বৰ্ণহিন্দু অসমীয়াই অসমখন খালে নে শাসকৰ বিভাজন ৰাজনীতিয়ে? (ডা: অজিত কুমাৰ পটঙ্গীয়া)

বৰ্ণহিন্দু অসমীয়াই অসমখন খালে নে শাসকৰ বিভাজন ৰাজনীতিয়ে?  (ডা: অজিত কুমাৰ পটঙ্গীয়া)

বৰ্ণহিন্দু অসমীয়াই অসমখন খালে নে শাসকৰ বিভাজন ৰাজনীতিয়ে? (ডা: অজিত কুমাৰ পটঙ্গীয়া)

by August 15, 2015 1 comment

(আপোনালোকৰ বহুতেই জানে যে এসময়ত আজিৰ মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আনকি বৃটিছৰ দিনত চিলেট, ৰংপুৰ পৰ্য্যন্ত আছিল এদিন আমাৰ বৃহত্তৰ অসম। এদিন কোচবিহাৰবাসীয়েও অসমত অন্তৰ্ভূক্ত হ’বলৈ বিচাৰিছিল। কাৰ চক্ৰান্তত অসমখন পয়ালাগি আহি এই অৱস্থা পাইছেহি? এনেদৰে চলিলে কিছুদিনৰ পিচত হয়তো অসমৰ গাঁৱে গাঁৱে এখন এখন ৰাজ্য হ’ব। কাৰণ পিচলৈ যোৱাৰতো কোনো শেষ নাই! পিচে অসমখনৰ আজি এই অৱস্থা কৰিলে কোনে? কাৰ চক্ৰান্তত? অসমখন ভাঙি গোষ্ঠীভিত্তিক অঞ্চল হ’লে কাৰ লাভ হ’ব?)

অসমক আন্তৰিকতাৰে ভালপোৱা সকলো শুভবুদ্ধিসম্পন্ন লোকেই আজি অসমৰ ভৌগলিক অখণ্ডতাক বিপদাপন্ন কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে গঢ়ি উঠা পৃথকতাবাদী আন্দোলনৰ সৰ্ব্বনাশীয় ঢৌৱে ৰাজ্যখনৰ জনগণৰ ঐক্যক মষিমূৰ কৰি পেলোৱাৰ সময়ত খুবেই উদ্বিগ্ন, বিচলিত আৰু বেদনাহত৷ আজিৰ সময় ছবছৰীয়া বিদেশী বিতাৰণ আন্দোলনৰ সময়চোৱাৰ পৰিস্থিতিতকৈয়ো জটিল৷ পিচে এইবোৰ হঠাৎ এদিনতে ভগৱানৰ ইচ্ছাত হোৱা কোনো ঘটনা-পৰিঘটনা বা কিছুমানে ভবাৰ দৰে স্বাভাৱিক ভাবে হ’ব লগা ইতিহাসৰ পুনৰাবৃৰ্ত্তি নহয়! যদিও ইতিমধ্যে বহু পলম হৈ গৈছে তথাপিও আমি আজি সকলোৱেই আবেগমুক্ত হৈ এই পৰিঘটনাৰ এটা বিজ্ঞানসন্মত বিশ্লেষণ কৰি চোৱা উচিত৷ চিকিৎসা বিজ্ঞানীৰ মতে, ৰোগৰ উৎপত্তিৰ কাৰণ জানিলেহে তাক প্ৰতিৰোধ বা আৰোগ্যৰ বাবে ঔষধ আবিস্কাৰ কৰিব পৰা যায়৷

অসমত আজিৰ পৰিস্থিতিৰ বাবে কেবল অসমীয়া বৰ্ণহিন্দুসকলকে দায়ী কৰি কোৱা এষাৰ কথা আজিকালি প্ৰায়েই শুনা যায়- “বৰ্ণহিন্দু অসমীয়াই অসমখন খালে!” কথাফাকি বাৰু কিমান সত্য? অতীতত বৰ্ণহিন্দুৰ জৰিয়তে সভ্যতাৰ আৰ্য্যকৰণৰ দ্বাৰা সমাজ প্ৰগতিৰ পৰিপূৰক উন্নত কৃষি পদ্ধতি আৰু নগৰ নিৰ্মাণসহ উন্নত সমাজ ব্যৱস্থাৰ ধ্যান-ধাৰণা, উন্নত আচাৰ-নীতি আদি এই অঞ্চললৈ আহিছিল৷ লগতে হিন্দুধৰ্ম্মীয় বৰ্ণবাদী ধ্যান-ধাৰণাবোৰো আহিছিল। জাতীয়তাবাদ গঢ়ি তোলাত সদায় উন্নত চিন্তা-চেতনাৰে আগৰণুৱা শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ এক ঐতিহাসিক নেতৃত্বকাৰী ভূমিকা থাকে। ব্ৰিটিছে সৰু-বৰ বিভিন্ন জনগোষ্ঠীয় ৰজাৰ শাসনৰ অধীনত থকা এই অঞ্চল অধিকাৰ কৰি এক প্ৰশাসনিক ৰাজনৈতিক ব্যৱস্থাৰ অধীনত অনাৰে পৰা বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ প্ৰগতিশীল লক্ষ্যৰে অসমীয়া জাতীয়তাবাদ গঠনত এই ভূমিকা লৈছিল প্ৰধানত: শিক্ষিত মধ্যবিত্ত বৰ্ণহিন্দুসকলকে ধৰি অসমৰ মধ্যবিত্ত শ্ৰেণীটোৱে। অসমীয়া জাতীয়তাবাদ গঢ়ি তোলাৰ প্ৰক্ৰিয়াত দুটা ধাৰাৰ প্ৰভাৱ দেখা যায়৷ এটা ধাৰা হৈছে পাশ্চাত্য শিক্ষা প্ৰণোদিত চিন্তা-ভাৱনাৰে অসমত নৱজাগৰণৰ সূচনা কৰা এক স্বল্পায়ু প্ৰতিভা আনন্দৰাম ঢ়েকিয়াল ফুকনে(১৮২৯-১৮৫৯) দাঙি ধৰা হিন্দু জাত-পাত-বৰ্ণৰ ধ্যান-ধাৰণাৰ ভিত্তিত অহিন্দু বিশাল জনজাতি ভাই-ভনীসকলক এলাগী কৰি সৃষ্টি কৰা অসমীয়া জাতীয়তাবাদৰ ধাৰণা৷ সেই সময়ৰ জাত-পাত-ধৰ্ম্ম-বৰ্ণত বিভক্ত আৰু পুৰোহিত-তন্ত্ৰৰ অনুশাসন আৰু লোকাচাৰৰ নাগপাশত আবদ্ধ অসমৰ সামাজিক পৰিস্থিতিত উদাৰ মানৱতাবাদী গণতান্ত্ৰিক চিন্তা-চেতনাৰ অভাৱত এই ধাৰাৰ দ্বাৰা প্ৰভাৱিত হোৱা বহুতৰে মানসিকতাত হিন্দু ধৰ্ম্মীয় জাত-পাতৰ ধাৰণা থকাতো একো আচৰিত কথা নহয় আৰু নিশ্চিয় শাসকৰ ‘ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)’ নীতিৰ কু-প্ৰভাবো তেওঁলোকৰ ওপৰত পৰিছে৷ আনটো দাঙি ধৰিছিল উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গীক প্ৰতিনিধিত্ব কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা(১৮৬৪-১৯৩৮)ই পাশ্চাত্য শিক্ষা প্ৰণোদিত আধুনিক মানৱতাবাদী চিন্তা-ভাৱনা আৰু ঐক্যবদ্ধ বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ পথ নিৰ্দেশনা দিয়া অসমীয়া বৈষ্ণৱ ধৰ্ম্মৰ উদাৰ মানসিক পৰিমণ্ডলটোৰ আঁত ধৰি৷ যি প্ৰক্ৰিয়াত জনজাতিসকলক হেয় জ্ঞান কৰা গোড়া ব্ৰাক্ষণবাদী আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে লোকৰ চিন্তাই মানুহৰ ওপৰত প্ৰভাৱ পেলাইছিল সেই একে প্ৰক্ৰিয়াত উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গীক প্ৰতিনিধিত্ব কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে মহান লোকৰ চিন্তায়ো বহু সংখ্যক লোকৰ ওপৰত প্ৰভাৱ পেলাইছিল৷ প্ৰকৃত গণতান্ত্ৰিক মূল্যবোধ সম্পন্ন ধৰ্ম্ম-জাত-পাত-বৰ্ণ-ভাষাৰ গোড়ামিৰ উৰ্দ্ধত সকলোকে সম দৃষ্টিৰে এখন বিশাল সমাজৰ পৰিধিলৈ আদৰিব খোজা এই ধাৰাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিবলগীয়া সৰ্ব্বশ্ৰেষ্ঠ প্ৰতিনিধি হৈছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা(১৯০৩-১৯৫১)৷ সেয়েহে শিক্ষিত মধ্যবিত্ত বৰ্ণহিন্দু সকলোৱেই ইচ্ছাকৃতভাবে জাত-পাতৰ ভিত্তিত অসমীয়া জাতীয়তাবাদ গঢ়াৰ আগ্ৰহী বুলি ক’লে সত্যৰ অপলাপ কৰা হ’ব৷ এচাম মানুহৰ ভুলৰ বাবে সমগ্ৰ সম্প্ৰদায়ৰ মানুহখিনিকতো দায়ী কৰিব নোৱাৰি৷ পিচে ইয়াৰ আলম লৈ অসমৰ কিছুমানৰ বুদ্ধিজীৱি-লেখকে অসমৰ সাম্প্ৰতিক অৱস্থাৰ বাবে একমাত্ৰ বৰ্ণহিন্দুসকলকেই জগৰীয়া কৰি একেবাৰে সৰল আৰু সাধাৰণীকৰণ অবৈজ্ঞানীক তত্ব সৃষ্টিৰে তেওঁলোকৰ পুৰণা পেঁপাটো বজাই বিষয়টোৰ যি সাম্প্ৰদায়ীকৰণ কৰিব খুজিছে, সি নিত্যান্তই ঘৃণণীয়৷ লগতে বিজ্ঞান আৰু যুক্তিবাদত বিশ্বাসী হিচাবে ৰাইজে আস্থাত লোৱা এচাম তথাকথিত বাঘা বাঘা বামপন্থী বুদ্ধিজীৱি-লেখকেও যেতিয়া উদ্দেশ্যপ্ৰণোদিতভাবে সেই একেখিনি কথাকে দোহাৰে, তেতিয়া তেওঁলোকৰ মনোভাৱ সম্পৰ্কেও মোৰ সন্দেহ ওপজে৷ ইতিমধ্যে অসমৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত যথেষ্ট ভুল বুজাবুজি সৃষ্টি হৈছে আৰু এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি কৰা এনে প্ৰৰোচনামূলক মন্তব্যই ইয়াক বৃদ্ধি কৰি অধিক সাম্প্ৰদায়িক সংঘাটৰ বাট মুকলি কৰিব৷ ভাৰতৰ এচাম তথাকথিত বামপন্থীৰ এনে কিছুমান কৰ্ম্ম-কাণ্ডই সৰ্ব্বসাধাৰণৰ ওচৰত ইতিমধ্যে সমাজবাদ-সাম্যবাদৰ দৰে এটা মহান আদৰ্শক হেয় প্ৰতিপন্ন কৰি তুলিছে৷ তেওঁলোকৰ আৰু কিছুমান হঠকাৰী তত্বৰ বিষয়ে স্থানান্তৰত আলোচনা কৰিম৷ বৰ্ত্তমান তেওঁলোকৰে এচামৰ মনোভাৱৰ গতি প্ৰকৃতি এনে এক প্ৰতিক্ৰিয়াশীল পৰ্য্যায় পাইছেগৈ যে যিহেতু অসমীয়া ভাষা আৰ্য্যমূলীয়া বৰ্ণহিন্দুৰ দ্বাৰা সৃষ্ট, গতিকে অসমৰ দৰে জনজাতীয় প্ৰধান ৰাজ্যত মাত্ৰ ৩০ শতাংশ মানুহৰ মাতৃভাষা হিচাবে এই ভাষাৰ বাকী ৭০ শতাংশৰ ওপৰত আধিপত্য মানি লোৱাতো উচিতেই নহয়৷ অথচ সমাজবাদী সমাজৰ অন্যতম তাত্বিক তথা ৰূপকাৰ আৰু পৃথিবীৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ আত্মনিয়ন্ত্ৰণ আৰু ভাষা সমস্যাৰ সমাধানৰ অন্যতম দিকনিৰ্দ্দেশক ষ্টেলিনে তেওঁৰ বিখ্যাত লেখা “Marxism and Problems of Linguistics”ত ভাষাৰ শ্ৰেণী চৰিত্ৰ সমন্ধে সকলো বিভ্ৰান্তমূলক আৰু অবৈজ্ঞানিক ধ্যান-ধাৰণাৰ অসাৰতা প্ৰতিপন্ন কৰি কৈছিল – “Language is not a product of one or another base, old or new, within the given society, but of the whole course of the history of the bases for many centuries. It was created not by some one class but by the entire society, by all the classes of the society, by the efforts of hundreds of generations. It was created for the satisfaction of the needs not of one particular class but of the entire society, of all the classes of the society.” সেয়েহে যি সকলে পৃথিবীত ভাষা গঢ়ি উঠাৰ ইতিহাস জানে, তেওঁলোকে বুজে যে – ভাষাৰ কোনো জাত-পাত-ধৰ্ম্ম নাই৷ তদুপৰি অসমীয়া ভাষা যে আৰ্য্য আৰু অনাৰ্য কথিত ভাষা বা দোৱানবোৰৰ সংমিশ্ৰণত গঢ়ি উঠিছে সেই বিষয়ে ইতিহাসবিদ প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে লিখিছে -“The language….developed along its own independent lines, containing more non-Aryan words than those of pure Sanskrit, unlike Bengali and other allied languages. This, along with many survivals of Austric and Tibeto-Burman elements in the place and river names of Assam, indicates the composite character of the Assamese civilization.” (ইতিহাস চৰ্চাৰ দৃষ্টিকোণ আৰু ইতিহাসৰ ৰাজনৈতিক ব্যৱহাৰ – ড: ৰমেশ চন্দ্ৰ কলিতা) আৰু ইয়াক অস্বীকাৰ কৰিলে ভুল হ’ব যে অতীতৰে পৰা অসমসহ পূব ভাৰতত প্ৰচলিত অসমীয়া ভাষা এই অঞ্চলৰ বিভিন্ন জনজাতি-অজনজাতি-জনগোষ্ঠীৰ মানুহৰ মাজত যোগাযোগৰ আৰু ঐক্য গঢ়াৰ মাধ্যম হিচাবে এটা সৰ্ব্বোন্নত বিকাশমান সংযোগী ভাষা৷

এটা কথা সকলোৱেই জানে যে এসময়ত উপমহাদেশখনৰ সৰু-বৰ বহুতো ৰজাৰ শাসনৰে সামন্তবাদৰ অধীনত থকা অঞ্চল বিলাক চলে-বলে-কৌশলৰে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে অধিকাৰ কৰি শাসন-শোষণৰ সুবিধাৰ্থে এক অভিন্ন বাণিজ্য ব্যৱস্থাৰে বৰ্ত্তমানৰ পাকিস্থান আৰু বাংলাদেশ সহ ‘ব্ৰিটিছ ইণ্ডিয়া বা ভাৰতবৰ্ষ’ নামৰ এই ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল৷ ব্ৰিটিছে তেওঁলোকৰ ঔপনিবেশিক শাসন বৰ্তাই ৰখা আৰু তেওঁলোকৰ অৰ্থনৈতিক স্বাৰ্থত ‘ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)’ নীতি অনুসৰণ কৰিছিল৷ সেই ঘৃণনীয় নীতি কাৰ্য্যকৰী কৰাৰ বাবে তেওঁলোকে প্ৰধানত: হিন্দু আৰু মুছলমানৰ মাজত আৰু বহুভাষী ৰাজ্যসমূহত বিভিন্ন ভাষা-ভাষী তথা অজনজাতি আৰু জনজাতি জনসাধাৰণৰ মাজত বিভেদ বৃদ্ধিৰ কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাই গৈছিল৷ সাম্ৰাজ্যবাদী ব্ৰিটিছ পৃষ্ঠপোষকতাতে ১৯০৬ চনত এই কু-অভিপ্ৰায়লৈ অল ইণ্ডিয়া মুছলিম লিগ গঠন কৰা হৈছিল৷ আনকি খ্ৰীষ্টান মিছনেৰীসকলৰ দ্বাৰা তেওঁলোকে পাহাৰ আৰু ভৈয়ামৰ জনজাতি-জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টিৰ অপচেষ্টা চলোৱাৰ লগতে জনজাতি জনসাধাৰণৰ মাজত দেশৰ স্বাধীনতা আন্দোলন বিৰোধী মানসিকতাৰ জন্ম দি ভাৰতীয় জাতীয়তাবোধ তথা স্বাধীনতা আন্দোলনৰ স্ৰোতৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা চলাইছিল৷

ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ মূল নেতৃত্ববহনকাৰী কংগ্ৰেছ স্বাধীনতাৰ আগতে আজিৰ দৰে এটা জাতীয় বুৰ্জোৱা শ্ৰেণীৰ ৰাজনৈতিক দল নাছিল৷ এই কথা আন্তৰ্জাতিক সাম্যবাদী সংগঠন “কমিনটাৰ্ণ”ৰ থেছিছত উল্লেখ আছে৷ যদিও প্ৰথমে সাম্ৰাজ্যবাদী ব্ৰিটিছ আমোলাৰ পৃষ্ঠপোষকতাতে ভাৰতীয় সকলক বিদ্ৰোহ বা বিপ্লৱৰ পথৰ পৰা আঁতৰাই ৰাখিবলৈ দেশৰ শিক্ষিত আৰু সম্ভ্ৰান্তশ্ৰেণীৰ লগত ৰাজনৈতিক আলাপ-আলোচনাৰ বাবে কংগ্ৰেছ গঠন কৰা হৈছিল, কিন্তু লোকমান্য তিলকৰ দ্বাৰা প্ৰস্তাবিত ‘স্বৰাজ’ক জাতীয় লক্ষ্য হিচাবে গ্ৰহণ কৰাৰ পাছৰে পৰা সি হৈ পৰিছিল ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ বাবে একত্ৰিত হোৱা বিভিন্ন আদৰ্শ তথা চিন্তাত বিশ্বাসী দল আৰু লোকৰ এখন মঞ্চ (Platform)| কংগ্ৰেছৰ মাজত প্ৰধানত: দুটা পথেৰে স্বাধীনতা বিচৰা লোকৰ সমাবেশ ঘটিছিল৷ এচামে বিচাৰিছিল জাতীয় অভ্যুখান বা গণবিপ্লৱৰ জৰিয়তে বৃটিছক ভাৰতবৰ্ষৰ পৰা খেদি স্বাধীন ভাৰত ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা – সেইটো আছিল যৌৱনাদীপ্ত, আপোচহীন আৰু বৈপ্লবীক ধাৰা আৰু আন এচামে বিছাৰিছিল বৃটিছৰ লগত আপোচ কৰি ক্ষমতা হস্তগত কৰা – যিটোয়ে ক্ষমতা দখলৰ বাবে উদগ্ৰীব হৈ থকা ভাৰতৰ উঠি অহা সুবিধাবাদী বুৰ্জোৱা শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছিল৷ আজিৰ একচেটিয়া পূঁজিপতি টাটা-বিড়লা গোষ্ঠী এই জাতীয় বুৰ্জোৱা শ্ৰেণীৰ অংশ হিচাবেই স্বাধীনতা আন্দোলনৰ সময়ত জাতীয় বুৰ্জোৱা নেতৃত্বৰ পৃষ্টপোষক আছিল৷ কংগ্ৰেছত চিন্তাধাৰাৰ দ্বন্দৰ বাবে আপোচহীন ধাৰাৰ সৰ্ব্বশ্ৰেষ্ঠ প্ৰতিনিধি আৰু সমাজবাদী আদৰ্শত বিশ্বাসী নেতাজী সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ নেতৃত্বৰ পৰা আঁতৰি অহাৰ পাছৰে পৰা কংগ্ৰেছত আপোচকামী সকলৰ প্ৰভাৱ বেছি হ’বলৈ ধৰে৷ আপোচকামীসকলৰ বাবে সুভাষ চন্দ্ৰ বসুৰ আপোচহীন আদৰ্শতকৈ মহাত্মা গান্ধীৰ ‘গান্ধীবাদী’ আদৰ্শ বেছি সুবিধাজনক আছিল৷

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধী আৰু তেওঁৰ গান্ধীবাদৰ অনুগামী বহুতৰেই সৎ আৰু শক্তিশালী ব্যক্তিত্ব সম্পন্ন নেতৃত্বকাৰী অৱদান থকা স্বত্বেও গান্ধীবাদী আদৰ্শৰ ভিত্তিত ভাৰতবৰ্ষত গান্ধীজিৰ সপোনৰ শোষণমুক্ত ৰামৰাজ্য গঢ়ি নুঠিল কিয়? কিয় অথলে গ’ল লাখ লাখ জনগণৰ ইমান ত্যাগ আৰু আত্মবলিদান? এটা গণ আন্দোলন বা বিপ্লৱৰ সফল পৰিণতিৰ বাবে তাৰ নেতৃত্বৰ অনান্য নেতৃত্বকাৰী গুণৰ লগতে সততা নিত্যান্তই অপৰিহাৰ্য্য৷ কিন্তু অকল নেতৃত্বৰ সততাই এটা গণ আন্দোলন বা বিপ্লৱৰ সফল পৰিণতিৰ গেৰাণ্টি নহয়৷ মহাত্মা গান্ধীয়ে ভাবিছিল মানুহৰ প্ৰতি মানুহৰ অত্যাচাৰ, শোষণ আৰু সমাজৰ সকলো অকল্যাণৰ কাৰণ হৈছে লোভ, নীচাত্মকবোধ, কাপুৰষতা আৰু মানুহৰ প্ৰতি মানুহৰ ভালপোৱাৰ অভাৱ৷ সেয়ে তেওঁ বুৰ্জোৱা মানবতাবাদী ধ্যান-ধাৰণা-নৈতিকতাৰ লগত ভাৰতীয় হিন্দু ধৰ্ম্মীয় ঐতিহ্যবাদ তথা ঈশ্বৰ তত্বৰ সংমিশ্ৰণ ঘটাই (যাৰ বাবে কম সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোকে গান্ধীবাদী কংগ্ৰেছৰ নেতৃত্বৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল) উদাৰতা, সৎসাহস, মানুহৰ প্ৰতি মানুহৰ প্ৰেমৰ আদৰ্শ, দেশাত্মকবোধ আৰু নি:শঙ্ক সত্যাগ্ৰহী মনোভাবৰ দ্বাৰা সমাজৰ অভ্যন্তৰত মানুহক উদ্ধুদ্ধ কৰিব বিছাৰিছিল৷ তেওঁ উপলদ্ধি কৰিব পৰা নাছিল যে শোষণমূলক সমাজ ব্যৱস্থাই মানুহৰ মাজত এনে মানসিকতাৰ সৃষ্টি কৰিছে৷ প্ৰকৃতি আৰু মানুহৰ সংগ্ৰাম তথা মানুহৰ মাজত শ্ৰেণী সংগ্ৰামৰ ইতিহাসৰ দ্বন্দমূলক বিচাৰ পদ্ধতি আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ কাৰ্য্যকৰণ সন্বন্ধৰ ওপৰত ভিত্তি কৰি তাক বাস্তৱ অভিজ্ঞতাৰ লগত সংযুক্ত ঘটোৱাৰ পৰিবৰ্ত্তে তেওঁৰ মনেগঢ়া ধাৰণা আৰু বিশ্বাস অনুযায়ী সকলো শ্ৰেণীৰ কল্যাণৰ বাবে চিন্তা কৰাত তেওঁৰ অজ্ঞাতসাৰে গান্ধীবাদ আৰু সংগ্ৰাম পদ্ধতি হৈ পৰিছিল বুৰ্জোৱা শ্ৰেণীৰ সহায়কাৰী এটি মতবাদ৷ ইয়াক মহাত্মা গান্ধীয়ে নিজে বা ভাৰতৰ গৰিষ্ঠসংখ্যক সাধাৰণ জনগণে ধৰিব নোৱাৰিলেওে বিপ্লৱ ভীতিত ভোগা বুৰ্জোৱাশ্ৰেণীয়ে কিন্তু তেতিয়া ঠিকেই ধৰিব পাৰিছিল আৰু সেয়েহে ভাৰতত তেওঁলোকৰ স্বাধীন পুঁজিবাদী শাসন ব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত স্বাধীনতা আন্দোলনত গান্ধীবাদী কংগ্ৰেছ নেতৃত্বক সৰ্ব্বতোপ্ৰকাৰে সহায় কৰিছিল৷ সেই সময়ত এই কথাখিনিকে জনসাধাৰণক বুজোৱাৰ পৰিবৰ্ত্তে একাংশ কমিউনিষ্ট নামধাৰী লোকে নিজৰ নিম্ন সংস্কৃতি আৰু ৰুচিবোধৰ পৰিচয় দি নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে আপোচহীন দেশপ্ৰেমীক যোদ্ধাক ফেঁচীবাদী তেজৰ কুকুৰ হিচাবে আখ্যা দিয়াৰ দৰে মহাত্মা গান্ধীক আখ্যা দিছিল -সাম্ৰাজ্যবাদৰ ভৰি চেলেকা ভণ্ড, কুকুৰ ইত্যাদি৷ পিচে সাধাৰণ জনতাই সেই সময়ত সুভাষ বসু বা গান্ধীক নে কাক কুকুৰ বুলি ভাবিলে সেইয়া ইতিহাসে ক’ব৷

মানৱসভ্যতাৰ ইতিহাসত আধুনিক জাতি আৰু জাতীয়তাবাদৰ অভ্যুখান ঘটিছে অৰ্থনীতি-ৰাজনীতিৰ এটা বিশেষ প্ৰেক্ষাপটতত৷ পৃথিবীৰ বিভিন্ন দেশত যিসময়ত সামন্তবাদ সমাজ প্ৰগতিৰ আৰু সহায়ক হৈ থকা নাছিল সেই সময়ত ৰাজতন্ত্ৰত চলি থকা অন্যায়, অত্যাচাৰ, ধৰ্ম্মীয় কুসংস্কাৰ, গোড়ামি, অন্ধবিশ্বাস, উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ ইত্যাদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি তাতোকৈ উন্নত উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী আৰু বিজ্ঞানসন্মত মূল্যবোধৰে নিউটনীয় বিজ্ঞানৰ আধাৰত গঢ়ি উঠা যান্ত্ৰিক বস্তুবাদ, যি আছিল শিল্প বিপ্লৱৰ দাৰ্শনিক ভিত্তি, তাৰ আধাৰত ‘সাম্য, মৈত্ৰী আৰু স্বাধীনতা’ৰ বাণী কঢ়িয়াই পূঁজিবাদী গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল৷ গতিকে আধুনিক জাতিসমূহ গঢ়ি উঠিছে এই পূঁজিবাদী গণতন্ত্ৰৰ ধাৰণাৰে বিভিন্ন জনগোষ্ঠীৰ মাজত মানসিক যোগাযোগ আৰু আবেগৰ ভিত্তিত এক দেশ, এক মন, এক প্ৰাণ, এক সংস্কৃতিৰ প্ৰতিষ্ঠাৰ আকাঙ্খাৰ পৰা৷ কিন্তু ভাৰতত কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ মাজেদি ভাৰতীয় জাতি গঠনৰ প্ৰক্ৰিয়া আৰু পূঁজিবাদী সমাজ প্ৰতিষ্ঠাৰ সংগ্ৰাম এনে এটা সময়ত হৈছিল যেতিয়া বিশ্বত পূঁজিবাদে সাম্ৰাজ্যবাদৰ পিনে অগ্ৰসৰহৈ তাৰ বৈপ্লৱীক চৰিত্ৰ হেৰুৱাই প্ৰতিবিপ্লৱী চৰিত্ৰ অৰ্জন কৰিছিল৷ তদুপৰি ভাৰতৰ পূ্ঁজিবাদ গঢ়ি উঠিছে ইয়াৰ চাৰিওফালে থকা সামন্তবাদী সম্পৰ্কৰ মাজতে বিদেশী বণিক পুঁজিৰ অধীনত৷ ভাৰতীয় বৃহৎ বুৰ্জোৱা শ্ৰেণীয়ে ব্ৰিটিছক খেদি ভাৰতীয় জনসাধাৰণক স্বাধীন ভাবে শোষণ কৰাৰ উদ্দেশ্য আগতলৈ পূঁজিবাদী শাসন প্ৰতিষ্ঠাৰ বাবে ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল যদিও তেওঁলোক আছিল সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাতীয় মুক্তিৰ বাবে গঢ়ি উঠা ভাৰতীয় জনসাধাৰণৰ বিপ্লৱী ধাৰাটোৰ বিৰোধী, কিয়নো তেওঁলোকৰ এই আশংকাত ভূগিছিল যে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিপ্লবী জাতীয় মুক্তি আন্দোলন সফল হ’লে ই দেশৰ পৰা মাথোন সাম্ৰাজ্যবাদী শোষককেই উৎখাত কৰিয়েই ক্ষান্ত নহ’ব, স্বাধীনতা আন্দোলনৰ নেতৃত্বৰ পৰা বুৰ্জোৱা শ্ৰেণীক উচ্ছেদ কৰি দেশত পূঁজিবাদী শাসন প্ৰতিষ্ঠাৰ সকলো সম্ভাৱনা নস্যাৎ কৰি পেলাব৷ এহাতে সাম্ৰাজ্যবাদৰ বিৰোধীতা আৰু আনহাতে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জনসাধাৰণৰ বিপ্লৱী জাতীয় মুক্তি আন্দোলনৰ ধাৰাটোৰ প্ৰতি চূড়ান্ত ভয়ৰ বাবে ভাৰতীয় বুৰ্জোৱা শ্ৰেণীৰ জাতীয়তাবাদী অংশ হৈ পৰে সংস্কাৰমূলক বিৰুদ্ধবাদী৷ অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্ম্মান্ধতা, জাত-পাত আদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি সকলোৰে সমানাধিকাৰৰ ভিত্তিত বিজ্ঞানসন্মত পূঁজিবাদী গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰাত বলিষ্ঠ ভূমিকা লোৱাৰ পৰিবৰ্ত্তে সামন্তবাদৰ প্ৰতি ই হৈ পৰে সমানেই আপোচকামী৷ ইয়াৰ ফলস্বৰূপে ফ্ৰান্স, ইংলণ্ডসহ ইউৰোপৰ বিভিন্ন দেশ আৰু আমেৰিকা, কানাডা আদিৰ দৰে নানা জনগোষ্ঠী থকা স্বত্বেও সুসংহত জাতিৰ ভিত্তিত এখন এখন দেশ হিচাবে গঢ়ি তোলাৰ সংগ্ৰাম কৰাৰ দৰে ভাৰতৰ জাতীয় বুৰ্জোৱাশ্ৰেণীয়ে সমাজৰ গণতন্ত্ৰীকৰণ আৰু ভাৰতৰ বিভিন্ন ভাষা-ভাষী আৰু ধৰ্ম্মালম্বী জনগোষ্ঠীসমূহৰ একত্ৰীকৰণৰ মাজেৰে এটি অখণ্ড জাতি গঠনৰ বাবে প্ৰয়োজনীয় সামাজিক আৰু সাংস্কৃতিক বিপ্লবৰ কাম সমাধা কৰিব নোৱাৰিলে৷ গতিকে বিভিন্ন ভাষা-ভাষী জনগোষ্ঠী আৰু বিভিন্ন ধৰ্ম্মাৱলম্বী ভাৰতীয় জনসাধাৰণ সাম্ৰাজ্যবাদ বিৰোধী স্বাধীনতা সংগ্ৰামৰ মাজেৰে ৰাজনৈতিকভাবে এটা ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজেদি এটা জাতি ৰূপে গঢ়ি উঠিল যদিও জাতি-ধৰ্ম্ম-ভাষা-বৰ্ণ-গোষ্ঠীৰ ভিত্তিত সামাজিক আৰু সাংস্কৃতিকভাবে তেওঁলোক হৈ থাকিল বিভিন্ন সম্প্ৰদায়ত বিভক্ত৷ অসমৰ ক্ষেত্ৰতো এই কথা সমানেই সত্য৷ এসময়ৰ অবিভক্ত অসম আৰু পৰৱৰ্তীসময়ত বিভক্ত হোৱা মণিপুৰ আৰু ত্ৰিপুৰাৰ বাহিৰে উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহ বিভিন্ন ভাষা-ভাষী, বিভিন্ন ধৰ্ম্মীয় সম্প্ৰদায়, বিভিন্ন সংস্কৃতি আৰু ৰীতি-নীতি সম্বলিত পাহাৰ আৰু ভৈয়ামৰ অসংখ্য জাতি-জনজাতি সম্বলিত অসংখ্য জনগোষ্ঠী সম্প্ৰদায়ৰ বাসভূমি৷ সংখ্যাগতভাৱে কোনো জনগোষ্ঠীৰেই সংখ্যাগৰিষ্ঠতা নথকা এই অঞ্চলটো বাস্তৱত সমগ্ৰ ভাৰতৰে এক ক্ষুদ্ৰ সংস্কৰণ যাক কোৱা হয় ‘মিনি ইণ্ডিয়া বা ক্ষুদ্ৰ ভাৰত’৷ প্ৰকৃততে, বিভিন্ন জনগোষ্ঠীৰ চৰিত্ৰত বিচিত্ৰতা থকা সত্বেও অতীতত বিভিন্ন জনগোষ্ঠীৰ ৰজা, সামন্তবাদী নেতাবোৰে পৰস্পৰৰ লগত ক্ষমতা কেন্দ্ৰীক যুজ-বাগৰত লিপ্ত হ’লেও সাধাৰণ ৰাইজৰ মাজত আজিৰ দৰে পাৰস্পৰিক কোনো অবিশ্বাস আৰু অসন্তষ্টিৰ পৰিবেশ নাছিল৷ নতুন নতুন উৰ্ব্বৰ মাটিৰ সন্ধানত বিভিন্ন জনগোষ্ঠীৰ কৃষিজীৱী লোকসকল এঠাইৰ পৰা আন এঠাইলৈ প্ৰবজন কৰিলেও যুগ যুগ ধৰি এই জনগোষ্ঠীসমূহে ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে তেওঁলোকৰ আচাৰ-অনুষ্ঠানসমূহ পাৰস্পৰিক সহযোগিতাৰে পালন কৰি আহিছিল৷ কংগ্ৰেছৰ নেতৃত্বত আমাৰ দেশত চলা স্বাধীনতা সংগ্ৰামৰ সময়ত যেতিয়া ভাৰতীয় জাতীয়তাবোধ জীৱন্তৰূপে কাম কৰি আছিল তেতিয়া এই অঞ্চলৰ সকলো মানুহক এটা ঐক্যবদ্ধ সমূহীয়া জনগোষ্ঠীলৈ ৰূপান্তৰিত কৰাৰ পূৰ্ণ সুযোগ আছিল যদিও কংগ্ৰেছে ইয়াৰ বাবে প্ৰয়োজনীয় সামাজিক আৰু সাংস্কৃতিক বিপ্লৱৰ কাম হাতত নল’লে৷

১৯৪৭ চনৰ ১৫ আগষ্টত সাম্ৰাজ্যবাদ আৰু সামন্ততন্ত্ৰৰ সৈতে আপোচমুখী ‘সংস্কাৰপন্থী বিৰুদ্ধবাদী’ কংগ্ৰেছৰ নেতৃত্বত ভাৰতবৰ্ষত গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতিস্থাৰ জৰিয়তে কিছু পৰিবৰ্ত্তন আহিলেও ভূৱা সমাজবাদৰ আবৰণ লগোৱা গণতন্ত্ৰৰ নামত শোষণমূলক পূঁজিবাদী গণতান্ত্ৰিক সমাজব্যৱস্থাহে প্ৰতিষ্ঠা হোৱাত ই গৰিষ্ঠ সংখ্যক জনসাধাৰণৰ কল্যাণ কৰাৰ পৰিবৰ্ত্তে দৈনন্দিন জীৱন-যাপন দুৰ্বিহ কৰা আৰ্থিক সংকট, চৰা দাম, অনগ্ৰসৰতা, নিবনুৱা সমস্যা ইত্যাদি এশ এবুৰি সমস্যাই তীব্ৰ অসন্তোষ সৃষ্টি কৰি আহিছে৷ সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে সংগঠিতহৈ একেলগে যাতে এই শোষণমূলক সমাজব্যৱস্থা উৎখাত কৰি উচ্চ-নীচ, ধনী-দুখীয়া, জাত-পাত-ধৰ্ম্ম-বৰ্ণ ভেদাভেদহীন প্ৰকৃত বৈজ্ঞানীক সমাজবাদী গণতন্ত্ৰ প্ৰতিস্থাৰ বাবে বিপ্লৱৰ পথত ভৰি দিব নোৱাৰে, তাৰবাবে ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ দৰে কংগ্ৰেছ দলেও ‘ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)’ নীতি অনুসৰণ কৰায়েই নহয় অধিক বৃদ্ধি কৰাৰ চেষ্টাত লিপ্ত হৈ আহিছে৷ গতিকে এই কথা পৰিস্কাৰ যে এই অঞ্চল সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ অধীন হোৱাৰে পৰা স্বাধীনোত্তৰ ভাৰতৰ অঙ্গ ৰাজ্য অসম হোৱাৰ পিচতো শাসক শ্ৰেণীৰ প্ৰত্যক্ষ আৰু পৰোক্ষ উদ্যোগতেই সাম্প্ৰদায়িক দ্বন্দ্বৰ ক্ষেত্ৰখনক জীপাল কৰি ৰখা হৈছে৷ এই ঘৃণনীয় নীতি কাৰ্য্যকৰী কৰিবলৈ স্বাধীনোত্তৰ ৬৮ বছৰে অধিকাংশ সময় অসমত ক্ষমতাৰ গাদিত বহি কংগ্ৰেছে সদায় সংকীৰ্ণ দলীয় স্বাৰ্থ পূৰণ কৰিবলৈ গৈ বিভিন্ন জনগোষ্ঠী-সম্প্ৰদায়ৰ মাজত বিশেষ কৈ জনজাতি আৰু অজনজাতিৰ মাজত বিভেদৰ বীজ বিয়পাবলৈ ভাষা আৰু অৰ্থনৈতিক সা-সুবিধা বণ্টনৰ ক্ষেত্ৰত চূড়ান্ত বৈষম্যমূলক নীতি গ্ৰহণ কৰি আহিছে৷ ইয়াৰ ফলস্বৰূপে স্বাধীনোত্তৰ অসমত যেতিয়া অন্ন-বস্ত্ৰ-গৃহ-শিক্ষা আদি সকলো ক্ষেত্ৰতে নগা, মিজো, খাছী, কাৰ্বি, বড়ো, ৰাভা, মিছিংসহ প্ৰায় সকলো জনজাতি অবহেলিত হৈ আহিছিল, কোনোসময়ত জীয়াই থাকিবৰ বাবে কঁচু-ধেকীয়া, অখাদ্য জন্তু, গছ-পাত, বাহফুল আদি খাই ভোক নিবাৰণ কৰিব লগা হৈছিল, কিন্তু সেই সময়ত তাৰ বাবে অসমৰ শাসক গোষ্ঠী ভাৰতৰ বৃহৎ পুঁজিপতি শ্ৰেণীৰ প্ৰতিনিধি কংগ্ৰেছ নেতৃত্বক দায়ী কৰাৰ পৰিবৰ্ত্তে ফিজো, উলিয়ামছন চাংমাকে ধৰি অন্যান্য জনজাতীয় নেতাসকলে সহজ-সৰল হোজা জনজাতীয় শোষিত ৰাইজক বুজালে যে সকলো অসমীয়াই তেওঁলোকক শোষণ কৰিছে, তেওঁলোকৰ দাৰিদ্ৰতাৰ বাবে দায়ী অসমীয়াসকল, আজি যেনেকৈ এবছুৰ নেতাসকলে, হাগ্ৰামা মহিলাৰী, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াহঁতে কৈ আছে, সহজ-সৰল বড়ো জনসাধাৰণক বুজাই আছে৷ যি গৰিষ্ঠ সংখ্যক অসমীয়া নিজেই পূঁজিবাদৰ যাঁতকলৰ দ্বাৰা শোষিত, সি আনক কি শোষণ কৰিব? শোষিতই শোষিতক শোষণ কৰিব পাৰে জানো?

অসমৰ বাবে বৰ দুখৰ কথা যে শেহতীয়াভাবে অসমৰ শোষিত জনগণক কংগ্ৰেছী শাসকসকলে জনগোষ্ঠীয় ভূৱা স্বায়ত্ব শাসনৰ নামত অসমৰ সৰ্ব্বসাধাৰণ ৰাইজক ভাগ ভাগ কৰি আলফাৰ স্বাধীন অসমৰ দাবী নস্যাৎ কৰিবলৈ ষষ্ঠ অনুসূচীৰ অপপ্ৰয়োগ কৰিছে আৰু সফলো হৈছে৷ ১৯৪৯ চনৰ ৫ চেপ্তেম্বৰত জনজাতীৰ বাবে ষষ্ঠ অনুসূচীৰ বিৰোধিতা কৰি বিধায়ক কুলধৰ চলিহাই কৈছিল- “If you see the background of this schedule you will find that the British mind is still there. There is the old separatist tendency and you want to keep them away from us. You will thus be creating a ‘tribalstan’ just as you have created a Pakistan’| আজি আমি অসমত তাৰ কুপ্ৰভাৱত কি দেখিবলৈ পাইছো? নক’লেও হ’ব ষষ্ঠ অনুসূচী হৈ পৰিছে তথাকথিত জনজাতিৰ সুৰক্ষা, উন্নয়ণ তথা আত্মনিয়ন্ত্ৰণৰৰ নামত জনগোষ্ঠী বা সম্প্ৰদায়সমূহৰ দুখীয়া জনগণক ভূৱা উন্নয়ণৰ প্ৰলোভনৰে উচতাই সেই জনগোষ্ঠী বা সম্প্ৰদায়সমূহৰ সমূহৰ এচাম ক্ষমতা আৰু ধনলোভী উঠিঅহা মধ্যবিত্ত শ্ৰেণী আৰু ৰাজনৈতিক নেতাৰ যিকোনো উপায়েৰে ধন ঘটাৰ আকাঙ্খা চৰিতাৰ্থৰ পথ৷ বৰ্ত্তমান শোষণমূলক সমাজব্যৱস্থাৰ উ্ৎখাত কৰি সমাজৰ গৰিষ্ঠ সংখ্যক শোষিত লোকৰ শোষণ মুক্তিৰ স্বাৰ্থত প্ৰকৃত বৈজ্ঞানীক সমাজবাদী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰা পৰ্য্যন্ত এইবোৰে এচাম লোকক ধনী কৰাৰ বাহিৰে সাধাৰণ দুখীয়া-নিছলা মানুহৰ কোনো উন্নতি সাধিব নোৱাৰে৷ অথচ ভাৰতবৰ্ষত তথাকথিত এচাম সাম্যবাদত বিশ্বাসী বুলি কোৱা ৰাজনৈতিক দলে কংগ্ৰেছী শাসকৰ ‘ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)’ নীতিৰে এক অস্ত্ৰ এই ষষ্ঠ অনুসূচীৰ বিৰোধিতা কৰাৰ পৰিবৰ্ত্তে ইয়াৰ আলম লৈ ক্ষমতা লাভৰ চেষ্টা কৰি আহিছে আৰু ক্ষমতা লাভো কৰিছে, কিন্তু ই সেই জনগোষ্ঠীসমূহৰ মাজত কিছুমান সুবিধাভোগী ৰাজনৈতিক নেতা আৰু দূৰ্নীতিপৰায়ণ ধনী-মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি কৰাৰ বাহিৰে দুখীয়া-নিছলা শোষিত শ্ৰেণীৰ শোষণ মুক্তিৰ ক্ষেত্ৰত একো পৰিবৰ্ত্তন আনিব পৰা নাই৷ ই মনত পেলাই দিয়ে স্বাধীনতা পোৱাৰ আগতে ভাৰতবৰ্ষৰ তথাকথিত সাম্যবাদী দলে মাৰ্ক্সবাদৰ প্ৰখ্যাত আৰু বহু প্ৰচাৰিত ‘Right of Nations to self determination’ তত্বক বিকৃত কৰি ১৯৪২ চনৰ ১০ আগষ্টত চি পি আইৰ মুখপত্ৰত নেতা পি চি যোশীয়ে ‘’মুছলমান সকল ধৰ্ম্মৰ ভিত্তিত এটা জাতি” যুক্তিৰ ভিত্তিত মুছলীম লীগৰ পাকিস্তান দাবীক জাতীয় আত্মনিয়ন্ত্ৰনৰ দাবী বুলি সমৰ্থন (সূত্ৰ: আজাদ হিন্দ ফৌজৰ সুবৰ্ণজয়ন্তী উদযাপন স্মৰণিকা) জনাই আজি সমগ্ৰ বিশ্বত ধৰ্ম্মীয় মৌলবাদৰ কেন্দ্ৰ হিচাবে ধিকৃত পাকিস্তান সৃষ্টিত আৰিহণা যোগোৱাকলৈ|

মই আমেৰিকা-কানাডাত থাকোতে দেখিছো বিশ্বৰ তথাকথিত সৰ্ব্বশ্ৰেষ্ঠ গণতন্ত্ৰ, ধন আৰু শিক্ষা-দিক্ষাত আগবঢ়া দেশ হিচাবে পৰিচিত দেশ দুখনত আদিবাসী জনজাতিসমূহক পূৰ্ণ স্বায়ত্বশাষণ দিয়া স্বত্বেও তেওঁলোকৰ সামগ্ৰীক অৰ্থনৈতিক অৱস্থা দুখলগাকৈ পিছপৰা, গৰিষ্ঠ সংখ্যক লোকেই অত্যন্ত দুখীয়া, স্বাস্থ্য, বিজুলি, শিক্ষাব্যৱস্থা আদি অনুন্নত, শিক্ষিতৰ হাৰ অত্যন্ত কম (বেছি ভাগেই স্কুলত আধা পঢ়িয়েই এৰি দিয়ে), ৰোগৰ প্ৰাদুৰ্ভাৱ, অকাল মৃত্যু, আত্মহত্যা, মদ-ড্ৰাগছ সেৱন, যৌন ব্যভিচাৰ আদি বেছি৷ অথচ যিসকল আদিবাসী জনজাতিৰ লোক সেই দেশ দুখনৰ মূলসূতিৰ লগত মিলি আছে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা, শিক্ষিতৰ হাৰ অন্য আমেৰিকান লোকৰ দৰেই উন্নত৷ আজি যি সকলে পৃথিবীৰ অন্যতম পিচপৰা শোষণমূলক পূঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থা বৰ্ত্তি থকা ভাৰতবৰ্ষৰ অঙ্গৰাজ্য অসমৰ বিভিন্ন জনগোষ্ঠীৰ অনুসূচীতকৰণ, পূৰ্ণ স্বায়ত্বশাসন, সুকীয়া ৰাজ্য, সংঘীয় বা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা, জনগোষ্ঠীয় উচ্চসদন আদিৰ যোগেদি উন্নতিৰ সপোন দেখিছে, আশাকৰো তেওঁলোকে কথাবোৰ ভাবি চাব৷ নহ’লে ভাৰতৰ স্বাধীনতা সংগ্ৰামত লাখ লাখ মানুহৰ ত্যাগ অথলে যোৱাৰ দৰে তেওঁলোকৰ ত্যাগো অথলে যাব৷ ভাৰতবৰ্ষৰ প্ৰচলিত পূঁজিবাদী সমাজ ব্যৱস্থাৰ মাজত থাকি আমি যিমান সততাৰেই ক্ষমতাৰ বিকেন্দ্ৰীৰণৰ নিবিচাৰো কিয়, ই মাথো দুৰ্নীতিৰহে বিকেন্দ্ৰীকৰণ ঘটাই এক প্ৰহসন আৰু প্ৰতাৰণাত পৰিণত হ’বলৈ বাধ্য, কাৰণ এই ব্যৱস্থাবোৰো পূঁজিবাদী ৰাষ্ট্ৰযন্ত্ৰৰ বিধি-নিয়মৰ অধীনত চলিবলৈ বাধ্য৷

Comments

1 Comment so far

Jump into a conversation
  1. Anonymous
    #1 Anonymous 17 August, 2015, 21:29

    Comment text..bohut bhal lagil…

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.