বিশিষ্ট কবি কুশল দত্তৰ স’তে এটি আলাপ

বিশিষ্ট কবি কুশল দত্তৰ স’তে এটি আলাপ

বিশিষ্ট কবি কুশল দত্তৰ স’তে এটি আলাপ

by August 20, 2016 0 comments

(‘দৈনিক অসম’ৰ ‘জোনাকী বাট’ শিতানত ধাৰাবহিকভাৱে প্ৰকাশ হৈ থকা মোৰ এখন ৰচনা ‘ইণ্টাৰনেটত অসমীয়া ভাষা আৰু সাহিত্য’ত মই ইতিমধ্যে ‘সাহিত্য ডট অৰ্গ’ৰ বিষয়ে উল্লেখ কৰিছোঁ৷ অসমীয়া ই-জোনাকী যুগ সৃষ্টিত এই আলোচনীখন সদায়ে গুৰুত্বপূৰ্ণ হৈ থাকিব৷)

ছিয়েল নেটৱৰ্কিং চাইট ফেচবুকৰ অসমীয়াত কথা বতৰাগোটৰ দ্বাৰা প্ৰকাশিত ই-আলোচনী সাহিত্য  ডট অৰ্গৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন তথা স্বাগতম জনাইছোঁ।

প্ৰশ্ন:সাহিত্য ডট অৰ্গৰ আগষ্ট সংখ্যাৰ মূল বিষয়বস্তু হইতিবাচক চিন্তাৰ শক্তি আৰু সমাজত ইয়াৰ প্ৰভাৱএইবিষয়ে আপোনাৰ মতামত আমাক জনালে সুখী হম।

কুশল দত্ত: অতি শুভ, সুন্দৰ আৰু গুৰুত্বপূৰ্ণ বিষয়৷ আমাৰ অসমৰ দৰে এখন সমাজ, য’ত প্ৰচাৰ মাধ্যমৰ অধিকাংশ সময় আৰু স্থান কেৱল বিয়োগান্ত খবৰ-বাতৰিৰে ভৰি থাকে, য’ত আমাৰ সমাজৰ সদস্যসকলৰ চিন্তা-চৰ্চাৰ অধিকাংশ ঠাই আৰু সময় এইধৰণৰ স্থল নেতিবাচক খবৰ-বাতৰিৰ চৰ্চাৰে পাৰ হয়, সেই পৃষ্ঠভূমিত ইতিবাচক চিন্তাৰ গুৰুত্ব অপৰিসীম৷ সমাজৰ সকলো লোকে নহ’লেও অধিকাংশ লোকে অধিকাংশ সময়ত অধিকাংশ স্থানত ইতিবাচক চিন্তা-চৰ্চাক জীৱন দৰ্শনৰ অংগ কৰি ল’লে আমি এখন উন্নত বা সংস্কৃত সমাজ লাভৰ আশা কৰিব পাৰোঁ৷ আমাৰ মানৱ জিজ্ঞাসাৰ এটা সাধাৰণ ধৰ্মও এই যে আমি যেতিয়া কোনো এটা বিষয়ৰ অভ্যন্তৰত প্ৰৱেশ কৰোঁ তেতিয়া সংশ্লিষ্ট বিষয়টিৰ অনুৰূপ চৰিত্ৰৰ বিষয়ক্ষেত্ৰসমূহতো প্ৰৱেশৰ বাবে আমাৰ মন অৱচেতনভাৱেই প্ৰৰোচিত হয়৷ ঠিক জিম কৰবেটৰ চিকাৰ কাহিনীৰ কিতাপবোৰ পঢ়ি শেষ কৰাৰ পাছত জে এইচ পেটাৰছনৰ চিকাৰ কাহিনীবিলাক পঢ়িবলৈ মন যোৱাৰ দৰে; আমাৰ তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী পঢ়ি শেষ কৰাৰ পাছত জিয়াউৰ ৰহমানৰ চিকাৰ কাহিনীবোৰ পঢ়িবলৈ মনটো উচ্‌পিচাই উঠাৰ দৰে৷ বা একেবাৰে আমাৰ জতুৱা-ঠাঁচৰ ‘ভালেহে পায় ভালক, জাবৰে পায় খালক’ বা ‘চোৰেহে দেখে চোৰৰ ঠেং’ জাতীয় কথা৷ অৰ্থাৎ এজন ব্যক্তি যদি এটা ইতিবাচক চিন্তা বা কামত মজি থাকে তেওঁ আন দহটা ইতিবাচক চিন্তা বা কামৰ কথাই ভাবিব৷ বিপৰীতপক্ষে, এটা নেতিবাচক চিন্তাই ক্রিয়া কৰি থকা এজন ব্যক্তি অন্য দহটা নেতিবাচক চিন্তা বা কামৰ ফালেই ধাৱমান হোৱা দেখা যায়৷ ইয়াক সমাজ মনস্তত্ত্বৰ এটা স্বাভাৱিক প্ৰক্রিয়া হিচাপেই অভিহিত কৰিব পাৰি৷

গতিকে, এজন ব্যক্তি বেছিভাগ সময়ত যদি ইতিবাচক চিন্তাৰে পৰিৱেষ্টিত আৰু পৰিপুষ্ট হৈ থাকে তেওঁৰ চিন্তাৰ চাপ বা সেই ইতিবাচক চিন্তাৰ প্ৰভাৱ তেওঁ বাস কৰা সমাজখনতো অৱধাৰিতভাৱে পৰে৷ সেয়ে আমি এখন ভাল সমাজ পাবলৈ হ’লে সেই সমাজৰ সদস্যসকল সদায়ে ইতিবাচক চিন্তাৰ প্ৰভাৱেৰে পৰিপুষ্ট হৈ থকাটো অতীৱ প্ৰয়োজনীয়৷ আজিৰ সমাজ বাস্তৱতাৰ প্ৰেক্ষাপটত বেছিভাগ ক্ষেত্ৰতে এই কল্পনা ইউট’পিয়ান যেন বোধ হ’লেও এখন শান্তিপূৰ্ণ আৰু উন্নত সমাজৰ প্ৰাথমিক চৰ্ত কিন্তু সদায়ে এই ইতিবাচক চিন্তাই৷

প্ৰশ্ন:অসমীয়া সাহিত্য জগতত এগৰাকী বিশিষ্ট কবি হিচাপে আপুনি পৰিচিত৷কবিতাৰ জগতত আপোনাৰ প্ৰথম খোজটিৰ বিষয়ে জানিব বিচাৰিম৷আপোনাৰ সৃষ্টিৰ ক্ষেত্ৰখন কবিতাৰে আৰম্ভ হৈছিল নে গদ্যৰে?

কুশল দত্ত:নিজকে বিশিষ্ট বুলি ভাবিবলৈ টান পাওঁ; সদায়ে সাধাৰণ বুলিয়ে ভাবোঁ৷ তেনেকৈ ‘কবি’তকৈও কাব্যচৰ্চাকাৰী হিচাপে পৰিচয় দিয়েই বেছি ভাল পাওঁ৷ সাহিত্যৰ এই বিশিষ্ট বিভাগটোৰ দীঘে-পঠালিয়ে, তলে-ওপৰে যি-বা এধানিমান ভিতৰলৈ আৰু গভীৰলৈ প্ৰৱেশৰ চেষ্টা কৰিছোঁ সিমানেই ইয়াৰ বিশালতাত শত-সহস্ৰবাৰ মূৰ দোঁৱাইছোঁ; দূৰৈৰ মণিকূটৰ অক্ষয় বন্তিলৈ নিলগৰপৰাই সেৱা জনোৱাৰ দৰে মাথোঁ নীৰৱে প্ৰণিপাত জনাইছোঁ৷ চিন্তাশিল্পটিৰ অপৰিমেয় সম্ভাৱনাৰ তটৰেখাত থিয় হৈ বাৰে বাৰে উপলব্ধি কৰিছোঁ নিজৰ প্ৰতিভাৰ সীমাবদ্ধতা, বাৰে বাৰে আৱিষ্কাৰ কৰি গৈ আছোঁ মাথোঁ নিজৰ ক্ষুদ্ৰত্ব৷ ইয়াৰ বাদে আৰু একোৱেই কৰিব পৰা নাই মই৷ যাত্ৰাহে কৰিছোঁ, পাৰ জানো পাইছোঁ? নাজানো৷ হয়তো মোৰ জীৱন কালত অজানা হৈয়ে থাকি যাব সেয়া৷

কবিতাৰ উপৰি সাহিত্যৰ অন্যান্য দুই-এটা বিভাগতো খোজ দিয়াৰ অপচেষ্টা কৰিছোঁ যদিও প্ৰথম খোজটো দিয়াৰ প্ৰয়াস কৰিছিলোঁ কিন্তু কবিতাৰেই৷ ঠিক কবিতা বুলি ক’লে (আধুনিক অৰ্থত) আমি যি বুজোঁ সেই অৰ্থত নহয় পদ্য বুলি হয়তো উল্লেখ কৰিব পাৰি৷ ১৯৮৭ চনৰ ২৭ ডিচেম্বৰত, সপ্তম মানত থাকোঁতে জীৱনৰ প্ৰথমটো সাহিত্য কৰ্ম, এটি পদ্য লিখিছিলোঁ আমাৰ ঘৰত থকা পোহনীয়া ভাটৌ চৰাই ‘মিনটি’ক লৈ৷ কিবা বেজাৰত নে অসুখ-বিসুখত মিনটিয়ে সেইদিনা একো খোৱা নাছিল তাকে লৈ পদ্যটো৷ পদ্যটোৰ নাম আছিল ‘মোৰ ভাটৌটোৱে ভাত খোৱা নাই’৷ নামটোহে মনত আছে বাকী সৱ পাহৰিলোঁ৷ বয়ঃসন্ধি কালছোৱাত যৌৱনে পোখা মেলাৰ দৰেই বোধকৰোঁ মানৱ জীৱনত এই বিশেষ সময়ছোৱাতে এইধৰণৰ সৃজনশীল ৰুচিবোৰেও পোখা মেলে৷ সেয়েই বোধকৰোঁ অধিকাংশৰ দৰে সেই সময়ছোৱাতে মোৰ মনটোৱেও সৃষ্টিৰ এটা তাড়না লাভ কৰিছিল চাগৈ!

 

প্ৰশ্ন:-আপোনাৰ সৃষ্টিৰ জগতখনত আপোনাৰ ঘৰখন,ঘৰখনৰ পৰিৱেশ,পৰিয়াল-পৰিজনে কিদৰে প্ৰভাৱিত কৰিছে?

কুশল দত্ত:সকলো সৃষ্টিশীল ব্যক্তিৰে জীৱনত ঘৰখনৰ, পৰিয়াল-পৰিজনৰ প্ৰভাৱ সচেতনভাৱেই হওক বা অৱচেতনভাৱেই হওক অপৰিসীম৷ মোৰ জীৱনত মই আটাইতকৈ বেছি প্ৰভাৱশালী ব্যক্তিৰূপে পাইছোঁ মোৰ দেউতাক৷ মই স্কুল পঢ়ি থকা কালছোৱাত সেই সময়ত আমাৰ ঢকুৱাখনাত পোৱা শিশু উপযোগী সকলোবোৰ কিতাপ-আলোচনী দেউতাই মোক গোটাই দিছিল৷ আমি প্ৰথম নে দ্বিতীয় মানত থাকোঁতেই প্ৰথম প্ৰকাশ পাইছিল ‘সঁফুৰা’খন, তাৰ কিছুদিন পাছতে প্ৰকাশ পাইছিল ‘মৌচাক’ আৰু ‘আৱিষ্কাৰ’ (পাছলৈ ‘নতুন আৱিষ্কাৰ’; মই ঘৰতে নিজাকৈ সৰু লাইব্ৰেৰী এটাও গঢ় দি লৈছিলোঁ বিজ্ঞান আলোচনী ‘আৱিষ্কাৰ’ৰ নামেৰে নাম ৰাখিছিলোঁ ‘আৱিষ্কাৰ পুথিভঁৰাল’!) আৰু তাৰো কিছুদিন পাছত ‘মুকুতা’খন৷ লগতে পাইছিলোঁ অসম প্ৰকাশন পৰিষদ, অসম বিজ্ঞান সমিতি আৰু অন্যান্য প্ৰকাশনৰ সেই সময়ত প্ৰকাশিত আৰু আমাৰ আধা গাঁও আধা চহৰ ঢকুৱাখনাত উপলব্ধ শিশু উপযোগী কিতাপবোৰ৷ দেউতাৰ মুকলি মন এটাৰ বাবেই এইকেইখন আলোচনী (প্ৰায় এটা সংখ্যাও বাদ নপৰাকৈ) আৰু অন্যান্য কিতাপবোৰ (প্ৰধানকৈ শিশু উপযোগী বিভিন্ন সাহিত্য আৰু বিজ্ঞান বিষয়ক) নিয়মীয়াকৈ পঢ়িবলৈ পাইছিলোঁ৷ গতিকে দেউতাৰ বিদ্যুৎসাহী মনটোৰ কিছু চাপ হয়তো এনেকৈয়ে মোৰ মানসলৈকো প্ৰসাৰিত হৈছিল৷

প্ৰশ্ন:আপুনি লিখা প্ৰথম কবিতাটোৰ বিষয়ে অলপ কব নেকি?

কুশল দত্ত:(এই প্ৰশ্নটোৰ উত্তৰ দুই নম্বৰ প্ৰশ্নৰ উত্তৰতে দিয়া হ’ল বুলি ভাবিছোঁ৷)

প্ৰশ্ন:এসময়ত আপুনি গল্প , প্ৰৱন্ধ আদিও লিখিছিল৷কিন্তু পিছলৈ আপোনাক কবিতাৰ সাধনাতে ব্ৰতী হোৱা দেখা যায়৷বাকী ক্ষেত্ৰ কেইখনৰ পৰা আপুনি আঁতৰি অহাৰ কাৰণ?

কুশল দত্ত:গল্প এটা-দুটা-তিনিটা তাতোকৈ বেছি নহ’ব চাগে’ লিখিছিলোঁ৷ পিছলৈ চাই দেখিলোঁ নিয়ন্ত্ৰণত থাকিব নোখোজে, মই শাসন কৰিব নাজানো, সকলো কবিতাৰ ফাললৈয়ে গতি কৰে গতিকে বাদ দিলোঁ৷ প্ৰবন্ধৰ চৰ্চা এতিয়াও মাজে মাজে চলি থাকে৷ গদ্যত নিয়ন্ত্ৰণটো এতিয়া অকণমান আহিছে বুলি ভাবিছোঁ৷ আনহাতে, বাকীবোৰ বাদ পৰি কবিতাৰ আকৰ্ষণটো অলপ বেছিকৈয়ে থাকি গ’ল৷ কিন্তু কিয় থাকি গ’ল সেয়া আকৌ মই ব্যাখ্যা কৰিব নাজানো৷ হয়তো কিছু সমাজ-পাৰিস্থিতিক কাৰণত আৰু আন কিছু দৰ্শন-মনোবৈজ্ঞানিক কাৰণত৷ উপৰুৱা ধৰণৰ এটা উত্তৰ হ’ব শিল্প বিপ্লৱৰ সেই বিশেষীকৰণ তত্ত্ব! আধুনিক যুগৰ ব্যক্তি হিচাপে আপুনি সকলো জানিব লাগিব, কিন্তু বাকীবোৰ সাধাৰণভাৱে ৰাখি এটা বিষয়ত ব্যুৎপত্তি অৰ্জন কৰিব লাগিব!এইধৰণৰ ধাৰণা এটা বদ্ধমূল হোৱাৰ বাবেই বোধকৰোঁ!

প্ৰশ্ন: আপোনাৰ মতে কবিতাৰ স্বাস্থ্যপ্ৰদ সংজ্ঞা কি?এটা ভাল কবিতাৰ সৃষ্টিৰ আঁৰৰ ৰহস্য কি বুলি ভাবে?আকৌ মনত প্ৰশ্ন জাগেকবিতাক সৃষ্টি কৰা হয় নে নিৰ্মাণ কৰা হয়?

কুশল দত্ত:মোৰ ধাৰণাত কোনো সংজ্ঞাই কবিতাৰ অসীম শিল্প সম্ভাৱনাক সীমাবদ্ধ কৰিব নোৱাৰে৷ গতিকে সকলো সংজ্ঞাই যেন অসম্পূৰ্ণ হৈ ৰৈ যায় তেনেকুৱা লাগে মোৰ৷ (তথাপি ৰূপগত কিছু সংজ্ঞা হয়তো সাহিত্যৰ এটা বিশেষ মান্য বিভাগ হিচাপে আমি মানি চলিবই লাগিব৷) গতিকে মই আৰু নতুন এটা অসম্পূৰ্ণ সংজ্ঞা দিয়াৰ পক্ষপাতী নহয়৷ ই এনেকৈয়ে চলি থাকক লুইতৰ সোঁতৰ দৰে, চিৰদিন-চিৰকাল৷

ৰহস্য বোলা কথাটো সাময়িক৷ কাৰ্য্য-কাৰণ সম্পৰ্কবোৰ বিশ্লেষণ কৰি গৈ থাকিলে, ইয়াৰ মনোবৈজ্ঞানিক কাৰকবোৰ অনুসন্ধান কৰি গৈ থাকিলে ৰহস্য দূৰ হৈ পৰে৷ ‘ৰহস্য’ আঁতৰাই ভাল কবিতা সৃষ্টিৰ কাৰণেও  সেই এডিছনীয় ‘এধানিমান প্ৰতিভা প্ৰতিভা আৰু বাকী বিৰাট পৰিশ্ৰম’ৰ প্ৰসংগই মোৰো মনলৈ আহিছে এই মুহূৰ্তত৷

তৃতীয় প্ৰসংগটোত অজিৎ বৰুৱা ছাৰে কোৱা কথাকেই ময়ো বিশ্বাস কৰোঁ৷ শ্ৰেষ্ঠ কবিতা সদায় স্বতঃস্ফূৰ্ততা আৰু নিৰ্মিতিৰ যুগল সমাহাৰৰ ফচল৷ অৰ্থাৎ প্ৰথম সংবেদনটো আমাৰ জ্ঞানেন্দ্ৰিয়ই গ্ৰহণ কৰাৰ পাছত তাক মগজুৰ কাৰখানাত বিভিন্ন পক্রিয়াৰ নিৰ্মাণ-বিনিৰ্মাণৰ পাছতহে আমি কবিতা নামৰ পাঠটো লাভ কৰোঁ৷

প্ৰশ্ন:বৰ্তমান কাব্যচৰ্চাকাৰীৰ সংখ্যা বাঢ়িছে এই লৈ কবিতা-অকবিতাবিষয়ক বহুতো বিতৰ্ক-সমালোচনা আদি দেখিবলৈ পোৱা গৈছে৷সকলো মানুহেই প্ৰথমেই সফলতাৰ শিখৰ চুব নোৱাৰে৷কেঁচা-পকা অভিজ্ঞতা, অনুশীলন আদিৰ জড়িয়তেহে সফলতাৰ দিশে আগবাঢ়িব পাৰে বুলি আমি ভাবো।কবিতা-অকবিতাবিতৰ্কই নৱপ্ৰজন্মৰ কবিতা অনুশীলনকাৰীসকলক হতাশ কৰা নাই নে?তেওঁলোকে কবিতাহে লিখিছে বন্দুকতো লোৱা নাই!!এইক্ষেত্ৰত আপোনাৰ মতামত?

কুশল দত্ত: কবিতা-অকবিতাৰ প্ৰসংগটো অলপ গোলমলীয়া৷ মই নিজে দ্বিতীয় অভিধাটোৰপৰা অলপ আঁতৰি থাকিব খোজোঁ৷ কবিতা কবিতাই৷ খুব বেছি ভাল কবিতা-বেয়া কবিতা৷ মান্যাৰ্থ ‘কবিতা’ৰ পৰিৱৰ্তে ‘অকবিতা’ পদটো অলপমান হীনাৰ্থত প্ৰয়োগ হৈ আছে যেন অনুভৱ হয়৷ অন্যান্য শিল্পৰ দৰে কবিতাকো আমি শিল্প উত্তীৰ্ণ বা অৰ্ধ উত্তীৰ্ণ বা অনুত্তীৰ্ণ এইদৰে আমাৰ বিচাৰৰ সুবিধাৰে ভাগ কৰিব পাৰোঁ৷ এই ধাৰণাবোৰো আকৌ আপেক্ষিক৷

কবিতাৰ চৰ্চাৰ প্ৰক্রিয়াটো এটা প্ৰৱহমান প্ৰক্রিয়া৷ বিৰল প্ৰতিভাধৰ ব্যক্তিবিশেষৰ বাদে কোনোৱেই চাগৈ জীৱনৰ শ্ৰেষ্ঠ কবিতাটোৰে কবি জীৱনৰ পাতনি নেমেলে৷ গতিকে কবি হিচাপে যিসকল আজি প্ৰসিদ্ধ, স্বীকৃত মই ভাবোঁ তেখেতসকল আটায়েই অনুশীলনৰ এটা পৰ্যায় পাৰ কৰি আহে৷ ইক’ (Umberto Eco, 1932-2016)ৰ মন চুই যোৱা এটা বাক্য এইখিনিতে উদ্ধৃত কৰিবলৈ মই ভাল পাম “All poets write bad poetry. Bad poets publish them, good poets burn them.”

প্ৰশ্ন: যিসকলে কাব্যচৰ্চা কৰে তেওঁলোক কবিতাৰ প্ৰতি কিমান দায়বদ্ধ হোৱাতো উচিত?

কুশল দত্ত:কবিতাৰ প্ৰতি যদি দায়বদ্ধই নহয় তেওঁ কেনেকৈ কাব্যচৰ্চাকাৰী হ’ব? আকৌ দায়বদ্ধতাৰো পৰ্য্যায় বিভিন্ন প্ৰথম, তেওঁ যিটো ভাষাত চৰ্চা কৰে সেই ভাষাটোৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব৷ দ্বিতীয়তে, তেওঁ যিটো সমাজ ব্যৱস্থাত বাস কৰে সেই সমাজ, সেই সমাজৰ ভাষা-সংস্কৃতিৰ ইতিহাস, সংস্কৃত সাহিত্য পৰম্পৰা আদিৰ প্ৰতি তেওঁ দায়বদ্ধ হ’ব লাগিব৷ তৃতীয় তথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ যি চৰ্চা কৰে সেই চৰ্চাক শিল্পলৈ উত্তীৰ্ণ কৰাবলৈ সকলো সময়তে তেওঁ দায়বদ্ধ থাকিব লাগিব৷ আমাৰ অধিকাংশ কাব্যচৰ্চাকাৰীয়ে এই তৃতীয় প্ৰসংগটোত মুঠেও গুৰুত্ব নিদিয়া বাবেই শেহতীয়াকৈ কবিতা-অকবিতা বিষয়ক আলোচনাই (সৰহভাগেই দৃষ্টিকটুভাৱে তৰাং আৰু অসংস্কৃত) চাৰিওফালে বিস্তৃতি লাভ কৰা দেখা গ’ল৷

প্ৰশ্ন: বৰ্তমান কাব্যচৰ্চাকাৰীৰ সংখ্যা বাঢ়িছে যদিও কবিতা পুথি কিনা গ্ৰাহকৰ সংখ্যা তেনেই হতাশজনক৷ ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে?

কুশল দত্ত: বিষয়টো নিঃসন্দেহে চিন্তনীয়৷ এয়া কিবা এক অশুভ পৰম্পৰাৰ লেখীয়াই হৈ পৰিছে দেখোন! আনহাতে, কাব্যচৰ্চাকাৰীৰ সংখ্যা বাঢ়িছে যদিও ক্রয়যোগ্য সংকলনৰ সংখ্যা কিমান বাঢ়িছে?  মই ভাবোঁ এই প্ৰশ্নটোও একটা সময়তে উত্থাপন হোৱা যুগুত৷ মই নিজে সদায় নিউটনীয় দৰ্শনত বিশ্বাসী ”If I have seen further than others, it is by standing upon the shoulders of giants.”মোৰ উপলব্ধিত আমাৰ সমৃদ্ধ কাব্য পৰম্পৰাৰ এচলু পানীও যদি মই শিৰত তুলি ল’ব পাৰিছোঁ সেয়া সম্ভৱ হৈছে মহান অগ্ৰজ (আৰু একে সময়তে প্ৰতিভাৱান অনুজ জনৰ)সকলৰ চিন্তাৰ পোহৰৰ বাটটোৰে খোজকাঢ়িহে৷ গতিকে মই নিজে মোৰ সীমিত সামৰ্থ্যৰে শ্ৰেষ্ঠ বুলি ভবা সংকলনসমূহ কিনি পঢ়িবৰ যত্ন কৰোঁ৷ মই ভাবোঁ কাব্যচৰ্চাকাৰীসকলেও সেয়াই কৰা উচিত৷এই সচেতনতা প্ৰসাৰিত হৈ গৈ থাকিলে আমাৰ ভাষাৰ শ্ৰেষ্ঠ সংকলনসমূহৰ বিক্রীও বাঢ়ি গৈ থাকিব বুলি মোৰ বিশ্বাস৷

প্ৰশ্ন:আপোনাৰ জ্ঞানী গৰখীয়াই জানে উমনিত বহা চৰাইৰ বাহ কিয় ভাঙিব নালাগেকবিতা পুথিখনিত দুটি নতুন শৈলীৰ কবিতা পঢ়িবলৈ পাওঁ৷কবিতা দুটি হ– “আলিআৰু ৫.৬/১২৫”… কবিতা দুটিৰ বিষয়ে অলপ জনাব নেকি?

কুশল দত্ত: কবিতা কেৱল প্ৰেম-প্ৰণয়জাতীয় ক্ষেত্ৰতে সীমিত থাকিব লগা শিল্প বুলি মই বিশ্বাস নকৰোঁ৷ আমাৰ জিজ্ঞাসাৰ সকলো বিষয়ক্ষেত্ৰকে কবিতাই সাঙুৰি লোৱা উচিত৷ এই সামুদায়িক দৃষ্টিভংগী আছিল আমাৰ গুৰুস্থানীয় কবি অজিৎ বৰুৱাৰ৷ তেখেতে সকলো বিষয়েই কবিতাৰ ক্ষেত্ৰতxplore কৰিবলৈ সদায়ে মোক অনুপ্ৰাণিত কৰিছিল৷ কিমান সফল হৈছোঁ-নহৈছোঁ নাজানো কিন্তু মই প্ৰেম, ব্যংগ, ৰাজনীতি, বিজ্ঞান, দৰ্শন, ক্রীড়া আদি সকলো বিষয়েই কবিতাৰ বিষয় কৰি ল’বলৈ চেষ্টা কৰিছোঁ৷ এই বিষয় জিজ্ঞাসাৰ লগে লগে কবিতাৰ পৰম্পৰাগত আংগিকৰপৰা আঁতৰি নিত্য নতুন ৰূপ (form)ৰ পৰীক্ষা কৰিবৰো মাজে-সময়ে যত্ন কৰিছোঁ মই৷ আৰু তাৰেই ফল আছিল ‘আলি’, ‘৫.৬/১২৫ আদি কবিতাবোৰ৷ দ্বিতীয় কবিতাটোৰ বিষয় আছিল ফটোগ্ৰাফী৷ কবিতাটোৰ প্ৰাসংগিক পাদটীকা বিস্তৃতভাৱে মোৰ সংকলনটোত অন্তৰ্ভুক্ত কৰা হৈছে; গতিকে সেয়া আৰু চৰ্বিত-চৰ্বণ কৰিব খোজা নাই৷ কিন্তু আংগিক সম্পৰ্কে একাষাৰ উল্লেখ কৰা উচিত৷ আমাৰ পৰম্পৰাগত শৈলীৰ কবিতা বা ছনেট বা লিমাৰিক বা কথা কবিতা বা ছন্দোবদ্ধ পদ্য আদি সকলোবোৰেই মৰ্মৰ ফালৰপৰা ভিন্ন হওক বা নহওক ৰূপৰ ফালৰপৰা কিন্তু কবিতাৰ একো একোট সুকীয়া উপভাগ৷ ঠিক একেদৰে উল্লিখিত কবিতা দুটা আংশিকভাৱে ‘দৃশ্য কবিতা’ নামৰ উপ ভাগটোৰ ভিতৰত ৰাখিব পাৰি৷ দৃশ্য কবিতাৰ মূল কথাটো হ’ল ধৰা হওক আমি এটা আপেল বা কফিৰ বিষয়ে কবিতা লিখিম এতিয়া দৃশ্য কবিতাতো কবিতাটোৱে আপেল এটা বা কফি একাপৰ ৰূপ ল’ব লাগিব৷ মোৰ এই কবিতা দুটাৰ চৰিত্ৰ সম্পূৰ্ণভাৱে দৃশ্য কবিতাৰ নহয়, কিন্তু কবিৰ স্বাভাৱিক স্বাধীনতাৰে ভিন্ন এক দৃশ্যগত ৰূপ দিয়াৰ প্ৰয়াস আছিল ইয়াত৷ দৃশ্য কবিতাৰ ইতিহাস বহু পুৰণি যদিও আমাৰ ভাষাত এই প্ৰয়াস প্ৰায় নাই বুলিবই পাৰি, সিও এই অনুশীলনৰ আন এক কাৰণ৷ এতিয়া কথা হ’ল দৃশ্য কবিতাই হওক বা আন যিকোনো উপভাগেই হওক শেষ কথাটো কিন্তু সি সদায় ‘শিল্প উত্তীৰ্ণ’ হ’ব লাগিব; নহ’লে যে আমাৰ সকলো প্ৰয়াসেই অনুত্তীৰ্ণ হৈ ৰ’ব!

প্ৰশ্ন:আধুনিক কবিতা দুৰ্বোধ্য” – সততে শুনা এই কথাষাৰিৰ সত্যতা কিমান?

কুশল দত্ত:কথাটো আপেক্ষিক৷ সেই ‘সহজ হোৱাৰ আগেয়ে সকলো কঠিন’ৰ দৰে!

প্ৰশ্ন:কোৱা হয় সাহিত্য বা শিল্পৰ জৰিয়তে মানুহে সত্যৰ অন্বেষণ কৰে। সেই বিষয়ে আপুনি কিবা কব নেকি।

কুশল দত্ত:হয়৷সত্যৰ লগতে শিৱ আৰু সুন্দৰৰ সাধনা আৰু অন্বেষণো চলি থাকে অহোৰাত্ৰ৷

প্ৰশ্ন:কবিতাৰ উত্তৰণৰ কাৰণে সমালোচনা অপৰিহাৰ্য বুলি আপুনি ভাবেনে? যদি আপুনি  তেনেকৈ নাভাবে কিয় নাভাবে জনাব নেকি। যদিহে ভাবে অসমীয়া কাব্য-সাহিত্যৰ ক্ষেত্ৰখনত সমালোচনা সাহিত্যৰ দিশটো কিমান দূৰ সৱল বুলি আপুনি ভাবে।

কুশল দত্ত: অপৰিহাৰ্য্য বুলি নাভাবোঁ— কিন্তু বিদ্যুৎসাহী জ্ঞানীজনৰ সুষ্ঠ-গঠনমূলক-দিকদৰ্শী সমালোচনাই আমাৰ নিজৰ সীমাবদ্ধতা উপলব্ধি কৰাত প্ৰভূত সহায় কৰে৷ বিভিন্ন সময়ত মই নিজেও সমালোচকসকলৰপৰা বহু পৰিমাণে উপকৃত হৈছোঁ৷

প্ৰশ্ন:অসমীয়া কাব্য সাহিত্যৰ বৰ্তমানৰ ধাৰাটোৱে অসমীয়া কাব্য সাহিত্যক সঠিক দিশত আগুৱাই নিব পাৰিছেনে। যদি পৰা নাই, কিয় পৰা নাই বুলি আপুনি ভাবে।

কুশল দত্ত: বৰ্তমান কেৱল এটা ধাৰাৰে কবিতা লিখা হৈ থকা নাই৷ মই নিজেও ৰূপগত দিশৰপৰা বহুকেইটা শৈলীৰ কবিতাৰ অনুশীলন কৰিছোঁ৷ ধাৰাৰ কথা বাদ দি সামগ্ৰিকভাৱে বৰ্তমানৰ কবিতাখিনিয়ে অসমীয়া কাব্য সাহিত্যক সঠিক দিশত আগুৱাই নিব পাৰিছেনে বুলি যদি সোধা যায় তেতিয়াহ’লে মই কওঁ এই প্ৰশ্নটোৰ মূল্যায়নধৰ্মী এটা উত্তৰ পাবলৈ আমি সময়ৰ এটা পৰ্যায় অপেক্ষা কৰা উচিত হ’ব৷ আৰু যুগে যুগে সেয়াই হৈ অহা দেখা গৈছে ছন্দপ্ৰধান পদ্যৰ চৰ্চা আধুনিকতাবাদীসকলে ত্যাগ কৰাৰ সময়ত তেওঁলোক প্ৰবল সমালোচনাৰ সন্মুখীন হৈছিল৷ কিন্তু এতিয়াতো আমি সেয়াই মান্য বুলি গ্ৰহণ কৰিছোঁ! আনহাতে, এতিয়াৰ যি পৰীক্ষা-নিৰীক্ষা সেয়া কিমানদূৰ শিল্প-উত্তীৰ্ণ তাৰ যথাৰ্থ বিচাৰ হ’বলৈ আমাক কিছু সময়ৰ অপেক্ষাৰ হয়তো প্ৰয়োজন হ’ব৷

প্ৰশ্ন:বৰ্তমান সময়ত ইলেকট্ৰনিক মাধ্যমত হোৱা সাহিত্য চৰ্চাঅসমীয়া সাহিত্য জগতৰ বাবে শুভ লক্ষণ বুলি ভাবেনে?এই মাধ্যমত সাহিত্য চৰ্চা কৰা লোকসকলৰ মাজৰ পৰা ভৱিষ্যতে অসমীয়া সাহিত্যৰ কাণ্ডাৰী আমি পামনে?

কুশল দত্ত: হয় ভাবোঁ৷ কেৱল অসমীয়াই নহয় সকলো ভাষাৰ সাহিত্যৰ বিকাশৰ বাবেই এই নতুন মাধ্যম অপাৰ সম্ভাৱনাৰ আধাৰ হিচাপে ৰৈ থকা যেন মোৰ ধাৰণা হয়৷ এটা সময়ত হয়তো নীতিগত কাৰণতে পৃথিৱীৰ সেউজ আৱৰণটো ৰক্ষাৰ স্বাৰ্থত কাগজৰ ব্যৱহাৰ নিষিদ্ধ হৈ পৰিব৷ তেতিয়া ইলেক্ট্রনিক মাধ্যম ব্যৱহাৰৰ আৰু কোনো বিকল্পই নাথাকিবগৈ৷

মাথোঁ মাধ্যম সলনি হ’ব, বাকী প্ৰতিভা-সাধনা-ঐকান্তিকতা আদি সকলোখিনিতো একেই থাকিব! নিশ্চিতভাৱে পাম৷

প্ৰশ্ন: ই-আলোচনী সাহিত্য  ডট অৰ্গৰ বিষয়ে আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ৷

কুশল দত্ত:’দৈনিক অসম’ৰ ‘জোনাকী বাট’ শিতানত ধাৰাবহিকভাৱে প্ৰকাশ হৈ থকা মোৰ এখন ৰচনা ‘ইণ্টাৰনেটত অসমীয়া ভাষা আৰু সাহিত্য’ত মই ইতিমধ্যে ‘সাহিত্য ডট অৰ্গ’ৰ বিষয়ে উল্লেখ কৰিছোঁ৷ অসমীয়া ই-জোনাকী যুগ সৃষ্টিত এই আলোচনীখন সদায়ে গুৰুত্বপূৰ্ণ হৈ থাকিব৷

প্ৰশ্ন:আপোনাৰ প্ৰিয় কবিজনৰ কথা যদি সোধা হয়, আপুনি কাৰ কথা উল্লেখ কৰিব? তেওঁৰ বিষয়ে অলপ কব’ বুলি আশা কৰিলোঁ৷

কুশল দত্ত:মোৰ প্ৰিয় কবি কেৱল এগৰাকী নহয়৷ মোৰ চিন্তাক চুই যোৱা প্ৰতিটো কবিতাৰ কবিয়েই মোৰ প্ৰিয় কবি৷ তথাপি আমাৰ ভাষাৰ চাৰিগৰাকী প্ৰধান কবিৰ নাম এইক্ষেত্ৰত মই উল্লেখ কৰিব খোজোঁ অজিৎ বৰুৱা (১৯২৬-২০১৫), নৱকান্ত বৰুৱা (১৯২৬-২০০২), হীৰেন ভট্টাচাৰ্য্য (১৯৩২-২০১২) আৰু নীলমণি ফুকন (জন্ম : ১৯৩৩)৷

প্ৰশ্ন:শেষত আপোনাৰ নিজে লিখা এটি প্ৰিয় কবিতা সাহিত্য  ডট অৰ্গৰ পাঠকৰ বাবে আগবঢ়াব বুলি আশা কৰিলোঁ৷

কুশল দত্ত:মই শেহতীয়াকৈ লিখা এটা কবিতা (দুই-একে হয়তো পঢ়িছেও!) ‘সাহিত্য ডট অৰ্গ’ৰ পঢ়ুৱৈসকললৈ আগবঢ়ালোঁ—

ওপৰলৈ যোৱাৰ আগেয়ে ভোগায়ে লে

”হেৰ’ শুনিছনে সৰু বোৱাৰী

গাইজনীয়ে আজি গাখীৰ দিলেনে?

পোৱালিটোৱে পিয়ন এৰিবৰে হ’ল হ’ব পায়

গাখীৰ অকণ আছে যদি কেঁচা পিঠাগুড়ি এবাটিকে দে

ভাত এমুঠি খাবৰ মন থাকিলেও কিবা দেখোন

ডিঙিটোকে পাৰ হ’ব নোখোজে… ”

ভোগৰাম বৰুৱা ওৰফে ভোগেশ্বৰ ওৰফে ভোগায়ে

ওপৰলৈ যোৱাৰ আগেয়ে ঘৰৰ আটাইকে মাতি ক’লে—

”লীলা বহুত হ’ল মায়াও বহুত খেদা হ’ল

তেওহ’লে তেৰাৰ দৰিশন নহ’ল

বহুত পায়ো যেন নোপোৱাকৈয়ে থাকি গ’ল

কিবা এক আচলৰ ধন

পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ…

নদীত ৰৈ আছে নাও, আকাশত ৰথ

দুৱাৰ-ডলিৰ সিটো পাৰে জুমুঠিত বন্ধা আছে জুই

তেৰাই অনুমতি দিলেই বায়ু উৰি গ’লেই

নৈৰ দাঁতিৰ চোমনিলৈ সাঙীত তুলি নি

চাৰি হাত মাটি চিকুণাই চোমনিৰে পকা বাঁহ

বুঢ়া বনচোম-আজাৰ-জামুৰ ডালেৰে

চিতা এখন সাজি মাটিলে’ মূ-কৰি

শুৱাই দিবি মোক

পাৰ কৰা ৰঘুনাথ সংসাৰ…

লীলা বহুত হ’ল

এতিয়া দেহা সামৰিবৰ হ’ল

মাটিত মোৰ চাউল টুটিল

আহিলোঁ যেতিয়া এদিন যাবও লাগিল এদিন

জগতৰ নিয়ম মতেই সঁচায়ে যাবৰ হ’ল এইবাৰ

আশীৰ্বাদ কৰিছোঁ তহঁত কুশলে থাক আটাই

পাৰ কৰা ৰঘুনাথ…

নিয়ম? নিয়ম? নামানো বুলিয়ে কত যে ভাঙিলোঁ নিয়ম

তথাপি জুয়ে দেখোন সদায়ে পোৰে, বতাহে আনে মেঘৰ বতৰা

বানে ধান মাৰিলেও বৰষুণেই আকৌ বুকুত ছটিয়ায় শান্তিয়নি-সুধা

মাটিত গছ গজে, ডালত ফুল-ফল লাগে, আকাশত চৰাই উৰে

আৰু এই আটাইৰে উপৰি তহঁতৰ চেনেহ-চৰ্‌ধাই মোৰ বুকু ওপচায়

পাৰ কৰা…

জুই তেজ জুইত সকলো সমান

পানী তেজ পানীত সকলো সমান

মাটি তেজ মাটিত সকলো সমান

বতাহ তেজ বতাহত সকলো সমান

আকাশ তেজ আকাশত সকলো সমান

আৰু এই আটাইবোৰ তেজেই মোৰো তেজ

পাৰ…

আটাইবোৰ তেজ

মোৰ তেজ হোৱাৰ পাছতে মই হৈছিলোঁ মই

মোৰ তেজ নিগৰি-নিগৰায়ে তুমি হৈছিলা তুমি

যাবৰ বেলা তোমাতেই যে লয় পায় তোমাৰ অহং

… ”

পিঠাগুড়ি বাটিৰ এচামুচ আৰু দুচামুচমান পানীৰে তালুখন তিয়াই

ওপৰলৈ যোৱাৰ আগেয়ে ভোগাই বুঢ়াই দেহত যিমান শকতি আছে

আটাইখিনি ওঁঠলৈ আনি সেহাই সেহাই বিৰিং-বাৰাংকৈ যিখিনি ক’লে

সেয়া পিছে কোনেও একো নুবুজিলে

মাথোঁ ওঁঠৰ ভাব-ভংগীৰপৰা দিনে-ৰাতিয়ে জপ কৰি থকা

”পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ” আওৰোৱা বুলিয়ে

ভাবিলে আটায়ে

আপোনাৰ স’তে হোৱা বহুমূলীয়া বাৰ্তালাপেৰে আজিৰ সাক্ষাৎকাৰটি সামৰিছোঁ৷ সাহিত্য  ডট অৰ্গ হৈ আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ

(সাক্ষাৎকাৰটি যুগুতালে সাহিত্য ডট অৰ্গৰ আগষ্ট সংখ্যাৰ সম্পাদক মৌচুমী বৰিয়ে)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.