ঈশ্বৰ ( জয়দীপ চক্ৰৱৰ্তী )

ঈশ্বৰ ( জয়দীপ চক্ৰৱৰ্তী )

ঈশ্বৰ ( জয়দীপ চক্ৰৱৰ্তী )

by September 18, 2016 0 comments

বহুদিন আগৰ কথা! এজন যুৱক, ঘৰ সংসাৰখনৰ প্ৰতি বৈৰাগ্য ওপজি জংঘলৰ মাজত বাস কৰা এজন মুনিৰ ওচৰলৈ গৈ ঈশ্বৰ সম্পৰ্কে জানিব বিচাৰিলে৷ মুনি যুৱকজনক সুধিলে, ঈশ্বৰক তোমাৰ কিয় দৰকাৰ? যদি বিশেষ কোনো দৰকাৰ নাইয়েই, ঈশ্বৰ তোমাক দেখা নিদিয়ে৷ যুবকজন উত্তৰত জনালে যে তাৰ ইশ্বৰক দেখাৰ, ঈশ্বৰ কি জনাত প্ৰৱল ইচ্ছা জাগিছে আৰু ঈশ্বৰ যদি আছেই তো নিশ্চয় কৰোবাত নহয় কৰোবাত তাৰ কিবা ইঙ্গিত থাকিবই, যাক মই অনুভৱ কৰিব বিচাৰোঁ৷ মুনি ক’লে, “বিচাৰিলেই তো আৰু ঈশ্বৰ পোৱা নাযায়, ঈশ্বৰক দেখাৰ বাবে, বুজি পোৱাৰ বাবে বিয়াকুল হ’ব লাগে, তেতিয়াহে ঈশ্বৰ দেখা যায়৷ “ যুৱকে ক’লে, ক’তা! ! মই চোন বিয়াকুল হইয়ো ঈশ্বৰৰ কোনো ইঙ্গিতে আজিলৈ পোৱা নাই৷ তেওঁ ক’ত থাকে? মুনি উত্তৰ দিলে “ ঈশ্বৰ সৰ্ব্বভূতময়, তেওঁ সকলোতেই বিৰাজমান৷ তোমাৰ ঈশ্বৰ দৰ্শনৰ চকু এতিয়াও জাগি উঠা নাই সেয়েই তুমি ঈশ্বৰ দেখা পোৱা নাই৷ “ যুৱকজনো আকোঁৰগোজ, এইবাৰ যুৱকজনে মুনিক অলপ টানকৈয়েই ক’লে ’ আপুনি যে ঈশ্বৰৰ কথা কৈ আছে মোক দেখুৱাই দিব পাৰিব…? ? পাৰিব কিবা প্ৰমাণ দিবলৈ, যদি পাৰে দেখুৱাই দিয়ক চোন! ! তেতিয়াহে বুজি পাম আপুনি নিজেও ঈশ্বৰ দৰ্শনকাৰী আৰু আপোনাৰ কথাৰ মূল্য আছে৷ ’ মুনিয়ে হাঁহিলে ক’লে ’এতিয়া উভতি যোৱা আৰু ধৈৰ্য্য ধৰা, ধৈৰ্য্যৰ ফল সদায়েই মিঠা’! !

নিৰাশ মনেৰে যুৱকজনে মুনিৰ আশ্ৰম এৰি ঘৰমূৱা হ’ল৷ হঠাৎ হাবিৰ মাজৰ বাটৰ কাষত যুৱকে এটা নোদোকা শিয়াল শুই থকা দেখা পালে৷ যুৱকজনে ইমান নোদোকা শিয়াল আগত কেতিয়াও দেখা নাছিলে আৰু শিয়ালটো ইমান কাষত মানুহ দেখিও তাৰ পৰা পলায়ন নকৰা দেখি আচৰিত হ’ল আৰু শিয়ালটোৱে হঠাৎ আক্ৰমণ কৰিব পাৰে বুলি ভাৱি তাক খেদিবলৈ মুখৰে শব্দ কৰিব ধৰিলে… কিন্তুু ই কি যুৱকজনে দেখিলে যে শিয়ালটোৰ আগভৰি দুখনেই নাই৷ যুৱকজনৰ কৌতুহল বাঢ়ি গ’ল, আগভৰি দুখনত কোনো ঘাঁ বা আঘাতৰ চিন নাই হয়তোবা কেতিয়াবা বনৰ বাঘ বা আন কোনো প্ৰাণীৰ ল’গত যুঁজ দিয়াতে শিয়ালটোৱে হেৰুৱাইছে তাৰ আগৰ ভৰি দুখন, পিছে বনৰ জীৱন কঠিন আৰু এইহেন আগভৰি নথকা সামান্য শিয়ালৰ দৰে প্ৰাণী এটা বনত জীয়াই থকাটো তাতোকৈ ডাঙৰ কথা হ’ল ইমান নোদোকাহৈ জীয়াই থকাটো অসম্ভৱ৷ যুৱকে প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে এই শিয়ালটোৰ ওপৰত ঈশ্বৰৰ কৃপাদৃষ্টি আছে আৰু ইয়াৰ ৰহস্য জানি নোযোৱাটো তাৰ বাবে মূৰ্খামি হব৷ যুৱক বাটৰ কাষৰে প্ৰকাণ্ড শিল এটাৰ ওপৰত উঠি ইয়াৰ ৰহস্য উদ্ঘাটন বাবে অপেক্ষা কৰিব ধৰিলে৷ আবেলিৰ বেলি পশ্চিম আকাশৰ দিগন্ত পালে, লাহে লাহে বনত পোহৰ কমিব ধৰিলে এনে সময়তেই যুৱকে লক্ষ্য কৰিলে দূৰত বনৰাজ মুখত মঙহৰ টুকুৰা এটা! যুৱক শিলৰ আঁৰত লুকাই পৰিল আৰু আঁৰৰ পৰাই চাব ধৰিলে বাঘটো লাহে লাহে আগবাঢ়িছে সেই আগভৰি নোহোৱা শিয়ালটোৰ ফালে…! ! যুৱকৰ একে দৃষ্টিৰে চাই ৰ’ল বনৰাজে ভাৱলেশহীন ভাৱে আগবাঢ়ি আহি শিয়ালটোৰ ঠিক সন্মুখত মুখেৰে কামুৰি অনা মঙহৰ টুকুৰাটো পেলাই বনৰ মাজলৈ গুচি গ’ল৷ যুৱক আচৰিত হ’ল আৰু জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে এয়া ঈশ্বৰৰ কাম আৰু ঈশ্বৰেই বনৰাজৰ ৰূপত শিয়ালটোৰ জীৱন দায়ক শক্তি, যাৰ বাবে আগভৰি দুখন নোহোৱাকৈও অসম্ভৱক সম্ভৱ কৰি জীয়াই আছে এই শিয়ালটো৷

দৃশ্যটো দেখাৰ পিছত যুৱকে সিদিনা ঘৰলৈ উভতি নোযোৱাৰ সিদ্ধান্ত ল’লে৷ যুৱক এতিয়া একপ্ৰকাৰ নিশ্চিত যে মুনিৰ কথাই ঠিক এই বনতেই ঈশ্বৰৰ সাক্ষাৎ সম্ভৱ কেৱল ইয়াৰ বাবে অধীৰ অপেক্ষা আৰু ধৈৰ্য্য ধৰি ৰৱ লাগিব কেৱল৷ যুৱকে শিলটোৰ ওপৰতেই ঈশ্বৰৰ বাবে অপেক্ষা কৰাৰ সিদ্ধান্ত ল’লে, যদি এটা শিয়ালক এইদৰে ঈশ্বৰে সহায় কৰে তেনেহ’লে মানুহ হৈ যুৱকক ঈশ্বৰে সহায় নকৰাৰ কোনো কাৰণতো নাই৷ ইয়াতেই শুই-বহি ৰ’লেও কিবা উপায়েৰে ভগৱানে জীয়াই থকাত সহায় কৰিবই৷ এটি এটিকৈ দিনৰ পিছত দিন বাগৰিল, ভোকে পিয়াহে শিলটোৰ পৰা নামি অহাৰ শক্তি হেৰুৱাই পেলালে যুৱকে৷ যুৱকে কেৱল বনৰাজৰূপী ঈশ্বৰে সদায়েই সেই শিয়ালটোকে মঙহৰ টুকুৰা দি থৈ যোৱা দেখা পায় কিন্তুু তাৰ বাবে কোনো ঈশ্বৰ নাহে… নাহে কোনো সহায়৷ যুৱকৰ আশা ভঙ্গহ’ল পিছে এতিয়া আৰু দেহাত ঘৰলৈ উভতিযাৱলৈ শক্তি নাই যুৱকৰ গাত বহু চেষ্টা কৰিও শিলটোৰ পৰা নামি অহাৰ শক্তি নাপালে যুৱকে৷ দৃষ্টিশক্তিও তাৰ যেন কমি আহিছে প্ৰতিটো মুহূৰ্ততে! ঘৰত থকা মা দেউতাৰ মুখবোৰ চকুৰ আগত ভাঁহিব ধৰিলে যুৱকৰ! এই শিলাখণ্ডৰ ওপৰতেই মৃত্যু হ’ব তাৰ অনাহাৰে নাহ… ঈশ্বৰ থাকিলে কিবা পথ দেখুৱালে হয় নিশ্চয়কৈ… এইবোৰ ভাবি থাকোতেই দূৰত ছাঁ এটাৰ দৰে শিষ্যৰে সৈতে মুনিক সেই বাটেৰে আহি থকা যেন অনুভৱ কৰিলে যুৱকে৷ অতি কষ্টেৰে নিজকে এবাৰ চিকুটি চালে যুৱকে, নাই সপোন নহয় বাস্তৱতে বাটটোৰে আগবাঢ়িছে মুনি তাৰ শিষ্য দুজন৷ শিলৰ কাষেৰে তেওঁলোক পাৰ হোৱাতেই দেহাৰ অৱশিষ্ট শক্তিৰে প্ৰাণপনে চিঞৰিলে যুৱকে নাই মুখেৰে কেৱল সৰুকৈ শব্দ এটাহে ওলালে… তাৰ পিছত যুৱক সজ্ঞাহীন হ’ল! !

মুনিৰ আশ্ৰমত জ্ঞান উভতিল যুৱকৰ, লাহে লাহে সুস্থহৈ উঠিলত মুনিয়ে আহি মাত ল’গালে যুৱকক “ কি ঈশ্বৰ পালা“? ? যুৱকে সেই শিয়ালৰ ঘটনাটো মুনিক বিৱৰি ক’লে৷ মুনিয়ে ক’লে “ঈশ্বৰে তোমাক সঠিক পথেই দেখুৱাইছিল“! কিন্তু ঈশ্বৰৰ সেই ইঙ্গিত বুজিপোৱা তোমাৰ সাধ্যৰ বাহিৰত আছিল৷ ঈশ্বৰে তোমাক এটা অনুকৰণীয় পথ দেখুৱাবলৈ বাঘ আৰু শিয়ালৰ চৰিত্ৰ দুটাৰ ইঙ্গিত দিছিল আৰু তুমি সহজ পথ হিচাবে বাঘটোৰ অনুকৰণ নকৰি শিয়ালটোক হে অনুকৰণ কৰিলা৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.