প্ৰেৰণা আৰু আৰ্হিঃ এক অৱলোকন (নন্দিতা খাখলাৰী)

প্ৰেৰণা আৰু আৰ্হিঃ এক অৱলোকন (নন্দিতা খাখলাৰী)

প্ৰেৰণা আৰু আৰ্হিঃ এক অৱলোকন (নন্দিতা খাখলাৰী)

by February 18, 2016 1 comment

গ্ৰন্থ্- সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি
লেখক- শ্ৰী অতনু ভট্টাচাৰ্য
প্ৰকাশক- আঁক-বাক
প্ৰথম প্ৰকাশ- নভেম্বৰ, ২০১৫।

এয়া গ্ৰন্থ আলোচনা বা সমালোচনা নহয়। এই লেখা গ্ৰন্থখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখিব খোজা কিছু সাধাৰন কথা বুলি ক’লেহে যথোচিত হ’ব। এগৰাকী প্ৰতিষ্ঠিত লেখক হোৱাৰ লগতে শ্ৰী অতনু ভট্টাচাৰ্য আছিল আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰু। গতিকে শিক্ষাগুৰুৰ সৃষ্টি বা কৰ্মক সমালোচনা কৰাৰ জ্ঞান আৰু ধৃষ্টতা আমাৰ নাই। হয়, লিখিবলৈ লোৱা গ্ৰন্থখন হৈছে শ্ৰী অতনু ভট্টাচাৰ্য ছাৰৰ শেহতীয়া গ্ৰন্থ, ‘প্ৰেৰণা আৰু আৰ্হি’। ‘আঁক-বাক’ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন ইতিপূৰ্বে ‘সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি’ শিৰোনামেৰে ‘অসমীয়া প্ৰতিদিন’ কাকতত স্তম্ভলেখাৰূপে প্ৰতি দেওবাৰে সাপ্তাহিকভাৱে প্ৰকাশ পাইছিল। লেখক, পাঠক আৰু সমালোচক সমাজৰ মাজত বহুলভাৱে চৰ্চিত আৰু প্ৰশংসিত হোৱা মুঠ পঁচিশটা খণ্ডৰ এই স্বতন্ত্ৰ লেখাসমূহ একত্ৰিত কৰি একেই শিৰোণামেৰে এই গ্ৰন্থখন প্ৰকাশ হৈ ওলায় ২০১৫ চনৰ নৱেম্বৰ মাহত।

পাঠক হিচাপে গ্ৰন্থখন পঢ়িবলৈ সহজাত আগ্ৰহ এটা আছিল যদিও পাতনিত লেখকে লিখা এষাৰ কথাই সেই আগ্ৰহ তীব্ৰ কৰিলে। লেখকে লিখিছে, ‘…..আদি লেখা কাকতখনত প্ৰকাশ হোৱাৰ পৰৱৰ্তী দিনবোৰত এই প্ৰবন্ধলানি বন্ধ কৰিবলৈ মোলৈ কোনো অনামী ফোন নম্বৰৰ পৰা কাতৰ অনুৰোধ নতুবা কঠোৰ নিৰ্দেশ সম্বলিত বাৰ্তা প্ৰেৰণ কৰা হৈছিল’। সৃজনীমূলক সাহিত্য সম্পৰ্কীয় গ্ৰন্থ অসমীয়া সাহিত্যত তেনেই তাকৰ। তেনেক্ষেত্ৰত এই লেখা সমূহক লৈ কি কাৰণত পঢ়ুৱৈৰ পৰা ইমান কঠোৰ আপত্তি আহিব পাৰে তাক জানিবলৈও এক কৌতুহল অনুভৱ কৰি গ্ৰন্থখন মেলি ললোঁ। ‘প্ৰেৰণা আৰু আৰ্হি’ গ্ৰন্থখনৰ সূচীপত্ৰত আছে সৰ্বমুঠ পঁচিশটা লেখাৰ উল্লেখ।
প্ৰথম চাৰিটা অধ্যায় মূলত সৃজনীমূলক সাহিত্যত নতুনকৈ খোজ দিয়া বা দিবলৈ প্ৰয়াস কৰা নতুন লেখক সকলৰ উদ্দেশ্যে লিখা হৈছে। ‘লেখক হিচাপে আপোনাৰ এটা খোজ’ শীৰ্ষক প্ৰথম অধ্যায়টোত লেখকে উল্লেখ কৰিছে যে সম্প্ৰতি যদিও ‘সৃজনীমূলক সাহিত্য’ অথবা Creative writing পৃথিৱীৰ বহু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত হৈ পৰিছে, তথাপি অন্য কোনো বিষয় বা পাঠ্যক্ৰমৰ প্ৰতি বিশেষ আগ্ৰহ নথকাকৈও সেই বিষয়ৰ ডিগ্ৰী অৰ্জন কৰিব পৰাৰ দৰে সাহিত্যৰ প্ৰতি আন্তৰিক আগ্ৰহ নথকা ব্যক্তি এগৰাকীয়ে কেৱল ‘সৃজনীমূলক সাহিত্য’ বিষয়টো পঢ়ি বা ডিগ্ৰী অৰ্জন কৰি ভাল লেখক বা সাহিত্যিক হ’ব নোৱাৰে। তাৰোপৰি নিজৰ প্ৰতিভা আৰু বুদ্ধি-বৃত্তিৰ বিশ্লেষণ কৰি প্ৰতিজন নবীন লেখকে নিজকে তিনিটা প্ৰশ্ন কৰা উচিত- কি লিখিম, কিয় লিখিম আৰু কেনেকৈ লিখিম। কাৰণ এই প্ৰশ্নৰ সঠিক উত্তৰে নতুন লেখক এজনৰ ভৱিষ্যতৰ পথ সুগম কৰে। অৰ্থাৎ লেখকে কল্পনাশ্ৰয়ী গদ্য লিখিবনে নিবন্ধ লিখিব সেয়া নিৰ্ধাৰনেই লেখক হিচাপে তেওঁৰ সফলতাৰ বাট সুচল কৰে। পৰৱৰ্তী তিনিটা অধ্যায়ত শ্ৰী ভট্টাচাৰ্যই লেখাৰ বিষয়, লেখাৰ মাধ্যম, লিখাৰ কাৰণ (তেওঁলোকে কিয় লিখে? আপুনি লিখিব কিয়?) আৰু সফল লেখক হোৱাৰ আঁৰৰ অভিজ্ঞতা আৰু অনুশীলনৰ বিষয়ে বিস্তৃত আলোচনা কৰিছে।

পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম অধ্যায় কেইটাত লেখকে প্ৰধানকৈ সফল লেখক হ’বলৈ এজন নিষ্ঠাৱান আৰু সংবেদনশীল পঢ়ুৱৈ হোৱাৰ আৰু প্ৰত্যক্ষ জগতত বিভিন্ন ধৰনৰ মানুহক জনাৰ বা জীৱনক সূক্ষ্মভাৱে অধ্যয়ন আৰু উপলব্ধি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰি লিখিছে, ‘..হয়, মানুহ হিচাপে মানুহক জনাৰ বিমল আনন্দ আছে। এই আনন্দ কোনো ধনৰ বিনিময়ত উপলব্ধ নহয়। আমাৰ এই সঞ্চিত অভিজ্ঞতাৰ সমৃদ্ধিক ততাতৈয়াকৈ গল্প অথবা উপন্যাসত বিনিয়োগ কৰাও নাযায়। হৃদয়ৰ ভিতৰতে বিকশিত হ’বলৈ, পৈণত হ’বলৈ ই সময় লয়। এই সময় লেখকৰ বাবে প্ৰয়োজনীয় সময়। এই সময় যেন পৰীক্ষাৰ আগৰ প্ৰস্তুতিৰ সময়’। ষষ্ঠ অধ্যায়ত লেখকৰ প্ৰেৰণা আৰু তাড়ণাৰ মাজৰ পাৰ্থক্যৰ বিষয়ে ক’বলৈ গৈ লেখকে কৈছে, ‘ প্ৰেৰণা শব্দটো এটা সময়ত আপোনাৰ বাবে অৰ্থহীন হৈ পৰে। আপোনাৰ সৃষ্টি প্ৰক্ৰিয়াৰ অন্তৰালত তেতিয়া থাকে মাথোন তাড়না’।

গ্ৰন্থখনৰ পাতনিত লেখকে তেখেতৰ লিখা বন্ধ কৰিবলৈ যি অনামী ভাবুকি আৰু অনুৰোধৰ কথা উল্লেখ কৰিছে, সেই অধ্যায়কেইটা হ’ল – ‘ভাল লেখক, প্ৰিয় লেখক, জনপ্ৰিয় লেখক’, ‘সমালোচকো যেতিয়া সন্দেহৰ আৱৰ্তত’, ‘অবাবতে কৰা সাহিত্যচৰ্চাবোৰ’, ‘গল্প কোৱাৰ গল্প, গল্প লিখাৰ গল্প’ আৰু ‘সংলাপ আৰু চৰিত্ৰ যেতিয়া বিশ্বাসযোগ্য নহয়’। পাঠক হিচাপে প্ৰথমতেই উল্লেখ কৰা কৌতুহলবশতঃ এই আধ্যায়কেইটা অধিক আগ্ৰহ আৰু মনোযোগেৰে অধ্যয়ন কৰা হৈছিল। মূল উদ্দেশ্য আছিল এই অধ্যায় কেইটাৰ গূঢ়াংশ আৰু উভয়নিষ্ঠ বৈশিষ্ট বিচাৰি উলিওৱা। আৰু আশাকৰা ধৰণেই, সেই বৈশিষ্ট হৈছে উল্লেখিত অধ্যায়কেইটাত গ্ৰন্থখনৰ লেখকৰ স্পষ্টবাদিতা আৰু সাহিত্য জগতত বৰ্তি থকা তৰল লেখা আৰু সুবিধাবাদী লেখক তথা সমালোচকৰ নিৰ্ভীক সমালোচনা। স্বল্পখ্যাতিৰ বাসনা, জনপ্ৰিয় হোৱাৰ প্ৰলোভন আৰু পৰিশ্ৰম তথা সাধনা বিমুখতাই জন্ম দিয়া অগভীৰ লেখা, অসচেতন সমালোচক আৰু সমাজ-সাহিত্যৰ প্ৰতি দায়বদ্ধ আৰু শ্ৰদ্ধাশীল নোহোৱা লেখক সকলৰ কথা এই অধ্যায় সমূহত আলোচনা কৰা হৈছে।

‘লেখকৰ বাবে এটা চৰ্ত – মানুহৰ সৈতে সম্পৰ্ক, মানুহৰ সৈতে সংস্পৰ্শ’ শীৰ্ষক অধ্যায়টো গ্ৰন্থখনৰ অন্তিম অধ্যায়। মানুহৰ সৈতে সম্পৰ্ক নৰখাকৈ লেখক হ’ব পাৰিনে? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ লেখকে কৈছে যে, তত্ত্বনিৰ্ভৰ আৰু গৱেষণামূলক সাহিত্যচৰ্চাৰ বাবে মানুহৰপৰা বিচ্ছিন্ন হৈও লেখক হ’ব পাৰি। কিন্তু সৃজনীমূলক সাহিত্যৰ প্ৰায় বিভাগতে লেখকে বাস্তৱ জগতৰ পৰা আৰু বাস্তৱ অভিজ্ঞতা তথা চৰিত্ৰৰ পৰাহে উৎকৃষ্ট সৃষ্টিৰ সমল বিচাৰি পায়। ‘কামৰ স্বাৰ্থত সম্পৰ্ক- এই কথাষাৰ সাংবাদিকতাৰ দৰে পেছাৰ ক্ষেত্ৰত প্ৰযোজ্য, সাহিত্যচৰ্চাৰ দৰে নিচাৰ ক্ষেত্ৰত নহয়’।

‘প্ৰেৰণা আৰু আৰ্হি’ সাহিত্যৰ জগতখনত খোজ দিবলৈ ওলোৱা বা ইচ্ছা ৰখা প্ৰতিজন ব্যক্তিৰ (লেখক, পাঠক, সমালোচক) বাবে এখন অতি প্ৰয়োজনীয় গ্ৰন্থ। নতুনকৈ কলম তুলি লোৱা প্ৰতিজন সাম্ভাব্য লেখকৰ মনতে সৃষ্টি হোৱা অলেখ প্ৰশ্ন, উৎকণ্ঠা, সংশয় আৰু অনিশ্চয়তাৰ উত্তৰ এই গ্ৰন্থখনত অতি সৰল আৰু স্পষ্ট ভাষাত লেখকে বৰ্ণনা কৰিছে। শ্ৰী অতনু ভট্টাচাৰ্যৰ ‘প্ৰেৰণা আৰু আৰ্হি’ গ্ৰন্থখন নবীন লেখক সকলৰ বাবে এক সুন্দৰ প্ৰেৰণাৰ উৎস হোৱাৰ লগতে এক পথ প্ৰদৰ্শকৰো ভূমিকা নিশ্চিতভাৱে পালন কৰিব পাৰে।

 

Comments

1 Comment so far

Jump into a conversation
  1. Pankaj
    #1 Pankaj 28 August, 2016, 09:32

    ভাল লাগিল পঢ়ি

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.