আনন্দ (দীপাঙ্ক বৰা)

আনন্দ (দীপাঙ্ক বৰা)

আনন্দ (দীপাঙ্ক বৰা)

by October 13, 2016 0 comments

(এণ্টন চেখভৰ চুটি গল্প ‘JOY’ ৰ ভাবানুবাদ)

তেতিয়া নিশা বাৰ বাজিছিল৷
উৎকণ্ঠিত মুখ আৰু আউলি-বাউলি চুলিকোচাৰে মিট্য়া কুলদাৰভ মাক-দেউতাকহঁতৰ ঘৰটোলৈ সোমাই আহি গোটেই কোঠাবোৰত ডেও দি ফুৰিছিল৷ মাক-দেউতাক ইতিমধ্যেই শুবলৈ বুলি বিছনাত উঠিছিল৷ স্কুলত পঢ়া ভায়েকহঁতো শুই পৰিছিল৷ মাথোন ভনীয়েকে বিছনাত শুই শুই পঢ়ি থকা উপন্যাসখন সমাপ্ত কৰিবলৈ শেষৰ পৃষ্ঠাটো লুটিয়াইছিল৷

“ তুমি ক’ৰ পৰা আহিলা? ” হতচকিত পিতৃ মাতৃয়ে ক্ৰন্দনৰ সুৰত সুধিছিল৷ “তোমাৰ কি হৈছে? ”
“অহ…নুসুধিবা! মই কেতিয়াও আশা কৰা নাছিলো; নাই, এনেকুৱা হ’ব পাৰে বুলি কেতিয়াও আশা কৰা নাছিলো.. ই সচাঁকৈয়ে অবিশ্বাস্যভাবে ইতিবাচক! ”
আনন্দৰ আতিশয্যত থিৰেৰে থাকিব নোৱাৰি মিট্য়াই হাঁহি হাঁহি চকী এখনত বহি পৰিছিল৷
“ ই অবিশ্বাস্য! তোমালোকে কল্পনাও কৰিব নোৱাৰা৷ চোৱা! “

তেওঁৰ ভনীয়েকে গাৰ পৰা লেপখন দলিয়াই জাঁপ মাৰি বিছনাৰ পৰা নামি ককায়েকৰ কাষ চাপি আহিছিল৷ স্কুলীয়া ল’ৰাকেইটাও সাৰ পাই উঠিছিল৷
“ ঘটনাটো কি? তোমাৰ হাৱ-ভাব দেখোন অচিনাকি যেন লাগিছে আজি! ”
কাৰণ মই চৰম আনন্দিত, মা! তুমি জানানে..এতিয়া মোক সমগ্ৰ ৰাছিয়াই চিনি পায়! সমগ্ৰ ৰাছিয়া! এতিয়ালৈকে মাথোন তোমালোকে জানিছিলা যে ডিমিট্ৰি কুলদাৰভ বুলি এজন পঞ্জীয়ন কেৰাণী আছে, এতিয়াৰ পৰা এই কথা সমগ্ৰ ৰাছিয়াই জানিব! অ’ মা! অহ, ভগৱান! ”
মিটিয়া পুনৰ জঁপিয়াই উঠি গোটেই কোঠাবোৰত নাচি বাগি এপাক দৌৰি আহি আকৌ বহি পৰিছিল৷
কিয়..কি ঘটিছে? ভালকৈ কোৱাচোন আমাক! ”
.. (সচাঁই দেই)….তোমালোক বনৰীয়া জানোৱাৰৰ দৰে জীয়াই আছা, তোমালোকে বাতৰিকাকত নপঢ়া আৰু তাত কি প্ৰকাশ হৈছে লক্ষই নকৰা৷ কাকতবোৰত কিমান আনন্দদায়ক খবৰ থাকে৷ যদি কিবা এটা ঘটনা ঘটে সকলোৱেই গম পায়, একোৱেই লুকাই নাথাকে! কিমান সুখী মই! অহ ভগৱান! তোমালোকে জানানে কেৱল যশোমণ্ডিত (চেলিব্ৰেটি)সকলৰ নাম হে বাতৰিকাকতত প্ৰকাশ কৰে, আৰু এতিয়া সেইসকলৰ লগত মোৰ নামো যোগ হৈছে! ”

“তুমি কৈছা কি! ক’ত? ”

ঘটনাৰ আকস্মিকতাত পিতৃজন শেঁতা পৰি গৈছিল৷ মাকজনীয়ে ভগৱানৰ পৱিত্ৰ ফটোখনৰ ফালে চাই বুকুত ক্ৰছ আঁকিছিল৷ স্কুলীয়া ল’ৰাহঁতো বিছনাৰ পৰা জঁপিয়াই নামি আহি ৰাতি শোৱা সাজেৰেই ককায়েকৰ ওচৰ পাইছিলহি৷
“হয়! মোৰ নাম প্ৰকাশ হৈছে৷ এতিয়া সমগ্ৰ ৰাছিয়াই মোক চিনি পায়৷ এই স্মৃতি যুগমীয়া কৰিবৰ বাবে কাকতখন ৰাখি থোৱা৷ পাছত কেতিয়াবা আমি পঢ়িব পাৰিম! চোৱা! ”

মিট্য়াই চোলাৰ জেপৰ পৰা ভাঁজ কৰি থোৱা কাকত এখন উলিয়াই দেউতাকৰ হাতত দি নীলা পেঞ্চিলৰে দাগ দি থোৱা পেৰাগ্ৰাফটোলৈ আঙুলিয়ালে৷
“পঢ়ি চোৱা! ”
পিতৃজনে চশমাযোৰ পিন্ধি লৈছিল৷
“উস…পঢ়ানা! ”
মাকজনীয়ে পৱিত্ৰ ফটোখনৰ ফালে চাই ক্ৰুছ চিহ্নটো আঁকিছিল৷ গলখেকাৰি এটা মাৰি দেউতাকে পঢ়িবলৈ আৰম্ভ কৰিছিল৷ “ উনত্ৰিশ ডিচেম্বৰৰ নিশা এঘাৰটা বজাত ডিমিত্ৰি কুলদাৰভ নামৰ এগৰাকী পঞ্জীয়ন কেৰাণী….”

“তুমি দেখিছানে, দেখিছানে (মোৰ নামটো)! পঢ়ি যোৱা! ”

“…ডিমিত্ৰি কুলদাৰভ নামৰ পঞ্জীয়ন কেৰাণী গৰাকী লিটল ব্ৰন্নাইয়াৰ কজিহিন অট্টালিকাত থকা বিয়েৰৰ দোকানৰ পৰা নিচাসক্ত অৱস্থাত…..”

“সেইয়া মই আৰু চেমিয়ন পেট্ৰভিট্চ… সকলোবোৰ কথা সঠিককৈ লিখিছে! পঢ়ি যোৱা! আৰু শুনা তোমালোকে! ”

“ ….নিচাসক্ত অৱস্থাত পিছল খাই ইউহ্ন’ভিস্কি জিলাৰ ডুৰিকিন’ গাৱঁৰ আইভান ড্ৰটভ নামৰ খেতিয়ক তথা শ্লেজ চালকজনৰ ঘোঁৰাটোৰ তলত পৰি যায়৷ ভয়াৰ্ত ঘোঁৰাটোৱে কুলদাৰভৰ ওপৰেদি পাৰ হৈ গাড়ীখনৰ আৰোহী মস্কোৰ দ্বিতীয় সংঘৰ ব্যৱসায়ী ষ্টিপেন লুকভসহ শ্লেজখনৰে কুলদাৰভক ৰাস্তাইদি চোঁচোৰাই লৈ যায়৷ অচেতন হৈ পৰা কুলদাৰভক আৰক্ষী থানালৈ নি তাতেই ডাক্তৰৰ দ্বাৰা পৰীক্ষা কৰোৱা হয়৷ তেওঁ মুৰৰ পাছফালে পোৱা আঘাত….”

“ শ্লেজখনৰ ডিলাদালে আঘাত কৰিছিল, দেউতা৷ এতিয়া বাকী অংশ পঢ়া! ”
“…. মুৰৰ পাছফালে পোৱা আঘাত গুৰুতৰ নহয় বুলি জ্ঞাত হৈছে৷ ঘটনাটোৰ বিতং প্ৰতিবেদন দাখিল কৰা হৈছে৷ আহতজনক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে …..”
“তেওঁলোকে মোৰ পাছমুৰত ঠাণ্ডা পানীৰ প্ৰলেপ দিবলৈ কৈছিল৷ তুমি গোটেইকথা খিনি পঢ়িলানে৷ আহ..দেখিলা! মোৰ কথা সমগ্ৰ ৰাছিয়াতে বিয়পি গৈছে৷ চাওঁ..কাকতখন দিয়া”৷ মিট্য়াই কাকতখন লৈ ভাঁজ কৰি চোলাৰ জেপত ভৰাই ল’লে৷

মই এতিয়াই মাকাৰভহঁতৰ তালৈ গৈ এইখন দেখাওঁগৈ৷ আইভানিস্কি, নাটাছিয়া আইভানভ্না আৰু আনিছিম ভাছিল্যিট্চহঁতকো দেখাব লাগিব .. শুভ ৰাত্ৰি”৷
আৰু তাৰ পিছত মিট্য়াই ৰিবন লগোৱা টুপিটো পিন্ধি বিজয়ৰ আনন্দ আৰু উল্লাসৰে ৰাস্তালৈ দৌৰি ওলাই গ’ল… (চেলিব্ৰেটি হোৱাৰ খবৰটো দিবলৈ)৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.