চাকৰিয়াল মাতৃৰ সন্তানৰ প্রতি দায়বদ্ধতা

চাকৰিয়াল মাতৃৰ সন্তানৰ প্রতি দায়বদ্ধতা

চাকৰিয়াল মাতৃৰ সন্তানৰ প্রতি দায়বদ্ধতা

by September 15, 2015 0 comments

(সম্পাদকীয় টোকা: অকব’ৰ মজিয়াত দ্বীপান্বিতা বৰাৰ পোষ্ট এটাৰ আঁত ধৰি ভিন্ন সদস্যই আগবঢ়োৱা মতামতসমূহৰ নিৰ্বাচিত ৰূপ:)

image

 

দ্বীপান্বিতা বৰাৰ মূল পোষ্টটো :

“আজিৰ নাৰী প্ৰায় সংখ্যকে চাকৰিয়াল! কিবা নহয় কিবা কর্ম কৰি স্বাৱলম্বীহৈ উপার্জন কৰি আত্মসন্তুষ্টি পায়! কিন্তু কাম কৰিবলৈ গৈ কিমানে কি হেৰুৱায়! উদাহৰণ- সন্তানে মাক আহিব কামৰ পৰা খাবলৈ ৰৈ থাকে,কামকৰা মানুহৰ লগত জীৱনৰ আচল শৈশৱ কটাব লগা হয়! কিমান হেৰুৱায় এটা সন্তানে মাক চাকৰিয়াল হ’লে!”

মন্তব্যসমূহ:

১> ড° মৃদুল কুমাৰ বৰা: সন্তানৰ বাবে বাপেকতকৈ মাকৰ প্ৰয়োজন বেছি। বহু সন্তান বিপথে যোৱাৰ আঁৰত পিতৃ-মাতৃৰ সংস্পৰ্শ নথকাটোৱেই।

২> দ্বীপান্বিতা বৰা: বহুতেই কিবা এটা কৰিবলৈ গৈ বহুত হেৰুৱায়! যিটো এক সমস্যা, কিন্তু এটা কথা ঠিক মাকবোৰ চাকৰিয়াল হ’লে সন্তানে নিজৰ কাম নিজে কৰিবলৈ শিকে৷

৩> সুজাতা হাতীবৰুৱা: কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লগা হয়েই সকলোতে। মোৰ দহমাহ বয়সত মা এক বছৰৰ বাবে ট্ৰেইনিঙলৈ গুচি যাব লগা হৈছিল। সেইবছৰটো থাকিলো আইতা- এনাইদেউহঁতৰ লগত। অলপ অসুবিধা হয়। কিন্তু সেইবুলি চাকৰিটো আৰু কোনেও মহিলালৈ ৰাখি থৈ নিদিয়ে। নিজৰ কামবোৰ, দুই-এটা ঘৰৰ কাম সৰুৰে পৰা নিজে কৰিবলৈ শিকা হয়। পৰনিৰ্ভৰশীল হোৱাতকৈ নিজে কৰিব পৰাটোত আনন্দ আছে।

৪>দ্বীপান্বিতা বৰা: আমাৰ মায়ো অফিছৰ চাকৰিয়াল আছিল! শিক্ষা অনুষ্ঠানত কাম কৰা মাকসকলে বহু সময় পায় সন্তানৰ ক্ষেত্ৰত কিন্তু অফিছৰ চাকৰিয়ালৰ সময় কম ১০ বজাৰ পৰা ৫ বজালৈ চাকৰি৷ যাৰ আইতাক,ককাক আৰু পৰিয়ালৰ মানুহ নাথাকে তেওঁলোকে বহুত ভুগিব লগাত পৰে! দুজনে কাম কৰিলে আর্থিকভাৱে উন্নতি হয় ঘৰখনৰ কিন্তু হেৰুৱাই বহু সন্তানে।

৫> বনশ্ৰী কোঁৱৰ: বৰ্তমান সময়ত এখন ঘৰ সুচাৰুৰৰূপে চলাবলৈ পিতৃ-মাতৃ দুয়োজনৰে চাকৰিৰ খুবেই প্ৰয়োজন৷ কিন্তু তাকে কৰিবলৈ যাওঁতে (বিশেষকৈ মাক ওলাই গ’লে) যিখিনি লটি-ঘটি খাব লগা হয়, বৰ্ণনা কৰিব নোৱাৰি৷ কেতিয়াবা ভাৱ হয় চাকৰিটো এৰি দিয়া যাওক নেকি? কিন্তু পাৰিম জানো! শেষত সকলো চিন্তা-চৰ্চা আহিবলগীয়া দিনবোৰৰ ওপৰতে এৰি দিওঁ, দেখা যাওকচোন বুলি৷

৬> ধনশ্ৰী কলিতা: কেৱল মাকৰ দায়িত্ব বুলি কৈ থকাৰ বাবে বেছি পয়মাল হৈছে। চাকৰি কৰক বা নকৰক ঘৰলৈ আহি ৰাতিৰ ভাত ৰন্ধাৰ পাল মাকৰহে। পুৱাৰ চাহৰ পৰা সন্তানৰ টিফিনৰ দায়িত্ব মাকৰহে! আৰু এই অলিখিত নিয়মটোৰ পৰিবৰ্তন নোহোৱাৰ বাবে এগৰাকী চাকৰিয়াল মহিলাই ভাল মাতৃ বা আদৰ্শ বোৱাৰী হব নোৱাৰিলে বুলি হতাশাত ভোগে। এই হতাশা কেতিয়াবা এনেকুৱা হৈ যায় যে হতাশাজনিত মানসিক ৰোগৰ চিকাৰ হৈ যায়। পুৰুষ এজনৰ এনেকুৱা কেতিয়াবাহে হয়। কাৰণ আমাৰ সমাজৰ অলিখিত নিয়ম মতে পুৰুষৰ কামেই হল উপাৰ্জন কৰা আৰু পৰিয়ালৰ যাবতীয় খৰছ বহন কৰা। আৰু সেয়াই পিতৃৰ কৰ্তব্য বুলি ভবাৰ কাৰণে পুৰুষৰ ভাল পিতৃ হব নোৱাৰাৰ নিচিনা হতাশা নাহে। যদি তেওঁ উপাৰ্জন কৰিব নোৱাৰে তেতিয়াহে হতাশাত ভুগিব! নাৰীৰ সমস্যাটো ওলোটা৷ নাৰীয়ে সন্তানৰ বাবে চাকৰি এৰিব পাৰে যদিও পুৰুষে নোৱাৰে! সন্তানক মাকক বেছিকৈ লগাৰ কাৰণো সেইটোৱেই। স্কুলৰ পৰা আহি যিয়ে ভাতৰ কাঁহী আগত বাঢ়ি দিব তেওঁৰ ওপৰত সন্তানৰ নিৰ্ভৰশীলতা বাঢ়িবই! আচলতে সহযোগিতা থাকিলে এনে নহয়।

৭> উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা: মোৰ ক্ষেত্ৰত পিছে মাৰ চাকৰিটো অসুবিধাতকৈ সুবিধাহে অধিক হৈছে৷ উল্লেখযোগ্য যে স্কেণ্ডিনেভিয়ান দেশসমূহ যাৰ human development index আটাইতকৈ বেছি, সেই সমূহতে শতকৰা হিচাপে women in workforce ও অধিক৷ এই তথ্যৰ পৰা আমি বহু কথাই correlate কৰিব পাৰো দৰাচলতে৷ আৰু ভাৰতত primary sector বাদে অইন sector মানে যাক আমি প্ৰকৃতাৰ্থত চাকৰিয়াল বুলিব পাৰো, তেনে মহিলা ৩০% তকৈ অধিক নহয়৷ আৰু বনকৰা মানুহৰ সৈতে শৈশৱ কটালে কি কি অসুবিধা হয়? ময়ো কটাইছো, মোৰ ভণ্টিয়েও কটাইছে, মোৰ কেবাগৰাকী বন্ধু- বান্ধৱীয়েও কটাইছে, আমিবোৰ ঠিকেই আছো দেখোন৷

৮> ধনশ্ৰী কলিতা: মই জনাত আমাৰ আইতাহঁতে হেনো দেউতাহতক সময়েই দিব নোৱাৰিছিল। পথাৰৰ কাম, ঘৰৰ কাম, তাঁতৰ কাম আদি কৰোতেই হেনো দিনটো গৈছিল। দেউতাহঁত ককাক আইতাকৰ কোলাতহে ডাঙৰ হৈছিল। গতিকে সকলো একেই আছে। এতিয়া যেনিবা মাকে সেইবোৰ নকৰি চাকৰি কৰিছে! তদুপৰি হাউছৱাইফৰ সন্তানহে ভাল হব জাতীয় কথাও ভিত্তিহীন! সমাজৰ বেছিভাগ মহিলা গৃহিণীয়েই দেখোন! মইতো দেখা নাই সকলোৰে সন্তান ভাল আদৰ্শবান হোৱা! অৱশ্যে সন্তানক মৰম আদৰ দিব নাপালে নাৰী হিচাপে অলপ হতাশ হব পাৰে।

৯> প্ৰতীক্ষা দাস: হেৰুৱাব লগা একো নাই৷ আমাৰ মায়ে চাকৰি কৰে৷ এজন সন্তান কাৰণে ইয়াতকৈ গৌৰৱৰ কথা কি হ’ব পাৰে! “এজনী কৰ্মৰত মাকে দিনটো অফিচত থকাৰ পিছতো কেনেদৰে সুন্দৰভাৱে নিজৰ সন্তানক উপযুক্ত কৰি গঢ়ি তোলে”- প্ৰশ্নটো এনেকুৱা হলে বেছি শুৱনি হল’হেতেন! কিছুমান কথা চিধাকৈ ক’ব পাৰি! “কোনোবা সন্তানৰ বাবে মাকে চাকৰি কৰাটো যদিহে ব্যাধি হয়, সেয়া সম্পূৰ্ণৰূপে ব্যক্তিগত সমস্যা! এইবোৰ সামাজিক ব্যাধিৰ অন্তৰ্ভুক্ত কৰাটো বৰ উচিত নহব!

১০> দ্বীপান্বিতা বৰা: আমাৰ মা চাকৰিয়াল আছিল এতিয়া অৱসৰ ল’লে৷ মাৰ চাকৰিটোকলৈ আমি আজিও গৌৰৱ কৰো মা যে শিক্ষিত, স্বাৱলম্বী আছিল! এক উচ্চ পর্য্যায়ৰ চাকৰিয়াল আছিল আমাৰ মা৷ মাৰ চাকৰিয়ে আমাকো স্বাৱলম্বী হৈ নিজৰ ভৰিৰ ওপৰত ঠিয় হ’বলৈ শিকালে! মাৰ চাকৰিয়ে আমাক আর্থিকভাৱে টনকিয়াল কৰিলে তাক স্বীকাৰ কৰো৷ কিন্তু তাৰ মাজতো আমি বহু কিবা কিবি হেৰুৱালো৷ কাম কৰা মানুহ কেতিয়াও মাক হ’ব নোৱাৰে৷ আমি কাম কৰা মানুহৰ লগতে ডাঙৰ হ’লো৷ কিছুমান কথা ব্যক্তিগত যি নিজেহে জানে৷

১১> ড° মৃদুল কুমাৰ বৰা:      পৰিবেশ দুটা-

  •  যৌথ পৰিয়াল- ককা, আইতা, মা, দেউতা, খুড়া, খুড়ী, তেওঁলোকৰ সন্তানৰ সৈতে ডাঙৰ হোৱা ল’ৰা-ছোৱালী
  • একক পৰিয়াল- মা, দেউতাৰ সৈতে ডাঙৰ হোৱা ল’ৰা-ছোৱালী

এই দুয়োটা পৰিৱেশত মাকে সন্তানক অলপো সময় দিব নোৱাৰিলে তেওঁলোকৰ সন্তানসকলৰ মানসিক দৃষ্টিভংগী সুকীয়া হ’ব। আজিৰ ল’ৰা-ছোৱালী অধিক স্বাৰ্থপৰ হোৱাৰ মূলতে একক পৰিয়াল। শিশুৱে সামাজিক মূল্যবোধৰ শিক্ষা পাবৰ বাবে একক পৰিয়ালত উপাদান প্ৰায় নাথাকেই। নগৰীয়া ল’ৰা-ছোৱালী গাঁৱলীয়া ল’ৰা-ছোৱালীতকৈ অধিক স্বাৰ্থপৰ। কাৰণ একেই। আজি ২৫ বছৰ বয়সীয়া এজন ব্যক্তিয়ে সেই কথা স্বীকাৰ লকৰিলেও চল্লিশোৰ্ধ এজনে তাক ভালদৰেই অনুধাৱন কৰিব পাৰিব। মই মহিলাই উপাৰ্জন কৰাৰ বিৰোধী নহওঁ। কিন্তু একেসময়তে সন্তানৰ বাবে অলপ সময় ৰখাও প্ৰয়োজন বুলি অনুভৱ কৰোঁ। পিতৃতকৈ মাতৃ সন্তানক গঢ় দিয়াত বেছি সফল। সেই কথা সকলোৱে স্বীকাৰ কৰিবই লাগিব।

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.