“ভালপোৱাৰ গদ্যপাঠ” : এটি চমু আলোকপাত ( ৰুদ্ৰ সিংহ মটক )

“ভালপোৱাৰ গদ্যপাঠ” : এটি চমু আলোকপাত  ( ৰুদ্ৰ সিংহ মটক )

“ভালপোৱাৰ গদ্যপাঠ” : এটি চমু আলোকপাত ( ৰুদ্ৰ সিংহ মটক )

by February 18, 2016 0 comments

“We judge a work of art by its effect on our sincere and vital emotion… … ”
– D. H. Lawrence.

ভাষা-সংস্কৃতিৰ স্বৰ্ণপীঠ স্বৰূপ ধেমাজি জিলাৰ মাছখোৱা অঞ্চলৰ বাসিন্দা, ডাক বিভাগৰ ব্যস্ত বিষয়া হেমচন্দ্ৰ দত্ত এগৰাকী শক্তিশালী কবি। ‘জুইলগা দিনৰ কবিতা ‘(১৯৯৩),’সূৰ্য অহা বাট’ (২০০১) “ভালপোৱাৰ গদ্যপাঠ'(২০১৪)- এই তিনিখন কাব্যগ্ৰন্থৰে আধুনিক অসমীয়া সাহিত্যৰ জগতখনত তেখেত এজন পৰিচিত কবি। তেখেতৰ কবিতাই বিগত তিনিটা দশকত পাঠক সমাজৰ সমাদৰ আৰু ভালপোৱা লাভ কৰিবলৈ সমৰ্থ হৈছে।

আধুনিক মানুহ যেন অভিশপ্ত। নিঃসঙ্গ কবিক প্ৰায়ে ৰিক্ততা-বিষণ্ণতাই আমনি কৰে। পিছে কবি হেমচন্দ্ৰ দত্তই ৰিক্ততাত প্ৰসৱিত শব্দবোৰ কবৰ নিদি কলমেৰে ধৰি ৰাখে নতুন সময়ৰ বাবে, নক্ষত্ৰ শতাব্দীৰ বাবে। গ্ৰাম্য-জীৱনৰ সহজ শব্দচয়ন আৰু চিনাকি চিত্ৰকল্পই তেখেতৰ কাব্যভাষাক দিছে এক নতুন ব্যঞ্জনা, নতুন আবেদন। এনে ৰসঘন সুন্দৰ কবিতা যি কোনো কবিয়ে লেখিব নোৱাৰে।
প্ৰেম জীৱন আৰু যৌৱনৰ চিৰন্তন অনুভূতি। প্ৰেম-ভালপোৱাৰ অনুভূতিক জুমুঠি হিচাপে লৈ ৰচনা কৰা তেখেতৰ প্ৰতিটো কবিতাই ধাৰণ কৰিছে জীৱনঘনিষ্ঠ সেউজীয়া অনুভৱ,উপলব্ধিৰ সুকীয়া বৈচিত্ৰ ।আধুনিক কবিতাক অধিকতৰ নান্দনিক আৰু জনপ্ৰিয় কৰাৰ স্বাৰ্থতে আমাৰ কবিয়ে যেন নকৈ আৱিষ্কাৰ কৰিছে কথিত ভাষাৰ কাব্যিক সম্ভাৱনা, মুক্তক ছন্দৰ সংযত অথচ সাৱলীল প্ৰৱাহ।

এদিন গাঁৱলে আহিবা
বৰাচাউল যেন গাঁৱলীয়া প্ৰেমৰ এঠা
গাভৰুৰ নিমজ প্ৰেমত বুৰ যাবা এনিশা
(এদিন গাঁৱলে আহিবা)।
* * *
নৈ ঘাটত কলহ লৈ নাপাতিবা কথা
পিতাইয়ে গম পালে লাগিব লেঠা
(বহাগী তই গাভৰু হলি)।

কবি দত্তৰ আছে পৰিশীলিত এক প্ৰগতিশীল মনন আৰু অন্বেষণমুখী সূক্ষ্ম সমাজদৃষ্টি। তেখেতৰ কবিতাত
কোনো আঁৰ-বেৰ, ছাঁ-জোনাকৰ কৃত্ৰিম খেল অথবা ৰহস্যৰ গোন্ধ নাই বুলিলেও হয়। আনহাতে, ৰূপান্তৰ
বা পৰিৱৰ্তন বিচাৰিলেও কবিয়ে জানে সকলো গতি অগ্ৰগতি বা প্ৰগতি নহয়। তেখেতৰ “জুলি চাৰিআলি”
কবিতাটোত তথাকথিত বিশ্বায়নৰ ধামখুমিয়াত আমাৰ গাঁওবোৰলৈ আহিব ধৰা পৰিবৱৰ্তনৰ আলেখ-লেখ, নগৰীয়া জীৱনপ্ৰবাহৰ অনিবাৰ্য প্ৰভাৱৰ ৰেঙণি বিৰিঙি উদ্ভাসি উঠিছে এনেদৰে , –

তই কলিমন দাইটিৰ সুখৰ টেবুলত
কটা তামোলৰ দৰ যেন দুখৰ চকুপানী
গধূলি ঘৈণীৰ বিষকাঁড় যেন তিতা মাতৰ সঞ্জীৱনী
দীঘলগড়াৰ এবাটি আপং…

আমি জানো, কবি হেমচন্দ্ৰ দত্তৰ জন্ম নগৰত নহয়, নগৰৰপৰা বহু যোজন দূৰৰ গাঁৱত। গাঁৱৰ অকৃত্ৰিম উন্মুক্ত প্ৰাকৃতিক পৰিবেশ, ধূলি-মুকুতা বোকা-মাটিৰ গোন্ধ, ৰ’দ-জোনাকৰ নাৰিকলপতীয়া বতাহেকোবোৱা, জেওৰা-জপনা নথকা বহল, মুকলি চোতালতে ডাঙৰ-দীঘল হৈছে কবি। এৰি অহা শৈশৱ কালৰ সোণফুলীয়া স্মৃতি, স্বপ্ন আৰু নষ্টালজিয়াই দুকুৰি দহটা বসন্তৰ পিছতো আমাৰ কবিক ভিতৰি ভিতৰি পুলকিত কৰে। কেতিয়াবা তেখেতক শূন্যতাৰ বেদনাৰে ভাৰাক্ৰান্ত কৰি তোলে। কবিয়ে লিখিছে, –
‘আইৰ মুখৰ প্ৰথম বৰ্ণমালাৰে/আৰম্ভ হৈছিল জীৱনৰ আদিপাঠ।’
ৰঙ-ৰহইচভৰা, আকালো নোহোৱা ভঁৰালো নথকা, তাহানিৰ সেই প্ৰাণোচ্ছল জীৱনৰ ধাৰাপাতত নাছিল ঈৰ্ষা-অসূয়া, হিংসা-দ্বেষ, হত্যা-সন্ত্ৰাসৰ দৰে ‘পৈশাচিকতাৰ আদিম স্বৰলিপি’। তথাকথিত আধুনিকতা, ধনতন্ত্ৰ আৰু ভোগবাদে সমাজ জীৱনৰ সুস্থ ঐতিহ্য আৰু সনাতন প্ৰমূল্যৰাজিৰ ৰ’দ-সেউজীয়া শিপাবোৰ যেন গছকি-খচকি বিধস্ত কৰি পেলাইছে। অৰ্থনৈতিক সংকট, দুৰ্নীতি, শোষণ, সাম্প্ৰদায়িকতা, হত্যা-সন্ত্ৰাসৰ ৰাহুগ্ৰাসত সমাজ জীৱনে আজি তিল্-তিলকৈ হেৰুৱাইছে জীৱনৰ সুখস্বপ্ন শান্তি-সম্প্ৰীতি, সংস্কৃতি-গৰিমা, পুলক-মাদকতাৰ সকলো বৈভৱ।

আজি বহুত দিন ইয়াত বোৱা নাই মুক্ত বতাহ
মুখ মেলি লব পৰা নাই উশাহ
সংক্ৰামক ৰোগৰ দৰে য’তে ততে বিয়পিছে

বিভেদৰ কাঠফুলা
(নীতিকথাৰ আদিপাঠ)
* * *
আজিৰ সভ্য মানুহ আমি
হাঁহি হাঁহি খেলিছো তেজৰ হেতালি
মানুহৰ চোতালত নৰমেধৰ ঘিলাখেল
(লালন কৰো ৰ’দে পোৰা সপোন)।

মহানগৰৰ ক্লীৱ ক্লেদাক্ত জীৱনক লৈয়ো কবিয়ে শ্লেষ-বিদ্ৰুপভৰা সুন্দৰ কবিতা লিখিছে। ক্ষুধাতুৰ ভিখাৰী, অপুষ্টিত ভোগা দুৰ্বল, ৰুগ্ন শিশু, কুষ্ঠ ৰোগী, দেহোপজীৱীনীৰ অভিসাৰ-আৰ্তনাদ, কামুক বাঘৰ টনা-আঁৰা, এনেবোৰ চিত্ৰকল্পই দাঙি ধৰে আত্মাহীন মহানগৰীৰ নীচতা-শঠতা, নিষ্ফল আভিজাত্যৰ চৌখিন অভিমান। দত্তৰ ‘মহানগৰ ‘শীৰ্ষক কবিতাটি যেন শাণিত শ্লেষ আৰু গ্লানিবোধৰ স্বীকাৰোক্তিৰ সজীৱ, কলাত্মক ৰূপায়ন বা juxtaposition ; ইয়াত আমি ঘনীভূত ৰূপত চমকি উঠা দেখা পাওঁ মহানাগৰিক জীৱনৰ ট্ৰেজিক আইৰনি। সংকলনখনৰ ই এটা অনন্য সুন্দৰ কবিতা।

ফপৰা কুকুৰৰ ভুকভুকনিৰ দৰে বাঢ়ি আহে

মোৰ নিৰ্বোধ অহংকাৰ
ডাষ্টবিনৰ জাবৰৰ দ’মত মই পুতি থওঁ

অক্ষম মাতৃৰ অবৈধ যন্ত্ৰণা।

কবি হেমচন্দ্ৰৰ আছে শুভঙ্কৰ জীৱনবোধ আৰু ৰূপান্তৰৰ সপোন; সেয়েহে ক্ষোভৰ বাৰুদো আছে তেখেতৰ কবিতাৰ বুকুত ”কলম হাতত ললেই ৰঙা ক্ষোভ টোপাটোপে সৰে”(সময়-দুঃসময়)। সূক্ষ্ম জীৱনদৃষ্টিৰে কবিজনে সমাজমানস আৰু বাস্তৱৰ ৰং-ৰূপ-সৌন্দৰ্য আৰু বৈচিত্ৰৰ সন্ধান কৰিছে। কবিয়ে জানে, কবিতা কেৱল বাস্তৱ অভিজ্ঞতাৰ কেটেলগ্ বা যাদুঘৰ নহয়। কবিতাৰ কেনভাছত অংকিত ৰূপছবিৰে কবিয়ে বাস্তৱৰ স্থূল, বাহ্যিক ৰূপটো মাথোঁ দাঙি নধৰে; বৰং তাৰ আঁৰৰ মৰ্মবস্তু, সপোন আৰু সত্যৰ স্বৰূপো পাঠকৰ হৃদয়গ্ৰাহী কৰি তোলে। ‘কবিতাৰ প্ৰাৰ্থনা’ শীৰ্ষক কবিতাত দৰদী কবিৰ আত্মাৰ আৰ্তনাদ নিনাদিত হৈছে, –

পোহৰৰ প্ৰথম স্পৰ্শতে তাক মই পিন্ধাই দিছো
তেজৰ কৰাল বন্ধা এটা ৰঙীন পোছাক।
(কবিতাৰ প্ৰাৰ্থনা)।

কবি মেথিউ আৰ্নল্ডৰ দৃষ্টিত সাহিত্য জীৱনৰ ৰসঘন সমালোচনা। সমাজ মানসৰ সৃজনাত্মক সমালোচনা নাথাকিলে কলা বা কবিতাৰ মান স্বাভাৱিকতেই অৱনমিত হয়। ‘Literaure without a critical angle of judgement falls through its very essence.’ এয়া হল ইংৰাজী সাহিত্যৰ বুৰঞ্জী প্ৰণেতা বিশ্বখ্যাত সমালোচক Legouis Cazamianৰ অভিব্যক্তি। এই বোধ আৰু মনন কবি হেমচন্দ্ৰৰ কাব্যকৃতিৰ এক উজ্জ্বল দিশ। হ’লেও ক’ব লাগিব তেখেতৰ কিছু কবিতাৰ ভাষা বহুসময়ত কৃত্ৰিম ৰক্তহীন। তেনেবোৰ কবিতাত কৰ্ষণ আৰু সম্পৰীক্ষাৰ স্বাক্ষৰ অনুভূত নহয়।

লোক জীৱনৰ চিত্ৰ-উপমা, প্ৰসঙ্গ-অনুষঙ্গ নিৰ্ব্বাচনত কবি যেন বেচ নিপুণ। কিন্তু ভাষাৰ কালিকা আৰু শিল্পগত দিশত তেখেত বহুসময়ত উজুটি খাব লগা হৈছে। কৰ্ষণ আৰু সম্পৰীক্ষাৰ অভাৱত তেখেতৰ বেছিভাগ কবিতাতে অনুভূত নহয়। ‘ধাৰাপাঠৰ সুৰ’, ‘স্ৰোতস্বিনী তোৰ নাম’, ‘অ মোৰ ল’ৰালিৰ সোণোৱালী দিন’, ‘আই আৰু পিতাইৰ বিষয়ে’, ‘বগীবিল”, ‘আবেলিৰ বিষাদ’,-এনেবোৰ কবিতাৰ আংগিক খুবেই শিথিল। বহুবল্কিতাৰ দিশত চিৰন্তন বোধ-অনুভৱকো কবিয়ে বহুসময়ত ৰসঘন আৰু অৰ্থমণ্ডিত কৰিব পৰা নাই। বিগত দুটা দশকত কবিতাৰ কলম হাতত লোৱা অধ্যয়ন, শ্ৰম আৰু সাধনাবিমুখ বেছিভাগ কবিৰ ক্ষেত্ৰতে ই যেন আজি এক দুখলগা সত্য।

আমি কবিসকলে মনত ৰাখিব লাগিব যে আধুনিক কবিতা মগজু আৰু হৃদয়ৰ সৃষ্টি। কবিৰ হাতৰ কষটি শিলত চমকি উঠা ই যেন জীয়া আৱেগৰ ফিৰিঙতি ; জীৱনসত্য আৰু অভিজ্ঞতাৰ মহিমামণ্ডিত কলাৰূপ। কিন্তু ওখ খাপৰ এনে ৰসোত্তীৰ্ণ, কালজয়ী কাব্যসৃষ্টিৰ বাবে কবিক লাগে জীৱনজোৰা সাধনা, কল্পনাৰ প্ৰসাৰ, আৰু বৰ্ণিল বিশ্বদৃষ্টি। স্বদেশ-স্বকালৰ লগতে বৈচিত্ৰময় বিশ্বজীৱন-প্ৰৱাহ আৰু ইতিহাসৰ স্ৰোত-অন্তঃস্ৰোত, ডকা-চাকনৈয়াৰ স’তে যে মহৎ কবিৰ আত্মাৰ সম্পৰ্ক অতি গভীৰ।

 

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.