অসমৰ খিলঞ্জীয়াৰ ভূমি, প্ৰাকৃতিক সম্পদ আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত জনজাতীয় ৰাজ্যৰ প্ৰাসংগিকতা (বিজু সেনাপতি)

অসমৰ খিলঞ্জীয়াৰ ভূমি, প্ৰাকৃতিক সম্পদ আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত জনজাতীয় ৰাজ্যৰ প্ৰাসংগিকতা (বিজু সেনাপতি)

অসমৰ খিলঞ্জীয়াৰ ভূমি, প্ৰাকৃতিক সম্পদ আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত জনজাতীয় ৰাজ্যৰ প্ৰাসংগিকতা (বিজু সেনাপতি)

by October 14, 2016 0 comments

সমগ্ৰ বিশ্বৰেই বিভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ দুৰৱস্থা এক অতিকে উদ্বিগ্নতাৰ বিষয়। ভাৰতবৰ্ষতো স্বাধীনতাৰ সমসাময়িকভাৱেই খিলঞ্জীয়াৰ অধিকাৰ প্ৰধান বিষয় ৰূপে পৰিগণিত হৈ আহিছে। উত্তৰ-পূৱ ভাৰতৰ চিকিম, অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ আদি আটাইকেইখন ৰাজ্যই জনজাতি প্ৰধান। ইবিলাকৰ ভিতৰত এতিয়ালৈকে ভাৰতীয় সংবিধানৰ আঁওতাত জনজাতিৰ মৰ্য্যদা পোৱা পৰিসংখ্যা চালে চিকিম ৩৩.৮%, অসম ১২.৪%, মেঘালয় ৮৬.১%, ত্ৰিপুৰা ৩১.৮%, মিজোৰাম ৯৪.৪%, মণিপুৰ ৩৫.১%, নাগালেণ্ড ৮৬.৫% আৰু অৰুণাচল প্ৰদেশত ৬৮.৮% জনজাতি আছে। ইয়াৰ আধাৰতে মেঘালয়, মিজোৰাম আদি ৰাজ্যবোৰে বিশেষ জনজাতিয় ৰাজ্যৰ মৰ্য্যদা লাভ কৰিলে। সেই সূত্ৰেই সেই ৰাজ্যসমূহত থকা আবৰ, অকা, আপাতানি, গালো, খামতি, খোৱা, মিচিমি, চাকমা, ডিমাচা, হাজং, খাচি, জয়ন্তীয়া, কুকি, নগা, মিকিৰ আদিকে ধৰি আন বহুতো জনজাতিয় লোকৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰা হৈছে। তেঁওলোকৰ মাজত থকা বহু সমস্যাৰ এতিয়াও সমাধান হোৱা নাই যদিও তথাকথিত প্ৰব্ৰজনকাৰি আৰু স্বদেশীয় শোষণ নীতিত তেঁওলোক নি:শেষ হৈ যোৱাৰ পৰা ৰক্ষা পৰিছে বুলি ক’ব পাৰি। কিন্তু অতি আৰ্চয্যকৰভাৱে অসমৰ খিলঞ্জীয়াসকল সেই আঁওতাৰ পৰা এতিয়াও বহু আঁতৰত। জনজাতিয়েই হওঁক বা অজনজাতিয়েই হওঁক, অসমৰ খিলঞ্জীয়াসকল আজি ভূমি আৰু ৰাজনৈতিক অধিকাৰ খৰ্ব হোৱাকে ধৰি সকলো দিশৰ পৰাই অস্তিত্বৰ সংকটত ভূগিছে। ইতিমধ্যে ভাৰত চৰকাৰৰ অধিসুচনাৰ যোগেদি স্বীকৃতি পোৱা অসমৰ চাকমা, ডিমাচা কছাৰী, গাৰো, হাজং, মাৰ, খাচি, জয়ন্তীয়া, কুকি, লোকহাৰ, মান (টাইভাষী), মিজো, কাৰ্বি, নগা, পাৱি, চিনথেং, লালুং, কাছাৰৰ বৰমনসকল, বড়ো, বৰকছাৰী, লালুং, মেছ, মিৰি, ৰাভা, ডিমাচা, চিফুং, খামতি, গাৰো আদিসকলে জনজাতিৰ মৰ্য্যদা লাভ কৰিছে যদিও তেওঁলোকৰ সকলোৰে ভূমি আৰু ৰাজনৈতিক অধিকাৰ এতিয়াও সুৰক্ষিত হোৱা নাই। অৱশ্যে ইয়াৰ ভিতৰতে স্বায়ত্ব শাসিত পৰিষদ অথবা ষষ্ঠ অনুসুচীৰ বিশেষ ক্ষমতা লাভ কৰা কিছু বিশেষ অঞ্চলৰ জনজাতিয়ে নিজকে কিছু সুৰক্ষিত বুলি ভৱাৰ থল আছে। কিন্তু, সমগ্ৰ অসমীয়াৰ খিলঞ্জীয়াৰ অধিকাৰ ইয়াতেই সুৰক্ষিত হ’বনে? তেনেহ’লে বাকী থকা এই বৃহৎ সংখ্যক অসমীয়া খিলঞ্জীয়াৰ ভৱিষ্যত কি ? বৰ্তমানৰ হিচাপত ১২.৪% শতাংশ জনজাতিৰে অসমে জনজাতিয় ৰাজ্যৰ মৰ্য্যদা নাপায় আৰু সেয়া হ’লে বৃহত্তৰ অসমীয়া খিলঞ্জীয়াই ভূমি আৰু ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবৰ উপায় হিচাপে বিকল্প পথো সুগম নহয়। কিন্তু একমাত্ৰ সম্ভাৱনীয়তাৰ কথা এইটোৱেই যে কলিতা জনগোষ্ঠীকে ধৰি আহোম, চুতীয়া, মটক, মৰাণ, কোঁচ ৰাজবংশী আদিয়ে জনজাতিকৰণ বিচাৰি সমগ্ৰ ৰাজ্য উত্তাল কৰি আছে আৰু দিল্লীটো আলোচনা-বিলোচনা চলি আছে। এতিয়া সকলো খিলঞ্জীয়া অসমীয়াৰ বাবে আশাৰ ৰেঙনী এইটোৱেই। বৰ্তমান জনজাতিকৰণৰ দাবী কৰি থকা লোকসকলে জনজাতিৰ মৰ্য্যদা পালে অচিৰেই অসমে জনজাতিয় ৰাজ্যৰ স্বীকৃতি লাভ কৰিব। এইটো পৰিস্কাৰ হৈ পৰিছে যে ইতিমধ্যে জনজাতিকৰণৰ দাবী কৰি অহা জনগোষ্ঠীসমুহৰ জনজাতিকৰণেই হৈছে খিলঞ্জীয়া অসমীয়াৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ বাবে পোহৰ প্ৰয়াসী পথ। জনজাতিকণৰ দাবী লৈ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা জনগোষ্ঠীসমূহৰ ভিতৰত কলিতাসকলেই হৈছে সৰ্ববৃহৎ জনগোষ্ঠী। গতিকে এনেবোৰ জনগোষ্ঠী জনজাতিকৰণৰ আঁওতাত সোমালে জনজাতিসকলে ভূমি আৰু ৰাজনৈতিক অধিকাৰ সমূহ সুৰক্ষিত কৰাৰ সুবিধা পাব। ভূমিৰ অধিকাৰ অক্ষুন্ন ৰাখিব নোৱাৰিলে বাংলাদেশীকে ধৰি অন্যান্য বিদেশীৰ সমস্যা আৰু দেশৰ ভিতৰতে বহিৰাগত বনিক গোষ্ঠীৰ আগ্ৰাসন তথা ৰঘুমলাৰূপী ব্যাপ্তিয়ে খিলাঞ্জীয়াৰ অস্তিত্ব বিপন্ন কৰি দিয়াটো ধূৰুপ৷ চৰকাৰ আৰু ৰাজনীতিৰ পাশাখেলত বৰ্তি থাকি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ হাতত দ্বিতীয় বিকল্প নাই। ভাৰতীয় সংবিধান একেদিনাই সম্পূৰ্ণ সলনি কৰি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে ভাৰত চৰকাৰে বিশেষ আঁচনি প্ৰনয়ণ কৰি শীঘ্ৰেই ৰূপায়ন কৰিব পাৰিব বুলিও আশা কৰিব পৰা নাযায়। জনজাতীয় ৰাজ্যৰ দাবী উত্থাপনৰ আগৰ পদক্ষেপটো হৈছে এই ভূ-খণ্ডৰ সকলো যোগ্য লোকক প্ৰথমে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ চৰকাৰক বাধ্য কৰোৱা। শেহতিয়াকৈ এই প্ৰক্ৰিয়াত তীব্ৰ হেঙাৰ ৰূপে থিয় হোৱা সমস্যাটো হ’ল জনজাতিকৰণৰ নতুন চৰ্তাৱলী। পূৰ্বৰ যি পাঁচটা চৰ্তাৱলীৰ যোগেদি ইতিমধ্যে জনগোষ্ঠী বিচাৰি থকা জনগোষ্ঠী সমূহে নিজৰ নিজৰ প্ৰক্ৰিয়া আগবঢ়াই নিছিল, সেই সকলো নসাৎ কৰি ইয়াৰ পৰিৱৰ্তে জনজাতিৰ মৰ্য্যদা পাবলৈ তিনিটা নতুন চৰ্ত ধাৰ্য্য কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সৌ সিদিনা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে ৰাজহুৱাভাৱে ঘোষণা কৰিলে যে, ঐতিহাসিক অন্যায়, ধ্বনিগত বৈশিষ্ট্য আৰু ভৌগোলিক বিচ্ছিন্নতা হ’ব জনজাতিকৰণৰ নতুন চৰ্ত। এনেকুৱা বৃহৎ স্বাৰ্থজড়িত সংশোধনীবিলাক কেনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেদি গৈ প্ৰস্তাবিত হ’ব লাগে আৰু ভাৰতীয় গণতন্ত্ৰৰ এই ব্যৱস্থাত দাবীদাৰ সকলৰ বাবে গ্ৰহণযোগ্যতা কিমান? একেখন দেশত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ জনগোষ্ঠীক সুকীয়া সুকীয়া চৰ্তসাপেক্ষে জনজাতিকৰণ কৰিলে, জনজাতিসকলৰ মাজত সমতা স্থাপন নহ’ব আৰু গণতন্ত্ৰৰ বাবেও ই ডাঙৰ প্ৰশ্ন হ’ব। যদি সময় আৰু পৰিস্থিতিৰ সাপেক্ষে জনজাতিকৰণৰ সূত্ৰ সলনি কৰাটো অত্যন্তই প্ৰয়োজনীয়, তেনেহ’লে সূত্ৰ সংশোধন কৰাৰ সময়ত ইতিপূৰ্বে জনজাতিৰ মৰ্য্যদা লাভ কৰি থকাসকলকো নতুন সংশোধনীৰ আঁওতালৈ আনি পুনৰ বিবেচনা কৰিব লাগে। নিশ্চিতভাৱে তেতিয়া সকলো জনজাতিৰ মাজত সমতা স্থাপন হ’ব। ইয়াৰ লগতে কিছু নতুন সংযোজন কৰাটো অত্যন্ত প্ৰয়োজনীয়। সাম্প্ৰতিক পৰিস্থিতিত দেখা গৈছে যে বহুতো জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ে নিজৰ নিজৰ অস্তিত্ব বিপন্ন হোৱাৰ সংকেট পাইছে আৰু তাৰ পৰিত্ৰাণৰ উপায় হিচাপে তেওঁলোকে ভাৰতীয় সংবিধানৰ বিভিন্ন অনুসূচীৰ অধিনলৈ আহিবলৈ সংগ্ৰাম আৰম্ভ কৰিছে। ই অতিকে স্বাভৱিক আৰু যুক্তিসংগটো। এতিয়া কথা হ’ল বিভিন্ন জাতি জনগোষ্ঠী আৰু সম্প্ৰদায়ে অস্তিত্ব ৰক্ষাৰ এই দৌৰটোত ব্যস্ত থাকোঁতে তেওঁলোকৰ বহুত আৰ্থ-সামাজিক ক্ষতি হৈছে। শিক্ষা-দিক্ষা, কলা-সংস্কৃতি, ৰীতি-নীতি আৰু ঐতিহ্য-পৰম্পৰাত ইয়াৰ কুপ্ৰভাৱ পৰিছে। এনে কাৰকবোৰ সমগ্ৰ দেশৰ উন্নতিৰ বাবেই অন্তৰায় হৈছে। সেইবাবে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ প্ৰকল্পৰ যোগেদি সকলো জাতি, উপজাতি,জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য পৰম্পৰা আৰু ইতিবৃত্তৰ গৱেষণামূলক তথ্যসমূহ বৈজ্ঞানিকভাৱে সংগ্ৰহৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ আধাৰতে জাতি জনগোষ্ঠীসমূহক প্ৰয়োজনীয় আৰু প্ৰাপ্য মৰ্য্যদা প্ৰদান কৰিব লাগে। ভৱিষ্যতে যাতে কোনেও একেবোৰ সংৰক্ষণৰ আঁওতালৈ আহিবৰ বাবে সংগ্ৰাম প্ৰতিবাদ আদি কৰিবলগীয়া নহয়। জনগোষ্ঠীয় সমস্যাবোৰে অসমৰ সাম্প্ৰতিক পৰিস্থিতি ইমানেই সংপৃক্ত কৰি ৰাখিছে যে সেইবোৰৰ পৰিত্ৰাণৰ উপায় বিচাৰি থকা প্ৰক্ৰিয়াত ব্যস্ত হৈ থাকি অসমীয়াই পাহৰি পেলাবলগীয়া হৈছে সামগ্ৰীক উন্নয়নৰ কথা। তাতে আকৌ জাতিয় সমস্যাৰূপে দেখা দিয়া সমস্যাবোৰ আছেই। এনেকুৱা পৰিস্থিতিত সাধাৰণ আবেগিক লোকসকলে নিজৰ স্থিতি সুস্থিৰভাৱে ধৰি ৰাখিব পৰা নাই। কোনোবাই বৃহৎ নদীবান্ধৰ ফলত ধংস হোৱাৰ সম্ভাৱনা থকা ভূমিৰ বাবে নিজৰ সমষ্ট কাম কাজ এৰি ৰাজপথলে ওলাই আহিছে ঠিকেই, কিন্তু যিখিনি ভূমিৰ ৰক্ষাৰ বাবে তেঁও মৰণ পণ সংগ্ৰাম চলাই আছে সেই ভূমিখিনিতেই তেওঁৰ অধিকাৰটো কোনোবা বিদেশীৰ হাতত অথবা বহিৰাগত বনিয়াৰ হাতত পৰিবলৈ গৈ আছে সেইটো তেওঁ তিলমানো অনুধাৱন কৰিব পৰা নাই। বৃহৎ ষড়যন্ত্ৰকাৰীসকলৰ কুটিল চক্ৰান্তৰ বলি হৈ অসমীয়াসকলে নিজকে চিনিব পৰা নাই। বিশেষ আচনি প্ৰৱৰ্তন কৰি খিলঞ্জীয়াক সকলো প্ৰকাৰে সুৰক্ষিত কৰিব নোৱাৰালৈকে বৰ্তমানৰ সংবিধানৰ আঁওতাতে যথাযোগ্য জনজাতিকৰণৰ ব্যৱস্থা কৰি অসমক জনজাতিয় ৰাজ্য হিচাপে ঘোষণা কৰাটোৱেই একেবাৰে সন্মুখত থকা উপায়। কিন্তু গোটেই কথাবোৰ ‘ডিভাইড এণ্ড ৰুল পলিচি’ ৰ দ্বাৰা ইমানেই জটিল পৰ্য্যায়লৈ লৈ যোৱা হয় যে সামগ্ৰীক বা জাতিয় সমস্যাসমূহৰ বাবে কাৰো সময়, সদিচ্ছা আৰু শক্তি এটাও নাইকিয়া হৈ যায়। এই কথাবোৰৰ গুৰুত্ব উপলব্ধি কৰি অসমৰ সকলো খিলঞ্জীয়া একেখন মঞ্চৰ তললৈ অহাৰ প্ৰয়োজন হৈ পৰিছে। বৃহত্তৰ অসমৰ সকলো জাতি, উপজাতি, জনগোষ্ঠী, সম্প্ৰদায় ধৰ্ম, বৰ্ণ আৰু লিংগ নিৰ্বিশেষে একেলগে আলোচনাৰ মাধ্যমেৰে সুস্থিৰ মঞ্চ এখন তৈয়াৰ কৰি সেই মঞ্চৰ যোগেদি সমস্যাবোৰৰ সমাধান বিচৰা উচিত। তেতিয়াহে খিলঞ্জীয়াৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ পথ সুগম হ’ব। খিলঞ্জীয়া বিৰোধী সকলো শক্তিকে মষিমূৰ কৰি ভাৰত চৰকাৰক হেঁচা প্ৰয়োগ কৰিলেই সমাধানৰ পথ মুকলি হ’ব। সকলো খিলঞ্জীয়াৰ ঐক্য মঞ্চইহে অসমলৈ আনিব পাৰিব সোণোৱালী দিন।

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.