অসমত শক্তি সাধনাৰ (শাক্ত ধৰ্মৰ) ঐতিহ্য আৰু পৰম্পৰা (জুনমনি কাকতি)

অসমত শক্তি সাধনাৰ (শাক্ত ধৰ্মৰ) ঐতিহ্য আৰু পৰম্পৰা (জুনমনি কাকতি)

অসমত শক্তি সাধনাৰ (শাক্ত ধৰ্মৰ) ঐতিহ্য আৰু পৰম্পৰা (জুনমনি কাকতি)

by October 15, 2016 0 comments

পুণ্য ভূমি ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ এটি সুবিস্তীৰ্ণ অঞ্চল যাক অতি প্ৰাচীন কালৰে পৰা প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা যায়, সেই পুণ্য ভূমি কামৰূপ প্ৰাচীন কালৰ পৰাই শক্তি সাধনাৰ উপযুক্ত স্থান হিচাপে পৰিগণিত হৈ আহিছে৷ মহানিৰ্ব্বাণ-তন্ত্ৰ, যোগিনী-তন্ত্ৰ আদি বিখ্যাত তন্ত্ৰ শাস্ত্ৰত ভাৰতবৰ্ষৰ চাৰিখন শক্তি-পীঠ — পূৰ্ণগিৰি, উজ্জীয়ান, জলন্ধৰ আৰু কামৰূপৰ ভিতৰত কামৰূপ পীঠক শ্ৰেষ্ঠ মহাপীঠ বুলি কৈছে৷
মানুহে আদিতে প্ৰকৃতি-পূজা অৰ্থাৎ প্ৰকৃতিৰ অংশীদাৰ স্বৰূপ কিছুমান শক্তিক যেনে সূৰ্য্য, বায়ু, বৰুণ, অগ্নি, ইন্দ্ৰ, পৰ্বত-পাহাৰ, গছ-গছনি, নদ-নদী আদি বিশ্বাস অনুযায়ী পূজা কৰিছিল৷ শ-শ বছৰ অতিক্ৰম কৰাৰ পাছত প্ৰাচীন ভাৰতবাসীৰ ভৌগলিক স্থিতি, প্ৰাকৃতিক পৰিবেশ, ধৰ্মীয় বিশ্বাস, সাংস্কৃতিক ৰীতি অনুযায়ী জনগোষ্ঠীসমূহৰ উপাস্য দেৱ-দেৱী নিৰ্দিষ্ট হৈ পৰে৷ অসমতো এনে এক প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হৈছিল শক্তি পূজা বা শাক্ত-ধৰ্মৰ৷ শাক্ত-ধৰ্মৰ মূল উপাস্য হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী৷ এই দেৱীৰ বিভিন্ন ৰূপ বা নাম আমি পাওঁ৷ যেনে ভগৱতী, চণ্ডী, কাত্যায়নী, উমা, পাৰ্বতী, মহিষামৰ্দিনী, কামাখ্যা, ভৈৰৱী, চামুণ্ডা, কালী, গৌৰী, তাৰা, চণ্ডিকা, মহা-মায়া, দশভূজা, ষোড়শভূজা, লক্ষ্মী, সৰস্বতী আদি। পৰমাশক্তিক মাতৃ ৰূপৰ মাজেৰে উপলব্ধি কৰাটোৱেই শক্তিবাদৰ প্ৰধান কথা৷
প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকেই যে শক্তি সাধনাৰ প্ৰথম সেৱক আৰু প্ৰাগজ্যোতিষপুৰৰ দেৱী পূজাৰ প্ৰথম প্ৰচলন কৰিছিল তাৰ প্ৰমান পুৰাণ শাস্ত্ৰত পাওঁ৷ কালিকা পুৰাণত বৰ্ণনা কৰা মতে নৰকৰ জন্ম হয় বিষ্ণুৰ ঔৰসত, বসুমতীৰ গৰ্ভত৷ সেই বাবে বিষ্ণুৱে নৰকক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে আৰু এই বিশাল ৰাজ্য শাসন কৰিবলৈ দিয়ে৷ লগতে বিষ্ণুৱে পুত্ৰক নিৰ্দেশ দিয়ে যে – “তুমি সদায় কামৰূপৰ এই নীলাচল পৰ্বততে বাস কৰিবা, কামাখ্যাৰ বাহিৰে আন দেৱতাৰ পূজা নকৰিবা আৰু ইয়াৰ ব্যতিক্ৰম কৰিলে তোমাৰ প্ৰাণ নাশ হ’ব“৷ ফলত নৰকাসুৰ শক্তিৰ উপাসক হৈ পৰে আৰু তেওঁৰ দ্বাৰাই অসমত শাক্ত ধৰ্মৰ উত্থান ঘটে৷
নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত, নাতি ব্ৰজদত্তৰ দিনত শাক্ত ধৰ্মৰ সুঁতি আপেক্ষিক ভাৱে দুৰ্বল হৈ আহে যদিও এই সুতি একেবাৰে শুকাই যোৱা নাই৷ দুৰ্বল ভাৱে হলেও ভাস্কৰবৰ্মাৰ দিনলৈকে ই বৈ আছিল৷ প্ৰায় ৩৮০ খ্ৰীষ্টাব্দ মানৰ ৬৫০ খ্ৰীষ্টাব্দ মানলৈ ভগদত্তৰ পৰা আৰম্ভ কৰি যি সকল ৰজাই কামৰূপ শাসন কৰিছিল তেওঁলোক শাক্ত সাধনাতকৈ শৈৱ ধৰ্মৰ প্ৰতি বেছি আসক্ত আছিল৷ ইয়াৰ প্ৰমান আমি ডুবি নিধানপুৰ তাম্ৰশাসন ফলিত পাওঁ৷ যাৰ বাবে এই সময়চোৱাত শাক্ত ধৰ্মৰ সুতি আপেক্ষিক ভাৱে দুৰ্বল হৈ আহিছিল৷
ভাস্কৰ-বৰ্মাৰ পাছত ৬৫০ খ্ৰীষ্টাব্দৰ পৰা প্ৰায় ১০০০ খ্ৰীষ্টাব্দলৈ যথাক্ৰমে শালস্তম্ভ আৰু প্ৰালম্ভ এই দুই ৰাজবংশই কামৰূপত ৰাজত্ব কৰে৷ ডo সুনীতিকুমাৰ চেটাৰ্জীৰ মতে প্ৰালম্ভ ৰাজবংশৰ ৰজাসকল শৈৱ আছিল৷ যদিওঁ তেওঁলোক শৈৱ আছিল, প্ৰালম্ভ বংশোদ্ভৱ ৰজা বনমাল বৰ্মনৰ ( ৮৩৫-৮৬০ খ্ৰীষ্টাব্দ) তাম্ৰশাসন ফলিত “কামেশ্বৰ মহাগৌৰী“ যুগল উপাসনাৰ কথা উল্লেখ থকাৰ পৰা বুজা যায় যে সেই সময়ত শিৱ-পাৰ্বতীৰ যুগল উপাসনাৰ পদ্ধতি প্ৰৱৰ্তন আছিল৷ তদুপৰি সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত খোদিত কৰা বুলি অনুমান কৰা দুৰ্গাৰ কেইবাটাও মূৰ্তি আৰু বিভিন্ন দেৱীৰ মূৰ্তি পোৱা গৈছে৷ এই মূৰ্তিবোৰে প্ৰমাণ কৰে যে এই সময়চোৱাত যদিও শৈৱ ধৰ্মই প্ৰাধান্য লাভ কৰিছিল তথাপিও শক্তি উপাসনা একেবাৰে দুৰ্বল হৈ যোৱা নাছিল৷

১০০০ খ্ৰীষ্টাব্দৰ পৰা ১১২৫ খ্ৰীষ্টাব্দলৈ পাল-বংশী ৰজা সকলে কামৰূপত ৰাজত্ব কৰিছিল৷ এওঁলোকৰ কোনো কোনো ৰজা শক্তিবাদৰ প্ৰতি অধিক আসক্ত আছিল৷ এই ৰজা সকলৰ ৰাজত্ব কালতেই শক্তিবাদৰ ঢৌ প্ৰৱল হয়৷
ভগদত্ত-ভাস্কৰবৰ্মাৰ দিনৰ বিশাল কামৰূপ খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকা মানৰ পৰা ৰাজনৈতিক ক্ষমতা আৰু প্ৰতিদ্বন্দ্বিতাৰ আধাৰত কেইবাখনো সৰু সৰু ৰাজ্যত বিভক্ত হয়৷ বেলেগ বেলেগ জনগোষ্ঠীয়ে এই ৰাজ্যবোৰ শাসন কৰিবলৈ ধৰে৷ তেওঁলোকৰ ভিতৰত খেন বংশীয় ৰজাসকলে কমতা ৰাজ্য শাসন কৰিছিল৷ বুৰঞ্জীৰ বিভিন্ন তথ্যৰ পৰা তেওঁলোক শাক্ত ধৰ্মাৱলম্বী বুলি অনুমান কৰা হৈছে৷
চুতীয়া ৰজা আৰু সেই সম্প্ৰদায়ৰ লোকসকল ঘোৰ শাক্ত আছিল৷ তেওঁলোকে “কেঁচাইখাঁতী“ ৰূপত কালীদেৱীক পূজা-উপাসনা কৰিছিল৷ তাম্ৰপত্ৰৰ মন্দিৰত অধিষ্ঠিতা কাৰণে কেচাঁইখাতী দেৱী পৰৱৰ্তী কালত তাম্ৰেশ্বৰী নামেৰে জনাজাত হৈছিল৷ কেচাঁইখাতী দেৱীৰ আগত পশু-বলিৰ উপৰিও নৰবলি পৰ্যন্ত দিয়া হৈছিল৷
কামৰূপৰ উত্তৰ-পূৱ সীমান্ত অঞ্চলত দিক্কৰ বাসিনীৰ ৰূপত দেৱীক উপাসনা কৰা হৈছে৷ কছাৰীসকলেও বহুকাল আগৰে পৰা কেচাঁইখাতী গোসাঁনীক বলি বিধানেৰে পূজা কৰি অহাৰ প্ৰমান কছাৰী বুৰঞ্জীত পোৱা যায়৷
আহোমসকল টাইজাতিৰ আৰু বৌদ্ধধৰ্মীয় আছিল৷ আহোম ৰাজত্বৰ আৰম্ভণিৰ পৰা (১২২৮ খ্ৰী: ) অৰ্থাৎ চুকাফাৰ পৰা চুপিম্ফাৰ (১৪৯৭ খ্ৰী: ) ৰাজত্বৰ শেষলৈকে কোনো ৰজাই বা বিষয়াই হিন্দুধৰ্ম গ্ৰহণ কৰাৰ কথা বুৰঞ্জীয়ে নকয়৷ ব্যতিক্ৰম কেৱল চুডাংফা বা বামুণী কোঁৱৰ (১৩৯৭-১৪০৯খ্ৰী: )। চুহুংমুং বা দিহিঙ্গীয়া ৰজাই ১৪৯৭ খ্ৰী:ত প্ৰথম “স্বৰ্গনাৰায়ণ“ বুলি হিন্দু নাম গ্ৰহণ কৰি আহোমৰ ৰাজসিংহাসনত উঠে৷ তাৰ পিছৰে পৰাই প্ৰতিজন আহোম ৰজাই একোটা হিন্দু নাম গ্ৰহণ কৰে আৰু হিন্দু ধৰ্ম প্ৰচাৰৰ পৃষ্ঠপোষকতা কৰে৷ আহোম ৰজা প্ৰতাপসিংহই অসমত প্ৰথম দুৰ্গাদেৱীৰ মৃণ্ময় মূৰ্তিৰ নিৰ্মাণ কৰাই দুৰ্গাপূজাৰ প্ৰচলন কৰিছিল আৰু মূৰ্তিপূজাই ব্যাপকতা লাভ কৰিছিল৷ আহোম ৰজা শিৱসিংহ আৰু তেওঁৰ তিনিগৰাকী ৰাণীও ঘোৰ শাক্ত আছিল৷
এইদৰে আহোম ৰাজত্বৰ ৰজা প্ৰতাপসিংহৰ পৰা লক্ষ্মীসিংহলৈকে (১৬৯৭- ১৭৮০ খ্ৰী: ) প্ৰায় সকলোবোৰ আহোম ৰজাই হিন্দু প্ৰবৃত্তি সম্পন্ন আৰু বেছি ভাগেই শাক্তধৰ্মৰ প্ৰতি আসক্ত হৈ শাক্তগুৰুৰ ওচৰত শৰণ লৈছিল৷
বুৰঞ্জীৰ পাতৰ পৰা জনা যায় যে জয়ন্তীয়া ৰজাসকল আৰু কোঁচ ৰজাসকল শাক্তৰ উপাসক আছিল৷ কোঁচ ৰজা বিশ্বসিংহই কামাখ্যা মন্দিৰ নিৰ্মাণ কৰাই আৰু ইয়াৰ যথোচিত পূজা-সেৱাৰ ব্যৱস্থা কৰি দিছিল৷ আনহাতে তেওঁৰ পুত্ৰ নৰনাৰায়ণে কালাপাহাৰে ধ্বংস কৰি থৈ যোৱা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰি উলিয়ায়৷
মধ্যযুগীয় অসমত শাক্তধৰ্ম প্ৰচলন থকাৰ প্ৰমাণ “গুৰুচৰিত“টো পোৱা যায়৷ মহাপুৰুষ শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী শাক্ত আছিল৷ শংকৰদেৱৰ পত্নী কালিন্দী আইয়ে গণেশৰ মূৰ্তি পূজা কৰিছিল৷ শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ আগলৈকে মাধৱদেৱো বলি-বিধানেৰে কৰা শক্তি পূজাত একান্ত বিশ্বাসী আছিল৷
এই সকলোবোৰ তথ্যই ইঙ্গিত দিয়ে যে শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আগলৈকে অসমত শাক্তধৰ্ম প্ৰচলিত আছিল৷
অসমত শক্তি ধৰ্মৰ ইতিহাস আৰু পৰম্পৰা বিচাৰিবলৈ হলে আমি প্ৰধানকৈ তাম্ৰশাসন, প্ৰস্তৰ-লিপি, জনশ্ৰুতি, জন-সাহিত্য, বুৰঞ্জী আৰু সংস্কৃত আৰু অসমীয়া লিখিত সাহিত্যৰ পৃষ্ঠা লুটিয়াব লাগিব৷ কালিকা-পুৰাণ আৰু যোগিনী-তন্ত্ৰ এই দুখন সংস্কৃত গ্ৰন্থ শক্তিপূজা, শক্তি সাধন আৰু দাৰ্শনিক তত্ত্ব সমন্ধীয় নানা সম্বলেৰে পৰিপূৰ্ণ৷ দেৱী পূজাৰ বিস্তৃত আৰু সুশৃংখলিত বিধি কালিকা-পুৰাণত দিয়া আছে৷ তদুপৰি এই পুৰাণতে দেৱীৰ আকৃতি-প্ৰকৃতি বৰ্ণনা কৰি দশভূজা, চতুৰ্ভূজা, ষোড়শভূজা, ত্ৰিনয়না, সিংহবাহিনী আৰু মহিষাসুৰমৰ্দিনী আদি দুৰ্গাৰ বহল বিৱৰণ ডাঙি ধৰিছে৷ উগ্ৰতৰা, অন্নপূৰ্ণা, ত্ৰিপুৰাদেৱী আৰু কামেশ্বৰী আদি শক্তিৰ বহুত বিভাৱৰ ধ্যানৰ লগতে পূজা-বিধিৰো বহল বৰ্ণনা দিছে এই কালিকা পুৰাণতে৷ আনহাতে যোগিনীতন্ত্ৰত, কালিকা পুৰাণত নথকা কিছুমান নিগূঢ় শক্তি সাধন পদ্ধতি পোৱা যায়৷
তান্ত্ৰিক সংস্কৃতিৰ কেন্দ্ৰ হিচাপে ভাৰতৰ ভিতৰতে অদ্বিতীয় কামৰূপ পীঠ বিদেশৰ দৃষ্টিটো তন্ত্ৰ-মন্ত্ৰ আৰু ইন্দ্ৰজালৰ দেশ হিচাপে প্ৰাচীন কালৰে পৰা জনাজাত৷ প্ৰসিদ্ধ কামাখ্যা মন্দিৰক বুকুতলৈ মন্ত্ৰ-বিদ্যা, ইন্দ্ৰজাল, ভোজবাজী আৰু নানা গুপ্ত ৰহস্য সাধনৰ কাৰণে এই দেশ বিখ্যাত হৈ উঠিছিল৷ কামৰূপ শক্তি সাধন আৰু সিদ্ধি লাভৰ প্ৰশস্ত ক্ষেত্ৰ বুলি কালিকা পুৰাণ, যোগিনী তন্ত্ৰ, কুঞ্জিকা তন্ত্ৰ, দেৱী ভাগৱত আদি গ্ৰন্থ সমূহে নিৰ্দেশ কৰিছে৷ গতিকে এনে এখন পুণ্য স্থানত দীৰ্ঘকালীন ভাৱে আৰু ব্যাপকভাৱে শাক্ত ধৰ্ম চৰ্চিত হৈ থকাটো স্বাভাবিক৷
কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰই কৈছে-
“ দেৱীক্ষেত্ৰং কামৰূপং বিদ্যতেহন্যন তৎসমম,
অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে৷ “
অৰ্থাৎ কামৰূপৰ নিচিনা কোনো স্থান নাই যি ঠাই দেৱীৰ আবাসৰ কাৰণে উপযুক্ত৷ অন্য দেশত যি দুৰ্লভা সেই দেৱী কামৰূপৰ ঘৰে ঘৰে৷

{সহায়ক পুস্তক-
(১) অসমত শক্তি-সাধন আৰু শাক্ত সাহিত্য – ড° হৰিনাথ শৰ্ম্মা দলৈ৷
(২) অসম বুৰঞ্জী- চাৰ এডৱাৰ্ড গেইট (মুল লেখক), অনুবাদিকা- চেনেহী বেগম৷}

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.