পত্ৰ ( নাংচেং নিভা গগৈ )

পত্ৰ ( নাংচেং নিভা গগৈ )

পত্ৰ ( নাংচেং নিভা গগৈ )

by March 18, 2016 0 comments

প্ৰতি,
সৰুকণ ককাইদেউ

ব্যস্ত মহানগৰীত তয়ো ব্যস্ত নাগৰিক, মাঘৰ বিহুটোক চেৰ পেলাই উধাতু খাই ব’হাগে কেনেকৈ হাঁহিছে তই চাগে’ উমানেই পোৱা নাই ন’ সৰুকণ ককাইদেউ! এতিয়া আমাৰ গাঁৱত ফুটা ঢোলকেইটাও মাত মাতিবলে’ চুৱনী দোকানত ৰৈ আছেগৈ, তই ৰুৱা আমৰ পুলিটো ডাঙৰ হ’ল, এইবাৰ ফুল ফুলিছে, তাতে নিতৌ কুলিজনীয়ে বিনায়। নিশা হ’লে ফেঁচাজনীয়ে কুৰুলিয়ায়। আই-পিতাইৰ গুণগুণনিবোৰ বাঢ়ি যায়, মই নুশুনো আজিকালি আই-পিতাইৰ উচুপনী, তোৰ দৰেই ময়ো কলা হৈ পৰিছোঁ অ’ সৰুকণ ককাইদেউ…

পোণাকণ দুটা চাগে’ ব’টো হ’ল গৈ, তাহানিতে দিয়া সিঁহতহালৰ ফটোখন এতিয়াও হাফ বটল এটাত ভৰাই বেৰত আঁৰি থৈছোঁ। আলহি আহিলে সোধে ফটোখন চাই, পিতায়ে তামোলৰ সেলেঙি বোৱাই হাঁহি হাঁহি কয়, মোৰ নাতি দুটি। এতিয়া ভালেমান ডাঙৰ হ’ল। চহৰৰ কোনোবা ইংৰাজী ইচকুলত পঢ়ে বোলে। অ’ ইঁহতিও মোৰ সৰুকণৰ দৰে ব’ মানুহ হ’ব। পিতায়ে হাঁহি হাঁহি প্ৰায়ে কান্দি পেলায় তেতিয়া, জান’ সৰুকণ ককাইদেউ পিতায়ে আজিকালি নতুনকৈ কান্দিবলৈ শিকিছে। পিতায়ে কান্দিলে আজিকালি মুখেৰে মাত নোলায়। মাত্ৰ বুকুৰ ভিতৰখনত খলকনি উঠে, দীঘল দীঘল হুমুনিয়াহ নিগৰে বৰঘৰে, চৰাঘৰে, পথাৰে-বাৰীয়ে কেৱল হুমুনিয়াহবোৰ চৰি ফুৰে পিতাইৰ পিছে পিছে।

পিতায়ে এইবাৰ বলধহাল বেছি দিব বোলে। তই বুজাবিচোন সৰুকণ ককাইদেউ, পিতাইক বুজাবি। ভঙা জেওৰাবোৰ নকৈ নুগুঠে, বাৰীৰ ফলৰ গছবোৰ কাটি পেলাইছে, তই ভাল পোৱা গোলনেমু গছ জোপাও কাটিলে। নেমুজোপাই সেইদিনা কান্দিছিল, সেয়ে গোটেই বাৰীখন নেমু নেমু গোন্ধাইছিল। শিলিখাজোপাত আমৰলি বাহবোৰ পাৰি পিতায়ে পিতৌহঁতক ভগাই দিছিল। বোলে সৰুকণে আমৰলি টোপ খাই ভাল পায়। সি নাই যেতিয়া তঁহতেই খা।

মাঘৰ বিহুত তোলৈ যতনাই থোৱা জলপানখিনি এতিয়াও আছে। মোকো খাব নিদিয়ে। চিৰাখিনি তিতিকি তিতিকি লগা হ’ল। তথাপি থৈ দিছে তই যদি কেতিয়াবা আহ তোৰ হাতত দি পঠাবলৈ যে একোৱেই নাই অ’ ককাইদেউ। একোৱেই নাই। যোৱা মাহত গাইজনীও মৰি থাকিল। পোৱালিটোৱে মাকক বিচাৰি যেনেকৈ বেবাইছিল, তেনেকুৱা কেতিয়াবা আয়েও কৰে, ঠিক গৰু পোৱালিটোৰ দৰেই ছটফটাই থাকে।

এইবাৰ আয়ে গামোচা বোৱা নাই মোকো ব’বলৈ নিদিয়ে বোলে। কুকুৰা কণী দুটামান সাঁচিছো, তই আহিলে দি পঠিয়াম, পোনাদুটাই বিহুৰ দিনা যুঁজাব পাৰিব। বৌক ক’বিচোন নহ’লে নিচাদেউহঁতৰ কমল ককাইদেউৰ মোবাইললৈ ফোন এটা কৰিবলে’, মই দৌৰি গৈ লৈ আনি আইৰ লগত কথা পতাই দিম। ভূপেন দাইদ’ৰো গাটো বৰ ঠিক নহয়, মাত-বোলেই নাই। খুড়ীদেউজনীও ক্ষীণাই পৰিছে অ’; আমাৰ আইৰ দৰেই ক্ষীণাই পৰিছে। আজিলৈ এৰিছোঁ, কুশলে থাকিবি, আমাক পাহৰি নাযাবিদেই সৰুকণ ককাইদেউ—

ইতিত তোৰ সৰু ভনী …
তৰামাই

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.