গ্ৰন্থ সমালোচনা (-ঊষামণি কাকতি)

গ্ৰন্থ সমালোচনা (-ঊষামণি কাকতি)

গ্ৰন্থ সমালোচনা (-ঊষামণি কাকতি)

by November 16, 2016 0 comments

গ্ৰন্থৰ নাম : একাৱন্ন
লেখক : জয়ন্ত আকাশ বৰ্মন
প্ৰকাশক : ইমেজ গ্ৰাফিক
প্ৰথম প্ৰকাশ : ২০১৬, অক্টোবৰ
মূল্য : ১০০ টকা

ৰং-তুলিকাৰে অঁকা এখন পূৰ্ণাংগ ছবি আৰু পেঞ্চিল এডালেৰে অঁকা স্কেটছৰ মাজৰ সৰ্ম্পকটোৰ দৰেই গল্প-অণুগল্পৰ সম্পৰ্ক । দেখাত স্কেটছবোৰ সহজ আঁক-বাঁক যেন লাগিলেও ইবিলাকৰ লগতো চিত্ৰ প্ৰতিভা যেনেকৈ বাঞ্ছনীয় ঠিক অণুগল্পৰ ক্ষেত্ৰতো লেখক গল্প লেখাৰ প্ৰতিভা থকাতো বাঞ্ছনীয়। অসমীয়া ছপা মাধ্যমৰ সাহিত্যত তেনে এটি নতুন প্ৰতিভা জয়ন্ত আকাশ বৰ্মন । তেখেতৰ প্ৰথমখন অণুগল্প বা মাইক্ৰ’ কাহিনীৰ পুথি– একাৱন্ন । অসমীয়াত কথা বতৰা নামৰ এই গোটটোতে নিয়মীয়াকৈ লেখি থকা অণুগল্পলানিৰে সংকলিত ৰূপ একাৱন্নৰ নামকৰণ অনুসৰি পুথিখনত মুঠ একাৱন্নটা অণুগল্প সন্নিবিষ্ট কৰিছে ।
জৰ্জিয়ান লেখক আৰ্চকিন ক’ডৱালে এলানি ক্ষুদ্ৰ পৰিসৰৰ গল্প লেখি অণুগল্পৰ চৰ্চাৰ বাট মুকলি কৰাৰ পাছত বিশ্বসাহিত্যতত এনে অণুগল্প চৰ্চাৰ প্ৰসাৰ ঘটে । অসমীয়া সাহিত্যত অণুগল্প চৰ্চাৰ ধাৰা বৰ বিশেষ পুৰণি নহয় ।সূত্ৰধাৰ আলোচনীত ড° পদ্মপাণিয়ে অগল্প নামেৰে এলানি ক্ষুদ্ৰ পৰিসৰৰ গল্প লেখে । তেখেতৰ ‘চেগুণ পুলি ৰুব কোনে ?’ গল্পটোৱে অসমীয়া সাহিত্যত ক্ষুদ্ৰ পৰিসৰৰ গল্পৰ বাটকটীয়া ।পৰৱৰ্তী সময়ত বিস্ময় আলোচনীত গোপী তামুলীদেৱে ‘একমিনিটৰ গল্প’ শীৰ্ষক এলানি ক্ষুদ্ৰ পৰিসৰৰ গল্প লেখে । সাম্প্ৰতিককালত ফেচবুকৰ যোগেদি অসমীয়া সাহিত্যত ব্যাপক পৰিসৰত এনেধৰণৰ ক্ষুদ্ৰ পৰিসৰৰ গল্পৰ চৰ্চা হ’বলৈ ধৰিছে ।যিবিলাকক একমিনিটৰ গল্প,অগল্প,মাইক্ৰ’কাহিনী, নেনে’ কাহিনী, আধা মিনিটৰ গল্প, অণুগল্প আদি লেখকৰ ইচ্ছানুসৰি ভিন্ন নামেৰে চৰ্চা কৰিবলৈ ধৰিছে ।নামৰ ভিন্নতা থাকিলেও হ’লেও ইবিলাকৰ মূল উদ্দেশ্য হ’ল— পৰম্পৰাগত বৰ্ণনাৰীতিৰ গল্পত থকা বহুবল্কিতা পৰিহাৰ কৰিও গল্প একোটাত থাকিবলগীয়া সাহিত্যিক সৌন্দৰ্য অক্ষুণ্ণ ৰাখিও পাঠকক ৰসাস্বাদনৰ সুবিধা দিয়া ।
একাৱন্নটা অণুগল্পৰ পুথিখনত লেখকে বিষয়বস্তুৰ নিৰ্বাচন ,চৰিত্ৰ চিত্ৰণ, উপস্থাপন ৰীতি আদি সকলো দিশতে সাহিত্যিক দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে ।জয়ন্ত আকাশ বৰ্মনৰ অণুগল্পৰ প্ৰধান বৈশিষ্ট্য হৈছে ব্যঞ্জনা আৰু প্ৰতীকৰ প্ৰয়োগ । এই প্ৰায়োগিক দক্ষতা বুদ্ধিদীপ্ত পাঠকৰ বাবে যথেষ্ট আৰ্কষণৰ কেন্দ্ৰবিন্দ্ৰ ।দেৱাল, নিৰক্ষৰ আদি কেইটামান অণুগল্পৰ কথা এইক্ষেত্ৰত উল্লেখযোগ্য । তিনিটা বাক্যত লেখা নিৰক্ষৰ অণুগল্পটোৱে পাঠকক নিজৰ মন-মগজু কৰ্ষণ কৰিবলৈ বাধ্য কৰে ।এনেদৰে পাঠকক মন-মগজু কৰ্ষণ কৰিব পৰাটোৱে লেখকৰ দক্ষতা ।
উপস্থাপন শৈলীৰ ক্ষেত্ৰত একাৱন্নত সন্নিবিষ্ট –কোটিপতি মডেল, চিঠিবোৰ ক’ত ?, মাৰ প্ৰিয় আদি অণুগল্পকেইটা মনকৰিবলগীয়া ।এইকেইটা অণুগল্প দুশাৰী বাক্যৰে লেখা হৈছে । উপস্থাপন শৈলীত বহুবল্কিতা পৰিহাৰৰ নামত লেখকৰ এনে পৰীক্ষা-নিৰীক্ষা আদৰণীয় ।
বিষয়বস্তুৰ বৈচিত্ৰ পুথিখনত সন্নিবিষ্ট অণুগল্পকেইটাত সুন্দৰভাবে পৰিস্ফূট হৈছে ।বিশেষকৈ মূল্যবোধৰ প্ৰতি সচেতনতা, প্ৰকৃতিৰ প্ৰতি লেখকৰ আৰ্কষণ, হিংসা-সন্ত্ৰাস আদি বিষয়বোৰে ঠাই পোৱা দেখা গ’ল । পাখি, বিচ্ছিন্ন,কোনোবা, কথা,ককাৰ হস্তাক্ষৰ, অসম বুৰঞ্জী, নাওখন গুচি গ’ল ,গৰিয়সী লৱণ, নাম আদি গল্পকেইটাত মূল্যবোধৰ অৱক্ষয়, সচেতনতা আদি প্ৰকাশ পাইছে ।
সুস্বাদু চিকাৰ, এনেকৈয়ে সিহঁতে খেলে আদি গল্পকেইটাত ধৰ্মীয় বিভীষিকাৰ ছবিখন আঁকিবলৈ যত্ন কৰিছে ।শিয়ালৰ জাকটোৰ নৰমাংস খাবলৈ মন যোৱাত মন্দিৰৰ চোতালত গৰু এটা আৰু মছজিদৰ চোতালত গাহৰি এটা চিকাৰ কৰিলে । তাৰপাছত সুস্বাদু নৰমাংসৰ অভাৱ নঘটিল ।লেখকৰ বিষয়বস্তুৰ দক্ষতাতকৈ সুস্বাদু চিকাৰ গল্পটোত উপস্থাপন দক্ষতাহে আৰ্কষণীয় হৈ পৰিছে । ধৰ্মীয় সংঘাটৰ তেজেৰে ফাঁকু খেলাৰ বিভৎস দৃশ্য একোটাক পাঠকক মনৰ চকুৰে চাবলৈ কলাসুলভ দক্ষতাৰে ইংগিত দিছে । বুভুক্ষুৰ ঈশ্বৰ গল্পটোতো মানব ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি লেখকে নিজৰ জীৱন দৰ্শন নিৰ্ণয় কৰি দেখুৱাইছে ।
কেইবাটাও গল্পৰ বিষয়বস্তু সহজ যদিও উপস্থাপন শৈলীৰ প্ৰতীকধৰ্মীতা মনকৰিবলগীয়া । দেৱাল, মুক্তকৰ্ণ সম্ৰাট,ৰজাৰ ঠেলাগাড়ী আদি গল্পকেইটা এইক্ষেত্ৰত চকুত পৰাবিধৰ ।
ৰাজনৈতিক ভণ্ডামিক লেখকে ৰজাৰ ঠেলাগাড়ীৰে প্ৰতীকধৰ্মীতাৰে উপস্থাপন কৰিছে । মিছা ৰজাই মিছা ৰথত উঠি মিছা সাম্ৰাজ্য জয় কৰিল । শাসকীয় পক্ষৰ সকলো পৰিৱৰ্তনৰ সপোন যেন মিছা ।অথচ ঘৰত দৰকাৰী লোণ-তেল আৰু আইজনীৰ বাবে লগা জ্বৰৰ দৰৱ সঁচা । যিবোৰ সঁচাৰ ঠেলাগাড়ীত তুলি ঠেলি অৰ্থাৎ নিজ হাতেৰে পৰিশ্ৰম কৰিয়ে আনিব লাগিব ।
সাধাৰণ প্ৰজাৰৰ সুখ-দুখৰ আভাস ৰজাই তেতিয়াইহে উপলব্ধি কৰিবলৈ পাৰিব, যেতিয়া তেওঁ নিজকে প্ৰজাৰ মাজৰে এজন বুলি অনুভৱ কৰিবলে শিকিব’। বতাহে মুক্তকৰ্ণ সম্ৰাটে স্বৰ্ণমুকুটটো খুলি নিয়াৰ পাছতহে যেনেকৈ অৰ্পূব সংগীত শুনিলে ।
দেৱাল নামৰ অণুগল্পটোতো লেখকে এখন দেৱালৰ প্ৰতীকেৰে হেজাৰখন দেৱালৰ ইংগিত বহন কৰিছে ।গল্পটো এটা অৰ্বাচীন পথেৰে নোযোৱাৰ কাৰণ হিচাপে বৃদ্ধজনে আৰু মানুহজনে এখন দেৱাল থকাৰ কথা কৈছে । শিশুটোৱে সেই বৃদ্ধজনৰ নাতিয়েক আৰু মানুহজনৰ পুতেক ।সিও দেউতাক-ককাকে কোৱা পৰম্পৰাগত বিশ্বাসক সৰোগত কৰি ৱাল থকাৰ কথা কয় । অথচ ৱালখনে কৈছে আহিলেহে দেখিবা জহি খহি কেতিয়াবাই মৃত্যু হ’ল মোৰ । —ইয়াত দেৱালখন এখন শিল-ইটা অথবা মাটি-বালিৰে নিৰ্মিত দেৱালৰ প্ৰতীকেৰে মানুহৰ মনৰ দেৱাল একোখনকহে গল্পকাৰে বুজাবলে যত্ন কৰিছে ।আমাৰ সমাজ ব্যৱস্থাত ককা-দেউতাহঁতৰ দিনৰ পৰা পৰম্পৰাগতভাবে চলি অহা বিভিন্ন বিষয়ত ভুল ধাৰণা বা দেৱাল আছে ।যিবোৰক আমি মানি চলোঁ । কিন্তু সময়ৰ পাকচক্ৰত তেনেকুৱা দেৱাল নিজে নিজেই জহি খহি যায় । গতিকে পৰম্পৰাগত বিশ্বাসক সৰোগত কৰি সেই অৰ্বাচীন বাটেৰে নোযোৱাকৈ থকা অনুচিত । সেই দেৱালখন নাৰী শিক্ষাও হ’ব পাৰে,সেই দেৱালখন ধৰ্মীয় গোড়ামিও হ’ব পাৰে ।সেই দেৱালখন বংশ-পৰিয়ালৰ কোনো পৰম্পৰাও হ’ব পাৰে । লেখকৰ এখন দেৱালৰ প্ৰতীকেৰে পাঠকে হেজাৰখন দেৱালৰ কথা ভাবিব পাৰে । যিখন দেৱাল জীৱনৰ অৰ্বাচীন পথত আছে বুলি পৰিহাৰ কৰা হয় ।
প্ৰকৃতি আৰু প্ৰকৃতিৰ উপাদান জীৱ- জন্তু, চৰাই-চিৰিকটিৰ প্ৰতি গল্পকাৰৰ আৰ্কষণ কেইবাটাও অণুগল্পত দেখা গ’ল ।নৈৰপাখি, চকুপানীৰ পৰিয়াল, ব্যঞ্জন সামুদ্ৰিক,সন্ধানত,স্মাৰ্ট ব্ৰীজৰ এন্ধাৰত, বিহুৱান পঘা আদি অণুগল্পকেইটাত এনেধৰণৰ বিষয়ে ঠাই পাইছে । বিহুৱান পঘা গল্পটোৱে অসমীয়া সাহিত্যত দুটা লেখত ল’বলগীয়া গল্প বেজবৰুৱাৰ মুক্তি আৰু লক্ষ্মীনন্দন বৰাৰ সখা দামোদৰলৈ মনত পেলায় ।নতুনকৈ ওপজা দামুৰি পোৱালীটোৰ প্ৰতি গৃহস্থৰ বিহু বুলি দিয়া মৰমৰ চিন পঘাডাল ।আনহাতে সেইডাল ডিঙিত পিন্ধি দামুৰিজনীৰ মুক্তিৰ মোহত চকুপানী সৰে । চকুপানীৰ পৰিয়াল অণুগল্পটোত পৰিৱেশ প্ৰদূষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয় একোটাক উপস্থাপন কৰিছে । বিজ্ঞান -প্ৰযুক্তিৰ অপব্যৱহাৰৰ বিষয়বস্তুৰে শুভকামনা,বুদ্ধিমানৰ বুদ্ধ আদি অণুগল্পকেইটা লেখা হৈছে ।jayanta-akash-barmanar-anugalpa_ushamoni-kakoti
সাম্প্ৰতিক কালত সাহিত্যত দেশ-বিদেশ, সমাজ-সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি, ইতিহাস, পৌৰাণিক ঘটনা-উঘটনাই ঠাই লাভ কৰে । লেখকে নিজৰ মনৰ দুৱাৰ খুলি দি নিজৰ সৃষ্টিৰাজিত ইবিলাকক ঠাই দিয়ে । গতিকে পাঠকেও সেই অনুসৰি সচেতন নহ’লে পাঠক-লেখকৰ মাজৰ যোগসূত্ৰৰ জৰী সাহিত্য জটিল হৈ পৰে । গতিকে লেখকৰ সমানে সমানে পাঠকেও নিজৰ মনৰ দুৱাৰ খুলি ৰাখি বিশ্বৰ বতৰা লৈ থাকিলে সাহিত্য পঢ়িবলে বুজিবলৈ সহজ হয় । একাৱন্নত সন্নিবিষ্ট ককালৈ চিঠি অণুগল্পটোৰ উদাহৰণ এই প্ৰসংগতে উল্লেখযোগ্য ।মাউৰা ল’ৰাজনে মালিকৰ অত্যাচাৰৰ কথা জনাই ককাকলৈ এখন চিঠি লেখিছে । চিঠিখনত ককাকৰ নাম-ঠিকনা নেলেখাৰ প্ৰসংগত পিয়নজনক উত্তৰ দিছে—
” ককাক মোৰ সকলোৱে চিনি পায় ।কেঁচা পকা এমুখ ডাঢ়িৰে মেনিফেষ্ট’ লিখা ককাই বদমাচ মালিকবোৰৰ টিকনি উভালি পেলায় ।”
লেখকৰ সমানে সমানে পাঠকে নিজৰ মনৰ দুৱাৰ খুলি ৰাখিলেহে বুজিবলে সক্ষম হ’ব যে মাউৰা ল’ৰাজনে চিঠিখন লেখা মেনিফেষ্ট’ লেখা ককাকজন প্ৰকৃততে কাৰ্লমাক্সহে ! অণুগল্পটো বুজিবলে আৰু অধিক সহজ হ’ব তেতিয়া যেতিয়া পাঠকে সেই মেনিফেষ্ট’ৰ বিষয়ে দুষাৰ কথা জানিব ।গতিকে এনেকুৱা অণুগল্পও কেইটামান সংকলনখনত সন্নিবিষ্ট কৰিছে । হত্যা সম্ভৱত,অসম বুৰঞ্জী,পৌন:পুনিক আদি গল্পকেইটা বুজিবলে পাঠকৰ ক্ৰমে কুৰুক্ষেত্ৰ যুদ্ধ, অসম বুৰঞ্জীৰ ৯০-৯১ সময়চোৱা আৰু নলবৰীয়া উপভাষাৰ বিষয়ে সম্যক ধাৰণা থাকিব লাগিব ।
পুথিখনত যথেষ্ট পৰিমানে বানান ভুল পৰিলক্ষিত হ’ল ।লেখকে এইক্ষেত্ৰত ভবিষ্যতে অধিক মনোযোগ দিব বুলি আশা কৰিলোঁ ।অণুগল্পবোৰৰ নামকৰণৰ দিশতো লেখকে মনোযোগ দিয়া উচিত । লেখকে যদিও পাতনিতে কৈছে যে অণুগল্পবোৰ তেওঁৰ অনুভূতিৰে এখন এখন ক্ষুদ্ৰ চিঠি তথাপিও নামকৰণৰ ক্ষেত্ৰত অলপ মনোযোগৰ প্ৰয়োজন আছিল । এনেকৈয়েই ঘড়ী, নিকটতা, বিহুৱান পঘা,সপোন তাৰো আছিল,গতিকে সুখী আদি অণুগল্পবোৰৰ নামকৰণবোৰত লেখকৰ খৰখেদা মনোভাব একোটাহে প্ৰকাশ পায় । অৱশ্যে সেই খৰখেদা মনোভাবে গল্পৰ বিষয়বস্তু অথবা উপস্থাপনত প্ৰভাৱ পেলোৱা নাই । বিষয়বস্তুৰ ফালৰ পৰা একাৱন্নত সমাজ, মূল্যবোধ,,শোষণ,প্ৰকৃতি,শাসক আদিয়ে যেনেকৈ গুৰুত্ব পাইছে ঠিক একেদৰে ফেচবুকৰ জৰিয়তে বহুল ৰূপত চৰ্চিত হোৱা অণুগল্পৰ ক্ষেত্ৰত লেখক জয়ন্ত আকাশ বৰ্মনৰ উপস্থাপন শৈলীৰ পৰীক্ষা-নিৰীক্ষাত দক্ষতা প্ৰকাশ পাইছে ।
যিকোনো এক শিল্পকৰ্ম যিমানে সূক্ষ্ম হয়, সিমানে শিল্পীৰ দক্ষতাও নিখুঁত হ’ব লাগিব । লেখকৰ দৃষ্টিভংগীও সূক্ষ্মাতিসূক্ষ্ম বিষয় একোটাক পৰ্য্যবেক্ষণ দক্ষতাও থাকিব লাগিব । কাহিনী, উপস্থাপন শৈলীক বাদ দি একাৱন্ন পুথিখনত লেখকৰ এই দক্ষতা কিছু পৰিমানে কম-বেচ হৈছে । তিনিটা বাক্যৰ অণুগল্প একোটাত এটা শব্দও যদি ভুল হয়, পাঠক বিৰক্ত হ’ব পাৰে ।কাৰণ গল্পটোত বাক্য মাত্ৰ তিনিটাহে। এনেধৰণৰ ভুলে একাৱন্নৰ পঢ়ুৱৈক আমনি কৰে ।বিষয়বস্তু সৰ্ম্পকীয় ভুল একোটাও চকুত পৰিল । ককালৈ চিঠি গল্পটোত মাউৰা ল’ৰাটোৱে বৃদ্ধ মালিকৰ বিৰুদ্ধে মেনিফেষ্ট’ লেখা ককাকলৈ এখন চিঠি লেখিছে ।সূক্ষ্ম দৃষ্টিভংগীৰে বিচাৰ কৰিলে পাঠকৰ মনত প্ৰশ্ন উদয় হয় যে মাউৰা ল’ৰাজনক বৃদ্ধ মালিকে উশাহ ল’বলৈ নিদিয়াকৈ( লেখকে কোৱা মতে) কামত লগাইছে, ।তেতিয়া হ’লে সি মেনিফেষ্ট’ ৰ কথা অথবা কাৰ্লমাক্সৰ কথাবোৰ ক’ত কেনেকৈ জানিলে,পঢ়িলে ! প্ৰশ্নটো এইখিনিতে লেখকলৈ এৰিলো ।
পুথিখনৰ অংগসজ্জা সুন্দৰ আৰু কিছুপৰিমানে ব্যতিক্ৰমী। ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে গল্পখিনি সজোৱা হৈছে ।এইখিনিতে লেখকৰ ভাষা দক্ষতাও উমান পোৱা যায় । নীলপৱন বৰুৱাদেৱে অংকন কৰা এখন ছবিৰে দুয়োটা ভাষাৰ গল্পখিনি দুভাগ কৰিছে ।সেইখন ছবিও পুথিখনৰ লগত খাপ খোৱাই যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ ইংগিত বহন কৰিছে ।সেইধৰণে বেটুপাতটোও পুথিখনৰ লগত খাপ খাই পৰিছে ।
ফেচবুকত ব্যাপক হাৰত প্ৰতি চেকেণ্ড,মিনিটত অণুগল্প চৰ্চা হ’বলৈ ধৰিছে সেইদৃষ্টিভংগীৰে পঢ়িবলে গ’লে দুই-তিনিটা বাক্যত লেখিছে বুলি একাৱন্ন চেকেণ্ডত পাঠকে একাৱন্নটা অণুগল্প পঢ়ি হৈ গ’ল বুলি এই পুথিখন সামৰিবলগীয়া নহয় । দুই-এটা সৰু সুৰা ভুল বাদ দি পুথিখনত সন্নিবিষ্ট প্ৰতিটো অণুগল্পৰ আঁৰত লেখকে নোকোৱা নেলেখা গল্প একোটাই পাঠকৰ মনোজগত তোলপাৰ লগাবলৈ সক্ষম হৈছে ।তাৰোপৰি লেখকৰ বুদ্ধিদীপ্ত ব্যঞ্জনাৰ প্ৰয়োগৰ বাবেই বহুসময় পাঠকক গভীৰ দুশাৰীত লেখা অণুগল্প একোটাক পুনৰ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিবলে সক্ষম হৈছে ।
°°°°°°°° °°°°°°°°°°°°°°°°°°

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.