সাম্প্ৰদায়িক অসমীয়াৰ প্ৰতি (বিকাশ কুমাৰ ভট্টাচাৰ্য)

সাম্প্ৰদায়িক অসমীয়াৰ প্ৰতি 	(বিকাশ কুমাৰ ভট্টাচাৰ্য)

সাম্প্ৰদায়িক অসমীয়াৰ প্ৰতি (বিকাশ কুমাৰ ভট্টাচাৰ্য)

by December 15, 2015 0 comments

ক্ৰমশঃ সাম্প্ৰ্দায়িক মেৰুবিভাজন ঘটিবলৈ ধৰা অসমীয়া সমাজখনৰ গেৰুৱামুখী অসমীয়া হিন্দু আৰু ৱাহাবপন্থামুখী অসমীয়া মুছলমানসকললৈ আহ্বান জনাও যে তেওঁলোকে নিজৰ ৰাজনৈতিক অপকৰ্মবোৰৰ মাজতে এবাৰলৈ হ’লেও সময় উলিয়াই চৈয়দ আব্দুল মালিকৰ ‘সুৰুযমুখীৰ স্বপ্ন’ পঢ়ক! মালিকৰ উপন্যাসৰ তগৰ, গুলচ ইত্যাদি চৰিত্ৰবোৰ হিন্দু নে মুছলমান তেওঁলোকে ক’ব পাৰিবনে? অন্ততঃ ভাৰতৰ সৈতে সংলগ্ন হোৱাৰ পূৰ্বতে, আৰু তাৰো বহু পিছলৈ, অসম দেশত মুষ্টিমেয় উচ্চবৰ্ণজাত হিন্দুৰ মাজতে জাত-পাতৰ ভণ্ডামিবোৰ সীমাৱদ্ধ আছিল৷ বৃহত্তৰ অৰ্থত গ্ৰাম্য শ্ৰমজীৱী সমাজখন ধৰ্মভিত্তিক সাম্প্ৰদায়িকতাৰ ঊৰ্দ্ধত আছিল৷ চৈয়দ আব্দুল মালিকৰ উপন্যাসৰ সমাজখন ‘হাইপোথেটিকেল’ নহয়; বৰং তাহানিৰ অসমৰ জীয়া ছবি৷ বোধহয় এয়া আছিল ‘গ্ৰেইট ট্ৰেডিছন’ৰ বাহিৰত থকাৰ অনাকাংক্ষিত ঐতিহাসিক সুবিধা/সুফল! আহোম ৰাজত্বৰ কালছোৱাক ‘সোণালী যুগ’ আখ্যা দিয়াৰ প্ৰৱণতা নাৰাখিও কওঁ যে বহুত্ববাদক (pluralism) ৰাজনৈতিকভাৱে পৃষ্ঠপোষকতা কৰা হৈছিল৷ ৰুদ্ৰসিংহ স্বৰ্গদেউৰ (১৬৯৬-১৭১৪) ডা-ডাঙৰীয়াসকলৰ পৰিচয়লৈ লক্ষ্য কৰকঃ থাকুমথা বৰাহী মূলৰ, চাও থুমলুং বৰগোহাঁই কছাৰী, চাওফ্ৰাং বৰগোহাঁই মটক, চেংলুং বৰপাত্ৰগোহাঁই মটক, মৌপিয়া ওৰফে লাচাই নগা, মোমাই তামোলী লুখুৰাখন বংশীয় আহোম৷ কমলেশ্বৰ সিংহৰ দিনত মিৰি সন্দিকৈ, চাওদাং জাতৰ চাওদাং বৰুৱাই ৰজাঘৰীয়া বিষয় পাইছে৷ বাঘ হাজৰিকা (ইছমাইল চিদ্দিক) আৰু অন্যান্য বহুকেইজন থলুৱা অসমীয়া মুছলমানে ৰজাঘৰীয়া বাব পাইছিল; সুকলমে পালনো কৰিছিল৷ ধৰ্ম তাত অন্তৰায় হোৱাৰ অৱকাশেই নাছিল৷ নানানটা থলুৱা জনগোষ্ঠীৰ মাজৰে অসমীয়া মুছলমানসকলো (লুইতপৰীয়া গৰিয়া-মৰীয়া আৰু বৰাকৰ পাৰৰ কাছাৰী) এটা৷ ‘কালৰ কুটিলা গতিত’, ব্ৰিটিছ ভাৰতৰ লগত সংলগ্ন হোৱাৰ পিছত, ‘সংস্কৃতকৃত’ (sanskritized) অসমীয়া বৰ্ণহিন্দুয়ে সাম্প্ৰদায়িকতাৰ ক্ষীণ সুঁতি এটাক প্ৰশ্ৰয় দিবলৈ ল’লে, অৱশ্যেই কিছুসংখ্যক ভাৰতীয় মুছলমানৰ গৃহভূমি সৃষ্টিৰ আকাংক্ষাৰ ৰাজনীতিৰ প্ৰতিক্ৰিয়া হিচাপে, য’ত অসমৰ মুছলমানৰ কোনো ভূমিকা নাছিল৷ বৰং ধুবুৰীৰ এনে কেইটামান থলুৱা মুছলমান পৰিয়ালক মই ব্যক্তিগতভাৱে জানো পাকিস্তান সৃষ্টিৰ বিৰোধিতা কৰা বাবে মুছলিম লীগৰ সদস্যই যাৰ ঘৰলৈ বিষ্ঠা নিক্ষেপ কৰিছিল, আৰু পৰৱৰ্তীকালত ধৰ্মত মুছলমান হোৱাৰ বাবেই তেওঁলোক হিন্দু চুবুৰীয়াৰদ্বাৰাও নিগৃহীত হৈছিল৷ কিন্তু আজিও তেওঁলোকে ধৰ্মীয় পৰিচয়তকৈ জাতীয় পৰিচয়ক গৰ্বসহকাৰে অগ্ৰাধিকাৰ দিয়ে৷

মঙলদৈ অঞ্চলত প্ৰচলিত ‘ফৰ্মুদ প্ৰমীলাৰ গীত’ য’ত ফৰ্মুদক ‘অজাতীয়’ আখ্যা দিয়া হৈছে সি ভাৰতবৰ্ষত সাম্প্ৰদায়িক দাংগাই গা কৰি উঠাৰ পিছৰ সৃষ্টি; চহৰীয়া, ‘সংস্কৃত’ সমাজত সাময়িকভাৱে চলতি হোৱা ‘আৰবান ল’ৰ’হে মাথোন! সেয়া অসমীয়াৰ ৰায় নহয়৷

তাহানি ‘অসমীয়া’ কাকতে প্ৰকাশ কৰা দুটামান বাতৰি চাওঁক: “মঙলদৈ, ১৯ এপ্ৰিল, ১৯৪৭: ‘মুছলমান হ’লেও বা হিন্দু হ’লেও প্ৰথমতে আমি অসমীয়া৷ মুছলীম লীগে অসম ধ্বংস কৰিবলৈ যি ব্যাপক অভিযান আৰম্ভ কৰিছে, তাক প্ৰতিৰোধ কৰাটো প্ৰত্যেক হিন্দু-মুছলমানৰে পৱিত্ৰ কৰ্তব্য৷’ এই বুলি ১৩ এপ্ৰিলৰ দিনা বঙলাগড় শিবিৰ প্ৰাংগণত জাতীয় সপ্তাহৰ শেষ দিন উপলক্ষে বহা এখন সভাত বক্তৃতা প্ৰসংগত লোকেল বোৰ্ডৰ ভাইচ্ চেয়াৰমেন ডা° মহবুব আলীয়ে কয়৷”

‘অসমীয়া’ কাকতৰে ২৭/০৪/১৯৪৭ ৰ আন এটা বাতৰি চাওঁকঃ “ৰহা: …যোৱা বুধবাৰে ৰহা মজলীয়া স্কুলত মহম্মদ জুবেদাৰ ৰহমান ডাঙৰীয়াৰ সভাপতিত্বত ৰহা অঞ্চলৰ সমূহ হিন্দু-মুছলমান ৰাইজৰ এখন সভা বহে৷ সভাত ভালেসংখ্যক অসমীয়া মুছলমান উপস্থিত আছিল৷ মহম্মদ ৰহিমুদ্দিন ডাঙৰীয়াই বক্তৃতা দি কয় যে মুছলিম লীগে যি পাকিস্তানৰ নাম লৈ আমাৰ অসম দেশত অশান্তিৰ সৃষ্টি কৰিছে তেনে পাকিস্তানৰ এনে অশান্তিমূলক নীতি কেতিয়াও প্ৰতিষ্ঠিত হ’ব নোৱাৰে৷ লীগৰ এই আক্ৰমণ হিন্দুতকৈ অসমীয়া মুছলমানৰ পক্ষেহে বেছি অনিষ্টকৰ৷ অসমীয়া মুছলমানসকল এনে প্ৰৰোচনাত ভোল গ’লে স্বদেশৰ প্ৰতি ঘোৰ অন্যায় কৰা হ’ব৷ বিদেশীৰ কবলৰপৰা আমি অসমীয়াই অসমক ৰক্ষা কৰিবই লাগিব৷ তাৰ বাবে অসমীয়া হিন্দু-মুছলমান ঐক্যৱদ্ধ হৈ লীগৰ এই আক্ৰমণ প্ৰতিৰোধ কৰা উচিত৷ প্ৰথমে আমি অসমীয়া পাছতহে অইন৷ “এইবোৰ কেৱল ব্যক্তিবিশেষৰ মতামত নাছিল; বৰং অসমীয়া মুছলমানৰ সংঘৱদ্ধ, সংগঠিত প্ৰতিবাদী কণ্ঠ৷ কাকজানত মহম্মদ চালেহ ডাঙৰীয়াই উদ্দীপনাময়ী কণ্ঠেৰে ভাষণ দি ফুৰিছিল, “আমি প্ৰথমতে অসমীয়া পাছতহে মুছলমান৷ …অসমত হিন্দুস্তান-পাকিস্তানৰ প্ৰশ্ন উঠিব নোৱাৰে, আমি বিচাৰো স্বাধীনতা৷’’ (উৎস: ‘অসমীয়া’ৰ পোহৰত অসমীয়াৰ চাৰি দশকৰ ইতিহাস; লেখক: ৰাধিকামোহন ভাগৱতী )

আশীৰ দশকত ‘বিদেশী খেদা আন্দোলন’ত অসমীয়া মুছলমান সম্প্ৰদায়ে–আন্দোলনটোৰ নেতৃবৃন্দৰ মাজতে সোঁপন্থী উপাদানৰ উপস্থিতি সত্ত্বেও–সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল৷

‘দৈনিক অসমীয়া’ৰ সম্পাদকে অসমীয়াৰ সংজ্ঞা আগবঢ়োৱা নাই, কিন্তুু তেখেতে বহিৰাগতৰ যি সংজ্ঞা আগবঢ়াইছে তাৰদ্বাৰাই ‘অসমীয়া কোন’ বহুখিনি স্পষ্ট হৈছেঃ

“অসমৰ পুৰণি বুৰঞ্জীত বিদেশী আক্ৰমণকাৰী মাত্ৰকে বঙাল বোলা হৈছিল (: মনত ৰখা দৰকাৰ বঙাল মানে বঙালী নহয় )৷ বংগদেশত বাস কৰক বা অসমতে বাস কৰক বঙালীৰ বিৰুদ্ধে কোনো শত্ৰুতা নাই৷ কিন্তু অসমৰ ভিতৰতে হওক বাহিৰতে হওক অসমবাসীৰ স্বাৰ্থৰ বিৰুদ্ধে যেয়ে থিয় দিয়ে সেয়ে বঙাল৷ বংগভাষীয়েই হওক বা অন্যভাষীয়েই হওক অসমলৈ আহি অসমীয়াৰ সৈতে ভাই-ককাইৰ দৰে যিসকলে অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে নগৈ অসমত বাস কৰিছে, তেওঁলোকক “অসমীয়া“ই বঙাল বোলা নাই৷ ছিলেটৰ বসন্ত কুমাৰ দাস, বৈদ্যনাথ মুখাৰ্জী আদি যিসকল মাননিয় নেতাই অসমীয়াৰ ন্যায্য স্বাৰ্থৰ হকে মাত মাতিছে বঙলা ভাষাত কথা ক’লেও তেওঁলোক অসমীয়া ককাই-ভাই৷ কিন্তু ইংলেণ্ডৰ পৰাই আহক, বংগদেশতে থাকক, ছিলেটতে থাকক বা গুৱাহাটীতে থাকক অসমৰ এই জাতীয় সংকটৰ সময়ত যেয়ে অসমৰ ওপৰত অযথা আক্ৰমণ চলাব সেয়ে বঙাল–সেয়ে বিদেশী আক্ৰমণকাৰী৷ তেওঁলোকক নিৰ্মূল কৰি দেশ মুক্ত কৰাটো অসমীয়াৰ ঐতিহাসিক ধৰ্ম৷”

অপ্ৰাসংগিক হ’লেও এটা লক্ষণীয় কথা হ’ল পশ্চিমৰপৰা অহা আগ্ৰাসনকাৰীকহে বিশেষতঃ ‘বঙাল’ আখ্যা দিয়া হৈছিল, হয়তো তাত তাহানিৰ অসমীয়াৰ পেন-মংগোল ‘ছ’চিয়েল মেপিং’-এ ক্ৰিয়া কৰিছিল! যি কি নহওক প্ৰৱন্ধটোত আমি উল্লিখিত তথ্যসমূহৰ অৱতাৰণা কৰাৰ কাৰণ হৈছে বিশেষ কেইটামান দিশলৈ দৃষ্টি নিক্ষেপ কৰা৷

ক) অসমীয়া বুলিলে কেৱল ‘বৰ্ণহিন্দু’খিনিক সূচিত কৰাৰ চক্ৰান্তকাৰী ধাৰা এটা তাহানিৰপৰাই অনা-অসমীয়া, ৰাষ্ট্ৰীয় নেতাসকলে অব্যাহত ৰাখিছে৷ ভাৰতৰ অন্যান্য ঠাইৰ দৰে অসমতো ’পৰিচয়’ ধৰ্মৰ ভিত্তিত গঢ় লয় বুলি তেওঁলোকে পোনচাটেই ধৰি লয়৷ সেইবাবেই আমি দেখো লাচিতক বিজেপিয়ে ধুমধামেৰে ‘জাতত তোলে’, কিন্তু নামাজত ব্যস্ত থকা মোগল সেনাৰ বৰটোপ ধ্বংস কৰা বাঘ হাজৰিকাক (:তেওঁ যে ধৰ্মতকৈ জাতিক আগ কৰিছিল ইয়াতকৈ আৰু ডাঙৰ নিদৰ্শণ কি হ’ব পাৰে!) সুঁৱৰিবলৈ পাহৰে৷

১৮২৬-পূৰ্বৰ অসমখনলৈ লক্ষ্য কৰিলে, তদুপৰি স্থানীয় বুৰঞ্জীলৈ লক্ষ্য কৰিলে গম ধৰিব পাৰি যে দৰাচলতে এই ভূখণ্ডৰ নানানটা জাতি-গোষ্ঠীয়ে নিজৰ জনগোষ্ঠীয় পৰিচয় অক্ষুণ্ণ ৰাখিও ‘অসমীয়া’ পৰিচয়ৰ কাঠামোত প্ৰৱেশ কৰিছিল; ধৰ্ম তাত অন্তৰায় হোৱাৰ কথা নাছিল৷ সেয়েহে আমি অসমীয়া বুলিলে এনেকৈ বুজো: খিলঞ্জীয়া জনগোষ্ঠীসমূহ (: অৱশ্যেই তেওঁলোকৰ স্বকীয় নৃগোষ্ঠীয় পৰিচয়ক স্বীকৃতি দি), থলুৱা মুছলমান আৰু অজনজাতি বৰ্ণহিন্দু বা মিপাকসকল, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ন-অসমীয়া হোৱা মানৱগোটসমূহ যথাঃ বঙালী, মাৰোৱাৰী, বিহাৰী, হিন্দুস্তানী, চাহ জনগোষ্ঠী, উড়িয়া, পূৰ্ববংগীয় মুছলমান ইত্যাদি (যিসকলে অসমকে মাতৃভূমি হিচাপে লৈছে, আৰু ইয়াত কৰা উপাৰ্জন খৰচ কৰিবলৈ ’দেশ’ত দ্বিতীয় এখন ঘৰ নাই তেওঁলোকৰ কথা কৈছো! )

খ) যিকোনো ধৰণৰ জন প্ৰব্ৰজনেই স্থানীয় সম্পদৰ ওপৰত থলুৱাৰ অধিকাৰক খৰ্ব কৰে৷ উদাহৰণস্বৰূপে বৰ্তমান ডিমা হাচাও জিলাৰ সংঘাতলৈ লক্ষ্য কৰিব পাৰি ৷ ডিমাচা সংঘাতৰ ক্ষেত্ৰত এক মূল কাৰক হৈছে জিলাখনলৈ মাৰ (Hmar) জনগোষ্ঠীৰ প্ৰব্ৰজন, আৰু ফলস্বৰূপে থলুৱা ডিমাচা গোষ্ঠীসমূহৰ স্থান সংকোচন -সম্পদৰ অধিকাৰৰ প্ৰতিদ্বন্দ্ব্বিতা৷

গ) নিজৰ ৰাজনৈতিক আনুগত্যৰ ঊৰ্দ্ধলৈ গৈ অসমক ভালপোৱা প্ৰতিজন ব্যক্তিয়েই এটা কথা স্বীকাৰ কৰিব যে প্ৰায় যোৱা এটা শতিকাযুৰি প্ৰব্ৰজন অসমৰ এটা প্ৰধান সমস্যা হিচাপে চিহ্নিত হৈ আহিছে৷ প্ৰব্ৰজনৰ ফলস্বৰূপে থলুৱা জনগোষ্ঠীসমূহে সম্পদৰ অধিকাৰ হেৰুৱাইছে৷ আনকি খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে সংৰক্ষিত “ট্ৰাইবেল বেল্ট/ব্লক’’ৰ ভূমিও অবৈধ প্ৰব্ৰজনকাৰী, ভাৰতীয় পুঁজিপতি, অজনজাতি মিপাকৰ হাতলৈ গৈছে৷ ৰাজ্যখনৰ মুঠ মাটিকালিৰ যি সামান্য অংশ এটা জনজাতিৰ বাবে সংৰক্ষিত আছিল সেইখিনি ৰক্ষা কৰিব নোৱৰা শাসকবৰ্গই কি যুক্তিত নতুন প্ৰব্ৰজনকাৰীক উৎসাহিত কৰাৰ কথা কয়? কংগ্ৰেছে নেহৰুৰ দিনৰেপৰা মূলতঃ পূৰ্ববংগীয়/বাংলাদেশী মুছলিম প্ৰব্ৰজনক উৎসাহিত কৰাৰ বিপৰীতে বিজেপিয়ে শাসনত অধিষ্ঠিত হৈয়েই বাংলাদেশী হিন্দু প্ৰব্ৰজনক উৎসাহিত কৰিছে৷ এইটো স্পষ্টভাৱে পৰিস্ফুট হৈছে যে দুয়োটা দলেই ‘সুৰক্ষিত-স্থায়ী’ ভোটবেংক নিৰ্মাণৰ লক্ষ্যৰে এনে নীতি গ্ৰহণ কৰি আহিছে৷ য’ত নেকি বিগত শতিকাটোৰ অসমীয়া সামাজিক বাগধাৰা মূলতঃ এই বিষয়টোক কেন্দ্ৰ কৰিয়েই পৰিক্ৰমিত হৈছেঃ ‘অবৈধ প্ৰব্ৰজন আৰু থলুৱাৰ সম্পদৰ ওপৰত থকা ন্যায্য অধিকাৰ হৰণ’, তেনেস্থলত যি কোনো কাৰণতে নহওক কিয় নতুন প্ৰব্ৰজনক উৎসাহিত কৰাটো খিলঞ্জীয়া জাতি-গোষ্ঠীৰ প্ৰতি কৰা ‘অপৰাধ’ বুলি বিবেচিত হ’বৰ যোগ্য৷

পীতাম্বৰ দেৱগোস্বামী, যাৰ দেশপ্ৰেম (আৰু অসম প্ৰেম) প্ৰশ্নৰ ঊৰ্দ্ধত, তেখেতে ১৯৬২ চনতে প্ৰধানমন্ত্ৰী নেহৰুলৈ চিঠি লিখিছিলঃ “অসমত মাটিহীন হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ থলুৱা লোকৰ সংস্থাপনৰ কাৰণেই ৰাজ্যখনত অতি নাটনি হৈছে৷ “স্থানান্তৰত আমি লেখিছিলো “ইতিহাসে প্ৰমান কৰি থৈছে যে অসমে ইতিমধ্যেই সৰ্বাধিক ত্যাগ কৰিলে যাৰ ফলত থলুৱাৰ স্থান লোপ পালে৷ সম্পদৰ অধিকাৰক লৈ বিভিন্ন থলুৱা গোষ্ঠীসমূহে অহৰহ যুদ্ধ কৰিবলগীয়া হোৱা ঠাই এখনত নতুনকৈ শৰণাৰ্থীক আহ্বান কৰিব খোজাসকলে কি অধিকাৰত ‘মানৱতাবাদ’ৰ কথা কয়? থলুৱাই স্বকীয় সত্তা বৰ্তাই ৰাখিবৰ বাবে ঘৰতে যুঁজ কৰিবলগা হোৱা পৰিস্থিতিত কি যুক্তিত নতুন শৰণাৰ্থীক স্থান দিয়াৰ কথা বিবেচনা কৰিব পাৰি?’’

এইটো বুৰঞ্জীৰদ্বাৰা প্ৰমাণিত যে অসম কাহানিও এটা ধৰ্মৰ (হিন্দু) গৃহভূমি নাছিল; বৰং ই আছিল হিন্দু ‘গ্ৰেইট ট্ৰেডিছন’ৰ বাহিৰত অৱস্থান কৰা বিভিন্ন জনগোষ্ঠীৰ বাসভূমি৷ তদুপৰি অসমৰ থলুৱা মুছলমান সম্প্ৰদায় আহোম ৰাজত্বকালৰেপৰা আজিকোপতি অসমীয়া সমাজ জীৱনৰ অপৰিহাৰ্য অংগ; অসমীয়াৰ সকলোধৰণৰ পদক্ষেপতে তেওঁলোকে নিসংকোচে অংশগ্ৰহণ কৰিছে (:আনকি আশী-নব্বৈৰ দশকত আলফাৰ একনিষ্ঠ কৰ্মী, ধুবুৰীৰ একাধিক থলুৱা মুছলমান লোক মোৰ ব্যক্তিগত চিনাকি যাৰ জাতীয় আৱেগ উজনিৰ আহোম এজনতকৈ কোনোগুণে কম নহয়৷ বিঃদ্ৰঃ সংগঠনটোক ‘চাৰ্টিফিকেট’ দিব বিচৰা হোৱা নাই! )

আমি ভাৱো বাংলাদেশী মুছলিম অনুপ্ৰৱেশ ৰোধ কৰাটো যেনেকৈ অসমীয়াৰ আস্তিত্বিক প্ৰশ্ন (existential question), বাংলাদেশী হিন্দু প্ৰব্ৰজনকাৰীক নাগৰিকত্ব প্ৰদান কৰাটোও সমানেই মাৰাত্মক; আৰু অসমীয়া বৰ্ণহিন্দু মধ্যবিত্তই যিকোনো ধৰণৰ সাম্প্ৰদায়িক সমতুলকৰণৰ ৰাজনীতিৰ ফন্দিত ভোল গ’লে অনা-হিন্দু আৰু জনগোষ্ঠীয় অসমীয়াৰ প্ৰতি ঐতিহাসিক অন্যায় কৰা হ’ব৷

(সৌজন্যত: www.dekaaxom.in )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.