শব্দ, শব্দৰ শ্ৰেণীবিভাগ আৰু গঠন ( তৃতীয় অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)

শব্দ, শব্দৰ শ্ৰেণীবিভাগ আৰু গঠন ( তৃতীয় অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)

শব্দ, শব্দৰ শ্ৰেণীবিভাগ আৰু গঠন ( তৃতীয় অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)

by June 1, 2015 0 comments



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ তৃত্বীয় অধ্যায়

৩. শব্দ,শব্দৰ শ্ৰেণীবিভাগ আৰু গঠন

১.০১

৩.০১ প্ৰথম অধ্যায়ত উল্লেখ কৰা হৈছে যে স্বাধীনভাবে অৰ্থ প্ৰকাশ কৰা মূল ৰূপ বা প্ৰকৃতিবোৰক বহল অৰ্থত শব্দ বুলিও অভিহিত কৰা হয়। সেই হিচাপে নাম প্ৰকৃতি, ধাতু প্ৰকৃতি আৰু অব্যয় প্ৰকৃতিবোৰৰ প্ৰতিটোৱেই একোটা শব্দ। শব্দ হ’ল ইংৰাজী wordৰ প্ৰতিশব্দ। ইংৰাজীত stem আৰু base এই দুটা ৰূপো কেতিয়াবা word বুজাবলৈ ব্যৱহৃত হয়। গতিকে word কেতিয়াবা root আৰু কেতিয়াবা stem বা base হ’বও পাৰে। কিন্ত সেই বুলি root আৰু word একে নহয়। উদাহৰণ স্বৰূপে , ইংৰাজী manly শব্দটোৰ man একে সময়তে root , stem base word৷ কিন্ত এটা breakwate শব্দ বা stem; কিন্ত ইয়াৰ root দুটা: break আৰু water। সেইদৰে অসমীয়া ‘হাতঘড়ী’ এটা শব্দ , কিন্ত ইয়াৰ মূল বা প্ৰকৃতি (root) দুটা :হাত আৰু ঘড়ী।

৩.০২ ভাষা-বিজ্ঞানত বা ব্যাকৰণত শব্দৰ বিভিন্ন সংজ্ঞা পোৱা যায়। সাধাৰতে এটা বা একাধিক বৰ্ণৰে গঠিত অৰ্থযুক্ত ৰূপটোক শব্দ বোলা হয়। যেনে- ই,সি,ঘৰ, মানুহ , গছ , লতা আদি। বিশিষ্ট ভাষাবিজ্ঞানী তথা ব্যাকৰণবিদ ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে প্ৰসিদ্ধ ভাষাবিজ্ঞানী ইউজিনি এ. নিডাৰ শব্দৰ সূত্ৰৰ আধাৰত কৈছে, সব্যয় পদৰ পৰা বিভক্তি গুচালে যিটো ৰূপ পোৱা যায় তাকে শব্দ বোলে। দৰাচলতে এনে সুত্ৰই শব্দৰ সামগ্ৰিক ৰূপৰ ধাৰণা নিদিয়ে। বিভক্তি নলগা অব্যয়বোৰো শব্দ। তদুপৰি বাক্যত ব্যৱহৃত প্ৰতিটো সব্যয় শব্দ অসমীয়াত বিভক্তি যুক্ত নহয়। যেনে, ‘শিক্ষকে ভাল ছাত্ৰ-ছাত্ৰীক মৰম কৰে’। এই বাক্যত ‘শিক্ষকে’ পদৰ পৰা- এ, ‘ছাত্ৰ-ছাত্ৰীক’ পদৰ পৰা- ক আৰু ‘কৰে’ পদৰ পৰা – এ আঁতৰালে ক্ৰমে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু ‘কৰ্ শব্দ পাম। কিন্ত বিভক্তি নলগা ‘ভাল’ আৰু ‘মৰম’-ও একোটহঁত শব্দ। গতিকে উল্লিখিত সংজ্ঞই শব্দৰ আংশিক ধাৰণাহে দিয়ে। প্ৰকৃততে শব্দ হৈছে এটা বা একাধিক বৰ্ণৰে গঠিত এনে এক অৰ্থবহ ৰূপ , যিটো উচ্চাৰণ কৰাৰ লগে লগে অৰ্থটো আপোনা-আপোনি স্পষ্ট হয়। ওপৰত উল্লেখ কৰা ঘৰ, গছ, মানুহ আদি একোটা অৰ্থবহ শব্দ। কেতিয়াবা দুটা ভিন্ন অৰ্থবাচক শব্দ লগ লাগিও এটা নতুন অৰ্থবাচক শব্দ হ’ব পাৰে। তলসৰা, হাতলৰ, পেটমোছা আদি এনে ধৰণৰ শব্দ।

৩.০৩ শব্দৰ শ্ৰেণীবিভাগ আৰু গঠন প্ৰক্ৰিয়া: গঠনৰ ভিত্তিত শব্দক প্ৰধানতঃ দুটা ভাগত ভগাব পাৰি: মৌলিক বা স্বয়ং সিদ্ধ শব্দ ( simple words বা root words) আৰু সাধিত বা যৌগিক ( derived বা compound words) শব্দ।

১৮

৩.০৩.১ স্বাধীনভাবে অৰ্থ প্ৰকাশ কৰা যিবোৰ শব্দক অৰ্থপূৰ্ণভাবে খণ্ডিত কৰিব নোৱাৰি, যিবোৰ শব্দৰ প্ৰকাশিত অৰ্থই চৰম, সেইবোৰেই মৌলিক শব্দ। যেনে- হাত, ভৰি, গছ, চৰাই, ইত্যাদি। ইংৰাজীত এনেবোৰ শব্দক ‘simple stem’ বোলা হয়। এনেবোৰ শব্দৰ গঠন প্ৰক্ৰিয়াও মৌলিক। মৌলিক শব্দৰ গঠনত আন কোনো মৌলিক শব্দ বা সৰ্গৰ ভূমিকা নাই। ইবোৰ স্বয়ংসিদ্ধ।

অসমীয়া ভাষাত সংস্কৃত, আৰবী-ফাৰ্চী, ইংৰাজী আদি ভাষাৰপৰা অহা এনে অনেক শব্দ আছে, যিবোৰ শব্দ সেইবোৰ ভাষাত মৌলিক নহয়। যেনে- ভক্তি, চৰণ, চন্দ্ৰ, বাজেয়াপ্ত আদি। এনেবোৰ শব্দক অসমীয়া ভাষাত মৌলিক শব্দ বুলিব পাৰি। কিয়নো সংস্কৃত ‘ভজ’ ধাতুত ‘তি’(ক্তি) প্ৰত্যয় যোগ হৈ ভক্তি হৈছে। গতিকে সংস্কৃতত ই সাধিত শব্দ। কিন্ত অসমীয়াত ‘ভক্তি’ শব্দক তেনেদৰে বিশ্লেষণ কৰিব নোৱাৰি। সেয়েহে এই ধৰণৰ সংস্কৃত তৎসম শব্দবোৰক অসমীয়াত মৌলিক শব্দ হিচাপে ধৰা হয়। সেইদৰে ফাৰ্চী ‘বাজেয়াপ্ত’ শব্দ ‘বাজ’( অৰ্থাৎ পুনঃ বা প্ৰতি) আৰু ‘য়াকৎ’ (আপ্ত, প্ৰাপ্ত, গত) এই দুই ৰূপৰ সংযোগত সাধিত। কিন্ত অসমীয়াত ইয়াক এইদৰে ভাঙিব নোৱাৰি কাৰণেই এই ধৰণৰ শব্দবোৰো অসমীয়া ভাষাত মৌলিক শব্দ।

৩.০৩.২ সাধিত শব্দবোৰ ঘাইকৈ মৌলিক শব্দৰ আধাৰত নতুনকৈ গঠন বা সাধন কৰি লোৱা শব্দ। মৌলিক শব্দত বিভিন্ন সৰ্গ বা প্ৰত্যয় যোগ কৰি অথবা এটা মৌলিক শব্দত আন মৌলিক বা সাধিত শব্দ সংযোগ কৰি যিবোৰ নতুন শব্দ গঠন কৰা হয়, সেইবোৰেই সাধিত শব্দ। সাধিত শব্দবোৰ অৰ্থপূৰ্ণভাবে খণ্ড খণ্ড কৰিব পাৰি। যেনে, জোনালী, বুধিয়ক, তলসৰা, আদি শব্দ জোন+আলী, বুদ্ধি+অক, তলত সৰা—এনেদৰে খণ্ডিত কৰিব পাৰি। প্ৰত্যয় যোগ হোৱা মৌলিক শব্দবোৰৰ নাম শব্দ বা ধাতু শব্দ, যি কোনো হ’ব পাৰে। আনহাতে সংযোগ হোৱা মৌলিক শব্দ দুটা কেতিয়াবা মৌলিক নহ’বও পাৰে। যেনে, আজল মঠালি, কেৰমতালি, লেংপেঙ্গীয়া আদি। এই শব্দকেইটাৰ কোনোটো অংশই মৌলিক নহয়। এইদৰে বিভিন্ন প্ৰকাৰে যৌগিক শব্দ গঠন হ’ব পাৰে। গঠনৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি যৌগিক শব্দবোৰক মুখ্যতঃ দুটা ভাগত ভগাব পাৰিঃ

প্ৰত্যয় নিষ্পন্ন(inflected words) আৰু সংযুক্ত বা সমস্ত শব্দ (compounded words)।

৩.৩.২.১ প্ৰত্যয় নিষ্পন্ন সাধিত শব্দ: এই শব্দবোৰ কৃৎ, তদ্ধিত আৰু উপসৰ্গৰ যোগত সাধিত হয়। অসমীয়া ভাষাত এনে প্ৰত্যয়ৰ দ্বাৰা গঠিত শব্দ কিছুমান হৈছে:

(ক) কৃৎ প্ৰত্যয়ৰ যোগত সাধিত শব্দ:

খাৱন (খা+অন্) , শোৱন (শো+অন)

খোচনী ( খোচ+অনী), দেখনিয়াৰ (দেখ+অনিয়াৰ)আদি।

(খ) তদ্ধিত প্ৰত্যয়ৰ যোগত সাধিত শব্দ:

ধাননি(ধান+অনি) , মাহনি(মাহ+অনি)

গাঁৱলীয়া(গাঁও‌+অলীয়া),মিছলীয়া(মিছা+অলীয়া) আদি।

(গ) উপসৰ্গৰ যোগত সাধিত শব্দ:

আওমৰণ(আও+মৰণ) , বেদদখল(বে+দখল)

অকাজী(অ+কাজী), বেপৰুৱা(বে-পৰোৱা)

নিমাত(নি+মাত), নিলাজ(নি+লাজ)আদি।

৩.৩.২.২ সংযুক্ত বা সমস্ত শব্দ: সংযুক্ত শব্দবোৰ বিভিন্ন ধৰণে গঠন হ’ব পাৰে। ভিন্ন অৰ্থ বিশিষ্ট দুটা মৌলিক শব্দৰ সংযোগত, এটা বদ্ধ ৰূপৰ লগত আন এটা প্ৰত্যয় নিষ্পন্ন সাধিত শব্দৰ যোগত অথবা দুটা সাধিত শব্দৰ যোগত সংযুক্ত শব্দবোৰৰ গঠন কৰা হয়। ইংৰাজীত দুটা মূলৰ শব্দ লগ লাগি হোৱা কিছুমান শব্দক stem compound অথবা root compound- ৰ ভিতৰত ধৰা হয়। যেনে, Agricola(কৃষক)শব্দটো ager-(ager-পথাৰ) col-(colere- কৰ্ষণ কৰা),এই দুটা মূল শব্দৰ (stem) যোগত সাধিত হৈছে। সেইদৰে telegraph, telephone আদি শব্দ root compound-ৰ ভিতৰত পৰে। অসমীয়া ভাষাত সমাসৰ দ্বাৰা গঠিত সংযুক্ত শব্দকো এই শ্ৰেণীৰ শব্দৰ ভিতৰত ধৰা হয়। সংযুক্ত যৌগিক শব্দ গঠনৰ কিছুমান প্ৰক্ৰিয়া এনে ধৰণৰ:

(ক) দুটা বা তাতোধিক মৌলিক শব্দৰ যোগত সৃষ্ট সংযুক্ত শব্দ: দুটা শব্দৰ যোগত গঠিত:

গা-গধুৰ,গা-তোল,চকু-গজ, ছাত্ৰ-ছাত্ৰী, জীৱ-জন্ত, দুই-চাৰি, দিন-ৰাতি, বুকু-ডাঠ, সাত-বিহু, হাত-ঘড়ী, হাত-লৰ, হাত-দীঘল, হাত-টান, খাগৰী-কাপ, ডেকা-চাং, তিত-লাউ, ন-কন্যা, ৰাজ-বাট, লগ-ভাত,হাঁহিমুখ, বাট-ঘাট, মাত-কথা ইত্যাদি।

দুটাতকৈ অধিক মৌলিক শব্দৰ যোগত গঠিত:

অসম-সাহিত্য-সভা-পত্ৰিকা, ল’ৰা-বুঢ়া-মতা-মাইকী, ৰূপ-গঠন-পদ্ধতি, টকা-পেঁপ-ঢোল –গগনা-চিফুং-বৰকাঁহ-নাগেৰা আদি।

(খ) এটা বদ্ধ ৰূপৰ লগত আন এটা প্ৰত্যয় নিষ্পন্ন সাধিত শব্দৰ যোগত গঠিত সংযুক্ত শব্দ:

আজল-মঠালি, কেৰ-মতালি, কোৰ-মুঠিয়া, যাউতি-যুগীয়া, লেং-পেঙ্গীয়া, সাতাম-পুৰুষীয়া,মই-মতালি ইত্যাদি।

(গ) এটা বদ্ধ ৰূপৰ লগত আন এটা মৌলিক শব্দৰ যোগত গঠিত সংযুক্ত শব্দ:

তিত-পখিলা।

(ঘ) দুটা প্ৰত্যয় নিষ্পন্ন সাধিত শব্দৰ যোগত গঠিত সংযুক্ত শব্দ:

এৰা-ধৰা, অহাযোৱা, দিয়া-থোৱা ধৰা-বন্ধা, মৰো-জিউ, ভমকা-ফুলীয়া, লপা-থপা, বোৱা-কটা, লিখা-পঢ়া, মুখামুখী, হতা-হতি, কটা-কটি, লগা-ভগা, বগৰা-বগৰি আদি।

(ঙ) এটা প্ৰত্যয় নিষ্পন্ন সাধিত শব্দৰ লগত আন এটা মৌলিক শব্দৰ যোগত গঠিত সংযুক্ত শব্দ:

গজপুৰীয়া-ভেম, গুলিয়া-গুলি, চুলিয়া-চুলি, নপতা-ফুকন,নেজাল-তৰা, সঠা-মিতিৰ আদি।

(চ) এটা মৌলিক শব্দৰ লগত আন এটা প্ৰত্যয় নিষ্পন্ন সাধিত শব্দৰ যোগত সৃষ্ট সংযুক্ত শব্দ :

কাণ-কটা, ঘৰ-গোনা, ঘৰ-ধৰা, তল-সৰা, পেট-মোছ, হাত-বাগৰা আদি।

(ছ) –এ বিভক্তি যুক্ত শব্দৰ লগত প্ৰত্যয় নিষ্পন্ন সাধিত শব্দ যোগ হৈ সৃষ্ট সংযুক্ত শব্দ:

গাৰে-খটা, ভাতে-মৰা , হাতে-কটা, হাত-বোৱা আদি।

(জ্) একাধিক মৌলিক শব্দত –এ বিভক্তি যোগ দি গঠন কৰা সংযুক্ত শব্দ:

ঘৰে-পৰে, ছলে-বলে- কৌশলে , বাহিৰে-ভিতৰে,ৰ’দ-বৰষুণে, জাৰে-জহে আদি।

(ঝ) এটা অসমীয়া বা বিদেশী শব্দৰ লগত আন এটা বিদেশী বা অসমীয়া শব্দ যোগ দিও সংযুক্ত শব্দ সাধন কৰা হয়। যেনে,

ফিল্মোৎসৱ (ইং ফিল+উৎসৱ)

ভোটাধিকাৰ(ইং ভোট+অধিকাৰ)

হেডপণ্ডিত (ইং হেড+পণ্ডিত)

হাট-বজাৰ (হাট‌+ ফা.বজাৰ)

এনেবোৰ সংযুক্ত যৌগিক শব্দক মিশ্ৰ শব্দও বোলা হয়।

৩.০৩.৩ উল্লিখিত ধৰণৰ প্ৰত্যয় নিষ্পন্ন আৰু সংযুক্ত সাধিত শব্দৰ বহিৰেও আৰু বিচিত্ৰ ৰূপৰ ভালেমান যৌগিক শব্দ আছে। অনুকাৰ আৰু অনুৰূপ শব্দবোৰো একপ্ৰকাৰ যৌগিক শব্দ। এই শব্দবোৰো দুটা ৰূপৰ সংযোগত সৃষ্টি হয়। তদুপৰি সদায় যোৰ পাতি ব্যৱহাৰ হয় কাৰণে এই শব্দবোৰক যুৰীয়া শব্দ বুলিও কোৱা হয়। গাঠনিক দিশৰপৰা ওপৰত আলোচিত সংযুক্ত শব্দ আৰু অনুকাৰ-অনুৰূপ শব্দৰ মাজত পাৰ্থক্য নাই যদিও অৰ্থগত দিশৰ পৰা এই দুয়ো শ্ৰেণীৰ শব্দৰ মাজত এটা মৌলিক পাৰ্থক্য আছে। সেইটো হৈছে , উল্লিখিত সংযুক্ত শব্দবোৰৰ দুয়োটা অংশই সাধাৰণতে ভিন্ন অৰ্থ বিশিষ্ট , যদিও দুয়োটাৰে সংযোগত এটা নতুন অৰ্থ প্ৰকাশ পায়। কিন্ত অনুকাৰ শব্দবোৰৰ কোনো এটা অংশৰে অকলে অৰ্থ প্ৰকাশ কৰিব পৰা ক্ষমতা নাই। আনহাতে অনুৰূপ শব্দবোৰৰ এটা অংশ অৰ্থবহ। সিয়েই মূল শব্দ। পুনৰুক্ত বা অভ্যস্ত হোৱা দ্বিতীয় বা প্ৰথম অংশৰহে কোনো নিজস্ব অৰ্থ নাই। অৰ্থবহ মূল শব্দৰ শক্তি বৃদ্ধি কৰিবলৈ সাধাৰণতে মূল শব্দটোৰ সামান্য ধ্বনিগত পৰিৰ্ৱন ঘটাই সেই শব্দটোকে পুনৰুক্তি (repeat)কৰা হয়। সেয়েহে এনোবোৰ অনুকাৰ-অনুৰূপ শব্দক পুনৰুক্তি বা অভ্যাস(reduplication)বুলিও কোৱা হয়। ভাৰতীয় আৰ্যভাষাবোৰৰ ভিতৰত যথাসম্ভৱ অসমীয়া ভাষাতে বৰ বেছিকৈ অভ্যাস পোৱা যায়।

৩.০৩.৩.১ অনুকাৰ শব্দ: ইয়াৰ শ্ৰেণীবিভাগ আৰু প্ৰয়োগ: অনুকাৰ যৌগিক শব্দবোৰ সাধাৰণতে কোনো ধ্বনিৰ অনুকৰণত সৃষ্টি হয়। যেনে, কাউৰী কা-কা, মেকুৰীৰ মিউ-মিউ, শুকান বস্ত ভাগিলেবা কোনো বস্ত পৰিলে হোৱা গিৰিস, হৰস আদি। কিন্ত এই শ্ৰেণীৰ অৰ্ন্তগত কিছুমান শব্দ কোনো ধ্বনিৰ অনুকৰণ নহৈ কোনো বস্ত, কাৰ্য বা ৰঙৰ বিৱৰণ, নিস্তব্ধতা, গাঢ়তা আদি বিবিধ অৰ্থ প্ৰকাশক ৰূপেও ব্যৱহৃত হয়। যেনে, টিক্‌টিক্‌কৈ ৰঙা, কিচ্ কিচ্‌কৈ ক’লা, ঘিটমিটীয়া আন্ধাৰ ইত্যাদি। গঠনৰ পিনৰ পৰা একে হ’লেও অৰ্থৰ পিনৰপৰা সেয়েহে অনুকাৰ শব্দক দুভাগত ভগাব পাৰি: ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক। ধ্বন্যাত্মক শব্দবোৰৰ কিছুমান একক বা এটা শব্দৰেও গঠন হ’ব পাৰে। যেনে, হৰস, গিৰিস, থেপেচ, ঘটং, হিৰিস, সাৰোপ আদি। এই শব্দবোৰৰ পাছত সাধাৰণতে- কৈ ,কৰে আৰু কেতিয়াবা-আই প্ৰত্যয় যোগ দি এইবোৰ ক্ৰিয়াবিশেষণ ৰূপে ব্যৱহাৰ কৰা হয়। যেনে, হৰস্‌কৈ/ হৰস্‌ কৰে পৰিল, গিৰসাই থ’লে, ঘটংকৈ/ঘটংকৰে শব্দ হ’ল ইত্যাদি। আনহাতে অধ্বন্যাত্মক শব্দবোৰ সদায় দ্বিত্ব ৰূপতহে পোৱা যায়। ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক, দুয়ো শ্ৰেণীৰ অনুকাৰ শব্দতে পুনৰুক্ত বা অভ্যস্ত (repeated) ৰূপবোৰৰ কোনো এটা অংশৰে নিজস্ব অৰ্থ নাথাকে। যেনে, কচ্ কচ্, হৰ্ হৰ্, ধৰ্‌ফৰ্‌, ৰম্‌ ৰম্‌ আদি শব্দৰ ক্ৰমে কচ্, হৰ্, ধৰ্, ৰম্‌ আদি অংশবোৰৰ কোনো অৰ্থ নাই, আৰু “এনে একাকী ৰূপত ইহঁতৰ প্ৰয়োগো হ’ব নোৱাৰে। কিন্ত অভ্যাস হোৱাৰ পাছত অভ্যস্ত বা পুনৰুক্ত ৰূপবোৰ অৰ্থবহ একোটা শব্দ হৈ পৰে; আৰু তেতিয়াহে ইহঁত ভাষাত ব্যৱহাৰ হ’ব পাৰে”।

ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক শব্দবোৰত বিভিন্ন শব্দ গঠনাত্মক প্ৰত্যয় বিশেষকৈ কৃৎ আৰু তদ্ধিত প্ৰত্যয় যোগ দি সেইবোৰক বিভিন্ন শ্ৰেণীৰ শব্দলৈ ৰুপান্তৰ কৰিব পাৰি। সাধাৰণতে ধ্বন্যাত্মক শব্দৰ পাছত ক্ৰমে -অনি যোগ দি বিশেষ্য, -কৈ আৰু –আই যোগ দি ক্ৰিয়াবিশেষণ আৰু –আ যোগ দি ধাতু শব্দ গঠন কৰিব পাৰি। আনহাতে অধ্বন্যাত্মক শব্দৰ পাছতো বিশেষ্য শব্দ গঠন কৰিবলৈ -অনি, ক্ৰিয়াবিশেষণ গঠন কৰিবলৈ –কৈ আৰু –আই আৰু বিশেষণীয় বিশেষণ গঠন কৰিবলৈ –ঈয়া যোগ দিয়া হয়। সেই পিনৰপৰা এনে প্ৰত্যয়ান্ত ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক শব্দবোৰ কৃৎ আৰু তদ্ধিত প্ৰত্যয়ান্ত সাধিত শব্দৰ দৰে।

পুনৰুক্ত বা অভ্যাস (reduplication) হোৱাৰ প্ৰকৃতিৰ (nature)ওপৰত ভিত্তি কৰি ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক অনুকাৰ যৌগিক শব্দবোৰক দুটা ভাগত ভগাব পাৰি:

(ক) পূৰ্ণ অভ্যাস হোৱা ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক শব্দ আৰু

(খ) আংশিক অভ্যাস হোৱা ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক শব্দ।

পূৰ্ণ অভ্যাস হোৱা ধ্বন্যাত্মক শব্দ: এই শব্দবোৰ বিশেষ্য, ক্ৰিয়া বিশেষণ আৰু ধাতুৰূপে প্ৰয়োগ হ’ব পাৰে। এইবোৰৰ গঠন আৰু প্ৰয়োগ এনে ধৰণৰ:

ধ্বন্যাত্মক শব্দ

বিশেষ্য

ক্ৰিয়া বিশেষণ

ধাতু

কলপ্‌কলপ্‌

কলপ্‌কলপ্‌কৈ

কুল্‌কুল্‌

কুল্‌কুলনি

কুল্‌কুল্‌কৈ

কুলকুলা

কেংকেং

কংকেঙনি

কেংকেংকৈ

কেংকেঙা

কেল্‌কেল্‌

কেল্‌কেলনি

কেল্‌কেলাই

কেচেক্‌ কেচেক্‌

কেচেক্‌ কেচেক্‌কৈ

কেলেপ্‌ কেলেপ্‌

কেলেপ্‌ কেলেপ্‌কৈ

খচ্‌খচ্‌

খচ্‌খচনি

খচ্‌খচকৈ/
খচ্‌খচাই

খচখচা

খট্‌খট্‌

খট্‌খটনি

খট্‌খটকৈ/
খটখটাই

খট্‌খটা

গিজ্‌গিজ্‌

গিজ্‌গিজনি

গিজ্‌গিজাই

গিজ্‌গিজা

গুণ্‌গুণ্‌

গুণ্‌গুণনি

গুণ্‌গুণকৈ/
গুণ্‌গুণাই

গুণ্‌গুণা

চৌ চৌ

চৌ চৌৱনি

চৌ চৌ কৰে/
চৌ চৌৱাই

চৌ চৌৱা

ঘৰ্‌ঘৰ্‌

ঘৰ্‌ঘৰনি

ঘৰ্‌ঘৰকৈ

ঘৰ্‌ঘৰা

জৰ্‌জৰ্‌

জৰ্‌জৰণো

জৰ্‌জৰকৈ

জৰ্‌জৰা

টং টং

টং টঙনি

টংটংকৈ /
টংটঙাই

টংটঙা

ধপ্‌ধপ্‌

ধপ্‌ধপনি

ধপ্‌ ধপাই

ধপধপা

ফুচ্‌ফুচ্‌

ফুচ্‌ফুচনি

ফুচ্‌ফুচকৈ/
ফুচ্‌ফুচাই

ফুচ্‌ফুচা

মচ্‌মচ্‌

মচ্‌মচনি

মচ্‌মচকৈ/
মচ্‌মচাই

মচ্‌মচা

হৰ্‌হৰ্‌

হৰ্‌হৰনি

হৰ্‌হৰকৈ/
হৰ্‌হৰাই

হৰ্‌হৰা আদি

পূৰ্ণ অভ্যাস হোৱা অধ্বন্যাত্মক শব্দ: এই শব্দবোৰৰো বিশেষ্য, ক্ৰিয়াবিশেষণ আৰু বিশেষণীয় ৰূপে প্ৰয়োগ হয়। বিশেষ্য ৰূপে প্ৰয়োগ তুলনামূলকভাবে কম। এই শব্দবোৰৰ অৰ্থ ঘাইকৈ পঞ্চ ইন্দ্ৰিয়ানুভূতিৰ ওপৰত নিৰ্ভৰশীল।১০ শব্দবোৰৰ গঠন আৰু প্ৰয়োগ এনে ধৰণৰ:

অধ্বন্যাত্মক শব্দ

বিশেষ্য

ক্ৰিয়া বিশেষণ

বিশেষণীয় বিশেষণ

কিচ্‌কিচ্‌

কিচ্‌কিচকৈ

কিচ্‌কিচীয়া (ক’লা)

কিৰ্‌কিৰ্‌

কিৰ্‌কিৰীয়া (টান)

চেক্‌ চেক্‌

চেক্‌চেকনি

চেক্‌চেকাই

ধক্‌ ধক্‌

ধক্‌ধক্‌কৈ

ধক্‌ধকীয়া (বগা)

ভক্‌ ভক্‌

ভক্‌ভকনি

ভক্‌ভকাই

টিক্‌টিক্‌

টিক্‌টিককৈ

টিক্‌টিকীয়া (ৰঙা)

মল্‌ মল্‌

মল্‌মলনি

মল্‌মলকৈ /
মলমলাই

মল্‌মলীয়া (গোন্ধ)

ৰম্‌ ৰম্‌

ৰম্‌ৰমনি

ৰম্‌ৰমাই

লিক্‌ লিক্‌

লিক্‌লিকনি

লিক্‌লিককৈ/
লিক্‌লিকাই

লিক্‌লিকীয়া

ফিৰ্‌ফিৰ্‌

ফিৰ্‌ফিৰীয়া

সেৰ্‌সেৰ্‌

সেৰ্‌সেৰকৈ

সেৰ্‌সেৰীয়া

বিজ্‌বিজ্‌

বিজ্‌বিজনি

বিজ্‌বিজাই

গম্‌ গম্‌

গম্‌গমকৈ

গম্‌গমীয়া (বিষ)

চেং চেং

চেং চেঙনি

চেংচেঙাই

দুই-এটা অধ্বন্যাত্মক শব্দ প্ৰত্যয়ান্ত হৈহে ব্যৱহৃত হয়,যেনে,

বেজবেজাই (ক্ৰি.বিশেষণ), বেজবেজীয়া(বিণ.বিশেষণ)। সাধাৰণতে খাদ্যত নিমখ চোকা হ’লে জিভাত এই অনুভৱ হয়। কেতিয়াবা টান কথাটো এনে অনুভৱ হয়। যেনে, গা বেজ্‌বেজাই যোৱা কথা।

আংশিক অভ্যাস হোৱা ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক শব্দ: আংশিক অভ্যাস হোৱা এনে শব্দবোৰৰ অধিকাংশই অধ্বান্যাত্মক। এনেধৰণৰ শব্দ এটা বা দুটা অক্ষৰৰ হ’ব পাৰে। এটা বা দুটা অক্ষৰৰ এনোবোৰ শব্দত সাধাৰণতে শব্দটোৰ দ্বিতীয় অংশৰে প্ৰথম ব্যঞ্জনটোৰ পৰিৰ্ৱতন ঘটে। এনে পৰিৰ্ৱতনো সকলো শব্দতে একে নহয়। বিবিধ প্ৰক্ৰিয়াৰে পৰিৰ্ৱতন হৈ আংশিক অভ্যাস হোৱা ধ্বন্যাত্মক আৰু অধ্বন্যাত্মক অনুকাৰ শব্দৰ গঠন প্ৰক্ৰিয়া হৈছে এনে ধৰণৰ:

(ক) শব্দটোৰ দ্বিতীয় অংশৰ অৰ্থাৎ অভ্যস্ত (repeated) অংশটোৰ প্ৰথম ব্যঞ্জনৰ পৰিৰ্ৱতন হয়; মন কৰিবলগীয়া যে পৰিৰ্ৱতন হোৱা ব্যঞ্জনটো সাধাৰণতে প,ফ,ব,ভ,ম,জ,ঢ, হ’ব পাৰে। কেতিয়াবা অৱশ্যে ইয়াৰ ব্যতিক্ৰমো দেখা যায়। উদাহৰণ,

প— চেলেংপেটেং, জলৌ পলৌ, লটংপটং,ধলংপলং, ধেলেপেলে, হেকেৰ পেকেৰ আদি।

ফ — ধৰফৰ , লৰক ফৰক , হেৰফেৰ আদি।

ব — কক্‌বক্, কাউবাউ, টল্‌বল্, তজবজ, তিৰ্‌বিৰ্, থৰক বৰক, নদন বদন আদি।

ভ — টুলুং ভুটুং

ম — উখল্ মাখল, কেওমেও , কেৰমেৰ, কেলেংমেলেং, ঘটং মটং, চিক্‌মিক, জকমক্, ধেহেৰে

মেহেৰ

ঢ — সোলোক-ঢোলোক

জ — কেৰজেৰ্, খপ্‌জপ্, খলপ্‌জলপ্, ৰমক্‌জমক্, ৰিম্‌জিম্, আদি।

(খ) আংশিক অভ্যাস হোৱা কিছুমান দুটা অক্ষৰৰ অধ্বন্যাত্মক শব্দত প্ৰথম অংশৰ প্ৰথম ব্যঞ্জনত থকা স্বৰটোৰ দ্বিতীয় অংশৰ প্ৰথম ব্যঞ্জনত পৰিৰ্ৱতন হৈ ব্যৱহৃত হয়। যেনে,

কাট্‌কুট্, খুট্‌খাট, খুচ্‌খাচ্, ধাৰ্‌ধুৰ, ফুচ্‌ফাচ্ ফিট্‌ফাট্, মিট্‌মাট্ ইত্যাদি।

(গ) কেতিয়াবা প্ৰথম অংশৰ দুয়োটা অক্ষৰত থকা স্বৰৰ দ্বিতীয় অংশত পৰিৰ্বতন হয়।যেন ,

কুৰুংকাৰাং, খুচংখাচাং, চুচুক্‌চামাক্, তিৰিংতাৰাং, ধিমিক্ ধামাক্,

থুনুক্‌থানাক্, পিৰিক্‌পাৰাক্, মিচিক্‌মাচাক্ মিজিংমাজাং, আদি।

(ঘ) আংশিক অভ্যাস হোৱা কিছুমান অধ্বন্যাত্মক শব্দৰ প্ৰথম অংশটো স্বৰৰে আৰম্ভ হ’লে দ্বিতীয় অংশৰ প্ৰথম ব্যঞ্জনটো ত বা জ হয়। যেনে,

আবোলতাবোল , আমনজিমন আদি।

(ঙ) আংশিক অভ্যাস হোৱা কিছুমান অধ্বন্যাত্মক শব্দত দ্বিতীয় অংশৰ শেষৰ ধ্বনিটোৰহে পৰিৰ্ৱতন ঘটে। যেনে,

কেলৌকেচৌ, জলৌজপৌ, টিলৌটিপৌ, টুলুংটুপুং, ঠেলেংঠেপেং, ঢলংঢপং ইত্যাদি।

(চ) আংশিক অভ্যাস হোৱা দুই-এটা অধ্বন্যাত্মক শব্দত দ্বিতীয় অংশটোৰ দুয়োটা ব্যঞ্জনেৰে পৰিৰ্ৱতন ঘটে। যেনে,কলৌজপৌ

(ছ) কিছুমান দ্বিঅক্ষৰযুক্ত শব্দত আদিত থকা স্বৰ বা ব্যঞ্জনটো লোপ পাই মাত্ৰ পিছৰ অংশ অভ্যাস বা পুনৰুক্ত হয়। যেনে,

আলেখলেগ্, আদৌদৌ, আলৌলৌ/আলৌ লৌৱা,

উথপ্‌থপ্, খদম্‌দম্, টিঘিল্‌ঘিল্, ৰজন্‌জন্ আদি।১১

(জ) আংশিক অভ্যাস হোৱা দুই-এটা অধ্বন্যাত্মক শব্দৰ দ্বিতীয় অংশটোৰ মাজৰ ব্যঞ্জনৰহে পৰিৰ্ৱতন ঘটে। যেনে, দলহ্-দপহ্ অৰ্থাৎ চকুত লগাকৈ, চিকোণ হৈ।

(ঝ) কেতিয়াবা আংশিক অভ্যাস হোৱা অধ্বন্যাত্মক শব্দটোৰ প্ৰথম অংশৰ সম্পূৰ্ণ পৰিৰ্ৱতন ঘটে। যেনে, দলদোপ-হেন্দোলদোপ।

৩.০৩.৩.২ অনুৰুপ শব্দ: গঠনৰ দিশৰ পৰা এই শ্ৰেণীৰ শব্দবোৰ অনুকাৰ শব্দৰ দৰেই দুটা অংশৰে গঠিত। ইয়াতো একোটা শব্দৰ অভ্যাস বা পুনৰুক্তি হয় আৰু এই অভ্যস্ত শব্দটোৰ নিজস্ব কোনো অৰ্থ নাথাকে। পাৰ্থক্য হৈছে,ইয়াত যিটো মূল শব্দৰ অভ্যাস বা পুনৰুক্তি হয়, সি অৰ্থবহ। সেয়েহে এনে অনুৰূপ শব্দৰ অভ্যাসক অৰ্থবহ শব্দৰ আংশিক অভ্যাস বোলা হয়। অভ্যাস হ’লে অৰ্থহীন অভ্যস্ত ৰূপটোৱে মূল শব্দৰ শক্তি বৃদ্ধি কৰি ‘ব্যাপকতা’,আদি, নিচিনা’, ইত্যাদি ভাৱ প্ৰকাশ কৰে। সেই কাৰণে এনে অভ্যস্ত শব্দৰ অৰ্থ বহুবচনৰ হয়।১২ অনুৰূপ শব্দত যি অৰ্থবহ শব্দৰ অভ্যাস হয়, সি আংশিকহে।

দ্বিত্ব হোৱা অংশৰ উচ্চাৰণ মূল শব্দটোৰ প্ৰায় অনুৰূপ হয় কাৰণেই এনে আংশিক অভ্যাস হোৱা শব্দবোৰক অনুৰূপ শব্দ বোলা হয়।

আংশিক অভ্যাস হোৱা অনুৰূপ শব্দবোৰ বিভিন্ন প্ৰকাৰে গঠন হ’ব পাৰে। সেই গঠন-প্ৰক্ৰিয়াবোৰ হৈছে এনে ধৰণৰ:

(ক) অভ্যস্ত হোৱা দ্বিতীয় অংশটোৰ প্ৰথম ব্যঞ্জন ধ্বনিটোৰ পৰিৰ্ৱতন হয়। এনে পৰিৰ্ৱতনো বিভিন্ন প্ৰকাৰৰ:

(১) মূল শব্দটোৰ আদ্য ব্যঞ্জন ‘চ’ৰ বাহিৰে আন ব্যঞ্জন ধ্বনি হ’লে, দ্বিত্ব বা অভ্যস্ত হোৱা অংশৰ প্ৰথম ব্যঞ্জনটো সাধাৰণতে ‘চ’ হয়। যেনে,

কল-চল, কলম-চলম, কিতাপ-চিতাপ, খৰম-চৰম, খৰিচৰি, ঘৰ-চৰ, টেবুল-চেবুল, নাক-চাক, নাৰিকল-চাৰিকল, ৰংচং, শাক-চাক ইত্যাদি।

(২) মূল শব্দটোৰ আদ্য ব্যঞ্জন চ/ছ হ’লে অভ্যস্ত অংশৰ আদ্য ব্যঞ্জনটো সাধাৰণতে ‘ত’ হয়। যেন,

চাউল-তাউল, চৰাই-তৰাই, চকৰী-তকৰী, চকু-তকু, চৰু-তৰু, চুলি-তুলি, চছমা-তছমা, ছবি-তবি, ছাগলী-তাগলী ইত্যাদি।

(৩) মূল শব্দটোৰ শেষৰ ব্যঞ্জন চ/ছ হ’লেও দ্বিত্ব অংশৰ আদ্য ব্যঞ্জন ত হয়। যেনে,

খৰচ-তৰচ, গছা-তছা, গছ-তছ, চছ-তছ, বাছ-তাছ, বিছা-তিছা, ফেঁচা-তেছ, সঁচ-তঁচ ইত্যাদি।

কোনো কোনোৱে শেষৰ ব্যঞ্জন চ/ছ হ’লে অভ্যস্ত অংশতো আদ্য ব্যঞ্জন হিচাপে চ/ছকে ব্যৱহাৰ কৰে। সেয়েহে উল্লিখিত শব্দবোৰ খৰচ-চৰচ, গছা-চছা, বাছ-চাছ এনেদৰেও ব্যৱহাৰ হ’ব পাৰে।

(৪) মূল শব্দটো ত বা ট-ৰে আৰম্ভ হ’লে, অভ্যস্ত অংশৰ আদিত সদায় ‘চ’ হয়। যেনে,

তৰা-চৰা, তমাল-চমাল, তাঁত-চাত, তাৱৈ-চাৱৈ, তাছ-চাছ, টৰ্ছ-চৰ্ছ, টকা-চকা, টোপন-চোপনি আদি।

‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌

(খ) কিছুমান অনুৰূপ শব্দত অভ্যস্ত হোৱা অংশৰ প্ৰথম বৰ্ণৰ পৰিৰ্ৱতন কোনো নিৰ্দিষ্ট নিয়ম অনুযায়ী নহয়। যেনে,

আন্ধাৰ-মুন্ধাৰ, আলহী-দুলহী, উদুলি-মুদুলি, উলহ-মালহ, ওকোল-মোকোল, ওলট-পালট, ক’লা-ম’লা, গা-পা/গা-গৰি, খেলা-ধূল, খেতি-বাতি, জকাই-চকাই, জাল-তাল, নদন-বদন, পানী-দুনী, বান্ধি-কুন্ধি, মানুহ-দুনুহম বাঘ-চাঘ ইত্যাদি।

(গ) দুই-এটা অনুৰূপ শব্দত অভ্যস্ত হোৱা অংশৰ কেতিয়াবা অকল মাজৰ ব্যঞ্জনৰ আৰু কেতিয়াবা প্ৰথম আৰু মাজৰ ব্যঞ্জনৰ পৰিৰ্ৱতন হয়। যেনে,

কান্দোন-কাটোন, বান্ধোন-চাটোন

(ঘ) কিছুমান অনুৰূপ-শব্দত অৰ্থহীন অভ্যস্ত অংশটো মূল শব্দটোৰ আগলৈ আনি ব্যৱহাৰ হয়। যেনে,

অকাই-পকাই, অলীয়-বলীয়া, আলই-বিলই, আলাই-আথানি, আউলী-বাউলী, আশে-পাশে, আহল-বহল, ইচাত-বিচাত, ইননি-বিননি, ইনাই-বিনাই ইত্যাদি।

কেতিয়াবা এনে অৰ্থহীন অভ্যস্ত অংশটো মূল শব্দৰ পিছতো যোগ হয়। যেনে,

পকাই-জকাই, আথানি-আবানি, কেঁকনি-গোথনি আদি।

(ঙ) কিছুমান অনুৰূপ-শব্দত প্ৰথম অংশটোৰ লগত কোনো ধৰণৰ সাদৃশ্য নথকা অৰ্থহীন ৰূপ কিছুমান যোগ দিয়া হয়। যেনে,

আহিলা-পাতি, কাজিয়া-পেচাল, কাবৌ-কোকালি, তেল-কুৰ, বিয়া-বাৰু, বজাৰ-সমাৰ, ৰূপ-বন, সৰু-সুৰা আদি‌।

(চ) অসমীয়া ভাষাত আৰু এনে কিছুমান অনূৰূপ শব্দ আছে, যিবোৰত মূল শব্দৰ আদ্যক্ষৰ ‘আ’ যোগ কৰি কেৱল সেই আ-যুক্ত পুনৰুক্তি হিচাপে মূল শব্দৰ আগত ব্যৱহাৰ কৰা হয়। যেনে,

খা-খবৰ, খা-খৰচ, চা-চিনাকি, জা-জলপান, জা-জোৱালী, বা-বজাৰ , বা-বতাহ, ডা-ডাঙৰীয়া, মা-মচলা, হা-হুমুনিয়াহ আদি।

এনেদৰে মূল শব্দৰ এটা মাথোন অক্ষৰৰ অভ্যাস হৈ গঠন হোৱা শব্দক একশেষ অনুৰূপ শব্দ বোলা হয়।১৩

মূল শব্দটো ‘অ’ স্বৰৰে আৰম্ভ হ’লে, তাৰ আগত কেৱল ‘আ’-স্বৰহে যুক্ত হয়। যেনে, আ-অলঙ্কাৰ। কেতিয়াবা ‘আ’-ৰ সলনি ‘অয়’ হয়। যেনে, অয়-অলঙ্কাৰ।

(ছ) কিছুমান অনুৰূপ শব্দত মূল শব্দটোৰ আদ্য ব্যঞ্জনত দ্ব্যক্ষৰ স্বৰধ্বনি ‘অয়’ যুক্ত হৈ মূল শব্দটোৰ আগত বহে। এনে শব্দ তেনেই সীমিত। যেনে, বয়-বস্ত, হয়হস্তী।

‌‌‌‌‌

৩.০৪ অসমীয়া ভাষাত আৰু এক প্ৰকাৰৰ যৌগিক শব্দ আছে। একোটা অৰ্থবহ মৌলিক শব্দ হুবহু একে ৰূপত পুনৰুক্ত বা অভ্যাস কৰি এই যৌগিক শব্দবোৰ গঠন কৰা হয়। অভ্যাস হোৱাৰ পাছত যৌগিক শব্দবোৰৰ অৰ্থৰ কিছু পৰিৰ্ৱতন ঘটে। এইদৰে অৰ্থবহ শব্দৰ সম্পূৰ্ণ একে ৰূপত অভ্যাস হোৱা প্ৰক্ৰিয়াক সাৰ্থক শব্দৰ সম্পূৰ্ণ অভ্যাস বোলা হয়।১৪ যেনে,

(ক) মূৰটো ঘূৰোৱা ঘূৰোৱা লাগিছে।

(খ) গাটো জ্বৰ জ্বৰ লাগিছে।

(গ) মাছ মাছ গোন্ধাইছে।

(ঘ) আঞ্জাখন পানী পানী লাগিছে।

(ঙ) বৰষুণ আহো আহো কৰিছে।

(চ) তেওঁ যাওঁ যাওঁ কৰিছে।

(ছ) সিহঁতে খাওঁ খাওঁ কৰিছে।

(জ) কান্দো কান্দো লাগিছে।

(ঝ) হাহোঁ হাহোঁ কৰিছে।

(ঞ) মনটো ভাল ভাল লাগিছে।

(ট) ভোক ভোক লাগিছে।

(ঠ) বমি বমি লাগিছে ইত্যাদি।

উল্লিখিত বাক্যবোৰত ঘূৰোৱা, জ্বৰ, মাছ, পানী, আহো, যাওঁ, খাওঁ, কান্দো, হাহোঁ, ভাল, ভোক আৰু বমি একোটাহঁত বিশিষ্ট অৰ্থযুক্ত শব্দ। এই প্ৰতিটো অৰ্থযুক্ত শব্দৰে সম্পূৰ্ণ একে ৰূপত পুনৰুক্তি বা অভ্যাস হোৱাৰ কাৰণে ইয়াৰ অৰ্থৰো কিছু তাৰতম্য ঘটিছে। উদাহৰণস্বৰূপে, মাছ গোন্ধাইছে আৰু মাছ মাছ গোন্ধাইছে—একে অৰ্থ বাচক নহয়। সেইদৰে ভাল লাগিছে আৰু ভাল ভাল লাগিছে, ভোক লাগিছে আৰু ভোক ভোক লাগিছে , বমি লাগিছে আৰু বমি বমি লাগিছেৰ অৰ্থও সম্পূৰ্ণ একে নহয়। আনহাতে ওপৰৰ(গ) বাক্যটো এৰি(ক)-ৰ পৰা(ঝ)লৈ এই বাক্যকেইটাৰ পৰা ক্ৰমে সম্পূৰ্ণ অভ্যাস হোৱা ঘুৰোৱা, জ্বৰ, পানী, আহো, যাওঁ, খাওঁ, কান্দো আৰু হাহোঁ শব্দ আঁতৰাই দিলে সেই বাক্যবোৰৰ প্ৰকৃত অৰ্থ নোলাব আৰু গাথনিক দিশৰ পৰাও বাক্যবোৰ ভুল হ’ব। অৰ্থাৎ মূৰটো ঘূৰোৱা লাগিছে, গাটো জ্বৰ লাগিছে, বৰষুণ আহো কৰিছে, সিহঁতে খাওঁ লগাইছে, কান্দো লাগিছ, হাহোঁ কৰিছে—এনে ধৰণৰ বাক্য অৰ্থগত আৰু গাথনিক, দুয়োটা দিশৰপৰা বিসঙ্গগতিপূৰ্ণ। বাক্যবোৰ অৰ্থবহ হ’বলৈ পুনৰুক্ত বা অভ্যাস হোৱা অংশটো সেই পৰিবেশত অপৰিহাৰ্য। সম্পূৰ্ণ অভ্যাস হ’লে সাধাৰণতে ‘যেন’, ‘নিচিনা’ বা ‘দৰে’ অৰ্থ বুজায়।১৫ ঘুৰোৱা ঘূৰোৱা লাগে মানে ‘ঘুৰোৱা যেন’ বা ‘ঘুৰোৱাৰ’ দৰে লাগে। সেইদৰে জ্বৰ মানে জ্বৰ হোৱাৰ দৰে লগা, পানী পানী লগা মানে পানীৰ দৰে সোৱাদ নোহোৱা, বৰষুণ আহো আহো মানে বৰষুণ অহাৰ দৰে পৰিৱেশ হোৱা, কান্দো কান্দো, হাঁহো হাঁহো কৰা মানে কন্দা আৰু হহাঁৰ অনুভূতি হোৱা। অৰ্থবহ শব্দৰ সম্পূৰ্ণ অভ্যাসে কেতিয়াবা ‘ইচ্ছা’ অৰ্থও প্ৰকাশ কৰে। যাওঁ যাওঁ কৰা বা খাওঁ খাওঁ লগোৱা মানে আচলতে যাবলৈ বা খাবলৈ অধিক ইচ্ছা প্ৰকাশ কৰা। সদায় যোৰ পাতি বহে কাৰণেই এই সংযুক্ত শব্দবোৰো এক প্ৰকাৰ যুৰীয়া শব্দ।

৩.০৫ অৰ্থবহ শব্দৰ সম্পূৰ্ণ অভ্যাস কৰি অসমীয়া ভাষাত আৰু বিভিন্ন ধৰণৰ সংযুক্ত শব্দ গঠন কৰা হয়। কেতিয়াবা সমগ্ৰতা, অবিচ্ছিন্নতা, বাৰম্বৰতা, গভীৰতা আদি ভাব প্ৰকাশৰ বাবে কোনো শব্দক দুবাৰকৈ ব্যৱহাৰ কৰা হয়।১৬ সাধাৰণতে বিশেষ্য, বিশেষণ, সৰ্বনাম, সংখ্যাবাচক শব্দ, ক্ৰিয়াৰ অসমাপিকা ৰূপ, বৰ্তমানকালিক কৃদন্ত, ক্ৰিয়াবিশেষণ আদিৰ উল্লিখিত অৰ্থত অভ্যাস বা পুনৰুক্তি হয় । কিন্ত বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু সংখ্যাবাচক শব্দৰ সম্পূৰ্ণ অভ্যাস বা পুনৰুক্তিয়ে মুখ্যতঃ বহুবচনৰ অৰ্থহে প্ৰকাশ কৰে। ওপৰত আলোচিত মাছ মাছ, জ্বৰ জ্বৰ, আদি অৰ্থবহ শব্দৰ সম্পূৰ্ণ অভ্যাস হৈ হোৱা সংযুক্ত শব্দৰ লগত এই শ্ৰেণীৰ সংযুক্ত শব্দৰ ডাঙৰ পাৰ্থক্য হৈছে যে এইবোৰত অভ্যাস হোৱা শব্দটো আঁতৰাই দিলেও কেতিয়াবা অৰ্থগ্ৰহণত অসুবিধা নহয়। উদাহৰণ স্বৰূপে, ‘বৰ বৰ মানুহ’ৰ সলনি ‘বৰ মানুহ’ কৰিলেও ‘বৰ’ শব্দৰ অৰ্থ অটুট থাকে, মাত্ৰ বহুত্ববোধটো প্ৰকাশ নহয়। সাধাৰণ বিশেষ্য শব্দৰ সম্পূৰ্ণ অভ্যাসৰ ক্ষেত্ৰত এটি মন কৰিবলগীয়া কথা হৈছে যে ইয়াত শব্দটোৰ দুয়োটা অংশই এ-বিভক্তি যুক্ত হয়। তেতিয়া কিন্ত অভ্যস্ত অংশটো আঁতৰাই দিব নোৱাৰি। এইদৰে অৰ্থবহ শব্দ সম্পূৰ্ণ অভ্যাস হৈ গঠিত হোৱা সংযুক্ত শব্দ কিছুমান হৈছে:

বিশেষ্য : কাণে কাণে , গছে গছে, ঘৰে ঘৰে, জাকে জাকে, দলে দলে, পালে পালে, বনে বনে, মুখে মুখে ইত্যাদি।

বিশেষণ : বগা বগা, ৰঙা ৰঙা, ভাল ভাল, কেঁচা কেঁচা, ঘন ঘন, পকা পকা, পাতল পাতল, মিহি মিহি, সৰু সৰু ইত্যাদি।

সৰ্বনাম: ব্যক্তিবাচক সৰ্বনামৰ বাহিৰে আনবোৰ সৰ্বনাম: যি যি, কি কি, কোন কোন, কাক কাক, নিজ নিজ, যাক যাক ইত্যাদি।

সংখ্যাবাচক শব্দ: দুটা দুটা, শ শ, হাজাৰ হাজাৰ, কোটি কোটি, আদি। কিছুমান সংখ্যাবাচক শব্দৰ পাছত ‘কৈ’ যোগ দি ক্ৰিয়াবিশেষণ ৰূপেও ব্যৱহাৰ কৰিব পাৰি। যেনে, দুটাদুটাকৈ, এটাএটাকৈ আদি।

ক্ৰিয়াৰ অসমাপিকা ৰূপ: কান্দি কান্দি, হাঁহি হাঁহি, কৈ কৈ, শুনি শুনি, বহি বহি ইত্যাদি।

বৰ্তমান কালিক কৃদন্ত: খাওঁতে খাওঁতে, চাওঁতে চাওঁতে, হাহোঁতে হাহোঁতে, যাওঁতে যাওঁতে ইত্যাদি।

ক্ৰিয়াবিশেষণ: খৰধৰকৈ, দিনে দিনে, ধীৰে ধীৰে, বছৰে বছৰে, লাহে লাহে ইত্যাদি।

‌‌


১. ড° গোলোকচন্দ্ৰ গোস্বামী : অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, পৃ. ৯৭

২. C.F.Hocket : A course in Modern Linguistics, P.24

৩. A course in Modern Linguistics, P. 240-241

৪. উপেন্দ্ৰনাথ গোস্বামী :অসমীয়া ভাষাৰ ব্যাকৰণ, পৃ ১৩৮-১৪৭

৫. প্ৰাগুক্ত গ্ৰন্থ, (১) ‘মুক্ত ৰূপ+যুক্ত ৰূপ’ শিতান, পৃ ১৪০-১৪৪

৬. প্ৰাগুক্ত গ্ৰন্থ, (৬)‘মুক্ত ৰূপ+মুক্ত ৰূপ+মুক্ত ৰূপ’ শিতান, পৃ ১৪০-১৪৪

৭. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, পৃ. ১৫৩

৮. অসমীয়া ভাষাৰ ব্যাকৰণ, পৃ. ১৩৬

৯. গোলকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণ প্ৰবেশ, পৃ.১৬৬

১১. অসমীয়া ব্যাকৰণ প্ৰৱেশ, পৃ.১৬৮

১২. প্ৰাগুক্ত গ্ৰন্থ, পৃ. ১৭০

১৩. সত্যনাথ বৰা , বহল ব্যাকৰণ , ষড়বিংশ তাঙৰণ, ১৯৭২ পৃ. ১১০

১৪. অসমীয়া ব্যাকৰণ প্ৰৱেশ , পৃ.১৬৯

১৫. প্ৰাগুক্ত গ্ৰন্থ, পৃ. ১৬৯

১৬. অসমীয়া ভাষাৰ ব্যাকৰণ, পৃ. ১১১

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.