ৰূপতত্ব: এটি সাধাৰণ পৰিচয় ( প্ৰথম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা )

ৰূপতত্ব: এটি সাধাৰণ পৰিচয় ( প্ৰথম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা )

ৰূপতত্ব: এটি সাধাৰণ পৰিচয় ( প্ৰথম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা )

by June 1, 2015 0 comments



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ প্ৰথম অধ্যায়

১. ৰূপতত্ত্বঃ এটি সাধাৰণ পৰিচয়

১.০১

‘ৰূপতত্ব’ শব্দটো ইংৰাজী morphology শব্দৰ অসমীয়া প্ৰতিশব্দ। ৰূপতত্বৰ মূল আধাৰ হ’ল ‘ৰূপ’, যাক ইংৰাজীত morpheme বোলা হয়। morpheme-অৰ অসমীয়া প্ৰতিশব্দ দুটাঃ প্ৰাকৃতি আৰু ৰূপগ্ৰাম। ইংৰাজী morpheme শব্দটোৰ মূল (base) হৈছে morph; ইয়াৰ অসমীয়া প্ৰতিশব্দও দুটাঃ আকৃতি আৰু ৰূপ। morpheme-অৰ অন্তৰ্গত আৰু এটা উপাদান হৈছে allomorph, যাৰ অসমীয়া প্ৰতিশব্দও দুটাঃ উপাকৃতি আৰু সংৰূপ*। morpheme-ৰ আলোচনাত এই চাৰিটা অসমীয়া প্ৰতিশব্দই অযথা খেলি-মেলি লগাই বাবেই আমি সাধাৰণভাৱে morph আৰু morpheme -বুজাবলৈ কেৱল ‘ৰূপ’ শব্দটো ব্যৱহাৰ কৰিম, যদিও morph আৰু morpheme সম্পূৰ্ণ একে নহয়।

ভাষাবিজ্ঞানৰ আলোচনাত morpheme টো নতুন শব্দ। এই শতিকাৰ চল্লিশ-পঞ্চাশ দশকৰ আগলৈকে ‘শব্দ’ই (word) ৰূপতত্ত্বৰ মূল আধাৰ আছিল। সেয়েহে যোৱা দুহেজাৰ বছৰত ৰচিত ব্যাকৰণবোৰ আছিল word-based grammar। কিন্তু এটা ভাষাৰ ৰূপতাত্ত্বিক উপাদানবোৰ (morphological elements) বিশ্লেষণ কৰিলে এনে কিছুমান উপাদান পোৱা যায়, যিবোৰক শব্দৰ অন্তৰ্গত কৰিব নোৱাৰি। উদাহৰণস্বৰূপে – আওবাট, ভোগালি আৰু ৰামক – এই শব্দ তিনিটা বিশ্লেষণ কৰিলে প্ৰতিটো শব্দৰে দুটাকৈ অংশ পোৱা যাবঃ আও+বাট, ভোগ+আলি আৰু ৰাম+অক। ইয়াৰে বাট, ভোগ আৰু ৰাম একোটা অৰ্থবহ শব্দ; কিন্তু আও-, -আলি আৰু -অক, এই তিনিটাক শব্দ বুলি অভিহিত কৰিব নোৱাৰি। পৰম্পৰাগত বিশ্লেষণৰ আধাৰত ভাষাৰ এই ৰূপবোৰক ক্ৰমে উপসৰ্গ (prefix), কৃৎ-তদ্ধিত বা শব্দ সাধনৰ প্ৰত্যয় (derivational suffix) আৰু শব্দৰূপ-ধাতুৰূপৰ প্ৰত্যয় বা বিভক্তি (inflectual suffix) — এই তিনিটা ভাগত ভাগ কৰা হৈছে। সময়ৰ লগে লগে শব্দ আৰু শব্দৰ অন্তৰ্গত এই আটাইবোৰ উপাদান বুজাবলৈ ভাষাবিজ্ঞানীসকলে এটা নতুন শব্দৰ প্ৰয়োজন অনুভৱ কৰিলে আৰু ফলত এই শতিকাৰ মাজভাগত morpheme শব্দটোৰ সৃষ্টি হ’ল।

১.০২ ধ্বনিতত্বত মূল আধাৰ যিদৰে বৰ্ণ (phoneme), ৰূপতত্ত্বৰ মূল আধাৰ সেইদৰে morpheme অৰ্থাৎ ৰূপ। ভাষা এটাৰ ৰূপ (morpheme), ৰূপৰ সংযোগ আৰু তেনে সংযোগৰ ফলত সৃষ্ট নতুন অৰ্থবাচক শব্দ বা পদ-গঠনৰ পৰ্যালোচনাই হৈছে সেই ভাষাটোৰ ৰূপতত্ত্ব। প্ৰসিদ্ধ ভাষাবিদ ই.এ. নিডাৰ মতে “morphology is the study of morphemes and their arrangements in forming words.” ৰূপতত্ত্বৰ শিতানত আলোচিত ৰূপৰ বিন্যাসে (morpheme arrangement) শব্দ বা শব্দাংশ গঠন কৰা বৰ্ণৰ অৰ্থবহ সকলো সংযোগকে (combination) সামৰি লয়। কিন্তু শব্দৰ সংযোগত সৃষ্ট খণ্ড বাক্য আৰু বাক্যৰ আলোচনা সামৰি লয় বাক্যতত্ত্বই (syntax)। সেয়েহে ৰূপতত্ত্ব আৰু বাক্যতত্ত্ব ভাষা এটাৰ ৰূপতাত্ত্বিক আলোচনাৰ দুটা স্বতন্ত্ৰ ধাৰা। কিন্তু এই দুয়োটাৰ মাজত থকা পাৰ্থক্যৰ সীমাৰেখা কটকটীয়া নহয়।

১.০৩ এতিয়া প্ৰশ্ন হ’ল, ৰূপ কি? ৰূপ বা morpheme সম্পৰ্কে বিভিন্ন ভাষাবিদে বিভিন্ন অভিমত দাঙি ধৰিছে যদিও এটা কথাত কিন্তু সকলো একমত। সেইটো হৈছে, ৰূপবোৰ বৰ্ণৰে নিৰ্মিত ক্ষুদ্ৰতম অৰ্থবহ গোট। ভাষাবিদ নিডাই ৰূপৰ সংজ্ঞা এনেদৰে দিছে, “morphemes are the m inimal meaningful units, which may constitute words or parts of words.” আন এগৰাকী ভাষাবিদ চি. এফ. হকেটৰ মতে, morphemes are the smallest individually meaningful elements in the utterances of a language.” বিভিন্ন দৃষ্টিকোণৰ পৰা ৰূপ সম্পৰ্কে দিয়া এনে ধৰণৰ সংজ্ঞালৈ লক্ষ্য কৰি বিশিষ্ট ভাষাবিদ ডেভিড ক্ৰিষ্টেলে ৰূপৰ তিনিটা বৈশিষ্টলৈ আঙুলিয়াইছেঃ

(ক) ৰূপবোৰ আৱয়বিক গোট (physical unit); কিয়নো ইহঁতৰ ধ্বনিগত আকাৰ বা আকৃতি (physical shape) আছে;

(খ) ৰূপবোৰ অৰ্থবহ (meaningful);

(গ) বিশাল ব্যাকৰণগত গোট বা উপাদান (larger grammatical units) গঠনত ৰূপবোৰৰ বাক্যবিন্যাসগত ভূমিকা (syntatic rule) আছে।

এই বৈশিষ্ট্য তিনিটা ৰূপবোৰৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে, সেইটো পৰীক্ষা কৰিবলৈ “মই কিতাপ পঢ়োঁ” – এই বাক্যটো লোৱা হ’ল। উল্লিখিত বাক্যটোত ‘মই’ আৰু ‘কিতাপ’ একোটা বিশেষ আকাৰ বিশিষ্ট ক্ষুদ্ৰতম অৰ্থযুক্ত আৰু বাক্যবিন্যাসগতভাৱে সঙ্গতি পূৰ্ণ (relevant) গোট (unit)। অৰ্থ ৰাখি ইহঁতক আৰু ক্ষুদ্ৰতম ভাগত ভগাব নোৱাৰি। গতিকে ‘মই’ আৰু ‘কিতাপ’ একোটা আকাৰ বিশিষ্ট আৱয়বিক গোট। ক্ষুদ্ৰতম অৰ্থযুক্ত এই গোট দুটাক শব্দ বুলিও অভিহিত কৰিব পাৰি। কিন্তু ‘পঢ়োঁ’ – এই গোটটোত দুটা ৰূপ সোমাই আছেঃ পঢ়্‌ আৰু ওঁ। ‘পঢ়োঁ’ টোৰ পৰা ‘ওঁ’ আঁতৰা্ আনিলে আমি স্পষ্ট অৰ্থযুক্ত ‘পঢ়্‌’ ৰূপটো পাম, যিটোক ধাতু (root) বুল অভিহিত কৰিব পাৰি। কিন্তু ইয়াত যোগ হোৱা ওঁ-টোৱে বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ব্যক্তিবাচক সৰ্বনাম ‘মই’ টোৰ লগত সম্পৰ্ক স্থাপন কৰিছে। গতিকে ৰূপ হৈছে এটা একাধিক বৰ্ণৰে গঠিত ক্ষুদ্ৰতম অৰ্থবহ গোট, যি ব্যাকৰণগত গোট গঠনত বাক্য-বিন্যাসগত ভূমিকাও পালন কৰে।

১.০৪ ৰূপৰ শ্ৰেণী বিভাগ (Classification of morphemes): আধুনিক ভাষা বিজ্ঞানীসকলে ৰূপবোৰক বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰি বিভিন্ন ধৰণে ভাগ কৰিছে। নিডাই প্ৰয়োগৰ দিশটোলৈ লক্ষ্য কৰি ৰূপবোৰক দহোটা ভাগত ভগাইছেঃ

(a) bound vs free morphemes

(b) roots vs non-roots

(c) roots vs stems

(d) nuclei vs non nuclei

(e) nuclei vs peripheral

(f) same order vs different orders

(g) mutually exclusive

(h) mutually obligatory

(i) obligatory vs nonobligatory

(j) closing vs non-closing

প্ৰয়োগৰ প্ৰকৃতি অনুযায়ী ৰূপবোৰৰ আৰু তিনিটা ভাগ পোৱা যায়ঃ শূন্য ৰূপ (zero morpheme), ব্যাহত ৰূপ (disconitnous morpheme) আৰু অব্যাহত ৰূপ (continuous morpheme)। গাঁথনিক সম্পৰ্কৰ ভিত্তিতো (structured realtionship of morpheme) ৰূপবোৰক যোগাত্মক (additive), সলনিকৰণ (replacive) আৰু বিয়োগাত্মক (subtractive) – এই তিনিটা ভাগত ভগাব পাৰি। এইদৰে দেখা যায় যে ভাষা বিজ্ঞানীসকলে ৰূপতত্ত্বৰ মূল আধাৰ ৰূপবোৰক আকৃতি, প্ৰকৃতি, প্ৰয়োগ, গাঁথনিক সম্পৰ্ক ইত্যাদি অনুযায়ী বিভিন্ন ধৰণে শ্ৰেণীবিভাগ কৰিছে। কিন্তু এনে বিভাজন সকলো ভাষাৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়। উদাহৰণ স্বৰূপে, ইংৰাজী ভাষাৰ theive, save আদি শব্দৰ ‘v’ টো replacive morpheme, যিটো ‘f’ – অৰ সলনি বহিছে। সেইদৰে ফৰাচী ভাষাত ‘ভাল’ অৰ্থ বুজোৱা স্ত্ৰীলিঙ্গবাচক bonne ৰূপটোৰ পৰা ‘ne’ উলিয়াই আনিলে পুংলিঙ্গবাচক ‘bon’ ৰূপটো পোৱা যায়। ফৰাচি ভাষাত ‘ne’ বিয়োগাত্মক ৰূপ। এনে ৰূপ অসমীয়া ভাষাত নাই। দৰাচলতে উল্লিখিত বিভাজনবোৰৰ ভিতৰত মুক্ত আৰু বদ্ধ ৰূপৰ বিভাজনেই বেছি সৰলতৰ আৰু মুখ্য বিভাজন। এটা ভাষাৰ মুক্ত (free) আৰু বদ্ধ (bound) ৰূপবোৰ প্ৰথমে নিৰ্বাচন কৰি ব্যৱহাৰিক আৰু প্ৰায়োগিক দিশৰ ভিত্তিত সেইবোৰক ক্ৰমে root-non root, nuclei-non nuclei ইত্যাদি ভাগত ভগাব পাৰি। অসমীয়া ভাষাৰ ৰূপবোৰৰ বিশ্লেষণ কৰিলেও আমি উল্লিখিত ধৰণৰ বিভিন্ন ৰূপ দেখিবলৈ পাম। কিন্তু আলোচনাৰ সুবিধাৰ বাবে আমি মুক্ত আৰু বদ্ধ ৰূপৰ আধাৰতহে আনবোৰ ৰূপৰ আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম।

১.০৫ মুক্ত আৰু বদ্ধ ৰূপঃ এটা বা একাধিক বৰ্ণৰে গঠিত যিবোৰ ৰূপ বা প্ৰাকৃতিৰ অকলে অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা আছে, অৰ্থাৎ যিবোৰ ৰূপ বা প্ৰাকৃতি উচ্চাৰণ বা উল্লেখ কৰাৰ লগে লগে সিহঁতৰ নিজস্ব অৰ্থ প্ৰকাশ পায়, সেইবোৰেই মুক্ত ৰূপ বা মুক্ত প্ৰাকৃতি। যেনে, মানুহ, গৰু, গছ, বন, ঘৰ, কৰ, খা ইত্যাদি। এই ৰূপবোৰ উচ্চাৰণ কৰিলেই সিহঁতৰ অৰ্থ আপোনা-আপুনি প্ৰকাশ পায়। তদুপৰি মুক্ত ৰূপবোৰ বাক্যত স্বতন্ত্ৰভাৱ ব্যৱহৃত হ’ব পাৰে। উদাহৰণস্বৰূপে, ‘ই অতি ভাল ল’ৰা’ – ক্ৰিয়া পদ উহ্য থকা এই বাক্যটোৰ প্ৰতিটো ৰূপেই মুক্ত। ইহঁতে অকলেই একোটা বিশেষ অৰ্থ প্ৰকাশ কৰি বাক্যটোত প্ৰতিটো ৰূপ স্বাধীনভাৱে ব্যৱহৃত হৈছে। এইদৰে উচ্চাৰণ বা উল্লেখ কৰিলেই অৰ্থবোধ হোৱা এনেবোৰ মুক্ত ৰূপক বহলভাৱে ‘শব্দ’ আখ্যা দিব পাৰি।

আনহাতে এটা বা একাধিক বৰ্ণৰে গঠিত কিছুমান ৰূপ অকলে উল্লেখ কৰিলে সিহঁতৰ নিজস্ব অৰ্থ প্ৰকাশ নাপায়; কোনো মুক্ত ৰূপৰ আগত, পাছত বা মাজত অথবা যি কোনো এটা একাধিক ৰূপ বা প্ৰাকৃতিৰ লগত সংযুক্ত হ’লেহে সিহঁতে অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা লাভ কৰে। এইদৰে গাইগুটীয়াকৈ বা স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰিব নোৱাৰা অথবা আন কোনো ৰূপৰ সহায় নোলোৱাকৈ কোনো উল্লেখত বা বাক্যত অকলে অৰ্থপূৰ্ণভাবে ব্যৱহাৰ হ’ব নোৱাৰা ৰূপবোৰকে বদ্ধৰূপ (bound morpheme) বোলা হয়। উদাহৰণস্বৰূপে, অসমীয়া ভাষাৰ অনি, উৱা, -এ, ওঁ, -টো, বে- আদি ৰূপলৈ আঙুলিয়াব পাৰি। এই ৰূপবোৰৰ একোটা নিজস্ব অৰ্থ আছে যদিও সিহঁতৰ অকলে অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা নাই। অসমীয়াত সাধাৰণতে মুক্ত ৰূপৰ আগত বা পাছত লগ লাগিলেহে ইহঁতে অৰ্থ প্ৰকাশৰ ক্ষমতা লাভ কৰে। যেনে — ধান+অনি=ধাননি, ধাৰ+উৱা=ধৰুৱা, মানুহ+এ=মানুহে, যা+ওঁ=যাওঁ, বে+আইন=বেআইন ইত্যাদি। সেইদৰে ইংৰাজী ভাষাৰ boys, unlikely, older আদি শব্দৰ boy, like, old আদি মুক্ত ৰূপ আৰু আৰু তাত বিভিন্ন অৰ্থত যোগ হোৱা -s(z), -un, -ly, -er আদি বদ্ধ ৰূপ। এনে বদ্ধৰূপবোৰক সাধাৰণতে সৰ্গ বা প্ৰত্যয় (affix) বোলা হয়। উচ্চ স্তৰৰ কিছুমান বদ্ধৰূপ খণ্ড বাক্যগত (phrasally bound)।

পৃথিৱীৰ সকলো ভাষাতে মুক্ত ৰূপ আৰু বদ্ধৰূপৰ পৰিমাণ সমান নহয়। অসমীয়া, ইংৰাজী আদি ভাষাত মুক্ত ৰূপেই বেছি যদিও বদ্ধ ৰূপৰ সংখ্যাও বুজন পৰিমাণৰ। আনহাতে কিছুমান ভাষাত বদ্ধ ৰূপ ইমান সীমিত যে নায়েই বুলিব পাৰি। যেনে – চীনা ভাষা। আনহাতে এস্কিমো, ফৰাচী আদি ভাষাত বদ্ধ ৰূপবোৰ লগ লাগিহে সাধাৰণতে মুক্ত ৰূপ হয়। ৰূপতত্ত্ব বা প্ৰাকৃতি বিজ্ঞানত এই মুক্ত আৰু বদ্ধ ৰূপবোৰৰ আকৃতি, প্ৰকৃতি আৰু তাৰ বিচিত্ৰ প্ৰয়োগ-পদ্ধতি আলোচনা কৰা হয়। ৰূপ-নিৰ্ণয় প্ৰক্ৰিয়াও ৰূপতত্ত্বৰ অন্তৰ্গত। দৰাচলতে মুক্ত ৰূপত বদ্ধৰূপবোৰ লগ লাগি বা বদ্ধ ৰূপত বদ্ধ ৰূপ লগ লগাই কেনেদৰে বাক্যৰ উপযোগী বিভিন্ন পদ গঠিত হয়, তাৰ আলোচনাই ৰূপতত্ত্বৰ মূল কথা।

১.০৬ মূলৰূপ বা প্ৰকৃতি (root morpheme): মুক্ত ৰূপ বা বদ্ধ ৰূপৰ প্ৰয়োগ পৃথিৱীৰ সকলো ভাষাতে একে নহয় যদিও অধিকাংশ ভাষাতে এইবোৰ প্ৰায় একে ধৰণে প্ৰয়োগ হয়। সাধাৰণতে সকলো ভাষাতে এনে কিছুমান ৰূপ বা প্ৰাকৃতি আছে, যাক কেন্দ্ৰ কৰি বা আশ্ৰয় কৰি তাৰ আগত বা পাছত নানান ৰূপ যোগ হৈ ভিন্‌ ভিন্‌ অৰ্থবাচক ৰূপৰ সৃষ্টি কৰিব পাৰে। সেই কেন্দ্ৰীয় ৰূপবোৰকে মূল বা প্ৰকৃতি (root morpheme) বোলা হয়। মূল ৰূপ বা প্ৰকৃতি বুজাবলৈ ইংৰাজীত stem, base আৰু radical শব্দও ব্যৱহৃত হয়। পৃথিৱীৰ সকলো ভাষাতে এই মূল ৰূপ বা প্ৰকৃতিবোৰ একে নহয়। কিছুমান ভাষাত এইবোৰ মুক্ত আৰু কিছুমান ভাষাত বদ্ধ হ’ব পাৰে। অসমীয়া ভাষাৰ জননী সংস্কৃতত অব্যয় পদ হিচাপে ব্যৱহৃত হোৱা ৰূপ কিছুমানৰ বাহিৰে সকলো ৰূপেই বদ্ধ (bound); মূল ৰূপ বা প্ৰকৃতিটোও বদ্ধ আৰু সেই ৰূপত যোগ হোৱা ৰূপবোৰো বদ্ধ। যেনে, ‘প্ৰত্যুপকাৰ’। এই্ শব্দটো বিশ্লেষণ কৰিলে চাৰিটা ৰূপ পোৱা যায়। প্ৰতি, উপ, কৃ আৰু ঘ্‌ঞ। ইয়াৰ ভিতৰত ‘কৃ’ টো প্ৰকৃতি (root) আৰু বাকী তিনিটা সৰ্গ (affix)L কিন্তু এই চাৰিওটাই বদ্ধ ৰূপ; স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰিব পৰা ক্ষমতা ইহঁত এটাৰো নাই। সেইদৰে নৰ, কায়, পৱন আদি সংস্কৃত শব্দবোৰো ক্ৰমে নৃ, চিৎ, পো আদি বদ্ধ প্ৰকৃতিৰ (bound root morpheme) পৰা সৃষ্টি হোৱা। অসমীয়া, ইংৰাজী আদি ভাষাত প্ৰকৃতিবোৰ মুক্ত বা বদ্ধ দুয়ো প্ৰকাৰৰ হ’ব পাৰে। কিন্তু তুলনামূলকভাবে মুক্ত প্ৰকৃতিৰ প্ৰয়োগেই সৰ্বাধিক। উদাহৰণ স্বৰূপে, অসমীয়া ভাষাৰ মানুহ, ঘৰ, যা আৰু ইংৰাজী ভাষাৰ man, book, like আদি ৰূপলৈ আঙুলিয়াব পাৰি। স্বাধীনভাবে অৰ্থ প্ৰকাশ কৰিব পৰা এই প্ৰতিটো মুক্ত ৰূপেই মূল ৰূপ (root morpheme)। ইহঁতৰ আগে-পাছে নানান বদ্ধ ৰূপ যোগ কৰি ভিন্‌ ভিন্‌ অৰ্থবাচক শব্দ গঠন কৰিব পাৰি। যেনে- অমানুহ, ঘৰলৈ, নাযাওঁ, manly, bookish, unlikely ইত্যাদি।

১.০৭ মূলৰূপ বা প্ৰকৃতিৰ শ্ৰেণীবিভাগ (classification of root morpheme): ৰূপগত (inflectual) আৰু সাধনগত (derivational) বৈশিষ্ট অনুযায়ী মূলৰূপ বা প্ৰকৃতিক বিভিন্ন ভাষাত বিভিন্ন ধৰণে শ্ৰেণীবিভাগ কৰা হয়। প্ৰকৃতিবোৰৰ প্ৰকৃতি (nature) আৰু প্ৰয়োগ-বৈচিত্ৰলৈ লক্ষ্য কৰি অসমীয়া ভাষাত এইবোৰক প্ৰধানত: তিনিটা ভাগত ভগাব পাৰি:

(ক) নাম প্ৰকৃতি বা প্ৰাতিপদিক (nominal বা substantive root morpheme)

(খ) ধাতু প্ৰকৃতি (verbal root morpheme)

(গ) অব্যয় প্ৰকৃতি (absolute বা indeclinable root morpheme)

যিবোৰ প্ৰকৃতিৰ পৰা বিভিন্ন কাৰকত ৰূপ কৰিব পৰা কেৱল নাম শব্দহে সৃষ্টি হয়, সেইবোৰেই হৈছে নাম প্ৰকৃতি। যেনে, পশু, পক্ষী, সি, তাই, ভাল-বেয়া, দুই-তিনি আদি। অসমীয়া ভাষাত নাম প্ৰকৃতিবোৰ সাধাৰণতে মুক্ত ৰূপ, যিবোৰক শব্দ বুলিব পাৰি। অৰ্থগত দিশৰপৰা এই নাম প্ৰকৃতিবোৰক বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু সংখ্যাবাচক শব্দ, এনেদৰে ভগাব পাৰি।

যিবোৰ প্ৰকৃতিৰ পৰা কেৱল ক্ৰিয়াপদ আৰু কৃদন্ত পদৰ মূল ধাতু শব্দ পাব পাৰি, সেইবোৰেই হৈছে ধাতু প্ৰকৃতি। যেনে – পঢ়্‌, কৰ্‌, খা, যা, ধৰ্‌, শুন ইত্যাদি। সংস্কৃতৰ বিপৰীতে অসমীয়া ভাষাৰ ধাতু প্ৰকৃতিবোৰো সম্পূৰ্ণ মুক্ত।

যিবোৰ প্ৰকৃতিৰ পৰা কাৰক অনুযায়ী ৰূপ নোহোৱা অব্যয়বোৰহে পোৱা যায়, সেইবোৰক অব্যয় প্ৰকৃতিৰ ভিতৰত ধৰা হয়। যেনে – আৰু, তথাপি, বা, অথচ, খাটাং, যদি আদি। অসমীয়া ভাষাত অব্যয় প্ৰকৃতিবোৰো মুক্ত। এইবোৰৰ পাছত শব্দ-সাধনমূলক বা বিভক্তিমূলক কোনো সৰ্গ যোগ নহয় যদিও কেতিয়াবা বিশেষ বিশেষ অৰ্থত নো, তো, হেআদি ৰূপহে যোগ হোৱা দেখা যায়। যেনে – আৰুনো, তথাপিতো, যদিহে।

এই তিনিটা শ্ৰেণীৰ প্ৰকৃতিৰ বাহিৰে অসমীয়া ভাষাত আৰু এনে কিছূমান প্ৰকৃতি বা মূল ৰূপ আছে যিবোৰক নাম প্ৰকৃতি আৰু ধাৰু প্ৰকৃতি, এই দুয়ো শ্ৰেণীৰ ভিতৰত ধৰিব পাৰি। যেনে – চিন, মাত, মান আদি। এই্ মূল ৰূপ বা প্ৰকৃতিকেইটাক নাম শব্দ ৰূপে দুই-এটা কাৰক অনুযায়ীও ৰূপ কৰিব পাৰি। যেনে – জ্ঞানীজনে য’তে ত’তে মান পায়, গুৰুজনৰ কথা মানিবা। উল্লিখিত বাক্য দুটাৰ প্ৰথমটোত ব্যৱহৃত ‘মান’ নামপদ আৰু একে সময়তে সি নাম প্ৰকৃতি আৰু দ্বিতীয়টোত ব্যৱহৃত ‘মানিবা’ ক্ৰিয়াপদ আৰু ‘মান’ ধাতুৰ প্ৰকৃতি। প্ৰসিদ্ধ ভাষাবিদ ড. গোলকচন্দ্ৰ গোস্বামীদেৱে এনেবোৰ প্ৰকৃতিক নামধাতু প্ৰকৃতি (nominal-verbal root) বুলি কৈছে। অসমীয়া ব্যাকৰণত প্ৰকৃতিৰ এনে বিভাজন ড. গোস্বামীদেৱেই প্ৰথম দেখুৱায়। নামধাতু প্ৰকৃতি নামটোৱে প্ৰচলিত ব্যাকৰণত থকা নামধাতুৰ (denominative) লগত খেলি-মেলি লগোৱাৰ সম্ভাৱনা থাকে। সেয়েহে এনেবোৰ উমৈহতীয়া প্ৰকৃতিক নাম প্ৰকৃতি বা ধাতু প্ৰকৃতি, যি কোনো এবিধৰ ভিতৰত ধৰি লৈ শব্দসাধনৰ নিহিত পদ্ধতি অনুসৰি ধাতু বা নাম প্ৰকৃতিলৈ অৰ্থাৎ নাম প্ৰকৃতি বুলি ধৰিলে তাৰপৰা ধাতুলৈ নতুবা ধাতু প্ৰকৃতি বুলি ধৰিলে তাৰপৰা নামলৈ সাধন কৰি দেখুৱাব পাৰি। এনে প্ৰকৃতিৰ বিভাজন বৰ সহজ নহয় কাৰণেই কোনো কোনো ভাষাবিজ্ঞানীয়ে প্ৰকৃতিৰ আলোচনাৰ আৰম্ভণিতেই ইহঁতক বেলেগ বুলি দেখুৱায়। সি যি কি নহওক, অসমীয়া ভাষাত এনে উমৈহতীয়া প্ৰকৃতিৰ সংখ্যা তেনে সীমিত।

এইদৰে দেখা যায় যে কোনো এটা ভাষাৰ ৰূপতত্ত্বৰ আলোচনাই সাধাৰণতে সেই ভাষাটোৰ আকৃতি, প্ৰাকৃতি বা ৰূপ, উপাকৃতি আৰু এইবোৰৰ বিভাজন, নিৰ্ণয়, প্ৰয়োগ-বিশ্লেষণ আদি, প্ৰকৃতি আৰু এইবোৰৰ বিভাজন, সাধন আৰু ৰূপ ইত্যাদিৰ লগতে আসন্ন অঙ্গ (immediate constituents), ব্যাকৰণগত বিষয় (grammaticalness) ইত্যাদি বিষয়বোৰো সামৰি লয়। মুক্ত ৰূপতকৈ বদ্ধৰূপবোৰহে ৰূপতত্ত্বৰ প্ৰধান আলোচ্য বিষয়। শব্দ-গঠন আৰু শব্দৰূপ-ধাতুৰূপত বদ্ধৰূপবোৰৰ ভূমিকা আৰু সেইবোৰৰ প্ৰয়োগ বিশ্লেষণেই আচলতে ৰূপতত্ত্বৰ মূল কথা।


* প্ৰসিদ্ধ ভাষাবিদদ্বয় ড. গোলকচন্দ্ৰ গোস্বামীয়ে morph-অক আকৃতি, morpheme-অক প্ৰাকৃতি, allomoprh-অক উপাকৃতি আৰু ড. উপেন্দ্ৰনাথ গোস্বামীয়ে morph-অক ৰূপ, morpheme-অক ৰূপগ্ৰাম আৰু allomorph-অক সংৰূপ বুলিছে। প্ৰাকৃতি আৰু ৰূপগ্ৰাম শব্দৰ ভিত্তিত দুয়োগৰাকী ভাষাবিদে morphology-ৰ প্ৰতিশব্দ কৰিছে ‘প্ৰাকৃতি বিজ্ঞান’ বা ‘প্ৰাকৃতিতত্ত্ব’ আৰু ‘ৰূপগ্ৰাম বিজ্ঞান’ বা ‘ৰূপতত্ত্ব’।

১. E.A. Nida: Morphology, 1957, 5th edition, P.I.

২. প্ৰাগুক্ত গ্ৰন্থ, পৃ. ১

৩. C.F. Hockett: A course in Modern Linguistics, 1976, 3rd edition P. 1213.

৪. David Crystal: Lingusitics, 1971, 6th edition, P. 194

৫. Morphology, P. 81.

৬. ৰমেশ পাঠকঃ ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান, ১৯৮৮, পৃ. ১

৭. গোলোকচন্দ্ৰ গোস্বামীঃ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ১৯৮৭, পৃ. ৮৪

৮. প্ৰাগুক্ত গ্ৰন্থ. পৃ. ৮৪

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.