অসমীয়া ভাষাৰ সৰ্গ, ইয়াৰ শ্ৰেণীবিভাগ আৰু প্ৰয়োগ ( দ্বিতীয় অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা )

অসমীয়া ভাষাৰ সৰ্গ, ইয়াৰ শ্ৰেণীবিভাগ আৰু প্ৰয়োগ ( দ্বিতীয় অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা )

অসমীয়া ভাষাৰ সৰ্গ, ইয়াৰ শ্ৰেণীবিভাগ আৰু প্ৰয়োগ ( দ্বিতীয় অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা )

by June 1, 2015 0 comments



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ দ্বিতীয় অধ্যায়

২. অসমীয়া ভাষাৰ সৰ্গ, ইয়াৰ শ্ৰেণীবিভাগ আৰু প্ৰয়োগ

এটা ভাষাৰ ৰূপতত্বৰ মূল আধাৰ ৰূপবোৰ (morpheme) এটা ভাগ হৈছে বদ্ধ ৰূপ (bound morpheme)। অসমীয়া ভাষাত বদ্ধৰূপবোৰক সাধাৰণভাৱে সৰ্গ বা প্ৰত্যয় বোলা হয়। ইংৰাজীত সৰ্গ বা প্ৰত্যয় বুজোৱা সাধাৰণ শব্দটো হৈছে affix। সৰ্গ আৰু প্ৰত্যয় দুয়োটাই সংস্কৃত তৎসম শব্দ। সংস্কৃত ব্যাকৰণত এই শব্দ দুটাই সীমিত অৰ্থ প্ৰকাশ কৰে।সৰ্গৰ আগত ‘উপ’ যোগ হোৱা ‘উপসৰ্গ’ শব্দই সংস্কৃতত ধাতুৰ আগত যোগ হোৱা বদ্ধ ৰূপবোৰক (prefix) বুজায় আৰু ‘প্ৰত্যয়’ শব্দই ধাতু আৰু শব্দৰ পাছত যোগ হোৱা বদ্ধৰূপ (suffix) কৃৎ আৰু তদ্ধিতবোৰক বুজায়; ‘বিভক্তি’ শব্দই সংস্কৃত কেৱল ‘সুপ্‌’ আৰু ‘তিঙ্‌’ বিভক্তবোৰক বুজায়, যিবোৰক বাক্যত প্ৰয়োগৰ অৱস্থান অনুযায়ী সাধাৰণভাৱে suffix বুলিব পাৰি। অসমীয়া ব্যাকাৰণবোৰত সংস্কৃত দৰে উপসৰ্গ, প্ৰত্যয় আৰু বিভক্তি. এই তিনিওটা শব্দৰ প্ৰয়োগ আছে যদিও সামগ্ৰিকভাৱে অসমীয়াত সৰ্গ বা প্ৰত্যয় শব্দই ইংৰাজী affix –ৰ দৰে উপসৰ্গ, প্ৰত্যয় আৰু বিভক্তি, এই তিনিওবিধ বদ্ধ ৰূপকে সামৰি লয়। সেই হিচাপে অসমীয়া সৰ্গ বা প্ৰত্যয় ইংৰাজী affix শব্দৰ সমাৰ্থক।

সৰ্গ বা প্ৰত্যয়বোৰে স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। মূল ৰূপ অৰ্থাৎ শব্দ বা ধাতুৰ আগত বা পাছত যোগ হ’লেহে ইহঁতে অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা লাভ কৰে। গতিকে যিবোৰ বদ্ধ ৰূপে কোনো মূল ৰূপৰ আশ্ৰয় নোহোৱাকৈ বাক্যত অকলে ব্যৱহাৰ হৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, সাধাৰণভাৱে সেইবোৰেই সৰ্গ বা প্ৰত্যয়। যেনে, আও,-উৱা,-এ,-ওঁ আদি। এই সৰ্গ চাৰিটা ক্ৰমে ‘বাট’ শব্দৰ আগত; মাৰ, ৰাম জাতীয় শব্দ আৰু খা, যা, আদি ধাতুৰ পাছত যোগ হ’লেহে অৰ্থাৎ আওবাট, মৰুৱা, ৰামে, খাওঁ, বা যাওঁ হ’লেহে সৰ্গ কেইটাই অৰ্থ প্ৰকাশৰ ক্ষমতা লাভ কৰে। সেইদৰে ইংৰাজী un, ly, ness, ish আদি বদ্ধ ৰূপবোৰ ক্ৰমে like, kind, girl জাতীয় শব্দৰ আগত বা পাছত যোগ হ’লেহে সিহঁত নিৰ্দিষ্ট অৰ্থ প্ৰকাশক হৈ পৰে। এইদৰে দেখা যায়, মূল ৰূপৰ আগত বা পাছত যোগ হৈ বাক্যত ব্যৱহাৰৰ উপযোগী ভিন্ন অৰ্থ প্ৰকাশ কৰা বদ্ধ ৰূপবোৰেই অসমীয়া ভাষাৰ সৰ্গ বা প্ৰত্যয়।

২.০২ সৰ্গ বা প্ৰত্যয়ৰ শ্ৰেণী-বিভাজন: বাক্যত প্ৰয়োগৰ স্থান আৰু গুণ বা কাৰ্য, এই দুটা কথাৰ ভিত্তিত অসমীয়া ভাষাৰ সৰ্গবোৰক প্ৰধানত: দুটা ভাগত ভগোৱা হয়: অৱস্থানগত সৰ্গ বা প্ৰত্যয় (positional afix) আৰু গুণগত বা কাৰ্যগত সৰ্গ (functional affix)। অৱস্থানগত সৰ্গৰ দুটা ভাগ: উপসৰ্গ বা পূৰ্বসৰ্গ (prefix) আৰু পৰসৰ্গ, অনুসৰ্গ বা পৰ প্ৰত্যয় (suffix)

২.০২.১ যিবোৰ সৰ্গই মূল শব্দ বা ধাতুৰ আগত বহি ভিন্ন অৰ্থবাচক নতুন শব্দৰ সৃষ্টি কৰে, সেইবোৰেই উপসৰ্গ বা পূৰ্বসৰ্গ। সংস্কৃ্তত প্ৰ,পৰা,উপ,নিৰ-কে ধৰি কুৰিটা উপসৰ্গ আছে। অসমীয়া ভাষাৰ তৎসম শব্দবোৰত সংস্কৃতৰ আটাইবোৰ উপসৰ্গৰ ব্যৱহাৰ আছে। যেনে, প্ৰগত, পৰাগত, উপবন, নিৰ্মল, অপমান ইত্যাদি। মন কৰিবলগীয়া যে অসমীয়া ভাষালৈ সংস্কৃতৰ উপসৰ্গবোৰ প্ৰত্যক্ষভাৱে নাহি প্ৰধানত: উপসৰ্গযুক্ত তৎসম শব্দবোৰহে আহিছে। এনেবোৰ উপসৰ্গৰ বাহিৰেও অসমীয়া ভাষাত আৰু ভালেকেইটামান উপসৰ্গ আছে। সেইবোৰৰ অধিকাংশই সংস্কৃত উপসৰ্গৰ পৰা অপৰিৱৰ্তিতভাৱে বা সামান্য পৰিৱৰ্তন হৈ আহি কিছু ভিন্ন অৰ্থত অসমীয়াত ব্যৱহৃত হৈছে: যেনে –

অ:- অসময়; অকাজ আদি ;

আ:- আমনি, আকাল আদি;

আও:- আওবাট, আওকাণ, আওমৰণ, আওপুৰণি আদি

অনা:- অনাতাঁৰ, অনাভুৱা, অনাহাৰ, অনাবৃষ্টি, অনাগত আদি;

উ:- উলাহ, উজান, উলঙ্গ আদি;

নি:- নিমাত, নিতাল, নিজান, নিখুঁত, নিগাজী, নিবোকা, নিকৰুণ আদি ;

সু:- সুদিন, সুখবৰ, সুকাঠি আদি।

এইবোৰৰ উপৰি বিদেশী মূলীয় উপসৰ্গ কেইটামানৰ ব্যৱহাৰো দেখা যায়। সেইবোৰ এনেধৰণৰ:

বে:- বেআইন, বেদখল, বেনামী, বেৰসিক, বেপৰোৱা, বেসুৰীয়া আদি;

গৰ:- গৰমিল, গৰহাজিৰ আদি

কাৰ:- কাৰখানা, কাৰবাৰ, কাৰচাজি আদি;

বদ:- বদনাম, বদগুণ, বদ্‌হজমী আদি;

বৰ:- বৰখাস্ত, বৰবাদ, বৰদাস্ত আদি।

ইয়াৰ বাহিৰেও বাদ-, কা-, কু-, দুৰ-, বিনা-, স-, সহ-, এনা-, আদি ৰূপো উপসৰ্গ হিচাপে শব্দৰ আগত ব্যৱহাৰ হৈ ভিন্ন অৰ্থবাচক শব্দ গঠন হোৱা দেখা যায়। অসমীয়া ভাষাত নঞৰ্থক ক্ৰিয়াপদ গঠন কৰা ‘ন’-টোও উপসৰ্গ।

পৰসৰ্গ বা অনুসৰ্গবোৰ মূল শব্দ বা ধাতুৰ পাছত বহে। যিবোৰ সৰ্গই মূল শব্দ বা ধাতুৰ পাছত বহি ভিন্ন অৰ্থবাচক নতুন শব্দ গঠন কৰে আৰু বাক্যত পদৰ লগত পদৰ সঙ্গতি স্থাপন কৰাৰ লগতে ব্যাকৰণত বিশেষ অৰ্থ প্ৰকাশ কৰে, সেইবোৰেই পৰসৰ্গ বা অনুসৰ্গ। এই পৰসৰ্গবোৰৰ প্ৰয়োগ বিশ্লেষণেই অসমীয়া ৰূপতত্বৰ মূল কথা। আন কথাত অসমীয়া ভাষাৰ ৰূপতত্বৰ আলোচনাৰ মূল আধাৰ হ’ল পৰসৰ্গবোৰ। যেনে, -অক (বুধিয়ক), -অন (খাৱন), -এ (মানুহে), -বোৰ(ফুলবোৰ), -খন(কিতাপখন), এক(ভায়েক), -ৰা(হেৰা), -অনী (ফুকননী),-হে (সিহে), -তো (মইতো) ইত্যাদি।

পৰসৰ্গবোৰ ইটোৰ পাছত সিটোকৈ লেঠাৰি লাগি কেইবাটাও একেলগে বহিব পাৰে। যেনে, ভায়েকহঁতৰ। এই শব্দটোত মূল ৰূপ বা প্ৰকৃতি ‘ভাই’; ইয়াৰ পাছত ক্ৰমে একে লেঠাৰিয়ে লগ লগা –এক, -হঁত, -অৰ এই তিনিওটা বদ্ধৰূপেই পৰসৰ্গ বা পৰপ্ৰত্যয়।

২.০২.২ গুণ বা কাৰ্যৰ ভিত্তিত সৰ্গবোৰক প্ৰধানভাৱে দুটা ভাগত ভাগ কৰা হয়: শব্দসাধনমূলক বা ব্যৎপত্তিমূলক (derivatives) আৰু বিভক্তিমূলক (inflectives)।

যিবোৰ সৰ্গই মূল শব্দ বা ধাতুৰ আগত বা পাছত বহি ভিন্ন অৰ্থবাচক শব্দ সাধন কৰে, সেইবোৰেই সাধাৰণভাৱে শব্দ সাধনমূলক সৰ্গ। শব্দসাধনমূলক সৰ্গৰ তিনিটা ভাগ: উপসৰ্গ, কৃৎ আৰু তদ্ধিত৷ উপসৰ্গবোৰে পদ বা ধাতুৰ আগত বহি ভিন্ন অৰ্থবাচক নতুন শব্দ গঠন কৰে। যেনে: বে-আইন, ন+ দিওঁ=নিদিওঁ আদি। আনহাতে কৃৎ প্ৰত্যয়বোৰে নাম শব্দৰ পাছত বহি ভিন্ন অৰ্থবাচক নতুন নতুন শব্দৰ সৃষ্টি কৰে। খা+অৰীয়া (কৃৎ) = খাৱৰীয়া, গাওঁ+অলীয়া (তদ্ধিত) = গাঁৱলীয়া আদি।

যিবোৰ সৰ্গই মূল শব্দ বা ধাতুৰ পাছত বহি সেই শব্দ বা ধাতুৰ কেৱল ৰূপাত্মক পৰিৱৰ্তনহে সাধে, সেইবোৰেই বিভক্তিমূলক সৰ্গ। গুণ বা কাৰ্য অনুসৰি এই সৰ্গও দুবিধ: বাক্যবিন্যাসগত কাৰ্যসাধক আৰু ব্যাকৰণগত বিশেষ অৰ্থ প্ৰকাশক সৰ্গ ৷ যিবোৰ সৰ্গই বাক্যত পদৰ লগত সম্পৰ্ক স্থাপন কৰে, যিবোৰ সৰ্গ ৰূপৰ পৰা আঁতৰাই আনিলে বাক্যবিন্যাসত আউল লাগে, সেইবোৰেই বাক্যবিন্যাসগত কাৰ্যসাধক বিভক্তিমূলক সৰ্গ। যেনে, গৰুৱে ঘাঁহ খায় – এই বাক্যটোত কৰ্তা ‘গৰু’ শব্দত থকা প্ৰথমা –এ বিভক্তিয়ে ‘খায়’ ক্ৰিয়াপদৰ লগত সম্পৰ্ক স্থাপন কৰিছে। ‘গৰু’ শব্দৰ পৰা ‘এ’ আঁতৰাই আনিলে অৰ্থাৎ ‘গৰু ঘাঁহ খায়’ কৰিলে বাক্যটোৰ গাঁথনিক অৰ্থত আউল লাগিব। গতিকে ‘এ’ বাক্যবিন্যাসগত কাৰ্যসাধক সৰ্গ।

আনহাতে যিবোৰ সৰ্গ মূল ৰূপৰপৰা আঁতৰাই আনিলে বাক্যবিন্যাসত আউল নালাগে, কিন্তু প্ৰকাশ কৰিব খোজা অৰ্থটো প্ৰকাশ নাপায় অথচ যিটো অৰ্থ কৰিবলৈ বাক্যত সিবোৰৰ প্ৰয়োগ অপৰিহাৰ্য, সেইবোৰেই বিশেষ অৰ্থ প্ৰকাশক বিভক্তিমূলক সৰ্গ। যেনে, দেউতাহঁত আহিছে , এই বাক্যটোৰ ‘দেউতা’ শব্দৰ পৰা ‘হঁত’ আঁতৰাই আনি ‘দেউতা আহিছে’ কৰিলেও বাক্যটোৰ গঠন নিখুঁত হৈয়ে থাকিব। কিন্তু দেউতাৰ লগত যে মা, বাইদেউকে ধৰি কোনোবা কোনোবাও আহিছে, সেই অৰ্থ প্ৰকাশ নাপাব। সেই অৰ্থ প্ৰকাশ কৰিবলৈ বহুবচনাত্মক ‘-হঁত’ প্ৰত্যয় ‘দেউতা’ শব্দত অপৰিহাৰ্য। গতিকে ‘হঁত’ ব্যাকৰণগত বিশেষ অৰ্থ প্ৰকাশক বিভক্তিমূলক সৰ্গ। তলত ৰেখাচিত্ৰৰ সহায়ত অসমীয়া ভাষাৰ সৰ্গ বা প্ৰত্যয়বোৰ শ্ৰেণীবিভাগ কৰি দেখুওৱা হ’ল:

img_rup_2.02.2

২.০৩ উল্লিখিত তালিকাত অন্তৰ্ভুক্ত নোহোৱা সৰ্গবোৰৰ অৱস্থানগত আন এটা ভাগ হৈছে অন্ত:সৰ্গ বা মধ্যসৰ্গ৷ এই শ্ৰেণীৰ সৰ্গবোৰ শব্দমূল বা প্ৰকৃতিটোক ফালি তাৰ মাজত সোমাই ব্যৱহাৰ হয়৷ সেয়েহে শব্দত প্ৰয়োগৰ দিশৰ পৰা এনেবোৰ সৰ্গক অন্তঃসৰ্গ বা মধ্যসৰ্গ (infix) বোলা হয়। বিশিষ্ট ভাষাতত্ববিদ এইছ. এ. গ্লিছনৰ মতে “An infix is a morpheme which is inserted into the stem with it is associated”. ( An introduction to Descriptive Linguistics, 1970, P.73)। উদাহৰণস্বৰূপে তেওঁ দক্ষিণ-পূব এচিয়াৰ টাগালগ ভাষাত কেঁচা শাক-পাচলি (green vegetables) বুজোৱা ‘gulay’ শব্দটো (root) উল্লেখ কৰিছে। এই শব্দমূলটো ফালি মাজত ‘in’ যোগ কৰিলে শব্দটো হয় ginulay আৰু তেতিয়া তাৰ অৰ্থ greenish blue। এইদৰে অন্ত:সৰ্গবোৰে শব্দমূলৰ মাজত সোমাই নতুন অৰ্থবাচক শব্দ গঠন কৰে। পৃথিৱীৰ বিভিন্ন ভাষাত শব্দমূল ফালি সোমাৱা এনে অন্ত:সৰ্গৰ ব্যৱহাৰ দেখা যায়।

ভাৰতীয়া আৰ্যভাষাত অন্তসৰ্গৰ ব্যৱহাৰ বিৰল। কোনো কোনোৱে সংস্কৃত ভাষাৰ ৰুধাদি গণীয় ধাতুৰ লট্‌, লোট্‌, লঙ্‌ আৰু বিধিলিঙ্‌ – এই চাৰিটা ল-কৰৰ ৰূপত ধাতুটো ফালি তাৰ মাজত সোমোৱা নাসিক্য ধ্বনিটোক অন্ত:সৰ্গ বুলি ক’ব খোজে। যেনে – ✓ৰুধ্‌-ৰণদ্ধি, ৰুন্ধ:, ৰুন্ধতি। দৰাচলতে ৰুধ্‌ ধাতুৰ মাজত সোমোৱা ‘ন’ টো অন্ত:সৰ্গ নহয়; কিয়নো ইয়াৰ ভিন্ন অৰ্থবাচক শব্দ গঠন ক্ষমতা নাই। সংস্কৃতৰ অ-বিকৰণহীন ধাতু-শ্ৰেণীৰ (a-thematic class) অন্তৰ্গত ক্ৰ্যাদি আৰু স্বাদিগণীয় ধাতুবোৰৰ ৰূপ কৰিলেও ধাতু আৰু বিভক্তিৰ মাজত না নো বিকৰণ যোগ হয়: যেনে, ✓ ক্ৰী = তি (লট্‌) = ক্ৰীণাতি, ✓ শ্ৰু = তি (লট্‌) = শৃণোতি আদি।

এই বিকৰণবোৰ অৰ্থহীন। ইহঁতে ক্ৰিয়াপদটোৰ গঠনতহে সহায় কৰে, অৰ্থগত পৰিৱৰ্তন বা ধাতুৰ শ্ৰেণী পৰিৱৰ্তন নকৰে। গতিকে ক্ৰ্যাদি আৰু স্বাদি গণিৰ ধাতুবোৰৰ ৰূপ কৰোঁতে ধাতু আৰু বিভক্তিৰ মাজত সোমোৱা না, কো যিদৰে অন্ত:সৰ্গ নহয়, সেইদৰে ৰুধাদি গণীয় ধাতুবোৰ ফালি তাৰ মাজত বিকৰণ হিচাপে সোমোৱা নাসিক্য ধ্বনিটোৰ শব্দসাধনমূলক অন্ত:সৰ্গ নহয়। কিয়নো gulay শব্দত in প্ৰত্যয়ে কৰাৰ দৰে ‘ৰুধ্‌’ ধাতুৰ মাজত সোমোৱা নাসিকা ধ্বনিয়ে ধাতুটোৰ অৰ্থগত কোনো পৰিৱৰ্তন নাসাধে, গতিকে ‘ৰুধ্‌’ ধাতুৰ মাজত সোমোৱা ন/নো বা আ নাসিক্য ধ্বনি অৱস্থানৰ দিশৰ পৰা অন্ত:সৰ্গ যেন লাগিলেও গুণ বা কাৰ্যৰ পিনৰপৰা অন্ত:সৰ্গ নহয়; ধাতুটোৰ পৰা সমাপিকা ক্ৰিয়া গঠন কৰোঁতে সহায় কৰা ই এক প্ৰকাৰ নাসিক্য ধ্বনিৰ আগমনহে, যিটো সংস্কৃত সন্ধি-প্ৰক্ৰিয়াৰ এক কৰিবলগীয়া বিশেষত্ব।

আন ভাৰতীয় আৰ্য ভাষাৰ দৰে অসমীয়া অন্ত:সৰ্গৰ ব্যৱহাৰ দেখা নাযায়। অসমীয়া ভাষাত কিছুমান সৰ্গ মূল শব্দৰ পাছত লেঠাৰি লাগি বহে। উদাহৰণ স্বৰুপে, ‘কিতাপকেইখনৰ’ – এই শব্দটোৰ ‘কিতাপ’ মূল শব্দ বা প্ৰকৃতি , ‘কেই’ অনিৰ্দিষ্টতাবাচক বদ্ধৰূপ বা সৰ্গ, ‘খন’ বস্তুৰ আকৃতি-প্ৰকৃতি বুজোৱা নিৰ্দিষ্টতাবাচক সৰ্গ আৰু ‘ৰ’ ষষ্ঠী বিভক্তি। ইয়াত ‘কেই’ বদ্ধ ৰূপটোক এফালে ‘কিতাপ’ আৰু আনফালে ‘খন’ প্ৰত্যয়ে আগুৰি আছে। সেইদৰে ‘কেই’ আৰু ‘ৰ’ বিভক্তিৰ মাজত আছে ‘খন’ সৰ্গ। মূল শব্দৰ অৰ্থক স্পষ্ট কি তোলা ‘কেই’ আৰু ‘খন’ দুয়োটাৰে ৰূপগত সৰ্গৰ মৰ্য্যাদা আছে। কিন্তু ইহঁত অন্ত:সৰ্গ নহয়।

অসমীয়া ভাষাত কিছুমান অকৰ্মক ধাতুক ব্যঞ্জনৰ মধ্যৱৰ্তী ‘অ’ স্বৰৰ ঠাইত ‘আ’ স্বৰ বহুৱাই সকৰ্মক ধাতু কৰিব পাৰি। যেনে, চৰ্‌ (গৰু চৰে) –চাৰ্‌ (গৰখীয়াই গৰু চাৰে), মৰ্‌- মাৰ, পৰ-পাৰ্‌, বিদৰ্‌-বিদাৰ্‌ ইত্যাদি। এই ‘আ’ –টোৰ কাৰণেই অকৰ্মক ধাতু সকৰ্মক হৈছে যেতিয়া ইয়াৰ এটা অৰ্থ বা কাৰ্য (function) প্ৰকাশ পাইছে। গতিকে ইয়াৰ শব্দ-সাধনৰ সৰ্গ বা প্ৰাকৃতিৰ মৰ্য্যাদা আছে। সেই কাৰণে ইয়াক অন্ত:সৰ্গ বুলিও হয়তো ধৰিব পাৰি (অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, পৃ. ৮৭-৮৮)। মন কৰিবলগীয়া যে ধাতুৰ আদ্যক্ষৰৰ অ > আ হৈ ই কেৱল অকৰ্মক ধাতুকেই সকৰ্মক নকৰে, অসমীয়া ভাষাৰ কিছুমান নামশব্দৰ আদ্যক্ষৰত যোগ হৈ ই ভালেমান নতুন শব্দও গঠন কৰে। যেনে→

নল (নল খাগৰি) নাল (দা-কটাৰীৰ নাল)
ঢল (বানপানীৰ ঢল) ঢাল (পনীয়া বস্তু বাকি দিয়া)
ফল (কল, কমলা আদি) ফাল (নাঙলৰ ফাল আদি)
গল (ডিঙি) গাল (মুখৰ গাল দুখন) আদি।

শব্দবোৰৰ ঐতিহাসিক বিকাশলৈ নাচাই আমি যদি বৰ্ণনাত্মক দৃষ্টিভঙ্গীৰে উল্লিখিত শব্দবোৰৰ প্ৰায়োগিক দিশলৈ লক্ষ্য কৰোঁ, তেন্তে নাল, ঢাল আদি শব্দ গঠন কৰা আ-টোক অন্ত:সৰ্গ বুলিয়েই ক’ব লাগিব। কিন্তু অকৰ্মক ধাতু সকৰ্মক হোৱা শব্দবোৰকে ধৰি উল্লিখিত নাল, ঢাল আদি শব্দৰ আদ্যক্ষৰৰ ‘আ’ প্ৰকৃততে gulay শব্দৰ মাজত সোমোৱা ‘in’ টোৰ দৰে অন্ত:সৰ্গ নহয়। কিয়নো ‘in’ টোৰ দৰে ‘আ’-টো উল্লিখিত ধাতু বা শব্দবোৰৰ মাজত সোমোৱা নাই; ই মাত্ৰ আদ্যক্ষৰত থকা ‘অ’-স্বৰটোৰ বৃদ্ধি (lengthened) ৰূপহে। অন্ত:সৰ্গই মূল ধাতু বা শব্দৰ কোনো অক্ষৰ বা স্বৰৰে ‘lambanj’ শব্দটোলৈও আঙুলিয়াব পাৰি। এই শব্দটাৰ মূল হৈছে /lab-/ধাতু। এই ধাতুটোৰ আদ্যক্ষৰৰ লগতে থকা ‘a’ স্বৰৰ কোনো পৰিৱৰ্তন নকৰি ‘m’ টো অন্ত:সৰ্গ হিচাপে তাৰ মাজত সোমাইছে। গতিকে অসমীয়া ভাষাৰ কিছুমান শব্দত আদ্যক্ষৰৰ ‘অ’-ৰ ঠাইত বহা ‘আ’-টোক অন্ত:সৰ্গ বুলি নধৰি সেই ধ্বনি পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটোক ইংৰাজী ভাষাৰ foot, goose আদি শব্দৰ বহুবচনত feet, geese হোৱা প্ৰক্ৰিয়াৰ দৰে স্বৰৰ সলনি প্ৰক্ৰিয়া (vowel replacement) বা স্বৰৰ দীৰ্ঘীভৱন (vowel lengthening) বুলিহে ধৰা উচিত।

২.০৪ শব্দ-সাধনমূলক সৰ্গ আৰু বিভক্তিমূলক সৰ্গৰ তুলনা: ইংৰাজী ভাষাত এই দুয়ো শ্ৰেণীৰ সৰ্গক ক্ৰমে derivational বা formative suffix আৰু inflectional suffix বুলি কোৱা হয়। অৱস্থানগত দিশৰ পৰা এই দুয়োবিধ সৰ্গই পৰসৰ্গ বা পৰপ্ৰত্যয়। সেইপিনৰ পৰা এইবোৰক এটা সূত্ৰৰ মাজত সীমাবদ্ধ কৰিব পাৰি, অৰ্থাৎ মূল শব্দ বা ধাতুৰ পাছত যোগ হোৱা সৰ্গই পৰসৰ্গ। গুণ বা কাৰ্যৰ ভিত্তিত এই সৰ্গবোৰক দুটা পৃথক শ্ৰেণীত ভাগ কৰা হয় যদিও, কেতিয়াবা এই দুয়োশ্ৰণীৰ মাজৰ পাৰ্থক্য বৰ স্পষ্ট নহয়। তথাপি এটা বিশেষ গুণ বা কাৰ্যৰ ভিত্তিত সৰ্গ বিভাজনৰ এই শ্ৰেণী দুটা স্পষ্টকৈ দেখুৱাব পাৰি। সেইটো হৈছে, শব্দ-সাধনমূলক সৰ্গবোৰে ন ন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে, কিন্তু বিভক্তিমূলক সৰ্গবোৰে ‘একেটা শব্দৰে ৰূপৰ সলনি ঘটাই বাক্যত ব্যৱহৃত বিভিন্ন পদৰ মাজত সম্পৰ্ক স্থাপন কৰি দেখুৱায়’ অথবা মূল শব্দটোৰ গঠন বা আকৃতি আৰু অৰ্থ অবিকৃত ৰাখি তাত নতুন ব্যাকৰণগত অৰ্থ আৰোপ কৰে।

পৃথিৱীৰ প্ৰায় সকলো ভাষাতে শব্দ-সাধনমূলক সৰ্গবোৰৰ ভূমিকা একে; এইবোৰে কেৱল মূল শব্দ বা প্ৰকৃতিক আশ্ৰয় কৰি নতুন অৰ্থবাচক শব্দ গঠন কৰে আৰু শব্দৰ শ্ৰেণী পৰিৱৰ্তন কৰে অৰ্থাৎ বিশেষ্যৰ পৰা নতুন বিশেষ্য, বিশেষণ, ক্ৰিয়া-বিশেষণ আদি গঠন কৰে।অসমীয়া ভাষাৰ উপসৰ্গ, কৃৎ আৰু তদ্ধিত প্ৰত্যয়বোৰ শব্দ-সাধনমূলক। যেনে –

উপসৰ্গ মূল শব্দ পৰসৰ্গ নতুন আৰ্থবাচক শব্দ
আও বাট (বিশেষ্য) আওবাট (নতুন বিশেষ্য)
বে দখল (বিশেষ্য) বেদখল (নতুন বিশেষ্য)
ফুল (বিশেষ্য) -অনি (তদ্ধিত) ফুলনি((নতুন বিশেষ্য)
জোন (বিশেষ্য) -আলী (তদ্ধিত) জোনালী (নতুন বিশেষ্য)
ঘন (বিশেষণ) -আই (তদ্ধিত) ঘনাই (ক্ৰিয়া-বিশেষণ)
খা (ধাতু) -অন(কৃৎ) খাৱন (কৃদন্ত পদ) ইত্যাদি।

আনহাতে অসমীয়া ভাষাত বিভক্তিমূলক সৰ্গবোৰে বাক্যত দুই ধৰণৰ ভূমিকা লয়: পদৰ লগত পদৰ সম্পৰ্ক স্থাপন কৰে, আৰু মূল শব্দৰ অৰ্থ অবিকৃত ৰাখি তাত অতিৰিক্ত ব্যাকৰণগত অৰ্থ আৰোপ কৰে; যেনে –

ৰামে কিতাপ পঢ়ে।

মই সদায় প্ৰাৰ্থনা কৰোঁ

তাৰ ককায়েক আহিছে।

হেৰা, (তুমি) এই ফালে আহাচোন।

মানুহবিলাক আহিছে।

তুমি যোৱা।

উল্লিখিত বাক্য ছটাৰ প্ৰথম চাৰিটাত ক্ৰমে ‘ৰাম’ শব্দত থকা ‘-এ’ বিভক্তিয়ে ‘পঢ়ে’ ক্ৰিয়াৰ লগত ‘কৰোঁ’ ক্ৰিয়াপদত থকা ‘-ওঁ’ বিভক্তিয়ে প্ৰথম পুৰুষৰ ‘মই’ সৰ্বনামৰ লগত, ‘ককায়েক’ শব্দত থকা ‘-এক’ পৰসৰ্গই তৃতীয় পুৰুষৰ সম্বন্ধপদৰ সৰ্বনাম ‘তাৰ’ লগত আৰু ‘হে’ সম্বোধনাত্মক শব্দত থকা ‘-ৰা’ প্ৰত্যয়ে দ্বিতীয় পুৰুষৰ মান্যাৰ্থক সৰ্বনাম ‘তুমি’-ৰ লগত সম্পৰ্ক স্থাপন কৰিছে। উল্লিখিত শব্দ চাৰিটাৰ পৰা ক্ৰমে –এ, -ওঁ, -এক আৰি –ৰা আঁতৰাই আনিলে বাক্য চাৰিটাৰ বিন্যাসত আউল লাগিব। গতিকে বাক্যবিন্যাসগত দিশৰপৰা সৰ্গ চাৰিটা উল্লিখিত শব্দকেইটাত অপৰিহাৰ্য। আনহাতে পঞ্চম আৰু ষষ্ঠ বাক্যত ‘মানুহ’ শব্দত থকা ‘-বিলাক’ আৰু ‘তুমিও’ শব্দত থকা –ও পৰসৰ্গই মূল শব্দ দুটাৰ অৰ্থ অবিকৃত ৰাখি অতিৰিক্ত ভাবে ক্ৰমে ‘একাধিক’ আৰু ‘জোৰ দিয়া’ অৰ্থ প্ৰকাশ কৰিছে। এই দুই অৰ্থ প্ৰকাশ কৰিবলৈ শব্দ দুটাত ‘-বিলাক’ আৰু ‘-ও’ অপৰিহাৰ্য। গতিকে দেখা যায়, বিভক্তিমূলক সৰ্গবোৰে বাক্যত দুই ধৰণৰ কাৰ্য সাধে: বাক্যবিন্যাসগত আৰু বিশেষ অৰ্থগত।

শব্দ-সাধনমূলক আৰু বিভক্তিমূলক সৰ্গবোৰ অৱস্থানগত দিশৰপৰা একেটা পৰসৰ্গৰ শ্ৰেণীত পৰা যদিও দিশৰ পৰা এই দুয়োবিধ যে পৃথক সৰ্গ, সেয়া ওপৰৰ আলোচনাৰ পৰা দেখা যায়। শব্দ-সাধনমূলক আৰু বিভক্তিমূলক সৰ্গবোৰৰ কেইটামান স্বকীয় বৈশিষ্ট আছে, যিবোৰে এই দুয়োবিধ সৰ্গৰ মাজত পাৰ্থক্যৰ সীমা ৰেখাডাল স্পষ্ট কৰি তুলিছে। সেইবোৰ হৈছে:

১. শব্দ-সাধনমূলক সৰ্গবোৰ শব্দ-গঠনাত্মক শ্ৰেণীৰ অন্তৰ্গত; ইহঁতে কেৱল শব্দহে গঠন কৰে। আনহাতে বিভক্তিমূলক সৰ্গবোৰ ৰূপাত্মক শ্ৰেণীৰ অন্তৰ্গত; ইহঁতে শব্দৰ পাছত যোগ হৈ বাক্যবিন্যাসগত আৰু বিশেষ অৰ্থগত কাৰ্য সাধে।

২. শব্দ-সাধনমূলক সৰ্গবোৰ সাধাৰণতে মূল শব্দটোৰ গাতে লাগি থকা ভিতৰৰ তৰপৰ (inner-layer) সামগ্ৰী। ইহঁতৰ যোগত শব্দৰ গাঁথনিক ৰূপৰ সামান্য পৰিৱৰ্তন ঘটে। তদুপৰি শব্দসাধনমূলক সৰ্গৰ পাছত যি কোনো বিভক্তিমূলক সৰ্গ যোগ হ’ব পাৰে। যেনে – মাৰ+উৱা+ টো+ক(বিভক্তি)=মাৰুৱাটোক, খা+অৰীয়া+বোৰ=খাৱৰীয়াবোৰ আদি। মনকৰিবলগীয়া যে উপসৰ্গবোৰ শব্দসাধনমূলক যদিও ইহঁতৰ যোগত শব্দৰ গাঁথনিক পৰিৱৰ্তন নহয়, মাত্ৰ মূল শব্দটোৰ আগত ইহঁত যেনে তেনেকৈয়ে লগ লাগি যায়। যেনে – কু+কথা=কুকথা, আও+হেলা=আওহেলা আদি। অৱশ্যে নঞৰ্থক ক্ৰিয়াপদৰ আগত উপসৰ্গ হিচাপে যোগ হোৱা ‘ন’-টো ক্ৰিয়াপদৰ আদ্যক্ষৰৰ স্বৰৰ লগত সমীভৱন হৈ যায়। যেনে – ন+দিলে=নিদিলে, ন+ধুলে=নুধুলে আদি। আনহাতে বিভক্তিমূলক সৰ্গবোৰ বাহিৰৰ তৰপৰ (outer-layer) সামগ্ৰী (Nida, Morphology, p.99)। ইহঁত মূল শব্দৰ গাতে বহিব পাৰে, শব্দ-সাধনমূলক সৰ্গ যুক্ত সাধিত শব্দৰ পাছতো যোগ হ’ব পাৰে অথবা সাধিত বা মৌলিক শব্দৰ পাছত লগ লগা বিভক্তিৰ পাছতো যোগ হ’ব পাৰে। যেনে – দশৰথ+এ=দশৰথে, কলিকতা+লৈ=কলিকতালৈ, দেউতা+ক+হঁত+অৰ=দেউতাকহঁতৰ, ভাও+অৰীয়া+বোৰ+অক=ভাৱৰীয়াবোৰক ইত্যাদি। এইদৰে দেখা যায়, অসমীয়াত বিভক্তিমূলক সৰ্গবোৰ ইটোৰ পাছত সিটো লগ লাগি বহিব পাৰে। কিছুমান বিভক্তিমূলক সৰ্গৰ পাছত বিশেষকৈ শব্দ-বিভক্তি আৰু ক্ৰিয়া-বিভক্তিৰ পাছত সাধাৰণতে কোনো সৰ্গ যোগ নহয়। প্ৰাকৃতি-বিজ্ঞানত এনেবোৰ সৰ্গক বন্ধ প্ৰাকৃতি (closing morpheme) বোলা হয়। কিন্তু অসমীয়া ভাষাৰ শব্দ-বিভক্তি আৰু ক্ৰিয়া-বিভক্তিৰ পাছত কেতিয়াবা দুই-এটা জোৰ বুজোৱা সৰ্গ যোগ হয়। যেনে, ধনেশ্বৰেও (ধনেশ্বৰ+এ+ও) পঢ়িব, মই পঢ়িমেই (পঢ়্‌+ইম্‌+এই), তুমি যাবাই (যা+বা+ই) আদি।

৩. শব্দ-সাধনমূলক সৰ্গবোৰৰ প্ৰয়োগত তুলনামূলক সীমাবদ্ধতা আছে। এই সৰ্গবোৰ ৰূপ সাপেক্ষ। বিশেষ বিশেষ ৰূপৰ পাছতহে ইহঁত যোগ হয়। যেনে – ‘-অনি’ সৰ্গ ধান, ফুল, শাক আদি বিশেষ বিশেষ ৰূপৰ পাছতহে যোগ হ’ব পাৰে। আনহাতে বিভক্তিমূলক সৰ্গবোৰৰ প্ৰয়োগত তুলনামূলকভাৱে সীমাবদ্ধতা কম। বিশেষকৈ শব্দ-বিভক্তি আৰু ক্ৰিয়া-বিভক্তিবোৰ যি কোনো ৰূপৰ পাছত যোগ হ’ব পাৰে।

৪. শব্দ-সাধনমূলক সৰ্গবোৰে শব্দৰ শ্ৰেণী পৰিৱৰ্তন কৰে। কিন্তু বিভক্তিমূলক সৰ্গবোৰ শব্দৰ শ্ৰেণী পৰিৱৰ্তন নকৰে। যেনে, ‘সোণ’ বিশেষ্যত –আলী প্ৰত্যয় যোগ কৰিলে শব্দটো বিশেষণ হৈ ‘সোণালী’ হয়। কিন্তু ‘প্ৰণৱ’ শব্দত প্ৰথমা ‘-এ’ বিভক্তি বা বহুবচনাত্মক ‘হঁত’ যোগ কৰিলে মূল শব্দৰ কোনো শ্ৰেণী পৰিৱৰ্তন নহয়।

৫. শব্দ-সাধনমূলক সৰ্গৰ যোগত মূল শব্দৰ অৰ্থৰ কিছু পৰিৱৰ্তন ঘটে, কিন্তু বিভক্তিমূলক সৰ্গৰ যোগত মূল শব্দৰ অৰ্থৰ কোনো পৰিৱৰ্তন নহয়।

৬. প্ৰসিদ্ধ ভাষাতত্ববিদ নিদাৰ মতে শব্দ-সাধনমূলক সৰ্গ সংখ্যাত সৰহ আৰু বিভক্তিমূলক সৰ্গ সংখ্যাত তাকৰ। এই বৈশিষ্ট্য সকলো ভাষাৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়। অসমীয়া ভাষাত বিভক্তিবোৰ বাক্যবিন্যাসত আৰু বিশেষ অৰ্থগত, এই দুই ধৰণৰ হোৱাৰ কাৰণে ইয়াত বিভক্তিমূলক সৰ্গৰ সংখ্যা তুলনামূলকভাৱে সৰহ।


১. গোলোকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ১৯৮৭ পৃ. ৮৬

২. উপেন্দনাথ গোস্বামী: অসমীয়া ভাষাৰ ব্যাকৰণ, ১৯৯৭ পৃ. ১১; এই গ্ৰন্থত তেখেতে উল্লিখিত পৰিৱেশত থকা ‘কেই’ টোক মধ্যসৰ্গ বুলিছে।

৩. H. A. Gleason: An Introduction to Descriptive Linguistics, 1970, 1970, P. 73

৪. Sidney Green: A University Grammar of English 2000, P. 430

৫. E. A. Nida: Morphology, 1957, p. 99-100, নিদাৰ মতে “derivational morphemes verbalize adjectives, nominalize verbs, nominalize adjectives and adverbalize adjectives.”

৬. E. A. Nida, Morphology, p. 99

৭. প্ৰাগুক্ত গ্ৰন্থ পৃ. ৮৫

৮. প্ৰাগুক্ত গ্ৰন্থ পৃ. ৯৯

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.