অসমৰ সংকটাপূৰ্ণ ভাষাসমূহ (অভিজিত কলিতা)

অসমৰ সংকটাপূৰ্ণ ভাষাসমূহ (অভিজিত কলিতা)

অসমৰ সংকটাপূৰ্ণ ভাষাসমূহ (অভিজিত কলিতা)

by October 15, 2016 0 comments

ইউনেস্ক’ৰ অনুমান মতে বৰ্তমান প্ৰচলিত ৬০০০ কথিত ভাষাৰ ভিতৰত আধাখিনি এই শতিকাৰ শেষলৈ বিলুপ্ত হ’বগৈ৷ এই ভাষাসমূহৰ বিলুপ্তিৰ লগে লগেই হেৰাই যাব এই ‍ভাষাসমূহৰ মাজত সোমাই থকা অসাধাৰণ বৈশিষ্টমূলক সংস্কৃতিক সম্পদৰ লগতে অমূল্য প্ৰকৃতিপ্ৰদত্ত জ্ঞান৷

পিছে এই বিলুপ্ত হোৱাৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে প্ৰাকৃতিক বুলিয়েই কব পাৰি৷ মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা কিছুমান নতুন ভাষাৰ জন্ম হৈ আহিছে আৰু পৰ্যায়ক্ৰমে কিছুমান ভাষা বিলুপ্তও হৈ গৈ আছে৷ কিন্তু আজিকালি মানৱ সভ্যতাৰ বিকাশে এনে এক পৰ্যায় পাইছেগৈ, এতিয়া আৰু নতুন ভাষাৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে শেষ হৈ আহিছে, আনকি প্ৰচলিত ভাষা সমূহৰ ব্যৱহাৰো কিছু কিছু ক্ষেত্ৰত কম হৈ আহিছে৷ উদহৰণ স্বৰূপে তথ্য প্ৰযুক্তিৰ কথালৈয়ে আঙুলিয়াব পাৰি৷ আজি আমি এৰাব নোৱাৰা হৈ পৰা তথ্য প্ৰযুক্তিৰ বিশাল ক্ষেত্ৰখনত কেৱল ইংৰাজী ভাষাহে এতিয়ালৈকে ব্যৱহাৰ হয়, গতিকে আনবোৰ ভাষাৰ গুৰুত্ব কমি যোৱা স্বাভাৱিক৷ তাতে আকৌ আজিকালি সৰু সৰু স্বতন্তৰীয়া সমাজবোৰ নাইকিয়া হৈ এক বৃহৎ সমাজব্যৱস্থা গঢ়ি উঠাৰ লগে লগে মানুহৰ বাবে নিজৰ থলুৱা ভাষাতকৈ সংযোগী ভাষাবোৰৰহে প্ৰয়োজন বৃদ্ধি পাই আহিছে৷

এই ব্যৱস্থাৰ বিশেষকৈ বলি হৈছে সৰু সৰু ভাষাবোৰ, বিশেষকৈ যিবিলাক ভাষাৰ লিখিত ৰূপ নাই, বা পৰিপক্ব নহয়৷ ইতিমধ্যে যোৱা শতিকাটোতে প্ৰায় ৫০ টা ভাষা পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ গৈছে৷ প্ৰকৃতিক হ’লেও এই বিলুপ্তিৰ প্ৰক্ৰিয়াৰ বাবে বহু লোকে নিজৰ বৈশিষ্টমূলক সংস্কৃতি হেৰুৱাই পৰিচয় সংকটত ভুগিছে৷ মানৱীয় দৃষ্টিকোণৰ পৰা ই কোনোমতেই গ্ৰহণযোগ্য নহয়৷ এই ভাষাবোৰৰ মাজত লুকাই থকা লোকাচাৰ, লোকতথ্য আদি সমগ্ৰ মানৱ সমাজৰে অমূল্য সম্পদ৷

২০০০ চনৰ পৰা এই সময়লৈকে, অৰ্থাৎ এই নতুন সহস্ৰাব্দত পৰা প্ৰায় ওঠৰটা ভাষা পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হৈ গৈছে৷ শেহতীয়াকৈ যোৱা ২০১৬ চনৰ ফেব্ৰুৱাৰীত, বৃটিছ কলম্বিয়া আৰু কানাডাত প্ৰচলিত নু-চা-নাল্থ (Nuu-chah-nulth) ভাষাৰ নাচাটলাট (Nuchatlaht) নামৰ উপভাষাটো বিলুপ্ত হ’ল, আলবান মাইকেল নামৰ শেষ ব্যৱহাৰকাৰীজনৰ মৃত্যুৰ লগে লগে৷ ভাৰতবৰ্ষতো দুটা ’আকা ক’ৰা’ আৰু ’পুশ্চিকৱাৰ’ নামৰ ভাষাদুটা এই সময়চোৱাতে নাইকিয়া হ’ল৷

 

বৰ্তমান পৰিস্থিতিত এই বিলুপ্তিকৰণ প্ৰক্ৰিয়া কিছু ত্বৰাণ্বিত হোৱা বুলি আশংকা কৰা হৈছে, যি ভাষাবিদ সকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে৷ ইয়াৰ বাবে মূলতঃ অৰ্থনৈতিক আৰু সাংস্কৃতিক গোলকীকৰণ, স্বতন্ত্ৰ ভাৱে আন সমাজৰ পৰা বিচ্ছিন্ন হৈ জীৱন ধাৰণ থকাৰ অসুবিধা, সংযোগী ভাষাৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে স্বতন্ত্ৰ ভাষাবিলাকৰ গুৰুত্ব কমি যোৱা, আৰু ব্যৱহাৰকাৰীৰ হীনমন্যতাকে দোষী বুলি ঠাৱৰ কৰিব পাৰি৷

 

এটা ভাষা৷ কথিতই হওক বা লিখিতই হওক, হেৰাই যোৱাৰ বাবে কেৱল সেই ভাষা ব্যৱহাৰকাৰীসকলেই নহয়, ভাষা বিজ্ঞানৰ গৱেষক সকলো সমানে ক্ষতিগ্ৰস্ত হয়৷ ঐতিহ্য আৰু পৰম্পৰাৰ কথা বাদ দিলেও, ভাষাৰ মৃত্যুয়ে এখিনি মানুহৰ স্বকীয় অস্তিত্ত্ব বা চিনাকি নোহোৱা কৰি পেলায়৷ ভাষা বিজ্ঞানৰ ক্ষতি আৰু ঐতিহ্যৰ বিলোপৰ লগতে সেই ভাষাৰ লগত হেৰাই যোৱা প্ৰাকৃতিক জ্ঞান আৰু সংস্কৃতিৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানে বিশ্বৰ সচেতন মহলে বিপদাপন্ন ভাষা বিলাকৰ সংৰক্ষণ, প্ৰসাৰৰ লগতে পুনৰুজ্জীৱিত কৰি তুলিবৰ বাবে নানান প্ৰচেষ্টা হাতত লৈছে৷ ভাৰত চৰকাৰৰ সংবিধানেই আমাৰ স্থানীয় ভাষা সমূহৰ স্থায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷

 

UNESCO বা ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক বিভাগে পৃথিৱীৰ ভাষাসমূহৰ অৱস্থান নিৰ্ণয় কৰিবলৈ কিছুমান মানক থিৰ কৰিছে, যাতে এই ক্ষেত্ৰত প্ৰয়োজনীয় সমল বিলাক সঠিক উপায়েৰে বিনিয়োগ কৰিব পাৰি৷ তেওঁলোকে ভাষাসমূহত মূলতঃ ছটা ভাগত বিভক্ত কৰিছে৷ ভাগ সমূহ এনেধৰণৰ

 

বিপদাপন্নতাৰ ডিগ্ৰী আন্তঃ প্ৰাজন্মিক ভাষাৰ সংচৰণ আৰু ব্যৱহাৰ
সুৰক্ষিত সকলো প্ৰজন্মই এই ভাষা ব্যৱহাৰ কৰে, এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ ভাষাৰ সংচৰণ বাধাপ্ৰাপ্ত নহয়।
সম্ভাৱ্য বিপদাপন্ন সকলো শিশুৱেই ব্যৱহাৰ কৰে, কিন্তু কেৱল ঘৰ বা কোনো বিশেষ ঠাইতহে। সামাজিক ভাৱে তেওঁলোকে আন সংযোগী ভাষা ব্যৱহাৰ কৰে।
স্পষ্টভাৱে বিপদাপন্ন শিশু সকলে আনকি ঘৰতো এই ভাষা মাতৃভাষা হিচাপে নিশিকে বা ব্যৱহাৰ নকৰে।
গুৰুতৰভাৱে বিপদাপন্ন কেৱল বৃদ্ধ (অৰ্থাৎ ককা আইতা স্থানীয়) লোকেহে ভাষাটো ব্যৱহাৰ কৰে, তাৰ তলৰ প্ৰজন্ম বিলাকে বুজিব পাৰে, কিন্তু তেওঁলোকে নিজৰ মাজত কথা পাতোতে সেই ভাষা ব্যৱহাৰ নকৰে।
সংকটজনক কেৱল বৃদ্ধ (অৰ্থাৎ ককা আইতা স্থানীয়) লোকসকলে কাচিৎ এই ভাষা ব্যৱহাৰ কৰে, কিন্তু সদায় নহয়।
বিলুপ্ত এই ভাষা ব্যৱহাৰ কৰোতা কোনো জীয়াই থকা নাই।

 

 

 

 

প্ৰক্ৰিয়াটোক মাৰ্কিন ভাষাবিদ চাহাৰ গ্ৰে থমচন আৰু টেৰেন্স ক’ফমেনে অৰ্থনৈতিক আৰু সামাজিক কাৰণত তিনি ধৰণে ভাষাৰ বিলুপ্ত বা সংকটজনক হৈ পৰিব পাৰে বুলি ব্যাখ্যা কৰিছে৷

এক- অৰ্থনৈতিক আৰু সাংস্কৃতিক কাৰণত এটা ভাষাৰ ব্যৱহাৰকাৰীৰ বুজনসংখ্যকে হঠাতে আন সংযোগী ভাষা ব্যৱহাৰ কৰা আৰম্ভ কৰে আৰু ভাষাটোৰ অকাল মৃত্যু হয়৷

দুই- লাহে লাহে, প্ৰজন্মৰ পাছত প্ৰজন্মকৈ ভাষাৰ ব্যৱহাৰ কমি আহি এসময়ত ভাষাটো মৃত্যুমূখত পৰে৷

তিনি- ভাষাৰ আধুনিকীকৰণৰ প্ৰচেষ্টাত আন ভাষাৰ পৰা ধাৰ কৰা লিপি, ব্যাকৰণ, শব্দ আদিয়ে ভাষাটোৰ বৈশিষ্ট্যমূলক উপাদান সমূহ নাইকিয়া কৰি পেলায়৷ শেষত ভাষাৰ নামটো থাকিলেও তাৰ অস্তিত্ত্ব নাইকিয়া হয়গৈ৷

 

== ইউনেস্কোৰ তালিকাত অসমৰ বিপদাপন্ন ভাষা সমূহ ==

অসমৰ জনতত্ত্ব বা Demography য়েই এই ৰাজ্যখনৰ ভাষিক বৈচিত্ৰ্যৰ ছবি ডাঙি ধৰে৷ মাত্ৰ দুইলাখ পোন্ধৰ হেজাৰ জনসংখ্যাৰ এই জিলাখনত অসংখ্য সৰু বৰ জনগোষ্ঠীয়ে অতীজৰে পৰা সমিলমিলেৰে বাস কৰি আহিছে৷ বড়ো, মিছিং, ডিমাছা, কাৰ্বি, নেপালী আদি বৃহৎ জনগোষ্ঠীবোৰৰ উপৰিও জেমি নাগা, ৰাংখল, মাৰ, খাছিয়া, জয়ন্তীয়া, খেলমা, চাকমা, কুকি, টাই ফাঁকে, আদি নানান জনগোষ্ঠীয়ে ইয়াত বসতি স্থাপন কৰিছে৷ প্ৰত্যেক জনগোষ্ঠীৰে আছে সুকীয়া ভাষা, সংস্কৃতি, এতিহ্য আৰু পৰম্পৰা৷ অসমত কুকি জনগোষ্ঠীৰ ভিতৰত ভাৰত চৰকাৰে চিনাক্ত কৰা সাতত্ৰিছটা উপ-গোষ্ঠীৰ প্ৰায় বিলাকৰেই অসমত উপস্থিতি আছে৷ ইয়াৰ পৰাই অসমৰ জনগোষ্ঠীয় বিভিন্নতাৰ অনুমান কৰিব পাৰি৷ গতিকে এজন ভাষাবিদৰ বাবে অসম সোণৰ খনি স্বৰূপ৷ বৈশিষ্ট্যপূৰ্ণ ভাষা আৰু সংস্কৃতিৰে ভৰা অসমত অসমীয়া ভাষাৰ প্ৰকৃত গুৰুত্ব আচলতে সংযোগী ভাষা হিচাপেহে বুলি ক’লেও ভুল নহব৷

ইংৰাজী আৰু হিন্দীৰ দৰে বৃহৎ সংযোগী ভাষাবিলাকৰ প্ৰভাৱত অসমৰ বহু সৰু সৰু জনগোষ্ঠীয় ভাষা আজি বিপদাপন্ন হৈ পৰিছে৷ যদিও শেহতীয়া ভাৱে অসমত কোনো ভাষা একেবাৰে বিলুপ্ত হোৱাৰ তথ্য পোৱা নেয়ায়, তথাপি অসমৰ বহু প্ৰধান জনগোষ্ঠীয় ভাষাকো UNESCO ৰ তালিকাত ’বিপদাপন্ন’ বা vulnerable ৰ শাৰীতহে ৰখা হৈছে৷ ই সমগ্ৰ অসমৰবাসীৰ বাবেই এক ’অশনি সংকেত’৷ তলৰ তালিকাত অসমৰ কেইটামান প্ৰচলিত ভাষাৰ UNESCO ৰ তালিকাত অৱস্থিতি দেখুৱা হৈছে৷

 

ক্ৰমিক নং ভাষাৰ নাম অৱস্থিতি মন্তব্য
বিষ্ণুপ্ৰিয়া সম্ভাৱ্য বিপদাপন্ন (vulnerable)
বড়ো সম্ভাৱ্য বিপদাপন্ন (vulnerable)
দেউৰী স্পষ্টভাৱে বিপদাপন্ন (Definitely Endangered)
মিছিং স্পষ্টভাৱে বিপদাপন্ন (Definitely Endangered)
ডিমাছা সম্ভাৱ্য বিপদাপন্ন (vulnerable)
কাৰ্বি সম্ভাৱ্য বিপদাপন্ন (vulnerable) ডিমা হাচাওৰ উপৰিও অসম তথা উত্তৰপূৱৰ আন আন ৰাজ্য, মিয়ানমাৰ, বংলাদেশ আদি এইবিলাক ভাষাৰ ব্যৱহাৰকাৰী আছে।
বেইটে স্পষ্টভাৱে বিপদাপন্ন (Definitely Endangered)
মাৰ সম্ভাৱ্য বিপদাপন্ন (vulnerable)
কছাৰী ভাষা স্পষ্টভাৱে বিপদাপন্ন (Definitely Endangered)
১০ খাছী সম্ভাৱ্য বিপদাপন্ন (vulnerable)
১১ মিজো সম্ভাৱ্য বিপদাপন্ন (vulnerable)
১২ ৰেংমা সম্ভাৱ্য বিপদাপন্ন (vulnerable)
১৩ জেমি সম্ভাৱ্য বিপদাপন্ন (vulnerable)
১৪ মেচ ভাষা গুৰুতৰভাৱে বিপদাপন্ন (Severely endangered)
১৫ ৰাভা সম্ভাৱ্য বিপদাপন্ন (vulnerable)
১৬ টাই ফাঁকে গুৰুতৰভাৱে বিপদাপন্ন ( Severely endangered)
১৭ তিৱা স্পষ্টভাৱে বিপদাপন্ন (Definitely Endangered)
১৮ হিল মিৰি স্পষ্টভাৱে বিপদাপন্ন (Definitely Endangered)
*** তালিকা অসম্পূৰ্ণ

 

এটা কথা মন কৰিবলগীয়া যে, অসমৰ বহু জনগোষ্ঠীয় ভাষা, যেনে, খেলমা, চাকমা, আদিৰ ভাষাৰ বিশেষ তথ্য আজিও উপলব্ধ নহয়৷ এই ক্ষেত্ৰত বহুতো কৰিবলগীয়া আছে৷

 

== ভৱিষ্যৎ কাৰ্যপন্থা ==

এটা কথাত কোনো দ্বিমত থাকিব নোৱাৰে যে, এই বিপদাপন্ন ভাষাবোৰ বিলুপ্ত হৈ গ’লে সেই জনগোষ্ঠী বিলাকৰ লগতে সমগ্ৰ মানৱজাতিয়ে কিছু অমূল্য সম্পদ হেৰুৱাই পেলাব৷ UNESCO ৰ লগতে ভাৰত চৰকাৰেও এই ভাষাবিলাকৰৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে নীতি নিৰ্দেশনা জাৰী কৰিছে৷ কিন্তু স্থানীয় লোকৰ সজাগতা তথা অংশগ্ৰহণৰ অবিহনে এইবিলাক আঁচনি সফল হোৱাৰ আশা অতি কম৷

 

বিপদাপন্ন ভাষাবিলাকৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে সাধাৰণতে দুটা কাৰ্যপদ্ধতি অৱলম্বন কৰা যায়৷ ইয়াৰে প্ৰথমটো হ’ল- সজাগতা সৃষ্টি আৰু আধুনিকীকৰণৰ যোগে নতুন প্ৰজন্মক সেই ভাষা ব্যৱহাৰ কৰিবলৈ উৎসাহ দিয়া, বাধ্যতামূলক নীতি নিয়ম প্ৰণয়ন কৰা আৰু এইদৰে বিপদাপন্ন ভাষাটোৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি কৰা৷ কিন্তু এই ব্যৱস্থাটোৰ আঁসোৱাহ নথকা নহয়৷ আগতেই কোৱাৰ দৰে ভাষাৰ বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াটো আচলতে এক স্বয়ংক্ৰিয় সামাজিক প্ৰক্ৰিয়া, প্ৰয়োজন শেষ হোৱাৰ লগে লগে হাজাৰ চেষ্টা কৰিলেও ভাষা এটা কৃত্ৰিম ভাৱে জীয়াই ৰখা বৰ কঠিন কাম৷ আৰু এই ব্যৱস্থা একেবাৰে ক্ষণস্থায়ী৷ সেই ভাষাৰ ব্যৱহাৰকাৰীসকলেই যদি ভাষাটোৰ প্ৰয়োজনবোধ নকৰে তেনে সেই ভাষাটোৰ প্ৰসাৰৰ সকলো ব্যৱস্থা এক প্ৰাকৃতিক নিয়মৰ বিপৰীতে যায়৷

কিন্তু সেইবুলি এটা ভাষাক উপায়বিহীন হৈ মৰিবলৈ এৰি দিলে হব লগা ক্ষতিও বহন কৰিব পৰা বিধৰ নহয়৷ গতিকে আজিকালি চৰকাৰ তথা আন আধিকাৰিক সংস্থাসমূহে বিপদাপন্ন ভাষাবিলাকৰ ’অভিলেখীকৰণ’ বা Documentation কৰাৰ ওপৰত গুৰুত্ব দিছে৷ শুনিবলৈ বেয়া হলেও-এই উপায়টোৱেই আজিকালি বহুত বেছি গ্ৰহণযোগ্য বুলি ভাবিবলৈ ধৰিছে৷ ইয়াৰ দ্বাৰা ভাষাটো কৃত্ৰিম ভাৱে জীয়াই ৰাখিব নোৱাৰিলেও তাৰ ভিতৰত সোমাই থকা সম্পদসমূহ সংৰক্ষণ কৰিব পৰা যায়৷ আৰু ভৱিষ্যতে কেতিয়াবা আৰ্থ-সামাজিক পৰিস্থিতি হলে এই অভিলেখ বিলাকৰ সহায়ত ভাষটো পুনৰুজ্জীৱিত কৰি তোলাৰ সম্ভাৱনাও থাকি যায়৷

 

== ভাৰত চৰকাৰৰ উদ্যোগ ==

 

সদ্যহতে ভাৰত চৰকাৰৰ অধীনস্থ “কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান“ বা The Central Institute of Indian Languages (CIIL) এ ভাৰতৰ ৫০০ বিপদাপন্ন (যিবোৰ ভাষা ১০০০০ তকৈয়ো কম লোকে ব্যৱৱহাৰ কৰে) ভাষাৰ অভিলেখীকৰণৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে৷ ২০১৪ চনৰ ১৮ ডিচেম্বৰত ভাৰত চৰকাৰে “Protection and Preservation of Endangered Languages of India” (বিপদাপন্ন ভাৰতীয় ভাষাসমূহৰ সুৰক্ষা আৰু সংৰক্ষণ) নামেৰে এক আঁচনি আৰম্ভ কৰে৷ ইয়াৰ অধীনত এই বিপদাপন্ন ভাষাবিলাকৰ বাকৰণ আৰু অভিধান প্ৰস্তুতকৰণৰ লগতে, এই ভাষাসমূহক আধুনিক তথ্য প্ৰযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰো পোষকতা কৰা হৈছে৷ এই আঁচনিৰ বাবে বাবে বুজন পৰিমাণৰ পূঁজি আৱণ্টন কৰাৰ লগতে কেইবাটাও সময়সাপেক্ষ লক্ষ্য নিৰ্ধাৰিত কৰা হৈছে৷ বিশ্বিবিদ্যালয় অনুদান আয়োগক(UGC) এই বিষয়ৰ বিস্তৃত নীতি নিৰ্ধাৰণ কৰাৰ দ্বায়িত্ব দিয়া হৈছে৷ আৰু ইতিমধ্যে বহু বিশ্ববিদ্যালয় বা আন শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানে এই আঁচনি আধাৰত কাম আৰম্ভ কৰিছে৷ বিশ্ববিদ্যলয় অনুদান আয়োগে এই সন্দৰ্ভত নখন কেন্দ্ৰীয় বিশ্ববিদ্যলয়লৈ ‍‍’ভাষা কেন্দ্ৰ’ স্থাপনৰ বাবে ৫০ কোটি টকাৰ অনুদান মঞ্জুৰ কৰিছে৷

 

== তথ্য উৎস ==

১৷ ৱিকিপেডিয়া

২৷ http: //www.endangeredlanguages.com

৩৷ ইউনেস্কোৰ ৱেবচাইট http: //www.unesco.org/new/en/culture/themes/endangered-languages/atlas-of-languages-in-danger/

৪৷ বিভিন্ন বাতৰি কাকত আৰু আলোচনী

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.