবলৈ পোৱাতো আচলতে যেন একো আচৰিত কথাও নহয়। কাৰণ হিচাপে আমি কোনখন সমাজৰ মানুহ এবাৰ মন কৰিব লাগিব।

১৯৯৮ চনত মনিকা লিউনিস্কি নামৰ চৌবিছ বছৰীয়া যুৱতীগৰাকীৰ সৈতে তেওঁৰ প্ৰেমিক সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ বিসঙ্গত শাৰীৰিক সম্পৰ্কৰ বাতৰি প্ৰকাশ হোৱাৰ লাগে লাগে তেতিয়ালৈকে মোটামুটি অখ্যাত যুৱতীগৰাকীৰ নামটোৱেই এক মুহূৰ্ততে এটা অপবাদলৈ ৰূপান্তৰিত হৈ পৰিল। অলেখ ব্যঙ্গ, মস্কৰা, ইমেইল-কাহিনী, পৰ্ণ-বাৰ্তা সকলোতে মনিকা লিউনিস্কি নামটো এটা উপমাৰ দৰে ব্যৱহাৰ হ’বলৈ ধৰিলে। তেওঁক বেশ্যাকে আদি কৰি বহুতো শব্দৰে একেবাৰে হীনৰো হীন ৰূপলৈ লৈ যাব বিচৰা হ’ল। তৎতমুহূৰ্ততে তেওঁ হেৰুৱাই পেলালে সকলো আত্মসন্মান আৰু সামাজিকভাৱে জীয়াই থকাৰ সামান্য অৱলম্বনো। কিন্তু বিল ক্লিনটনৰ জীৱন আৰু কৰ্ম প্ৰায় একেদৰেই চলি থাকিল। পাছৰ সময়ত মনিকা লিউনিস্কিয়ে মানুহবোৰৰ সেই মনোবৃত্তিৰ সম্পৰ্কে ব্যাখ্যা কৰিবলৈ কিছু সুযোগ পালে। যোৱা মাৰ্চ মাহৰ টেডৰ কনফাৰেণ্সত তেওঁ “The Price of Shame” শীৰ্ষক এক বক্তৃতা আগবঢ়াবলৈ পায় (বক্তৃতাটো ইয়াত চাব পাৰিব:www.ted.com/talks/monica_lewinsky_the_price_of_shame/)। টেড, অৰ্থাৎ TED হ’ল “Ideas worth spreading” শ্লগানেৰে আয়োজিত এখনি কনফাৰেণ্স। ১৯৮৪ চনত প্ৰতিষ্ঠিত TED ত প্ৰথমে “Technology, Entertainment, Design” বিষয়ক বক্তৃতা আয়োজন কৰা হৈছিল যদিও বৰ্তমান ই প্ৰায় সকলো বিষয়কে সামৰি লয়। টেডৰ বিশেষজ্ঞসকলে এটা কথা আৱিস্কাৰ কৰিছে যে যিকোনো এটা বক্তৃতাত শুনোতাৰ মগজুৱে প্ৰথম ওঠৰ মিনিট সময়হে সক্ৰিয়ভাৱে কাম কৰে। ওঠৰ মিনিটৰ পাছৰ বক্তব্যবোৰত আচলতে শুনোতাৰ সম্পূৰ্ণ মনোযোগ নাথাকে। সেইবাবেই টেডৰ প্ৰতিটো বক্তৃতাই সাধাৰণতে ওঠৰ মিনিট বা তাতকৈ কম দৈৰ্ঘ্যৰ। নবেল বঁটা বিজয়ীকে ধৰি এপ (app) নিৰ্মাণকাৰী ১২ বছৰীয়া কিশোৰলৈকে বিভিন্ন ক্ষেত্ৰৰ সৃজনীশীল ব্যক্তিসকল বা চিন্তাবিদসকলে প্ৰদান কৰা এই ওঠৰ মিনিট বা তাতকৈ কম দৈৰ্ঘ্যৰ প্ৰতিটো বক্তৃতাতে লাভ কৰা যায় নতুনকৈ চিন্তা কৰাৰ, নতুন কথা শিকাৰ বা নতুন দৃষ্টিভংগী আহৰণ কৰাৰ একো একোটা বাট। ২০০৬ চনৰ পৰা ইয়াৰ বক্তৃতাৰ ভিডিঅ’সমূহ বিনামূলীয়াকৈ উপভোগৰ বাবে ৱেবছাইটত মুকলি কৰা হয়। বৰ্তমান ৭৩৩ এলেক্সা ৰেংক আৰু ই-জগতৰ অস্কাৰ ৰূপে পৰিচিত ৱেৱী বঁটা (Webby Award) বৰ্তমানলৈকে সাতটা লাভ কৰা টেডৰ ৱেবছাইট www.ted.comপৃথিৱীৰ অতি জনপ্ৰিয় ৱেবছাইটবোৰৰো এটা। গতিকে, মনিকা লিউনিস্কিয়ে এগৰাকী ভুক্তভোগী হিচাপে নিজৰ অৱস্থা, দৃষ্টিভংগী আৰু মত প্ৰকাশ কৰিবলৈ টেড হ’ল এখন অতি গুৰুত্বপূৰ্ণ, নিৰাপদ আৰু শক্তিশালী মঞ্চ। কিন্তু তেওঁ বক্তৃতা প্ৰদান কৰাৰ কিছুদিন পাছতে যেতিয়া টেডৰ ৱেবছাইটত বক্তৃতাটো আপল’ড কৰা হ’ল আৰু টে়ডৰ বিভিন্ন চ’ছিয়েল নেটৱৰ্কিং পৃষ্ঠাবোৰত সেই বাতৰি দিয়া হ’ল, তেতিয়া বহুতে ইতিবাচক মন্তব্য দিয়াৰ বিপৰীতে প্ৰায় লগে লগেই বহুতো মানুহে ১৭ বছৰৰ পূৰ্বে তেওঁক কৰা অৱমাননাৰ দৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। টেডৰ ৱেবছাইটত কোনো কোনো বক্তৃতাত বিভিন্ন সময়ত উগ্ৰ বা ভাবুকিমূলক মন্তব্য দুই-এটা পৰিছে যদিও ইমান সংখ্যক আক্ৰমনাত্মক মন্তব্য পূৰ্বতে কোনো বক্তৃতাতে পৰা নাছিল। অশ্লীল বক্তব্য, মনিকা লিউনিস্কিৰ শাৰীৰিক অৱয়ৱক লৈ কৰা ব্যঙ্গৰে সৈতে অনেক মন্তব্য ভৰি পৰিল। বহুতে তেওঁ জীয়াই থকাৰ অধিকাৰো নাই যেন মন্তব্য আগবঢ়ালে। আনকি ৯/১১ ঘটনাৰ কাৰণো বহুতে মনিকা লিউনিস্কি বুলি অভিহিত কৰিলে। মানুহৰ যিধৰণৰ বক্তব্যৰ ভয়ংকৰ ৰূপটোৰ কথা মনিকা লিউনিস্কিয়ে ক’ব বিচাৰিছিল পুনৰ তাতেই আবদ্ধ হৈ পৰিবলৈ দিয়াৰ দৰে হোৱা বাবে টেড-কৰ্তৃপক্ষই সেই মন্তব্যবোৰ ডিলিট কৰি দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ লগে লাগে “মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰা” বুলি অভিযোগ আহিল যদিও পাছতে এক আমোদজনক ঘটনা ঘটিবলৈ ধৰিলে। এইবাৰ এনেধৰণৰ মন্তব্য আহিবলৈ ধৰিলে— সাহসী মহিলা। প্ৰথমে আনকি লিংকটো নোচাৱাকৈয়ে আক্ৰমণাত্মক মন্তব্য কৰিছিলোঁ, পিছত অনুধাৱন কৰিলোঁ যে এই সম্পৰ্কে ক’ব পৰা তেৱেঁই উপযুক্ত ব্যক্তি। তেওঁ নিজৰ বক্তব্য দাঙি ধৰিবলৈ ওলোৱাটো আমি ৰাজনৈতিক স্বাৰ্থ এফলীয়া কৰি সন্মানেৰে চাব লাগিব। …. ইত্যাদি। ইয়াৰ পৰা বুজা যায়— বিষয়টোলৈ নোযোৱাকৈয়ে মানুহবোৰে কৰ্তৃত্ব খটুৱাব বিচাৰিছিল! আমেৰিকাৰে এগৰাকী ভুক্তভোগী যুৱতী বা মহিলাই ১৭ বছৰৰ পাছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰোঁতে এনে পৰিস্থিতি হ’লে, আমাৰ প্ৰভুত্ব-অন্বেষীসকলৰ সেইবোৰ বক্তব্যত আচৰিত হ’ব লগা নাই!

প্ৰকৃততে আনক দমন কৰি কৰ্তৃত্ব খটুৱাবলৈ পোৱাটো সকলো মানুহৰে এক প্ৰিয় আচৰণ। পত্নী গৰাকীকো নিৰ্দেশ দি বা আঙুলিৰ ঠাৰত অৱদমন কৰি ৰাখিবলৈ পোৱাটোতো নিশ্চয় এক আনন্দ থাকে, কিন্তু এই আনন্দই মানুহটোক নিজকে আৰু গোটেই পৰিয়ালটোক আধৰুৱা কৰি পেলায়। পৰস্পৰৰ বন্ধুত্ব লাভ নকৰাতো এই শাসক আৰু শোষিত ৰূপৰ দুয়োগৰাকীৰ বাবেই সমানে দুৰ্ভাগ্যৰ কথা। পৰিয়ালৰ পৰা যেতিয়া সমাজলৈ কথাবোৰ যায় তেতিয়াও কথাবোৰ একেই। সমতাই সমাজখন আগবঢ়াত সহায় কৰিব। বিহু-কমিতিৰ কৰ্মকৰ্তাকেইজন বা সেই বিভিন্ন মন্তব্য কৰোঁতাসকল বা অভিনেতাজন অশিক্ষিত মানুহ নহয়, এইসকল শিক্ষিত মানুহেই, তেওঁলোক অপৰাধী নহয়, কিন্তু এইসকল মানুহেই উঠোতে-বহোতে, যাওঁতে-আহোঁতে প্ৰকাশ পোৱা এই কৰ্তৃত্বশীল মানসিকতাবোৰ নিৰ্ভয়া কাণ্ডৰ সেই চিটিবাছৰ হেণ্ডিমেনবোৰলৈ বা যেনে-তেনে ওঠৰ বছৰ নোহোৱা বাবেই আৰক্ষীয়ে বাধ্য হৈ কিশোৰ-অপৰাধী হিচাপে ৰখা অপৰাধীবোৰলৈ বিয়পি যায়!

এইখিনিতে আন এটা প্ৰসংগও উল্লেখ কৰিব লাগিব যে পত্নী এগৰাকীয়েও “আজিৰ নাৰী হৈ কিয় তল পৰি থাকিম” মনোভাৱেৰে যেতিয়া মানুহটোক বশ কৰিব খোজে তেতিয়াও পৰিয়ালটো আধৰুৱা হৈ ৰয়। ইয়াত এজনে নিজৰ মনতে বিজয়ী-গৌৰৱ লৈ থাকিব পাৰে, কিন্তু পিতৃ-মাতৃৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ অভাৱে সন্তানৰ মনত কম বয়সতে সংঘাতৰ সৃষ্টি কৰে। বাহিৰত হৈ যোৱা কটা-মৰা এখনে শিশুৰ মনত যিমান বিৰূপ প্ৰভাৱ পেলাব পাৰে, তাতকৈ মাক-দেউতাকৰ সামান্য খুটখাট এটাইয়ো তেওঁলোকৰ মনত অধিক ক্ৰিয়া কৰিব পাৰে। বাহিৰত সুখী পৰিয়াল বুলি পৰিচয় থকিলেও এনে পৰিয়ালৰ নিজৰে অনিষ্ট হোৱা দেখা যায়, তেওঁলোকক সন্তানে বিশ্বাসত ল’ব নোৱাৰি বহু সময়ত উপযুক্ত সিদ্ধান্ত ল’ব নোৱৰা হোৱা দেখা যায়।

যি কি নহওক, জুৱলীৰ দৰে স্বচ্ছল, সমাজলৈ ইতিমধ্যে কিছু অৱদান আগবঢ়োৱা, শিল্প-সংস্কৃতি-সংবাদৰ লগত জড়িত প্ৰতিষ্ঠিত জ্যেষ্ঠ বহু ব্যক্তিৰ আৰ্শীবাদ-পুষ্ট বা অনুৰাগীয়ে আবৰি থকা এগৰাকী ব্যক্তিয়েও সেইধৰণৰ প্ৰভুত্বশীল বক্তব্যৰ মুখামুখি হ’ব লগাত পৰাৰ পাছত সাধাৰণজনৰ বাবে যে পৰিস্থিতিবোৰ আৰু অধিক জটিল হৈ আছে সেইয়া সহজেই অনুমেয়। এনেকুৱা সময়ত পুৰুষৰ হাতলৈ কেতিয়াবা এপাত শক্তিশালী অস্ত্ৰ আহে যে— “অমুক মহিলাইয়ো একে কথাই কৈছে।” কিন্তু সেই মহিলাসকলৰ মনস্তাত্বিক স্তৰটো আমি বিবেচনা কৰি চাব লাগিব।

মাথোঁ এমাহ পূৰ্বে বিয়া হৈ যোৱা এগৰাকী যুৱতীয়ে বিয়াৰ চাৰিমাহৰ পূৰ্বে এটা প্ৰতিষ্ঠানত গৱেষণাৰ কৰিবলৈ এটা ফেলশ্বিপ লাভ কৰিলে। এটা ভাল প্ৰতিষ্ঠান, গতিকে সেয়া গ্ৰহণ নকৰাৰ কোনো কথাই নাই। ইফালে বিয়াৰ দিন ইতিমধ্যে থিৰাং কৰা হৈ গৈছে। তেতিয়া কোনো পুৰুষেই নহয়, পাঁচগৰাকীমান বিভিন্ন মহিলাইহে ককৰ্থনা কৰিবলৈ ধৰিলে— “বিয়াৰ দিন ঠিক হৈ গ’ল আৰু এতিয়া কিয় পঢ়িবলৈ যাব লাগে?” আজিৰ যুগতো এনেকুৱা কথা কোৱা মহিলা আমাৰ মাজত আছে বুলি জানিলে মোৰ দৰেই বহুতে নিশ্চয় ক্ষন্তেক মুক হৈ পৰিব। “অশিক্ষিত মানুহ বাবে বুজি নাপোৱাকৈ কৈছে” বুলি উলাই কৰিব পৰা মহিলাও সেইকেইগৰাকী নাছিল। নিজৰ প্ৰয়োজনত জোৰ দিবলৈ কোনোবাই তেওঁলোকৰ কিবা বক্তব্যকো “অমুকেও এনেকৈ কৈছে” বুলি কৈ ব্যৱহাৰ কৰিব পাৰিব। আইচ্ হকীৰ (Ice hockey) প্ৰখ্যাত মহিলা খেলুৱৈ হেয়লী ৱিকেনহাইজাৰক (জন্ম: ১৯৭৮) তেওঁৰ পুতেকে সৰুতে এবাৰ সুধিছিল— ল’ৰাইয়ো হকী খেলেনে? তেতিয়ালৈকে সদায় মাকৰ খেল, অনুশীলনকে দেখা সেই শিশুজনৰ দৰে এই মহিলাসকলো পৰিৱেশৰ দাসী। মনঃস্তত্ববিদসকলে গৱেষণা কৰি পাইছে যে এজন মানুহৰ মগজুৱেদি প্ৰতি দিনে ষাঠি হাজাৰ চিন্তা পাৰ হৈ যায়, আৰু ইয়াৰে ৯৫ শতাংশই আগদিনাৰ চিন্তাৰ পুনৰাবৃত্তি মাথোঁন। যদি মনত নতুন চিন্তা সোমাবলৈ বাট মুকলি কৰা নহয় তেন্তে দিনৰ পাছত দিন মানুহবোৰৰ মনত একেবোৰ চিন্তাই পাকঘূৰণি খাই থাকি যায়। কিছু নতুন চিন্তা কৰা মানুহৰ সৈতে সেই মানুহকেইগৰাকীৰ কোনো মানসিক বা অধিক আত্মিক সম্পৰ্কও কোনোদিন গঢ়ি নুঠিল। আৰু যেতিয়ালৈকে বিদ্যালয়-মহাবিদ্যলয়ত পঢ়ি আছিল তেতিয়ালৈকে পাঠ্যপুথিসমূহৰ কিছু কিছু অংশ মোকোলোৱাৰ বাহিৰে তাৰ পাছত আৰু কোনো কিতাপৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক নাথাকিল। গতিকে তেওঁলোকৰ বাবে কিবা নতুন চিন্তা অহাৰ বাট সকলো বন্ধ। চিন্তাৰ পুনৰাবৃত্তিয়ে শৈষৱতে দেখা পৰিৱেশটোকে তেওঁলোকক দেখুৱাই থাকিব চিৰদিনৰ বাবে। একেটা ক্ষুদ্ৰ বৃত্তত ঘূৰি থাকি তেওঁলোকৰ বয়স বাঢ়ি অভিজ্ঞ যেন ভাৱ হ’ব পাৰে, কিন্তু প্ৰকৃততে মাথোঁ কেইটামান ক্ষুদ্ৰ অৱস্থাৰ সপোনতেই তেওঁলোকৰ জীৱন পাৰ হৈ গুচি যাব। তেওঁলোকৰ পৰা সমাজে আশা কৰিবলৈয়ো একো নাই; আনে দিয়া সুবিধা, আনৰ অন্বেষণে কৰা সৃষ্টিবোৰে কঢ়িয়াই অনা আৰামেই তেওঁলোকৰ সম্বল।

প্ৰভুত্ব-প্ৰত্যাশী পুৰুষ আৰু হাজাৰ বছৰ ধৰি কোনো নতুনৰূপ নোপোৱা পকাণ্ড শিল এটাতকৈয়ো নতুনত্বহীন মস্তিষ্কৰ এই মহিলাসকলেই মহিলাৰ বাটবোৰ কণ্টকময় কৰি ৰাখিব।

 (নিৰ্বাচিত মন্তব্যসমূহ সম্পাদনা নকৰাকৈ আগবঢ়োৱা )

ধনশ্রী কলিতা– কেবল জুবলিয়েই নে প্ৰতিজনী ছোৱালীয়েই এইবোৰ ভোগ কৰিবলগীয়া হয়|কলেজ, স্কুল সকলোতে ছোৱালী শিক্ষয়ত্ৰীবোৰক মেখেলা চাদৰ পিন্ধিবলৈ পৰোক্ষভাবে বাধ্য কৰোৱা হয়| এনেকুৱা বহু উদাহৰণ ওচৰে পাজঁৰে দেখা পোৱা যায়| জুবলী নিমিত্তহে মাত্ৰ|

ৰক্তিম শৰ্মা– বিহুৰ দিনা পুৰুষে জাতীয় (পৰম্পৰাগত) পোছাক নিপিন্ধে, গতিকে ময়ো নিপিন্ধো । এনে হোৱাতকৈ নতুন চিন্তাৰ নতুন প্ৰজন্মৰ অগ্ৰগামী জুবিন-জুবলীয়ে আদৰ্শহে দেখুৱাব লাগিছিল । যাতে তেওঁলোকক দেখা দেখি সকলোৱে বিহুৰ দিনা অন্ততঃ লিংগ নিৰ্বিশেষে পৰম্পৰাগত বা জাতীয় পোছাকযোৰ পিন্ধিবলৈ আচহুৱা অনুভৱ নকৰে । কিন্তু এতিয়া সকলোৱে ওলোটাই খৰ দিব ধৰিছে অ-ফলা

পঙ্কজ জ্যোতি মহন্ত- কথাতো তেনেকুৱা উভটি প্ৰথমতে নাছিলেই, পিছতহে হ’ল… । বুজি পাইছেই নিশ্চয়..। আৰু সংস্কৃতিৰ অৰ্থ আছিল, কোনো এটা মানৱ-গোটে মানৱীয় আনন্দ লাভৰ বাবে, নিজক উজ্জীৱিত কৰি তুলিবৰ বাবে, নিজৰ দক্ষতাক উপস্থাপন কৰিবৰ বাবে বা নিজৰ বিশ্বাসক বুজাবৰ বাবে পালন কৰা, আয়োজন কৰা বা প্ৰদৰ্শন কৰা কিছুমান কাৰ্য। যিবোৰ আছিল স্বতঃস্ফূৰ্ত, বা আত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰধান আহিলা। আৰু আজি সংস্কৃতি মানে হৈছে “পূৰ্বপুৰুষে এনেকৈ কৰিছিল, মই তাৰ ইমানখিনি পালন কৰিছোঁ, তহঁতে পৰা নাই, মই কৰাখিনিয়েই তহঁতেও কৰা উচিত, গতিকে তই কিয় নকৰিবি, অমুকেও কৈ গৈছে এনেকৈ কৰিবলৈ, গতিকে তই মই কোৱাটোকে কৰ”। মানে “আদৰ্শ দেখা”। আজিৰ সংস্কৃতিৰ সংজ্ঞাৰ এই ৰূপত সংঘাত আহিবই। বা ক’ব পাৰি, এই “সংস্কৃতি”ৰ নামত মনলৈ কেৱল সংঘাতেই আহিব, তাৰ বাহিৰে একো নাহে। @ৰক্তিম দা।

ৰক্তিম শৰ্মা– সংঘাতৰ মাজেৰেই বিকাশ হয় । সঠিক পথ সংঘাত অবিহনে মুকলি নহয় । বহিৰাগত সাংস্কৃতিক আগ্ৰাসন-সম্প্ৰসাৰণৰ কথাবোৰ এইবোৰ ক্ষেত্ৰত প্ৰাসংগিক । আমি আমাৰ সংস্কৃতিক এনে আগ্ৰাসনবোৰৰ পৰা কেনেকৈ জীয়াই ৰাখিম বা বিকাশ কৰিম তাকো চিন্তা কৰা প্ৰয়োজন । মই তেনেকৈয়ে ভাবো । নিজকে সংশোধন কৰা দৰকাৰী বুলিও ভাবো । হীনমন্যতাবোৰ লাহে লাহে কেনেকৈ ত্যাগ কৰা যায় তাৰো এক সামূহিক প্ৰচেষ্টাৰ দৰকাৰ । সমাজৰ প্ৰভাৱী ব্যক্তিসকলে এইবোৰত আগভাগ লোৱা দৰকাৰ ।

নবজ্যোতি তামূলী– মোৰ বোধেৰে কথাটো এনেকোৱা যেন লাগিল যে আমি গৃহস্থৰ চোতালত হুচৰি গাবলৈ গৈছো যাঁওতে চোলা চুৰিয়া মোনাত ভৰাই নিলো৷ কিন্তু গৃহস্থক আমি দেখিলো তেখেতলোকে জাতীয় সাজ পিন্ধা নাই৷ সেয়ে আমি হুচৰি গাবলৈও হুচৰিৰ চোলা চুৰিয়া নিপিন্ধাকৈয়ে আগুৱাই গলো৷ কিন্তু গৃহস্থই নিদিলে৷ চোলা চুৰিয়া থাকিলেও আমাৰো আত্মসন্মানত আঘাত লাগিল আৰু গুচি আহিলো৷ জুবলীৰ ক্ষেত্ৰতো একেই ঘটনাই ঘটিল৷

ধনশ্রী কলিতা– মোৰ এটা প্ৰশ্ন আছে| কিন্তু আগতীয়া অনুৰোধ, অযথা বিতৰ্ক যাতে কোনেও নকৰে| ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্তকে ধৰি আগৰ প্ৰজন্মৰ গায়কসকলে সদায় জাতীয় পোছাক পিন্ধি বিহু মঞ্চত গান গাইছিল নেকি? মানে তেওঁলোকে সদায় চুৰিয়া কামিজ পিন্ধিহে গান গাইছিল নেকি? উত্তৰটো জানিবলৈ পালে সুখী হ’ম| আৰু এটা জৰুৰী কথা, জুবলীয়ে বেছিভাগ অনুষ্ঠানত মেখেলা চাদৰেই পিন্ধে| গতিকে যদি কোনোবা এখনত তেওঁ নিপিন্ধেও তাক ইগনোৰ কৰিব পাৰি| ছোৱালী হিচাপে এইখিনি লাখ টকাৰ বাজী লগাই ক’ব পাৰো, ছোৱালীয়ে সৰুৰ পৰা মেখেলা চাদৰ পিন্ধি ভাল পায়| সৰস্বতী পূজা, কাৰোবাৰ বিয়া-সবাহ, কলেজৰ অনুষ্ঠান সকলোতে মেখেলা চাদৰ পিন্ধিবলৈ উত্ৰাৱল হৈ থাকে|কিন্তু ল’ৰাই চাগে উত্ৰাৱল হোৱা দূৰৰ কথা চুৰিয়া আদিৰ নামো ল’ব নোখোজে| তাৰপিছতো এজনী ছোৱালীক সমালোচনা, তাকো ফাংছন এখনত মেখেলা নিপিন্ধাৰ বাবে? আমিবোৰ কি ৰোগত ৰোগাক্ৰান্ত বাৰু? আমি এয়াহে ক’ব লাগিছিল যে এনেকৈ গায়িকা এগৰাকীক অভদ্ৰ ল’ৰাকেইটামানে অপমান কৰাটো আমাৰ সংস্কৃতিৰ অপমান| শেষত বেয়া পালেও পা’ব, ছোৱালীৰ ক্ষেত্ৰত এটা কনচেপ্টেই চলে “মেইনে হোঠো চে লগাই তো হাংগামা হো গয়া….”| ইয়াতো সেই হাংগামায়েই হৈছে| চেলোৱাৰতেই এয়া, আকৌ জিনচ-টিছাৰ্ট হ’লে চাগে আন্দোলনেই হ’ব!

পঙ্কজ বৰা– তালিবানী ক’লা বোৰ্খাৰ ফটোৱা আৰু অসমীয়া মহিলাৰ দীঘল ওৰণি, কাৰ্য্যত: একেই৷ ইখনৰ ৰং ক’লা, আমাৰখন যেনিবা বগা৷

মঞ্জিল কোঁৱৰ- পংকজ দাৰ শেষৰ কমেণ্টটোৰ কথাখিনিয়ে আজি বহুদিনৰপৰা মোৰ মনতো ক্ৰিয়া কৰি আহিছে। উৎসৱ সংস্কৃতি আদিবিলাক আজিকালি কিছুমান ৰীতি-নীতি মানি ৰখা অনুষ্ঠানহে হৈ পৰিছে। স্বতঃস্ফুৰ্তভাৱে মনৰ আনন্দত পালন কৰা কিছুমান ক্ৰিয়া-কলাপ, ৰং-ৰহইচৰ মাজত পৰ্যায়ক্ৰমে কিছুমান ধৰা-বন্ধা কাঢ়া নিয়ম-কানুন প্ৰৱৰ্তন কৰি ৰঙৰ মৃত্যু ঘটোৱা হৈছে। পুৰ্বপুৰুষে বিহু পালন কৰোঁতে হয়তো ভবা নাছিল তেওঁলোকৰ উত্তৰপুৰুষে স্বতঃস্ফুৰ্ত মনৰ দাবীত এই আনন্দ নকৰি সংস্কৃতিৰ বৰঘৰৰখীয়াসকলৰ পছন্দৰ কিছু ৰীতি-নীতি পালন কৰি যাব। (এইবাৰ নিজে দেখিলোঁ বিহুৰ আটাইকেইদিন সুৰাৰ ৰাগিত মতলীয়া হৈ থকা দুজনমানৰ বিহুৰ ৰীতি-নীতি আৰু জুবলীৰ সাজ-পাৰক লৈ ফেচবুকত ভাষণ।)

নবজ্যোতি তামূলী– ইয়াত তালিবানি বোৰ্খা আৰু দীঘল ওৰণীৰ প্ৰশ্ন অহা নাই৷ অসমৰ জাতীয় উৎসৱ বিহুত এগৰাকী গায়িকাই জাতীয় সাজ পৰিধান নকৰা বিষয়টোহে উপস্থাপন কৰা হৈছে৷ বিহু মঞ্চত তেখেতে লগত নিয়া পাটৰ সাজযোৰ পিন্ধা হলে তেওঁৰ কি ক্ষয় হলহেতেন? বিহু মঞ্চত আয়োজক সকল তেখেতৰ গুণমুগ্ধই আছিল সেয়েহে তেখেতক নিমন্ত্ৰণ কৰা হৈছিল৷ আয়োজক সকলৰ অনুৰোধ ৰক্ষা কৰাটো আমন্ত্ৰিত শিল্পী এগৰাকীৰ কৰ্তব্য৷ তেখেতলোকে কাৰোবাৰ স্বল্প বসনা দেহ উপভোগ কৰিবলৈ সেই আয়োজন কৰা নাছিল৷

যুগল গগৈ– আছলতে কিবা এটা যুক্তিৰ সমৰ্থনত সেই বিষয়ৰ লগত জড়িত কাৰোবাৰ ৰেফাৰেন্স দিয়াটো( যেনে-তেখেতে এনেকৈ কৈছিল টাইপৰ) অনুচিত হয় জানো? আমি যেতিয়া কিবা গৱেষণা পত্ৰ নাইবা প্ৰবন্ধ পাতি লিখো তেতিয়াওতো ৰেফাৰেন্স দিয়া হয় বক্তব্যটোৰ গভীৰতা তথা বিশ্বাসযোগ্যতাৰ প্ৰয়োজনত।জুবলিৰ বিতৰ্কৰ ক্ষেত্ৰটো সেই পেছাতে জড়িত এগৰাকী গায়িকা আৰু গায়কে মেখেলা পিন্ধা উচিত আছিল বুলি কৰা মন্তব্যটোকো আমি গুৰুত্ব দিব লাগিব।যদি কোনোবাই ভূপেন হাজৰিকা আদিৰ দৰে লোকে জাতীয় সাজ পৰিধান কৰিছিল নেকি বুলি প্ৰশ্ন কৰে সেইসকললৈ আমাৰো এটা প্ৰশ্ন যে জুবলিৰ বাহিৰে বিহুমঞ্চত কোনো জনপ্ৰিয় মহিলা কণ্ঠশিল্পীয়ে মেখেলা চাদৰৰ বাহিৰে আন সাজ-পাৰ পিন্ধি বিহুগীত পৰিবেশন কৰা দেখিছে নেকি? আজি জাতীয় সাজপাৰ নিপিন্ধো বুলি কোৱা সকলক সমৰ্থন কৰাসকলে কাইলৈ তেঁওলোকে মিনি স্কাৰ্ট পিন্ধি বিহুমঞ্চত গীত গাম, নাচিম বুলি কোৱাসকলকো কিন্তু একো বাধা দিয়াৰ অধিকাৰ নাথাকিব।এগৰাকী বিদেশীনিয়ে আহি অসমত মেখেলা চাদৰ পিন্ধি বিহুমঞ্চত গীত পৰিবেশন কৰিবহি পাৰে কিন্তু অসমৰে এগৰাকী শিল্পীয়ে অসমীয়া সাজ-পাৰ পিন্ধিবলৈ অমান্তি হয় আৰু শেষত তেঁওলোকেই অসমৰ সংস্কৃতি ধ্বংস হৈ গৈছে বুলি ডাঙৰ ডাঙৰ মন্তব্য দিব! নিউটনে কোৱাৰ দৰে সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে।আলোচনাতো সম্পূৰ্ণ একপক্ষীয় হোৱা বাবেহে মন্তব্যতো আগবঢ়ালো।

পঙ্কজ জ্যোতি মহন্ত– তালিবানী ক’লা বোৰ্খাৰ ফটোৱা আৰু অসমীয়া মহিলাৰ দীঘল ওৰণিৰ কথাতো ভিত্তিহীন বুলি কোৱাসকলে ওৰণিক লৈ কৰা অত্যাচাৰবোৰৰ কাণ্ডবোৰ নেদেখিলে চাগে জীৱনকালত, কাৰণ সি আমাৰ শৈষৱত বিদায় মাগিবলৈ আৰম্ভ কৰিছিল.., এতিয়াও অলপ অলপ আছে, অৱশ্যে এতিয়া ষ্টাইল আৰু সৌন্দৰ্য হিচাপেই আছে প্ৰধানকৈ। দুই-একে এইবোৰ অলপ খুটিনাটি ধৰামেলা এতিয়াও কৰে যদিও খুৱ কম আজিকালি। মানে এইটো এতিয়া কমিল বাবে তেওঁলোকে বুজা নাই। আনহাতে, গায়ীকাগৰাকীৰ প্ৰসংগত গায়ীকাগৰাকীৰ দোষ উলিয়াই থকাসকলৰ এটা কথা মন কৰিলেই সকলোৱে উত্তৰটো পাই যাব– তেওঁলোক জীনছ পিন্ধা কৰ্মকৰ্তাকেইজনৰ গৰম আচৰণত নিমাত grin emoticon grin emoticon । আনহাতে আজিকালি প্ৰায়ভাগ অশীতিপৰ বুদ্ধিজীৱিয়েও ৩০-৪০ বছৰ ধৰি নিজে হুচৰি গাবলৈ নোযোৱাকৈ এতিয়া গধুলি হ’লেই টিভিটোত সাংগীতিক-সন্ধিয়া চাই থাকি তাকেই বিহু বুলি কাকতত উৎপাত লগায় থাকে। আনকি বিহু-কুঁৱৰী, বিহুৱা, দলীয়া বিহু আদি চোৱাৰ কথা ক’তো শুনিবলৈ পোৱা নাযায়।

পঙ্কজ বৰা– আচলতে সৰুৰে ছোৱালী এজনীক সমাজ, ধৰ্ম, সংস্কৃতিৰ পাঠ পঢ়ুৱাই, পাপ হ’ব বুলি ভয় দেখুৱাই ভীতিগ্ৰস্ত কৰি তোলে৷ তোলনী বিয়া খনে ষ্টাম্পটো গহীনকৈ মাৰি দিয়ে৷ একে বয়সৰ ল’ৰা এটাক সমাজ, সংষ্কৃতি ৰক্ষা কৰাৰ বা মহিলাক সন্মান কৰাৰ শিক্ষা দিয়া নহয়৷ মনু সংহিতাৰ আধাৰত বিৱৰ্তিত হোৱা ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত আজিও নাৰীৰ পৰিচয় অৱলা, অস্পৃশ্য, আনৰ ওপৰত নিভৰ্শীল৷ নাৰী আজিও লাও পাতৰ তল নিচিনা৷ শিক্ষা দীক্ষা গ্ৰহণ কৰিলেও আজিৰ আধুনিক বহুবোৰ মানুহে একেই মনোভাৱ লগত লৈ ফুৰিছে৷ অৱশ্যে এটা কথা ঠিক, এনে গোৰামি পুৰুষ সকলতকৈ মহিলা সকলৰ মাজতে বেছি৷ মনু সংহিতাত লিখা আছে “Balye pitorvashay tishteth panee grhasay yownay. putranam bhartre pretay na bjait stri swatantr tam ” নাৰী বাল্যকালত পুত্ৰৰ অধীন, বিবাহোত্তৰ কালত স্বামীৰ অধীন, বৃদ্ধ কালত স্বামীৰ অবৰ্তমানত পুত্ৰৰ অধীন৷ তিৰোতাক স্বাধীন হ’বলৈ দিব নেলাগে৷/ মনু সংহিতা ৫/১৫১

যুগল গগৈ– এনেও আমাৰ এনে অদৰকাৰী গুৰুত্বহীন প্ৰশ্নৰ উত্তৰ দিয়াৰ মন নাছিল কিন্তু প্ৰশ্নকৰ্তাগৰাকীয়ে সেই প্ৰশ্নৰ উত্তৰ কাৰো ওচৰত নাই নেকি বুলি ৰাজহুৱা কৈ চেলেঞ্জ দিয়া বাবেহে মন্তব্যতো দিছিলো ৷ কিন্তু তেখেতে ইমান ভালকৈ বুজাই দিয়াৰ পিছতো বুজি নোপোৱা বাবে মই লজ্জিত ৷ আকৌ এবাৰ চেষ্টা কৰিছো ( এইটোও জানো যে টোপনিত থকাসকলক জগাব পাৰি কিন্তু ভাও ধৰাবোৰক নোৱাৰি)৷ প্ৰশ্নটো সুধিছিল যে ভূপেন হাজৰিকাৰ দৰে মহান গায়কে সদায় বিহুমঞ্চত চুৰীয়াৰ দৰে জাতীয় সাজ পৰিধান কৰিছিল নেকি? উত্তৰটো যে নাই কৰা হব সেই কথা প্ৰশ্নকৰ্তাগৰাকীয়ে ও জানে নিশ্চয় ৷ এতিয়া আজিৰ গায়কসকলেও কিজানি তেঁওকে অনুসৰণ কৰিছে! সেয়ে গায়কসকলে বিহুমঞ্চত চুৰিয়া নিপিন্ধাৰ এটা যুক্তি দিব পাৰি ৷ কিন্তু গায়িকাসকলৰ মাজতো তেনে আছে নেকি যাক দেখি জুবলীয়ে মেখলা নিপিন্ধাৰ যুক্তি দিব? মই সেইটোহে সুধিছিলোঁ যুক্তিৰ খাতিৰত ৷এতিয়াও অসমৰ গাঁওয়েই হওক বা চহৰতেই হওক বিয়াৰ পিছত প্ৰায়বোৰ মহিলাক মেখলা -চাদৰ পিন্ধা দেখা যায় ,কিন্তু পুৰুষক চুৰিয়া পিন্ধা দেখা নাযায় ৷ পুৰুষে কিয় চুৰিয়া নিপিন্ধিব বুলি কোৱাতো অৰ্থহীন যুক্তি হব ৷ শেষত ইয়াকে কঁও যে কটাৰীখনৰ ওপৰত কেৰ্কেটুৱা তো পৰক বা কেৰ্কেটুৱা তোৰ ওপৰত কটাৰীখন পৰক, অনিষ্ট কিন্তু কেৰ্কেটুৱা তোৰে হব ৷ পুৰুষৰ গেঞ্জী পিন্ধাৰ লগত মহিলাৰ মিনি স্কাৰ্টৰ তুলনা কৰিবলৈ যোৱাসকলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আৰু প্ৰয়োজন অনুভৱ নকৰো ৷

সুজাতা পাঠক বৰা -লিখনিতোৰ লগতে কেইটামান ভাল যুক্তিসংগত মন্তব্য পঢ়িবলৈ পাই ভাল পালো । জুবলীৰ ঘটনাৰ আগৰে পৰাই ফেচবুকতে হওক বা আন কৰবাত হওক মহিলাৰ সাজ পোছাক আৰু চাল চলনৰ ওপৰত আলোচনা সমালোচনা শুনি শুনি আমনি পাইছো । এইবোৰ দেখি শুনি আজিকালি কিছুমান পেন্দুকনা লৰায়ো নাৰীৰ সাজ পোছাকৰ কথা কব আৰম্ভ কৰিছে । মই ভৱাত কোনোবা মহা পণ্ডিতেই কিয় নহওক কাৰোবাৰ পিন্ধন উৰণত চকু দিয়াটো সমিচিন নহয় । এতিয়া আহো জুবিলীৰ কথা, মই ভাবো বিহু যেতিয়া ষ্টেজত পতা হয় সেইটো আমাৰ সংস্কৃতি নহয়। কিন্তু আমি চহৰত থকা সকলে উপভোগ কৰিব পৰা এটা প্ৰচেষ্টা হৈছে ষ্টেজৰ বিহু । তাতে যদি পুৰুষে জিন্ছ পেন্ট আৰু টি শাৰ্টৰ ওপৰত গামোচাখন ললেই হৈ যায় মহিলাই সুৰুচিপুৰ্ন চালোৱাৰ জোৰ পিন্ধাত আপত্তি নিশ্চয় থাকিব নেলাগে । পংকজ ডাঙৰীয়াৰ লিখনি মোৰ ভাল লাগিল

ৰাজীৱ ৰঞ্জন– হেঃ হেঃ, আৰু নিজকে কিমান ফাঁকি দিম বাৰু আমিবোৰে? আমাৰ ফালে যৌতুকৰ কোনো কথাই নাই, আমাৰ ফালে পুৰুষ মহিলা সমান, আমাৰ ফালে মহিলাক বহু বেছি সন্মান কৰা হয়, আমাৰ ফালে মহিলাক কোনেও অসন্মান নকৰে ইত্যাদি ইত্যাদি। সৰুৰেপৰা দেখি আহিছোঁ, নামঘৰত হোৱা মিটিংখন, যিখনত নিৰ্ধাৰণ হয় গাঁৱৰ সমস্ত নিয়ম-নীতি, সেই মিটিঙত মাহঁতৰ প্ৰৱেশ নিষেধ। হয়, কোনো লিখিত নিয়ম নাই, যে মহিলাসকলে ভাগ ল’ব বা কিবা ক’ব নোৱাৰিব বুলি। কিন্তু আপোনাৰ নিজৰ গাঁওখনত দেখিছেনে কোনোবাই ভাগ লোৱা? ‘ৰাইজ, মোৰো কিছু ক’বলগীয়া আছে’ বুলি উঠিছেনে কেতিয়াবা আপোনাৰ খুড়ী-পেহী? যদি উঠা নাই, কিয় উঠা নাই ভাবি চাইছেনে? নে এইয়াও পৰম্পৰাই, যে সামাজিক জীৱনত বেছিভাগ (বা প্ৰায় সকলোবোৰ) নিয়ম-নীতি পুৰুষেহে নিৰ্ধাৰণ কৰিব? আৰু ওৰণীৰ বিষয়ে জানিবলৈ আইতাৰ ওচৰত বহিলেহে গম পোৱা যাব। এতিয়া বহুখিনি কমি যোৱাৰ বাবে ৰাইজে ‘কেতিয়াও নাছিলেই’ বুলি কৈ দিলেই নহ’বতো!

পঙ্কজ বৰা– ঠিক কথা ক’লে৷ এইবাৰ ঘৰতে থকাত নামঘৰৰ বাৰ্ষিক সভালৈ মইও গ’লো৷ আমাৰ অৱশ্যে মহিলাৰ প্ৰৱেশ নিষিদ্ধ নহয়৷ মোৰ বৰমায়ে নিজে ভোৰতাল বজায় সমজুৱা নাম-প্ৰসংগও কৰে৷ কিন্তু বাৰ্ষিক সভাখন কোনো এগৰাকী মহিলাই টু বাক্য এটা নক’লে৷ ৰাইজে মোকো দুৱাষাৰ ক’বলৈ কোৱাত মই সেইটো কথাই ক’লো যে প্ৰায় আধা সংখ্যক মহিল কিয় চুপ্ চাপ আছে৷ সমাজ এখনৰ নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত মহিলা সকলৰ মতামত ব্যক্ত কৰাটো, গ্ৰহণ কৰাটো জৰুৰী৷ অত্যাচাৰ মানে কৱেল শাৰিৰীক অত্যাচাৰ নহয়৷ মানসিক অত্যাচাৰো অন্যতম৷ কোনো মহিলাই ওৰণি নল’লে, বা অলপ আধুনিক সাজ পাৰ কৰিলে মুখৰ আগত ক’ব নোৱাঁৰিলেও সমাজৰ বহুতে ঘৰখনৰ আন মানুহকো পৰোক্ষ ভাৱে কথা শুনাই মানসিক ভাৱে ভাৰাক্ৰান্ত কৰে৷ ঐতিহাসিক ভাৱেই অসমীয়া সমাজ (আচলতে ভাৰতীয় সমাজখনেই) অত্যন্ত গোড়া৷ তাৰ ফল আজি আমাৰ সমাজে ভোগ কৰিছে৷ মহিলাই যদি পৰম্পৰাগত পোচাক পিন্ধিব লাগে, পুৰুষ সকলেও পিন্ধাটো নিয়ম কৰা হওক৷ শৈশৱৰ বা কৈশোৰৰ দেওনা পাৰ নোহোৱা কণ কণ ছোৱালী বোৰক যিদৰে ইউনিফৰ্মৰ নামত চাদৰ মেখেলা পিন্ধিবলৈ বাধ্য কৰোৱা হয়, ল’ৰাবোৰকো চুৰীয়া চাপকণ পিন্ধিবলৈ বাধ্য কৰোৱা হওক৷

ধনশ্রী কলিতা– ইমানবোৰ ফিলছ’ফি দেখি মনটো একেবাৰে গাৰ্দেন গাৰ্দেন হৈ গ’ল| তথাপি উত্তৰ নাপালো| উত্তৰৰ নামত পালো আকৌ একেটা প্ৰশ্নকেই! পুৰুষক বলাবৰ দম নাই, সেয়ে ককাৰ ধূতি গুচি দেউতাৰ পেন্ট হ’ল| মা আৰু আইতাৰ পোছাক একে থাকিল! দম থকা হ’লে খগেন মহন্তৰ দৰে গায়কৰ পেন্ট পিন্ধি মঞ্চত উঠাৰ সাহসেই নহ’লহেতেন! পুৰুষক বলাব নোৱাৰি চলে বলে কৌশলেৰে মহিলাৰ দ্বাৰাই অসমীয়া সংস্কৃতি ধৰি ৰাখিব বিচাৰিছে আৰু!তাৰ বাবে সাম, দাম, দণ্ড, ভেদ সকলো প্ৰয়োগ কৰিছে| লাগিলে সেয়া অন্য গায়িকাৰ উদাহৰণ দি সমভাবে বা জাতীয় পোছাকৰ নৈতিক মূল্যৰ দোহাই দি নতুবা প্ৰতিদ্বন্দ্বী গায়িকাৰ নিগেটিভ ইন্টাৰভিও লৈ আৰু গায়িকাৰ মাজতেই বিভাজন আনি| এতিয়াহে গা লৰিছে সকলোৰে| এতিয়া সকলোৱে ক’ব ধৰিছে পুৰুষেও জাতীয় পোছাক পিন্ধা উচিত| অ’ আই, ইমান দিনে কুম্ভকৰ্ণৰ দৰে শুই আছিল হ’বলা, জুবলীয়ে চেলোৱাৰ পিন্ধি জগাই দিলে! যাহওক, ক্ৰেদিট গোজ টু জুবলী| “জুবলী বা, পাৰিলে এইবাৰ জিনছ পিন্ধি মঞ্চত জঁপিয়াই গান গাব| মই গ্যাৰান্টি দিছো অচিৰেই অসমত লিভাইচ, ৰেদলুপ আদিৰ মৃত্যু ঘটি যাব| এনেকৈ আপুনি এদিন জিনছো নোহোৱা কৰি দিব পাৰিব| তেতিয়া চাও কোন পাপনে নিজে জিনচ পিন্ধি ৰেহেনাক মেখেলা পিন্ধাই দম্ভালি মাৰে!”|

ৰক্তিম শৰ্মা– বিতৰ্ক কৰা বুলি নাভাবিব । কিন্তু বিহু মঞ্চক কেৱল মনোৰঞ্জনৰ বাবে এক সাধাৰণ সংগীত সন্ধিয়া বুলিলে আপত্তি কৰিম । মঞ্চ বিহুৰ উদ্দেশ্য আছিল অসমীয়া থলুৱা লোকসংস্কৃতি বিহুক এক জাতীয় চেতনাৰ বাহক হিচাপে গঢ় দিয়া । ভাষা আন্দোলন , মাধ্যম আন্দোলন, তেল শোধানাগাৰৰ দাবীত আন্দোলন , অসম আন্দোলন আদি জাতীয় সংগ্ৰামবোৰত জাতি ধৰ্ম নিৰ্বিশেষে জনগনৰ মাজত জাতীয় চেতনা প্ৰসাৰ কৰাৰ কাৰনে মঞ্চ বিহু আয়োজন কৰা হৈছিল ।আনকি অন্য জনগোষ্ঠীৰ গীত-মাত আদিও যাতে বিহু মঞ্চৰ মাজেৰে প্ৰচাৰ-প্ৰকাশ আৰু সমন্বয়ৰ ধাৰনা গঢ় দিব পাৰে তাৰো অন্যতম উদ্দেশ্য মঞ্চ বিহু । সেয়ে মঞ্চবিহুৰ ঐতিহাসিক উদ্দেশ্য সেয়াই । এই ঐতিহাসিক উদ্দেশ্যৰ বিৰোধ কৰি পিছলৈ এচাম মধ্যবিত্তই বিহুক মাথো মনোৰঞ্জনৰ আহিলা হিচাপে লোৱা দেখা গল । বিশেষকৈ নামনি অসমৰ লোকৰ কাৰনে এই বিহুমঞ্চই জাতীয় চেতনাৰে ঐক্যবদ্ধহৈ সমবেত হোৱাৰ কেন্দ্ৰবিন্দু । সেয়ে কওঁ যে বিহু মঞ্চখন অসমীয়া সংস্কৃতিৰ বৰঘৰ নহলেও চৰাঘৰলৈ পৰ্যবশিত হৈছিল এক শতিকা আগতেই ।কেনোবাই বিহুমঞ্চখনক সস্তীয়া সাংস্কৃতিক মঞ্চলৈ পৰিনত কৰা মানে সেই জাতীয় দায়িত্বক আৰু উদ্দেশ্যক বিৰোধ কৰা , অৱমাননা কৰা । বহিৰাগত আগ্ৰাসনৰ পৰা নিজৰ জাতীয় সংস্কৃতি ৰক্ষাৰ বা জাতীয় চেতনাৰ প্ৰসাৰৰ বাবে মঞ্চ বিহুৰ গুৰুত্ব আছে । কিন্তু তাক বজৰুৱাকৰণ কৰিছো আমি , কাৰণ আমি হৈ পৰিছো জাতীয় চেতনাবিহীন একো একোটা গোলকীয় সত্বালৈ । কোনোবা মদাহী লৰাবোৰে চান্দা তুলি বিহু ফংচন পাতিব, আমি চাম , সমালোচনা কৰিম, তাতকৈ আহকচোন আমি সকলোৱে দুটা দিন উচৰ্গা কৰি , জেপৰ ধন ভাঙি বিহু মঞ্চখন প্ৰকৃত জাতীয় চেতনাৰ মঞ্চ হিচাপে সজাওঁ । নিৰাপদ দূৰত্বত থাকি সমালোচনা ভিত্তিহীন ।

উদ্দীপ তালুকদাৰ– নাহ্‌! মই কথাবিলাক ইমান দলৈ যোৱাৰ কথাটো বুজা নাই! মই ইমানদিনে যেনেদৰে ভাবি আছিলো, কথাটো প্ৰায় এনেকুৱা আছিল:

কিবা কাৰণত জুবলীয়ে সেইদিনা ছুৰিদাৰ পিন্ধি গাবলৈ আহিল। কাৰণটো ময়ো নাজানো, ধৰি ললো, সেইদিনাই্ তেওঁ সেইযোৰ ছুৰিদাৰ কিনি আনিছিল। চবেই ক’লে ‘ইমান ধুনীয়া লাগিছে’ তেওঁ সেই কাৰণে পিন্ধি গ’ল। বা, সেইদিনা পিন্ধিম বুলি ভাবি থকা চাদৰ-মেখেলা যোৰত কোনোবা হিংসুকীয়ে পিক পেলাই ৰঙা কৰি পেলালে। নতুবা…. (বাদ দিলো! মুঠতে চাদৰ-মেখেলা পিন্ধা নাছিল!)

তাৰ পাছত তেওঁ গান গাবলৈ গ’ল। মঞ্চত উঠিবলৈ লওঁতেই্ কৰ্ম-কৰ্তাই মাত দিলে, আপুনি এইযোৰ পিন্ধি গান গাব নোৱাৰে। প্ৰথমেই মনলৈ অহা প্ৰশ্নটো হ’ব, ‘হা! কিয় নোৱাৰিম?’

তেওঁলোকে কি ক’লে তাৰ ওপৰত নিৰ্ভৰ কৰিব পাছৰখিনি, গতিকে এটা-এটাকৈ দিছোঁ,

১. চাদৰ-মেখেলাহে অসমৰ জাতীয় পোছাক। সেয়ে পিন্ধিব লাগিব।

২. ছুৰিদাৰযোৰ সভ্য পোছাক নহয়।

৩. আপুনি গা দেখুৱাবলৈ ছুৰিদাৰ পিন্ধি আহিছে।

৪. আপুনি ছুৰিদাৰ পিন্ধি অসমীয়া সমাজক অপমান কৰিছে।

ইয়াৰে প্ৰতিটোতে জুবলীৰ (বা যিকোনো এগৰাকী আত্মসন্মান বোধ থকা মহিলাৰ মনলৈ তলৰ কথাকেইটা আহিব):

১. চাদৰ-মেখেলাযোৰ পিন্ধি অকল নাৰীয়েহে অসমৰ জাতীয় পোছাক ৰক্ষা কৰিব লাগিব। পুৰুষে নালাগে! মই নিপিন্ধো!

২. তাৰমানে মই অসভ্য! ময়ো নাগাওঁ!!

৩. কি!! মোক তেনে ধৰণৰ বুলিহে ভাবিছে নেকি? মই যি পিন্ধিছো তাকেই পিন্ধিম!

৪. আৰু বাকী চবেই যি ছুৰিদাৰ পিন্ধি আহিছে, তেতিয়া কি অসমীয়া সমাজৰ অপমান হোৱা নাই?

গোটেইকেইটা প্ৰশ্নতে গান গাবলৈ যোৱা জুবলীৰ খং উঠিবই। আৰু তেওঁ যে প্ৰতিবাদ কৰিবই কৰিব সেইটো খাটাং! সেয়ে, মোৰ বোধেৰে জুবলীৰ উদাহৰণটোত আচলতে সাংঘাতিক সাংঘাতিক কথালৈ গৈ লাভ নাই!!

(আৰু আমোদজনক কথাটো হ’ল গোটেইকেইটা বিকল্পতে চাদৰ-মেখেলাৰ বিপক্ষে জুবলীয়ে একো ভবাই নাই, খংটো ছুৰিদাৰযোৰ পিন্ধোতে ৰাইজে আপত্তি কিয় কৰিব সেইটোতহে!! অসমীয়া জাতীয় পোছাকক অসন্মান আদিৰ কথা তাত নায়েই।)

সুজাতা হাতী বৰুৱা– বুজিছো। অতীজৰেপৰা অসমত মহিলাসকলে ( আন জনগোষ্ঠীবোৰৰ কথা পাহৰি যাও আহক) মেখেলা-চাদৰ পিন্ধি আহিছে। বৃটিছৰ যুগৰেপৰা পুৰুষসকলে সাপে মূট সলোৱাৰ দৰে ‘ জাতীয় পোছাক’ হিচাপে পেন্ট-চাৰ্ট পিন্ধিবলৈ ল’লে।তাত কি আপত্তি আছে? কাৰণ পুৰুষৰ গাত অশ্লীলতা ফুটি নুঠে। আনহাতে মহিলাসকলে সেই তেতিয়াও যিহেতো মেখেলা-চাদৰযোৰ গাত সাৱটিয়ে থাকিল, গতিকে সেইযোৰেই মহিলাৰ ‘জাতীয় পোছাক’ আৰু অহা অন্ততঃ তিনিশ বছৰমানলৈ পিন্ধি থাকিব পাৰিব লাগিব। তেহে আমি বিশ্বৰ আগত আমাৰ সংস্কৃতিক লৈ গৌৰৱ কৰিব পাৰিম।

পাৰিলে বোৱাৰীসকলে সুন্দৰ নিদৰ্শন দাঙি ধৰি ওৰণিও ল’ব লাগে। মনুৱেও কৈছে, ইতিহাসো প্ৰমাণ।নাৰীয়ে মূৰত অলপ ঘিউ কমকৈ লৈ জন্ম হয়। সেই কথাটো বুজা উচিত।নিজকে বেছি জনা দেখুৱাব অন্ততঃ ৰাজহুৱা স্থানত একদম নালাগে। শোভা নাপায়। পুৰুষে কৰিছে, আমি কিয় নোৱাৰিম জাতীয় কথা সকলোতে কৈ থাকিলে এদিন মহিলাই বিকিনী পিন্ধিবলৈ দাবী কৰিব। পাৰি নেকি ইমানবোৰ হ’ব দিব।তাতে তেনে নাৰীক ধৰ্ষণ কৰিলে শাস্তি হ’ব পুৰুষসকলৰ!!দস্তুৰমত অন্যায়!!

অভিজ্ঞান কাশ্যপ– ফৰাচী , ইংৰাজ , জাৰ্মান আদি জাতি সমূহে নতুনক আদৰি লৈছিল যেতিয়া তাত নবজাগৰন আন্দোলন হৈছিল । সাহিত্য , সংস্কূতিৰ আমোল পৰিবৰ্তন হৈছিল আৰু সেই দেশৰ মানুহে নতুনক আদৰি আগুৱাই গৈ শিখৰত উপস্থিত হ’ল আৰু আমি আজিও কাপোৰ কানি পিন্ধাতে লাগি আছো । ৰীতি নীতিৰ প্ৰ্য়োজন নাই বুলি মই কোৱা নাই, আছে , কিন্তু সকলোৰে এটা সীমা থাকে । আমাৰ সমাজত আজিও ধৰ্ম , জাতি ভেদ আছে । শিহ্মিত লোকৰ মাজতে বেছি ধৰ্মৰ গোৰামি দেখা যায় । সময় পৰিবৰ্তনশীল । আমি বিচাৰিলেও বা নিবিচাৰিলেও সময় পৰিবৰ্তন হব । আৰু পৰিবৰ্তনৰ দিশত খোজ নিদিলে আমি সময়ৰ গতিত নোহোৱা হৈ যাম । সামান্য কাপোৰ এজোৰত মিডিয়ায়ে হওক বা আমিয়ে ইমান লাগি আছো কিয় ? কাপোৰ পিন্ধাকলৈ বিতৰ্ক ? কেতিয়াবা ভাবো মই সচাকৈয়ে একবিংশ শতিকাৰ হয়নে ? জুবলীয়ে বিকিনি বা মিনি স্কাৰ্ত পৰিধান কৰিতো যোৱা নাছিল । কাপোৰ এজোৰে অসমীয়া জাতিক আগুৱাই লৈ নাজায় । আমাৰ কৰ্ময়েহে আমাক আগুৱাই নিব ।

—-

Comments

1 Comment so far

Jump into a conversation
  1. নৱজ্যোতি শইকীয়া
    #1 নৱজ্যোতি শইকীয়া 27 March, 2016, 00:16

    এনে ধৰণৰ লেখা সমূহ বাতৰি কাকতত শেহতীয়াকৈ কিচু পৰিমাণে প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে যদিও সামগ্ৰিকভাৱে এতিয়াও বহু কম । এনে ধৰণৰ ৱেবচাইট বোৰৰ পৰা ইয়াত প্ৰকাশিত লেখা সমূহ বাতৰি-কাকতত প্ৰকাশৰ বাবে ব্যৱস্হা কৰিব পাৰি নেকি ? কিয়নো, সকলো মানুহেই ইন্টাৰনেটৰ ব্যৱহাৰ নাজানে । সচৰাচৰ উপৰোক্ত লেখাত উল্লেখিত ধাৰণা সমূহ শিক্ষিত তথা নতুন প্ৰজন্মৰ বিপৰীতে পুৰণি লোকসকলৰহে বেছি হোৱা দেখা যায় ।

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.