পদ, পদৰ শ্ৰেণীবিভাগ আৰু সম্বন্ধবাচক শব্দ (পঞ্চম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)

পদ, পদৰ শ্ৰেণীবিভাগ আৰু সম্বন্ধবাচক শব্দ (পঞ্চম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)

পদ, পদৰ শ্ৰেণীবিভাগ আৰু সম্বন্ধবাচক শব্দ (পঞ্চম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)

by June 1, 2015 0 comments



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ পঞ্চম অধ্যায়

৪.শব্দসাধন-প্ৰক্ৰিয়া

৫.০১ আগৰ দুটা অধ্যায়ত অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ মূল উপাদান মুক্তৰূপ বা শব্দ আৰু বদ্ধৰূপ বা সৰ্গবোৰৰ প্ৰয়োগ বিশ্লেষণৰ লগতে সিহঁতৰ বিভিন্ন ভাগবোৰৰ আলোচনা দাঙি ধৰা হৈছে। বৰ্তমান অধ্যায়ত শব্দবোৰৰ বাক্যত প্ৰয়োগৰ দিশটোলৈ লক্ষ্য ৰাখি সিবোৰৰ বিচাৰ কৰা হ’ব। শব্দবোৰে যেতিয়া প্ৰয়োজন সাপেক্ষে বিভিন্ন সৰ্গৰ লগত যুক্ত হৈ মনৰ ভাব স্পষ্ট আৰু সম্পূৰ্ণভাৱে প্ৰকাশ কৰে, তেতিয়াই সি বাক্য আখ্যা পায়। বাক্য এটা বিশ্লেষণ কৰিলে বাক্যটোৰ বিভিন্ন খণ্ডৰ মাজত গঠনগত আৰু অৰ্থগত পাৰস্পৰিক সংগতি স্থাপন কৰা কিছুমান শব্দ পোৱা যায়। সেই শব্দবোৰ বিশ্লেষণ কৰিলে দেখা যাব যে সিহঁতৰ কিছুমানৰ লগত বিভিন্ন ধৰণৰ বিভক্তি বা বিভক্তিমূলক সৰ্গ দৃশ্য বা অদৃশ্যভাবে যুক্ত হৈ থাকে। যেনে- ৰামে পঢ়ে। এই চুটি বাক্যটোৰ ‘ৰাম’ শব্দত ‘এ’ শব্দবিভক্তি আৰু ‘পঢ়্‌’ ধাতুত ‘এ’ ক্ৰিয়াবিভক্তি যুক্ত হৈ আছে। এই বিভক্তি দুটাই বাক্যটোৰ উদ্দেশ্য খণ্ড ‘ৰাম’ আৰু বিধেয় খণ্ড ‘পঢ়্’ৰ লগৰ পাৰস্পৰিক সংগতি স্থাপন কৰি তাক এটা পূৰ্ণ বাক্যৰ মৰ্যাদা দিছে। আনহাতে ‘চৰাই উৰে’ বাক্যৰ ‘চৰাই’ শব্দত প্ৰত্যক্ষভাবে কোনো বিভক্তি নাই; কিন্তু সেই শব্দত নিহিত কৰ্তাকাৰকৰ শূণ্য বিভক্তিয়ে ‘উৰে’ ক্ৰিয়াৰ লগত সংগতি স্থাপন কৰিছে। একেদৰে ‘উৰে’ ক্ৰিয়াত থকা ‘এ’ বিভক্তিয়েও কৰ্তা ‘চৰাই’ৰ লগত সম্পৰ্ক নিৰ্দেশ কৰিছে। কেতিয়াবা বাক্যত থকা কিছুমান শব্দই কোনো বিভক্তি নোহোৱাকৈ নিজ অৰ্থৰ দ্বাৰাই বাক্যৰ আন শব্দৰ লগত সম্পৰ্ক স্থাপন কৰে। এইদৰে বাক্যত ব্যৱহৃত বিভক্তিযুক্ত আৰু বিভক্তিহীন প্ৰতিটো শব্দকে পদ বোলা হয়।

৫.০২ পদৰ শ্ৰেণীবিভাগঃ গঠন আৰু প্ৰকৃতিৰ(nature) ওপৰত ভিত্তি কৰি অসমীয়া ভাষাত ব্যৱহৃত সমস্ত পদক দুটা ভাগত ভগোৱা হয়ঃ

(১) অব্যয় পদ (indeclinables)

(২) সব্যয় পদ (inflected words)

গঠনৰ ভিত্তিত কৰা এনে বিভাজনক ৰূপতাত্ত্বিক(morphological) বিভাজন বোলা হয়। বাক্যত ব্যৱহৃত যিবোৰ পদত কোনো বিভক্তি যোগ নহয় অথবা যিবোৰ পদৰ ৰূপৰ কোনো পৰিৱৰ্তন নাই, সেইবোৰেই অব্যয় পদ। যেনে- আৰু, বা, কিন্তু, তথাপি, যদি আদি। এই পদবোৰে কোনো সৰ্গ বা বিভক্তিৰ সহায় নোলোৱাকৈ বাক্যৰ বিভিন্ন অংগৰ লগত সংগতি সাধন কৰি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। কেতিয়াবা অৱশ্যে দুই-এটা অব্যয়ৰ পাছত জোৰ বুজোৱা ৰূপ লগ লাগে। যেনে-তথাপিতো, যদিও আদি। (এই বিষয়ে ‘অব্যয়’ অধ্যায়ত বহলাই আলোচনা কৰা হৈছে)

বাক্যত ব্যৱহৃত যিবোৰ পদত বিভিন্ন সৰ্গ বা বিভক্তি যোগ হয় আৰু সৰ্গ বা বিভক্তি অনুযায়ী সিহঁতৰ ৰূপৰ পৰিৱৰ্তন হয়, সেইবোৰেই সব্যয় পদ। যেনে-শিক্ষক; এই শব্দত –এ,-অক,-অৰ,-অলৈ আদি শব্দ-বিভক্তি যোগ কৰি বিভিন্ন কাৰক অনুযায়ী এনেদৰে ৰূপ কৰিব পাৰিঃ শিক্ষকে, শিক্ষকক, শিক্ষকলৈ আদি। সেইদৰে বচন বাচক, লিংগবিশিষ্ট বা নিৰ্দিষ্টতাবাচক সৰ্গ বা প্ৰত্যয় যোগ কৰিও ‘শিক্ষক’ শব্দটোৰ ৰূপৰ পৰিৱৰ্তন ঘটাব পাৰি। গতিকে শিক্ষক সব্যয় পদ।

৫.০৩ সব্যয় পদৰ শ্ৰেণীবিভাগঃ গুণ বা কাৰ্যৰ ওপৰত ভিত্তি কৰি সব্যয় পদবোৰক দুটা ভাগত ভগোৱা হৈছে-

১. ক্ৰিয়াপদ(verbs)

২. নামপদ(nominals)

বাক্যত কোনো কাৰ্য সম্পন্ন কৰা পদবোৰকে সাধাৰণতে ক্ৰিযাপদ বোলা হয়। (‘ক্ৰিয়াপদ’ অধ্যায়ত বহলাই আলোচনা কৰা হৈছে।) আনহাতে বাক্যত ক্ৰিয়াৰ কাৰ্য সম্পাদনাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰা বা নকৰা সকলো পদকে(অব্যয়ৰ বাহিৰে) নামপদ বোলা হয়। আন কথাত শব্দবিভক্তি বা বিভক্তিমূলক সৰ্গ যোগ হোৱা প্ৰতিটো নাম শব্দই নামপদ।

৫.৩.১ নামপদৰ শ্ৰেণীবিভাগঃ ¬পুৰুষবাচক বিভক্তি গ্ৰহণৰ ভিত্তিত অসমীয়া ভাষাৰ সমস্ত নামপদক দুটা ভাগত ভগাব পাৰিঃ

১. সম্বন্ধবাচক নামপদ(nouns of relationship)

২. সাধাৰণ নামপদ (nominals in general)

৫.৩.১.১ সম্বন্ধবাচক নামপদঃ ৰূপতাত্ত্বিক দিশৰপৰা সম্বন্ধবাচক নামপদবোৰ অসমীয়া ভাষাৰ এটি বিশেষ বৈশিষ্ট্যসূচক উপাদান। আন নামপদৰ বিপৰীতে এই নামপদবোৰ বাক্যত ব্যৱহৃত হ’লে ইবোৰৰ পাছত একে সময়তে দুইধৰণৰ বিভক্তি যোগ হয়ঃ সম্বন্ধ বুজোৱা পুৰুষবাচক বিভক্তি আৰু আৰু কাৰকবাচক বিভক্তি। কাৰকবাচক বিভক্তি যোগ হোৱাৰ আগতে পুৰুষবাচক বিভক্তিযুক্ত শব্দবোৰত প্ৰয়োজন অনুযায়ী নিৰ্দিষ্টতাবাচক বা বচনবাচক প্ৰত্যয়ো যোগ হ’ব পাৰে। যেনে, ভনীয়েৰহঁতক আৰু ককায়েকজনলৈ। এই শব্দ দুটা ভাঙিলে ৰূপবোৰ এনেদৰে পোৱা যাবঃ

মূল শব্দ পু.বাচক বিভক্তি নিৰ্দিষ্টতাবাচক/
বচনবাচক প্ৰত্যয়
কাৰক বিভক্তি
ককাই -এক -জন -লৈ
ভনী -এৰ -হঁত -ক

এইদৰে দেখা যায়, সম্বন্ধবাচক নামপদবোৰ ৰূপগত দিশত সাধাৰণ নামপদতকৈ পৃথক একশ্ৰেণী বিশেষ বৈশিষ্ট্যসম্পন্ন নামপদ।

৫.৩.১.২. সাধাৰণ নামপদঃ বাক্যত পদৰ লগত সংগতি আৰু অৰ্থৰ ভিত্তিত সাধাৰণ নামপদক চাৰিটা ভাগত ভগোৱা হয়ঃ

১. বিশেষ্য (noun)

২. বিশেষণ (adjective)

৩. সৰ্বনাম (pronoun)

৪. সংখ্যাবাচক শব্দ (numerals)

বিশেষ্য পদঃ অসমীয়া ভাষাত বিশেষ্য পদৰ সংখ্যাই সৰ্বাধিক। বিশেষ এটা সূত্ৰ বা সংজ্ঞাৰ ভিতৰত বিশেষ্য পদবোৰ সামৰি নোৱাৰি যদিও বিভিন্নজনে বিভিন্নধৰণে বিশেষ্যৰ এটা সংজ্ঞা দিবলৈ চেষ্টা কৰিছে। সেইবোৰ চালি জাৰি চাই সাধাৰণভাৱে ক’ব পাৰি যে দৃষ্ট বা অদৃষ্ট, ইন্দ্ৰিয়গ্ৰাহ্য বা ইন্দ্ৰিয় বহিৰ্ভূত, প্ৰাণীবাচক বা অপ্ৰাণীবাচক যিকোনো প্ৰাণী, পদাৰ্থ বা ধাৰণাৰ নামেই বিশেষ্য। সংক্ষেপে ক’বলৈ গ’লে নাম মাত্ৰই বিশেষ্য। ৰূপগত দিশৰপৰা ক’বলৈ গ’লে যিবোৰ শব্দত কাৰক বিভক্তি, বচনবাচক, লিংগবাচক বা নিৰ্দিষ্টতা-অনিৰ্দিষ্টতাবাচক ইত্যাদি সৰ্গ যোগ হয়, সেইবোৰেই বিশেষ্য পদ। আকৃতি অনুযায়ী বিশেষ্যবোৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত, দুয়ো ধৰণৰ হ’ব পাৰে। সেইদৰে গঠন অনুযায়ীও বিশেষ্য পদবোৰক মৌলিক আৰু যৌগিক, এই দুটা ভাগত ভগাব পাৰি। ভাঙি বিশ্লেষণ কৰিব নোৱাৰা মানুহ, গৰু, হাতী, বেলি, জোন আদি মৌলিক বিশেষ্য আৰু ভাঙি বিশ্লেষণ কৰিব পৰা অৰ্থাৎ বিবিধ তদ্ধিত প্ৰত্যয়যুক্ত ধাননি, সাধুতা, জোনাক, ৰূপালী আদি যৌগিক বিশেষ্য পদ। অৰ্থৰ ভিত্তিত বিশেষ্যপদক প্ৰধানতঃ পাঁচোটা ভাগত ভগোৱা হৈছেঃ

১. জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক(Common noun)

২. বিশেষ সংজ্ঞাবাচক বিশেষ্য(Proper noun)

৩. সমূহ বা সমষ্টিবাচক বিশেষ্য(Collective noun)

৪. বস্তুবাচক বিশেষ্য(Material noun)

৫. গুণবাচক বিশেষ্য(Abstract noun)

জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্যঃ কোনো জাতি বা শ্ৰেণীৰ সাধাৰণ সংজ্ঞা বা নাম বুজোৱা বিশেষ্যবোৰেই জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য। যেনে- মানুহ, গৰু, চৰাই, নদী, পৰ্বত আদি। এইবোৰে বিশেষ এটা প্ৰাণী, বিশেষ এখন নদী বা বিশেষ এটা পৰ্বতক নুবুজাই সকলো মানুহ, গৰু, চৰাই, নদী বা পৰ্বতক বুজায়। সেয়ে এইবোৰ জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য। পুৱা, গধুলি, দুপৰীয়া, আবেলি, নিশা আদি শব্দৰ উপৰি দেউতা, মা, পেহা, মামা, মামী আদি সম্বন্ধবাচক শব্দবোৰো এই শ্ৰেণীৰ বিশেষ্যৰ ভিতৰত পৰে।

বিশেষ সংজ্ঞাবাচক বিশেষ্যঃ যিবোৰ পদে কোনো বিশেষ বস্তু, ঠাইৰ নাম, মানুহ বা অন্য প্ৰাণীৰ নাম, পৰ্বত, নদী ইত্যাদিৰ নাম বুজা, সেইবোৰেই বিশেষ সংজ্ঞাবাচক বিশেষ্য। যেনে- ৰাম, দশৰথ, গুৱাহাটী, দিল্লী, হিমালয়, ব্ৰহ্মপুত্ৰ, গংগা ইত্যাদি।

সমূহ বা সমষ্টিবাচক বিশেষ্যঃ সমূহ বা সমষ্টিৰ নাম বুজোৱা পদবোৰক সমষ্টিবাচক বিশেষ্য পদ বোলা হয়। যেনে- সভা, সমিতি, সমাজ, পৰিষদ ইত্যাদি।

বস্তুবাচক বিশেষ্যঃ এই বিশেষ্যবোৰ একপ্ৰকাৰ জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্যই; পাৰ্থক্য মাত্ৰ, এইবোৰে কেৱল মাটি, পানী, কাঠ, বাঁহ, চেনী, সোণ, ৰূপ আদি সাধাৰণ বস্তুক বুজায়।

গুণবাচক বিশেষ্যঃ এই বিশেষ্যবোৰ অমূৰ্ত ভাব প্ৰকাশক। মনৰ আবেগ-অনুভূতি, ভাব অথবা দোষ, গুণ, কৰ্ম আদি বুজোৱা বিশেষ্যবোৰেই গুণবাচক বিশেষ্য। এই বিশেষ্যবোৰৰ কিছুমান মৌলিক আৰু কিছুমান যৌগিক বা সাধিত। বেজাৰ, সুখ, দুখ, স্বাস্থ্য আদি মৌলিক আৰু দুষ্টালি, ল’ৰালি, সাধুতা, নম্ৰতা আদি যৌগিক গুণবাচক বিশেষ্য।

ইয়াৰ বাহিৰেও অসমীয়া ভাষাত আৰু একশ্ৰেণীৰ বিশেষ্য আছে, যিবোৰ ক্ৰিয়াৰ মূল বা ধাতুৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। ক্ৰিয়ামূলত(root) ‘অন’ প্ৰত্যয় যোগ কৰি গঠন কৰা এনেবোৰ বিশেষ্যক ক্ৰিয়াবাচক বিশেষ্য বোলা হয়। যেনে- ভোজন, গমন, খাৱন, শোৱন ইত্যাদি। এনে ক্ৰিয়াবাচক বিশেষ্যবোৰে ক্ৰিয়াৰ কাৰ্যক বুজায়।

৫.৪ সম্বন্ধবাচক বিশেষ্যৰ গঠন, প্ৰয়োগ আৰু ৰূপসাধন প্ৰণালীঃ অসমীয়া সম্বন্ধবাচক বিশেষ্যবোৰৰ অধিকাংশৰে মূল সংস্কৃত; ঐতিহাসিক বিৱৰ্তনৰ মাজেদি অহাৰ কাৰণে এইবোৰৰ সৰহভাগেই তদ্ভৱ শব্দ। কিন্তু বেলেগ বেলেগ সম্বন্ধ আৰু বয়স অনুযায়ী ডাঙৰ-সৰু বুজাবলৈ বেলেগ বেলেগ সম্বন্ধবাচক শব্দ ব্যৱহাৰ কৰাৰ ৰীতি আৰু সমাপিকা ক্ৰিয়াৰ দৰে পুৰুষ অননুযায়ী এই শব্দবোৰত বিভক্তি প্ৰয়োগৰ পদ্ধতি বা নিয়মটো (যেনে, ভায়েৰ, ভায়েৰা, ভায়েক আদি) আৰ্যভিন্ন ভাষাৰ। অসমীয়া ভাষাৰ এই বিশিষ্ট ৰূপতাত্ত্বিক বিশেষত্ত্বটো কোনো ভাৰতীয় আৰ্য ভাষাতে ৰক্ষিত হোৱা নাই। দৰাচলতে ইন্দো-ইউৰোপীয় পৰিয়ালৰ কোনো ভাষাতে অসমীয়া ভাষাৰ এই একক ভাষিক বৈশিষ্ট্যটো দেখা নাযায়। ভাৰতবৰ্ষৰ আন এটা প্ৰধান ভাষা পৰিয়াল দ্ৰাবিড়তো নামপদবোৰ পুৰুষ অনুযায়ী ৰূপ নহয়। কিন্তু পৃথিৱীৰ কিছুমান ভাষাত যেনে, ফিনিচ আৰু হাংগেৰীয়, ইউৰাল আলাটাই পৰিয়ালৰ ভাষা, অষ্ট্ৰীক আৰু তিব্বতবৰ্মী পৰিয়ালৰ কিছুমান ভাষাত সম্বন্ধবাচক শব্দৰ লগত সম্বন্ধ পদৰ (genetive) পুৰুষবাচক সৰ্বনামৰ আদ্যাংশ পৰসৰ্গ বা পূৰ্বসৰ্গ হিচাপে ব্যৱহাৰ হোৱা দেখা যায়। মন কৰিবলগীয়া যে অসমীয়াত অকল সম্বন্ধবাচক বিশেষ্যৰ পাছতহে পুৰুষবাচক বিভক্তি যোগ হয়; কিন্তু উল্লিখিত ভাষাবোৰৰ কিছুমানত সকলো শ্ৰেণীৰ বিশেষ্যৰ পাছত আৰু কিছুমানত সম্বন্ধ বুজোৱা বদ্ধ (bond) বা মুক্ত (free) ৰূপৰ আগত বা পাছত পুৰুষবাচক সৰ্বনামৰ আদ্যাংশ লগ পালে।

৫.০৪.১ পৃথিৱীৰ আন আন ভাষাৰ দৰে অসমীয়াতো সম্বন্ধবাচক বিশেষ্যবোৰ মূলতঃ তিনিটা সম্বন্ধৰ জৰিয়তে গঢ় লৈ উঠিছে-জন্মগত, বৈবাহিক আৰু বন্ধুত্ব বা সখিত্ব। এই তিনিটা সম্বন্ধৰ জৰিয়তে অসমীয়াত প্ৰায় চাৰিকুৰিমান সম্বন্ধবাচক শব্দ গঢ় লৈ উঠিছে। তাৰ ভিতৰত পিতামহ, মাতামহ, পিতৃ, মাতৃ, স্ত্ৰী, পতি, পত্নী, সন্তান, ভাতৃ, ভগ্নী, সখী, বন্ধু আদিকে ধৰি প্ৰায় পোন্ধৰ-ষোল্লটামানহে সংস্কৃত তৎসম সম্বন্ধবাচক শব্দ; বাকী সকলোবোৰ তদ্ভৱ শব্দ। পুংলিংগ আৰু স্ত্ৰীলিংগ অনুযায়ী তলত অসমীয়া সম্বন্ধবাচক শব্দবোৰৰ এখন তালিকা দাঙি ধৰা হ’লঃ

পুংলিংগ স্ত্ৰীলিংগ
আজু ককা আজু আইতা
ককা আইতা
পিতা/পিতাই/পিতাদেউ/দেউতা/বোপাই আই/মা/বৌ
পো জী/জীয়াৰী
(,,) বোৱাৰী
ককাই/ককাইদেউ/দাদা বাই/বাইদেউ
(,,) বৌ/বৌদেউ/নবৌ
ভাই ভনী
(,,) বোৱাৰী
বৰ পিতাই/বৰ দেউতা বৰ মা
খুৰা/খুৰাদেউ/দদাই/দদাইদেউ খুৰী/খুৰীদেউ
ভতিজা(টো) ভতিজা(জনী)
নাতি নাতিনী
জেঠু/জেঠপা /জেঠপেহা জেঠাই/জেঠাইদেউ
পেহা/পেহাদেউ পেহী/পেহীদেউ
মামা/মোমাই/মোমাইদেউ মামী/মামীদেউ
ভাগিন(টো) ভাগিন(জনী)
মহা/মহাদেউ মাহী/মাহীদেউ
জেঠেৰী
বৈনাই
জোঁৱাই জী
জেঠাল/বৰজনা জা
দেওৰ ননদ
(,,) (জা)
খুৰশালী(টো) খুৰশালী(জনী)
শালপতি
ভিনিহি/ভিনদেউ (বাই/বাইদেউ)
শহুৰ শাহু
জেশাহু
বিয়ৈ বিয়নী
পৈ ঘৈণী
সতিনী
মাহীমা/মাহীআই
তাৱৈ আমৈ
সখা/সখি(জন) সখী(জনী)
বন্ধু(টো) বন্ধু(জনী)
বান্ধৱ, বান্ধ বান্ধৱী
মিতা মিতিনী
লগৰীয়া(টো) লগৰীয়া(জনী) আদি

উল্লিখিত সম্বন্ধবাচক শব্দবোৰ মান্য অসমীয়া ভাষাৰ। কামৰূপ, দৰং আৰু গোৱালপাৰাত কথিত ভাষাত এই শব্দবোৰে ভিন ভিন ৰূপ লৈছে। মঙ্গলদৈ অঞ্চলৰ কথিত ভাষাত প্ৰচলিত কিছুমান সম্বন্ধবাচক শব্দও মান্য অসমীয়া বা কামৰূপী আদি উপভাষাৰ লগত নিমিলে। উদাহৰণস্বৰূপে- মান্য অসমীয়াৰ ককাই, ভাই শব্দ দৰঙত বৰডেকা, সৰুডেকা আৰু কামৰূপীত কাকা, ভাই হয়। তলত কামৰূপী উপ-ভাষাত প্ৰচলিত সম্বন্ধবাচক শব্দবোৰৰ বিশেষ কেইটামান উল্লেখ কৰা হ’লঃ আতা(পুং), আবু(স্ত্ৰী), পিতে/পিতি(পুং), মাই(স্ত্ৰী), কাকা(পুং), বাই(স্ত্ৰী), ডাঙৰ পিতে(পুং), ডাঙৰ মাই(স্ত্ৰী), সৰু পিতে/খুট্‌টে/খট্‌টে(পুং), সৰু মাই(স্ত্ৰী), পেহী(স্ত্ৰী), পেঠে(পুং), জেইঠে/জেঠে(পুং), জেঠী(স্ত্ৰী), কুৰ্মা(পুং), মঠে(পুং), মাউহে(স্ত্ৰী), মমা(পুং), মাইমে(স্ত্ৰী), জঙে(পুং), জী/আপী(স্ত্ৰী), ভাইজ্যা(পুং/স্ত্ৰী), লালাক/লালে/মৰদ(পুং), তিৰী/ঘৈহ্‌নাক(স্ত্ৰী), শহুৰ(পুং), শাউহে(স্ত্ৰী), তাৱে(পুং), আমে(স্ত্ৰী) ইত্যাদি। এই শব্দবোৰ কামৰূপৰ মধ্য অঞ্চলৰ ঘাইকৈ নলবাৰী অঞ্চলৰ কথিত ভাষাৰ। পশ্চিম কামৰূপৰ বৰপেটা আৰু দক্ষিণ কামৰূপৰ বকো, চমৰীয়া আদি ঠাইত এই একেখিনি শব্দই ব্যৱহাৰ হয় যদিও কেতিয়াবা দুই-এটা শব্দই ধ্বনিগতভাবে পৃথক ৰূপ লোৱা দেখা যায়। উদাহৰণস্বৰূপে- নলবাৰীৰ মঠে(মহা), মাউহে(মাহী) আৰু জঙে(জোঁৱাই) শব্দ বৰপেটাত ক্ৰমে মহে, মাইহে আৰু জাঙে হয়।

অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দবোৰৰ মূল বা উৎসলৈ (origin বা source) চালে দেখা যায় যে ইবোৰৰ অধিকাংশই সংস্কৃতমূলীয়া। সংস্কৃতত ব্যৱহৃত সম্বন্ধবাচক শব্দ কিছুমান হৈছেঃ পিতৃ, মাতৃ, ভাতৃ, ভগিনী, পিতৃব্য, জ্যেষ্ঠ পিতৃব্য, জ্যেষ্ঠ পিতৃব্যা, ভ্ৰাত্ৰীয়, ভাগিনেয়, ভাগিনেয়ী, পিতৃষ্বসৃপতি, পিতৃষ্বসা, মাতৃষ্বসৃপতি, মাতৃষ্ব্সা, মাতুল, মাতুলী, জ্যেষ্ঠশালিকা, শালিপতি, দেৱৰ, ননন্দা, ভগিনীপতি, শ্বশুৰঃ, শ্বশ্ৰূ, নপ্তা/পৌত্ৰ, সখি, বন্ধু, মিত্ৰ আদি। এই শব্দবোৰ ঘাইকৈ উল্লেখতহে ব্যৱহৃত হয়; সম্বোধনত ইবোৰৰ প্ৰায়ে আকৃতিগত কিছু পৰিবৰ্তন হয়। যেনে- উল্লেখত(reference) ব্যৱহৃত ‘পিতৃ’ শব্দ সম্বোধনত সদায় ‘পিতা’ হয়। সি যি কি নহওক, অসমীয়া সম্বন্ধবাচক শব্দৰ সৰহখিনিৰেই মূল উল্লিখিত সংস্কৃত সম্বন্ধবাচক শব্দবোৰ। মাত্ৰ কামৰূপী আতা-আবুকে ধৰি ককাই, আই, বাই, বৌ, আমৈ আৰু তাৱৈ, এই শব্দকেইটাৰ মূলহে সংস্কৃত বা আৰ্য বহিৰ্ভূত ভাষা। ডঃ বাণীকান্ত কাকতিয়ে এই শব্দকেইটাৰ লগত অষ্ট্ৰীকমূলক ator/ata, abuh/abu, kaka, ai, bhai/ibhai, boi/bii, amai, tata/ta শব্দৰ সাদৃশ্য দেখা পাইছে। বৰ্তমান লিখিত ৰূপ ল’বলৈ ধৰা তিব্বত-বৰ্মী ভাষাৰ বড়ো-নগা উপশাখাৰ অন্তৰ্গত-বড়ো, ৰাভা, গাৰো, দেউৰী আদি ভাষাৰ দুই-এটা শব্দৰ(যেনে আয়, আয়া, আবৌ, কাই আদি) লগতো অসমীয়া আই, আবু আৰু ককাই শব্দৰ সাদৃশ্য আছে। কিন্তু সামান্য ধ্বনিগত মিল দেখিয়েই শব্দকেইটা তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱত গঢ় লৈ উঠিছে বুলিব নোৱাৰি। কিয়নো বৰ্তমান লিখিত ৰূপত আত্মপ্ৰকাশ কৰিবলৈ ধৰা ভালেকেইটামান তিব্বত-বৰ্মী ভাষাই নিজৰ নিজৰ ভাষাত নথকা কিছুমান শব্দ সংযোগী ভাষা অসমীয়াৰপৰা ধাৰ কৰি লৈছে। ৰাভা, গাৰো, মাৰ(Hmar) আদি ভাষাত এনে ভাষাৰ পৰিমাণ সৰ্বাধিক। উদাহৰণস্বৰূপে- অসমীয়া, বঙলা, হিন্দী আদি ভাৰতীয় ভাষাত থকা ‘দাদা’ শব্দটো বড়ো/গাৰোত ‘আদা’ আৰু ৰাভাত ‘দাদা’। সেইদৰে অসমীয়া ‘আই’ শব্দ দক্ষিণ ভাৰতীয় দুই-এটা ভাষাত ‘আয়ী’ হিচাপে পোৱা যায়; প্ৰায় একেধৰণৰ আয়, আয়া, আমা আদি শব্দ ক্ৰমে বড়ো, ৰাভা আৰু গাৰোতো দেখা যায়। গতিকে পৰ্যাপ্ত অধ্যয়ন নকৰাকৈ কোনে কাৰপৰা ধাৰ কৰিছে, সেই বিষয়ে খাটাংকৈ ক’ব নোৱাৰি।

৫.৪.২ গাঠনিক দিশৰপৰা অসমীয়া সম্বন্ধবাচক শব্দবোৰক স্বৰান্ত আৰু ব্যঞ্জনান্ত, মৌলিক আৰু যৌগিক, এইদৰে ভগাব পাৰি। পুংলিংগবাচক স্বৰান্ত শবদবোৰক আ-কাৰান্ত, ই-কাৰান্ত, ও-কাৰান্ত আৰু ঐ-কাৰান্ত, এই চাৰিভাগত আৰু ব্যঞ্জনান্ত শব্দবোৰক ন্-ব্যঞ্জনান্ত(ভাগিন), ৰ্-ব্যঞ্জনান্ত(দেওৰ, শহুৰ), ল্-ব্যঞ্জনান্ত(জেঠাল) আৰু ধ/ৱ-ব্যঞ্জনান্ত(বান্ধ/বান্ধৱ) ৰূপে ভাগ কৰিব পাৰি। স্ত্ৰীলিংগবাচক স্বৰান্ত শব্দবোৰৰ পাঁচোটা ভাগঃ আ-কাৰান্ত, ই-কাৰান্ত, ঈ-কাৰান্ত, উ-কাৰান্ত আৰু ঔ-কাৰান্ত। ব্যঞ্জনান্ত স্ত্ৰীলিংগবাচক শব্দ মাত্ৰ এটা-‘ননদ’। ভতিজা, ভাগিন, সখি আৰু বন্ধু- এই সম্বন্ধবাচক শব্দকেইটাক লিংগ নিৰপেক্ষ ৰূপ বুলি ক’ব পাৰি। এই শব্দকেইটাৰ পিছত পুংলিংগবাচক জন/টো আৰু স্ত্ৰীলিংগবাচক ‘জনী’ নিৰ্দিষ্টবাচক প্ৰত্যয় যোগ দি শব্দকেইটা ক্ৰমে পুংলিংগ আৰু স্ত্ৰীলিংগবাচক কৰা হয়। স্ত্ৰীৰ ভায়েক/ভনীয়েক বুজোৱা ‘খুৰশালী’ শব্দটোও আচলতে লিংগ নিৰপেক্ষ ৰূপ। ইয়াতো ‘জন/টো’ আৰু ‘জনী’ যোগ দি শব্দটো ক্ৰমে পুংলিংগ আৰু স্ত্ৰীলিংগ কৰা হয়। মন কৰিবলগীয়া যে ‘হেমকোষ’কে ধৰি অসমীয়া আন অভিধানকেইখনত ই-কাৰান্ত ‘খুৰশালি’ শব্দটো পুংলিংগ আৰু ঈ-কাৰান্ত ‘খুৰশালী’ শব্দটো স্ত্ৰীলিংগ হিচাপে দেখুওৱা হৈছে।

মৌলিক সম্বন্ধবাচক শব্দবোৰ হৈছেঃ ককা, পিতা, পো, ভাই, খুৰা, ভতিজা, নাতি, মহা, আই, ভনী, খুৰী, পেহী, মামী, ভাগিন, ননদ, শহুৰ, শাহু আদি। ভাঙি খণ্ডখণ্ডকৈ বিশ্লেষণ কৰিব নোৱাৰি বাবেই এইবোৰ মৌলিক শব্দ। যৌগিক শব্দবোৰ ঘাইকৈ তিনিধৰণে গঠিত হৈছেঃ ই, আই, আল, আৰী, তা, ৰি আদি প্ৰত্যয় যোগ হৈ(যেনে- ককাই, বাপ>বোপাই, জেঠাল, জীয়াৰী, আইতা, দেউতা, জেঠেৰি আদি); মূল শব্দৰ পিছত সম্ভ্ৰম বা মান্যতাসূচক ‘দেউ’(<দেৱ) শব্দ যোগ হৈ(যেনে-বাইদেউ, খুৰীদেউ, মহাদেউ আদি) আৰু মূল শব্দৰ আগত মান্যতা আৰু জ্যেষ্ঠতা অনুযায়ী আজু, বৰ, জে(<জ্যেষ্ঠ) আদি যোগ হৈ(যেনে- আজুককা, বৰমা, জেশাহু আদি)। কেতিয়াবা মূল শব্দৰ পিছত ‘ই’ যোগ কৰি তাৰপিছত মান্যতাসূচক ‘দেউ’ শব্দ লগ লগাইয়ো সম্বন্ধবাচক বিশেষ্য গঠন কৰা হৈছে। যেনে- ককাইদেউ, মোমাইদেউ, দদাইদেউ, খুৰাইদেউ ইত্যাদি। মন কৰিবলগীয়া যে ‘খুৰাইদেউ’ শব্দ অকলে ব্যৱহাৰ হ’লে ইয়াৰ পিছত ‘মোমাই’ৰ দৰে ‘ই’ প্ৰত্যয় লগ নালাগে; মাত্ৰ ‘খুৰা’ হিচাপেহে ব্যৱহৃত হয়।

অসমীয়া সম্বন্ধবাচক তদ্ভৱ শব্দবোৰৰ অধিকাংশই সম্বোধনাত্মক শব্দ(terms of address) হিচাপে ব্যৱহৃত হয়। মন কৰিবলগীয়া যে পিতা, বন্ধু, বান্ধৱী আৰু সখী- এইকেইটাৰ বাহিৰে পিতৃ-মাতৃৰ দৰে আন তৎসম সম্বন্ধবাচক শব্দবোৰ terms of reference হিচাপেহে ব্যৱ্হৃত হয়। মূল সংস্কৃত ভাষাতো সম্বন্ধবাচক শব্দবোৰ ঘাইকৈ terms of reference হে। সম্বোধনাত্মক শব্দ হিচাপে ব্যৱহাৰ কৰিলে ইবোৰে ভিন্ন ৰূপ পৰিগ্ৰহ কৰে। উদাহৰণস্বৰূপে, পিতৃ-মাতৃ terms of address হিচাপে ব্যৱহৃত হ’লে ইবোৰে পিতা-মাতা ৰূপ লয়। সম্বোধনত ব্যৱহৃত নোহোৱা অসমীয়া সম্বন্ধবাচক শব্দকেইটা হৈছে প্ৰধানতঃ পো, পৈ, ঘৈণী, শহুৰ, শাহু, জেঠাল, জেশাহু, দেওৰ আৰু ননদ। সম্বোধন কৰি মাতিবলগা হ’লে বয়সত সৰু পো, ঘৈণী, দেওৰ আৰু ননদক তেওঁলোকৰ নিজৰ নিজৰ নাম কাঢ়ি, ‘পৈ’ক সম্বোধনবোধক ‘হেৰি/হেৰা’ বুলি, জেঠালক ‘দাদা’, জেশাহুক ‘বাইদেউ’ আৰু শহুৰ-শাহুক ‘দেউতা-মা’ বুলি মতা হয়। নাতি, নাতিনী, ভাগিন, ভতিজা, খুৰশালী- এইকইটা সম্বন্ধবাচক শব্দও সাধাৰণতে উল্লেখতহে (reference) ব্যৱহৃত হয়; সম্বন্ধ ধৰি মাতিব লগা হ’লে এইসকলক সাধাৰণতে নাম কাঢ়ি মতা হয়। ‘ভাই’ আৰু ‘ভনী’ শব্দ সম্বোধনাত্মক হিচাপে ব্যৱহৃত হ’লে ইয়াৰ পিচত স্নেহ আৰু ক্ষুদ্ৰাৰ্থবোধক ‘টি’ যোগ কৰা হয়। যেনে- ভাইটি, তোমাৰ নাম কি? ‘ভনী’ শব্দত ‘টি’ যোগ হ’লে সম্বোধনাত্মক শব্দটো প্ৰায়ে ‘ভন্‌টি’ হয়। ইয়াৰ বাহিৰে আটাইবোৰ তদ্ভৱ সম্বন্ধবাচক শব্দ উল্লেখ আৰু সম্বোধন দুয়ো ক্ষেত্ৰতে ব্যৱহৃত হয়। মন কৰিবলগীয়া যে উজনী অসমৰ কোনো কোনো অঞ্চলত বৌ, খুৰী, পেহী, দদাই, মোমাইকে ধৰি কোনো কোনো লোকক সম্বোধন কৰি মাতোতে ইবোৰৰ পিছত স্নেহসূচক ‘টি’ ব্যৱহাৰ হয়। দদাই শব্দত ‘টি’ যোগ হ’লে আদ্যক্ষৰ লোপ পাই শব্দটো প্ৰায়ে ‘দাইটি’ও হয়। এনেবোৰ সম্বন্ধবাচক শব্দৰ পিছত ‘টি’ প্ৰত্যয়ৰ ব্যৱহাৰ ঘাইকৈ উজনিৰ মুছলমান সমাজত পোৱা যায়। এই প্ৰসংগতে আৰু এটি কথা উল্লেখ কৰিব পাৰি- উজনি অসমত ‘ককাই’ আৰু ‘বাই’ শব্দ ‘দেউ’ বা ‘টি’ বিহীন হৈ উকাকৈ ব্যৱহৃত হ’লে শব্দ দুটাই ক্ৰমে ঘৰত কাম বন কৰা বয়সত ডাঙৰ মতা বা তিৰোতা মানুহক বুজায় আৰু শব্দ দুটা উল্লেখ আৰু সম্বোধন দুয়ো ক্ষেত্ৰতে একেধৰণে প্ৰয়োগ কৰা হয়।

৫.৪.৩ অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দৰ ব্যৱহাৰ আৰু সিবোৰৰ প্ৰয়োগ-পদ্ধতিৰ এক সুদীৰ্ঘ ইতিহাস আছে। স্পষ্ট অসমীয়া ভাষাৰ(distinctive Assamese Language)¬ নিৰ্ভৰযোগ্য সৰ্বপ্ৰধান নিদৰ্শন মাধৱ কন্দলীৰ ‘সপ্তকাণ্ড ৰামায়ণ’, কন্দলিৰ সমসাময়িক হৰিবৰ বিপ্ৰৰ ‘বব্ৰুবাহনৰ যুদ্ধ’ৰ পৰা আৰম্ভ কৰি সপ্তদশ-অষ্টাদশ শতিকাৰ বুৰঞ্জী সাহিত্য, গুৰুচৰিত কথালৈকে, এই সমগ্ৰ প্ৰাচীন সাহিত্যত বিভিন্ন সম্বন্ধবাচক শব্দৰ ব্যৱহাৰ আৰু পুৰুষ অনুযায়ী সিবোৰৰ ৰূপ এটি মন কৰিবলগীয়া বিশেষত্ব। উদাহৰণস্বৰূপে- কন্দলিৰ ৰামায়ণত ব্যৱহৃত সম্বন্ধবাচক শব্দ কেইটামান উল্লেখ কৰা হ’লঃ ককা, খুৰা, ঘৰিণী, ঋি, দদা, বাই, দেৱৰ, নাতি, পৰিনাতি, পিতা, পিতামহ, পো, বহিনি, বহাৰি, বাপ, মাৱ, ভাগিন, ভতিজা, মমা/মমাই, মাতামহ, মিতিনি, সখি, সতিনি, সসুৰ, সাহু ইত্যাদিL আহোম ৰাজত্বকালত আহোম ৰজাৰ পৃষ্ঠপোষকতাত, অসমীয়া ভাষাত ৰচিত বুৰঞ্জীবোৰতো ভালেমান আহোম সম্বন্ধবাচক শব্দ আছে। যেনে-
এনাইদেউ(আইতা),পুথাও(ককা),পুলিন(আজুককা),নিচাদেউ(মোমাই/জেঠা/বৰদেউতা) ইত্যাদি। ৰামায়্ণ তথা বুৰঞ্জীসমূহত থকা এনে সম্বন্ধবাচক শব্দ কিছুমান পুৰুষ অনুযায়ীও ৰূপ হোৱা দেখা যায়। যেনে- ভায়েৰৰ, মায়েৰৰ, বাপেকৰ, বাপেৰে, ভায়েৰে, দদায়েক, বায়েক, এনায়েক ইত্যাদি।

ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত অসমীয়াতেই সম্বন্ধবাচক শব্দৰ সংখ্যা সৰ্বাধিক। ইংৰাজী, সংস্কৃত বা আন ভাৰতীয় ভাষাৰ দৰে অসমীয়াত একাধিক অৰ্থ বুজোৱা সামূহিক সম্বন্ধবাচক শব্দৰ(generic terms) ব্যৱহাৰ বিৰল। উদাহৰণস্বৰূপে ককাই-ভাই, বাই-ভনী বুজাবলৈ ইংৰাজী আৰু সংস্কৃতত মাত্ৰ দুটাকৈ শব্দ আছেঃ brother, sister আৰু ভাতৃ, ভগিনী। ডাঙৰ-সৰু বুজাব লগা হ’লে ইংৰাজী brother, sisterঅৰ আগত ক্ৰমে elder, younger আৰু সংস্কৃতত ভাতৃ-ভগিনীৰ আগত জ্যেষ্ঠ, কনিষ্ঠ ব্যৱহাৰ কৰা হয়। সেইদৰে পিতৃ-মাতৃস্থানীয় খুৰা/খুৰী, বৰদেউতা/বৰমা, মামা/মামী, পেহা/পেহী বুজাবলৈ ইংৰাজীত মাত্ৰ uncle আৰু aunti এই দুটা শব্দ আছে। ইংৰাজীৰ দৰে এনেকৈ ব্যাপক অৰ্থ প্ৰকাশ কৰিব পৰা generic terms সংস্কৃততো বিৰল। ইয়াৰ পৰিৱৰ্তে সংস্কৃতত পূৰ্ব সম্বন্ধৰ লগত সম্পৰ্ক ৰাখি পৃথক সম্বন্ধবাচক শব্দ গঠন কৰা হয়। যেনে- পিতৃষ্বসা(পেহী), পিতৃষ্বসৃপতি(পেহা), জ্যেষ্ঠ পিতৃষ্বসা(জেঠাই), জ্যেষ্ঠ পিতৃষ্বসৃপতি(জেঠপেহা বা জেঠু) ইত্যাদি। বঙলাতো সংস্কৃতৰ দৰে পেহা/পেহী, জেঠু/জেঠাই বুজাবলৈ দুটা মাত্ৰ শব্দ আছেঃ পিসিমসায় আৰু পিসিমা। সংস্কৃতমূলীয় অসমীয়াত এনে generic terms অৰ সলনি বয়সত ডাঙৰ-সৰু বুজোৱা ভিন ভিন মৌলিক সম্বন্ধবাচক শব্দ গঢ় লৈ উঠিছে আৰু এইটোৱে নব্য-ভাৰতীয় আৰ্য ভাষা অসমীয়াকো স্বকীয়তা প্ৰদান কৰিছে। এই প্ৰসংগত অসমৰ থলুৱা আৰ্য ভিন্ন ভাষা বড়ো, গাৰো, ৰাভা, দেউৰী আদি তিব্বতবৰ্মী ভাষাবোৰৰ কথা উল্লেখ কৰিব পাৰি। এইবোৰ ভাষাতো বয়স অনুযায়ী ভিন ভিন সম্বন্ধবাচক শব্দ ব্যৱহাৰ কৰা হয়। যেনে- বড়ো ভাষাৰ ‘বিদা’(ককাই), ‘ফংবাই’(ভাই), ‘বিবো’(বাই), ‘বিনানাও’(ভনী), ‘আদৈ’(খুৰা), ‘আমাই’(মামা) ইত্যাদি। সম্ভবতঃ এই আৰ্যভিন্ন ভাষাবোৰৰ এনেবোৰ সম্বন্ধবাচক শব্দৰ আদৰ্শতে অসমীয়াত নিজস্ব ধৰণে এই ভাষিক বৈশিষ্টটো গঢ় লৈ উঠিল।

ভাৰতীয় ভাষাবোৰৰ ভিতৰত কেৱল অসমীয়াতহে সম্বন্ধবাচক শব্দৰ পুৰুষ অনুযায়ী ৰূপ হয়। মন কৰিবলগীয়া যে এইদৰে ৰূপ হোৱা সম্বন্ধবাচক শব্দবোৰ প্ৰধানতঃ তদ্ভৱ। সংস্কৃত তৎসম শব্দৰ ভিতৰত কেৱল পিতা, সখী আৰু বন্ধু শব্দৰ পিছতহে পুৰুষবাচক বিভক্তি যোগ হয়।

৫.৪.৪ অসমীয়া সম্বন্ধবাচক শব্দবোৰক দুইধৰণে ৰূপ কৰিব পাৰিঃ পুৰুষ অনুযায়ী আৰু কাৰক অনুযায়ী। পুৰুষ অনুযায়ী ৰূপ হোৱাৰ পিছতহে শব্দটোত কাৰকৰ বিভক্তি লগ লাগে। অৰ্থাৎ সম্বন্ধবাচক বিশেষ্যত পুৰুষবাচক বিভক্তি যোগ হৈ যিটো মূল শব্দ(base) গঠিত হয়, সেই শব্দটোতহে কাৰক অনুযায়ী বিভিন্ন বিভক্তি লগ লাগে। প্ৰয়োজন অনুযায়ী কাৰক বিভক্তি যোগ হোৱাৰ আগতে সেই শব্দটোত নিৰ্দিষ্টতাবাচক বা বহুবচনাত্মক প্ৰত্যয় লগ লাগে। এনে দৃষ্টিভংগীৰ পিনৰপৰা সম্বন্ধবাচক শব্দটোৰ গাঠনিক ৰূপ এনে ধৰণৰঃ

সম্বন্ধবাচক বিশেষ্য+পুৰুষবাচক বিভক্তি+কাৰক বিভক্তি;

সম্বন্ধবাচক বিশেষ্য+পুৰুষবাচক বিভক্তি+নি.বাচক প্ৰত্যয়+বহুবচন প্ৰত্যয়+কাৰক বিভক্তি

এনে গাঠনিক ৰূপ অনুযায়ী ভাই শব্দটো তৃতীয় পুৰুষত ৰূপ কৰিলে এই ৰূপবোৰ পোৱা যাবঃ

(ক) ভায়েক

(খ) ভায়েকজন/ভায়েকজনৰ

(গ) ভায়েকহঁত/ভায়েকহঁতক

মন কৰিবলগীয়া যে সম্বন্ধ বুজোৱা পুৰুষবাচক ৰূপবোৰ অসমীয়া ভাষাত ব্যাকৰণগত। এই ৰূপবোৰ নলগালে অসমীয়া বাক্যবোৰ শুদ্ধ নহয়। উদাহৰণস্বৰূপে, দেউতা আহিছে- বুলি ক’লে ‘মোৰ দেউতা আহিছে’ বুলিহে বুজিম। তোৰ, তোমাৰ আৰু তাৰ ‘দেউতা’ অহা বুজাবলৈ দেউতা শব্দত ক্ৰমে –ৰ, -ৰা আৰু –ক পুৰুষবাচক বিভক্তি যোগ দিব লাগিব। নহ’লে বাক্যটোৰ বিন্যাসত আউল লাগিব। ইয়াৰপৰা দেখা যায় যে অসমীয়া ভাষাৰ গঠনত এই ৰূপবোৰ অপৰিহাৰ্য। কিন্তু দুখৰ বিষয় সাম্প্ৰতিক কালত অনেকে পুৰুষবাচক বিভক্তি নলগোৱাকৈ সম্বন্ধবাচক শব্দবোৰ ব্যৱহাৰ কৰা দেখা যায়।

অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দবোৰ সম্বন্ধপদৰ দ্বিতীয় আৰু তৃতীয় পুৰুষ অনুযায়ী ৰূপ হয়। দ্বিতীয় পুৰুষৰ দুটা ৰূপঃ তুচ্ছ আৰু মান্য। তলৰ তালিকাত কেইটামান সম্বন্ধবাচক শব্দ পুৰুষঅনুযায়ী ৰুপ কৰি দেখুওৱা হ’লঃ

পুৰুষ প্ৰথম দ্বিতীয় তৃতীয়
মোৰ তোৰ তোমাৰ তাক
পুৰুষৰ -0 -এৰ -এৰা -এক
বিভক্তি -ৰ -ৰা -ক

সম্বন্ধবাচক শব্দ

দেউতা দেউতা দেউতাৰ দেউতাৰা দেউতাক
ভনী ভনী ভনীয়েৰ ভনীয়েৰা ভনীয়েক
শহুৰ শহুৰ শহুৰেৰ শহুৰেৰা শহুৰেক
শাহু শাহু শাহুৱেৰ শাহুৱেৰা শাহুৱেক
আমৈ আমৈ আমৈয়েৰ আমৈয়েৰা আমৈয়েক

এইদৰে দেখা যায়, অসমীয়া ভাষাত সম্বন্ধবাচক শব্দৰ পাছত লগ লগা বিভক্তি হ’ল মূলতঃ তিনিটা –এৰ, -এৰা আৰু –এক। কিন্তু ইহঁত ধ্বনি সাপেক্ষ। আ-স্বৰৰ বাহিৰে আন স্বৰান্ত আৰু ব্যঞ্জনান্ত শব্দত উল্লিখিত বিভক্তি তিনিটা আৰু কেৱল আ-কাৰান্ত শব্দত –ৰ, -ৰা আৰু –ক বিভক্তি যোগ হয়। পুৰুষবাচক বিভক্তি যোগ হোৱাৰ পাছতহে সম্বন্ধবাচক শব্দবোৰ বিভিন্ন কাৰক অনুযায়ী ৰূপ কৰা হয়। যেনে, দেউতাৰে(কৰ্তা, ১মা), দেউতাৰক(কৰ্ম, ২য়া). দেউতাৰৰ দ্বাৰা(কৰণ, ৩য়া), দেউতাৰলৈ(নিমিত্ত, 8ৰ্থী), দেউতাৰৰপৰা(অপাদান), দেউতাৰৰ(সম্বন্ধপদ, ৬ষ্ঠী) আৰু দেউতাৰত(অধিকৰণ, ৭মী)।

মন কৰিবলগীয়া যে পুৰুষ আৰু কাৰক অনুযায়ী সম্বন্ধবাচক শব্দবোৰ ৰূপ কৰিলে তাৰ আগত দ্বিতীয় আৰু তৃতীয় পুৰুষৰ সম্বন্ধপদৰ তোৰ, তোমাৰ আৰু তাৰ- এই সৰ্বনামকেইটা প্ৰয়োগ কৰিবও পাৰি, নকৰিবও পাৰি। কিয়নো সম্বন্ধবাচক শব্দত যোগ কৰা পুৰুষবাচক –এৰ/-ৰ, -এৰা/-ৰা আৰু –এক/-ক বিভক্তিকেইটাই সেই সম্বন্ধবাচক শব্দকেইটা যে দ্বিতীয় আৰু তৃতীয় পুৰুষৰ, সেই অৰ্থ প্ৰকাশ কৰে। আৰু এটা মন কৰিব লগীয়া কথা হ’ল যে পুৰুষবাচক বিভক্তি যোগ হোৱা সম্বন্ধবাচক শব্দবোৰ terms of reference হে; সম্বোধনত বিভক্তিযুক্ত এই শব্দবোৰ ব্যৱহৃত নহয়।

তৃতীয় পুৰুষৰ –এক/-ক বিভক্তিযুক্ত কিছুমান সম্বন্ধবাচক শব্দ সাধাৰণ সম্বন্ধ বুজাবলৈও ব্যৱহৃত হয় যেনে, মাকতকৈ জীয়েক কাজী, বাপেক চাই পুতেক, গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া ইত্যাদি।

৫.৪.৫ অসমীয়া ভাষাৰ এই ভাষিক বৈশিষ্ট্যটোত তিব্বতবৰ্মী ভাষাৰ প্ৰভাৱ পৰা বুলি অনুমান কৰা হৈছে। এই ভাষা পৰিয়ালৰ অসমবৰ্মী শাখাৰ বড়ো-নগা মূলৰ ভাষাবোৰত বিভিন্ন সম্বন্ধবাচক শব্দৰ আগত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষ অনুযায়ী সেই সেই পুৰুষবাচক সৰ্বনামৰ আদ্যাংশ উপসৰ্গ হিচাপে লগ লাগে। ভাষাবিদ জি.এ.গ্ৰীয়াৰ্ছনৰ মতে বড়ো গোটৰ ভাষাবোৰৰ এনে ভাষিক বৈশিষ্ট্যৰ প্ৰভাৱতে অসমীয়া সম্বন্ধবাচক শব্দৰ পিছত পুৰুষবাচক বিভক্তি যোগ হোৱাৰ ৰীতি গঢ় লৈ উঠিল। গ্ৰীয়াৰ্ছনৰ এই যুক্তি কিমান দূৰ গ্ৰহণযোগ্য সেই বিষয়ে বিচাৰ কৰি চাবলৈ বড়ো-নগা মূলৰ কেইটামান ভাষাৰ সম্বন্ধবাচক শব্দৰ গঠন আৰু প্ৰয়োগ-প্ৰণালী সংক্ষেপে আলোচনা কৰা হ’ল।

তিব্বতবৰ্মী ভাষাবোৰত বয়স অনুযায়ী ডাঙৰ-সৰু বুজোৱা শব্দকে ধৰি ভালেমান সম্বন্ধবাচক শব্দ আছে। কিন্তু অসমীয়াৰ দৰে এই সকলোবোৰ সম্বন্ধবাচক শব্দই অকলে অৰ্থ প্ৰকাশ নকৰে। কিয়নো এই পৰিয়ালৰ বড়ো-দেউৰীকে ধৰি প্ৰায়বোৰ ভাষাৰে সম্বন্ধবাচক শব্দবোৰ বদ্ধ(bound); তৃতীয় পুৰুষৰ একবচন বাচক সৰ্বনামৰ আদ্যাংশ সেই বদ্ধ ৰূপৰ আগত উপসৰ্গ হিচাপে যোগ দিলেহে, সেইবোৰ সাধাৰণ সম্বন্ধবাচক বিশেষ্য ৰূপে পৰিগণিত হয়। যেনে, বড়ো ভাষাত দেউতা আৰু মা বুজোৱা বদ্ধ ৰূপ হৈছে ক্ৰমে ফা আৰু মা; কিন্তু ইয়াৰ আগত সি বা তাই অৰ্থ প্ৰকাশক তৃতীয় পুৰুষৰ একবচন বাচক ৰূপ বি লগ লগালেহে অৰ্থাৎ বিফা, বিমা হ’লেহে সাধাৰণ সম্বন্ধবাচক শব্দ দেউতা বা মা হ’ব। মন কৰিবলগীয়া যে বিফা, বিমা একে সময়তে তৃতীয় পুৰুষৰো সম্বন্ধবাচক শব্দ। এই শব্দ দুটা বড়ো ভাষাত পুৰুষ অনুযায়ী ৰূপ কৰিলে এনেধৰণৰ হ’বঃ

সম্বন্ধবাচক ১ম পুৰুষ ২য় পুৰুষ ৩য় পুৰুষ
বদ্ধৰূপ আংনি(মোৰ) নৌংন(তোৰ) বি(সি বা তাই)
ফা বিফা=আফা বিফা=নৌম্‌ফা বিফা(তাৰ বা তাইৰ দেউতাক)
(মোৰ দেউতা) (তোৰ দেউতা)
মা আংনি বিমা= নৌংনি বিমা= বিমা=(তাৰ বা তাইৰ মাক)
আমা(মোৰ মা) নৌমা(তোৰ মা)

সেইদৰে দেউৰী ভাষাতো দেউতা আৰু মা বুজোৱা বদ্ধ সম্বন্ধবাচক ৰূপ হৈছে বা আৰু য়ো; কিন্তু সি বা তাই অৰ্থ প্ৰকাশক তৃতীয় পুৰুষৰ সৰ্বনাম বা-টো বাই হৈ ক্ৰমে বা আৰু য়ো-ৰ আগত উপসৰ্গ হিচাপে যোগ হ’লেহে সি সাধাৰণ সাম্বন্ধবাচক শব্দ বাইবা আৰু বাইয়ো হয়। মন কৰিবলগীয়া যে এই দুটা শব্দ একে সময়তে তৃতীয় পুৰুষৰ সম্বন্ধবাচক শব্দও।

আনহাতে বড়ো-নগা মূলৰ ৰাভা, গাৰো আদি ভাষাত সম্বন্ধবাচক শব্দবোৰ গাঠনিক দিশৰপৰা দুই প্ৰকাৰৰঃ কিছুমান মুক্ত ৰূপ(free morpheme); যেনে- ৰাভাৰ ছিছি (মাহী, খুৰী), ফাজং (জেঠা বা জেঠু) আদি আৰু কিছুমান বদ্ধৰূপ(bound morpheme); যেনে- ৰাভাৰ ছা, নে-আদি। বদ্ধৰূপ ছা, নে-ৰ অকলে অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা নাই। ইহঁতৰ পাছত সাধাৰণ সম্বন্ধবাচক শব্দ গঠন কৰা তৃতীয় পুৰুষৰ পুৰুষবাচক প্ৰত্যয় ব্ৰা লগ লগালেহে অৰ্থাৎ ছাব্ৰা, নেব্ৰা হ’লেহে সিহঁত ক্ৰমে পুতেক আৰু শহুৰেক-শাহুৱেক বুজোৱা সাধাৰণ সম্বন্ধবাচক শব্দ হৈ পৰে। মুক্ত সম্বন্ধবাচক শব্দবোৰ যেনে, ছিছি, ফাজং আদি ব্ৰা হীন হৈও ব্যৱহাৰ হ’ব পাৰে আৰু ছিছিব্ৰা, ফাজংব্ৰা– এইদৰেও প্ৰয়োগ হ’ব পাৰে। ছিছিব্ৰা আৰু ফাজংব্ৰা উল্লেখত(reference) আৰু ছিছি, ফাজং সম্বোধনত ব্যৱহৃত হয়। গাৰোত সম্বন্ধবাচক শব্দত লগ লগা তৃতীয় পুৰুষৰ প্ৰত্যয় হৈছে থাং আৰু গিপা। ককাইদেউ বুজোৱা আদা শব্দটো তৃতীয় পুৰুষৰ সাধাৰণ সম্বন্ধবাচক শব্দ হ’বলৈ হ’লে ইয়াৰ পাছত থাং, গিপা এইদৰে যোগ কৰিব লাগিবঃ আদাথাং, আদাগিপা। বড়ো-দেউৰীৰ লগত একেমূলীয় ৰাভা-গাৰোৰ পাৰ্থক্য আছে কেৱল তৃতীয় পুৰুষৰ সম্বন্ধবাচক শব্দ গঠনৰ ক্ষেত্ৰতহে; প্ৰথম আৰু দ্বিতীয় পুৰুষত কেউটা ভাষাতে সম্বন্ধ বুজোৱা বদ্ধ বা মুক্ত ৰূপৰ আগত প্ৰথম আৰু দ্বিতীয় পুৰুষৰ সৰ্বনাম বা সৰ্বনামৰ আদ্যাংশ উপসৰ্গ হিচাপে যোগ কৰি সাধাৰণ সম্বন্ধবাচক শব্দ গঠন কৰা হয়। বাইদেউ বুজোৱা ৰাভা ভাষাৰ বিবি আৰু গাৰো ভাষাৰ আবি শব্দ প্ৰথম আৰু দ্বিতীয় পুৰুষত ক্ৰমে এনেদৰে গঠন কৰা হয়ঃ চিং(মই)বিবি=মোৰ বাইদেউ; নাং(তই)বিবি=তোৰ বাইদেউ; আং(মই)আবি=মোৰ বাইদেউ; নাং(তই)আবি=তোৰ বাইদেউ।

ওপৰৰ অলোচনাৰপৰা দেখা যায় যে অসমীয়া সম্বন্ধবাচক শব্দৰ গঠন আৰু দ্বিতীয়-তৃতীয় পুৰুষ অনুযায়ী হোৱা ৰূপৰ লগত তিব্বতবৰ্মী বড়ো মূলীয় ভাষাবোৰৰ সম্বন্ধবাচক শব্দৰ গঠনপ্ৰক্ৰিয়া একে নহয়। prefixial আৰু ¬ positional ভাষা হিচাপে বড়ো মূলৰ ভাষাবোৰত সম্বন্ধ বুজোৱা বদ্ধ বা মুক্ত ৰূপৰ আগত ব্যক্তিবাচক সৰ্বনাম তিনিটা বা তাৰ আদ্যাংশহে লগ লাগে; ৰাভাৰ তৃতীয় পুৰুষৰ ব্ৰা আৰু গাৰোৰ তৃতীয় থাং, গিপা সম্বন্ধবাচক শব্দৰ পাছত লগ লাগে যদিও এয়া অসমীয়া ‘এক’ৰ দৰে পুৰুষবাচক পৰসৰ্গ নহয়; তৃতীয় পুৰুষ তথা সাধাৰণ সম্বন্ধবাচক শব্দ গঠন কৰা এয়া এক প্ৰকাৰৰ বদ্ধ ৰূপহে। গতিকে অসমীয়া সম্বন্ধবাচক শব্দৰ ৰূপত(inflection) তিব্বতবৰ্মী প্ৰভাৱ কথাষাৰ সম্পূৰ্ণৰূপে মানি ল’ব নোৱাৰি।

৫.৪.৬ ডঃ কাকতিয়ে পুৰুষ অনুযায়ী সম্বন্ধবাচক শব্দৰ ৰূপ হোৱা প্ৰক্ৰিয়াটোত অষ্ট্ৰীকমূলীয় ভাষাৰ প্ৰভাৱ পৰা বুলি ক’ব খোজে। অষ্ট্ৰীকমূলীয় চাওঁতালী আদি ভাষাত বিশেষ বস্তু আৰু ধাৰণা বুজোৱা শব্দৰ পাছত পুৰুষবাচক সৰ্বনামীয় প্ৰত্যয় যোগ দি সম্বন্ধবাচক শব্দ গঠন কৰা হয়। উদাহৰণস্বৰূপে ডঃ কাকতিয়ে চাওঁতালী ভাষাৰ ‘enga+n’(my mother) আৰু ‘enga+t’(his mother) এই ৰূপ দুটাৰ উল্লেখ কৰিছে। সম্বন্ধবাচক ৰূপৰ পাছত পুৰুষবাচক সৰ্গ যোগ হোৱা চাওঁতালী ভাষাৰ এই ৰীতিৰ লগত অসমীয়াৰ সাদৃশ্য অধিক। সি যি কি নহওক, অসমীয়া সম্বন্ধবাচক শব্দৰ গঠন, ইবোৰৰ প্ৰয়োগ আৰু পুৰুষ অনুযায়ী ৰূপ হোৱাটো অসমীয়া ভাষাৰ এক স্বকীয় ভাষিক বৈশিষ্ট্য।


১. গোলোকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ ২.

২. Banikanta Kakati: Assamese, its formation and development p.284

৩. প্ৰগুক্ত গ্ৰন্থ; পৃ. ৩৪

৪. লীলাৱতী শইকীয়া বৰা: মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষা ; পৃ.৬৫

৫. Golok Chandra Goswami: Structure of Assamese, p.287

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.