অসমীয়া চিনেমাৰ বাণিজ্যিক অসফলতা- এক আলোকপাত (ৰূপাংকৰচৌধুৰী)

অসমীয়া চিনেমাৰ বাণিজ্যিক অসফলতা- এক আলোকপাত (ৰূপাংকৰচৌধুৰী)

অসমীয়া চিনেমাৰ বাণিজ্যিক অসফলতা- এক আলোকপাত (ৰূপাংকৰচৌধুৰী)

by January 15, 2016 0 comments

সাম্প্ৰতিক অসমীয়া চিনেমাৰ যাত্ৰা এক বিন্দুত উপনীত হৈ প্ৰায় স্তব্ধ হৈ পৰিছে। আশী বছৰীয়া যাত্ৰা যেন যোৱা প্ৰায় আঢ়ৈ দশকত নিস্তেজ হৈ ৰৈছে। এই সময়খিনিত বহু কেইখন অসমীয়া চিনেমাই আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুৰস্কাৰ তথা সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ব্যৱসায়িক দৃষ্টিভংগীৰে সফল হোৱা অসমীয়া চলচিত্ৰৰ সংখ্য কিন্তু তেনেই নগণ্য। তাৰ মাজতে দুই-এখন সামগ্ৰিক ভাৱে সকলো দিশতে সফল চিনেমাৰ নিৰ্মাণ নোহোৱা নহয়। পিছে সেয়া এপাচি শাকত এটা জলকীয়া। আমি যদি অসমীয়া চিনেমাৰ আৰম্ভণিৰ দিনবোৰলৈ উভতি যাওঁ তেন্তে ভাবিবলৈ বাধ্য হ’ম যে সেয়া আছিল এক অভিলাষী প্ৰয়াস।

 

সৰ্বভাৰতীয় স্তৰত সবাক চলচিত্ৰৰ ধাৰা আৰম্ভ হোৱাৰ মাত্ৰ চাৰি বছৰৰ পিছতেই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই ‘জয়মতী’ (১৯৩৫) নিৰ্মাণ কৰি অসমীয়া চলচিত্ৰৰ ভেটি স্থাপন কৰে। সেই সময়ত সামগ্ৰিক ভাৱে উন্নয়নৰ ক্ষেত্ৰত দেশৰ আন প্ৰান্ততকৈ বহু পিছ পৰি থাকিলেও কলা- সংস্কৃতিৰ ক্ষেত্ৰখনত যে অসমীয়া সদায় আগৰণুৱা তাৰেই যেন এক উৎকৃষ্ট উদাহৰণ ৰূপকোঁৱৰৰ ‘জয়মতী’। তাৰ পিছত লাহে লাহে সময়ৰ গতিত ঠন ধৰি উঠিছিল অসমীয়া চলচিত্ৰ উদ্যোগটোৱে। উপহাৰ দিছিল কেইবাখনো ব্যৱসায়িক দিশত সফল অসমীয়া চিনেমা। দূৰ-দূৰণিৰ পৰা অসমীয়া চিনেমা চাবলৈ হিল-দল ভাঙি দৰ্শক আহি ভিৰ কৰিছিল চিনেমাহলত। এনেতে আশীৰ দশকৰ মাজভাগত ভাৰতীয় সমাজ জীৱনত ভুমুকি মাৰিছিল দূৰদৰ্শনে। অসমীয়া সমাজ জীৱনতো দূৰদৰ্শন তাৰ পিছত ভিদিও চিনেমা আৰু ভিচিডিয়ে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।

 

অসমীয়া চলচিত্ৰৰ ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত মনোৰঞ্জনৰ এইসমূহ মাধ্যমৰ জনপ্ৰিয়তাক কাৰক হিচাপে পোনচাতেই আঙুলিয়াই দিয়াটো ঠিক নহ’ব। তেনেকুৱা হোৱা হ’লে সৰ্বভাৰতীয় স্তৰটো চলচিত্ৰই ব্যৱসায়িকভাৱে মুখ ঠেকেচা খালে হয়। বাস্তৱক্ষেত্ৰত কিন্তু তেনেকুৱা হোৱা পৰিলক্ষিত নহয়। বৰঞ্চ বলিউডৰ লগতে আন-আন স্থানীয় ভাষাত নিৰ্মিত চিনেমাই ব্যৱসায়িক দিশত সফলতা লাভ কৰা সাধাৰণ দৰ্শক হিচাপে আমাৰ চকুত পৰে। এই চিনেমাবোৰে আহি অসমতো বজাৰ দখল কৰিবলৈ চলাই থকা চেষ্টা সততে চকুত পৰে।

 

বজাৰৰ কথা আহিলে এটা কথা নিশ্চয় উল্লেখ কৰিব লাগিব যে অসমত দৰ্শক অনুপাতে চিনেমাহলৰ সংখ্যা যথেষ্ট কম। এটা সময়ত অসমৰ মফচলীয়া প্ৰায়বোৰ ঠাইতে চিনেমাহল আছিল।দিন যোৱাৰ লগে লগে বহুতো চিনেমাহল বন্ধ হ’বলৈ ল’লে।চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পৃষ্ঠপোষকতহীনেইইয়াৰ মুখ্য কাৰণ। যি দুই এটা চিনেমাহল আছে তাৰে বেছিভাগতে বলিউড বা আন স্থানীয় ভাষাৰ এখন বজাৰ এতিয়াও চলি নথকা নহয়। প্ৰযোজক সকলেও চিনেমা এখন মুক্তি লাভ কৰাৰ পিছত গুৱাহাটী কেন্দ্ৰিক ব্যৱসায়ত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়। সময়ৰ লগতে পৰিবৰ্তিত জনগাঁথনিৰ দিশতো সঠিক ভাৱে জৰীপ নকৰাকৈ চিনেমা এখন মুক্তি দিয়াৰ বাবেই সংখ্যাত নগণ্য হ’লেও ব্যৱসায়িক দিশত সফলতা লাভ কৰিবলগীয়া চিনেমাবোৰেও মুখ ঠেকেচা খোৱা দেখা যায়। ইয়াৰ ফলস্বৰূপে প্ৰযোজকে দ্বিতীয়খন চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিবলৈ সংকোচ কৰে।

 

চিনেমা এখন নিৰ্মাণ কৰাৰ পিছত দেখা যায় পৰিকল্পিত প্ৰচাৰৰ দুৰ্বলতা। যিকোনো এখন চলচিত্ৰ নিৰ্মাণ কৰা প্ৰক্ৰিয়াত যথেষ্ট কষ্ট কৰা হয়। সকলোপ্ৰযোজকে বিচাৰে যে তেওঁলোকে গাঁঠিৰ ধন ভাঙি সাজু কৰি উলিওৱা চিনেমাখনে দৰ্শকৰ আশাপ্ৰদ সঁহাৰি লাভ কৰক। কাৰ্য্যক্ষেত্ৰত কিন্তু প্ৰযোজক সকলে পৰিকল্পিতভাৱে প্ৰচাৰৰ ক্ষেত্ৰত উদাসীন হোৱা স্পষ্টভাৱে চকুত পৰে। চিনেমাৰ প্ৰচাৰৰ ক্ষেত্ৰত অভিনয় শিল্পীৰ উচিত ব্যৱহাৰো দেখা নাযায়। উপযুক্ত জৰীপ নোহোৱাকৈ হকে-বিহকে চিনেমা এখন নিৰ্মাণ কৰি বজাৰত উলিয়াই দিয়া মানসিকতাৰ বাবে এয়া হোৱা যেন বোধ হয়। ‘টাৰ্গেট’ দৰ্শকৰ মাজত চিনেমাখন লৈ যোৱাৰ বাবে এক উচ্চখাপৰ ব্যৱসায়িক পৰিকল্পনাৰ অতীৱ প্ৰয়োজন। আজিৰ বস্তুবাদী সমাজ ব্যৱস্থাত উপযুক্ত প্ৰচাৰ অবিহনে নিপোটল কাহিনীৰ গতিশীল চিত্ৰনাট্যত সাৱলীল অভিনয় মাথো চিনেমাখনক বানিজ্যিক সফলতা দিয়াৰ জোখাৰে পৰ্য্যাপ্ত নহয়। এনেকুৱা বহুতো অসমীয়া চিনেমাৰ উদাহৰণ আছে যিবোৰ মুক্তি লাভ কৰাৰ পিছতহে দৰ্শকে জ্ঞাত হয়। এনেকুৱা পৰিস্থিতিত দৰ্শকে চিনেমাখন উপভোগ কৰিব নে নকৰে তাকে ভাবি দোমোজাত পৰে। আজিৰ ব্যস্ত সমাজ জীৱনত তেনেদৰে বহুতো অসমীয়া চিনেমাই ইয়াৰ দৰ্শকক ঢুকি নাপায় আৰু কিবা কাৰণত দৰ্শকক ঢুকিপালেও এক ধূসৰিত সিদ্ধান্তই চিনেমাৰ দৰ্শকৰ মগজুত বিয়োগাত্মক প্ৰভাৱ পেলায়।

 

অৱশ্যে ইয়াৰ মাজতে এচাম প্ৰযোজকতথা পৰিচালকো আছে যিয়ে কেৱল পুৰস্কাৰৰ কথাতো চিন্তা কৰি চিনেমা নিৰ্মাণ কৰে। সেয়া অৱশ্যে সুকীয়া কথা। আমাৰ ব্যক্তিগত মনোভাৱ, চিনেমা এক শক্তিশালী গণ-মাধ্যম। ইয়াক সকলো স্তৰৰ দৰ্শকৰ মাজলৈ লৈ যোৱাতো একান্ত কাম্য। মনোৰঞ্জনৰ লগতে চিনেমাৰ দ্বাৰা এক সামাজিক বাৰ্তাও প্ৰেৰণ কৰিব পৰাকৈ ব্যৱহাৰ কৰিব লাগে। ইতিহাসৰ বহুতো ঘটনা চিনেমা আৰু নাটকৰ মাধ্যমেৰে দৰ্শকৰ মাজত সজীৱ কৰি ৰাখিব পৰা যায়।

 

প্ৰচাৰৰ ক্ষেত্ৰত বলিউড তথা আন স্থানীয় ভাষাত নিৰ্মিত চিনেমাৰ লগতে আমাৰ অসমীয়া সমাজ জীৱনত মনোৰঞ্জনৰ ক্ষেত্ৰখনত অতি জনপ্ৰিয় ভ্ৰাম্যমান থিয়েটাৰৰ পৰা বহুতো শিকিবলগীয়া কথা আছে। সাম্প্ৰতিক সময়ত বলিউডৰ একোখন চিনেমাই হওক বা ভ্ৰাম্যমানৰ একোখন নাটকেই হওক, তাৰ জনপ্ৰিয়তা বহুলাংশে নিৰ্ভৰ কৰে তাৰকা শিল্পীৰ ওপৰত। অসমীয়া চিনেমাৰ শেহতীয়া ‘তাৰকা-শিল্পী’ বুলি ক’লেই চকুলৈ ভাঁহি আহে যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰ। এই দুই অভিনয় শিল্পীৰ এক নিজা ‘ইমেজ’ আৰু আকৰ্ষণীয় অভিনয় ‘ষ্টাইল’ আছে। নৱাগত মুখ্য অভিনেতা আৰু অভিনেত্ৰীসকলৰ মাজত এই দিশটোৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হয়। বলিউড আৰু ভ্ৰাম্যমান থিয়েটাৰত আমি দেখো যে একোজন ‘তাৰকা-শিল্পী’ৰ উচ্চখাপৰ অভিনয়ে কাহিনীৰ দুৰ্বল দিশবোৰ আঁতৰাই দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। অসমীয়া চিনেমাৰ নিৰ্মাণ তথা প্ৰচাৰৰ ক্ষেত্ৰত এই দিশটো উলাই কৰা দেখা যায়। যাৰ বাবে চিনেমাহ’ললৈ দৰ্শক যাবলৈ সংকোচ কৰে। সদ্যহতে মুক্তিপ্ৰাপ্ত বহু কেইখন অসমীয়া চিনেমাৰ মুখ্য অভিনেতাৰ অভিনয় জড়তা নাইবা অতি-নাটকীয় সংলাপ প্ৰক্ষেপ, চিনেমাখনৰ ব্যৱসায়িক অসফলতাৰ অন্যতম মুখ্য কাৰণ। চিনেমা নিৰ্মাণৰ লগত জড়িত ব্যক্তি সকলে এই দিশতো গুৰুত্ব সহকাৰে লোৱাটো অতি প্ৰয়োজন।

 

সাধাৰণ দৰ্শক হিচাপে ব্যৱসায়িক অসফল অসমীয়া চিনেমাৰ আন এক তথা মুখ্য কাৰণ হিচাপে একঘেয়ামী কাহিনী আৰু দুৰ্বল চিত্ৰনাট্য তথা সংলাপকো আমি দোষাৰোপ কৰোঁ। গতিশীল চিত্ৰনাট্য আৰু উচ্চস্তৰৰ সংলাপে একোটা দুৰ্বল কাহিনীকো অনন্য মাত্ৰা প্ৰদান কৰে। চিত্ৰনাট্যও সাহিত্যৰে এক মাধ্যম। আমাৰ সমসাময়িক সাহিত্যিক সকল এই ক্ষেত্ৰত যথেষ্ট উদাসীন। নাটক আৰু চিনেমা সাহিত্যত বহুতে হাত দিবলৈ মন আৰু সাহস দুয়োটাই নকৰে। এইক্ষেত্ৰত আমাৰ উঠি অহা সাহিত্যিক সকলে শ্ৰদ্ধাৰ সাহিত্যিক ড৹ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ পৰা অনুপ্ৰেৰণাল’ব পাৰে।

 

সাধাৰণ দৰ্শকে কি পচন্দ কৰে বিশেষকৈ চিনেমাখনৰ কাহিনীভাগ তথা চিত্ৰনাট্য কেনেকুৱা হোৱাটো বিচাৰে, অভিনয়ৰ ক্ষেত্ৰত সততে চকুত পৰা জড়তা নাইবা অতি-নাটকীয় সংলাপ প্ৰক্ষেপ আঁতৰাবলৈ কেনেকুৱা প্ৰচেষ্টা লোৱা উচিত তথা আটাইতকৈ ডাঙৰ কথাটো হ’ল- মাৰ্কেটিং; এই সমূহ দিশলৈ যেতিয়ালৈকে অসমীয়া চিনেমাৰ প্ৰযোজক আৰু পৰিচালকে গুৰুত্ব নিদিব তেতিয়ালৈকে অসমীয়া চিনেমাৰ শ্মশান যাত্ৰা অব্যাহত থাকিব।আমি আশাবাদী। অনাগত দিনবোৰত নিশ্চয় সকলোৰে সামূহিক প্ৰয়াসত জীপাল হৈ উঠিব ৰূপকোঁৱৰৰ সপোন। আশী বছৰ আগতেই তেখেতে দেখুৱাই থৈ যোৱা বাটেৰে যেন উৰ্দ্ধগামী হ’ব অসমীয়া চিনেমাৰ যাত্ৰা। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বহুত কৰণীয় আছে। চিনেমা প্ৰযোজক সকলেও নিজৰ দুৰ্বলতা সমূহ আঁতৰাই দৰ্শকৰ মৰম-চেনেহ আজুৰি আনিবলৈ চেষ্টা কৰিব লাগিব। চিনেমা এখনে আশাপ্ৰদ ব্যৱসায় নকৰিলে দৰ্শকৰ ৰুচিবোধক দোষাৰোপ কৰাতকৈ কেনেকৈ তেওঁলোকক চিনেমাহল বোৰলৈ টানি আনিব পাৰি সেয়া পৰিকল্পনা কৰি চিনেমা নিৰ্মাণ কোৰা মনোনিৱেশ কৰিব লাগিব। দৰ্শকেও গুৰুত্ব দিব লাগিব যাতে তেওঁলোকৰ মন চুই যাব পৰা চিনেমাখন উপভোগ কৰাৰ পৰা চিনেমাহলৰ মালিকসকলে তেওঁলোকক বঞ্চিত নকৰে। চৰকাৰ, প্ৰযোজক, চিনেমাহলৰ মালিক আৰু দৰ্শকৰ যৌথ প্ৰচেষ্টাত এয়া অসম্ভৱ নহয়।

 

 

 

 

 

 

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.