অসমীয়াত্বৰ সংকট: কাৰণ বিচাৰ আৰু প্ৰতিকাৰ (ৰক্তিম শৰ্মা)

অসমীয়াত্বৰ সংকট: কাৰণ বিচাৰ আৰু প্ৰতিকাৰ (ৰক্তিম শৰ্মা)

অসমীয়াত্বৰ সংকট: কাৰণ বিচাৰ আৰু প্ৰতিকাৰ (ৰক্তিম শৰ্মা)

by June 15, 2015 1 comment

অসমৰ এজন আগশাৰীৰ বিদ্ৰোহী শিল্পী, ইতিহাসবিদ, গৱেষক তথা আজীৱন অসমীয়া জাতিৰ সংকট মোচনৰ বাবে ওৰেটো জীৱন পাহাৰ ভৈয়াম একাকাৰ কৰি জীৱন ত্যাগ কৰা জাতীয় ছহিদ ভীমকান্ত বুঢ়াগোহাইয়ে প্ৰায়ে কৈছিল যে আত্মৰক্ষাৰ সংস্কৃতিয়েই এটা জাতিৰ মহাসংস্কৃতি৷ যি জাতিয়ে বহিঃ আগ্ৰাসনৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰে সেই জাতিৰ ধ্বংস অনিবাৰ্য৷ তেখেতৰ সেই পথ ভুল আছিল বুলি হয়তো বহুতেই ক’ব কিন্তু প্ৰচাৰ বিমুখ শিল্পী ভীমকান্ত বুঢ়াগোঁহাইক যিসকলে তেওঁক ওচৰৰ পৰা লগ পাইছে তেওঁলোকে জানিব যে, বহুতে চৰমপন্থী বুলি কলেও, তেখেতৰ চিন্তাই অসমৰ এটা দীৰ্ঘস্থায়ী ৰাজনৈতিক জাতীয়তাবাদী চিন্তাৰ নেতৃত্ব বহন কৰিছিল৷ আলফাৰ উপদেষ্টা বুলি পৰিচিত এসময়ত কৃষৰ সংগঠনৰ লগত যুক্ত, বিপ্লৱী কবি অমূল্য বৰুৱাৰ সৈতে কলিকতাত বিপ্লৱী বাওঁপন্থী আদৰ্শৰে প্ৰভাৱিত আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম জুইশিখা উজনিৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই অনা লোকজনেই আছিল ভীমকান্ত বুঢ়াগোঁহাই৷ পিছলৈ কাৰাবাসৰ সময়তে জাতীয় অভিৱৰ্তনৰ স্থিতিক সন্মান জনাই এক দুৰ্বল মুহূৰ্তত শান্তি আলোচনালৈ আহিছিল যদিও অসমীয়াত্বৰ সংকটৰ কথা ওলালেই পোনতে মনলৈ আহে ভীমকান্ত বুঢ়াগোঁহাইৰ সেই কথাফাকি৷ মনলৈ আহে ১৯০৫ চনতেই অসম ৰসাতলে গ’ল, অসম ৰসাতলে গ’ল বুলি ৰাস্তাই ৰাস্তাই হামৰাওঁ কাঢ়ি ঘূৰি ফুৰা বাবে বহুতে অহৌবলিয়া বুলি কোৱা, বগা চাহাবক মাৰিবলৈ বোমা পোতা অম্বিকাগিৰি ৰায়চৌধুৰীলৈ, অসমৰ স্বাধীনতাৰ সপোন দেখা মহেন্দ্ৰ নাথ ডেকাফুকন, জ্ঞাননাথ বৰা, শ্বিলঙত ভৈয়াম জনজাতিসকলক একত্ৰিত কৰি অসমক স্বাধীন কৰাৰ সপোন দেখা পদ্মেশ্বৰ গগৈ, সীতানাথ ব্ৰহ্মচৌধুৰীলৈ৷ এই অসমীয়াত্বৰ বাবেই পৰাগ দাসৰ অকাল মৃত্যু হল, ভাষা আন্দোলন, অসম আন্দোলনত শত সহস্ৰ ছহিদৰ পৰা আৰম্ভ কৰি আলফাৰ সংগ্ৰামত নিহত হ’ল ১৮ হেজাৰতকৈও অধিক তজবজীয়া ডেকা-গাভৰু৷ অসমীয়াত্বৰ সংকটক কেন্দ্ৰ কৰিয়েই বিগত এটা শতিকাজুৰি অসমৰ ৰাজনৈতিক ইতিহাস ৰচিত হৈছে৷ বহুতো উত্থান পতন, আপোচ-আপোচহীনতা, ক্ষমতাৰ খোৱাকামোৰা-হতাশা-ষড়যন্ত্ৰৰ সাক্ষী হৈ আছে অসমৰ জনগণ৷ অসমীয়াৰ সংকটক কেন্দ্ৰ কৰিয়েই এচামৰ ৰাজনীতিত অসম খণ্ড বিখণ্ড হৈছে, অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত হাতুৰী পৰিছে, গোষ্ঠীসংঘাত আৰু সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পিছে৷ বিপৰীতে আপোচহীন যুঁজত উত্তৰ-পূৱৰ জনগণক একত্ৰিত কৰিবলৈ উমৈহতীয়া মঞ্চ গঠন হৈছে৷ একত্ৰিত হোৱা বোৰৰ ভিতৰত কোনোবাটো ফৈদ ছাত্ৰ সংগঠনৰ কোনোবাটো ফৈদ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন৷ সকলোৰে উদ্দেশ্য লক্ষ্য ভিন্ন, ৰাজনৈতিক আদৰ্শও সুকীয়া, কিন্তু উমৈহতীয়া সংগ্ৰামৰ বাবে প্ৰয়োজনত ঐক্যবদ্ধ হৈছে৷ কোনোবাই ভাৰতৰ ভিতৰত থাকিলে জাতীয় অস্তিত্ব নিৰাপদ নহয় বুলি জাতীয় মুক্তি সংগ্ৰামৰ আদৰ্শৰে আগবাঢ়িছে, কোনোবাটোই ভাৰতৰ অখণ্ডতাৰ প্ৰহৰীহৈ ভাৰতৰ ভিতৰত থাকিয়েই অধিকাৰ সাব্যস্ত কৰিব খুজিছে৷ এইদৰে ভিন্ন পন্থা, ভিন্ন উদ্দেশ্য, ভিন্ন দৰ্শনেৰে অসমত জাতীয়তাবাদী ৰাজনীতি আগবাঢ়িছে বা নিৰ্মোহ ভাবে ক’ব সঠিক সময়ত সঠিক ৰাজনীতিৰ অভাৱত অসমীয়া জাতীয়তাবাদ তিল তিলকৈ মৰি আহিছে৷ অসমীয়াত্বৰ সংকট মোচনৰ প্ৰকৃত পথ উপেক্ষিতহৈ লাহে লাহে আগ্ৰাসী সম্প্ৰসাৰণবাদী ভাৰতীয়ত্ববোধত বা জাতীয় বোধশক্তিহীন গোলকীয়ত্বত নিমজ্জিত হব ধৰিছে অসমৰ জাতীয় সমাজ৷

astitwa
অসমীয়াত্বৰ সংকটৰ কাৰণ বিশ্লেষণ কৰিবলৈ হ’লে ই মূলতঃ আৰ্থ-ৰাজনৈতিক আৰু সামাজিক৷ এইদুই মূল কাৰণেই আকৌ সৃষ্টি কৰিছে অন্য কেতবোৰ কাৰণৰ, তাৰ ভিতৰত সাংস্কৃতিক আৰু ধৰ্মীয়৷ অসমীয়াত্বৰ সংকটৰ কাৰণ বিচাৰিবলৈ বহুতে ভবা ধৰণে প্ৰাক বৃটিছ যুগৰ ইতিহাস খোচৰাৰ দৰকাৰ হয়তো নাই৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলতেই যে অসমৰ বেলি মাৰ গৈছিল সেয়া প্ৰায় সকলোৰেই জ্ঞাত৷ চক্ৰান্ত কৰি অসমক বৃটিছ শাসিত ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত কৰিছিল আৰু কালক্ৰমত অসম ভাৰত ৰাষ্ট্ৰৰ অবিচ্ছেদ্য অংগ হিচাপে সংবিধানত লিপিবদ্ধ হৈছিল৷ কিন্তু আমি পাহৰি গ’লে নহ’ব যে কংগ্ৰেছৰ নেতৃত্বত সৰ্বভাৰতীয় জাতীয়তাবাদৰ ঢৌৱে সেইসময়ত অসমকো জোকাৰি গৈছিল যদিও অসমৰ একাংশ জাতীয়তাবাদী নেতৃত্বই সেইসময়তেই অসম ভাৰতৰ লগত থাকিব নালাগে বুলি মত প্ৰকাশ কৰিছিল৷ কাৰণ ভাৰতীয় ৰাষ্ট্ৰবাদী হিন্দী-হিন্দু-হিন্দুস্থানী আধিপত্য অসমীয়াৰ বাবে বিপদৰ কাৰণ বুলি তেতিয়াই অনুভৱ কৰিছিল বহুতে৷ ১৯৪৫ চনত শ্বিলঙত মংগোলীয় দলবোৰক ঐক্যবদ্ধ কৰি এন খাৰিন, খংখাই,পদ্মেশ্বৰ গগৈৰ নেতৃত্বত Assam tribes and Races Federation গঠন হয়। পদ্মেশ্বৰ গগৈৰ নেতৃত্বত এটা প্ৰস্তাৱ লোৱা হয়–…the past history of Assam proper being never like that of the rest of India, this convention……..urge upon Govt. that Assam be separated from the rest of India, where there are number of division like Pakistan, Hindustan etc. and let Assam’s destiny be guided by the people of Assam. সুৰেন্দ্ৰ নাথ বুঢ়াগোঁহাইয়ে অসমৰ স্বাধীনতাৰ বাবে এইখন সভাতে বক্তব্য ৰাখিছিল৷ নেহেৰুৰ নেতৃত্বত ভাৰতৰ সৈতে থাকিবলৈ ইমানেই শংকিত আছিল যে দেশবিভাজনৰ সময়ত আহোম সভাৰ প্ৰতিষ্ঠাতা সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাইয়ে আনকি বিচ্ছিন্নতাৰ অধিকাৰৰ সৈতে পাকিস্থানৰ সৈতেহে থকাৰ কামনা কৰি জিন্নালৈ চিঠি লিখিছিল৷ স্বাধীনতা আন্দোলনৰ মাজত পোখা মেলা এই সৰ্বভাৰতীয় হিন্দু-হিন্দী-হিন্দুস্থানী আধিপত্যবাদী চিন্তাৰ বাবেই আহোম সভাই মুছলীম লীগৰ সৈতেহে ঐক্য স্থাপন কৰিছিল৷

ভৈয়াম জনজাতি লীগৰ নেতা সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে আনকি বংগদেশৰ পৰা কোচবিহাৰ আৰু জলপাইগুৰি অসমৰ সৈতে সংযুক্ত কৰাৰ পোষকতা কৰিছিল৷ আনহাতে গোৰ্খালীগেও দাৰ্জিলিং জিলা অসমৰ সৈতে সংযুক্ত কৰাৰ দাবী কৰিছিল৷ কাৰণ ঐতিহাসিকভাবে অসমৰ সৈতেহে সম্পৰ্ক আছিল৷ আহোম সভাত নীতিগত সংঘাত আৰম্ভ হোৱাৰ মূলতে আছিল সাৰ্বভৌম অসমৰ দাবী। সেয়ে ঠানুৰাম গগৈ, গিৰীন গগৈ, ৰামেশ্বৰ চেতিয়া বৰা আদিয়ে কংগ্রেছৰ চত্রছাঁয়াত এটা ফৈদ আৰু মদন চন্দ্র বৰুৱা, ঘনকান্ত গগৈ,পদ্মেশ্বৰ গগৈৰ আদিৰ নেতৃত্বত অন্য এটা অকংগ্রেছী ফৈদ গঠন হৈছিল। পিছৰ ফৈদটোৱে শেষত Assam tribes and Races Federation গঠন কৰিছিল। ভাৰত স্বাধীনতা আইনৰ ১৯৪৭ৰ জড়িয়তে দেশ বিভাজনৰ নিৰ্দেশ আছিল আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ লগতে জৱাহৰলাল নেহেৰু, জিন্না আৰু মাউণ্টবেটেনৰ তত্পৰতাত অসমক পূব পাকিস্থানৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত হৈছিল৷ গান্ধীজীৰ উপদেশত অসমৰ তদানীন্তন প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে কংগ্ৰেছৰ ৱাৰ্কিং কমিটিৰ বৈঠকৰ প্ৰতিবাদ কৰি অসমক পাকিস্থানৰ সৈতে চামিলৰ বিৰোধিতা কৰিছিল৷ গান্ধীজীয়ে ভাৰতীয় নেতৃত্বৰ চৰিত্ৰ প্ৰত্যক্ষ কৰি তেতিয়াই কৈছিল যে, অসম আৰু উত্তৰ-পূৱে নিজৰ ভাগ্য নিজেই নিৰ্নয় কৰিব লাগিব৷ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰেও তেওঁৰ সংবিধানৰ খচৰাত অসম উত্তৰ পূৱৰ বাবে বিশেষ অধিকাৰ পিছত নেহেৰু চৰকাৰে মচি দিয়াত শংকা প্ৰকাশ কৰি সেই গান্ধীজীয়ে কোৱা কথাখিনিয়েই কৈছিল৷ অন্য উত্তৰ-পূবৰ ৰাজ্যবোৰ যেনে ত্ৰিপুৰা, মণিপুৰ আদি ১৯৪৯ চনতহে ভাৰতীয় ইউনিয়নৰ সৈতে চামিল হৈছিল৷ অধিকাংশই যড়যন্ত্ৰমূলক আছিল বুলি অভিযোগ উঠিছিল৷ নগালেণ্ডক ১০ বছৰৰ কাৰণে নগাঐক্য স্থাপনৰ পিছত স্বাধীনতা অৰ্পণ কৰাৰ চুক্তি কৰিহে ভাৰতৰ অধীনলৈ আনিছিল৷ স্বাধীনতাৰ আগতেই অম্বিকাগিৰি ৰায়চৌধুৰী, জ্ঞাননাথ বৰা, মহেন্দ্ৰনাথ ডেকাফুকন আদিয়ে অসমৰ বাবে পৃথক শাসনৰ দাবী কৰি গুৱাহাটীত বিশাল সমাবেশ কৰিছিল৷ অসমৰ স্বতন্ত্ৰতাৰ দাবীত জাতীয় মহাসভাৰ জন্ম দি জাতীয় কংগ্ৰেছৰ সমান্তৰাল শক্তি হিচাপে পৰিগণিত হৈছিল৷ সেইবোৰ অসমীয়া জাতীয়তাবাদৰ আন এক অধ্যায়৷
অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটোক আমি পোনতেই এক পৃথক(distinct) ঐতিহাসিক প্ৰক্ৰিয়া বুলি কৈ থব খুজিছো কাৰণ এই জাতিৰ সৃষ্টি প্ৰাকৃতিকভাবে বিকাশ হোৱা এক সত্বা নহয় বৰং ই কিছুমান ঐতিহাসিক কাৰকৰ ফল৷ এই ঐতিহাসিক কাৰকবোৰেই এক উমৈহতীয়া সত্বাৰ জন্ম দিছিল যাক আমি অসমীয়াত্ব বুলিব পাৰো৷ এই সত্বাটো ঐতিহাসিকভাবে ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিক উপৰিসৌধৰে গঠিত এক সত্বা৷ এই সত্বাটোৰ সৈতে জাতীয়তাবাদৰ সম্পৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷ জাতীয়তাবাদ এটা অতি জটিল বিষয় আৰু বহুতে বিভিন্ন সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক পৰিঘটনাৰ মাজেৰে ইয়াক বিশ্লেষণ কৰিছে যদিও আজিকোপতি একক সংজ্ঞাৰে সংজ্ঞায়িত কৰিব পৰা নাই৷ অৰ্থাৎ এটা জাতিৰ জাতীয়তাবাদ ইয়াৰ সামাজিক-ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিঘটনা, বিৱৰ্তন আদিৰ মাজেৰেহে বিশ্লেষণ কৰিব পাৰি৷ ঐতিহাসিক দৃষ্টিকোণেৰে জাতীয়তাবাদ এটা আদৰ্শগত আন্দোলন যাৰ লক্ষ্য হল বহিঃ আগ্ৰাসনৰ পৰা জাতিটোৰ পৰিচয়, সামাজিক একতা আৰু আত্মনিৰ্ধাৰণৰ মাজেৰে ক্ষমতা হাচিল কৰা৷ আনধৰণে কব লাগিলে জাতি-ৰাষ্ট্ৰ তৈয়াৰ আৰু দৃঢ়কৰণৰ ই এক শ্বাশ্বত আদৰ্শ৷ বহল ভাবে কব লাগিলে নিজস্ব পৃথক স্বাধীন ৰাষ্ট্ৰ নিৰ্মাণ কৰা জাতীয়তাবাদৰ অন্যতম লক্ষ্য হব পাৰে৷ লেনিনে প্ৰথম এই বহল ভিত্তিত জাতীয়তাবাদৰ বিষয়ে উল্লেখ কৰিছিল আৰু কৈছিল যে প্ৰতিটো নিৰ্যাতিত জাতিৰে নিজস্ব স্বাধীন ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ অধিকাৰ আছে৷ সেয়ে নিপীড়িত জাতিৰ জাতীয়তাবাদ আৰু জাতীয় মুক্তি সংগ্ৰামক সাম্ৰাজ্যবাদ বিৰোধী বুলি কমিউনিষ্ট পাৰ্টিৰ ২য় আৰু ৩য় আন্তৰ্জাতিকত লেনিন আৰু ষ্টেলিনে বিশ্বৰ সকলো জাতীয় মুক্তি সংগ্ৰামলৈ কমিউনিষ্ট সকলৰ নৈতিক সমৰ্থন ঘোষণা কৰিছিল৷ অৰ্থাৎ এই সূত্ৰমতে নিপিড়ীত জাতিৰ জাতীয়তাবাদ যদি জাতীয় মুক্তি সংগ্ৰামৰ আদৰ্শৰে অনুপ্ৰাণিত নহয় তেনে জাতীয়তাবাদ সাম্ৰাজ্যবাদ বিৰোধী হব নোৱাৰে৷ সাম্ৰাজ্যবাদৰ স্বাৰ্থৰক্ষা কৰা জাতীয়তাবাদ ফেচিষ্ট আৰু প্ৰতিক্ৰীয়াশীল৷ সেয়ে কেতিয়াবা প্ৰগতিশীল যেন লগা জাতীয়তাবাদো শত্ৰু মিত্ৰ চিনাক্তকৰণৰ ভুলত আৰু মতাদৰ্শৰ ত্ৰুটিত প্ৰতিক্ৰীয়াশীল শক্তিত পৰিণত হব পাৰে৷ আনহাতে কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ জাতীয়তাবাদ সমস্ত নিপিড়ীত জাতি আৰু শ্ৰেণীক অৱদমন কৰাৰ এক হাতিয়াৰ৷
জাতীয়তাবাদৰ ওপৰত আলোচনা অবিহনে অসমীয়াত্বৰ সংকটৰ ওপৰত বিশ্লেষণ আধৰুৱা হব৷ সেয়ে আমি অসমীয়া জাতীয়তাবাদক ভাগত বিভক্ত কৰিছো৷
অসমীয়া জাতীয়তাবাদৰ উপৰোক্ত জাতীয় মুক্তি সংগ্ৰামৰ ধাৰাটোক একাষৰীয়াকৈ থলে দেখা যায় বৃটিছৰ প্ৰভুভক্ত অসমীয়া মধ্যশ্ৰেণীৰ দ্বাৰা সৃষ্ট জাতীয়তাবাদৰ অন্য এক ধাৰা৷ অসম সাহিত্য সভা এই ধাৰাটোৰ পৰা উদ্ভৱ হোৱা৷ এই ধাৰা মুলতঃ বংগভাষা জাপি দিয়াৰ বিৰূদ্ধে সৃষ্টি হোৱা বংগ বিদ্বেষ, উচ্চবৰ্ণৰ সাম্প্ৰদায়িক বৰ্ণবাদ, জনজাতিক অৱদমন, অসমীয়া ভাষা জাপি দিয়াৰ প্ৰৱণতা আদিৰ মাজেৰে বিকাশ প্ৰাপ্ত৷ আনহাতে জাতীয় মুক্তি সংগ্ৰামৰ আদৰ্শৰে গঠিত জাতীয়তাবাদী ধাৰাটোই উমৈহতীয়া শত্ৰু কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ বিৰূদ্ধে সাধাৰণ জনগনৰ লগতে জনজাতিসকলকো ঐক্যবদ্ধ কৰাৰ কথা কয়৷ বৰ্ণবাদ, মধ্যশ্ৰেণীৰ অৱদমনৰ সমালোচনা কৰে আৰু পিছলৈ প্ৰত্যক্ষভাবে উপনিবেশিক পুজিবাদ আৰু সাম্ৰাজ্যবাদক শত্ৰু হিচাপে চিহ্নিত কৰে৷ উল্লেখযোগ্য যে প্ৰাক স্বাধীনতা কালত এই ধাৰাটো জনজাতিসকলক লৈয়ে আগবাঢ়িছিল৷ স্বাধীনতাৰ আগে পাছে ১ম বিধ ধাৰা লাহে লাহে স্তিমিত হৈ আহে আৰু পমুৱাৰ আগ্ৰাসনৰ পৰা অসমৰ থলুৱাক ৰক্ষা কৰাৰ ভাবধাৰাৰে বিকাশ লাভ কৰে ২য় ধাৰাটোৱে৷ এই দুই ধাৰাৰ মাজত এক প্ৰগতিশীল ধাৰাও দেখা যায়৷ বাওঁভাৱাপন্ন অসম ছাত্ৰ সন্মিলনীয়ে আগবঢ়াই লৈ যোৱা এই প্ৰগতিশীল ধাৰাটোৱে কেইবাদশক জুৰি অসমৰ জনগণক প্ৰভাৱিত কৰি ৰাখিছিল৷ আশীৰ দশকত সদৌ অসম ছাত্ৰ সন্থা, পিএলপি, অসম গণসংগ্ৰাম পৰিষদ আদিৰ নেতৃত্বত বহিৰাগত বিতাড়ন পিছলৈ বিদেশী খেদা আন্দোলনৰ মাজেৰে ২য় ধাৰাটোৱে তুংগত উঠে আৰু প্ৰগতিশীল ধাৰাটো ক্ৰমত স্তিমিত হৈ পৰে৷ আনহাতে অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল ধাৰাটো আৰু অসম আন্দোলনৰ চৰমপন্থী বা মোহভংগ ঘটা জাতীয়তাবাদী সকলে পুনৰ গঢ় দিয়ে ১ম ধাৰাটোৰ৷ যিটো ধাৰা জাতীয়তাবাদৰ চৰম আধুনিক ধাৰা, জাতীয় মুক্তি সংগ্ৰামৰ মাজেৰে পৃথক ৰাষ্ট্ৰৰ বাবে সংগ্ৰাম৷
জাতীয়তাবাদৰ ২য় ধাৰাটোই যিটো পূৰ্বতে বৃটিছৰ প্ৰভুভক্তহৈ কেৱল উচ্চবৰ্ণৰ আধিপত্যৰ মাজেৰে জাতিয়তাবাদৰ ভেটি তৈয়াৰ কৰিছিল, পিছলৈ ভাৰত ৰাষ্ট্ৰ ভক্তহৈ ভাৰতৰ অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ কথাকৈ বিদেশী মুক্ত অসমৰ বাবে সংগ্ৰাম কৰা দেখা গ’ল, সেই ধাৰাটো পূৰ্বৰ শ্ৰেণী অৱস্থান আৰু মতাদৰ্শগত সীমাবদ্ধতাৰ মাজেৰে জাতীয়তাবাদ গঢ় দিলে৷ বিভিন্ন স্ববিৰোধৰ মাজেৰে আগবাঢ়ি গৈ এক জাতীয়তাবাদী মঞ্চ গঢ় দিলে সঁচা কিন্তু কিছুমান সংকীৰ্ণতাৰ বাবে অসমীয়া উমৈহতীয়া সত্বাটোক সকলোৰে বাবে নিৰাপদ কৰি বিকাশ কৰাত ব্যৰ্থ হল৷ কৌশলগতভাবে সৰ্বভাৰতীয় হিন্দু হিন্দী হিন্দুস্থানী সম্প্ৰসাৰণবাদী সকলে অসম আন্দোলনত সোমাই ধৰ্মীয় সাম্প্ৰদায়িক বিভেদৰ পৰিস্থিতিৰ উদ্ভৱ কৰা বুলি অভিযোগ আছে৷ সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদ আদি এইটো ধাৰাৰ পৰা সৃষ্ট যদিও বৰ্তমানে তেওঁলোকৰ কাম কাজত পূৰ্বৰ বহুখিনি সংকীৰ্ণতা লোপ পোৱা দেখা যায়৷ অৱশ্যে ভাৰতীয়ত্ববোধৰ সৈতে বিশেষ সংঘাত নথকাৰ বাবে সৰ্বভাৰতীয় হিন্দুত্ববাদী ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা এই ধাৰাটোৰ এটা গুৰুত্বপূৰ্ণ দিশ৷ অগপৰ শাসন কালত এনে মিত্ৰতা আৰু তাৰ ফলশ্ৰুতিত গুপ্তহত্যাৰ কৰ্মকাণ্ডই অসমীয়া জাতীয়তাবাদী শিবিৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়৷
পূৱ-পাকিস্থানী সকলক অসমৰ পৰা বিতাড়ন কৰি থলুৱাৰ সুৰক্ষাৰ দাবীত এক জাতীয়তাবাদী চিন্তাৰ বিকাশ ১৯৩৫ চন মানতেই হৈছিল৷ সি যি কি নহওক, ১৯০৩ চনৰ পৰা ১৯৭১ চনৰ আগে পাছে বা অভিযোগ মতে এতিয়াও অবাধ বাংলাদেশী অনুপ্ৰৱেশে থলুৱাৰ মাজত শংকাৰ সৃষ্টি কৰিয়ে আহিছে৷ বিভিন্ন চৰকাৰী আমোলা, ৰাজনৈতিক দলবোৰৰ স্বাৰ্থসিদ্ধিৰ বাবে এই সমস্যাটোই ভয়ংকৰ ৰূপলৈ অসমৰ সমাজ জীৱন, জাতীয় চিন্তাক জোকাৰি থৈ গৈছে৷ অভিবাসী মুছলমান সকলৰ বহুতেই অসমীয়া ভাষা গ্ৰহণ কৰি ললে যদিও অসমৰ জাতীয় জীৱনৰ সৈতে খাপ খাব নোৱৰা ধৰ্মীয় ৰক্ষণশীল পন্থাৰ প্ৰভাৱ (অসমৰ জাতীয় জীৱনত উদাৰ ইছলাম ধৰ্মৰ অৱদান আছে), ৰাজনৈতিক দলবোৰৰ দ্বাৰা শংকাৰ প্ৰচাৰ, মাতব্বৰ তন্ত্ৰ আদি নানান কাৰণত আৰু বিশাল প্ৰব্ৰজনৰ ফলত শংকিত থলুৱা অসমীয়াই আঁকোৱালি ল’ব পৰাৰ পৰিস্থিতিৰ অভাৱত অসমীয়াত্বৰ এটা প্ৰান্তত থাকি গল৷ সেয়ে তেওঁলোকে যদিও নিজৰ মাতৃভাষা অসমীয়া বুলি লোকপিয়লত উল্লেখ কৰে তথাপি তেওঁলোকে নিজকে অসমীয়া বুলি কোৱাতকৈ ভাৰতীয় বুলি কৈহে বেছি নিৰাপদ অনুভৱ কৰা দেখা যায়৷ ভাৰতীয় হ’বলৈ উঠিপৰি লগাৰ মূলতে যে এক স্বাভাৱিক শংকা সেয়া কোৱা বাহুল্য৷ কিন্তু বহুতেই নাজানে যে নগণ্য হলেও এওঁলোকৰ মাজৰ পৰাই অসমৰ ভাষা আন্দোলন-অসম আন্দোলন আনকি আলফাৰ সংগ্ৰামতো অংশগ্ৰহণ কৰিছে আনকি মৃত্যুবৰণো কৰিছে৷ অন্য ভাৰতীয় বহিৰাগতৰ ক্ষেত্ৰত জাতীয় সংগ্ৰামত অংশগ্ৰহণ খুব কমেই দেখা যায় বা নাযায়েই৷ এইসকলক অসমীয়াত্বত একীভূত কৰিব নোৱাৰাতো এক ৰাজনৈতিক-সামাজিক বিফলতা বুলি কবই লাগিব৷ অসমৰ শ্ৰম আৰু কৃষি ক্ষেত্ৰৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ অভিবাসী মুছলমানৰ অৱদান অনস্বীকাৰ্য যদিও বাংলাদেশৰ পৰা অহা অবাধ প্ৰব্ৰজনেযে থলুৱা অসমীয়াই জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকি বুলি ভাবি আহিছে সেয়াও সত্য৷ ভৱিষ্যতে এওঁলোকৰ সংখ্যাবৃদ্ধিয়ে অসমৰ ৰাজনৈতিক ক্ষমতা থলুৱা অসমীয়াৰ হাতৰ পৰা গৈ প্ৰব্ৰজনকাৰী অভিবাসী সকলৰ হাতত কুক্ষিগত হোৱাৰ সম্ভাৱনা এক অপপ্ৰচাৰ বুলি হয়তো ক’ব নোৱাৰি৷ এই শংকাৰ বাবেই অসমৰ বিভিন্ন জনজাতিয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত পৃথক ৰাজ্য বা স্বায়ত্বশাসিত অঞ্চল বা জনজাতিকৰণৰ মাজেৰে নিজৰ অধিকাৰ ৰক্ষা কৰাৰ কথা ভাবিছে৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত আৰু অসম চুক্তি মতে অসমীয়াৰ ৰক্ষা কবচৰ বাবে চিন্তা চৰ্চা উপৰোক্ত জাতীয়তাবাদী শিবিৰৰ সফলতা বুলি কব পাৰি৷ অভিবাসী মুছলমানসকলৰ দৰে চাহ জনজাতি সকলকো অসমীয়া সত্বাত চামিল কৰাত বিফল হৈছে অসমৰ জাতীয়তাবাদী শিবিৰ৷ শ্ৰমৰ অধিকাৰ, অৰ্থনৈতিক বিষয়বোৰত চিন্তা নকৰা বাবে দৰিদ্ৰ চাহ জনজাতি সকলক জাতীয়তাবাদী শিবিৰে প্ৰভাৱিত কৰিব নোৱাৰিলে৷ শেহতীয়াকৈ পূৰ্বৰ প্ৰগতিশীল জাতীয়তাবাদৰ পৰিক্ৰমাৰ অংশ হিচাপে কিছু এজেৱাইচিপি, অখিল গগৈৰ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতি, সদ্য গঠিত ড°ইন্দ্ৰজিত বেজবৰুৱাৰ দ্বাৰা গঠিত বাওঁ-জাতীয়তাবাদী শিবিৰৰ মাজত এক ব্যতিক্ৰমী জাতীয়তাবাদী চিন্তা দেখিবলৈ পোৱা গৈছে৷ অসমীয়াত্বৰ ৰাজনৈতিক সংকট মোচনৰ বাটত এওঁসকলৰ ভূমিকা কি হব সেয়া সময়ে নিৰূপণ কৰিব৷
অসমৰ সমাজত সংযুক্ত মুক্তি বাহিনী, অসমৰ আত্মপ্ৰকাশ এক উল্লেখযোগ্য জাতীয় ৰাজনৈতিক পৰিঘটনা৷ অসমৰ সকলো জাতি জাতিসত্বাৰ সম অধিকাৰ আৰু সমমৰ্যাদা প্ৰতিষ্ঠা, বৈজ্ঞানিক সমাজবাদ আৰু স্বাধীন সাৰ্বভৌম অসমৰ দাবীত সন্মিলিত জাতীয় মুক্তি সংগ্ৰামৰ পাতনি মেলাৰ মাজেৰে এক দৃঢ় আৰু যুক্তিসন্মত বাখ্যা আগবঢ়াই আলফাই এক জাতীয়তাবাদী লাইনৰ জন্ম দিলে৷ এই লাইন উপৰ্যুক্ত মহেন্দ্ৰনাথ ডেকাফুকন, সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই আদিয়ে সৃষ্টি কৰা জাতীয়তাবাদী লাইনৰ পৰিক্ৰমাৰ অংশ বুলি কব পাৰি৷ ভাৰতৰ কেন্দ্ৰীভূত ৰাষ্ট্ৰব্যৱস্থাই সৃষ্টি কৰা আধিপত্যবাদ, সম্প্ৰসাৰণ আৰু উপনিবেশবাদ আৰু বিশ্ব সাম্ৰাজ্যবাদৰ দ্বাৰা নব্য উপনিবেশবাদক অসমৰ জাতি জাতিসত্বাৰ সংকটৰ অন্যতম কাৰণ বুলি বাখ্যা কৰি আলফাই নিজৰ ৰাজনৈতিক লাইন তুলি ধৰে৷ আলফাই আনকি বাংলাদেশী অনুপ্ৰবেশৰ লগে লগে ভাৰতীয় অনুপ্ৰবেশকো সমানেই অসমীয়াৰ সংকটৰ কাৰণ বুলি বাখ্যা আগবঢ়ায়৷ আন্তৰ্জাতিক পৰ্যায়তো অসমৰ স্বাধীনতাৰ ন্যাৰ্যতাক তুলি ধৰিবলৈ চেষ্টা কৰা আলফাৰ এই জাতীয় সংগ্ৰামে কেন্দ্ৰ-ৰাষ্ট্ৰক জোকাৰি যায়৷ অসমীয়াত্বৰ সংকট মোচনৰ বাবেই বিগত ৩০ টা দহকত প্ৰায় ১৮ হেজাৰ অসমীয়া যুৱক-যুৱতী এই জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিছে৷ ১৯৯০ চনৰ পৰাই কেইবালানি সামৰিক অভিযান, ইউনিফাইড কমাণ্ড আদিৰ হেঁচাত এই জাতীয়তাবাদী মতাদৰ্শ সঠিকভাবে সৰ্বসাধাৰণৰ মাজলৈ গৈ নোপোৱা বাবে আৰু আলফাৰ নানা ত্ৰুটি বিচ্যুতিৰ বাবে জাতীয় ৰাজনৈতিক লাইন হিচাপে দীৰ্ঘকাল অসমৰ জনগণক প্ৰভাৱিত কৰিব নোৱাৰিলে যদিও এক চৰম জাতীয় শক্তি হিচাপে আলফা জীয়াই থাকিল৷ পৰাগ কুমাৰ দাসৰ নেতৃত্বত ১৯৯৬ চনলৈ অসমৰ আত্মনিয়ন্ত্ৰণৰ দাবীত জাতীয় ৰাজনৈতিক লাইনে প্ৰসাৰ লাভ কৰে আৰু সংগঠিতভাবে গণজাগৰণৰো সুচনা হয়৷ পৰাগ কুমাৰ দাসৰ হত্যা অসমীয়া জাতীয়তাবাদলৈ এক মোক্ষম আঘাত ৰূপে বিবেচিত হৈ ৰব৷ কিয়নো পৰাগ কুমাৰ দাসৰ হত্যাৰ পিছতেই এই জাতীয়তাবাদী জাতীয় সংগ্ৰামৰ ধাৰা স্তিমিত হৈ পৰিল আৰু সঠিক নেতৃত্বৰ অভাৱত আজিকোপতি ই মূৰ তুলি থিয় দিব নোৱাৰিলে৷ পৰাগ কুমাৰ দাসে অসমৰ জাতীয় সংগ্ৰামৰ সহযোগী আৰু সমভাৱাপন্ন সংগঠনবোৰক একত্ৰিত কৰিছিল আনকি ভাৰতৰ অন্য ৰাজ্য যেনে কাশ্মীৰ, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱৰ জাতীয় গণতান্ত্ৰিক সংগঠনবোৰৰ সৈতেও মঞ্চ গঠন কৰাৰ চেষ্টা কৰিছিল৷ বিচ্ছিন্নতাৰ অধিকাৰৰ দাবীৰে অসমৰ প্ৰাকৃতিক সম্পদৰ অধিকাৰ আৰু ৰাজনৈতিক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ যি ৰাজনৈতিক দাবী সেয়া অসমীয়াত্বৰ সংকট মোচনৰ অন্যতম পথ হব পাৰিলহেতেন৷ আনকি চাহ জনজাতি আৰু অভিবাসী মুছলমানৰ মাজতো সংগঠন সৃষ্টিৰ জড়িয়তে পৰাগ কুমাৰ দাসে যি জাতীয় দাবী আৰু একতাৰ সুত্ৰ দাঙি ধৰিছিল সেয়া অন্যতম প্ৰগতিশীল বুলিও বিবেচিত হৈছিল৷
আগতেই উনুকিয়াই অহা হৈছে যে, বৃটিছ কালীন অসমীয়া মধ্যশ্ৰেণীৰ শ্ৰেণী চৰিত্ৰ আৰু বৰ্ণবাদে অসমীয়া সত্বাটোক সংকীৰ্ণ কৰি তুলিছিল যাৰ বাবে ইয়াৰ বিকাশ স্বাভাৱিক নহৈ পঁয়ালগা অৱস্থাৰ মাজেৰে আগবাঢ়িছিল৷ অসমীয়া সত্বাটোত নিৰাপদ অনুভৱ নকৰা সকলে সেয়ে নিজৰ গোষ্ঠীজ চেতনাৰ বিকাশ ঘটাই গোষ্ঠীজ জাতীয়তাবাদৰ বিকাশ ঘটায়৷ এইসকলৰ মাজতে দেখা যায় ভাৰতৰ সংবিধান প্ৰদত্ত বিভিন্ন অধিকাৰ আৰু সা সুবিধা প্ৰাপ্তিৰ আকাংক্ষাৰে পৃথকতাবাদী চিন্তা৷ সংকীৰ্ণ ৰাজনৈতিক ক্ষমতা হাচিল কৰাৰ উদ্দেশ্যে এইচামে জনজাতিসকলৰ চেতনাক ব্যৱহাৰ কৰি পিছত চূড়ান্তভাবে পদদলিত কৰা দেখা যায়৷ সাধাৰণ জনগণৰ মাজত যি সামাজিক আদান প্ৰদান তাক এইবোৰ সংকীৰ্ণতাই বা গোষ্ঠীজ চেতনাই কেতিয়াবা ব্যাহত কৰিলেও ই দীৰ্ঘস্থায়ী নহল৷ তথাপি তেওঁলোকৰ মাজত থকা অসমীয়াত্বক শুকাই পেলোৱাত এই গোষ্ঠীজ ৰাজনীতিয়ে সহায় কৰিলে৷ অৱশ্যে ই এক ইতিবাচক দিশ হিচাপেও পৰিগণিত হল কিয়নো অসমৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিক যে শ্ৰদ্ধা কৰাৰ প্ৰয়োজন সেই কথা থলুৱা অসমীয়াই পলমকৈ হলেও অনুভৱ কৰিবলৈ সক্ষম হ’ল৷
হিন্দী সম্প্ৰসাৰণে অসমীয়াত্বৰ ওপৰত মোক্ষম আঘাত কৰাই নহয়, ই উমৈহতীয়া সংযোগী ভাষা অসমীয়াক ধ্বংস কৰি তাৰ ঠাইত হিন্দী ভাষাক প্ৰতিষ্ঠা কৰিলে৷ ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হল৷ অসমৰ ৰাজনৈতিক ভূখণ্ডৰ ভিতৰৰ বা বাহিৰৰো পৰ্বতীয়া জনজাতিসকলৰ মাজত অসমীয়া ভাষা আৰু উমৈহতীয়া সত্বাটোৰ প্ৰতি যি সামান্য আন্তৰিক অৱশিষ্ট ৰৈ গৈছিল তাক হিন্দী সম্প্ৰসাৰণে মষিমূৰ কৰি ভাৰতীয় ৰাষ্ট্ৰবাদী সত্বাক বিকাশ কৰিলে৷ ই ৰাষ্ট্ৰৰ অন্যতম কৌশল হিচাপে সফল হল৷ ভাষিক জাতীয়তাবোধৰ বাবে দেশৰ ৰাজনৈতিক সীমা মুখ্য নহয়৷ ৰবীন্দ্ৰ জয়ন্তী, নজৰুল জয়ন্তী আদিৰ সময়ত পশ্চিম আৰু পূৰ্ববংগৰ মাজত ৰাজনৈতিক সীমা বঙালী জাতীয়তাবোধে নোহোৱা কৰি পেলায়৷ আজিৰ তাৰিখতো দুই দেশৰ বঙালীসকল একলগ হোৱাৰ চিন্তা পুহি ৰাখিছে৷ বৰ্তমান লোকপিয়লত অসমীয়া বুলি পৰিচয় দিয়া অসমৰ পূৰ্ববংগীয় লোকসকৰ মাজত ভৱিষ্যতে এই বঙালী ভাষিক জাতীয়তাবোধৰ বিকাশ হোৱাৰ সম্ভাৱনাও নথকা নহয়৷ এনে হলে কাৰ লাভ হব নাজানো কিন্তু অসমীয়া সত্বাটো কৰবাত দুৰ্বল হব সেয়া নিশ্চিত৷ অৱশ্যে অসমীয়া ভাষা আজি এনে এক পৰ্যায়ত বিকাশ লাভ কৰিছে যত কোনো এক জনসম্প্ৰদায়ে নিজকে অসমীয়া নহয় বুলি কলেও অসমীয়া ভাষা ধ্বংস হোৱাৰ সম্ভাৱনা নাই৷ কিন্তু অসমীয়াত্বৰ ক্ষেত্ৰত যি সংখ্যাগত ৰাজনৈতিক সামাজিক বিষয় থাকিব সেয়া তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হব৷ শেহতীয়াকৈ অসমীয়াৰ ৰক্ষাকবচৰ ক্ষেত্ৰত অসমীয়াৰ সংজ্ঞা কি হব তাৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিছে ভবিষ্যতৰ অসমীয়াৰ ৰাজনৈতিক সামাজিক অস্তিত্ব৷
বিশ্ব সাম্ৰাজ্যবাদৰ সৃষ্ট গোলকীয়কৰণে সমগ্ৰ বিশ্বৰেই সৰু সুৰা জাতি জনগোষ্ঠীবোৰৰ স্বকীয়তা, ভাষিক-সাংস্কৃতিক অস্তিত্বৰ প্ৰতি ভাবুকি হিচাপে চিহ্নিত হৈছে৷ ইয়াৰ প্ৰসাৰৰ বাবেই নিত্য নতুন ভাবধাৰাৰ আবিষ্কাৰ কৰা হৈছে, নতুন নতুন দৰ্শন কেতবোৰেৰে এক বৌদ্ধিক সাংস্কৃতিক সাম্ৰাজ্যবাদৰ সৃষ্টি কৰা হৈছে৷ যিবোৰৰ একমাত্ৰ উদ্দেশ্য সাম্ৰাজ্যবাদৰ স্বাৰ্থৰক্ষা কৰা আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জাতিসত্বাবোৰৰ জাতীয় মুক্তি সংগ্ৰাম আৰু জাতীয়তাবোধৰ আদৰ্শক মষিমূৰ কৰা৷ দেখাত কেতিয়াবা প্ৰগতিশীল যেন লাগিলেও এইবোৰ ভাবধাৰা সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰাম আৰু জাতীয়তাবাদী সংগ্ৰামক বিভক্ত, বিভ্ৰান্ত কৰাৰ বাবেহে সৃষ্ট৷ হিন্দী সম্প্ৰসাৰণৰ লগে লগে এই গোলকীয় বৌদ্ধিক সংস্কৃতিৰ আগ্ৰাসন অসমীয়া সত্বাটোৰ বাবে অতি বিপদজ্জনক৷ ইংৰাজী মাধ্যমৰ প্ৰসাৰ আৰু কৰ্পোৰেট ভাষাই এনেকৈ অসমৰ মধ্যশ্ৰেণীৰ সমাজখনক প্ৰভাৱিত কৰিছে যে ইয়াৰ ফলত অসমীয়াত্ব কৰবাত হেৰাই যোৱাৰ উপক্ৰম হৈছে৷
অসমীয়া সমাজখনেই হল কৃষিভিত্তিক আৰু ঘৰুৱা শিল্প প্ৰধান৷ এই কৃষি অৰ্থনীতি আৰু ঘৰুৱা শিল্পৰ মাজেৰেই বিকাশ লাভ কৰিছে অসমীয়া সংস্কৃতি আৰু সামাজিক মূল্যবোধ৷ কিন্তুএই দুয়োবিধ অৰ্থনীতিক বিকাশ হবলৈ নিদিয়া বাবে কৃষিৰ ক্ষেত্ৰটো পৰমুখাপেক্ষী হৈ পৰিছে অসমীয়া৷ প্ৰকৃততে এটা জাতিৰ জাতীয় চেতনাক ধ্বংস কৰিবলৈ তাৰ জাতীয় অৰ্থনীতিক ভাঙি দি বহিৰাগতৰ অৰ্থনীতি প্ৰতিষ্ঠা কৰা বৃটিছৰো কৌশল আছিল৷ সেই একেই কৌশল একেই ব্যৱস্থাৰেই আগবাঢ়িছে কেন্দ্ৰ-ৰাজ্য চৰকাৰ৷ ব্যক্তিগতকৰণ আৰু কৰ্পোৰেট প্ৰধান অৰ্থনীতি ব্যৱস্থাত জাতীয় সংস্কৃতিৰ নিস্তাৰ নাই৷ সমবায়ভিত্তিক কৃষি পাম, ঘৰুৱা শিল্পৰ আধুনিকীকৰণ আদিৰ মাধ্যমত জাতীয় অৰ্থনীতিৰ বিকাশ নহলে জাতীয় সংস্কৃতি কৰ্পোৰেটকৰণৰ পৰা মুক্ত নহব৷ তাৰবাবে অসমীয়াৰ হাতত ৰাজনৈতিক আত্মনিৰ্ধাৰণৰ অধিকাৰ, সম্পদৰ অধিকাৰ প্ৰতিষ্ঠাৰ মাধ্যমত ৰাজনৈতিক-অৰ্থনৈতিক আমুল পৰিৱৰ্তনৰ দৰকাৰ৷
শেহতীয়াকৈ অসমীয়াত্বৰ ওপৰত মোক্ষম আঘাট পৰিছে ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰভাৱৰ পৰা৷ ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ লগতে এক শৈক্ষিক-সাংস্কৃতিক আন্দোলনৰ অতি জৰুৰী হৈ পৰিছে৷ পৰাগ কুমাৰ দাসে জাতীয় বিদ্যালয়ৰ মাজেৰে এক জাতীয় শিক্ষাৰ আন্দোলন গঢ় দিয়াৰ চেষ্টা কৰিছিল৷ ই এক সফল অনুষ্ঠান আছিল যদিও কালক্ৰমত ইয়াৰ মূল উদ্দেশ্য স্তিমিত হৈ পৰিল আৰু জাতীয় বিদ্যালয়বোৰ কেৱল ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান হৈ পৰা দেখা গল৷ সৰ্বশিক্ষাৰ কিতাপেৰে জাতীয় বিদ্যালয়ৰ পাঠদান চলি থকা দেখা গ’ল বহু ঠাইত৷ অসমীয়া জাতিৰ ইতিহাস নাজানিলে জাতীয়তাবোধ আহিব কৰ পৰা৷ ইতিহাস চৰ্চা আৰু জাতীয় শিক্ষাৰ দ্বাৰা অসমীয়াত্বৰ সংকট বহু পৰিমানে হ্ৰাস কৰিব পৰা যাব যেন অনুমান হয়৷
অসমত জাতীয়তাবোধ জীয়াই আছে সৰ্বসাধাৰণ জনগণৰ প্ৰয়োজনত৷ এই প্ৰয়োজনেই ইয়াক আবেগ আৰু জাতীয় আকাংক্ষাৰ ৰূপ দিছে৷ এই আবেগ, প্ৰয়োজন আৰু জাতীয় আকাংক্ষাক নেতৃত্ব দিয়াৰ বাবে এক নিস্বাৰ্থ, উৎসৰ্গিত জাতীয়তাবাদী শক্তিৰ অতীব প্ৰয়োজন৷ যি জাতীয়তাবাদ হব লাগিব জাতিৰ ৰাজনৈতিক -অৰ্থনৈতিক মুক্তিৰ, ঐক্য প্ৰতিষ্ঠাৰ৷ ৰাজনৈতিক মুক্তি বুলি কলে পৰাগ দাসে কোৱা ধৰণে ভাৰতৰ ভিতৰত থাকিয়েই কেন্দ্ৰীভূত শোষণৰ আৰু আধিপত্যবাদৰ পৰা মুক্তিৰে মৰ্য্যাদাপূৰ্ণভাবে জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠা কেনেদৰে সম্ভৱ তাৰো চিন্তা চৰ্চা হোৱা দৰকাৰ৷ জাতি এটা জীয়াই থাকিবলৈ তাৰ প্ৰয়োজনীয় কাৰকবোৰ অনুধাৱন কৰি ৰাজনৈতিক নেতৃত্ব দিব নোৱাৰিলে অসমীয়াত্বৰ বিপদ অনিবাৰ্য৷ অসমৰ জাতীয়তাবাদী শিবিৰবোৰ একত্ৰিতহৈ এই মতাদৰ্শৰে আগবাঢ়িব নোৱাৰিলে ই কেৱল এক ট্ৰেজেডীহৈ ৰৈ যাব৷

Comments

1 Comment so far

Jump into a conversation
  1. উৎপল
    #1 উৎপল 25 June, 2015, 22:29

    সময়োপযোগী লেখা তো পঢ়ি ভাল লাগিল |

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.