কথানদীৰ কথাৰে (উপাসনা কৃষ্ণাত্ৰেয়)

কথানদীৰ কথাৰে (উপাসনা কৃষ্ণাত্ৰেয়)

কথানদীৰ কথাৰে (উপাসনা কৃষ্ণাত্ৰেয়)

by October 15, 2016 1 comment

কথানদীৰ ট্ৰেইলাৰ এবছৰমান আগতেই দেখা৷ সচৰাচৰ বোলছবিতকৈ অলপ ভিন্ন হব বুলি আশা এটা কৰিছিলোঁ৷ বিষয়টোও প্ৰিয়- সাধুকথা৷ দক্ষিণ পূৱ এছিয়াৰ দেশসমূহ প্ৰাচীন- কত কথা, কত কাহিনীৰ মেটমৰা ভঁৰাল এই দেশসমূহ৷ কাহিনীবোৰ নৈ খনে যেন কঢ়িয়াই লৈ ফুৰে৷ অসমনো কি… ব্ৰহ্মপুত্ৰ অবিহনে৷  নৈ খনেই আমাৰ অৱস্থান, উৎপত্তি, পৰিচয়! সেয়ে কথানদী নামটো ছবিখনৰ সৈতে যথাযথভাৱে ভাৱে খাপ খাইছে৷
‘বুঢ়ী আইৰ সাধু’ৰ চাৰিটা সাধুৰ কাহিনী৷ চাৰিওটা কাহিনী সমান্তৰালকৈ অথচ আন্তঃ সংযোগী ভাৱে কোৱা হৈছে৷ অসমীয়া ছবিত ই এক নতুন সংযোজন৷ দৰ্শক হিচাপে আমি কেৱল কাহিনীকেই নাচাওঁ- পটভূমিৰ দৃশ্য, সাজ-সজ্জা আদিয়েও আমাৰ  চেতন অৱচেতন মনত প্ৰভাৱ পেলায়৷ সেইপিনৰ পৰা কবলৈ গলে এখন সঁচা অসম দেখুৱাইছে চিনেমাখনত৷ নৈখন, নৈ পাৰৰ গাওঁ, বিশাল সেউজীয়াবোৰ- প্ৰকৃত অৰ্থত দৃষ্টিনন্দন৷ দ্বিতীয়তে ঘৰ-বাৰী, বাচন-বৰ্তন, সাজ-সজ্জা সকলোতে অসমৰ বিশেষত্ব ধৰি ৰাখিবলৈ যথাসম্ভৱ যত্ন কৰা যেন লাগিছে৷ অৱশ্যই এনেবোৰ ক্ষেত্ৰত এশ শতাংশ শুদ্ধ হোৱাৰ সম্ভাৱনা কমেইহে থাকে৷ তদুপৰি বেজবৰুৱাৰ সাধুকেইটাক যদি সময়হীন (timeless) বুলি ভৱা হয় তেন্তেও কাহিনীভাগ স্বাধীনতাৰ আগৰ পুৰণি অসমীয়া সমাজ এখন দেখুৱাবলৈ চেষ্টা কৰা যেন লাগিছে য’ত বৰ্ণহিন্দুৰ সংস্কাৰেৰে পূৰ্ণ এখন সমাজখনে অসমত ইতিমধ্যে মূলসুতিৰ জীৱনধাৰা বুলি পৰিগণিত হৈছিল- অন্ততঃ বেজবৰুৱাৰ সাধুবোৰত৷ যিখন সমাজত ওৰণি আৰু সেন্দুৰ ইতিমধ্যে নাৰীৰ জীৱনৰ এৰাব নোৱাৰা অংশ হৈ পৰিছিল৷ পোছাকৰ ক্ষেত্ৰত অসমীয়া সমাজৰ পৰম্পৰাগত সাজ-পোছাকৰ বগা অথবা আন পাতল ৰঙৰ আধিক্যক বোলছবিখনত সুৰুচিপূৰ্ণভাৱে ফুটাই তোলাত সফল হৈছে৷  আৰু সংস্কৃতি বুলিলে কেৱল মাথোঁ সাজ-পোছাক, নৃত্য গীতেই জানো? তামোল পাণেৰে নিমন্ত্ৰণ দিয়া, গোবৰ মাটি মিহলাই ঘৰৰ ভেটি মোচা, ঢেকীত চাউল খুন্দা, অসমীয়া পুৰুষ ভূত ‘পিশাচ’ সদৃশ অলৌকিক/কাল্পনিক চৰিত্ৰ,  জোঁৱাইক বিশেষ আপ্যায়ণ কৰা, জ্যেষ্ঠ ব্যক্তি, মাতৃ, পতি আদিক সমীহ কৰি চলা/ উচ্চবাচ্য নকৰা ইত্যাদিবোৰেৰে অসমীয়া সংস্কৃতিৰ সৈতে (অন্ততঃ তথাকথিত মূলসুঁতিৰ সমাজখন) ছবিখনে জগতক পৰিচিত কৰে ৷
বোলছৱি এখন কেৱল চকুৱেই নহয় কাণেও অনুভৱ কৰে৷ সেয়ে আৱহসংগীতেও ঘটনাক্ৰম আগবাঢ়ি যাওঁতে, ঘটনা ৰৈ থাকোতে আৰু একো নঘটোতেও আমাক চিনেমাৰ সৈতে সংযোজিত কৰি ৰাখে ৷  এইক্ষেত্ৰত কথানদী বিশেষভাৱে সফল৷ উল্লেখ্য যে আৱহ সংগীতত অসমীয়া থলুৱা উপাদানেই সৰহভাগ ব্যৱহাৰ কৰিছে৷ তাৰোপৰি চৰাই-চিৰিকতিৰ মাত, ভেকুলীৰ টোৰটোৰনি ইত্যাদিয়েও জৈৱবৈচিত্ৰৰে  পূৰ্ণ  অসমখনৰ প্ৰায় সঠিক চিত্ৰায়ন কৰিছে৷ ঠিক তেনেদৰে কাহিনীৰ সৈতে ৰজিতা খুৱাই ‘ভয়’, ‘দুখ’, ‘ক্ষোভ’,  ‘বেদনা’, ‘প্ৰেম’ আদি অনুভৱবোৰ প্ৰকাশিবলৈ ব্যৱহৃত কৰা আৱহ সংগীতো যথাযথ৷
এতিয়া আহোঁ কাহিনীভাগলৈ৷ ‘বুঢ়ী আইৰ সাধু’ আমি আটায়ে পঢ়িছোঁ অথবা শুনিছোঁ বুলি ধৰি লবই পাৰোঁ৷ অন্ততঃ আমাৰ বয়সৰ খিনি বুঢ়ী আইৰ সাধুৰ কল্পৰাজ্যত বসবাস কৰি ডাঙৰ হোৱা বুলি কলেও ভুল নহব৷ কথানদীয়ে আমাৰ কল্পনাত নতুন ৰহণ চৰায়৷ আমাৰ সাধুবোৰ যে ডাৰ্ক থ্ৰিলাৰো হব পাৰে সেয়া কাহানিও ভবা নাছিলোঁ৷ বাৰু যি কি নহওক চাৰিটা সাধুৰ আন্তঃজাল বনাই চিনেমাখন প্ৰস্তুত কৰা হৈছে৷ সাধুকেইটাৰো আটাইকেইটাৰে আদিৰ পৰা অন্তলৈকে নাই, যেনে ‘চম্পাৱতী’ সাধুটোৰ এটা অংশহে লৈছে৷ ঠিক তেনেদৰে ‘তেজীমলা’ও সম্পূৰ্ণ হোৱা নাই৷ কাহিনীভাগো অলপ ইফাল সিফাল যোগ- বিয়োগ কৰিছে৷
পোনতেই আহোঁ ‘তেজীমলা’ লৈ৷ মাহীমাকে তেজীমলাক দেখিব নোৱাৰে৷ কিন্তু কিয় ইমান ঘৃণা? কেৱল মাত্ৰ মাহীমাক বাবে? নাঃ তাৰ উত্তৰ আছিল সদাগৰক বিদায় দিবৰ পৰত মাহীমাকৰ দুচকুত৷ ইমান দিনলৈ অকলশৰে এৰি যাবলৈ ওলোৱা ঘৈণীৰ বাবে এষাৰো মৰমৰ মাত নাই৷ তেওঁৰ সমস্ত মৰম যেন তেজীমলালৈহে৷ ‘মোক তোৰ বান্দী কৰিবলৈহে আনিছিল’ বোলা সংলাপেই যথেষ্ট আছিল মাহীমাকৰ খং, হতাশাৰ কাৰণ বুজিবলৈ৷ সেয়েহে হয়তো কাল্পনিক পিশাচ প্ৰেমিক৷ পিশাচ প্ৰেমিকৰ অৱশ্যে অন্য ইণ্টাৰপ্ৰিটেচনো আছে- যেনে সেয়া মাহীমাকৰ স্কিজ’ফ্ৰেনিয়াৰ এক চিহ্নস্বৰূপ৷ কিন্তু আমাৰ মতে সেয়া দৰ্শকৰ ওপৰত এৰি দিয়া উচিত- দৰ্শকে কিদৰে ইণ্টাৰপ্ৰিট কৰে৷ কোনোবাই কেৱল মাত্ৰ সাধু বুলি, কোনোবাই যুক্তিবিহীন অলৌকিক কাহিনী বুলি অথবা কোনোবাই magical realism বুলিও চাব পাৰে৷ মই ব্যক্তিগত ভাৱে magical realism হিচাপে গ্ৰহণ কৰিছোঁ৷  নৃশংস! সঁচাকৈয়ে কল্পনাতীতভাৱে নৃশংস৷ সেয়া লাগিলে মাহীমাকৰ অত্যাচাৰেই হওঁক, অজগৰে বনক গিলি পেলোৱা দৃশ্যই হওঁক অথবা জীৱিত কেঁচুৱাবোৰ পুতি থোৱা দৃশ্যই হওঁক৷ অন্তৰ কঁপি যোৱাকৈ নৃশংসতাক ফুটাই তুলিব পৰাটোও সফলতা৷ পুনৰ কওঁ অসমীয়া চলচিত্ৰৰ বৈচিত্ৰতাত ই এক সংযোজন৷ সদাগৰে তেজীমলা আৰু মাহীমাকক এৰি বণিজলৈ যাওঁতে ঔকুঁৱৰীৰ মাকক লগ পায়৷ সদাগৰ বহল মনৰ মানুহ, বহু ঠাই দেখিছে, বহু কথা শুনিছে৷ সেয়ে ঔটেঙাটোৰ কাহিনী শুনি সি কেৱল মাত্ৰ এটা ঔটেঙাই বুলিবলৈ টান পালে৷ আৰু অৱশেষত সদাগৰৰ বুদ্ধিমতেই ঔটেঙাৰ পৰা ছোৱালী এজনী ওলাই আহে৷ এতিয়া কথা হ’ল- ঔটেঙাৰ ভিতৰতনো সন্তানটো কেলেই সোমাই আছিল? ঔটেঙাৰ অৰ্থ জানো কেৱল ঔটেঙাই? ঔকুঁৱৰীক আমি জানো অন্তৰ্মুখী, বাহিৰৰ পৃথিৱীখনৰ সৈতে মিলিব নোৱাৰা আমাৰ মাজৰেই কোনো শিশু হিচাপে ইণ্টাৰপ্ৰিট কৰিব নোৱাৰোঁ? পিতৃ মাতৃৰ অশেষ যত্ন, মৰমৰ বাবদ খোলা ভাঙি ওলাই অহা হাজাৰ জনী ঔকুঁৱৰী আমাৰ মাজতো আছে৷ সদাগৰ জনা বুজা মানুহ বাবে ঔকুঁৱৰীৰ মাকক সঠিক পথ দেখুৱাব পাৰিছিল৷ অৱশ্যেই বোলছবিখনত সদাগৰ আৰু ঔটেঙাৰ মাকৰ সম্বন্ধটো ধুৱলী কুঁৱলী ধৰণৰ! তেওঁলোকৰ মাজত কি আছিল- বন্ধুত্ব অনুৰাগ, ককাই ভনী জাতীয় মৰম, গুৰু-শিষ্য? প্ৰকৃততে পৰ্দাত তেওঁলোকৰ সম্পৰ্কটোত ‘কিবা এটা’ দেখা পোৱা নগল৷ কাহিনী সংযোগ কৰিবলৈ যাওঁতে মূল কাহিনী বিকৃত হোৱাৰ আশংকাতেই হয়তো কিবা এটা সম্পৰ্ক দেখুৱাবলৈ যোৱাটো অনাৱশ্যক বুলি ভাবিলে৷ কিন্তু এয়া সম্ভৱ জানো সদাগৰে জীয়া মানুহজনীৰ প্ৰতি মন কাণ নিদি কেৱল ঔটেঙাটোৰ ৰহস্য উদ্ঘাটনতেই ব্যস্ত থকা অথবা ঔটেঙাৰ মাকৰ অকলশৰীয়া জীৱনত এজন মানুহৰ উপস্থিতি ইমান নিৰ্বিকাৰ ভাৱে গ্ৰহণ কৰা!  তদুপৰি ঔটেঙাই নিজৰ বিষয়ে কৈ কৈ বাগৰি ফুৰা আৰু সদাগৰে বিহু উপভোগ কৰা দৃশ্যকেইটা অলপ অনাৱশ্যক যেন লাগিল৷ অৱশ্যে ঔটেঙাই মাকৰ পিছে পিছে দৌৰি ফুৰা, মধ্যাকৰ্ষণ শক্তিৰ বিপৰীত দিশে উলম্বভাৱে গছত উঠি যোৱা(সামান্যভাৱে) আদিবোৰ সুন্দৰ৷ এক মূহুৰ্তৰ বাবেও লগা নাছিল সঁচা নহয় বুলি৷ সঁচা অৰ্থত visual gimmick৷ ঠিক তেনেদৰে ঔটেঙাৰ পৰা সন্তানটি ওলাই অহা দৃশ্যটিও সুন্দৰ তথা বিশ্বাসযোগ্য৷
পুনৰ আহোঁ তেজীমলালৈ৷ তেজীমলালৈ সখীয়েক বনলতিকাৰ বিয়াৰ নিমন্ত্ৰণ আহে৷ বনলতিকা আন কোনো নহয়, অজগৰ ৰূপী দেৱতাৰ সৈতে বিয়া হোৱা চম্পাৱতীৰ সতীয়া মাক লাগীৰ ছোৱালী৷ এনেদৰেই তেজীমলা আৰু চম্পাৱতীৰ কাহিনীটোকো সংযোগ কৰিছে৷ মাহীমাক লাগীৰ লোভৰ বাবেই জীয়েকক হেৰুৱাব লগীয়া হ’ল৷ মাহীমাকৰ চৰিত্ৰটি লুভীয়া  যদিও risk taking ধৰণৰ, যিটো উচ্চাকাংক্ষী লোকৰ মাজত সততে দেখা যায়৷  আৰু অজগৰডাল বৈষয়িক লোভ মোহৰ অজগৰ- যি আটাইকে গিলি পেলায়!   আন এটা সাধু আছে-  ‘তাৱৈৰ সাধু’৷  তাৱৈয়েকে বন্ধুপুত্ৰক তিনিওটা সন্তানকে জীয়াই জীয়াই পুতিবলৈ কয়৷  তেওঁ তাৱৈৰ আদেশ অমান্য নকৰে৷ কিন্তু পত্নী মালতী অধৈৰ্য্য হৈ পৰে, তাৱৈৰ ওপৰত সন্দেহ হয়৷ তেওঁৰ মাতৃহৃদয় বিয়াকুল হৈ পৰে৷ দৰ্শক হিচাপে আমিও পতিয়ন  যাওঁ, তাৱৈৰ কিবা চক্ৰান্ত নাইতো!    মালতীৰ খং, ক্ষোভ ইমানে পায়গৈ যে তেওঁ তাৱৈক কাটিবলৈও  পৰিকল্পনা কৰে৷
শেষৰ কাহিনীটো বাকীকেইটাৰ সৈতে পোনপটীয়াকৈ সংযোগী নহয়৷ কিন্তু আটাইকেইটা কাহিনীৰ উপস্থাপনত এটা সমলয় আছে৷ তেজীমলাৰ হত্যা, ঔটেঙাৰ পৰা সন্তানটি বাহিৰ ওলোৱা, অজগৰে বনলতিকাক  গিলা, আৰু পুতি থোৱা সন্তানকেইটিৰ ৰহস্য উদ্ঘাটন হোৱা- আটাইখিনি প্ৰায় সমান্তৰাল ভাৱে দেখুৱায়৷
এতিয়া আহোঁ অভিনয়লৈ৷ নাৰী চৰিত্ৰকেইটিয়ে মূল বাবে অভিনয়ৰ scope ও অভিনেত্ৰী কেইগৰাকীৰে অধিক আছিল৷ মাহীমাকৰ অভিনয়ত জেৰিফা ৱাহিদ অভিনৱ যদিও কিছু দৃশ্যত অলপ অতি নাটকীয় যেন লাগিল৷ আদিল হুছেইনৰো চৰিত্ৰটোৱে এনে আছিল যে তেওঁৰ সম্পূৰ্ণ প্ৰতিভা দেখুৱাবলৈ সুযোগ নাপালে৷ বাকী কেউগৰাকী অভিনেত্ৰীয়ে নিজৰ নিজৰ চৰিত্ৰৰ প্ৰতি সুবিচাৰ কৰা যেনেই লাগিছে৷ বনলতিকাৰ মাতৃৰ অভিনয়ত সীমা বিশ্বাসৰ চিৰাচৰিত সাংঘাতিক অভিনয় আৰু কম সময় হলেও কপিল বৰাৰ হৃদয়স্পৰ্শী অভিনয় সাঁচ বহুওৱা ধৰণৰ৷ আমাৰ অসমীয়া অভিনেতা- অভিনেত্ৰী ( আদিল হুছেইন আৰু সীমা বিশ্বাসত বাদে)  যে ইমান ভাল অভিনয় কৰে ‘কথানদী’ চোৱাৰ আগেয়ে জনা নাছিলোঁ৷ হয়তো আমাৰ বোলছৱিসমূহৰ কাহিনী, সংলাপ, স্ক্ৰিপ্টৰ সমস্যা৷ সংলাপৰো অযথা ব্যৱহাৰ নাই৷ বনলতিকাৰ মাকে অজগৰডাল ক’ত বুলি মুখেৰে নহয়, চকুৰেই সোধে৷ অথবা সদাগৰৰ সংলাপ-“পৃথিৱীখন বহু ডাঙৰ অ’, ইয়াত সকলো কথাই সম্ভৱ”এ যেন আমাক খোলাৰ বাহিৰত , চিৰাচৰিত ৰক্ষণশীলতাৰ সিপাৰে ভাবিবলৈ শিকায়!
চিনেমাখনৰ অন্তিম দৃশ্যও বিশেষভাৱে বিশেষ৷ মৃত তেজীমলাৰ কবৰৰ পৰা লাওগছ গজি উঠে- ঠিক যেন অসততা, হিংসাই যিমানেই চেষ্টা নকৰক সত্যক বেছিপৰ কবৰ দি ৰাখিব নোৱাৰে৷ সত্যই সদায়ে পুনৰজন্ম পায়!               উপসংহাৰ- ‘কথানদী’ৰ কথা কৈ কৈ ওৰকে নপৰিব যেন৷ চেনেহীয়ে বাঁহৰ গিলাচত সাঁজ খাই থকা নিৰ্বিকাৰ অথচ ঘৃণাভৰা অভিব্যক্তিৰ কথা কবলৈকে থাকিল৷

Comments

1 Comment so far

Jump into a conversation
  1. দ্বিজেন
    #1 দ্বিজেন 15 November, 2016, 22:46

    ‘কথানদী’ৰ এটা কথা মোৰ একেবাৰে মনঃপুত নহল। যি সময়ৰ অসম দেখুৱা হৈছে, সেই সময়ত ব্ৰাহ্মণে কোনো কাৰনতে বনলতিকাৰ বাপেকৰ ঘৰত চাকৰী কৰিব নোৱাৰে। কিন্তু তেনে এজন ব্ৰাহ্মণ কৰ্মচাৰী, যি পিছত বিয়াৰ পুৰোহিত হৈ কাম কৰে। এইটো হব পাৰে বুলি মোৰ মনে নামানে। বাকি এখন ভাল চিনেমা বুলি কব লাগিবৈ।

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.